কুণ্ডলিনী (খণ্ড ১২-৩০) – পৰী পাৰবীন

কুণ্ডলিনী (খণ্ড ১২-৩০) – পৰী পাৰবীন

কুণ্ডলিনী (খণ্ড ১২-৩০) – পৰী পাৰবীন

by July 17, 2017 0 comments

দ্বাদশ খণ্ড : কুণ্ডলিনী
—————————–
“মোক এৰি কলৈ গ’লি অ’ কনচেং, চাচোন ইহঁতে মোক পোতাশালত বন্দী কৰি থৈছে । তোৰ ৰজাৰ হুকুম মানি এদিম ছেদিম বাইজনীৰ কথামতে দেখোন মই কেতিয়াবাই গুচি আহিলো, মোকনো ইয়াতে কিয় বান্ধি থৈছে ? চাচোন কনচেং । এদিম ছেদিম বাই, কলৈ গ’লি হেৰ’ ? কনচেঙক খবৰ দে সোনকালে । কনচেং আহিব , আহিব । মোক দোলাত তুলি লৈ যাব ।”
অন্বেষাৰ ঘৰলৈ আহি গেটৰ মুখতে তভক দি ৰ’ল সিহঁত । অন্বেষাৰ অপ্ৰকৃতিষ্ঠ আচৰণৰ সতে কেনেকৈ মুখামুখি হ’ব তাকে ভাবি বিমোৰত পৰিল কিছুপৰ । অন্বেষাৰ ওচৰলৈ আহিম বুলিয়ে তাই হোষ্টেললৈ ওভতি নগৈ ঠিকনা সুধি সুধি অন্বেষাৰ ঘৰ ওলাইছেহি । আহিয়েই দেখিছে অন্বেষাৰ প্ৰলাপী আচৰণ ।
ওলাই আহিব খোজা চকুপানী টোপাল চকুতে সামৰি তাই সংযত হৈ খোজ ল’লে অন্বেষাৰ ৰূমলৈ । তাইক দেখি অন্বেষাই আকৌ চিঞৰিবলৈ ধৰিলে, ” এদিম ছেদিম বাই আহিলি ? চাচোন মই কিমান কষ্টত আছো । মোক ৰজাই বান্ধি থবলৈ হুকুম দিছিল নেকি ক’চোন ।”
ঈশানী তাইৰ কাষত ৰ’লে, মুখলৈ চাই ৰ’ল , কিবা ভাবি হাতত হাত থ’লে , তাৰ পাছত আলফুলে সাৱটি ধৰিলে । মৰমৰ উত্তাপ পায়েই নে কি কাৰণে অন্বেষা আচৰিত ধৰণেৰে ঠাণ্ডা হৈ পৰিল । ঈশানীয়ে আৰু এটা ৰিস্ক ললে । অন্বেষাৰ হাতৰ ৰছিডাল খুলি দিলে । বজ্ৰনিনাদেৰে তালফাল লগাই থকা অন্বেষা যেন তেতিয়া ভাগৰুৱা, এনে ভাৱত ইশানীৰ কান্ধত মূৰ পেলাই দিলে । দুৰ্বল মুহূৰ্তত মানুহক স্পৰ্শৰ প্ৰয়োজন ।যি স্পৰ্শই নিঃসংগতা দূৰ কৰি আস্থাৰ বতৰা কঢ়িয়ায়, তেনে স্পৰ্শৰ বৰ প্ৰয়োজন এতিয়া অন্বেষাক।
“ঔষধ খুৱালেই হূলস্থুল লগায় তাই । কোনেও দেখোন তাইক চম্ভালিবকে পৰা নাই”, কথাখিনি কৈ অন্বেষাৰ মাকে নিৰূপায় কন্ঠেৰে হুমুনিয়াহ এটা এৰিলে ।
ঈশানীয়ে তাইৰ মূৰটো লাহেকৈ পিহি পিহি মাত লগালে,
“অন্বেষাবা”
“অন্বেষাবা”,
দ্বিতীয়বাৰত অন্বেষাই ‘ও’ বুলি সঁহাৰি জনালে । তাৰ পিছত অন্বেষাই ঈশানীলৈ চাই ৰ’ল একেথৰে । জুকিয়াই গ’ল যেন অযুত কাহিনী । সাঁচি পাতৰ কাহিনী খুঁচৰাৰ দৰে খুঁচৰি আছে বিষাদৰ বহু ইতিহাসেৰে আউল লগা চুলিৰ বাউলী চুলি । ঈশানীয়ে তাইৰ বাউলী চুলিখিনি লিৰিকি থাকিল । চুলিৰ মাজেৰে ঈশানীৰ স্পৰ্শই অন্বেষাৰ বুকু চুলেগৈ । কিমানদিনৰনো চিনাকী সিঁহত ? সৌ সিদিনাহে তাই হোষ্টেললৈ আহিছিল । অন্বেষাৰ সতে ঘনিষ্ঠতা একেবাৰেই নাছিল । অন্বেষাৰ ব্যক্তিগত কথাৰ উঁহ লোৱাৰ কোনো প্ৰয়োজনবোধ কৰা নাছিল সেয়ে । জনা নাছিল অন্বেষাৰ প্ৰেম-ভালপোৱা- বিৰহৰ কথাবোৰ । জনা নাছিল অন্বেষাৰ চখ নতুবা প্ৰয়োজনবোৰ । কিন্তু অন্বেষাৰ ৰূমত ভৰি দিয়েই তাইৰ যে ফটোগ্ৰাফীত অত্যন্ত চখ আছিল সেই কথা নুবুজাকৈ নাথাকিল ঈশানীয়ে । কেমেৰাৰ লগত দিন ৰাতি একাকাৰ নকৰিলে ছাঁ-পোহৰৰ মায়াবোৰ ছবিত এনেকৈ ধৰা নিদিয়েহি । সৌখন, বেৰৰ জলঙাৰে ভাঁহি অহা চন্দ্ৰৰ ডুখৰীয়া ছবি । সৌখন পুৱাৰ কুঁৱলীৰ মায়াজালত নাচি উঠা দহিকতৰাজনী । ইখনত আকৌ কলডিলীয়া খোপাটিৰে হাতত তামোল-পাণৰ বটাখন লৈ ন-কইনাজনী ।
“কেমেৰাটো ক’ত আছে অন্বেষাবা ?”, ঈশানীয়ে তাইলৈ চাই সুধিলে ।
“কেমেৰা ? কেমেৰা ? আছে, আছে । ৰ’বি, মই লৈ আহো “, অন্বেষাই উৎসাহেৰে কৈ উঠিল ।
তাইৰ গতিশীলতাত বিস্মিত হৈছিল অন্বেষাৰ মাক । অলপ আগলৈকে হাত ভৰি আছাৰি গগন ফালি থকা ছোৱালীজনীৰ এই দ্ৰুত পৰিৱৰ্তনে অন্বেষাৰ ঘৰৰ সকলোকে আচম্বিত কৰি তুলিলে । ঈশানীৰ সান্নিধ্যত অন্বেষা মাতাল ৰূপটোৰ পৰা সদায় দেখা নিৰ্জু ছোৱালীজনী হৈ উঠিলে যদিও কিয় জানো ঈশানীৰ এনে লাগিল যেন এই নিৰ্জু ৰূপটোও যেন অন্বেষাৰ প্ৰকৃত ৰূপ নহয় । প্ৰকৃততে অন্বেষা আছিল পাহাৰী জুৰিটিৰ দৰেই চঞ্চলা চপলা , কিবা এক পকনীয়াত পৰি সেই জুৰিটি এৰাসুঁতি হৈ স্থিৰ হৈ ৰ’ল । ক’ৰবাত এটা নিমিলা অংক আছে । জ্যোতিষ্মান শইকীয়া সেই নিমিলা অংকৰ বলি মাথোঁ ।
এৰিবলৈ মন নগলেও ঈশানীয়ে অন্বেষাক এৰি গুচি আহিব লগা হৈছিল । গুৱাহাটীৰ পৰা ঘূৰিব লাগে সিঁহত দুটা । ক্লাছ খতি হৈছে । দ্বিতীয় ষান্মাষিকৰ সূচী ঘোষণা কৰিলেই । এতিয়া হোষ্টেলৰ বন্ধ ৰূমত বন্ধ টেবুলখনকে কেইদিনমানৰ কাৰণে নিজৰ কৰি লব লাগিব । বাহিৰা জগতখনৰ বতাহ অকণ সোমাব নোৱাৰাকৈ নিছিদ্ৰ কৰি ৰাখিব সেই জগত । সেই জগতত এমাহলৈ বন্দী হ’ব তাই । যিয়েই নহওক, অন্বেষাৰ ওচৰলৈ আহি বহুত ভাল কামেই কৰিলে, নিজেই নিজক প্ৰবোধ দিলে তেনেকৈ । অন্বেষাৰ ওচৰৰ পৰা ঘূৰি আহোতে অৱশ্যে মনে মনে ঈশানীয়ে অন্বেষাৰ মানসিক বিশেষজ্ঞৰ ফোননম্বৰটো টুকি আনিবলৈ নাপাহৰিলে ।
“তেতিয়াহ’লে তই ছেকেণ্ড চেমিষ্টাৰ নিদিয়’’?” , ঈশানীয়ে বাছত বহি সমুদ্ৰলৈ চাই সুধিলে ।
“নাই, নিদিওঁ, মই যামগৈ বুলি ভাবিলো যেতিয়া ইয়াতে মন বহাব নোৱাৰিম আৰু”, সমুদ্ৰই চাই সুধিলে ।
বিস্তীৰ্ণাৰ বাবেই যে সমুদ্ৰই ইয়াৰ পৰা আঁতৰি যাব বিচাৰিছে সেই কথাত ঈশানীৰ সমৰ্থন থাকিলেও বুকুৰ মাজত এক বিষ অনুভৱ কৰিলে । সিহঁত দুটাৰ মাজত নিস্বাৰ্থ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল । শাৰীৰিক দূৰত্বই মানসিক দূৰত্ব নানিলেও তাইক শীতল বা’ দি থকা পাতখিলা যেন সৰি পৰিব এনে লাগিল তাইৰ ।
পিছদিনা কলেজত সোমাইয়ে দেখিলে কলেজৰ অধ্যক্ষ ছাৰৰ পৃষ্ঠপোষকতাত সিহঁতে অনা ট্ৰফীটোৰে সৈতে মানপত্ৰখন এখন টেবুলত সজাই সিহঁতলৈ অভিবাদনৰ বাণী লিখি থোৱা আছে । ঈশানীৰ বৰ লাজ লাগিল । কিনো ডাঙৰ কাম কৰিলে তাই ? বেক্টেৰিয়া ছাৰেই হওক, প্ৰিন্সিপাল ছাৰেই হওক, সকলোৰে শুভেচ্ছা বাণীবোৰ উৎসাহৰ এটি এটি বৰগছ হৈ মূৰৰ ওপৰত ছাঁ দিয়া সহস্ৰখন হাত হৈ পৰিল ।
খটখটিৰে ওপৰলৈ যাওতেই তাই সাহিত্য দুৱৰাক দেখিলে । হাতখন আগবঢ়াই প্ৰথমবাৰৰ বাবে মাতিলে তাইক, “ঈশানী, কংগ্ৰেচুলেশ্যন !” মাত্ৰ দুটা শব্দ । কিমান দিনৰ হেঁপাহ আছিল এই দুটা শব্দত ? কিমান দিনৰ ? উকা কেনভাছত তাইৰ ছবিৰে ৰং বুলোৱাৰ দিনাই সি তলত যে চহীটো কৰিছিল সাহিত্য দুৱৰা বুলি, সেই তেতিয়াই তাৰ নাম শুনিছিল । যেতিয়া ৰেগিং পিৰিয়ডত প্ৰেমপত্ৰৰ প্ৰতিযোগিতাত তাইক লিখিবলৈ দিয়া হৈছিল সাহিত্য দুৱৰা নামৰ কোনোবা অচিন প্ৰেমিকৰ ঠিকনা, সেই তেতিয়াই তাৰ ঠিকনা পাইছিল তাই । সেই তেতিয়াই দেখিছিল তাই, যিদিনা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লবলৈ সি মঞ্চলৈ আগুৱাই গৈছিল । বাইন’কুলাৰেৰে শূন্য আকাশত আশা বিচাৰি পিতপিতাই ফুৰাৰ দিনা তাই তাৰ শূন্যতাৰ পৰিচয় পাইছিল । পৰিচয় পাইছিল তাৰ একাকীত্বৰ । তাৰ চকুযুৰিয়ে দিছিল সেই পৰিচয় ।
সেই সাহিত্যৰ মুখত নিজৰ নাম শুনি অনামী লাজ এটাত ঈশানীৰ বুকুখন ঘৰচিৰিকাজনীৰ দৰেই উথলি উঠিল । সিফালৰ পৰা কেবাজনো লৰাই টিটকাৰী মাৰি উঠিল । খং উঠা নাছিল তাইৰ, একেবাৰে খং উঠা নাছিল । ঘৰচিৰিকাজনীৰ দৰে অহংকাৰী হৈ পৰিছিল বুকুখন । পৃথিৱীখন হাতৰ মুঠিত সোমাই পৰিছিল হঠাতে ।
ক্লাছ তেতিয়াও আৰম্ভ হোৱা নাছিল । লগৰ প্ৰান্তিকাক এহাতেৰে কঁকালত ধৰি এহাতেৰে হাতত ধৰি তাই বলডেন্স দিবলৈ ধৰিলে । এজনীয়ে গীত জুৰিলে , এটাই বেঞ্চখনকে বজালে , কিছুমানে হাত চাপৰি বজালে । হাত চাপৰিৰ তালে তালে তাই নাচি থাকিল । মুহূৰ্ততে ক্লাছৰূমটো নাচঘৰলৈ পৰিণত হ’ল । তেনেতে ক্লাছ লবলৈ সোমাই আহিল কাকতি ছাৰ । ছাৰৰ উপস্থিতিকো আওকাণ কৰিলে গোটেইকেইজনে । এজনীয়ে আগবাঢ়ি গৈ সুধিলে ছাৰক, “ছাৰ আজি ক্লাছ নকৰিলে হ’বনে ?”
ছাৰে দেখিলে ইহঁতৰ মতিগতি আজি ঠিক নহয়, কোনোপধ্যেই সিহঁত বেঞ্চত নবহেগৈ । ছাৰকো সোমাবলৈ নিদিয়ে । হাঁহিমুখীয়া কাকতি ছাৰে হাঁহি হাঁহিয়েই ক্লাছৰ পৰা ওলাই গ’ল ।

ত্ৰয়োদশ খণ্ড : কুণ্ডলিনী
————————-
পৰীক্ষাৰ বতাহজাকে কোবাই গৈছিল কলেজ আৰু হোষ্টেল । বেলেগ কথা চিন্তা কৰিবলৈ ছোৱালীবোৰৰ সময় নোহোৱা হৈছিল । কৰিডৰটো আকৌ শান্ত হৈ পৰিছিল । ইশানীৰ ৰূমলৈ লগৰবোৰৰ খোজ বাঢ়িছিল । ‘ঈশানী, এইটো বুজি পোৱা নাই’, ‘ঈশানী, সেইটো কিয় এনেকুৱা হ’ল’, ‘ঈশানী, সেইটো কেনেকৈ কৰিম’ ইত্যাদি ইত্যাদি অসংখ্য প্ৰশ্নৰ উত্তৰবোৰ তাই সাধ্য অনুসাৰে দি যায় । ফাগুনৰ বলীয়া বতাহজাকে তাইক বলীয়া কৰি তুলিলেও সেই বলীয়া বতাহতো কিতাপৰ পাতখিলা উৰিবলৈ নিদিয়াকৈ তাই কষ্ট কৰি গৈছিল । মাৰ্কচিটখন গধুৰ কৰিব লাগে সিঁহতে । সকলোৰে লক্ষ্য মাথোঁ সেইটোৱেই । চাকৰিৰ বজাৰত গধুৰ মাৰ্কচিটখনেই হাথিয়াৰ । সেই হাথিয়াৰেৰে জীৱন যুঁজত যুঁজ দিব সিঁহতে । সেই গধুৰ মাৰ্কচিটখনৰ বাবেই পৰীক্ষাৰ কেইদিন গা ধুবলৈ, ভাত খাবলৈ সময় নহয় সিঁহতৰ ।
বাস্তৱবাদী পৃথিৱী । বাস্তৱবাদী ধাৰণা । সেই ধাৰণাক যিয়ে সহজভাৱে মানি লৈছে, সিহঁতেই আত্মবিশ্বাস নেহেৰুৱাই আগবাঢ়ি গৈছে । কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰম অৱশ্যেই জৰুৰী । বাস্তৱবাদী ধ্যান ধাৰণাৰে পৰিপুষ্ট কৰি তুলিছে মাকে তাইক, তথাপি আবেগে হেন্দোলনি তুলে হৃদয়ত । হেন্দোলনি তুলে গধূলিৰ হালধীয়া-গুলপীয়া বাগানভেলীয়াজোপাই । হেন্দোলনি তুলে শিমলুৰ ৰাঙলী জুইকুৰাই ।
পৰীক্ষাবোৰ ভৱামতে হোৱা নাই তাইৰ । আচলতে কেইদিনমানৰ পৰা তাইৰ মনটোও চঞ্চল হৈ আছে । সাহিত্য নামৰ অনু্ভৱটোৱে দোলা দি থকা মনটো আয়ত্বলৈ আনিব পৰা নাই তাই । পঢ়াৰ মাজতে টেবুলৰ পৰা মনটো উৰি গৈ আকাশৰ চিলাখনৰ সতে প্ৰতিযোগিতাত নামেগৈ । আবেগৰ শিহৰণত কিতাপৰ পৃষ্ঠাবোৰ ঘন্টাৰ পাছত ঘন্টা ধৰি একে ভাঁজত টেবুলত পৰি থাকে । মাজে মাজে আনমনা মনটোক মাকে দি পঠোৱা দায়িত্ববোধৰ সূতাটোৰে বান্ধি থয় তাই । সেইকণ সময়তে অৱকলন গণিতৰ আটাইকেইটা সূত্ৰ মুখস্থ কৰি লয় ঈশানীয়ে । মগজুত আলফুলে ভৰাই লয় পৰিকলন বিজ্ঞানৰ এলগ’ৰিথিমসমূহ । ইলেকট্ৰনিক্সৰ এনালগ আৰু ডিজিটেল তৰংগপ্ৰৱাহৰ ঢৌত আকৌ উটি ভাঁহি যায় তাইৰ কপহুৱা মন ।
পৰীক্ষা শেষ হোৱাৰ দিনাই সমুদ্ৰই তাইলৈ এপিজে আব্দুল কালামৰ “অগ্নিৰ ডেউকা”খন লৈ আহিছিল, কৈছিল তাইক, “উৰিবলৈ শিকিবি, কিন্তু অগ্নিৰ ডেউকা লগাই লৈহে শিকিবি ।কালামৰ জীৱন দৰ্শনৰ সতে পৰিচিত হৈ ল’বি, তই বৰ আবেগিক ছোৱালী ঈশা, তই বিপদত পৰ’ বুলি মোৰ বৰ ভয় লাগি থাকে”।
পঢ়িছিল তাই । কালামৰ জীৱন দৰ্শনৰ লগত তেতিয়াই পৰিচয় হৈছিল তাইৰ । বিজ্ঞানক কলা হিচাপে ল’বলৈ শিকিছিল লাহে লাহে । কলা মানেই সুন্দৰতা আৰু সুন্দৰতা মানেই প্ৰেম । প্ৰেমৰ পৰিভাষাবোৰ আবদ্ধ পানীত বন্দী হৈ ৰৈছিল তেতিয়াও । মাকৰ অনুশাসনৰ শিকলি ছিঙি প্ৰেমৰ আকাশত উৰিবলৈ হাজাৰটা প্ৰস্তুতিৰ প্ৰয়োজন ।
সমুদ্ৰ গ’লগৈ । তাইক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি সি গ’লগৈ । তাইক এসোপামান জীৱনাদৰ্শ উপহাৰ দি সি গ’লগৈ ।
সমুদ্ৰৰ লগতে গ’লগৈ যুগান্ত নামৰ আৰু এজন সহপাঠী । বিজ্ঞান আৰু কলা একাকাৰ কৰিব নোৱাৰি ভাগি পৰা লৰা সি । প্ৰথম চেমিষ্টাৰত তিনিটা বিষয়ত বেক পাই ভাগি পৰা লৰা সি । “মই চায়েন্সৰ লৰা নহয় । দেউতাই নুবুজে” । ৱৰ্ডছৱৰ্থ আৰু এলিয়টৰ কবিতাৰ মাজত আকন্ঠ ডুবি থকা লৰাটোৱে বুজি নাপায় ফিব’নাচি চিৰিজৰ মহত্ব । “লাইফ অৱ পাই”ৰে জীৱনক অনুধাৱন কৰিলেও সি কোনোমতেই বুজি নাপায় ‘পাই’ৰ সতে বিশ্বব্ৰক্ষাণ্ডৰ কি গভীৰ সম্পৰ্ক ! সমুদ্ৰ গুচি যোৱাৰ খবৰে উৎসাহিত কৰিছিল তাক । সিও জীৱনক চাব, মাথোঁ বেলেগ দৃষ্টিৰে । প্ৰতিটো দৃষ্টিয়েই যে সুন্দৰ ।
সেইদিনা ঈশানীযে চকুলো টুকিছিল । সমুদ্ৰ গুচি যোৱাৰ পাছত হঠাতে আহি পৰা উদাসী ভাৱটোৱে তাইৰ মনটো অলপ উৰুঙা কৰি তুলিছিল । উদাসী ভাৱটো আৰু উকা কৰিবলৈকে শীতৰ শেষৰ লঠঙা গছবোৰো যেন প্ৰস্তৰ মূৰ্তিটোৰ দৰে থিয় দি ৰৈছিল । শেহৰাতিলৈ তাইৰ মন মগজু তিয়াই বৰষা বৰষুণ এজাকে তাইৰ শীতল বুকুখন আৰু শীতল কৰি পেলাইছিল ।
ছেকেণ্ড চেমিষ্টাৰৰ ছোৱালীবোৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল । পৰীক্ষা শেষ বুলিয়েই দীঘলীয়া ছুটি সিহঁতৰ । ওপৰৰ বেটচৰ সাহিত্যহঁতৰ পৰীক্ষা আৰম্ভ হ’বলৈ হ’ল । সাহিত্যক নেদেখিব তাই বহুতদিনৰ বাবে । বুকুৰ কোণত দুখ এটা বান্ধি তাই নাইটচুপাৰত উঠিছিল । ঘৰমুখী যাত্ৰা । দুখৰ সিপিঠিৰ সুখ ।
বাছখন তেতিয়াও ৰৈ আছিল । যাত্ৰীসকলৰ অপেক্ষাতে হয়তো বাছখনে গতি লোৱা নাছিল । তাই ছিটত বহি চকুযোৰ মুদি দিলে । হাতত চিপচ-চকলেটৰ পেকেট লৈ বাছখনত হুৰমুৰকৈ উঠি আহিছিল সাহিত্য দুৱৰা । তাই ভেবা লাগি চাই ৰ’ল তালৈ ।
চতু্ৰ্দশ খণ্ড : কুণ্ডলিনী
———————–
চকলেটটো হাতত লৈও ভেবা লাগি চাই ৰৈছিল তাই । অপৰাজিতা ফুলৰ দৰে নীলৰঙী প্ৰজাপতি এজাক আহি তাইৰ গালে মুখে বহি ৰৈছিল । হাতৰ চকলেটটোৰ কিমান দাম দিব লাগিব তাই, সেই কথা নুবুজিলে সেইদিনা । কওঁ কওঁ বুলিও বহুত কথাই ক’ব নোৱাৰিলে, বুজা-নুবুজা সুৰেৰে মাথোঁ ক’লে, “সাহিত্যদাদা, পৰীক্ষা ভালকৈ দিবা” ।
বাছখনে গতি লৈছিল । আপোন চহৰখনলৈ গতি লৈছিল । সাহিত্যও নামি গৈছিল । তাইৰ গালে মুখে তেতিয়াও নীলা পখিলাৰ জাক । তাইৰ দেহমনত উতনুৱা বা’ ।
ঘৰত থকা কেইদিন তাইৰ নাযায় নুপুৱায় যেন লগা হৈছিল । ফোনটোৰ ওচৰতে বহি থাকে তাই, জানোচা কেনেবাকৈ অচিনাকী নম্বৰত চিনাকী মাত ভাঁহি আহে । পিছমুহূৰ্ততে হাঁহি উঠে তাই, “ক’তা, মই দেখোন মোৰ ফোন নম্বৰটোকে দি থৈ নাহিলো” ।
অস্থিৰতাত শেষ হৈছিল বন্ধৰ দিনকেইটা । ৰিজাল্ট দিলে । নতুন এডমিছনৰ ব্যস্ততাত কলেজ চৌহদ আকৌ মুখৰিত হ’ল । নতুনকৈ অহা প্ৰথম বৰ্ষৰ ছোৱালীকেইজনীয়ে সিহঁতৰ হোষ্টেল কিছুদিনলৈ গৰম কৰি ৰাখিলে । ৰেগিং, নবাগতা সভা ইত্যাদিৰ মাজত কলেজখন উবুৰ খাই থাকিল কিছুদিন । তাৰ পাছত আকৌ আহিল শূন্য দৃষ্টি নতুবা একাকীত্বৰ বিচাৰ ।
কাৰো লগতে কথা পাতি ভাল নালাগে তাইৰ । কাৰো সংগতে হিয়াৰ পখিলাবোৰ জাকি মাৰি নুঠে । বন্ধ ৰূমৰ বন্ধ বতাহত একাকী হৈ কথা পাতে অস্থিৰ আত্মাৰ সতে । বুকুৰ মাজত ৰোৰোৱাই বলি থাকে বিষাদৰ বতাহ । সেই বতাহৰ ওচৰত তাই বাউলী চুলিৰে অনৰ্গল আপত্তি দৰ্শালেও সেই বতাহ নিস্তব্ধ হৈ ৰয় মন আকাশৰ তলত ।
তেনে এটা দিনতে হঠাতে মাক-দেউতাক আহি তাইক আচৰিত কৰিছিলহি । তলৰ পৰা তাইৰ ৰূমৰ ফালে চাই হোষ্টেলৰ চকীদাৰ গোবিনদাই চিঞৰিছিল, “ঈশানী গোস্বামীৰ ভিজিটৰ” । কঁকালৰ নিচোলখন (WRAPPER) মেৰিয়াই মেৰিয়াই তাই খটখটিৰে তললৈ নামি আহিল । তাইক আচৰিত কৰি ৰৈ থকা দেউতাকে আগবঢ়াই দিয়া কেকটো লৈ ঈশানী ভিজিটৰচ ৰূমলৈ দৌৰ মাৰিলে । তাৰ পাছত ওপৰলৈ চাই চিঞৰিলে, “সপ্তদৰ্শী, প্ৰান্তিকা, মহছিনা তললৈ আহ ।“
মাকে তাইলৈ চাই ৰৈছিল । কৈছিল এবাৰত, “তইনো নিজেই নিজক চম্ভালিব পৰাকৈ কেতিয়াকৈ ইমান ডাঙৰজনী হ’লি অ’ মাজনী ?”
হস্পিতেলৰ বেডত বেৰৰ ফালে চাই চাই তাই ভাবি আছে কথাবোৰ । কোনো দায়িত্ব চম্ভালিব পৰাকৈ তাই কোনোদিনেই ডাঙৰ নহ’ল । অথচ ভগৱানে ইমান গধূৰ দায়িত্ব জাপি দিবলৈ তাইৰ কান্ধখনেই বিচাৰি পালেনে ? দুদিনৰ উচ্ছল সময়খিনিত আনন্দৰ ভাগবতৰা কৰিবলৈ সংগৰ অভাৱ নাছিল, সংগৰ অভাৱ আছিল তেতিয়া, যেতিয়া কান্ধত তুলি লব লগা লৈছিল নিজৰেই মৃতদেহ । সংগৰ অভাৱ আছিল শিলাবৃষ্টিৰ মাজেৰে খোজ কঢ়াৰ দিনা । সংগৰ অভাৱ আছিল কঠোৰ জীৱনৰ বজ্ৰহুংকাৰত অৰণ্যৰোদনেৰে চৌদিশ কঁপোৱাৰ দিনা । সংগৰ অভাৱ আছে হস্পিতেলত এই মুহূৰ্তত তাই অকলে থকাৰ দিনা । নাজানে ইয়াৰ পাছত তাই কলৈ যাব । আছেনে সেইখন ঘৰত এচলুমান তৃষ্ণাৰ নীৰ, নীড়মুখী পখীৰ দৰে যি আমদানি কৰিব একূটা হেঁপাহ ? সুখৰ সময়ত হাজাৰযোৰ চকুৱে টোঁৱাই আছিল তাইক, অথচ দুখৰ বেলিকা এখন বুকুতো আশ্ৰয় বিচাৰি নাপালে তাই । নুবুজিলে তাইৰ মাকে নতুবা দেউতাকে, নুবুজিলে পৃথিৱীখনে । “ভুল নাছিল মোৰ দেউতা” বুলি দেউতাকৰ ভৰিত পৰিছিল, দেউতাকে মুখ ঘূৰাই দিছিল । “মা মই ভুল কৰা নাছিলো”, মাকে চকুহাল মুদি দিছিল ।
আৰু সাহিত্য ?

অবিশ্বাসৰ ডাৱৰে চানি ধৰা সেই আকাশৰ নামেই যে সাহিত্য !

পঞ্চদশ খণ্ড: কুণ্ডলিনী
———————-
ডক্টৰজন সোমাই আহিল । “ঈশানী, আৰ ইউ ফীলিং অলৰাইট নাও”, ডক্টৰজনে সুধিলে তাইক ।
“নট এট অল ডক্টৰ, নট এট অল” বুলি ক’ব খুজিও নোৱাৰিলে তাই ।
“তোমাৰ লগত কোন আহিছে ঈশানী ? তোমাক ৰিলিজ দিব লাগিছিল”, ডক্টৰজনে তাইৰ ৰিপৰ্টবোৰ পৰীক্ষা কৰি থকাৰ পৰাই সুধি থাকিল ।
তাই বৰ অসহজবোধ কৰিলে । কোনোৱেই দেখোন নাই তাইৰ ওচৰত । তাই কৰুণ দৃষ্টিৰে দূৰলৈ চাই ৰ’ল । তেনেতে কোনোবা এজন আহি ডক্টৰজনক কিবা এটা ক’লে
ডক্টৰজনৰ পৰামৰ্শমতে তাইৰ ডিচছাৰ্জ চাৰ্টিফিকেট ৰেডি হৈ উঠিল ।হস্পিতেলৰ ফালৰ পৰা এম্বুলেন্সখনো ঠিক কৰি দিয়া হ’ল ।
“বাইদেউ কলৈ যাব আপুনি ?”, এম্বুলেন্সখনৰ ড্ৰাই্ভাৰজনে তাইক তাইৰ গন্তব্যস্থলৰ বিষয়ে সুধিলে । সদায় কোৱাৰ দৰে তাই ঘৰৰ সেই নিৰাপদ ঠিকনা কৈ দিলে, যি ঠিকনাৰ বাদে তাই আজিলৈকে কতো আশ্ৰয় লোৱাই নাছিল । সেই আশ্ৰয়ৰ বিপৰীতে থকা অদেখা আশ্ৰয়ৰ কথা যে নাজানে ঈশানীয়ে ।
এম্বুলেন্সখনে যাত্ৰা আৰম্ভ কৰিছিল । তাই নীৰৱে লানি লানি গছবোৰ পাৰ কৰি গৈ আছিল । বাহিৰৰ কহুৱানিডৰাই তাইৰ মনটো আজি অশান্ত কৰি তোলা নাই । আচৰিতধৰণেৰে স্থিৰ হৈ ৰৈছে তাইৰ দৃষ্টি । কোনোবা দূৰ দিগন্তত আশাৰ শেষ আশ্ৰয়কণ যেন চকুৰে পিতপিতাই বিচাৰি ফুৰিছে । অনিশ্চিত জীৱন, অনিশ্চিত ভৱিষ্যত । বিপদসংকুল পথ এটাই বাট চাই আছে তাইলৈ । সেই পথৰ দাঁতিত অসহায়ভাবে ঠিয় হৈ ৰৈছে তাইৰ ক্লান্ত, দু্ৰ্বল মনটো ।সাপৰ সতে খেলাৰ নিচা এটাই আঁকোৱালি লোৱাৰ অৱকাশকণো তাইৰ নোহোৱা হৈ গ’ল । জীৱনটোৱেই এটা জুৱা । জুৱাৰীৰ দৰে তাই মাথোঁ হৰা-জিকাৰ অংক কৰিব লগা হৈছে । ইমানবোৰ উচ্ছলতা, ইমানবোৰ ৰং পলকতে নোহোৱা হৈ গ’ল । কেৱল তাইৰে কিয় এনেকুৱা হবলৈ পালে ? হোষ্টেলৰ ইমানবোৰ ছোৱালীৰ মাজত তাইৰে কিয় এনেকুৱা হ’বলৈ পালে ? তাই নম্ৰ , কেৱল এইবাবেইনে? তাইৰ নম্ৰতাক দুৰ্বলতা বুলি ভৱা সেইজনক তাই কিয় দেখুৱাব নোৱাৰিলে কালনাশিনীৰ ৰূপ ?
আকাশ-পাতাল ভাবি থাকোতে চকুৰ পৰা ওলোৱা দুটি সুঁতি শুকাই দাগ এটা ৰৈ গৈছে গালত । আকৌ ঘূৰি আহিছে সেইখন ঘৰলৈ, যিখন ঘৰৰ পৰা মাকৰ অলেখ দুশ্চিন্তাক হাঁহিৰে উৰুৱাই বিশ্বজয়ৰ বাণী বতাহত বিয়পাই ওলাই গৈছিল দেউতাকৰ সতে । ঠিক চাৰিবছৰ । চাৰিবছৰ আগতে ঠিক এইটো দিনতে তাই নকৈ জগা গৰু পোৱালিটোৰ দৰে চেঁকুৰি ফুৰিছিল ।
এম্বুলেন্সখনে তাইক আনি তাইৰ ঘৰৰ সন্মুখত ৰখাই দিলে । প্ৰকা্ণ্ড গেটখন বৰ সন্তপৰ্ণে খুলিলে তাই । তাইৰ গোন্ধটো পালেই যে মৰমৰ টমিজনী আহি তাইৰ গালৈকে জপিয়াই কুকুঁৱাই থাকে । নাই , টমি নাহিল । মৰিশালীৰ নিস্তব্ধতা বিৰাজ কৰা পৰিবেশটোত সৰাপাতৰ খৰমৰনি এটাও শুনিবলৈ নাই । যথেষ্ট শংকাবোধেৰে তাই নিজৰ ঘৰৰ কলিংবেলত হাত দিলে । ভিতৰৰ পৰা কোনোবাই আহি দৰজাখন খুলি দিলে । তাই মূৰ তুলি মাত লগাবলৈ সাহস নহ’ল । নিজৰ ঘৰতে তাই আজি অনাহুত অতিথি । এটা অনাকাংখিত পাকচক্ৰত পৰি তাই সকলো হেৰুৱালে । তাই নিজৰ নিৰ্ভুলতাৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে । সেইখিনিতেই তাইৰ দুৰ্বলতা ।
সাহিত্য দুৱৰাৰ স’তে গভীৰ প্ৰেম হৈছিল তাইৰ । সাহিত্যৰ শূন্য দৃষ্টিয়ে টানিছিল তাইক । তৃতীয় ষান্মাষিকৰ ক্লাছ পূৰ্ণোদ্যমে চলি আছিল তেতিয়া । তাইৰ বুকুৰ হাজাৰটা সুবাসিত তগৰ ফুলক জীপাল কৰি তুলিছিল বৰ্ষাসিক্ত বিষাদখিনিয়ে । নোপোৱাৰ বিষাদ সেয়া । কলেজৰ পৰা ওভতা এজাকমান ৰঙীন গাভৰুৰ মাজত জিলিকি আছিল তন্বী দীৰ্ঘদেহী তন্বী ঈশানী । কেন্টিনখনৰ ওচৰ পাওতেই চাওঁ নাচাওঁকৈ সাহিত্যই তাইৰ ফালে চাইছিল । অজানিতে ৰৈ গৈছিল তাই । লগৰজাকৰ গিৰ্জনিৰ পাছত তাই তাত ৰৈ কথা পতাৰ কথাই নাছিল । ওলাই আহিব খোজা হাঁহিটো হাতখনেৰে টিপি তাই লগৰবোৰৰ সতে আগুৱাই আহিছিল । বেঙে মূতা গৰুৰ দৰে ৰৈ থকা হেবাংটোলৈ চাই তাইৰ মৰম জাগি উঠিছিল । লগৰজাকৰ গিৰ্জনিকো আওকাণ কৰি তাই দুখোজ পিছুৱাই আহি তাক মাত লগাইছিল, “ফোন কৰিবা সাহিত্যদাদা, মই ৰৈ থাকিম” ।
নতুন বৰ্ষ আৰম্ভ হৈছে । পঢ়া-শুনাৰ ঝামেলা নাই । এনে অলস সময়বোৰত ছোৱালীবোৰৰ অবাধ স্বাধীনতা ।গড়আলিৰ ইলি হলৰ পৰা যোৰ পাতি ওলাই আহে স্বপ্নবিলাসী প্ৰেমিকযুগল । পুৰণি বালিবাট, নতুন বালিবাটত শেহতীয়া ফেশ্বনৰ কাপোৰ বিচাৰি ব্যস্ত দুজনীমান । দুজনীমান ব্যস্ত কল্পনা হোটেলৰ চোলা-বাটোৰাৰ সোৱাদ লোৱাত ।
আৰু ইফালে ঈশানী ? ওচপিচাই, ছটফটাই পৰি ৰয় গাৰ্লচ হোষ্টেলৰ প্ৰথম মহলাৰ চুকৰ ৰূম এটাত ।ফোনৰ ৰিং বজাৰ শব্দ শুনিলেই দৌৰি তলৰ মহলা পায়হি তাই । নিৰাশ হৈ পৰে বাৰে বাৰে । সাহিত্যৰ ফোন তেতিয়ালৈকে অহা নাছিল তাইৰ । সময়বোৰে যেন গধুৰ শিল এটাহে কঢ়িয়াই নিছে, তেনে ধীৰ গতিৰে আগুৱাই গৈছে । তাইৰ ওচপিচনি দেখি দেৱদাৰুজোপাইও মূৰ দুপিয়াই দুপিয়াই সিঁয়াৰি আছে তাইক ।তাইৰ খং উঠি গ’ল দেৱদাৰুজোপালৈ, কৈ উঠিল, “কিয় জোকাই আছ বাৰে বাৰে মোক ? সৌৱা চা, আকাশত তোৰ প্ৰেমিক মেঘৰ ওন্দোলা মুখ । এই নামো, এই নামোকৈও কি অভিমানত নামি অহা নাই তোৰ তৃষ্ণাতুৰ হিয়া শাঁত পেলাবলৈ” । আকাশত মেঘে মাদল বাজিছে । আহো আহোকৈ থকা বহাগৰ প্ৰথমজাক বৰষুণ । দূৰণিৰ গাঁৱত কাৰোবাৰ ঘৰত ঢেঁকীৰ চাব । চাবটো আহি তাইৰ বুকুতে পৰে । কাৰোবাৰ ঘৰৰ পৰা আমোলমোলাইছে ঘিলাপিঠাৰ গোন্ধ ।মাকৰ হাতৰ মালভোগ চিৰাৰ জলপানখিনিলৈ মনত পৰিল । সন্মুখত হেঁপাহৰ বিহু । প্ৰকৃতিয়ে হৃদয় উজাৰি আদৰিছে নৱবৰ্ষক । চেনাইৰ বতৰা আহিব আহিব বুলি তাই অপেক্ষাৰতা । বুকুত তেতিয়া হাজাৰটা ৰণুৱা ঘোঁৰা ।
(আগলৈ)

ষষ্ঠদশ খণ্ড : কুণ্ডলিনী
———————–
বুকুৰ সেই হাজাৰটা ৰণুৱা ঘোঁৰাৰ গতিক ৰোধিব নোৱাৰি তাই খোজ লৈছিল গেটৰ সন্মুখলৈ । হোষ্টেলৰ চকীদাৰ গোবিনদাই খবৰ দিছিল গেটত ৰৈ থকা ভিজিটৰৰ কথা । দূৰৈৰ সৰিঁয়হডৰাৰ হালধীয়াখিনি আনি বুকুতে অটাই তাই সাহিত্যৰ সন্মুখত থিয় দি ৰৈছিল ।‘সাহিত্যদাদা’, কোনোমতে সেপ ঢুকি মাতটো উলিয়াইছিল তাই । হালধীয়া চূৰ্ণীখনেৰে তাইৰ বুকুৰ কম্পন ঢাকিব পৰা নাছিল ।
“বলা, কেন্টিনতে বহোঁ অলপ”, সাহিত্যই তাইলৈ চাই কৈছিল ।
দুয়ো আগবাঢ়িছিল । কলেজ কেম্পাচৰ লানি লানি নিমগছৰ তলেৰে দুয়ো খোজ লৈছিল কেন্টিনলৈ বুলি । হোষ্টেলৰ পৰা কেবাযোৰা চকু পোন হৈছিল সিঁহতে খোজ কঢ়া ৰাস্তাটোত । আপদীয়া বৰষুণজাকে পলকতে তিয়াই গৈছিল সৰ্বশৰীৰ । চূৰ্ণীখনৰ হালধীয়াবোৰেৰে নিজকে মেৰিয়াই লৈ তাই কেন্টিনত আশ্ৰয় লৈছিল । বতাহীয়ে গুণগুণাইছিল, “ক’ৰ এজাক সপোন সপোন যেন বৰষুণ” ।
চাহ-চিংৰাৰ সোৱাদ লৈ দুয়ো কেন্টিনৰ টেবুলত বহি ৰৈছিল ।দুচকুত তিৰবিৰাইছিল প্ৰত্যয়ৰ লক্ষ তাৰকা আৰু মৌন ওঁঠত অযুত আবেগৰ জোৱাৰ ।তাই লুকুৱাই ৰাখিব পৰা নাছিল মুখৰিত হৃদয় ।সিহঁতৰ অৱস্থাটো বাৰুকৈয়ে উপভোগ কৰিছিল সাহিত্যৰ লগৰ লৰাখিনিয়ে । তাইৰ লগৰখিনিয়ে অৱশ্যে সাহিত্যক চিনিয়ৰ বুলি জানিয়েই একো নোকোৱাকৈয়ে মুখ টিপি পাৰ হৈ গৈছিল ।কিনকিনীয়া বৰষুণজাকত তিতি বুৰি সিঁহতে হোষ্টেললৈ বুলি খোজ ল’লে । বয়জ হোষ্টেলৰ পৰা এটা ইয়াৰ্কি ভাঁহি আহিল । বতাহত সেইটোৱে এটা সুঁহুৰিৰ ৰূপ ল’লে । সুঁহুৰিটো তাইৰ বুকুত বহি ল’লে । তাৰ পাছত সুঁহুৰিটো তাইৰ খিৰিকীত ওলমি ৰ’ল । সযতনে সাঁচি থোৱা সেই সুঁহুৰিটোৱে তাইৰ তিতা চুলিখিনিৰ জিপজিপ পৰশত এটা গান হৈ ওঁঠত গুণগুণালে, পুনৰবাৰ ঈশানীৰ সেই প্ৰিয় গান “ক’ৰ এজাক সপোন সপোন যেন বৰষুণ” ।বুকুত থিতাপি লোৱা গানটোৱে তাইৰ ৰূম- বাথৰূম- কৰিডৰ-হোষ্টেলৰ চাঁদ সকলোতে গুঞ্জন তুলি দুলি থাকিল ।
নতুন বতাহজাকে তাইক বাৰুকৈয়ে কোবাইছিল ।মৃদু মধুৰ মলয়াজাকে যে কোনোবাদিনা বিধ্বংসী ধুমুহাৰ ৰূপ ল’ব তাই সপোনতো ভৱা নাছিল তেতিয়া । প্ৰতিদিনেই সাহিত্যৰ সতে সান্ধ্যভ্ৰমণলৈ যোৱা, কেন্টিন নতুবা পুখুৰীৰ পাৰত বহা –এইবোৰৰ মাজতে তাইৰ জগতখন সীমিত হৈ পৰিছিল । সপ্তদৰ্শী, প্ৰান্তিকাহঁতে কেতিয়াবা আপত্তি কৰে, “আমালৈ আজিকালি তোৰ সময়েই নাই” বুলি । সিঁহতৰ যিমান ওজৰ আপত্তি থাকিলেও পৰীক্ষাৰ কেইদিন ঈশানী নহলেই নহয় ।সময়বোৰ খৰস্ৰোতা নদীৰ দৰে আগুৱাই গৈছিল । সমান গতিত খোজ মিলাইছিল তাইৰ আৰু সাহিত্যৰ সম্পৰ্কটোৱে ।
প্ৰকাণ্ড ঘৰটোৰ দুজনীয়া বিছনাখনৰ কোমল তুলীখনৰ ওপৰত আঁঠুত মূৰ গুজি অতীতটোৰ মাজত ডুবি তাই কিমান দেৰি বহি আছে নাজানে । দুৱাৰখন কেৰেক কৰি উঠাৰ শব্দত তাই মূৰ দাঙিলে । কোনোবাই ভুমুকিয়াই গ’ল । হয়তো দীপাবাই । বিছনাৰ কাষৰ টেবুলখনত ৰাতিৰ সাজ ঢাকি থোৱা আছে । খাবলৈ তাইৰ মন-আগ্ৰহ-ভোক কোনোটোৱেই নাই । জীৱনৰ প্ৰতি চূড়ান্ত অনাস্থাই গ্ৰাস কৰি আছে তাইৰ সমগ্ৰ সত্তা। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় ক’ত নাজানে তাই ।
সমুদ্ৰলৈ মনত পৰিল তাইৰ । বৰকৈ মনত পৰিল । চেন্নাইৰ কোনো এক মেডিকেল কলেজত বিস্তীৰ্ণা আৰু সমুদ্ৰই ছিট পাই গুচি গৈছিল । সমুদ্ৰৰ জীৱনত নিশ্চয়তাৰ ছাপ সেইদিনাই পৰিছিল । যোৱাৰ সময়ত সি ঈশানীক বাৰে বাৰে বুজাইছিল, “বৰ আবেগিক ছোৱালী তই । খোজ লাহেকৈ দিবি । প্ৰতিটো খোজৰে মূল্য আছে।“
অকণমানি যেন চেহেৰাৰ লৰাটোৱে জীৱনৰ শিক্ষা ইমান কম বয়সতে কেনেকৈ আয়ত্ত কৰিছিল ? তাই যে প্ৰতি খোজতে জী্ৱনৰ বৰণীয়া ৰুপটোহে দেখিছিল, সি যে বনৰীয়া ৰূপটোৰ ভূ আগতেই দিছিল ।
ইমান কম দিনতে তাই নিজৰ বিষয়ে নুবুজাখিনি সি বুজি উঠিছিল । ওখ, লাহী দেহৰ ভিতৰৰ থুনুকা মনটোৰ উমান সি তেতিয়াই পাইছিল, বাৰে বাৰে সঁকিয়াইছিল তাইক, “ধুমুহাত ভাগি পৰা ছোৱালী তই” বুলি । সেই কেইদিনতে সি যে তাইৰ ওচৰত ঢাল হৈ থিয় দিছিল, তাই এতিয়াহে বুজি উঠিছে । কোনোদিনেই সমুদ্ৰই সাহিত্যৰ প্ৰতি ধনাত্মক মনো্ভাৱ পোষণ কৰা নাছিল । মুখ ফুটাই নকলেও তাই বুজি উঠিছিল সেই কথা । লাহে লাহে সমুদ্ৰ আৰু তাইৰ ফোনালাপ কমি গৈছিল । কমি গৈছিল ভাৱৰ আদান-প্ৰদান । সেয়াও এবছৰমান আগৰ কথা । তাৰ পাছৰে পৰাই তাৰ লগত তাইৰ কোনো যোগাযোগ নাই । সমুদ্ৰই হয়তো নাজানে তাইৰ মনৰ বাগিচা তচনচ কৰি পেলোৱা ধুমুহাজাকৰ কথা । নাজানে , সি নাজানে । জনা হ’লে সি অন্ততঃ তাইৰ কাষত থিয় দিলেহেঁতেন । কাষত কোনো নথকা সময়খিনিতো সমুদ্ৰৰ ওপৰত তাইৰ অগাধ বিশ্বাস, সমুদ্ৰই হয়তো তাইলৈ হাত আগবঢ়াই ক’লেহেঁতেন “বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত” ।
বিধিৰ কুটিল দৃষ্টি । সিও নাই কাষত । তাইৰো তাৰ স’তে যোগাযোগ ৰখাৰ মনোবল নাই । ভিতৰত যিমানেই সদ্ভাৱ নকঢ়িয়াওক কিয়, সমুদ্ৰৰ ওচৰত দুৰ্বলতা দাঙি ধৰিব পৰাকৈ এতিয়াও তাই সবল হৈ উঠা নাই ।

ঘৰখনত মৰিশালীৰ নিস্তব্ধতা । বেৰৰ সিপাৰৰ কোঠাৰ পৰা মাকৰ চেপা হুমুনিয়াহবোৰ শেল এপাত হৈ আহি বুকু ভেদিছেহি ।ঘৰত ভৰি দিয়া বাৰঘন্টা পাৰ হৈ গ’ল । এযুগ যেন লগা এই বাৰঘন্টা । বৰ কষ্টত আছে তাই । কথাবোৰ বৰ সলসলীয়াকৈ আগবাঢ়িছিল । পানীৰ দৰে ফটফটীয়া আছিল তাইৰ মনৰ ছবি । ধুমুহাজাকৰ কবলত পৰি সেই স্পষ্ট জলছৱিৰ এতিয়া খণ্ডিত ৰূপ । মনিব নোৱৰা ছৱি । ধূসৰ ।
ডক্টৰ-নাৰ্ছৰ তত্বাৱধানত তাইৰ শাৰীৰিক কষ্টৰ উপশম হৈছে । বিপৰীতে বৃদ্ধি পাইছে মানসিক কষ্ট । এই কষ্টৰ অন্ত নপৰে । প্ৰেমৰ প্ৰতি, নাৰীত্বৰ প্ৰতি তীব্ৰ অনাস্থাই কঢ়িয়াই অনা এই কষ্ট । যি কষ্ট দ্ৰৌপদীযে আজীৱন কঢ়িয়াইছিল । জনপূৰ্ণ ৰাজসভাত কুচক্ৰান্তৰ বলি হৈ যি কষ্ট কঢ়িয়াইছিল দ্ৰৌপদীয়ে ।

চাৰিওফালৰ চিনাকী মুখবোৰ, চিনাকী মানুহবোৰ তাইৰ বাবে অচিনাকী হৈ পৰিল । ভগৱানলৈ এক ক্ষো্ভ জাগিল তাইৰ । ডিঙিত পিন্ধি থকা ভগৱানৰ লকেটটো তাই খুলি পেলালে, প্ৰশ্ন তুলিলে ভগৱানক, “বিশাল জনগণৰ সন্মুখত অপদস্থ হৈছিলো সিদিনা, তুমি চকু মুদি থাকিলা । অবিশ্বাসৰ জুইত জ্বলিছো আজি, তুমি মৌন হৈ চাই ৰৈছা ।অথচ তোমাক যে পূজিছিলো প্ৰতি পল” ।

ৰাতি দুই বাজিছে । তাইৰ ৰূমত তাইৰ সতে নিৰাশাৰ সহবাস ।অদমনীয় স্থিতি দুয়োৰে ।তাই যুঁজিছে নিজৰ সতে । নিৰাশাই যুঁজিছে তাইৰ সতে । মাজে মাজে তীব্ৰ তাচ্ছিল্যপূৰ্ণ হাঁহিৰে নিৰাশাই তাইক ধৰাশায়ী কৰে । বিপৰীতে তাই নিজৰ অদমনীয় স্থিতি খামুচি উঠি বহে ।
নিৰাশাৰ অবিৰাম আক্ৰমণত ধৰাশায়ী হৈ তাই কাতৰ চকুযুৰিৰে ওপৰলৈ চালে, তাৰ পাছত লাহেকৈ ক’লে, “ জীৱন তোক বৰ ভাল পাইছিলো মই । ভাল পাওঁ বাবেই আজিও এটা টোপ পৰিবলৈ নিদিয়াকৈ ৰৈ দিছো তোৰ কাষত । জীৱন তোৰ ওপৰত একোৱে অনুযোগ নাছিল কোনোদিন । সাতোটি বৰণেৰে বৰণীয়া হোৱাৰ দিনাও নতুবা আজি কুটিল বন্যতাত বনৰীয়া হোৱাৰ দিনাও তোক লৈ মোৰ আপত্তি নাই । জীৱন তোক শিতানৰ কাষত নিচুকাইছিলো প্ৰতিক্ষণ । তই মাথোঁ জী উঠাৰ পথ দেখুৱাই দে এবাৰ” ।
চকুহাল মোহাৰি ওপৰলৈ চাই ৰ’ল তাই । এই ঘৰ, এই চহৰ এৰি তাই যাবগৈ । যাবগৈ । তাই যাবগৈ । য’ত নাথাকিব কোনো চিনাকী মুখৰ অচিনাকী হৃদয়, তাতহে খোপনি পুতিব তাই ।

সপ্তদশ খণ্ড: কুণ্ডলিনী
———————-
ৰাতিপুৱাল । নিৰাশাৰ ৰাতিপুৱাল । তাই নীৰৱে নিজৰ কামবোৰ কৰিলে । মাকক এতিয়ালৈকে লগ পোৱা নাই তাই । মাক শৰ্য্যাশায়ী । কাষৰ ৰূমৰ পৰা আহিছে সেই খবৰ । তাই মৰসাহস কৰি মাকৰ ৰূমৰ দুৱাৰ খুলিলে ।
“নোসোমাবি” । বজ্ৰকঠোৰ হুংকাৰ এটাই যেন তাইৰ ভৰি দুখন জপটিয়াই ধৰিলে । আগলৈ খোজ পেলাব নোৱাৰা হৈ পৰিল ভৰিদুখনিয়ে । পিছ হুঁহকিবলৈকো শতযুগৰ শিথিলতা । দেউতাক, তাইৰ মৰমৰ দেউতাক, সদা হাস্যমুখৰ দেউতাকৰ মাত আছিল সেয়া ।
বেগটো পিঠিত লৈ তাই গেট খুলিলে । সন্মুখত হাবিয়নী বাট । ভয় নালাগিছিল তেতিয়াও, ভয় নালাগে এতিয়াও । পাৰ্থক্য মাথোঁ এটাই । তেতিয়া এহাল চকুৰ দৃষ্টিৰ পোহৰে বাট উজলাইছিল । অথচ আজি তাইৰ আন্ধাৰ পিছল বাটত খুপি খুপি খোজকঢ়াৰো মনোবল নাই । ভাগৰুৱা, ক্লান্ত, নিস্তেজ মন এটিৰে তাই ঘৰৰ পৰা ওলাই আহিছে ।অনিশ্চিত পথত ভৰি দিছে তাই । মৃত্যুৰ কিৰিলী শুনিও তাই আগবাঢ়ি গৈছে । মৃত্যুৱে যে সেইদিনাই আঁকোৱালি ল’লেহেঁতেন তাইক । সৰ্বশৰীৰ তেজেৰে আঁকিও বিধ্বস্ত মনটো পুহিও জীয়াই থকাৰ শেষ আশাকণ ত্যাগ কৰিব নোৱাৰিলে । সেইবাবেই জীয়াই থাকিল আজিও । নাজানে কিহৰ তাড়নাত । হেৰুওৱাৰ ঘৰ পৰিপূৰ্ণ, পোৱাৰ ঘৰত আকাশবিশাল শূন্য । তথাপি জীৱন সত্য । মৃত্যুও নহয় অসত্য । জীৱন- মৃত্যুৰ হিচাপত তাই এতিয়াও অপক্ক । চিলিং ফেনখনে নতুবা চোকা ব্লেডখনে নতুবা নীলৰঙী বিহৰ বটলটোৱে টনা নাই তাইক এতিয়ালৈকে । টনা নাই চাৰ্টিফিকেটৰ ভৰত পাব পৰা প্ৰাচুৰ্যময় জীৱন এটাৰ উচ্ছলতাই । য’ত জীৱনৰ পৰা আহৰণ কৰা শিক্ষাগত অৰ্হতাই শূন্য, তাত পুথিগত অৰ্হতাৰ গধুৰ নম্বৰকেইটাই আকৃষ্ট কৰা নাছিল তাইক । নাছিল বাবেই, কলেজৰ পৰা প্ৰদান কৰা চাৰ্টিফিকেটখন টুকুৰা টুকুৰকৈ ফালি ডাষ্টবিনলৈ দলিয়াই পেলালে তাই । ভৰিৰে মোহাৰি পেলালে ৰঙীন সপোন, মোহাৰি পেলালে প্ৰেমৰ সুকোমল সংজ্ঞা, মচি পেলালে আত্মীয় আত্মীয় যেন লগা সম্পৰ্কবোৰ ।
জীৱনটোৱেই জুৱা । হাৰি হাৰিও জিকাৰ নিচা । জিকি জিকিও হাৰি যায়, অথচ জীৱনৰ ডিঙা পাৰ কৰি নিয়াৰ ৰাগীত ৰাগিয়াল জুৱা । হৰতনৰ পাতখিলা নেমেলাকৈয়ে তাইও খেলিব সেই জুৱা ।
দিনটো তলৌ তলৌকৈ ঘূৰি তাই সন্ধ্যা আহি ৰেল ষ্টেচনত বহি ৰ’ল । এখন ৰুটি নতুবা এটকীয়া মুদ্ৰা এটাইও মনত বাহ লোৱা নাই এতিয়ালৈকে ।দীঘল উকি মাৰি ৰেলবোৰ আহিছে । প্লেটফৰ্মত ৰৈ থকা মানুহবোৰ লৰিধৰি ৰেলত উঠেগৈ । মানুহবোৰ জাপি জাপি ৰেলখনে গতি লয় বিৰামহীনভাৱে । প্লেটফৰ্মৰ মানুহবোৰ সেৰেঙা হৈ আহে । তাই কুঁচিমুচি বহি ৰয় প্লেটফৰ্মৰ এচুকৰ বেঞ্চ এখনত । শেষৰ ৰেলখন ৰৈছিলহি প্লেটফৰ্মত । চেন্নাইলৈ যোৱা ট্ৰেইনখন ৰ’লহি । চেন্নাইলৈ মনত পৰাৰ লগে লগে সমুদ্ৰলৈ মনত পৰিল । সিয়েই আছে তাইৰ বাবে একমাত্ৰ আপোনজন হৈ । তেজৰ সম্পৰ্ক নোহোৱাকৈয়ে তাৰ লগত হৃদয়ৰ টান থকা একমাত্ৰ বন্ধু সি । দুখৰ দুখনি হাত মেলি সিয়েই হয়তো বাকী ৰৈছেগৈ । তথাপি তথাপি !!
ৰিণি ৰিণি সমুদ্ৰৰ নামৰ আশা এটা বাজি থকাৰ সময়তো তাইৰ মাজৰ অহমিকাখিনি থূপ খাই আহে । তাক আমনি কৰিব পৰাকৈ সিদ্ধান্ত লব পৰা নাই বাবেই তাই এতিয়াও জনশূন্য প্লেটফৰ্মত অকলে বহি ৰৈছে । জীৱনৰ ৰণাংগনত যুঁজ দিব পৰাকৈ সমল বুলিবলৈ বেগৰ ভিতৰত আছে মাথোঁ হায়াৰ ছেকেণ্ডাৰীৰ চাৰ্টিফিকেটখন । মোটা অংকৰ শকত দৰমহাৰ লোভ দেখুওৱা শকত চাৰ্টিফিকেটখন তাই টুকুৰা টুকুৰকৈ তাই ফালি পেলাইছিল । শেষ পৰীক্ষাটো দি ঘৰলৈ উভতি অহাৰ সময়তে ঘটিছিল সেই কাণ্ড । মনলৈ অহা কথাবোৰ পাহৰিবলৈ তাই চকুযোৰ মুদি দিলে । শেষৰ ট্ৰেইনখনো ঝক ঝক কৰি গুচি গ’ল । এমুঠি অনিশ্চয়তা বুকুত সাৱটি বহি ৰ’ল তাই ।
ঠিক কোনটো বিন্দুৰ পৰা তাইৰ ধ্বংসমুখী যাত্ৰা আৰম্ভ হৈছিল বাৰু ? সাহিত্যৰ পঢ়াবোৰ বেয়া হ’বলৈ আৰম্ভ কৰিছিল । পৰীক্ষাবোৰত নম্বৰৰ ওজন কমিবলৈ আৰম্ভ কৰিছিল । তাই চিন্তাত পৰিছিল । সিহঁতৰ মাজত চলি থকা প্ৰেমৰ সম্পৰ্কটোৱে কিবা খেলিমেলি কৰিছে নেকি বুলি বহুবাৰ নিজকে প্ৰশ্ন কৰিছিল তাই । বুজাইছিল তাক । টেলেন্টেড বুলি নাম থকা লৰাটোৰ অৱদমিত স্থিতিয়ে তাইক হতাশ কৰিলে যদিও উৎসাহ দিবলৈ এৰা নাছিল তাই । “কিয় এনেকুৱা হৈছে সাহিত্যদাদা ? ছাৰৰ লগত আলোচনা কৰা, চাবজেক্টবোৰ টান লাগিছে যদি অলপ কষ্ট কৰা” , অভিভাৱকৰ দৰে সোঁৱৰাইছিল তাই তেনে এটা দিনতে ।
ৰঙা পৰি থকা টুলটুলীয়া চকুহাল তুলি তাইলৈ চাই ৰৈছিল সাহিত্যই । কি আছিল সেই চকুহালত ? ৰঙা মানে হতাশা নে হিংস্ৰতা ? দুখোজ পিছুৱাই খোজ লৈছিল নিজলৈ, হোষ্টেলৰ এচুকৰ ৰূমটোলৈ । খিৰিকীখন বন্ধ কৰি নীৰৱে উচুপিছিল । দেৱদাৰুজোপাকো অদেখা কৰি সংগী কৰি লৈছিল অনিশ্চয়তাৰ সেই চকুলোটোপাল । পিছ মুহূৰ্ততে নি্জকে সম্বৰণ কৰিছিল তাই । সাহিত্যৰ কাষত ঠিয় দিব লাগিব তাই । তাৰ হাজাৰটা ধুমুহাৰ ৰাতিও তাই কাষত ৰৈ থকাৰ পণ লৈছে যেতিয়া এইবোৰতো নিমিত্ত কথা মাত্ৰ । কিন্তু ৰঙা পৰি থকা সেই চকুহালৰ দৃষ্টিটোৱে দুৰ্বোধ্য প্ৰশ্ন কিছুমান জাপি দিলে বুকুত । কিছুমান প্ৰশ্নৰ উত্তৰ বিচৰা নাযায় । কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিলেও পোৱা নাযায় । প্ৰশ্নৰ উত্থাপন হোৱাটোৱেই আচলতে নিৰৰ্থক । দুখ কঢ়িওৱা টোপোলাবোৰত মেটমাৰি সোমাই থাকে অজস্ৰ অব্যক্ত প্ৰশ্ন । সংগোপনে ।
আচলতে ফাঁকটো তেতিয়াই ৰৈ গৈছিল । সম্পৰ্কৰ পবিত্ৰতা নতুবা সম্পৰ্কৰ গভীৰতা যি হিচাপেই নলওক কিয়, সেই ফাঁকটোতেই সৰকিছিল বিশ্বাসৰ বুজাবুজিবোৰ । ৰঙা চকুহালৰ দৃষ্টিটো সাধাৰণ নাছিল । বুজি উঠিছিল তাই । কিছু দেৰিকৈ । যেতিয়া বুজি উঠিছিল, তেতিয়া উভটনি পথ সুগম হৈ থকা নাছিল ।

অষ্টদশ খণ্ড: কুণ্ডলিনী
———————
সাহিত্যৰ চকুহাল আৰু ৰঙা হৈ আহিছিল । খীনাইছিল সি । ৰাতি হয়তো টোপনি ক্ষতি হৈছে তাৰ । তাৰ শুকান মুখখনলৈ চাই ঈশানীয়ে প্ৰায়ে তাক কৈছিল, “স্বাস্থ্যৰ যতন লবা সাহিত্যদাদা” । তাৰ চকুলৈ চকু মিলাই চাব নোৱাৰি । ইমান শূন্যতা । বুকুখন অজান আশংকাত কঁপি উঠে তাইৰ । নোপোৱাৰ বিষাদ নে পাই হেৰুৱাৰ বিষাদ এয়া ? মাজে মাজে তাইৰ নৱমমান শ্ৰেণীৰ সেই জিপজিপ চকুহাললৈ মনত পৰে । দুয়োযোৰ চকুৰ মাজত যে অযুত পাৰ্থক্য !
তৃতীয় বৰ্ষত ভৰি দিছে সিঁহতে । বিষয়বোৰ টান হৈ আহিছে । লেবৰেটৰী আৰু ইন্টাৰনেট কেফেত ভৱিষ্যতৰ চিন্তাত কটাই দিয়ে ঘন্টাৰ পাছত ঘন্টা । প্ৰতিযোগিতামূলক পৰীক্ষাৰ পাঠ্যক্ৰম বিচাৰি সমূহ ৱেবছাইট চলাথ কৰি পেলায় । কেৰিয়াৰ সচেতন সিঁহত । আৰু দুবছৰৰ পাছতে সিঁহতৰ আচল সংগ্ৰাম আৰম্ভ হ’ব । উচ্চশিক্ষা নতুবা এটা ভাল চাকৰিৰ সন্ধান চলোৱাৰ প্ৰস্তুতি চলে ভিতৰি ভিতৰি । খোজবোৰ অকলশৰীয়া হোৱাৰ আগতেই সিঁহতে সংগ্ৰামী জীৱনৰ আখৰা কৰি পেলায় ।তাৰ মাজতে অভিলাষাবা’ৰ দৰে কেইবাগৰাকী চিনিয়ৰৰ কৃতিত্বই সিহঁতৰ মনত আশাৰ সঞ্চাৰ কৰিলে । বিপৰীতে সাহিত্যৰ উদাসীনতাই তাইক হাজাৰ প্ৰশ্ন্ৰ সন্মুখীন কৰিছিল । ইমান প্ৰতিভাৱান লৰাটোৰ এই উদাসীনতাই তাইক প্ৰায়ে হতাশাত পেলাইছিল । জীৱনবলীয়া তাইৰ আৰু জীৱনবিৰূপ সাহিত্যৰ এই বৈপৰীত্যই তাইক প্ৰায়ে বিমোৰত পেলাইছিল । চকুযোৰ মুদিলেই সাহিত্যৰ হতাশাত ভোগা যেন টুলটুলীয়া ৰঙা চকুহাললৈ মনত পৰে ।
ট্ৰেইনবোৰ গৈ শেষ হ’ল । ষ্টেচনত নিস্তব্ধতাৰ নিনাদত চক খাই উঠিছে তাই । তেনে সময়তে বিপৰীত কোণৰ পৰা অহা দৃ্ষ্টি এটাত সচকিত হৈ উঠিল তাই । একেৰাহে চাই আছে কোনোবাই ষ্টেচনৰ আন্ধাৰ চুক এটাৰ পৰা । চিকিউৰিটি গাৰ্ড এজনকো নেদেখা হ’ল তাই । তেতিয়াহে অনুমান হ’ল তাইৰ, তাই বহি থকা ঠাইকণ একেবাৰে নিৰাপদ নহয় । তাই বেগটো ল’লে । ভয়টো বেছিকৈ অনু্ভৱ হ’বলৈ নিদি তাই মানুহজনৰ চকুৰ বিপৰীত দিশে খোজ কাঢ়িবলৈ ধৰিলে । আচলতে তাই ভয় কৰাটোৱেই নিৰৰ্থক । আপোন মানুহৰ পৰা ইয়াতকৈ বেছি ভৰসা কৰিও বহুত আপদ চপালে তাই, নিজে নিজক অভয়দান কৰি তাই তলমূৰকৈ খোজ কাঢ়িবলৈ ললে । লক্ষ্যহীন এই যাত্ৰা । তিমিৰাছন্ন আকাশ, ঠিক তাইৰ জীৱনটোৰ দৰেই । তিমিৰাছন্ন আকাশত জ্যোতিষ্কৰ বিলাপ । তাইৰ বিৰাগৰ বিলাপ । বহুত খেলিলে জীৱনে তাইৰ সতে । এইবাৰ তাই খেলিব জীৱনৰ সতে । যাৰ হেৰুৱাবলৈ একো নাথাকে, তাৰ আচলতে পাবলৈকো একো নাথাকে । হেৰুৱাবলৈ একোকে নাই তাইৰ । নাই বাবেই এই জয়াল ৰাতিও তাই কাৰো সহায় নিবিচৰাকৈয়ে অকলে ঠিয় হৈ আছে । মাকলৈ মনত পৰিল তাইৰ । দেউতাকলৈকো মনত পৰিল । হাঁহিমুখীয়া দেউতাকজন বৰ গোমোঠা হৈ পৰিছিল । মাকেও কথাবোৰ সহিব নোৱাৰি বিছনা ল’লে । ঘৰখন ঘৰ হৈ থকা নাছিল । ২৪ ঘন্টাৰ সময়বোৰ ২৪ টা যুগ যেন লাগিছিল বাবেই তাই নীৰৱে নিজৰ ৰাস্তা লবলৈ ওলাই আহিছে ।
কথাবোৰ ভাবি ভাবি তাই আগবাঢ়ি থাকিল । থানাটোৰ ৰাস্তাটোৰে তাই খোজ ললে । থানাত সোমাবলৈ তাইৰ মন নাই । থানাত সোমোৱাৰ লগে লগে অনৰ্থক প্ৰশ্ন কিছুমানে তাইক বেৰি ধৰিব । তাই আগবাঢ়ি গৈ থাকিল । পিছফালে খোজৰ শব্দ শুনিলে । থানাৰ ৰাস্তাটো তাই মানুহটোৰ চকুৰ পৰা আঁতৰিবলৈকে বাচি লৈছিল । এইবাৰ তাইৰ ধৈৰ্যৰ বান্ধ ছিঙিল । পিছফালে ঘুৰি মানুহটোলৈ চাই ললে । একো ধাৰণা কৰিব নোৱাৰি মানুহজনলৈ তাই খঙত চালে । অকলশৰীয়া ছোৱালী এজনী পালে বুলিয়েই পিছ লোৱা মানুহজনৰ প্ৰতি তীব্ৰ ঘৃণাৰে তাইৰ মন ভৰি পৰিল ।
খঙত তাই আকাশ কঁপাই চিঞৰিলে, “ ঐ কি লাগে তোক ?”
সমান কৰ্কশতাৰে মানুহটোৱেও তাইক সুধিলে, “অকলে অকলে তই ইয়াত কি কৰিছ?”
“মই অকলে আছো নে কাৰোবাৰ লগত আছো চিন্তা কৰিবলৈ তই কোন?”, তাই দাঁত-মুখ কৰচি উত্তৰ দিলে ।
মানুহজনে একো উত্তৰ নিদিলে ।
এইবাৰ তাই কিছু ঠাণ্ডা হ’ল । তাই পুনৰাই সুধিলে, “আপুনিওতো অকলে আছে । কোনেওতো আপোনাৰ পিছ লোৱা নাই ।“
তেওঁ এইবাৰ মুখ খুলিলে, “এই এৰিয়াটো ভাল নহয় । তুমি নিশ্চয় ঘৰত কাজিয়া কৰিয়ে ওলাই আহিছা । জানানে ইয়াত কিমান বিপদ হ’ব পাৰে ?“
তাই এটা হুমুনিয়াহ এৰিলে ,” মই জানো । ভূত-প্ৰেত নতুবা হিংস্ৰ প্ৰাণীলৈ নহয়, বৰং ভয় কৰিবলগা হয় সমজাতিৰ প্ৰাণী এটালৈহে । কি যে আচৰিত !“
মানুহজনে তাইলৈ চাই ৰ’ল । তাৰ পাছত লাহে লাহে ক’লে, “তুমি বহুত সৰু ছোৱালী । আবেগত কিবা সিদ্ধান্ত ললে গোটেই জীৱন আফচোচৰ বাদে একো নাপাবা । মোক তুমি বিশ্বাস কৰিব পাৰা । কোৱা কি সমস্যা হৈছে তোমাৰ ।“

কথাষাৰ শুনি তাইৰ দেউতাকলৈ মনত পৰিল । সেই নিৰ্ভয়তাৰ ছাঁ তাইক দেউতাকে সদায়েই দিছিল । চাইকেল শিকোতে নতুবা পাহাৰলৈ ট্ৰেকিংত যাওতে প্ৰত্যেকবাৰেই কৈছিল, “ভয় নকৰিবি । মই আছো । একো ভয় নকৰাকৈ আগবাঢ়ি যা” ।

সেই দেউতাকে তাই মূৰৰ ওপৰৰ পৰা হাতখন কেতিয়া আতঁৰাই নিলে তাই গমেই নাপালে । অকণমান ৰ’দ সহিব নোৱাৰা তাইজনী মৰুময় পৃথিৱীত তিষ্ঠিব নোৱাৰা হৈ আহিছে । তথাপি তাই জী আছে । বিশ্বাসৰ বীজ সিঁচিও অবিশ্বাসৰ শস্যৰে ভৰি পৰিল তাইৰ মন পথাৰ । এই পথাৰখন চিকুণ কৰি পেলাবলৈ সিদ্ধান্ত লোৱাৰ পাচতে প্ৰথম লগ পালে এই মানুহজনক, যিজনে তাইক আশ্বাস দিছে বিশ্বাসৰ । চিন্তা কৰিব পৰা ক্ষমতা এইমুহূৰ্তত তাইৰ নাই । জুৱা খেলিব নেকি তাই ? আকৌ এবাৰ জুৱা খেলিব নে তাই ? জিকিলে লাভ , হাৰিলেও এতিয়াতকৈ বহুত বেছি লোকচান নহয় ।

তাই মানুহজনক অনুসৰণ কৰিলে ।

উনবিংশ খণ্ড: কুণ্ডলিনী
—————————–
টেবুলত খোৱাবস্তু ভৰ্তি প্লেটখন দেখিহে তাইৰ মনলৈ আহিল যে আগদিনাখনৰে পৰা তাই একো খোৱা নাই । এই এজন মানুহক লগ পালে তাই, যিজনে তাইক লৈ আনিছে আস্থাৰ হাতখন আগবঢ়াই ।নিৰূপায়তাৰ এনে এক ক্ষণত তাই নিজকে সঁপি দিছে পৰিস্থিতিৰ ওচৰত । অদূৰত টেবুলত ভেজা দি গম্বুজ চেহেৰাৰ কৰ্কশ মাতৰ মানুহজন । কি স্বাৰ্থ আছে মানুহজনৰ ? কি স্বাৰ্থ থাকিব পাৰে তেওঁৰ ? কিনো সমস্যা হৈছে তাইৰ, বাৰে বাৰে সুধি আছে তেওঁ । তাই মুখ খুলা নাই । কেনেকৈ কয় তাই, অপাত্ৰত প্ৰেম কিম্বা জীৱনৰ ভেঙুচালিৰ সেই জটিল ক্ষণ । কেনেকৈ বুজাই তেওঁক তাই, প্ৰেমৰ ধাৰণাবোৰ অধাৰণা হোৱাৰ এই কঠোৰ সূত্ৰ । জীৱনহীনতাত কেনেকৈ বুটলি লোৱা যায় জীৱন ? নিৰাশাৰ এনে সন্ধিক্ষণত কোনোখন চাদৰৰ আঁচলতেই তাই নিজক নিৰাপত্তা দিব নোৱাৰিলে । শৈশৱৰ বান্ধবী সপ্তদৰ্শীয়েও তাইক আমনি নকৰাৰ প্ৰতিশ্ৰুতি আদায় কৰি লৈছিল । কৈছিল কোনো এক উদাসী সন্ধ্যাত, যেতিয়া গধূৰ মন পাতলাবলৈ ঈশানী গৈ সপ্তদৰ্শীৰ ৰূমত সোমাইছিল, “ঈশানী, তই ভুল নুবুজিবি । মায়ে তোৰ লগত মিলামিচা কৰিবলৈ মানা কৰিছে।“
ভুলৰ সংজ্ঞা কি তাই নাজানে । জানে মাথোঁ, তাই যি কৰিছিল, সেয়া কাৰোবাৰ সুখৰ কাৰণেই কৰিছিল । আনলৈ বুলি সুখ বুটলোতে বুটলোতে নিজে বিধ্বস্ত হৈ পৰিব সেই কথাটো তাইৰ জ্ঞাত নাছিল । জ্ঞাত নাছিল বাবেই সাহিত্যৰ বিপথগামিতাৰ খবৰ পাইও তাই বাৰে বাৰে তাৰ কাষত উবুৰ খাই পৰিছিল । জ্ঞাত নাছিল বাবেই তাই বাৰে বাৰে নিচাসক্ত সাহিত্যক পাণ্ডৱবৰ্জিত এলেকাৰ পৰা তুলি আনিছিল । অটোৱালাজনে তাইলৈ সিদিনা যিটো দৃষ্টিৰে চাইছিল, সেই দৃষ্টিৰ যদি অৰ্থ তেতিয়াই বুজিলেহেঁতেন তাই । কি হ’লহেঁতেন তেতিয়া ? তাইৰ ব্ৰক্ষাণ্ড নকঁপিলহেঁতেন এতিয়া । বজ্ৰকঠোৰ হুংকাৰত তচনচ নহ’লহেঁতেন তাইৰ মনৰ বাগিচা । অপমানৰ শেলবোৰে নিবিন্ধিলেহেঁতেন তাইক । অন্তত: তাই ঘৰখনৰ বিশ্বাস নেহেৰুৱালেহেঁতেন ।
মাকলৈ মনত পৰিল তাইৰ । মাক- দেউতাকৰ একমাত্ৰ সন্তান আছিল তাই । সেই দেউতাকেই শেষমুহূৰ্তত কৈছিল তাইৰ গাত বিজতৰীয়া তেজ আছিল বুলি । মাক আছিল শৰ্য্যাগত । মাকৰ ভাষ্য শুনাৰ উপায় নাছিল তাইৰ । বহুতদিন চিলিংফেনখনত আবদ্ধ হৈ ৰ’ল তাইৰ দুচকু । দুচকুহে আবদ্ধ হৈ ৰ’ল মাথোঁ । দেহাটো উঠি চিলিংফেনখনত উলমি ৰোৱাৰ শক্তিকণো নাছিল ।
ক’ব নোৱাৰাকৈয়ে প্লেটৰ পৰা কল এটা উঠাই ললে তাই । পেটটো কলমলাই উঠিল তাইৰ । মাকে আগতে তাইক সঁকিয়াইছিল, খালী পেটত কল নাখাবি বুলি । এতিয়া ঠিক বিপৰীতকৈ চিন্তা কৰিছে তাই । আলফুলকৈ ৰাখোতে ৰাখোতে জীৱনটো বৰ আলসুৱা হৈ পৰিল । কঠোৰতাৰ সংজ্ঞাৰে জীৱন যাপন কৰিব তাই । এবাৰলৈ প্ৰমাণ চাব, কিমানখিনি কঠোৰতা সহিব পাৰে তাই ।
মানুহজনে তাইলৈ তেতিয়াও একেথৰে চাই আছিল । ‘তই’ৰ পৰা ‘তুমি’লৈ পৰিৱৰ্তন হোৱা সুৰটিত কিছু কোমলতা আহিলেও তাই নিৰ্বাক হৈ ৰৈছে । মনৰ আহপাহবোৰ শিথিল হৈ স্তব্ধ হৈ ৰৈছে কোনোবাখিনিত । বহুকেইটি নিৰ্বাক লহমা ভেদি তাই মাত লগালে, “খাবলৈ এখন ৰুটি নতুবা থাকিবলৈ এখনি চালৰ বাদে মই বেলেগ একো চিন্তা কৰা নাই দাদা ।“
“মোৰ সমস্যাটো নিতান্তই মানসিক দাদা । মনটোক নিজে নিজেই আয়ত্তলৈ আহিবলৈ দিব লাগিব । মাথোঁ ভৰি দুখনৰ ভাৰসমতাটো লৈহে বৰ বিপাঙত পৰিছো । কোনোপধ্যেই থিয় হৈ থাকিব পৰা নাই ।“ নুলিয়াও বুলি ভাবিলেও চকুলোটোপাল টেবুলত পৰিল । মানুহজনে তাইলৈ ৰুমাল এখন আগবঢ়াই দিলে । তাই নললে । বৰং ধাৰাষাৰে ববলৈ দিলে তাইৰ তপত চকুলো । কিমানদিন যে হৈ গ’ল কোনো সুহৃদৰ ওচৰত তাই অশ্ৰুকণা গুজি থব পৰা নাই । অচিনাকী যেন মানুহজনৰ নিচুকনি হেন চাৱনিত তাই নিজকে সম্বৰণ কৰি ৰাখিব নোৱাৰিলে । জীৱনৰ ইও এক নতুন কৌশল নহয়তো!
হতাশাখিনি একাষৰীয়াকৈ ৰাখি তাই ক’লে, “জুৱা খেলিম বুলিয়েই ঘৰৰ পৰা ওলাই আহিছো । ইঞ্জিনিয়াৰিং পঢ়িলো যদিও চাৰ্টিফিকেটখন কলেজৰ ডাষ্টবিনত এৰি থৈ আহিলো । হায়াৰ চেকেণ্ডাৰীৰ চাৰ্টিফিকেটখনেৰে ৰূটি এখন মোকোলোৱাৰ আঁচনি মোৰ । বাকীখিনি বুটলি যাম যেতিয়াই পাৰো তেতিয়াই” ।
চকু মুদি ৰ’ল তাই । সন্ধানৰত মন ক’ত থিতাপে কোনো ঠিকনা নাই ।
“ঘৰলৈ ঘূৰি যোৱা । ঘৰখনে কি জগৰ লগালে তোমাৰ ?”, কৰ্কশ নিস্তব্ধতা ভেদি মানুহজনে কৈ উঠিল ।
তাই মূৰ তুলি চালে । চাই থাকিল । তাৰ পাছত লাহেকৈ বেগটো ল’লে । ওলাই আহিল নীৰৱে । পামশ্বু’ৰ খটক খটক খোজৰ বাদে গোটেইখন নিমাওমাও । দাদা বুলি মাতি অহা গজং চেহেৰাৰ মানুহজনৰ পৰা বহু দূৰলৈ খোজ ললে তাই ।
ছোৱালী বাবেই তাই নিজৰ ঘৰৰ বাদে বেলেগত আশ্ৰিতা হ’ব নোৱাৰিব, ই কেনেধৰণৰ ধাৰা ? তাইৰ উশাহত পাপ নে তাইৰ নিশ্বাসত নিষিদ্ধ বতাহ ?
হঠাতে বাওঁফালৰ পৰা অহা এক আঘাটত তাই কৰ্ফাল খাই পৰিল ।
“কি হে স্মাৰ্ট গাৰ্ল ? জীৱনৰ মঞ্চত একাংকীতা নাট কৰিবলৈ অহা ছোৱালীজনী , আখৰা নকৰাকৈ ৰণাংগনত জপিয়াই পৰাটো কি ইমান সহজ ? চিধাচিধি আহি থাক মোৰ পাছে পাছে ।“
তাই গম পালে মানুহজনে তাইক সহজে এৰি নিদিব । আকৌ এখন যুদ্ধ । মনৰ মাজত ।

বিংশ খণ্ড : কুণ্ডলিনী
———————–
নীৰৱতাৰ বীণ এটি বতাহত টুংকৈ বাজি উঠিল । তাই খকমককৈ সাৰ পালে । ৰিব ৰিবকৈ বলি থকা মলয়াজাকে শান্তিৰ তানপুৰাত ঝংকাৰ তুলিলে । আশ্ৰমহেন অচিনাকী পৰিৱেশৰ মাজত তাই নিজকে যোগিনী সাজিবলৈ মন গ’ল । ঔম ধ্বনিৰে সেই আশ্ৰমৰ বতাহ গুঞ্জৰিত হৈ আছে । তাই অনুসৰণ কৰিলে ।অদূৰত চিনাকী অচিনাকী অৱয়বৰ এজন মানুহ যোগসাধনাত ব্যস্ত । পুৱাৰ ফেহুজালি ৰ’দৰ পিনে মূৰ কৰি তেওঁ সূৰ্য্য প্ৰাণায়মত ব্যস্ত । শেৱালীজোপাত নিয়ৰকণাৰ টোপ টোপ বৰষুণ । ক’ৰবাৰ পৰা লুচি ভাজিৰ ফুৰফুৰীয়া গোন্ধ এটা আহি নাকত লাগিলহি ।
কোনো প্ৰস্তুতি নোহোৱাকৈ জীৱনটো যে কৰপৰা কলৈ গতি কৰে নিজৰ অজ্ঞাতে । দুদিন আগত হস্পিতেলৰ বেডত, তাৰ পাছৰ এদিন আপোন ঘৰৰ একোঠালিত, কালি ৰেলষ্টেচনত আৰু আজি এই আশ্ৰমসদৃশ পৰিবেশত । নিজকে লুটিয়াই বগৰাই চাইছে জীৱনটোৱে । কেতিয়াবা আলসুৱা মেঘত, কেতিয়াবা ৰামধেনুৰ মাজত, কেতিয়াবা কঠিন ধৰাল শিলাস্তুপত নতুবা মৰুভূমিৰ তপত বালিচৰৰ মাজত । এটি এটি অভিজ্ঞতা জীৱনৰ । মধুৰেই হওক নতুবা কঠোৰেই হওক, এয়াতো তাইৰে জীৱনৰ এৰাব নোৱাৰা অংশ । মানি লব লাগিব কথাবোৰ । মাথোঁ সময়ৰ প্ৰলেপ অলপ সানি লব লাগিব ।বাস্তৱৰ কঠিন শিলৰ ঘঁহনিত চিৰাচিৰ হোৱা বিশ্বাসখিনিক নিচুকাব সময়ে । তাইৰ হাতত তেনেকৈয়ে উৰিব জীৱনৰ নিচান । পাৰিবনে তাই ?
“আহ মাজনী, ইয়ালৈ আহ ।মোৰ লগতে বহি প্ৰাণায়ম কৰহি ।“ তাইক দেখি মানুহজনে মাত লগালে । আগদিনাৰ ৰাতিৰ কঠোৰ মুখখন নাইকীয়া হৈ মানুহজনৰ মুখখন অযুত নক্ষত্ৰৰ জ্যোতিৰে জ্যোতিষ্মান হৈ পৰিছে । এখুজি দুখুজিকৈ তাই আগবাঢ়িল । তেতিয়াহে মন কৰিলে তাই , যোগসাধনাত ব্যস্ত আছিল কেৱাগৰাকী নৰ-নাৰীও । তাইৰ সমনীয়া কাকো নেদেখি একেবাৰে শেষৰ শাৰীটোত তাই থিয় দিলেগৈ । “যোগসাধনা মানে মন আৰু শৰীৰ একত্ৰীকৰণ কৰা । আত্মাৰ সতে সম্পৰ্ক গঢ়াৰ সাধনা এয়া । শুনিছনে কুণ্ডলিনী ?”, মানুহজনে সুধিলে ।
কুণ্ডলিনী ? কাৰ নাম কুণ্ডলিনী ? তাই ইফালে সিফালে চালে । “তোকে কৈছো মাজনী ।তোৰ বিষয়ে ইমানকৈ সোধাৰ পাছতো তই দেখোন তোৰ নামটোকে এতিয়ালৈকে কোৱা নাই । গতিকে মই নিজেই নাম এটা দি ল’লো । বেয়া হৈছে নেকি নামটো”, আগদিনা দেখা গজং চেহেৰাৰ মানুহজনৰ খঙাল ৰূপটো এতিয়া নাই ।
তাইৰ ওঁঠেৰে হাঁহিৰ ৰেশ এটা পাৰ হৈ গ’ল । যি হাঁহিত কোনো প্ৰাণ নাছিল ।
“এতিয়া আমি পদ্মাসনত বহিম । কুণ্ডলিনী মোৰ ফালে চাই ল’বি”, মানুহজনে তাইৰ ফালে চাই ক’লে ।“এতিয়া মোৰ নিচিনাকৈ চকু দুটা মুদি মনটো চিন্তামুক্ত কৰি তোল । ঔম বুলি তিনিবাৰ উচ্চাৰণ কৰিবি” ।
ঔম ধ্বনিৰে আশ্ৰম কঁপি উঠিল । তাইৰ মনটো বায়ুমণ্ডলৰ ওপৰৰ কোনোবা এক স্তৰত বন্দী হৈ ৰ’ল । ভেকুৱামত থাকোতেও যেন কোনোবাই মাতি থাকিল, “কুণ্ডলিনী । কুণ্ডলিনী “ ।
তাইৰ দুবাহুলৈ অসীম শক্তি কঢ়িওৱা এই শব্দ ক’ত পাইছিল তাই ? কি অৰ্থ ইয়াৰ ? মানুহজনে তাইক এই নামেৰেই মাতিলেনো কিয় ? অসংখ্য প্ৰশ্নই তাইক জুমুৰি ধৰিলে , ঔম-কাৰ, আ-কাৰ, ই-কাৰ ধ্বনি শেষ হৈছিল মানে তাইৰ দুচকুৰে লোতক বৈ আহিল । নিৰ্মল প্ৰশান্তিৰ লোতক । কি শক্তি আছিল এই ধ্বনিত ? তাইৰ অস্থিৰতা কমাব পৰা কি শক্তি আছিল এই ধ্বনিত ?
তাই লাহেকৈ চকু মেলিলে । মানুহজনে তাইলৈ চাই আছে । বাকী সকলোবোৰে ইতিমধ্যে প্ৰস্থান কৰিলে ।তাই ৰৈ গ’ল । একেই স্থানত, একেই অৱস্থানত, একে ভংগীমাৰে, একেই নিৰুদ্বেগতাৰে, আবেগহীন আবেগহীন মুখমণ্ডলেৰে তাই বহি থাকিল ।
জীৱনটো বৰ বেগাই পাৰ হৈ গৈছে । তথাপি সাঁচ বহুৱাই গৈছে প্ৰতিটো খোজে । যোৱা চাৰিবছৰৰ কঠোৰ সাধনাৰ শূন্য ফলাফলৰ পাছত আজিৰ এই প্ৰশান্তিৰ প্ৰাপ্যতা তাইৰ বাবে অন্যতম সফলতা । মনটোৱে বুজি উঠিবনে বাৰু কথাবোৰ ?
মনটোৰ দাবীবোৰ পূৰাবলৈ যাওতেই জীৱনটোত অতবোৰ অতপালি । অথচ মনটোৰ ঠেন এঠেন শেষ হোৱা নাছিল কাহানিও । বান্ধিবলৈ লৈছিল সেয়ে । কঠোৰ হাতেৰে দমন কৰি বান্ধি ৰাখিছিল মনটোক ।অতদিন বান্ধি ৰখা সেই মনটোক আজি আকাশৰ বিশালতাৰ ওচৰত এৰি দিছে তাই । দুহাত মেলি মনটোৱে আবদাৰ তুলোতেই নিচুকনিৰ লহৰ এটা বুকুৰ মাজলৈ সোমাই আহিল । মনটো লাহে লাহে শান্ত হৈছিল, ক্ষান্ত হৈছিল ।উমি উমি জ্বলি থকা জুইকুৰাৰ অস্তিত্ব নোহোৱা হৈ গৈছে । নাই নাই । পিছমুহূৰ্ততে তাই সচকিত হৈ উঠিল । এই জুইকুৰা নুমুৱাব নোৱাৰি । এই জুইৰ ধোঁৱাই পুৰিব লাগিব অনীতিৰ দুচকু । প্ৰতিশোধৰ এই জুইকুৰা তাই নুমুৱাব নোৱাৰে কোনো স্বাৰ্থতে । এয়া তাইৰ প্ৰতিজ্ঞা । বাস্তবে পৰীক্ষাগাৰত হানি কাটি পৰীক্ষা চলোৱাৰ দৰে হাজাৰজনী ঈশানীৰ ওপৰত তাই পৰীক্ষা চলাবলৈ দিব নোৱাৰে । এয়া তাইৰ প্ৰতাহবান ।অলপ আগলৈকে প্ৰশান্তিৰ লোতক বোৱাই অনা চকুহাল তাইৰ ৰঙচুৱা হৈ পৰিল । কথাবোৰ চলচিত্ৰৰ দৰে মনলৈ আহিল । সিঁহতে তাইক ফুচুলাই বেহুলৈ আনিলে । সিঁহতৰ স্বাৰ্থত তাইক বজাৰৰ মাজলৈ দলিয়ালে । তাতেই ক্ষান্ত নাথাকি সিঁহতে তাইৰ উদং কলাফুলত আঁচুৰিলে ।ধৰাল কটাৰীৰে তাইৰ কলিজা দুচেও কৰিলে । শিমলুৰ ফেৰেঙনীত সেই কলিজা ওলোমাই সিঁহতে তেজ পান কৰিলে । এতিয়া তাই মৃত । বুকুৰ চিতাৰ জুই জ্বলি আছে সেই তেতিয়াৰে পৰা । মৃত হৃদয়ৰ সেই চিতা নুনুমায় সহজে । এই জুইকুৰা নুনুমুৱালৈকে তাই নিৰ্মল বায়ু পান কৰিব নোৱাৰে ।এই জুইকুৰা নুনুমুৱালৈকে প্ৰতিটো সো্ণাৰুৱা বাটৰ দুৱাৰ ৰুদ্ধ কৰি থ’ব তাই । প্ৰশান্তি আৰু অস্থিৰতাৰ এই দোমোজাত তাই ভাৰসাম্যহীন হৈ পৰিল । থৰথৰকৈ কঁপিল দুভৰি । দুহাতেৰে মুখখন ঢাকি আঁঠুত মুখ গুজি বহি ৰ’ল । মন আৰু আত্মাৰ বাণী শুনিও তাই অস্থিৰ হৈ পৰিল । এই অস্থিৰতাৰ ইতিৰ বাট কোনপিনে ? তাই আকাশলৈ চালে । সৌ আকাশখনৰ তলতে তাই দুহাত মেলি সলাজ নীলাবোৰ অভিসাৰী বুকুলৈ আমন্ত্ৰণ জনাইছিল । আকাশৰ বিশাল বক্ষৰ পৰা নীলাবোৰ গৰল হৈ ছিটিকি ভৰি পৰিল তাইৰ বুকু । সেই ভৰ তাই দাঙিব পৰা নাই । অস্ফূট গেঙনি এটাই তাইৰ গলাবদ্ধ কৰিলে । প্ৰমাদী জীৱনৰ প্ৰমাদী প্ৰলাপত তিষ্ঠিব নোৱাৰি তাই ভিতৰলৈ দৌৰ মাৰিলে । “কুণ্ডলিনী” “কুণ্ডলিনী” “কুণ্ডলিনী” – কোনোবাই মাতিছিল তাইক । নিজৰ লগতে অপলাপ কৰি কৰি তাই ভাগৰি পৰিল । হেতালিটো লৈ বহু পৰ বহি ৰ’ল । খেলিবনে তাই ? খেলিবনে তাই ? আকৌ এবাৰ জীৱনৰ লগত হেতালি খেলিবনে তাই ? তাইৰ যে বুকুত প্ৰতিশোধৰ উমি উমি জুই !

একবিংশ খণ্ড : কুণ্ডলিনী
————————-
মানুহজনে তাইক সংযমশীলতাৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছিল । কৈছিল কোনোবা এক বিন্দুক্ষণত, “কোনো ঘটনাই জীৱনৰ বাহিৰত সংঘটিত নহয় । জীৱনৰ বাহিৰত হোৱা হ’লে সেয়া হ’লহেঁতেন মৃত্যু ।মৃত্যুক স্পৰ্শ কৰি অহা প্ৰতিটো ঘটনাৰে এক কাৰণ থাকে, কোনো এক লক্ষ্য থাকে ।“ তাইৰ হতাশাৰ সময়বোৰক গতি দি তেওঁ কথাবোৰ বুজাই গৈছিল । মানুহজনে তাইৰ বিষয়ে কি জানে তাই নাজানে । তেওঁৰ আশ্ৰয়ত চহৰৰ এক উপকন্ঠ অঞ্চলত তাই নিজকে যাপন কৰি গৈছে ।এই নিৰ্বাসনৰ অন্ত ক’ত তাকো নাজানে তাই । তাই মানুহজনৰ আগত মুখ খোলা নাই , মানুহজনেও তাইক জোৰ কৰা নাই । একেখন চহৰতে তাইৰ উমলা ঘৰ । অথচ তাই নিজকে বিছিন্ন কৰি ৰাখিছে অচিন জগত এখনৰ শীতলতাত । দিনবোৰ পাৰ হৈ যায় । অজান সংশয়ত বুকু কঁপে তাইৰ । লগাৰিথিম, ভেক্টৰ এনালাইছিছ, মেকানিক্স নতুবা ইলেক্ট্ৰনিকচৰ সমীকৰণসমূহ এতিয়া নিৰৰ্থক তাইৰ জীৱনত । তাইৰ এতিয়া দৰকাৰ হৈছে ধৈৰ্যশীলতা, সহনশীলতা, প্ৰত্যাহবানমুখী মানসিকতাৰ সূত্ৰসমূহ ।
চকুপানীৰে সমস্যাৰ সমাধান নহয়, সেই কথা তাই বুজিও উঠিছে । এক লক্ষ্য স্থিৰ কৰা দৰকাৰ । অস্থিৰ মনটোক এক বিন্দুত স্থাপন কৰা দৰকাৰ । যোগাভ্যাসেৰে সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু ভাত বা ৰূটিৰ সমস্যা সমাধানৰ চিন্তাইও তাইক আমনি কৰে । পেটত ভোকৰ জ্বালা, বুকুত প্ৰতিশোধৰ জ্বালা । অত্যন্ত ব্যস্ত হৈ থকা মানুহজনে কামৰ ফাঁকে ফাঁকে কুণ্ডলিনী নামৰ অৰ্থ ভাঙিছিল ।
“তোৰ চকুত সিদিনা জ্বলন্ত অগ্নিকুণ্ড । তোৰ বুকুত সিদিনা অফুৰন্ত শক্তি । যেন কুণ্ডলিনীৰহে প্ৰতিৰূপ ।“, মানুহজনে কৈছিল তাইক ।
“কুণ্ডলিনী মানে ?”, তাই সুধিছিল মানুহজনক ।
“মা দূৰ্গাৰ অন্য এটা নাম কুণ্ডলিনী”, মানুহজনে তাইৰ আগত কুণ্ডলিনীৰ ভেদ ভাঙিছিল ।
দূৰ্গা দূৰ্গা দূৰ্গা । দূৰ্গা মাৰ লগত ৰিজালে তাইক । সেই পৰম শক্তিৰ গৰাকী । সেই দেৱী যাৰ হাতত অপশক্তিৰ নিধন হৈছিল, সেই দেৱীৰ লগত ৰিজালে তাইক । তাইৰ ওপৰত এজন অচিনাকী মানুহৰ ইমান বিশ্বাস । তাইৰ বিধ্বস্ত চেহেৰা, তাইৰ বিধ্বংসী মন, তাইৰ সৰ্বস্বান্তা খোজ – কি আছিল তাইৰ মাজত নিজলৈ বুলি ? আছিল তাইৰ । বুকুত এক দগমগীয়া জুই । প্ৰতিশোধৰ জুই ।প্ৰতিশোধৰ জুই আছিল সেইখিনি অপশক্তিৰ বিৰুদ্ধে, যিয়ে তাইৰ দৰে অলেখ নিষ্পাপৰ আত্মবিশ্বাস হেৰুৱাত ইন্ধন যোগাইছে ।
“কি ভুল আছিল মোৰ সাহিত্য ? তোমাৰ শূন্যতা পূৰাবলৈ যাওতে তুমি মোক পৃথিৱীৰ সন্মুখত উদং কৰি দিলা । তোমাৰ টুলবুলীয়া ৰঙা চকুহালৰ আঁৰৰ কাহিনী বিচাৰি বয়জ হোষ্টেলৰ তোমাৰ ৰূম ওলাইছিলোগৈ । উসঃ! উৎকট গোন্ধ আৰু ধোঁৱাৰ সংমিশ্ৰিত ৰূপৰ মাজতে ৰুদ্ধ কক্ষৰ কম্পিউটাৰ স্ক্ৰীণত জিলিকি আছিল নিষিদ্ধ ছবি । চূড়ান্ত অবক্ষয়ৰ সেইটো পৰিবেশত আচলতে তোমাক এৰি অহাটোৱেই বুদ্ধিমানৰ কাম আছিল নহয়নে ? মইও যে কি ? তোমাৰ দায়িত্ব লৈ মহীয়ান হ’ব বিচাৰিছিলো নেকি ? ড্ৰাগচৰ পুৰীয়াকেইটা লৈ মই মোৰ ৱাৰ্ডেন বাইদেউৰ ওচৰ পাইছিলোহি । তোমাক অপমান কৰাৰ লক্ষ্যত নে ? নাই নাই । তাতেই তুমি ভুল বুজিলা । মোৰ লক্ষ্য আচলতে সেইটো নাছিল । মোৰ লক্ষ্য আছিল কক্ষচ্যুত পথৰ পৰা তোমাক কক্ষপথলৈ অনাটোহে । ভুল হয়তো মোৰেই আছিল নহয়নে সাহিত্য ? তোমাৰ জীৱনৰ নক্সা সলনি কৰিবলৈ ময়েইবা তোমাৰ কোনটো আসনত অধিস্থিত আছিলো ?”
এতিয়া এনেকুৱা অসংখ্য সমাধানবিহীন প্ৰশ্নৰে নিজকে থকাসৰকা কৰে তাই । জীৱনৰ বাটত জীৱনৰ ৰসেৰে বলীয়া হৈ পৰা উনৈশবছৰীয়া ছোৱালীজনীৰ সন্মুখত কোনো ঋনাত্মক কথায়েই টিকি থাকিব পৰা নাছিল । অদম্য উৎসাহেৰে ঈশানী ড্ৰাগচবিৰোধী অভিযানত নামি পৰিছিল ।
তৰোৱালৰ দৰে ধাৰাল সমীৰণ এছাটিয়ে বিন্ধি গ’ল তাইক । বিন্ধি গ’ল তাইৰ বৰ্তমান সত্তা । মানুহজনে তাইক বুজাইছে, “অস্ত্ৰ শস্ত্ৰৰে বলীয়ান নোহোৱাকৈ যুদ্ধত নমাটোৱেই অবুদ্ধিমানৰ কাম । তোক অস্ত্ৰৰ যোগান ধৰাটো মোৰ দায়িত্ব । তই মাথোঁ শান্ত হ’, ক্ষান্ত হ’ ।“
অস্থিৰ মুহূৰ্তবোৰত এক আশ্ৰমসদৃশ পৰিবেশত তাই ঘন্টাৰ পাছত ঘন্টা ধৰি ধ্যানস্থ হৈ ৰয় । নিজকে যোগিনী সাজে । এই যেন একসাজ পৰিধান কৰি হিমালয়ৰ শুভ্ৰ বুকুত আশ্ৰয় লবগৈ ।তাই জানে, জীৱনৰ সেইচোৱা বাটও সত্য, যদিওবা সেয়া তাইৰ লক্ষ্য নহয় ।
“কুণ্ডলিনী, কাইলৈৰ পৰা তোক প্ৰশিক্ষণ দিবলৈ মানুহ এজন আহিব ।“
তাই প্ৰশ্নবোধক চাৱনিৰে চাইছিল মানুহজনলৈ । কি কৰিব বিচাৰিছে মানুহজনে ? মানুহজনৰ দুচকুত আস্থাৰ বতৰা । তাইৰ দেউতাকলৈ মনত পৰিল । অলপ খং, অলপ অভিমান, ভুল বুজাবুজিখিনি সামৰিব নোৱাৰি তাই ওলাই আহিছিল পদপথলৈ । মাক আছিল শৰ্য্যাগত । দুচকু মুদি কিবা ভাবিলে তাই ।

“মই ঘৰলৈ যামগৈ”, তাই মানুহজনৰ আগত ব্যক্ত কৰিলে ।

মানুহজন চক খাই উঠিল । তাইৰ মনৰ উত্থান পতনবোৰত তেওঁ জোকাৰ খাই উঠিল । লক্ষ্যৰ খুঁটাহালিত বান্ধি থ’ব পাৰিবনে এইহালি এৰাল চিগা দৃষ্টিক । তাইৰ গভীৰ দৃষ্টিত তেতিয়া পৰম স্থিৰতা । লক্ষ্য নিৰ্ধাৰণৰ স্থিৰতা । মোহভংগৰ নহয়, মোহাছ্ন্ন জীৱনৰ স্থিৰতা ।

দ্বিবিংশ খণ্ড : কুণ্ডলিনী
————————
“দুৰ্গাৰ আন নাম কুণ্ডলিনী । দশভুজা তেওঁ । দহোখন হাতেৰে দুষ্টক দমন কৰি সন্তক স্থাপন কৰিছিল তেওঁ ।কুণ্ডলিনী তয়ো সেই দুৰ্গামাতৃৰ দৰেই ত্ৰিনয়নী হ’ব লাগিব” ।

“কেনেকৈ ?”, তাই ভেৱা লাগি চাই ৰৈছিল ।

“তোৰ সপোনৰ বাটত তোৰ দিঠকৰ বন্তিৰে জ্ঞানৰ পোহৰ বিলাব লাগিব কুণ্ডলিনী । সপোন-দিঠক-জ্ঞান কোনোটোকেই দৃষ্টিৰ আঁৰ কৰিব নোৱাৰিবি তই । তোৰ অযুত সপোনক বাস্তৱ ৰূপ দিবলৈ তই নিশ্চিত ভাৱে উচিত কাৰ্য ৰূপায়ন কৰিব লাগিব আৰু তাৰ বাবে তোক দৰকাৰ হ’ব অলেখ জ্ঞান ।“
হয় । মানুহজনে ঠিকেই কৈছে । জ্ঞানৰ পোহৰৰ সন্ধান নকৰাকৈ আচলতে সপোন নতুবা বাস্তৱৰ কোনোটোৱেই তাল মিলাবলৈ নাহে ।
দুৰ্গা ত্ৰিনয়নী । বাওঁচকুত জিলিকে আশাৰ জোন, সোঁচকুত সূৰ্যৰ তিৰবিৰণি আৰু কপালত তিলক পিন্ধি বহি থাকে জ্ঞানৰ চাকি ।
কলেজৰ চাৰি দেৱালত হেৰুৱাই থৈ অহা আশাখিনি লাহে লাহে গজালি মেলিবলৈ ধৰিছিল তাইৰ । জোলোঙাত চন্দ্ৰমাৰ দৰে একলা একলাকৈ বাঢ়ি আহিছিল আশাৰ সোপান । আশাবোৰে পুনৰবাৰ এদৃষ্টিৰ পৰা ইদৃষ্টিলৈ হাত মেলিছিল । সপোনবোৰক দিঠকৰ ৰূপ দিবলৈ মন বান্ধিছিল তাই ।
মানুহজনৰ নিৰ্জন দ্বীপৰ পৰা নিজৰ ঘৰলৈ ওভটিছিল তাই । নিজৰ ঘৰত অতিথিৰ দৰে চাহ ভাতৰ যোগান ঠিকেই পাইছিল তাই , পোৱা নাছিল দুৰ্বল মুহূৰ্তবোৰত এষাৰি মৰমৰ মাত । মাক-দেউতাকৰ নিৰাপদ ছাতিটোকে আশ্ৰয় হিচাপে মানি লৈ তাই স্কুটিখন লৈ প্ৰায়ে মানুহজনৰ ঘৰ ওলাইছিলগৈ ।
মানুহজনেও বুজাইছিল তাইক, নিজৰ ঘৰতকৈ নিৰাপদ আশ্ৰয় আচলতে একোৱেই হ’ব নোৱাৰে । মানুহজনৰ কথাবোৰে তাইৰ মনত সাঁচ বহুৱাই যায় । কোনে যে কৈছিল, সকলোবোৰ দুৱাৰ বন্ধ হৈ গ’লেও এখন দুৱাৰ অজানিতে খোল খাই যায়, যিখন দুৱাৰেৰে সোমাই আহে আশাৰ সহস্ৰবিন্দু কিৰণ । তেজ মঙহৰ সম্বন্ধ নোহোৱা এই মানুহজন তাইৰ বাবে সেইখন খোলা দুৱাৰ, যিজনে তাইৰ অ’ত ত’ত খুন্দা খাই বাট বিচাৰি ফুৰা অস্থিৰ মনটোক এটা দিশত গতি কৰাবলৈ উঠি পৰি লাগিছে ।
ঔম-ধ্বনিৰে দুৰ্গামাতৃয়ে পৰমেশ্বৰৰ লগত কথা পাতে ।সেই ঔম-ধ্বনিৰ মাহাত্ম্য তাই পাইছে । যোগ সাধনাত পদ্ম আসন লোৱাৰ পাছতে বহিঃজগতৰ লগত তাইৰ যোগাযোগ বিছিন্ন হৈ পৰে । কপহুৱা মনটি তেতিয়া এন্ধাৰ সুৰংগৰ পৰা পোহৰৰ সুৰংগলৈ গতি কৰে ।
“বোধত্বপ্ৰাপ্তি । হয় । বোধত্বপ্ৰাপ্তি । এনে এক অস্থিৰ মুহূৰ্ততে হয়তো ভগৱান বুদ্ধই নিজকে বিচাৰি পাইছিল । অসীম শক্তি এই ধ্যানৰ । কিন্তু কুণ্ডলিনী তই পাহৰি নাযাবি তোৰ লক্ষ্য । তই মাথো এই পথেৰে খোজহে লৈছ, এয়া তোৰ লক্ষ্য নহয় । তোৰ লক্ষ্য হৈছে কুণ্ডলিনীৰ লক্ষ্য । অধৰ্ম দমন ।”
অধৰ্ম দমন ?
কেনেকৈ বুজায় মানুহজনক তাই, কলেজৰ সেই দিনবোৰতো অধৰ্ম দমনৰ লক্ষ্যই বুকুত তগবগীয়া ঘোঁৰাৰ দৰে দৌৰিছিল । লক্ষ্য ভুল নাছিল তেতিয়াও , ভুল আছিল পথ সন্ধানৰ । উচতোৱা মানুহৰ অভাৱ নাছিল তেতিয়া , অভাৱ আছিল পথ দেখুওৱা মানুহৰ ।
সাহিত্যক বুজাইছিল তাই, “সাহিত্যদা, এয়া শুদ্ধ পথ নহয় । ড্ৰাগচৰ এই ক্ষন্তেকীযা নিচাত তোমাৰ জীৱন বিপন্ন । ঘূৰি আহা সেই মিছা নিচাৰ পৰা ।“
মুহূৰ্ততে খঙাল হৈ পৰিছিল লৰাটো । মুহূৰ্ততে শিশু এটিৰ দৰেই উচুপি উঠিছিল । চকুত জীৱনৰ অসাৰতাৰ ছবি আঁকি থমথমকৈ বহি থাকে কোনোবা উদাস দুপৰত ।
প্ৰিন্সিপাল ছাৰৰ কাণত পৰিছিল কথাবোৰ । হোষ্টেলবোৰত তালাচী লোৱা হৈছিল । সৰু সৰু বগা ৰঙৰ পেকেটবোৰ নি জ্বলাই দিয়া হৈছিল । বাহিৰৰ কোনো চক্ৰই উমান লব নোৱাৰাকৈ কামবোৰ মনে মনে কৰা হৈছিল । কলেজৰ বদনাম নতুবা দুষ্ট চক্ৰৰ আক্ৰোশৰ বলি -কোনোটোৰেই দায়িত্ব লব পৰাকৈ কলেজ কৰ্তৃপক্ষ হয়তো সাহসী নাছিল । তাৰ মাজতে ড্ৰাগচ উচ্ছেদ অভিযানৰ মূল নায়িকা হৈ পৰিছিল ঈশানী । তাইৰ নেতৃত্বত চহৰৰ গলি কঁপাই ইমূৰৰ পৰা সিমূৰলৈ চলিছিল ড্ৰাগচবিৰোধী শোভাযাত্ৰা ।
কেবাখনো লেহন জিভাৰ লেলাৱটিৰ মাজত ঈশানীৰ নামটো ৰৈ গ’ল সিদিনা । ওখ-লাহী-পাহী ছোৱালীজনীৰ নেতৃত্বত আগুৱাই নিয়া শোভাযাত্ৰাটো সংবাদ মাধ্যমে বাৰুকৈয়ে সামৰি লৈছিল । সিদিনা শোভাযাত্ৰাৰ বেনাৰতকৈ আচলতে তাইকহে লক্ষ্য কৰি লোৱা হৈছিল নেকি বুলি নিজকে প্ৰশ্ন কৰে তাই । হয়তো ড্ৰাগচ-মাফিযাৰ মাজতো তাইৰ উদাত্ত কন্ঠ ৰোধ কৰাৰ পৰিকল্পনা চলিছিল সিদিনা ।
সাহিত্যৰ প্ৰেমৰ মেৰপাশত বন্দী হৈছিল গভীৰভাৱে । মৰমৰ দাবীৰে নে মৰমৰ ছলনাৰে দুয়ো দুয়োৰ অতি ঘনিষ্ঠ হৈ পৰিছিল । অভিমন্যুৰ চক্ৰবেহুত ভৰি দিয়াৰ সেয়া বাৰু দ্বিতীয় খোজ আছিল নেকি ? মনটো আৰু বুজাব নোৱাৰিলে তাই । ভিতৰৰ পৰা দুৰ্বলচিতীযা ঈশানীজনী ওলাই আহি ন-ৰূপৰ কুণ্ডলিনীজনীক তিৰস্কাৰেৰে থকা সৰকা কৰিলে ।
বজ্ৰাসন ধ্যানমুদ্ৰাত বহিছিলহে তাই, ভিতৰৰ পৰা গুজৰি গুমৰি অহা এছাটি ধুমুহাই তাইৰ সৰ্বশৰীৰ কঁপাই তুলিলে । চৌপাশ ফাটি যোৱা সেই অট্টহাস্যই তাইৰ কাণ তাল মাৰি ধৰিলে । উকা উকা বুকুখন শিলত আছাৰি আছাৰি ভাগৰি পৰিল । কিয় তাই ইমান নিৰ্বোধ আছিল ? কিয় তাই পৰিধিৰ বাহিৰলৈ ভৰি মেলিছিল ? নিজকে নিজে ক্ষমা কৰিব নোৱাৰি তাই উচুপি থাকিল বহুপৰ । মানুহজনে আহি তাইৰ কান্ধত কঠোৰ হাতখন থোৱালৈকে তাই তেনেকৈয়ে থাকিল ।

ত্ৰয়োবিংশ খণ্ড: কুণ্ডলিনী
————————
স্কুটিখন গেটৰ ভিতৰলৈ সোমাৱাই গেটখন বন্ধ কৰি তাই কলিংবেলত হাত দিয়েই তাই আচৰিত হৈ পৰিল । দেখিলে, ড্ৰয়িংৰূমত সমুদ্ৰ বহি আছে । সমুদ্ৰ মানে যাৰ স’তে তাইৰ আছিল একালৰ গভীৰ বন্ধুত্ব, যি বন্ধুৱে তাইলৈ মেলি দিলেহেঁতেন দুখৰ দুখনি হাত, সেই সমুদ্ৰ তাইৰ ঘৰৰ চৰাঘৰত বহি আছে । ইমানদিনৰ মূৰত তাক দেখি তাই বৰ আচৰিত হ’ল । সি তাইৰ ঘৰ কেনেকৈ চিনি পালে বুলিও প্ৰশ্ন এটা মনৰ মাজেৰে সৰকি গ’ল ।অতদিনৰ বিৰতিৰ মূৰত একালৰ অভিন্ন বন্ধুৰ উপস্থিতিয়ে তাইক স্মৃতিৰ বেলেগ এখন জগতলৈ লৈ গ’ল । সেই কলেজ কেম্পাচত শাৰী শাৰী নিমগছৰ মাজেৰে দুয়োৰে ৰূপালী খোজ । জীৱনৰ বাটত সোণপানী ছটিওৱাৰ আখৰা । কলেজত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি সেই আখৰা অন্বেষা নামৰ মানসিক সুস্থিৰতা হেৰুওৱা ছোৱালীজনীলৈকে শিপাইছিল । অন্বেষাবাৰ ঘটনাটোৱে সমুদ্ৰক জীৱনৰ প্ৰতি দায়বদ্ধ কৰি তুলিছিল । এক কৰুণ দুৰ্ঘটনাত ভৰি হেৰু্ৱাই হুইল চেয়াৰৰ ওপৰতে বিস্তীৰ্ণা নামৰ ছোৱালীজনীৰ জীৱনৰ সুৰ ৰচাৰ প্ৰচেষ্টাই তাক তাইৰ প্ৰতি আকৃষ্ট কৰি তুলিছিল । সি তাইৰ কাষত থিয় হৈছিলগৈ । বিপৰীতে হেৰুৱাইছিল এটা শিক্ষাবৰ্ষ । সেইটো লৈ তাৰ আক্ষেপ নাছিল । ইমান কম বয়সতে যে সৰুফুটীয়া লৰাটোৰ বিবেচনাবোৰ ইমান শুদ্ধ আছিল, ঈশানীয়ে পিছলৈহে অনুভৱ কৰিবলৈ লৈছিল । কলেজ এৰি ঈশানীৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ পাছতো সি তাইৰ মনৰ পৰিধিৰ অতি নিকটৱৰ্তী স্থানত অতি নিগাজীকৈ ৰৈ গৈছিল । তাৰ বিষয়ে তাই সিমানখিনিয়েই জানিছিল যে চেন্নাইৰ কোনোবা এখন মেডিকেল কলেজত সি বিস্তীৰ্ণাৰ সতে অধ্যয়ণৰত ।
“হঠাতে তই আহি ওলালি যে !”, কোনোমতে সহজ হবলৈ তাই চেষ্টা কৰি ক’লে ।
“কিয় মই আহি ওলোৱাত তই বেয়া পালি নেকি ?”, সিও উভতি ধৰিলে তাইক ।
একেই আছে সি । একেই আছে । আজি চাৰি পাঁচ বছৰৰ পাছতো সি একেই আছে । কথাবোৰ পকাই ধৰি উল্লসিত হয় সি । তাইহে একাকীত্বৰ জুপুৰিটোত মনৰ আশ্ৰম সাজি লৈছে । মন গলেই উচুপে । হাঁহে । জীৱনৰ সাধনাত একাত্ম হয় । আশাবোৰৰ সতে ওমলে । হেঁপাহবোৰ আহ্বান কৰে, আহবান কৰি বিদায় দিয়ে আৰু কত যে কি নকৰে ! অস্থিৰতা দমনৰ পাঠ শিকিছে এই একাকীত্বৰ জুপুৰিটোতে । ঘৰৰ একোণৰ ৰ’দকণো সোমাব নোৱাৰা কোঠালিটোৰ এজনীয়া বিছনাখনত শুই শুই পকী বেৰখনলৈ চাই তাই কথাবোৰ ভাবি থাকে । বেৰখনত কথাবোৰ আঁকি শেষ হোৱাৰ পাছত তাই বাগৰ সলাই তলমুৱাকৈ সংশয়তাৰ নখ কামোৰে ।
সপোনবোৰ সলনি হৈছে । এলপি স্কুলৰ সৰহ নম্বৰৰ মাৰ্কশ্বিটখনৰ সপোনবোৰে কলেজত দুহাত প্ৰসাৰী ঢাপলি মেলিছিল প্ৰজেক্ট, চাকৰি, প্ৰতিযোগিতাসমূহ নতুবা ছাত্ৰ একতা সভাৰ বাবসমূহলৈ । সন্মুখৰ জীৱনটো উদযাপনত ব্যস্ত থাকোতে কেতিয়া যে এদেও দুদেওকৈ তলি উদং হৈছিল তাই তৰ্কিবই নোৱাৰিলে ।
নিৰূদ্বেগ নিৰুত্তাপ চিত্তেৰে তাই সমুদ্ৰলৈ চাই ৰল ।
“কি হ’ল ভেৱা লাগি চাই থাকিলি যে ।যা ফ্ৰেচ হৈ আহ । অলপ ওলাই যাওঁ ।“, সমুদ্ৰই মাত দিলে ।
ঠিকেই । তাই ফ্ৰেচ হোৱাটো দৰকাৰ ।কঠোৰ যোগসাধনাৰ পাছত তাইৰ বাবে মানুহজনে আছুটীয়াকৈ আৰম্ভ কৰা মাৰ্শ্বাল আৰ্টৰ অ আ ক খৰ প্ৰশিক্ষণ সামৰি এইমাত্ৰ তাই ঘৰ পাইছেহি । “তই শাৰিৰীক ভাবেও আত্মবিশ্বাসী হ’ব পাৰিব লাগিব । সপোনৰ ৰাস্তাত দৌৰিবলৈ হ’লে বাস্তবৰ কঠিন ৰাস্তাটোত খোজ দিবলৈ শিকিব লাগিব “, মানুহজনৰ ভাষ্য আছিল সেয়া । তাই নিৰ্বিবাদে মানি লৈছিল সেই কথা । মনটোৰ গতি অতি খৰ তাইৰ । অন্তত ড্ৰাগচত আসক্ত সেই দলটোতকৈ তাইৰ মনৰ পৰিধি বহুত বিশাল । অলপ যদি ব্যৱধান আছিল সেয়া আছিল তাইৰ শাৰিৰীক বৈসামতা । সেই বৈসামতা দূৰ কৰাৰ পণ লৈছে তাই । অকলে খোজ দিবলৈ আচলতে বহুত ক্ষেত্ৰতেই আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিব লাগিব ।
পিতৃসম মানুহজন তাইৰ পথপ্ৰদৰ্শক হৈ পৰিছে । তথাপি ভাত ৰুটিৰ চিন্তাটোৱে তাইক অহৰহ আমনি কৰি থাকে । এইদৰে আৰু কিমানদিনলৈ ? কিমানদিনলৈ ? আমনিৰ সময়বোৰ তাই কাৰো সতে ভাগবতৰা কৰিব নোৱাৰি আঁঠুত মুখ গুজি নিসহায়তাৰে দীঘল বাটটো চাই ৰয় । কিমান বাট ? লক্ষ্য পাবলৈ আৰু কিমান বাট ?
ফ্ৰেচ হৈ তাই সমুদ্ৰৰ ওচৰত ঠিয় হ’লহি। তাৰ পাছত দুয়োটা ওলাই আহিল ।
“তোৰ ফোন নম্বৰটো দিবি মোক”, সন্মুখৰ নদীখনৰ পাৰৰ বালিচৰত বহি সমুদ্ৰই কৈ উঠিল ।
নদীখনলৈ চাই আছিল তাইও । ক’ৰবাৰ পৰা বতাহত ভাঁহি অহা ঐনিতমৰ সুৰটোৱে তাইৰ মনটো আকৌ এবাৰৰ বাবে উৰুঙা কৰি তুলিছিল । দূৰৈত এখন নাও । নাওখন দেখি তাইৰ মাজুলীলৈ মনত পৰিল । সৰুতে এনেকুৱা এখন নাঁৱত উঠি তাই মাক-দেউতাকৰ আঙুলিত ধৰি মাজুলীৰ সত্ৰত সত্ৰীয়া নৃত্য পৰিবেশন কৰিবলৈ গৈছিল । সেই নৃত্যই মন মোহিছিল মাজুলীবাসীৰ । জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ পাইছিল জেষ্ঠ্যজনৰ ।
ক’ৰ পৰা যে ক’লৈ গুচি যায় তাই । সমুদ্ৰই উত্তৰৰ আশাত তাইলৈ তেতিয়াও চাই আছিল ।
“হা কি সুধিছিলি তই ?”, তাই পুনৰাই সুধিব লগা হ’ল ।
“তোৰ ফোন নম্বৰ ।“
“ফোন নম্বৰ ? অ’ । মোৰ ফোন নাই”
“ফোন নাই তোৰ ?”, আচৰিত হোৱাৰ পাল তাৰ । আজিৰ দিনত ঈশানীৰ দৰে ছোৱালীৰ হাতত ফোন নাই, সেইটো তাৰ কল্পনাৰো অগোচৰ ।
“ফোন নাই মোৰ । ফোনত নিজৰ সতে কথা পতা নাযায় সমুদ্ৰ । কেতিয়াবা নিজৰ নম্বৰটো ডায়েল কৰি চাবিচোন সমুদ্ৰ। কি আচৰিত নহয়নে সমুদ্ৰ ? নিজৰ সতে কথা পতাৰ সুবিধাকণ কৰি দিব নোৱাৰে ফোনটোৱে । অথচ বিজ্ঞান কিমান আগবাঢ়িছে চা সমুদ্ৰ ।“
দাৰ্শনিকৰ দৰে তাই কৈ উঠিছিল । তাক একোকে কবলৈ সুযোগ নিদি পুনৰবাৰ তাই কৈ উঠিল, “বিশ্বব্ৰক্ষাণ্ডৰ ভিতৰত আটাইতকৈ কঠিন সৃষ্টি কি জাননে তই ? মানুহৰ মনটো । বিজ্ঞানৰ অলেখ প্ৰচেষ্টাকো যি বুঢ়া আঙুলি দেখুবাই আহিছে । “
“বাপৰে ! তোক ফোন নম্বৰৰ কথাহে সুধিছিলো । তই এইবোৰ কি গাই আছ ।“, সমুদ্ৰ আচৰিত হৈছিল ।
“ অ ফোন নাই মোৰ । নাই কাৰণেই মই নিজৰ সতে কটাব পাৰিছো । নহ’লে কোনে জানে মই নিজেও যে হেৰাই যাম যান্ত্ৰিকতাৰ কোৰ্হালত ।“, কওঁ নকওঁকৈ নকলে তাই ফোন নামৰ যন্ত্ৰটোৱে কঢ়িয়াই অনা কালনিশাটোৰ কথা ।
সমুদ্ৰৰ অস্বস্তি লাগিছিল ।এইজনী সেই ঈশানী নহয় । নহয় সেই ঈশানী , যিজনীক সি লগ পাইছিল । এইজনী বেলেগ আৱৰণেৰে আবৃত বেলেগ এজনী ঈশানী । যিজনী ঈশানীয়ে নিজৰ কথা নভবাকৈ তাৰ লগত ৰাতি এপৰলৈকে জ্ঞান-বিজ্ঞানৰ আলোচনাত সময় কটাই দিছিল, সেই ধনাত্মকতা নাই এই ঈশানীৰ কথাত । জীৱনে কি শিক্ষা দিলে এই ছোৱালীজনীক ? ইমানেই তিতা আছিল নে তাৰ সোৱাদ ? নাই নাই, একোকে বুজিব পৰা নাই সি । একোকে ধৰিব পৰা নাই । আঁতবোৰ কৰবাত হেৰাই গৈছে ।
“ এই ঈশানী । এই ছোৱালীজনী । কচোন এনেবোৰ কথা কিয় কৈ আছ তই ? কচোন এনে আচৰণৰ কাৰণ কি । মোক ক’ এবাৰলৈ “ ।
বৰ সকাহ পালে তাই । ভগবানক ধন্যবাদ । সমুদ্ৰই একোকে নাজানে । সি সেইজনী ঈশানীকহে বিচাৰি আহিছে, যিজনীক সি কলেজৰ সেই কেঁকুৰিটোত বিদায় জনাই গৈছিল । ঈশানীৰ অলেখ শুভকামনাৰে সি বিস্তীৰ্ণাৰ কাষলৈ প্ৰতিশ্ৰুতিৰ ডাঙৰি কঢ়িয়াই নিছিল ।সেইজনীহে তাই আছিল । জীৱনৰ ৰঙেৰে ৰঙীন মনৰ মাজত ঋণাত্মকতাৰ তিলমানো ঠাই আছিল নে ? নাছিল । নাছিল । তাই কেনেকৈ কয় সমুদ্ৰক যে সেইজনী ঈশানীক যে অতদিনে তাইও বিচাৰি ফুৰিছে । জীৱনটো কেইবছৰমান পিছুৱাই নিব পৰা হ’লে । বুকুৰ মাজত এটি সৰু ধৰফৰণি এঙামুৰি মাৰি বহিল । সমুদ্ৰৰ অলক্ষিতে সেই ধৰফৰণিটো তাই জাপি থলে ।
সন্ধ্যা নিয়ন লাইটৰ পোহৰত নৈখনৰ পানীখিনিত সোণ চৰিছিল । বিষাদৰ বা’ এছাটিয়ে তাইক চুই যায় ।
“সমুদ্ৰ, মোৰ কি মন যায় জান ?”
“কি মন যায় ঈশানী ?”
“ মন যায় মোৰ সমাজে বেয়া পোৱা কামবোৰ কৰি সঁচাসঁচিকৈ বেয়া ছোৱালী হৈ যাম মই । নিজে ভুল বুলি নভবা কামবোৰে সমাজত যেতিয়া বেয়া নাম পায়, তেতিয়াই অন্তৰ্দ্বন্দত ভূগো । ভাল-বেয়াৰ সংজ্ঞা বিচাৰি হাঁহাকাৰ কৰি মৰো । এই যে বস্তিত এমুঠি চাউলৰ বাবে শৰীৰটো ৰাতিৰ বাবে বন্ধকত দিয়া চামেলীজনী আৰু প্ৰমোচনৰ আশাত বৰমূৰীযাৰ কোঠাত ৰাতিটো কটোৱা ভদ্ৰাজনী – কোনটো জীৱনৰ কঠিন সত্য সমুদ্ৰ ?”
“ঐ ছোৱালী , কি হৈছে তোৰ কচোন । কিয় এনেকুৱা কথাবোৰ কৈ আছ অথনিৰে পৰা । চিধাচিধিকৈ ক’ তই, সাহিত্যই কিবা ক’লে তোক ? তাৰ লগত সম্পৰ্ক নাই নেকি তোৰ ? কিহৰ বাবে তোৰ ইমান ডিপ্ৰেছন হা ? ক’ত গ’ল সেই ৰাংঢালী ঈশানীজনী ”, অলপ উষ্মাৰে সি কৈ উঠিল ।
“তাই মৰিল সমুদ্ৰ । আচলতে সিদিনাই তাই মৰিছিল, যিদিনা তাই সাহিত্যৰ ছলনা বুজিব নোৱাৰি এপদ এপদকৈ নিজস্বতাবোৰ বিক্ৰী কৰিছিল ।“
“এপদ এপদকৈ নিজস্বতা ? তই বহুদূৰ আগবাঢ়ি গৈছিলি নেকি ঈশানী ?মোক কচোন তই । কোনেও নুবুজিলেও মই বুজিম তোক । মই আছো তোৰ লগত । তই যদি কিবা ভুল কৰিলি, শুদ্ধপথ বিচৰাৰ দায়িত্ব মোৰ । এটা কথা মনত ৰাখিবি ঈশানী, তোৰ আৰু মোৰ মাজত একো স্বাৰ্থৰ সম্পৰ্ক নাই । প্ৰেমৰ সম্পৰ্কৰ মাজতো যদি নিৰ্ভৰশীলতাৰ স্বাৰ্থ আছে, বন্ধুত্বৰ মাজত সেইকণ স্বাৰ্থও নাথাকে । তোৰ খবৰ লবলৈ বহুতদিন হোষ্টেললৈ ফোন কৰিছিলো, কিন্তু প্ৰতিবাৰেই নিৰাশ হৈছিলো । ভাবিছিলো, কেৰিয়াৰৰ পিছত দৌৰোতে দৌৰোতে তই মোক পাহৰিলি বুলি ।শেষত ভাবিছিলো অসমলৈ আহোতে তোৰ ঘৰৰ ঠিকনাত এবাৰ তোক বিচাৰি চাম বুলি ।“
বহুদেৰি কথাখিনি কৈ সমুদ্ৰ অলপ ৰ’ল । তাৰ পাছত ক’লে, “বল কিবা এটা খাই লওঁ । তোৰ চাগৈ ভোকেই লাগিছে ।“
“অন্বেষাবাৰ কথা মনত আছেনে ঈশানী ?”, কাঁটা চামুচেৰে চাওমিনখিনি মুখলৈ নি সমুদ্ৰই হঠাতে সুধিলে তাইক ।
“অন্বেষাবা ?”
“ হয় অন্বেষাবা । আমি যে গুৱাহাটীলৈ যাওতে অন্বেষাবাৰ ঘৰত সোমাই আহিছিলো । অন্বেষাবা খুব ডিপ্ৰেছনত আছিল তেতিয়া ।
“অ’ মনত পৰিছে । কিয় উলিয়ালি অন্বেষাবাৰ কথা ? জাননেকি কেনে আছে তাই ?”
“কেনে আছে মানে ? খুব ভালে আছে তাই । সংবাদ মাধ্যমৰ এক নামজ্বলা ফটোগ্ৰাফাৰ তাই । মোৰ লগত যোগাযোগ আছে তাইৰ । তোৰ কথা কৈছিল মোক । তই যে সেইদিনা তাইৰ পুৰণি কেমেৰাটো হাতত তুলি গুচি আহিছিলি, সেই কেমেৰাটোৱে তাইক পথ দেখুৱালে ।“
“সঁচা ?”
তাইৰ ওঁঠেৰে এটা হাঁহি বিয়পি পৰিল । সৌ সিদিনাৰ যেন লগা কথাটো আজি চাৰি বছৰ পুৰণি হ’ল । পৃথিৱীখন আচলতে বহুত বেছি বেগত গৈ আছে । একপক্ষীয় বিফল প্ৰেমৰ প্ৰতিফলস্বৰূপে মানসিক সন্তুলন হেৰুৱাই পেলোৱা অন্বেষাবাৰ কাষত ঠিয় দিছিলগৈ সিঁহত দুটা । সেয়াও আজি কেবাবছৰ আগৰ কথা । এই কেইবছৰত তাইৰ মূৰত ওপৰেদি যিজাক ধুমুহা পাৰ হৈ গ’ল, সেই ধুমুহাজাকত তাই না মানসিকভাৱে সুস্থ হৈ থাকিল, না শাৰিৰীকভাৱে । আজিও তাইৰ মনৰ ভেঁটি সবল হোৱা নাই । চহৰত অকলে ঘূৰি ফুৰোতেও অজান শংকাই অহৰহ হেঁচুকি থাকে তাইক, কোনোবাই তাইৰ পিছ লৈছে নেকি বুলি ?
কাউন্টাৰত সমুদ্ৰই থোৱাৰ বিল পৰিশোধ কৰি থাকোতে তাই নিজৰ ফালে চাই বিদ্ৰুপৰ হাঁহি এটা মাৰিলে । কতজনলৈ কত প্ৰেৰণাৰ বাণী ছটিওৱা তাইজনী আজি নিঃস্ব হৈ বিধ্বস্ততাৰ সাগৰত ককবকাই আছে ।
ৰেষ্টুৰেন্টখনৰ পৰা ওলাই আহিল সিঁহত দুয়োটা । তাই মাত মাতিলে,
“জাননে সমুদ্ৰ, ব্ৰক্ষা্ণ্ডজোৰা মোৰ সাম্ৰাজ্যখনত ময়েই একছত্ৰী সম্ৰাজ্ঞী আছিলো । সেই সম্ৰাজ্ঞীৰ আসনখনৰ পৰা মই সাহিত্যক পূজিছিলো । সাহিত্য মানে মই ধুনীয়া ছবি অঁকা লৰাটো নতুবা শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ পোৱা লৰাটো বুলিয়ে ভাবিছিলো । মানুহৰ যে দুখন মুখ থাকে, সেই কথা মোৰ অনুমানৰ বাহিৰত আছিল সমুদ্ৰ । সাহিত্যই ড্ৰাগচত আসক্ত হোৱা কথাটোও মোক ইমান কষ্ট দিয়া নাছিল, যিমানখিনি কষ্ট হৈছিল তাৰ সৈতে কটোৱা সেই নিবিড় ক্ষণকেইটিৰ ভিডিও ক্লিপিং বজাৰত এৰি দিয়া কথাটোত ।“
“হোৱাট ? কি কৈছ তই ? কি ক’লি আকৌ এবাৰ ক’ মোক ?”, ৰাজপথত সমুদ্ৰ ৰৈ গ’ল । ঈশানীৰ শব্দকেইটাই তাক আগুৱাবলৈ নিদিলে ।
“শুনিবি পাৰিবি নে তই ? শুনিব পাৰিবিনে তই ? শুনাৰ পাছত মোক যন্ত্ৰণাখিনিৰ সতে এৰি তয়ো যদি পলাই যাৱ । তই মোৰ ওচৰত থাক’ বা নাথাক’ , সেই লৈ মোৰ আক্ষেপ নাই । কিন্তু মোৰ যন্ত্ৰণাখিনিক অপমানৰ দৃষ্টিৰে চালে মই বৰ কষ্ট পাম ।“
“ এই আঁকৰীজনী , চা মোলৈ । চকু পঢ়িবলৈ শিক এবাৰ । সাহিত্যৰ চকুত দেখা কিবা এক শতাংশও মোৰ চকুত দেখিছনেকি চাই ল’ নিজে । বিশ্বাস হ’লে চেয়াৰ কৰিবি । নকৰিলে নিজে বুকুত কঢ়িয়াই ফুৰিবি ।“
চকুলৈ চাইছিল তাই । নীলা গভীৰ চকু । সাহিত্যৰ শূন্যতাৰে ভৰা চকুযোৰৰ বিপৰীতে আশ্বাসৰ এক ভৰপূৰ চকু । বিশ্বাসৰ এক দাবীৰে সি তেতিযাও তাইলৈ চাই আছিল । বিস্তীৰ্ণা নামৰ মেডিকেল পঢ়ি থকা ছোৱালীজনীৰ প্ৰেমিক চকুযোৰত তেতিয়াও তিৰবিৰাই আছিল প্ৰতিশ্ৰুতিৰ বন্যা । এই প্ৰতিশ্ৰুতি জীৱনৰ সুৰ ৰচাৰ । এই প্ৰতিশ্ৰুতি ঈশানীৰ দৰে আৰ্তজনলৈ সহায়ৰ দুখনি হাত মেলি দিয়াৰ ।
চতুৰ্বিংশ খণ্ড : কুণ্ডলিনী
————————–
দুয়োটা খোজ কাঢ়ি কাঢ়ি জগাৰ্চ পাৰ্ক পাইছিলহি । বেঞ্চখনতে বহি ল’লে দুয়োটি ।
“ক’ৰ পৰা আৰম্ভ কৰোঁ সমুদ্ৰ ? এয়া যে এক ইতিহাস ! ইতিহাসৰ আৰম্ভণি আৰম্ভ থাকে নে সামৰণি থাকে ? ক’ব নোৱাৰাকৈয়ে কথাবোৰে গতি লৈছিল । জাননে সমুদ্ৰ, সাহিত্যৰ মাজত মই যে কি দেখা পাইছিলো । আচলতে সি ইমান অস্থিৰ আছিল, অথচ তাৰ সৃষ্টি আছিল ইমান সুন্দৰ, মই দুয়োটাৰে মাজত যোগসূত্ৰ বিচাৰি হায়ৰাণ হৈ পৰিছিলো ।

“ও তাৰপাছত ?”, সমুদ্ৰই মাত লগালে ।
“সাহিত্যৰ পঢ়াৰ ধাউতি নোহোৱা হ’ল । পৰীক্ষা বেয়া হৈছিল । মোৰ মৰমে তাক দায়িত্বশীল কৰি তোলা নাছিল । বৰ আচৰিত হৈছিলো । অদ্ভূত দুনীয়া এখনত বিচৰণ কৰি থাকে সি । বাহিৰৰ পৰা দেখাত কাৰো লগতে সংগ নাই তাৰ । কেৱল বাইন’কুলাৰটো লৈ নতুবা পেন্সিল ব্ৰাছ লৈ অৱসৰ সময় পাৰ কৰা মানুহ সি ।
এদিন জাননে , একো নজনাকৈয়ে তাৰ ৰূম পালোগৈ । উসঃ কি বিশৃংখল পৰিৱেশ ! ৰূমত অচিনাকী লৰা কেইজনমানৰ আবেষ্টনীৰ মাজত বহি থকা সাহিত্যৰ চকুৱে মুখে ধোঁৱা । বগা পাউডাৰৰ সৰু সৰু পেকেট পৰি আছিল বিছনাত । টুলটুলীয়া ৰঙা চকুহালেৰে সাহিত্যই খঙেৰেই নেকি মোলৈ একেথৰে চাই ৰৈছিল । সেই আবেলিটোৰ কথা মনত পৰিলে মোৰ এতিয়াও গা শিঁয়ৰি যায় সমুদ্ৰ । সেইদিনা হোষ্টেললৈ আহি খুব কান্দিলো মই । কেনেকৈ যে কি হৈ যায় ? ফুলপাহলৈ বুলি হাত মেলোতেই কালনাগ এটাই মেৰিয়াই ধৰিলে মোক ।“
“ওমম । তাৰ পিছত ?”, তাই ৰৈ দিলেই সমুদ্ৰই মাত মাতে ।
“চকুপানীৰে ধুঁৱলী কুঁৱলী হৈ মই ৱাৰ্ডেন বাইদেউৰ ওচৰ পাইছিলোগৈ । কথাবোৰ কৈছিলো ।হাতত তুলি দিছিলো মনে মনে লৈ অহা ড্ৰাগচৰ পেকেট এটা। “, তাই কৈ পেলালে ।
“তাৰ পাছত ?”
“ তাৰ পাছত ? বাইদেৱে বৰ ভয় খালে । মোক কৈছিল, ঈশানী তুমি এইবোৰৰ মাজত নোসোমাবা । তুমি সেই ৰাস্তাৰ পৰা আঁতৰি আহা । তোমাৰ কেৰিয়াৰৰ কথা আছে । ঘৰৰ একমাত্ৰ ছোৱালী তুমি ।
মই ক’লো, ‘সাহিত্যও ঘৰৰ একমাত্ৰ লৰা মেডাম । মই এই ৰাস্তাত ভৰি থ’লো যেতিয়া ঘুৰিব নোৱাৰিম ।‘ তলে তলে বহুতকেইটা সংস্থাৰ লগতে যোগাযোগ কৰিলো মই । ড্ৰাগচ –নিৰ্মূল সংস্থা । আমাৰ কলেজত এক অভিযান চলিল , আগভাগ ললো মই । সাহিত্যই কি ভাবিছিল নাজানো, তাৰ লগত আলোচনা নকৰাকৈয়ে মই মোৰ কাম চলাই গৈছিলো । হোষ্টেলবোৰত তালাচী চলিছিল । আমি এক শোভাযাত্ৰাৰে এই অভিযান সফল কৰি তুলিছিলো । বাতৰি কাকতত নিয়মীয়াকৈ ওলাইছিল । তই গম পোৱা নাছিলি নেকি সমুদ্ৰ ?
“নাই মই গম পোৱা নাছিলো । অসমৰ বাহিৰত অসমৰ কথাবোৰ বৰকৈ চৰ্চাত নাহে । আৰু তয়োতো একোকে জানিবলৈ দিয়া নাছিলি ।“, সমুদ্ৰই ক’লে ।
“ও । জানিবলৈ দিয়া নাছিলো । জানিবলৈ দিয়াহেঁতেননো তয়েইবা’ কি কৰিলি হয় ? মাহঁতৰ দৰেই তই মোক বাধা দিলিহেঁতেন । নতুবা নিজেই টেনচন লৈ থাকিলিহেঁতেন । তোক টেনচন দিবলৈ মোৰ সত নগ’ল । বিস্তীৰ্ণাৰ ওচৰত গভীৰ আত্মপ্ৰত্যয়েৰে ঠিয় দিছিলি মাথোঁ ।বাৰু যিয়েই নহওক কিয়, ড্ৰাগচ এৰি দিয়াৰ পাছতে সাহিত্যৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল । শাৰিৰীকভাৱেও লগতে মানসিকভাৱেও সি ভাগি পৰিছিল । অলপ কথাতে খং উঠে , অলপতে কান্দি দিয়ে, ক্লাছত মন দিব নোৱাৰা হ’ল সি । তাতোকৈ ডাঙৰ কথা, মাজে মাজে সি উশাহ লবলৈ কষ্ট পোৱা হ’ল । প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতি তাক ঘৰলৈ ঘূৰি যাবলৈ দিয়া হ’ল । মেডিকেল অবজাৰভেচনত ৰখা হ’ল । প্ৰায় তেনেকৈয়ে ছমাহমান গ’ল । সেই ছমাহত মই প্ৰতি দেওবাৰে তাৰ কাষত থিয় হৈছিলোগৈ । কোনোবাই যে কিবা কব, সেই কথা মোৰ মনলৈ অহা নাছিল । সৰু সুৰা বাধাবোৰো বাধা বুলি ভৱাই নাছিলো । সি সুস্থ হৈছিল । আকৌ ঘূৰি আহিছিল হোষ্টেললৈ । সেইদিনা যে মই ইমান আনন্দ পাইছিলো সমুদ্ৰ । অন্ততঃ এজনক মই অবাটৰ পৰা ঘূৰাই আনিছো বুলি ।
তাৰ পাছৰ কথাবোৰ বৰ পৰিকল্পিত সমুদ্ৰ । মোৰ হাজাৰ বিবেচনাৰ বিপৰীতে অবিবেচিত হিচাপে ঘোষিত কথা সেয়া । ঠিক কোনটো বিন্দুৰ পৰা জীৱনে মোৰ ফালে চাই কুটিল হাঁহি মাৰিছিল মই ক’ব নোৱাৰো । সহস্ৰজনৰ আশীৰ্বাদ মই হয়তো ঠিকেই পাইছিলো ।কাৰণ আমাৰ অভিযান সফল হৈছিল । কলেজ কেম্পাছত অচিনাকী মানুহৰ প্ৰবেশ নিষিদ্ধ কৰা হৈছিল । হোষ্টেলবোৰত কটকটীযা নিৰাপত্তা দিয়া হৈছিল ।ছাত্ৰ একতা সভাৰ অংশীদাৰ হিচাপে আমাৰ দাবী বহুখিনিয়েই আছিল, যিখিনি পূৰণ কৰিবলৈ কলেজ কৰ্তৃপক্ষও বাধ্য হৈ পৰিছিল ।“
বহুত পৰ কথা কৈ হাতৰ মণিবন্ধৰ ঘঁড়ীটোলৈ চালে ঈশানীয়ে । সন্ধ্যা কেতিয়াবাই ভাগিল । ৰাতি ন বাজিল । যাব লাগে ঘৰলৈ ।
“দেৰি হৈছে নহয় ঈশানী ? ব’ল তোক থৈ আহোগৈ । কাইলৈ লগ পাম । বহুত কথাই আধৰুৱা হৈ ৰ’ল । তোৰ কথাবোৰ মই জানিব লাগিব । তোৰ প্ৰতিটো আচৰণৰ হিচাপ মই লবলৈ নাপালে নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম । কিয় জাননে ? কাৰণ তোৰ পৰা মই শুদ্ধ উত্তৰ বিচাৰো । তোৰ দৰে শুদ্ধ মনৰ গৰাকী এজনীয়ে শুদ্ধ পথ বিচাৰি নাপালে মোৰেই কষ্ট হ’ব ঈশানী”, সমুদ্ৰই তাইৰ ফালে চাই লাহে লাহে এটা এটা শব্দ উচ্চাৰণ কৰিলে ।
সমুদ্ৰৰ পৰা বিদায় লৈ তাই নিজৰ ৰূমত সোমালেহি । তাইৰ অসংখ্য হুমুনিয়াহ ধৰি ৰখা তাইৰ ৰূমটো । চকুপানী আৰু বলিয়ালিৰ সাক্ষী তাইৰ ৰূমটো । বেৰকেইখনৰ স’তে কথা পাতিলে তাই । দীঘল আইনাখনৰ সন্মুখত থিয় হৈ আইনাৰ সিপাৰৰ জনীৰ লগত কথা পাতিলে । সুধিলে তাইক, “কোনখিনিলৈকে সমুদ্ৰৰ আগত নিজকে মেলিব পাৰি । মানুহক বিশ্বাস কৰিবলৈ টান দেখোন ।“
দাপোণৰ সন্মুখত সমুদ্ৰৰ অবয়বটো আনি তাই কথা পাতিলে সেই সত্তাৰ লগত পুনৰবাৰ,
“সমুদ্ৰ তই মোৰ অভিন্ন বন্ধু । তোৰ আগত সকলো খুলি দিয়া উচিত ।কিন্তু কি জাননে, সপ্তদৰ্শীও মোৰ অভিন্ন বান্ধবী আছিল । প্ৰান্তিকাও আছিল তেনে অভিন্ন বান্ধৱী। কিন্তু শেষ সময়ছোৱাত অতি নিৰ্মমতাৰে সপ্তদৰ্শীয়ে মোক কৈছিল বন্ধুত্বৰ অৱগ্ৰহস্বৰুপ সেই বাক্যষাৰি । সকলো জনাৰ পাছতো, সপ্তদৰ্শীয়ে মোক তাইৰ আশে পাশে নাথাকিবলৈ কৈছিল, তাইৰ কেৰিয়াৰৰ কথা আছে বুলি । মই হেনো নষ্ট যোৱা ছোৱালী । প্ৰান্তিকাই সোঁৱৰাইছিল মোক ।“
চকুপানী এটোপাল বিৰিঙিছিলহে মাথোঁ, আইনাৰ সিপাৰৰজনীয়ে উচপিচাই উঠিল,
“এই পাগলীজনী । চকুপানী নহয় । চকুপানী নহয় একেবাৰে । কুণ্ডলিনী হব লাগিব তই । তোৰ ওপৰত এতিয়াও আশা আছে তোৰ গুৰুৰ । তোৰ যোগগুৰু তেওঁ । অন্যায়ক ৰোধিব লাগিব তই ।“
চকুপানীখিনি মচি ল’লে ।
আইনাৰ সিপাৰৰ জনীয়ে তেতিয়াও তাইক বুজাই আছিল, ।
“তই সন্মুখীন হোৱা অজস্ৰ ঘাত-প্ৰতিঘাটবোৰেই তোক সাহস দিব কুণ্ডলিনী । আচ্ছা, তই কচোন, যুদ্ধক্ষেত্ৰত কোনজন সেনানীক আগুৱাই দিয়া হয়, আটাইতকৈ শক্তিশালীজনকেই নহয়নে ? তোৰ মাজতো সিমানখিনি শক্তি আছে বাবেই ভগৱানে তোক এই যুদ্ধক্ষেত্ৰলৈ আগুৱাই দিছে । তই ভাগি পৰিলে সৃষ্টিকৰ্তাই নিজৰ ওপৰতে বিশ্বাস হেৰুৱাব দেখোন” ।
বুজিলে তাই । নিজকে বুজালে তাই । তাই হেনো ব্যতিক্ৰমী । তাই হেনো অফুৰন্ত শক্তিৰ গৰাকী । তাই হেনো অনন্যা । তাইৰ অন্তৰাত্মাই সোঁৱৰায় অহৰহ ।
“কঠিন হে ৰাহে গুজৰ, থ’ৰী দূৰ সাথ চলো”, পংকজ উদাচৰ গানটো বজাই ল’লে তাই ।পুৰণি কথাবোৰে আমনি কৰিলেই তাই গজলৰ দুনিয়াত বিচৰণ কৰে । আত্মাৰ সতে কথা পাতে । আজি কিন্তু মনটো বৰ অশান্ত । বালিঘৰৰ দৰে হুৰহুৰাই খহি পৰা সপোনৰ ঘৰটিত থকাই নহ’ল তাইৰ । এতিয়াও তাই অকলে ৰাজপথত ঘূৰিবলৈ শংকা হয় । সন্দেহৰ জাল ফালি অহা অলেখযোৰ চকুৰ আক্ৰমণত ধৰাশায়ী হৈ ৰয় তাই । সেই অশান্ত মনটোক বুজাবলৈকে ধ্যানত বহি ল’লে তাই । ঔম ধ্বনিৰে তাই মগজুৰ বান্ধোন খুলি দিলে । পদ্মাসনত বহি তাই আত্মাৰ সতে কথা পাতিলে । বজ্ৰাসনত বহি লৈ তাই মেৰুদণ্ড চিধা কৰিবলৈ চেষ্টা কৰিলে । যোগগুৰুৰ বাণী আছিল সেয়া “মেৰুদণ্ড চিধা নহলে ওপৰলৈ কেনেকৈ মূৰ তুলি চাবি কুণ্ডলিনী ? কঠিন ৰাস্তাত ভৰি দি সত্যৰ সৈতে খোজকাঢ়িবলৈ হ’লে তোৰ মেৰুদণ্ড পোন হ’বই লাগিব । যি মানুহৰ মানসিক ভেঁটি দুৰ্বল, যুক্তিৰ সপক্ষে মাত মতাৰ সৎসাহসকণ যাৰ নাই তেওঁলোকৰ মেৰুদণ্ড পোন হ’ব নোৱাৰে ।“
বজ্ৰাসনত বহি থাকোতে তাই অন্যায়ৰ বিৰুদ্ধে, মিথ্যাচাৰৰ বিপৰীতে বুকু ফিন্দাই যুঁজ দিয়াৰ সাহসকণ পায় । “কঠিন হে ৰাহে গুজৰ, থ’ৰী দুৰ সাথ চলো” , টোপনিৰ জাল ফালি সমুদ্ৰক দেখিলে তাই । সি হেনো ৰৈ আছে বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে দুখনি হাত প্ৰসাৰী । দুখৰ দুখনি হাত মেলি দিলে তাই ।
পঞ্চবিংশ খণ্ড: কুণ্ডলিনী
———————-
ধ্যানৰ পৰা উঠিয়েই তাই ৱাৰ্ম-আপ কৰিবলৈ ৰূমৰ ভিতৰতে জগিং আৰম্ভ কৰিলে । যোগগুৰু তেতিয়াও আহি পোৱা নাছিল । জগিং কৰি থাকোতে কিমান সময পাৰ হৈ গ’ল, তাই গমেই নাপালে । হঠাতে যোগগুৰুৱে পিছফালৰ আহি চিঞৰিলে, “কুণ্ডলিনী ইমান লাহে লাহে নহয়, ৰান ফাষ্ট । কুণ্ডলিনী ভৰি দুখন পিছলৈ যিমান পাৰ’ উঠাই জগিং কৰ ।“
“এতিয়া আগৰ শ্ল’ পজিচনলৈ আহ । আগৰফালে যিমান পাৰ ভৰি উঠাই জগিং কৰ ।“
ভাগৰি পৰিল তাই । তাই ঘনকৈ উশাহ ল’লে, “নোৱাৰো আৰু গুৰু” । আগৰফালে হাউলি পৰি দীঘল দীঘল নিশ্বাসবোৰ এৰিলে । হুমুনিয়াহ এৰি এৰি অভ্যস্ত হোৱা কলিজাখনে যেন কলিজাৰঙী বিষাদবোৰহে এৰি দিলে । ক্ষন্তেকতে বৰ সজীৱ অনুভৱ কৰিলে ।
কেৰাটেৰ প্ৰাৰম্ভিক ধাৰণাখিনিৰ সতে চিনাকী হওঁতেই যোগগুৰুৱে তাইক কৈছিল, ভাৰতীয় যোগদৰ্শন আৰু কেৰাটেৰ মাজত এক যোগসূত্ৰ আছে । “শুন কুণ্ডলিনী, দক্ষিণ ভাৰতৰ কালাৰিপায়াট্টু নামৰ এবিধ সমৰ কলাৰ লগত যোগসাধনাৰ মুদ্ৰাসমূহৰ বহুতখিনি মিল আছে । ভাৰতীয় সাধক বোধিধৰ্মই শৰীৰক আত্মাৰ সৈতে একত্ৰিত কৰিবলৈকে এই সমৰ কলাত নিজকে নিয়োজিত কৰিছিল । বুদ্ধ সাধকসকলে এঠাইৰ পৰা সিঠাইলৈ ভ্ৰমণ কৰোতে আত্মৰক্ষাৰ অৰ্থে প্ৰয়োজন হোৱা বহুতখিনি কৌশল তেখেতৰ প্ৰশিক্ষণত আয়ত্ত কৰিছিল ।“
ঈশানীক উদ্দেশ্যি যোগগুৰুৱে কৈ গৈছিল, “কেৰাটেৰ অৰ্থ নিৰস্ত্ৰ ভাৱেৰে শত্ৰুপক্ষৰ আক্ৰমণক প্ৰতিহত কৰা । প্ৰাচীন সাধকসকলৰ ভ্ৰমণকালত দস্যুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এই কৌশল ব্যৱহাৰ কৰিছিল । মন দি শুনি আছিল ঈশানীয়ে । যোগগুৰুৱে অনৰ্গল কথা কৈ আছিল । আত্মবিশ্বাস বঢ়োৱাৰ প্ৰসংগ আহিছিল । বিকৃত মানসিকতাৰ মানুহৰ পৰা নিজকে ৰক্ষা কৰোৱাৰ ঢাল তৈয়াৰ হৈ আছিল সেই আশ্ৰমত ।
“সন্ধ্যা সময়ত ছোৱালীজনী টিউচনৰ পৰা ঘৰলৈ ঘূৰি আহে । সিহঁতে তাইৰ পিছ লৈছিল । এদিন হেনো সিঁহতে তাইৰ শৰীৰত চুই দিছিল । বেগটো বুকুত বান্ধি তাই ততাতৈয়াকৈ ঘৰলৈ ঘূৰি আহিছিল । জানুৱাৰী মাহৰ শীতকো নেওচি তাই ফেনখন চলাই চোফাত বহি পৰিছিল । তথাপি মোক কবলৈ সংকোচ কৰিছিল তাই । এদিন সিঁহতে মাৰুতি ভেনখনত তাইক উঠাই লৈ গৈছিল । সিদিনাও তাই দেউতা বুলি আটাহ পাৰিছিলনে নাই নাজানিলো । মুখ খুলি প্ৰতিবাদ কৰিব নোৱাৰা ধৰণেৰে নিৰ্জু আছিল তাই । অ’ত ত’ত তেজৰ চেঁকুৰাৰে মানৱবৰ্জিত এলেকাৰ পৰিত্যক্ত বাংলো এটাৰ পিছফালে তাই পৰি আছিল । মোৰ কুকুৰটোৱে মোতকৈ আগতেই সেই খবৰ পাইছিল । মোক টানি টানি সেই ঠাই পোৱাইছিলগৈ । তাই জীয়াই নাথাকিল, কুকুৰটোও জীয়াই নাথাকিল, তাইৰ মাক অৰ্থাৎ মোৰ পত্নীও ফেনখনত ঠিকনা বিচাৰি ল’লে । আৰু আইন শৃংখলাৰ সকলো কাঠিকামি নিজৰ হাতত থকাৰ পাছতো মই তিনিটাকৈ প্ৰাণী হেৰুৱাব লগীয়া হ’ল ।“
“কোন নাৰীৰ এনে ইতিহাস নাই ? সীতাৰেই নাই নে দ্ৰৌপদীৰেই নাই ? তথাপি নাৰী অফুৰন্ত শক্তিৰ গৰাকী । দুৰ্গা নতুবা জয়মতীয়ে সেই শক্তিকে দোহাৰে ।“

যোগগুৰুৱে কথাবোৰ কৈ আছিল । ঈশানীয়ে শুনি থকাৰ পৰাই দেখিলে বাহিৰত সমুদ্ৰই তাইলৈ ৰৈ আছে । তাই কাকোৱে গম নিদিয়াকৈ ৰখা এই ধ্যানৰত অৱস্থা নতুবা কেৰাটে প্ৰশিক্ষণ কেৱল সমুদ্ৰই গম পালে । আনকি তাইৰ মাক দেউতাকো অজ্ঞ তাইৰ এই নতুনকৈ পোখা মেলা জীৱনটোৰ বিষয়ে । বৰ অভিমানী হৈ পৰিছে ঈশানী তাইৰ প্ৰতি মাক-দেউতাকৰ উদাসীনতা দেখি । স্কুটিখন লৈ পানী বটল আৰু সৰু সুৰা বস্তু কেইটাৰ সৈতে পিঠিত বেগটো লৈ যেতিয়া চহৰৰ মাজেৰে চহৰৰ উপকন্ঠ অঞ্চললৈ ধূলি উৰুৱায়, তাইৰ পিনে টোঁৱাই থকা হাজাৰ চকুৱে বিন্ধে তাইক । সেই খোঁচা-বিন্ধাবোৰক আজিকালি তাই বৰকৈ আসৈ নিদিয়ে । সাধাৰণ ছোৱালীৰ দৰে লক্ষ্য বুকুত বান্ধি লবলৈ তাই এতিয়া ঈশানী হৈ থকা নাই । তাই কুণ্ডলিনী হৈ পৰিছে । কুণ্ডলিনী মানে দুৰ্গা । দুষ্টক দমন যাৰ লক্ষ্য । সেই লক্ষ্য পূৰ কৰিব পাৰিবনে তাই ?
“পাৰিমনে মই সমুদ্ৰ ?”, কথাবোৰ ভাবি থাকোতে তাইৰ মুখেৰে ওলাই আহিল ।
“ হা ? কি পাৰিমনে বুলি কৈছ ?”, সমুদ্ৰই কথাটোৰ আঁত নাপাই সুধিলে ।
স্কুটীখন এৰি সিঁহত দুয়োটা আহি বাগানৰ ৰাস্তাটো পাইছিলহি । ৰাস্তাৰ দুয়োপাৰে ফুলি থকা গুলপীয়া-হালধীয়া ফুলবোৰলৈ চাবলৈ সময় নাছিল তাইৰ । কোনটো কেঁকুৰিত যে এৰি আহিল ফাকুৰঙী শৈশৱ ? ৰামধেনুৰে জীৱন আঁকোতেই গোমা হৈ পৰিছিল আকাশ । ফাগুনৰ বতৰ এয়া । আবতৰীয়া ধুমুহাজাকে তচনচ কৰি যোৱা তাইৰ আমপতীয়া বিশ্বাসৰ পদূলি । শিমলুৰঙবোৰ প্ৰিয়জনৰ কোঁচত তুলি দিবলৈকে নাপালে তাই । প্ৰিয়জন বুলোতেই তাইৰ ওচৰলৈ বিতৃষ্ণাৰ হুমুনিয়াহ এটাই খেদি আহিল ।
“মোক ভুল নুবুজিবি সমুদ্ৰ । মই পুৰুষবিদ্বেষী নহওঁ । কিন্তু প্ৰেমৰ মদিৰা অপাত্ৰ পূৰ্ণ কৰি দিওতে জীৱনে দেখুৱাই যোৱা ভেঙুচালিৰ তিক্ততা মই সহজে পাহৰিব পৰা নাই । সাহিত্য ভাল হৈ উঠিছিল । পঢ়া-শুনাৰ পৰা আদি কৰি বাকীবোৰো ভাললৈ আহিছিল । তাৰ মাক-দেউতাকে মোক বৰ মৰম কৰিছিল । বন্ধ পালেই মোক লৈ সি তাৰ ঘৰলৈ ঢাপলি মেলিছিল । চূড়ান্ত বৰ্ষৰ আছিলো মই । এবছৰ পৰীক্ষা দিব নোৱাৰাৰ বাবে সিও আমাৰ একে বেটচৰ হৈ পৰিছিল। এনে এটা ফাগুণৰ ৰঙেৰেই মতলীয়া সন্ধ্যাত সি আৰু মই বাৰাণ্ডাত বহি আছিলো সিদিনা । দপদপকৈ যেন জুই একুৰাহে জ্বলি উঠিল হঠাতে । সি ভিতৰলৈ উঠি গ’ল । ফোনত কাৰোবাৰ লগত কথা পাতিলে ।”

“ওমম । তাৰ পিছত ?”, সমুদ্ৰৰ ৰহস্যৰ জালৰ নিচা তেতিয়াও শেষ হোৱা নাই । তাইৰ কথাবোৰ জনাৰ নিচা হৈ পৰিছে ।
পৰিকল্পিতভাৱেই মই ধৰ্ষিতা হ’লো সেইনিশা । নাই নাই, মই তেনেকৈ ভৱা নাছিলো তেতিয়ালৈকে । ভাবিছিলো এয়া এক অনুৰাগজনিত দুৰ্ঘটনা । ৰাতিপুৱালৈ অতি সোনকালে শেতেলী এৰি আন্টিক মাত লগাই মই নিজৰ ঘৰলৈ বুলি বাছ ধৰিছিলো ।”
অলপ পৰ মৌনতা । তাৰ পিছত আকৌ মুখ মেলিলে তাই ।
“মোৰ ভুল আছিল নে নাছিল আজিও বুজি নাপালো সমুদ্ৰ । মই নিজৰ সপক্ষে হাজাৰ যুক্তি দাঙি ধৰিলেও মোৰ মৌনতা, মোৰ অন্যমনস্কতা মাৰ চকুত ধৰা পৰি গৈছিল । মায়ে মোৰ গালে মুখে হাত ফুৰাই বাৰে বাৰে মোৰ অস্থিৰতাৰ আভাস লব বিচাৰিছিল । কিন্তু মই ?”
তাই কিছুপৰ ৰ’লে । হয়তো বিশ্লেষণ কৰি চালে কথাবোৰ । সমুদ্ৰৰ মুখত তেতিয়া মূকতাই বিৰাজ কৰিছিল । ‘ইয়াৰ পিছত’ বুলি সুধিব গৈয়ো সি থমকি ৰৈছে । কোনে জানে এয়া আৰম্ভণি নে সমাপ্তি ? কিহৰেইবা আৰম্ভণি , কিহৰেইবা সমাপ্তি ?
ঈশানী নামৰ সেই কোমল সত্তাটোৰ হয়তো সমাপ্তি । বিপৰীতে আৰম্ভণি এই এক বেপৰোৱা সত্তাৰ, যি নিজৰ সৰু চহৰখনত এটা প্ৰশ্ন হৈ ৰৈ আছে এতিয়াও । “এনেকৈ থাকিলে তাই বলিয়া হৈ যাব দেখোন”, সি নিজে নিজে ভাবিলে । এইক উলিয়াই নিব লাগিব ইয়াৰ পৰা । অসমৰ বাহিৰত বহুত সংস্থাপন আছে । লৈ গ’লে হয়তো জীৱনৰ প্ৰতি বিৰূপতা কমিব তাইৰ ।
“ঈশানী, তই মোৰ লগত ওলা । বাহিৰলৈ ব’ল । ইয়াত কি পাবি তই ? হৈ যোৱা কথাবোৰেৰে ভৱিষ্যত ধ্বংস কৰাৰ একো যুক্তি নেদেখো মই ।”
তাই তালৈ চালে । তভক মাৰি ৰ’ল । তাৰ পাছত হোহোৱাই হাঁহিবলৈ ধৰিলে ।
তাচ্ছিল্যৰে বাক্য দুষাৰি আগুৱাই দিলে তালৈ,
“ইমানখিনিতেই সিমান । সিমানখিনিতবা’ কিমান ?”
“মানে ?”
“মানেটো তই নুবুজিবি । এয়া তোৰ সৰলতাৰ বাহিৰত । যাওঁ দে । অ’ তোৰ কাইলৈ ট্ৰেইন আছে নহয় ? তোক চাগৈ আকৌ লগেই নাপাম ।”
তাক আলফুলে সাৱটি ধৰিলে তাই । চলচলীয়া চকুহাল আঁৰ কৰি স্কুটি ষ্টাৰ্ট দিলে । সি ৰৈ থাকিল । তাইৰ অসংলগ্ন কথাবোৰৰ উঁহ বিচাৰি তাই যোৱাৰ ফালে চাই সি তাতে ৰৈ থাকিল ।
ষষ্ঠবিংশ খণ্ড : কুণ্ডলিনী
———————-
এবুকু গধুৰ উশাহ ঠেচি ঠেচি ভৰাই লৈ সি চেন্নাই অভিমুখী ট্ৰেইনত বহি থাকিল । খুব কান্দিবৰ মন গ’ল সমুদ্ৰৰ । কান্দিলেহে যেন বুকুৰ কজলা মেঘবোৰ চকুৰে ওলাই আহিব তেনে লাগিল তাৰ । বহু জনা-নজনা প্ৰশ্ন, আধৰুৱা বহুতো কথাৰ সমাধানে তাক ৰাতিৰ ৰাতিটো খেদি ফুৰিলে । সেই যে সন্ধ্যাপৰত বাগানৰ গলিতে স্কুটিখন থৈ আগুৱাই গৈছিল দুয়ো নৈখনৰ পাৰলৈ, কথাৰ লহৰে লহৰে দুয়ো বাগানৰ ৰাস্তাটোত বহু পৰ খোজ কাঢ়িছিল ।হঠাতে যেন গোমা হৈ পৰিছিল ঈশানীৰ মনাকাশ ।
বাগানভেলিয়াৰ উজ্জ্বল ৰঙবোৰে ঈশানীক যেন আনমনা কৰি তুলিছিল । চঞ্চল হব খোজা মনটো সামৰি সামৰি যেন তাই ভাগৰি পৰিছিল । এক অদৃশ্য সূতাত যেন বান্ধি থোৱা আছে উতলা হব খোজা তাইৰ এধানমান হিয়া ।তাইৰ অসহায়তাক সি অনুভৱ কৰিও সহায় কৰিব নোৱাৰিলে । তাইৰ স্বভিমানক আঘাট সানিব নোৱাৰি সি অকলেই উলটিব লগা হ’ল । অহাৰ সময়ত এষাৰ কথা কোৱা নহ’ল তাৰ । তাইৰ সতে কথাও পতা নহ’ল । তাইৰ ফোন নাই । ফোনৰ পৰা শতযোজন আঁতৰত তাই । ফোনৰ বিপক্ষে সিদিনা অজস্ৰ যুক্তি দাঙি ধৰিছিল তাই । জীৱন মানেই হেনো সংগ্ৰাম । সেই সংগ্ৰামত তাই তিলমানো বিলাসিতাৰ আশ্ৰয় লোৱা নাই । আচৰিত হৈ উঠিছে সি । সন্ন্যাসীনি নে বৈৰাগীনি ? মোহভংগ নে বিষাদবিলাস ?
নুবুজিলে সি । মাথোঁ বুজিলে, অব্যক্ত কথা কিছুমানে তাইৰ ভিতৰখন খান্দি পেলালে । ঢাকি ঢাকি পাৰ পোৱা নাই বুকুৰ বৰঘৰতে থিতাপি লোৱা সেই গভীৰ খাদ । অব্যক্ত সেই অনুভৱৰাশি সমুদ্ৰকো নেদেখুৱালে তাই । সমুদ্ৰৰ আগতো খুলি নিদিলে বুকুৰ শলখা । বন্ধুত্বৰ দাবীৰে হলেও সি মাত মাতিবলৈ সুযোগ নাপালে । সিহঁতৰ মাজত যেন অযুত সংকোচবোধ ।
সেই মানুহজন, যিজনক তাই যোগগুৰু বুলি মানে, তেওঁকেইবা তাই কেনেকৈ লগ পালে ? তাইৰ ঘৰৰ পৰিবেশ ইমান আচহুৱা কিয় আছিল ? বহুত কথাই সোধা নহ’ল, বহুত কথাই কোৱা নহ’ল ।আধৰুৱা কথাবোৰৰ মাজত ওলমি ৰৈছে তাৰ অসহায়তা, সেই অসহায়তাত ছটফটাই ৰৈছে তাৰ অস্থিৰতা ।
বাহিৰলৈ চাই পঠিয়ালে সি । খিৰিকীৰে গুৱাহাটী এৰাৰ কথাৰ খবৰ পালে । লঠঙা গছৰ লঠঙা ডালত ওলমি আছে থুপি থুপি ৰঙা, নীলা, হালধীয়া, গুলপীয়া ৰঙবোৰ । সৰাপাতৰ খৰমৰনিয়ে যেন ৰেলৰ উকিকো চেৰ পেলাইছে, হৃদয়ৰ বিননি কৰবাত পৰি ৰয় । বিস্তীৰ্ণালৈ ফোন লগালে সি ।
তাৰ ফোন পায়েই তাই উচ্ছসিত হৈ উঠিল,
“হেই সমুদ্ৰ, আহি আছানে ?”
“ও”
“বহুত মিছ কৰিছো তোমাক” ।
সি মনে মনে ৰ’ল ।
“কি হ’ল সমুদ্ৰ ? মুড অফ যেন লাগিছে ।“
“নাই”
“নাই নহয় । তোমাৰ কিবা এটা হৈছে । কিবা খালানে ?”
“খালো”
“কি হৈছে তোমাৰ সমুদ্ৰ?”
“নাই অ’ তীৰ্ণা একোৱে হোৱা নাই মোৰ । অলপ ভাগৰুৱা মাথোঁ ।তোমাৰ কেনেকুৱা তীৰ্ণা ? এনট্ৰেন্সৰ প্ৰিপেৰেচন কেনেকুৱা?”
এমবিবিএছ ফাইনেল পৰীক্ষাৰ সমানে সমানে বিস্তীৰ্ণাই ‘মাষ্টাৰচ অৱ ডক্টৰচ’ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছে । অদ্ভূত মনোবল ছোৱালীজনীৰ । অফুৰন্ত মানসিক শক্তিৰ গৰাকী । হুইল চেয়াৰত বহি বহিয়ে ৰাতি ৰাতি হস্পিতেলৰ প্ৰতিটো ৱাৰ্ডত ভিজিট দি থাকেগৈ ।তাইক দেখিলে ৰোগীৰ প্ৰাণহীন মুখলৈও হেনো প্ৰাণ ঘূৰি আহে । তাইৰ মিঠা হাঁহি, মৌসনা মাত, বয়োজেষ্ঠ্যৰ প্ৰতি সন্মানজনক সম্বোধন, কনিষ্ঠজনৰ প্ৰতি আত্মিক টান, উচ্ছল প্ৰকাশভংগী আৰু জীৱনৰ দুৰ্বাৰ গতিত চলি যোৱা মনোবলতে গোটেই সৰগখন লুকাই থাকে । সি হাৰ মানিলেও হাৰ নামানে তাই । সি আচৰিত হৈছিল । এক্সিডেন্টত এখন ভৰি হেৰুৱাই পেলোৱাৰ পাছতো ভগৱানৰ ওপৰত কোনো ক্ষো্ভ নাই তাইৰ । বৰঞ্চ তাকহে তাই বুজায়, “জানানে সমুদ্ৰ, ভগৱানে সিদিনা যে বচালে মোক, মই বুজি পালো সিদিনাই যে মোৰ জীৱনক লৈ ভগৱানৰ কিবা এটা আকাংখা আছে । ভৰিখন নাই । হাত দুখন আছে । মগজুটো আছে । মনটো আছে । অনুভৱ কৰিবলৈ বুকুখন আছে । ভৰিখন লৈ ভগৱানক প্ৰশ্ন সোধাৰ আগতে মই নিজকে সুধি লওঁ, “সুস্থ হাত দুখনেৰে মইনো কি কৰিলো বুলি” , তাৰ স্থিৰ দৃষ্টিলৈ চাই তাই পুনৰ কৈ গৈছিল, “ এই যে মই ভগৱান বুলি কওঁ, সেয়া আচলতে মোৰ অন্তৰাত্মা, যাৰ ওচৰত মই প্ৰতি প্ৰশ্নৰ উত্তৰ সাজু কৰি থব লগীয়া হয় । নিচাত থকা নাই মই যে, নিচাৰে সেই প্ৰশ্নবোৰৰ উত্তৰ নোহোৱাকৈ ফালৰি কাটি আহিম ।“
একেখিনি কথাই বিস্তীৰ্ণাই বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনা কৈছিল । মঞ্চত সাংবাদিকেৰে পৰিবেষ্টিত হৈ মাইক্ৰফোনৰ আগত তাই কৈ গৈছিল, “কোনোবা এজন মহৎলোকৰ উক্তি আছিল, যি উক্তিয়ে মোক সদায় উৎসাহিত কৰিছিল । তেওঁৰ এটা দুখ আছিল যে পিন্ধিবলৈ তেওঁৰ এযোৰ ভাল জোতা নাছিল । তেওঁৰ সেই দুখ সেইদিনা দূৰ হ’ল, যিদিনা তেওঁ লগ পালে সেইজন মানুহক যাৰ দুখন ভৰি নাই ।“
জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ মাজতে সমুদ্ৰই দেখিছিল, ‘বিশেষভাৱে সক্ষম’ শিশুসকলক কোলাত লৈ থকা মাতৃৰ চকুৰে বৈ অহা দুধাৰি চকুলো । সমুদ্ৰ আগুৱাব নাপাওতেই বিস্তীৰ্ণাই হুইল চেয়াৰৰ হেণ্দেল পকাই পকাই বহুদূৰ পালেগৈ । সি দৌৰি গৈ তাইক দাঙি গাড়ীত বহাই দিলে । গাড়ীত বহিয়ে তাই সমুদ্ৰৰ বুকুত মূৰ গুজি আকুলভাবে কৈছিল, “ সমুদ্ৰ তুমি মোৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ । এনেকৈয়ে আঙুলিত আঙুলি ধৰি আগুৱাই নিবা । মোক সহায়ৰ প্ৰয়োজন নাই, কিন্তু তোমাৰ হাতত ধৰি আগুৱাব পালে মোৰ জীৱন ধন্য হৈ পৰিব সোণ ।“
তাইৰ মূৰটো মৰমেৰে পিহি দিছিল সি ।এইজনী বিস্তীৰ্ণাৰ বাবেই সি কোনোদিন বিচলিত হোৱা নাই । কিন্তু ঈশানীৰ কথাই বিচলিত কৰিছে তাক । হতাশাৰ এবুকু সাগৰত যেন ডুবি আছে তাই । সি দুদিন মান থাকি আহিব লাগিছিল । ভুল কৰিলে সি । সমাধানহীনতাৰ মাজত তাইক অকলে এৰি থৈ আহিব নালাগিছিল । ট্ৰেইনৰ ভিতৰত অকল সিয়ে চাগৈ সাৰে আছে । ৰাতি দুই বজাতো সি চকু মেলি খিৰিকীৰে বাহিৰলৈ চাই আহিছে । কাণত হেডফোনত ভাঁহি আহিছে জগজিত সিঙৰ কন্ঠ, “জানতী হু, তুমহে চহাৰে কী জৰুৰত নহী, মে চীৰ্ফ চাথ দেনে আয়া হুঁ” । বিস্তীৰ্ণাৰ প্ৰিয় গজল । প্ৰায়েই কয় তাক, “মোক সহায়ৰ প্ৰয়োজন নাই । মাথোঁ লগে লগে খোজ দিলে ভাল লাগিব মোৰ ।“
ইফালে ঈশানী ?
সমুদ্ৰৰ পৰা বিদায় লৈ তাই ৰূমৰ বিছনাতে পৰি ৰ’ল । গাটো বৰ অৱশ যেন লাগিল তাইৰ । সমুদ্ৰক দুদিনৰ বাবে পালে তাই । সি ভৰাই ৰাখিছিল মনটো । বহুত কথাই কৈ দিলে তাই । বহুত কথা ক’ম বুলি ভাবিও ৰৈ দিলে । গুচি গ’ল সি । গুচি যোৱাৰ পাছতে তাই দুৰ্বল হৈ পৰিল । মনটোৰ লগতে শৰীৰটোও ভাৰাক্ৰান্ত হৈ পৰিল । বিছনা এৰিবলৈ মন নগ’ল তাইৰ, একো খাবলৈকো মন নগ’ল । নিৰাশাবোধে হেচি ধৰিলে তাইক । হাত এখনৰ পৰশৰ অভাৱ বৰকৈ অনু্ভৱ কৰিলে তাই ।মাকৰ হাতৰ পৰশ আছিল সেয়া । তাইৰ একাকী জীৱনত মাকৰ সহযোগ শূন্য । দেউতাকক দেখা নাপায় ভালকৈ তাই । একেটা ঘৰত থাকিও সিহঁতৰ মাজত শতযোজন দূৰত্ব । তাই কৰা ভুলৰ মূল্যায়নটোকে আজিলৈকে নিজে কৰিব পৰা নাই । কিমান ডাঙৰ ভুলৰ ক্ষমা নাই তাই নাজানিলে । বিছনাখনতে বাগৰ সলালে তাই । চকুলো দুধাৰি বৈ আহিল ।প্ৰিয় এষাৰি মাতৰ প্ৰয়োজন আছিল তাইৰ এই মুহূৰ্তত । নিজেই নিজৰ লগত কথা পাতোতে পাতোতে কথাবোৰে বুকুত দুখৰ বীজ সিঁচিলে । দুখৰ গজালিবোৰ লহপহকৈ বাঢ়িল । যিমানেই ভাবে তাই, দুখেৰে নহয়, কামেৰে সময় গণনা কৰো, তথাপি তাইৰ আহম্মক মন ! কেতিয়াবা দমাই ৰাখে সমগ্ৰ সত্তা ।তাইৰ সেই একে আহম্মক মন ! অবশ কৰি তোলে তাইৰ স্নায়ুৰ প্ৰতি সিৰা উপসিৰা ।
সমুদ্ৰ গলগৈ । কোৱা নহ’ল তাইৰ সেই কথা । অভিসাৰী নিশাৰ কথাবোৰ বতাহত উৰাৰ কথা কোৱা নহ’ল তাক । শৰীৰটো বাহি হোৱা বুলি মাকে কৰা ভৎসৰ্নাৰ উমান দিয়া নহ’ল তাক । তাইৰ দেহাৰ ভাজে ভাজে ড্ৰাগচ মাফিয়াবোৰে নিচা ঢালি দিয়াৰ খবৰ পাই যে তাই বাউলীজনী হৈছিল, সেই কথাও কোৱা নহ’ল তাক ।
পৰীক্ষা শেষ হবলৈনো কেইটাদিন বাকী আছিল ? বিয়পি গৈছিল সেই খবৰ ।
গুণগুণনিটো প্ৰথমে হোষ্টেলৰ ইমূৰৰ পৰা সিমূৰলৈ, পাছত কোঠাই কোঠাই, বেৰবোৰত খুন্দা খাই তাইৰ ৰূম ভীৰ কৰিলেহি । সেই ভীৰত উশাহৰ বাট বিচাৰি নাপাই তাই প্ৰান্তিকাৰ ৰূমলৈ বাট লৈছিল, প্ৰান্তিকাই দুৱাৰ বন্ধ কৰি দিছিল । তাই সপ্তদৰ্শীৰ ৰূমলৈ যাওঁতেই সপ্তদৰ্শীয়ে কৈ দিছিল সেই কথা, “তোৰ লগত কথা পাতিবলৈ ঘৰৰ পৰা মানা কৰিছে মোক” । দেউতাকৰ ওচৰলৈ ঢাপলি মেলিছিল তাই । পাইছিল এটা কাণতলীয়া চৰ ।
এৰা । সেই ভুলটোত তাই ভৰি দিছিলো । ভুলটো আছিল পৰিকল্পিত ।শীতল মগজুৰ সুস্থ পৰিকল্পনাৰে সিদিনা আচলতে প্ৰেম-ভালপোৱা-অনুৰাগৰ নামত ধৰ্ষিতা হৈছিল তাই । মিলনৰ সেই ৰাতিটো প্ৰবঞ্চনাৰ কেমেৰাত বন্দী হৈ গোপনীয়তাৰ ঠিকনা হেৰুৱাইছিল । গ্ৰাফিক্সৰ পৃথিৱীত তাইৰ শৰীৰৰ ভাঁজবোৰ প্ৰকট হৈ হাজাৰ হাজাৰ ভাঁজৰ জন্ম হৈছিল । ঘূৰি ফুৰিছিল অলিয়ে গলিয়ে হাজাৰজনৰ মোবাইলত । অনুৰাগবোৰৰ মৃত্যু ঘটি প্ৰতিশোধৰ জুই জ্বলিছিল । সেই অনুৰাগৰ চিতাভস্ম যেতিয়া তাইৰ বুকুৰ তেজত উটুৱাই দিয়া হৈছিল, সিদিনাই ষড়যন্ত্ৰৰ গোন্ধত কালনাশিনীৰ ৰূপ লৈছিল তাই । অথচ হাতত নাছিল ত্ৰিশূল নতুবা আন কোনো অস্ত্ৰ ।
ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিল সিদিনা । মাৰ্কশ্বিটখন লৈ ঈশানী খং, ক্ষোভ নে শোকত ভাঙি পৰিছিল । গাৰ্লচ হোষ্টেলৰ প্ৰথম মহলাৰ চুকৰ ৰূম এটাত তাই অকলে ৰামি খেলি আছিল । খিৰিকীৰ সিপাৰৰ দেৱদাৰুজোপাৰ পৰা নিগৰা সুষীমাইও শাঁত কৰিব নোৱাৰিলে তাইৰ অন্তৰৰ দহন । ডাষ্টবিনৰ এচুকত সপোনবোৰে উচুপিছিল । হয় । চাৰ্টিফিকেটবোৰ নিজ হাতে ফালি ছিৰি ডাষ্টবিনলৈ দলিয়াই পেলালে তাই । চিঞৰি চিঞৰি কলে বেৰখনকে, এই শিক্ষাৰ প্ৰয়োজন নাই । এই শিক্ষাই নাৰীত্বক সন্মান নজনালে । এই শিক্ষাক তাই গ্ৰহণ নকৰে ।
বাউলীজনী হৈ পৰিছিল তাই । জীৱনৰ স’তে হঠাতে চুক্তি কৰি পেলালে তাই । তাচপাতৰ হৰতনৰ পাতখিলা নোহোৱাকৈয়ে তাই জুৱা খেলিবলৈ উদ্যত হ’ল । ‘সাহিত্য দুৱৰা এণ্ড কোঃ’ তাইৰ প্ৰধান প্ৰতিদ্বন্দী হৈ পৰিল । ‘মই চাই লম তঁহতক’ বুলি পাণ্ডৱবৰ্জিত এলেকাটোলৈ স্কুটি পোনাইছিল । লগতে অৱশ্যেই নাছিল কোনো হাঁথিয়াৰ ।
…………
কথাবোৰ পুৰণা হ’ল । বুকুৰ ঘাঁটুকুৰা শুকান হ’ল । তাতে এখন ডায়েৰীৰ জন্ম হ’ল । ডায়েৰীত লিপিবদ্ধ কৰিলে দুখবোৰ । লিপিবদ্ধ কৰিলে অস্থিৰতাবোৰ । পোহৰৰ বাটত অগণন হাত । আন্ধাৰ বাটত ডায়েৰীখনেই সাক্ষী । ডায়েৰীখনে তাইৰ স্বীকাৰোক্তিবোৰ শুনে । হয়তো মুখ টিপি হাঁহে । কোনোবাদিনা ককৰ্থনা কৰে ।
সপ্তবিংশ খণ্ড : কুণ্ডলিনী
—————————
স্কুটিখন লৈ অনাই বনাই ঘুৰি ফুৰিছিল ঈশানী । সমুদ্ৰ যোৱাৰে পৰাই উদাস সময়বোৰ খামুচি খামুচি পাৰ হৈছে তাইৰ ৰিক্ত মন । “ভালে নাই তাই” হাজাৰটা দলপুঙা চৰাইয়ে তাইৰ চৌপাশত উৰি ফুৰি সাৱধানীবাণী শুনাই থাকে । সমুদ্ৰই তাইক বাহিৰলৈ লৈ যোৱাৰ কথা কৈছিল । তাই শ্লেষ টানিছিল । মাতৃভূমিৰ মোহ এৰি তেতিয়ালৈকে তাই আঁতৰি যোৱাৰ কথা ভাবিব পৰা নাছিল । নিজৰ সৰু চহৰখনকে মনে প্ৰাণে নিজৰ আমঠু বুলি জ্ঞান কৰা ঈশানীয়ে কোনোদিনেই বাহিৰত থিতাপি লোৱাৰ কথা ভাবিব পৰা নাছিল । সেয়ে সমুদ্ৰক ক’ব বিচাৰিছিল তাই, “এই চহৰে মোক বায়ু দিলে, পানী দিলে, এই চহৰে মোক মাত শিকালে, এই চহৰে মোক ভাষা শিকালে । মই কেনেকৈ এই চহৰ এৰি গুচি যাওঁ ? মোৰ শিপা উভালি যাব নোৱাৰো সমুদ্ৰ” ।
কথা কেৱল সেইটোৱেই নহয় । এই ঠাইৰ সতে তাইৰ বহুত দেনা-পাওনা আছে । ইয়াত জন্ম লোৱা ৰক্তবীজক তাই নিপাত কৰাৰ পণ আছে । প্ৰয়োজন হ’লে ৰক্তবীজৰ সমস্ত দূষিত তেজ নিজে পান কৰিব তাই । তথাপি তাইৰ মৰমৰ পৃথিৱীখনক যক্ষৰ হাতত তুলি নিদিয়ে ।
“সমুদ্ৰ, মোক ভুল নুবুজিবি । তোৰ পথ সুকীয়া, মোৰ পথ সুকীয়া, তোৰ পথত সুকোমল দলিচা, মোৰ পথত তপত মৰুভূমিৰ শুকান বালিৰ কেকটাচৰ কাঁইট। সমুদ্ৰ তোৰ সপোনত প্ৰেম আৰু জীৱন,ইফালে মোৰ সপোনত সত্যৰ অন্বেষণ । প্ৰতিজন সঁচা মানুহৰ হওক এই পৃথিৱী । সমুদ্ৰ, মোৰ পৰাই আৰম্ভ কৰোচোন এই যাত্ৰা । মোৰ পৰা মোলৈ আৰম্ভ হোৱা এই যাত্ৰাত অসংখ্যজনৰ সঁহাৰিয়েই হৈছে মোৰ সপোন । এই সপোন ফলিয়াবই সমুদ্ৰ । কাৰণ এই সপোনে মোক শুবলৈ নিদিয়ে । মনত আছেনে সমুদ্ৰ, তইয়ে কৈছিলি এদিন সেই কথা । মোৰ হাতত তুলি দিছিলি এপিজে আব্দুল কালামৰ কিতাপ , য’ত লিখা আছিল মোৰ সিৰাই সিৰাই সঞ্জীৱনী ঔষধ প্ৰৱাহিত কৰা এই বাক্যষাৰি” ।
সমুদ্ৰৰ লগত মনতে কথা পাতি পাতি তাই আহি আছিল । সেই বাগানৰ ৰাস্তাটো য’ত সমুদ্ৰক বিদায়ৰ বেলাত আঁকোৱালী লৈছিল, সেই ঠাইখিনিতে তাই এটা বিষ অনু্ভৱ কৰিলে । বিষটোৰে সৰ্বশৰীৰ মেৰিয়াই ধৰিলে । স্কুটিখন থৈ তাই খোজকাঢ়ি আগবাঢ়িল । ফাগুণৰ পছোৱা বতাহ, ফিৰফিৰীয়া ঠাণ্ডা । বতাহত পলাশ, তলসৰা শিমলু । হালধীয়া পাতৰ খৰমৰনি, যেন বিষালি কেঁকনি । দীঘল পথটো কেবামাইলো যোৱাৰ পাছতহে হেঁপাহৰ নদীখন । য’ত তাই আৰু সমুদ্ৰই বহি দুদিনতে অলেখ কথা পাতিছিল । তাই বৰকৈ সমুদ্ৰৰ অভাৱ অনুভৱ কৰিলে । দুদিনৰ বাবে আহি সি তাইক জীৱনটোৰ কাৰণেই ভৰাই থৈ গ’ল । চাৰিওপিনে বন্ধু বান্ধৱেৰে গিজগিজাই থকা ছোৱালীজনী অকলে কেনেকৈ আছে, সেয়া সমুদ্ৰৰ বাদে কোনেও বুজি নাপালে । ইমানেই টান আছেনে বন্ধুত্বৰ জৰীত? যুগ যুগ ধৰি কায়িকভাৱে লগ নাপালেও আত্মাৰ টানে সিহঁতক এনেদৰে যে এক কৰি ৰাখে ।
“সমুদ্ৰ তোলৈ মোৰ অলেখ শুভেচ্ছা । আগুৱাই যা, ওপৰলৈ যা, বিস্তীৰ্ণাকো হাতত ধৰি আগুৱাই নিবি । মই মাটিৰ পৰা হ’লেও তোলৈ চাই পঠিয়াম । হেঁপাহেৰে চাম তঁহত দুয়োটাকে । ক’বলৈ বহু কথাই থাকি গ’ল সমুদ্ৰ । লিখিবও মন যায়, কিন্তু তোৰ ফোন নম্বৰ,ঠিকনা একোৱেই লোৱা নহ’ল । কেলেইনো লওঁ ? তোৰ ঠিকনা যে মোৰ বুকুতে সদায়” ।
সমুদ্ৰৰ কথা ভাবি অকলে অকলে আহি থাকোতে তাই ক’ব নোৱৰাকৈয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানটো গুণগুণাই থাকিল;
“যদি তোৰে ডাক শুনে
কেও না আছে
তবে একলা চলোৰে ।”
আপোনমনা হৈ পৰিল তাই । অকলে অকলে গানটো গুণগুণাই নদীখনৰ ফালে আগবাঢ়ি থাকিল । সন্ধ্যা পৰৰ মুনিচুনি বেলিকা । আকাশেদি উৰিছে ঘৰমুখী পখী । আন্ধাৰবোৰ তাইৰ পিছে পিছে আগুৱাই গৈ থাকিল, মাজে মাজে সঁকিয়াই থাকিল, “গধূলি পৰৰ আন্ধাৰৰ সতে খেলাৰ এয়া তোৰ কি নিচাহে আঁকৰী ছোৱালী । যাচোন যা নিৰাপদ আশ্ৰয়লৈ যাগৈ । পোহৰৰ বাটত গান গাবি । ৰদালিৰ পৰত নদীৰ সতে চুপতি মাৰিবি, ঢৌবোৰৰ স’তে উমলিবি, সৰাফুল বুটলিবি” ।
তাই গেজেংকৈ ধৰে, অঁকৰামৈত উঠে তাইৰ কেচেলীয়া মন, “কিয় যাম ঘৰলৈ ? মোৰ মন গৈছে নৈপৰীয়া বতাহৰ গোন্ধ লবলৈ । মোৰ মন গৈছে ধূলিয়ৰি বতাহজাকক জোকাই আহিবলৈ, কিয় থাকো ঘৰত সোমাই ?”
মনৰ মাজৰ আন্ধাৰ আৰু পোহৰৰ বুজনিৰে সপোন আৰু কুটিল বাস্তবৰ দোমোজাৰে তাই গান গাই গাই আগবাঢ়ি থাকিল ।
“যদি গহন পথে যাবাৰ কালে
কেউ ফিৰে নাচায়”
অদূৰত কাৰোবাৰ খোজৰ ধ্বনিত তাইৰ মুখৰ ধ্বনি কমি আহিল, আকৌ আৰম্ভ কৰিলে
“যদি গহন পথে যাবাৰ কালে
কেউ ফিৰে নাচায়
তবে পথেৰ কাঁটা ও
তুই ৰক্তমাখা চৰণতলে
একলা দলো ৰে”
হয় হয় । কাৰোবাৰ খোজ নিচেই কাষতে । আন্ধাৰ নামে লাহে লাহে, উতনুৱা নীড়মুখী চৰাইৰ কল্লোলত কঁপে নৈৰ তিৰবিৰ জলধাৰা । এখন নহয়, দুখন নহয়, কেবাখনো ভৰিৰ খোজৰ আবেষ্টনীত সোমাই পৰিল তাই । তাই গম পালে, কোনোবাই তাইৰ পিছ ললে ইমানপৰে ।
অসহায় হৈ মুখ ঢাকি বহিবনে তাই নে স্কুটিখনৰ ফালে দৌৰ মাৰিবনে নে চিঞৰি উঠিব নে অন্য কোনো পন্থা লব তাই ?
চক্ৰাকাৰে ঘূৰি আছে ৰক্তবীজৰ দল, তাইৰ ভৰিৰ পৰা মূৰলৈ গৰম তেজ, শীতল হৈ উঠা নাই ধমনী-প্ৰতিধমনী, আত্মৰক্ষাৰ সূত্ৰতকৈ মূৰত কিলবিলাইছে প্ৰতিআক্ৰমণৰ সূত্ৰ । ভিতৰৰ তাইজনীয়ে তাইক কৈছে, “এয়া সাহিত্য এণ্ড কোঃ ৰে একো একোজন সদস্য । কুণ্ডলিনী জাগ্ৰত কৰ এবাৰ ঈশানী” । যোগগুৰুলৈ মনত পৰিল, “কুণ্ডলিনী, কেৰাটেৰ লক্ষ্য আত্মৰক্ষাহে” ।
নহয় । তাইৰ আত্মা জাগ্ৰত হৈছে । তাইৰ কুণ্ডলিনী জাগ্ৰত হোৱাৰ দৰকাৰ এতিয়া ।তাই ঘামি উঠিছে । তাইৰ শৰীৰৰ মাজেৰে উচ্চ আধানযুক্ত বিদ্যুৎ পাৰ হৈ গ’ল । ৩৬০ ডিগ্ৰীৰে তাই চকু ঘুৰাই শতৰুৰ অৱস্থান নিৰীক্ষণ কৰিলে ।
(আগলৈ)
অষ্টবিংশ খণ্ড: কুণ্ডলিনী
———————-
কপালত বিন্দু বিন্দু ঘাম । কৰ্ণকূহৰ ভেদিছে অশ্লীল বাক্যবাণ । শকত লৰাটোৱে চকুৰে তাইক ওপৰৰ পৰা তললৈ লেলিহাই গৈছে । খীণটোৱে এখোপ চৰি তাইৰ গালখনতে চিকুটি দিছে ।
“এই ছোৱালী, এই আন্ধাৰত ইয়ালৈ অহাৰ মতলব কি ?”, সেয়া ওখ লৰাটোৰ প্ৰশ্নবাণ ।
চাপৰ গোঠোলাটোৱে তাইৰ উৰি থকা চুলিটাৰিলৈ নাক উজাই নিছে ।
তাই চকু মুদি যোগগুৰুলৈ মনত পেলালে, “ঈশানী, মন-মগজু-শৰীৰ-আত্মা এক হ’লেহে তই কুণ্ডলিনী হ’ব পাৰিবি । অধৰ্মক বিনাশ কৰাৰ আগতে ধৰ্মৰ ওপৰত তোৰ গভীৰ আস্থা হ’ব লাগিব ।“
ধৰ্মৰ বিষয়ে সেইদিনা যোগগুৰুৱে তাইক এলানি জ্ঞান দিছিল । হিন্দু-মুছলিম-খ্ৰীষ্টান-শিখ-বুদ্ধ-জৈন সবাৰো ওপৰত মানৱ ধৰ্ম । অন্তৰৰ কথাবোৰ যোগগুৰুৰ লগত মিলি যোৱা কাৰণেই তাই যোগগুৰুক ভগৱান মানি লৈছে । তেওঁৰ দীক্ষাতে দীক্ষিত হ’ব খোজে তাই । মানৱ ধৰ্মৰ সাৰ বুকুত কঢ়িয়াই বিশ্বব্ৰক্ষাণ্ডৰ আনটো কোণলৈ কঢ়িয়াই নিব ।
“কুণ্ডলিনী এয়া তোৰ প্ৰথম পৰীক্ষা । এই পৰীক্ষাত তই উত্তীৰ্ণ হব পাৰিবি । মোৰ দৃঢ়বিশ্বাস”, যোগগুৰুৰ বাণীসমূহ দৈৱবাণী হৈ তাইৰ কাণ ভেদিছে, কাণৰ পৰা বুকু চুইছে, বুকুৰ পৰা আত্মাত থাপিছে ।
কুণ্ডলিনী জাগ্ৰত হৈছে । আত্মা মুকলি হৈছে । চকুৰে তাইৰ তেজাল ৰশ্মি নিৰ্গত হৈছে । আন্ধাৰত জিলিকিল তাই মীন হেন অক্ষি ।বাওঁহাতেৰে এটাক খামুচি ধৰি দূৰলৈ ঠেলা মাৰি দিলে ।বিকট চিঞৰ এটাত তাই গম পালে, সি হয়তো গছজোপাত কৰ্ফাল খাই পৰিছে । অতৰ্কিত আক্ৰমণত সিঁহত পিছ হুহকি গ’ল । আগবাঢ়ি অহা ওখকৈ লৰাটোৰ কাণৰ লতিৰ তলতে আঘাত কৰিলে । যোগগুৰুৱে কৈছিল, “মানৱ শৰীৰত কেইটিমান মৰণবিন্দু থাকে । সেই বিন্দুবোৰ জানি লোৱা দৰকাৰ । নিজকে বচাব পাৰিবি ।“
দুটাক ধৰাশায়ী কৰোতেই বাকী দুটা পিছলৈ ভিৰাই লৰ দিলে । তাই পিছে পিছে খেদি গ’ল । খীণটোক লক্ষ্য কৰি লৈছে । অন্তত এটাক ধৰি যোগগুৰুৰ সম্নুখত থিয় কৰালেহে তাই শান্তি পাব ।
উপপথ এৰি সিহঁতকেইটা দৌৰি দৌৰি ৰাজআলি পালেগৈ । ৰাস্তাৰ কাষৰ মানুহবোৰে আচৰিত হৈ সিহঁতক চাইছে । আগে আগে দৌৰিছে দুজন ল’ৰা । পিছে পিছে খেদিছে এজনী লনীদেহী ছোৱালীয়ে । সিহঁতৰ সৰু চহৰখনত নোহোৱা নোপোজা ঘটনা । কথাটো পুলিচৰ কাণত পৰিবলৈ বেছি পৰ নালাগিল । পুলিচৰ ভেনখন আহি তাইৰ কাষত ৰওঁতেহে তাই দেখিলে, চক্ৰবীজ দুটাক পুলিচে ইতিমধ্যে কৰায়ত্ত কৰিছে ।যোগগুৰুক লাগে তাইক । পুলিচৰ দলটোৰ মাজত তাই যোগগুৰুক বিচাৰি চলাথ কৰিলে । একমাত্ৰ যোগগুৰুৱেহে বুজিব তাইৰ যে একো ভুল নাই । নহ’লে কত যে প্ৰশ্নোত্তৰৰ সন্মুখীন হ’ব লাগিব তাই ।
মহিলা পুলিচকেইগৰাকীয়ে তাইলৈ ডিঙি মেলি মেলি চালে । তেওঁলোকৰ চকুৰ কটাক্ষ চাৱনিত তাই গম পালে তাইৰ এই কাৰ্যটিক তেওঁলোকে অকণো ভাল পোৱা নাই ।

“এইফালে কলৈ গৈছিল মেডাম?”
কলৈ গৈছিল ? কলৈ গৈছিল তাই ? উত্তৰ নাই তাইৰ ওচৰত ।
“নৈখনৰ ফালে এই সন্ধ্যাখন গাভৰু ছোৱালীজনী যোৱাৰ কি গৰজ পৰিল ? কিয় গৈছিল সেইফালে ?”,
মনে মনে থাকিল তাই । তাই নাজানে তাই কিয় গৈছিল ।এইটো ঠিক তাইৰ প্ৰিয় নৈখনৰ সন্ধ্যাপৰীয়া পছোৱাজাকে তাইক টানিছিল ।এইটো ঠিক, সমুদ্ৰৰ স্মৃতি ৰোমন্থন কৰিবলৈকে তাই ইয়ালৈ ঢাপলি মেলিছিল । এইটো ঠিক, তাইৰ একাকীত্বক নৈখনৰ লগত একাকাৰ কৰি দিবলৈকে তাই আহিছিল ইয়ালৈ ।
প্ৰকৃতিষ্ঠ হৈ উঠিছে তাই লাহে লাহে । হাজাৰটা তেজাল ঘোঁৰাৰ দৰে উন্মুক্ত উন্মাদ আত্মাটোক তাই বশ কৰি তুলিছে ।কোনোবাই যেন তাইক কাণে কাণে কৈ গ’ল, “এই বায়ু, এই পানী, এই আকাশ, এই নদীৰ সমান সমান ভাগ বিচাৰিবলৈ তই এতিয়াও সিমানখিনি অধিকাৰিনী হৈ উঠাগৈ নাই ঈশানী । কাৰণ তই এই যুগৰ নাৰী । তই এই যুগৰ নাৰী, যত পুৰুষৰ ভৰিৰ গচকত হেৰাই যায় নাৰীত্বৰ হুমুনিয়াহ।তই এই যুগৰ নাৰী ঈশানী । ইয়াত ৰাতি বিয়লি তোৰ বেমাৰী আইজনীকো অকলে হস্পিতেললৈ লৈ যাব নোৱাৰ’ ।
হয় । কিছুমান দোদুল্যমান স্থিতিৰ মাজত দুলি থাকে তাই ।চকুৰ পতাত সপোন আঁকিব পৰা ক্ষমতাকণো তাইৰ নাই । এচাম বিকৃত মানসিকতাৰ পুৰুষ, এচাম বিবেকহীন নাৰীৰ বাবেই তাইৰ দৰে অলেখজনী ঈশানীৰ শতটোপাল চকুলোৰ জন্ম । বুকুৰ মাজত সংগোপনে ৰয় অলেখ অলিখিত গল্প । হেঁপাহৰ বৰপেৰাত কুঁচিমুচি সোমাই থাকে শতছিন্ন আলোৱানৰ কজলা দাগ । দাগ ৰৈ যায় বুকুত । দাগ ৰৈ যায় হৃদয়ত ।দাগ নৰয় চকুত । দাগ নৰয় গালত, ওঁঠত নতুবা কলাফুলত । সেইবাবেই তাইৰ দৰে শূন্যতাক মেৰিয়াই থোৱা দেহা এটাইও হাৰি নাযায় কামুক পুৰুষৰ দুচকুৰ পৰা ।

নহয় । সকলো পুৰুষ একে নহয় । যোগগুৰুৰ দৰে পুৰুষ আছে । সমুদ্ৰৰ দৰে পুৰুষো এই সমাজৰে অবদান । ক’ৰবাত ভালবোৰে বেয়াবোৰক উধাবলৈ দিয়া নাই এতিয়াও । দিয়া নাই বাবেই উশাহটি তাইৰ নিজৰ নামৰ ।
যোগগুৰু আহি ওলালহি । মহিলা পুলিচকেইগৰাকীৰ মাজৰ পৰা তাই দৌৰি আহি তেওঁক আঁকোৱালি ধৰিলে । যোগগুৰুৰ এই দুখন হাত আছে তাইৰ মূৰৰ ওপৰত ।তাইৰ দৰে গৰল পি খোৱা এই এখন বুকু আছে তাইৰ হুমুনিয়াহবোৰক গতি দিবলৈ ।
“মই আছো ঈশানী । তই ভয় নকৰিবি । ব’ল, মোৰ টেবুললৈ ব’ল।“, যোগগুৰুৱে মাত মাতিলে ।
“এয়া ল’ পানী এগিলাচ খাই ল’।“, থানাখনৰ ইনচাৰ্জ, তাইৰ যোগগুৰুৱে তাইলৈ পানী গিলাচ আগবঢ়াই দিলে ।
টিভিটো অন কৰা আছিল । সংবাদ মাধ্যমে এইবাৰু তাইক বাৰুকৈয়ে পালে । টিভিত পুনৰাবৃত্তি হৈ আছিল সেই দৃশ্য । এজনী ছোৱালীয়ে দুজন লৰাক খেদি খেদি পুলিচৰ হাতত গটাই দিয়া সেই দৃশ্যই ইতিমধ্যে ৰাজ্যৰ সংবাদ মহল তোলপাৰ লগালে । বৰ হতাশ হ’ল তাই । বাৰে বাৰে তাইৰ লগতে কিয় এনেবোৰ হ’বলৈ পায় ? জনসমাগমৰ আঁতৰত থাকিব বিচাৰোতে প্ৰতিবাৰেই জনতাৰ কাঠগৰাত থিয় হ’ব লগা হয় ।
“মোৰ ভুল নাছিল গুৰু ।“, অতএব মনে মনে বহি থকা তাই লাহেকৈ মাত লগালে ।
“মই জানো কুণ্ডলিনী । তোৰ একো ভুল নাই । এটা কথা মনত ৰাখিবি, তই যিমানেই নিজক শুদ্ধ কৰি ৰাখিব বিচাৰিবি, সিমানবাৰেই পৰীক্ষা দিব লাগিব । এইবোৰ তোৰ জীৱনৰ এটি এটি পৰীক্ষা । চৌবিশ কেৰেটৰ সোণ হবলৈ তই জ্বলন্ত জুইৰ মাজত নিজকে এৰিব লাগিব ।“
ক্ৰিং ক্ৰিং ক্ৰিং
ফোনটো বাজি উঠিল ।
যোগগুৰুৱে ফোনটো কাণত ল’লে ।
“এছ পি চলিহা স্পিকিং”
“য়েচ ছাৰ ।“,
“ছোৱালীজনী ক’ত আছে ? লৰাকেইজন ?”
“ইয়াতে ছাৰ ।“
“মই গৈ আছো।“
লগে লগে থানাখন ব্যস্ত হৈ পৰিল । এছ পি চলিহা ছাৰ আহি আছে ।
তাই নিৰ্বিকাৰ হৈ বাহিৰলৈ চাই ৰ’ল । নৈখনক ভালপোৱাৰ পৰিণাম এয়া । বতাহৰ সতে মিলিব বিচৰাৰ পৰিণাম এয়া । তাইৰ যে মুক্ত মনটো আবৰি এটি শৰীৰ আছে, সেই কথাটো পাহৰি যোৱাৰ পৰিণাম এয়া ।
ঊনত্ৰিংশ খণ্ড: কুণ্ডলিনী
————————-
“কি হৈছিল ঘটনাটো ?”, এছ পি চলিহাই তাইলৈ চাই সুধিলে ।
তাই মনে মনে ৰ’ল । এছ পি চলিহা ছাৰ । তাই ভবাৰ বিপৰীতে কমবয়সীয়া যুবকজনক এছ পিৰ ৰূপত দেখি তাই আচৰিত হৈছে । সমানে আচৰিত হৈছে পুলিচৰ গৰম মেজাজৰ বিপৰীতে তেওঁৰ শান্ত সৌম্য চেহেৰা দেখি ।
তাই মনে মনে থকা দেখি পুনৰ সুধিলে তেওঁ, “কি হৈছিল কথাটো ?”
এইবাৰ যোগগুৰুৱে মাত লগালে, “ঈশানী কিবা ক’ ।”
“কথাটো বিশেষ নাছিল । মই গৈছিলো মোৰ বাটত , সিহঁতো গৈছিল মোৰ বাটত । মই গৈছিলো মোৰ সন্ধানত, সিহঁতো গৈছিল মোৰ সন্ধানত, যিটো মই বিচৰা নাছিলো । ঘটনাটোৰ উৎপত্তি তাতেই ।“, তাই ক’ব নোখোজা শব্দবোৰ উচ্চাৰণ কৰিলে ।
এছ পি চলিহাই তাইৰ কথাবোৰ শুনিলে , যেন গূঢ়াৰ্থ বুজিব খুজিলে । তাইৰ মুখখনিলৈ চাই ৰ’ল । নিমাখিত চকুযোৰ, শান্ত চকুযোৰ, ভাৱলেশহীন চকুযোৰ । টিভিত দেখা পোৱা দগমগ অঙঠাৰ তিলমানো ৰেশ চকুযুৰিত নাই ।
দুজনকৈ লৰাক ৰাজপথেৰে খেদি অনা শৰীৰৰ ক্লান্তিহীনতাত এতিয়া তাই আলাসিত ।
“বাৰু কোৱাচোন, সিহঁত কেইটা আছিল? “
“চাৰিটা ।”
“আচ্চা, বাকী দুটা পলাল ।“
“পলোৱা নাই , সিহঁত তাতে পৰি আছে । মৰা নাই চাগে ।“
“হোৱাট ? মৰা নাই । পৰি আছে ।“, এছ পি চলিহা জাপ মাৰি উঠিল ।
কলিংবেল টিপি গাড়ী সাজু কৰিবলৈ কৈ ওলাই যাওতেই আকৌ পিছুৱাই আহিল ।
“তোমাৰ ঘৰ ক’ত ? উঠা, গাড়ীত বহা । নমাই দিম ঘৰত ।“
“মোৰ স্কুটিখন আছে তাত । মোক সেইফালেই লৈ বলক ।“
“বতাহৰ সতে মিতিৰালি কৰিবলৈ আহিছিলি ঈশানী ? এতিয়া কেনে পালি ?”, এছ পি ছাৰৰ গাড়ীৰ পৰা নামি স্কুটিখন ষ্টাৰ্ট দিয়াৰ লগে লগে পছোৱাজাকে তাইক জোকালে ।
বৰষুণ এটোপাল আহি তাইৰ নাকত লাগিল । আকাশখনলৈ চালে । শূন্যতাৰে ভৰা । “নহয় বুজিছ । আকাশ বিশালতাৰো প্ৰতীক । জোন-বেলি-তৰাৰ ভৰ সহিও আকাশখনে বুকুত ডাৱৰৰ পানী সাঁচে । তোলৈকে বুলি নহয়নে ?”
কথাবোৰ কোনফালে গৈ আছে তাই নুবুজিলে । কিন্তু তাইৰ বেয়া নালাগিল । টিভিত ওলাইছে হেনো তাইৰ ছবি । তাৰমানে তাইক ইতিমধ্যে হাজাৰজনে মনত ৰাখি থ’লে । সাহিত্যহঁতৰ দলটোৱে টিভিত তাইক দেখিলেনে বাৰু ? প্ৰথমবাৰৰ বাবে সাহিত্যলৈ কৃতজ্ঞতা এটা এৰি দিলে, “তোমাৰ বাবেই মই কঠিন পথত খোজ দিয়াৰ সিদ্ধান্ত লৈছিলো সাহিত্য । এই পথ মোৰ নিজৰ হৈ উঠিব । তেতিয়া এই পথ তোমালোকৰ বাবে নিষিদ্ধ পথ হৈ পৰিব । ইয়াৰ ওচৰে পাজৰে যাবলৈকো তোমালোকৰ সাহস নহ’ব সাহিত্য । বেছি দিন নাই আৰু সাহিত্য । সেই দিনলৈ বেছি দিন নাই” ।
এছ পিৰ মুখখনলৈ মনত পৰিল । তাইৰ মুখখনলৈ চাইছিল তেওঁ । তাই তেতিয়া দুই আঙুলিৰ মাজত চুলিৰ আগটো পকাই পকাই খিৰিকীৰ পৰ্দাখনলৈ চাই আছিল । তাই জানিছিল এছ পিৰ তৃতীয় নেত্ৰই তাইক অধ্যয়ন কৰি আছে । সমূহ অধ্যয়নক মিছা প্ৰতিপন্ন কৰিবলৈ তাই মুখত নিৰ্ভাৱনাৰ প্ৰলেপ সানি লৈছিল । “অলপ জটিল হ’ব লাগিব ঈশানী । সলসলীয়াকৈ পঢ়িব নোৱাৰাকৈ তই জটিল হ’ব লাগিব”, ভিতৰৰ পৰা কি’হবাই যেন তাইক হেঁচুকি আছিল ।
“মোক এটা সংস্থাপন লাগে” ।
“নহয় মোক আচলতে এটা চাকৰি লাগে ।“
“মই কিবা এটা কৰিব বিচাৰো ।“
“মই সিহঁতৰ চকুত আতংকৰ এটা নাম হ’ব বিচাৰো ।“
এছ পি চলিহাৰ ৰূপটোত নিজকে খাপ খুৱাই চালে । মিলিব । তাইৰ দীৰ্ঘদেহী শৰীৰ , তাইৰ উদাত্ত কন্ঠ, তাইৰ প্ৰত্যুৎপন্নমতি ক্ষমতা, সিদ্ধান্তক্ষিপ্ৰ মন সকলোবোৰ খাপ খাব সেই পোছাকযোৰৰ লগত । মাথো তাই এটা বস্তু হেৰুৱালে, সেইটো হ’ল তাইৰ চাৰিবছৰীয়া ডিগ্ৰীৰ চাৰ্টিফিকেটখন । আবেগৰ কবলত পৰি কৰা অবিবেচকী কামটো এতিয়াহে মনলৈ আহিছে ।
আবেগৰ ঢৌ চৌ চৌ কৈ সৰিছিল বুকুত । বাট পোহৰাবলৈ জোনাকী পৰুৱা এটাও নাছিল । যোগগুৰুৰ বিশ্বাসে, সমুদ্ৰৰ আশ্বাসে আৰু এছ পি ছাৰৰ পোচাকযোৰে তাইক বাট দেখুৱাবলৈ জোনাক হৈ উৰিছে ।
কিবা এটা হৈছে তাইৰ ? তেজে দগমগাই বুকু ভৰিছে । অপৰিপূৰ্ণ পাত্ৰবোৰত আশাৰ ফুল ফুলিছে । “ইমান নৈৰাশ্যবাদ ভাল কথা নহয় ঈশানী”, কোনোবাই তাইৰ কাণত অহৰহ আওৰাই আছে ।
ঘৰলৈ যাব লাগে । সন্ধ্যা কেতিয়াবাই ভাগিল । তাই খোজ ললে চহৰৰ বুকষ্টলকেইখনলৈ । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিতাপ লিৰিকি বিদাৰি থাকোতেই দেখিলে দোকানবোৰ এফালৰ পৰা বন্ধ হৈ গৈছে । বাট পথ নিজম পৰিছে । সেৰেঙা আলিবাট, গোমা আকাশ । দুই এটা কুকুৰে ডাষ্টবিনত উচ্ছিষ্ট খুঁচৰি আছে । তাই বেগৰ পৰা বিস্কুটৰ পেকেট এটা উলিয়াই সিঁহতলৈ দলি মাৰি দিলে । মৰম পাই এটা কুকুৰ তাইৰ পিছে পিছে আহি থাকিল, “আৰু মোৰ ওচৰত একো নাই অ’ তোক দিবলৈ । চাচোন কি আচৰিত কথা, মোৰ মন আছে, ধন নাই । যাৰ ধন থাকে, মন নাথাকে । ৰচোন খুঁচৰি চাওঁ কিবা পাওঁ নেকি ?”, বুলি বেগটো খুঁচৰি থাকোতেই শুনিলে চিনাকী চিনাকী মৰম মিহলি বজ্ৰকঠোৰ মাত,
“ঈশানী, কি কৰিছা ইয়াত ?”
এই চহৰত তাইৰ নাম ধৰি মাতিবলৈ কোন ওলাল বাৰু ? তাই যে নষ্ট ছোৱালীৰ নাম পোৱাও শতদিন পাৰ হ’ল । নাম হেৰাল তাইৰ ।অথচ এই জনশূন্য গধূলি কোনে মাতে তাইক ঈশানী বুলি ?
বেগটো খুঁচৰি থকাৰ পৰা মূৰ তুলি চালে । দুফুট আঁতৰত ছফুটীয়া শৰীৰ । কি নাম আছিল তেওঁৰ ? হয় । পোছাকযোৰ চিনাকী ।
যোগগুৰু নহয় । এছ পি চলিহা ।
“ছাৰ ।“
“এই ৰাতিখন ইয়াত কি কৰি আছা ? ঘৰৰ মানুহে চিন্তা নকৰিব ?”
“ঘৰৰ মানুহে চিন্তা নকৰে ছাৰ । মোৰ ওপৰত বিশ্বাস আছে তেওঁলোকৰ”, মিছা মাতিলে তাই । কেনেকৈনো কয়, “মোৰ ওপৰত আস্থা-আশা একোৱেই বাকী ৰোৱা নাই তেওঁলোকৰ” ।
“তুমি কেৰাটে ক’ত শিকিলা ?”
“মোৰ গুৰুৰ ওচৰত” ।
“পঢ়া শেষ হ’ল নে পঢ়ি আছা ?”
“পঢ়ি আছো” ।
“কি পঢ়ি আছা ?”
“জীৱনৰ পাঠ” ।
“হা ? আচৰিত ছোৱালী দেখোন এইজনী । ইমান ডেমাকী উত্তৰ । অলপ আগত থানাত বহি থকা ছোৱালীজনীৰ শূন্য দৃষ্টিৰ বিপৰীতে শ শ নক্ষত্ৰৰে আলোকিত এযোৰ চকু । এইৰ বিষয়ে জানিব লাগিব“,চলিহাই মনতে ভাবি থ’লে ।
বৰষুণজাক জোৰেৰে আহিছে । ৰেইনকোট আনিছেনে বাৰু তাই ? সুধিব খুজিও তেওঁক কিহবাই বাধা দিলে । আই পি এছৰ মোহৰ লাগি আছে পিঠিত । মন গলেই বহুত কাম কৰিব নোৱাৰে তেওঁলোকে । স্কুটিখনত তাই তিতিব বুলি জানিও গাড়ীখনত উঠা বুলি ক’বলৈ সংকোচ হ’ল তেওঁৰ । চহৰ ফালি, বৰষুণ ফালি তাই গুচি গ’ল । বৰষুণত লিপিট খাই ধৰা টি-চাৰ্টটোৰ পিনে তেওঁ চাব নোৱাৰিলে । মাথোঁ চাই পঠিয়ালে মানুহবোৰলৈ, কোনোবাই তাইক চাইছে নেকি বুলি ।
(আগলৈ)

ত্ৰিংশ খণ্ড: কুণ্ডলিনী
————————-
এছ পি বাংলোত গাড়ীখন সোমালহি । নিৰাপত্তাৰক্ষী এজনে দৌৰি আহি গাড়ীৰ দুৱাৰখন খুলি দিয়াৰ আগতেই এছ পি চলিহা খৰখেদাকৈ ৰূমলৈ আহি লেপটপটো অন কৰি ল’লে । চকীদাৰজনক কৈ আহিল যে, বিশেষ জৰুৰী নহলে তেওঁ এতিয়া আৰু কাকোৱেই লগ নকৰে । মনৰ মাজভাগত জোৱাৰ ভাটা, ঈশানী নামৰ ধুনীয়া আৰু বেপৰোৱা ছোৱালীজনীৰ জোৱাৰ ভাটা । পুলিচ ডায়েৰীত ছোৱালীজনীৰ বিষয়ে কিনো আছে তাকে বিচাৰি ফুৰিছে । নাপালে । এনেকুৱা ছোৱালী এজনীৰ তথ্য পুলিচৰ ওচৰত থাকিব লাগিছিল । চলিহা ইয়াত নতুনকৈ আহি্ছে । আগৰ ফাইলবোৰ খুঁচৰি চালে । একোৱেই বিচাৰি নাপালে তেওঁ । একোৱেই বিচাৰি নাপাই হতাশ হ’ল । “জীৱনৰ পাঠ” পঢ়ি আছো বুলি কোৱা স্মাৰ্ট ছোৱালীজনীৰ স্মাৰ্ট আত্মগোপনতাত তেওঁ বাৰুকৈয়ে হতাশ হ’ল । “ঈশানী গোস্বামী বুলি গুগল চাৰ্চ ইঞ্জিনে বিচাৰি উলিওৱা সহস্ৰজনী ছোৱালী মই বিচাৰি থকা ঈশানীজনী নহয়”, তেওঁ নিজে নিজক কৈ উঠিল । দিনটোৰ সমস্ত অৱসাদ সামৰি তেওঁ লেপটপত বহিছিল । কামটো সফল নোহোৱাত অৱসাদবোৰ অস্থিৰতালৈ পৰিণত হ’ল তেওঁৰ । চকু দুটা মুদি দিলে । চকুৰ পৰ্দাত ভাঁহি আহিল বৰষুণজাকে ধুই নিয়া মেৰুনৰঙৰ টিচাৰ্টটোৰে দীৰ্ঘদেহী ছোৱালীজনী । ৰেইনকোট এটাও লগত নোলোৱাকৈ স্কুটি চলাই ঘুৰি ফুৰা ছোৱালীজনী । ডাষ্টবিনৰ কুকুৰকেইটাৰ লগত মুখচুপতি মাৰি মাৰি খোৱাবস্তু দলিয়াই থকা ছোৱালীজনী । কিবা এটা আছে তাইৰ মাজত । যিটো তেওঁ বিচাৰি বিচাৰি বিফল হৈছে তেনেকুৱা কিবা এটাৰ অধিকাৰী ছোৱালীজনী ।
ৰান্ধনি লৰাজনে তেওঁক মাতি আছে ।
“ছাৰ টেবুল সজাওঁনে ?” ৰান্ধনী লৰাজনে তেওঁৰ উত্তৰলৈ বাটচাই ৰৈছে ।
অলপ ভোক লাগিছে তেওঁৰ । কিন্তু পেটতকৈ মনৰ ভোক বেছি ।মনৰ ভোক সোনকালে পূৰণ হোৱাৰ আশা নাই । তেওঁ বুজি উঠিছে । তেওঁ অলপমান অধৈৰ্য্য হৈ উঠিছে । সাধাৰণ মানুহৰ দৰে তেওঁ গাড়ীখন উলিয়াই নিব নোৱাৰে । পাৰে, কিয়নো নোৱাৰে । কিন্তু তেওঁৰ ঘনিষ্ঠ মহলত সেইটো এটা খবৰ হ’ব পাৰে । দেখদেখকৈ ছোৱালী এজনীৰ খবৰ লৈ ফুৰিলে ছোৱালীজনীৰ চৰিত্ৰক লৈ মানুহৰ প্ৰশ্ন উঠিব পাৰে । তেওঁৰ সৰু উৎসুকতাৰ বাবে তেওঁ সেইটো কৰিব নোৱাৰে ।
ফোনটোৰ কৰ্কশ শব্দ এটা ভাঁহি আহিল । ফোনটো চালে, দেখিলে, তেওঁৰ বাকদত্তা অন্বেষাৰ ফোন । একেবাৰেই মন নাই তেওঁৰ ফোনটো ৰিচিভ কৰিবলৈ । অন্বেষাক যে কেনেকৈ লগ পাইছিল । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগত জড়িত ছটফটীয়া ছোৱালীজনীৰ বহুকেইখন ছবিয়ে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল । তাৰ মাজত এখন ফটো আছিল চলিহাই চলন্ত গাড়ীৰ পৰা জপিয়াই নামি শিশু এটিক উদ্ধাৰ কৰা দৃশ্যটো । তেওঁৰ অজ্ঞাতে সেইখন ফটো যেতিয়া আলোচনী এখনত দেখিছিল, ফটোগ্ৰাফাৰ অন্বেষাৰ লগত তেতিয়াই চিনাকী হৈছিল । কেমেৰাটো লৈ দিহিঙে দিপাঙে ঘুৰি ফুৰা মুকলিমূৰীয়া ছোৱালীজনীক তেওঁৱেই বিয়াৰ প্ৰস্তাৱ দিছিল । তেওঁৰ দৰে আই পি এছ এজনৰ তেনে প্ৰস্তাৱ নাকচ কৰাৰ কথাই নাহে । এতিয়া মাথো বিয়াৰ দিন লবলৈ বাকী । কিমান যে সহজ জীৱন তেওঁৰ । যেতিয়াই যি বিচাৰিছে তাকেই পাইছে ।
ফোনটো বাজিয়েই আছে । ৰিচিভ কৰিলে তেওঁ ।
“ৰবা দেই অন্বেষা , জৰুৰী কাম এটাত ব্যস্ত আছো । মই পিছত কৰিম তোমাক । অ’ নহয় , মোৰ চাগৈ দেৰি হ’ব । তুমি শুই যোৱা । কাইলৈ কথা পাতিম ।“, অন্বেষাক একোকে ক’বলৈ সুযোগ নিদি চলিহাই কথা সামৰিলে ।
চলিহাৰ এনেকুৱা আচৰণত অন্বেষা অভ্যস্ত হৈ পৰিছে । কোনো আপত্তি নাই তাইৰ । আচলতে জীৱনটোৰ কোনো কথাতেই তাই আজিকালি আপত্তি নকৰে । কলেজৰ সেই ঘটিব নলগীয়া দূৰ্ঘটনাটোৰ পিছত তাই কেবাবাৰো আত্মহননৰ পথ লৈছিল । মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা অন্বেষাক হাতত কেমেৰাটো তুলি দিছিল ঈশানী নামৰ তাইৰ জুনিয়ৰ জনীয়ে । কিমানদিনৰনো সম্পৰ্ক আছিল ঈশানীৰ সতে ? অথচ সৰু ছোৱালীজনীয়ে নাইট চুপাৰত তাইৰ ঘৰলৈ আহি তাইৰ সতে কথা পাতিছিল ।হাত ভৰি আচাৰি বস্তু বাহানি দলিয়াই থকা ছোৱালীজনীৰ ৰূমত যেতিয়া সকলোৱে সোমাবলৈ ভয় কৰিছিল, তেতিয়া ঈশানী আহি তাইৰ হাত ভৰিৰ বান্ধবোৰ খুলি দিছিল । ইমানেই আপোনত্ব সোমাই আছিল ছোৱালীজনীৰ মাজত । তাৰ পাছতো হেনো ঈশানীয়ে তাইৰ ডক্টৰজনলৈ ফোন কৰি তাইৰ বিষয়ে কেবাবাৰো সুধিছিল । ডক্টৰজনে পিছত তাইক এইবোৰ কথা কৈছিল ।সেই তেতিয়াৰে পৰাই ঈশানীৰ প্ৰতি তাইৰ বুকুৰ কোণত এক নিগাজী আসন । তাইক তেতিয়াৰে পৰা লগেই পোৱা নাই । কলেজখনৰ লগত যোগাযোগ নাৰাখো বুলি ভবাৰ পাছতেই গতানুগতিকভাৱেই ঈশানীহঁতৰ লগতো তাই সম্পৰ্ক নোহোৱা হৈ গ’ল । কলেজত সৰুকৈ হ’লেও তাই দাগ এটা এৰি আহিছে, কোনোবাই যেন এইমাত্ৰ সুধি পেলাব, কৈ পেলাব তাই শুনিব নিবিচৰা কথাবোৰ । ভুল হয়তো তাইৰেই আছিল । জ্যোতিষ্মান ছাৰৰ প্ৰতি তাইৰ একপক্ষীয় প্ৰেমক তাই চম্ভালিব পাৰিব লাগিছিল । নোৱাৰিছিল । কাৰণ তাই অপৰিপক্ক আছিল । ছাৰৰ বিয়াৰ কথা শুনি তাই উন্মাদিনী হৈ পৰিছিল । উন্মাদিনী হোৱাৰেইবা’ কি দৰকাৰ আছিল ? ছাৰৰেনো কি দোষ আছিল ? সকলোবোৰ তাইৰ অপৰিপক্কতাৰ দোষত হৈছিল । তাই হস্পিতেলত থাকোতে জ্যোতিষ্মান ছাৰে নববিবাহিতা পত্নীক লৈ তাইক চাবলৈ আহিছিল । এতিয়া তাইৰ ভালকৈ মনত নাই কথাবোৰ । তাইৰ স্থান লৈ পেলোৱা সেই নাৰীৰ ৰঙা কপালখনলৈ তাই মূৰ তুলি চোৱা নাছিল । শূন্য হৈ পৰিছিল তাইৰ বুকু ভৰি থকা আকাশখন । এতিয়া সেই আকাশখন শূন্য হৈ থকা নাই । এতিয়া সেইখন তাই বিশাল কৰি তুলিছে । মুম্বাইৰ গলিয়ে গলিয়ে ঘুৰি ফুৰি কেমেৰাত বন্দী কৰে আতুৰজনৰ আৰ্তনাদ । বহুকেইখন ছবিয়ে পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে । যদিও সেয়া তাইৰ লক্ষ্য নহয় । তাইৰ লক্ষ্য কেমেৰাটোৰ লেন্সত জীৱনৰ চিত্ৰঅংকণহে । বাস্তৱ যিমানে গধুৰ হ’লেও জীৱন সদায় মধুৰ । গধুৰ ভাৰটো কান্ধত তুলি ল’ম বুলি সংকল্পবদ্ধ হোৱাটোহে মূল কথা ।
টিভিটো লগাই ল’লে তাই । অবিনাশ চলিহাৰ লগত কথা পাতি সময় কটাও বুলি ভাবিছিল যদিও চলিহাৰ ব্যস্ততাত সেইটো হৈ নুঠিল । অসমীয়া নিউজ চেনেল এটা লগাই ল’লে ।
টিভিৰ পৰ্দাত ভাঁহি আহিছে এজনী জিনচ পৰিহিতা ছোৱালীয়ে দুজন লৰাক খেদি নিয়া সেই দৃশ্য । ছোৱালীজনীৰ মুখখন দেখুওৱা নাই । ধূসৰ কৰি দিয়া হৈছে । ছোৱালীজনীক লৈ ভিতৰি ভিতৰি গৰ্ব এটা অনুভৱ কৰিলে, “মোৰ ওপজা ঠাইৰ ছোৱালীবোৰ সাহসী হৈছে । বৰ ভাল লাগিছে । ছোৱালীহঁত বহুতদূৰ আগুৱাই যাবলৈ লাগিব দেই তঁহতে ।“
কৰ্ণ ফ্লেকচ এচামুচ মুখলৈ নি তাই টিভিৰ চেনেল পকাই থাকিল । দিনটোৰ বহুত ব্যস্ততাৰ অন্তত ভাগৰুৱা দেহাটিয়ে আচলতে বিছনাখনৰ সান্নিধ্য লব লাগিছিল । কিন্তু কি যে জীৱনশৈলী হৈ পৰিছে । ৰাতি বাৰ বজাৰ আগতে টোপনি নধৰে । ৰাতি বাৰবজাত তাইৰ ভিতৰৰ অন্বেষাজনীয়ে খেদে ।হোষ্টেলৰ বন্ধ ৰূমত হাতৰ সিৰা কাটি তেজ বোৱাই দিয়া সেইজনী অন্বেষাই খেদে । অবিনাশে সেই ঘটনাৰ ভূ নাপায় । বহু বছৰৰ আগতে ঘটা সেই ঘটনাটো কোনেও মনত ৰাখিব লগীযা কথা বুলি ভবা নাই । কিন্তু তাইক খেদে সেই অন্বেষাজনীয়ে । আজিও খেদে । অ’ । আজিও খেদে । দুভাগ ৰাতিৰ পৰত খেদে । যেতিয়া নিৰ্জনতাই গ্ৰাস কৰে সময়, তেতিয়া তাইৰ মাজত বিশবছৰীয়া অন্বেষাজনী জাগ্ৰত হৈ উঠে ।
জ্যোতিষ্মানকলৈ তাইৰ কোনো খেদ নাই । তাইৰ খেদ আছে সেই ঘটনাটোলৈহে । ভগৱানলৈ এটা মৃদু অভিমান এৰি দিয়ে, “মই নিজকে বুজিব পৰাকৈ ইমানখিনি পৰিপক্কতা নিদিছিলা কিয় ভগৱান ? ইমানবোৰৰ মাজত মোৰেই কিয় এনে হ’বলৈ পালে ? বাকীবোৰৰ যে কিমান নিমজ সেন্দুৰীয়া বাট ! মোৰ জীৱনৰ কেঁকুৰি সলাই পেলোৱা সেই ঘটনাটো কিয় হ’বলৈ পালে ভগৱান ? কিয় মই কলেজ এৰি গুচি আহিব লগা হ’ল ?”
চকুপানী সহজে নোলায় তাইৰ । মাথোঁ ৰাতিবোৰ অস্থিৰ হৈ পৰে । তেতিয়া তাই লেপটপ খুলি দিনৰ ক্লিকসমূহ চাই যায় । বাস্তৱত ধৰা নিদিয়া বহুত দৃশ্য ফটোবোৰত ধৰা পৰে । ধৰা পৰে তাইৰ অলক্ষিতে ঘটি থকা ওলট পালট ঘটনাসমূহ । নিমজ ৰাস্তাত সিঁচি থোৱা কাঁইটসমূহ চকুত পৰে । “খোজ লাহেকৈ দিবি অন্বেষা”, বুলি অহৰহ সঁকিয়ায় নিজকে তাই । অবিনাশে তাইৰ এই অস্থিৰতাৰ উমান নাপায় । কি যে আচৰিত ! যাৰ লগত গোটেই জীৱনৰ চুক্তি কৰি পেলাইছে তেওঁও তাইৰ মনৰ খবৰ নাপায় । ৰাতি বাৰবজালৈকে তাইক অনলাইন দেখিলে তেওঁ সিফালৰ পৰা মৃদু ধমকি দিয়ে । তেতিয়াহে তাই টেবুল এৰি বিছনাখনলৈ আহে । বহুত কামেই কৰিবলৈ আছে তাইৰ । বহুত ভাবি চিন্তিয়ে ভগৱানে তাইক পৃথিৱীলৈ পঠিয়াইছে । এটা জীৱন অথলে যাবলৈ দিবলৈ নোৱাৰে । তাইলৈ বাট চাই থকা অজস্ৰ কামৰ খাতিৰত তাইৰ স্বাস্থ্য ভালে থকাটো অতীৱ প্ৰয়োজন ।
তাই বিছনাত পৰিল । কিয় জানো তাইৰ টোপনি নাহিল ? ঈশানীলৈ বৰকৈ মনত পৰিল । ঈশানীৰ সেই হাতৰ পৰশ তাইৰ কপালত লাগিলহি । চকুলো এটোপাল বাগৰি আহিল । কলেজখনলৈ মুখ ফিৰাই নোচোৱাৰ যি সংকল্পত তাই এইবাটে খোজ ললে, সেই সংকল্পবোৰত ঈশানীৰ দৰে সুহৃদাও মচ খাই গ’ল । অথচ তাইৰ এই কেঁকুৰি নিৰ্বাচনত ঈশানীৰ ভূমিকা অনবদ্য আছিল । কাইলৈকে ঈশানীক বিচাৰিব লাগিব । ফেচবুকত বিচাৰিব লাগিব । হয়তো তাত তাইক পাই যাব ।
যোগাযোগ কৰিব ঈশানীৰ সতে । তাইৰ বুকুৰ প্ৰথমটো বৃত্তৰ নিৰ্দিষ্ট আসনত অতদিনে যে নিগাজীকৈ বহি আছে সেই খবৰ দিব ঈশানীক । ঈশানীক ধন্যবাদ নিদিয়ে, মাথোঁ জনাব তাইক, দুৰ্বল মুহূৰ্তত ঈশানীৰ হাতৰ ক্ষন্তেকীয়া পৰশে তাইক কেনেকৈ নতুন জীৱন দান কৰিছিল, সেই কথা জনাবই লাগিব তাইক । সিদ্ধান্ত এটালৈ আহি তাই গাৰুটো সাৱটি টোপনিৰ কোলাত ঢলি পৰিল ।
আৰু ইফালে অবিনাশে চিগাৰেটৰ ওপৰি চিগাৰেট হুঁপিছে । ৰাতিবোৰ নাযায় নুপু্ৱায় । পূৱে ঢলফাট দিলেই তেওঁ শেতেলী এৰি জগিঙলৈ যাব । যি পথত ঈশানীৰ স্কুটি চলে সেই পথবোৰত আপোন গোন্ধ বিচাৰি চলাথ কৰিব দুনীয়া । মাথো ৰাতিটো পাৰ হওঁক ।
(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.