গাণিতিক জীৱন – সুব্ৰতা গোস্বামী

গাণিতিক জীৱন – সুব্ৰতা গোস্বামী

গাণিতিক জীৱন – সুব্ৰতা গোস্বামী

by July 17, 2017 0 comments

হয়তো সি তেনেকুৱাই আছিল৷ অলপ বেলেগ৷ আনতকৈ অলপ বেলেগ অথবা একেই৷ কিজানি নিজকে বেলেগ কৰি ৰখাৰ চেষ্টা কৰিছিল সি অথবা বেলেগ হৈ থকাটোয়ে আছিল তাৰ স্বভাৱ৷ হয়, সি অলপ বেলেগ আছিল৷ কিন্তু সেই যে, আনৰ লগত থকা কিছু পাৰ্থক্য…তাৰ আঁৰতো জানো কিবা কাৰণ নাথাকে? থাকে৷ থাকিবই! অভয়ৰ সেই স্বভাৱেই তাক সকলোৰে প্ৰিয়পাত্ৰ কৰি ৰাখিছিল৷ কাৰো সৈতে বিশেষভাৱে ঘনিষ্ঠতা গঢ় দিব নোৱাৰাটোয়ে আছিল মূল কাৰণ৷ সি যেন বেলেগ হৈ থাকিয়ে সুখী৷ অথবা সুখী হোৱাৰ আঁৰতো আছিল এবোজা দুখৰ ৰাতি৷ ৰাতিবোৰ পাৰ হৈ যে এটা পুৱাৰ সূৰুযে তাৰ বাবে অপেক্ষা কৰি আছে, ঠিক কৰি আছে নহয় কৰিব পাৰে (!), সেই কথা তাৰ বাবে অজানা৷ কিজানি আপেক্ষিকো! এটা বৃত্তৰ যিকোনো দুটা বিন্দুয়ে নিজ নিজ কক্ষপথেৰে গৈও একলগ হয়৷ দৰাচলতে সেইটো একেটাই পথ৷ যিহেতু বৃত্তবোৰ বেকা৷ চিধা পথেৰে গতি নকৰে বৃত্তই৷ যিহেতুকে বৃত্তই বান্ধি দিয়ে নিজ নিজ পৰিসীমা৷ বৃত্তৰ বিন্দুবোৰ সেয়ে হয়তো স্বাধীন নহয়৷ সিহঁত সদায়েই নিয়মৰ অধীন৷ সেই নিয়মেই কিজানি বৃত্তক কৰি ৰাখিছে সুকীয়া৷ বৃত্তৰ যেনেকৈ আৰম্ভণি আছে, শেষো আছে৷ ভীতিৰ জীৱনৰো সীমা আছে৷ তাইও জীৱন বৃত্তৰ অধীন৷ কিন্তুু তাই পৰাধীনো নহয়৷
.
নিয়মে জীৱন শৃংখল কৰে৷ নিয়মে পথ দিয়ে৷ নিয়মবোৰ মানি চলে বাবেই বৃত্তৰ নিজা সৌন্দৰ্য আছে৷ সেই নিয়মে ভীতিক পৰাধীনতাৰ পাঠ কেতিয়াও দিয়া নাই৷ কিন্তু অভয় বেলেগ৷ মোৰ ধাৰণা হয়, সি গতি কৰি থকা বিন্দুটো কোনো বৃত্তৰ অংশ কাহানীও হ’ব নোৱাৰে৷ কাৰণ
তাৰ জীৱনবোধে কোনো ব্যক্তিকে সাঙুৰি ল’ব নোৱাৰে৷ সীমাহীন গতি, পৰিধিবিহীন আকৃতিত সি এডাল সৰলৰেখা৷ সৰলৰেখা কেতিয়াও ক’তো লগ নালাগে৷ যাৰ গতিয়েই অবাধ৷ যাৰ কোনো অংশ বাকী নৰয় কাহানীও৷ হয়, হয়, অভয়ৰ জীৱনটো এডাল সৰলৰেখা৷ অপেক্ষাহীন, বন্ধনহীন জীৱন৷ ঠিকেই ধাৰণা হৈছিল মোৰ,
জীৱনৰ জ্যামিতিত ভীতি বক্ৰ ৰেখাই আছিল৷ আছিল বুলি ক’লেও ভুল হ’ব৷ তাইৰ দৰে স্বাভাৱিক প্ৰত্যেকজন লোকেই জীৱন বৃত্তৰ অংশ৷ তেন্তে অভয় কি আছিল? অস্বাভাৱিক?!
.
অভয়ে ভুল কৰিছিল৷ সি বাৰে বাৰে ৰূপান্তৰ কৰিব বিচাৰিছিল ভীতিক এডাল সৰলৰেখালৈ৷ ঠিক দুডাল সমান্তৰালভাৱে গৈ থকা সৰলৰেখা৷ যিদুডাল কেতিয়াও ক’তো লগ নালাগিব৷ তাইও ভুলটো তাতেই কৰিছিল৷ লোকৰ দৃষ্টিত দুডাল পৰস্পৰৰ মিল থকা সমান্তৰাল সৰলৰেখা৷ কিন্তুু লোকে যে নুবুজে, চিধা হৈ গতি কৰাৰ বেথাঁ!
মোৰ কি ভাৱ হয় জানেনে, জীৱনটো গণিত নহয়৷ আনেও কৈ গৈছে একেটা কথাই৷ ওহো! জীৱনটোৰ গাণিতিক বিশ্লেষণ নকৰিবা, কেতিয়াও৷ জীৱনৰ কোনোদিনে সঠিক উত্তৰ নোলায়৷ কেতিয়াবা দশমিকৰ পিছত বাঢ়ি যায় সংখ্যাবোৰ৷ ভীতি সংকিত হয়৷ কিন্তুু ক্লান্ত নহয়৷ লোকে কয়, দেখাত সহজ সকলোবোৰ গণিত সহজ নহ’বও পাৰে৷ এনেও তাই আজিকালি গণিতত কেঁচা হৈ পৰিছে৷ বিপৰীতে অভয়ে সলসলাই কৰি যায়, তাই ভুল কৰা সকলোবোৰ গণিত৷ ইতিকিংসূচক চকুযোৰ তাই চাব নোৱাৰা হৈ পৰিছে আজিকালি৷
.
নিমিলা গণিতবোৰ মিলাব গৈ আমি একো নাপাওঁ আচলতে৷ কিন্তুু চেষ্টাটো কৰিবই লাগিব৷ মগজুৰ কছৰৎ, কলমৰ অগ্ৰগতি৷ জ্যামিতিত চিত্ৰবোৰ সঠিক হ’বলৈ পেঞ্চিলডাল সদায় জোঙা হোৱাটো প্ৰয়োজনীয়৷ কিন্তুু বাঞ্ছনীয় নহয়৷ ভোটা পেঞ্চিলৰ আগেৰে জ্যামিতি আঁকিব নোৱাৰি৷ অভয়ৰ সৰলৰেখাৰ বিন্দুবোৰ মাজে মাজে কক্ষচ্যুত হ’ব খোজে৷ কি ঠিক, জানোচা তাৰো মন যায় বক্ৰৰেখা হ’বলৈ! সময়ত সি হৈ পৰে বক্ৰ৷ ভোটা পেঞ্চিলেৰেই সি আঁকে বিন্দু৷ যি বিন্দুই সৃষ্টি কৰে এটি বৃত্ত৷ যি বৃত্তত থাকে ভীতিয়ে অঁকা বিন্দুটিও৷ ভোটা আৰু জোঙা পেঞ্চিলেৰে অঁকা এই বৃত্তটো পিছে দূৰৰপৰাই ধুনীয়া দেখি৷ বক্ৰৰেখাৰ পথ ক্ৰমাৎ সলনি হৈ পুনৰাই হৈ পৰে চিধা, সমান, সৰল৷ যি সৰলতাই জীৱনৰ গাণিতিক চিত্ৰ কৰি তোলে কুৎচিত৷ কিন্তুু…কিন্তুু এটা ৰৈ যায় সদায়৷ বৃত্তৰ মাজত ৰৈ যোৱা বিন্দুটোৰ সম ভীতিৰ ৰেখা হোৱাৰ যি চেষ্টা, সময়ত সেই চেষ্টা হয় বিফল৷ অথবা মোৰ ধাৰণা, সৰলৰেখাৰ আকৃতিৰে গতি কৰা অভয়ৰ জীৱনৰ যি বিন্দু সেয়া বক্ৰ কৰিবলৈ কৰা যত্নত ভীতি অসমৰ্থ৷ লোকৰ কথা থাকক৷ মই ভাবো, অভয় বেলেগ আছিল৷ কিজানি অস্বাভাৱিকো৷ সি অভয় হ’ব নোৱাৰিলে৷ দৰাচলতে বৃত্তৰ গতিত ঘূৰি ফুৰা ভীতি গাণিতিক জীৱনত হৈ পৰিল অভয়া৷■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.