জীৱন এনেকৈয়ে -বন্দিতা গগৈ বৰা

জীৱন এনেকৈয়ে  -বন্দিতা গগৈ বৰা

জীৱন এনেকৈয়ে -বন্দিতা গগৈ বৰা

by July 17, 2017 0 comments

গেটখন খুলি ইটা পাৰি থোৱা পথটিৰে মূল পথৰ ফাললৈ দয়ানন্দ বৰুৱা আগবাঢ়িল৷ হাতত লাখুটিডাল আজি তেওঁ নিজেই লৈ আনিছে৷ ইমান দিন এইডাল তেওঁৰ বিছনাৰ কাষতে বেৰত এনেই সজাই থোৱা আছিল৷ হঠাতে এই তিনিমাহমানৰ ভিতৰতে যেন বৰুৱাৰ বয়স বহুত বাঢ়ি গ’ল৷ সচাঁকৈয়ে তেওঁ যেন বুঢ়া হৈ গ’ল৷ মূল পথৰ কাষে কাষে থকা পদপথেদি তেওঁ আগুৱাই গ’ল৷ বৰ অকলশৰীয়া যেন অনুভৱ হ’ল তেওঁৰ৷ আনদিনা এনে সান্ধ্য ভ্ৰমণত তেওঁৰ কাষে কাষে পত্নী মাধুৰী আহিলহেঁতেন, দেশৰ নানা খবৰ, নানা কথা কৈ কৈ৷ হু-হু কৰি বৰুৱাই মাধুৰীৰ কথাত সহাঁৰি দি গ’লহেঁতেন! মাধুৰীয়ে খোজকাঢ়ি যাওঁতে বাটৰ দুইকাষৰ ঘৰবোৰত কোনটোত কি ফুল ফুলিছে, কি ফল লাগিছে চাই যায় আৰু বৰুৱাকো দেখুৱায়৷ ফুল-ফলৰ গছৰ প্ৰতি মাধুৰীৰ বৰ চখ৷ কোনোদিন আকৌ মাধুৰীয়ে কৰবাত নতুন ফুল দেখিলে মানুহঘৰৰ বেৰাৰ কাষলৈ গৈ জুপি জাপি চায়৷ বৰুৱাৰ খং উঠে,

“হেৰা, মানুহৰ ঘৰলৈ তেনেকৈ জুপি জুপি চাইছা, মানুহে কি ভাবিব বাৰু?”
“কিনো ভাবিব অ’? মই কিবা ডেকা ল’ৰা জুমি চোৱা নাই নহয়!” – কৈয়ে মাধুৰীয়ে হাঁহে, প্ৰাণখোলা হাঁহি৷
মনত পৰি বৰুৱাৰ আজিও হাঁহি এটি নিগৰি ওলাল, কিন্তু ইফালে-সিফালে চাই মাধুৰীক নেদেখি বৰুৱাৰ বুকুখন কিহবাই যেন হেঁচি ধৰিলে৷ এই সান্ধ্যভ্ৰমণৰ অভ্যাসটোও মাধুৰীয়েই গঢ়ি তুলিছিল৷ মাধুৰী আৰু বৰুৱাৰ সান্ধ্যভ্ৰমণৰ মাজত বহুবছৰ পাৰ হৈ গ’ল৷ ডাঙৰ ল’ৰা অৰুণাভে খোজকাঢ়িবলৈ সুবিধা হ’ব বুলি এই লাখুটিডাল আনি দিছিল৷ বোলে পিছল খাই পৰিলে দিগদাৰ হ’ব, কঁকাল, ভৰি ভাঙিলে লেঠা আৰু লাখুটি থাকিলে বাটৰ কুকুৰেও ভয় কৰে৷ কিন্তু মাধুৰীয়ে আনিবলৈ নিদিয়ে৷ লাখুটি ল’লে বুঢ়া-বুঢ়া লাগিব হেনো! কিয় মইনো কি ডেকাটোহে বুলি বৰুৱাই ক’বলৈহে পাইছিল, মাধুৰী জকজকাই উঠিছিল, বোলে আপুনিহে বুঢ়া হৈছে মই নাই হোৱা নহয়৷ নাতিনীৰ বিয়াত নাচিব পৰাকৈ মই এতিয়াও খামিডাঠ হৈ আছোঁ৷ আপুনি লাখুটি লৈ গ’লে আপোনাকতো মানুহে বুলি বুঢ়া ভাবিবই আৰু আপোনাৰ পত্নী হিচাবে ময়ো লগতে বুঢ়ী হৈ যামচোন? মাধুৰীৰ এই যুক্তিত বৰুৱাই হাঁহিছিল, আজিও মনত পৰি হাঁহি উঠিল তেওঁৰ৷ পাছমুহূৰ্ততে মনত পৰিল মাধুৰী যে নাই, বুকুখন মোচৰ খালে বৰুৱাৰ৷ আগুৱাবলৈ সত নগ’ল তেওঁৰ, ঘৰলৈ বুলি উভতি খোজ ল’লে৷ মাধুৰী থকা হ’লে সেই শিশুউদ্যানখনলৈকে খোজ দিবলৈ বাধ্য হ’লহেতেন তেওঁ৷ সেইখনৰ ওচৰলৈ গৈ বাহিৰৰ ৰেলিঙত ধৰি সৰু ল’ৰা-ছোৱালীবোৰৰ খেল চাই খন্তেক আপোন পাহৰা হৈ ৰয় মাধুৰী৷ নাতি-নাতিনীকেইটাৰ মুখকেইখন মনলৈ আহে চাগৈ সেইসময়ত তেওঁৰ৷ বৰুৱাই পঢ়িব বিচাৰে মাধুৰীৰ সেইসময়ৰ মনৰ কথা,
“কি ভাবিছা মাধু?”
“একো নাই, বলক উভতোঁ, ইহঁতলৈ ফোন এটা কৰিব লাগিব মাইনুৰ পৰীক্ষা চলি আছে নহয়৷” – কৈয়ে মানুহজনীয়ে উভতি খোজ লৈছিল৷ কিমান আশা মনত লৈ মানুহজনী হঠাতে গ’লগৈ৷ ডাঙৰ ল’ৰাৰ ডাঙৰ নাতিৰ বিয়াখন চাবলৈ মন আছিল মানুহজনীৰ৷ আৰু এবছৰ বাছি থকা হ’লেও! কণাবিধাতাৰ ইমান লৰালৰি হ’লনে বাৰু? শোকে খুন্দামাৰি ধৰিলে বৰুৱাৰ৷ যাব লাগিছিল মইহে, মোৰ মাধুৰীক কিয় লৈ গ’ল? যেনেতেনে আহি ঘৰৰ বাৰান্দাত ভৰি দিলেহি বৰুৱাই, বাৰান্দাৰ বেতৰ চকীখনত অলসভাৱে দেহটো এৰি দিলে তেওঁ৷ ডাঙৰ ল’ৰাই ঠিক কৰি থৈ যোৱা তেওঁক চোৱাচিতা কৰা মহিলা ৰেণু দৌৰি আহিল,
“ককা কি হ’ল? গা বেয়া কৰিছে নেকি?”
“নাই কৰা, পানী এগিলাচ দে৷”
ৰেণুৰ হাতৰ পানীগিলাচ কোটকোটকৈ পি খালে বৰুৱাই৷ নিজৰ কোঠালৈ সোমাই গ’ল তেওঁ৷ কোঠাৰ মেজৰ ওপৰত কাপোৰৰ দম এটা৷ জাপি-জাপি থোৱা মাধুৰীৰে মেখেলা-চাদৰ সেইবোৰ, আলনাখনলৈ ঘূৰি চাই দেখে মাধুৰীৰ এযোৰো কাপোৰ তাত নাই৷
“ৰেণু, অ ৰেণু৷”
“কি হ’ল ককা?”
“বেগাই এইফালে আহ৷” বৰুৱাৰ মাতত ৰেণু উধাতু খাই দৌৰি আহিল৷
“আলনাৰ পৰা মাধুৰীৰ কাপোৰবোৰ কিয় আঁতৰাইছ?”
“ককা দাদাই কৈছিল?”
“কি কৈছিল সি?” ডাঙৰ পুতেক দুদিন আগতে আহি তেওঁৰ খা-খবৰ লৈ এৰাতি থাকি গৈছে৷
“দাদাই কৈছিল, আইতাৰ কাপোৰবোৰ আলনাৰ পৰা আঁতৰাই পেলাবলৈ, ভাল কেইখন মোক ল’বলৈ কৈছিল, বাকীবোৰ কাৰোবাক ….” ৰেণুৰ কথা শেষ হ’বলৈ নিদিলেই বৰুৱাই, গৰজি উঠিল,
“খবৰদাৰ, মই জীয়াই থকালৈকে মাধুৰীৰ কাপোৰত কোনেও হাত নিদিবি, এতিয়াই ইয়াৰ অলপ আলনাত জাপি আধা মোৰ আলমাৰীত ভৰাই থ৷” বুকুখনত হাতেৰে চেপি তেওঁ বিছনাখনত বহিল৷
“ৰেণু, তোক কিবা কাপোৰ লাগিলে মোৰ পৰা পইচা লৈ যাবি৷” তলমূৰকৈ ৰেণুৱে কাপোৰবোৰ জাপি আছিল আলনাত৷ তাইলৈ এনেয়ে চাই ৰ’ল৷ মাধুৰী অসুস্থ হওঁতেই ৰেণু আৰু ৰেণুৰ সৰু পৰিয়ালটোক মাক-দেউতাকক চাবলৈ ইয়ালৈ ল’ৰাহঁতেই বিচাৰি আনিছিল৷ মাধুৰী গ’লগৈ, থাকি গ’ল তেওঁ৷ পুতেকহঁতৰো সময়ৰ অভাৱ বৰকৈ খা-খবৰ লৈ থাকিবলৈ; সেয়ে এইবাৰ এটা সিন্ধান্ত জনাবলৈ আহিছিল ডাঙৰপোণা৷ দেউতাক এনেকৈ অকলে থাকিলে সিহঁতৰো চিন্তা লাগি থাকে, সেয়ে দেউতাকক বৃদ্ধাশ্ৰম এখনত থবলৈ বিচাৰিছে সিহঁতে৷ অন্ততঃ নিচিন্ত হৈ থাকিব পাৰিব সিহঁত আৰু দেউতাকেও অকলশৰীয়া অনুভব নকৰিব৷ ঘৰটো ভাৰা দিব৷ এয়াকৈ কৈ সি গৈছিল৷ তেওঁ হা-না একো কোৱা নাছিল৷ কিমান আশাৰে গঢ়া এইখন ঘৰ৷ মাধুৰীৰ স্মৃতি বিজড়িত এই ঘৰ৷ আশা কৰিছিল মাধুৰীয়ে ইয়াতে এটা হ’লেও নাতিয়েকৰ বিয়াখন পাতিব৷ একোৱেই চাবলৈ নাপালে মানুহজনীয়ে৷ এতিয়া মানুহজনী নাই, কিন্তু তেওঁৰ স্মৃতিকে লৈ বাকীকেইটা দিন বাৰু চলিবলৈ নাপাব নেকি তেওঁ?
“ৰেণু, এটা কথা শুনাচোন!”
“কওঁক ককা৷”
“মই বেমাৰত পৰিলে তহঁতি মোক চাবিনে?”
“কিনো কথাবোৰ কয় ককা, আপুনি কিয় বেমাৰত পৰিব? গা বেয়া লাগিছে নেকি?”
“গা বেয়া লগা নাই, মই সোধাটো ক৷”
“কৰিম ককা৷ আপোনাৰ সেৱা কৰিবলৈকেতো আমাক ৰাখিছে৷”
“এতিয়াটো মই ভালেই আছোঁ, একেবাৰে বিছনাত পৰিলে চাবিনে?”
“ককা কিনো সুধি থাকে, আপুনি যিমান দিন বিচাৰে চাম৷”
“ যা, চাহ একাপ আনগৈ ৰেণু৷”
ল’ৰাহঁতে বিচাৰে তেওঁ লগ-সংগ পাবলৈ বৃদ্ধাশ্ৰমলৈ যোৱাটোৱেই ভাল হ’ব৷ ইয়াত হঠাতে কিবা এটা হ’লে কোনে চাব? হওঁতে ৰেণুহঁত আছে, কিন্তু সিহঁতক আৰু কিমান বিশ্বাস কৰিব পাৰি৷ ভৰি দুখন ধুবলৈ বৰুৱা কোঠা সংলগ্ন বাথৰুমলৈ গ’ল৷ বাথৰুমৰ বেচিনৰ ওপৰত থকা আইনাত নিজৰ মুখখন চালে। বিশ্বাস, এটা শব্দ। এটা সৰু শব্দ, কিন্তু ইয়াৰ বৰ শকতি আছে৷ আমি কোনেও নেদেখা ভগৱানজনকো বিশ্বাস কৰোঁ, তেতিয়াহ’লে আজি অতদিনে দেখি অহা এই হোজা পৰিয়ালটোক বিশ্বাস কৰিব নোৱাৰিম নে? মাধুৰী অসুস্থ হৈ থাকোতে ৰেণুৱে যিখিনি পৰিচৰ্যা কৰিছে তেওঁৰ পো-বোৱাৰী এটায়ো চোন কৰিব পৰা নাছিল! দিনে -নিশাই ছাঁৰ দৰে লাগি থকা এই অভাৱী পৰিয়ালটোক তেওঁৰ অভিজ্ঞ চকুৱে বুজাত জানো ভুল কৰিছে! ল’ৰাহঁতে যুক্তি দিছে মানুহ বিশ্বাস কৰিবলৈ টান, তেওঁৰ হঠাতে হোৱা অসুস্থতাৰ সুযোগ লৈ যদি ইহঁতে কিবা কৰে! মুখখন মচি-মচি কোঠালৈ সোমায়েই বৰুৱাৰ ৰেণুৰ ওপৰত চকু পৰিল৷ তাই টেবুলত চাহ থৈ তেওঁলৈ অপেক্ষা কৰি আছে, তাইৰ হাতত তিতাঁ গোমোচাখন দি চাহকাপ লৈ বিছনাত বহিল তেওঁ৷ এই যে একান্তবাধ্য এই ৰেণু নামৰ মানুহজনী, কৰোঁ বুলি ভাবিলে তাই এতিয়াও বহু কিবা কৰিব পাৰে৷ কিন্তু তাই বা তাইৰ গিৰিয়েকে কৰা নাই, নকৰে; এই সাধাৰণ কথাটোকে তেওঁৰ দুই পুত্ৰই বুজিব পৰা নাই৷ আৰু তেওঁৰ কিবা হ’বলগীয়া থাকিলে যিকোনো পৰিস্থিতিতে হ’ব, সেয়া লাগিলে ইয়াতে হওক বা বৃদ্ধাশ্ৰমতে হওক৷ মাধুৰীৰ ইমান সোনকালে কিবা এটা হ’ব বুলি কোনে ভাবিছিল? কোনো অসুখ নথকা মানুহজনী হঠাতে গ’লগৈ ইয়াতকৈ ভয়ংকৰ আৰু তেওঁৰ জীৱনত কি হ’বলৈ আছে৷
“ককা আজি ভাত খাবনে, ৰুটি খাব?”
“ভোকেই নাইচোন!”
“নাই কিবা এটা খাবই লাগিব, নহ’লে আপোনাৰ টোপনি নাহে৷ আইতাই সদায়ে কৈছিল মোক৷”
“কি কৈছিল তোৰ আইতাৰে?”
“কৈছিল, ককাৰাই ভোক নাই বুলি ক’লেও জোৰকৈ খুৱাবা, নহ’লে টোপনি নাহে৷” – কৈয়ে তাই চাদৰৰ আঁচলেৰে চকুদুটা মোহাৰি কোঠাৰ পৰা ওলাই গ’ল৷
“যি দিয় দিবি যা৷” বৰুৱাই বিছনাতে গাৰু দুটা থিয়কৈ দি আওজি বহিল৷ সকলোকে আপোন কৰিব পাৰিছিল মাধুৰীয়ে, ৰেণুকো নিজৰ ছোৱালীৰ দৰেই মৰম কৰিছিল৷ সেয়ে আইতাকৰ কথা ক’বলৈ লৈ ৰেণুৰ চকু সেমেকি উঠিল৷ ইহঁতক অবিশ্বাস কৰাৰ প্ৰশ্নই আহিব নোৱাৰে, ইহঁতে মাধুৰীক আৰু বৰ্তমান তেওঁক কৰি থকা সেৱা-শুশ্ৰূষাৰ কথা পাহৰিব নোৱৰা৷ এই ঘৰখনত তেওঁ নমৰালৈক মাধুৰীৰ স্মৃতিৰ সৈতে জীয়াই থাকিব বিচাৰে৷ এটা নতুন পৰিবেশলৈ যাব পৰাকৈ মানসিকভাবে প্ৰস্তুত নহয় তেওঁ৷ আগতে কোনোবাই বৃদ্ধাশ্ৰমৰ কথা উলিয়ালে তেওঁ কৈছিল শেষ বয়সত হোষ্টেলত থকাৰ দৰে লাগিছে চাগৈ৷ এতিয়া তেওঁকো যে পুতেকহঁতে হোষ্টেলত থব বিচাৰিছে? নাই তেওঁ ইয়াতে মৰিব বিচাৰে, মাধুৰীৰ হাতেৰে গঢ়া এই ঘৰটোৰ মাজত৷ মাধুৰীৰ ফুলৰ টাববোৰ, ৰেণুৰ যত্নত পুনঃ ঠনধৰি উঠিছে। সৰু ফুলনিখন, শাক-পাচলিৰ বাগানখন, এইবোৰৰ মাজতে তেওঁ মাধুৰীক ঘূৰাই পায়৷ বৃদ্ধাশ্ৰমত যে তেওঁ উশাহ ল’বলৈকে কষ্ট পাব৷ আজি মাধুৰীৰ কাপোৰকেইখন আলনাৰ পৰা আঁতৰাই নিওতেই তেওঁ বুকুত বিষ অনুভব কৰিছে তেনেস্থলত কেনেকৈ আঁতৰি থাকিব এই ঘৰটোৰ পৰা, অ’তসোপা স্মৃতিৰপৰা! নাই ৰেণুহঁতৰ সৈতে তেওঁ ইয়াতেই নমৰালৈকে বাস কৰিব৷ ৰেণুহঁতৰ ভৱিষ্যতৰ বাবে কিবা এটা কৰি থৈয়ো যাব তেওঁ৷
ৰাতি ৰেণুৱে কৰি দিয়া ৰুটি-ভাজি খাই বিছনাত পৰিল বৰুৱা৷ সুন্দৰ টোপনি আহিল৷ পুৱা চৰাইৰ কিচিৰ-মিচিৰ মাতত সাৰ পালে৷ কাপোৰ সাজ ঠিক-ঠিক কৰি বাহিৰলৈ ওলাই আহিল৷ বাৰান্দাত ৰেণুৰ চতুৰ্থ শ্ৰেণীত পঢ়া ল’ৰাটোৱে পঢ়ি আছিল৷
“ককা উঠিলে৷”
“অ কাণাই উঠিলোঁ, আজি কি পৰীক্ষা আছে অ’ তোৰ?”
“সমাজ বিজ্ঞান ককা৷”
“পঢ়, পঢ়৷” বুলি কৈ বৰুৱা গেটৰ ফালে আগুৱালে৷
“ককা, লাখুটিডাল লৈ যাওক৷” পাছফালৰ পৰা ৰেণুৱে দৌৰি অহাদি আহি তেওঁলৈ লাখুটি ডাল আগুৱাই দি আকৌ কৈ উঠিল,
“আজি পুৱাই খোজকাঢ়িবলৈ ওলাল যে ককা!”
“ভাবিছোঁ আজিৰপৰা পুৱাই খোজকাঢ়িম৷”
“এইডাল লওক ককা৷”
“এইডাল নালাগে, পেলাই দে। আইতাৰে লাখুটি ল’লে বেয়া পাইছিল, আৰু মই এতিয়াও লাখুটি লৈ খোজ কাঢ়িবলগীয়া হোৱাকৈ বুঢ়া হোৱা নাই বুজিছ!” তেওঁ খোজ ল’বলৈ লৈ থমকিল, ৰেণুলৈ চাই পুনঃ কৈ উঠিল,
“ৰচোন ৰহ, তয়ো মোক ককা বুলি মাত তোৰ লৰায়ো ককা বুলি মাতে, শুনিবলৈ ভাল নালাগে অ’! তই আৰু তোৰ মানুহটোৱে আজিৰ পৰা মোক দেউতা মাতিবি বুজিছ৷ শুনিছনে?”
“হ’ব দেউতা৷” ৰেণুৰ সৰু মাতটো বৰুৱাৰ কাণত গুঞ্জড়িত হ’ল, বৰুৱাই আনন্দ মনেৰে পুৱাৰ ভ্ৰমণলৈ বুলি খোজ ল’লে৷
****

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.