টাৱাং, এনফিল্ড ইত্যাদি — উজ্জ্বল দিপ্লু গগৈ (৮ম খণ্ড)

টাৱাং, এনফিল্ড ইত্যাদি  — উজ্জ্বল দিপ্লু গগৈ  (৮ম খণ্ড)

টাৱাং, এনফিল্ড ইত্যাদি — উজ্জ্বল দিপ্লু গগৈ (৮ম খণ্ড)

by July 17, 2017 0 comments

 

মিড মাৰ্চ; অসমত তেতিয়া গৰম আৰম্ভ হৈছে৷ টাৱাঙত কিন্তু তেতিয়াও সাংঘাতিক ঠাণ্ডা আছিল৷ সোঁতৰ বিপৰীতে বতৰৰ সোৱাদ ল’বলৈকে বিছনাৰপৰা উঠি আহিলোঁ৷ পৰ্দাখন আঁতৰাই খিৰিকীখন খুলিয়েই টাৱাং মনেষ্ট্ৰীটো চকুত পৰিল৷ ৰাতিপুৱাৰ ৰ’দত চিকমিকাই থকা মনেষ্ট্ৰীটো স্ব: চক্ষে পোন প্ৰথমবাৰৰ দেখা পালোঁ৷ সৰুৰেপৰাই টাৱাঙৰ প্ৰতি এটি সুতীব্ৰ আকৰ্ষণ মোৰ মনৰ মাজত বিৰাজমান আছিল আৰু সেই আকৰ্ষণক অধিক গাঢ় কৰি তুলিছিল য়েছে দৰজী ঠংচি চাৰৰ “শৱ কটা মানুহ” কিতাপখনে বিশেষকৈ মনপাসকলৰ জীৱন-শৈলীৰ বিষয়ে উপস্থাপন কৰা তেওঁৰ লিখনিয়ে৷ দিশান দা আৰু আইচেঙো শুই উঠিছিল৷ মুখ-হাত ধুই ফ্ৰেচ হোৱাৰ পাছত আমাৰ তিনিওৰে মাজত কথা-বতৰা চলিল; প্লেনিং, হিচাব-নিকাচৰপৰা সকলোধৰণৰ কথা৷ Bulls of Assam Motor Cycle Clubৰ এইয়া বাৰ্ষিক টাৱাং এক্সপেডিচন আছিল যদিও ক্লাবৰ ৰাইডটো প্ৰতিবছৰে বুমলা পাছলৈকে টাৰ্গেট লোৱা থাকে৷ এইবাৰো তাৰ ব্যতিক্ৰম নাছিল৷ কিন্তু আমাৰ বাবে ডাঙৰ বাধা হৈ পৰিল তালৈ যোৱাৰ পাছখন পোৱাৰ ক্ষেত্ৰত৷ টাৱাং প্ৰশাসনে অতিপাত বৰফ পৰি বুমলাৰ ৰাস্তা বন্ধ হৈ থকা বাবে তালৈ যাবলৈ কাকো পাছ দিয়া নাছিল৷ তথাপিও আমি কিবাকৈ পাছ উলিয়াব পাৰি নেকি চেষ্টা কৰি চাবলৈ সহমত হ’লো৷ দিশান দাই সকলোকে মাতি পঠিয়ালে বুমলা যাবলৈ কাৰ কাৰ মন আছে সেইয়া জানিবলৈ৷ দুই-এজনে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলেও সৰহ সংখ্যকে যাবলৈ নিজৰ অনিচ্ছুকতা প্ৰকাশ কৰিলে৷ আগদিনাৰ চেলা পাছৰ শিহৰণকাৰী অভিজ্ঞতাৰ পাছত সৰহ সংখ্যকেই শাৰীৰিক আৰু মানসিকভাৱে সন্ত্ৰস্থ হৈ আছিল৷ কোনোবা এজনে কৈয়েই দিছিল “চেলাই গোটেই বডী চেলচেলাই দিলে, এতিয়া আৰু বুমলা যাই জানি-বুজি নিজৰ পিঠিত ব’ম বান্ধি ল’বলৈ নাই৷ ’ শেষত সকলোৱে থিৰাং কৰিলোঁ যে আমি টাৱাঙৰ স্থানীয় ঠাইবিলাক ফুৰিম৷ ল’বচাঙ আহি সকলোকে সুপ্ৰভাত সম্ভাষণ জনালে৷ তেখেতেও আমাক বুমলা যোৱাৰ ৰিস্ক ল’বলৈ মানা কৰিলে৷ ব্ৰেকফাষ্ট ৰেডী হৈছিল; ৰূমতে দি যাবলৈ অৰ্ডাৰ কৰিলোঁ৷ জোতা-মোজাবোৰ তেতিয়াও কিছু তিতি আছিল বাবে ৰূম হিটাৰৰ কাষত থ’লোগৈ৷ তেনেতে ৰূমলৈ মানস আৰু ধ্ৰুৱ সোমাই আহিল৷ দুয়ো বুমলা যোৱাৰ বাবে কথা পতাৰ সময়ত আহি পোৱা নাছিল; সেয়েহে তাহাঁত দুয়োকে দেখি আমি চক্ খাই উঠিলোঁ৷ চেলা পাছত দুয়োৰে আইচ বাইট হৈছিল আৰু সেয়েহে দুয়োৰে চকু ৰঙা পৰি উখহি আছিল৷ ভালকৈ চকু মেলিব নোৱাৰি দুয়োৰে তথৈবচ অৱস্থা হৈ আছিল৷ লোকেল দৰৱৰ ক্ষেত্ৰত আমাৰ অসমীয়াবোৰ সদায়ে ওস্তাদ৷ কোনোবা এজনে কেঁচা আলুৰ পটি চকুত দিবলৈ ক’লে৷ বহুত দেৰি চকুৰ ওপৰত আলুৰ টুকুৰা লৈ দুয়ো শুই থাকিল৷ দিশান দায়েও চকু দৰৱ এটা বিচাৰি আনি দিছিল, সেইয়া দিয়াৰ পাছতেই দুয়োৰে চকুৰ অসুবিধা উপশম হ’বলৈ ধৰিল৷
টাৱাং চহৰখন ফুৰাৰ মানসেৰে সকলোকে ওলাবলৈ কৈ দলজিত, মই আৰু হিমে নিজ নিজ কেমেৰা লৈ হোটেলৰ পাছফালে আমি বাইক পাৰ্কিং কৰি ৰখা মানুহ এঘৰলৈ ওলাই গৈছিলোঁ৷ ঠাইখিনি মুকলি আছিল; খালী চকুৰেই নতুবা কেমেৰাৰ লেন্সেৰে হ’লেও দূৰ-দূৰণিলৈকে ঠাইবোৰ দেখা পাইছিলোঁ৷ টাৱাঙখনৰ চাৰিওকাষ বৰফেৰে আবৃত হৈ আছিল৷ জুম আৰু ফ্ৰেমিঙৰ সমাহাৰ কৰি তিনিও বহুসময় ফটো উঠালোঁ৷ বাইকবিলাকলৈ চাই দেখিলোঁ বোকা-পানীৰে সৈতে অৱস্থা একেবাৰে বেয়া হৈ আছিল৷ ইতিমধ্যে বাকীসকলো আহি পাইছিলহি৷ সকলোৰে লগত আলোচনামৰ্মে আমি বাইকবোৰ এবাৰ মেকানিকৰ ওচৰত দেখুৱাই ল’বলৈ ঠিক কৰিলোঁ৷ দিশান দা আৰু ল’বচাঙে আমাক জনালে যে আমি সেইটো নিশাৰ বাবে আন এখন হোটেল বুমলা ইনলৈ চিফ্ট কৰিম আৰু আমাৰ বস্তুবোৰ ল’বচাঙে আন এখন গাড়ীত উঠাই হোটেলখনলৈ পঠাই দিব৷ ইতিমধ্যে ৰ’দটো ভালদৰে ওলাইছিল৷ বাইকবোৰ শাৰী পতাই গেৰেজলৈ নিবলৈ ল’লো৷ টাৱাঙ চহৰত এটা কথা মন কৰিলোঁ এটা নিৰ্দিষ্ট বস্তুৰ দোকানবিলাক প্ৰায় ওচৰা-ওচৰিকৈ থাকে৷ বাইকৰ গেৰেজবিলাকো একেলগেই আছিল৷ ঠিক কৰিবলগীয়া বাইকবোৰ গেৰেজত জমা দি আমি কেইজনমান পিলিয়ন হৈ বহি ল’লো৷ চহৰৰ মাজত ইমানকেইখন বাইকৰ শাৰী দেখি মানুহবোৰে ঘূৰি ঘূৰি চাবলৈ ধৰিছিল৷
টাৱাং চহৰৰ মুখ্য আকৰ্ষণ হৈছে চহৰত থকা মনেষ্ট্ৰীটো৷ সাগৰপৃষ্ঠৰপৰা প্ৰায় ১০০০০ফুটত থকা চহৰখনৰ স্থানীয় জনসাধাৰণ সকল হৈছে মুখ্যত: মনপাসকল৷ চহৰৰ মাজমজিয়াৰপৰা অলপ ওপৰত থকা মনেষ্ট্ৰীটো চহৰখনৰ যিকোনো স্থানৰপৰা দেখা পোৱা যায়৷ বুৰঞ্জীত পোৱা মতে মনেষ্ট্ৰীটো লড্ৰে গ্যাটচু নামৰ এজন লামাই পঞ্চম দালাই লামাৰ মনোকামনা পূৰণৰ অৰ্থে নিৰ্মাণ কৰিছিল ১৬০০ শতিকাৰ মাজভাগত৷ সাধাৰণতে ইয়াক টাৱাং মনেষ্ট্ৰী বুলি কোৱা হয় যদিও প্ৰকৃত নামটো হৈছে টাৱাং গাল্ডেন নামগে লাটচে্৷ তিব্বতৰ ৰাজধানী নিষিদ্ধ মহানগৰী লাছাৰ মনেষ্ট্ৰীৰ পাছতেই টাৱাং মনেষ্ট্ৰীটো হৈছে ২য় সৰ্ববৃহৎ৷ সোমোৱাৰ পোনবাটতে থকা জুপুৰী আকাৰৰ গেটখনক কাকালিং বুলি জনা যায়৷ ভিতৰলৈ থকা মূল মণ্ডপ আৰু উপাসনাস্থলীক দুখাং বুলি কোৱা হয়৷ দুখাঙৰ ভিতৰতে গৌতম বুদ্ধৰ প্ৰকাণ্ড মূৰ্তি এটা বিৰাজমান৷ অতীব সুন্দৰকৈ সজাই থোৱা দুখাঙৰ ভিতৰছোৱা লামাসকলৰ উপাসনা আৰু অধ্যয়নৰ ঠাই৷ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিটো পৰিয়ালৰ পৰা কোনো এজন লোক মনেষ্ট্ৰীত লামা হৈ সেৱা আগবঢ়োৱাটো তেওঁলোকৰ নিয়ম৷ সহজ-সৰল আস্তিক মনপা লোকসকল ভগৱান উপাসনাৰ ক্ষেত্ৰত ইমানেই বিশ্বাসী যে তেওঁলোকে বুদ্ধৰ নাম নোলোৱাকৈ আনকি খোৱা বস্তুৰ বিন্দুকণো মুখলৈ নিনিয়ে৷ পৰম্পৰা অনুসৰি বিভিন্ন সময়ত বিভিন্ন উৎসৱ তেওঁলোকে অনুষ্ঠিত কৰে৷ তাৰ ভিতৰত বিশেষভাৱে উল্লেখনীয় উৎসৱ হৈছে চোকছাৰ, লুচাৰ, আজিলামু আৰু টৰ্গ্যা৷ আমি তাত থকা কেইদিনমানৰ পাছতেই দালাই লামা টাৱাং ভ্ৰমণলৈ অহাৰ কথা আছিল আৰু সেইবাবে টাৱাং নগৰীৰ লগতে মনেষ্ট্ৰীটোকো সুন্দৰকৈ সজাই তোলা হৈছিল৷ আগতেই উল্লেখ কৰিছোঁ যে য়েছে দৰজী ঠংজী ছাৰৰ শৱ কটা মানুহখন পঢ়াৰ পাছত মনপাসকলৰ প্ৰতি মোৰ অনিসন্ধিৎসু মনটোৱে কথাবোৰক জীৱন্তভাৱে পাবলৈ খুদুৱাই আছিল৷ তেখেতৰ কিতাপখনত পোৱা ৰিমপুচে শব্দটোৰ প্ৰতি মোৰ আকৰ্ষণ আৰু বাঢ়িছিল৷ দালাই লামাৰ আশীৰ্বাদপুষ্ট সন্ন্যাসিনী এগৰাকীৰ জীৱনধাৰণৰ পদ্ধতিৰ বিষয়ে জানিবলৈ বাৰুকৈয়ে মন গৈছিল৷ মনতে কোনোবা এজন বয়োজ্যেষ্ঠ লামাক সেই বিষয়ে সোধাৰ তীব্ৰ হাবিয়াস হৈছিল কিন্তু সেইয়া পূৰণ নহ’ল৷ লামাসকল মনেষ্ট্ৰীৰ কিবা বিশেষ কামত ব্যস্ত থকাৰ বাবে বিফল মনোৰথ লৈ উভতিব লগা হৈছিল৷ যি কি নহওক, ল’বচাঙ আৰু তেখেতৰ লগৰ দুজনমানে ৰাতিলৈ জনাই নজনাই আমাক বহু কথা কৈছিল ৰিমপুচেৰ বিষয়ে৷ স্বাভাৱিকভাৱে মনেষ্ট্ৰীৰ ভিতৰত সোমোৱাৰ পাছত আমাৰ কেমেৰাবিলাকে ক্লিক ক্লিক কৰিব লৈছিল৷ গোটেই গ্ৰুপটোৰ একেলগে ফটো উঠাৰ পাছত আমি নিজ নিজ ভাগে ফটো আৰু চেল্ফি উঠালোঁ৷ বৌদ্ধ ধৰ্মীয় প্ৰাৰ্থনা কেনেকৈ কৰে নাজানো কিন্তু সৰ্বশক্তিমান এজনেই বুলি মনত প্ৰৱল বিশ্বাস আছে সেয়েহে দুখাঙৰ ভিতৰলৈ সোমাই গৈ দুই হাতযোৰ কৰি আঠুকাঢ়ি সেৱা জনাই প্ৰাৰ্থনা কৰিলোঁ৷ মনেষ্ট্ৰীৰ পৰা ঘূৰি আহিবলৈ সময় হৈছিল; গুৱাহাটীৰ ক্লাবৰপৰা ফোন আহিছিল, ক্লাবৰ পেজত দিবলৈ ফটো লাগে বুলি৷ ক্লাবৰ লগ’টো ফকাচ কৰি বহুকেইখন ফটো উঠালোঁ৷ বাইকবোৰ ঘূৰোঁতে ল’বচাঙে ভিডিঅ’ কৰি গ’ল Bulls of Assam Motorcycle Clubৰ ৰাইডাৰসকলক৷
আমাৰ পৰৱৰ্তী লক্ষ্যস্থান আছিল নগৰৰ মাজমজিয়াত সাজি উলিওৱা ডাঙৰ বুদ্ধৰ মূৰ্তিটো৷ বাহিৰত যথেষ্ট বতাহ মাৰি আছিল৷ আইচেঙৰ বাইকৰ পাছফালে বহি দুয়ো কথা পাতিলোঁ এইবাৰতো বুমলা নহ’ল কিন্তু অহা বছৰ আকৌ আহিম বাপ্পেক্কে৷ বুদ্ধ মূৰ্তিটোৰ ওচৰত বহু পৰ্য্যটক আছিল কিন্তু আমাৰ বাইকবিলাক তাত সোমাই প্ৰতিখন এটা শাৰীত ষ্টেণ্ড কৰাৰ পাছত মানুহবিলাকৰ বহুতেই আঁতৰি দিছিল আৰু বহুজনে আহি ফটো উঠিছিল৷ এটা কথা মন কৰি আছিলোঁ ট্ৰিপটোৰ আৰম্ভণিৰেপৰা, আমাৰ গ্ৰুপৰ বহুকেইজনে ভাল ফটোগ্ৰাফী কৰিব পাৰে৷ টাৱাঙৰ মুকলি ঠাইত সেইয়া ভালকৈ প্ৰস্ফুটিত হৈছিল৷ বিশেষকৈ ৰাইডাৰ মনোৰঞ্জনে নিজৰ ম’বাইলেৰে সম্পূৰ্ণ বুদ্ধ মূৰ্তিটো আৰু বাইকৰ টেংকত খোদিত ৰয়েল এনফিল্ড নামটোৰে এখন সুন্দৰ ফটো আমাক উপহাৰ দিছিল৷ সকলোৱে একমুখে ক’বলৈ বাধ্য হৈছিলোঁ মজ্জা৷ ফটো চেচনৰ সময়খিনি তাত যথেষ্ট ফূৰ্তিদায়ক আছিল; শুই-বহি-বাগৰি আমি তাত ফটো উঠিছিলোঁ৷ কেইটামান প্ৰাণখোলা হাঁহিৰে আমি তাৰপৰা উভতিছিলোঁ৷
ইতিমধ্যে আমাৰ হোটেল সলনি হৈছিল৷ গেৰেজত থোৱা বাইকবোৰ লৈ আমি উভতি আহিছিলোঁ হোটেল বুমলা ইনলৈ৷ নতুন হোটেলখনৰ কাষতে টাৱাঙৰ বজাৰখন আছিল৷ ফুৰিবলৈ গ’লে মই বেছি বজাৰ নকৰোঁ যদিও স্মাৰকস্বৰূপে কেইপদমান বস্তু সদায়ে কিনি আনোঁ৷ টাৱাঙৰ বজাৰখনতো ওম মানে পদ্মে হুন সম্বলিত ধৰ্মীয় পতাকাকেইখনমান, সন্মানীয় ব্যক্তিক মনপাসকলে প্ৰদান কৰা স্থানীয় গামোচা আৰু চীনামাটীৰ কেইটামান কাপ মই আৰু ৰাইডাৰ ৰণিতে কিনিলোঁ৷ আমাৰ বহুজনে কম দামতেই গৰম কাপোৰ কিছুমান কিনিলে৷ আইচেঙ আৰু দলজিতে কিৱি ফল বিচাৰি বজাৰখন চলাথ কৰিছিল কিন্তু নোপাৱাৰ বাবে নিৰাশ হৈছিল৷ ৰণিত আৰু মই দুয়ো বজাৰখনৰ কিছুমান দোকানত সোমাই বস্তুবিলাক এনেয়ে দৰাই চালোঁ৷ দুই-এখন দোকানত সোমাই পোহাৰী চুপতিও মাৰিলোঁ৷ হোটেলত আমাৰ বাবে খাদ্য ৰেডী হোৱাৰ ফোন অহাত সকলো উভতি আহিলোঁ৷ চিকেনৰ আইটেম আছিল পাছে মুখত দিয়েই গম পালোঁ ফ্ৰিজত থৈ দিয়া পুৰণা মাংস আছিল সেইয়া৷ ল’বচাঙে ক’লে সতেজ মুৰ্গীৰ মাংস খুব কমহে টাৱাঙত পোৱা যায় কাৰণ ঠাণ্ডাত মুৰ্গীবিলাক ডাঙৰ কৰিবলৈ বহুত কষ্ট হয় সেয়েহে মানুহবোৰে প্ৰায়ে তেজপুৰৰপৰা মাংস আনি ফ্ৰিজত থৈ দিয়ে৷ যি কি নহওক পেট পুৰাই খাইছিলোঁ সকলোৱে৷ আমাৰ পৰৱৰ্তী যাবলগীয়া স্থান আছিল টাৱাঙ নগৰৰ বাহিৰত লাউ নামৰ ঠাইখনত ল’বচাঙে সাজি থকা এখন ৰিজৰ্ট য’ত আমাৰ বাবে কেম্প ফায়াৰৰ সৈতে ল’বচাঙে পাৰ্টী এটাৰ আয়োজন কৰিছিল৷ ভাত খাই উঠি অলপ জিৰণি লোৱাৰ পাছত আমি তালৈ যাত্ৰা আৰম্ভ কৰিলোঁ৷ সন্ধিয়া হৈ আহিছিল; টাৱাঙলৈ সোমোৱা ঠাইটুকুৰাতে টাৱাঙৰ একমাত্ৰ তেল ডিপোটো আছে৷ পাহাৰীয়া ঠাইত সদায়ে মানি চলিবলগীয়া নিয়মবোৰৰ অন্যতম হৈছে য’তেই পেট্ৰল পোৱা যায় তাতেই টেংকি ভৰ্তি কৰিব লাগে৷ আমি সকলোৱে টেংকিবিলাক ভৰ্তি কৰি থাকোঁতেহে মন কৰিলোঁ আমাৰ গ্ৰুপৰ কেইজনমানে ৰাস্তা ভুল কৰি বেলেগ ৰাস্তাৰে গুচি গ’ল৷ প্ৰথমবাৰৰ বাবে দিশান দাৰ খঙ উঠা দেখা পাইছিলোঁ; প্ৰেমক প্ৰায় ধমকিৰ সুৰতেই হেৰোৱাকেইজনক বিচাৰি যাবলৈ ক’লে৷ তেনেতে এগৰাকী ভদ্ৰমহিলা গাড়ী এখন লৈ তাত উপস্থিত হৈছিলহি৷ আমাৰ AS ৰেজিষ্ট্ৰেচনৰ বাইকবোৰ দেখিয়েই তেখেতে চিঞৰি চিঞৰি সুধিলে, এই চোকৰালোগ ইতনা ঠাণ্ড মেই কাম নেহী হ্যেই ক্যা টাৱাঙ আন্যে কা? ল’বচাঙে স্থানীয় দোৱানত কিবা কথা পতাৰ পাছত তেওঁ গুচি গৈছিল৷ ইতিমধ্যে হেৰোৱাকেইজন আহি আমাক যোগ দিয়াৰ পাছত আমি ল’বচাঙৰ নিৰ্মীয়মান ৰিজৰ্টলৈ যাত্ৰা আৰম্ভ কৰিব লৈছিলোঁ৷
(নৱম খণ্ড)
লবচাঙৰ লাহউৰ ওচৰৰ অওডাঙত নিৰ্মীয়মান ৰিজৰ্টখন গৈ পাওঁতে ৰাস্তাটো কুঁৱলীৰে ঢাক খাই আছিল৷ অসময়ৰ কুঁৱলী হোৱাৰ বাবে নাকেৰে চুউটকৈ শব্দ এটা ওলাল৷ চৰ্দিৰ ইংগিত৷ অওডাঙখন টাৱাঙৰ বহু তলত হোৱাৰ বাবে ঠেক ৰাস্তাৰে নামি যাবলৈ অলপ ৰোমাঞ্চকৰ হয়৷ বহুকেইটা পাক ঘূৰাৰ পাছত আমি নিৰ্মীয়মান ৰিজৰ্টখন পাইছিলোঁ৷ আমাৰ বাবে কেম্প ফায়াৰৰ সৈতে নাচ-গান সকলো বস্তুৰে যোগাৰ লবচাঙে কৰি ৰাখিছিল৷ প্ৰকাণ্ড পুৰণা পেৰাচুট এটা চামিয়ানা হিচাপে ৰখা হৈছিল৷ ভিতৰৰ আন এটা টেণ্টত লবচাঙৰ লগৰ কেইজনমানে আড্ডা দি আছিল৷ জুই জ্বলাই ৰখা আছিল, চকীবোৰত আমাক বহিবলৈ দি লবচাঙ লগৰকেইজনৰ ওচৰলৈ গ’ল৷ ক্ষন্তেক পাছতে ঘূৰি আহি আমাক জনালে যে ওচৰৰ গাওঁখনৰ কোনোবা এজন লোক ঢুকাল, সেয়েহে তেখেতৰ পৰিয়াল আৰু গাওঁবাসীৰ দুখৰ সমভাগী হৈ সাতটা দিনৰ বাবে গান-নাচৰ অনুষ্ঠানবিলাক বাতিল কৰিছে৷ লবচাঙৰ কথাতে গম পালোঁ, সেইয়া তেওঁ আমাৰপৰা অনুমতি বিচৰা নাছিল; মাথোঁ আমাৰ জ্ঞাতাৰ্থে জনাইছিল৷ আমাৰ সমাজখনলৈ মনত পৰিছিল সেইসময়ত; আমিওটো এনেদৰেই এজনৰ দুখত আনজন সমভাগী হওঁ৷ কেম্প ফায়াৰিং অৱশ্যে আমাক কৰিবলৈ দিয়া হৈছিল৷ জুইৰ চাৰিওকাষে বহি আমি আড্ডা দিছিলোঁ৷ নামমাত্ৰ পানীয় লোৱাৰ পাছত আমিও তাত বেছি সময় নকৰিলোঁ৷ হোটেল বুমলা ইনলৈ পুনৰ ঘূৰি আহি আমি বাইকবোৰ পাৰ্কিঙত থলোঁ৷
আগতেই উল্লেখ কৰিছোঁ যে টাৱাঙৰ দোকানবোৰ সন্ধিয়াতে বন্ধ কৰে সেয়েহে আমি ঘূৰি অহালৈ কোনো দোকান-পোহাৰ খোলা নাপালোঁ৷ হোটেলত সকলোৱে সোনকালে ভাত খাই নিজৰ নিজৰ ৰূম সোমাইছিল৷ দিশান দা, মই আৰু আইচেঙে ট্ৰিপটোৰ খৰচৰ হিচাব-নিকাচবোৰ কৰাত লাগিলোঁ৷ দলজিতো সেইৰাতিৰ বাবে আমাৰ ৰূমত থাকিবলৈ আহিছিল৷ লবচাঙে আমাক যথেষ্ট চোৱা-চিতা কৰিছিল৷ তেখেত লগৰ দুজনৰ সৈতে আমাৰ ৰূমলৈ আহিছিল৷ আহিয়েই তেওঁ আশা কৰামতে ৰিজৰ্টত পাৰ্টীতো কৰাব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু তাৰ ক্ষতিপুৰণৰ বাবে আমালৈ এবটল গৰম আৰাক লৈ আহিছিল৷ আৰাকৰ কথা বহুতদিনৰে পৰা শুনিহে আছিলোঁ; মুখৰ আগত পোৱাৰ লগে লগে জিভাই তগবগাব ধৰিলে৷ বহুতো ভ্ৰমণপ্ৰিয় লোকে ভ্ৰমণৰ মাজত স্থানীয় জনজাতীয় সুৰাৰ জুতি বিচাৰে৷ সৰু সৰু কাপ কেইটামানত লৈ আমি আৰাকৰ সোৱাদ ল’লো৷ সোৱাদটো হাফলংৰ ডিমাচাসকলৰ জনজাতীয় সুৰা জুদিমাৰ সৈতে প্ৰায় একেই৷ গৰম আৰাকৰ প্ৰস্তুতি প্ৰণালীও প্ৰায় আমাৰ সাঁজপানীৰ লগত একেই৷ মনপাসকলৰ ধৰ্ম মুখ্যত: তিব্বতীয় বৌদ্ধ৷ অৰুণাচলৰ কালাকটাং, ডিৰাং আৰু টাৱাঙত বিস্তৃত হৈ থকা মনপাসকলৰ এটা মুখ্য অংশ তিব্বততো আছে৷ লবচাঙৰ বন্ধু এজনে কৈছিল, তেওঁলোকৰ পূৰ্বপুৰুষৰ বহুতো সম্বন্ধীয় লোক তিব্বতৰ সীমান্তৱৰ্তী চহৰবোৰৰ বাসিন্দা৷ কথাৰ মাজতে তেওঁলোকে কৈছিল একমাত্ৰ দালাই লামাৰ প্ৰতি ভাৰত চৰকাৰৰ সুভাৱ থকাৰ বাবেহে টাৱাঙৰ বাসিন্দাসকলে চীনৰ অংশ হ’বলৈ মন নেমেলে, কাৰণ তেওঁলোকৰ বাবে দালাই লামা হৈছে ঈশ্বৰৰ অন্য এটি অৱতাৰ৷ ক্ৰমান্বয়ে আধুনিকতাৰ চাপ পৰা মনপাসকলে হয়তো তেওঁলোকৰ ঠাইখনৰ পৰ্য্যটন উদ্যোগৰ কথা অনুভৱ কৰিব পৰা হৈ আহিছে৷ সেয়েহে ল’বচাঙহতঁৰ দৰে বহুলোকে আজিকালি টুৰিষ্ট গাইড, গাড়ী আৰু হোটেলৰ ব্যৱসায়ত আগতকৈ দুগুণ উৎসাহেৰে নামি পৰিছে৷ তাৰ উপৰিও তেওঁলোকৰ পৈতৃক গৰম কাপোৰৰ উৎপাদন, দলিচা বনোৱা আৰু কাঠত ফুল কটা ব্যৱসায়ত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে চাহিদা বঢ়াব ধৰিছে৷ মনপাসকলৰ শৱ দিয়াৰ বিষয়ে সুধিছিলোঁ তেওঁলোকক৷ শৱ কটা মানুহত লিখাৰ দৰেই তেওঁলোকে জনালে ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি শৱটো থাম্পাসকলে ১০৮ টুকুৰা কৰি নদীত উটুৱাই দিয়ে৷ ল’বচাঙৰ বন্ধুজনে কৈছিল তাৰ অন্তৰালত থকা বিজ্ঞানসন্মত কথা৷ হিন্দুসকলৰ মৃতদেহ দাহ কৰিলে বায়ু প্ৰদূষণৰ ভয় থাকে, মুছলমানসকলৰ ক্ষেত্ৰতো কবৰত দিয়াৰ পাছত ভূ-প্ৰদূষণৰ আশংকা; সেয়েহে তেওঁলোকে মৃতদেহটো কাটি নদীত উটুৱাই দিয়ে আৰু সেইয়া মাছে খাদ্য হিচাপে খাই পেলায়৷ মনতে ভাবিলোঁ এওঁলোকে দেখোন বুদ্ধিমানৰ কামেই কৰে কিন্তু পাছমুহূৰ্ততে মনতে সিদ্ধান্ত ল’লো টাৱাঙ আহিলে ভৱিষ্যতে কেতিয়াও মাছ নাখাওঁ৷ নিশা ১মান বজালৈকে আড্ডা চলি আছিল৷ এজনে সুধিলে জেমিথাঙৰ ৰহস্যৰ বিষয়ে তহঁতে জাননে? সচাঁ কথা ক’বলৈ গ’লে আমাৰ এজনৰো জেমিথাঙৰ বিষয়ে বিশেষ জ্ঞান নাছিল৷ মাত্ৰ গাওঁখন ৰহস্যময় বুলিহে শুনিছিলোঁ৷ তেওঁলোকে কৈ গ’ল জেমিথাঙলৈ যাবলৈ মনপা লোকসকলে কিয় নিবিচাৰে৷ লোকবিশ্বাসমতে জেমিথাঙৰ লোকসকল সাংঘাতিকভাৱে অন্ধবিশ্বাসী আৰু সেই প্ৰৱণতা ইমানেই বেছি যে তাৰবাবে তেওঁলোকে মানুহক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ তেওঁলোকে কৈছিল জেমিথাঙলৈ গ’লে তাৰ বাসিন্দাসকলে খুউব আদৰ-সাদৰেৰে অতিথিজনক নিজৰ ঘৰলৈ লৈ নিশাটো কটাবৰ বাবে লৈ যায়৷ ৰাতি খাদ্য গ্ৰহণৰ সময়ত বিন্দুমান বিহ তেওঁলোকে খাদ্যবস্তুত মিহলাই দিয়ে৷ বিহসনা খাদ্য খোৱাৰ পাছত লাহেকৈ অতিথিজন মৃত্যুৰ কোলাত ঢলি পৰে৷ জেমিথাঙবাসীয়ে বিশ্বাস কৰে যে অতিথিজনক যদি তেওঁলোকে হত্যা কৰিব পাৰে তেন্তে তেখেতৰ আত্মাৰ সৌভাগ্যখিনি হত্যাকাৰীজনৰ শৰীৰলৈ গুচি আহে৷ কথাবোৰ শুনি আমাৰ মুখবিলাক মেল খাই পৰিছিল৷ আমাৰে কোনোবা এজনে ধেমালি কৰি ল’বচাঙৰ লগৰকেইজনক সুধিলে আপোনালোকৰ কোনোবাজনৰ ঘৰ জেমিথাঙত নহয়তো?
ক’ত জানো কুকুৰা এটাই ডাক দিছিল, বহি থকাৰপৰা উঠিলোঁ, খিৰিকীখন খুলি চেচাঁ বতাহ এচাটিৰ সন্মুখীন হ’লো৷ হেঙুলীয়া আভা এটা দূৰৈত জিলিকিছিল৷ গম পালোঁ ৰাতিপুৱাবৰ হৈছে৷ লবচাঙ আৰু লগৰকেইজনে বিদায় ল’বলৈ লৈছিল৷ উৰে নিশা আড্ডা মাৰি আমাৰো চকুবিলাক পুৰিবলৈ লৈছিল৷ তেওঁলোকক আমি আমাৰ ক্লাবৰ বেডজ এটা দিলোঁ আৰু লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰপৰা পোৱা নতুন একটকীয়া নোট একোখনকৈও দিলোঁ৷ বিছনাত অলপ সময়ৰ বাবে শুই দিছিলোঁ, ৰাতিপুৱা ৮বজাত আমি ব’মডিলালৈ ঘূৰি যোৱাৰ কথা৷ হোটেল বুমলা ইননখন বজাৰৰ ওচৰতে হোৱাৰ বাবে ৰাতিপুৱাই কোলাহল শুনা পাইছিলোঁ সেয়েহে বেছি সময় শুব নোৱাৰিলোঁ৷ টাৱাঙত সেইয়া আমাৰ শেষ ৰাতিপুৱা আছিল৷ বেলিটো ওলাই অহা দেখি ভাল লাগিছিল কাৰণ কমচেকম ঘূৰি যোৱাৰ সময়ত চে-লা পাচৰ কষ্টখিনি কম হ’ব৷ বাইকবোৰ ষ্টাৰ্ট কৰি ওভতনি যাত্ৰাৰ বাবে সাজু হ’লো৷ বেগবোৰত বস্তু অলপ বেছি গধূৰ হৈছিল লগতে আমাৰ মনবোৰো গধূৰ হৈ আহিছিল৷ দিশান দায়ে ঘূৰি যোৱাৰ আইটিনিয়েৰীখন চবকে বুজাই ক’লে৷ বাইকবোৰ ষ্টাৰ্ট কৰি আমি জঙ নামৰ ঠাইখনত থকা নুৰানাঙ জলপ্ৰপাতলৈ যাবলৈ সাজু হ’লো৷ নুৰানাঙ জলপ্ৰপাতটো টাৱাঙৰ পৰা বমডিলালৈ যাওঁতে জঙ চহৰখনৰ কাষতে পায়৷ প্ৰায় ১০০মিটাৰ উচ্চতাৰ জলপ্ৰপাতটোত এটা সৰু হাইড্ৰেল প্ৰজেক্ট আছে৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নুৰানাঙৰ জলপ্ৰপাতৰ ওচৰতে নুৰানাঙ নদীখন আহি টাৱাঙ নদীৰ লগ লাগিছে৷ বতৰ অলপ ফৰকাল হৈ থাকিলে বহু পৰ্যটক আহি ঠাইখনত কেম্পিং কৰেহি৷ বলীউডৰ কয়লা চিনেমাখনৰ এটা গীতৰ অংশৰো চিত্ৰগ্ৰহণ এই স্থানতে হৈছিল৷ ফটো চেচন হোৱাৰ পাছত আমি নুৰানাঙৰপৰা চে-লা পাচলৈ আগবাঢ়িলো৷ পুনৰ ওপৰলৈ বাইক উঠাই থাকোঁতে সকলোৱে অনুভৱ কৰিলোঁ বাইকৰ স্পীড বহুত কমি গৈছে৷ আচলতে মাধ্যাকৰ্ষণৰ বিপৰীত দিশে যোৱাৰ বাবে আৰু লগতে বোকাৰে বাইকবোৰ লেটিপেটি হৈ থকাৰ বাবে তেনে হৈছিল৷
যশৱন্তগড় গৈ পোৱাৰ পাছত আমি তাত বেছি সময় নষ্ট নকৰিলোঁ৷ মনতে ভাবি অহা কেইটামান বস্তু কিনি লোৱাৰ পাছত আমি চে-লা পাচৰ বুকুত আকৌ বাইক উঠালোঁ৷ বৰফবোৰ গলি থকাৰ বাবে এইবাৰ চেলাত বোকা আৰু পানী সাংঘাতিকভাৱে বৃদ্ধি পাইছিল৷ তদুপৰি জোৱানবিলাকৰ ডাঙৰ ট্ৰাকবোৰৰ বাবে ৰাস্তাটোত ডাঙৰ লীক সৃষ্টি হৈছিল৷ তললৈ থিয় গৰাবোৰ আৰু ৰাস্তাটো বোকাৰে পিছল হৈ পৰিছিল৷ বুজি পালোঁ যে বৰফ নাথাকিলে চলাব পাৰিম বুলি ভবা কথাবোৰ অনৰ্থক আছিল৷ বাইকৰ গিয়েৰ আনি ১নম্বৰত লগালোঁ, ক্লাচ আৰু ব্ৰেক সম্পূৰ্ণৰূপে মুকলি কৰি দি মাত্ৰ বাইকৰ হেণ্ডেল আৰু ভৰিৰ খোপনিৰে বাইকখ চলাই থাকিলোঁ৷ চকা ইমানেই পিছল খাইছিল যে আগৰ চকাটোৰে কোনোবা এটুকুৰা ঠাই পাৰ কৰাৰ লগে লগে পাছৰ চকাটো বেকাঁ হৈ গৈছিল৷ বুকুৰ সাহ আৰু ডাঠ কৰি লাহে লাহে আগুৱাই থাকিলোঁ৷ আইচেঙ আৰু মই ৰৈ যোৱাসকলক লৈ যাবলৈ শেষতেই আছিলোঁ৷ আহি আহি এঠাইত দেখা পালোঁ ৰণিতে তাৰ বাইকখন লৈ ৰৈ আছে৷ ওচৰ পাওঁতে সি ক’লে তাৰ ৰিয়ৰভিউ গ্লাছ এখন ভাঙিলে আৰু বোকাৰপৰা থিয় গৰাঁত পৰি যাম বুলি সি ভয় খাইছে৷ একো নহয় পাৰিম ব’ল বুলি তাক সাহস দি আগুৱাই নিবলৈ ল’লো৷ আইচেঙে বোকাৰ মাজেৰে ৰাস্তা উলিয়াবলৈ আগলৈ গ’ল আৰু ৰণিতক মাজত লৈ মই শেষত ৰ’লো৷ তিনিও আগবাঢ়ি গৈ থাকোঁতে বিপৰীত দিশৰপৰা হঠাৎ এখন জোৱানৰ ট্ৰাক আহি ওলাল, আইচেঙ লগে লগে সেইখিনি পাৰ হৈ যাব পাৰিলে যদিও ৰণিত তাতেই ফঁচি গ’ল আৰু তাৰ পাছে পাছে মই৷ হঠাতে ব্ৰেক মাৰিবলগা হোৱাত ট্ৰাকখনৰ পাছ চকা বোকাত পিছল খাই আহি ৰণিতৰ বাইকৰ ঠিক আগত ৰ’লহি৷ অলপমান আৰু পিছল খোৱা হ’লেই হয়তো ৰণিতৰ বাইকত চকাটো লাগিলহেঁতেন৷ ভিতৰৰপৰা জোৱান এজনে হিন্দীত আমাক বেয়াকৈ গালিও পাৰিলে৷ কিন্তু সেইসময়ত গালিলৈ কাণ যোৱা নাছিল৷ মোৰ বাইকখন কিবাকৈ বোকাৰপৰা উঠাই গৰাৰ কাষলৈ নিলোঁ৷ স্থানীয় কামকৰা বনুৱা এজনো দৌৰি আহিল৷ এইবাৰ তেওঁ আৰু মই দুয়ো লগলাগি ৰণিতৰ বাইকখন থেলি গৰাৰ কাষলৈ নিলোঁ৷ ট্ৰাকখন পাৰ হৈ গ’ল৷ স্বস্তিৰ নিশ্বাস পেলালোঁ৷ আমাৰ বাকীসকল ইতিমধ্যে আগুৱাই গুচি গৈছিল৷ দুই-এজন বোকাত পৰাৰ বাহিৰে যোৱাৰ সময়ত হোৱাৰ দৰে চেলাত আন দুৰ্ঘটনা হোৱা নাছিল৷ অৱশেষত আহি আহি দোকানকেইখনমানৰ ওচৰত সকলো লগ হৈছিলোঁ৷ অলপ চাহ আৰু চকলেট খোৱাৰ পাছত কাষৰ পৰ্বতটোত থকা বৰফখিনিলৈ সকলো আগুৱাই গ’লো৷ মনৰ হেপাঁহ পূৰ হোৱাকৈ বৰফত বাগৰ দি ফটো উঠিলোঁ৷ কোনোবা এটাই চিঞৰিলে হেপাঁহ এটা পূৰণ হ’ল ঐ মনৰ…৷ আমি সুধিলোঁ…কি? বহুতদিনৰেপৰা বৰফত টিকাচোঁচৰা এটা দিবলৈ মন আছিল, আজি পূৰণ হৈ গ’ল৷
চেলা পাৰ হৈ যাওঁতে আমাৰ বাবে আন গাড়ীবোৰ ট্ৰেফিকত ফচিছিল৷ এইবাৰ ঘূৰি আহোঁতেও একেই হ’ল৷ চেলাটপ মানে চেলালেকৰ ওচৰত কেইবাখনো ট্ৰাক আহি আছিল৷ সকলোস্থানতে বৰফ গলিছিল যদিও সেইখিনিৰ ৰাস্তাত বৰফ জমা হৈয়ে আছিল৷ ট্ৰাককেইখনৰ কাৰণে আমাৰ বাইকবোৰ লাগি ধৰিল৷ আমাৰে ল’ৰাবোৰে বৰফ আঁতৰাই ৰাস্তা মুকলি কৰাত লাগি গ’ল৷ কোনোবা এজনে কাষৰ পৰা বোকা আৰু মৰহি যোৱা সৰু গছকিছুমান আনি ৰাস্তাত দিলেহি তাৰপাছতেই আমি সকলোৱে এজনে আনজনৰ বাইকবোৰ ধৰি ধৰি পাৰ কৰি আনিলোঁ৷ চেলা প্ৰায় পাৰ হৈছিলোঁ৷ এইবাৰ আহি সকলোৱে চেলা লেকৰ কাষত ফটো ল’লেহি৷ মই, মনীষ আৰু ধ্ৰুৱ আগুৱাই আহিলোঁ টাৱাঙ গেটখনৰ ওচৰলৈ৷ গেটখনৰ দুয়োকাষৰপৰা মনভৰাকৈ ফটো লৈ থকাৰ সময়তে দুজন বিদেশী লোক আহি তাত উপস্থিত হৈছিলহি৷ আমাৰ বাবে তেওঁলোকৰ আশ্চৰ্য্যকৰ এইকাৰণেই হৈ পৰিছিল যে সেই বিদেশী ল’ৰাজন আৰু ছোৱালীজনীয়ে গুৱাহাটীৰপৰা টাৱাঙলৈ চাইকেল চলাই আহিছিল৷ আমি দেশী ল’ৰা সেয়েহে বিদেশীলোক দেখিলে ফটো এখন একেলগে তোলাৰ হেপাঁহে মনটো খুদুৱায়; অনুৰোধ এটা জনাই লৈ ফটো উঠিলোঁগৈ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.