দুখন কথাছবি: অন্য দৃষ্টিৰে – দেৱ প্ৰতীম

দুখন কথাছবি: অন্য দৃষ্টিৰে – দেৱ প্ৰতীম

দুখন কথাছবি: অন্য দৃষ্টিৰে – দেৱ প্ৰতীম

by July 17, 2017 0 comments
ইণ্টাৰষ্টেলাৰ আৰু বিজ্ঞান
~~~~~~~~~~~~~~~
 
৭ নৱেম্বৰ, ২০১৪ তাৰিখে ছবিঘৰলৈ আহিছিল ক্ৰিষ্টফাৰ ন’লানৰ কল্পবিজ্ঞানভিত্তিক কথাছবি ‘ইণ্টাৰষ্টেলাৰ’৷ ন’লানৰ কথাছবি বুলিলেই এক প্ৰকাৰে মনটো ভাল লাগি আহে৷ কাৰণ তেওঁৰ কথাছবিৰ বিষয়বস্তু৷ চোৱাৰ পাছত বহুদেৰিলৈ ছবিখনৰ ‘হেংগঅভাৰ’ত থকাটো খাটাং৷ ‘ইনছেপছন’, ‘মেমেণ্ট’’, ‘প্ৰেষ্টিজ’ আদি ছবিৰ কথা ভাবিলে সেই কথা ভালদৰেই বুজা যায়৷
কিন্তুু ইণ্টাৰষ্টলাৰে যেন অলপ বেলেগ আছিল৷ প্ৰায় তিনিঘ্ণ্টাৰ এই ছবিখন চাই অহাৰ পাছত বহুতেই কিজানি ভাবিছিল আকৌ এবাৰ চাব লাগিব, যিটো ময়ো ভাবিছিলো৷ কাৰণ আছিল ছবিখনৰ কঠিন বিষয়বস্তু৷ কোৱাণ্টাম বলবিদ্যা (Quantum Mechanics), নিউটনৰ (কলনগণিতীয়) বলবিজ্ঞান (Mechanics), আইনষ্টাইনৰ ‘আপেক্ষিকতাবাদৰ তত্ত্ব’ (Theory of Relativity) আদি অনেক কঠিন বিষয়বস্তুৰে ছবিখন আৱৰি ধৰিছিল৷ এবাৰ চাই বুজি পোৱাটো এক প্ৰকাৰে কঠিন আছিল৷ ৭৫% বুজি পাইছিলো ছবিখন চাই, কিন্তুু বুজিবলৈ বাকী আছিল ২৫%৷
 
গতিকে সহায় ল’লো ইণ্টাৰনেটৰ৷ ইউটিউব ভিডিঅ’ চালো, বহুতো লেখা পঢ়িলো৷ আৰু তাৰ ফলস্বৰূপেই কিবা অলপ বুজি পালো৷ তাৰেই আলমত তলৰ কথাখিনি আগবঢ়ালো৷
 
এটা ‘ৱৰ্মহল’ৰ মাজেদি কুপাৰে (মেথিউ মেককাহানি) আৰম্ভ কৰিছিল এক যাত্ৰা এক নতুন পৃথিৱীৰ সন্ধানত৷ ‘ৱৰ্মহল’ এটা সুৰংগৰ দৰে, যি আছিল দুখন জগতৰ মাজৰ এটা চুটি পথ(চৰ্ট কাট)৷ এই পথা এক অৰ্থত হাইপথেটিকেল বা কাল্পনিক৷ ইয়াক ‘আইনষ্টেইন-ৰ’জেন ব্ৰীজ’ বুলিও কোৱা হয়৷ এই পথত তেওঁলোক মুখামুখি হয় বিজ্ঞানৰ নানা চমকৰ, যিবিলাকৰ বিষয়ে আমি পঢ়িছো, যেনে: থিয়ৰি অৱ ৰিলেটিভিটি, পঞ্চম মাত্ৰা ইত্যাদি৷ চিনেমাখনত কোৱা হৈছিল পঞ্চম মাত্ৰাৰ লোকৰ কথা মানে ‘being from the 5th Dimension’, বাৰে বাৰে উল্লেখ হৈছিল তেওঁলোকৰ কথা৷ তেন্তে কি আছিল এই পঞ্চম মাত্ৰা? তলত তাকেই বুজাবলৈ অলপ চেষ্টা কৰা হ’ল৷
 
প্ৰথম মাত্ৰা: এডাল সৰল ৰেখাকেই কোৱা হয় প্ৰথম মাত্ৰা৷ এটা বিন্দুৰ পৰা আৰম্ভ কৰি আন এটা বিন্দুলৈকে টনা ৰেখাই হৈছে প্ৰথম মাত্ৰা৷ বুজিবলৈ অতি সহজ এই মাত্ৰাৰ কোনো বস্তুৰ কিন্তু কোনো বাস্তৱতা নাই৷
 
দ্বিতীয় মাত্ৰা: যেতিয়া এডাল ৰেখাৰ লগত প্ৰস্থ যোগ দিয়া হ্য় তেতিয়া ই হৈ পৰে এখন সমতল, যি অন্তৰ্গত দ্বিতীয় মাত্ৰাৰ, যাৰ থাকিব মাথো দীঘ-প্ৰস্থ নাথাকিব কোনো উচ্চতা৷ অতি বেছি সমান এখন পিঠিক কোৱা হ’ব দ্বিতীয় মাত্ৰা৷ এনে এখন মাত্ৰাৰো বস্তু বাস্তৱ পৃথিৱীত কল্পনা কৰাটো অতি কঠিন কাম৷
 
তৃতীয় মাত্ৰা: আমি বাস কৰি থকা জগতখন হৈছে তৃতীয় মাত্ৰাৰ অন্তৰ্গত৷ যেতিয়া এখন সমতলত উচ্চতা যোগ দিয়া হয় তেতিয়া ই হৈ পৰে তৃতীয় মাত্ৰাৰ৷ আমি ব্যৱহাৰ কৰি থকা যিকোনো বস্তুৱেই তৃতীয় মাত্ৰাৰ অন্তৰ্গত৷
চতুৰ্থ মাত্ৰা: সময় হৈছে চতুৰ্থ মাত্ৰা৷ বৰ্তমান নিজৰ পৃথিৱীখন ভাৱক, তাৰ পাছত আপুনি ভাৱিব পাৰে দহমিনিট আগৰ কথা নতুবা দহ মাহ বা দহ বছৰৰ আগৰ কথা৷ সময়ৰ ৰেখাৰে এই সকলোকেইটা মুহূৰ্ত্ত একে লগে জড়িত কৰিব পাৰি৷ মানে তৃতীয় মাত্ৰাৰ পৃথিৱীখনৰ পৰা আন এটা জাঁপ মাৰিলেই চতুৰ্থ মাত্ৰাৰ এখন নতুন পৃথিৱীত আপুনি উপস্থিত৷
 
এডাল সৰল ৰেখাক যদি আপুনি বেলেগ এটা কোণৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি দেখা পাব এখন সমতল৷ অৰ্থাৎ অলপ সময় আগলৈকে যি বহুতো বিন্দুৰ সমষ্টি আছিল সেইয়া এতিয়া আপোনাৰ সন্মুখত এখন সমতল৷ ঠিক তেনেকৈয়ে এখন সমতলক ভাল দৰে লক্ষ্য কৰক৷ এখন সমতল হৈছে এটা বস্তু বা যিকোনো জীৱিত বস্তুৰ এটা পিঠি যাৰ উচ্চতা বা গভীৰতা নাই৷ এই পিঠিখনৰ ইপাৰে যদি আমি চাবলৈ যত্ন কৰো তেন্তে আমি উপস্থিত হ’ম তৃতীয় মাত্ৰাত৷
 
ঠিক তেনেদৰেই যদি চতুৰ্থ মাত্ৰাতো উপস্থিত হ’বলৈ চেষ্টা কৰিব পাৰো৷ যিদৰে এডাল সৰল ৰেখা হৈছে এখন সমতলৰ এটা পিঠি, এখন সমতল হৈছে এটা বস্তুৰ অৰ্থাৎ তৃতীয় মাত্ৰাৰ বস্তু এটাৰ পিঠি ঠিক সেইদৰে তৃতীয় মাত্ৰাৰো যিকোনো বস্তু সময় ৰেখাডালৰ এখন পিঠি৷ ধৰি লওক আপোনাক এই সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে, তেতিয়া আপুনি আপোনাৰ সময়ৰ ৰেখাডালৰ ওপৰত ভিত্তি কৰি আপোনাৰ অতীত-বৰ্তমান-ভৱিষ্যত সকলো একেলগে চাবলৈ সক্ষম হ’ব৷
 
পঞ্চম মাত্ৰা: ’ইণ্টাৰষ্টেলাৰ’ কথাছবিখনত আমি শেষৰ ফালে দেখা পাওঁ কুপাৰ এখন অদ্ভুৎ জগতত উপস্থিত হৈছে, য’ৰপৰা তেওঁ নিজৰ জীৱনৰ লগত জড়িত সকলো ঘটনা একেলগে চাবলৈ সক্ষম হৈছে৷ সেইখন পৃথিৱীৰ পৰা কুপাৰে জীয়েক মাৰ্ফীক বাইনেৰী ক’ড দিবলৈ চেষ্টা কৰিছে, কথা পাতিবলৈ চেষ্টা কৰিছে৷ ওপৰৰ চতুৰ্থ মাত্ৰাৰ আলোচনাত কৈছিলো যদি আপোনাক সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই লৈ অনা হয় তেন্তে কি হ’ব৷ এই জগতখনেই হৈছে পঞ্চম মাত্ৰা, য’ৰ পৰা আপুনি আপোনাৰ সময়ৰ ৰেখাডাল নিৰীক্ষণ কৰিব পাৰে৷ এনেকুৱা এখন জগত য’ৰ পৰা আপুনি আপোনাৰ জন্মৰ পাছৰ সকলোবোৰ ঘ্টনা একেলগে চাবলৈ সক্ষম৷ সময়ৰ ৰেখা যি আপোনাৰ সকলোবোৰ মুহূৰ্ত্তৰ সমষ্টি৷
 
তেন্তে ইয়াৰ ওপৰতো আন মাত্ৰাৰ কথা কল্পনা কৰিব পাৰি নেকি? পঞ্চম মাত্ৰাৰ ওপৰতো আন অদ্ভুৎ মাত্ৰাৰ এনে কিছুমান কাল্পনিক কথা বাস্তৱ জগতত নহ’লেও ছবিৰ পৰ্দাত দেখিবলৈ নিশ্চয় আশা কৰিম৷ সেয়েহে ‘ইণ্টাৰষ্টেলাৰ’ৰ ছিকুৱেল এখনৰ পৰা কল্পবিজ্ঞানৰ নানা ধৰণৰ চমক আকৌ চাবলৈ পাম ক্ৰিষ্টফাৰ ন’লানৰ পৰা আশা কৰিলোঁ৷
 
 
ইনছেপছন: সপোনৰ এক মায়াজাল
~~~~~~~~~~~~~~~~~~~~~~~
 
(Spoilers Alert: চিনেমা খন নাই চোৱা যদি লেখাটো পঢ়িব জানো? ৰিস্ক আপোনাৰ নিজৰ৷ 😁)
 
ক্ৰিষ্টোফাৰ ন’লান, ছবিজগতৰ এক চিনাকি নাম৷ বহুকেইখন সফল কথাছবি তেওঁ ইতিমধ্যে আমাক উপহাৰ দিছে৷ তেওঁৰ কথাছবি বেয়া পোৱা মানুহ খুব কম ওলাব৷ তেওঁৰ কথাছবিৰ এটা বিশেষত্ব হ’ল তেওঁৰ কথাছবিৰ বিষয়বস্তু, আন সকলোতকৈ বেলেগ, যি প্ৰতিবাৰেই আমাক আচৰিত কৰি আহিছে৷
তেওঁৰ এখন অন্যতম সফল কথাছবি হ’ল ‘ইনছেপছন’৷ ছবিখন মুক্তি পোৱা সাত বছৰ হ’ল, তথাপি এতিয়াও এই ছবিখনে মনত খু-দুৱনি লগাই৷ ইয়াৰ কাৰণ ছবিখনৰ টান বিষয় বস্তু৷ যেতিয়া বিষয় বস্তু ‘সপোনৰ ভিতৰৰ সপোনৰ ভিতৰৰ সপোন’ হয় তেতিয়া মনত খু-দুৱনি থকাটো স্বাভাৱিক৷ তলত এই খু-দুৱনি আঁতৰাবলৈকে অলপ চেষ্টা কৰা হ’ল৷
 
কথাছবিখনৰ মূল বিষয়বস্তুৱেই হ’ল ‘সপোন’৷ এই সপোনৰ লগত জড়িত তিনিবিধ উপাদান হ’ল:
 
সপোন দেখোতা(The Dreamer): যিজন লোকে সপোন দেখে৷
 
বিষয় বস্তু (The Subject): যিজন লোকৰ পৰা সংবাদ আহৰণ কৰা যায়, যিটো লোকজনৰ অৱচেতন মনটোৱে সহয় কৰে৷
 
স্থপতিবিদ(The Architect): যিজন লোকে সপোনৰ পৰ্যায় পৰিকল্পনা কৰে বা তৈয়াৰ কৰে৷
 
কথাছবিখনত সপোন বিলাক দুই প্ৰকাৰৰ আছিল:
 
১) প্ৰথমবিধ হ’ল সাধাৰণ সপোনৰ ভিতৰৰ সপোন (Dream-within-a-dream), যিটো কবে সাধাৰণতে সংবাদ আহৰণ কৰিবলৈ ব্যৱহাৰ বিষয়বস্তুৰ ওপৰত প্ৰয়োগ কৰে৷ ছবিখনৰ আৰম্ভণিতে দেখুওৱা য’ত কবে ছাইটোৰ পৰা সংবাদ আহৰণ কৰিবলৈ চেষ্টা কৰে সেইটো তেনেকুৱা ধৰণৰ সপোন৷
 
২) দ্বিতীয়বিধ হ’ল বহুকেইটা স্তৰ থকা সপোন৷ ফিছাৰৰ পৃথিৱীখনত সোমাবলৈ চেষ্টা কৰাটো আছিল এনে ধৰণৰ সপোন৷ এনে ধৰণৰ সপোনৰ কাৰণে খুব শান্ত পৰিবেশৰ দৰকাৰ হৈছিল৷
 
ইয়াৰোপৰি যিমানেই সপোনৰ স্তৰ বাঢ়ি গৈছিল সিমানেই বাস্তৱ আৰু সপোনৰ পৃথিৱীৰ সময় মাজত থকা পাৰ্থক্য বাঢ়ি গৈছিল৷ বাস্তৱ পৃথিৱীৰ দহ ঘণ্টা সপোনৰ প্ৰথম স্তৰত আছিল এক সপ্তাহ আৰু দ্বিতীয় স্তৰত আছিল ছয় মাহ আৰু এনেকৈয়ে সপোনৰ পৃথিৱীত সময়ৰ পৰিবৰ্তন হৈ গৈছিল৷
 
এতিয়া কথাছবিখনত ব্যৱহাৰ কৰা ‘কিক’ মানে কি?
 
কথাছবিখনত ‘কিক’ হৈছে এক প্ৰকাৰৰ বাধা, মানে ধৰি লওক আপুনি নিদ্ৰাত মগ্ন, তেনেতে আপোনাক কোনোবাই মতাত আপুনি অকস্মাৎ সাৰ পালে, এনে ধৰণৰ কথাকে বুজাবলৈ ব্যৱহাৰ কৰা হৈছে ‘কিক’ৰ৷ এই ‘কিক’ৰ ফলত সপোন দেখোতা প্ৰথম স্তৰতে সাৰ পাই যায়৷
 
কথাছবিখনত যেতিয়া কব বাথটাবত পানীৰ মাজত সোমাই গৈছিল তেতিয়া তেওঁ সপোনৰ প্ৰথম স্তৰতে সাৰ পাইছিল, ই হৈছে কিক৷ এইবিধ ‘কিক’ হ’ল বাস্তৱ পৃথিৱীৰ৷
 
আকৌ আন এবিধ ‘কিক’ আছে যিটো সপোনৰ পৃথিৱীত পোৱা যায়৷ কবে আৰ্থাৰক মূৰত গুলীয়াইছিল যাৰ ফলতে আৰ্থাৰ বাস্তৱ পৃথিৱীত সাৰ পাইছিল৷
কিন্তুু যেতিয়া সপোন দেখোতা সপোনৰ বহুকেইটা স্তৰত উপস্থিত হয় তেতিয়া এটা সাধাৰণ ‘কিক’ তেওঁক সাৰ পোৱাবলৈ যথেষ্ট নহয়৷ তাত কাৰণে লাগিব এক শক্তিশালী ‘কিক’৷ এই কিক সমান্তৰাল ভাৱে দুখন ঠাইত প্ৰয়োগ কৰিব লাগিব৷ মানে এক প্ৰকাৰৰ ‘কিক’ বাস্তৱ পৃথিৱীৰ লোকজনৰ ওপৰত প্ৰয়োগ কৰিব লাগিব আৰু আন এবিধ ‘কিক’ ঠিক সেই সময়তে প্ৰয়োগ কৰিব লাগিব সপোনৰ পৃথিৱীৰ লোকজনৰ ওপৰত৷
 
সহজ অৰ্থত ধৰি লওক, আপুনি শুই আছে আৰু সপোন দেখি আছে৷ সেই অৱস্থাত যদি কোনোবাই আপোনাৰ শুই থকা শৰীৰক ঠেলি দিয়ে বা হেচুকি দি বিছনাৰ পৰা পেলাই দিয়ে তেন্তে আপুনি সাৰ পাই যাব আৰু সেই সময়তে আপুনি সপোনটোৰ পৰাও ওলাই আহিব৷ এইটো প্ৰথম অৱস্থাৰ এটা সাধাৰণ ‘কিক’৷
 
আকৌ ধৰি লওক আপুনি অচেতন অৱস্থাত আছে কাৰণ আপোনাৰ ওপৰত এনাস্থেছিয়া প্ৰয়োগ কৰা হৈছে আৰু আপুনি সেই অৱস্থাত সপোন দেখি আছে৷ তেনে অৱস্থাত আপোনা মাত্ৰ ঠেলি বা হেচুকিয়াই বিছনাৰ পৰা পেলাই জগাবলৈ সক্ষম নহয়৷ তেন্তে তেনে অৱস্থাত আপুনি কেনেকৈ সাৰ পাব? এটা উপায় আছে যেতিয়া আপোনাৰ ওপৰত এনাস্থেছিয়াৰ প্ৰভাৱ শেষ হ’ব, এইটো ঠিক কথাছবিত ব্যৱহাৰ কৰা ‘ড্ৰিম মেছিন’ৰ টাইমাৰৰ দৰেই৷
 
আনটো উপায় হ’ল কথাছবিখনৰ দৰে সমান্তৰালকৈ ব্যৱহাৰ কৰা দুটা ‘কিক’৷ যদি কিবা উপায়েৰে সপোনৰ ব্যক্তিজনক পেলোৱা হয় আৰু ঠিক একে সময়তে বাস্তৱ পৃথিৱীত আপোনাক বিছনাৰ পৰা পেলাই দিয়া হয় তেতিয়া হয়তো এনে অৱস্থাৰ আপুনি সাৰ পাব৷ কিন্তুু এনাস্থেছিয়া এনেকৈ দিব লাগিব যাতে পৰি যোৱাটো ব্যক্তিজনে অনুভৱ কৰে৷
 
কথাছবিত আমি দেখিবলৈ পাইছিলো যেতিয়া তেওঁলোক বৰফৰ মাজত আছিল তেওঁলোকে ‘Missing Kick’ৰ কথা উল্লেখ কৰিছিল৷ তেওঁলোকৰ প্ৰকৃত ‘কিক’টো আছিল ভান খনৰ দলং খনৰ কোণৰ লগত জড়িত৷ কিন্তুু তেওঁলোকৰ ভান খন পানীত পৰি গৈছিল, এইটোৱেই আছিল ‘Missing Kick’৷ ইয়াৰ ফলত আৰ্থাৰ থকা হোটেল খনৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ পৰিছিল৷ ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰ্থাৰে লিফ্ট খন নিয়ন্ত্ৰণহীন কৰি তললৈ লৈ যাব লগীয়া হৈছিল৷ এইটো আছিল এটা ‘সমান্তৰাল কিক’৷
 
এতিয়া আহো মৃত্যুলৈ৷ কি হ’ব যেতিয়া এজনৰ সপোনত মৃত্যু হ’ব? এইটো আকৈ নিৰ্ভৰ কৰিব সপোনৰ স্তৰ বিলাকৰ ওপৰত৷ যদি এটা সাধাৰণ পৰ্য্যায়ৰ সপোনত কোনো লোকৰ মৃত্যু হয় তেন্তে এইটো হ’ব এটা ‘কিক’ আৰু লোকজন সাৰ পাই যাব৷ কিন্তুু যদি বহুকেইতা স্তৰৰ ভিতৰত সোমাই থকা সপোনত লোকজনৰ মৃত্যু হয় তেন্তে তেওঁ সোমাই পৰিব ‘লিম্বো’ত৷
 
এতিয়া লিম্বো কি?
 
লিম্বো হৈছে এটা অৱচেতন অৱস্থা য’ত লোকজন এখন পৃথিৱীত উপনিত হয় য’ত তেওঁৰ মগজে সেইটো সপোন নে বাস্তৱ ধৰিব নোৱাৰে আৰু তেওঁ সেই পৃথিৱীতেই চিৰদিনৰ কাৰণে হেৰা যোৱাৰ সম্ভাৱনা থাকে৷ আৰু যদি এই অৱস্থাত তেওঁৰ মৃত্যু হয় তেন্তে ব্যক্তিজনে সকলো স্তৰ অতিক্ৰম কৰি বাস্তৱ পৃথিৱীত উপস্থিত হ’ব৷
 
কথাছবিখনত আমি দেখিবলৈ পাইছিলো কব আৰু মলৰ সেই অদ্ভুৎ পৃথিৱীখন৷ , য’ত দুয়ো মিলি নানা ধৰণৰ ঘৰ-অট্টালিকা নিৰ্মাণ কৰিছিল৷ সেই খন পৃথিৱী আছিল এটা লিম্বো৷
 
দুটা ধৰণে ব্যক্তিজন লিম্বোত প্ৰৱেশ কৰিব পাৰে:
 
প্ৰথমতে, যদি সপোনৰ পৃথিৱীখনত তিনিটা স্তৰ থাকে আৰু ব্যক্তিজনে সেই পৰিকল্পনা কৰা তিনিটা স্তৰৰ বাহিৰেও আন এটা স্তৰত সোমাবলৈ চেষ্টা কৰে তেন্তে তেওঁ লিম্বোত প্ৰৱেশ কৰিব৷ এই ধৰণৰ লিম্বোত ব্যক্তিজনে এই নতুন স্তৰত প্ৰৱেশ কৰিছিল মনত থাকে আৰু লিম্বোত প্ৰৱেশ কৰাৰ আগেয়ে কি কৰিছিল সেইয়াও মনত থাকে৷ দ্বিতীয়তো যেতিয়া ব্যক্তিজনৰ ওপৰত কোৱা ধৰণে বহু-স্তৰীয় সপোনত মৃত্যু হয়৷ এই লিম্বোত প্ৰৱেশ কৰাৰ পাছত ব্যক্তিজনৰ একো মনত নাথাকে৷
 
কথাছবিখনত কবে কৈছিল যে সপোনৰ প্ৰতিটো স্তৰতে এটা নিৰাপদ স্থান আছে য’ত বিষয়বস্তুৰ(যাৰ পৰা সংবাদ আহৰণ কৰিবলৈ সপোন দেখোতাই চেষ্টা কৰে, বা যাৰ ওপৰত ইনছেপছন কৰা হয়) নানা চিন্তা আৰু গোপনীয় কথাবিলাক থাকে৷ কবৰ দলটোৱে সেই নিৰাপদ স্থানৰ পৰা লোকজন(বিষয় বস্তু)ৰ গোপনীয় কথা বিলাক আহৰণ কৰিবলৈ চেষ্টা কৰে৷ কবে লগতে কৈছিল সপোনৰ তৃতীয় স্তৰ বা তাৰ তলৰ স্তৰত যদি ব্যক্তিজনৰ সেই নিৰাপদ স্থানত কেনেবাকৈ কোনো ধৰণৰ ধাৰণা দিবলৈ সক্ষম হয় তেন্তে ব্যক্তিজনে সাৰ পাই সেইটো নিজৰে ধাৰণা বুলি ভাবিব৷
 
যেতিয়া কব আৰু মল লিম্বোত বন্দী হৈছিল, কবে লাহে লাহে বুজি উঠিছিল যে সেইয়া বাস্তৱ পৃথিৱী নহয়৷ কিন্তুু মলে সেই কথা স্বীকাৰ কৰা নাছিল৷ সেয়েহে কবে মলৰ সেই নিৰাপদ স্থানত এটা ঘূৰি থকা টটেমৰ প্ৰৱেশ ঘটাইছিল, যিটোৱে মলক সেইটো সপোন বুলি বিশ্বাস কৰাত সহায় কৰিব৷ শেষত মলে সেই লিম্বো বাস্তৱ নহয় বুলি পতিয়ন গৈছিল আৰু কবৰ সৈতে একেলগে ৰেল লাইনত মৃত্য়ুৰ বাবে অপেক্ষা কৰিছিল৷ কব আৰু মল তাৰ পাছতেই নিজকে কিজৰ কোঠাত আৱিষ্কাৰ কৰিছিল৷ কিন্তুু সেই ঘূৰি থকা টোটেমৰ বাবে মলে সেই বাস্তৱ পৃথিৱীকো সপোন বুলি ভাবিবলৈ ধৰিছিল৷ যাৰ ফলতেই মলে ঘৰৰ পৰ জাপ দিছিল৷ কিন্তুু সেইখন আছিল বাস্তৱ পৃথিৱী, যাৰ ফলত মলৰ সঁচাকৈয়ে মৃত্য়ু হৈছিল৷
 
লিম্বোত ছাইটো কবতকৈ বহু বেছি বয়সীয়াল আছিল৷ ইয়াৰ কাৰণ কি হ’ব পাৰে?
 
ছাইটোৰ প্ৰথম স্তৰত গুলী লাগিছিল৷ তেনেদৰেই ছাইটোৱে কেইবাটাও স্তৰ পাৰ কৰি শেষত লিম্বোত প্ৰৱেশ কৰিছিল৷ তৃতীয় স্তৰত ফীশ্বাৰক যেতিয়া মলে হত্যা কৰিছিল তেতিয়া ফিশ্বাৰ লিম্বোত প্ৰৱেশ কৰিছিল৷ তেতিয়া কব আৰু এৰিয়াণ্ডে চতুৰ্থ স্তৰত প্ৰৱেশ কৰি ফীশ্বাৰক উদ্ধাৰ কৰিছিল৷ এৰিয়াণ্ডে ফীশ্বাৰক লৈ সেই লিম্বোৰ পৰা মুক্তি পাইছিল৷ কিন্তুু কব থাকি গৈছিল সেই স্তৰত মলৰ সৈতে যুঁজিবলৈ আৰু ছাইটোক লিম্বোৰ পৰা মুক্তি দিবলৈ৷ যেতিয়া ভান খনত সকলোৱে নিজৰ ‘কিক’ৰ জৰিয়তে প্ৰথম স্তৰলৈ ঘূৰি আহিছিল তেতিয়া সকলোৱে কবক পানীত এৰি আহিছিল, যাৰ ফলতে কবৰ পানীত ডুবি মৃত্যু হৈছিল৷ দুয়ো লিম্বোত প্ৰৱেশ কৰিছিল, কিন্তুু দুয়োৰে মৃত্যু বেলেগ বেলেগ স্তৰত হোৱাৰ কাৰণে দুয়োৰে বয়সৰ মাজত পাৰ্থক্য আছিল৷ কথাছবিখনৰ প্ৰথম আৰু শেষত আমি দেখা পাওঁ বুঢ়া ছাইটোৱে কবক কোৱা, “Are you here to kill me? ” যিটো আছিল দুয়োৰে লিম্বোৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়৷
 
এতিয়া ইমান খিনি হোৱাৰ পাছত শেষৰ দৃশ্যটোৱে (য’ত টেটোমটো ঘূৰি থকা দেখুওৱা হয়) দৰ্শকৰ মনত এটা সন্দেহৰ সৃষ্টি কৰে৷ গোটেই কথাছবিখনেই সপোন আছিল নেকি? নে শেষত কব বাস্তৱ পৃথিৱীলৈ ঘূৰি আহে? কিন্তু দুয়োৰে মৃত্যু বেলেগ বেলেগ স্তৰত হোৱাৰ কাৰণে দুয়োৰে গোটেই কথাছবিখনেই এটা সপোন আছিল তেন্তে এইটো অস্পষ্ট হৈ ৰ’ব এইটো কাৰ সপোন? কাৰ কল্পনা? যদি সপোন হয় তেন্তে সপোনৰ বিভিন্ন স্তৰ তথা ‘কিক’ আদি ধাৰণা বিলাক হৈ পৰিব অৰ্থহীন৷ ঘূৰি থকা টেটোমটোৰ গতি শেষৰ পিনে হ্ৰাস হোৱা যেন বুলি অনুমান কৰিব পৰা যায় যদিও এই কথা ১০০% মানিও ল’ব নোৱাৰি৷ কিন্তু যদি কবক শেষত বাস্তৱত উপস্থিত হৈছে বুলি ধৰা হয় তেন্তে ই হ’ব কথাছবিখনৰ এক সুন্দৰ সমাপ্তি৷ কাৰণ কথাছবি, সপোনেই বা নিজৰ বাস্তৱ জীৱনেই হওক সকলোতে আমাৰ কাম্য এক ‘হেপ্পী এণ্ডীং’৷■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.