দৈনন্দিন আৰু ব্যৱহাৰিক জীৱনত গণিত – বৰ্ণালী শৰ্মা বৰুৱা

দৈনন্দিন আৰু ব্যৱহাৰিক জীৱনত গণিত – বৰ্ণালী শৰ্মা বৰুৱা

দৈনন্দিন আৰু ব্যৱহাৰিক জীৱনত গণিত – বৰ্ণালী শৰ্মা বৰুৱা

by July 17, 2017 0 comments

সাহিত্য ডট অৰ্গৰ এইবাৰৰ বিষয়টো দেখি ভাবিলো ইমান টান বিষয় লয় আজিকালি৷ সদায় ভবাৰ দৰে দুদিন মান কি লিখিম ভাবিয়েই পাৰ কৰিলো৷ এই ভাবি থকা সময়খিনিতে দেখিলো সচাঁকৈয়ে আমাৰ জীৱনটোয়ে দেখোন এটা যোগ, বিয়োগ, পূৰণ, হৰণ অংকৰ সমষ্টি৷ এই অংকৰ হিচাপ পুৰাবৰ কাৰণেই আমি দৌৰি থাকো আগলে৷ আৰু এই হিচাপৰ মাজতে আমি নিজক হেৰুৱাই পেলাও৷ পাহৰি যাওঁ আমিও মানুহ, আমি হেপাঁহ, ভালপোৱা, মৰম, দয়া একো নাইকিয়া ৰবট নহয়৷ শেষত ভাবিলো এইবোৰকে কিবাকিবি এটা লিখিবলে চেষ্টা কৰো৷

কথা হৈছে, দৈনন্দিন জীৱনত আমি গণিতৰ প্ৰয়োগ কিমান কৰো৷ সৰুতে আমাৰ ডাঙৰসকলে সুধিছিলে -ভণ্টি কোন শ্ৰেণীত পঢ়িছা৷ আমি কও, প্ৰথম শ্ৰেণী বা পঞ্চম শ্ৰেণী৷ সুধোতাজনে হিচাপ কৰে, আৰু ছয়বছৰৰ পাছত মেট্ৰিক দিবা অৰ্থাৎ ১০+৬=১৬৷ চাকৰিৰ কাৰণে এপ্লাই কৰোতে আমি ২০১৭ চনৰ জানুৱাৰীৰ ১ তাৰিখে আমাৰ বয়স লিখো ২৮ বছৰ ১১মাহ, ১৯ দিন৷ তাৰ পাছত আমি হিচাপ কৰো ২৮+১০=৩৮৷ এই ৩৮ বছৰৰ ভিতৰত মই এটা চৰকাৰী চাকৰী যোগাৰ কৰি লব লাগিব আৰু বিয়া পাতিব লাগিব, এখন গাড়ী কিনিব লাগিব৷ আকৌ হিচাপ কৰো ৩৮+২২ =৬০ বছৰ৷ এই ৬০ বছৰৰ ভিতৰত মই ঘৰ বনাব লাগিব৷ সন্তানক উপযুক্ত শিক্ষা -দীক্ষাৰে গঢ়ি তুলি স্বাৱলম্বী কৰিব লাগিব৷ তেওঁলোককো ১+১=২ অংকত বান্ধিব লাগিব৷ কাৰণ ৬০ বছৰৰ পাছত মোৰ উপাৰ্জনৰ আধা অংশ নোহোৱা হৈ যাব৷ মন কৰিব এই নোহোৱা হোৱাটোও নিৰ্ভৰ কৰে এটা সংখ্যাৰ ওপৰত অমুক চনৰ জানুৱাৰী মাহৰ ৩১ তাৰিখ৷ এই তাৰিখটো চৰকাৰে যোগ-বিয়োগ কৰি সুনিদিষ্ট কৰি থয়৷ আমি নিজে যিটো সলাব নোৱাৰো৷ ইয়াত আমি দেখিবলৈ পালো কিছুমান সংখ্যা – ৫, ১০ ১৬, ২৮, ৩৮, ৬০ আৰু জানুৱাৰী মাহৰ ৩১তাৰিখ৷ কিন্তু ১০+৬=১৬, ২৮+১০=৩৮, ৩৮+২২=৬০ বা এই জানুৱাৰী মাহৰ ৩১ তাৰিখটোও এটা অংকৰ ফলাফল৷ এইবিলাক যোগ, বিয়োগ, পুৰণ, হৰণ আমি শিক্ষাৰ আদিপাঠত পাইছিলো৷ প্ৰথম আমি ১ৰ পৰা ১০ লৈ গাবলৈ শিকিছিলো৷ তাৰ পাছত ১০০ লৈকে গাইছিলো, একে একে দুই অৰ্থাৎ ১+১= ২ বুলি গাবলৈ শিকিছিলো৷ আমি পৰিকল্পনা কৰি থৈছো ৬০ বছৰৰ আগত কিছুমান কাম কৰি শেষ কৰিম৷ ৬০ বছৰৰ পাছত নিজৰ পৰিয়ালৰ লগত সময় পাৰ কৰিম৷ দহজনৰ ভাল হোৱাকৈ সমাজৰ কাৰণে কিবা এটা কৰি থৈ যাম৷ এই যে, কৰিম বা কৰি থৈ যাম৷ ক’ত যাম আমি? আমি দেখিবলৈ পাইছো এই ৫, ১০, ১৬, ২৮, ৩৮, ৬০ এইবিলাক আমাৰ ভবিষ্যতকলৈ কৰা কিছুমান পৰিকল্পনা৷ আমি কৰিম বা কৰি থৈ যাম৷ এই যে, আমি কৰিম অৰ্থাৎ ২+১=৩ যোগ হৈছে, ৩-২=১ বিয়োগ হৈছে অৰ্থাৎ কৰি থৈ গুচি যাম এই ২+১=৩ বা ৩-১=২ এই যোগ বা বিয়োগ বিলাককে আমাক সৰুতে অংক বুলি শিকোৱা হৈছিল৷

এইখন পৃথিৱীত মোৰ জন্ম হৈছে মোৰ মা-দেউতাৰ মৰম আৰু হেপাহৰ ফলশ্ৰুতিত অৰ্থাৎ আমি প্ৰথম শিকা যোগ অংকটো ১+১=২, ২+১=৩৷ তাৰ পাছত মই আমি হৈছিলো অৰ্থাৎ আকৌ ১+১=২৷ আগৰ সংখ্যাটো ২ৰ লগত ২ যোগ হৈছিলে ২+২=৪৷ আমাৰ সংসাৰত আকৌ এটা নতুন অংক যোগ হৈছিলে ২+১=৩৷ এতিয়া আমি ২+২+১=৫ হ’লো৷ সংসাৰৰ নাটক সামৰি মা-দেউতা কোনোবা এজন গুচি গ’ল, তেওঁৰ বিয়োগ হ’ল৷ আমি ২+২+১=৫-১=৪ হ’লো৷ এইয়া আমাৰ জীৱনৰ এটা চিৰ সত্য অংক৷ আমি পৃথিৱীলৈ আহো আকৌ গুচি যাওঁ কৰবালে৷

মই এদিন খুৰাহ’তৰ ঘৰলে ফুৰিবলে আহোতে, আমাৰ ঘৰলে গাখীৰ নিবলে অহা মানুহগৰাকীয়ে খুৰীক সুধিলে- গৰুজনীৰ গাখীৰ ওলাইনে দুই কেজি মান? খুৰীয়ে কিন্তু ঠিকেই উত্তৰ দিলে-নাই ডেৰলিটাৰ মানহে ওলাই৷ মই ৰব নোৱাৰি কৈয়ে দিলো -গাখীৰ কেজি নহয় নহয়, লিটাৰহে৷ মানুহগৰাকীয়ে হে হে কৈ হাহিঁ উত্তৰ দিলে, আমি কেজি বুলিয়ে কওঁ৷ সেইদিনা লিটাৰ, কেজিৰ অংকটো বুজি নোপোৱা কাৰণে মোক মহিলাগৰাকীৰ ছোৱালী দুজনিয়ে পাছত টাউনীয়া হেবাং বুলি হাহিঁছিলে৷ খুৰীয়ে পাছত কৈছিলে, ইয়াত মানুহে এনেকৈয়ে কয়৷ গাৱঁ অঞ্চল সমূহত চলিত এনে বহুত কথা শুনি পাছলে ৰস পোৱা হৈছিলো৷ আনহাতে, ময়ো এতিয়াও দোকানত কিবা কিনিবলে গ’লে কওঁ, দাইল এপোৱা দিয়ক৷ দোকানীয়ে কয়, ঐ বাইদেউক আঢ়ৈশগ্ৰাম দালি দে৷ আৰু মই, এই আঢ়ৈশ গ্ৰাম আৰু এপোৱাৰ মাজত ককবকাই থাকো৷ কিছুদিন আগত মোমাই তামোলি বৰবৰুৱা দেৱৰ বিষয়ে লিখিবলে লওঁতে আমি পাইছিলো যে, “কলিয়াবৰৰ পৰা মোমাই তামোলীৰ বৰবৰুৱাই ১৫৩৫ শকত মানুহ আনি এহেজাৰ পাইকেৰে শৃংখলাবদ্ধভাৱে নগাঁও পাতে৷ এই নগাঁও বৰ্তমান নগাঁও আৰু ইয়াৰ দুয়োকাষে দুটা আলি আছিল৷ ঘৰৰ পৰিয়াল বুজি পথালিয়ে আলিৰ দাঁতিত বেও জুখি (ভৰিৰে এভৰি দুভৰি কৈ লোৱা জোখ) মাটি দিয়া হৈছিল আৰু দীঘে যিমান পাৰি সিমান লব পাৰিছিল৷ ক্ৰমে কাৰো পৰিয়াল সৰহ হোৱাত মানুহ ঠায়ে ঠায়ে গুচি যায়”৷ এই কেজি, লিটাৰ, মিটাৰ, গজ, বিঘা এইবিলাক আমি দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান জোখৰ সংখ্যাৰ অংক৷
আনহাতে মই নিজে যেতিয়া প্ৰথম ফুলৰ খেতি আৰম্ভ কৰিছিলোঁ, ডেৰ কঠা মাটিত কৰিব লাগে৷ মই ৪ বিঘা মাটিৰ পৰা ডেৰ কঠা মাটি হাল-কোৰ বাই ৰেডি কৰিব লাগে পুলি ৰুবৰ কাৰণে৷ পুলি বিলাক নিদিষ্ট দুৰত্বতহে ৰুব লাগে৷ মাটিক হিচাপ একো নাজানো৷ বিঘা কঠা বুজি নাপাওঁ৷ মাটিত ভেটি বনাব লাগে৷ মাটিৰ হিচাপটো কোনোবাই শিকালেও বুজি নাপাওঁ কথাবোৰ৷ শেষত চিন্তা কৰিলো নিজৰ ম’তে কৰো৷ মোৰ মগজুৰ ঘণ্টা বজাই আৰম্ভ কৰিলো হিচাপ নিকাচ৷ বিচাৰি পালোগে একঠা মাটিত ৫৩.৬ ফুট দীঘলে বহলে৷ তাৰ পাছত হিচাপ কৰিলো পুলি কিমান লাগিব৷ এই ৫৩.৬ ফুটৰ হিচাপ উলিয়াবৰ কাৰণে মই ৩ ফুট অৰ্থাৎ এগজৰ এডাল বাহঁৰ মাৰি লৈছিলো আৰু গোটেই বাৰীখন এফালৰ পৰা হিচাপ কৰিবলে লাগিলো৷ হিচাপ কৰি পাইছিলো একঠা মাটিত মই নিদিষ্ট হিচাপত ১৩ টা ভেটি বনাব লাগিব৷ বাহঁৰ জেওৰা দিবৰ সময়তো হিচাপ কৰিছিলো এক পাব বাহঁৰ পৰা আমি ৮ টা খুটি পাম৷ আমি জেওৰা ওখ কৰিম ৪ফুট৷ এডাল বাহঁ দীঘল থাকে ২৪ ফুট৷ আগলি ৮ ফুট আমাক জেওৰা ববলৈ লাগিব৷ আমি ৪টা পাব পাম৷ ইয়াৰ পৰা আমাৰ ৩২টা খুটি পাম৷ ১ ফুটত আমাক লাগে ৪ টা খুটি গতিকে মোক ইমান বাহঁ লাগিব এই দেৰ কঠা মাটিত জেওৰা দিবলে৷ মোৰ বাৰীৰ প্ৰতিটো শাৰী ইমুৰৰ পৰা সিমুৰলৈ পোন আছিল আৰু তেতিয়াৰ কৃষি সঞ্চালকে শলাগিছিল৷ আজি মই ডাঠি কব পাৰো এই শলাগনি মই মোৰ নিৰ্ভুল অংকৰ কাৰণেই পাইছিলো৷ এইয়া আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সংখ্যাৰ উল্লেখ৷ এইয়া কৰ্ম অভিজ্ঞতাৰ অংক৷
ইমানখিনি কোৱাৰ পাছত এতিয়া আমাৰ দৈনন্দিন জীৱনত অংকৰ প্ৰভাৱ কেনেকুৱা চাবলৈ গ’লে আমি ৰাতিপুৱা শুই উঠি ব্ৰাচডাল বিচাৰো, কলগেট টো বিচাৰো অৰ্থাৎ ১ডাল ব্ৰাচ ১টা কলগেটৰ অলপমান লও৷ পানী কমকৈ খৰচ কৰো৷ চাহ খাও ১টা কাপত, ২টা বিস্কুত খাওঁ লগত৷ গাড়ীত ভাৰা দিও ২০টকা, হোটেলত দুজনে মিলাই খাও ২০০ টকাৰ, ৰাতি ঘৰলে মাংস কিনি আনো ৭০ টকাৰ৷ কাৰেণ্ট কমকৈ খৰচ কৰো৷ ৰাতি ১১বজাত শুবলে যাওঁ৷ এইযে আমি পানীখিনি কমকৈ খৰচ কৰো, বিজুলী বচাবলৈ চেষ্টা কৰো, খৰচখিনি মিলাই কৰো এইয়া আমাৰ দৈনন্দিন জীৱনৰ সংখ্যা কিছুমানৰ যোগ -বিয়োগ৷ এইদৰে দৈনিক হিচাপৰ পৰা আমি মাহিলী বাজেট বনাও, মাহিলী বাজেটেৰে বছৰৰ৷ এইয়াও আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সংখ্যাৰ অংক৷

লেখাটো লিখিবলে লৈ মোৰ মনলে এটা প্ৰশ্ন আহিছিলে গণিত মানে কি? অংক মানে কি? আমি সৰুতে শিকিছিলো ১+১=২৷ জীৱনৰ অংকও একেই দেখিলো৷ আৰু গণিত কি গুগলত বিচাৰি অসমীয়া ৱিকিপিডিয়াৰ দেখিলো – পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়৷ অন্য কিছুমানৰ মতে গণিত হ’ল “চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা“, কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা৷ অংক কি গুগুলত বিচাৰি ৱিকিপিডিয়াত দেখিলো সংখ্যাবোৰ ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা যোগ, বিয়োগ ইত্যাদি চিহ্নবোৰক অংক বুলি কোৱা হয়৷ তেতিয়াহ’লে মই ইতিমধ্যে ওপৰত উল্লেখ কৰা ১+১=২, ২+২=৪+১=৫-১=৪ বা পানী, বিজুলী ইত্যাদি কমকৈ খৰচ কৰাতোক আমি আমাৰ দৈনন্দিন জীৱনৰ অংক বুলি ভাবিব পাৰো নেকি? ■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.