পৰমাণু, আত্মা আৰু সৃষ্টিতত্ত্ব – দেৱজিৎ শইকীয়া

পৰমাণু, আত্মা আৰু সৃষ্টিতত্ত্ব – দেৱজিৎ শইকীয়া

পৰমাণু, আত্মা আৰু সৃষ্টিতত্ত্ব – দেৱজিৎ শইকীয়া

by July 17, 2017 1 comment

 

আত্মা ( Atma), যিয়ে জীৱ দেহত প্ৰাণৰ সঞ্চাৰ কৰে৷ পৰমাণু (Atom) যি বিশ্ব ব্যাপি আছে৷ জীৱ তথা জড় সকলোৰে দেহ অণু পৰমাণুৰেই গঠিত৷ বিশ্বব্ৰহ্মাণ্ড ( universe) হ’ল পদাৰ্থ আৰু শক্তিৰ সম্পুৰ্ণ মহাজাগতিক তন্ত্ৰ ( System)৷ আমাৰ পৃথিৱীও তাৰ অতি ক্ষুদ্ৰ অংশ৷ মানুহৰ ধাৰণাই ঢুকি পোৱা সকলো ধৰণৰ পদাৰ্থৰ আধাৰ স্বৰূপ স্থান কাল ব্যপ্তিয়েই (Mass Length Time ) হ’ল বিশ্বব্ৰহ্মাণ্ড৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সুত্ৰত ( Theory of relativity) কোৱা হৈছে যে পদাৰ্থৰ উপস্থিতিয়েহে আমাৰ মনলৈ স্থান কালৰ ধাৰণাটো আনে৷ পদাৰ্থৰ অবিহনে স্থান কালৰ ধাৰণাই অৰ্থহীন৷ সেই বাবেই পদাৰ্থৰে পৰিপুৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰত কি আছে, সেই ধাৰণা অমুলক বা পদাৰ্থ সৃষ্টিৰ আগৰ অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আগৰ কথাও আমাৰ বাবে অৰ্থহীন৷

হাবলৰ আবিস্কাৰ তথা ফ্ৰিডমেন, আইনষ্টাইন আৰু ছিটাৰ ইত্যাদি বৈজ্ঞানিকে আগবঢ়োৱা মতবাদ অনুসৰি ১৩.৮ বিলিয়ন বছৰ আগতে “ আদিম পৰমাণু” টো মহানাদৰ ( Big bang ) ফলত এটা ডাঙৰ বিস্ফোৰণ হৈছিল তাৰ ফলতে ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল৷ ইয়াৰ আগত ব্ৰহ্মাণ্ড এটা সৰু অণুৰ দৰেই আছিল কিন্তুু এই বিস্ফোৰণৰ পিছত ইয়াৰ আকাৰ অতি বৃহৎ হৈ হাতীপতিৰ বা তাতোকৈ ডাঙৰ আকাৰ ল’লে৷ দ্ৰষ্টব্য যে এইখিনি হ’বলৈ এক ছেকেণ্ডতকৈও ক’ম সময় লাগিল৷ আধুনিক বিজ্ঞানৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ গোটেইবোৰ পদাৰ্থ কল্পনাও কৰিব নোৱাৰা ঘনত্বৰ এটা ক্ষুদ্ৰত কৈও ক্ষুদ্ৰ পৰমাণুৰ মাজত আবদ্ধ হৈ আছিল ক্ৰমে কোৱাৰ্ক, গ্লুৱন আৰু ইলেক্ট্ৰন মিউৱন আৰু লেপ্টন আদি শ্ৰেনীৰ মৌলিক কণিকাৰ ৰূপত৷ প্ৰায় দুহেজাৰ কোটি বছৰ আগতে এই “আদিমপৰমাণু “ টো বিস্ফোৰন ঘটি বিশ্ববৰ্হ্মাণ্ডৰ সৃষ্টি হৈছিল৷
মাৰ্কেণ্ডীয় পুৰাণত কোৱা হৈছে :-
‘ নিস্প্ৰভেহস্মিন্ নিৰালোকে সৰ্বতস্তমসাবৃতে
বৃহদশুমভুদেকং অক্ষৰং কাৰনম পৰম্৷
তদ্ধিভেদ তদন্তঃস্থো ভগৱান্ প্ৰপিতামহঃ
পদ্মযোনিঃ স্বয়ং ব্ৰহ্মা যঃ সৃষ্টি জগতাং প্ৰভুঃ
তন্মুথাদোমিতি মহানুভুৎ শব্দো মহামুনৈ
ততো ভুং চ ভূৱং চ তস্মাৎ স্বৰনন্তৰম্৷ ৷’

অৰ্থাৎ, সৃষ্টিৰ পুৰ্বে জগৎ নিস্প্ৰভ আলোকহীন আৰু সৰ্বতোভাৱে তমসাচ্ছন্ন হোৱাত পৰম কাৰণ অক্ষৰে এক বৃহৎ অণ্ডত পৰিনত হ’ল৷ তাৰ অন্তঃস্থিত ভগৱান প্ৰপিতামহ পদ্মযোনী ব্ৰহ্মাই সেই অণ্ড ভেদ কৰি জগৎ সৃষ্টি কৰে৷ ব্ৰহ্মাৰ মুখৰ পৰাই নিঃসৰিত হোৱা “ওঁ ” মহাশব্দৰ পৰাই ভু, ভুৱঃ, স্ব আদি উৎপন্ন হ’ল৷
যি বৃহদাকৃতিৰ সোণালী ডিম্বৰ বা হিৰণ্যগৰ্ভঃ (cosmic egg) ৰ “ওঁ“ মহাশব্দৰ পৰাই ব্ৰহ্মঅণ্ডৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হ’ল সেই অনুৰূপ পৰিঘটনাৰ মতবাদ বৈজ্ঞানিক সকলেও প্ৰতিষ্ঠা কৰিছে যে আদিম পৰমাণুৰ বৃহৎ নাদ হৈ ভাঙি গৈ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হৈছে৷
“আদিম পৰমাণুৰ“ বিস্ফোৰনৰ পিছত হোৱা প্ৰসাৰণৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ চাপ আৰু উষ্ণতা দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিলে ফলত কোৱাৰ্ক কণিকা লগ লাগি প্ৰ’টন, নিউট্ৰন, হেড্ৰন আদি কণিকাৰ সৃষ্টি হয় আৰু সৃষ্টি হয় ফ’টন নামৰ পোহৰৰ কণিকা৷ ১৯৪৮ চনত মহানাদ তত্ত্বৰ প্ৰতিদন্দীৰূপে স্থিতিশীল বিশ্বতত্ত্ব ধাৰণা হাৰমন বনেডি, টমি গল্ড আৰু ফ্ৰেড হয়লে ডাঙি ধৰে যাৰ মতে বিশ্বব্ৰহ্মাণ্ড চিৰদিন একেই আছে অৰ্থাৎ অনাদি অনন্ত৷
স্থিতিশীল বিশ্বতত্ত্ববিদ সকলৰ মতে সকলো অংশতে সকলো সময়তে বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থ সৃষ্টি হ’ব লাগিছে আৰু নতুনকৈ সৃষ্টিহোৱা পদাৰ্থই বিশ্বব্ৰহ্মাণ্ডৰ সকলো অংশতে সকলো সময়তে পদাৰ্থৰ ঘনত্ব একে কৰি ৰাখিছে আৰু নতুনকৈ সৃষ্টিহোৱা এই পদাৰ্থবিধ হ’ল হাইদ্ৰোজেন আৰু শূন্যৰ পৰাই এই বিধ পদাৰ্থৰ সৃষ্টি হয়৷ যিটো সুত্ৰই মানি লোৱা নহওক কিয় সকলোতকৈ প্ৰথম Atom অৰ্থাৎ অণুৰ জন্ম হ’ল, আৰু সেইটোৱেই হ’ল হাইড্ৰ’জেন৷
ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ক্ষেত্ৰত হাইড্ৰ’জেনৰ ভূমিকা উল্লেখযোগ্য কিয়নো ই বেলেগ বেলেগ তাপমানত কিছুমান জটিল অণু সৃষ্টি কৰিব পাৰে৷ সেই সময়ত ব্ৰহ্মাণ্ড যথেষ্ট গৰম আছিল আৰু মহাকৰ্ষণ শক্তিৰ ফলত বিভিন্ন গেছ ওচৰ চাপি আহিল যাৰ বাবে তাপমান যথেষ্ট বৃদ্ধি পালে আৰু যেতিয়া এই তাপমান প্ৰায় আঠ লাখ ফাৰেনহাইট হ’ল তেতিয়া হাইড্ৰ’জেনৰ পৰা হিলিয়াম নামৰ অণুৰ সৃষ্টি হ’ল, হিলিয়ামৰ পৰা লিথিয়াম, আৰু তাৰ লগে লগে কাৰ্বণ, নাইট্ৰ’জেন আদি বিভিন্ন অণুৰ সৃষ্টি হ’ব ধৰিলে৷ সূৰ্য্যৰ ভিতৰত হাইড্ৰজেন হিলিয়ামৰ ৰুপান্তৰনেই শক্তিৰ উৎস৷ ভাগৱতত অখণ্ড কোটি ব্ৰহ্মাণ্ড বুলি সঁচাই কৈছে৷ তৰা জন্ম হোৱাৰ পিছত অন্ধকাৰ ব্ৰহ্মাণ্ড তৰাৰ পোহৰত জিলিকি উঠিল৷ মনত ৰাখিব যে সূৰ্য্যও এটা তৰাহে৷ তৰাৰ পিছত গ্ৰহৰ সৃষ্টি হ’ল৷ প্ৰায় ৪৬০ কোটি বছৰ পুৰ্বে সূৰ্য্যৰ পৰা চিটিকি আহি পৃথিৱীৰ সৃষ্টি হ’ল৷ সেইদৰে বাকী গ্ৰহ সমূহৰ লগত সূৰ্য্যক কেন্দ্ৰ কৰি আমাৰ সৌৰজগত সৃষ্টি হ’ল৷
এই পৰ্য্যন্ত আমি এটা কথাত উপনিত হ’লো যে আদিম পৰমাণুৰ বিস্ফোৰন ঘটি আমাৰ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হৈছিল আৰু পৰমাণু সমূহ যি সৰ্বব্যাপি আছে ৷
যোগবৈশিষ্ঠ ৰামায়নত আছে ‘ আকাশং বাহ্য শূন্যত্বাদনাকাশঞ্চ চিত্ততঃ’ অৰ্থাৎ, বাহিৰৰ পৰা দেখা আকাশখন অনকাশৰে বা পদাৰ্থৰে পৰিপুৰ্ণ৷ এই একেটা কথাকে বিজ্ঞানেও কৈছে “ You cannot have space without things or things without space ( Whitehead)“৷ জগতত বস্তুহীন খালী ঠাই বা ঠাইহীন বস্তু থাকিব নোৱাৰে৷ গতিকে কল্পনাৰ আকাশ বা মহাকাশত কি আছে? বিজ্ঞানৰ আধুনিক আনবিকতাবাদ ( Quantum Theory) অনুসৰি জগতত কেৱল প্ৰ’ টন আৰু ইলেক্ট্ৰন কণাবোৰৰ বাহিৰে একো নাই৷ আদিম পৰমাণুৰ বিস্ফোৰনৰ পিচত সকলো স্থানেই এই কণাবোৰৰে ভৰি পৰিলে৷ জগতৰ প্ৰতিটো ক্ৰিয়া, সকলো পৰিণাম ইলেক্ট্ৰন আৰু প্ৰ’টনৰ অৱস্থানান্তৰ মাত্ৰ৷ সৃষ্টিৰ আদিতে এই পৰমাণু শক্তিবোৰ এনে ভাৱে শৃংখলাবদ্ধ হৈ থাকে যে সিহঁতৰ পৰিনামতে স্বাভাবিক নিয়ম অনুসাৰে জগতৰ সকলো উৎপত্তি হয়, ৰূপান্তৰ হয় আৰু ধ্বংস হয় অৰ্থাৎ সৃষ্টি, স্থিতি আৰু লয়, পৰমাণুৰ বিজুলি বিন্দু বা ইলেক্ট্ৰনৰ ওপৰতে নিৰ্ভৰশীল৷
পৰমাণু সম্বন্ধে শ্ৰীমদ্ভাগৱত পুৰানৰ তৃতীয় স্কন্ধৰ একাদশ অধ্যায়ত কাল নিৰুপনত আধুনিক বিজ্ঞানৰ অণু পৰমাণুৰ সম্বন্ধে সুস্পষ্ট ধাৰণা দিয়া হৈছে৷

চৰমঃ সদ্বিশেষাণামনেকোহসংযুতঃ সদা৷ পৰমাণুঃ স বিজ্ঞেয়ো নৃণামৈক্যভ্ৰমো যতঃ৷ ৷ (ভাগৱত ৩/১১/১)

অৰ্থাৎ জড় জগতৰ যি ক্ষুদ্ৰতম অংশ অবিভাজ্য আৰু দেহৰূপে যাৰ গঠন নহয়, তাকে পৰমাণু বোলা হয়৷ ই সদায় অদৃশ্য অস্তিত্ব ৰূপে বিদ্যমান থাকে, আনকি প্ৰলয়ৰ পিচতো৷ জড় দেহ এই প্ৰকাৰ পৰমাণুৰ দ্বাৰাই গঠিত হয়, কিন্তুু সাধাৰন মানুহে ইয়াৰ সম্বন্ধে ভ্ৰান্ত ধাৰণা বহন কৰে৷
মহাবিশ্ব যে পৰমাণু দ্বাৰা যে গঠিত শ্ৰীমদ্ভাগৱতৰ তলত উল্লেখ কৰা শ্লোকৰ পৰা অনুধাবন কৰিব পাৰি –

সত এব পদাৰ্থস্য স্বৰূপাবস্থিতস্য যৎ৷
কৈবল্যং পৰমমহানবিশেষো নিৰন্তৰ৷ ৷
(ভাগবত ৩/১১/২)

অৰ্থাৎ, পৰমাণু হৈছে ব্যক্ত জগতৰ চৰম অবস্থা৷ যেতিয়া সিহঁতে বিভিন্ন প্ৰকাৰৰ শৰীৰ গঠন নকৰি নিজস্ব ৰূপত স্থিত থাকে, তেতিয়া সিহঁতক কোৱা হয় পৰম মহৎ বা মহতত্ত্ব৷ ভৌতিক ৰূপে অনেক প্ৰকাৰৰ শৰীৰ সৃষ্টি হৈছে কিন্তুু পৰমাণুৰ দ্বাৰা সমগ্ৰ জগৎ সৃষ্টি হয়৷

পৰমাণুপৰমমহতো-সত্বমাদ্যন্তান্তৰবৰ্তী ত্ৰয়বিধুৰঃ৷
আদাবন্তেহপি চ সত্ত্বানাং যদ্ ধ্ৰুবং তদেবান্তৰালেহপি৷ ৷ (ভাগবত ৬/১৬/৩৬)

অৰ্থাৎ, এই জগতত পৰমাণু পৰা আৰম্ভ কৰি বিশাল ব্ৰহ্মাণ্ড আৰু মহত্তত্ত্ব পৰ্যন্ত সকলো বস্তুৰে আদি, মধ্য আৰু অন্তত আপুনি ( ব্ৰহ্ম) বৰ্তমান৷ অথচ আপুনি আদি, মধ্য আৰু অন্ত ৰহিত সনাতন৷ এই তিনিটা অবস্থাতেই আপোনাৰ অবস্থা উপলব্ধি কৰিব পৰা নাযায় বাবেই আপুনি নিত্য৷ যেতিয়া জগতৰ অস্তিত্ব নাথাকে, তেতিয়া আপুনি আদি শক্তিৰূপে বিদ্যমান থাকে৷ এই শ্লোকত বৰ্ণনা কৰা হৈছে যে প্ৰলয়ৰ সময়ত পৰমাণু ধ্বংস হৈ শক্তিত পৰিণত হয়, আৰু যেতিয়া সৃষ্টি আৰম্ভ হয় তেতিয়া শক্তিৰ পৰা পৰমাণু সৃষ্টি হয়৷

বৰ্তমানলৈকে এইটো স্পষ্ট হ’ল যে বিশ্বব্ৰহ্মাণ্ড সকলো পৰমাণুৰেই গঠিত৷ এই পৰমাণুৰেই জীৱ জড় সকলোৰে দেহা গঠন হৈছে৷ আৰু এ পৰমাণু সমূহ সৰ্বব্যাপি তথা সৃষ্টিৰ আদিতেও আছিল আৰু প্ৰলয়ৰ পিছতো থাকিব৷ পৰমাণুৰে গঠিত পদাৰ্থৰে গঠিত দেহাটো মৃত্যুৰ পিছতো কিন্তুু পৰমাণু সমূহ নোহোৱা হৈ নাযায়৷
এই সম্পৰ্কে গীতাত উল্লিখিত কিছু শ্লোকৰ উল্লেখ কৰিব বিছাৰিছো

ন ত্বেৱাহং জাতু নাসং ন ত্বং নেমে জনাধিপাঃ৷
ন চৈৱ ন ভৱিষ্যামঃ সৰ্ৱে ৱযমতঃ পৰম্৷ ৷ ২, ১২

অৰ্থাৎ এই কথা নিশ্চিত যে এনে কোনো সময় নাছিল যেতিয়া মই নাছিলো বা তুমি নাছিলা৷ বা এই ৰজা সকল নাছিল আৰু এই কথাও নিশ্চিত যে ইয়াৰ পাছতো আমি সকলোৱেই নোহোৱা হৈ নপৰো৷

নাসতো ৱিদ্যতে ভাৱো নাভাৱো ৱিদ্যতে সতঃ৷
উভয়োৰপি দৃষ্টোহন্ত স্ত্বনয়োস্তত্ত্বদশিভিঃ৷ ৷ ২, ১৬

অৰ্থাৎ, সত্যদ্ৰষ্টাসকলে সিদ্ধান্ত কৰিছে যে দেহৰ স্থায়িত্ব নাই৷ যিতো নিত্য বস্তু অৰ্থাৎ আত্মা, তাৰ কোনো সময়তে পৰিবৰ্তন নাই৷ তত্ত্বদৰ্শী সকলে এই দুয়োটা বস্তুৰে অধ্যয়ন কৰি এই সিদ্ধান্তলৈ আহিব পাৰিছে৷

এতিয়া আহো ব্ৰহ্ম তথা আত্মা বিষয়লৈ৷ আত্মা পৰমাত্মা, ব্ৰহ্ম পৰমব্ৰহ্ম ইত্যাদি ঈশ্বৰৰ সমাৰ্থক শব্দ মাথোন৷ যি অব্যক্ত, যি ক্ষয় বা জীৰ্ণ নহয়, যি ৰুপ ৰস গোন্ধ শব্দ আৰু স্পৰ্শহীন, যাৰ আদি অন্ত নাই, যাৰ পৰা জগতৰ উদ্ভব হৈছে, যি চিৰকাল আছে, যাৰ বিনাশ নাই, যাৰ স্বৰূপ জনা নাযায়, সেই ব্ৰহ্ম সকলোতে বিৰাজমান থাকে৷ আত্মা আৰু প্ৰাণ সমাৰ্থক৷ শৰীৰ সকলোতে আত্মা প্ৰৱিষ্ট হৈ আছে৷ জীৱ প্ৰথমে ব্ৰহ্মই আছিল৷ গতিকে জীৱই যদি “অহং ব্ৰহ্মাস্মি“ বুলি নিজকে জানিব পাৰে তেন্তে জীৱ আৰু ব্ৰহ্ম একাত্ম হ’ব পাৰে৷ সমগ্ৰ বিশ্ব পৰমাণুৰে গঠিত তথা ব্যাপি থকা পৰমাত্মা আৰু নিজৰ দেহা গঠন কৰা পৰমাণু আৰু তাত থকা ব্ৰহ্ম শক্তি বা প্ৰাণ বা আত্মা কেতিয়াও বেলেগ বেলেগ বা পৃথক হ’ব নোৱাৰে৷ পঞ্চভৌতিক স্থুলদেহৰ অভ্যন্তৰত আৰু সূক্ষ্মদেহৰ কেন্দ্ৰবিন্দুত যি ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰমাণুসদৃশ চৈতন্যময় শক্তি দেহেন্দ্ৰিয়ৰ পৰিচালিকা শক্তিৰূপে উদ্ভাসিত হৈ আছে সেয়াই আত্মা (soul) ( মুণ্ডক উপনিষদ)

ৱিলক্ষণঃ স্থুল-সূক্ষ্মাদ্দেহাদাত্মেক্ষিতা স্বদৃক্৷
যথাগ্নিদাৰুণো দাহ্যাদ্দাহকো’ন্যঃ প্ৰকাশকঃ৷ ৷

অৰ্থাৎ শুকান কাঠত প্ৰজ্বলিত হৈ থকা জুইকুৰা আৰু জ্বলি থকা কাঠখণ্ড বেলেগ বেলেগ, সেইদৰে সৰ্ব্বদ্ৰষ্টা স্বয়ং প্ৰকাশ সাক্ষীস্বৰূপ আত্মা প্ৰাণীৰ অন্তৰত থাকে যদিও পঞ্চ মহাভূতৰে গঠিত স্থুুল সূক্ষ্ম কাৰণ শৰীৰৰ পৰা সম্পুৰ্ণ বেলেগ৷ জীৱদেহ গঠন কৰা পদাৰ্থ সমূহ ক্ষয়শীল কিন্তুু সেই পদাৰ্থগঠন কাৰি পৰমাণু অক্ষয়৷ গীতাত কোৱা হৈছে

অৱিনাশি তু তদ্ ৱিদ্ধি য়েন সৰ্ৱমিদং ততম৷
ৱিনাশয়মৱ্যয়স্যাস্য ন কশ্চিৎ কৰ্তুমৰ্হতি৷ ৷ ২, ১৭

অৰ্থাৎ, যিটোৱে এই সমগ্ৰ দেহাটো বিয়পি আছে, তাৰ কোনো বিনাশ নাই বুলি জানিবা৷ এই বিনাশ নোহোৱা আত্মাটোক ধ্বংস কৰিবৰ বাবে কাৰো সাধ্য নাই৷

ন জায়তে ম্ৰিয়তে ৱা কদাচিন্
নায়ং ভূত্বা ভৱিতা ৱা ন ভূয়ঃ৷
অজো নিত্যঃ শাশ্বতোহয়ং পুৰাণো
ন হন্যতে হন্যমানে শৰীৰে৷ ৷ ২, ২০

অৰ্থাৎ, আত্মাটোৰ কেতিয়াও জন্মও নাই, মৃত্যুও নাই৷ ইয়াৰ কোনো জন্ম হোৱা নাছিল, বৰ্তমানেও জন্ম নাই আৰু ভৱিষ্যতেও জন্ম নহ’ব৷ আত্মা অজ, নিত্য চিৰস্থায়ী আৰু আদিম৷ শৰীৰটো নিহত হ’লেও আত্মা নিহত নহয়৷

নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ৷
ন চৈনং ক্লেদয়ন্ত্যাপো শোষয়তি মাৰুতঃ৷ ৷ ২, ২৩

অৰ্থাৎ, আত্মাটোক কেতিয়াও কোনো অস্ত্ৰই কাটি খণ্ড খণ্ড কৰিব নোৱাৰে, জুইয়ে পুৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে বা বতাহেও শুকুৱাব নোৱাৰে৷

অচ্ছেদ্যোহয়মদাহ্যোহয়মক্লেদ্যোহশোষ্য এৱ চ৷
নিত্যঃ সৰ্ৱগতঃ স্থানুৰচলোহয়ং সনাতনঃ৷ ৷ ২, ২৪
অৰ্থাৎ,
আত্মাক ছেদন কৰিব নোৱাৰি, পুৰিব নোৱাৰি, তিয়াব নোৱাৰি বা শুকুৱাব নোৱাৰি৷ ই চিৰকলিয়া৷ ই সৰ্বত্ৰ বিৰাজমান৷ ইয়াৰ পৰিবৰ্তন নহয়৷ ইয়াক যেনি তেনি নিৱ নোৱাৰি আৰু ই চিৰকাল একেদৰেই থাকে৷

গীতাৰ এই শ্লোক সমূহ মনত ৰাখিব কিয়নো এতিয়া বিজ্ঞানৰ দিশৰে চাবলৈ যাওতে এই শ্লোক খিনিৰ প্ৰয়োজন হ ’ব৷ ইতিমধ্যে পঢ়ি অহা গীতাৰ শ্লোক সমূহতো ইয়াকে কোৱা হৈছে যে এই কথা নিশ্চিত যে এনে কোনো সময় নাছিল যেতিয়া মই নাছিলো বা তুমি নাছিলা ( ২, ১২) কিয়নো পদাৰ্থৰ সৃষ্টি হোৱাৰে পৰাহে সময় ধাৰণা সৃষ্টি হৈছে তথা বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আদিতেই পৰমাণু সৃষ্টি হৈছে৷ যিটো হাইদ্ৰোজেন হিচাপে ইতিমধ্যে আমি পঢ়িলো৷ অৰ্থাৎ অনাদি অনন্ত ব্ৰহ্মাণ্ডৰ আৰম্ভণিৰে পৰা পৰমাণু বা এটম আছিল৷ গীতাত কোৱা হৈছে যে যিটোৱে এই সমগ্ৰ দেহাটো বিয়পি আছে, তাৰ কোনো বিনাশ নাই বুলি জানিবা৷ এই বিনাশ নোহোৱা আত্মাটোক ধ্বংস কৰিবৰ বাবে কাৰো সাধ্য নাই৷ আমি ইতিমধ্যে পঢ়িলো যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো অংশতে সকলো সময়তে পদাৰ্থৰ ঘনত্ব একে কৰি ৰাখিছে আৰু নতুনকৈ সৃষ্টিহোৱা এই পদাৰ্থবিধ হ’ল হাইদ্ৰোজেন আৰু শূন্যৰ পৰাই এই বিধ পদাৰ্থৰ সৃষ্টি হয়৷ পদাৰ্থ গঠিত হোৱা পৰমাণুৰ বিনাশ নাই৷ আত্মাটোক কেতিয়াও কোনো অস্ত্ৰই কাটি খণ্ড খণ্ড কৰিব নোৱাৰে, জুইয়ে পুৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে বা বতাহেও শুকুৱাব নোৱাৰে৷ পৰমাণুক বা এটমকো জ্বলাব, শুকুৱাব বা কাটিব পৰা নাযায়৷ আত্মাক ছেদন কৰিব নোৱাৰি, পুৰিব নোৱাৰি, তিয়াব নোৱাৰি বা শুকুৱাব নোৱাৰি৷ ই চিৰকলিয়া৷ ই সৰ্বত্ৰ বিৰাজমান৷ ইয়াৰ পৰিবৰ্তন নহয়৷ ই চিৰকাল একেদৰেই থাকে৷ তাপ গতি বিজ্ঞানৰ সুত্ৰ মতে শক্তি সৃষ্টি কৰিব পৰা নাযায়, ধংশও কৰিব পৰা নাযায়৷ মাত্ৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিবৰ্তন হে কৰিব পৰা যায়৷
জীৱৰ দেহ পদাৰ্থৰেই গঠিত আৰু মৃত্যুৰ পিছত পদাৰ্থ সমূহ পুনৰ বায়ুমণ্ডলত ওলাই গৈ নতুন দেহা এটা সৃষ্টি কৰে৷ পৰমাণু ঈশ্বৰৰ দৰে সৰ্বত্ৰ বিয়পি আছে, আত্মা পৰমাত্মা পৰমাণু দৰেই অবিনাশী৷ সৃষ্টিও কৰিব নোৱাৰি আৰু ধংশও মাত্ৰ এটা ৰূপৰ পৰা আনএটা ৰূপলৈ পৰিবৰ্তন কৰিব পাৰি৷
এইখিনিতে এটা প্ৰশ্ন হয় যে জীৱ আৰু জড় দেহ যদি একে পৰমাণুৰেই গঠিত তেনেহ’লে জীৱৰ প্ৰাণ বা আত্মা বা মৃত্যু পৰ্য্যন্ত জীৱনী শক্তি থাকে কিন্তুু জড় দেহত নাথাকে কিয়?
লোকায়তিক আৰু বৈভাষিক তথা আধুনিক জড় বিজ্ঞানী আৰু বস্তুবাদী দাৰ্শনীক সকলৰ মতে পাৰ্থিৱ দ্ৰৱ্য বিলাকৰ যেনে ক্ষিতি, অপ, আদি পঞ্চ মহাভূতৰ সংমিশ্ৰণ এটাই পৰিপক্বতা লাভ কৰিলে দেহাটো গঠন হয় আৰু সেই ভৌতিক আৰু ৰাসায়নিক দ্ৰব্য সমূহৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলতে এটা সময়ত জীৱনৰ লক্ষন সমূহে গঢ় লৈ উঠে তথা জীৱনী শক্তিৰ আধাৰ বা প্ৰট’প্লাজম গঠিত হয় যি জড় দেহত নহয়৷ কিন্তুু জড় দেহতো সেই একে পদাৰ্থ সমূহ কলয়ড বা যৌগ ইত্যাদি অৱস্থাত থাকে৷
যদি আমি আধুনিক জড় বিজ্ঞানী আৰু বস্তুবাদী দাৰ্শনীক সকলৰ মতে পঞ্চ মহাভূতৰ সংমিশ্ৰণত দেহাটো গঠন হয় আৰু সেই ভৌতিক আৰু ৰাসায়নিক দ্ৰব্য সমূহৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলতে এটা সময়ত জীৱনৰ লক্ষন সমূহে গঢ় লৈ উঠে বুলি ভাবো ভগৱান ধাৰণাটো পঞ্চমহাভূতৰ লগত মিলন ঘটাব পাৰি৷
ভ= ভূ বা ভূমি
গ= গগন বা আকাশ
ব= বায়ু
অ= অগ্নি
ন = নীৰ বা পানী
অৰ্থাৎ পৃথিৱী, আকাশ, বায়ু, অগ্নি, আৰু পানী এই প়ঞ্চ তত্ত্বৰে সকলো সৃষ্টি গঠিত হৈছে৷
সংস্কৃত ভাষাত “ভগ“ মানে ঐচৰ্য্য আৰু “ৱান“ মানে অধিকাৰি বা স্বামী৷ পুৰ্বতে ঋষি মুণি সকলে এইখিনিতেই সকলো ঐচৰ্য্যৰ অধিকাৰী ভগৱানক সকলোৰে অধিকাৰী বা স্বামী ৰূপ দি পূজন কৰা আৰম্ভ কৰিছিল৷ ৷ এই পঞ্চতত্ত্বৰ অধিকাৰী ভগৱান আৰু এই পঞ্চ তত্ত্বৰে আপোনাৰ মোৰ সকলো জীৱ জড়ৰ দেহ গঠিত৷ গতিকে জীৱ দেহৰ আত্মা আৰু পৰমাত্মা বা ভগৱান একেটাই ৰূপ৷ মৃত্যুৰ পিছত আত্মা পৰমাত্মাত মিলন হোৱাতো মৃত্যুৰ পিছত পঞ্চভূতৰে গঠিত জীৱদেহৰ মৌল সমূহ পুনৰ প্ৰকৃতিতে বিলিন হয়৷ আৰু পৃথিৱী সৃষ্টিৰ পৰা আজিলৈকে মৌল সমূহ একে পৰিমানতেই থকাটোৱে ইয়াকে সূচায়৷

মম য়োনিৰ্মহদ ব্ৰৰ্ক্ষ্ম তশ্মিন গৰ্ভং দধাম্যহম৷
সম্ভৱঃ সৰ্বভূতানাং ততে ভৱতি ভাৰত৷ ৷

অৰ্থাৎ হে অৰ্জুন সমূহ জড় পদাৰ্থৰ সমষ্টিয়েই হ’ল ব্ৰহ্ম আৰু ব্ৰহ্মই হল মোৰ গৰ্ভাধানৰ স্থান৷ সেই ব্ৰহ্মতেই মই মোৰ বীজ নিক্ষেপ কৰো আৰু তাৰ পৰাই সকলো জীৱই জন্ম লাভ কৰাতো সম্ভৱ হয়৷
অৰ্থাৎ অজৈৱ যৌগত ভগৱানে বীজ বা জীৱনি শক্তি প্ৰদান কৰে আৰু জীৱৰ সৃষ্টি হয়৷ বিজ্ঞানেও কৈছে জীৱ আৰু জড়ৰ দেহ একে খিনি মৌলৰেই গঠিত৷ কিন্তুু জীৱৰ জীৱনী শক্তি আছে জড়ৰ নাই৷ জড় পদাৰ্থৰ পৰা ৰাসায়নিক বিবৰ্তন হৈ জীৱ সৃষ্টি হোৱা তথা জীৱনী শক্তি লাভ কৰাতো পক্ৰিয়াটো, জীৱৰ সৃষ্টিৰ জে বি এচ হেলডেন আৰু এ আই অপেৰিণৰ জৈৱ ৰাসায়নিক মতবাদ আৰু মিলাৰ, ইউৰি, চিডনী ফক্স ইত্যদি বৈজ্ঞানীকে গৱেষমাগাৰত পৰীক্ষাৰ সহায়ত প্ৰমানিতও কৰিছে৷

য়ত প্ৰবৃত্তিৰ্ভূতানাং য়েন সৱমিদং ততম
স্বকৰ্মাণা তমভ্যৰ্চ্য সিদ্ধিং ৱিন্দতি মানৱঃ৷ ৷
অৰ্থাৎ যাৰ পৰা সকলো প্ৰাণীৰে উৎপত্তি হৈছে, যি জন এই সকলো বস্তুতে ব্যাপি আছে সেই ভগৱানৰ হকে কৰ্মৰ দ্বাৰা সেৱা আগবঢ়ালেহে সিদ্ধি লাভ কৰিব পাৰি৷

ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশেহৰ্জুন তিষ্ঠতি৷
ভ্ৰাময়ন সৰ্বভূতানি য়ন্ত্ৰাৰূহানি মায়ায়া৷ ৷

অৰ্থাৎ হে অৰ্জুন ভগৱান প্ৰতিজন জীৱৰে হৃদয়ত বা আত্মাত বাস কৰে৷ জড় শক্তিৰ বা মায়াৰ দ্বাৰা নিৰ্মিত এটা যন্ত্ৰত জীৱক বহুৱাই সিহঁতক ঘূৰাই লৈ ফুৰাইছে৷

বায়ু হিছাপে কি বৈ আছে যি বায়ু নহলে আমি জীয়াই থাকিব নোৱাৰো৷ পানী হিচাপে কোনে আমাৰ পিয়াহ দুৰ কৰিছে, যাৰ অবিহনে জীৱন অসম্ভৱ৷ এই সকলো ব্যাপি পৰমাণুৰে গঠিত মৌল আছে, যি আপোনাৰ মোৰ দেহাতো আছে ৷ পৰমাণু সমূহৰ শক্তিৰ প্ৰকাশ থকা লৈকেই পৰমায়ু বা জীৱন কাল৷
ব্যক্ত সকলো পদাৰ্থই শক্তিৰ স্পন্দন মাত্ৰ৷ শক্তিৰ মাথোঁ ৰূপান্তৰহে আছে, ধ্বংস নাই৷

প্ৰকৃতিং পুৰষঞ্চৈৱ
বিদ্ধ্যাদি উভাৱপি৷
বিকাৰাংশ্চ গুণাঞৈৱ
বিদ্ধিং প্ৰকৃতি সম্ভৱান৷ ১৩, ২০

অৰ্থাৎ, জড় প্ৰকৃতি আৰু জীৱ উভয়েই অনাদি বুলি জানিবা৷ সেই বিলাকৰ বিকাৰ আৰু গুনসমূহকো জড় প্ৰকৃতিৰ পৰাই উৎপন্ন হোৱা বুলি জানিবা৷ এনেবোৰ যুক্তি পৰা আমি নিঃসন্দেহে ক’ব পাৰো যে প্ৰ’টন ইলেক্ট্ৰণবোৰ আৰু ইহতৰ স্বাভাবিক শক্তিয়েই হ’ল প্ৰকৃতি ( Natural phenomenon) এই প্ৰকৃতিৰ পৰাই জগতৰ সকলো সৃষ্টি হৈছে, স্থিতিলাভ কৰিছে আৰু লয় হৈ আকৌ পুনঃ নতুন সৃষ্টি হৈছে৷

Comments

1 Comment so far

Jump into a conversation
  1. নেওগ
    #1 নেওগ 21 July, 2017, 15:17

    বিষয়বস্তুৰ সুন্দৰ ব্যাখা আগবঢ়াইছে।

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.