শৃংখল -ভাস্কৰ জে বৰুৱা

শৃংখল    -ভাস্কৰ জে বৰুৱা

শৃংখল -ভাস্কৰ জে বৰুৱা

by July 17, 2017 0 comments

ইক্ষু!

মানুহজনে মোৰ মুখলৈ খন্তেক চালে আৰু খালি ঘৰ দুটাত লিখিলে ইক্ষু৷ মই তেনেকৈ কৈ দিয়াত তেওঁ বেয়া পালে নেকি বাৰু! খবৰ কাগজৰ এই শব্দ-শৃংখল দেখিলে ৰৈ থাকিব নোৱাৰো মই৷ তেওঁ কলমটো কামুৰি চিন্তা কৰিলে৷ এক শ্ৰেণীৰ বৌদ্ধ ভিক্ষু৷ দীঘলে চাৰিটা আখৰেৰে৷ ক্ষপনক৷ মই নিজকে বাধা দিব নোৱাৰিলোঁ৷ এইবাৰ তেওঁ মুখত সামান্য হাঁহি এটা লৈ মোৰ মুখলৈ চাই খালি ঘৰকেইটাত কলম লগালে৷ তেওঁ পুনৰ কলমটো মুখলৈ নিয়াৰ আগেয়ে মই কৈ পেলালোঁ৷
– হাতীৰ শুঁৰ৷ চাৰিটা আখৰে৷ কৰিকৰ৷
লাহে লাহে এই শব্দ শৃংখলে মানুহজনৰ লগত মোৰ এটা শৃংখল সম্পৰ্ক আনি দিলে৷ বন্ধুত্বৰ৷
– আপুনিও চাগে পূৰাই?
তেওঁ মোক আপুনি বুলি কওঁতেই মই বুজি উঠিলোঁ যে মানুহজন খুবেই ভদ্ৰ৷ মোক তুমি বুলি ক’লেই হ’ব বুলি নকৈ মই ক’লোঁ,
– হয়৷ পূৰাওঁ মাজে মাজে৷ ভাল লাগে৷
– কেইটাত এৰিব?
মানুহজনৰ কথাৰ উত্তৰ দিবলৈ মই ফেৰীখনৰ খিৰিকীৰে পাৰলৈ চাই ক’লোঁ,
– এৰিবৰ হ’ল পিছে৷ সম্ভৱ সেই গাড়ীখন উঠিলেই যাব৷
মোৰ উত্তৰটোৰ গাত আউজি মই তেওঁক সুধিলোঁ,
– আপুনি ফেৰীত প্ৰথম উঠিছে চাগৈ?
– হয়৷
চুটিকৈ উত্তৰটো দি তেওঁ পেপাৰখনলৈ চালে৷
– এইটো ঠিক মনত পেলাব পৰা নাই৷ কি হ’ব বাৰু?
ভাঁজ কৰি থোৱা পেপাৰখন তেওঁ মোৰ ওচৰলৈ লৈ আনিলে৷ প্ৰায়বোৰ পূৰাই শেষ হৈছিলেই! শেষৰ গাড়ীখন তোলাত ফেৰীখনে এটা জোকাৰ মাৰিলে আৰু পেপাৰখনৰ সৈতে তেওঁ প্ৰায় মোৰ গাত পৰিলহি৷ তেওঁ সামান্য এটা হাঁহি মাৰিলে৷ মই লক্ষ্য কৰিলোঁ হাঁহিলেহে মানুহজনক বেছি ধুনীয়া লাগে৷
এটা নিৰ্দিষ্ট জোখত জোকাৰ মাৰি মাৰি ফেৰীখনে নিমাতী ঘাট এৰিলে৷ মই এইবাৰ পেপাৰখনলৈ চালোঁ৷ অংকৰ এক নিয়ম বা এখন অসমীয়া চিনেমাৰ নাম৷ পাঁচটা আখৰে৷ কলমটো লৈ মোৰ মুখলৈ চাই আছে মানুহজনে৷
– যোগ বিয়োগ৷
মই উত্তৰটো দিয়াৰ লগে লগে মানুহজনে মোৰ মুখলৈ এনেকৈ চালে যেন উত্তৰটো তেওঁৰ পেটত আছিল কেৱল মুখলৈ অহা নাছিল৷ মই মানুহজনৰ হাতৰ আখৰকেইটালৈ এইবাৰহে লক্ষ্য কৰিলোঁ৷ বৰ ধুনীয়াকৈ লিখিছে গোট গোটকৈ৷
তেওঁ এইবাৰ পেপাৰখন সামৰি বেগত ভৰাই মোৰ মুখলৈ চালে৷ জোৰ কৰি ময়ো মুখত হাঁহি এটা সানি তেওঁলৈ চাই সুধিলোঁ,
– ক’লৈ যাব আপুনি?
– ঢকুৱাখনা৷
– আপুনি?
তেওঁ মোক পুনৰ আপুনি বুলি কোৱাত মোৰ মনে নসহিলে,
– আপুনি মোক তুমি বুলি ক’লেই হ’ল৷ আপোনাতকৈ সৰু হ’ম মই৷
– বাৰু! ক’লৈ যাবা তুমি?
– ময়ো ঢকুৱাখনালৈ যাম৷
– ভালেই হ’ল দিয়া৷ লগ এজন পালোঁ৷
তেওঁৰ সেইটো কথাৰ বিপৰীতে মই হঠাতে কৈ উঠিলোঁ৷
– চাহ খাব?
– খাব পাৰি লালচাহ একাপ৷
ফেৰীখনত থকা সৰু চাহ দোকানখনৰ পৰা দুকাপ চাহ আনি একাপ তেওঁৰ হাতত তুলি দিলোঁ৷ লগত এপাকেট ভজা বাদাম৷
চাহকাপ খাই মুখখন টেঙা টেঙা লগাত হাতখন মোৰ নিয়মমাফিক পেণ্টৰ জেপলৈ গ’ল৷ গুটখাৰ পাকেটটোত হাতখন লাগোতেহে ভাবিলোঁ, তেওঁৰ আগত খোৱাটো ভাল হ’ব নে বেয়া? তেওঁ বা খায় নে নাখায়! তাকে জানিবলৈ ক’লোঁ
– তামোল খাব আপুনি?
– নাখাওঁ৷
পিছে সামান্য ৰৈয়ে ক’লে,
– গুটখা অকণ পিছে চোবাওঁ কেতিয়াবা৷
– খাব?
যথেষ্ট উৎসাহেৰে মই পকেটৰ পৰা গুটখাৰ পাকেটটো উলিয়াই অলপ মোৰ মুখত ঢালি তেওঁলৈ আগবঢ়াই দিলোঁ৷ তেওঁ হাতৰ তলুৱাত সামান্য লৈ হাতেৰে মোহাৰি মোহাৰি মুখত ভৰালে৷ মোৰ আৰু তেওঁৰ খোৱাৰ পাৰ্থক্যত মোৰ লাজ লাগি গ’ল৷
– মেট্ৰিক কোন চনত দিছিলা?
তেওঁ মোৰ বয়সৰ হিচাপ এটা উলিয়াবৰ বাবেই হয়তো সুধিলে৷
– দুহেজাৰ পাঁচত৷
– তেন্তে মই প্ৰায় লগৰে হ’ম৷ মই দুহেজাৰ দুইত দিছিলোঁ৷
মই পিছে তেওঁ মোতকৈ বহু ডাঙৰ বুলি ভাবি আছিলোঁ৷ তেওঁৰ প্ৰতি মোৰ ধাৰণাটো মানুহজনৰ পৰা দাদা কৰি পেলালোঁ৷
– বিয়া কৰালা?
– নাই!
– বিয়াৰ বয়স হৈছে পিছে তোমাৰ৷ কিয় কৰোৱা নাই?
তেওঁৰ প্ৰশ্নত মই কি কম ভাবি পোৱা নাই৷ বুৰ্বকৰ দৰে হাঁহি এটা মাৰি মই তেওঁৰ প্ৰশ্নটোৰ পৰা ফালৰি কাটিব বিচাৰিও পৰা নাই৷ তেওঁ মোলৈ এনেদৰে চালে যেন তেওঁক তেওঁৰ উত্তৰ লাগিবই৷ কিয় জানো কালিৰে পৰা মোৰ মন-মগজুত খুন্দা মাৰি থকা কথাবোৰ মোৰ এই দাদাজনক ক’বলৈ মন গ’ল৷
**********

– কান্দিয়েই থাকিবা নে কিবা ক’বা?
জোনালীয়ে উচুপি আছে ফোনৰ সিটো মূৰত৷ কিবা এটা ক’ব খোজে তাই আৰু শোকে খুন্দা মাৰি ধৰে৷ ক’ব পৰা নাই কথাবোৰ৷
– কাইলৈ আহিব …
আকৌ উচুপনি৷ মোৰ খং উঠিছে যদিও মই দেখুওৱা নাই৷ ক’লেহে গম পাম হৈছে কি! কিন্তু ডাঙৰ কিবা এটা যে হৈছে মই অনুমান কৰিলোঁ৷ অলপ সময়ৰ পাছত তাইৰ কান্দোন বন্ধ হ’ল৷
– মোক চাবলৈ কাইলৈ অৰুণ নামৰ ল’ৰা এটা আহিব৷ টেটত কৰে৷ তুমি সোনকালে কি কিবা এটা কৰা৷
কান্দি কান্দি ফ’নটো কাটি দিলে তাই৷ মোৰ বুকুত খুন্দা এটা মাৰিলে৷ হয়তো চকু দুটাও সেমেকি উঠিল৷ সামান্য দৰমহাৰ চাকৰি মোৰ৷ গোটেই ৰাতি ভাবি ভাবি শেষত তাইলৈ মেছেজ কৰিলোঁ৷ কাইলৈ ময়ো গৈ আছোঁ তোমালোকৰ ঘৰলৈ৷
**********
জেংৰাই …ঢকুৱাখনা …আহক আহক …
ফেৰীখন কমলাবাৰী ঘাটত লাগিলহি৷
– দাদা আহক! ঢকুৱাখনাৰ গাড়ী লাগি আছে৷ পলম হলে চিট নাপাম৷
মই তেওঁক প্ৰায় টানি আনিব খুজিলোঁ৷ কিন্তু তেওঁ ফেৰীখনৰ পৰা নামিব নুখুজি ক’লে,
– শুনা! মই ঢকুৱাখনালৈ নাযাওঁ৷ তোমাৰ জোনালীয়ে কোৱা টেটত কৰা অৰুণ নামৰ ল’ৰাটো ময়েই৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.