সপোনৰ ৰং -দেৱ প্ৰতীম

সপোনৰ ৰং   -দেৱ প্ৰতীম

সপোনৰ ৰং -দেৱ প্ৰতীম

by July 17, 2017 0 comments

(১)

ফোনটো পকেটৰ পৰা উলিয়াই চালোঁ৷ ১০ টা মিছকল আছিল, চাইলেণ্ট হৈ আছিল মোবাইলটো, গমেই নাপালোঁ৷ এটা নম্বৰৰে পৰা ফোনকেইটা আহিছিল, নম্বৰটো অচিনাকি আছিল৷ অসমৰে আছিল৷ ফোনটো কৰিম বুলি ভাবি ডায়েল কৰিছিলোঁ, তেনেতে বাহিৰৰ পৰা ষ্টিফেনে মাত লগালে,
-“ছাৰ, বাহৰ মে আপনাৰ কাৰণে মানুহ কেইজনমান ৰখি আছে৷ বহত জৰুৰী৷”
ফোনটো তেনেকৈয়ে থৈ বাহিৰলৈ ওলাই আহিলোঁ৷
(২)
-“ষ্টিফেন ভাত হৈছে নেকি?”
-“ৰখিব ছাৰ৷ হৈছে আৰু!”
ষ্টিফেন মৌলং গাঁৱৰ বাসিন্দা আছিল৷ মোৰ লগত থকা প্ৰায় পাঁচ বছৰেই হ’ল৷ প্ৰথমে অসমীয়া ভঙা ভঙাকৈ কৈছিল৷ এতিয়া প্ৰায় পৰা হৈছেই৷
মৌলং গাঁৱলৈ অহা আজি পাঁচদিন হ’ল৷ ইয়াত সৰুকৈ এটা পুৰণি ঘৰ আছিল, সেইটোকে মেৰামতি কৰি লৈছিলোঁ৷ গাঁওখনলৈ আহিলে ইয়াতেই থকা হয়৷ গাঁওখন মোৰ নিজৰ নাছিল; কিন্তু মোৰ আপোন আছিল৷
তেনেতে ফোনটো আকৌ বাজি উঠিল৷ নম্বৰটো অচিনাকি আছিল৷ ৰাতিপুৱা কৰা নম্বৰটো যেন লাগিল৷ ইমানকে ফোন কৰি আছে৷ ফোনটো চাবলৈ সময়েই পোৱা নাই৷ অথনি ফোনটি থৈ তেনেকৈয়ে ওলাই গৈছিলোঁ৷
-“হেল্লো, কোনে কৈছে?”
-“হেল্লো….”
সিমূৰৰ পৰা এক নাৰী কণ্ঠ৷ মাতটো মোৰ চিনাকি আছিল৷ কিন্তু আজি ইমান দিনৰ মূৰত….!
*******
উজান বজাৰৰ ঘাটৰ ওচৰৰে এখন পাৰ্ক৷ মই তাইলৈ চাই আছিলোঁ৷
-“এনেদৰে চাই নাথাকিবা৷ মোৰ কথাবিলাক ক’বলৈ অসুবিধা হয়৷”
-“এনে কি কথা আছেনো যে ক’বলৈ অসুবিধা হয়?”
-“মই আৰু নোৱাৰিম৷ তুমি জানাই সকলো কথা৷ আমাৰ একো ভৱিষ্যত নাই৷ তোমাক মই এখন দলদললৈ লৈ গৈ আছোঁ আৰু তুমি হাঁহিমুখে তাত কেনেকৈ সোমাই গৈ আছা? কেনেকুৱা মানুহ হে তুমি?”
-“দলদল? এয়া মোৰ কাৰণে দলদল নহয়৷ মইতো কৈছোৱে তোমাৰ যেতিয়াই ইচ্ছা তেতিয়াই যাব পাৰা৷ কিন্তু মই বহুদুৰ আগবাঢ়ি আহিলোঁ৷ মোৰ কাৰণে এতিয়া পাছলৈ চোৱা সম্ভৱ নহ’ব৷”
* * * * *
-“হেল্লো, শুনি আছানে?”
-“অ’…”
-“ইমানকৈ ফোন কৰি আছোঁ, ফোনটো এবাৰ উঠাব নোৱাৰা নেকি? কিমান কষ্ট কৰি, কিমান বিচাৰ-খোচাৰ কৰি তোমাৰ নম্বৰ উলিয়াইছোঁ তুমি গম পোৱা জানো! ফোন কৰাৰ আগেয়ে বহুবাৰ ভাবি ফোন কৰিছোঁ৷ শুনি আছানে তুমি?”
ফোনটো কাটি দিছিলোঁ মই৷ মাতটো শুনাৰ লগে লগে মই কঁপিবলৈ ধৰিছিলোঁ৷ আনন্দ আছিল নে সেয়া নে বেলেগ কিবা? চকুপানী বৈ আহিছিল৷
-“ছাৰ, ছাৰ কি হ’ল আপনাৰ? কি হৈছে আপনাৰ?”
(৩)
কিজানি বহু দেৰি শুলোঁ আজি৷ চকু মেলি দেখোঁ সন্মুখত ষ্টিফেন ৰৈ আছিল৷ তাৰ লগত গাঁৱৰ প্ৰাথমিক চিকিৎসালয়খনৰ ডাক্তৰজন৷ লাহে লাহে মোৰ কথাবিলাক মনত পৰিল৷
-“ষ্টিফেন, মই কিমান সময় শুলোঁ?”
-“ছাৰ, আপনি মোকতো ডৰাই দিছিল৷ কি হৈছিল আপনাৰ?”
-“নাজানো৷”
তেনেতে ডাক্তৰজনে মাত লগালে,
-“আপ ষ্ট্ৰেছ বহত লে ৰহে হো৷ কাম থোৰা কম কৰ দো৷”
-“ঠিক হেই৷ থেংকছ৷”
-“অচ্ছা মেই চলতা হু৷ আপ আৰাম কিজিয়ে৷”
ষ্টিফেনে ডাক্তৰজনক বাহিৰলৈ আগবঢ়াবলৈ গ’ল৷
(৪)
বাহিৰত গাড়ী ৰোৱাৰ শব্দ শুনি ষ্টিফেনক কোন হয় চাবলৈ ক’লোঁ৷ মিঃ ৰেংবং হ’ব কিজানি৷ ৰাতিপুৱা মাতিছিলোঁ তেওঁক গাঁওখনত জৈৱিক ফাৰ্মখনৰ কথা পাতিবলৈ৷
বাহিৰলৈ ওলাই আহিলোঁ৷ কিন্তু…
-“ষ্টিফেন, ই কেনেকৈ সম্ভৱ, তই ঠিকনা দিছিলি নেকি?”
-“ছাৰ, কি কৈছে বুজি পোৱা নাই৷”
-“কেনেকৈ…”
* * * * *
-“তুমিতো হেৰাই গৈছিলা৷ কিন্তু মই তোমাক কৈছিলোঁ, মই তোমাক বিচাৰি উলিয়াম বুলি! চোৱা বিচাৰি উলিয়ালোঁ৷”
-“কিন্তু তুমি আহিব নালাগিছিল৷ ভুল কৰিছা তুমি আহি৷”
-“ভুল কৰিছিলোঁ আজি তিনিবছৰ আগত৷ জানি-বুজি আৰু ভুল কৰিবলৈ মন নাই৷”
-“তোমাৰ বিয়া হোৱা বুলি শুনিছিলোঁ৷ কেনে খবৰ তোমাৰ… ছৰী, কি নাম তেওঁৰ?”
-“মই বিয়া পতা নাই৷ অ’ বিয়া ঠিক হৈছিল, কিন্তু পাতিব নোৱাৰিলোঁ৷ নোৱাৰিলোঁ আৰু নিজকে ফাঁকি দিব৷”
-“হেৰাই যাব নিদিয়া কিয় মোক? মই এতিয়া আগৰ দৰে থাকিব নোৱাৰোঁ৷ মই নিজকে অৰ্পণ কৰিছোঁ এই পাহাৰক, এই সেউজীয়া পৃথিৱীখনক৷ এই মানুহৰবিলাকৰ কাৰণে কাম কৰি যাম৷ এতিয়া মোৰ কলমেৰে কবিতা নোলায়, সপোনে গীত নাগায়, তৰাবিলাকে কথাও নকয়৷”
-“তোমাক এবাৰ হেৰুৱাইছিলোঁ, আৰু হেৰুৱাব নোখোজোঁ৷ বহুত কষ্ট, চেষ্টাৰ অন্তত তোমাক সন্মুখত দেখা পাইছোঁ৷ মোক আকৌ যাব নিদিবা৷ তুমিতো সংগোপনে এদিন মোৰপৰা আঁতৰ হৈছিলাঁ, তাৰ পাছত তুমি নাজানা মই কেনেদৰে আছোঁ৷”
তাইক সাৱটিব মন গৈছিল৷ আকৌ দূৰ্বল হৈ পৰিছিলোঁ৷ তাইক নোকোৱাকৈয়ে এদিন গুচি আহিছিলোঁ এই পাহাৰৰ দেশলৈ৷ সেই কোলাহলময় জীৱনটোৰ পৰা আঁতৰ হ’ব খুজিছিলোঁ৷ নিজকে পাহৰিব খুজিছিলোঁ, নিজকে হেৰুৱাব খুজিছিলোঁ মই৷ এতিয়া আকৌ…
** * * * *
আজি খ্ৰীষ্টমাছ৷ গাঁওখনৰ সকলো ঘৰ লাইটেৰে জকমকাই আছিল৷ আজি চাৰিওফালে আনন্দ৷
মই হাৰি গৈছিলোঁ, আকৌ এবাৰ তাইৰ আগত হাৰ মানিছিলোঁ৷ আকাশলৈ চাই ৰৈছিলোঁ, তৰাকেইটা তিৰবিৰাই আছিল৷ যেন কিবা ক’ব খুজিছিল৷
তাইক সাৱটি ধৰিছিলোঁ৷ একেলগে আকাশলৈ চাই ৰৈছিলোঁ, একেলগে তৰাকেইটিৰ সৈতে কথা পাতিছিলোঁ, আকৌ আৰম্ভ কৰিছিলোঁ সপোনৰ সৈতে গীত গাবলৈ৷

উপসংহাৰঃ মোৰ নাম ষ্টিফেন, ষ্টিফেন চাংমা৷ মই ছাৰৰ চাথ মে থাকা পাঁচ বছৰ হ’ল৷ এই পাঁচ বছৰ মে ছাৰৰ এনেকুৱা কিবা হোৱা য়াড নাই৷
এনেকুৱা কিবা মানে, সিদিনা ছাৰে ফোনত বাত কৰি আছিল, লেকিন কেনেকে বাত কৰিলে সেইটো মই বুজি পাৱা নাই, ফোনটো খৰাব হৈ থকা আজি এক সপ্তাহ হ’ল৷ তাৰ পাছত অকলে অকলে কান্দি বেহুচ হৈ গৈছিল৷
তাতকৈও পাগলা হৈছিলোঁ যেতিয়া ডাক্তৰ যোৱাৰ পাছত মোক বাহৰ মে ভেজিছিল কোনোবা আহিছে নেকি চাবলে৷ কিন্তু বাহৰ মে কোনো নাছিল৷ আহি মোক ওলোটা-পোলোটা প্ৰশ্ন সুধিছিল৷ আকলে আকলে বাত কৰিছিল৷
মই ভাবছিলোঁ, ডাক্তৰৰ দৱাইৰ অচৰ৷ কিন্তু এতিয়া যি দেখছোঁ দেখি মাথা গৰম হৈ গৈছে৷ আজি খ্ৰীষ্টমাছ, লেকিন মানুহটো ঘৰত নাই৷ চব জাগা ধুন্দিলোঁ, নাই মানুহটো ক’তো নাপালোঁ৷ বস্তীৰ মানুহ তিনটা লৈ আৰু ধুন্দিলোঁ৷ লাষ্টত বস্তীৰ একেবাৰে উছা পাহাৰটোৰ ওপৰত মানুহটোক পাইছিলোঁ, আকলে আকলে বহি কিবা বকি আছিল৷ ওপৰলৈ আংগুলি কৰি কিবা দেখাই আছে৷ একো বুজিব পাৰা নাই, মানুহটো পাগলা হৈ গৈছে নেকি?

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.