সাক্ষাৎকাৰ: ’সাহিত্যচাৰ্য’ বিশ্বেশ্বৰ হাজৰিকাদেৱৰ স’তে এদিন দেওবাৰৰ দুপৰীয়া

সাক্ষাৎকাৰ: ’সাহিত্যচাৰ্য’ বিশ্বেশ্বৰ হাজৰিকাদেৱৰ স’তে এদিন দেওবাৰৰ দুপৰীয়া

সাক্ষাৎকাৰ: ’সাহিত্যচাৰ্য’ বিশ্বেশ্বৰ হাজৰিকাদেৱৰ স’তে এদিন দেওবাৰৰ দুপৰীয়া

by July 17, 2017 0 comments

(সাহিত্য ডট্ অৰ্গৰ হৈ ধ্ৰুৱজ্যোতি শৰ্মা আৰু হিমাংশু ভাগৱতী)

দেওবাৰৰ আকাশ সিদিনা কজলা মেঘেৰে ভৰি আছিল, এই বৰষুণ সৰো সৰো৷ আমাৰ লক্ষ্য গুৱাহাটী চানমাৰিৰ নিজৰাপাৰৰ ঘৰ নং ত্ৰিশ৷ ভূপেনদাৰ বিখ্যাত নিজৰাপাৰৰ ঘৰটোৰ সমুখৰ এটা ঘৰ৷ যাক লগ পোৱাৰ লক্ষ্যৰে গৈছিলোঁ তেখেতৰ নাম বিশ্বেশ্বৰ হাজৰিকা৷ অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী, সাহিত্যচাৰ্য অধ্যাপক বিশ্বেশ্বৰ হাজৰিকা ছাৰ প্ৰচাৰ বিমুখ এগৰাকী ব্যক্তি৷ নিৰৱে ভাষা-সাহিত্যৰ বৰ পথাৰখনত কাম কৰি যোৱা হাজৰিকা ছাৰে ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ ‘Assamese : Its Formation & Development’ৰ “অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ” নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তদুপৰি ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ অতি গুৰুত্বপূৰ্ণ প্ৰথম খণ্ডৰ সম্পাদনা কৰাৰ লগতে ‘Assamese Language : Origin and Development’, ‘Caitany’s Impact on the Vaisnavism of Assam’, ‘চৰ্যাগীতিকোষ’ আদি মূল্যৱান গ্ৰন্থ ৰচনা কৰিছে। তেখেত ‘অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান’ৰো প্ৰণেতা।

সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা শাওণৰ সংখ্যাটোৰ বাবে কথা পাতিবলৈ যেতিয়া অনুমতি বিচাৰি ফোন কৰিছিলোঁ হাজৰিকাদেৱৰ পৰিবাৰ লাবণ্য হাজৰিকা বাইদেউক প্ৰথমে সংকোচেৰে সুধিছিলোঁ, “ছাৰৰ গা ভালে আছে নে? কিছুদিন আগতে অসুস্থ বুলি শুনিছিলোঁ৷” বাইদেৱে ফোনৰ সিপাৰে অতি সাদৰেৰে ছাৰৰ সুস্থতাৰ বাতৰি জনাই সন্মতি দিছিল৷ সময় ঠিক হৈছিল বাইদেউৰ মতে; পিচৰ দেওবাৰ এটাত, দিনৰ এঘাৰ বজাত৷

এঘাৰ বজাতকৈ অলপ পলমকৈ গৈ পাইছিলোঁ৷ পলম হোৱাৰ লাজ আৰু এজন প্ৰাজ্ঞ মানুহৰ লগত কথা পতাৰ ভয় আৰু উৎকণ্ঠা লৈ দুৱাৰত টোকৰ দিছিলোঁ আৰু তেখেতক দেখাৰ লগে লগে লাজ ভয় পলাই ফাট মাৰিছিল৷ কি সাধাৰণভাবে থকা এজন সহজ-সৰল মানুহ! মুগ্ধ হ’বলৈ বাধ্য৷ সম্পূৰ্ণ সুস্থ নহয়, তথাপি প্ৰায় তিনিঘণ্টা সময় তেখেতে আমাৰ লগত ভিন ভিন কথা পাতিলে৷ কিমান কথাৰ ভঁৰাল এনে মানুহবোৰ! তিনিঘণ্টা সময়ত বহুত কথা ওলাল৷ বিভিন্ন ধৰণৰ কথা৷ তাৰপৰাই পাঠকসমাজলৈ কিছু আগবঢ়ালোঁ৷

সাহিত্য ডট্ অৰ্গ: শিক্ষকতাৰ লগতে বাকী যিখিনি অসম আৰু অসমীয়াৰ হকে কৰিলে, মানে যিখিনিৰ কাৰণে বিশ্বেশ্বৰ হাজৰিকাক আমি সকলোৱে জানো; সেইখিনি কৰিবলৈ আপোনাক কিহে উৎসাহ-অনুপ্ৰেৰণা যোগাইছিল?

বিশ্বেশ্বৰ হাজৰিকাঃ অনুপ্ৰেৰণা মই ব্যক্তিগতভাবে তেনেকৈ কাৰো পৰা পোৱা নাই৷ কথা হৈছে মই কিবা এটা শিকিলোঁ সেই বস্তুখিনি আনেও জানক, তেনেধৰণৰ ইচ্ছা এটা মোৰ আছে৷ মই যিখিনো জানিলোঁ ৰাইজে জানক৷ শিক্ষকতা মোৰ জীৱিকা৷ মোৰ ঘৰত মাটি-বাৰী আছিল যদিও খেতি নকৰোঁ বা নোৱাৰোঁ৷ কিবা এটা কৰিতো খাব লাগিব৷ গতিকে শিক্ষকতা কৰিলোঁ, যিহেতু শিক্ষকতাৰ কাৰণে কোৱালিফাইড আছিলোঁ৷ By choice নহয় By compulsion হে বুলি ক’ব পাৰি৷ শিক্ষক নহ’লে মই হাল বাব লাগিলহেঁতেন!

সাহিত্য ডট্ অৰ্গ: আপোনাৰ শৈক্ষিক জীৱন, চাকৰিকালৰ কথা কওকচোন ছাৰ!

বিশ্বেশ্বৰ হাজৰিকাঃ মই প্ৰথম IA কৰিলোঁ বৰপথাৰ হাইস্কুলৰ পৰা৷ মেট্ৰিকত প্ৰথমবাৰ ফেল কৰা কাৰণে দ্বিতীয়বাৰ গোলাঘাট টাউন স্কুলৰ পৰা পৰীক্ষা দিছিলোঁ৷ প্ৰথমবাৰ গণিতত ফেল কৰিছিলোঁ৷ কম্পাৰ্টমেণ্টেল পাইছিলোঁ, কিন্তু নিদিলোঁ৷ ফ্ৰেছ কেণ্ডিডেট হিচাবত পৰীক্ষা দিলোঁ৷ প্ৰথমবাৰ অসমীয়াত হায়েষ্ট মাৰ্ক পাইছিলোঁ৷ কিন্তু পিচৰবাৰ সিমান ভাল নম্বৰ পোৱা নাই৷ পোৱা নাই মানে চেষ্টাও কৰা নাই৷ সেই সময়ত ভাল নম্বৰ পোৱা ধান্দাও নাছিল৷ যেনে তেনে মেট্ৰিক পাছ কৰি গাঁৱতে ছাৰ্ভিছ কৰিম, এম এল এ উঠিম৷ নিজে এম এল এ হম আৰু গাঁৱৰ উন্নতি কৰিম৷ মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বেলেগ ল’ৰাও নাছিল৷

IA পাচ কৰি বৰপথাৰ হাইস্কুলত মাষ্টৰ হৈ সোমালোঁ৷ এবছৰমান যোৱাৰ পাছত কিবা কথাত মেনেজিং কমিটিৰ সভাপতিগৰাকীৰ লগত মনোমালিন্য ঘটিল৷ গতিকে কথা নাই, বতৰা নাই ৰিজাইন দি গুৱাহাটীলৈ আহিলোঁ৷ সেই সময়ত পাণ্ডুৰ পৰা এখন আলোচনী ওলায়, ‘শান্তিদূত’৷ তাৰ চাৱ এডিটৰ হ’লোঁ৷ কেইমাহমান পিচত আলোচনীখন মৰি থাকিল৷ মই ‘নতুন অসমীয়া’ত চেষ্টা কৰিলোঁ, নেপালোঁ৷ তেতিয়া খালী নাছিল৷ আকৌ ঘৰলৈ গুচি আহিলোঁ৷ কিছুদিন পাছত ‘নতুন অসমীয়া’ত চাকৰি পালোঁ, গুৱাহাটীলৈ গুচি আহিলোঁ৷ ‘নতুন অসমীয়া’ বন্ধ হোৱাত, আকৌ ঘৰলৈ গ’লোঁ।

তেনেকুৱাতে ৰেলত চাকৰি ওলাল, ইষ্টাৰ্ণ জ’নৰ হেডকোৱাৰ্টাৰ মালিগাঁৱত৷ পাঁচশ ক্লাৰ্ক লাগে৷ পালোঁ৷ দিনত অফিছ কৰোঁ, ৰাতি কলেজ৷ বি বৰুৱা নাইট কলেজ৷ নাইট কলেজত অনাৰ্ছ নাই৷ তেনেকৈয়ে ডিগ্ৰী পাছ কৰিলোঁ৷ তাৰ পিচত ৰেলৰ চাকৰি এৰি আকৌ বৰপথাৰলৈ গৈ হাইস্কুলত শিক্ষকতা কৰিলোঁ৷ তেনেতে মোৰ এজন বন্ধুয়ে (তেওঁ ইতিমধ্যে বি এ পাছ কৰি ফৰকাটিং হাইস্কুলত শিক্ষক) মোলৈ চিঠি লিখিলে; “মইতো এম এ পঢ়িলে একে বাৰতে পাছ কৰাৰ আশা নাই৷ তই কিন্তু পঢ়িলে একে বাৰতে পাছ কৰিবি৷ মই তোক মাহে এশ টকা দিম মাষ্টৰৰ দৰমহাৰ পৰা, তই এম এ কৰ৷ পঢ়ি আহি মোক এশ টকাকৈ দিবি, ময়ো পঢ়িম৷” মই মান্তি হৈ গ’লোঁ আৰু সেই চুক্তিতে এম এ পঢ়িব আহি এম এ পাছ কৰিলোঁ৷ বন্ধুজনে ইতিমধ্যে প্ৰাইভেটকৈ এম এ পঢ়িব আৰম্ভ কৰিছিল৷ সি টকাকেইটা সাধিলে৷ ২৪০০টকা মই একেলগে কেনেকৈ দিম? তাৰ পাছত কিবাকে দিলোঁ আৰু! সি সেই পইছাৰে মাটি কিনি টাউনৰ বাসিন্দা হ’ল৷

সাহিত্য ডট্ অৰ্গ: কলেজত কেতিয়া সোমাল?

বিশ্বেশ্বৰ হাজৰিকাঃ বাতৰি কাকতত পালোঁ, কটনত প’ষ্ট এটা খালী হৈছে৷ অসমীয়া বিভাগত৷ পালোঁ চাকৰি 3F ত৷ চাৰি মাহ পাছত যেতিয়া ৰেগুলাৰ ইণ্টাৰভিউ হ’ল, ইণ্টাৰভিউত মোক নাকচ কৰিলে৷ কি কাৰণে নাজানিলোঁ৷ পিচত শুনিলোঁ অনাৰ্ছ নাই কাৰণে নল’লে৷ তাৰ পিচত অ’ত-ত’ত নতুনকৈ হোৱা হাইস্কুলত কাম কৰি থকাৰ মাজতে বি বৰুৱাত ওলাল৷ বি বৰুৱাত পালোঁ চাকৰি, ১৯৬৭ ৰ জুলাইত৷

সাহিত্য ডট্ অৰ্গ: আপোনালোকৰ ভাই-ভনী কেইজন আছিল?

বিশ্বেশ্বৰ হাজৰিকাঃ মোৰ দেউতাৰ দুটা ল’ৰা আৰু দুজনী ছোৱালী৷ ডাঙৰজন ভাই ডিম্বেশ্বৰ হাজৰিকা৷

সাহিত্য ডট্ অৰ্গ: ভাষা-সাহিত্যৰ বিষয়ে কাম কৰিবলৈ ৰাপ কেতিয়াৰ পৰা আহিল?

বিশ্বেশ্বৰ হাজৰিকাঃ অসমীয়া ভাষা, অসমীয়া সাহিত্য আৰু অসম দেশ – এই তিনিটা মোৰ সৰুকালৰে পৰা প্ৰিয়; Three loves। অসমীয়া ভাষাটো ভাল পাওঁ৷ অসমীয়া ভাষাটোনো কিয় ৰাজ্য ভাষা হ’ব নোৱাৰে? স্কুলীয়া কালতে সেই বিষয়ে পঢ়িছিলোঁ, লিখিছিলোঁ৷ বাতৰি কাকতসমূহৰ লিখাসমূহেও প্ৰেৰণা দিছিল৷ বিশেষকৈ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে৷ বাকীসকলো আছে, কিন্তু ৰায়চৌধুৰীৰ লেখাই মোক বহুত প্ৰেৰণা দিছিল৷

সাহিত্য ডট্ অৰ্গ: “অসমীয়া সাহিত্যৰ বুৰঞ্জী“ৰ প্ৰথম খণ্ড আপুনি সম্পাদনা কৰিছিল, সেইবিষয়ে কওকচোন!

বিশ্বেশ্বৰ হাজৰিকাঃ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাই ছটা খণ্ডৰে “অসমীয়া সাহিত্যৰ বুৰঞ্জী” উলিওৱাৰ সিদ্ধান্ত ল’লে৷ প্ৰথম খণ্ডটিৰ কাৰণে সম্পাদক হিচাবে ড° উপেন গোস্বামীক কোৱা হ’ল৷ তেখেতে তেতিয়া চকুৰে ভালকৈ নেদেখে৷ তেখেতে ক’লে, “মই মণিবকে নোৱাৰোঁ, কেনেকৈ কৰিম!” তেখেতে না কৰাত সভা এখনত মোক দায়িত্ব দিয়া হ’ল৷ মই যি পাৰোঁ কৰিলোঁ৷

সাহিত্য ডট্ অৰ্গ: বাণীকান্ত কাকতি ছাৰৰ ‘Assamese:Its Formation and Development’ শীৰ্ষক গৱেষণা গ্ৰন্থখনো আপুনি অনুবাদ কৰিছে…
বিশ্বেশ্বৰ হাজৰিকাঃ অ’ সেইখন৷ বাণীকান্ত কাকতিদেৱৰ জন্ম শতবাৰ্ষিকীত বৰপেটা সাহিত্য সভাই কিতাপখন অনুবাদ কৰাৰ কথা ভাবিলে৷ মোক লগ ধৰাত ময়ো সন্মতি প্ৰদান কৰিলোঁ৷ এই ছেগতে জন্ম শতবাৰ্ষিকীত এইখনৰ অনুবাদৰ দ্বাৰা তেখেতক মোৰো শ্ৰদ্ধা জনোৱা হ’ল৷ ৰাইজেও অনুবাদখনৰ প্ৰশংসা কৰিছে৷

সাহিত্য ডট্ অৰ্গ: চৰ্যাপদ কি? এইবোৰৰ চৰ্চা বা প্ৰচাৰ কিয় নহ’ল?

বিশ্বেশ্বৰ হাজৰিকাঃ চৰ্যাগীতবোৰ হৈছে একধৰণৰ বৌদ্ধ ধৰ্মীয় গীত৷ বৌদ্ধ ধৰ্মটো বুদ্ধদেৱে যেনেকৈ প্ৰচাৰ কৰিছিল তেনে ৰূপত পিছলৈ নাথাকিল৷ বহুত নতুন বস্তু তাত সোমাই গ’ল৷ লোক বিশ্বাস, অন্ধবিশ্বাস বা অন্যান্য বস্তু লৈ বৌদ্ধ ধৰ্মটো মূল কথাৰ পৰা আঁতৰত থাকিল৷ বুদ্ধদেৱে ‘পঞ্চশীল নীতি’ৰ পাঁচটা শিক্ষা দিছিল, শিক্ষা নহয় শীল৷ শীল মানে স্বভাব৷ সেই নীতিকেইটা যেতিয়া স্বভাব হৈ যাব তেতিয়াহে প্ৰকৃত বৌদ্ধ ধৰ্মী হ’ব পাৰি৷ পৰবৰ্তী কালত সেইবোৰ নাথাকিল৷ পিচলৈ বৌদ্ধ ধৰ্মটো বহুত contaminate হৈ গ’ল৷ সেই বৌদ্ধ ধৰ্মকে শংকৰদেৱেও পাইছে৷ বুদ্ধদেৱে বেদ-পন্থাটো বন্ধ কৰিছিল৷ বেদত পূজা-পাতল নাছিল অৱেশ্যে, আছিল প্ৰাৰ্থনা আৰু যজ্ঞ৷ পূজা-পাতল খ্ৰীষ্টিয় দ্বিতীয় শতিকা মানতহে আহিছে৷

চৰ্যা পদত বৌদ্ধ ধৰ্মৰ গূঢ় অৰ্থ সাংকেতিক ৰূপত আছে৷ এইবোৰৰ ৰচকক সিদ্ধাচাৰ্য বুলি কয়৷ সেইসময়ৰ সামজিক চিত্ৰও চৰ্যাপদত আছে, গতিকে সাহিত্যিক মূল্যও আছে৷ ভাষা-সাহিত্যৰ প্ৰথম ৰূপ হিচাবে চৰ্যাপদসমূহ বিশেষ৷

এতিয়া কথা হ’ল প্ৰচাৰ কোনখিনি কথা হয়? যিবোৰ কথা সাধাৰণ মানুহে বুজি পোৱা ভাষাত থাকে৷ শংকৰদেৱে যিখিনি লিখিলে সেইখিনিৰ ভাষাটো সাধাৰণ মানুহে বুজি পোৱা ভাষা৷ আৰু শংকৰদেৱে নিজেও সেইখিনি কথা বহুলভাবে প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো বিচাৰিছিল৷ কিন্তু বৌদ্ধ ধৰ্মৰ কথাবিলাক কোনেও বহুল প্ৰচাৰ হওক বুলি কামনা কৰা নাই৷ তেওঁলোকে নিজৰ মাজতে এইবিলাক গোপনে উলিয়াইছিল৷ চৰ্যাপদবিলাক বুদ্ধদেৱৰ পৰবৰ্তী কালত গোপনে গোপনে সেই পন্থী মানুহবোৰৰ মাজত চলি আছিল৷

সাহিত্য ডট্ অৰ্গ: শিলালিপিৰ প্ৰতি কেতিয়া কেনেকৈ আগ্ৰহী হ’ল?

বিশ্বেশ্বৰ হাজৰিকাঃ প্ৰথম কামাখ্যাৰ নামনিৰ যিখন শিলালিপি আছে তাৰ এখন ফটো পাইছিলোঁ৷ সেইখনৰ পাঠটো ইতিমধ্যে উদ্ধাৰ হৈছিল৷ সেইখন চাই চাই প্ৰথম আখৰবোৰ পঢ়িব অলপ শিকিলোঁ৷ তাৰপিচত ব্ৰাহ্মী আখৰ থকা এখন কিতাপ বিচাৰি পালোঁ৷ সেইখনৰ পৰা ব্ৰাহ্মী আখৰবোৰ শিকিলোঁ৷ তাৰ পিচত লাহে লাহে শিকিলোঁ ব্ৰাহ্মীৰপৰা আখৰবোৰ কিদৰে পৰিবৰ্তন হৈছে, লৰচৰ হৈছে৷ যেনে ‘ক’ আখৰটো প্ৰথম প্ৰায় যোগ চিন এডালৰ দৰে আছিল৷ তাৰ পিচত ওপৰত মাত্ৰা এডালৰ দৰে আহিল, মোটামুটি ইংৰাজী ফলাৰ কেপিটেল F আখৰটোৰ দৰে৷ ‘জ’ মোটামুটি ইংৰাজী কেপিটেল E ৰ দৰে আছিল৷ তলৰ অনুভূমিক দুডাল সলনি হৈ হৈ এতিয়াৰটো হৈছে।

সাহিত্য ডট্ অৰ্গ: ইংৰাজীৰ লগত সাদৃশ্য দেখি এটা কথা মনলৈ আহিছে; যদি আমি পিচুৱাই গৈ থাকোঁ সকলো ভাষাৰে মূল এটা হ’ব পাৰে নেকি, মানে লিপিবিলাক?

বিশ্বেশ্বৰ হাজৰিকাঃ সেইটো প্ৰমাণ কৰা টান৷ কোনো কোনোৱে তেনেকৈ যুক্তি দিব বিচাৰিছিল কিন্তু প্ৰমাণ কৰাটো সহজ নহয়৷ বহুত পিছুৱাই গ’লেও সম্ভবপৰ নহয়৷ কাৰণ লিপিবোৰ বিভিন্ন উৎসৰ পৰা বিভিন্ন ঠাইত আহিছে৷ চীনৰ নিজা লিপি আছে৷ ভাৰতৰো আছে৷ আৰবৰো আছে৷

সাহিত্য ডট্ অৰ্গ: ভাৰতৰবোৰ?

বিশ্বেশ্বৰ হাজৰিকাঃ সম্ৰাট অশোকে যেতিয়া শিলালিপিবোৰ লিখাইছিল, চাৰিওদিশতে; সেই আটাইবোৰ ব্ৰাহ্মীলিপিৰ পৰা অহা বুলি প্ৰমাণ কৰিব পাৰি৷ আখৰবোৰ develop হৈছে৷ বেলেগ বেলেগ ঠাইত ৰূপ বেলেগ হৈছে৷ আখৰবোৰ develop কৰাৰ কাৰণ হ’ল লিখাৰ সঁজুলি৷ প্ৰথম শিলত কাটি লিখিছিল, আখৰবোৰ ঠৰঙা আছিল৷ পৰবৰ্তী কালত তামৰ ফলি বা তেনেকুৱা আহিলা যেতিয়া আহিল তাত আখৰবোৰ শিলৰ নিচিনা নহয়, আখৰবোৰ তেৰা-বেঁকা কৰিব পাৰি৷ গতিকে আখৰবোৰে এটা নতুন ৰূপ পালে৷ তাৰ পিচত যেতিয়া তালপাত-সাঁচিপাত আদি ব্যৱহাৰ হ’ল তেতিয়াতো surface সমান গতিকে আখৰবোৰ ষ্টাইল কৰি লিখিব পৰা হ’ল৷ লগে লগে আখৰৰ গঢ়ো বেলেগ হ’ল৷

সাহিত্য ডট্ অৰ্গ: শিলালিপি বা তামৰ ফলি জাতীয় বস্তুবোৰৰ পাঠোদ্ধাৰ কৰোতে প্ৰধান বাধাসমূহ কি কি?

বিশ্বেশ্বৰ হাজৰিকাঃ আখৰ, প্ৰধান অসুবিধাটো আখৰ৷ আখৰৰ গঢ়৷ আখৰবোৰ কাটোতে সামান্য হ’লেও বেলেগ ৰূপ লয়৷ কিছুমান ক্ষয়ো যায়৷ বেলেগ সমস্যাবোৰৰ সমাধান উলিয়াব পাৰি৷

সাহিত্য ডট্ অৰ্গ: অসমত আৱিষ্কাৰ হোৱাবোৰৰ ভিতৰত পুৰণি শিলালিপি কোনখন?

বিশ্বেশ্বৰ হাজৰিকাঃ আমবাৰীৰখন পুৰণি বুলি ধৰে, তাতকৈও পুৰণি খনিকৰ গাঁৱৰখন৷ সৰুপথাৰ অঞ্চলত থকাখনো কিছুমানে পুৰণি বুলি কয়৷

সাহিত্য ডট্ অৰ্গ: এইবাৰৰ আমাৰ ই-আলোচনীখনৰ এই সংখ্যাৰ বিষয় বিজ্ঞান আৰু গণিত সম্পৰ্কীয়৷ অসমৰ শিলালিপিসমূহৰ কৰবাত বিজ্ঞান বা গণিতৰ কিবা উল্লেখ আছে নেকি?

বিশ্বেশ্বৰ হাজৰিকাঃ ঠিক গণিত আৰু বিজ্ঞান নহয়, সংখ্যা আছে কেইখনমানত৷ বিভিন্ন stage-ৰ সংখ্যা চিহ্ন আছে৷ বেঁকাকৈ সংখ্যাৰ কথা আছে৷ ধৰা দ্বাদশ শতিকাৰ যিখন লিপি(কানাই বৰশী বোৱা) তাত সংখ্যা বৰ ধুনীয়াকৈ সংকেতত আছে৷

“শাকে তুৰগ-যুগ্মেশে মধুমাস-ত্ৰয়োদশে..”
শাকে – শকাব্দ
তুৰগ – সাত
যুগ্মেশে- যুগ্ম- দুই
ঈশ- এঘাৰ, শিৱৰ এঘাৰটা নাম গতিকে ঈশ মানে এঘাৰ
মধুমাস – চৈত মাহ
ত্ৰয়োদশে-তেৰ
অৰ্থ: ১১২৭ শকৰ চ’ত মাহৰ ১৩ দিনৰ দিনা

সাহিত্য ডট্ অৰ্গ: পাঠ উদ্ধাৰ নোহোৱাকৈ থকাৰ ভিতৰত মায়ঙৰখনো আছে নহয়নে?

বিশ্বেশ্বৰ হাজৰিকাঃ হয়, সেইখনৰো হোৱা নাই৷

সাহিত্য ডট্ অৰ্গ: সেইখন আনুমানিক কিমান সময়ৰ হ’ব পাৰে? কোন ৰজাৰ দিনৰ হ’ব পাৰে?

বিশ্বেশ্বৰ হাজৰিকাঃ আখৰৰ ফালে চাই সপ্তম-অষ্টম শতিকাৰ শতিকাৰ পিচৰ৷ কোন ৰজাৰ দিনত সেইটো তৰ্কৰ বিষয়৷ বহুকেইখন কোন ৰজাৰ তাক নিৰ্ণয় কৰা হোৱা নাই৷ আখৰৰ গঢ়ৰ পৰা আনুমানিক সময় এটা লোৱা হয়৷ কিছুমান তাম্ৰফলিত অৱেশ্যে লিখা আছে৷ এখনত গুপ্ত- কিবা এটা সংখ্যা বুলি লিখা আছে, গতিকে সেইখন কোন ৰজাৰ তাত কোনো সন্দেহ নাই৷

সাহিত্য ডট্ অৰ্গ: বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা আমাৰ এই অঞ্চলৰ সকলো ফালৰ পৰা শ্ৰেষ্ঠ ৰজা কোন হ’ব পাৰে?

বিশ্বেশ্বৰ হাজৰিকাঃ ভাস্কৰবৰ্মাৰ নাম ল’ব লাগিব৷ আহোমৰ দিনত ৰূদ্ৰসিংহ৷ ভাস্কৰবৰ্মাক বাহিৰৰ ৰজায়ো গুৰুত্ব দিছিল আৰু তেওঁৰ খ্যাতি তেতিয়াই বাহিৰলৈ বিয়পি পৰিছিল৷

সাহিত্য ডট্ অৰ্গ: আমাৰ অসমত যিমান পুৰণি স্মৃতিচিহ্ন, মঠ-মন্দিৰ আদি আছে তাৰ ভিতৰত আটাইতকৈ পুৰণি হোৱাৰ সম্ভাৱনা কোনটোৰ অধিক?

বিশ্বেশ্বৰ হাজৰিকাঃ কোৱা হয় ইটাৰ ব্যৱহাৰ আহোম যুগৰ আগৰ৷ তাৰ আগতে শিলৰ ব্যৱহাৰ আছিল৷ শিলতকৈ আগৰবোৰ নাই তেনেকৈ৷ গতিকে য’ত শিলৰ গাঁঠনি আছে সেইটো পুৰণি হোৱাৰ সম্ভাৱনা বেছি৷ আহোম যুগৰ ইটাৰ আকাৰ আৰু তাৰ আগৰ যুগৰ ইটাৰ আকাৰৰ পাৰ্থক্য আছে৷ মূৰ্তিসমূহ লক্ষ্য কৰিও অনুমান কৰিব পাৰি৷ পুৰণি মূৰ্তিবিলাক জ্যামিতিক, তিনিকোণীয়া, চাৰিকোণীয়া ইত্যাদি৷ বহুত মঠ-মন্দিৰ পুনৰ নিৰ্মাণো হৈছে৷ কামাখ্যা মন্দিৰটোৱে কিমানবাৰ সজাৰ তথ্য আছে৷ গতিকে সঠিককৈ ক’ব নোৱাৰি৷

সাহিত্য ডট্ অৰ্গ: যদি আজি নতুনকৈ শিলালিপি উদ্ধাৰ হয় আপোনাৰ লগতে আৰু কোনে কোনে পাঠোদ্ধাৰ কৰিব পাৰিব?

বিশ্বেশ্বৰ হাজৰিকাঃ আচলতে শিলালিপি পঢ়িবৰ বাবে প্ৰশিক্ষণ লোৱা মানুহ ভালেকেইজন আছে৷ প্ৰশিক্ষণ নোলোৱা মানুহ মই আৰু সৰ্বেশ্বৰ শইকীয়া৷ কিবা পাঠ উদ্ধাৰৰ কামত লাগিলে আমাকো মাতে৷

সাহিত্য ডট্ অৰ্গ: লিপিক লৈ, অসমীয়া আৰু বঙালী লিপিক লৈ তৰ্ক বিতৰ্ক; আলোচনা হৈয়ে থাকে৷ পুৰণি কোনটো?

বিশ্বেশ্বৰ হাজৰিকাঃ বংগদেশখন ব-দ্বীপত অৱস্থিত৷ ব-দ্বীপ ওখ পাহাৰীয়া ঠাইৰ পৰা মাটি গৈ গৈ তাত জমা হৈ হে হয়৷ গতিকে সেইখন দেশ আগৰ হ’বই নোৱাৰে৷ পুৰণি ঠাইতহে পুৰণি কথাবোৰ থাকিব৷ বংগদেশৰ গুৰুত্ব বহুত পিচত আহিল৷ যিখন ঠায়েই নতুন তাৰ লিপিৰ পৰা পুৰণি ঠাইলৈ লিপি কেনেকৈ আহিব?

সাহিত্য ডট্ অৰ্গ: ছাৰ, শেহতীয়াকৈ এখন অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধানৰ কামো আপুনি কৰি উলিয়াইছে৷

বিশ্বেশ্বৰ হাজৰিকাঃ সেইখন ঠিক অভিধান নহয়৷ বি বৰুৱা কলেজত থাকোতে তাত বড়ো আৰু ৰাভা ভাষা ক্লাছ হৈছিল কিছুদিন৷ সেইসময়তে প্ৰয়োজনীয় অসমীয়া শব্দ কিছুমানৰ দুয়োটা ভাষাৰে ৰূপবোৰ প্ৰণালীবদ্ধভাবে লিখি থৈ গৈছিলোঁ৷ ভালেখিনি শব্দ লগ হৈছিল৷ তাকে ছপা আকাৰত উলিয়াই দিছে৷ মন কৰিলে ভাষা দুটাৰ শব্দ কিছুমান সহজতে শিকিব পাৰিব৷

সাহিত্য ডট্ অৰ্গ: অসম সাহিত্য সভাই আপোনাক ২০১৪ চনত ‘সাহিত্যচাৰ্য’ উপাধি প্ৰদান কৰিছে। বৰ্তমান অসম সাহিত্য সভাৰ বিতৰ্কবোৰৰ বিষয়ে কিবা ক’বলৈ বিচাৰিব নেকি!

বিশ্বেশ্বৰ হাজৰিকাঃ অসম সাহিত্য সভা সম্পৰ্কে কি কম! ৰাজহুৱা অনুষ্ঠান এটা যেনেকৈ পাতিব পাৰি তেনেকৈ ভাগিবও পাৰি৷ ১৯১৭ চনৰ মানুহে যেতিয়া সাহিত্য সভা পাতিলে তেতিয়া তাৰ লক্ষ্য আৰু আৰু উদ্দেশ্য আছিল৷ অধিবেশনখন বহাৰ সময়তহে যে সাহিত্য সভাখন লাগে এনে নহয়৷ বৰ্তমান আনুষ্ঠানিক যিটো গণ্ডগোল হৈছে সেইটো সংশোধন কৰিব যায়৷ প্ৰাক্তন সভাপতিসকলে যি চেষ্টা কৰিছে সেইটো কৃতকাৰ্য হ’লে সমস্যাটো সমাধান হ’ব৷ অনুষ্ঠান এটা ভাঙি দিম বুলি ক’লেই কেইজনমানে ভাঙি দিব নোৱাৰিব নহয়৷

সাহিত্য ডট্ অৰ্গ: আপোনাক সাহিত্য সভাই বিচাৰেনে?

বিশ্বেশ্বৰ হাজৰিকাঃ মোক তেনেকৈ বিচাৰি নাহে৷ এইবাৰ সাহিত্য সভাই শিৱসাগৰ অধিবেশনৰ সময়ত মোক প্ৰদৰ্শনীৰ দুৱাৰ নে কিবা এটা মুকলি কৰিবলৈ মাতিছিল৷ তেনেকৈ কেতিয়াবা মাতে৷

সাহিত্য ডট্ অৰ্গ: সাহিত্য সভাৰ আটাইতকৈ দুৰ্বল দিশ হ’ল ই নতুন চামক একেবাৰে আকৰ্ষণ কৰিব পৰা নাই৷ ইয়াৰ কাৰণ কি বুলি ভাবে?

বিশ্বেশ্বৰ হাজৰিকাঃ ৰাজনৈতিক ক্ষেত্ৰখনত যেনেকৈ যুৱচামৰ কাৰণে একো একোটা শাখা থাকে, তেনেকৈ সাহিত্য সভাৰতো একো নাই৷ সাহিত্য সভাই প্ৰয়োজনীয়তাবোধ কিয়বা কৰা নাই! যিসকলে সাহিত্য চৰ্চা কৰিছে তেওঁলোকে কথাটোত আগভাগ ল’ব লাগে৷

সাহিত্য ডট্ অৰ্গ: অসমীয়া ভাষাৰ সংকট, ইংৰাজী মাধ্যমৰ বিদ্যালয়, বৰ্তমান সততে শুনি থকা কথা এটা৷ এইক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কেনেকুৱা?

বিশ্বেশ্বৰ হাজৰিকাঃ মই সংকট আছে বুলি নেভাবোঁ৷ নেভাবোঁ এই কাৰণেই, ইংৰাজী মাধ্যমত ল’ৰা-ছোৱালী পঢ়ালেই যে এটা সংকট মোৰ মনে নকয়৷ অৱেশ্যে ইংৰাজী মাধ্যমত পঢ়া কাৰণে ল’ৰা-ছোৱালীৰে হানি হয়৷ প্ৰথম হানি ল’ৰা-ছোৱালীৰ, দ্বিতীয় হানি মাক-বাপেকৰ৷ কিছুমান বস্তু বুজিবৰ কাৰণে মাতৃ-ভাষাৰ বাহিৰে বেলেগ কোনো উপায় নাই৷ ভাষা এটা যদি নিজে কৈ শুনি নিশিকে সি কেতিয়াও ভালকৈ ভাষাটো আয়ত্ব কৰিব নোৱাৰে৷ যদি অসমীয়া মানুহে অসমীয়া ভাষাটো ক’বলৈ এৰে কথাটো বেলেগ৷ কিন্তু কেইটামানে ইংৰাজী মাধ্যমত পঢ়িলে অসমীয়া ভাষাটোৰ কিবা হানি হ’ব বুলি মই বিশ্বাস নকৰোঁ৷ থাকিবই – কোনোবাই নিলিখিব পাৰে, সাহিত্য নিলিখিব পাৰে; অসমীয়া ভাষাৰ সাহিত্য নিলিখিলে যে ভাষাটো মৰিব তেনেকুৱা কথা নাই৷

সাহিত্য ডট্ অৰ্গ: ছপা মাধ্যমৰ লগতে ইণ্টাৰনেটতো ভাষা-সাহিত্য চৰ্চা হৈছে৷

বিশ্বেশ্বৰ হাজৰিকাঃ এটা কথা ছপা আখৰত যিবিলাক লিখা যায় সেইবিলাক স্থায়ী হৈ থাকে৷ ইণ্টাৰনেটত বস্তুবোৰৰ ৰেকৰ্ড হয়তো নেথাকে৷

সাহিত্য ডট্ অৰ্গ: ইণ্টাৰনেটতো ৰেকৰ্ড কৰি থোৱাৰ ব্যৱস্থা আছে৷ বিভিন্ন ডিজিটেল পদ্ধতিত সংৰক্ষণ কৰা ব্যবস্থা আছে৷

বিশ্বেশ্বৰ হাজৰিকাঃ যদি সংৰক্ষণ হৈছে সেয়া ভাল কথা৷ যিকোনো পদ্ধতিতে সংৰক্ষণ হোৱাটো ভাল৷

সাহিত্য ডট্ অৰ্গ: প্ৰযুক্তিৰ ব্যৱহাৰ সাহিত্যত প্ৰয়োগ হোৱাটো ভাল দিশনে?

বিশ্বেশ্বৰ হাজৰিকাঃ ভালকৈ ব্যৱহাৰ হ’লে কিয় বেয়া! আগতে নাঙলেৰে হাল বাইছিল, এতিয়া ট্ৰেক্টৰেৰে কম সময়তে বেছি বাব পাৰি, কথাটো তেনেকুৱা৷

সাহিত্য ডট্ অৰ্গ: একমাত্ৰ ইণ্টাৰনেট মাধ্যমতহে লেখা-মেলা কৰা বহুত লোক আছে৷ হয়তো ছপা মাধ্যমৰ প্ৰতি তেওঁলোকৰ আস্থা নাই, হয়তো পাঠকৰ সঁহাৰি লগে লগে পোৱা যায় কাৰণে৷ তেওঁলোকৰ কিন্তু বহুসংখ্যক পাঠকো আছে৷ ছপা মাধ্যমৰ প্ৰতিষ্ঠিতসকলে কিন্তু ইণ্টাৰনেটৰ লেখকসকলক মান্যতা দিব নিবিচাৰে৷ আপুনি এই বিষয়ে কি ক’ব?

বিশ্বেশ্বৰ হাজৰিকাঃ মই যিহেতু ইণ্টাৰনেটৰ ব্যৱহাৰ নেজানো কোৱাটো টান৷ তথাপি এটা কথা, ধৰা তোমাৰ সাহিত্য কৰ্মখিনি মই নেদেখিলোঁ বা নপঢ়িলোঁ; সেইকাৰণে সেইখিনি বেয়া হ’ব তেনে কোনো কথা হ’ব নোৱাৰে৷ তিনিচুকীয়াত এখন আলোচনী ওলাল, আলোচনীখনৰ গুৱাহাটীত প্ৰচলন বেচি নাই; তাৰমানে তেওঁলোকৰখিনি সাহিত্য নহ’ল নেকি? গুৱাহাটীত যিকেইজনে সাহিত্য চৰ্চা কৰে, সেইখিনিহে সাহিত্যিক নেকি? তেনে কথা হ’ব নোৱাৰে৷

সাহিত্য ডট্ অৰ্গ: এতিয়া আকৌ ভাষাৰ প্ৰশ্ন এটালৈ ঘূৰি আহিছোঁ৷ যিকেইখন অসমীয়া অভিধান আছে বানান কিছুমানৰ ক্ষেত্ৰত মতান্তৰ আছে৷ সকলোতে একে নহয়৷ কি কৰা ভাল? যদি আপুনি নিজে কিবা কাৰণত অভিধান চাবলগীয়া হয়, কোনখন ল’ব?

বিশ্বেশ্বৰ হাজৰিকাঃ বানানৰ মূল জঁকাটো হ’ল তামৰ ফলি, সাঁচিপাতৰ পুথি আদিবোৰত যিবিলাক বানান আছিল৷ সাঁচিপাতৰ আখৰ পৰিৱৰ্তন হৈয়ো যায়, কাৰণ সাঁচিপাতৰ পুথি সলনি কৰি থকা হৈছিল৷ সেই আখৰখিনিয়ে পৰৱৰ্তীকালত কম-বেছি পৰিমাণে আমাৰ স্থায়ী আখৰৰ ৰূপ ল’লে৷ পৰৱৰ্তী সময়ত তাৰ ওপৰতে ভিত্তি কৰি ‘অৰুণোদই’-ৰ আখৰবোৰ গঢ় ল’লে৷ সেইবোৰকে হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ত সংকলিত কৰিছিল৷ পৰৱৰ্তী কালত বিভিন্ন ধৰণেৰে সংগ্ৰহ কৰা শব্দবোৰো অভিধানলৈ আহিল৷ বিভিন্ন চিন্তা-চৰ্চা হৈ অভিধানবোৰ সলনি হৈ থাকিব৷
মই কিন্তু নিজে হেমকোষ লওঁ৷

সাহিত্য ডট্ অৰ্গ: ছাৰ আপুনি আমনি পোৱা নাইতো?

বিশ্বেশ্বৰ হাজৰিকাঃ আমনি পাবলগীয়া নাই৷ মই সাধ্যমতে যিমান পাৰোঁ অসমীয়া ভাষা-সাহিত্যৰ বিষয়ে কাম কৰিছোঁ৷ কি কি কৰিছোঁ বহুতে নেজানে, জানিলে ভাল লাগিব৷ কাম অন্য বহুতেও কৰি আছে অৱশ্যে! মোৰো কাম কৰাটো নিচাৰ দৰে, কৰি আছোঁ৷ সেইবিষয়ে সুধিলে ক’ব লাগিবই৷

সাহিত্য ডট্ অৰ্গ: অসমত গল্প-উপন্যাস-কবিতা লিখা সাহিত্যিকৰহে কদৰ বেছি, নহয়নে ছাৰ?

বিশ্বেশ্বৰ হাজৰিকাঃ সেইটো প্ৰায় সকলোতে হয়৷ এই যে অকাডেমী বঁটাবোৰ, গল্প-উপন্যাস-কবিতাতে পায় সৰহভাগ৷ ছিৰিয়াছ লিখা মানুহক ক’ত দিয়ে? দিলেও সংখ্যাত বহুত কম৷ ছিৰিয়াছ লিখা মানুহৰ কোনো মূল্য নাই৷

সাহিত্য ডট্ অৰ্গ: অসমীয়া সাহিত্যত জ্ঞানপীঠ বঁটা এতিয়ালৈ দুজনে পাইছে৷ আপোনাৰ দৃষ্টিত পাবলগীয়া কোনোবা ৰৈ গৈছে নেকি?

বিশ্বেশ্বৰ হাজৰিকাঃ পাবলগীয়া কথাটো আপেক্ষিক৷ বঁটা বস্তুটোৱে আপেক্ষিক৷ বঁটাবোৰেই শেষ স্বীকৃতি নহয়৷

সাহিত্য ডট্ অৰ্গ: আপুনি অসমৰ আটাইকেইজন মুখ্যমন্ত্ৰীকে পাইছে৷ আপোনাৰ মতে শ্ৰেষ্ঠ কোনজন?

বিশ্বেশ্বৰ হাজৰিকাঃ গোপীনাথ বৰদলৈ – একে আষাৰে৷ বিষ্ণুৰাম মেধি হয়তো দ্বিতীয় স্থানত থাকিব৷ বৰদলৈ নহ’লে অসমখন এনেয়েও ইষ্ট পাকিস্থানত সোমালহেঁতেন৷ বৰদলৈয়ে তেতিয়াৰ গোটেই অসমখনৰ কাৰণে কাম কৰি থৈ গৈছে৷

সাহিত্য ডট্ অৰ্গ: বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটোৰ বিষয়ে আপোনাৰ মন্তব্য?

বিশ্বেশ্বৰ হাজৰিকাঃ বৰ্তমানৰ যিখন বাংলাদেশ, সেই অঞ্চলৰ পৰা মানুহ ইয়ালৈ অহাটো পুৰণিকলীয়া কথা৷ অসমৰ মাটিত সহজে খেতি হয় বাবে অতীজৰে পৰা মানুহ আহি আছিল৷ স্বাধীনতাৰ পাছতো আহিল৷ ইষ্ট পাকিস্থানৰ পৰা বাংলাদেশ হোৱাৰ পৰতো আহিল৷ এতিয়াও আহি আছে বুলি কয়৷ সমস্যাটো সমাধানত গুৰুত্ব দিয়া নাই কোনেও৷ গতিকে চলি আছে৷

সাহিত্য ডট্ অৰ্গ: আপুনি যিখিনি কৰিলে তাৰ ভিতৰত এনে এটা কামৰ বিষয়ে উল্লেখ কৰিব নেকি যিটো কৰি আপুনি শান্তি লাভ কৰিছে?
বিশ্বেশ্বৰ হাজৰিকাঃ মই অসমীয়া ভাষা-সাহিত্যৰ কাৰণে যিখিনি কাম কৰিলোঁ, গোটেইখিনি৷

সাহিত্য ডট্ অৰ্গ: এনেকুৱা কিবা কাম, যিটো কৰিবলৈ ৰৈ গ’ল বুলি আপুনি ভাবে?

বিশ্বেশ্বৰ হাজৰিকাঃ তেনেকুৱা কাম বহুত আছে৷ লিপিৰ বিষয়ে কিছু কাম কৰিম বুলি ভাবিছিলোঁ, যিটো এতিয়া শৰীৰৰ কাৰণে নোৱাৰোঁ৷

কথা বহু আছিল, প্ৰশ্ন বহু থাকিও গ’ল৷ তথাপি সিদিনালৈ সামৰিলোঁ৷ ৮২ বছৰ বয়সৰ বিশাল জ্ঞান আৰু অভিজ্ঞতাৰ সামান্য ছাৰৰ পৰা আমি পালোঁ৷ অহাৰ সময়ত বাইদেউ বাৰে বাৰে ক’লে, “আহিবাচোন, এখেত দিনটো ঘৰতে থাকে৷ হাতখনেৰে লিখিবলৈ অসুবিধা পোৱা হ’ল৷ ডাক্তৰেও কথা-বতৰা পাতি থাকিব দিছে৷ স্মৃতিশক্তি আছে ঠিকে বৰ্তমানলৈ৷ আহি থাকিবা৷”

ছাৰৰ জোঁৱায়েক ধৈৰ্য্য হাজৰিকাদেৱে অহাৰ পৰত আমাক ত্ৰিভাষিক অভিধানখনৰ এটাকৈ কপি উপহাৰ দিলে৷ নিজৰাপাৰৰ পাহাৰৰ পৰা নামি আহি থকা পৰত এটা কথায়ে মনলৈ আহি আছিল, বিভিন্ন জনগোষ্ঠীবোৰৰ মাজত উৱলি যাবলৈ ধৰা সাতামপুৰুষীয়া বান্ধোন পুনৰ কটকটীয়া কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন কাম-কাজ কৰি থকা হৈ আছে৷ এই জনগোষ্ঠীসমূহৰ ভাষাৰ প্ৰতি আমাৰ অনীহা বোধহয় তেওঁলোক আঁতৰি যোৱাৰ প্ৰধান কাৰণ৷ ছাৰে বোধহয় সেই কথাটোকে মন কৰি নিৰৱে উলিয়াই দিছে সহজে অসমীয়া শব্দৰ বড়ো আৰু ৰাভা প্ৰতিশব্দ বিচাৰি পাব পৰা ত্ৰি-ভাষিক অভিধান৷ তেখেতৰ বাকী কামবোৰৰ দৰে নিৰৱে আৰু সূক্ষ্ম পৰ্য্যবেক্ষণেৰে৷

*********************

বিশ্বেশ্বৰ হাজৰিকা ছাৰৰ দ্বাৰা ৰচিত আৰু সম্পাদিত কেইখনমান গ্ৰন্থ:
১৷ Assamese Language: Origin and development, 1985
২৷ অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ
৩৷ Caitanya’s Impact on the on the Vaisnvism of Assam, 1994
৪৷ অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ (ড° বাণীকান্ত কাকতীৰ Assamese: Its Formation and Development শীৰ্ষক গৱেষণা গ্ৰন্থৰ অনুবাদ), 1996
৫৷ সম্পাদনা: অসমীয়া সাহিত্যৰ বুৰঞ্জী, ১ম খণ্ড (আৰম্ভণিৰ পৰা ১৪৭০ লৈ), ২০০৩
৬৷ চৰ্যাগীতিকোষ, ২০১২
৭৷ অসমীয়া বড়ো-ৰাভা ত্ৰিভাষিক অভিধান, ২০১৫

*********************

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.