হংকং হৈ আমেৰিকালৈ – পৰী শ্যামলী ভূঞা

হংকং হৈ আমেৰিকালৈ – পৰী শ্যামলী ভূঞা

হংকং হৈ আমেৰিকালৈ – পৰী শ্যামলী ভূঞা

by July 17, 2017 0 comments

অৱশেষত আমেৰিকা যাবলৈ কৰা ইমান দিনৰ প্ৰস্তুতিত গ্ৰীণ চিগনেল পোৱা গ’ল৷ সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল৷ সকলো ফৰমেলিটিৰ কাম সমাধা হৈ শেষত যাত্ৰাৰ দিন বাৰ ঠিক হৈ উঠিল৷ এটা আনন্দময় মন৷ কিন্তু তাৰ মাজতে যেন কিবা এটা অমূলক ভাৱনাই বাৰে বাৰে মনটো চুই যাবলৈ ধৰিলেহি৷ সেই চিন্তা মোৰ সুদূৰ দীঘলীয়া বাটচোৱাৰ যাত্ৰাৰ চিন্তা আছিল৷ মনটো বাৰে বাৰে কোচাই তুলিবলৈ ধৰিছিল ২৩/২৫ ঘণ্টাৰ এটা দীঘলীয়া যাত্ৰাৰ চিন্তাই৷ দিন বাগৰাৰ লগে লগে অৱশ্যে মনটোও পাতল হৈ আহিব ধৰিলে৷ যথাসময়ত সেই দিনটো পালেহি৷ লাগতীয়াল সকলো বয়-বস্তুৰে পৰিপূৰ্ণ হোৱাকৈ দুটা ডাঙৰ বেগেৰে আমি তিনিও কলকাতা এয়াৰপৰ্টলৈ বুলি ৰাওনা হ’লোঁ৷ তেখেত, ল’ৰাটো আৰু মই৷ আমেৰিকালৈ আমাৰ ফ্লাইট হংকঙ হৈ আছিল৷ কলকাতালৈ আমাৰ ফ্লাইট আছিল পুৱা, দোকমোকালিতে৷ আৰু হংকঙলৈ ফ্লাইট আছিল ৰাতিৰ এক বজাত৷ কলকাতাত উপস্থিত হৈয়ে বাকী সময়খিনি কটাব পৰাকৈ আগতীয়াকৈ হোটেল এখন বুক কৰিলোঁ৷ এয়াৰপ’ৰ্টত উপস্থিত হৈয়ে হোটেলখনলৈ আহিলোঁ৷ দিনৰ খোৱা-বোৱা কৰি ভালদৰে এটা জিৰণি লোৱা হ’ল৷ ডীনাৰ কৰি ৯:৩০ বজাতে আমি এয়াৰপ’ৰ্টলৈ বুলি ওলালোঁ৷ ৰাষ্টাৰ ট্ৰেফিক এটা এৰাব নোৱাৰা সমস‍্যা৷ তাতে ইণ্টাৰনেচনেল ফ্লাইটৰ ফৰমেলিটিও যথেষ্ট৷ ৪৫ মিনিটমানৰ বাট অহাৰ পাছত আমি এয়াৰপৰ্ট উঠিলোঁহি৷ লগে লগেই আৰম্ভ হ’ল লাগতীয়াল কামৰ ইটো-সিটো প্ৰচেচবোৰ৷ মোৰ তেখেতেই সকলো যাৱতীয় কামৰ আঁত মাৰি গ’ল৷ এটা এটাকৈ ইটো সিটো ফৰমেলিটি সামৰাৰ পাছতে আৰম্ভ হল immigration৷

– Destination?
– আমেৰিকাত কিবা জব কৰে?
– কিয় ওলাইছে?
– তাৰ কোনখন ঠাইলৈ?
– কেতিয়া ঘূৰিব?

বচ সিমানেই আছিল মোক সোধা কিছু প্ৰশ্ন৷ আমাৰ তিনিওকে বেলেগ বেলেগকৈ তিনিঠাইত প্ৰশ্ন কৰা হ’ল৷ অৱশ‍্যে মুৰব্বী হিচাপে এওঁক সোধা-পোচা কৰা প্ৰশ্নৰ ভাৰটো বেছি আছিল৷ ল’ৰাটোৰ ফটো লোৱা আৰু হাতৰ স্কেন লোৱাতে কাম সমাধা হল৷ নেক্সট ষ্টেপ security check ৰ পাছতে তিনিও চকীত বহি ৰ’লোঁ নিজৰ নিজৰ কাম লৈ৷ ল’ৰাটোৱে টিভি চাই, গেম খেলি ব্যস্ত হৈ যাব ধৰিলে৷ প্ৰতিসময়তে তাৰ কথাবোৰত ফুৰ্তিৰ আভাস ফুটি উঠিছিল৷ মই মোৰ ফোনলৈ চালোঁ, কেইবাটাও শুভেচ্ছা বাৰ্তা৷ এজন দুজনলৈ ফোন কৰি কিছু কথা বতৰাও পাতিলোঁ৷ দুয়োখন ঘৰৰ সকলোৰ লগতে কথা পতা হ’ল৷ মোৰ মা দেউতাৰ লগতো কথা হ’ল৷ …“হংকং পায়েই ফোন এটা কৰিবি” …মাৰ চিন্তাভৰা মাত ভাঁহি আহিল৷ ..“হংকঙৰ পৰা ফোন কৰিব নোৱাৰিম মা এইটো ফোন ভাৰতৰ বাহিৰত আৰু কাম নকৰে৷ নেটটো অন ৰাখিবা মই হোৱাটচ এপতে ফোন কৰিম”…৷ মোৰ কথাষাৰ শুনি যেন মায়ে অলপ সকাহ পালে৷ এনেয়ে পেলাই থোৱা হোৱাটচ এপটো যেন আজি মাৰ কামতহে আহিছে৷ মাক অভয় দি ইটো-সিটো কথা পাতি ফোনটো থ’লোঁ যদিও ভিতৰি ভিতৰি মোৰ অলপ ভয় নলগাও নহয়৷ সাগৰৰ ওপৰেদি যোৱা যাত্ৰাবোৰ মোৰ এনেয়ো ভয় লাগে৷ তলত সাগৰে হওঁক বা মাটিয়ে হওঁক কথা একেই যদিও নেদেখা হোৱালৈকে ওপৰৰ পৰা দেখি থকা সাগৰখন চাই কিৱা ভয় ভয় ভাৱ এটা আহে৷ পিছে ভয় লাগিলেও ভালো নলগা নহয়৷ বহি বহি সেইবোৰেই ইটো সিটো ভাবি কথা পাতি থাকিলোঁ৷ অলপ পাছতেই আমাৰ ব’ৰ্ডিং আৰম্ভ হ’ব ধৰিলে৷ সুবিধাৰ বাবে শেষৰ চিটৰ পৰা আৰম্ভ কৰি ব’ৰ্ডিং আৰম্ভ হ’ল৷ শাৰী পাতি আমি আগুৱাই গ’লোঁ৷ executive শাৰী এৰি আমি economy class পালোঁগৈ৷ আমি আমাৰ চিটত বহি পৰিলোঁ৷ কিছুসময়ৰ পাছতেই মানুহেৰে প্লেনখন ঠাহ খাই পৰিল৷ ইণ্ডিয়াৰ ইমান মানুহ হংকং যাবনে দেখিয়ে আচৰিত হ’লোঁ৷ যথাসয়ত সকলো থানথিত লাগিলত প্লেন টেক অফ কৰিলে৷ সেই ফ্লাইটত টি ভি নাছিল৷ অলপ সময়তে ডীনাৰ চাৰ্ভ হল৷ ডীনাৰ কৰিয়ে সকলো পেছেঞ্জাৰ টোপনিত মূৰ্ছা যাবলৈ ললে৷ লগতে আমিও৷ ৰাতিৰ ২:৩০ হ’বলৈ হৈছিল৷ সকলো পেছেঞ্জাৰ তেতিয়া গভীৰ টোপনিত৷ লেণ্ডিং announcement বাজি উঠাতহে সাৰ পালোঁ৷ কেতিয়া হংকং পালোঁগৈ গমেই নাপালোঁ৷ ঘড়ী চালোঁ, ৫ বাজিছে৷ ঘোষণা কৰা মতে হংকঙত ৮ টা বাজিছে৷ ছাটাৰ খুলি চালোঁ বাহিৰত ৰ’দালি ৰাতিপুৱা এটা জকমকাই আছিল৷ তলৰ মনোমোহা চহৰখন জিলিকি উঠিল৷ য়টবোৰ, নাওবোৰ ওপৰৰ পৰা খুউব মনোমোহা দেখাইছিল৷ সাগৰৰ লগত সংলগ্ন এটা ডাঙৰ হ্ৰদৰ ওপৰে ওপৰে প্লেনখন তললৈ নামিব ধৰিল৷ ওপৰৰ পৰা দেখা সৰু সৰু নাওবোৰ য়টবোৰ লাহে লাহে ডাঙৰ হৈ দেখা দিব ধৰিলে৷ সৰু যেন লগা লেকটো চকুৰ পচাৰতে বৃহৎ আকাৰ ললেহি৷ সময়ৰ ব্যৱধান বেছি নাছিল, মুহূৰ্ততে নীলা বিশাল জলৰাশিৰ কাষতে আমাৰ ফ্লাইটে লেণ্ডিং কৰিলে৷ তিৰবিৰাই থকা পানীৰ কাষৰ ৰানৱে আৰু চাৰিওফাল খুবেই মোহনীয়া আছিল৷ চাৰিওফাল চাফ-চিকুন, হাবি-জংগল চিকুনাই থোৱা চকুৰোৱা পৰিৱেশটোৱে মোক মুহি পেলালে৷ ভাৰতৰ এয়াৰপ’ৰ্টৰ চাৰিসীমাৰ বন-জংগলবোৰ মনলৈ আহিল, ভাবিলোঁ কিমান যে বিপৰীত!! ভাৰততো এনে পৰিৱেশ কেতিয়া হ’ব জানো! তাকে ভাৱে থাকোতে ফ্লাইটখনৰ স্পীড কমি গৈ শেষত নিৰ্দিষ্ট ঠাইত ৰ’লগৈ৷ দীঘলীয়া শাৰীত আমিও লাহে লাহে আগুৱাই নামি যাবলৈ ধৰিলোঁ৷ এৰাইভেল বিল্ডিংটোৰ মাজেৰে অলপ দূৰ আগবাঢ়ি গৈয়ে দেখা পালোঁ এগৰাকী ধুনীয়া আদহীয়া মহিলাই সকলোকে বাছ এখনলৈ যাবলৈ নিৰ্দেশনা দি আছে… bus is waiting for you, please proceed ….আমাৰ বাবে বাছ ৰৈ আছিল৷ আমি বাছত উঠিলোঁ৷ অলপ ঘূৰাই পকাই নি বাছখনে আমাক নিদিৰ্ষ্ট ঠাইলৈ লৈ গ’ল৷ আমি departure গেটত উপস্থিত হ’লোঁগৈ৷ আকৌ আৰম্ভ হ’ল security check৷ কঠোৰ চেহেৰাৰ সুৰক্ষাকৰ্মী সকলক দেখি ভাৰতৰ কোমল সহজ চেহেৰাৰ security person কেইজনৰ চেহেৰা মোৰ চকুৰ আগত ভাঁহি আহিবলৈ ধৰিলে৷ checking হৈ গ’ল৷ পানী বটলটোৰ বাহিৰে বেলেগ একো সমস‍্যা নহ’ল৷ ইয়াৰ পাছত আমাৰ নেক্সট কাম হ’ল ব্ৰেকফাষ্ট বিচাৰি যোৱা৷ লাগেজ আমেৰিকালৈকে একেবাৰতে বুক কৰা হৈছিল৷ সেয়ে কোনো চিন্তাও নাছিল, কামো নাছিল৷ চাৰিওফালে চিং চাং সুৰৰ কথাবোৰ কানৰ ওচৰে-পাজৰে বাজিবলৈ ধৰিলে৷ তাকে শুনি শুনি সেই সুৰৰ মাজেৰে আমি আগুৱাই যাব ধৰিলোঁ৷ সকলোৰেই চালে চকু ৰোৱা চেহেৰা৷ ৰঙা বগা একোটা আপেলহে যেন চেহেৰাবোৰ৷ প্ৰায়বিলাকৰে সন্মুখ ফালৰ চুলিবোৰ চকুৰ আগত পৰি থকাকৈ চুটিকৈ কটা৷ ইমান ধুনীয়া ছোৱালীবোৰ!! কেইদিনমান ইয়াত থাকিলে ময়ো এনেকুৱা হৈ যাম চাগে, সিহতবোৰক দেখি মোৰ মনলৈ সেই ভাবহে আহিব ধৰিলে৷ চিং চাং সুৰেৰে কথা কৈ থকা মানুহবোৰৰ মাজেৰে আগুৱাই গৈ থাকোতে আগতে ৰেডিঅ’ত শুনা চাইনা channel টোৰ কথা মনত পৰি গ’ল৷ সৰু থাকোতে ৰেডিঅ’ত গান শুনি শুনি পঢ়িছিলোঁ৷ চাইনাৰ কথাবোৰ গানৰ মাজে মাজে বাজি খুউব distrub কৰিছিল৷ চাৰিওফালৰ কথাবোৰ মোৰ ৰেডিঅ’ বাজি থকা যেন লাগিল৷ দুখনমান escalator বগায়েই food court ত উপস্থিত হ’লোঁগৈ৷ কেইবাখনো ৰেষ্টুৰেণ্টৰ শাৰী৷ টেবুল এখনত চিট লৈ কি খাব পায় চাবলৈ উঠি গ’লোঁ৷ এখন এখনকৈ চাৰিখন food stall পাৰ কৰি গ’লোঁ কতো আমি খাব পৰাকৈ অভ‍্যস্থ একো বিচাৰিয়েই নাপালোঁ৷ চবতে একে খানা, এসোপা চুপৰ মাজত ঢালি দিয়া নুড’লচ৷ ভেৰাইটিচ মাংসৰে ননভেজ নুড’লচবোৰ ভৰি আছিল৷ চিকেনৰ ডিচ খুউব কম আছিল৷ fried rice পাইছিলোঁ যদিও সেইসময়ত পুৱাই পুৱাই খাব মন কাৰো নাছিল৷ prawns ৰ গোন্ধে গোটেই ফুডক’ৰ্ট মলমলাই আছিল৷ খাবলৈ ভাল যদিও মোৰ পিছে সেই গন্ধ অলপো ভাল লগা নাছিল৷

ভাৰতত চাইনিজ খানা বুলি কলে যি ধুনীয়া গোন্ধেৰে মলমলাই থকা বিভিন্ন ডিচবোৰ পোৱা যায় সেইবোৰ একোৱে নেদেখি মোৰ চাইনিজ ডিচৰ প্ৰতি ধাৰণাই সলনি হৈ গ’ল৷ সকলোঁৱেই চপষ্টিকেৰে নুড’লচ খোৱাৰ লগতে বইল কৰা ব্ৰক’লি আৰু নানান চালাদৰ ধুনীয়াকৈ মজা লৈ আছিল৷ ইন্দিয়ান টাইপৰ শুকান নুড’লচৰ ফটো এখন দেখি মই শাৰী পাতিলোঁ৷ দীঘল আছিল মানুহৰ শাৰী৷ এওঁ বেলেগ ফালে খানাৰ সন্ধানত আৰু মই বেলেগ ফালে৷ যেতিয়া তেওঁ মোক শাৰী পতা দেখিলে পচন্দৰ খানা পোৱা বুলি নিশ্চিত হৈ মোৰ ওচৰ পালেহি৷ তেওঁ শাৰীত থিয় হৈ কাৰ্ডেৰে পেমেণ্ট কৰি নুড’লচ আনিলে৷ খোৱাৰ আগতে ভাবিলোঁ দাঁত ব্ৰাচ কৰি লোৱা যাওঁক৷ ব্ৰাচ কৰি চকু ধুই কফি খাই ফ্ৰেচ লাগিল৷ ইফালে নুড’লচ মুখত দিয়ে লৰাৰ নানান আপত্তি৷ আৰু নাখায়, টেষ্ট বেয়া৷ মই অলপ মুখত দি চালোঁ, চকুদুয়োটায়ে ডাঙৰ হৈ উঠিল৷ বেয়া মানে একেবাৰে টেষ্টলেছ৷ কোনোমতে খানা এটা বিচাৰি পাইছিলোঁগৈ তাৰো শেষত এই কাহিনী৷ fried rice কে খোৱা যাওঁক বুলি তিনিও আলোচনা কৰিলোঁ যেন এই food court বোৰত আমাৰ ফুড টেষ্টিংহে চলি আছে৷ ইফালে দামৰটো কথাই নাই৷ জুই চাই দাম৷ তাকে থিক ঠাক কৰি ইফাল সিফাল কৰোতেই তলৰ ফ্ল’ৰত বাৰগাৰ shop এখন চকুত পৰিল৷ যেন “ডুবনে ৱালে ক’ তিনকে কা চাহাৰা“৷ চিধাই তাত উপস্থিত হ’লোঁগৈ৷ শেষত বাৰগাৰৰ কৃপাত ব্ৰকফাষ্ট কৰা হ’লগৈ৷ দাম আছিল ইন্দিয়ান currency মতে এটাত ৭০০টকা৷ শেষত যেনিবা যেন-তেন খোৱাৰ সমস‍্যাটো শেষ হ’লগৈ৷ তেতিয়ালৈ ল’কেল সময় ১০:০০ হৈছিলগৈ৷ আমি আমাৰ বৰ্ডিং গেটৰফালে ৰাওনা হ’বলৈ ধৰিলোঁ৷

৫০০ বৰ্ডিং গেট নাম্বাৰৰ সৈতে এটা বৃহৎ এয়াৰপৰ্ট৷ চাৰিওফালৰ আটকধুনীয়া সাজসজ্জাৰে পৰিৱেশটো চালে চকু ৰোৱা৷ টুৰিষ্টক আকৰ্ষণ কৰিব পৰাকৈ নানান সা সামগ্ৰীৰে দোকানবোৰজকমকাই আছিল৷ দোকানবোৰৰ কাষে কাষে আমি আমাৰ বৰ্ডিং গেটৰ ফালে আগুৱাই যাবলৈ ধৰিলোঁ৷ কোনফালে আছে, দূৰত্ব কিমান, arrow বোৰ চাই চাই আগবাঢ়ি গ’লোঁ৷ বেছি দূৰ যাব লগা নহ’ল৷ ওচৰতে আছিল আমাৰ গেটখন৷ আমি আমাৰ বৰ্ডিং গেটত উপস্থিত হ’লোঁগৈ৷ তিনিও আৰামী চকী তিনিখনত আৰামেৰে বহি পৰিলোঁ৷ তেতিয়াহে মোৰ ধ‍্যান গ’ল ইমানদেৰি আমাৰ লগত অহা ইণ্ডিয়াৰ বাকীসকল মানুহ যিসকলৰ কোনো দেখাদেখিয়ে নহ’ল ইয়াতে টোপনি মাৰি আছে৷ প্ৰায়বিলাকেই শুই পৰিছিল৷ দুখন দুখনকৈ joined চকিত দীঘলকৈ পৰি টোপনি মাৰি আছিল৷ তেতিয়াহে মোৰ ভ্ৰম ভাঙিল৷ আমাৰ লগত অহা এই সকলোবোৰ তেতিয়াহ’লে USA ৰহে যাত্ৰী আছিল৷ মনলৈ আকৌ এবাৰ একেষাৰ কথাই আহিল ইণ্ডিয়াৰ ইমান মানুহ USA যাবনে৷ অৱশ‍্য সেয়া পাছপৰ্টৰ কামত যাওঁতেই অনুমান হৈছিল৷ embessy ত মানুহৰ সোঁত দেখিয়েই আচৰিত হৈ গৈছিলো৷ আমিও অলপ জিৰাই লোৱা ভাল হ’ব বুলি ভাবি মোৰ লগত থকা নেক চাপৰ্ট পিল’ দুটা উলিয়াই ল’লোঁ৷ ইফালে USA ৰপৰা এওঁৰ ভায়েকে বাৰে বাৰে ফোন কৰি জনাই আছিল টোপনি নাযাবলৈ৷ এইটো সময়ত টোপনি গ’লে ফ্লাইটৰ ভিতৰত টোপনি নাহিব৷ ফ্লাইটত টোপনি নামাৰিলে পুৱা USA পায়েই দিনটো টোপনি ধৰিব৷ দিনত শুই ৰাতি টোপনি নাহিব৷ বহু দিন শৰীৰৰ ঢলংপলঙেই বোলে নাতঁৰিব৷ তাৰ কথামতেই মই action ল’লোঁ৷ আগৰচোৱা যাত্ৰা দীঘলীয়া, তাতে চিটত বহি বহিয়েই পাৰ কৰিবলগা যাত্ৰা৷ সেয়ে অলপ সময় শৰীৰটো ৰেষ্ট দিয়া যাওক বুলি দুয়োকে দুটা পিল’ আগবঢ়াই দিলোঁ৷ নিজেও চকীতে আউজি ভৰি দীঘল কৰি বহি ল’লোঁ৷ ল’ৰাটোক অলপ সময় পৰি থাকিবলৈ জোৰ কৰিলোঁ৷ নাই তাৰ ধান্দাই বেলেগ৷ গেমৰ বাকী থকা লেভেলকেইটা বোলে complete কৰিব৷ আৰু গুগ’ল মেপত বহুত কাম আছে৷” চকু বেয়া হ’লে কিন্তু চচমা পিন্ধি ফুটবল খেলিব নোৱাৰিবা” মোৰ এইষাৰ কথাই অলপ কামত অহা যেন লাগিল৷ অলপ খেলি থৈ দিব বুলি কথা হ’ল৷ মই ঘৰলৈ ফোন লগালোঁ৷ নাই ফোন নালাগেই৷ অইন বেলগলৈয়ো ফোন লগা নাই৷ এখেতেও ঘৰলৈ কেইবাবাৰো চেষ্টা কৰিলে, ফোন নালাগিল৷ হোৱাটচ এপতে মেছেজ কৰিলোঁ৷ মাৰ ৰিপ্লাই আহিল, ময়ো শান্তি পালোঁ৷ সকলোলৈয়ে মেছেজ কৰা হ’ল৷ এওঁ নিউজ পেপাৰখন লৈ ব্যস্ত হ’ল৷ তেখেতৰ এনেও টোপনি কম৷ টোপনি মোৰহে চকুত আছিল, যদিও ভাইটিয়ে কোৱা কথাকেইটা ভাবি চকু জপাবও মন যোৱা নাছিল৷ তাৰ কথাকেইটা মানি গ্লাচেৰে বাহিৰত জিলিকি থকা এয়াৰপ’ৰ্টৰ গ্ৰাউণ্ডখনৰ ব্যস্ততাবোৰ চাই চাই বহি থাকিলোঁ৷ তেতিয়াই মোৰ চকু গ’ল চাৰিওফালৰ জকমক কৰি থকা দোকানবোৰলৈ৷ ভাবিলোঁ তাতে এবাৰ টহল মাৰি আহো৷ চাইনা মাৰকেটে ইন্দিয়াৰ বজাৰবোৰ ভৰা৷ আচল চাইনা মাৰকেটখনতে অলপ চকু ফুৰাই আহো৷ এনেয়ো মাইকী মানুহৰ স্বভাৱেই প্ৰয়োজন নাথাকিলেও পিৰিক পাৰাক কৰি চকুকেইটাকে শাঁত পেলোৱা, window চপিঙকে কৰি ঘূৰি অহা৷ ময়ো তাৰ ব‍্যতিক্ৰম নহয়৷ এওঁক মাতষাৰ লগাই একেটা ফ্ল’ৰটে থকা দোকানবোৰৰ ওচৰলৈ উঠি আহিলোঁ৷ ল’ৰাটোক সুধিলোঁযাবা নেকি৷ সি নাযায়, ল’ৰাই বোলে এইবোৰ ল’ৰাই ভাল নাপাই- সি ক’লে৷ পিৰিক পাৰাক চকুৱে মই চেলফি তুলি তুলি আগবাঢ়ি গ’লোঁ৷ চাৰিওফালে সাংঘাতিক মেকআপৰ বস্তুৰে ভৰা দোকান, দম দম লিপষ্টিক, নেইলপলিচ, আৰু নাজানো কি কি আছিল৷ তাত আটাইতকৈ ডাঙৰ দোকানখন আছিল ৱাইনৰ দোকানখন৷ গ্লাচেৰে চিকমিকাই খুবেই ধুনীয়াকৈ জিলিকি আছিল৷ নিকিনা মানুহো নথকা নহয়৷ বিক্ৰীও হৈ আছিল৷ দীঘলীয়া হ’ল্টৰ পেছেঞ্জাৰ সকল তাতে থকা ৰুম লবলৈ ৰুম বুকিঙৰ বাবে দীঘলীয়া শাৰী পাতিছিল৷ বাকী দোকানবোৰ বেছিভাগ চকলেট আৰু ফেংচ্যুইবস্তুৰে ভৰা৷ সৰু ল’ৰা-ছোৱালীৰ সকলো প্ৰয়োজনৰ বস্তুৰে ভৰা সামগ্ৰীৰ দোকানৰ উপৰিও চভেনিয়াৰ আৰু কি-ৰিঙে দোকানবোৰ ভৰি আছিল৷ মোৰ বিশেষ একো চকুত নপৰিল৷ কি-ৰিং দুটা ললোঁ৷ ক’ত ইন্দিয়াৰ কি-ৰিং আৰু ক’ত হংকঙৰ কি-ৰিং৷ আকাশ পাতাল প্ৰাৰ্থক‍্য৷ এটাতে তিনিশ চাৰিশ৷ তথাপিও হংকঙৰ চিন এটা লগত ৰাখিলোঁ৷ দোকানীবোৰো চাগে অভ্যস্ত এইদৰে সদায় চকুফুৰাই ঘূৰি ফুৰা গ্ৰাহকবোৰৰ লগত, তেওঁলোকৰ চেহেৰা দেখিয়েই গম পোৱা গৈছিল৷ নিজৰ ঠাইলৈ ঘূৰি আহিলোঁ৷ বৰদিন হ’বলৈ আৰু বেছি সময় নাছিল৷ আহি দেখো এওঁ টোপনিত৷ উঠাই দিবলৈও বেয়া লাগিল, পেপাৰখন পঢ়ি থকাৰ বাবেই চাগে টোপনি আহিল৷ কি কৰো কি নকৰোকৈ আধা ঘণ্টা শুবলৈ দিয়া যাওঁক বুলি ঠিক কৰিলোঁ৷ ফ্ৰেচ হ’লে অলপ ভাল পাব৷ খৰকৈ সময় পাৰ হৈ গল৷ হঠাতে ক’ৰ পৰানো জানো ইন্দিয়াৰ বহু মানুহে আহি এই ঠাইতে উপস্থিত হ’লহি৷ আচৰিত হৈ গ’লোঁ৷ তাৰ মাজতে কেইবাগৰাকীও শাৰী পিন্ধা৷ বুঢ়া বুঢ়ী মানুহ, আদহীয়া, ডেকা জীয়ৰী, ল’ৰা-ছোৱালী, কেচুৱাই তৎক্ষণাত ঠাইখন ভৰি পৰিল৷ আমেৰিকালৈ যোৱা পেচেঞ্জাৰৰ ভিতৰত হংকঙৰ মানুহতকৈ ইণ্ডিয়াৰ মানুহহে বেছি হ’লগৈ৷ অলপ পাছতেই বৰ্ডিংৰ এনাউঞ্চমেণ্ট বাজি উঠিল৷ অৱশেষত আমেৰিকালৈ যাত্ৰা আৰম্ভ হবৰ হ’ল৷ মুহূৰ্ততে এটা মস্ত দীঘল শাৰী সৃষ্টি হৈ উঠিল৷ পিছৰফালৰ পেছেঞ্জাৰসকলৰ প্ৰথমে বৰ্ডিং হ’বলৈ ধৰিলে৷

ইমান নাম্বাৰ চিটৰ পৰা ইমান নাম্বাৰ চিটৰ পেচেঞ্জাৰসকল আগবাঢ়ি আহক’ ষ্টাফৰ এজন সদস‍্যই চিঞৰি যাবলৈ ধৰিলে৷ আমি আগবাঢ়ি গ’লোঁ৷ আমাৰ চিটৰ নাম্বাৰো তাৰ মাজতে আছিল৷ শেষৰ ফালৰ চিটৰ পেচেঞ্জাৰসকলক প্ৰথমে আগবঢ়াই নিয়া হ’ল৷ domestic flight ৰ লগত কোনো মিল নথকা বহুত দীঘলীয়া আৰু যথেষ্ট ডাঙৰ plane, তিনিজনীয়া চিটেৰে তিনিটাকৈ row৷ সোঁফালৰ চিটৰ যাত্ৰীসকলক সোঁ row য়েদি যাব দিয়া হ’ল আৰু বাওঁফালৰ চিটৰ যাত্ৰী সকল বাওঁ row য়েদি৷ executive শাৰী এৰি আমি economy ক্লাছ পালোঁগৈ৷ কোনো খেলিমেলি নোহোৱাকৈ সম্পূৰ্ণ চিজিল আৰু ডিচিপ্লিনত প্লেনখন ভৰি পৰিল৷ শেষৰপৰা ৮ শাৰীমান চিট বাদ দিয়েই বাওঁফালৰ row তে আমাৰ চিট আছিল৷ আমি আমাৰ চিটত বহিলোঁগৈ৷ লগে লগেই সোঁফালৰ আৰু মাজৰ rowৰ চিটবোৰো মানুহে ঠাহ খাই পৰিল৷ ইমান ডাঙৰ প্লেনখনত সন্মুখফালৰ মানুহবোৰ চকুতে পৰা নগ’ল৷ ট্ৰেইনৰ দৰে পাৰ্ট পাৰ্ট৷ ধুনীয়া ধুনীয়া পুতলা যেন হোষ্টেচবিলাক ইফাল সিফাল কৰি সকলোঁকে দিব লগা যাৱতীয় সুবিধাবোৰ দিয়াত ব‍্যস্ত হৈ পৰিল৷ এগৰাকী যথেষ্ট ক্ষীণ হোষ্টেচ আমাৰ ওচৰৰ ওপৰৰ লাগেজ বক্সবোৰ চোৱাচিতা কৰি জপাবলৈ আৰম্ভ কৰিলে৷ দেখোতেই লাগিছিল ভীষণ ফিগাৰ কনচিয়াচ৷ দায়েটতে চাগে জীৱনটো ঢালি দিছে৷ দুটামান বক্স বন্ধ কৰিবলৈ তেওঁৰ শক্তিয়ে নাটানিছিলগৈ৷ এওঁকে আহি ৰিকুৱেষ্ট কৰিলেহি ওপৰৰ বক্সটো বন্ধ কৰিবলৈ তলৰ পৰা ওপৰলৈ হেঁচা দিবলৈ হেল্প কৰিব পাৰিব নেকি৷ এওঁ সহায় কৰি বক্সবোৰ ওপৰলৈ হেঁচা মাৰি ধৰিলে আৰু তেতিয়াহে হোষ্টেচ গৰাকীয়ে বন্ধ কৰিব পাৰিলে৷ কথাটো মনত পৰিলে আজিও হাঁহি উঠে৷ ইফালে জ্বলিলোঁও অলপ তেওঁৰ ধুনীয়া শ্লিম ফিগাৰ দেখি৷ প্লেইন চলিবলৈ আৰম্ভ কৰিলে৷ লগে লগে চিটৰ টিভিবোৰো বাজি উঠিল৷ টিভিত প্লেনৰ সকলো গতি, কাৰ্য্যকলাপ জিপিএচত দেখা দিবলৈ আৰম্ভ হ’ল৷ প্লেনখন ওপৰলৈ উঠিল৷ লগে লগে ল’ৰাটো খিৰিকিৰ কাষতে আঠা লগাদি লাগি ধৰিবলে ধৰিল৷ তাক দেখি মোৰ নিজৰ ওপৰতে হাঁহি উঠিবলৈ ধৰিলে মই নিজে কৰা কাণ্ডবোৰ মনত পৰি৷ ময়োতো এনেদৰেই আঠা লাগি ধৰো ডিব্ৰুগড়ত লেণ্ডিং কৰাৰ সময়ত ঘৰলৈ যোৱা ৰাষ্টাটো ওপৰৰ পৰা বিচাৰি বিচাৰি৷ তাক নিজৰ মতে মজা কৰিব দি সুধিলোঁ কেনে লাগিছে৷ সি কলে মজ্জা ..! ! তাৰ বোলে ইয়াত আৰু থাকিবলৈ মন আছিল৷ খিৰিকিৰে সাগৰৰ লগত সংলগ্ন লেকটোৰ দৃশ‍্য ভাঁহি উঠিল৷ পলকতে নাওবোৰ য়টবোৰ সৰু হৈ আহিব ধৰিল৷ লাহে লাহে বিল্ডিংবোৰো সৰু হৈ হৈ চকুৰ আঁতৰ হৈ পৰিল৷ লেকটোৰো কোনো চিন নোহোৱা হৈ পৰিল৷ কিছু দূৰলৈ মাথোঁ সাগৰৰ নীলা নীলা৷ লাহে লাহে শুভ্ৰ বগা কপাহ যেন ডাৱৰবোৰৰ মাজত বিলীন হৈ যাবলৈ ধৰিলোঁ৷ এইবাৰহে যাত্ৰাটো মজা লাগিব ধৰিল চিটৰ সন্মুখত থকা টিভিবোৰৰ বাবে৷ GPS ত দেখা গ’ল এৰ’প্লেনখন প্ৰশান্ত মহাসাগৰৰ ওপৰত৷ ইতিমধ‍্যে ইমান কি:মি: পাৰ হ’ল, ইমান উচ্চতাত, বাহিৰৰ টেমপাৰেচাৰ, ল’কেল সময়, ডেষ্টিনেচনৰ সময়, সকলো স্ক্ৰীণত জিলিকি উঠিল৷ এঘণ্টাতে প্লেইন কেইবাটাও আইলেণ্ডৰ ওপৰেদি পাৰ হৈ যোৱা গম পোৱা গ’ল৷ টিভিৰ বাকী চেনেলতকৈ এই GPS হে বেছি আকৰ্ষণীয় হৈ পৰিল৷

“কি লব juice or wine“? এগৰাকী হোষ্টেচ আহি আমাক সুধিলেহি৷ আমি জুছ ল’লোঁ৷ লগতে peanuts পেকেট তিনিটাও যাচি গ’ল৷ সকলো যাত্ৰীক এফালৰ পৰা জুচ, ৱাইন আৰু পি নাটচ যাচি যোৱা গ’ল৷ হাতত জুচ লৈ স্ক্ৰীণত ভাঁহি অহা GPS আৰু কথা বতৰাৰ আমোদেৰে আমি সময়বোৰ পাৰ কৰিব ধৰিলোঁ৷ মনত বিৰাট ফুৰ্তি প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ ওলাইছো৷ আৰু কেইঘণ্টামানতে সপোনলেণ্ড আমেৰিকাত পদাৰ্পণ কৰিমগৈ৷ ইতিমধ‍্যে GPS ত প্ৰশান্ত মহাসাগৰৰ আৰু তিনিটামান দ্বীপ পাৰ হৈ যোৱা দেখা পালোঁ৷ চেনেলবোৰ সলনি কৰি কাৰ্টুন, গান, চিনেমা আদি বিভিন্ন প্ৰগ্ৰামত ইয়েৰ ফোন লগাই বীজি হৈ পৰিব ধৰিলোঁ৷ এগৰাকী হোষ্টেচ আহি খোৱাৰ অৰ্ডাৰৰ বাবে ম‍্যেনু এখন দি গ’লহি৷ আমি ৰাইচ থকা ভেজ খাদ‍্য অৰ্ডাৰ দিলোঁ৷ কিন্তু যিহে উত্তৰ আহিল আমি চক খাই উঠিলোঁ৷ ৰাইচ থকা সকলো আইটেম শেষ হৈ গৈছে৷ মাত্ৰ পৰ্ক আৰু বীফহে বাছি ৰৈছে৷ মাংসৰে ভৰি পৰা ম‍্যেনুখনৰ পৰা নিজৰ পচন্দৰ খোৱা বিচৰি একো সিদ্ধান্তই লব নোৱাৰিলো৷ এওঁৰ পৰ্ক খোৱাত কোনো সমস‍্যা নাছিল, আগতেও খায়৷ সেয়েহে দুটা পৰ্ক উইথ ৰাইচ অৰ্দাৰ কৰিলোঁ৷ এটা ল’ৰাৰ বাবে এটা এওঁৰ বাবে৷ মোৰ বাবে মই একোৱে বিচাৰি নাপালো৷ পাষ্টা আছে সেয়াও with meat৷ ইতিমধ‍্যে ভেজ পাষ্টা শেষ হৈ গৈছে৷ হোষ্টেচগৰাকীয়ে তথাপিও এবাৰ চেষ্টা কৰি বিচাৰি চাও বুলি কথা দিলে৷ এনে পৰিস্থিতিৰ অনুমান কৰিয়ে মই বেগত ড্ৰাই খোৱা বস্তু কিছূমান ৰাখি থৈছিলোঁ৷ আমি অৰ্ডাৰ দিওতে দেখিলোঁ ইতিমধ‍্যে প্ৰায়সংখ‍্যক লোককে লাঞ্চ চাৰ্ভ কৰা হ’লেই৷ কিছু সংখ‍্যকৰ খোৱা হৈ যোৱা আধা ঘণ্টামান পাৰ হ’ল আৰু আমাৰ লগতে ৰৈ থকা কিছুসংখ‍্যকৰ খোৱাৰ অৰ্ডাৰ দিয়াই আধা ঘণ্টামান পাৰ হ’ল৷ হোষ্টেচগৰাকীৰ পৰা জানিব পাৰিলোঁ যে এতিয়ালৈকে যিসকলৰ খানা চাৰ্ভ কৰা হ’ল তেওঁলোকৰ special order আছিল”৷ তেতিয়াহে আমি গম পালোঁ টিকেট বুকিঙৰ লগতেই খানা অৰ্ডাৰ কৰিব পৰা যায়৷ যিটো কথা আমি জনা নাছিলো৷ কেইবাবাৰো অহা যোৱা কৰাসকল অভ‍্যস্ত। সেয়েহে পচন্দৰ মতে আৰু সময়মতে খাদ‍্য পাবলৈ সক্ষম হৈছে৷ কিছুসময়ৰ পাছতে আমাৰো খানা ৰাইচ উইথ পৰ্ক পালেহি৷ কোনোমতে এটা পাষ্টা বাকি ৰৈ গৈছিল, সেয়া মোক দি গ’লহি৷ ভেজ বুলিয়ে দি গ’ল৷ কিন্তু খাবৰ বাবে মুখত দিয়ে মই জিকাৰ খাই উঠিলো, এয়া কি পাষ্টাত সৰু সৰু মাংসৰ টুকুৰা৷ ইতিমধ‍্য এচামুচ খালোৱেই৷ কি খালোঁ নাজানো৷ বাকী খানা আৰু মই খাব নোৱাৰিলো৷ বন্ধ কৰি ৰাখি দিলোঁ৷ এওঁলোক দুয়োৰে খোৱা হৈ গ’ল৷ মই কাপ নুড’লচ এটা বিচাৰি খালোঁ৷ সাধাৰণতে এয়া স্নেকচৰ ম‍্যেনুত আছিল৷ সেয়েহে মোক লাঞ্চৰ সময়তকৈ একঘণ্টাৰ পাছত আহি দিয়া হ’ল৷ নুড’লচ খাই মই চিনেমা এখনত বীজি হৈ পৰিলোঁ৷ খুউব ইণ্টাৰেষ্টিং আৰু চাচপেঞ্চেৰে ভৰা চিনেমাখনত মই ভালদৰেই ব্যস্ত হৈ পৰিলোঁ৷ পিংক আছিল চিনেমাখনৰ নাম৷ ল’ৰা আৰু এওঁ ব্যস্ত হ’ল নিজৰ নিজৰ চেনেলত৷ লাঞ্চৰ পাছত খিৰিকীৰ ছাটাৰ বন্ধ কৰিবলৈ কৈ লাইট অফ কৰি দিয়া হ’ল৷ সকলো পেছেঞ্জাৰ নিজৰ মতে টোপনিত বা টিভিত ব্যস্ত হৈ ৰ’ল৷

কিছুসময় পাৰ হৈ গ’ল৷ হঠাৎ জিপিএচত দেখা পালো প্লেনৰ সন্মুখ ফালৰ পৰা ক্ৰমান্বয়ে আন্ধাৰ হৈ আহিব ধৰিছে৷ চাটাৰ খুলি চালোঁ সচাকৈয়ে বাহিৰত সন্ধ‍্যা লাগো লাগো৷ চানচেট হ’ল কেতিয়াবাই৷ তেতিয়া ৩:৩০ মান হৈছিল৷ লাঞ্চ কৰি উঠিছোহে আন্ধাৰ হ’লেই, কিবা বৰ আচৰিত লাগিব ধৰিছিল৷ যদিও আচৰিত হৈছিলোঁ সেই অভিজ্ঞতা কিন্তু মোৰ খুউব ভাল লাগিল৷ ঠাইভেদে সময় আৰু দিন ৰাতিৰ তাৰতম‍্য নিজ চকুৰে দেখা পোৱাৰ অনুভৱ কৰাৰ অনুভূতিয়েই বেলেগ আছিল৷ লাহে লাহে আমাৰ প্লেনখন আন্ধাৰৰ মাজত সোমাই পৰিল৷ সঠিক ভাৱে কব নোৱাৰিলেও সেই সময়ত ভাৰতত চাগে সময় দিনৰ এক মান বাজিছিল৷ আৰু আমাৰ ডেষ্টিনেচন আমেৰিকাত তেতিয়া আগৰাতি৷ তেতিয়া এপ্ৰিলৰ ১০ তাৰিখ আছিল৷ কিন্তু আমেৰিকাত এপ্ৰিলৰ ৯ তাৰিখৰ ৰাতি হৈছিল৷ লাহে লাহে আমি গভীৰ আন্ধাৰত সোমাই যাব ধৰিলোঁ৷ টোপনিৰ হেঁচাত মোৰ চকু জাপ খাই আহিল৷ নেক চাপ’ৰ্ট পিল’টো ডিঙিত মেৰিয়াই চিনেমা তাতে পজ কৰি টোপনিত ঢাল খাই পৰিলোঁ৷ ইতিমধ‍্যে আধাসংখ‍্যক যাত্ৰীয়েই টোপনিত লালকাল দিছিল৷ সেয়া স্বাভাৱিক যিহেতু যোৱা ৰাতি কাৰোৱে শোৱা হোৱা নাছিল৷ তাতে এতিয়া ভাৰতৰ সময়মতে দুপৰীয়াৰ ভাত খাই এঘুমটি মৰাৰ সময়৷ সন্ধ‍্যাৰ আকাশত প্লেনত ওলমি থাকিলেও শৰীৰে সেই কাৰ্য্যই কৰিব, যি মতে অভ‍্যস্ত৷ ক’ত দিন হৈছে, ক’ত ৰাতি হৈছে, তাৰিখ কিমান এইবোৰৰ থানথিত লগাওতেই মোৰ সময় লাগিছিল৷ মাজে মাজে মনলৈ আহে এতিয়া আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ ওপৰত৷ এবাৰ মালেছিয়া এৰ’প্লেনখন সাগৰৰ ওপৰতেই হেৰাই গৈছিল৷ ভাবিয়েই মনটো কিবা কিবি লাগিল৷ কিবোৰযে ভাবি আছো, এইবোৰ ভাবি নাথাকো বুলি বাদ দি টোপনি যাব ধৰিলোঁ৷ এটা গভীৰ ধুনীয়া টোপনিত মই শুই পৰিলোঁ৷ ল’ৰাটোও শুই গৈছিল৷ তাক চকীতে শুৱাই দি তাৰ ভৰি দুটা মোৰ কোচৰ ওপৰত দীঘলকৈ মেলি দিলোঁ৷ সি আৰাম পাই ধুনীয়াকৈ শুই গ’ল৷ এখেতো শুই গ’ল৷ গাটো লৰাব-চৰাব নোৱাৰি, ভৰি মেলিব নোৱাৰি কিবা অশান্তি এটা পাই সাৰ পালোঁ৷ এনেকৈযে শুব নোৱাৰি দেই বৰ অশান্তি বুলি সময় চাই দেখিলোঁ ভালেমান দৰিয়েই শুলোঁ মই৷ ইতিমধ‍্যে লাইটবোৰো অন হৈছিল৷ এগৰাকী হোষ্টেচে পুনৰ পিনাটচ, জুচ, ৱাইন যাঁচি যাবলৈ ধৰিলে৷ আমি বস্তুবোৰ টেবুলতে থৈ দুকাপ কফি অৰ্ডাৰ দি খালোঁ৷ ডীনাৰৰ বাবেও অৰ্ডাৰ লোৱাহি হ’ল৷ আকৌ ৰাইচ উইথ পৰ্ক আৰু কাপ নুড’লচ অৰ্দাৰ কৰিলোঁ৷ তেতিয়ালৈ বাকী স্পেচিয়েল অৰ্ডাৰৰ লোকসকলক চাৰ্ভ কৰা আৰম্ভ হৈ গৈছিল৷ মই আধৰুৱা চিনেমাখন পুনৰ চাবলৈ ধৰিলোঁ৷ মাজে মাজে জিপিএচটোও চাই গ’লোঁ৷ আধা ঘণ্টামানৰ পাছত আমাৰ খানা আহি পালেহি৷ সকলোৰে খোৱা হৈ যোৱাৰ পাছতে পুনৰ লাইট অফ হৈ পৰিল৷ আন্ধাৰ হৈ পৰা প্লেনৰ ভিতৰখন সামান‍্য অলপ পোহৰতহে উজলি থাকিল৷ আমি আগৰ দৰেই টিভিত ব্যস্ত থাকিলোঁ৷ আন্ধাৰৰ মাজে মাজে প্লেনখন গৈ আছিল৷

ভালেমান পৰ পাৰ হ’ল৷ চিনেমাও শেষ হ’ল৷ আকৌ অলপ অলপ টোপনিৰ ভাব আহিবলৈ ধৰিলে৷ কিন্তু শুবলৈয়েচোন অশান্তি৷ টোপনি যোৱাটো দূৰৈৰে কথা বহি থাকিবই পৰা নাছিলোঁ৷ একে আসনত বহি ককালত বিষ হব ধৰিলে৷ ফ্লাইটত দিয়া পিল’টো ককালৰ পাছফালে দি আউজি অলপ আৰাম পালোঁ৷ ভৰি ফুলা ফুলা যেন লাগি আহিব ধৰিলে৷ চেন্দেলত ভৰি দি চালোঁ সচাঁকৈয়ে চেন্দেলতচোন ভৰিয়ে নোসোমোৱা হল৷ গাটো গধুৰ লাগিব ধৰিছিল৷ আমেৰিকালৈ যোৱাৰ আমোদত এতিয়া কিবা বেমাৰ নোলালেহে ৰক্ষা, মনে মনে ভাবিবলে ধৰিলোঁ৷ এনে লাগিছিল যেন অলপ দূৰ খোজকাঢ়ি দিম৷ আঠ ঘণ্টামান পাৰ হৈ গৈছিল৷ কিবা অশান্তি লগা হ’ল৷ হংকঙ হৈ অহাৰ এওঁ লোৱা সিদ্ধান্তটোক প্ৰশংসা কৰিলোঁ৷ মাজতে অলপ জিৰণি পালোঁ নহ’লে পোনপটীয়াকৈ একলেথাৰিয়ে গৈ থাকিব লগা হোৱা হ’লে এতিয়ালৈকে লেবেজান হ’লোঁহেঁতেন কিজানি৷ টিভিটোৱেই একমাত্ৰ আমাক সক্ৰিয় কৰি ৰাখিছিল৷ চাৰিওফাল আন্ধাৰ৷ ঘিটমিটীয়া আন্ধাৰ নহ’লেও সন্ধ‍্যাৰ আন্ধাৰযেন নামি আহিছিল এনে পৰিৱেশ সৃষ্টি হৈ উঠিছিল৷৷ চাৰিওফালৰ আন্ধাৰত টিভিৰ পোহৰেই যি সামান‍্য পোহৰ কৰি ৰাখিছিল৷ কেচুৱা কিছুমানে বৰকৈ আমনি কৰিব ধৰিছিল৷ মাক বাপেক কিছুমানে ইফাল সিফাল কৰি নিচুকাবলৈও ভালেপৰ চেষ্টা চলাইছিল৷ চাৰিওফালৰ পৰিৱেশটো দেখি মোৰ মাকাম কিতাপখনলৈ মনত পৰিল৷ বাৰে বাৰে মাকামত পঢ়া সেই পৰিৱেশটোৱেই মনলৈ আহিব ধৰিছিল৷ মনৰ কথাখিনি এওঁক ক’লোঁ৷ তাকে পাতি থাকোতে এবাৰত এওঁ ক’লে অলপ উঠি গৈ খোজ কাঢ়ি আহা, ভাল লাগিব৷ নহ’লে অলপ দেৰি থিয় দি ৰৈ থাকিবা৷ তেতিয়ালৈ প্লেনত অইন কিছু লোকেও খোজকাঢ়ি ইফাল সিফাল কৰিব আৰম্ভ কৰি দিছিল৷ এওঁ অলপ খোজকাঢ়ি আহোগৈ বুলি মোক কৈ উঠি গ’ল৷ ময়ো দহমিনিট মান থিয় দি আহো বুলি উঠি গ’লোঁ৷ ল’ৰা ইফালে কাৰ্টুনত ব‍্যস্ত৷ সি ক’লে তাৰ বোলে মস্তি টাইম চলি আছে৷ মস্তি কৰি থাকা তেতিয়াহ’লে বুলি তাক কৈ মই পাছফাললৈ গৈ থিয় হ’লোঁগৈ৷ দূৰৈৰ পৰাই দেখিলোঁ কেচুৱা লোৱা মহিলা এগৰাকী লাহে লাহে মোৰ ফালেই আহি আছে৷ এবাৰত আহি আহি ওচৰ পালেহি৷ মোৰ ফালে চালে৷ এনে লাগিল মোক যেন কিবা কব বিচাৰিছে৷ মই তেওঁলৈ চালোঁ৷ তেওঁ সেই ক্ষণটোলেই যেন অপেক্ষা কৰিছিল৷ মই চোৱা দেখিয়ে ক’লে তেওঁৰ লগত অহা আণ্টিগৰাকী ক’তনো গ’ল বিচাৰিয়ে পোৱা নাই, ৱাছ ৰুম যাব লগা আছিল, কেচুৱাটো লৈয়ো যাব পৰা নাই৷ অলপ সময় মই লৈ দিম পাৰিম নেকি৷ মই ধৰি দিম বুলি কেচুৱাটো দাঙি ল’লোঁ৷ একবাৰতে হাঁহি হাঁহি কেচুৱা আহি মোৰ লগ ললেহি৷ মোৰো ভালেই টাইম পাছ হ’ল৷ ভালেই পালোঁ৷ কিন্তু মনে মনে ভাবিলোঁ নাকান্দিলেই হয় আৰু কেচুৱা নিচুকাবলৈ কেতিয়াবাই পাহৰিলোঁ৷ আমনি নকৰিল পিছে৷ মাক ৱাছৰুমৰ পৰা আহি তাক ললেহি৷ ধন‍্যবাদ জনালে৷ নিজকে চেন্নাইৰ বুলি জনালে৷ আকৌ আণ্টিক বিচাৰি গুচি গ’ল৷ ময়ো খোজ দি দি দুপাক মাৰিলোঁ৷ দাক্ষিণাত‍্যৰ মানুহ বহুত আছিল৷ পাছফালৰ চিটবোৰত চীনৰ মানুহ বেছি দেখিলোঁ৷ কোনো কোনো লেপটপত ব‍্যস্ত হৈ আছিল৷ আমাৰ চিটৰ কাষতে এটা ফেমিলি দেখোতে আমেৰিকাত চেটেল হৈ যোৱা ইণ্ডিয়ান যেন লাগিল৷ আমাৰ পাছফালৰ চিটত তিনিজন কমবয়সীয়া ডেকা৷ তেওঁলোকক দেখিহে ভাব হ’ল তেওঁলোকনো আমেৰিকালৈ কিয় গৈছে৷ হয়তো শিক্ষাৰ বাবে গৈছে চাগে’, নহ’লে চাকৰিৰ কামত গৈছে মোৰ এনে লাগিল৷ সন্মুখৰ চিটত দুজন আমেৰিকান৷ আৰু অলপ সিফালে সৰু ল’ৰাটোৱে মাক বাপেকৰ লগত পতা কথাবোৰ মাজে মাজে কাণত পৰিছিলহি৷ বৰ ভাল লাগিছিল কণমানিটোৰ কথাকেইটা, যেন কাৰ্টুনৰ কথাবোৰহে তাৰ মুখৰ পৰা ওলাইছিল৷ সম্পূৰ্ণ আমেৰিকান সুৰত কোৱা কথাবোৰ কণমানিটোৰ মুখৰ পৰা শুনি বিৰাট ভাল লাগিছিল৷ হয়তো তেওঁলোক তাতে স্থায়ী বাসিন্দা হৈ পৰিছিল, নিজে নিজৰ মতে ভাবি ল’লোঁ৷ চাৰিওফাল কাণিমুনি আন্ধাৰ৷ কোনেও কাকো চাবলৈও নাই৷ বেছিভাগ টোপনিত৷ আকৌ আহি বহি দিলোঁহি৷ তেতিয়াহে ভাল লাগিল৷ গাটো পাতল ৰিলেক্স ফিল হ’ল৷ বহি দিওঁতেই আকৌ টোপনি আহিব ধৰিলে৷ ল’ৰাটোৱে মোৰ ওপৰতে ভৰি মেলি দীঘলকৈ শুবলৈ চেষ্টা কৰিলে৷ আমাৰ পাছফালৰ চিটৰ লৰাকেইজনে আকৌ জুচ নমকিন পেক আদি অৰ্দাৰ কৰি খাবলৈ ধৰিলে৷ ইতিমধ‍্যে ১২ ঘণ্টা পাৰ হ’ল৷ আৰু অলপ পাছতেই আমি পামগৈ৷ আৰু কেইঘণ্টামানহে বাকী আছে তাকে ভাবি ভাল লাগি গ’ল৷ আকৌ টোপনি যাবই লৈছিলোঁ৷ তেতিয়াই জিপিএচত দেখা পালোঁ প্লেনৰ সন্মুখৰ ফালৰ পৰা অলপ অলপকৈ পোহৰ হৈ আহিবলৈ ধৰিছে৷ চাটাৰ খুলি চাওঁতে দেখিলোঁ সঁচাকৈ বাহিৰত অলপ অলপ যেন পোহৰ হবলৈ ধৰিছে৷ জিপিএচত গম পালোঁ আমেৰিকাত কেতিয়াবাই পুৱা হৈ পাৰ হ’ল৷ সময়টো চাই ভাবিলোঁ এতিয়ালৈ চাগে’ সকলোঁ নিজৰ নিজৰ কামত ঘৰৰ বাহিৰেই হ’ল৷ আৰু ভাৰতত চাগে’ এতিয়া মানুহ গভীৰ টোপনিত৷ এই আচৰিত যেন লগা সময়ৰ ভাগবোৰ নিজৰ মতে মিলাই থাকোতেই অলপ পাছতে ভালদৰে পোহৰ হৈ উঠিল৷ পোহৰৰ মাজে মাজে এইবাৰ আমাৰ যাত্ৰা চলিব ধৰিল৷ তেনেসময়তে কেতিয়ানো টোপনি গ’লোঁ গমেই নাপালোঁ৷ লাইটবোৰ অন হৈ উঠাত টোপনি ভাঙিল৷ জিপিএচত দেখিলোঁ আমাৰ গন্তব‍্যস্থান আমাৰ একেবাৰে ওচৰত৷ মানে আমি উপস্থিত হ’লোঁহিয়েই৷ উহ ৰক্ষা, কিবা যেন বৰ শান্তি পালোঁ৷ মনটো ভাল লাগি আহিল৷

চাটাৰখন খুলি চাওতে সাগৰখন দেখা পালোঁ৷ সেয়াই জাননী পালোঁ লেণ্ডিঙৰ সময় যে চাপি আহিছে৷ দূৰৈৰ পৰা কণ কণ কৈ চাউলটোৰ সমান জাহাজবোৰ জিলিকি উঠিল৷ ঠিক ভবামতেই এনাউঞ্চমেণ্ট বাজি উঠিল লেণ্ডিং হবৰ হ’ল৷ তথাপিও আৰু বহুত সময় আছিল৷ জিলিকি উঠা সাগৰৰ সৈতে যাত্ৰা অব‍্যাহত থাকিল৷ ভালেমান পৰ মাথোঁ সাগৰ আৰু সাগৰ৷ লাহে লাহে দূৰৰ সাগৰৰ পাৰৰ পাহাৰবোৰ ৰিণিকি উঠিব ধৰিল৷ ধুনীয়া সাগৰৰ পাৰবোৰ৷ একা-বেঁকা পাহাৰৰ ভাজে-ভাজে সাগৰখনে মোহনীয়া ৰূপ ধাৰণ কৰিছিল৷ এক বিৰল প্ৰাকৃতিক সৌন্দৰ্য্য৷ সাগৰ এৰি চাপৰচাপৰ পাহাৰবোৰৰ ওপৰে ওপৰে আগবাঢ়ি গ’লোঁ৷ জংঘলৰ নাম নথকা মশৃণ মশৃণ ধুনীয়া সেউজীয়া ঘাঁহেৰে ভৰা পাহাৰকেইটা৷ যেন সেউজ তুলিকাৰে কোনোবাই এইমাত্ৰ সজীৱ কৰি থৈ গৈছেহি৷ চাই চকু জুৰ পৰিব ধৰিলে৷ পাহাৰৰ কাষে কাষে সীমাহীন ঘৰবোৰে দেখা দিব ধৰিলে৷ ধুনীয়া ধুনীয়া বহল বহল ৰাষ্টাবোৰ৷ ৰাষ্টাবোৰ অকাই পকাই অসংখ‍্য ঘৰৰ মাজে মাজে পাৰ হৈ যোৱা এক বৃহৎ এলেকা৷ তাৰ ওপৰত আমি৷ চাৰিওফালে মাথোঁ ঘৰেই ঘৰ৷ বহুসময় তাৰ ওপৰতে ঘূৰিলোঁ৷ প্লেনখন আকৌ সাগৰৰ ফালে গতি কৰিলে৷ সাগৰৰ ওপৰত এটা ডাঙৰ টাৰ্ন লৈ আমাৰ ফ্লাইট sanfransisco ৰানৱেত লেণ্ডিং কৰিবলৈ নামিলে৷ অৱশেষত আমেৰিকাত পদাৰ্পণ কৰিলোঁহি৷ তৎক্ষণাত মনৰ, শৰীৰৰ অৱসাদবোৰ আঁতৰি সতেজতাৰে ভৰি পৰিলে৷ তেতিয়া আমেৰিকাত ১০ তাৰিখ আৰু ভাৰতত তেতিয়ালৈ ১১তাৰিখ আৰম্ভ হৈছিল৷ আমি ১০ তাৰিখে যাত্ৰা আৰম্ভ কৰিছিলোঁ আকৌ ১০ তাৰিখতেই আহি উপস্থিত হ’লোঁহি, মাজতে এটা দিন ক’ত হেৰাল? তাকে লৈ ল’ৰা আৰু মোৰ মাজত ভালদৰে ৰস সৃষ্টি হব ধৰিলে৷ আমেৰিকা ১২ ঘণ্টা পিছপৰা, তাকে বাস্তৱত আৰু সন্মুখত পাই বৰ আচৰিত লাগিব ধৰিলে এইবোৰ কথাকে ভাবি ভাবি বাকি ফৰ্মেলিটিবোৰৰ কাৰণে এৰাইভেল দুৱাৰেদি আগুৱাই গৈ থাকিলোঁ৷ আমাক immigrationৰ কাৰণে আগবঢ়াই নিয়া হ’ল৷ আমি আগুৱাই গ’লোঁ৷ মাজে মাজে অনাগত দিনবোৰৰ ভাৱনাই ৰোমাঞ্চিত কৰি যাবলৈ ধৰিলে৷ ■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.