হিতেন শৰ্ম্মাৰ দিনলিপি (তৃতীয় অধ্যায়) – ধ্ৰুৱজ্যোতি শৰ্মা

হিতেন শৰ্ম্মাৰ দিনলিপি  (তৃতীয় অধ্যায়)  –  ধ্ৰুৱজ্যোতি শৰ্মা

হিতেন শৰ্ম্মাৰ দিনলিপি (তৃতীয় অধ্যায়) – ধ্ৰুৱজ্যোতি শৰ্মা

by July 17, 2017 0 comments

 

মালিগাঁও চাৰিআলিত বাছৰ পৰা বিশ মিনিট আগতেই নামিলোঁ৷ আজি চাকৰিৰ প্ৰথম দিন৷ অলপ সোনকালে গৈ নাপালে বৰ বেয়া কথা হব৷ সেই ভাবিয়েই অলপ সোনকালে উলাইছিলোঁ ৰূমৰ পৰা৷ চিটি বাছৰ পৰা নামি খোজ দিলোঁ অফিচৰ ফালে৷ উদ্দেশ্য দেৱৰাজ এণ্ড চন্স কম্পেনী৷ মোৰ কৰ্মক্ষেত্ৰ৷ আজিৰ পৰা মোৰ অন্নদাতা, সন্মান ৰাখোতা৷ মূল পথৰ পৰা বাঁওফালে নামি যোৱা সৰু গলিটোৰে সোমাই গ’লোঁ৷ একেবাৰে বোৱাৰী পুৱাই যেন হৈ আছে ইয়াত৷ গলিটোৰ পৰা ৫০ মিটাৰমান সোমাই গৈয়ে এটা জৈন মন্দিৰ৷ তাৰ পৰা ভাঁহি আহিছে জৈন ধৰ্মাৱলম্বী মানুহ কেইজনমানে তেওঁলোকৰ প্ৰথামতে কৰি অহা প্ৰাৰ্থনাৰ শব্দ৷ লগত বহুত বাদ্যৰ জুনজুননি৷ সেইফালে এবাৰ চালোঁ৷ এক প্ৰশান্তি লাগি গ’ল মনটো৷ মন্দিৰ পাৰ হৈয়ে গাতে গা লাগি থকা কিছুমান জুপুৰী৷ সেই জুপুৰীৰ বাটে ঘাটে কিছুমান অৰ্ধ উলংগ ল’ৰা ছোৱালী দৌৰাদৌৰি কৰি আছে৷ তাৰ পৰা পোনে পোনে এটা ৰাস্তা সোমাই গৈছে বাঁওফাললৈ৷ এটা বাই-লেন৷ সেইফালে এপাক চালোঁ৷ হয়তো কিছুমান বনুৱাৰ বাসস্থান সেয়া৷ কিবা কৰি থাকিব পৰাকৈ সজাই লোৱা৷ এবেলা এমুঠিৰ বাবে কিমানযে সংগ্ৰাম চলে এইবোৰৰ পৰাই৷ এয়াও এক জীৱন৷
নাই, আজি আৰু বেলেগৰ কথা নাভাৱো৷ আজিৰ তাৰিখত মই আৰু মোৰ উদ্দেশ্যই হৈছে প্ৰথম আৰু প্ৰধান৷ হাতৰ ঘড়ীটোলৈ চালোঁ৷ এতিয়াও পোন্ধৰ মিনিট আছে৷ আৰু মাত্ৰ কেইমিটাৰমান দূৰতেই মোৰ কৰ্মক্ষেত্ৰ৷ চোলাটোলৈ চালোঁ৷ ঠিকেই আছে৷ সাক্ষাৎকাৰ দিবলৈ অহা সময়ৰ দৰে বুটামে একো কেনা লগোৱা নাই৷ যদিও ভালেখিনি পুৰণি, নতুনকৈ পলিচ কৰা বাবে জোতাযোৰো বেচ পৰিষ্কাৰেই লাগিছে৷ হাতেৰে জীপডাল চালো৷ ঠিকেই আছে৷ জপাবলৈ পাহৰি যোৱা নাই৷
এক ছেকেণ্ডমানৰ বাবে ৰৈ সোমাই গ’লোঁ চৌহদটোলৈ৷ এক সু-উচ্চ অট্টালিকা৷ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান এই অট্টালিকাত আছে৷ চিৰিৰে লাহে লাহে উঠি গ’লোঁ৷ মানুহবোৰ এতিয়াও অহা নাই৷ চিৰি পাৰ হৈয়ে বাঁওফালে ঘূৰি চালোঁ৷ নাই৷ সেই বিশেষ টাবটো তাত নাই৷ তামোল, পান, পাণমছলাৰ পিকেৰে গিজগিজাই থকা, ৰঙচুৱা বৰণ লোৱা টাবটো তাৰ পৰা হয়তো অন্য ঠাইলৈ স্থানান্তৰিত হৈছে, যিটো টাবত এটা বিশেষ সাক্ষাৎকাৰ দিয়াৰ পিছত বীৰদৰ্পে দলিয়াইছিলোঁ এটা পাপগ্ৰহ, এটা জোতাৰ ভিতৰেদি মোৰ বিবেক দংশন কৰা শিলগুটি৷ তাৰ ঠাইত আছে ধুনীয়া এজোপা ড্ৰেছিং ফ্লাৱাৰ৷ পৰিষ্কাৰ হৈ আছে গছজোপা ৰোৱা টাবটোও৷ ভাল লাগিল দেখি৷ অন্ততঃ প্ৰথম দিনাখনেই এক কদৰ্য অৱস্থা দেখিব লগা নহ’ল যে!
চিৰিখিনি পাৰ হৈয়েই হলঘৰ লেখীয়া কোঠাটো, য’ত এদিন আমি আটায়ে অপেক্ষা কৰিছিলোঁ আমাৰ সেই প্ৰতীক্ষিত সাক্ষাৎকাৰলৈ৷ তাত ল’ৰা এজনে ঝাৰু দি আছে৷ সময় তেতিয়াও ন বাজিবলৈ দহ মিনিট৷ মই মাত লগালোঁ,
-অফিচ কোনফালে? – ল’ৰাজনে নিজৰ কামতেই লাগি থাকিল৷ মই পুনৰ সুধিলোঁ,
-এক্সকিউজ মি – এইবাৰ ল’ৰাজনে মোৰফালে মূৰ তুলি চালে৷
-অফিচ কোনফালে?
-অফিচ? কোনচা অফিচ? – দেখাত হিন্দীভাষী যেন নালাগিলেও ল’ৰাজনে হিন্দীতেই কথাষাৰ সুধিলে৷
-দেৱৰাজ এণ্ড চন্স কম্পেনী!
-কোনচা?
-দেৱৰাজ এণ্ড চন্স!
-এইসা অফিচতো ইহাপে নেহী হ্যয়
-মানে? – মতলব? তৎক্ষণাত অসমীয়াতে ওলাই গৈছিল যদিও পুনৰ হিন্দীতে ক’লোঁ
-আপ ক্যু আয়ে হো?
-মুঝে নউকৰি মিলা হ্যায়৷
-ইহাপে৷ মতলব উস কম্পেনী মে?
-জী
-আপকো ইহাপে আনে কে লিয়ে কৌন বোলা হ্যায়?
-কম্পেনী৷ ক্যু? য়ে অফিচ নেহী হ্যায়?
-জী নেহী৷ য়েতো এক ফাংশ্যন হল হ্যায়৷ অঔৰ উপৰ এক লেব অঔৰ এক কালেজ হ্যায়৷
-তেন্তে, — তব কাহা হ্যায়? ভঙা ভঙা হিন্দীত কথাখিনি সুধিবও পৰা নাই, অথচ বুকুখন হমহমাই গ’ল৷ কি কয় ল’ৰাজনে৷ এয়া অফিচ নহয়! তেন্তে ক’ত হয়? পুনৰ সুধিলোঁ,
-লেকিন মেনেতো ইণ্টাৰভিউ ইহাপেহি-
-ইহাপে এসা ইণ্টাৰভিউ বহত হোতা ৰেহতা হ্যায় জী৷
-ফিৰ য়ে অফিচ ক’ত – -? ?
-মালুম নেহী জী৷ – অগত্যা মুখত যেন ক’লা ছাই সানি ওলাই আহিলোঁ৷ বুকুখন ধপধপাবলৈ ধৰিছে৷ আজি প্ৰথম দিন৷ আৰু আজিয়েই কেনা লাগিল৷ কি কৰা যায় এতিয়া? খৰ খোজেৰে যোৱা বাটে ওলাই আহিবলৈ ধৰিলোঁ৷ গলিটোৰ মুখতে এখন পাণ দোকান দেখিছিলোঁ৷ তাতেই সুধিব লাগিব৷ হাতৰ ঘড়ীটোলৈ চালোঁ৷ ন বাজিবলৈ পাঁচ মিনিট আছে৷ আৰু পাঁচ মিনিটত এটা অফিচ বিচাৰি উলিয়াই তাত গৈ ৰিপোৰ্টিং কৰা ইমান সহজ হব জানো! যিমান পাৰোঁ সিমানেই খৰ খোজেৰে আগবাঢ়িবলৈ ধৰিলোঁ৷ সময়ৰ লগে লগে বুকুখনৰ ধপধপনিও বাঢ়িবলৈ ধৰিল৷ হয়তো এয়া এক অশুভ লক্ষণ৷ যাত্ৰাকালেই লঘূ হোৱাটো বৰ ভাল লক্ষণ নহয় – মায়ে কয়৷ তথাপি উপায়তো নাই৷ ছোৱালীজনীক সোধাও নহ’ল৷ এতিয়া সুধিবলৈ ৰাস্তাৰ কাষত ঘেনঘেনীয়া-পেনেপেনীয়া কেইটাৰ বাহিৰে অন্য মানুহো নাই৷ দোকানখনো নাপাওঁহে নাপাওঁ৷ মুঠতে পাঁচ মিনিটৰ ৰাস্তা আধা ঘণ্টা যেন লাগিল৷
অৱশেষত যেনিবা পালোঁ দোকানখন৷ দোকানীজনক পোনে পোনেই সুধিলোঁ-
-দাদা, দেৱৰাজ এণ্ড চন্স কম্পেনীৰ অফিচ কোনফালে?
-কি অফিচ? – আদহীয়া এজন মানুহ৷ তামোল কাটি থকাৰ পৰা ৰৈ কাণ থিয় কৰি মোক ওলোটাই সুধিলে৷
-দেৱৰাজ এণ্ড চন্স কম্পেনী
-সেনাহান কম্পানী নাই দেখুন হা বাপা
-ইয়াতে বুলি কৈছিল৷ মালিগাঁৱত বুলি
-তুমি নুসুইধলা কুনখিনিত?
-ডিটেলচত সুধা নহ’ল৷
-কিহোৰ কম্পানী?
-কিবা টেণ্ডাৰ-চেণ্ডাৰ কৰে৷
-কেনাহান টেণ্ডাৰ?
-ভালকে নাজনু
-হুহ? বৰ সমস্যা কোল্লাহা এই পুৱাখান৷ – মানুহজনে তামোল কটা ৰৈ দি মোৰ সমস্যাক লৈহে যেন গুৰুত্ব দিলে, এনেকুৱা লাগিল৷ মানুহজনক কিবা এটা ভাল লাগি গ’ল৷
-ৰোবা, কিবা এটা চাপ্লায়াৰ কোম্পানী আছে সেটু গলিত৷ কিন্তু নামটুহে ভালকে নাজনু৷ মানহুগেলাই কিন্তু কিবা দাচ কম্পেনী বুলিহে কৱ শুনু৷ সুইধনাচুন যাই৷ – যদিও সঠিক নহয়, মানুহজনে এটা কম্পেনীৰ ঠিকনা মোক দিলে আৰু কেনেকৈ যাব লাগিব তাকো বুজাই দিলে৷ মই থেংক-ইউ বুলি কৈ তৎক্ষণাত সেইফালে গতি কৰিলোঁ৷ এক মুহূৰ্ততে কেতিয়াযে ৰাস্তাটো পাৰ হ’লো গমকেই নাপালো৷ হাতৰ ঘড়ীটো যেন এতিয়া তীব্ৰ চলমান হৈ পৰিছে৷ কাটাবোৰে দপদপাই দৈৰি আছে৷ সময়ৰ জোখে তেতিয়া নটা দহ চুইছেগৈ৷ হ’ল আৰু আজি৷ প্ৰথমদিনাই গালি খাব লাগিব৷ আৰু গালিতো দিয়কেই, যদি জইন কৰিবই নিদিয়ে? ভাবি ভাবি এটা গলিৰ সন্মুখত ৰ’লোগৈ৷ অলপ আগতে চিটি বাছ ষ্টপটো৷
-কি কৰোঁ? মানুহজনে কোৱা ঠিকনাটো হয় জানো এয়া? এই গলিটোৰ ভিতৰত যে কিবা কম্পেনী থাকিব পাৰে এনেকুৱা নালাগে দেখোন৷ – গলিটোৰ ভিতৰফালে চাই, গলিৰ দুয়োপাৰে থকা ঘৰবোৰ দেখি তেনে ধাৰণাই হ’ল৷ কিন্তু সুধিবলৈ ওচৰে পাজৰে কোনো মানুহেই নাই৷ কি কৰা যায় এতিয়া৷ পুনৰ দুখোজমান আগুৱাই গৈ পিছফালে ঘূৰি চালোঁ – কিজানিবা কোনো মানুহ আহিছেই পিছ পিনৰ পৰা৷ এগৰাকী মাইকী মানুহ অলপ দূৰত ৰাস্তাৰ কাষত ৰৈ আছে৷ হয়তো চিটি বাছৰ পৰা নামি ৰাস্তাৰ সিপাৰলৈ যোৱাৰ যো-জা চলাই আছে৷ সন্মুখৰ পৰা গাড়ী আহি থকা বাবে পাৰ হব পৰা নাই৷
-কি কৰো! তেৱেঁকেই সুধো নেকি! কিন্তু তেওঁৰ ওচৰলৈ যোৱাৰ আগতে যদি তেওঁ সিপাৰলৈ গুছি যায়৷ – পুনৰ ইপিনে সিপিনে চালো৷ নাই, তেওঁৰ বাদে কোনো নাই৷ পুনৰ ঘড়ীটোলৈ চালোঁ৷ নটা পোন্ধৰ৷
-নাই, এনেকৈ থাকিলে নহব৷ তেৱেঁকেই সুধিব লাগিব৷ মই লগে লগে ঘূৰি তেওঁৰ ফালে যাবলৈ ধৰিলোঁ৷ মানুহগৰাকীয়ে ৰাস্তা পাৰ হবলৈ চেষ্টা কৰি আছে৷ এবাৰ আগলৈ যায়, সিফালৰ পৰা গাড়ী আহে, পুনৰ পিছুৱাই আহে৷ আকৌ পাৰ হব খোজে, পুনৰ গাড়ী আহে৷ মই লাহে লাহে তেওঁৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ৷ আৰু দুখনমান গাড়ী অহা হ’লে, যাতে মানুহগৰাকীয়ে ৰাস্তাটো পাৰ হব নোৱাৰে৷ মনতে তেনেকৈ ভাবিলোঁ৷ লাহে লাহে মানুহগৰাকীৰ কাষ পামগৈ, সুযোগটো আহিল নহয়৷ মানুহগৰাকীয়ে একেচোঁচাতেই ৰাস্তা পাৰ হৈ সিপাৰ পালেগৈ৷
-ধেৎ তেৰি৷ মৰ গাড়ী এইখিনি সময়হে পালিনা নাইভা – মুখৰ ভিতৰতে ভোৰভোৰাই পুনৰ উলটি আগুৱাবলৈ ধৰিলোঁ৷ নাই এইবাৰ বহু দূৰলৈ কোনো নাই৷ লাগে লাহে গলিটোৰ মুখ পালোহি৷ ক’তো এখন দোকানো নাই৷ অলপ আগুৱাই গৈ সুধি লোৱাই ভাল বুলি গলিটো এৰি আগুৱাই যাবলৈ ধৰিলোঁ৷ দোকানবোৰ খোলাই নাই৷ সিপাৰৰ দুই এখন দোকান খুলিবলৈ ধৰিছে যদিও মাজত ৰেলিং থকা বাবে ৰাস্তাৰ সিপাৰলৈ গৈ সোধা অসম্ভৱ৷ আগত এখন ঘুগুনী, পকৰী অথবা ম’ম’ বিক্ৰী কৰা ঠেলাগাড়ী ৰখাই থোৱা আছে যদিও গৰাকী নাই৷ তেনেতে ট্ৰেকাৰ এখন আহি মোৰ ওচৰতে ৰ’ল৷ মই চক খাই ৰৈ দিলোঁ৷ অন্যমনস্ক হৈ গৈ থাকোঁতে এতিয়াই বাৰ বাজিলহৈ৷ ভাগ্যে মহতিয়াই নিনিলে যে!
হঠাতে দেখিলোঁ এজনী ছোৱালী ট্ৰেকাৰখনৰ পৰা নামি আহিল৷ ওখ পাখ ছোৱালী৷ ধুনীয়া৷ চুলিকোছা বৰ দীঘল নহয় যদিও আটিলকৈ বন্ধা৷ সাজ-পাৰ চকুত লগা৷ হয়তো কোনোবা কম্পেনীত কাম …… কৰবাত যেন উটি গৈহে আছিলোঁ, হঠাতে সাৰ পোৱা মানুহৰ দৰে গৈ ছোৱালীজনীৰ কাষ পালোগৈ]
-এক্সকিউজ মি, এক্সকিউজ মি – ছোৱালীজনীয়ে সন্দেহেৰে মোলৈ চালে৷
-আপুনি ইয়াৰে নেকি?
-হোৱাই? আপোনাক কিয়৷ – ছোৱালীজনীৰ ওলোটা প্ৰশ্নতহে খেয়াল আহিল যে বৰ অভদ্ৰৰ দৰে প্ৰশ্নটো সুধিলোঁ৷ অন্ততঃ ছোৱালী মানুহক যে এনে প্ৰশ্ন কৰাটো অনুচিত সেইকণ বুদ্ধিও মোৰ মূৰত নেখেলালে নে?
-চ’ৰী৷ নহয়…. মানে… মই অথনিৰে পৰা এটা কম্পেনী বিচাৰি ফুৰিছোঁ৷ সেই বাবেহে…
-আফুনাৰ কম্ফেনী মই পকেটত লৈ অহা নাই ধেই মিষ্টাৰ৷ – আকৌ লজ্জিত হোৱাৰ পাল৷ একেই বুদ্ধিহীনতাৰ বাবে৷ ইমানেই নাৰ্ভাচ হৈছোঁ, হতাশ হৈছোঁ যে কোন মুহূৰ্তত কাক কি সুধিব লাগে সেইকণ জ্ঞানো যেন নোহোৱা হৈ পৰিছে৷ তথাপি অনুনয়ৰ সুৰত এইবাৰ ক’লোঁ-
-বেয়া নাপাব৷ আজি মোৰ কম্পেনীত জইন কৰাৰ দিন৷ কিন্তু আহি কম্পেনীটো বিচাৰি উলিয়াবই পৰা নাই৷ ইপিনে নটা বজাত আহিব দিছিলে, এতিয়া চাৰে ন বাজিয়েই গ’ল৷ সেই বাবে বৰ হতাশ হৈছোঁ৷ সুধিবলৈ ৰাস্তাৰ কাষত কাকো পোৱাগৈ নাই৷ সেই বাবেহে আপোনাক… একে উশাহে কথাখিনি তলমূৰকৈ কৈ পেলালোঁ৷
-হুইচ্চ কম্পেনী? – ছোৱালীজনী এইবাৰ অলপ নৰম সুৰত সুধিলত মূৰ তুলি চালোঁ, একে নতুন আশাত
-দেৱৰাজ এণ্ড চন্স কম্পেনী
-দাচ কম্পেনী?
-নহয়, দেৱৰাজ এণ্ড চন্স কম্পেনী৷
-ক’ৰ পৰা আহিছে আপুনি?
-গণেশগুৰি
-আগতে অহা নাই এইফালে? – উত্তৰ দিয়ালৈ বাট নাচাই ছোৱালীজনীয়ে এইবাৰ বুজাই দিলে-
-এই পাণ্ডু ৰোডেৰে গৈ লেফট চাইড চেকণ্ড বাইলেন লৈ লব৷ তাৰ পৰা ৰাইট চাইড এটা টেম্প’ল পাব৷ টেম্প’ল পাৰ হৈ এটা গ্ৰাউণ্ড পাব৷ গ্ৰাউণ্ড পাৰ হৈ চেকেণ্ড হাউচ৷ তাতে এটা হৰ্ডিং পাব দাচ কম্ফেনী বুলি৷ তাতেই সুধি লব৷
-থেংক ইউ৷ থেংক ইউ চো মাচ্চ৷ ছোৱালীজনীক ধন্যবাদ জনাই তেওঁৰ নিৰ্দেশমতে আগবাঢ়িলোঁ৷ কি যে পালাত পৰিছোঁ আজি৷ ঘড়ীত তেতিয়া নটা চল্লিশ৷ মই খৰ খোজেৰে ছোৱালীজনীক পিছ পেলাই আগবাঢ়িলোঁ৷
প্ৰথম দিন৷ অথচ এঘণ্টা লেট৷ চাকৰি গ’ল এইবাৰো৷ এইবাৰ ছোৱালীজনীৰ নিৰ্দেশমতে ক’ত বা উলাওঁগৈ! তথাপি আগবাঢ়িলোঁ৷ ছোৱালীজনীয়ে কোৱা মতেই বাইলেন, টেম্পল, গ্ৰাউণ্ড, হাউচ – আস৷ যিমানেই ভাবি ভাবি আগবাঢ়ি আছোঁ সিমানেই মূৰটোও টিংটিঙাই আছে৷ আজিকালিৰ এই বিদেশী আত্মাবোৰে ইমানেই অসমীয়া নজনা হ’লনে? কথাখিনি কওঁতে কেইটানো অসমীয়া শব্দ ক’লে! অসমীয়া শব্দৰ ইমানেই অভাৱ হ’লনে! নে ইংৰাজী কোৱাটো এতিয়া এক বিশেষ শ্ৰেণীৰ লোকৰ পৰিচয় যেন হৈ পৰিল! অথবা বিশেষ ভঙ্গীমাত অসমীয়া কোৱাতো, ঠিক ইংৰাজী ষ্টাইলত!
DAS Co. – সন্মুখত এখন প্ৰকাণ্ড বেনাৰ দেখি মই ৰৈ দিলোঁ৷ এতিয়া কাক সোধা যায়! ইপিনে সিপিনে চাই দেখিলোঁ, কোনো মানুহ নাই৷ পুনৰ বেনাৰখনলৈ চকু নিলোঁ৷ DAS Co., A supplier of your choice ডাঙৰ ডাঙৰ আখৰেৰে লিখা নামটোৰ তললৈ হঠাৎ চকু গ’ল৷ সৰু সৰু আখৰেৰে তাত লিখা আছে Devraj And Sons Company Pvt. Ltd.
এক স্বস্তিৰ হুমুনিয়াহ ওলাই গ’ল৷ তাৰমানে এই দাচ কম্পেনীয়েই দেৱৰাজ এণ্ড চন্স কম্পেনী! হাতৰ ঘড়ীটোলৈ চালোঁ দহ বাজিবলৈ তেতিয়াও দহ মিনিটমানহে আছেগৈ৷ পুৰণি আচাম টাইপ ঘৰটোৰ চৌহদলৈ সোমাই গ’লোঁ৷
[ ক্ৰমশঃ ]

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.