অন্য এক পৃথিৱী (খণ্ড-১০) — মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী  (খণ্ড-১০) — মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী (খণ্ড-১০) — মাধুৰীমা ঘৰফলীয়া

by July 17, 2017 0 comments

নিচাসক্ত মানুহৰ দৰে ঘূৰি ফুৰা বৰুৱাৰ খবৰ ল’বলৈ পুনিহঁতৰ সময় নাছিল৷ কাৰণ সিহঁত নিজেই সেই সময়ত বলিয়াৰ দৰে হৈ আছিল৷ বৰুৱা নিজেই গাঁওবুঢ়াৰ ঘৰলৈ গৈছিল আৰু সেই অপ্ৰিয় সত্যৰ সৈতে মুখা-মুখি হৈছিল৷
-তুমি …তুমি ইয়াত কেনেকৈ?
বৰুৱাৰ সমুখত ৰৈ চাদৰৰ আচলেৰে চকুপানী টুকি থকা মানুহজনী উচুপি উঠিল৷

-তোমালোকক মই কিমান বিচাৰিলোঁ জানানে? সম্পূৰ্ণ দুটা দিন ডুবাৰু বাহিনীৰ সৈতে জুৰিটোত পাগলৰ দৰে ঘূৰি ফুৰিছিলোঁ৷ তোমালোকৰ লগতে আৰু বহুকেইজন নোহোৱা হৈ গৈছিল৷ মাথো দুটিমান কণমানীৰ শ উদ্ধাৰ কৰা হৈছিল৷ মই তথাপি আশা এৰি দিয়া নাছিলোঁ৷ সকলোৱে তোমালোকক বিচাৰিবলৈ এৰি দিয়াৰ পাছতো মই জুৰিটোৰ পাৰে পাৰে তোমালোকক বিচাৰি ফুৰিছিলোঁ৷ আৰু তোমালোক আহি…
বৰুৱাই হুকহুকাই কান্দি উঠিল৷ মানুহজনীয়ে কি কৰিম কি নকৰিম কৈ দোমোজাৰ মাজেৰে গাঁওবুঢ়ালৈ চালে৷ গাঁওবুঢ়াই যিমান পাৰে সিমান সহজভাৱে বৰুৱাৰ গাত হাতখন ৰাখি ক’লে
-বৰুৱা, কিছুমান ঘটনা আমাৰ হাতৰ মুঠিত নাথাকে৷ সেইযে ঘটনাটো সেই ঘটনাত সেই সময়ৰ আপোনাৰ পত্নী জয়ন্তীৰ মৃত্যু হ’ব লাগিছিল কিন্তু ভাগ্যৰ পাকচক্ৰত পৰি তেওঁ জীয়াই থাকিল আৰু আজি সেই একেই ভাগ্য মাজেৰে আহি আপুনি তেওঁক দেখা পালে৷
-কিন্তু…
-ইয়াত কিন্তু বুলি একো নাই বৰুৱা৷ জুৰিৰ পানীত হাবুডুবু খাই জয়ন্তীয়ে আপোনাৰ সন্তানটোক বচালে যদিও তেওঁলোক বহুখিনি বাট উটি গ’ল৷ কোনোমতে গছৰ শিপা এডালত ধৰি সিহঁত পাৰত উঠিলহি৷ তাৰ পাছত ভাগৰে-জুগৰে ওভতনি খোজ দিয়া মাক-পুতেকহাল কেতিয়া আহি ৱম হলৰ মাজেদি অক্ৰাম পালেহি গমেই নাপালে৷ সৌভাগ্যক্ৰমে সেইদিনা মই দূৰৈৰ গাঁও এখনলৈ গৈছিলোঁ আৰু সিহঁত ঘূৰি ফুৰা বাটেৰেই উভতি আহিছিলোঁ৷ অৱশ হৈ পৰা মাক-পুতেকক কোনোমতে বুজাই বঢ়াই অক্ৰামজুলৈ লৈ আনিলোঁ৷ সেই সময়লৈকে মই বিয়া পতাৰ কথা ভবা নাছিলোঁ৷ কিন্তু সদায় পৃথিৱীৰ কথা ভাবি, আপোনাৰ কথা ভাবি মন মাৰি থকা মানুহজনীৰ প্ৰতি মোৰ অনুভৱবোৰ সলনি হ’বলৈ ধৰিলে৷ এটা সময়ত বহুত বুজাই বঢ়াই তেওঁক মোৰ সৈতে বিয়া হ’বলৈ মান্তি কৰালোঁ৷ ইয়াত তেওঁৰ একো দোষ নাই বৰুৱা৷ পৃথিৱীৰ বাবে তেওঁ মৃত আছিল আৰু অক্ৰামত তেওঁক এজন সংগীৰ প্ৰয়োজন আছিল৷ তেওঁ সেয়াই কৰিছিল যিটো সময়ে বিচাৰিছিল৷
বৰুৱাই যেন একো শুনা নাই তেনে ভাৱতেই চকু দুটা মোহাৰি উঠি আহিবলৈ লৈছিল তেনেতে গাঁওবুঢ়ানী ওৰফে জয়ন্তীয়ে মাত লগাইছিল
-এইয়া আপোনাৰ সন্তান!
বৰুৱাৰ খোজ থমকি ৰৈছিল৷ চাওঁ নাচাওঁ কৈ উভতি চাইছিল৷ চকুপানীৰে টলমলাই থকা এযোৰ চকুৰে ডেকা এজনে আকুলতাৰে বৰুৱালৈ চাই আছিল৷ বৰুৱাই সেই দৃষ্টি সহিব নোৱাৰিলে৷ কাকোৱে মাত এষাৰ নিদিয়াকৈ এক জীৱন-জোৰা অভিমান বুকুত বান্ধি তেওঁ গাঁওবুঢ়াৰ ঘৰৰ পৰা ওলাই আহিল৷
নিজৰ দুখবোৰ ঠেলি হেঁচি মনৰ মাজত সামৰি থোৱাৰ পাছতে অ’ত-ত’ত জুপুকা লাগি থকা মানুহজন পুনিহঁতৰ চকুত পৰিল৷ প্ৰথমে সেইবোৰ স্বাভাৱিক যেনেই লাগিছিল৷ কিন্তু লাহে লাহে আৰু বিসংগতি দেখা দিয়াত সিহঁতি গাঁওবুঢ়াৰ কাষ চাপিল৷ তেতিয়াহে উৰহি গছৰ ওৰ ওলাল৷ তাৰ পাছত সকলোৱে মিলি আলোচনা কৰিলে কি কৰিলে ভাল হয়৷
কেইবাবাৰো চেষ্টা কৰা হ’ল কিন্তু সফল হ’ব নোৱাৰিলে৷ কিন্তু সিহঁতি হাৰ নামানিলে৷
তেনেতে এদিন ঘটনাটো ঘটিল৷ খেতিৰ কাম শেষ কৰি পথাৰৰ পৰা উভতি আহি ঘৰত সকলোৱে সোমাইছিলহে পপী আৰু অভিৰ মাজত হোৱা তৰ্কাতৰ্কিয়ে সকলোকে পুনৰ বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হ’ল৷ একলব্য আৰু অৰুণে চোতালতৰ একাষে থকা কঁঠালগছৰ মুঢ়াটোৰ ওপৰত পাঞ্জা খেলিবলৈ লাগিল৷ ৰিকী ৰেফাৰি হ’ল৷ বৰুৱাই কাষতে ৰৈ মনে মনে খেলখন চাই থাকিল৷ মাত্ৰ ছোৱালীকেইজনীয়েহে মুখ বোন্দা কৰি থাকিল৷
-এই দুটাৰ পৰা শান্তি নোহোৱা হ’ল৷
মমীয়ে বৰ্ণাৰ চুলিখিনি কাঁকৈ এখনেৰে ফণিয়াই ফণিয়াই বকিলে৷
-তহঁত ল’ৰাবোৰে এটা কাম কৰচোন ইহঁত দুটাৰ বাবে বেলেগ ঘৰ এটা সাজি দে৷ সিহঁত তাতে থাকক৷
বৰ্ণাই লৰাকেইটালৈ চাই আদেশ দিলে যদিও কোনেও তাৰ কথাটো পাত্তা নিদিলে৷ গোটেইকেইটাৰ ভিতৰত পুনিয়ে মাত্ৰ ভিতৰলৈ মাজে মাজে অহা –যোৱা কৰি থাকিল৷
এনে নহয় যে কাৰোৱে পপী আৰু অভীয়ে কাজিয়াত হস্তক্ষেপ কৰিবলৈ মন নাই৷ আছিল৷ হস্তক্ষেপ কৰি কাজিয়াবোৰ বন্ধও কৰিছিল৷ কিন্তু কিমান দিন৷ প্ৰায় সদায়েই কিবা নহয় কিবা চল উলিয়াই দুয়োটাৰ মাজত কাজিয়া হয়৷ প্ৰথমে তৰ্কা তৰ্কি আৰু পাছত টেঁটুফলা চিঞৰ, কন্দা কটা৷ পুনিহঁতৰ এইবোৰ দেখি দেখি আমনি লাগিল বাবে সিহঁত দুটাই কাজিয়া আৰম্ভ কৰিলে সকলোৱে আঁতৰি দিয়া হ’ল৷
অভিৰ মতে তাক পৃথিৱীৰ পৰা বিচ্ছিন্ন কৰাৰ মূলতে হল পপী৷ তাই তাক জোৰকৈ লগ নধৰাহলে সি নাহিলহেঁতেন আৰু আহি ইয়াত বন্দী নহলহেঁতেন৷ পপীৰ মতে আকৌ তাই জানো জানি শুনি তাক এই বিপদলৈ মাতি আনিছিল!
সদায় কাজিয়া হয় বেলেগ কিবা কাৰণত আৰু শেষত গৈ কাজিয়াখন চৰম পৰ্যায় পাইগৈ এইটো কাৰণত৷ বুজাই বুজাই আমনি লগাত বাকীবোৰে সিহঁতক কাজিয়া লাগিবলৈ এৰি দিয়া হ’ল৷
কিন্তু সেইদিনাৰ কথাবোৰ আনদিনাতকৈ বেলেগ হ’বলৈ গৈ আছিল৷ কাজিয়াখন সিহঁতি ভবাতকৈ বেছি ডাঙৰ হৈ গৈছিল৷ ভিতৰৰ পৰা বস্তু দলিওৱাৰ শব্দ, পপীৰ কান্দোনৰ শব্দই ইতিমধ্যে গাঁৱৰ দুই এজন মানুহক সিহঁতৰ ঘৰৰ ফালে ভুমুকিয়াবলৈ বাধ্য কৰাইছিল৷ অভিয়ে বাৰে বাৰে একেটা বাক্যকে কৈ আছিল
-তোৰ বাবেই মই পগলা হৈ গলো৷ তই মোক শেষ কৰি দিলি৷
ঠিক তেনেতেই ঘটনাতো ঘটিল৷ সাধাৰণতে ঘৰুৱা কোনো কথাতে হস্তক্ষেপ নকৰা বৰুৱাৰ জানো কি হ’ল গপগপাই ঘৰৰ ভিতৰলৈ সোমাই গল আৰু হাতত লৈ যোৱা এছাৰি এডালেৰে সৰু ল’ৰা-ছোৱালীক কোবোৱাৰ দৰে অভিৰ গাত সাৰৌপ-সাৰৌপকৈ কোবাই বকিবলৈ লাগিল
-সদায় সদায় তোৰ উৎপাতবোৰ চাই আছোঁ৷ তাই তোক আনো বুলি ইয়ালৈ আনিলে নেকি? ইয়ালৈ আহি পগলা কেৱল তয়ে হৈছেনে? কেৱল তয়ে নিজৰ আপোনবোৰ হেৰুৱাইছ বুলি ভাবিছনে? বাকীবোৰে একো হেৰুৱা নাছিল? ইমানবোৰ হেৰুৱাৰ পাছতো সুখী হ’বলৈ চেষ্টা কৰা ঘৰখনৰ মাজত তই কি বেমেজালি লগাই আছ?
অভি থৰ লাগি ৰ’ল৷ তাৰ গাত যেন এছাৰিৰ কোবকেইটা লগাই নাই তেনেকৈয়ে সি থৰ লাগি ৰ’ল৷ কোবাই কোবাই এছাৰিডাল চিঙি যোৱাৰ পাছত ৰৈ যোৱা মানুহজনক সি সাৱটি ধৰিলে৷ ঘটনাৰ আকস্মিকতাত গালি দি থকা বৰুৱাও ৰৈ গ’ল৷ এটা সময়ত দুয়োজনেই শান্ত হ’ল৷ বৰুৱাই অভিৰ গাত বহা এছাৰিৰ সেৰাবোৰত লাহে লাহে হাত বুলাই কলে
-মই হঠাতে বৰ উত্তেজিত হৈ গলো অভি৷ মোক পাৰিলে ক্ষমা কৰি দিবা৷ পাৰিলে পপীকো ক্ষমা কৰি দিবা৷ এইবিলাক ঘটনা জানো তাইৰ ইচ্ছামতে হৈছে?
অভিয়ে বৰুৱাৰ কঁপি থকা হাতদুখন নিজৰ হাতৰ মুঠিত ভৰাই মৰমেৰে ক’লে
-জানো খুৰা৷ এইবিলাক পপীৰ কোনো দোষ নাই৷ কিন্তু মনে নসহে৷ সেইবাবেই কাজিয়া কৰোঁ৷ তথাপি এতিয়াৰ পৰা সুখী হ’বলৈ চেষ্টা কৰিম৷ আপুনিও চেষ্টা কৰক খুৰা৷ গাঁওবুঢ়ানী বৰমাও আমাৰ দৰে নিজৰ ইচ্ছামতে অহা নাছিল৷ আমাৰ দৰেই এটা সময়ত সুখী হ’বলৈ চেষ্টা কৰিছিল৷ তাত জানো তেওঁৰ দোষ আছে?
ঘৰখনত বেজী এটা পৰিলেও শব্দ শুনাৰ নিৰৱতা৷ সকলোৰে চকু অভি আৰু বৰুৱাৰ ওপৰত৷ বৰুৱাৰ ওঁঠ দুটা কঁপি উঠিল৷ তেওঁ কিবা এটা কোৱাৰ আগতেই পুনি আগবাঢ়ি গ’ল
-খুৰা আমি সকলোৱে নিজৰ পৃথিৱীখন হেৰুৱালোঁ৷ অথচ তাৰমাজতে আপুনি কিমান ভাগ্যৱান চাওকচোন আপোনাৰ যিটো পৰিয়াল হেৰাই গৈছিল সেইটো পৰিয়াল হিচাপে নহ’লেও শুভাকাংক্ষী হিচাপে আকৌ ঘূৰাই পালে আৰু সকলোতকৈ সুখৰ কথা যে পৃথিৱীত হেৰাই যোৱা আপোনাৰ সন্তানটোৱে অক্ৰামত আপোনালৈ দুহাত মেলি ৰৈ আছে৷ অন্তত সেইকন সুখৰ পৰা নিজকে বঞ্চিত নকৰিব৷
বৰুৱাই পুনিলৈ মূৰ তুলি চালে৷ পুনিৰ পাছফালেই তেওঁৰ ডেকাকালৰ অবিকল ৰূপটোৱে চলচলীয়া চকুৰে তেওঁলৈ চাই আছিল৷ বৰুৱাই এইবাৰ নিজকে ধৰি ৰাখিব নোৱাৰিলে৷ দৌৰি গৈ তেওঁ সেই অবয়ৱটোক বুকুত সুমুৱাই ল’লে৷
পৰিবেশটো আবেগিক হৈ উঠিল৷ তিতি উঠা চকুহাল মোহাৰি পুনিয়ে অভি আৰু পপীৰ ফালে চাই ক’লে-তহঁত দুটাই ভাল অভিনয় কৰিব পাৰ অ’৷ একদম আমি ভবাৰ দৰেই আঁচনিটো সফল হ’লগৈ৷
-তই কেনেকৈ ভাবি ল’লি মই কেৱল অভিনয়ে কৰিছিলোঁ৷ এই অক্ৰামত থকালৈকে পপীৰ সৈতে মোৰ শত্ৰুতা থাকিবই৷
-অক্ৰামত থকালৈকে মানে?
-মানে আৰু কি মই পৃথিৱীলৈ উভতি যাম৷
-মই কিন্তুু বহুদিনৰ পৰা বেলেগ এঠাইলৈ যোৱাৰ কথাহে ভাবি আছোঁ!
ৰিকিৰ মাত শুনি সকলোৱে তালৈ চালে৷ তাৰ মুখত চিন-নিচিন হাঁহি এটা বিৰিঙি আছিল৷ সাধাৰণতে খুহুতিয়া কথাৰে পৰিবেশ গৰম কৰি ৰখা ৰিকিৰ কথাটো শুনি কোনেও বেছি মুৰ নঘমালে৷ আনকি কোনেও তাক উভতাই প্ৰশ্ন এটাও নকৰিলে৷ কিন্তুু কথাটোৰ গুৰুত্ব কেইমাহমানৰ পাছতহে গম পোৱা গ’ল যেতিয়া ৰিকি ক’ৰবাত হেৰাই গ’ল৷ বতাহৰ দৰে৷
খণ্ড-১১

ৰিকি হেৰাই গ’ল৷ অভিহঁতে প্ৰথম এটামান সপ্তাহ পগলাৰ দৰে তাক বিচাৰিলে কিন্তুু ৰিকিৰ একো শুংসুত্ৰ নাপালে৷ ৰাতি সকলো শুই থকাৰ পাছতে হেৰাই যোৱা ল’ৰাটো ক’ৰবালৈ মনে মনে গ’ল নে কোনোবা বনৰীয়া জন্তুৰ কৱলত পৰিল তাকে ভাবি সকলোৰে চিন্তাত তত নোহোৱা হ’ল৷ এসপ্তাহৰ পাছতো যেতিয়া ৰিকিৰ খবৰ নোলাল সকলোৱে তাৰ অঘটন ঘটিলে বুলিয়ে ভাবিবলৈ বাধ্য হ’ল কিন্তুু তেতিয়াই মিমোৱে খবৰ দিলে গাঁওবুঢ়া ঘৰৰ ঘোঁৰা পালৰ মাজত এটা ৰণুৱা ঘোঁৰাটো নাই৷ সাধাৰণতেই ঘোঁৰাবোৰৰ খবৰ মিমোৱে ৰাখে কিন্তুু সেইকেইদিন ৰিকিক বিচাৰি থাকোঁতে মিমোৰ ঘোঁৰাবোৰৰ ফালে চাবলৈ সময়ে নাছিল আৰু যেতিয়া দেখিলে সি সকলোকে আহি কথাটো জনালে৷ যিটো ঘোঁৰাৰ সৈতে ৰিকিৰ সকলোতকৈ বেছি আত্মীয়তা আছিল সেই ঘোঁৰাটোৱে হেৰাল৷ তেতিয়াহে সকলোৰে ৰিকিয়ে সিদিনা কোৱা কথাটোলৈ মনত পৰিল৷
-মই কিন্তুু বহুদিনৰ পৰা বেলেগ এঠাইলৈ যোৱাৰ কথাহে ভাবি আছোঁ!
কিন্তুু কলৈ যাব পাৰে! অক্ৰামলৈ অহাৰ পাছৰে পৰা কেৱল আনৰ কথাৰ মাজত ব্যস্ত হৈ থকা ল’ৰাটোৱে নিজাকৈয়েও কিবা এটা ভাবি আছিল! যিয়ে যি কয় তাতে সন্মতি জনোৱা ল’ৰাটোৱে ক’ৰবালৈ যোৱাৰ কথা পৰিকল্পনা কৰি আছিল! কিন্তুু কলৈ! উত্তৰ কাৰো হাতত নাছিল৷
তেনেতে এদিন জে শৰ্মা ওলালহি৷
-মই বহুদিনৰ পৰা কথা এটা ভাবি আছিলোঁ বুজিছা৷ কিন্তুু চুম্বক এটুকুৰা গোটাব নোৱাৰা অভাৱত সেই কথাটো তল পৰি আছিল৷ সিদিনা অক্ৰামনুলৈ গৈছিলোঁ৷ তাৰ মানুহ দুজনমানে আক্ৰামনুৰ কাষৰ নদীখনৰ পাৰৰ শিলৰ পৰা চুম্বক বিচাৰি উলিয়ালে৷ সেইকথাটো তেওঁলোকে জনোৱাৰ লগে লগে মই তালৈ গৈ তেওঁলোকৰ চুম্বক তৈয়াৰ কৰা শালখন চাই আহিলোঁগৈ৷ সেই শালখনত চুম্বককেইটুকুৰা দেখিয়েই মোৰ বহুদিনৰ সপোন এটা পুনৰ ঠন ধৰি উঠিল৷ অক্ৰামনুৰ সেই কৌতূহল প্ৰিয় মানুহকেইজনেও মোৰ সপোনটোত সহায় কৰিম বুলি কথা দিছে৷ এতিয়া বাকী থাকিল তোমালোকৰ সন্মতি৷
-আমাৰ সন্মতি! আপোনাৰ সপোনটোনো কি?
-এটা জলবিদ্যুত প্ৰকল্প গঢ় দিয়া৷
-জলবিদ্যুত প্ৰকল্প!
-ও সৰু কম মেগাৱটৰ হলেও পৰীক্ষামূলক ভাৱে এটা জলবিদ্যুত প্ৰকল্প গঢ়া৷
-কিন্তুু তাৰ বাবেটো বহুত বস্তু লাগিব!
-লাগে! যিখিনি লাগে সেই গোটেইখিনিয়েই আমাৰ হাতত আছেচোন৷ ইয়াৰ মানুহে বহু আগৰে পৰা লো, তাম আদি ব্যৱহাৰ কৰে৷ বাকী বস্তুবোৰৰ বাবেও খনিজ দ্ৰব্যৰ অভাৱ নাই৷ কিন্তু গোটেই পৰিকল্পনাটো সফল কৰিবলৈ আমাক বিদ্যুতৰ বিষয়ে জনা বুজা মানুহদুজনমান লাগে৷ তেতিয়া কামবোৰ সহজ হ’ব৷ সেইবাবেই মই তোমালোকৰ কাষ চাপিছোঁ৷ আশাকৰোঁ তোমালোকে সহায় কৰিবা৷
জে শৰ্মাৰ আনন্দত ৰঙা পৰি থকা মুখখনলৈ চাই অভি আগবাঢ়ি আহিল৷
-আপোনাৰ পৰিকল্পনাটো সফল হওক সেয়া আমিও কামনা কৰোঁ কিন্তু এই সময়ত আমাৰ মনে বেলেগ কিবা কামৰ বাবে সহযোগিতা কৰিবলৈ অপাৰগ৷ আপুনি বেয়া নাপাব৷
অভিৰ কথাখিনি শুনি জে শৰ্মাই হতাশ চাৱনিৰে সকলোলৈকে চাই যাবলৈ ওলাল৷ কিন্তু কিবা এটা ভাবি মানুহজনে পুনৰ সিহঁতলৈ উভতি চাই ক’লে
-যাক হেৰুৱাৰ দুখত তোমালোকে এই প্ৰজেক্টতো কাম কৰিবলৈ ইচ্ছা কৰা নাই সেইজন ৰিকিয়ে কিন্তু এইবোৰ কামত সদায় আগভাগ লৈছিল৷
খাটাং! !
বতাহ এজাকে আহি ঘৰৰ মুল দুৱাৰখনত জোৰেৰে আঘাত কৰিলেহি৷ সেই একেজাক বতাহে যেন সিহঁতকো কঁপাই গ’ল৷ ঘৰৰ চুক এটাত বহি সকলো অলেখ-লেখ চাই থকা অৰুণ আগবাঢ়ি আহিল৷
-শৰ্মাদেৱে ঠিকেই কৈছে, ৰিকি থকাহলে সকলোতকৈ আগতে সিয়ে কামত লাগিলহেঁতেন৷ এতিয়া ৰিকিৰ বাবেই আমি এই কামটো লগা উচিত৷
জে শৰ্মাৰ মুখখন পুনৰ উজ্জ্বলি উঠিল৷ অলপ সময়, তাৰপাছত অভিহঁত এখোজ দুখোজকৈ তেওঁৰ কাষ চাপি আহিল আৰু সকলোৰে হৈ পুনিয়েই মাত লগালে
-আমি ক’ৰ পৰা আৰু কেতিয়া আৰম্ভ কৰিম?
আৰম্ভ কৰিবলৈ কোনো নিৰ্দিষ্ট সীমা এডাল নাছিল৷ তথাপি জে শৰ্মাই অক্ৰামজু আৰু তাৰ আশে পাশে থকা গাঁওকেইখনৰ মাজত এখন সভা আহ্বান কৰি বিদ্যুতৰ বিষয়ে আও ভাও নোপোৱা মানুহখিনি বিদ্যুতৰ সম্যক জ্ঞান দি কামবোৰত সহায় কৰিবলৈ অনুৰোধ জনালে৷ সৰল চিতিয়া মানুহখিনিয়ে একেষাৰতে জে শৰ্মাক সহায় কৰিবলৈ সাজু হ’ল আৰু সেই সভাত হোৱা আলোচনা অনুসৰিয়ে জে শৰ্মাই অভিহঁতক পৰিচালক হিচাপে সকলোকে কামবোৰ ভগাই দিলে৷
অভিৰ ভাগত পৰিল কমাৰশাল আৰু কাঠৰ কামবোৰৰ দায়িত্ব৷ বিদ্যুত উৎপন্ন কৰিব বাবে প্ৰয়োজনীয় লোৰ সামগ্ৰী লগতে বিশেষকৈ কাঠৰ চকাটো বনোৱা দায়িত্ব পৰিল৷ যিটোৱে পানীৰ সোঁতত চলি বিদ্যুত উৎপাদন কৰিব৷
একলব্যই কৰ্মঠ ডেকা অলপ লগত লৈ অক্ৰামজুৰ কাষেদি বৈ যোৱা জুৰিটোৰ কাষত নতুন সুঁতি এটা খন্দাত লাগিল৷ জে শৰ্মাৰ মতে এই সুঁতিটোৰ মাজৰখিনি খান্দি শেষত সকলো কাম হোৱাৰ পাছত সমুখৰখিনি খান্দি দিব আৰু আচল সুঁতিটোত শিল দি বন্ধ কৰি দিব৷ তেতিয়া এই নতুন সুঁতিটোৰে পানী বৈ তাত পাতি থোৱা কাঠৰ চকাটো ঘূৰাই দিব৷
পুনিহঁতে তামৰ তাঁৰ তৈয়াৰ কৰাত লাগিল৷ অৰুণে সৰু সৰু এচাৰি বাঁহ আৰু পৃথিৱীত পোৱা চীনা মাটিৰ দৰে মাটি যোগাৰ কৰিলে৷ কাৰো গাত যাতে কাৰেণ্ট নালাগে তাৰ বাবে পুনিহঁতে তৈয়াৰ কৰা তাঁৰত প্ৰথমে মাটিৰ প্ৰলেপটো দি শুকুৱাই লৈ সেইবোৰ বাঁহৰ মাজেদি ভৰাই দিয়া হ’ল৷ বাঁহৰ মাজত বৰষুণৰ পৰা বাচিবলৈ ভৰোৱা হ’ল৷


প্ৰজেক্টৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু তামৰ কইলটো আৰু ফিউজ ৱায়াৰ দৰে বস্তুবোৰ বনোৱাৰ দায়িত্ব জে শৰ্মাই নিজেই ল’লে৷
পৰিকল্পনা মতেই সকলোবোৰ কাম খৰতকীয়াকৈ আগবাঢ়িছিল যদিও অভিৰ মনত বেলেগ এটা কথাইহে বাৰে বাৰে দোলা দি আছিল৷ শেষত কৌতূহল দমাব নোৱাৰি সি জে শৰ্মাৰ কাষ চাপিল৷
-শৰ্মাদেউ বাকীবোৰ বাৰু হৈ যাব কিন্তু কাৰেণ্ট জ্বলিব ক’ত?
-মানে?
-মানে মই বাল্বৰ কথা কৈছোঁ৷
অভিৰ কথা শুনি জে শৰ্মাই মিচিকিয়াই হাঁহি এটা মাৰি নিজৰ কাষতে থকা বাকচ এটাৰ পৰা চাৰিটা বস্তু উলিয়াই দেখুৱালে৷ বস্তুকেইটা দেখি অভিৰ মুখ মেল খাই গ’ল!
-এইকেইটাৰ বাবে আপুনি কিমান দিন খৰচ কৰিলে?
অভিয়ে গিলাচৰ আকৃতিৰ বাল্বকেইটা লাহেকৈ চুই চাই সুধিলে৷
-প্ৰায় ছমাহ!
-ছমাহ!
-আচলতে সময়খিনি ল’লে ফিলামেণ্ট লগাই গিলাচটো বায়ু শূন্য কৰোঁতে৷
-আপুনি জিনিয়াছ!
-ইচ্ছা আৰু একাগ্ৰতা থাকিলে তুমিও জিনিয়াছ হ’ব পাৰিবা অভি৷
-মই জিনিয়াছ হ’ব নুখুজোঁ৷ মই মাথো ঘৰলৈ উভতি যাব পাৰিলেই হ’ল৷
-সেই দিন সমাগত৷
-সঁচা! !
-ও সঁচা!
জে শৰ্মাৰ কথা শুনি উত্তেজনাত অভিৰ চকুপানী ওলাই আহিল৷
-আমি কেতিয়া উভতি যাব পাৰিম?
-হয়তো আৰু ছমাহৰ পাছত৷
-ছমাহ..হ’ব ইমানদিন অপেক্ষা কৰিলোঁ যেতিয়া আৰু ছমাহ অপেক্ষা কৰিব পাৰিম৷ মাত্ৰ আপুনি আমাক সঠিক খবৰবোৰ দি থাকিব৷
-খবৰবোৰ মই ঠিকে-ঠাকেই দিম৷ কিন্তু সেই খবৰবোৰে তোমালোকক পৃথিৱীলৈকে যে লৈ যাব তাৰ নিশ্চয়তা মই দিব নোৱাৰিম অভি৷
-নিশ্চয়তা নালাগে শৰ্মাদেৱ৷ আমি মাথো সুবিধা এটা পালেই হ’ল৷ মই সকলোকে এই কথাটো জনাওগৈ৷
যাবলৈ লোৱা অভিক আগভেটি শৰ্মাই কলে
-ৰবা অভি এই কথাটোৰ আৰু দুটামান প্ৰমাণ গোটাই লওঁ তাৰপাছত মই নিজেই বাকীসকলক জনাম৷ তাৰ আগতে এই জলবিদ্যুত প্ৰকল্পটো সম্পূৰ্ণ কৰি লোৱাচোন৷ তোমালোক যে অক্ৰামলৈ আহিছিলা তাৰ সাক্ষৰ এটা ৰাখি যোৱা৷
অভিয়ে জে শৰ্মাৰ হাতত নিজৰ হাতখন ৰাখি প্ৰত্যয়ৰে ক’লে
-আপুনি চিন্তা নকৰিব শৰ্মাদেউ এইটো প্ৰকল্প আমি যোৱাৰ আগে আগে সফল কৰিমেই৷ আপুনি মাথো আমাক বাট দেখুৱাই যাওক৷
সঁচাই তাৰপাছৰে পৰা কামবোৰৰ গতিবোৰ বাঢ়ি গ’ল৷ অভিৰ তত্পৰতা আৰু তিনিমাহমানৰ ভিতৰত সকলোবোৰ লাগতীয়াল বস্তু তৈয়াৰ হৈ গ’ল৷ এতিয়া মাথো বস্তুবোৰ লগাবলৈ বাকী থাকিল৷ পুনৰ জে শৰ্মাই সমুখত ৰৈ পৰিচালনা কৰিলে৷
পাহুৱাল ডেকাসকলৰ সহায়ত জুৰিৰ নতুন সুঁতিটোত শিল আৰু কাঠৰ কুন্দাৰে মজবুতকৈ কাঠৰ চকাটো লগোৱা হ’ল৷ কাঠৰ চকাটো লগোৱা লোৰৰ শলখাডালত সমান্তৰালকৈ এটা সৰু লোৰ চকা লগোৱা হ’ল৷ চকাটো এনেকৈ লগোৱা হ’ল যাতে ডাঙৰ কাঠৰ চকাটো ঘুৰাৰ লগে লগে লোৰ চকাটোও ঘূৰিবলৈ লয়৷ তাৰ পাছত সেইটো চকাৰ পৰা অকণমান আঁতৰত বেলেগ এডাল লোৰ শলখাত তামৰ কইলটো আৰু ঘুৰণীয়া চুম্বক টুকুৰা লগোৱা হ’ল৷ এই লোৰ শলখাডালত মুৰত এটা সৰু খলপাখলপ চকা লগোৱা হ’ল যিটোত এডাল চেইন লগাই সেই চেইন ডাল লোৰৰ সৰু চকাটোত লগাই দিয়া হ’ল৷ ফলত ডাঙৰ কাঠৰ চকাটো ঘুৰাৰ লগে লগে সৰু লোৰৰ চকাটো ঘূৰিব আৰু সেইটো ঘুৰাৰ লগে লগে তাত লগাই থোৱা চেইনৰ সহায়ত তামৰ কইলটো আৰু লগতে লাগি থকা চুম্বকৰ চকাটো ঘূৰিব৷ আৰু এই গোটেই কামখিনি সম্পূৰ্ণ হোৱাৰ পাছত তামৰ কইল আৰু চুম্বকৰ মাজত এডাল ডাঙৰ তাঁৰ লগাই দিয়া হ’ল যিডালে নিৰ্দিষ্ট ফিউজটোলৈ বিদ্যুত কঢ়িয়াই আনিব৷ আৰু ফিউজ ৱায়াৰটোৰ কাষতে এটা চুইচ৷ চুইচ মানে এডাল হেণ্ডেল৷ যিডালৰ এফালে ঘুৰালে অফ আৰু আনফালে ঘুৰালে অন হ’ব৷ সকলোবোৰ কাম ভবামতেই কৰা হ’ল৷ জে শৰ্মাই হীৰা মুকুতাৰ দৰে লুকুৱাই থোৱা গিলাচ আকৃতিৰ বাল্বকেইটা আনি এটা জুৰিৰ কাষতে লগাই বাকীকেইটা অক্ৰামজুৰ একেবাৰে সোঁমাজত থকা বহল পথাৰখনত লগালেহি৷ এতিয়া মাথো এটাই কাম বাকী আছিল সুঁতিটোৰ সমুখত থকা ডাঙৰ শিল কেইটা আঁতৰাই পুৰণা সুঁতিটো বন্ধ কৰি দিয়া৷ সমবেত ৰাইজে বনদেৱতাক সুঁৱৰি দুয়োফালে কামত লাগি গ’ল৷ দুঘণ্টামান পাছতে কাম শেষ৷ নতুন সুঁতিটোৰে হৰহৰাই পানী আহিবলৈ ধৰাত কাঠৰ চকাটো জোৰেৰে ঘূৰিবলৈ লাগিল৷ সমান্তৰাল ভাৱে বাকী চকাকেইটাও ঘূৰিল৷ জে শৰ্মাই অভিহঁতৰ মুখলৈ চালে৷ অভি আগাবঢ়ি আহিল৷ সি শৰ্মাৰ পিঠিত হাতখন ৰাখিলে৷ শৰ্মাই যেন কিবা এটা সাহস পালে৷ তেওঁ লাহেকৈ চুইচ ৰূপী হেণ্ডেলডাল ঘুৰালে৷ এটা পল! সকলোৰে উশাহ ৰৈ গ’ল! কাহানিও বিদ্যুতৰ পোহৰ নেদেখা অক্ৰামবাসীয়ে চকুৰ টিপ এটা মাৰিবলৈ নাপাওঁতে বাল্বকেইটা জ্বলি উঠিল!
-উহ! !
জে শৰ্মাই চকু দুটা ঢাকি বহি পৰিল৷ বাকী ডেকা, চেমনীয়াসকলে কিৰিলি পাৰি ইটোৱে সিটোক সাৱটি ধৰিলে৷ সকলোৰে আনন্দ দেখি চকুপানী ওলাই অহা পুনিয়ে কাষতে ৰৈ থকা অভিক কিবা এটা ক’বলৈ বুলি লৈছিলহে তেনেতে পাছফালৰ পৰা কোনোবাই মতা দেখি উভতি চালে৷
-ৰিকি তই! ! !
আগলৈ…..
(এই খণ্ডটোৰ কাৰিকৰী জ্ঞানখিনি দিয়াৰ বাবে আৰু খণ্ডটোৰ সৈতে সংলগ্ন ফটোখনৰ বাবে অভিজিত কলিতা দাদালৈ বিশেষ ভাৱে ধন্যৱাদ জনালোঁ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.