অসমীয়া চিনেমাৰ সোণালী দিনৰ অপেক্ষাত – মৃণাল শৰ্মা

অসমীয়া চিনেমাৰ সোণালী দিনৰ অপেক্ষাত – মৃণাল শৰ্মা

অসমীয়া চিনেমাৰ সোণালী দিনৰ অপেক্ষাত – মৃণাল শৰ্মা

by July 17, 2017 0 comments
জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চিনেমা ’অপৰূপা’ আৰু তেওঁৰেই ভতিজা মঞ্জুল বৰুৱাই পৰিচালনা কৰা ’অন্তৰীণ’ দুইখনকে তুলনা কৰি চোৱাৰ হঠাতে হেপাহ এটি জাগিল৷ দুয়োখন চিনেমাৰ কথাবস্তু নাৰীকেন্দ্ৰিক৷ নাৰীকেন্দ্ৰিক যিকোনো বিষয় সদায় স্পৰ্শকাতৰ৷ গতিকে ’নাৰী মন’ৰ কথা চিনেমা দুখনৰ চালিকা শক্তি৷ দৰ্শকৰ ওচৰ চপাৰ মূল ’মন্ত্ৰ’৷ তুলনামূলক বিশ্লেষণে স্পষ্ট কৰি তোলে যে পৰিচালনা শৈলী, চিত্ৰনাট্য ৰচনা, চৰিত্ৰ নিৰ্মাণ, চিকুৱেন্স নিৰ্মানত যেন মঞ্জুল এখোজ হ’লেও আগবঢ়া৷ নিসন্দেহে এয়া অসমৰ চিত্ৰৰসিক সকলৰ বাবে আনন্দৰ বতৰা৷ আনহাতে জাহ্নু বৰুৱাৰ দৰে দক্ষ পৰিচালকেও নিশ্চয় সুখ অনুভৱ কৰিব৷ কাৰণ মঞ্জুল বৰ্তমান প্ৰজন্মৰ পৰিচালক৷ অসমীয়া চিনেমাৰ ভৱিষ্যত৷ গতিকে আশা কৰা যায়- মঞ্জুল অসমীয়া চিনেমাৰ উত্তৰণৰ চমকপ্ৰদ ইংগিত৷
 
কেৱল মঞ্জুল বৰুৱায়ে নহয়, অসমীয়া চিনেমাৰ সোণালী দিনৰ ইংগিত- ভাস্কৰ হাজৰিকা( চিনেমা- কথানদী), ববি শৰ্মা বৰুৱা( চিনেমা- অদম্য), ৰীমা বৰা( চিনেমা- বকুল), ৰতন শীল শৰ্মা( চিনেমা- মাৰ্কশ্বীট), কংকন ডেকা( চিনেমা- বিউটিফুল লাইফ্‌ছ), হেমন্ত কুমাৰ দাস ( চিনেমা- অথেলো) ৰ পৰিচালনা শৈলীও চিত্ৰৰসিকৰ হৃদয় স্পৰ্শ কৰিব পৰা বিধৰ৷ সংশ্লিষ্ট পৰিচালকসকলৰ ‘চিন্তা চৰ্চ্চা’ সম্পূৰ্ণ ‘চিনেমেটিক’ ‘কথাছবি বৃত্ত’ৰ বাহিৰৰ উৰ্দ্ধৰ৷
 
লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু” পুথিখনৰ পৰা লোৱা চাৰিটা ভিন্ন সাধুৰে ভাস্কৰ হাজৰিকাই ৰূপালী পৰ্দাৰ বাবে ৰচনা কৰা “কথানদী“ নিসন্দেহে এক নতুন চিন্তা৷
 
এই নতুন চিন্তা সম্পূৰ্ণৰূপে বিষয়বস্তুকেন্দ্ৰিক৷ পৰিচালকে “তেজীমলা“, “চম্পাৱতী“, “তাৱৈৰ সাধু“ আৰু “ঔ কুৱৰী“ক সুপৰিকল্পিত ভাৱে “নদীৰে“ বান্ধিবলৈ প্ৰয়াস কৰিছে৷ বহুদুৰ সফলো হৈছে৷ চিনেমাখনৰ মূল বিষয় বিক্ষিপ্ত৷ কিন্তু উপস্থাপন শৈলী অতি সংহত৷ চাৰিটা বিক্ষিপ্ত কাহিনী অতি সংহত ৰূপত উপস্থাপন কৰাত পৰিচালক সম্পূৰ্ণ সফল৷ অসমীয়া চিনেমাৰ ক্ষেত্ৰত এনে চিন্তা পূৰ্বতে অদেখা৷ গতিকে “কথানদী“ একধৰণৰ সম্পৰীক্ষা৷ আৰু নিসন্দেহে সফল সম্পৰীক্ষা৷ লগতে অভিনয়, কেমেৰাৰ ব্যৱহাৰ অতি প্ৰশংসনীয়৷ অৱশ্যে তেজীমলাৰ বৈমাত্ৰেয়ৰ চৰিত্ৰটো শঠতাৰ ৰঙেৰে বোলোৱাৰ প্ৰয়াস অতিৰঞ্জিত৷ গতিকে প্ৰতিনায়িকাৰ চৰিত্ৰটিত কৃত্ৰিমতাৰ চাপ সুস্পষ্ট৷ একধৰণৰ আৰোপিত ধাৰণাৰ ফচল৷ যিয়ে চিনেমাখনত শৈল্পিক ৰস পৰিপাকত বাধাৰ সৃষ্টি কৰিছে৷ এটা কথা অনস্বীকাৰ্য্য যে অন্যান্য দিশৰ কথা বাদ দিলেও অন্ততঃ উপস্থাপন শৈলীক মৌলিকতাৰ বাবেও “কথানদী“ অভিনন্দনৰ যোগ্য দাবীদাৰ৷ এয়া অসমীয়া চিনেমাৰ বাবে “সু-সংবাদ“ বুলি ’অনুভৱ’ কৰিছো৷ সংশ্লিষ্ট পৰিচালকজনৰ পৰা আগলৈ যদি উন্নত মানৰ “বিশ্ব চিনেমা“ৰ চিনেমা আশা কৰা যায় নিশ্চয় ভুল কৰা নহব৷
 
এইখিনিতে এটা কথা স্পষ্ট কৰি দিব খুজিছো ’বিশ্ব চিনেমা’ নো কি? চিনেমা আলোচক সবিতা গেহলতৰ “ভাষা”ৰে ক’লে এনেধৰণৰ হ’ব- “বিশ্ব চিনেমা“ চিনেমাৰ কোনো বৃত্ত নহয়, চিনেমাৰ কোনো শিবিৰ নহয়৷ “বিশ্ব চিনেমা“ বুলি ক’লে সেইবোৰ চিনেমাকে কোৱা হয়, যিবোৰ চিনেমা বিশ্বৰ বৃহৎ সংখ্যক চিত্ৰৰসিকৰ মন মগজুত ৰৈ যায়, বাস কৰে৷ আমি তেনে চিনেমায়ে আশা কৰোঁ ভাস্কৰ হাজৰিকাৰ পৰা৷ এইখিনিতে এটা কথা অৱশ্যেই উল্লেখ কৰিম, “চিনেমেটিক ভাষা“ৰ সু-প্ৰয়োগ কথানদীত স্পষ্ট নহয়৷ এই দিশত পৰিচালক গৰাকীক যদি দুৰ্বল বুলি কোৱা হয় বা কোনোৱে কয়, সেয়া অন্যায় নহ’ব৷
 
‘চিনেমেটিক’ ভাষা প্ৰয়োগ, শ্বট নিৰ্বাচনত বহুখিনি সজাগ “বকুল“ৰ পৰিচালক৷ চৰিত্ৰ নিৰ্মাণ আৰু বিন্যাসতো পাকৈত৷ কিন্তু “চিনেমাৰ গল্প“ কোৱাত অপৰিপাটি৷ বহুখিনি ত্ৰুটি স্পষ্ট৷ ইয়াৰ পিছতো মনত অকনো শংকা নৰখাকৈ ক’ম- “বিশ্ব চিনেমা”, বিশ্বৰ প্ৰতিটো প্ৰান্তৰ চিত্ৰৰসিকক সন্তুষ্ট কৰিব পৰা চিনেমা পৰিচালনাৰ ক্ষমতা ৰীমা বৰাৰ আছে৷ তেনেদৰে কংকণ ডেকাৰ কথাও আমি ক’ব পাৰোঁ৷ “বিউটিফুল লাইফ্‌ছ“ত নায়ক অজয়ে গনেশগুৰিৰ বোমা বিষ্ফোৰণত হাত ভৰিৰ কাৰ্য্য ক্ষমতা হেৰুৱায়৷ মন মগজু সতেজ ’নায়ক’ৰ যৌন প্ৰৱনতা স্বভাৱিক৷ ’নায়ক’ৰ মনৰ বেদনা বুজি ’নায়ক’ৰ মাতৃৰ অনুৰোধত ’নায়ক’ক যৌন সুখ দিয়ে ’বেয়া তিৰোতা’ মনিয়ে৷ পৰিচালক গনেশগুৰিৰ বোমা বিষ্ফোৰণ আৰু দুই ’নাৰী’ ( মাতৃ দশমী আৰু মনি) ৰ ত্যাগ অতি সুন্দৰ ভাবে, সু-পৰিকল্পিত ভাবে প্ৰতিভাত কৰাত সম্পূৰ্ণ সফল৷ যাৰ ফলত ’বিউটিফুল লাইফ্‌ছ’ – এ ’বিউটিফুল চিনেমা’ৰ পৰ্য্যায় পাইছে৷
 
কেমেৰাৰ ব্যৱহাৰত ‘অন্তৰীণ’, ’কথানদী’, ’বিউটিফুল লাইফ্‌ছ’তকৈও এখোজ আগবঢ়া হেমন্ত দাসৰ ’অথেলো’৷ বহুতো চিনে পণ্ডিতৰ মতে ‘সবাক যুগ’ত চিনেমাৰ গৰিমা যথেষ্ট লাঘৱ হৈছে- ইয়াৰ অৰ্থ চিনেমাই বহন কৰিবলগীয়া হোৱা অত্যধিক বোজা৷ ‘অথেলো’ সংলাপৰ অতিৰিক্ত বোজাৰ পৰা সম্পূৰ্ণ মুক্ত৷ চৰিত্ৰ চিত্ৰণ, চিত্ৰনাট্য ৰচনা শলাগিবলগীয়া৷ গতিকে দ্বিধাহীন ভাৱে ক’ব পৰা যায় যে কেমেৰাৰ ভাষাই যদি চিনেমাৰ সৰ্ব্বোত্তম ভাষা হয় তেনেহ’লে “অথেলো” ভাল চিনেমা, সংলাপহীন কিন্তু হৃদয়স্পৰ্শী শাৰীৰিক অভিব্যক্তি পূৰ্ণ মুহূৰ্তবোৰে যদি চিনেমাৰ গুণগতমান বৃদ্ধি কৰে তেন্তে ’অথেলো’ নিসন্দেহে ইতিবাচক চিন্তা, হৃদয়গ্ৰাহী আৱহ সংগীতে যদি চিনেমা এখনৰ চিনেমেটিক মুহূৰ্ত একোটিক অধিক স্পন্দনপূৰ্ণ কৰি তোলে তেন্তে “অথেলো” প্ৰশংসনীয় পদক্ষেপ৷ এনে ’স্তৰ’ৰ চিনেমাৰে আমি নিশ্চয় সপোন দেখিব পাৰোঁ৷ কিন্তু সমস্যা হ’ল- ‘চিনে কৰ্ম’ৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে ব্যৱসায় অত্যাৱশ্যকীয় বিষয় কাৰণ অৰ্থৰ অভাৱত অৱসান ঘটে৷ এনে চিনেমাৰে স্থানীয় বজাৰত ব্যৱসায় কৰিব পৰা নাযায়৷ গতিকে এটা কথা অনস্বীকাৰ্য যে ভাল ’চিনে চিন্তাৰ’ লগতে বজাৰ চিন্তাৰো অত্যন্ত প্ৰয়োজন৷■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.