চোটু – পৰশমণি কাশ্যপ

চোটু – পৰশমণি কাশ্যপ

চোটু – পৰশমণি কাশ্যপ

by July 17, 2017 0 comments

খবৰটো শুনি আচৰিত হৈ পৰিছিল সি৷ গোপী হাজৰিকাৰ বিধবা বোৱাৰীজনীক বিয়া পাতিলে চোটুৱে৷ তাইক নি হেনো পাণ্ডুত ৰাখিছেগৈ৷ ককায়েকৰ তাত৷ এই দুদিন তাৰ পাৰ্লাৰ বন্ধ৷

: চোটুৱে এইটো ভাল কাম নকৰিলে! হাজাৰ হওক তাই অসমীয়া বিধবা৷ তাতে সি সিঁহতৰ ঘৰতে ভাড়া আছিল৷

– মানুহবোৰে কোৱাকুই কৰিছে৷ চাগে বিহাৰী লৰা হোৱা বাবেহে মানুহবোৰে বেয়া পাইছে৷ এই দুদিন কষ্ট হৈছে চবৰে৷ তিনিখন গাঁৱৰ মুৰৰ চ’কটোত এখনেই চেলুন৷

পলাশো আচৰিত হৈছে৷ চোটুক সি বেয়া পোৱা নাই৷ দৰিদ্ৰ ঘৰৰ বোৱাৰীগৰাকীক পুতেক মৰাৰ পিছত ঘৰখনে অত্যাচাৰ কৰা কথাটো সি বহুবাৰ শুনিছে৷ কম বয়সীয়া যুবতী¸ নতুনকৈ সংসাৰ কৰি ভালেই কৰিছে৷ মাথো অকস্মাতে চোটুৰ এই কাণ্ডহে তাৰ হজম হোৱা নাই৷
দিনটোত প্ৰায়েই কমেও আধাঘণ্টা সি চোটুৰ লগত আড্ডা দিয়ে৷ সুখ দুখৰ কথা পাতে৷ অথচ এবাৰলৈয়ো তাইক ভালপোৱাৰ কথা সি ঘুণাক্ষৰেও নকলে৷

পলাশ আচৰিত হয়৷ চোটু লৰাটো বেয়া নহয়৷ বোৱাৰীজনীক চাগে সুখতেই ৰাখিব৷ আন বিহাৰী সকলৰ দৰে বিয়া কৰাই এৰি গুচি যাব বুলি সি বিশ্বাস নকৰে৷

নতুনকৈ চহৰমুখী হোৱা তিনিআলিটোত চোটুৰ জেঞ্চ পাৰ্লাৰখন৷ বাপেকৰ ভগা চালিৰ চেলুনখন এতিয়া নাই৷ শ্যামলাল নাপিতৰ তৰ্জা বেৰৰ চেলুনখন এতিয়া অতীত৷ তাৰ ঠাই ললেহি চোটুৰ জেঞ্চ পাৰ্লাৰখনে৷ পিলিঙা ডেকা¸ বুঢ়া সকলো তাৰ গ্ৰাহক৷ সি নহলেই যেন নচলে৷
ককায়েকক লগ কৰিবলৈ এদিন সি গুৱাহাটীলৈ গলেই মানুহবোৰৰ আপত্তি৷ চোটু ভাল কাম জানে৷ তাৰ মুখৰ গল্পবোৰ শুনি শুনি মানুহবোৰে ডাঢ়ি চুলি কটায়৷

তাৰ নাম চোটু কেনেকে হল সেয়া কোনেও নাজানে৷ বহুত সৰুতে অসমলৈ আহিছিল সি বাপেক¸ ককায়েকহঁতৰ লগত৷ সেয়া প্ৰায় দহবছৰমান আগৰ কথা৷ প্ৰায় বাৰ-তেৰ বছৰীয়া লৰাটো গাঁওখনলৈ আহিছিল৷ বিহাৰী সম্প্ৰদায়ৰ মানুহকেইজনৰ জীৱিকা নাপিত৷ তৰ্জাৰ বেৰেৰে
বেৰা সৰু চালিখনত সিঁহতৰ কৰ্মক্ষেত্ৰ৷ কাঠৰ ভগা চকীখনত বহুৱাই পুৰণি কেঁচীখনেৰে ক’লাপৰা লেতেৰা ফণিখনেৰে চুলি কাটে৷ চোটু অহাৰ কেইবাবছৰো আগৰ পৰা চেলুনখন আছিল৷ বাপেক আৰু ডাঙৰ পুতেক এজনে চলাইছিল৷ ভাল চলিছিল গাঁৱত৷ আগতে মানুহবোৰ ছয়
কি: মি: আঁতৰৰ বিজয়নগৰলৈ যাব লগা হৈছিল৷ নহলে ঘৰতে কাটিছিল৷ চেলুনখন হোৱাৰ পিছত গাঁৱৰ ডেকা¸ চেঙেলীয়া বোৰ উৎসাহী হৈছিল৷ গোবিন্দ¸ শ্বাহৰুখ¸ চালমানৰ দিন আছিল সেয়া৷ কিছুমানে আকৌ সঞ্জয় দত্তৰ দৰে দীঘলকৈ চুলি ৰাখিছিল৷

গাঁওখনত ভগা ভগা অসমীয়া কোৱা মাথো তিনিজন লোকেই আছিল তেতিয়া৷ ৰঘু ধোবী¸ ৰামু মুচি আৰু শ্যামলাল নাপিত৷ তিনিও প্ৰায় একে সময়তে আহিছিল৷ কাপোৰ ইস্ত্ৰি কৰিবলৈ সন্ধিয়া ধোবীৰ ঘৰত ভিৰ লাগিছিল৷ কলেজীয়া ডেকাবোৰে চাৰ্ট পেণ্ট খমখমীয়াকৈ ইস্ত্ৰি
কৰিছিল৷ ৰামু মুচিৰ হতুৱাই কলা জোতা পলিচ কৰি চিকচিকিয়া কৰি লৈছিল৷ সেই সময়ত আধুনিকতাৰ সিমান বা লগা নাছিলতো৷ গাঁওসমূহত নতুনকৈ বিজুলী বাতিৰ খুটাবোৰ লাগিছিল৷

সময়বোৰ বাগৰিল৷ আধুনিকতাৰ পৰশত গাওঁৰ নক্সাও সলনি হল৷ ভগা চালিৰ তলৰ পৰা গ্লাছ লগোৱা ৰুমলৈ শ্যামলালৰ চেলুন আহিল৷ কাতিহাৰৰ আন্দোলনৰ সময়তে ৰঘু ধুবী প্ৰাণৰ মমতাত পলাই গল ৷ কাটিহাৰত অসমীয়াক মাৰিলে সিঁহতক ইয়াত সুদাই নেৰেতো৷ সি আৰু
উভতি নাহিল৷ ৰামু মুচিও নাহিল৷ আজিকালি মানুহবোৰে জোতা চেন্দেলত তালি লগাবলৈকে এৰিলে৷ ফাটিলেই নতুন এযোৰ কিনে৷ সকলো উন্নত হলতো৷ আজিকালিৰ লৰাবোৰে স্পৰ্টছ শ্বু পিন্ধিবলৈ ল’লে৷ মুচিৰ লাভ হব ক’ৰপৰা!

সকলো আঁতৰি গলেও শ্যামলাল নাপিত নগ’ল৷ গাঁওখনত তেওৰ চাহিদা আছে৷ দিনক দিনে গ্ৰাহক বাঢ়িছেহে৷ অসমীয়া মানুহে হিন্দীভাষী নাপিতহে ভালপায়৷ ভগা ভগা অসমীয়াত সি কথা পাতে৷ দুজন মানুহে চম্ভালিব নোৱাৰা হৈ আহিছে৷ গ্ৰাহক বাঢ়িছে৷ কলেজীয়া লৰাবোৰ প্ৰায়েই
আহে৷ ভাইজান¸ দেবগন¸ খিলাড়ীৰ নতুন চিনেমা ৰিলিজ হোৱাৰ দিনাই চেলুনত ভীৰ কৰেহি৷ শ্যামলালে বেয়া নাপায়৷

এবাৰ দেচৰ পৰা আহোতে চোটুকো লগত লৈ আহিছিল সি৷ ক্ষীনমীন চেহেৰাৰ ৰবি ঠাকুৰ হৈ পৰিছিল চোটু৷ এতিয়া শ্যামলাল নাপিত নাই৷ বুঢ়া হৈ মৰিল৷ ককায়েকটোও নাই৷ কিন্তুু চোটু আছে৷ দুজন নতুন চোটুক আনি চোটুৱে চেলুন চলাইছে৷ চেলুন নহয় যেন চেমি
পাৰ্লাৰহে৷ চ’কটোতেই চোটুৰ চেলুনখন৷ চাৰিআলিটো পাৰহৈ অলপ গলেই গাৰ্লচ কলেজখন৷ দাড়ি চুলি কটা নকটা এজাক পিলিঙাৰে পুৱাৰ ভাগত চোটুৰ চেলুনখন গিজগিজাই থাকে৷ দাড়ি কাটি থাকিলেও গ্লাছত দুৰৰ পৰাই দেখা পাই ৰাষ্টাৰে যোৱা মানুহবোৰ৷আজিকালি সিয়ো
প্ৰায়েই আহে৷ চোটুৰ চেলুনত বহি ৰাষ্টাৰে যোৱা ছোৱালী চাই থাকে৷ বয়সেই সেইটো৷

তাৰ দোষ্টি হৈ গৈছে একপ্ৰকাৰৰ চোটুৰ লগত৷ তাতকৈ বয়সত কেইবছৰমান ডাঙৰ চোটু৷ কিন্তুু খীনমীন লৰাটোক তাৰ সমবয়সীয়া যেনেই লাগে৷ চিক্সৰ পৰা আৰু নপঢ়িলে চোটুৱে৷ সিঁহতৰ বংশত বেছি পঢ়াৰ পৰম্পৰা নাই৷ কাম কৰি টকাকেইটা হিচাপ কৰিব জানিলেই
হল৷আঠ বছৰমানেই হল চোটু ইয়ালৈ অহা৷ আজিকালি তাৰ দাড়ি চুলি কাটিলে পইচা নলয় সি৷ এনেয়ে কাটি দিয়ে বন্ধু হয়তো৷

: তেৰা নাম ক্যা হে?

– এদিন চুলি কটাই থাকোতে সি সুধিছিল৷ ক্লাছ চেভেনত পঢ়ি থাকোতে ভুলে শুদ্ধই হিন্দী কোৱাৰ চখ হৈছিল তেতিয়া৷ চোটুৱে তাৰ মুখলৈ চাইছিল৷ কোনেও তাক ভাল নাম সোধা নাছিল৷ কৈছিল সি৷ পলাশে তাক চোটু বুলি মতা নাছিল৷ ভাল নামেৰেই মাতিছিল৷

কেইবছৰমান আগতে আমতিৰ সময়ত ঘৰৰ পৰা কঠাল এটা নি খাবলৈ দিছিল তাক৷ সেয়াই বন্ধুত্বৰ আৰম্ভণি৷

: পলভাই¸ আমি দোষ্ট হয় না৷ পইচা নালগে৷

– হাঁহি মাৰি কৈছিল চোটুৱে৷

কলেজ শেষ কৰাৰ পিছত লগৰ সকলোবোৰ বিজি হৈ গল৷ নিজৰ নিজৰ লাইফ লৈ সকলো বিজি৷ আজিকালি বেছিভাগ সময় চোটুৰ পাৰ্লাৰখনৰ সমুখতে কটাই সি৷ বাৰাণ্ডাৰ পৰাই ৰাষ্টাৰে যোৱা মানুহবোৰ চাই থাকে৷ সুখ দুখৰ কথা পাতে৷ হাড়ে হিমজুৱে অসমীয়া হৈ পৰিছে চোটু৷
দুই এটা ভঙা অসমীয়া শব্দ কোৱাৰ বাহিৰে চব কথাই বুজি পাই সি৷ সাধাৰণতে বিহাৰী লৰাবোৰে কম বয়সতে বিয়া কৰালেও পচিশ বছৰ হোৱাৰ পিছতো সি বিয়া পতা নাই৷ ককায়েকটো গুৱাহাটীত থাকে৷ লৰা-ছোৱালী ডাঙৰ হৈছে৷ পাণ্ডুৰ ফালে থাকে৷ কেতিয়াবা খবৰ কৰিবলৈ
যায় সি৷ দিনটো থাকি সন্ধিয়া উভতি আহে৷ এদিন এইখন গাঁৱতেই বাপেকটো ঢুকাইছিল৷ এইখন গাঁৱৰ স্মশানতেই বাপেকক খৰি দিছিল৷ এৰাব নোৱাৰা এক টান আছে তাৰ মাটি খিনিৰ প্ৰতি৷ সি যাব নোৱাৰে৷

: পলভাই¸ ভাল আপী এটা পালে ইয়াতে থাকি গলোহেতেন!

– পলাশে হাঁহি দিয়ে তাৰ কথা শুনি৷তাৰ আশাবোৰ যে! এতিয়াও মানুহে অস্পৃশ্য বুলি ভাবে সিঁহতক৷ অবশ্যে দুখীয়া¸ কোনো কিছু নোহোৱা ঘৰ এখনত চপনীয়া হলে কথাটো বেয়া নহয়৷ আইদিয়াটো পলাশেই দিছিল তাক৷ টকা পইছা অলপ গোটাইছে চোটুৱে৷ পৰিয়াল আৰামত
চম্ভালিব পাৰিব৷
যোৱা দুদিনৰ পৰা চোটুৰ ম’বাইল অফ৷ তাৰ লগত কাম কৰা দুজনেও একো নাজানে৷ কেইবাবাৰো ফোন লগাই নাপালে সি৷ বেয়াও লাগিল৷ চোটুই অন্তত তাক কব লাগিছিল৷ এনেবোৰ কথা ভাবি ভাবি নিজৰ বিছনাখনত উপৰমুৱাকৈ শুই আছিল সি৷ বেকাৰ লৰাৰ সময়বোৰ
নাযায় নুপুৱাই যেন৷ হঠাতে ফোনটো বাজি উঠিল৷ স্ক্ৰীণ খনলৈ চাই পৰম উৎসাহেৰে ধৰিলে সি৷

: হেল্ল’ ৰবিভাই¸ কি কৰিলি এইবোৰ?

: বেয়া নাপাবি পলভাই¸ পটকে ডিচিচন লব লাগা হল৷ তাইক ঘৰৰ মানুহে অত্যাচাৰ কৰি আছিল৷ মই মাত দিওতে মোৰ লগত জোৰাই দিলে৷ চাই
থাকিব নোৱাৰিলো৷ তাইক সুধি লৈয়ে আহিলো৷ ভাইয়াই চাদিৰ কথা কৈ আছে৷ আজি নহলিও কালিতো একজনীক লাগিল হৈয়ে না৷ আজি কামাখ্যাত বিয়া পাতিলু৷ কালিলৈ যাম¸ তহঁতক এৰিব নোৱাৰোতো৷

– চোটুৱে কৈ আছিল৷ পলাশৰ মনটো ভৰি উঠিল৷ জীবিকাই মানুহক সৰু নকৰে৷ অশিক্ষিত বিহাৰী লৰাটোৱে যদি কাৰোবাৰ উকা জীৱনত ৰং বোলাব খোজে¸ সমাজে আপত্তি কৰাৰ যুক্তি ক’ত! ! কিন্তু কথাবোৰ ভবাৰ দৰে নহয়! মনবোৰো একে নহয়৷ পলাশে জানে¸
চোটুক দেখিলেই এচামে মাৰিবলৈ খেদি আহিব৷ সি এটা হুমুনিয়াহ কাঢ়িলে৷ ■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.