স্বৰ্ণমুদ্ৰাৰ পৰা ‘ডিজিটেল ক্ৰাইপ্টোকাৰেন্সী’ –  জ্যোতিৰূপম দত্ত

স্বৰ্ণমুদ্ৰাৰ পৰা ‘ডিজিটেল ক্ৰাইপ্টোকাৰেন্সী’ –  জ্যোতিৰূপম দত্ত

স্বৰ্ণমুদ্ৰাৰ পৰা ‘ডিজিটেল ক্ৰাইপ্টোকাৰেন্সী’ –  জ্যোতিৰূপম দত্ত

by July 17, 2017 0 comments

          মুদ্ৰা বা টকা হ’ল সৰ্বসাধাৰণৰ বাবে গ্ৰহণযোগ্যতা থকা বিভিন্ন সামগ্ৰী বা সেৱাৰ বিনিময়ৰ বাবে ব্যৱহাৰ হোৱা এবিধ প্ৰামাণিক তথ্য বা আহিলা৷ বিভিন্ন সময়ত বিনিময়ৰ মাধ্যম হিচাপে টকা ব্যৱহাৰ হৈ আহিছে৷ এখন দেশৰ চৰকাৰে নিৰ্দিষ্ট মানকৰ আধাৰত সৰ্বসাধাৰণৰ ব্যৱহাৰৰ বাবে টকা প্ৰচলন কৰে৷ দেশৰ সীমাৰ ভিতৰত হোৱা যিকোনো চৰকাৰী বা বেচৰকাৰী অৰ্থনৈতিক লেনদেনৰ বাবে সেই দেশৰ টকা ব্যৱহাৰ হয়৷

          মানৱ ইতিহাসত টকাৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ পোৱা যায় তিনিহেজাৰ খ্ৰীষ্টপুৰ্বত৷ বিনিময় প্ৰথাৰ অৱসান ঘটাই লাহে লাহে অৰ্থনৈতিক লেনদেনসমূহত টকাৰ ব্যৱহাৰ হবলৈ ধৰে৷ প্ৰথমাৱস্থাত আজিৰ দৰে কাগজৰ ব্যৱহাৰ হোৱা নাছিল৷ পোৰামাটিৰ টুকুৰা, ধাতুৰ টুকুৰা, সামুদ্ৰিক শংখ বা কড়িৰ শুকান খোলা এইবোৰেই আছিল পুৰণি কালৰ মুদ্ৰা৷

          প্ৰখ্যাত গ্ৰীক বুৰঞ্জীবিদ হেৰ’ডটাছৰ মতে লিডিয়ানসকলেই প্ৰথম সোণ বা ৰূপৰ মুদ্ৰাৰ ব্যৱহাৰ কৰিছিল৷ বৰ্তমান সময়ৰ বিভিন্ন বুৰঞ্জীবিদসকলৰ মতে 650-600 খ্ৰীষ্টপূৰ্বত প্ৰথম ছাব মৰা মোহৰ বা মুদ্ৰাৰ প্ৰচলন হৈছিল৷ লাহে লাহে এই সোণ বা ৰূপৰ মুদ্ৰাৰ সলনি ব্যৱসায়ীসকলে জমাধনৰ প্ৰতিনিধিমুলক প্ৰতিলিপি ব্যৱসায়ত ব্যৱহাৰ কৰিবলৈ ধৰিলে৷ লাহে লাহে এয়া সকলোৰে বাবে এক সুচল ব্যৱস্থা আছিল য’ত অৰ্থনৈতিক লেনদেনসমূহত মুল্যবান সোণ বা ৰূপৰ জমাৰ প্ৰতিনিধিমুলক কাগজৰ প্ৰতিলিপি এখন ব্যৱহাৰ হৈছিল৷ বুৰঞ্জীৰ মতে চীনদেশৰ চাংসকলৰ ৰাজত্বৰ কালচোৱাত প্ৰথম কাগজৰ ব্যৱহাৰ হৈছিল৷

          পিছে বিৱৰ্তনৰ পথত আহি এদিন বেংকিং ব্যৱস্থাৰ আৰম্ভ হ’ল৷ বেংকিং ব্যৱস্থাৰ প্ৰসাৰে সমগ্ৰ পৃথিৱীৰ অৰ্থনৈতিক লেন-দেনসমূহত এক গতিশীলতা আনি দিলে৷ সকলো ক্ষেত্ৰতে বেংকিং ব্যৱস্থাই সৰ্বসাধাৰণৰ বিভিন্ন বিত্তীয় দিশত সুচলতা আনিবলৈ সক্ষম হ’ল৷ বেংকিং ব্যৱস্থাত বিভিন্ন লেনদেনত টকাৰ সলনি সমমুল্যৰ চেক বা এনেধৰণৰ বিত্তীয় ব্যৱস্থাৰ ব্যৱহাৰ আৰম্ভ হ’ল৷

          বৰ্তমানৰ যুগত টকাৰ ৰূপৰ সলনি হৈছে৷ বৰ্তমান বিভিন্ন লেনদেনত আচল টকা বা মুদ্ৰাৰ সলনি আমি টকাৰ ডিজিটেল ৰূপটোহে ব্যৱহাৰ কৰো৷ বেংকত থকা জমা-ধনৰ বিপৰীতে বেংকে প্ৰদান কৰা ডেবিট কাৰ্ডেৰেও বিভিন্ন সময়ত সেৱা বা দ্ৰব্যৰ সমমুল্যৰ ধন পৰিশোধ কৰিব পাৰি৷ আনহাতে ক্ৰেডিট কাৰ্ড হ’ল বেংক বা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে প্ৰদান কৰা হ্ৰস্বকালীন ঋণৰ এক ডিজিটেল ৰূপ৷ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিও বিভিন্ন সেৱা বা সামগ্ৰী ক্ৰয় কৰিব পৰা যায়৷ কিন্তু হ্ৰস্বকালীন ঋণৰ দৰেই সময়ে সময়ে ক্ৰেডিট কাৰ্ডেৰে ক্ৰয় কৰা মুল্য ক্ৰেডিট কাৰ্ড প্ৰদান কৰা বেংক বা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানক পৰিশোধ কৰিব লাগে৷

          ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সমান্তৰালভাৱে আন কিছুমান ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানেও টকাৰ বিনিময়ত কিছুমান ডিজিটেল মুদ্ৰা কিছুসংখ্যক নিদিষ্ট গ্ৰাহকক ব্যৱহাৰৰ বাবে প্ৰদান কৰে৷ সেই গ্ৰাহকসকলে ডিজিটেল মুদ্ৰাখিনি বিভিন্ন সেৱা বা সামগ্ৰীৰ বিপৰীতে পৰিশোধ কৰিব পাৰে৷ বৰ্তমান সময়ত জনপ্ৰিয় হোৱা এনে কেইটিমান সেৱা হ’ল PAYTM, Airtel Money ইত্যাদি৷ পিছে এইবোৰ হ’ল এখন দেশৰ ভৌগোলিক সীমাৰ ভিতৰত ব্যৱহাৰ হোৱা ডিজিটেল মুদ্ৰা৷ বৰ্তমানৰ এক জনপ্ৰিয় তথা বিতৰ্কিত মুদ্ৰাৰ বিষয়ে কবলৈ ওলাইছো৷

          বিটকইন – এক সাংকেতিক মুদ্ৰা৷ এই মুদ্ৰাবিধ যিমানেই ৰহস্যময় সিমানেই আমোদজনকো৷ বিশ্বৰ ভৌগোলিক সীমাৰ পৰিধি ভাঙি এই ৰহস্যময় মুদ্ৰাবিধে লাহে লাহে পৃথিৱীৰ এক লেখত লবলগীয়া মুদ্ৰাৰ প্ৰকৃতি ধাৰণ কৰিছে৷কোনো এক অখ্যাত তথা আজিলৈকে উৱাদিহ নোপোৱা এগৰাকী ৰহস্যময় গণিতজ্ঞ তথা কম্পিউটাৰ প্ৰগ্ৰেমাৰ হ’ল – ছাটোছি নাকামোটো (satoshi nakamoto)৷ যোৱা ২০০৮ চনৰ কথা৷ ছাটোছি নাকামোটো নামৰ এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰে পৰীক্ষামুলকভাৱে বিটকইন নামৰ এক ‘ক্ৰাইপ্টোকাৰেন্সী’ বা সাংকেতিক মুদ্ৰাৰ সূচনা কৰিছিল৷ আচলতে এই বিটকইনৰ কোনো ভৌতিক ৰূপ নাই, অৰ্থাৎ টকা বা ডলাৰৰ দৰে নোট, পইচা আদি নাথাকে৷ কেবল কম্পিউটাৰতহে কিছু জটিল গাণিতিক ক’ডৰ ৰূপত এই মুদ্ৰা সঞ্চিত হৈ থাকে৷ লাহে লাহে এই বিটকইনৰ ব্যৱহাৰ হবলৈ ধৰিলে৷ আচল কথা হ’ল যে বিটকইনে বৰ্তমানৰ অৰ্থ্যব্যৱস্থাৰ কিছুমান দুৰূহ তথা সমাধা কৰিব নোৱাৰা সমস্যাৰ সমাধানৰ পথ দেখুৱাইছিল৷

          সাধাৰণ মুদ্ৰাৰ এক প্ৰধান সমস্যা হ’ল যে বিভিন্ন দেশৰ বিভিন্ন অৰ্থব্যৱস্থাৰ বাবে ভিন্ন ধৰণৰ মুদ্ৰা ব্যৱহাৰ হয় আৰু ইখন দেশৰ মুদ্ৰা আন দেশত ব্যৱহাৰ নহয়৷ আন এটা প্ৰধান সমস্যা হ’ল সাধাৰণ মুদ্ৰাক কোনো সময়তে অনুসৰণ কৰিব নোৱাৰি আৰু এয়া অতি সোনকালেই ক’লা ধনলৈ পৰিৱৰ্তিত হোৱাৰ অৱকাশ থাকে৷ কথাটো বুজিবলৈ আমি এটা সৰু উদাহৰণ লব পাৰো – ‘এটিএম’ বা বেংকৰ পৰা ওলোৱাৰ পাছত টকাখিনি হাত বাগৰি কাৰ হাতলৈ গৈছে তাক জানিবৰ কোনো উপায় নাথাকে৷ কিন্তু ডিজিটেল মুদ্ৰাৰ ক্ষেত্ৰত এই তথ্যখিনি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে৷ বিটকইনৰ সুৰক্ষা প্ৰণালীও বৰ সুদৃঢ়৷ প্ৰতিটো বিটকইনৰ ব্যৱহাৰৰ তথ্য সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে৷ আন এটা গুৰুত্বপুৰ্ণ কথা হ’ল বৰ্তমানলৈ কিমান মুদ্ৰা বা টকা এখন দেশৰ অৰ্থব্যৱস্থাত প্ৰচলিত হৈ আছে কোনেও নাজানে বা জনাটো অতি কঠিন৷ কিন্তু প্ৰতিটো ‘বিটকইন’ৰ তথ্য সুকীয়াকৈ বহু ‘ডাটাবেছ’ত সংৰক্ষিত হৈ থাকে৷

          ‘বিটকইন’ৰ আমোদজনক কথাটো হ’ল যে এই বিশেষ ডিজিটেল মুদ্ৰাবিধ পৃথিৱীৰ যিকোনো মানুহেই কম্পিউটাৰত নিজেই সৃষ্টি কৰি লব পাৰে৷ কম্পিউটাৰ এটাৰ ‘প্ৰচেছিং’ৰ শক্তিখিনি ব্যৱহাৰ কৰাৰ বিনিময়ত পুৰস্কাৰ হিচাপে বিটকইন লাভ কৰা যায়৷ সৰলকৈ কবলৈ হ’লে কম্পিউটাৰ এটাৰেই বিটকইন সৃষ্টি কৰি ল’ব পৰা যায়৷ এই প্ৰক্ৰিয়াটো ‘বিটকইন খনন’ (bitcoin mining) বুলি অভিহিত হৈছে৷ এই জটিল প্ৰক্ৰিয়াটোত বিটকইনৰ প্ৰতিটো লেনদেনক বিশেষভাৱে ‘ভাৰ্চুৱেল’ হিচাপৰ বহী (ledger) কিছুমানত অন্তৰ্ভুক্ত কৰা হয়৷ এই হিচাপৰ খতিয়ানসমূহক ‘ব্লকচেইন’ (Blockchain) বুলি জনাজাত৷ এই ‘ব্লকচেইন’সমূহৰ কাৰিকৰী কাৰ্য্যসমূহ এটা নেটৱৰ্কত থকা কম্পিউটাৰসমূহত চলি থকা বিটকইন মাইনিং ছফটৱেৰসমূহৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হয়৷ এই ‘ব্লকচেইন’সমূহত ‘বিটকইন’ৰ সমস্ত তথ্য সঞ্চিত হৈ থাকে৷ ‘ব্লকচেইন’সমূহত ‘বিটকইন’ৰ তথ্যসমূহ সংৰক্ষিত আৰু গাণিতিকভাৱে জুকিয়াই চোৱাৰ বিনিময়ত নতুন ‘বিটকইন’ৰ সৃষ্টি হয়৷ কিছুমান ছফটৱেৰ ক’ম্পেনীয়ে নিজৰ ছফটৱেৰসমূহতো গ্ৰাহকৰ অজ্ঞাতে ‘বিটকইন মাইনিং’ প্ৰোগ্ৰাম সুমুৱাই দি ব্যৱহাৰকাৰীসকলৰ কম্পিউটাৰৰ প্ৰচেছৰৰ এক বৃহৎ অংশৰ শক্তি ‘বিটকইন মাইনিং’ৰ বাবে ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে বৰ্তমান বিশ্বৰ এটা সৰ্বজনপ্ৰিয় ট’ৰেণ্ট (torrent) ছফটৱেৰ য়ুট’ৰেণ্টত (uTorrent) থকা এটা গোপন ‘বিটকইন মাইনিং’ প্ৰোগ্ৰামৰ কথা উনুকিয়াব পাৰি৷

          পিছে বৰ্তমান বিশ্বৰ বহুদেশত ‘বিটকইন’ এক গ্ৰহণযোগ্য মুদ্ৰা হিচাপে পৰিগণিত হৈছে৷ বিটকইনৰ বিনিময়ত সামগ্ৰী বা সেৱা গ্ৰাহকে ক্ৰয় কৰাৰ সুবিধাৰ উপৰিও ‘বিটকইন’ক আন মুদ্ৰালৈ সলনি কৰিব পৰা ব্যৱস্থাও বিশ্বৰ বহু দেশতে চালুকীয়াভাৱে হলেও আৰম্ভ হৈছে৷ পিছে বিটকইন মাইনিং প্ৰক্ৰিয়াটো ইমান সহজ নহয়৷ ইচ্ছা কৰিলেই কম্পিউটাৰ এটাৰে বিটকইন সৃষ্টি কৰিব পৰা নাযায়৷ প্ৰতি ২০১৬ টা ‘বিটকইন’ৰ ‘ব্লক’ সৃষ্টিৰ লগে লগে সমগ্ৰ প্ৰক্ৰিয়াটোত দৰকাৰ হোৱা শক্তিৰ পৰিমাণ স্বয়ংক্ৰিয়ভাৱে বাঢ়ি যায়৷ এই ক্ষেত্ৰত প্ৰয়োজন হোৱা বিদ্যুত শক্তি বা শক্তিশালী কম্পিউটাৰৰ দামৰ তুলনাত সৃষ্টি কৰিব পৰা ‘বিটকইন’ৰ মুল্যৰ বহু কম হোৱাও দেখা যায়৷ দিন যোৱাৰ লগে লগে বিটকইনৰ দাম বৃদ্ধি হয় আৰু তাৰ সমান্তৰালভাৱে বিটকইন সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা কম্পিউটাৰৰ শক্তিও বাঢ়ি যায়৷ বৰ্তমান এটা বিটকইনৰ মুল্য ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১.৩০ লাখ টকা৷ প্ৰায় পাঁচ বছৰ আগতে এটা ‘বিটকইন’ৰ মুল্য আছিল প্ৰায় ছহেজাৰ টকা৷

          বৰ্তমান ভাৰততো ‘বিটকইন’, ইথাৰিয়াম (Ethereum) বা এনেধৰণৰ ‘ডিজিটেল ক্ৰাইপ্টোকাৰেন্সী’ৰ লেনদেন আৰম্ভ হৈছে৷ বহুকেইটা ভাৰতীয় ৱেবছাইট বা ‘এণ্ড্ৰইড এপ’ৰ জৰিয়তে বিটকইন বা এনেধৰণৰ ‘ক্ৰাইপ্টোকাৰেন্সী’ৰ লেনদেন কৰিব পাৰি৷ ইয়াৰ কিছুমান হ’ল unocoin, zebpay, bitxoxo ইত্যাদি৷ ভাৰতত ‘বিটকইন’ বা এনেধৰণৰ ‘ক্ৰাইপ্টোকাৰেন্সী’ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে Digital Assets and Blockchain Foundation India ( DABFI) নামৰ সংস্থা এটাও গঠন হৈছে৷

          এই সংস্থাটোৱে ভাৰতৰ সৰ্বসাধাৰণৰ মাজত ‘ডিজিটেল ক্ৰাইপ্টোকাৰেন্সী’ৰ সচেতনতা আৰু গ্ৰহণযোগ্যতাৰ বাবে বৰ্তমান কিছু পদক্ষেপ হাতত লৈছে৷ শেহতীয়াকৈ ভাৰত চৰকাৰেও এই নতুন মুদ্ৰাবিধৰ প্ৰচলনৰ দিশটো চোৱাচিতা কৰাৰ বাবে তথা আইনী দিশসমূহ পৰ্য্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত ৱেৱছাইট mygov.in ত এইবিষয়ক আলোচনাৰ বাবে সাধাৰণ ৰাইজৰ মতামত আহ্বান কৰাও পৰিলক্ষিত হৈছে৷

          মানৱ সভ্যতাৰ ইতিহাসত লেনদেনৰ মাধ্যম হিচাপে কড়ি, স্বৰ্ণমুদ্ৰাৰ পৰা আৰম্ভ হৈ আজিৰ ‘ডিজিটেল ক্ৰাইপ্টোকাৰেন্সী’ৰ যুগ পাইছে৷ অনাগত দিনত লেনদেনৰ বাবে সমগ্ৰ পৃথিৱীয়ে এইবিধ মুদ্ৰাকেই আকোৱালি লোৱা নোলোৱা কথাটো হয়তো সময়েহে ক’ব৷

■■■

প্ৰসংগ পঞ্জী:

~~~~~~~~~~~~
https: //bitcoin.org/

https: //en.wikipedia.org/wiki/Cryptocurrency

https: //en.wikipedia.org/wiki/Bitcoin

http: //dabfoundation.in/

https: //www.bitxoxo.com/

https: //www.unocoin.com/

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.