GPS কি আৰু ই কেনেদৰে কাম কৰে? ? Wi Fi কি? আৰু ইয়াৰ ক্ৰমবিকাশ – চন্দন কাকতি

GPS কি আৰু ই কেনেদৰে কাম কৰে? ? Wi Fi কি? আৰু ইয়াৰ ক্ৰমবিকাশ – চন্দন কাকতি

GPS কি আৰু ই কেনেদৰে কাম কৰে? ? Wi Fi কি? আৰু ইয়াৰ ক্ৰমবিকাশ – চন্দন কাকতি

by July 17, 2017 0 comments

GPS কি?

GPS ৰ সম্পূৰ্ণ নাম হ’ল Global Positioning System৷ ই এক এনেধৰণৰ চিষ্টেম যাৰ সহায়ত এজন ব্যৱহাৰকাৰীয়ে মোবাইল, টেবলেট বা অন্য কোনো Navigation Device ৰ সহায়ত নিজৰ Location ৰ তথ্য অতি সহজতে জানিব পাৰে৷

ইয়াৰ ইতিহাস: :
GPS ৰ আৰম্ভণি হৈছিল সত্তৰ আৰু আশীৰ দশকৰ মাজভাগত, যেতিয়া US AIR FORCE য়ে কিছুমান GPS Satellite উৎক্ষেপন কৰিছিল Army Navigation ৰ কাৰণে৷ 1983 চনত ৰাছিয়াই যেতিয়া এখন Civilian Aircraft তেওঁলোকৰ বায়ুসীমাত ভুলতে সোমাই যোৱা বাবে ধ্বংস কৰিছিল তেতিয়া US চৰকাৰে সিদ্ধান্ত ললে যে তেওঁলোকে ইয়াক জনসাধাৰণৰ বাবেও মুকলি কৰিব, লগতে বিমানটো Navigation ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হব৷ ইয়াৰ পিছত 12 বছৰৰ অশেষ পৰিশ্ৰমৰ ফলত 1995 চনত প্ৰথমবাৰৰ বাবে GPS জনসাধাৰণৰ বাবে মুকলি কৰা হ’ল৷ কিন্তুু তেতিয়া সি সিমান সঠিক নাছিল, মাত্ৰ লোকেচনৰ অনুমান লগাবলৈ হে ইয়াক ব্যৱহাৰ কৰা হৈছিল৷ ইয়াৰ পিছত 2000 চনত ইয়াক সম্পূৰ্ণ ভাবে মুকলি কৰা হয়৷ 2005 চনৰ পৰা 2015 চনলৈ US বায়ুসেনাই প্ৰায় 50 টা SATELLITE উৎক্ষেপন কৰিছে আৰু বৰ্তমান ই এটা অত্যাধুনিক প্ৰযুক্তিলৈ বিকশিত হৈছে আৰু ই সঠিকভাবে লোকেচনৰ তথ্য যোগান ধৰিব পাৰে৷

ই কেনেকৈ কাম কৰে: :
যিমানবোৰ GPS উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে, সেই সকলবোৰতে এটা এটা Atomic ঘড়ী লগোৱা আছে আৰু এই ঘড়ীবোৰ সদায় সঠিক হৈ থাকে৷ ইয়াত 1 millisecondsও পাৰ্থক্য দেখিবলৈ পোৱা নাযায়৷ এইক্ষেত্ৰত Satellite বোৰে পৃথিৱীলৈ অবিৰাতভাৱে Signal পঠাই থাকে আৰু সেই ছিগনেলৰ লগত সময়তো ও পঠাই দিয়ে৷ এই ছিগনেলবোৰৰ স্পীদ হল 50bytes/mint৷ এই স্পীদ বহুত কম৷ এইক্ষেত্ৰত মোবাইল ফোনত থকা GPS ৰ Signal Receiver বোৰে নিৰবিছিন্ন ভাবে অধিকৰ পৰা অধিক Satellite ৰ লগত সম্পৰ্ক কৰি ছিগনেল ৰিচিভ কৰিবলৈ বিচাৰি থাকে৷ যদি এটা মোবাইল ফোন বা GPS ইউনিতে একে সময়তে 3 টা Satellite ৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয় তেতিয়া সি সম্পূৰ্ণ সঠিকভাবে Location ৰ তথ্য উলিয়াই দিব পাৰে৷ GPS ৰিছিভাৰে যেতিয়া ছিগনেল ৰিচিভ কৰে তেতিয়া ই ছিগনেল পঠোৱা সময় আৰু ৰিছিভাৰে ৰিচিভ কৰা সময় দুয়োটাই জানে৷ যাৰ ফলত দুয়োটা ছিগনেলৰ সময়ৰ মাজৰ পাৰ্থক্য উলিয়াই ই অতি সহজতে নিৰ্ভুল ভাবে লোকেচনৰ তথ্য উলিয়াব পাৰে৷ এইক্ষেত্ৰত যদি ৰিছিভাৰে 4 তা Satellite ৰ লগত সম্পৰ্ক কৰি ছিগনেল ৰিচিভ কৰিব পাৰে তেতিয়া ই সাগৰতলিৰ পৰা উচ্চতাৰ তথ্যও উলিয়াই দিব পাৰে৷

GPS আৰু A-GPS
আমি যেতিয়া এঠাইৰ পৰা আনঠাইলৈ যাবলৈ গুগল মেপ ব্যৱহাৰ কৰো তেতিয়া গুগলে আমাক ৰাস্তাৰ বিষয়ে অৱগত কৰাৰ লগতে মোবাইলত থকা আমাৰ লোকেচনৰ চিহ্নটোও আমি যায় থকা দিশত সমান গতিৰে গৈ থাকে৷ ইয়াৰ ফলত বেটাৰী বহুত বেছি ব্যৱহাৰ হয় কিয়নো সেই সময়ত আমাৰ ফোনটোৱে তীব্ৰ ভাবে Refresh হৈ থাকে যাতে নতুন নতুন Satellite ৰ লগত লিংক বনাব পাৰে আৰু কোনো Satellite ৰেঞ্জৰ বাহিৰ হলেও যাতে অন্য কোনো নতুন Satellite ৰ সৈতে সম্পৰ্ক কৰিব পাৰে আৰু আমাক আমাৰ লোকেচনৰ সঠিক তথ্য আমাৰ মোবাইলৰ Screen ত দেখুৱাব পাৰে৷ সেইবাবে Navigation ৰ বাবে মেপ ব্যৱহাৰ কৰাৰ ফলত ফোনৰ বেটাৰী বহুত সোণকালে শেষ হয়৷ আনহাতে যিমানে তীব্ৰ গতিত এঠাইৰ পৰা আনঠাইলৈ গতি কৰা যায় সিমান বেছিকৈ ফোনৰ বেটাৰীও শেষ হয়৷ কিয়নো সেই সময়ত ফোনটোও সিমানে তীব্ৰ গতিত refresh হৈ থাকে৷ এইক্ষেত্ৰত A-GPS (Assistance GPS) এ কিছু ডাটা সংগ্ৰহ কৰি আমাৰ লোকেচনৰ তথ্য অতি সোণকালে উপলব্ধ কৰোৱাত সহায় কৰে৷ A-GPS য়ে আমাৰ মোবাইল নেটৱৰ্কৰ ওপৰত ভিত্তি কৰি আমাৰ ফোনটোৰ ওপৰৰ আকাশত যিমান Satellite আছে তাৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে আৰু যেতিয়া আমাৰ ফোনৰ GPS ৰিছিভাৰে GPS ছিগনেলৰ বাবে Search কৰে তেতিয়া এই Satellite বোৰৰ পৰা GPS ৰিছিভাৰে তথ্য সংগ্ৰহ কৰি অতি সোণকালে আমাক আমাৰ লোকেচনৰ তথ্য যোগান ধৰিব পাৰে৷ A-GPS ৰ বাবে আমাৰ ফোনৰ বেটাৰী কিছু পৰিমানে ৰাহি হয়৷
GPSৰ উপৰিও আন এটা প্ৰযুক্তি হ’ল GLONASS৷ ই এটা ৰাছিয়াৰ প্ৰযুক্তি৷ GPS ৰ দৰে ইয়াৰ সিমান Popular নহয়৷ সাধাৰণতে বেছিভাগ ফোনতে GPSৰ Support দেখা যায়৷ কমসংখ্যক ফোনেহে GPSৰ লগতে GLONASS কো Support কৰে৷ যাৰ ফলত এই ফোনবোৰে GPSৰ লগতে GLONASS Satellite বোৰৰো সুবিধা গ্ৰহণ কৰিব পাৰে৷ অনাগত ভৱিষ্যতত US AIR FORCE’ৰ তৰফৰ পৰা GPSক আৰু অধিক বিকশিত কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে যাতে আমি কম বেটাৰী খৰচ কৰিও যাতে অতি সোণকালে আমাৰ লোকেচনৰ তথ্য জানিব পাৰো৷
আনহাতে BeiDou হ’ল চীনৰ navigation প্ৰযুক্তি৷ চীনত নিৰ্মিত বেছিভাগ ফোনতে BeiDouৰ support দেখা যায়৷
শেহতীয়া ভাবে ভাৰতেও দেশীয় navigation প্ৰযুক্তি IRNASS সফলতাৰে উৎক্ষেপন কৰিছে৷ আৰু অতি সোণকালেই ই কাৰ্যক্ষম হৈ উঠিব৷

Wi Fi কি?
Wi Fi এনে এটা প্ৰযুক্তি যাৰ সহায়ত তাৰবিহীন ভাবে তীব্ৰ বেগত ডাটা আদান প্ৰদান কৰিব পাৰি৷ ইয়াৰ সম্পূৰ্ণ নাম হ’ল Wireless Fidelity ( তাৰবিহীন বিশ্বাসযোগ্যতা )৷ ইয়াক WLAN ( Wireless Local Area Network ) বুলিও জনা যায়৷ 1991 চনত NCR CORPORATION আৰু AT&T CORPORATION য়ে একেলগে ইয়াক আৱিষ্কাৰ কৰিছিল৷

ইয়াৰ ক্ৰমবিকাশ….. :
পোনপ্ৰথমে ইয়াক 1997 চনত IEEE নামৰ সংগঠন এটাই বিকশিত কৰিছিল আৰু ইয়াৰ নাম দিছিল 802.11৷ সেই সময়ত ইয়াৰ স্পীদ আছিল 2Mbps, এই স্পীদ বহুত কম আছিল যদিও সেই সময়ত ইয়াক এটা ভাল স্পীদ বুলি গণ্য কৰা হৈছিল৷ ইয়াৰ পিছত তেওঁলোকে 1999 ত আৰু দুটা version উলিয়াইছিল, যাৰ নাম আছিল 802.11a আৰু 802.11b৷ ইয়াৰে 802.11a ক উদ্যোগিক আৰু বাণিজ্যিক ভাবে ব্যৱহাৰ কৰা হৈছিল৷ আনহাতে 802.11b ক গাইগুটীয়া বা ঘৰুৱা ভাবে ব্যৱহাৰ কৰা হৈছিল৷ 802.11a এ কাম কৰিছিল 5GHz 54Mbps স্পীদত আৰু 802.11b এ কাম কৰিছিল 2.4GHz 11Mbps স্পীদত৷ 802.11a ৰ স্পীদ বেছি আছিল কিন্তুু ই বেছি দূৰত্বলৈ যাব পৰা নাছিল৷ আনহাতে 802.11b ৰ স্পীদ কম আছিল কিন্তুু ই বেছি দূৰত্ব সামৰি লব পাৰিছিল৷ আমি ব্যৱহাৰ কৰা সকলোবোৰ তাৰবিহীন সৰঞ্জামে ৰেডিও তৰংগৰ মাধ্যমেৰে কাম কৰে৷ এই তৰঙ্গ বোৰৰ বহুতো High frequency আৰু বহুতো Low frequency ৰ৷ যিমানে বেছি frequency হয় সিমানে বেছি স্পীদ পোৱা যায়৷ কিন্তুু range সিমান পোৱা নাযায়৷ কাৰণ যিমানে বেছি উচ্চ শক্তিৰ signal হব সিমানে বেছি সোনকালে তাৰ শক্তিৰ ক্ষয় হব আৰু সি বেছি দূৰলৈ ভ্ৰমণ কৰিব নোৱাৰে৷ আনহাতে যিমানে কম শক্তিৰ signal হয় সিমানে কম স্পীদ পোৱা যায় আৰু সি বেছি দূৰলৈ ভ্ৰমণ কৰিব পাৰে৷
সেয়েহে 5GHz ত কাম কৰা 802.11a ৰ স্পীদ বেছি আছিল কিন্তুু ই বেছি দূৰত্বলৈ যাব পৰা নাছিল৷ কিন্তুু 2.4GHz ত কাম কৰা 802.11b ৰ স্পীদ কম হলেও ই বেছি দূৰত্বলৈ যাব পাৰিছিল৷

ইয়াৰ পিছত 2003 ত এটা আৰু Wi Fi standard বিকশিত হ’ল৷ যাক নাম দিলে 802.11g৷ ইয়াত তেওঁলোকে 802.11a আৰু 802.11b ৰ ভাল ভাল বৈশিষ্ট দুটা সংযোগ কৰি দিলে৷ যাৰ ফলত ই 2.4GHz বেণ্ডত 54Mbps স্পীদত কাম কৰিব পৰা হল৷ আজিৰ পৰা কমেও 10 বছৰ আগতে যিবোৰ সমগ্ৰীত Wi Fi ব্যৱহাৰ কৰা হৈছিল সেই সকলবোৰতে এই প্ৰযুক্তিতো ব্যৱহাৰ কৰিছিল৷

ইয়াৰ পিছত 2009 ত আৰু এটা Wi Fi প্ৰযুক্তি আমাৰ মাজলৈ আহিল, যাৰ নাম হ’ল 802.11n৷ ইয়াত দুই ধৰণৰ বেণ্ড আছিল, 5GHz আৰু 2.4GHz৷ দুয়োটাই গাইগুটিয়াকৈ বেলেগ বেলেগকৈ কাম কৰিছিল৷ দুয়োটাৰে স্পীদ 600Mbps লৈ হব পাৰিছিল৷ এইতো এটা বহুত ভাল প্ৰযুক্তি অছিল আৰু যাক আজিও কমেও প্ৰায় 90 শতাংশ device ত ব্যৱহাৰ কৰা হয়৷

বৰ্তমান শেহতীয়াকৈ 2013 চনত আকৌ এটা নতুন ষ্টেণ্ডাৰ্ড ডেভেলপ হ’ল যাৰ নাম হ’ল Wi Fi 802.11ac৷ ই 5GHz বেণ্ডত কাম কৰে আৰু ইয়াৰ অধিক স্পীদ হ’ল 1.3Gbps৷ আগন্তক সময়ত ইয়াৰ স্পীদ 6.9Gbps লৈ হব পাৰে৷ যিহেতু ই 5GHz বেণ্ডত কাম কৰে সেয়েহে ইয়াৰ range কম হব৷

(ইয়াত ব্যৱহাৰ কৰা a, b, ac আদি নামাংকনৰ কাৰণেহে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ কোনো শাব্দিক অৰ্থ নাই৷ ) ■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.