তিৰুপতি মন্দিৰ দৰ্শন – পিংকি বৰুৱা

তিৰুপতি মন্দিৰ দৰ্শন – পিংকি বৰুৱা

তিৰুপতি মন্দিৰ দৰ্শন – পিংকি বৰুৱা

by July 17, 2017 0 comments

একান্ত ব্যক্তিগত কাম এটাত চেন্নাইত এওঁ আৰু মই কেইদিনমান আছিলোগৈ৷ চেন্নাই গ’লে সাধাৰণতে এওঁলোকৰ অফিচৰ গেষ্ট হাউচতে থকা হয়৷ গেষ্ট হাউচটো বৰ সুন্দৰ ঠাইত আছে৷ গেষ্ট হাউচৰ লগতে পেৰিচ বাছ ডিপো ( ব্ৰডৱেই), এক্সপ্লেনাড’ পুলিচ ষ্টেচন, ৱালখনৰ লগতে মেট্ৰ’ৰেলৰ ষ্টেচন এটাৰ কামো চলি আছে৷ কাষতে চেন্নাই ফ’ৰ্ট ষ্টেচনটো আছে৷ চেন্নাই ফ’ৰ্টৰ পৰা লোকেল ট্ৰেইনত এয়াৰপৰ্টলৈ মাত্ৰ পাঁচ টকা ভাড়া৷

আমাৰ কামবোৰ হৈ যোৱাত এনেই গেষ্ট হাউচত থাকি মোৰ আমনি লাগিছিল৷ দুদিন পিছতহে ফ্লাইট আছিল৷ সেইদিনা ৰাতি পিছদিনাখন এওঁক কৰ’বালৈ যোৱাৰ প্ৰস্তাৱ এটা দিলো৷ চেন্নাইৰ প্ৰায়বোৰ ঠাই ফুৰিছিলোৱেই আমি! কোভালাম বীচ্ছ, মেৰিণা বীচ্ছ, এলিয়ত বীচ্ছ, গল্ডেন বীচ্চ VGP, ভেণ্ডালোৰ জু, মহাৱলীপূৰম আদি৷ এওঁ তিৰুপতি যোৱাৰ কথা ক’লে৷ ৰাতি ফ’নতে নেট অন কৰি তিৰুপতি যোৱাৰ ট্ৰেইনৰ টাইম চালে৷ ৰাতিপুৱা পাঁচটাতে আছিল ট্ৰেইন৷ আমি পিছদিনাৰ বাবে যোৱা আৰু অহা টিকট ফ’নতে কাটি ল’লোঁ৷ বাহিৰত গৈ খাই আহি সোণকালে শুই গ’লোঁ৷

ৰাতি চাৰে তিনিটাতে উঠি আমি ফ্ৰেচ হৈ গা-পা ধুই ওলালো৷ আমাৰ গেষ্ট হাউচৰ খিৰিকিৰে পেৰিচ বাছ ষ্টেণ্ডত ৰাতি এটা দুটালৈকে চৰকাৰী বাছ অহা দেখোঁ৷ দুই বজালৈকে হুলস্থুল হৈ থাকে৷ বাছষ্টেণ্ডৰ দুখনমান হোটেল গোটেই ৰাতিটো খুলি থৈ দিয়ে৷ কিছুমান মানুহ বাছষ্টেণ্ডতে শুই থাকে৷ ৰাতিপুৱা চাৰি নাবাজোতেই বাছবোৰ আকৌ চলাচল কৰা দেখোঁ৷ আমি চাৰি বজাত গেষ্ট হাউচৰ পৰা ওলায়ে এক কিল’মিটাৰ আঁতৰত থকা চেন্নাই চেণ্ট্ৰেল ট্ৰেইন ষ্টেচনলৈ বুলি খোজ কাঢ়ি গ’লো৷ পোহৰ হওঁ হওঁ হৈছিল৷ ষ্টেচন পাই চাহ দুকাপ কেকৰ লগত খাই তিৰুপতি যোৱা ট্ৰেইনখনত বহিলোগৈ৷ নিৰ্দিষ্ট টাইমত ট্ৰেইন চলিবলৈ লৈছিল৷ আমিও আনন্দৰে তালৈ বুলি ৰাওনা হৈছিলোঁ৷ ট্ৰেইনতে আমি বেগত লৈ যোৱা ব্ৰেড বাটাৰ, কল, আপেলেৰে ব্ৰেকফাষ্ট কৰিছিলোঁ৷ তাৰ মানুহবোৰে ক’ৰবালৈ গ’লে ডাঙৰ ডাঙৰ ষ্টীলৰ কনটেইনাৰত খোৱা বস্তু ভৰাই লৈ যায়৷ ভোক লাগিলে তাৰ পৰাই খায়৷

আমি তিৰুপতি ৰেল ষ্টেচন পাওঁতে প্ৰায় দহ মানেই বাজিছিল৷ উভতি যোৱা ট্ৰেইন সন্ধ্যা পাঁচ বজাত আছিল৷ আমি ষ্টেচনৰ পৰা বাহিৰলৈ টেক্সীৰ সন্ধানত ওলাই আহিছিলোঁ৷ গোটেই ট্ৰেইনখনত তিৰুপতি বালাজী মন্দিৰ চাবলৈ অহা মানুহেই আছিল নেকি, মানুহবোৰ হিলদল ভাঙি বাহিৰলৈ ওলাই আহিছিল৷ সৰু ঠাই যদিও ঠাইখন ব্যস্ততাপূৰ্ণ আছিল৷ ঠাইখনত থাকিব পৰা সৰু ডাঙৰ বহুতো হোটেল আছিল৷ তিৰুপতি মন্দিৰ আহিলে ইয়াতে থাকিব লাগে৷ ওপৰৰ মন্দিৰ থকা ঠাইত হোটেলৰ ব্যৱস্থা নাই৷ অতিথিশালা অৱশ্যে আছে৷

আমি টেক্সী ষ্টেণ্ডটো ক’ত আছে বুলি ট্ৰেফিক পুলিচ এজনক সুধিলোগৈ৷ তেওঁ আমি তিৰুপতি মন্দিৰলৈ যাম নেকি সুধিলে৷ আমি হয় বুলি কোৱাত তেওঁ আমাক উপদেশ দিলে যে “টেক্সী লোৱাতকৈ বাছতে যাওক৷ ৰাস্তাটোৰ সিটো পাৰতে বাছৰ লাইন লাগি আছে৷ তাৰে এখনত উঠি দিয়ক৷ “ আমি ধন্যবাদ জনাই তাৰ পৰা ৰাস্তাটো পাৰ হৈ ৰৈ থকা বাছ এখনত উঠিলোগৈ৷ আমি উঠা বাছখনৰ ছীটবোৰ ফুল হোৱাৰ লগে লগেই চলিবলৈ আৰম্ভ কৰিলে৷ ইয়াত পাঁচ মিনিটৰ মুৰে মুৰে তিৰুপতি মন্দিৰলৈ বাছ চলাচল কৰে৷ মনত নানা উৎকণ্ঠা! ভাৰতৰ আটাইতকৈ ধনী মন্দিৰটো চাবলৈ গৈ আছোঁ, কেনেকুৱা বা হয়৷

অলপ দুৰ যোৱাৰ পিছতে এঠাইত বাছখন ৰখালে৷ আমি কিয় ৰখালে বুলি ভাবোতেই বাছ কণ্ডাক্টৰে আমাক বাছৰ পৰা নামি কাউণ্টাৰত টিকট কাটি ল’বলৈ ক’লে৷ এওঁ নামি গৈ চাৰিটা টিকট কিনি আনিলে৷ মই চাৰিটা টিকট দেখি তেওঁলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাওঁতে তেওঁ নিজে ক’লে যে অহা আৰু যোৱা টিকট ইয়াতে কাটি ল’ব পাৰি৷ তাৰপৰা ঘূৰি আহোঁতে যিকোনো এখন বাছত উঠি এই টিকটটো দেখুৱালে হ’ব আৰু এই টিকটটোৰ এসপ্তাহৰ ভেলিডেটি আছে৷ মানে তাত গৈ এসপ্তাহৰ পিছত ঘূৰি আহিলেও এই টিকটটো দেখুৱাই যিকোনো বাছত তাৰ পৰা ইয়ালৈ আহিব পাৰি৷ সেই সময়তে কেইবাখনো বাছ আহি ৰৈছিলহি৷ আমাৰ বাছখনো যাবলৈ সাজু হৈছিল৷

তিৰুপতি ভেংকটেশ্বৰা মন্দিৰটো অন্ধপ্ৰদেশৰ চিত্তোৰ জিলাৰ তিৰুমল্লাত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২৭৯৯ ফুট উচ্চতাত মন্দিৰটো অৱস্থিত৷ সাতটা পাহাৰৰ ওপৰত ভগৱান শ্ৰী ভেংকটেশ্বৰাৰ (বিষ্ণু) মন্দিৰটো অৱস্থিত৷ এই মন্দিৰটোক তিৰুপতি মন্দিৰ, ভেংকটেশ্বৰা মন্দিৰ, তিৰুপতি বালীজী মন্দিৰ, তিৰুমল্লা মন্দিৰ আদি বুলিও কোৱা হয়৷ এই মন্দিৰটো ভাৰতৰ আটাইতকৈ ধনী মন্দিৰ৷ প্ৰতিদিনে প্ৰায় পঞ্চাশ হাজাৰৰ পৰা একলাখ পৰ্যন্ত ভক্তপ্ৰাণ মানুহে ইয়ালৈ আহে৷ কিছুমানে ইয়াত আহি মুণ্ডনো কৰে৷ চুলি বিক্ৰি কৰিয়েই মন্দিৰ কৰ্তৃপক্ষই বহু টকা উপাৰ্জন কৰে৷ বহু ভক্তই নিতৌ বহু টকা আৰু সোণ ইয়াত আগবঢ়ায়৷ প্ৰতি দিনে গঢ়ে ২.২৫ কোটি টকাৰ মূল্যৰ সম্পত্তিৰ দান ভক্তসকলে মন্দিৰলৈ আগবঢ়ায়৷ সেয়ে ইয়াৰ সুৰক্ষা ব্যৱস্থাও অতি কটকটীয়া৷ য’তে ত’তে চি চি টি ভি লগোৱা থাকে৷

আমাৰ বাছবোৰ গৈ এঠাইত শাৰী শাৰীকৈ ৰ’ল৷ সেইডোখৰত ৰাস্তাটো বহুখিনি বহল আছিল৷ গাড়ীবোৰ যাবলৈ চাৰি/ পাঁচখন মান গেট আছিল৷ তাতে চিকিউৰিটি অফিচাৰে গেটবোৰ বন্ধ কৰি ৰাখিছিল৷ বাছৰ পৰা আমাক নমাই এয়াৰ পৰ্টত কৰাৰ দৰে তন্ন তন্নকৈ বয় বস্তুবোৰ আৰু পুৰুষ মহিলা, শিশু সকলোকে পৰীক্ষা কৰিলে৷ ঠাইখনৰ চাৰিওফালৰ পৰিবেশটো বৰ ধুনীয়া লাগিছিল৷ বহুতে ফ’টো উঠিছিল তাত৷ আমিও সেই কামটো কৰিবলৈ কৃপণালি কৰা নাছিলো৷ আমাৰ বাছৰ সকলোবোৰ মানুহ বাছত উঠাৰ পিছতে বাছে আকৌ গতি কৰিছিল৷ পাহাৰীয়া একা-বেঁকা পথেদি গৈ থাকোতে ওপৰৰ পৰা তলৰ তিৰুপতি টাউনখনৰ ঘৰ দুৱাৰ, হোটেল আদিবোৰ তেনেই নগণ্য দেখিছিলোঁ৷ বাটত কিছুমান ভক্তই ফুটপাথৰে খালি ভৰিৰে খোজকাঢ়িও গৈছিল৷

আমি প্ৰায় ডেৰঘণ্টাৰ পিছত তাত পাইছিলোঁগৈ৷ বৰ পৰিপাটিকৈ বাছবোৰ ঠায়ে ঠায়ে ৰৈছিলগৈ৷ আমাক নমায়ে বাছখন বাছ আস্থানলৈ গ’ল৷ আমি নামি ইফালে সিফালে চালো৷ মানুহবোৰ বাছৰ পৰা নামিয়ে হুৰমুৰকৈ গুছি গৈছিল৷ ঠাইখনত ভৰি দিয়েই মনটো বৰ পৱিত্ৰ লাগিছিল৷ ঘিউৰে বনোৱা কিবা এটা সোৱাদ লগা বস্তুৰ সুঘ্ৰাণ মোৰ নাকত লাগিছিলহি৷ মন্দিৰ কমিটিৰ কৰ্তব্যৰত মানুহ এজনক মন্দিৰলৈ যোৱাৰ প্ৰৱেশ পথটোৰ কথা সুধিলো৷ তেওঁ তিনিশ টকীয়া প্ৰৱেশ টিকটটো আমি লগত আনিছোনে নাই বুলি আমাক সুধিলে৷ অনলাইনত টিকটটো নিজৰ সুবিধামতে প্ৰৱেশৰ টাইম ঠিক কৰি আগতিয়াকৈ কাটিব পাৰি৷ গধূলি পাঁচটাৰ পৰা ছটাৰ ভিতৰত দৰ্শন কৰিবলৈ হ’লে পঞ্চাশ টকীয়া টিকটটো ল’ব পাৰি হেনো৷ তিনিশ টকীয়া টিকটটো থকাহেঁতেন দুঘণ্টা মানৰ ভিতৰতে শ্ৰী ভেংকটেশ্বৰাক দৰ্শন কৰিব পাৰিলোহেঁতেন৷ আগতীয়াকৈ এইবোৰ কথা জানি লৈহে আহিব লাগে বুলি মনতে ভাবিলো৷ আমি টিকট নাই অনা বুলি কোৱাত তেওঁ ক’লে যে — টিকটটো থকাহেঁতেন আপোনালোকে শ্ৰী ভেংকেটশ্বৰাক দৰ্শন কৰিব পাৰিলেহেঁতন৷ আমাৰ চিন্তিত মুখ দেখি ক’লে — যাওক ভিতৰলৈ লাইন পাতকগৈ৷ হয়তো দৰ্শন পাই যাব পাৰে৷ পাঁচঘণ্টাও লাগিব পাৰে নহ’লে দহঘণ্টাও লাগিব পাৰে৷

আমাৰ নিমিষতে সকলো উৎসাহ ধূলিসাৎ হৈ গ’ল৷ ইমান দূৰ আহি মন্দিৰত প্ৰৱেশ কৰি ভগৱানক চাবলৈ নাপাওঁ যদি ইয়ালৈ আহি একো লাভ নহ’ল৷ মই মনতে ভোৰভোৰালোঁ৷ তৎক্ষণাত লোৱা সিদ্ধান্তৰ বাবেই এনে হ’ল৷ ইণ্টাৰনেটত কথাবোৰ ভালকৈ পঢ়ি আহিব লাগিছিল৷ এতিয়া টিকট লৈ ভেংকটেশ্বৰাক চাবলৈ আমাৰ হাতত সময়ো নাই৷ টিকট পামনে নাপাম সেইটোও নাজানো৷ এবাৰ যদি সাধাৰণ লাইনত সোমাওঁ সহজে যে ওলাবও নোৱাৰিম, সেইটো খাটাং৷ ইফালে আমাৰ আবেলি পাঁচ বজাত উভতি যোৱাৰ ট্ৰেইনো আছে৷ ইয়াত এৰাতি থাকি দিম বুলি ভাবিলেও পিছদিনাখন ৰাতিপুৱা সাতবজাতে ঘৰমুখী ফ্লাইট আছে৷ এওঁ মোক সান্তনা দিলে — আগতে এইবোৰ কথা ভবায়ে নহ’ল৷ ভগৱানক আমি গোটেই পৰিয়ালটোৱে একেলগে দৰ্শন কৰিম দিয়া৷ আকৌ এবাৰ আহিম৷ মন বেয়া নকৰিবা৷ এইবাৰ অনলাইনত টিকট লৈহে আহিম আৰু ইয়াত এৰাতি থাকি ওচৰে পাজৰে থকা পৰ্য্যটনস্থলীবোৰ চাই যাম৷ এতিয়া ইয়াত যি আছে তাকে চোৱা যাওক …

লাহে লাহে ভিতৰলৈ সোমাই গ’লোঁ৷ যিমানে ভিতৰলৈ গৈ আছো সিমানে মন্দিৰৰ কাৰুকাৰ্য আৰু প্ৰাকৃতিক পৰিবেশ, সুন্দৰ দৃশ্যৰাজি দেখি আপ্লুত হৈছিলো৷ বাছৰ পৰা নামি গোন্ধ পোৱা ঘিউৰ গোন্ধই গোটেইখন আমোল মোলাই আছিল৷ সেইয়া তিৰুপতি মন্দিৰৰ বিখ্যাত প্ৰসাদ হয়৷ তিনিশ টকীয়া টিকট ল’লে দুটা লাৰু ফ্ৰীকে দিয়ে৷ বাকী এক্সট্ৰা ল’লে এটাত ২৫ টকাকৈ কিনিব লাগে৷ ঘিউৰে বনোৱা এই লাৰু অকল মন্দিৰ কমিটিৰ মানুহেহে প্ৰসাদ হিচাপে দিব পাৰে৷ বেলেগকৈ কোনেও বিক্ৰী কৰিব নোৱাৰে৷ মোৰ যে এই লাৰু প্ৰসাদটো ইমান খাবলৈ মন গৈছিল৷ বেলেগকৈ কিনিব পৰাও ব্যৱস্থা নাছিল৷ আমি ওপৰৰ পৰা চিৰিৰে নামি সমতল চোতাল এখনত ৰ’লোগৈ৷ চোতালখনৰ সন্মুখতে আছিল বিভিন্ন কাৰুকাৰ্য খচিত বগাকৈ ওখ ভেংকটেশ্বৰা মন্দিৰটো৷ মই তালৈ বহুসময় তধা লাগি চাই আছিলোঁ৷ মন্দিৰৰ পিছফালে থকা সেউজীয়া পাহাৰটোৱে মন্দিৰটোৰ সৌন্দৰ্য দুগুণে চৰাইছিল৷ মই তাৰ পৰা নেদেখাজনক প্ৰাৰ্থনা কৰিছিলোঁ৷ ভালে থাকিলে গোটেই পৰিয়ালটো আকৌ এবাৰ আহিম বুলি মনতে বিৰবিৰাইছিলোঁ৷ তাত বস্তু বিক্ৰি কৰা মানুহ এজনৰ পৰা ভেংকটেশ্বৰাৰ ফ’টো দুখন কিনি আমি আগলৈ খোজকাঢ়ি গ’লোঁ৷ তাতো দুটামান মন্দিৰ দেখিলোঁ৷ তাতে গৈ সেৱা লওঁ বুলি আগবাঢ়ি গ’লোঁ৷ প্ৰখৰ ৰ’দ দিছিল সেইদিনা৷ বৰ গৰম উঠিছিল৷ চেণ্ডেলবোৰ খুলি সুদা ভৰিৰে খোজকঢ়াৰ বাবে তলৰ পকাখনে ভৰিৰ তলুৱাদুখন বৰ পুৰিছিল৷

মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নোৱাৰিলেও ভিতৰত কি হৈ আছে দেখিবলৈ পালোঁ৷ বাহিৰত ডাঙৰ স্ক্ৰীণ এখনত শ্ৰী ভেংকটেশ্বৰাক পূজাৰীয়ে পূজা কৰা আৰু মন্ত্ৰ পাঠ কৰি থকা দেখিবলৈ পাইছিলোঁ৷ সেইয়া দেখি মনটো যথেষ্ট খিনি ভাল লাগিছিল৷ বহুসময় তাত ৰৈ সেইয়া চাই আছিলো৷

আমি ওচৰতে থকা অন্য মন্দিৰত লাইন পাতি তাত দহটকীয়া টিকট লৈ ভগৱানক সেৱা কৰিলো৷ টিকট ল’লেহে পূজাৰীয়ে টিকট দিয়াজনৰ নামত আশীৰ্বাদ কৰে৷ ভক্তসকলে স্নান কৰিবলৈ পুখুৰী এটাও আছিল৷ তাত কিছুমানে স্নান কৰি আছিল৷ তাৰ পৰা ওলাই ফ’টো কেইখনমান তুলি এঠাইত পূজাৰ সামগ্ৰী কিনি সকলোৱে পূজা কৰা দেখি ময়ো পূজা কৰি নাৰিকল ফালিলোঁ৷ ইমান ভোক লাগি আছিল তাৰ পৰা লৈ অহা আধাফাল নাৰিকলকে দাঁতেৰে কামুৰি খালোঁ৷ ডাঙৰ হল এটাত বহুত মানুহে নিজৰ নিজৰ পৰিয়ালৰ লগত মজিয়াতে লেপেটা খাই বহি আছিল৷ কিছুমানৰ বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলা, সৰু ল’ৰা-ছোৱালীৰ মুৰত চুলি নাছিল, চন্দনৰ প্ৰলেপহে লগোৱা আছিল৷ কিছুমানৰ গোটেই পৰিয়ালটোৱে চুলি বিসৰ্জন দিছিল৷ শাৰী পিন্ধা মহিলাসকলৰ চুলি নোহোৱাৰ বাবে অলপ বেলেগ দেখিছিল৷ চাৰিওফালে মানুহে পিনপিনাই ফুৰিছিল৷ আমি নিজৰ চেণ্ডেল, জোতাবোৰ পিন্ধি ল’লোঁ৷ পেটেও কলমলাবলৈ ধৰিছিল৷ কিবা এটা খাওঁ বুলি ইফালে সিফালে চাওঁতে খোৱা ঘৰ দুটা দেখি সেইফালে সোমাই গ’লোঁ৷ প্ৰকাণ্ড হল ঘৰ কেইটামান আছিল৷ তাতে শাৰী শাৰীকৈ ডেস্ক-বেঞ্চ সজাই থোৱা আছিল৷ পাঁচশৰ পৰা হাজাৰৰ ভিতৰত মানুহে এটা হলত একেবাৰতে ভাত খাব পাব পাৰে৷ তেনেকুৱা কেইবাটাও হল চকুত পৰিল৷ বহু মানুহে ভাত খাই আছে৷ নিৰামিষ ভাত দিয়ে৷ তেওঁলোকে বৰ নিয়মানুবৰ্ত্তিতাৰে কামবোৰ কৰা দেখিলোঁ৷ তাত নিয়োজিত মানুহ কিছুমানে টেবুলবোৰ চাফা কৰি নিয়ে৷ কেইজনমানে কলপাত, নিমখ, জলকীয়া, পানী দিয়াৰ পিছত মন্দিৰ দৰ্শন কৰিবলৈ যোৱা মানুহবোৰ খাবলৈ বহি যায়৷ এফালৰ পৰা কেইবাজনো মানুহে পৰিপাটিকৈ ভাত, দালি, ভাজি, চালাড আৰু শেষত দৈ দিয়ে৷ যিয়ে যিমান খাব পাৰে সিমানে দিয়ে৷ অকণো খেলিমেলি নাই৷ যেন ৰবটেহে কামবোৰ কৰি আছে৷ সৰু ছোৱালী এজনীয়ে পানী এগিলাছ মজিয়াত পেলালে৷ তাতে ৰৈ থকা মহিলা এগৰাকীয়ে পকা মোহাৰি গিলাচটো লৈ গ’ল৷ আন এগৰাকীয়ে পানী এগিলাচ দিলেহি৷ সিহঁতৰ মুখত তিলমানো বিৰক্তি নেদেখিলোঁ৷ এইয়াও প্ৰসাদেই আছিল৷ ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি তিনিবাৰ এনেকৈ তেওঁলোকে বিনামূলীয়া খাদ্যৰ যোগান ধৰে৷ বৰ তৃপ্তিৰে আমিও সেই ভোকৰ ভাতসাঁজৰ জুতি লৈছিলোঁ৷ সঁচাকৈ বৰ তৃপ্তিদায়ক আছিল৷ তাৰ পৰা বাহিৰলৈ আহি হাত ধুই টিভি স্ক্ৰীণ এখনলৈ চাই আচৰিত হৈছিলো৷ ইয়াত দিয়া প্ৰতিসাঁজ ভাতৰ দায়িত্ব দক্ষিন ভাৰতৰ ধনী ব্যক্তিসকলে লয়৷ ডাক্তৰ, ইঞ্জিনিয়াৰ, ব্যৱসায়ী, অভিনেতা, সমাজ সেৱক আদিৰ নাম, দানৰ পৰিমাণৰ লগত নামটোৰ সৈতে ফ’টোসহ ওলাই আছিল৷ সেইদিনাৰ ভাতসাঁজ কোনে দিছিল, কিমান টকা দিছিল আদি টিভিৰ স্ক্ৰীণখনত দেখিছিলোঁ৷ কোনে এতিয়ালৈকে কিমান টকা দিছে সেয়াও দেখিছিলো৷ পাঁচ লাখ, দহলাখ, বিশলাখ…

তাৰ পৰা ওলাই আহোতে তিনি বাজি গৈছিল৷ আমি লৰালৰিকৈ বাছ এখনত আহি বহিলোহি৷ বাছখনত মানুহ ভৰ্তি হোৱাৰ পিছতে আমি তললৈ নামিছিলো৷ আকৌ এবাৰ অহাৰ প্ৰতিশ্ৰুতি মনত লৈ তিৰুপতি ৰেল ষ্টচনৰ ওচৰত বাছখনৰ পৰা নামিলো৷■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.