সেই অৱগুণ্ঠিতা নাৰী – অনুবাদ:সুকন্যা শৰ্মা

সেই অৱগুণ্ঠিতা নাৰী  –  অনুবাদ:সুকন্যা শৰ্মা

সেই অৱগুণ্ঠিতা নাৰী – অনুবাদ:সুকন্যা শৰ্মা

by August 17, 2017 0 comments

মূল – “The Veiled Lady”

মূল ভাষা – “ইংৰাজী”৷

মূল লেখিকা – আগাথা খ্ৰীষ্টি৷
অনুবাদ:সুকন্যা শৰ্মা

লেখিকাৰ বিষয়ে একলম——-

বিশ্বৰ ৰহস্য সাহিত্যৰ সম্ৰাজ্ঞী হিচাপে অভিহিতা আগাথা খ্ৰীষ্টিৰ জন্ম ১৮৯০ চনত ইংলেণ্ডৰ ডেভন অঞ্চলৰ আঢ্যৱন্ত এটি পৰিয়ালত হৈছিল৷ লেখিকা হিচাপে আৰম্ভণিতে সফলতা লাভ নকৰিলেও ১৯২০ চনত তেওঁৰ কিতাপ “The mysterious affairs of Styles” প্ৰকাশ হোৱাৰ পাছৰে পৰা লেখিকা হিচাপে তেওঁৰ খ্যাতি বিয়পি পৰে৷ আজিৰ তাৰিখত তেওঁৰ নাম দ্য গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত “Best selling author of all times” হিচাপে খোদিত হৈ আছে৷ তেওঁৰ কৃতিত্বৰ তালিকাখন বেছ দীঘল৷ কিছু অনুৰাগীৰ দাবীমতে শ্বেক্সপীয়েৰ আৰু বাইবেলৰ পিছতে তেওঁৰ সাহিত্যৰাজি বিশ্বত সৰ্বাধিক ছপা হৈছে৷ তেওঁৰ লেখা বিশ্বৰ 102 টা ভাষালৈ অনুদিত হৈছে৷ তেওঁৰ“And than there were none” উপন্যাসখন পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা ৰহস্য উপন্যাস৷ ১৯৬৫ চনত মুক্তিলাভ কৰা বলীউদৰ ‘গুমনাম’ বোলছবি খন এইখন উপন্যাসৰ ওপৰতে আধাৰিত আছিল৷ তেওঁৰ দ্বাৰা ৰচিত “দ্য মাউছট্ৰেপ” বিশ্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মঞ্চস্থ হোৱা নাটক৷ তেখেতে ৬৬ খন ৰহস্য উপন্যাস আৰু ১৪ খন গল্প সংকলন ছপা কৰাৰ কৃত্বিত্বৰ অধিকাৰী৷

জীৱনত অসংখ্য বঁটা বাহন আৰু সন্মানীয় পদবীৰে অলংকৃতা হোৱা খ্ৰীষ্টিৰ ব্যক্তিগত জীৱনটোও বেছ ৰহস্যময় আছিল৷

তেওঁ দুবাৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু প্ৰথম স্বামীৰ ফালৰ পৰা এটি কন্যাৰ মাতৃ হৈছিল৷ তেখেতৰ মৃত্যু ১২ জানুৱাৰী ১৯৭৬ চন ইংলেণ্ডৰ উইণ্টাৰব্ৰুক চহৰত হৈছিল, য’ত তেওঁক তেওঁৰ ইচ্ছামৰ্মে দ্বিতীয় স্বামীৰ সৈতে সমাধিস্থ কোৱা হয়৷

সেই অৱগুণ্ঠিতা নাৰী (The Veiled lady)

মুখ্য চৰিত্ৰসমূহ-
১৷ হাৰকিউল পয়ৰ — মুখ্য অনুসন্ধানকাৰী, হলেণ্ডীয় মূলৰ ব্যক্তি৷

২৷ কেপ্তেইন হেষ্টলিং – প্যৰ্ ৰ সহায়কাৰী, বন্ধু তথা সহ-অনুসন্ধানকাৰী৷

৩৷ লেডী মিলিচেষ্ট৷

৪৷ ইন্সপেক্টৰ জেদ্দ৷

যোৱা কিছুদিনৰ পৰা মই পয়ৰক মন কৰি আছোঁ, তেওঁ যেন কিছু অস্থিৰ, কিছু অসন্তোষীয়া হৈ আছে৷ অৱশ্যে ইয়াৰ কাৰণো আছে, বহুদিন হ’ল আমাৰ হাতলৈ কোনো ভাল, মগজুৰ কচৰত কৰিবলগীয়া হোৱা কেচ অহা নাই৷ আজি ৰাতিপুৱাৰে কথা, কাকতখন পঢ়ি অঁতাই তেওঁ একপ্ৰকাৰ দলিয়াই দি মুখৰ ভিতৰতে এটা বিৰক্ত হোৱাৰ দৰে উচ্চাৰণ কৰিলে, “ইহঁতে মোক ভয় কৰে হেষ্টলিং, তোমাৰ ইংলেণ্ডখনৰ সকলো অপৰাধীয়ে মোক ভয় কৰে৷ ঠিক যেনেদৰে ওচৰত মেকুৰী এটা থাকিলে নিগনিবোৰে চিজ এডোখৰৰ কাষ নাচাপে, সিহঁতেও মই থকাত অপৰাধ কৰিবলৈ সাহ নকৰে৷ ”

“মোৰ বোধেৰে কিন্তু তাহাঁতৰ বেছিভাগৰে তোমাৰ অস্তিত্ব সম্বন্ধে কোনো ধাৰণাই নাই”, মই অলপ হাঁহি হাঁহিয়েই ক’লো৷ পয়ৰে মোৰ ফালে ঘোপাকৈ চাই পঠিয়ালে৷ তেওঁৰ নিজৰ সম্বন্ধে বেছ উচ্চ ধাৰণা এটা আছে, যিটো অৱশ্যে একেবাৰে ভুলো নহয়৷ পিছে লণ্ডনৰ সকলো অপৰাধী তেওঁৰ ভয়ত ত্ৰস্তমান বোলাতো অলপ অত্যুক্তি হব৷


বাৰু পয়ৰ, সিদিনা সংঘটিত বণ্ড ষ্ট্ৰীটৰ ডকাইতি সম্বন্ধে তুমি কি ভাবা?”, মই সুধিলোঁ৷

“বেছ সুপৰিকল্পিত আৰু নিখুঁতকৈ সংঘটিত,” তেওঁ ক’লে৷ গহনাৰ দোকানখনত অতৰ্কিতে আক্ৰমণ কৰি দুষ্কৃতিকাৰীয়ে লাঠী এডালেৰে আলমাৰীৰ কাঁচ ভাঙি বেছ কিছুখিনি বহুমূলীয়া ৰত্ন লৈ পলাবলৈ উদ্যত হৈছিল৷ পিছে তাত উপস্থিত কিছু লোকে ক্ষিপ্ৰতাৰে তেওঁক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে, কিন্তু থানাত ৰত্ন খিনি পৰীক্ষা কৰোঁতে গোটেই খিনি নকল বুলি ধৰা পৰিল৷ প্ৰকৃততে তেওঁক কৰায়ত্ত কৰা মানুহৰ দলটোত তেওঁৰ কোনোবা সহযোগীও আছিল যাৰ স’তে তেওঁ হাতৰ মুঠিত ৰত্নখিনি বুদ্ধিৰে অদল বদল কৰে, এতিয়া তেওঁ কিছুদিন জেল খাটিব লাগিব হয়, পিছে তাৰ পৰা ওলাই ৰত্নখিনিৰ এটা ভাগৰ মূল্য তেওঁ পাব, আৰু তাকে লৈ এটা আৰামদায়ক জীৱন তেওঁৰ বাবে নিশ্চিত৷ কি সুন্দৰ পৰিকল্পনা!”

অলপ আগতে তেওঁ দলিয়াই দিয়া কাকতখন মই তুলি ললোঁ৷ “হলেণ্ডত এক ব্যক্তিৰ ৰহস্যজনক মৃত্যু”, এটা বাতৰিয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷
“প্ৰথমতে সকলোৱে তাকেই ক’ব, পিছত গম পাব বোলে সেয়া একেবাৰে স্বাভাৱিক মৃত্যুহে আছিল, বোলে মানুহজন টিনৰ পুৰণি মাছ খাইহে মৰিল৷”
ইতিমধ্যে তেওঁ উঠি খিৰিকী খনৰ ওচৰত থিয় হৈছিল৷


আমাৰ ঘৰৰ ফালে এগৰাকী বেছ আবুৰত ওৰণি পিন্ধা, কিতাপৰ নাটকীয় ভাষাত ক’বলৈ গলে এক অৱগুণ্ঠিতা নাৰী আগবাঢ়ি আহি আছে, হেষ্টলিং৷ মোৰ অনুমান বেছ সুগঢ়ী আৰু কম বয়সীয়া এক ভদ্ৰমহিলা, ইমান সাৱধানতাৰে ওৰণি লোৱাৰ কিবা নহয় কিবা অৰ্থ নিশ্চয় থাকিব”,পয়ৰে চিন্তাশীল ভাবে ক’লে, “বাৰু, দেখা যাওক” ।

আৰু ইয়াৰ ক্ষন্তেক পাছতে উক্ত মহিলাৰ আমাৰ কোঠাত প্ৰৱেশ৷

পয়ৰে কোৱাৰ দৰেই তেওঁ ইমান ডাঠকৈ ওৰণি লৈছিল যে তেওঁৰ মুখখনৰ বিষয়ে একো ধাৰণা কৰাটো সম্ভৱ নাছিল৷ অৱশ্যে ক’লা লেচ লগোৱা ওৰণিখন আঁতৰোৱাৰ পাছত দেখা গল যে পয়ৰৰ অনুমান সঠিক আছিল৷ ধোঁৱা বৰণীয়া চুলিকোছা আৰু নীলা চকুযুৰিৰে ছোৱালী গৰাকী অত্যন্ত সুন্দৰী৷

বেছি চাকচিক নথকা, অথচ দামী সাজযোৰৰ পৰা তেওঁ যে কোনো অভিজাত পৰিয়ালৰ সদস্য, সেয়া গম পোৱা যায়৷

“পয়ৰ মহাশয়”, ছোৱালীজনীয়ে খুব বিনয়ৰে আৰম্ভ কৰিলে, “মই বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ, সচাঁ কথা ক’বলৈ গলে মোৰ বিশ্বাস নহয় যে আপুনিও মোক সহায় কৰিব পাৰিব বুলি, কিন্তু আপোনাৰ বিষয়ে মই ইমান শুনিছোঁ যে একেবাৰে শেষ আশা এটা লৈ ইয়ালৈ আহিছোঁ৷


“অসম্ভৱ যেন লগা কামবোৰে মোক সদায় আকৰ্ষিত কৰে, মহাশয়া, অনুগ্ৰহ কৰি কৈ যাওক৷”

ছোৱালী গৰাকী অলপ অসহজ যেন হৈ আছিল, পয়ৰে সেয়া মন কৰিছিল৷ তেওঁ কলে “মোৰ অনুৰোধ মহাশয়া, মোৰ পৰা যাতে একো লুকুওৱা নহয়৷”
“হয়, মহাশয়, মই আপোনালোকক সম্পূৰ্ণ বিশ্বাস কৰিম”,তেওঁৰ মাতত এইবাৰ অলপ প্ৰত্যয়ৰ আভাস পোৱা গ’ল ।
“ আপোনালোকে নিশ্চয় ভন প্ৰাসাদৰ লেডী মিলিচেণ্টৰ বিষয়ে শুনিছে?

” এইবাৰ মই অত্যন্ত কৌতুহলেৰে তেওঁলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ৷ লেডী মিলিচেণ্ট হ’ল এক আইৰিছ অভিজাত লোকৰ পঞ্চম জীয়ৰী, যাৰ স’তে ইংলেণ্ডৰ অন্যতম বিবাহযোগ্য যুৱক, ছাউথশ্বায়াৰৰ সুদৰ্শন ডিউকৰ হ’বলগীয়া বিবাহৰ খবৰ কিছুদিন আগতে ঘোষণা কৰা হৈছে৷

“ময়ে লেডী মিলিচেণ্ট৷ মোৰ সদ্য ঘোষিত বিবাহৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে, আজিৰ দিনত মই পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালীজনী হৈ থাকিব লাগিছিল, অথচ মই আজি কি ঘোৰ বিপদত”, তেওঁ কৈ গ’ল৷

“মোৰ সকলো সমস্যাৰ মূল হৈছে মিষ্টাৰ লেভিংটন, এক মহা ধূৰ্ত ব্যক্তি৷
মোৰ বয়স তেতিয়া ষোল্ল বছৰ হৈছিল কি নাই, মই এখন চিঠি লিখিছিলো৷
মি লেভিংটনলৈ বুলি;নহয় নহয়! এজন সৈনিক যুৱকলৈ, সেই সময়ত তেওঁক মোৰ ভাল লাগিছিল, পিছলৈ তেওঁৰ যুদ্ধত মৃত্যু ঘটে৷”

“অস, মই দুঃখিত” পয়ৰে কৈ উঠিল৷

“কিন্তু সেয়া অপৈণত বয়সৰ ল’ৰামতীয়া মূৰ্খামি হে আছিল, মহাশয়, তাতকৈ বেছি একো নহয়, কিন্তু… কিন্তু তাত কিছু এনে শাৰী আছে যাৰ হয়তো অন্য অৰ্থ উলিয়াব পৰা যায়৷”

“বুজিছোঁ, আৰু এইখনেই এতিয়া গৈ মিঃ লেভিংটনৰ হাতত পৰিছে?”
“হয়, আৰু তেওঁ মোক ভাবুকি দিছে যে যদিহে তেওঁ বিচৰা বৃহৎ পৰিমাণৰ ধন মই নিদিওঁ, তেওঁ সেই চিঠি ডিউকৰ ওচৰলৈ পঠিয়াই দিব৷ আৰু মহাশয়, যিটো পৰিমাণ তেওঁ দাবী কৰিছে, সেইয়া যোগাৰ কৰা মোৰ বাবে কেতিয়াও সম্ভৱ নহয়৷ ”
“নিকৃষ্ট চুৱৰ এটা!” , মোৰ মুখৰপৰা ওলাল, “ক্ষমা কৰিব মহাশয়া”সম্ভ্ৰান্ত মহিলা এগৰাকীৰ সন্মুখত তেনে উচ্চাৰণ কৰি মই অৱশ্যে বেচ লজ্জিতও হ’লোঁ৷

“কিন্তু, আপুনি এই কথাখিনি আপোনাৰ ভাবী স্বামীক জনোৱাতো উচিত বুলি নেভাবেনে, লেডী”, পয়ৰে কলে৷

“মই তেওঁক ক’ব নোৱাৰোঁ, পয়ৰ মহাশয়, ডিউকৰ স্বভাৱটো অলপ বেলেগ ধৰণৰ, তেওঁ খুব সন্দেহপৰায়ণ আৰু সহজে আনৰ বেয়াটোহে বিশ্বাস কৰিব খোজে, এনে কৰিবলৈ গৈ মই মোৰ বিয়াখন ভঙাৰ সম্ভাৱনাহে অধিক৷”

“অস”, পয়ৰে চিন্তিত ভাবে কৈ উঠিল৷

“আমাৰ পৰা আপুনি কেনে ধৰণৰ সহায় আশা কৰে, মহাশয়া?“

“আপুনি যদি মোৰ পক্ষ লৈ তেওঁৰ স’তে কথা পাতি, তেওঁ দাবী কৰা টকাৰ পৰিমাণটো অলপ কমোৱাব পাৰে, মোৰ বৰ সহায় হ’ব৷”
“কিমান তেওঁৰ দাবী?“

“বিশ হেজাৰ পাউণ্ড, আৰু ইয়াৰ এহেজাৰো যে মই যোগাৰ কৰিব পাৰিম, সন্দেহ৷”

“ভাল কথা বাৰু, আমি তেখেতক লগ ধৰিম৷ পিছে এটা কথা, লেডী৷
তেওঁৰ হাতত উক্ত চিঠিখন আছে বুলি আপুনি নিশ্চিততো? মানে মই সুধিব বিচাৰিছোঁ, তেওঁ সেইখন আপোনাক কেতিয়াবা দেখুৱাইছেনে?”

“হয় মহাশয়, মই তেওঁৰ ঘৰলৈ যাওঁতে তেওঁ সেইখন মোক দেখুৱাইছিল৷”

“অৰ্থাৎ আপুনি তেওঁৰ ঘৰ পৰ্য্যন্ত পাইছিলগৈ! লেডী, আপুনি কিন্তু এইয়া বৰ সাৱধানীৰ দৰে কাম কৰা নাই৷”

“এৰা, হয়েই চাগৈ, কিন্তু মই বিতত হৈ পৰিছিলোঁ, ভাবিছিলোঁ হয়তো মোৰ কাতৰ মিনতিয়ে তেওঁৰ হৃদয় গলাব৷”

“লেভিংটনৰ দৰে ধূৰ্তৰ হৃদয় প্ৰাৰ্থনাই নগলায়৷ বৰং সিহঁতে সন্মুখত থকাজনৰ অসহায় অৱস্থাৰ অধিক সুযোগ লোৱাৰহে পাং পাতে৷ বাৰু যি নহওঁক, আপুনি ভদ্ৰলোকৰ ঠিকনাটো আমাক দিয়ক৷”
“বুয়েনা ভিষ্টা, উইম্বলডন৷ মই তেওঁৰ ঘৰলৈ ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ গৈছিলোঁ৷ আনকি শেহত কোনো উপায় নেদেখি মই আৰক্ষীক খবৰ দিয়াৰো ভয় দেখুৱাইছিলোঁ, কিন্তু তেওঁ এক আচৰিত আত্মবিশ্বাসেৰে তাক হাঁহি উৰুৱাই দিছিল৷
তেওঁ মোৰ সন্মুখলৈ এটা চীনা সাঁথৰখেলৰ বাকচ আনি তাত ৰখা মোৰ চিঠিখন খুলি দেখুৱাইছিল, তৎক্ষণাত মই সেইখন কাঢ়িবলৈ চেষ্টা কৰোঁতে তেওঁ অতি ক্ষিপ্ৰতাৰে সেইখন সামৰি বাকচ টোৰ ভিতৰত ভৰাইছিল আৰু এটা কুটিল হাঁহিৰে মোৰ ফালে চাই কৈছিল-‘চিন্তা নকৰিব, আপোনাৰ গোপন চিঠি মোৰ ওচৰত সুৰক্ষিত হৈ আছে৷’ মহা ঘৃণনীয় মানুহ এটা, পয়ৰ মহাশয়, মোক সহায় কৰিব পাৰিবনে বাৰু আপুনি?”, লেডীয়ে কাতৰ ভাবে সুধিলে৷

“মোৰ ওপৰত আস্থা ৰাখক, মই কিবা নহয় কিবা এটা উপায় উলিয়াম”, পয়ৰে তেওঁক তললৈ আগবঢ়াই থবলৈ গ’ল৷

তেওঁলোক যোৱাৰ ফালে চাই চাই মই ভাবিলোঁ – এই লেভিংটনক কাবু কৰাটো বেছ কঠিন খেল এখনেই হব৷

লেভিংটনৰ সৈতে সেই গধূলিয়েই আমাৰ সাক্ষাৎ হ’ল৷ লেডীয়ে বৰ্ণনা কৰাৰ দৰেই এক ঘৃণা ওপজা স্বভাৱৰ ব্যক্তি৷ গোটেই পৰিস্থিতিটো যে তেওঁৰেই নিয়ন্ত্ৰণত আছে, গোটেই সময়খিনি নিজৰ কথা আৰু ব্যৱহাৰৰ দ্বাৰা মানুহজনে তাকেই বুজাই থাকিল৷ কথা পাতি থকা সময়ত মই পিন্ধি থকা জোতাযোৰৰ ভিতৰত এক তীব্ৰ খজুৱতি অনুভৱ কৰিছিলোঁ, যিটো হয়তো ধূৰ্তটোক এবাৰ লথিয়াব পালেহে ক্ষান্ত হলহেঁতেন৷

“বাৰু, ভদ্ৰলোকসকল”, তেওঁ এপাকত বহাৰ পৰা উঠিল, “এইবোৰ আলোচনাৰ দ্বাৰা একো লাভ হোৱা নাই৷ কিন্তু আপোনালোকে ইমান খাটনি ধৰিছে যেতিয়া মই বাৰু লেডী মিলিছেণ্টক অলপ ৰেহাই দিব পাৰোঁ৷ ধৰি লওক ওঠৰ হেজাৰ পাউণ্ড৷ মই এতিয়া কিছু ব্যৱসায়িক কামৰ হেতুকে পেৰিছলৈ ৰাওনা হম, আৰু অহা মঙ্গলবাৰলৈ উভতিমহি৷ সেই সন্ধিয়ালৈ যদি মই সম্পূৰ্ণ টকা নাপাওঁ, চিঠি ডিউকৰ ওচৰলৈ পঠিওৱা হ’ব৷
আপোনালোকে আকৌ এতিয়া নক’ব যে লেডীয়ে এইখিনি ধনো যোগাৰ কৰিব নোৱাৰে৷ তেওঁৰ অনেক যুৱক বন্ধুৱে তেওঁক এইকণ ধন ধাৰলৈ দিব পাৰিলে নিজকে ধন্য মানিব, যদিহে লেডীয়ে ইয়াৰ বাবে সঠিক ধৰণে আগবাঢ়িব জানে”, স্বভাৱগত কুটিল হাঁহিটোৰে লেভিংটনে ক’লে৷

তাৰ ধৃষ্টতা দেখি প্ৰচণ্ড খঙত মোৰ মুখখন ৰঙা পৰি আহিছিল৷ তাৰ পিনে মই চোঁচা এটা লৈছিলোঁৱে, পিছে সিমানলৈ সি কোঠাটোৰ পৰা প্ৰস্থান কৰিলেহি৷


“ভগৱান! আমি অতি শীঘ্ৰে কিবা এটা কৰিব লাগিব৷ পয়ৰ, মোৰ কিয় জানো ভাৱ হৈছে তুমি এই মানুহজনক সঠিক গুৰুত্বসহকাৰে লোৱা নাই”,উভতি আহি মই ক’লো৷

“বন্ধু”, পয়ৰে কলে,“মই জানো তোমাৰ হৃদয়খন বৰ কোমল, পিছে কথাটো হৈছে যে বৰ্তমান তোমাৰ মগজৰ কোষবোৰে সঠিক ধৰণে কাম কৰা নাই৷ এই লেভিংটনক মোৰ কৰ্মদক্ষতাৰে মুগ্ধ কৰাৰ কোনো আঁচনি অন্ততঃ বৰ্তমান মোৰ নাই৷ বৰং সি মোক যিমানেই পাতলকৈ লয় সিমানেই ভাল৷বাৰু হেষ্টিংচ, পুৱা বন্দ ষ্ট্ৰীটৰ ঘটনাটো আলোচনা কৰোঁতে মই তোমাক মোৰ মনত অহা ভাবটো কৈছিলোঁনে যে মই যদি এই মগজটো বেআইনী কামতো কেতিয়াবা খটাব লগীয়া হয়, তাতো মই ভাল প্ৰদৰ্শনেই কৰিম৷”, পয়ৰে ইংগিতপূৰ্ণ ভাৱে ক’লে৷

“কি?  তুমি তাৰমানে এতিয়া এই লেভিংটনৰ ঘৰত ডকাইতিহে কৰিম বুলি ভাবিছা নেকি?”, মই আচৰিত হৈ সুধিলো৷

“কেতিয়াবা কিন্তু হেস্টিংচ, তোমাৰ মগজুৱে বৰ আচৰিত ক্ষিপ্ৰতাৰে কাম কৰে।”

“আৰু যদি তেওঁ চিঠিখন নিজৰ লগত লৈ গৈছে?

“এনে হোৱাৰ সম্ভাৱনা নিচেই কম, মোৰ বোধেৰে সেইটো ঘৰত নিঃসন্দেহে এনে এডোখৰ ঠাই আছে, যি কোনেও বিচাৰি নাপায় বুলি লেভিংটনৰ দৃঢ়বিশ্বাস আছে৷”

“বাৰু…তেতিয়াহ’লে…চুৰিটো… ম…..মানে কামটো কেতিয়া কৰিম আমি?”

“কাইলৈ নিশা, আমি ইয়াৰ পৰা এঘাৰ বজাত যাত্ৰা আৰম্ভ কৰিম ।”

নিৰ্দিষ্ট সময়ত মই অভিযানৰ বাবে সাজু হৈ উঠিলোঁ৷ পিন্ধনত এযোৰ ডাঠ ক’লা ছ্যুট আৰু এটা ধোঁৱাবৰণীয়া হ্যেট৷

পয়ৰে মোৰ ফালে চাই ক’লে-“তুমি দেখিছোঁ সম্পূৰ্ণ সাজু, ব’লা তেন্তে, অভিযান আৰম্ভ কৰা হওঁক”৷

“কিন্তু আমি লগত একো সা-সঁজুলি নিনিওঁ নেকি? অন্ততঃ দুৱাৰ ভাঙি সোমাবলৈতো কিবা অলপ সৰঞ্জাম লাগিবই”,মই সুধিলোঁ৷

পয়ৰে অৰ্থপূৰ্ণ ভাবে হাঁহি কলে-“মৰমৰ হেষ্টিংছ, এই পয়ৰে ইমান কেঁচা উপায়েৰে কাম নকৰে৷”

মই মনে মনে থাকিলোঁ৷ অৱশ্যে মোৰ কৌতুহল সম্পূৰ্ণ সজাগ হৈ থাকিল৷

প্ৰায় মাজনিশাৰ সময়ত আমি বুয়েনা ভিষ্টা পালোহি৷ ঘৰটো নিঃশব্দতা আৰু অন্ধকাৰত ডুবি আছিল৷ পয়ৰ চিধাই ঘৰটোৰ পাছফালে থকা খিৰিকী এখনৰ কাষলৈ গ’ল, অনায়াসে কাঁচখন দাঙিলে, আৰু মোক সোমাবলৈ নিৰ্দেশ দিলে৷
মই দস্তুৰমত আচৰিত, “এইখন খোলা থাকিব বুলি তুমি কেনেকৈ গম পালা?”,মই ফুচফুচাই সুধিলোঁ৷

“কাৰণ আজি পুৱাই মই এই কাঁচখন খুলি, পুনৰ লগাই থৈ গৈছিলোঁ৷”
“কি?”

“এৰা, আৰু এইয়া কৰাটো তেনেই সহজ আছিল” ,পয়ৰে ক’লে,“মই কেৱল আহিলোঁ, বন্ধু ইন্সপেক্টৰ জেদ্দৰ পৰা ধাৰলৈ অনা তেওঁৰ আনুষ্ঠানিক পৰিচয় পত্ৰ এখন দেখুৱাই ঘৰৰ চোৱা চিতা কৰা লগুৱাজনক ক’লো যে মিঃ লেভিঙটনৰ অনুৰোধ মৰ্মে স্কটলেণ্ড য়াৰ্ডে তেওঁৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰত ডকাইতি প্ৰতিৰোধী কিছু যন্ত্ৰ লগোৱাৰ বাবে মোক দায়িত্ব অৰ্পণ কৰি পঠিয়াইছে৷
তেওঁ বেছ উৎসাহেৰেই মোক আদৰি কামৰ সকলো সুবিধা কৰি দিলে৷ মই সকলো যাৱতীয় কাম কৰি অটাই ঘৰৰ সকলোকে নিৰ্দেশ দিলোঁ যে সকলো দুৱাৰ খিৰিকীতে বিজুলীৰ সংযোগ দিয়া হৈছে আৰু অন্তত এদিনলৈ যাতে সেইবোৰ হাতেৰে চোৱা নহয়৷”
“ৱাহ পয়ৰ, তোমাৰ তুলনা নাই৷”

“এয়াতো সহজেই আছিল, বন্ধু, এতিয়াহে ব’লা, আচল কামত লাগো”৷ ঘৰৰ সকলো লগুৱা ওপৰ মহলাত শোৱে৷ গতিকে তেওঁলোকৰ টোপনিত ব্যাঘাত জন্মাৰ ভয় নাই৷

মোৰ বোধেৰে হয়তো ঘৰটোৰ কোনো দেৱালৰ ভিতৰত গোপন আলমাৰী সাজি তাত বাকচটো ৰাখিছে মিঃ লেভিংটনে৷


“আলমাৰী”, পয়ৰে কলে, “ওহোঁ একো আলমাৰী -ছালমাৰী নাই, মিঃ লেভিংটন খুব চালাক ব্যক্তি৷গম পাবাই, তেওঁ খুব কৌশলেৰে চিঠিখন লুকুৱাইছে৷”

আমি এফালৰ পৰা তালাচী আৰম্ভ কৰিলোঁ৷ কিন্তু কেইবা ঘণ্টা বিচৰাৰ পাছতো বাকচটোৰ কোনো শুংসূত্ৰ নাই৷ পয়ৰৰ মুখখনত লাহে লাহে অলপ খং উঠাৰ লক্ষণ দেখা পোৱা গল৷

“অস, পয়ৰ, তুমি হাৰিব নোৱাৰা, শান্ত হোৱা আৰু ভাবা, ভাবা, মগজুৰ কোষ বোৰক কামত লগোৱা, যুক্তিৰে বিশ্লেষণ কৰা..”,তেওঁ নিজকে নিজে কোৱাদি কলে৷
তেওঁ ভ্ৰূ যোৰ কোঁচ খোৱাই অলপ সময় একে ঠাইতে ৰৈ কিবা ভাবিলে, আৰু লাহে লাহে তেওঁৰ চকুযুৰিলৈ এটা উজ্জ্বলতা নামি আহিল৷

“ পাকঘৰলৈ বলা”
“পাকঘৰ! অসম্ভৱ! ওপৰত সকলো লগুৱাবোৰ শুই আছে৷”

“নিশ্চয়, এশৰ ভিতৰত নিৰানব্বৈ জনেই তাকেই ক’ব, আৰু সেইয়েই পাকঘৰটো হ’ল আটাইতকৈ নিৰাপদ ঠাই৷ এতিয়া বলা”

,মনত যথেষ্ট সংশয় লৈ মই তেওঁক ওপৰলৈ অনুসৰণ কৰিলোঁ৷ পাকঘৰৰ ৰুটিৰ টেমা, বিভিন্ন বাচন, গেছৰ স্তোভ, আদি সকলোতে পয়ৰে খুঁচৰা আৰম্ভ কৰিলে৷ তেওঁৰ কাণ্ড কাৰখানা চাই চাই আমনি লগাত মই পঢ়া কোঠাটোলৈ আহিলোঁ৷ মোৰ বিশ্বাস আছিল যে ওপৰত থাকিলে বাকচটো ইয়াতে থাকিব৷ তাতে বিচাৰ খোচাৰ শেষ কৰা মানে চাৰি বাজি গ’ল৷ অতি সোনকালেই বাহিৰত পোহৰ হ’ব, গতিকে মই লৰালৰিকৈ পাকঘৰলৈ ঘূৰিলোঁ৷

পাকঘৰ পাই মোৰ আচৰিত হোৱা পাল৷ তাত থকা কয়লাৰ ডাঙৰ বিনটোৰ ভিতৰত সোমাই, নিজৰ কাপোৰযোৰ সম্পূৰ্ণ ক’লা কৰি পয়ৰে অভিযান চলাই আছিল৷

“পয়ৰ, তাত বাকচটো কেনেকৈ লুকুৱাব লেভিংটনে? ”

“বন্ধু, চকুযুৰি যদি আৰু অলপ ভালকৈ ব্যৱহাৰ কৰি চোৱা, তুমি ধৰিব পাৰিবা যে মই ঠিক কয়লাবোৰৰ মাজত সেইয়া বিচৰা নাই” ।

তেনেতে মোৰ দৃষ্টি কয়লাৰ ড্ৰামটোৰ কাষতে দমাই থোৱা শুকান খৰিৰ দমটোলৈ গ’ল৷
ডাঙৰ ডাঙৰ খৰিৰ কাঠৰ টুকুৰা বোৰ এডাল এডাল কৈ পৰীক্ষা কৰি কৰি খুব সন্তৰ্পণে পয়ৰে আঁতৰাই আছিল৷ মই তেওঁক চাই থাকিলোঁ৷

তেনেতে তেওঁ চেপাকৈ অথচ উচ্ছসিতভাবে চিঞৰি উঠিল-“হেস্টলিং, তোমাৰ চুৰিখন!”..

চুৰিখন লৈয়ে তেওঁ হাতত লৈ থকা কাঠৰ টুকুৰাটোত ভৰাই দিলে, আৰু প্ৰায় লগে লগেই কাঠডোখৰ দুফাল হৈ পৰিল৷ কাঠডোখৰ বেছ আজব কায়দাত ঠিক সোঁমাজেৰে সীঁ থোৱা আছিল৷ তাৰ মাজৰপৰা পয়ৰে আলফুলে উলিয়াই আনিলে এটি অতি সৰু ধুনীয়া চীনা আৰ্হিৰ বাকচ৷

“সুন্দৰ কাম!”,মই আৱেগত অলপমান চিঞৰিয়েই উঠিলোঁ৷


লাহে লাহে, হেস্টিংচ বেছি নিচিঞৰিবা, আমি ইয়াৰপৰা পোহৰ হোৱাৰ আগতেই পলাব লাগিব, গতিকে বেগেতে বলা৷”

বাকচটো জেপত থৈ, কয়লাৰ ড্ৰামটোৰ পৰা ওলাই পয়ৰে কাপোৰ যোৰ ভালকৈ জাৰি- জোকাৰি ল’লে৷ অলপ সময়ৰ ভিতৰতে আমি ঘৰটো যিমান পাৰি আগৰ নিচিনাকৈ থান থিত লগাই থৈ তাৰপৰা ওলাই আহিলোঁ৷

“বাহ! কি অসাধাৰণ ঠাইত লুকুৱাইছে৷ কোনোবাই কাঠডোখৰ জ্বলাই পেলাবওতো পাৰিলেহেঁতেন৷”,মই ক’লো ।

“এই জুলাই মাহৰ গৰমত? আৰু তাতে মন কৰিবা বাকচটো থোৱা কাঠডোখৰ আছিল দমটোৰ একেবাৰে তলৰফালে৷”

টেক্সি এখন ভাড়া কৰি আমি ঘৰলৈ উভতিলোঁ৷ সাফল্যৰ আনন্দ উত্তেজনাত আমাৰ শোৱালৈ বেছ দেৰিয়েই হৈছিলগৈ৷

সাৰ পোৱালৈ দুপৰীয়া প্ৰায় এক বাজিছিল৷ মই চ’ৰাঘৰলৈ আহি দেখিলোঁ যে পয়ৰে তাত তেওঁৰ আৰামী চকী খনত বহি আছে৷ তেওঁৰ ওচৰত খোলা অৱস্থাত বাকচটো আৰু তাৰ চিঠিখন তেওঁৰ হাতত৷
মোক দেখি তেওঁ মিচিকিয়াই হাঁহিলে৷

“লেডী মিলিচেণ্টে ঠিকেই কৈছিল৷ চিঠিখন ডিউকে কেতিয়াও সহজভাৱে নললেহেঁতেন৷ ইয়াত প্ৰেম প্ৰকাশৰ বাবে কিছু বেছ দুঃসাহসিক শব্দৰেই প্ৰয়োগ কৰা হৈছে৷”

পয়ৰৰ কাৰ্য্যত মই অলপ ক্ষুণ্ণ হলোঁ৷,“তুমি সেইখন পঢ়াতো উচিত নহ’ল৷ আৰু এটা কথা, কালি তুমি ইন্সপেক্টৰ জেদ্দৰ যে পৰিচয় পত্ৰখনৰ দুৰ্ব্যৱহাৰ কৰিলা, সেয়াও মোৰ মতে অনুচিত আছিল৷ খেল খেলোঁতে অশুদ্ধ উপায় অৱলম্বন নকৰাটো বাঞ্চনীয়৷


“মই খেল খেলা নাছিলোঁ, হেস্টিংচ কেচ এটাহে সমাধান কৰিছিলোঁ৷”

পয়ৰৰ লগত যুক্তি তৰ্ক কৰি কোনো লাভ নাই৷

তেনেতে বাহিৰৰ চিৰিত জোতাৰ শব্দ শুনা গ’ল৷
মুখত গভীৰ দুশ্চিন্তাৰ চাপ লৈ লেডী মিলিচেণ্টৰ প্ৰৱেশ৷ পিছে পয়ৰে তেওঁক চিঠিখন বাকচটোৰে সৈতে দেখুউৱাৰ লগে লগেই তেওঁৰ মুখৰ অভিব্যক্তি আনন্দলৈ সলনি হ’ল৷

উচ্ছাসেৰে তেওঁ প্ৰায় চিঞৰি উঠিল-“অস, মিঃ পয়ৰ, আপুনি অতুলনীয়, এয়া কেনেকৈ কৰিলে আপুনি? ”

“অলপ আপত্তিজনক পথ অৱলম্বন কৰিবলগীয়া হ’ল, মহাশয়া, হ’লেও আপোনাৰ কোনো চিন্তা নাই, মিঃ লেভিংটনে আপোনাৰ বিৰুদ্ধে কোনো মোকৰ্দমা তৰিব নোৱাৰে, কাৰণ চিঠিখিনিতো অৱশেষত আপোনাৰেই সম্পত্তি, নহয় জানো?


“নিশ্চয়, মহাশয়, আপোনাক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই৷ চিঠিখন ক’ত লুকুৱাই থোৱা আছিল বাৰু? ”

পয়ৰে তেওঁক গোটেইখিনি কথা বিশদভাৱে কলে৷


“আপুনি সঁচাই বৰ জ্ঞানী”,
কৈ কৈ তেওঁ মেজৰ পৰা চিঠিখন ৰখা ধুনীয়া চীনা আৰ্হিৰ বাকচটো হাতত ল’লে,“মহাশয়, এই গোটেই অভিজ্ঞতাৰ এটি স্মৃতি চিহ্ন হিচাপে মই এইটো ৰাখিব বিচাৰিম৷”

প্ৰিয় লেডী, স্মৃতি হিচাপে সেইয়া ময়ো ৰাখিব বিচাৰিছিলোঁ, যদি আপুনি অনুমতি দিয়ে৷


“মোৰ প্ৰৱল ইচ্ছা আপোনাক ইয়াতকৈ বহুগুণে উত্তম এটি উপহাৰ দিয়াৰ, মহাশয়৷ মোৰ ওপৰত বিশ্বাস ৰাখক, মই অকৃতজ্ঞ নহওঁ৷”

“আপোনাক সহায় কৰিব পৰা আনন্দতকৈ ধন সোণ অধিক সুখদায়ী নহয়, লেডী, অনুগ্ৰহ কৰি মোক সেইটো ৰখাৰ অনুমতি দিয়ক ।”
“নহয় মিঃ পয়ৰ, এইটো মোক লাগিবই”, লেডীয়ে হাঁহি হাঁহিয়েই, কিন্তু অলপ উচ্চ স্বৰত কৈ উঠিল৷

“এয়া হয়তো সম্ভব নহ’ব৷ ”

বাকচটো লৈ থকা হাতখন তেওঁ
পিছলৈ টানি নিব খুজিছিল, কিন্তু পয়ৰে তৎক্ষণাত তেওঁৰ হাতৰপৰা সেইটো একপ্ৰকাৰ কাঢ়ি ল’লে৷

“কি বুজাব বিচাৰিছে আপুনি?”, লেডীয়ে খঙত চিঞৰি উঠিল৷

“মহাশয়া, আগেয়ে বাকচটোৰ বাকীখিনি বস্তু মোক উলিয়াই ল’ব দিয়ক৷ আপুনিতো ইতিমধ্যে নিশ্চয় মন কৰিলেই, বাকচটোৰ আকাৰ টো আধা সৰু হৈছেই, ওপৰৰ খলপাত থকা চিঠিখন ইতিমধ্যে সেইটোৰপৰা ওলাইছে, আৰু বাকী থকাখিনি…“পয়ৰে হাতখন বাকচটোৰ ভিতৰত সুমুৱাই লাহেকৈ উলিয়াই আনিলে, আৰু তেওঁৰ হাতৰ তলুৱাত জিলিকি ৰ’ল চাৰিটা উজ্জ্বল ৰত্ন-পাথৰ আৰু দুটি ডাঙৰ বগা মুকুতা৷


“এইয়া হল কিছুদিন আগতে বন্দ ষ্ট্ৰীটৰ ডকাইতিত হেৰুওৱা ৰত্নবোৰ”, পয়ৰে কলে,“বাকী কথাখিনি আমাক ইন্সপেক্টৰ জেদ্দে ক’ব৷”

আমাক আচৰিত কৰি জেদ্দ পয়ৰৰ শোৱা কোঠাৰ ভিতৰৰ পৰা ওলাই আহিল৷

“এওঁক, আপোনাৰ পুৰণি বন্ধুক নিশ্চয় চিনি পায়, নহয়নে লেডী?”পয়ৰে কলে,“ এই বুঢ়া চয়তানটো, আকৌ ধৰিলি তই মোক”, এতিয়ালৈ প্ৰদৰ্শন কৰি অহা সম্ভ্ৰান্ত ভদ্ৰমহিলা সুলভ সকলো আচাৰ ব্যৱহাৰৰ আহুতি দি লেডীয়ে চিঞৰি উঠিল৷

“জেৰ’টি আইদেউ, তোমাৰ খেলখন শেষ হ’ল, অৱশ্যে তোমাক ইমান সোনকালে আকৌ দেখিম বুলি ময়ো ভবা নাছিলোঁ৷ চিন্তা নকৰিবা, তোমাৰ আনজন বন্ধু, ভুৱা মিঃ লেভিংটনো আমাৰ জিম্মাতেই আছে৷ আৰু আচল বেচেৰা লেভিংটন ওৰফে ক্ৰুক ওৰফে ৰীদ, বন্দ স্ত্ৰীট ডকাইতিৰ ৰত্নখিনি যাৰ হাতত কৌশলেৰে হস্তান্তৰ কৰা হৈছিল, তেওঁৰ হাতত সেইখিনি থকা বুলি জানি বেলেগ এটা ডকাইতৰ দলে তেওঁক দুদিন আগতে হলেণ্ডত আত্মগোপন কৰি থকা অৱস্থাত হত্যা কৰে৷ আৰু সেয়ে দলটোৰ বাকী সদস্য, তোমালোক দুজনে ভাবি চিন্তি এই খেলখন ৰচিলা৷

লেডী মিলিছেণ্টক ভাবুকি দি ধন সৰকাবলৈ এই ভুৱা চিঠিখন ব্যৱহাৰ কৰাটো তোমালোকৰেই আঁচনি আছিল, আৰু লেভিংটনে ডকাইতিটোত পোৱা সম্পত্তিখিনিও এই বাকচটোতে চিঠিখনৰ সতে ৰখা হৈছিল, ইমানলৈ তোমালোকে জানিছিলা৷ পিছে প্ৰকাণ্ড ঘৰটোত লেভিংটনে এইটো ক’ত লুকুৱাই ৰাখিছিল, সেইটো তোমালোক দুজনে গম নাপালা৷ সেই গতিকে তোমালকে এই কাহিনীৰ সৃষ্টি কৰি পয়ৰৰ সহায় লোৱাৰ আঁচনি বনালা, আৰু তেৱোঁ এই কাৰ্যত সফল হল৷ পিছে তোমালোকৰ হাতলৈহে একো নাহিল৷”
“বাৰু, বাৰু, ক্ষান্ত হোৱা, যি দেখিছোঁ কথা কবলৈ পালে তোমাক একো নালাগে৷ মই শান্ত শিষ্ট ভাৱে তোমাৰ সৈতে যাবলৈ সাজু৷ যিমান যি নহ’লেও তোমালোকে যাতে মোক এগৰাকী নিখুঁত ভদ্ৰমহিলা হিচাপেই মনত ৰাখা, বিদায় সকলোকে৷”

তেওঁলোকে প্ৰস্থান কৰিলে৷

মোৰ ইতিমধ্যে মুখৰ মাত হৰিছিল৷

পয়ৰে কৈ গল-“ তোমাৰ ইংলেণ্ড দেশৰ নীতি নিয়ম মই বেছ কিছুখিনি অধ্যয়ন কৰিছোঁ৷ মোৰ জ্ঞানে কয়, জন্মগত ভাবে সম্ভ্ৰান্ত এগৰাকী ভদ্ৰমহিলা সদায় নিজৰ জোতাযোৰক লৈ সাৱধান হয়৷ পৰিস্থিতিৰ পাকত পৰি তেওঁ কেতিয়াবা অলপ নিয়মৰ বাহিৰত সাজ পোছাক পৰিধান কৰিলেও কেতিয়াও সস্তীয়া বা দৃষ্টিকটু জোতা নিপিন্ধে৷ এইগৰাকী ভুৱা লেডী আমাৰ ঘৰলৈ অহাৰ দিনা তেওঁৰ পিন্ধনত দামী পোছাক নিঃসন্দেহে আছিল, কিন্তু তেওঁৰ জোতাযোৰ চকুত পৰাকৈ তেওঁৰ সাজসজ্জাৰ সৈতে নিমিলাধৰণৰ আছিল৷ তাৰ উপৰিও তেওঁৰ ডাঠ ওৰণি আৰু নাটকীয় কাহিনীয়ে মোৰ সন্দেহ ঘনীভূত কৰিলে৷ তাৰ উপৰি লেডী মিলিছেণ্ট খুব কম সময়ৰ বাবে লণ্ডন চহৰত আছিল৷ আমাৰ দুজনৰ এজনেও তেওঁক দেখা পোৱাৰ কোনো সম্ভাৱনা নাই৷ চীনা বাকচ টোৰ কথা দলটোৰ সকলোৱে জানে, কিন্তু সেইটো কাঠখৰিৰ ভিতৰত থকাটো কেৱল আচল লেভিংটনেহে
জানিছিল৷ গতিকে তেওঁৰ মৃত্যুৰ পিছত সেইয়া বিচাৰি উলিয়াবৰ বাবেই এই নাটকৰ ৰচনা কৰা হ’ল৷ পিছে সেইদিনা কাকতত খবৰ ওলোৱা, সেই মৃত্যু হোৱা মানুহজন যে আচল মিঃ লেভিংটন আছিল, সেইয়া ইন্সপেক্টৰ জেদ্দক লগ ধৰিহে মই গম পালোঁ৷ বাকী কাহিনী তুমি জানাই৷

বাৰু, সি যি নহওঁক, হেস্টংচ, তোমালৈ মোৰ এটা অনুৰোধ ৰ’ল-আগলৈ যাতে ইংলেণ্ডৰ অপৰাধী সকলে মোক চিনি নাপায় বুলি কৈ আকৌ মোৰ অনুভূতিক আঘাত নকৰা, কিয়নো মোৰ বন্ধু, বিপদত পৰিলে সিহঁতেও মোৰ ওচৰলৈহে আহে৷ “

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.