দুজন সাধক আৰু দুটা পুথিভঁৰাল – অভিনিবেশ শৰ্মা

দুজন সাধক আৰু দুটা পুথিভঁৰাল  –  অভিনিবেশ শৰ্মা

দুজন সাধক আৰু দুটা পুথিভঁৰাল – অভিনিবেশ শৰ্মা

by August 18, 2017 0 comments

১৯১৬ চন৷ ৪৩ নং আমহাৰ্ষ্ট ষ্ট্ৰীটৰ এমহলীয়া ঘৰটোত তেতিয়া প্ৰবাসী অসমীয়া ছাত্ৰ কেইজনমানে বাস কৰিছিল৷ ’অসম ফ্ৰেণ্ডছ এজেঞ্চী’ নামৰ এই মেছটোৰ পৰিচালক আছিল বৰপেটাৰ লোহিত চন্দ্ৰ ভূঞা নামৰ এজন ব্যৱসায়ী৷ ঘৰটোৰ উত্তৰে অৱস্থিত এজনীয়া কোঠালিটোৰ বাসিন্দা সংস্কৃত কলেজৰ ছাত্ৰ কৃষ্ণকান্ত সন্দিকৈ৷ সন্দিকৈ সদায় পঢ়াতে নিমগ্ন হৈ থাকে৷ সকলোৰে লগত হলি-গলিও নাই৷ তেওঁৰ কোঠালিটোত উড়ীয়া লগুৱাজন আৰু ৰান্ধনী ঠাকুৰজনৰ বাহিৰে আন মানুহৰ সমাগম খুব কমেই হয়৷ অৱশ্যে কেতিয়াবা কবি যতীন দুৱৰা আৰু বাণীকান্ত কাকতি তেওঁৰ ওচৰলৈ আহে৷ শনি-দেওবাৰে বৰ্হিজগতৰ নানা বা-বাতৰি লৈ উপস্থিত হয় কথাত টক-টকীয়া ’বিহগুটি বৰা’ ওৰফে বেণুধৰ শৰ্মা৷ তেখেতৰ সৈতে ক্ষন্তেক সময় বাৰ্ত্তালাপ কৰি সন্দিকৈ আকৌ সংস্কৃত মহাকাব্য পঢ়াত অভিনিৱেশ৷ বাহিৰলৈ ফুৰা চকা কৰিবলৈয়ো খুব কমহে ওলাই যায়৷ ক্লাছলৈ যোৱাৰ বাহিৰে ইম্পেৰিয়েল লাইব্ৰেৰীত (এতিয়াৰ National Library) জ্ঞান বুটলিবলৈ আৰু বুধবাৰে শনিবাৰে ষ্টাৰ বা মিনাৰ্ভাত থিয়েটাৰ চাবলৈ মাথোন যায়৷

এদিন অৱশ্যে ব্যতিক্ৰম ঘটিল৷ সন্দিকৈৰ মন গ’ল কলেজ স্কোয়েৰ চাবলৈ৷ লগত ল’লে বেণু শৰ্মাক৷ মুখত তামোল ভৰাই দুয়ো কলেজ স্কোয়েৰলৈ বুলি খোজ ল’লে৷

কলেজ স্কোৱাৰত আজিৰ দৰে তাহানিও পুৰণি কিতাপৰ পয়োভৰ৷ তেনে কিতাপ বেচা দোকান এখনৰ সন্মুখত দুয়ো ক্ষন্তেক সময় ৰ’ল৷ এনেতে শৰ্মাই চিনাকি বঙালী ভদ্ৰলোক এজনক দেখি, মাত লগাবলৈ আগ বাঢ়ি গ’ল৷ সন্দিকৈয়ে কিতাপৰ শাৰী তন্ন-তন্নকৈ চোৱাত লাগিল৷ তল ওপৰ কৰি চাই থাকোতে তেওঁৰ চকুত পৰিল ৰমেশ চন্দ্ৰ দত্তৰ Civilization of Ancient India নামৰ গ্ৰন্থখন৷ কিতাপখন দাঙি আনি লিৰিকি বিদাৰি চাওঁতে দেখা পালে দত্তই পাতনিত লিখা এষাৰ বাক্য –

“Amongst my countrymen the great reformer Raja Ram Mohan Roy and Dayananda Saraswati turned their attention to Sanskrit Literature… and lastly my learned friend Mr. Anundoram Boroaah of the Bengal Civil Service has published a handy and excellent English-Sanskrit Dictionary and is now engaged in a Sankskrit Grammar of formidable size and erudition. ”

আন এঠাইত হাতে লিখা বাক্য এষাৰো আছিল –

Dear Anundoram, I have cherished our friendship for twenty years, and more, since the old College days in this country and in England – R.C. Dutt, 13.8.1888

এইখন দেখোন ৰমেশ দত্তই অপ্ৰতিম বন্ধু, বিদগ্ধ সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱালৈ উপহাৰ দিয়া কিতাপ!

উৰুলিকৃত হৈ সন্দিকৈয়ে বেণু শৰ্মাক চিঞৰি মাতিলে – “হেৰি শৰ্মা, আজি কলেজ স্কোৱাৰত সঞ্জিৱনী বিচাৰি পালো!” মাতষাৰ শুনিয়েই শৰ্মা ঢাপলি মেলি আহিল৷ গহীন সন্দিকৈ মানুহজনৰ মুখত এটা হাঁহি৷ কিতাপ বেচোঁতাই যি দামকে ক’লে তাকে তৎক্ষণাত দি কিতাপখন ক্ৰয় কৰিলে৷ কিতাপৰ আচল দাম দুটকা কি তিনি টকাহে; কিন্তু সন্দিকৈয়ে অকুণ্ঠিতভাৱে তেওঁক দহ টকীয়া নোট এখন উলিয়াই দি ক’লে – “এইখনৰ দাম দুটকা একোৱেই নহয়৷ এক বন্ধু ৰমেশ দওই আন এজন বন্ধু আনন্দৰাম বৰুৱাক দিয়া কিতাপ৷ তাতে ৰমেশ দত্তৰ হস্তাক্ষৰো আছে৷ দুয়ো গৰাকীয়েই ভাৰতৰ পূজনীয়, বিদ্বান আৰু বিদগ্ধ পণ্ডিত৷ এই কিতাপটিয়েই এটি ডাঙৰ মূল্যৱান সম্পদ৷ “

সন্দিকৈয়ে এইবাৰ ৰাস্তাটোৰ সিপাৰে থকা দোকান এখনলৈ আঙুলিয়াই ক’লে, ”সেইখন দেখিছেনে শৰ্মা? এখন ঐতিহাসিক কিতাপৰ দোকান৷ ভূঞা ডাঙৰীয়াই (সূৰ্য্য কুমাৰ ভূঞা) এবাৰ মোক কোৱা মনত আছে, ১৮৮৫ নে ৮৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ‘ফেলো’ নিযুক্ত হোৱাৰ পিছত আনন্দৰাম বৰুৱা প্ৰায়েই ডেলহাউচি স্কোয়েৰত থকা গ্ৰেট ইষ্টাৰ্ণ হোটেলত বাস কৰিছিল৷ তাৰ পৰা গধূলি হ’লে কলেজ স্কোয়েৰলৈ আহি পুৰণা কিতাপৰ দোকানবিলাক ঘাটি ফুৰিছিল৷ মিঃ এস চি আদ্যৰ দোকানখনলৈ হেনো তেওঁ প্ৰায়ে আহিছিল৷ এই দোকানখনৰ বৃদ্ধ মেনেজাৰ আৰু আন আন দোকানৰ গৰাকীসকলে এতিয়াও বৰুৱাৰ নাম লয়৷ “

এনেদৰে সেই সময়ৰ প্ৰবাসী অসমীয়া ছাত্ৰ সকলৰ মাজত এক enigma (বিস্ময়) হৈ পৰিছিল বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱা৷ নানা প্ৰতিবন্ধকতা নেওচি জকাইচুকীয়া অসম প্ৰদেশৰ পৰা গৈ এখন জিলাৰ ভাৰ চম্ভালা সৰ্বপ্ৰথম ভাৰতীয় ম্যাজিষ্ট্ৰেট হিচাপে সুনাম অৰ্জন কৰা আৰু এজন প্ৰতিভাশালী সংস্কৃতজ্ঞ হিচাপে স্বদেশ আৰু বিদেশৰ পণ্ডিত সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আনন্দৰাম বৰুৱা আছিল তেওঁলোকৰ আদৰ্শ পুৰুষ৷ নিচেই কম বয়সত জীৱন নাট সামৰা দেখি অনেকৰ নিমিত্তে তেওঁ এক কৌতূহলৰ বিষয়ৰূপেও পৰিগণিত হৈছিল৷

বিংশ শতাব্দীৰ প্ৰথম দশকৰ পৰাই তেওঁৰ জীৱন চৰিত লিখিবলৈ অনেকে গুণা-গঁথা কৰা ইতিমধ্যে আৰম্ভ কৰিছিল, কিন্তু ইয়াক কাৰ্য্যকাৰী কৰিছিল কেৱল সূৰ্য্যকুমাৰ ভুঞাইহে৷ কালে কাঢ়ি নিয়া আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিখনৰ ক্ষত-বিক্ষত টুকুৰাবোৰ একগোট কৰিবলৈ ভুঞাই যি অক্লান্ত পৰিশ্ৰম কৰিছিল সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে পাথেয় হৈ ৰ’ল৷ তেওঁ লিখা বৰুৱাৰ জীৱন চৰিতখনক (প্ৰথম প্ৰকাশ ১৯২০ চন) সেয়েহে এক দিকদৰ্শী জীৱনী বুলি কোৱা হয়, – ঠিক আৰ্ভিং স্তনৰ ‘লাষ্ট ফৰ লাইফ’ৰ দৰে৷

এইখিনিতে অৱশ্যে ক’বলৈ পাহৰিছোঁ যে পূৰ্বে উল্লিখিত কিতাপখন ক্ৰয় কৰি অজানিতে সন্দিকৈয়ে অসমীয়া জাতিৰ হকে এক বৃহৎ উপকাৰ সাধি গৈছিল৷ কলেজ ষ্ট্ৰীটৰ বাটৰ দোকান এখনে বেচা এই কিতাপটি অসমীয়া জাতীয় জীৱনৰ বাবে কিয় এক অমূল্য সম্পদৰূপে পৰিগণিত হ’ল তাৰো এক কাহিনী আছে৷

১৮৮৮ চনৰ ডিচেম্বৰ মাহ৷ সেই সময়ত নোয়াখালীত আনন্দৰাম বৰুৱাই ম্যাজিষ্ট্ৰেট হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল৷ তদুপৰি তেওঁৰ magnum opus বুলি অভিহিত ১২,০০০ পৃষ্ঠাৰ ১২ টা খণ্ডৰ সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণখনৰ (A Comprehensive Grammar of the Sanskrit Language, Analytical, Historical and Lexicographical. 1881-1889) তৃতীয় এটি খণ্ড প্ৰস্তুত কৰাত বৰুৱাই অবিৰতভাবে লাগি আছিল৷ এই কামৰ বাবে তেওঁ ইতিমধ্যে দুবাৰ অনুগ্ৰহ বিদায় (furlough) লৈছিল আৰু ১৮৮১ চনত বিলাতলৈ গৈ ব্ৰিটিছ মিউজিয়ামৰ প্ৰাচ্য বিভাগ আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বডেলিয়ান লাইব্ৰেৰীত প্ৰায় দুবছৰৰ ওপৰ কাল কটাইছিল৷ এই সুবৃহৎ পৰিকল্পনাটোৰ বিষয়ে অধ্যাপক মোক্ষমূলাৰক (Prof. F. Max Muller) জনাওতে, তেখেতে কৈছিল – “I confess, I felt almost overwhelmed by the grandeur of it, but if only you carry some portion of it, you will have done a very useful work. It is a great undertaking and will require for its completion a long life, a long purse and long patience.”

মোক্ষমূলাৰৰ পৰা উদগনি পাই বৰুৱা দুগুণ উৎসাহেৰে কামত লাগিল আৰু নীৰৱে কামটো সম্পূৰ্ণ কৰিবলৈ ‘মণিৰাম’ নামৰ এটি ছপাখানাৰ সৈতে কলিকতাৰ ২/১ নং বাগবাজাৰত এটি ঘৰ আৰু বৰহমপুৰত আন এটি ঘৰ তেওঁ কিনে৷ উল্লেখযোগ্য যে বৰহমপুৰৰ ঘৰটোত এটা সময়ত ব্ৰহ্মৰজাৰ সেনাপতি বন্দুলাক ব্ৰিটিছে বন্দী কৰি থৈছিল৷ ই পিছলৈ সদাগৰ ভোলানাথ বৰুৱাৰ সম্পতি হয়গৈ (‘আনন্দৰাম বৰুৱা’, সূৰ্য্যকুমাৰ ভূঞা, পৃঃ ৫৩, দ্বিতীয় তাঙ্গৰণ, ১৯২৪)৷ ইয়াত আনন্দৰাম বৰুৱাৰ দ্বাৰা নিযুক্ত পণ্ডিত সকল বাস কৰিছিল৷

কিন্তু হাড় ভঙা পৰিশ্ৰমৰ ফলত তেওঁৰ দেহা লাহে লাহে টুটি আহে৷ এদিন, সাহিত্য আলোচনাৰ নিমিত্তে গঠন কৰা ‘পঞ্চৰত্ন সভা’ৰ বৈঠকত তেওঁৰ শৰীৰ সাংঘাতিকভাৱে দুৰ্ব্বল হৈ পৰে৷ চিকিৎসকসকলে চোৱাৰ পিছত বুজিবলৈ বাকী নাথাকিল যে আনন্দৰাম বৰুৱা পক্ষাঘাত বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈছিল৷ বৰুৱাৰ বয়স তেতিয়া ৩৮ বছৰ ১০ মাহ মাথোন৷ লাহে লাহে তেওঁৰ শৰীৰৰ সোঁফাল একেবাৰে অৱশ হৈ গ’ল আৰু উঠিব বহিব পৰা শক্তিও নোহোৱা হ’ল৷ উপায়ন্তৰ হৈ কলিকতাস্থিত বন্ধু, প্ৰখ্যাত আইনবিদ চাৰ তাৰকানাথ পালিতলৈ তেওঁ চিঠি লিখিলে যে চিকিৎসাৰ নিমিত্তে তেওঁ কলিকতালৈ যাব আৰু তেওঁৰ ঘৰতে আশ্ৰয় ল’বগৈ৷ ১৮৮৯ চনৰ দুই জানুৱাৰী তাৰিখে দুমাহৰ বাবে ছুটি লৈ তেওঁ কলিকতালৈ বুলি যাত্ৰা কৰিলে৷ শিয়ালদহ ষ্টেচনৰ পৰা লেণ্ডো গাড়ী এখনত তেওঁক বালিগঞ্জ চাৰ্কুলাৰ ৰোডত থকা তাৰকানাথ পালিতৰ ঘৰলৈ লৈ অনা হ’ল৷

দুৰ্ভাগ্যজনকভাৱে পালিতৰ ঘৰলৈ অহাৰ পিছত বৰুৱাৰ বেমাৰ ক্ৰমাৎ বাঢ়িবলৈহে ধৰিলে৷ বন্ধু পালিতেও ভালকৈ বুজিছিল যে মৃত্যুৰ সৈতে বৰুৱাৰ এইয়া শেষ সংগ্ৰাম৷ সেই দেখি তেওঁ ভাবিলে যে অন্তিমকাল পোৱাৰ আগতে বৰুৱাই তেওঁৰ অজস্ৰ সম্পত্তি ‘উইল’ কৰি নগ’লে পাছলৈ সি আলাই-আথানি হ’ব৷ কিন্তু ৰোগক্লিষ্ট বৰুৱাই উইল কৰিবলৈ মান্তি নহ’ল৷ জীয়াই থকাৰ দুৰ্ব্বাৰ হেপাঁহ যে তেওঁ তেতিয়াও পুহি ৰাখিছিল সেয়া ধৰিব পাৰি৷ তেওঁৰ মাথোঁ চিন্তা আধৰুৱা কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পৰা যায়৷

১৮১০ শকাব্দৰ ৫ মাঘ অৰ্থাৎ গ্ৰেগৰীয়ান কেলাণ্ডাৰৰ মতে ১৮৮৯ চনৰ ১৯ জানুৱাৰী, শুকুৰবাৰ৷ আবেলি প্ৰায় দুই বজাত পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে৷ দেৱ ভাষাৰ সাধকজনে দেৱলোকলৈ গতি কৰিলে৷ সীমাহীন জ্ঞানৰ পোহৰ বিলাবলৈ ব্ৰতী হোৱা পণ্ডিতজনৰ পৃথিৱীত এয়া সীমিত সময়৷

“Cut is the branch that might have grown full straight,
And burnt is Apollo’s laurel bough,
That sometimes grew within this learned man.”
-Marlowe –‘Faustus’

বৰুৱাই থৈ যোৱা অজস্ৰ সম্পত্তিৰ ভিতৰত আছিল বৰহমপুৰত থকা তেওঁৰ সুবৃহৎ পুথিভঁৰালটো৷ মৃত্যুৰ প্ৰাকমুহূৰ্তত তেওঁ এই পুথিভঁৰালটোৰ বিষয়ে বন্ধু তাৰকানাথ পালিতক হেনো বাৰম্বাৰ কৈছিল৷ শুনা মতে গৌহাটি চেমিনাৰিত (এতিয়াৰ কটন কলেজিয়েট) পঢ়ি থকা দিনৰে পৰা সংগ্ৰহ কৰা কিতাপ তেওঁ ইয়াত সযতনে ৰাখিছিল৷ বিলাতত আই.চি.এচ. আৰু বেৰিষ্টাৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত তেওঁ গোটোৱা সংস্কৃত, পালি, গ্ৰীক, লেটিন, ফাৰ্চী, ইংৰাজী, বাংলা আদি দেশ-বিদেশৰ বিভিন্ন ভাষাৰ গ্ৰন্থ ইয়াত পোৱা গৈছিল৷ তেওঁৰ ব্যক্তিগত সংগ্ৰহত থকা দুৰ্লভ সংস্কৃত পুথিসমূহ চাবলৈ ৰমেশ চন্দ্ৰ দত্ত, অন্নদাচৰণ তৰ্কচূড়ামণি আৰু আনন্দচন্দ্ৰ তৰ্কবাগীশৰ দৰে পণ্ডিত আহিছিল৷ অকলশৰীয়া আনন্দৰামৰ বাবে এই পুথিভঁৰালটিয়ে আছিল আশ্ৰয়স্থল৷ সেয়েহে চিৰকুমাৰ আনন্দৰামক কোনোবাই বিবাহৰ কথা প্ৰস্তাৱ কৰিলে, তেওঁ তেওঁৰ গ্ৰন্থাৱলীৰ ফালে আঙুলিয়াই কৈছিল, “This is the darling of my life demanding from me my best energy and attention” (এই গ্ৰন্থাৱলীয়েই মোৰ ভাৰ্য্যা যিয়ে মোৰ সমস্ত শক্তি আৰু মনোযোগিতা কামনা কৰে)৷

উল্লেখযোগ্য যে ইয়াত তেওঁৰ হাতে লিখা অপ্ৰকাশিত ভালেমান গ্ৰন্থ আছিল৷ তাৰ ভিতৰত এখন বৃহৎ অভিধান ৰচনাৰ প্ৰমাণো পোৱা যায়৷ এই আধৰুৱা কৰ্মৰ হাতেলিখা কাকত পত্ৰ তাত বহুদিন ধৰি পৰি আছিল৷ বহুমূলীয়া গ্ৰন্থাগাৰটোৰ গ্ৰন্থাৱলী শেহত ওজন হিচাপে পুৰণা কিতাপ বেচা দোকানবিলাকক বিক্ৰী কৰা হ’ল৷ আন বহুতো কিতাপ কেনেবাকৈ লোপ পালে৷

বৰুৱাৰ এই ‘Lost Library’ৰেই এটি আপুৰুগীয়া কিতাপ সেইদিনা বিশ্ব-বিশ্ৰুত ভাষাবিদ, সংস্কৃতজ্ঞ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱে বিচাৰি পাইছিল – প্ৰায় তিনিটা দশকৰ পাছত৷

অস্তিত্ব লোপ পালেও আনন্দৰাম বৰুৱাৰ এই গ্ৰন্থগাৰে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোক অধ্যয়নশীল আৰু গ্ৰন্থমুখী কৰি তোলাত পৰোক্ষ ভাৱে হ’লেও যথেষ্ট অৰিহণা যোগাইছিল৷ গ্ৰন্থগাৰ আন্দোলনৰ বহু বছৰৰ আগতে ই অসমৰ ৰাইজৰ মাজত পুথি সংৰক্ষণৰ সজাগতা আনি দিছিল৷ ড° সূৰ্য্য কুমাৰ ভূঞাই তেওঁৰ ‘Some Literary Reminiscences’ (মোৰ সাহিত্যিক জীৱনৰ কিছু স্মৃতি) নামৰ গ্ৰন্থখনত এই বিষয়ে উল্লেখ কৰিছে৷ কিন্তু মৃত্যুৰ পাছত পণ্ডিতজনৰ ব্যক্তিগত গ্ৰন্থবোৰৰ কৰুণ পৰিণতিয়ে অসমৰ পঢ়ুৱৈ সমাজক আন এটি গুৰুত্বপূৰ্ণ শিক্ষা দিলে৷

আজি কেইমাহমান আগতে পণ্ডিপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ নুমলীয়া জীয়াৰী শ্ৰীযুতা অহল্যা গগৈক তেখেতৰ খাৰঘূলিস্থিত ঘৰত দেখা কৰিবলৈ গৈছিলোঁ৷ কথাৰ মাজতে তেখেতে উল্লেখ কৰিছিল যে আনন্দৰাম বৰুৱা তেখেতৰ প্ৰয়াত পিতৃৰ আদৰ্শ পুৰুষ আছিল৷ যোৰহাটৰ বাসভৱনত আনন্দৰাম বৰুৱাৰ এক বৃহৎ তৈলচিত্ৰ আঁৰি থোৱাৰ কথাও মোক জনাইছিল৷ কিন্তু তেনে এগৰাকী বিদ্বান মহাপুৰুষৰ ব্যক্তিগত পুথিভঁৰালটোৰ শোচনীয় অৱস্থাৰ কথা শুনি সন্দিকৈ হেনো মৰ্মাহত হৈছিল৷ ইয়েই তেওঁক সতৰ্ক কৰি দিছিল জীৱিত কালত তেখেতৰো অমূল্য গ্ৰন্থসমূহৰ গত লগাবলৈ৷ সেয়ে তেওঁ মৃত্যুৰ আগেয়ে আঠ হেজাৰৰো ওপৰ গ্ৰন্থৰে পৰিপুষ্ট ব্যক্তিগত পুথিভৰাঁলটি গুৱাহাটী বিশ্ববিদ্যালয়ক দান দি থৈ গৈছিল৷

প্ৰায় তিনিহেজাৰ সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ কিতাপ, ৮৪২ খন গ্ৰীক ভাষাৰ কিতাপ, প্ৰাচীন ভাৰতীয় বুৰঞ্জীৰ ৩৩৯ খন আৰু সাধাৰণ বুৰঞ্জীৰ প্ৰায় পাঁচশ কিতাপ, ৰুচ (ইয়াৰ ভিতৰত বলচেভিক বিপ্লৱৰ আগতে প্ৰকাশ হোৱা দুষ্প্ৰাপ্য ৰাচিয়ান কিতাপ আৰু চেণ্ট পিটাৰ্চবাগ একাডেমিৰ প্ৰকাশিত গোটচেৰেক ক্লাচিক্সো আছিল), লেটিন, ফৰাচী, ইটালিয়ান আদি ইউৰোপীয় ভাষাৰ ধৰ্ম আৰু কলা বিষয়ক গ্ৰন্থৰ সংগ্ৰহ থকা ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত পুথিভঁৰালটি আনন্দৰাম বৰুৱাৰ বৰহমপুৰৰ ঘৰত থকা গ্ৰন্থাগাৰৰ এক worthy successor (সুযোগ্য উত্তৰাধিকাৰী) বুলি ক’লে ভুল কোৱা নহ’ব৷ (এই তথ্য প্ৰয়াত আব্দুছ ছাত্তাৰৰ ’কৃষ্ণকান্ত সন্দিকৈ’ পুথিখনৰ পৰা লোৱা)৷ পণ্ডিতপ্ৰৱৰ সন্দিকৈয়ে যে একাগ্ৰতা আৰু নীৰৱ সাধনাৰে তেখেতৰ আদৰ্শ পুৰুষজনাৰ অপূৰ্ণ আশা বহু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছিল, সেয়া সকলোৰে জ্ঞাত৷

বিঃদ্ৰঃ সন্দিকৈৰ এই পুথিভঁৰালটি চোৱাৰ সৌভাগ্য মোৰ নহ’ল কিন্তু যোৰহাটলৈ যাওঁতে তেওঁৰ বোৱাৰী শ্ৰীযুতা ৰাণী গোহাঁইৰ সৌজন্যত ব্যক্তিগত সংগ্ৰহৰ কিছু পুথি চোৱাৰ সুযোগ পালো৷ তাৰ কিছু আলোকচিত্ৰ তলত দিয়া হ’ল৷ আজি পয়ঁত্ৰিছ বছৰ আগতে ১৯৮২ চনত মোৰ ককা প্ৰয়াত অজিত কুমাৰ শৰ্মাই পণ্ডিতজনৰ এটা সাক্ষাৎকাৰ লৈছিল৷ সেয়েহে খট-খটীটোৰে উঠি যাওঁতে এনে অনুভৱ হৈছিল যেন এয়া মোৰ বাবে এক rediscoveryহে৷ Handiqui Villa-লৈ সোমাই যাওঁতে ভাবিছিলোঁ – আনন্দৰামৰ বৰহমপুৰৰ ঘৰটো হয়টো এনে এক শান্তিময় পৰিৱেশেই বিৰাজ কৰিছিল৷

এই দুই জ্ঞানপিপাসু সাধকৰ চানেকিৰে অসমত গ্ৰন্থ সংস্কৃতি আকৌ গঢ় লৈ উঠিব বুলি আশাৰে।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.