অচিন চিনাকি – বৈদুৰ্য্য বৰুৱা

অচিন চিনাকি – বৈদুৰ্য্য বৰুৱা

অচিন চিনাকি – বৈদুৰ্য্য বৰুৱা

by September 17, 2017 0 comments

অন্ধকাৰৰ হাইৱে’টোৰ কেকুৰী এটাত অলপ পোহৰ দেখা গ’ল৷ পোহৰৰ আভা লাহে লাহে বাঢ়ি আহিল৷ অলপ পাছতে দৃশ্যমান হ’ল দুটা হে’ড লাইটৰ পোহৰ৷ এখন সৰু গাড়ী তীব্ৰ বেগেৰে আহি আছে৷ হে’ড লাইটৰ পোহৰটোৱে বহল ৰাস্তাটো বহুদূৰলৈকে পোহৰাই তুলিছে৷ নিশা গভীৰ নাই হোৱা যদিও হাইৱে’টোত গাড়ী-মটৰৰ আহ-যাহ কমি আহিছে৷ গাড়ীখনৰ গতি কিছু ধীৰ হোৱা দেখা গ’ল৷ এসময়ত গাড়ীখন ৰাস্তাৰ কাষত ৰৈ গ’ল৷
….ডিগ…ডিগ…ধাচ্ ….ডিগ…ডিগ…ধাচ্ …..
গাড়ীখনৰ মিউজিক চিষ্টেমটোৰ পৰা ফুল ভলিউমৰ কিবা উত্তাল সংগীতৰ শব্দ ভাঁহি আহিছে৷ নিজান পৰিবেশটো আকৌ সাৰ পাই উঠিছে৷ চাৰিজন যুৱক গাড়ীখনৰ পৰা চাৰিওখন দুৱাৰেদি নামিল৷
…থানাং…থিনিং…থিলিলিং….
কোনোবা এজনে খালী বিয়েৰৰ নে মদৰ বটল এটা ৰাস্তাৰ ফালে জোৰেৰে মাৰি পঠিয়ালে৷ ৰাস্তাৰ ফালে পিঠি দি এইবাৰ চাৰিওজন যুৱকে পেচাৱ কৰাত লাগিল৷ যুৱককেইজনৰ ভৰিকেইটা মাটিত স্থিৰ হৈ আছে যদিও ককালৰ পৰা মুৰলৈকে মাজে মাজে অগা পিছা হৈ হালিজালি আছে৷
__ এই, ৰমেন৷ অথনিৰে পৰা কি ….ৰ গানবোৰ লগাই আছ..! বিহু লগা বে’….! ….ইয়ু….ই….ই…সু..সুই.. ই…ই….
কোনোবা এটাই চিঞৰি উঠিল উকি এটা মাৰি৷
….হাঁই….ঐ…..পকা…পকা….চুপুং…চুপুং…মনে কৰা….
এইবাৰ মিউজিক চিষ্টেমত ডুৱেল মিনিং বিহু এটা আৰম্ভ হৈ গ’ল৷
….য়ু…সু..সুই…..কে….
…. আই….ঐ…কলিজা…গেজ.. গেজ….
চাৰি যুৱকৰ ওপৰলৈ হাতদুখনৰ কেৱল আঙুলি কেইটা লৰাই লৰাই এক দুৰ্লভ আবতৰীয়া বিহু নৃত্য আৰম্ভ হৈ গ’ল৷ লগে লগে বিহুটোৰ সৈতে বেসুৰা ভাৱে নিজৰ ওঁঠ মিলাই গ’ল৷ কিছুদেৰীৰ পাছত বিহুটো শেষ হ’ল৷ যুৱককেইজন আকৌ গাড়ীত উঠিল৷
…ঘেঁ…এঁ…এঁ..! ভেঁ…এঁ…এঁ…! চেঁ..এঁ..এঁ..! কেঁ…এঁ…এঁ…..! পোঁ….ওঁ…ওঁ….ওঁ…
কেইচেকেণ্ড মানৰ ভিতৰতে আটাইকেইটা গিয়েৰ লাগি টপ গিয়াৰত গাড়ীখন তীব্ৰ বেগেৰে আকৌ আগবাঢ়িল৷ মিউজিক চিষ্টেমত আকৌ নতুনকৈ হিন্দী গান এটা বাজিল৷
…. বুটল কি থেপ্পি খুল গেয়ী…জৱানী মেৰী…লুট গেয়ী….
__ এটা চিপ্ মাৰি ল হোঁ….
পিছফালৰ চিটৰ পৰা ৰমেনলৈ মৃণালে ডিস্পজেবল গ্লাছত হুইস্কী এগিলাচ আগবঢ়ালে৷
__ এই৷ সি গাড়ী চলাই আছে৷ তাক আৰু নিদিবি….
ভাস্কৰে কৈ উঠিল৷
__ হুঃ! ৰমেনে যিমান খালেও গাড়ী চলাই থাকোতে পুৰা কণ্ট্ৰলত থাকে….
ৰমেনে ড্ৰাইভিং চিটৰ পৰা আগলৈ চাই চাই ষ্টিয়েৰিং ঘূৰাই ঘূৰাই কৈ উঠিল৷ সি মৃণালৰ পৰা গিলাচটো লৈ একেসোহাই হুইস্কীখিনি পি পেলালে৷
__ জীৱনটোত চাল্লা কি আছে বে’..খাউৱ…..পিউৱ…মৌজ কৰ’…! এদিন নহয় এদিনটো মৰিবই লাগিব…..! ধুৰ চাল্লা…পানী নিমিলালিয়েই নেকি….ইমান কাঢ়া…!
__ হিঃ…হিঃ….হিঃ….! পানী শেষেই হ’ল কে…..! ক’ৰ পৰা মিলাবি….
মৃণালে হাঁহি উঠিল ৰমেনৰ কথাত৷
__ মালো শেষ হ’ল দেই…৷ আৰু খাওঁ আৰু খাওঁ নক’বি….
ভাস্কৰে কৈ উঠিল৷
__ আৰে ভাই আগত ব’ল না…৷ ৰাস্তাৰ চাইদত কি ধাবাৰ কমি আছে! খোৱাৰ টাইমো হৈ গ’ল৷ বেচি দেৰী হ’লে ধাবাত খোৱা বস্তুৱেই নাপাম৷
আগফালৰ চিটৰ পৰা সুজিতে হাতত হুইস্কীৰ ডিস্পজেৱল গ্লাছটো শেষ কৰি চিগাৰেট এটা জ্বলাই ক’লে৷
__ ঠিকেই কৈছ ৰে’…ভোকেই লাগিছে…কেইটা বাজিল?
__ চাৰে দহটা পাৰ হ’ল৷
সুজিতে পিছফালৰ ভাস্কৰক ক’লে৷
__ এই, ৰমেন….আগত ভাল ধাবা পালে ৰখাবি…৷
মৃণালে কৈ উঠিল ৰমেনক৷
__ আগত ৰমণী ধাবা আছে৷ মাংসটো ভাল বনাই…৷ তাতে ৰখাম৷ চিগাৰেট এটা জ্বলাই দে না কোনোবাই…
ৰমেনে কৈ উঠিল৷
__ চিগাৰেট খাবি….? ৰ…ৰ..
পিছফালৰ চিটত ঠাচ্ কৈ শব্দ এটা হ’ল৷ গাড়ীৰ ভিতৰখন খন্তেকৰ বাবে পোহৰ হৈ উঠিল৷ ভাস্কৰে চিগাৰেট জ্বলাইছে৷ ৰমেনে সন্মুখৰ বেকভিউ মি’ৰৰখনত পিছফাললৈ এনেয়েই চালে৷ ভাস্কৰ মৃনাল আৰু….সেইটো কোন? ?
ৰমেন অলপ আচৰিত হ’ল৷ সি তাৰ কাষৰ চিটটোলৈ চালে৷ সুজিতে চিগাৰেট হুপি মিউজিক চিষ্টেমত গান শুনি বহি আছে৷ ৰমেনে আকৌ অলপ আচৰিত হৈ পিছফালে চালে৷ হয়…! সি ঠিকেই দেখিছে….! ….পিছফালে দুটা নহয়…তিনিটা মানুহ বহি আছে..! ! …কিন্তু সিহঁত মুঠ চাৰিটাহে আহিছিল…! পাঁচ নম্বৰটো ক’ৰ পৰা আহিল…? ? চেহেৰাটোও তাৰ চিনাকি….অথচ সি নামটো মনত পেলাব পৰা নাই….! ৰমেনে গাড়ীখনৰ গতি অলপ ধীৰ কৰিলে৷ মিউজিক চিষ্টেমৰ গানটো বন্ধ কৰি দিলে৷ এতিয়া কেৱল গোঁ গোঁ গাড়ীখনৰ ইঞ্জিনৰ শব্দ আৰু ৰাস্তাত পেৰ পেৰ পেৰ পেৰ টায়াৰৰ শব্দ৷
__ কি হ’ল?
__ মৃণালে তাক ভাস্কৰৰ পৰা চিগাৰেটটো লৈ তাক দি সুধিলে৷
__ একো হোৱা নাই৷ আমি কেইটা আহিছিলো অ’?
ৰমেনে চিগাৰেটটো লৈ সুধিলে৷
__ চাৰিটা৷ কিয়?
__ ওহোঁ৷ আমি পাঁচটা আহিছো৷ মই, তই, ভাস্কৰ সুজিত আৰু কোনোবা এটা৷ নামটো মনত পেলাব পৰা নাই…..
__ পেটত তোৰ মাল বেছি পৰিল৷ পাগল হ’লি…!
__ তেনেহ’লে পাছৰ চিটত তহঁতি তিনিটা কেনেকৈ হ’লি?
__ কি কৱ…? ? পাছৰ চিটত মই আৰু ভাস্কৰেইটো আছো..!
মৃনালে ক’লে৷ ৰমেন এইবাৰ মনে মনে থাকিল৷ তাক অলপ চিন্তিত দেখা গ’ল৷
__ কি হ’ল তহঁতৰ ঐ?
এইবাৰ ভাস্কৰে সুধিলে৷
__ ৰমেনে পিছফালে আমি তিনিটা মানুহ বহি থকা দেখিছে!
__ হেঃ….হেঃ…তোক কিমান কৈছিলো তাক আৰু মাল নুখুৱাবি৷ অলপদেৰীৰ পাছত সি মুঠ আঁঠটা মানুহ দেখিব…!
__ বিশ্বাস কৰ…মই যিমান খাই থাকিলেও হুঁচত থাকো….!
ৰমেনে আকৌ এক্সলেটৰ হেঁচিলে৷
__ ঐ, গাড়ীখন মই চলাও দে! তই অলপ ৰে’ষ্ট ল৷
সুজিতে ৰমেনক কৈ উঠিল৷
__ মোৰ নিচা ধৰা নাই! তই নিজেইহে পুঙাই আছ….! বহি থাক!
__ দেখিলি ৰমেনৰ কথা! নিজেই টুং হৈ এটা মানুহকে দুটা দেখিছে….তাৰপাছত কয় বোলে তাৰ নিচা লগা নাই…মইহে পুঙাই আছো…! হেঃ…হেঃ….
সুজিতে পাছফালে ঘূৰি মৃণাল আৰু ভাস্কৰক কৈ উঠিল৷ পিছে বাক্যটো শেষ কৰাৰ পাছতেই তাৰ চকু থৰ হৈ গ’ল৷ পিছফালে সঁচাকৈয়ে তিনিটা মানুহ বহি আছে….! মানুহটোৰ চেহেৰাটো তাৰ নিচেই চিনাকি…..কিন্তু কোন মনত পেলাব পৰা নাই…..! !
__ কি হ’ল তোৰ? তেনেকৈ চাই আছ যে? তইও তিনিটা দেখিছ নেকি….! !
__ নাই…নাই…! ভোক লাগিছে ন? ঐ ৰমেন, তোৰ ৰমণী ধাবা কেতিয়া পাম?
সুজিতে ৰমেনক সুধি উঠি নিজৰ চিটটোত আৰামেৰে আউজি দিলে৷
__ এই পামেই আৰু….
__ ব’ল…ব’ল…ক’ৰবাত ৰখা! অলপ ফ্ৰে’চ হৈ লওঁ…..!
সুজিতে ভাবিবলৈ লাগিল৷ সচাকৈয়ে বাৰু সিহঁত পাঁচটাই আহিছিল নেকি….! পাঁচ নম্বৰটোৰ নাম পাহৰি গৈছে নেকি বাৰু সি? …ৰমেনৰ দৰে….! সিহঁতৰ গাড়ী আগবাঢ়ি গৈ থাকিল৷
__ ঐ তহঁতৰ আগফালে দুটাহে আছিলি…? তিনিটা কেনেকৈ হ’লি? আৰু এটা কোন বহি আছ…?
এনেতে পিছফালৰ পৰা মৃণাল আৰু ভাস্কৰে প্ৰায় একেলগেই চিঞৰি উঠিল৷
__ আগচিটত তিনিটা…! ! কি কৱ তহঁতে..? ? …ইয়াত মই আৰু ৰমেনহে আছো…! ধেমালী কৰিবলৈ আৰু সময় নাপালি…!
সুজিতেও চিঞৰি উঠিল৷
__ বিশ্বাস কৰ! তহঁত দুটাৰ মাজত কোনোবা এটা বহি আছে….মুখখনো চিনাকি…কিন্তু নামটো মনত পেলাব পৰা নাই…! আমি বাৰু সঁচাকৈয়ে পাঁচটা আহিছিলো নেকি…? পাঁচ নম্বৰটো কোন আছিল..? ?
ভাস্কৰে আকৌ চিঞৰি উঠিল৷
__ তাকেইটো ময়ো অথনিৰে পৰা কৈ আছো…আমাৰ সৈতে পাঁচ নম্বৰটো কোন আহিছিল মনত পেলাব পৰা নাই….! আচৰিত….! !
এইবাৰ সুজিতে আকৌ পিছফালে চালে৷ নাই…এইবাৰ তিনি নম্বৰ মানুহটো নাই….মৃণাল আৰু ভাস্কৰহে বহি আছে! আগফালেও সি আৰু ৰমেন বহি আছে…৷ এই ভাস্কৰ আৰু মৃণালে বাৰু ধেমালি কৰিছে নেকি……! গাড়ীখনৰ ভিতৰত এইবাৰ এক মৌনতাই বিৰাজ কৰিলে৷ কিছু সময়ৰ পাছত সিহঁতৰ গাড়ী ৰমণী ধাবাৰ আগত ৰ’লগৈ৷ সিহঁতে গাড়ীৰ পৰা নামিয়েই ধাবাখনৰ ফালে আগবাঢ়িল৷ ধাবাখনত গ্ৰাহক নাই বুলিয়েই ক’ব পাৰি৷ সিহঁতে ৱাচ বেচিনত মুখ হাত ধুই এটা কেবিন অধিকাৰ কৰি বহিলগৈ৷ ৱেটাৰ এজন আগবাঢ়ি আহিছিল৷
__ কি ল’ব?
__ ৰয়েল ক্লাছ ৱান এটা ফুল দি দে৷ লগত দুইপ্লেট বাদাম ফ্ৰাই আৰু চিলি চিকেন দুই প্লেট৷ পানী নৰ্মেলটো দিবি৷
__ চাৰ খানাটো কি দিম?
__ আগতে মালটো আন না! কৈ আছো৷
ৱেটাৰটো আতৰি গ’ল৷ সিহঁতে নিজৰ মাজত কথা পতা আৰম্ভ কৰিলে৷ আচলতে প্ৰত্যেকেই গাড়ীত হোৱা অভিজ্ঞতাটোৰ বিষয়ে যেন পাহৰিবলৈ বিচাৰিছিল! খন্তেক পাছতে ৱেটাৰটোৱে ট্ৰে এখনত মদৰ বটল, পানীৰ জাৰ, গিলাচ, বাদাম ভজা, চিলি চিকেন ইত্যাদি লৈ আহি টেবুলত সজালে৷ ৱেটাৰটোৱে গিলাচ কেইটাত মদৰ বটলটোৰ পৰা মদ ঢালি গ’ল৷
__ ঐ বচ…বচ…বচ…চাৰিটাতে ঢাল…৷ পাঁচ নম্বৰ গিলাচটোত আকৌ কিয় ঢালিছ….?
__ অহ! এজনে নাখায় হ’বলা….!
সকলোৱে অবাক হৈ ওৱেটাৰজনলৈ চালে৷
__ চাৰ, খানাৰ অৰ্ডাৰটো দি দিয়া হ’লে ভাল আছিল৷ কিটচেন বন্ধ হ’ব এতিয়া…..
ওৱেটাৰজনে গিলাচতকেইটাত জাৰেৰে পানী ঢালি ঢালি আকৌ ক’লে৷
__ এটা কাম কৰ৷ প্লেইন ৰাইচ চাৰি প্লেট, ডাল ফ্ৰাই দুই প্লেট….আৰু…মাটন গ্ৰেভী দুই প্লেট…আৰু…আৰু…
__ চাৰ, পাঁচজন মানুহৰ কাৰণে এইখিনি বস্তু কিন্তু কম হ’ব….!
ওৱেটাৰজনে কৈ উঠিল৷
__ আৰে, আমি দেখোন চাৰিটাই আছো!
__ কি কয় চাৰ…..! এক…দুই…তিনি…চাৰি….পাঁচ! ঠিকেইটো আছে..!
ওৱেটাৰজনে আটাইকেইটাৰ মূৰকেইটা তৰ্জনী আঙুলিৰে গন্তি কৰি কৈ উঠিল! সিঁহত আটাইয়ে ওৱেটাৰটোলৈ আচৰিত হৈ চাই থাকিল৷
__ হ’ব..হ’ব যা..যিখিনি অৰ্ডাৰ দিছো সেইখিনিয়েই আনগৈ৷ হৈ যাব আমাৰ…ফটা ফট আনগৈ যা…
ভাস্কৰে ওৱেটাৰটোক কৈ উঠিল৷ ওৱেটাৰটোৱে একো নুবুজাৰ দৰে কৰি আঁতৰি পৰিল৷
__ খেলটো কি অ’…ধৰিব পৰা নাই চোন….
মৃণালে গিলাচটো লৈ কৈ উঠিল৷
__ ভগৱানে জানে…! বাদ দে এতিয়া এইবোৰ৷ ফটাফট মাৰ আৰু ব’ল!
ৰমেনে কৈ উঠিল৷ সি হুইস্কীৰ গ্লাছত চুমুক দি বাদাম দুটামান চোবালে৷
__ ভুত-চুত নহয়টো….!
__ দুৰ চাল্লা! মই এইবোৰ বিশ্বাস নকৰো….
মৃণালে ক’লে সুজিতৰ কথাত৷ সিহঁত লাহে লাহে মদৰ আড্ডাত মচগুল হৈ পৰিল৷
….টুং…টাং…টিং…টুং….
__ হেল্ল’….
ভাস্কৰে মবাইলটো উঠালে৷
__ পা…আপ্পা…কেতিয়া আহিবা…?
সিফালৰ পৰা সৰু ছোৱালী নে ল’ৰাৰ মাত শুনা গ’ল৷
__ মাতু…! তুমি ইমানদেৰী শোৱা নাই…কিয়..?
__ তোমাৰ কাৰণে ৰৈ আছো পাআপ্পা….
আকৌ কণমানি জনীৰ মাত শুনা গ’ল…
__ …..
৷ ৷ ৷ এনেতে ওৱেটাৰ জনে খোৱাৰ অৰ্ডাৰবোৰ লৈ আহিছিল৷ টেবুলৰ ওপৰত ব্যঞ্জনৰ পাত্ৰ কেইটা সজাই সিহঁতৰ আগত পাঁচখন চীনা মাটিৰ কাঁহী সজাই সি গ’লগৈ! সিহঁতে আকৌ ওৱেটাৰটো যোৱাৰ ফালে চালে৷
__ এক…দুই…তিনি…চাৰি…পাঁচ! আৰে! …এইয়া কেনেকৈ সম্ভৱ…আমিটো সচাকৈয়ে পাঁচটা আছো…! এই পাঁচনম্বৰটো চিনাকি চিনাকি লাগিছে দেখোন…কি নাম আছিল তাৰ..?
এনেতে ৰমেনে আটাইকেইটাৰ মূৰবোৰ গন্তি কৰি চিঞৰি উঠিল৷
__ কি পগলাৰ দৰে কথা কৈছ তই!
মৃণালে ভোৰভোৰাই উঠিল৷
__ মই যদি মিছাকৈ কৈছো; তই নিজেই গন্তি কৰি চা আকৌ…!
__ …এক…দুই…তিনি…চাৰি…পাঁচ! আৰে হয়টো…! আমি পাঁচটা…
এইবাৰ মৃণালে গন্তি কৰি চিঞৰি উঠিল৷ লগে লগে সুজিত আৰু ভাস্কৰেও মূৰ গন্তি কৰাত লাগিল৷
__ হয়টো….আমি পাঁচটা আছো..!
সুজিতে ক’লে৷
__ এয়া কেনেকৈ সম্ভৱ! …মালত কিবা গণ্ডগোল নাইটো…?
__ আৰে….মালত কেনেকৈ গণ্ডগোল হ’ব? ….ওৱেটাৰটোৱেও টো আমাক পাঁচটা দেখিছে…..! !
ভাস্কৰৰ কথাত সুজিতে ক’লে৷
__ দুৰ চাল্লা বাদ দে…! এইবোৰ কে…মনৰ ভ্ৰম…চাৰিপেগ পেটত পৰাৰ পাছত এইবোৰ চিন্তা কৰি লাভ নাই…..
সিহঁতে কিছুসময় নিশ্চুপ হৈ মদিৰা পান কৰি গ’ল৷ এটা সময়ত সিহঁতে ভাত পানী খাই ধাবাৰ বিল পৰিশোধ কৰি ঢলং ঢপংকৈ গাড়ীত উঠিলহি৷ সিহঁত আকৌ আগৰদৰেই নিজৰ নিজৰ আসনত বহিল৷ গাড়ী পুনৰ তীব্ৰ গতিৰে আগবাঢ়িল৷ সুজিতে ফুল ভলিউমত মিউজিক চিষ্টেমটো বজাই দিলে৷ হিন্দী গান এটা বাজি উঠিল৷ হাইৱে’টো এতিয়া সম্পূৰ্ণ নিজান৷ হে’ড লাইটৰ পোহৰত ক’লা ৰাস্তাটো জিলিকি উঠিছে৷
__ এই বিহু এটা লগানা…আইঐ…মাজনী…তোকে দেখি মোৰ পিৰ পিৰ পিৰ পিৰ কৰিছে…য়ু…সুই…সুই….
মৃণালে খিৰিকীৰ বাহিৰলৈ হাত উলিয়াই বহি বহিয়েই বিহু নাচি গ’ল৷ তাৰ লগত বাকী কেইটাইও যোগ দিলে৷
….ক্ৰাঁ…আঁ…….ক্ৰাঁ…আঁ…ক্ৰাঁ…চ…আ ক্ৰাঁ…চ…হ..
ধা..নাং..ধা…চ…হ..থেনেনেং…থিলিলিং…থা..চ….
__ শুনিলি শব্দটো!
ভাস্কৰে ফুচফুচাই বাকী কেইটাক সুধিলে৷ সিহঁতৰ বিহু গোৱা বন্ধ হৈ গৈছিল৷ মিউজিক চিষ্টেমটোও বন্ধ হৈ গৈছিল৷ ৰমেনে গাড়ীখন ৰখাই দিছিল৷
__ ব’লচোন নামি চাই আহোগৈ৷ ক’ৰবাত কিবা এটা হৈছে৷
ৰমেনে কৈ উঠিল৷ সিহঁত আটাইকেইটা গাড়ীৰ পৰা ওলাল৷
__ মোৰ ভয় লাগিছে….ব’ল ঘৰলৈ যাওঁ….
সুজিতে কৈ উঠিল৷
__ হয় ঠিকেই কৈছ৷ কিয় জানো একেবাৰেই ভাল লগা নাই…মোৰ কান্দো কান্দো লাগিছে…ঘৰলৈ মনত পৰিছে….
মৃণালে হয়ভৰ দিলে৷
__অ’ বোলো পালিহি নে…? আহ..আহ… ভাল নালাগিলেওটো উপায় নাই…পৰিছে….আহ..আহ.!
এনেতে সিহঁতে দেখিলে সিহঁতৰ ফালে মানুহ এটা আগবাঢ়ি আহিছে৷ মানুহটোক সিহঁত আটাইকেইটাই চিনি পালে৷ সেই পাঁচ নম্বৰ মানুহটো! সিহঁতে অবাক হৈ মানুহটোলৈ চালে৷
__ যাওঁ ব’ল৷ অলপ ৰে’ষ্ট লৈ মোৰ ঘৰতে….
__ নাই আমি এতিয়া ঘৰলৈ যাম৷
__ ঘৰলৈ যাবিটো…! কিয় নাযাবি? বাপেৰ, মাৰ, ঘৈণী, ল’ৰা, ছোৱালী তহঁতৰ কাৰণে ৰৈ আছে…৷ সেইফালে চা৷
মানুহটোৱে আঙুলিয়াই দেখুওৱাৰ ফালে সিহঁতে চাই পঠিয়ালে! সিহঁতে দেখিলে ৰাস্তাৰ কাষৰ ট্ৰাক এখনৰ তলত এখন গাড়ী আধাতকৈ বেছি সোমাই আছে৷ সিহঁতৰ গাড়ীখন! সিহঁতে তললৈ জুমি চালে৷ গাড়ীখনৰ ভিতৰত চিন্ন ভিন্ন হৈ তেজৰ ডোঙাৰ মাজত বিকৃত হৈ পৰি আছে সিহঁত চাৰিটাৰ মৃতদেহ! অলপদেৰীৰ কাৰণে সিহঁত মূক হৈ পৰিল৷
__ তাৰমানে……
__ সেই চাৰিটা পুলিচে তহঁতৰ ঘৰে ঘৰে ৰাতিপুৱালৈ থৈ আহিবগৈ…! খিক…খিক…খিক…
মানুহটোৱে বেপৰোৱা ভাৱে হাঁহি উঠিল!
__ এই….এই………কি কথা ক’বলৈ আহিছ? তই কোন বাৰু…? ইমান চিনাকি চিনাকি লাগিছে অথচ চিনি পোৱা নাই…
সিহঁতে সুধিলে৷
__ এহ! মোক সকলোৱে চিনি পাইও চিনি নাপায়! মস্কিলটো সেইখিনিতেই!
__ মানে?
__ মোৰ নাম মৃত্যু! ….খিক…খিক..
খিক…খিক….খিক….খিক….

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.