অনুভৱ – দেৱিকা ঠাকুৰীয়া

অনুভৱ – দেৱিকা ঠাকুৰীয়া

অনুভৱ – দেৱিকা ঠাকুৰীয়া

by September 17, 2017 0 comments

ঘৰৰ পকা মজিয়াত মাটি পেঞ্চিলেৰে যিহকে মন যায় তাকেই লিখিছিলোঁ, আঁকিছিলো৷ ঘৰৰ ড্ৰয়িং ৰুমত আলহী অতিথি আহিলে প্ৰায়ে মজিয়াখন অ আ ক খ ৰ পৰা আদি কৰি অসম-ভাৰত ৰ মানচিত্ৰৰে ভৰি ৰৈছিল৷ মানুহে মাক সুধিছিল ল’ৰা-ছোৱালীক কিয় ঘৰ লেতেৰা কৰিব দিয়ে৷ মায়ে কৈছিল, যে মোৰ ল’ৰা-ছোৱালীয়ে নিজৰ মন খুলি যি লিখিব বিছাৰে লিখক তাক মই লেতেৰা বুলি নাভাবোঁ৷ মচি দিলে চাফা হৈ যাব৷ মায়ে মন খুলি স্বাধীনভাৱে লিখিব দিছিল৷ আমাৰ বাবে সীমাহীন এখন ফলি য’ত আমি যিমান যি ইচ্ছা লিখিছিলোঁ, আঁকিছিলো মন খুলি৷

লাইটৰ পোহৰৰ বিপৰীতে মাৰ হাতৰ ভাজৰ মাজেদি চৰাই, শহা, মাছ, বগলী আদিৰ অবয়বৰ সৈতে প্ৰথম চিনাকি হৈছিল আমাৰ৷ ৰুটি বনাব ল’লে আমি নিজে নিজৰ ৰুটি বনাব খুজিছিলোঁ, মায়ে দাদা বাইদেউ মই প্ৰতিজনকে কাহি বাতি চৰিয়া যি মন যায় তাকে লৈ আটা মাৰিব, বেলিব দিছিল৷ আমাৰ ৰুটিয়ে অসমৰ মেপৰ পৰা আদি কৰি শোণিতপুৰৰ মেপ সিংহ বাঘৰ ৰূপ পাইছিল৷ মায়ে হাঁহি মাৰি মাথো নিজৰ যি মন যায় তেনেকৈ বনাব দিছিল৷ সেই অনুমতিয়ে আমাৰ মনত উৎসবমুখৰ আনন্দৰ ঠাই পাইছিল৷ ক’বলৈ গ’লে অনুমতি খুউৱ কমেই ল’ব লগা হৈছিল যিকোনো কথাৰ বাবে৷ এক স্বাধীন চিতীয়া শৈলীৰে পাৰ হৈছিল আমাৰ কৈশোৰ য’ত মা আছিল প্ৰতিটো কথাৰে লগৰী৷ মাক নোকোৱালৈকে যিকোনো কথাই মনত শান্তি নিদিছিল কাৰোৰে৷ দেউতা আমি পঢ়া বিদ্যালয়ৰে শিক্ষক আছিল বাবে দেউতালৈ ভয় কৰি চলিছিলোঁ সদায়৷ বিদ্যালয়ত আন দহোজনৰ সমান চকুৰে দেউতাই আমাকো চাইছিল৷ বিদ্যালয়ৰ দেওনা পাৰ হোৱাৰ পাছতহে কিজানি দেউতাৰ সৈতে আমি মুকলিকৈ হাঁহি ধেমালি কৰি পাইছিলোঁ৷ দেউতাই সেই ব্যক্তিত্ব ঘৰতো ধৰি ৰাখিছিল৷

গধূলি সময়ত প্ৰায়ে আমাৰ ঘৰৰ বাৰন্দাত মৌ-মেল বহিছিল৷ দেউতা আইতা উপ-সভাপতি, দেউতা সভাপতি আৰু মা সম্পাদক হৈছিল মৌ-মেলৰ৷ আমি চাৰিওটা সহোদৰ আৰু আমাৰ দাদা ( বৰদেউতাৰ ল’ৰা যি সৰুৰ পৰাই আমাৰ ঘৰতে থাকি পঢ়িছিল ) আছিলোঁ সদস্য৷ সভা আৰম্ভ হোৱাৰ পৰাই সভাৰ সম্পূৰ্ণ আদব কায়দাৰে আমাৰ মৌ-মেল আৰম্ভ হৈছিল৷ প্ৰতিজন সদস্য অৰ্থাৎ আমিবোৰে সভাপতি, উপ-সভাপতি তথা সম্পাদক ও সদস্য সকলক সন্মান জনায় কিবা নহয় কিবা কৰিছিলোঁ, যেনে গান, নাচ আবৃত্তি, কৌতুক অভিনয় আদি৷ মায়ে প্ৰায়ে গোৱা গানবোৰ পাছলৈ আমাৰো মুখস্থ হৈ গৈছিল৷
যা বাদুলি যা আমাৰে কলথোক নাখাবি যা …
মা আমি শদিয়ালৈ যামেই …
ৰূপোৱালি জোনালীতে নাচোঁ আমি কেনে, মাতিছে জোনবায়ে আমাক উলাহৰ মনে, অ’ উলাহৰ মনে …
সমবেত সংগীতো আৰু শলাগৰ শৰাইৰে সভাৰ সামৰণি হৈছিল৷
খুউব সম্ভৱ১৯৯৯ চনলৈ আমাৰ অঞ্চলত মইনা পাৰিজাত আহিছিল৷ তেতিয়ালৈ মই হাইস্কুল পাবৰে হৈছিলোঁ৷ তথাপি মইনা পাৰিজাত গৈ দেখিছিলোঁ ১০বছৰ আগৰে পৰা আমাৰ ঘৰত পাতা মৌ-মেলৰ দৰেই মইনা পাৰিজাত৷
ক’বলৈ গ’লে চাৰিওকাষৰ পৰিবেশ যি নহলেও মায়ে নিজৰ ঘৰৰ চৌহদৰ ভিতৰচৰাত এখন স্বাস্থ্যকৰ মুকলি শৈক্ষিক পৰিবেশ গঢ়ি তুলিবৰ চেষ্টা সদায় অব্যহত ৰাখিছিল৷ নিজে এসময়ত শিক্ষকতা কৰিছিল যদিও আমাৰ শিক্ষাৰ বাবে নিজৰ চাকৰি বাদ দি নিজৰ ট্ৰেইনিংৰ শিক্ষা আমাক পথ দেখুওৱাত ব্যৱহাৰ কৰিছিল৷ দেউতাৰ শিক্ষকতাৰ চাকৰীৰ কথা প্ৰতিক্ষণতে মনত ৰাখি সমাজখনক নিজেও ধনাত্মক দৃষ্টিভংগীৰে আগুৱাই নিয়াৰ বাবে সদায় চেষ্টা কৰিছিল৷ দেউতাৰ নিজৰ কৰ্মনিষ্ঠা, বিদ্যালয়খনৰ প্ৰতি থকা দায়িত্ববোধৰ সমানে এগৰাকী শিক্ষকৰ পত্নী হৈ সমাজ তথা ছাত্ৰ -ছাত্ৰীক প্ৰতিক্ষণতে উদগনি তথা অনুপ্ৰেৰণা মায়ে জনাইছিল৷ মায়ে সেইয়া নিজৰ দায়িত্ব বুলি জ্ঞান কৰিছিল৷

শিক্ষকতা চাকৰিত ব্ৰতী প্ৰতিজন শিক্ষকৰ লগতে এনে সকলো আই মাতৃলৈও শিক্ষকতা দিৱসৰ শুভকামনা তথা কৃতজ্ঞতা জনালোঁ৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.