অন্য এক পৃথিৱী – মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী  – মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী – মাধুৰীমা ঘৰফলীয়া

by September 17, 2017 0 comments

তেৰ

————————
বতাহখিনি গাত লাগিল আৰু লগা-লগ শেষ হৈ গ’ল৷ অভিহঁতে কিবা এটা চুই চাবলৈও সুবিধা নাপালে৷ কিজানি সিহঁতি ৱম হলত সুমুৱাই নাই তেনে এক ভাৱত গোটেইকেইটাই পাছলৈ উভতি চালে৷ গছ-গছনিৰ বাহিৰে সিহঁতৰ একো নেদেখাত সিহঁত আশ্বস্ত হল৷ তাৰমানে সিহঁতি পৃথিৱীলৈ উভতি আহিল!
-য়াহুওওওওওওওওওও
উল্লাসত অভিয়ে উকিয়াই দিলে৷
-কোন অ’ সেইটো এই ভৰ দুপৰীয়া উকি মাৰিবলৈ আহিছ?
অভিয়ে উকিটো মৰাৰ লগে লগে অলপ আঁতৰে থকা হাঁফলুটোৰ পাছফালৰ পৰা কোনোবাই গৰজি উঠিল৷ গৰজনিটো শুনি অভিহঁতৰ ভয় লগাৰ সলনি বেছি স্ফূৰ্তিহে লাগিল৷ সি পপীক সাৱটি ধৰি আকৌ চিঞৰি উঠিল
-আমি সফল হলো পপী, আমি সফল হলোঁ৷ য়াহুওওও
-আৰে এবাৰ ক’লে নুশুন নেকি৷ মাৰ লাগে৷
জোপোহাবোৰ খচমচাই কোনোবা এটা অভিহঁতৰ ফালে আগবাঢ়ি আহিল৷ অভিয়েও শুনকচোন ডাঙৰীয়া বুলি কৈ সেইফালে অলপ আগবাঢ়ি গ’ল৷
-কি শুনকচোন ডাঙৰীয়া হে …কোনোমতে বেমাৰী বুঢ়ীজনী শুইছে৷ ই আক ইয়াতে ……….
জোপোহা ফালি ওলাই অহা আগন্তুকে অভিহঁতক দেখাৰ লগে লগে চিঞৰি উঠিল
-আআআআআআআআআআআআআ
ইফালে অভিহঁতৰো একে দশা৷ চিঞৰৰ কোবত হাবিখন লৰাই দিয়াৰ দৰে হ’ল৷ হঠাৎ মূৰৰ পাছফালে কিবা এটা আঘাত পাই সিহঁত এটা এটাকৈ ঢলি পৰিল৷
কাৰোবাৰ গুণগুণনিত এটা এটাকৈ অভিহঁতে সাৰ পালে৷ আকৌ আগৰ দৰে একেই দশা৷ এইবাৰ অলপ বেছিকৈহে৷ কাৰণ সিহঁতৰ হাত ভৰি বান্ধি থোৱা হৈছে৷ সিহঁতি চাৰিওফালৰ পৰিবেশটো চালে৷ গুহাৰ দৰে লগা পৰিষ্কাৰ কোঠা এটাত সিহঁতক বন্দী কৰি ৰখা হৈছে৷ পপীয়ে অভিলৈ চালে৷ তাৰ চকুতো বাকীসকলৰ দৰে বিস্ময়ে ঠাহ খাই আছে৷
-পৃথিৱী এনেকুৱাই নেকি?
মিমোৰ প্ৰশ্নটোৰ উত্তৰ নিদি অভিয়ে বৰুৱালৈ চাই ভয়ে ভয়ে সুধিলে
-খুৰা মই যি দেখিলোঁ আপুনিও সেইটোৱেই দেখিছিল নে?
-নাজানো অভি মই কি দেখিলোঁ! মোৰচোন সকলোবোৰ সপোন সপোন লাগি আছে!
-আমি অক্ৰামত থকাহ’লেই ভাল আছিল৷
পপী উচুপি উঠিল৷ তেনেতে কাৰোবাৰ খোজৰ শব্দ শুনি গোটেইকেইটা জঠৰৰ দৰে হৈ পৰিল৷ আগন্তুক দুজন আছিল৷ তাৰে এজন সিহঁতি দেখাজন৷ আনজন অচিনাকি৷ তেওঁলোক দুজনে ইজনে সিজনলৈ চালে
-ভাগ্যই তই সেইখিনি সময়তে তাত ওলালিহি৷ নহ’লে ইহঁত গোটেইকেইটাক মই অকলে কাবু কৰিব নোৱাৰিলোঁহেঁতেন৷ কিন্তু বৰ বেছি জোৰেৰে মাৰিলি নেকি বাৰু?
-নাই ককাই মই কেৱল অচেতন হৈ যোৱাকৈ মাৰিছিলোঁ৷
-তেন্তে ইহঁত ইমান বেঙাটোৰ দৰে কিয় হৈ আছে৷
আগতে দেখা আগন্তুকজনে অভিহঁতৰ কাষলৈ আহি সিহঁতৰ নাক কাণবোৰ পৰীক্ষা কৰিবলৈ লাগিল৷ এইদৰে পৰীক্ষা কৰি থাকোঁতে কোনোবা এপাকত মিমোৰ নাকত তেওঁৰ নোম এডাল সোমাই যোৱাত সি বৰ জোৰেৰে হাঁচি মাৰি উঠিল৷ লগতে পৰিস্থিতি পাহৰি গালি পাৰি দিলে
-এইবোৰ কি ল’ৰা ধেমালি কৰি আছা হে! !
পিছমুহূৰ্ততে নিজৰ ভুল বুজিব পাৰি সি দাঁত কামুৰি উঠিল৷ আনফালে তাক মাত মতা দেখি আগন্তুকজন জঁপিয়াই উঠিল৷
-মই কৈছিলোঁ নহয় ককাই বেছি জোৰেৰে মৰা নাছিলোঁ বুলি দেখিলে!
-দেখিলোঁ দেখিলোঁ মহেন!
-মহেন! ! তোৰ..আপোনাৰ নাম মহেন! !
এইবাৰ অভিৰ মুখৰ পৰা মাত ওলাল৷
-অ’ মহেন! কিবা অসুবিধা?
-না নাই অসুবিধা একো নহয়৷ কিন্তু এইয়া কেনেকৈ সম্ভৱ! ! আমি ক’ত আছোঁ?
অভিৰ প্ৰশ্নত মহেনৰ হৈ সিজনেহে মাত লগালে৷
-কি কেনেকৈ সম্ভৱ? নামটো মহেন হ’বলৈ অসম্ভৱ কিবা হ’ব লাগে নেকি? আৰু তোমালোক এতিয়া জুৰুকাত আছা৷
-জুৰুকা! ! অহ্! !
নামটো শুনিয়ে অভিহঁত ভাগি পৰিল৷ তাৰমানে ….কিবা এটা ভাবি সি আকৌ সুধিলে
– কিন্তু আপোনালোকে কথা কেনেকৈ কৈছে?
অভিৰ কথাটো শুনি আগন্তুক দুজনে পেটত ধৰি ধৰি হাঁহিবলৈ ধৰিলে৷ অলপ দেৰি হঁহাৰ পাছত মহেন বোলাজনে অভিলৈ চাই সুধিলে
-সেই একেটা প্ৰশ্নকে যদি মই আপোনালোকক কৰোঁ? আপোনালোকে কেনেকৈ কথা কৈছে?
-কাৰণ আমি মানুহ৷ আৰু আপোনালোক …
-আমি কি?
কিবা এটা ক’বলৈ লৈও অভি ৰৈ গ’ল৷ কি বুলি ক’ব সি? ক’বলৈ যে শব্দই বিচাৰি পোৱা নাই৷ সিহঁতৰ সমুখত ৰৈ থকা দুজনে সিহঁতৰ দৰেই কথা কৈছে, সিহঁতৰ দৰেই হাঁহিছে কিন্তু সিহঁত মানুহ নহয়৷ সিহঁত জন্তু! অভিহঁতৰ সমুখত ৰৈ থকা সেই আগন্তুক দুজন দুটা জন্তু৷ বেছিকৈ কথা কৈ থকাজন এটা বান্দৰ আৰু তেওঁৰ লগত থকা মহেন বোলাজন এটা ভালুক ! আচৰিত দুয়োটা জন্তুৱে মানুহৰ দৰেই কথা পাতিছে৷ এতিয়া অভিয়েনো কেনেকৈ কয় সিহঁত জন্তু বুলি! সেইবুলি ক’লে সিহঁতি বা কি ৰূপ লয়৷
-আপোনালোকে নকলে যে আমিনো আপোনালোকৰ বাবে কি?
মহেন ভালুকে অভিৰ চাৰিওফালে ঘূৰি ঘূৰি গহীন হৈ সুধিলে৷
-মানে আমাৰ পৃথিৱীত আপোনালোকক জন্তু বুলি কয়৷ আপোনাক ভালুক আৰু সিজনক বান্দৰ৷
ভালুকটোৰ ৰূপ দেখি পপীয়ে কঁপি কঁপি মাত লগালে৷ তাকে দেখি বান্দৰটোৱে জঁপিয়াই পপীৰ কাষ পালেগৈ৷
-তোমালোক পৃথিৱীৰ পৰা আহিছা?
-অ’ ঠিক পৃথিৱীৰ পৰা পোনে পোনে নহয়৷ পৃথিৱীৰ পৰা অক্ৰাম পালোঁ আৰু অক্ৰামৰ পৰা ইয়াত!
পপীৰ কথাষাৰ শুনি বান্দৰটোৱে কিৰিলিয়াই উঠিল৷
-মহেন মই কৈছিলোঁ নে যুগককাই মিছা কথা নকয়৷ চোৱা পৃথিৱীৰ পৰা মানুহ ওলালহি৷ আস আমাৰ সুখৰ দিন সমাগত৷ খোলা খোলা এওঁলোকৰ বান্ধবোৰ খোলা৷
পৃথিৱী শব্দটোৱে যেন বহু কিবা কিবি সলনি কৰি পেলালে৷ বান্দৰটোৱে আনন্দত অধীৰ হৈ অভিহঁতৰ বান্ধবোৰ খুলি দিলে৷ কিন্তু মহেন ৰূপী ভালুকটোৱে তেতিয়াও সন্দেহজনক ভাৱে সিহঁতলৈ চাই থাকিল৷ অভিহঁতৰ বান্ধবোৰ খুলিয়েই বান্দৰটো কোঠাটোৰ পৰা ওলাই গ’ল৷ অলপ সময়ৰ পাছতে বান্দৰটোৰ লগত কেইবাটাও জন্তু সোমাই আহিল৷ গোটেইকেইটা জন্তুৱে অভিহঁতৰ চাৰিওফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে৷ অভিহঁতে মাথো চকু ডাঙৰ কৰি সকলোকে চাই থাকিল৷
-যুগ ককাৰ কথাবোৰ দেখোন সঁচা হ’বলৈ ধৰিছে৷ তোমালোকে এটা কাম কৰা এওঁলোকৰ ভালকৈ আলপৈচান ধৰাচোন৷ খা খবৰবোৰ লোৱা৷ তেতিয়ালৈকে মই যুগককাৰ পৰা কিবা নতুন কথা উলিয়াব পাৰোঁ নেকি চেষ্টা কৰোঁগৈ৷
জন্তুবোৰৰ ভিতৰত থকা শহা এটাই বৰ গহীনহৈ কথাষাৰ ক’লে৷ অভিহঁতে মন কৰিলে বাকীকেইটা জন্তুৱে শহাটোক অলপ সমীহ কৰি চলিছে আৰু শহাটোৰ কথাকেইটা শুনাৰ লগে লগে অভিহঁতক বৰকৈ প্ৰশয় দিব নোখোজা যেন দেখুৱা ভালুকটোৱেও ইফাল সিফাল কৰি সিহঁতৰ আল-পৈচান ধৰিবলৈ চেষ্টা কৰিলে৷
জন্তুবোৰৰ আতিথ্যই অভিহঁতক আচৰিত কৰি তোলাৰ লগতে জন্তুবোৰৰ প্ৰতি থকা ভয় ভাৱবোৰো কমাই আনিলে৷ সেইবুলি সিহঁতৰ মনবোৰ ফৰকাল নহ’ল৷ সিহঁতি ইতিমধ্যে বুজি উঠিছিল জে শৰ্মাই যিটো আকাংক্ষাত সিহঁতক ৱম হলৰ কথা পাহৰি যাবলৈ কৈছিল এতিয়া সেইটোৱেই হ’ল৷ অৰ্থাৎ সিহঁতি পৃথিৱী নাপালেগৈ৷ অক্ৰামৰ মাজেদি আহি আন এখন পৃথিৱীৰ দৰেই পেৰেলেল ৱল্ডত সোমালহি! কিন্তু এইখন পেৰেলেল ৱল্ড অক্ৰামতকৈ বেলেগ তাৰ প্ৰমাণ ইতিমধ্যে সিহঁতৰ আশে পাশে কথা কৈ ঘূৰি ফুৰা জন্তুবোৰেই৷ কিন্তু এই জন্তুবোৰে সিহঁতৰ ভাষাটো ইমান স্পষ্টকৈ কেনেকৈ জানে? পেৰেলেল ৱল্ডৰ প্ৰতিৰূপ থাকিব পাৰে, মানুহ বা জীৱ জন্তুৰ থাকিব পাৰে কিন্তু ভাষাৰ প্ৰতিৰূপ তাকো মানুহ নথকাকৈ কেনেকৈ সম্ভৱ? নে এইখন পেৰেলেল ৱল্ডৰ পৰা পৃথিৱীলৈ কিবা সহজ সংযোগ আছে? এশ এবুৰি প্ৰশ্নৰে সিহঁতৰ মনবোৰ ভাৰাক্ৰান্ত হৈ পৰিল৷
প্ৰায় দুঘণ্টামানৰ পাছত খোৱাই বোৱাই জন্তুবোৰে সিহঁতক জিৰণি ল’বলৈ বুলি কোঠাটোত এৰি গ’ল৷ অৱশ্যে কোঠাটোৰ একমাত্ৰ দৰজাখন যে বাহিৰৰ পৰা বন্ধ কৰি গৈছে সেইটো দৰজাখনত হোৱা শব্দটোৰ পৰা অনুমান কৰিলে৷
-এতিয়া কি কৰা যায়?
অভিৰ প্ৰশ্নত কোঠাটোৰ বেৰবোৰ পৰীক্ষা কৰি থকা মিমো আৰু বৰুৱাই তালৈ উভতি চালে৷
-কিবা এটা কৰিবলৈ জানো আমাৰ হাতত কিবা উপায় আছে!
-আমি ইয়াৰ পৰা পলাই যাওঁ বল৷
পপীয়ে অভিৰ হাতখন জোকাৰি ক’লে৷ অভিয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মিমোলৈ চালে৷ মিমোৱে তেতিয়াও কোঠাটোৰ বেৰখন পৰীক্ষা কৰি আছিল৷
-মোৰ যদি ভুল হোৱা নাই আমি পানীৰ মাজত থকা গুহা এটাৰ মাজত আছোঁ৷
-কি!

(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.