আমাৰ সৌৰ জগতখন – ড০ ৰাস্না ৰাজখোৱা 

আমাৰ সৌৰ জগতখন – ড০ ৰাস্না ৰাজখোৱা 

আমাৰ সৌৰ জগতখন – ড০ ৰাস্না ৰাজখোৱা 

by September 17, 2017 0 comments

আমাৰ সৌৰ জগতখন ‘হাতীপটি’ তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জৰ অন্তৰ্ভুক্ত৷ তাৰকাৰাজ্য কি জানানে? তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জ হৈছে নিযুত-নিযুত তৰা বা নক্ষত্ৰ, গ্ৰহ, উপগ্ৰহ আদিৰে ভৰা এক বিশাল আকাৰৰ ক্ষেত্ৰ৷ এই আটাইবোৰ গ্ৰহ, উপগ্ৰহ অথবা নক্ষত্ৰ প্ৰবল মাধ্যাকষৰ্ণ শক্তিৰ দ্বাৰা ইটোৱে সিটোৰ সৈতে আকৰ্ষিত হৈ থাকে আৰু এটা বিশেষ কেন্দ্ৰক এই তাৰকা ৰাজ্যখনে প্ৰদক্ষিণ কৰি থাকে৷ পৃথিৱীখনকে ধৰি আমাৰ সৌৰ জগতখন হাতীপটি তাৰকাৰাজ্যৰ অন্তৰ্গত৷ মহাবিশ্বত এনে অসংখ্য তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জ আছে৷ তাৰকাৰাজ্যবোৰৰ আকাৰ সৰ্পিল, উপবৃত্তাকাৰ বা নিৰ্দিষ্ট আকাৰবিহীন হ’বও পাৰে৷ হাটীপটি হৈছে এক সৰ্পিলাকাৰ তাৰকাৰাজ্য৷ সূৰ্যটো আৰু আঠটা গ্ৰহ-বুধ, শুক্ৰ, পৃথিৱী, মঙল, বৃহ্স্পতি, শনি, ইউৰেনাছ, নেপচুন আমাৰ সৌৰ জগতখনৰ অন্তৰ্গত৷ সূৰ্যটো, আঠটা গ্ৰহ আৰু উপগ্ৰহ্সমূহ, গ্ৰহানুপুঞ্জ, ধুমকেতু আৰু উল্কাৰ দৰে অসংখ্য মহাজাগতিক বস্ত্ত লৈ সৌৰজগতখন গঠিত৷ ‘ৰেডিও মেট্ৰিক ডেটিং’ নামৰ পদ্ধতিৰ দ্বাৰা বিজ্ঞানী সকলে হিচাপ কৰি সৌৰ জগতখনৰ বয়স প্ৰায় ৫০০ কোটি বছৰ বুলি থিৰাং কৰিছে৷ আহাচোন আমি সূৰ্যটো আৰু আঠটা গ্ৰহৰ বিষয়ে কিছু কথা আলোচনা কৰো৷

সূৰ্য
ফৰকাল বতৰত ৰাতি আকাশলৈ চালে আমি বিভিন্ন আকাৰৰ আৰু বিভিন্ন উজ্জ্বলতাৰ অসংখ্য তৰা বা নক্ষত্ৰ দেখিবলৈ পাওঁ৷ এই তৰাবোৰৰ মাজৰে এটা মধ্যম বয়সৰ আৰু মজলীয়া আকাৰৰ তৰা বা নক্ষত্ৰ হ’ল আমাৰ সূৰ্য; যাক তুলনামূলকভাৱে ওচৰতে থকা বাবে আমি ডাঙৰকৈ দেখো৷ আমাৰ সূৰ্য বুলি এই কাৰণেই কোৱা হৈছে যে আমি বাস কৰা পৃথিৱী আৰু অন্যান্য গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে অহৰহ পৰিভ্ৰমণ কৰি আছে আৰু পৃথিৱীত বসবাস কৰা সকলোৱেই পোনপটীয়াকৈ বা আওপকীয়াকৈ সূৰ্যৰ ওপৰত নিৰ্ভৰশীল৷ সূৰ্যৰ চাৰিওফালে সৌৰজগতৰ আঠটা গ্ৰহ আৰু তাৰ উপগ্ৰহবোৰ ঘূৰে৷ ইয়াৰ ব্যাস প্ৰায় ১৩, ৯২, ০০০ কিঃ মিঃ, ভৰ প্ৰায় ২x১০৩০ কিঃ মিঃ আৰু ঘনত্ব ১.৪ গ্ৰাম প্ৰতি ঘন ছেঃ মিঃ৷ ইয়াৰ তিনিটা স্তৰ আছে— ফট’স্ফিয়েৰ, ক্ৰম’স্ফিয়েৰ আৰু কৰ’না৷ দৃশ্যমান ফট’স্ফিয়েৰৰ উষ্ণতা ৬০০০০ ছেলছিয়াছ আৰু ইয়াৰ অৰ্ন্তভাগৰ উষ্ণতা ১, ৫০, ০০, ০০০০ ছেলছিয়াছ৷ সূৰ্যত সোণ, òপ, তাম, লো, ৰেডিয়াম, মেগনেছিয়াম, ছডিয়াম, কেলছিয়াম, এলুমিনিয়াম, সীহ আদি ধাতু আৰু হাইড্ৰজেন, অক্সিজেন, হিলিয়াম আদি গেছৰ সংমিশ্ৰণৰ সৈতে প্ৰায় ৬০ বিধ বিভিন্ন উপাদান গেছীয় অৱস্থাত আছে৷ ইয়াত প্ৰায় ৯০% হাইড্ৰজেন, ৮% হিলিয়াম আৰু ২% আনগধুৰ মৌলৰে গঠিত৷ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলত হাইড্ৰজেন হিলিয়ামলৈ òপান্তৰিত হৈ উৎপন্ন হোৱা তাপ শক্তিখিনিকে আমি সূৰ্যৰ তাপ আৰু পোহৰ হিচাপে পাঁও৷ সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ তুলনাত ২৮ গুণ বেছি৷ পৃথিৱীৰ সূৰ্যৰ দূৰত্ব ১৫ কোটি কিঃ মিঃ৷ সূৰ্যৰ আৱৰ্তন কাল ২৫ দিন ১ ঘণ্টা ১২ মিনিট৷ সূৰ্যই ইয়াৰ সৌৰজগতখনৰ সৈতে হাতীপটিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে৷ এবাৰ সৰ্ম্পূণ প্ৰদক্ষিণ কৰোঁতে ২০ কোটি বছৰ লাগে৷ অথচ ইয়াৰ প্ৰদক্ষিণ বেগ প্ৰতি ঘণ্টাত ৭০০০০ কিল’মিটাৰ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি সূৰ্যৰ গতিপথ কিমান দীঘলীয়া৷ সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে ৮ মিনিট ১৮ ছেকেণ্ড৷

সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্য পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্যতকৈ ২৫, ০০০ গুণ বেছি৷ যেতিয়া পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ হয়, তেতিয়া চন্দ্ৰই সূৰ্যটো ঢাকি ৰখাৰ অংশৰ চাৰিওফালে পাতল ৰঙা বৰণৰ পোহৰ দেখিবলৈ পোৱা যায়৷ এই পাতল ৰঙা ৰঙৰ ৰশ্মি দেখা অংশবোৰ নিচেই সৰু দেখা যায় যদিও ইয়াৰ ব্যাস বহুত হেজাৰ কিলোমিটাৰ৷ এই অংশটোক ক্ৰোমস্ফিয়েৰ বোলা হয়৷ সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰই ফট’স্ফিয়েৰ আৰু ক্ৰম’স্ফিয়েৰত সদায় প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তি ২৭৪ মি/ছে২, পৃথিৱীৰ তুলনাত ২৮ গুণ বেছি৷ সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তিয়ে সূৰ্যৰ পৰা ছয় হেজাৰ নিযুত কিলোমিটাৰ দূৰত থকা গ্ৰহ-নক্ষত্ৰ আদিক আকৰ্ষণ কৰি থকাৰ হেতু এই গ্ৰহ-নক্ষত্ৰবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে৷ পৃথিৱীৰ সূৰ্যৰ দূৰত্ব ১৫ কোটি কিঃ মিঃ৷ সূৰ্যৰ আৱৰ্তন কাল ২৫ দিন ১ ঘণ্টা ১২ মিনিট৷ সূৰ্যই ইয়াৰ সৌৰজগতখনৰ সৈতে হাতীপটিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে৷ এবাৰ সৰ্ম্পূণ প্ৰদক্ষিণ কৰোঁতে ২০ কোটি বছৰ লাগে৷ অথচ ইয়াৰ প্ৰদক্ষিণ বেগ প্ৰতি ঘণ্টাত ৭০০০০ কিল’মিটাৰ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি সূৰ্যৰ গতিপথ কিমান দীঘলীয়া৷ সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে ৮ মিনিট ১৮ ছেকেণ্ড৷

নিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলত হাইড্ৰজেন হিলিয়ামলৈ òপান্তৰিত হৈ উৎপন্ন হোৱা তাপ শক্তিখিনিকে আমি সূৰ্যৰ তাপ আৰু পোহৰ হিচাপে পাঁও৷ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলত প্ৰতি ছেকেণ্ডত ৫০০ মিলিয়ন টন হাইড্ৰজেন গেছ হিলিয়ামলৈ ৰূপান্তৰিত হৈ আছে আৰু ৪ মিলিয়ন টন বিভিন্ন পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হৈ আছে৷ অন্তঃভাগত উৎপন্ন হোৱা শক্তি বহিঃভাগলৈ ওলাই আহে৷ সূৰ্যৰ আলোক মণ্ডলৰ যি অংশৰ উত্তাপ ২০০০ ৰ পৰা ৩০০০ ডিগ্ৰী কম ছেলছিয়াছৰ, তেনে অংশবোৰক ক’লা দেখা যায়৷ এনেধৰণৰ ক’লা অংশক সৌৰ কলংক বোলে৷ সৌৰ কলংকত চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্যৰ পৰিমাণ তাৰ চাৰিওফালে আগুৰি থকা আন অংশৰ তুলনাত ১০০০ গুণ বেছি৷ সাধাৰণতে সৌৰ কলংকবোৰ চুম্বকীয় ক্ষেত্ৰৰ সৈতে যুৰীয়াভাবে দেখা যায়৷ এটা সৌৰ কলংকৰ পৰা চুম্বকীয় ক্ষেত্ৰ ওলাই আৰু আনটোত প্ৰবেশ কৰে৷ সৌৰ কলংক, আলোক মণ্ডলৰ এটা অস্থায়ী পৰিঘটনা৷ এটা সৌৰ কলংকৰ আয়ুস সাধাৰণতে একৰ পৰা এশ দিন হ’ব পাৰে আৰু সমূহীয়া সৌৰ কলংকৰ ক্ষেত্ৰত আয়ুস সাধাৰণতে ৫০ দিন মান হয়৷ একোটা সৌৰ কলংকৰ আকাৰ আমাৰ পৃথিৱীতকৈ বহুত ডাঙৰ হ’ব পাৰে৷
জ্যোৰ্তি বিজ্ঞানী কেৰিংটন আৰু ৰিচাৰ্ড হজছনৰ মতে সূৰ্যৰ চাৰিওফালে থকা গেছীয় আৱৰণৰ মাজেদি বিদ্যুৎ চুম্বকীয় বিকিৰণ হঠাৎ আঁতৰি বাহিৰ হৈ আহে৷ ইয়াক সৌৰ শিখা বুলি কোৱা হয়৷ এই আঁতৰি অহা বিকিৰণত প্ৰচুৰ সংখ্যক ইলেক্ট্ৰন, প্ৰটন আৰু গধুৰ নিউক্লিয়াচ অতি উত্তপ্ত অৱস্থাত থাকে বাবে উজ্জ্বল দেখি৷ সূৰ্যৰ গেছীয় আৱৰণৰ মাজত বিদ্যুৎ আৰু চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তন হ’লেই সৌৰ শিখা সৃষ্টি হয়৷ সৌৰ শিখাক তিনি ভাগত ভাগ কৰা হয়—-বিদ্যুৎ চুম্বকীয় বিকিৰণ, মহাজাগতিক ৰশ্মি আৰু কণিকাময় বিকিৰণ৷ বিদ্যুৎ চুম্বকীয় বিকিৰণত ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ ছেকেণ্ডত প্ৰায় ৫০০ কিলোমিটাৰ বেগেৰে মহাকাশলৈ ঢাপলি মেলে৷ ইহঁতে সৌৰ মণ্ডলত বায়ুৰ সৃষ্টি কৰে৷ সৌৰ মণ্ডলৰ পৰা বায়ু পৃথিৱী পাবলৈ প্ৰায় ৪ দিন সময় লাগে৷ অৱ্শ্যে বিভিন্ন সময়ত বিশেষকৈ সৌৰ কলংকৰ সময়ত সূৰ্যৰ গেছৰ তীব্ৰ বিস্ফোৰণ হয়৷ লগে লগে সৌৰ মণ্ডলত বায়ুৰ বেগ বাঢ়ি যায়৷ ইয়াক সৌৰ ধুমুহা বোলে৷

সূৰ্যই একেৰাহে ৪.৬ বিলিয়ন বছৰ সুস্থিৰভাৱে তাপ আৰু পোহৰ দি আছে, আৰু অনাগত একে সময়ৰ বাবে সূৰ্যটো সুস্থিৰ হৈ থাকিব বুলি বিজ্ঞানী সকলে ক’ব বিচাৰে৷ সূৰ্যৰ ফালে কেতিয়াও খালী চকুৰে চোৱা উচিত নহয়, সূৰ্যৰ ৰশ্মিয়ে চকুৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷

বুধ
বুধ সূৰ্যৰ নিকটতম গ্ৰহ আৰু গ্ৰহবোৰৰ ভিতৰত এইটোৱেই আটাতকৈ সৰু গ্ৰহ৷ ইয়াৰ বায়ুমণ্ডল নাই৷ মাধ্যাকষৰ্ণিক বল নিচেই কম হোৱা হেতুকে বায়ুমণ্ডল ধৰি ৰাখিব নোৱাৰে৷ বুধ গ্ৰহটো সূৰ্যৰ ওচৰতে হোৱাৰ বাবে ইয়াৰ এটা পৃষ্ঠ অতি উত্তপ্ত আৰু আনটো পৃষ্ঠ খুব চেঁচা হৈ থাকে৷ শুকান শিলাময় ইয়াৰ পৃষ্ঠভূমিত বহুতো জ্বালামুখী আছে৷ আটাইতকৈ ডাঙৰ জ্বালামুখীটোৰ নাম হ’ল কেল’ৰিছ বেছিন৷ ১৯৯১ চনত চলোৱা ৰেডিঅ’ তৰংগ এটাৰ পৰীক্ষামূলক অনুসন্ধানৰ পাছত বুধৰ উত্তৰ মেৰুৰ তলৰ গহ্বৰ কি ছুমানত ভালেখিনি বৰফ থাকিব পাৰে বুলি এদল মহাকাশ বিজ্ঞানীয়ে অনুমান কৰিছে৷ বুধ গ্ৰহটোৰ,
সূৰ্যৰ পৰা গড় দূৰত্ব ৫৭, ৯১০, ০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ২, ৪৪০ কিঃ মিঃ
ভৰ, পৃথিৱী ভৰৰ ০.০৫৫ গুণ
পৃষ্ঠভাগৰ উষ্ণতা -১৮০০ ছে ৰ পৰা ৪৩০০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৮৮ দিন
আৱৰ্তন কাল ৫৮ দিন ১৫ ঘণ্টা ৩০ মিনিট
পৃষ্ঠভাগৰ ক্ষেত্ৰফল ৭৪, ৮০০, ০০ বৰ্গ কিঃ মিঃ
আৰু ইয়াৰ কোনো উপগ্ৰহ নাই৷

শুক্ৰ
শুক্ৰ পৃথিৱীৰ আটাতকৈ ওচৰত থকা গ্ৰহ৷ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৱেই হৈছে শুক্ৰগ্ৰহ৷ ইয়াৰ উজ্জ্বলতা সূৰ্য আৰু চন্দ্ৰৰ পিছতে৷ শুক্ৰগ্ৰহ ৰাতিপুৱা আৰু সন্ধিয়া আকাশত খালী চকুৰে দেখা যায়৷ সেয়ে ইয়াক পুৱতি তৰা আৰু সন্ধ্যা তৰা বোলা হয়৷ শুক্ৰগ্ৰহৰ উজ্জ্বলতাৰ কাৰণ হ’ল ইয়াৰ বায়ুমণ্ডলে সূৰ্যৰ পোহৰ বহুত পৰিমাণে প্ৰতিফলিত কৰে৷
ইয়াৰ বায়ুমণ্ডলৰ ঘনত্ব ইমানেই বেছি যে সূৰ্যৰ বিকিৰিত তাপ বায়ুমণ্ডল ভেদ কৰি সোমাব পাৰে যদিও ওলাই আহিব নোৱাৰে৷ সেয়ে শুক্ৰৰ উষ্ণতা প্ৰায় ৪৬০০ ছে৷ ইয়াৰ বায়ুমণ্ডল কাৰ্বন ডাইক্সাইড গেছেৰে পূৰ্ণ৷ এই গেছে পৃথিৱীৰ তুলনাত বৃহৎ পৰিমাণৰ তাপ শোষণ কৰি সেউজ গৃহ প্ৰক্ৰিয়া সংঘটিত কৰে৷ তাৰ ফলস্বৰুপে শুক্ৰগ্ৰহত উষ্ণতাৰ মাত্ৰা অতি বেছি হয়৷ ১৯৭৮ চনত ‘পায়’নিয়াৰ ভেনাছ অৰবিটা’ নামৰ মহাকাশযানৰ যোগেদি শুক্ৰগ্ৰহৰ উচ্চ বায়ুমণ্ডলত কাৰ্বন ডাইক্সাইড, কাৰ্বন মন’ক্সাইড, নাইট্ৰ’জেন অক্সাইড, হিলিয়াম আৰু হাইড্ৰজেন থকা বুলি জনা গৈছে৷ তদুপৰি শুক্ৰগ্ৰহত থকা নিষ্ক্ৰিয় গেছবোৰ হ’ল—আৰ্গন, নিয়ন আৰু ক্ৰিপ্টন৷ বিজ্ঞানীসকলে মত পোষণ কৰিছে যে শুক্ৰগ্ৰহত ছালফাৰ আৰু ইয়াৰ যৌগ থকা বাবে ই হালধিয়া ৰংৰ৷

পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে শুক্ৰগ্ৰহৰ বায়ুমণ্ডলৰ তুলনা কৰিবলৈ সুবিধা বাবে ৬০ কিলোমিটাৰ তলৰ বায়ুমণ্ডলক ট্ৰপ’স্ফিয়েৰ আৰু ৬০ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰ অঞ্চলটোক ষ্ট্ৰেট’মেছোস্ফিয়েৰ বুলি কোৱা হয়৷ শুক্ৰগ্ৰহৰ ক্ষেত্ৰত অ’জন স্তৰ নোহোৱাৰ বাবে অতি বেঙুনীয়া ৰশ্মি পোনে পোনে বায়ুমণ্ডলত প্ৰৱেশ কৰে৷ ইয়াৰ উচ্চ বায়ুমণ্ডলত টাৰব’পজ(Turbopause), এগজ’বেজ (Exobase) আৰু আয়ন’পজ (Ionopause) নামৰ অঞ্চলসমূহ চিহ্নিত কৰা হৈছে৷ শুক্ৰগ্ৰহৰ টাৰব’পজ ১৪০ কিলোমিটাৰ উচ্চতাত আছে কিন্ত্ত পৃথিৱীত ই আছে ১০০ কিলোমিটাৰ উচ্চতাত৷ আনহাতে শুক্ৰগ্ৰহৰ এগজ’বেজ ২০০ কিলোমিটাৰ উচ্চতাত আছে কিন্ত্ত পৃথিৱীত ই আছে ৫০০ কিলোমিটাৰ উচ্চতাত৷ ইয়াৰ পৃষ্ঠভূমিত থকা বহুতো আগ্নেয়গিৰিৰ পৰা ওলোৱা ছালফাৰ ডায়্ক্সাইড গেছ ইয়াৰ বায়ুমণ্ডলৰ ডাৱৰবোৰত ছালফিউৰিক এছিডৰ কণিকা হিচাপে জমা হৈ থাকে, যাৰ পৰা অতি ঘন ছালফিউৰিক এছিডৰ বৰষুণ হয়৷ ইয়াৰ দুই প্ৰাথমিক ভূ-খণ্ডৰ নাম এফ্ৰডাইটি টেৰা আৰু ইশ্বটাৰ টেৰা৷ ইশ্বটাৰ টেৰাত অৱস্থিত ১১ কিঃ মিঃ ওখ মেক্সৱেল মণ্টেছ নামৰ পৰ্বতটোৱেই ইয়াৰ আটাইতকৈ ওখ পৰ্বত৷

শুক্ৰ গ্ৰহটো সূৰ্য আৰু পৃথিৱীৰ মাজত একেডাল সৰল ৰেখাত অৱস্থান কৰিলে পৃথিৱী পৃষ্ঠৰ কোনো কোনো অংশৰ পৰা শুক্ৰ গ্ৰহটোক সূৰ্যৰ কাঁহী সদৃশ আকৃতিটোৰ ওপৰৰে ক’লা ফোঁট এটা পাৰ হৈ যোৱা যেন লাগে৷ এই পৰিঘটনাটোকে কোৱা হ্য় শুক্ৰ গ্ৰহৰ সূৰ্য অতিক্ৰমণ৷ শুক্ৰ গ্ৰহৰ দৰে বুধ গ্ৰহৰো সূৰ্য অতিক্ৰমণ হোৱা দেখা যায়৷ শুক্ৰৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ সৈতে প্ৰায় ৩.২৫ ডিগ্ৰী কৌণিকভাৱে হেলনীয়া হোৱা বাবে যুগ্মভাবে প্ৰতি ১২১.৫ বছৰ আৰু ইয়াৰ পাছত ৮ বছৰৰ মূৰত একোবাৰকৈ শুক্ৰৰ সূৰ্য অতিক্ৰমণ হয়৷ এই অতিক্ৰমণ এবাৰ যুগ্মভাবে ৮ বছৰৰ পাছত জুন মাহত আৰু আনবাৰ যুগ্মভাবে ডিচেম্বৰ মাহত হয়৷ ১৭শ শতিকা আৰু ১৮শ শতিকাৰ শুক্ৰ অতিক্ৰমণৰ ঘটনাসমূহ আছিল অতি তাৎপৰ্যপূৰ্ণ৷ কাৰণ এই অতিক্ৰমণ নিৰীক্ষণ কৰি জ্যোৰ্তিবিজ্ঞানী সকলে সূৰ্য, শুক্ৰগ্ৰহ আৰু সৌৰজগতৰ বিষয়ে নানান তথ্য আৱিষ্কাৰ কৰিছিল৷ শুক্ৰগ্ৰহৰ আৱেশিক চুম্বক ক্ষেত্ৰ আছে৷ সেইবাবে সৌৰ বতাহে শুক্ৰগ্ৰহৰ বায়ুমণ্ডল তথা আয়ন’স্ফিয়েৰৰ লগত পোনে পোনে বিক্ৰিয়া কৰে৷ ইয়াৰ ফলত এখন চুম্বক প্ৰতিবন্ধক গঠন হয়৷ যিয়ে শুক্ৰগ্ৰহৰ চাৰিওফালে হোৱা সৌৰ বতাহৰ পথৰ দিশ পৰিৱৰ্তন কৰে৷ শুক্ৰ গ্ৰহটোৰ,
সূৰ্যৰ পৰা গড় দূৰত্ব ১০৮, ২০০, ০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ৬, ০৫২ কিঃ মিঃ
ভৰ, পৃথিৱী ভৰৰ ০.৮১৫ গুণ
পৃষ্ঠভাগৰ উষ্ণতা ৪৬০০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ২২৫ দিন
আৱৰ্তন কাল ১১৬ দিন ১৮ ঘণ্টা ০ মিনিট
পৃষ্ঠভাগৰ ক্ষেত্ৰফল ৪৬০, ২৩৪, ৩১৭ বৰ্গ কিঃ মিঃ
আৰু ইয়াৰ কোনো উপগ্ৰহ নাই৷

পৃথিৱী
সৌৰজগতত জীৱজগতৰ বাসোপযোগী একমাত্ৰ গ্ৰহ আমাৰ পৃথিৱী৷ জীৱ জগতৰ অনুকূল অক্সিজেন থকা বায়ুমণ্ডল আন কোনো গ্ৰহত নাই৷ ইয়াক সেউজ গ্ৰহ বুলিও কোৱা হয়৷ পৃথিৱীৰ পৃষ্ঠভাগৰ দুই-তৃতীয়াংশই পানীয়ে আগুৰি আছে৷ এনে বিভিন্ন কাৰকৰ বাবেই ইয়াত মানুহকে ধৰি বিভিন্ন তৰহৰ জীৱ-জন্ত্ত আৰু গছ-বিৰিখৰ বসতি সম্ভৱ হৈছে৷ পৃথিৱীৰ একেবাৰে ভিতৰভাগত গলিত লো আৰু নিকেলৰ তৰপ আছে৷ পৃথিৱীৰ তেনেই ওপৰভাগত ১৬ ৰ পৰা ৪৮ কিঃ মিঃ প্ৰস্থবিশিষ্ট শিলাময় তৰপ এটা আছে৷ ইয়াক লিথ’স্ফিয়েৰ বোলে৷ ইয়াৰে ওখ অঞ্চলবোৰ হ’ল আমাৰ মহাদেশসমূহ আৰু চাপৰ অঞ্চলবোৰত আছে মহাসাগৰকেইখনৰ লগতে বিভিন্ন সাগৰ, উপসাগৰ আৰু হ্ৰদ আদি৷ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ৷ পৃথিৱীৰ
সূৰ্যৰ পৰা গড় দূৰত্ব ১৪৯, ৫০০, ০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ৬, ৩৭১ কিঃ মিঃ
ভৰ ৫.৯৭২ x ১০২৪ কেজি
পৃষ্ঠভাগৰ উষ্ণতা -৭০০ ছে ৰ পৰা ৫৫০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৩৬৫৷ ২৫ দিন
আৱৰ্তন কাল ২৪ ঘণ্টা
আৰু ইয়াৰ উপগ্ৰহ এটা৷

মঙ্গল
শিলাময় আৰু ধূলিৰে আবৃত, ৰঙা গ্ৰহ বুলি জনাজাত মঙ্গল গ্ৰহটোৰ দুয়োটা মেৰু শুকুলা আৰু পৃষ্ঠভাগ ৰঙচুৱা৷ ইয়াৰ ব্যাসাৰ্দ্ধ ৩, ৩৯০ কিঃ মিঃ আৰু ভৰ, পৃথিৱী ভৰৰ ০.১০৭ গুণ৷ ১৯৭৬ চনত ভাইকিং-১ আৰু ভাইকিং-২ অভিয়ানৰ সহায়ত মঙ্গল গ্ৰহটোৰ মাটি পৰীক্ষা কৰি প্ৰমাণ পাইছে যে ইয়াত প্ৰচুৰ মাত্ৰাত আয়ৰণ অক্সাইডৰ গুৰি আছে৷ মঙ্গল গ্ৰহ সূৰ্যৰ কাষ চপাৰ লগে লগে ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয়৷ এই ধুমুহাত আয়ৰণ অক্সাইডৰ গুৰিবোৰ প্ৰায় ৩০ কিলোমিটাৰ উচ্চতালৈ উৰি মঙ্গল গ্ৰহক ৰঙা কৰি তোলে৷ ধুমুহা শাম কটাৰ পিছত গুৰিবোৰ পুনৰ মাটিলৈ সৰি পৰে৷ আয়ৰণ অক্সাইড নামৰ ৰঙচুৱা পদাৰ্থবিধৰ আধিক্যৰ বাবেই পৃথিৱীৰ পৰা মঙ্গল গ্ৰহক ৰঙা দেখা যায়৷ ইয়াৰ পৃষ্ঠভাগত ভালেমান আগ্নেয়গিৰি আৰু গিৰিখাত আছে৷ পৃষ্ঠভাগ ৪, ০০০ কিঃ মিঃ ৰো অধিক দীঘল গিৰিখাতলানিয়ে গ্ৰহটোৰ এক-পঞ্চমাংশ অঞ্চল অধিকাৰ কৰি আছে৷ ওপৰৰ পৰা চালে মঙ্গল গ্ৰহটোক এখন শিলাময় মৰুভূমি যেন দেখি৷ ইযাতেই আছে সৌৰজগতৰ আটাতকৈ গভীৰ গাঁত, আচহুৱা বতৰ আৰু তাপমাত্ৰা৷ পৃষ্ঠভাগৰ উষ্ণতা -১৪৩০ ছে ৰ পৰা ৩৫০ ছে পৰ্যন্ত৷ ইযাৰ বায়ুমণ্ডল অতি পাতল৷ বায়ুমণ্ডলত আছে নাইট্ৰজেন ২.৭ শতাংশ, আৰ্গন ১.৬ শতাংশ, অক্সিজেন ০.১৩ শতাংশ, ০.০৮ শতাংশ পৰিমাণৰ কাৰ্বন মনো-অক্সাইড গেছৰ অস্তিত্ব পোৱা গৈছে. লক্ষণীয়ভাৱে ৯৫.৩২ শতাংশ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গেছ পোৱা গৈছে৷ মঙ্গল গ্ৰহটোৰ, সূৰ্যৰ পৰা গড় দূৰত্ব ২২৭, ৯০০, ০০০ কিঃ মিঃ৷ পৃথিৱীৰ তুলনাত মঙল গ্ৰহটো সূৰ্যৰ পৰা বহুত আঁতৰত থকা বাবে ইযাৰ দিনবোৰ পৃথিৱীৰ তুলনাত বেছি দীঘল৷ ইযাৰ পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৬৮৭ দিন৷ মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহ আছে —ফ’ব’ছ আৰু ডিম’ছ৷ এই উপগ্ৰহ দুটাও আচহুৱা ধৰণৰ৷ ইহঁত আচলতে দেখিবলৈ গ্ৰহাণুৰ দৰে৷ বহু বিজ্ঞানীয়ে উপগ্ৰহ দুটা একালত গ্ৰহাণু আছিল বুলিযে সন্দেহ কৰে৷ মঙ্গল গ্ৰহৰ পৰা ফ’ব’ছৰ গড় দূৰত্ব ৯৩৭৭ কিলোমিটাৰ আৰু ডিম’ছৰ গড় দূৰত্ব ২৩৪৩৬ কিলোমিটাৰ৷

২০১৫ চনৰ ২৮ ছেপ্তেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা ন নাছাই মঙল গ্ৰহত নিশ্চিতভাৱে পানীৰ সন্ধান পোৱা বুলি জনোৱাৰ পাছত ৰঙা গ্ৰহটোত অতীতত বা বৰ্তমানো জীৱ থকা সম্পৰ্কে বিজ্ঞানীসকলৰ মনত নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ ২০০৬ চনৰ পৰা বৰ্তমানলৈকে মঙ্গল গ্ৰহক প্ৰদক্ষিণ কৰি থকা নাছাৰ ‘মাৰ্ছ ৰেক’নেইছেন্স অৰ্বিটাৰ’ (Mars Reconaissance Orbiter) সন্ধানী যানখনে প্ৰেৰণ কৰা ফটো আৰু তথ্য-পাতি অধ্যয়ন কৰি নিশ্চিতভাৱে প্ৰমাণ পাইছে যে মঙ্গল গ্ৰহৰ পৃষ্ঠত লুণীযা (briny water) পানীৰ ধাৰা নিযমীযাকৈ বৈ থাকে৷ এই পানী ইমান নিমখীয়া যে সাধাৰণ দৃষ্টিত জীৱ থকাতো সম্ভৱ নহয৷ কিন্তু ‘নেচাৰ জিঅ’ছাইন্স’ নামৰ আলোচনীত প্ৰকাশিত নাছাৰ প্ৰতিবেদন অনুসৰি, মঙলপৃষ্ঠৰ লুণীযা পানীৰ পৰিৱেশত কেৱল অতীতৰ সেমেকা পৰিৱেশতো জীৱ থাকিব পাৰে৷

নাছাৰ বিজ্ঞানীসকলে ২০১১ চনতে মাৰ্ছ ৰেক’নেইছেন্স অৰ্বিটাৰ যানখনৰ শক্তিশালী কেমেৰাই গ্ৰহণ কৰা ছবি বিশ্লেষণ কৰি মঙলত পানী থকাৰ প্ৰমাণ পাইছিল৷ এই য়ানৰ লগত থকা কেমেৰা ইমান বেছি শক্তিশালী যে মঙ্গল গ্ৰহৰ পৃষ্ঠৰ 0.২ মিটাৰ আকাৰৰ বস্তুৰো ছবি গ্ৰহণ কৰি ই প্ৰেৰণ কৰিব পাৰে৷ ছবিবোৰ বিশ্লেষণ কৰি সিদ্ধান্ত কৰা হৈছে যে মঙলপৃষ্ঠৰ কিছুমান ঘন ৰঙৰ সাঁচ বা পটি ঋতু পৰিৱৰ্তনৰ লগে লগে বৃদ্ধি আৰু হ্ৰাস পায৷ সেই পটিবোৰৰ ওপৰত তাপৰ প্ৰভাৱ পৰে৷ বসন্তকালৰ পাছৰফালে আৰু গ্ৰীষ্মকালত পটিবোৰ দীঘল হয়, হেমন্ত আৰু শীতকালত সংকুচিত হয৷ প্ৰতিবছৰ মঙলৰ আওগৰীযা অঞ্চলবোৰত সেই পটিবোৰ পুনৰ আবিৰ্ভাৱ ঘটে কাৰণে বিজ্ঞানীসকলে ইহঁতক ‘ঢালত পুনৰ উৎপাদিত ৰেখা’ (Recurring slope lines-RSL) বুলি নামকৰণ কৰিছে৷

২০০৮ চনৰ ২৫ মাৰ্চত নাছাৰ ফিনিক্স লেণ্ডাৰ নামৰ যানখনে মঙলৰ মেৰু অঞ্চলত প্ৰায় এমাহ ধৰি অধ্যয়ন চলাই প্ৰমাণ কৰে যে মঙলৰ মেৰু প্ৰদেশৰ বৰফৰ তলত পানীৰ ভাণ্ডাৰ আছে৷ নাছাই মঙলত জীৱৰ অনুসন্ধান কৰাৰ উদ্দেশ্যে ২০১১ চনৰ নৱেম্বৰত কিউৰিঅ’ছিটি (Curiosity)নামৰ এটা গৱেষণাগাৰ (Mars Science Laboratory)প্ৰেৰণ কৰে, আৰু ই ২০১২ চনৰ আগষ্টত মঙ্গল গ্ৰহৰ পৃষ্ঠত নামি অধ্যয়ন কৰে৷ কিউৰিঅ’ছিটিয়ে মঙ্গল পৃষ্ঠৰ গেইল গৰ্তৰ একাংশত (John Klein drill site) বিন্ধা কৰি পোৱা শিলৰ গুড়িৰ নমুনা বিশ্লেষণ কৰি নাছাই জনায় যে অতীতত মঙলত অণুজীৱৰ বাসোপযোগী পৰিৱেশে বিৰাজ কৰিছিল৷ এই যানখনে মঙ্গলত মিথেন থকাৰ প্ৰমাণ পাইছিল৷
উল্লেখযোগ্য যে ভূ-পৃষ্ঠত আৱিষ্কাৰ হোৱা মঙ্গল গ্ৰহৰ কেইটামান উল্কাৰ বিশ্লেষণে গ্ৰহটোত একালত জীৱথকাৰ সম্ভাৱনা প্ৰকট কৰিছে৷ ১৯৮৪ চনত এণ্টাৰ্কটিকাৰ এলান হিলত আৱিষ্কাৰ হৈছিল এটা বিশেষ ধৰণৰ উল্কাপিণ্ড, যাৰ নাম ৰখা হৈছিল ALH84001৷ সেই উল্কাত পোৱা মেগনেটাইট নামৰ মণিকবিধ পৃথিৱীতো পোৱা যায, আৰু এই মণিক বিভিন্ন অণুজীৱৰ আবাসস্থল৷ সেই উল্কাপিণ্ড মঙলত কমেও ১৬ নিযুত বছৰৰ পূৰ্বে সৃষ্টি হৈছিল বুলি ভবা হৈছে, আৰু ই প্ৰায় ১৩০০০ বছৰৰ পূৰ্বে পৃথিৱীত পৰিছিল৷ উল্কাপিণ্ডটোত থকা কাৰ্বনেট পদাৰ্থৰ পৰাও বুজা যায় যে ইযাৰ গঠন হোৱাৰ সময়ত মঙলত পানী আছিল৷ বহুতো বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে উল্কাখণ্ডত থকা ক্ষুদ্ৰ গাঁথনিবোৰ প্ৰকৃততে তাত থকা নেন’বেক্টেৰিয়াৰ ফছিল৷ ২০০০ চনত এণ্টাৰ্ক্টিকাত ইযামাটো নামৰ মণিকবিধ পৃথিৱীত পোৱা মণিকৰ লগত একে, আৰু কিছুমান বিশেষ গঠন থকা অংশ মঙ্গল পৃষ্ঠৰ পানীৰ দ্বাৰা সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি এই উল্কাপিণ্ডও ক্ষুদ্ৰ অণুজীৱৰ আবাসস্থল আছিল বুলি অনুমান কৰা হৈছে৷

বৃহ্স্পতি
সৌৰ জগতৰ আটাতকৈ ডাঙৰ গ্ৰহ হ’ল বৃহ্স্পতি৷ ইয়াৰ ব্যাস পৃথিৱীৰ ১১.২ গুণ আৰু ইয়াৰ মাধ্যাকৰ্ষণিক বল পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ প্ৰায় তিনিগুণ৷ ইয়াৰ অভ্যন্তৰভাগ তৰল হাইড্ৰজেনৰে গঠিত৷ আন্তঃগ্ৰহ মহাকাশযান পাইওনিয়াৰ আৰু ভয়েজাৰ পঠোৱা তথ্য অনুসৰি ইয়াৰ দৃশ্যমান পৃষ্ঠতল আচলতে বায়ুমণ্ডলীয় ডাৱৰ৷ সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব বহুত বেছি কাৰণে ই সূৰ্যৰ পোহৰ আৰু তাপ নাপায় বুলিয়েই কব পাৰি৷ বৃহ্স্পতিৰ পৃষ্ঠভাগ ডাঠ বৰফৰ চামনি এটাই আগুৰি আছে৷ বৃহ্স্পতিৰ উপগ্ৰহ ৬৭ টা৷ উল্ল্যেখযোগ্য যে বৃহ্স্পতিৰ উপগ্ৰহ ‘জেনিমিড’ সৌৰ জগতৰ আটাতকৈ ডাঙৰ উপগ্ৰহ৷ বৃহ্স্পতি গ্ৰহটোৰ,
সূৰ্যৰ পৰা গড় দূৰত্ব ৭৭৮, ৫০০, ০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ৬৯, ৯১১ কিঃ মিঃ
ভৰ, পৃথিৱী ভৰৰ ৩১৭.৮ গুণ
পৃষ্ঠভাগৰ উষ্ণতা -১৫০০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ১২ বছৰ
আৱৰ্তন কাল ৯ ঘণ্টা ৫০ মিনিট
আৰু ইয়াৰ উপগ্ৰহ ৬৭ টা৷

শনি
সৌৰ জগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ হ’ল শনি৷ ইয়াৰ ব্যাস পৃথিৱীৰ ৯.৪ গুণ৷ ই সৌৰ জগতৰ একমাত্ৰ গ্ৰহ যাৰ ঘনত্ব পানীতকৈ কম, অৰ্থাৎ পানীত ই ওপঙি থাকিব৷ শনিৰ আন এটা বৈশিষ্ট্য হ’ল মূলগ্ৰহটোৰ চাৰিওকাষে কেইবাটাও আঙঠি আছে৷ আঙঠিৰ কাৰণেই সৌৰ জগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হ’ল শনি৷ শনি গ্ৰহৰ চাৰিওফালে প্ৰায় ৪০০,০০০ কিলোমিটাৰ দূৰলৈকে বিয়পি থকা এই বলয়কেইটা প্ৰকৃততে প্ৰত্যেকটোৱেই একোটা গাইগুটীয়া বা অবিচ্ছিন্ন বলয় নহয়৷ প্ৰত্যেকটো বলয়েই বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ বলয়ৰ সমষ্টি৷ এনে ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বলয়ৰ মুঠ সংখ্যা এশৰো ওপৰ হ’ব পাৰে৷ এই আঙঠিবোৰ ধূলিকণা, নানাবিধ গোটা পদাৰ্থ আৰু বৰফকণাৰে গঠিত৷ বিজ্ঞানী সকলৰ মতে, শনি গ্ৰহক আৱৰি থকা আঙঠি বা বলয়বোৰ প্ৰায় ৪.৪ কোটি বছৰ পুৰণি৷ তদুপৰি শনি গ্ৰহৰ আঙঠিৰ বয়স হেনো বেলেগ বেলেগ৷ নাছাৰ মহাকাশ যান কেছিনিয়ে পৃথিৱীলৈ পঠিওৱা ফটো আৰু তথ্যবোৰক বিশ্লেষণ কৰি বিজ্ঞানী সকলে মত ব্যক্ত কৰিছে যে শনি গ্ৰহক আৱৰি থকা বৃহৎ আঙঠিটো বাকীবোৰ আঙঠিতকৈ বহু বেছি পুৰণি৷ এই বলয় বা আঙঠিটোৰ দীঘ হৈছে প্ৰায় ২ লাখ ৮০ হাজাৰ কিল’মিটাৰ আৰু ব্যাসাৰ্দ্ধ প্ৰায় ৩৩ ফুট৷
শনিৰ বায়ুমণ্ডল হাইড্ৰজেন আৰু হিলিয়াম গেছেৰে ভৰা৷ ইয়াৰ ডাৱৰবোৰত যথেষ্ট পৰিমাণৰ এম’নিয়া দেখা যায়৷ শনিৰ ভূ-পৃষ্ঠত পৃথিৱীত বলা ধুমুহাতকৈ প্ৰায় ১০ গুণ প্ৰাবল্যৰ ধুমুহা সঘনাই বলি থাকে৷ আয়’বা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে প্ৰকাশ কৰা মতে এই ধুমুহা গ্ৰহটোৰ অন্তৰ্ভাগৰ উষ্ণতাৰ লগত সৰ্ম্পকিত৷ আঙঠিযুক্ত গ্ৰহটোৰ দক্ষিণ গোলাৰ্দ্ধত দেখা দিয়া এই ধুমুহাৰ সন্ধান দিছে নাছাৰ মহাকাশ যান কেছিনিয়ে৷ শনিৰ ৬২ টা উপগ্ৰহৰ ৫৩ টাৰহে নামকৰণ কৰা হৈছে৷ আটাইতকৈ ওচৰত থকা উপগ্ৰহটোৰ নাম জানুছ৷ শনি গ্ৰহৰ কেন্দ্ৰৰ পৰা ই ১৫৭, ৮০০ কিল’মিটাৰ দূৰৈত আছে৷ মহাকাশ যান কেছিনিয়ে শনি গ্ৰহৰ আটাতকৈ ডাঙৰ উপগ্ৰহ টাইটানৰ বুকুত এখন নদীৰ উপস্থিতি ধৰা পেলাইছে৷ কেছিনিয়ে পঠিওৱা এই বিৰল আলোকচিত্ৰ খন পৰ্যবেক্ষণ কৰি বিজ্ঞানী সকলে জানিবলৈ দিছে যে উৎসৰ পৰা সাগৰলৈ নদীখন প্ৰায় ৩২০ কি৷ মি দীঘল৷ টাইটানৰ পৃষ্ঠভূমিত গভীৰ ক’লা ৰঙৰ দৰে দেখা যোৱা নৈ খন জুলীয়া হাইড্ৰজেনেৰে ভৰি আছে বুলি বিজ্ঞানী সকলে অনুমান কৰিছে৷ পৃথিৱীৰ বাহিৰে আমাৰ সৌৰজগতত প্ৰথমবাৰৰ বাবে এনে বিশালাকাৰ এক নদীৰ সন্ধান পোৱা গৈছে৷ শনি গ্ৰহৰ বৰফৰে ঢাক খাই থকা এনছেলাডাছ নামৰ উপগ্ৰহটোক আৱৰি থকা বৰফৰ খোলাটোৰ তলত প্ৰচুৰ পানীৰে উপচি থকা এখন বিশাল মহাসাগৰ আছে৷ নাছাৰ বিজ্ঞানী সকলে অনুমান কৰিছে যে বৰফৰ চামনি বা খোলাটোৰ তলত থকা সেই মহাসাগৰখন ১০ কিলোমিটাৰ গভীৰ৷ আনহাতে, বিজ্ঞানী সকলে কৈছে যে শনি গ্ৰহৰ উপগ্ৰহটোক ঢাকি ৰখা বৰফৰ খোলাটো ৩০ ৰ পৰা কিল’মিটাৰ পৰ্যন্ত ডাঠ৷ বিজ্ঞানী সকলে কৈছে যে ২০০৪ চনৰ জুলাই মাহত শনি গ্ৰহৰ নিচেই ওচৰ চপা মহাকাশ যান কেছিনিয়ে পঠিওৱা তথ্য মতে, শনি গ্ৰহৰ এই উপগ্ৰহটোৰ ব্যাস মাত্ৰ প্ৰায় ৫০০ কিলোমিটাৰহে৷ এনছেলাডাছ নামৰ উপগ্ৰহটোৰ এই পানীৰ মহাসাগৰখনত নিশ্চয় কিছুমান অনুজীৱই বাস কৰিছে বুলি বিজ্ঞানী সকলে অনুমান কৰিছে৷ মহাকাশযান কেছিনিয়ে এই উপগ্ৰহটোৰ দক্ষিণ মেৰুৰ ওপৰত পানীৰ বাষ্প আৰু বৰফ ছিটিকি পৰাৰ দৃশ্যৰ ফটো তুলিব পাৰিছে৷ শনি গ্ৰহটোৰ,
সূৰ্যৰ পৰা গড় দূৰত্ব ১, ৪৩৩,০০০,০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ৫৮,২৩২ কিঃ মিঃ
ভৰ, পৃথিৱী ভৰৰ ৯৫.১৬ গুণ
পৃষ্ঠভাগৰ উষ্ণতা -১৮০০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ২৯ বছৰ
আৱৰ্তন কাল ১০ ঘণ্টা ৩৯ মিনিট
আৰু ইয়াৰ উপগ্ৰহ ৬২ টা৷

ইউৰেনাছ
সৌৰ জগতৰ সপ্তম আৰু তৃতীয় বৃহত্তম গ্ৰহ হ’ল ইউৰেনাছ৷ গ্ৰহটোৰ ভিতৰভাগ মিথেন, এম’নিয়া, শিল আৰু পানীৰে গঠিত বুলি বিজ্ঞানী সকলে অনুমান কৰিছে৷ ইউৰেনাছকো ১৩ টা আঙঠিয়ে আগুৰি আছে যদিও এইবোৰ বৰ পাতল৷ সকলো গ্ৰহেই নিজ অক্ষদণ্ডৰ চাৰিওফালে আৱৰ্তন কৰে৷ ইউৰেনাছৰ বাহিৰে আন গ্ৰহবোৰে পশ্চিমৰ পৰা পূৱলৈ আৱৰ্তন কৰে৷ কৰে৷ ইউৰেনাছৰ পূৱৰ পৰা পশ্চিমলৈ আৱৰ্তন কৰে৷ ইউৰেনাছ গ্ৰহটোৰ,
সূৰ্যৰ পৰা গড় দূৰত্ব ২, ৮৭৭, ০০০, ০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ২৫, ৩৬২ কিঃ মিঃ
ভৰ, পৃথিৱী ভৰৰ ১৪.৫৪ গুণ
পৃষ্ঠভাগৰ উষ্ণতা -২১৬০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৮৪ বছৰ
আৱৰ্তন কাল ১৭ ঘণ্টা ১৪ মিনিট
আৰু ইয়াৰ উপগ্ৰহ ২৭ টা৷

নেপচুন
সৌৰ জগতৰ অষ্টম গ্ৰহটো হ’ল নেপচুন৷ ই সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত৷ ১৮৪৬ চনৰ ২৩ চেপ্তেম্বৰত বিজ্ঞানী জোহান জি. গেলিয়ে নেপচুন গ্ৰহ আৱিষ্কাৰ কৰে৷ পৃথিৱী আৰু নেপচুনৰ মাজৰ গড় দূৰত্ব ৪,৫০০,০০০,০০০ কিলোমিটাৰ৷ ইয়াৰ বায়ুমণ্ডলত অত্যধিক পৰিমাণৰ মিথেন গেছ থকা বাবে গ্ৰহটোক নীলা দেখা যায়৷ ইয়াত সকলো গ্ৰহতকৈ বেছি বেগত বতাহ বলি থাকে৷ নেপচুনৰ অন্তৰ্ভাগৰ গঠনো ইউৰেনাছৰ দৰে প্ৰায় একে হ’ব বুলি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে৷ নাছাৰ মহাকাশ যান ভয়েজাৰ-২ ৰ পৰাহে নেপচুন গ্ৰহটোৰ বিষয়ে বিস্তৃতভাৱে জানিব পৰা গৈছে৷ বিজ্ঞানী সকলে প্ৰমাণ কৰিছে যে নেপচুনে সূৰ্যৰ পৰা যিমান অৱলোহিত ৰশ্মি শোষণ কৰে তাৰ দুগুণ বিকিৰণ কৰে৷ এনে হ’বলৈ হ’লে গ্ৰহটোৰ অন্তঃভাগত এক তাপৰ উৎস থাকিব লাগিব৷ উল্লেখয্যোগ্য যে, নেপচুনৰ পৃষ্ঠভাগত বহু সংখ্যক মহাসাগৰ আছে৷ নেপচুনৰ আৱিষ্কাৰৰ সময়তে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক জেমছ চেলিছে গ্ৰহটোক ‘মহাসাগৰীয় গ্ৰহ’ বুলি ঘোষণা কৰিছিল৷ বিজ্ঞানী সকলৰ মতে, গভীৰ পানীৰ তলতে আছে গৰম আৰু ঘন অন্তঃভাগ৷ ইয়াৰ অন্তঃভাগ লো আৰু শিলৰ দ্ধাৰা গঠিত৷ নেপচুনৰ বায়ুমণ্ডল প্ৰধানকৈ হাইড্ৰ্জেন, হিলিয়াম আৰু মিথেনৰ দ্ধাৰা গঠিত৷
নেপচুনৰ দক্ষিণ গোলাৰ্দ্ধত উপবৃত্তাকাৰ আকাৰৰ বৃহৎ ক’লা অঞ্চল আছে৷ এই অঞ্চলটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে ১২০০০ আৰু ৮০০০ কিলোমিটাৰ৷ বিজ্ঞানী সকলে ইয়াৰ নাম থৈছে ‘বৃহৎ ক’লা চিহ্ন’৷ ‘বৃহৎ ক’লা চিহ্ন’ৰ কাষত কিছুপৰিমাণৰ বগা ডাৱৰ থাকে৷ এই বগা ডাৱৰবোৰ গোট মৰা মিথেনৰ স্ফটিক৷ ইয়াৰ বাহিৰেও কোনো কোনো স্থানত কমলা ৰঙৰ মেঘো দেখা যায়৷ মহাকাশ যান ভয়েজাৰ-২ য়ে পঠোৱা তথ্য মতে নেপচুনৰ পৃষ্ঠভাগত কেইবাটাও সৰু সৰু ক’লা অঞ্চল আছে৷ ইয়াৰ এটাৰ নাম ৰখা হৈছে ডি-২৷ ই দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত৷ ডি-২ ৰ কাষতো বগা ৰঙৰ মেঘ আছে৷ বৃহৎ ক’লা চিহ্নটো ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰে আৰু ডি-২ য়ে ঘড়ী কাটাৰ দিশত ঘূৰে৷
শনি, বৃহস্পতি আৰু ইউৰেনাচৰ দৰে নেপচুনৰ চাৰিওকাষে বলয় আছে৷ ইয়াৰ বলয় চাৰিটা৷ ইয়াৰে দুটা বলয় যথেষ্ট ঠেক৷ নেপচুনৰ বায়ুমণ্ডলত থকা মেঘৰ ওপৰৰ পৰা ক্ৰমে ২৭, ৫০০ আৰু ৩৮, ০০০ কিলোমিটাৰ দূৰত্বত মুখ্য বলয় দুটাই অৱস্থান কৰিছে৷ অতি পাতল আন্তঃবলয়টো ১৭,০০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ নেপচুনৰ বলয় অখণ্ড নহয়, বৃত্ত চাপৰ দৰে খণ্ডিত৷ বলয়টোৰ ব্যাসাৰ্ধ গ্ৰহটোৰ ব্যাসাৰ্ধৰ তিনিগুণ৷ দেখা গৈছে যে, নেপচুনৰ বলয় কেইটা ক’লা বৰণৰ শীতল পদাৰ্থৰ দ্ধাৰা গঠিত৷ তদুপৰি নেপচুনৰ বলয় কেইটা অতিশয় অনুজ্জ্বল৷ নেপচুনৰ বলয়ত থকা পদাৰ্থৰ পৰিমাণ তেনেই কম৷ বলয়ৰ আধা পদাৰ্থই ধূলি আকৃতিৰ৷ অনুমান কৰা হৈছে যে বলয়ত থকা আপেক্ষিকভাবে ডাঙৰ বস্তুখণ্ডই সঘনাই সংৰ্ঘষ কৰাৰ বাবে ইমান বেছি ধূলিৰ সৃষ্টি হৈছে৷ বলয় সমূহত থকা কণাবোৰৰ বেগ ইহঁতৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল৷
নেপচুনৰ চুম্বকীয় ক্ষেত্ৰখনো বৰ বিচিত্ৰ ধৰণৰ৷ নেপচুনৰ অন্তঃভাগৰ উষ্ণতা প্ৰায় ৭০০০ ডিগ্ৰী ছেলছিয়াছ৷ উচ্চ চাপ আৰু অন্তঃভাগৰ উচ্চ উষ্ণতাৰ বাবে নেপচুনৰ সাগৰৰ তলিত থকা পদাৰ্থসমূহৰ ৰাসায়নিক বন্ধন ভাগি যায়৷ গতিকে পদাৰ্থসমূহ আয়ন হিচাপে থাকিব পাৰে৷ গ্ৰহটো ঘূৰ্ণীয়্মান, গতিকে এই আয়নসমূহো ঘূৰি থাকিব৷ আয়নিত কণাৰ ঘূৰ্ণনৰ কাৰণে বিদ্যুত প্ৰৱাহৰ সৃষ্টি হয়৷ আকৌ বিদ্যুত প্ৰৱাহৰ কাৰণে চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়৷ নেপচুনৰ গৰ্ভৰ পৰা বহু দূৰত প্ৰায় দক্ষিণ গোলাৰ্ধৰ তলতে প্ৰবল বিদ্যুত প্ৰৱাহ সঞ্চালিত হয়৷ ইয়াৰ ফলত চুম্বকীয় মেৰুটো বিষুব অঞ্চলৰ দক্ষিণ অংশত ৪৭ ডিগ্ৰী কোণ কৰি থাকে৷ অৰ্থাৎ নেপচুনৰ নিজস্ব অক্ষডালৰ লগত চুম্বকীয় অক্ষডালে প্ৰায় ৫০ ডিগ্ৰী কোণ কৰি থাকে৷ প্ৰথমতে নেপচুন গ্ৰহটোৰ দুটা উপগ্ৰহ ট্ৰাইটন আৰু নেৰেড বুলি ভবা হৈছিলে৷ কিন্ত্ত এতিয়ালৈকে আৰু ১২ টা উপগ্ৰহ আৱিষ্কাৰ কৰিছে৷ নেপচুন গ্ৰহটোৰ
সূৰ্যৰ পৰা গড় দূৰত্ব ৪, ৫০৩, ০০০, ০০০ কিঃ মিঃ
ব্যাসাৰ্দ্ধ ২৪, ৬২২ কিঃ মিঃ
ভৰ, পৃথিৱী ভৰৰ ১৭.১৫ গুণ
পৃষ্ঠভাগৰ উষ্ণতা -২১৪০ ছে
পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ১৬৫ বছৰ
আৱৰ্তন কাল ১৬ ঘণ্টা ৬ মিনিট
গড় ঘনত্ব ১.৬৭ গ্ৰাম/চে.মি.৩
আৰু ইয়াৰ উপগ্ৰহ ১৪ টা৷
উল্লেখযোগ্য যে ২০০৬ চনলৈকে প্লুটোক সৌৰ জগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল৷ কিন্তু গ্ৰহ্সমূহৰ বাহিৰে সৌৰমণ্ডলত আন কোনো বৃহত্তৰ জ্যোতিষ্কৰ উপস্থিতিৰ বিষয়ে অনুসন্ধানৰত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সন্থাই আকাৰ, ভৰ আৰু কিছুমান বিশেষ কাৰণত প্লুটোক গ্ৰহৰ মৰ্য্যদা দিয়া যুক্তিযুক্ত নহয় বুলি অভিমত প্ৰকাশ কৰে৷ সূৰ্যৰ পৰা গড় দূৰত্ব ৫,৮৯০,০০০,০০০ কিঃ মিঃ আৰু ৫ টা উপগ্ৰহ থকা প্লুটোক বৰ্তমান ‘বাওনা গ্ৰহ’ বুলি কোৱা হ্য়৷ ইয়াৰ পৃষ্ঠভাগৰ উষ্ণতা -২৩০০ ছে৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.