ঈশ্বৰ আল্লা বাবা আৰু মই – অঞ্জলি গগৈ বৰগোহাঞি

ঈশ্বৰ আল্লা বাবা আৰু মই – অঞ্জলি গগৈ বৰগোহাঞি

ঈশ্বৰ আল্লা বাবা আৰু মই – অঞ্জলি গগৈ বৰগোহাঞি

by September 17, 2017 0 comments

হেৰা, বোলো শুনিছানে? হেৰা!

এওঁ যি চিঞৰি চিঞৰি মাতিলে, বেচিনত থকা বাচন-বৰ্তনখিনি আধা মাজি হাতখন অকণমান ধুই ধুমুহাৰ বেগত মাতৰ উৎস বিচাৰি বিচাৰি বাৰাণ্ডা পালোঁহি! পুৱাৰ বাতৰি দুখৰ মেলি শ্ৰীমান আৰামী চকীখনত হেলান দি, ভৰি দুটা মুঢ়া এটাৰ ওপৰত তুলি, আৰামত বাতৰি কাকত পঢ়ি হাঁহি আছে৷ খং এটা তিঙিচকৈ উঠি আহিল! পিছে পুৱাই পুৱাই মহাভাৰত এখন আৰম্ভ কৰিবলৈ মন নগ’ল৷ সেয়ে মুখত যথাসম্ভৱ কোমলতা আনি ( কাউৰীৰ মাত ক’ৰবাত কুলি হয় জানো? তথাপিও ) সুধিলোঁ,
“ কিয় মাতিছিলে মোক? “
“ বাবা চোৱা বাবা! “
মোৰ খং একেবাৰে টিলিকতে দৌৰ মাৰিলে নহয়, বাবাৰ নাম শুনি৷
“আয়ৈ মোৰ সোণ বাতৰিত ওলাইছে! চাওঁ চাওঁ ক’ত? “
“হেই এইজনী৷ তোমাৰ মূৰত গৰুৰ গোৱৰ সোপাৰ বাদে একো নাই বুলি এনেয়ে নকওঁ নহয়৷ বাবা মানে ..“
“ হেৰি, পোনেই যে মূৰত ধৰিলে যে! মূৰত ধৰি কথা নক’ব বুজিছে! হুহ, মোৰ বাবেই এইহেন সোণামুৱা পুত্ৰ পাইছে৷ দেখিলে এতিয়া বাতৰি কাকততো ওলাইছে৷ “
“ হেৰা তোমাৰ মৰমৰ পুত্ৰ বাতৰি কাকতত ওলোৱা নাই বুজিছা৷ এইজন বাবা মানে তোমাৰ সেই মহান গুণী জ্ঞানী বাবা৷ তোমাৰ মানে ঈশ্বৰ আল্লা বাবা! “
“আয়ৈ মোৰ কণা গোসাঁই! হেৰি, এইজন আকৌ কেনেকুৱা ঈশ্বৰ আল্লা বাবা? ঈশ্বৰৰ লগত একেবাৰে আল্লা কিবা সাংঘাতিক কাৰবাৰ দেখোন৷ “
“ এ তুমি নুবুজিবা সেইবোৰ৷ বাদ দিয়া মূৰ ঘমাবলৈ৷ মই তোমাক বেলেগ কথা এটা ক’বলৈহে মাতিছিলোঁ৷ মই আজি সোনকালে অফিচলৈ যাম ঠিক ন’ বজাত৷ তুমি মোৰ লগতে ভনীয়েৰাৰ ঘৰলৈ যোৱাৰ কথা কৈছিলা নহয়৷ ন’ বজাত ৰেডি হ’ব পাৰিলে মোৰ লগতে যাব পাৰিবা৷ “
“ কেনেকৈ ন’ বজাত আজৰি হ’ম৷ মই পাছত অ’ট এখন লৈ যাম৷ “
“ চাহ একাপ দিয়াহে৷ “
কেতিয়াবা যে এনেকুৱা খং উঠে নহয়৷ পুৱাৰ পৰা চাৰি বাৰ চাহ দিলোঁ৷ নিজেতো এগজ কুটা সিগজ নকৰে, খালী ঘৰত থকা সময়ত চাহৰ যোগান দি থাকিব লাগে৷ পিছে কি ক’ব খং উঠিলেও মুখত সেইটো নেদেখোৱাও৷ মানুহ বুলিবলৈ আমি দুটাহে, ল’ৰাটো পঢ়ি আছে বাংগালোৰত৷ এতিয়া যদি ঘৰত থকা দুটা মানুহেই ইটোৱে সিটোৰ লগত কাজিয়া লাগি মাত-বোল নকৰাকৈ থাকো, তেন্তে কেনেকুৱা লাগিব কওঁক!

দুপৰত আজৰি হৈ একেবাৰে ঈশ্বৰ আল্লা বাবাৰ ভালদৰে আঁতি-গুৰি ললোঁ৷ ইণ্টাৰনেটত চালোঁ, পেপাৰত চালোঁ, মুঠৰ ওপৰত তেওঁৰ বিষয়ে মোটামুটি ধাৰণা এটা মনতে ঠিক কৰি ললোঁ৷ ইস্ মানুহটোৱে ক’লেই যেনিবা মোৰ মূৰত গৰুৰ গোৱৰ আছে বুলি! মই কি সেইবুলি কথাটো মানি লম নেকি? আৰু যদিহে মূৰত গৰুৰ গোৱৰ আছেও, তাতে কি হ’ল৷ হেৰ’ গৰুৰ গোৱৰ কিমান উত্তম সাৰ আছিল৷ তাহানিতে অকল গৰুৰ গোৱৰকে শাক-পাচলি, পথাৰ-সমাৰ সকলোতে সাৰৰ নামত দিছিল৷ গতিকে মানুহে আজিকালিৰ দৰে সেই ৰসায়নিক সাৰসোপা দিয়া নাছিল নহয়! গতিকে তাহানিতে আজিকালিৰ দৰে বেমাৰ-আজাৰো নাছিল৷ এতিয়া য’ত চব কৃত্ৰিম সাৰ দিয়া বস্তু খাই নতুন নতুন বেমাৰ দিনে দিনে বাঢ়িছে৷

অ’ মই কৈ আছিলোঁ ঈশ্বৰ আল্লা বাবাৰ কথাহে৷ ভালেই হ’ল, মানুহটোও আজি সোনকালেও আহিছে অফিচৰ পৰা৷ মনতে ভাৱিছোঁ ৰ’ আজি ভালকৈ মোৰ মূৰৰ গোৱৰ দেখুৱাম বাপ্পেকে৷
“ হেৰি চাহ দিছোঁ লওক৷ “
“ কি হ’ল, কিবা কওঁ কওঁ কৰি আছা দেখোন! “
মই বোলো মনতে! ৰ’ আজি গম পাবি গোৱৰ থকা মূৰৰ কথা!
“ কি ভেলেঙী লাগি চাই আছা, কোৱা কি ক’বলৈ আছে! “
“ আচ্ছা কওঁকচোন ঈশ্বৰ আল্লা বাবাৰ তাৎপৰ্য কি? আমাৰ ঈশ্বৰ আৰু আল্লাৰ লগত কি কি মিল আছে? “
“ কি ফাল্টু বাবা এজনৰ তাৎপৰ্য থাকিব হা৷ আৰে তুমি আকৌ ঈশ্বৰ আৰু আল্লাৰ লগত মিলাবলৈ গৈছা কিয়? কাৰোবাৰ নামৰ আগত ঈশ্বৰ আল্লা থাকিলেই ভগৱানৰ সমান হৈ নাযায় নহয়৷ “
“ হেঃ হেঃ কথাটো তাতেই! আমাৰ ঈশ্বৰে কিমান বিয়া কৰাইছিল কওঁক? ১৬১০৮ গৰাকী৷ তাৰে কেৱল ৮ গৰাকী আছিল সম্পূৰ্ণ বৈধ আৰু বাকী ১৬১০০ গৰাকী কিন্তু বৈধ নাছিল দেই৷ ভাগ্যে সেই তেনেকুৱা দিনত ঘটনাটো ঘটিছিল, আজিৰ দিনত হোৱা হ’লে আদালত, কছাৰী, জেল, হাজোত ঘূৰি থাকোঁতে তেওঁ ঈশ্বৰৰ শাৰী নাপালেগৈয়েহেঁতেন৷ “
“হেৰা, আজি কি হ’ল তোমাৰ? ঠিকেই আছাতো? “
“ ৰ’ব আৰু ক’বলৈ আছে, শুনি যাওক! আমাৰ সেই আল্লাই কিমান বিয়া পাতিছিল বুলি ভাৱিছে! ১৫ গৰাকী৷ অৱশ্যে আল্লাৰ বয়স ৫০ বছৰ হোৱালৈকে এগৰাকীয়েই আছিল, সেই গৰাকীৰ মৃত্যুৰ পাছত আৰু ১৪ গৰাকী বিয়া পাতিছিল বুজিছে৷ “
“ হেৰা মোৰ মূৰটো কিয় খাইছা বাৰু৷ এইবোৰ কথা মোক কিয় কৈ আছা মই হ’লে একো বুজি পোৱা নাই দেই! “
“ আপুনি বুজি পোৱা নাই বুলি কওঁতে কথাটো মোৰ কিবা অখজা লাগিল দেখোন! আৰে আপুনি মোক তেনেকৈ কৈছে! মূৰত গৰুৰ গোৱৰ থকা মানুহজনীক! হেৰি উঠিছে যে ক’লৈ যায়? ৰ’ব আৰু ক’বলৈ আছে মোৰ৷ “

ডাইনিঙৰ চকীৰ পৰা উঠিবলৈ লোৱা মানুহজন আকৌ মন্ত্ৰ-মুগ্ধ হৈ বহি পৰিল৷ মোৰো মনটো লক-লকাই উঠিল নহয় জনা কথাবোৰ ক’বলৈ! পুনৰ মোৰ ফটা মুখ খুলিবলৈ লাগিলোঁ৷

“ কিবা বুজি পালেনে? এইযে মই ঈশ্বৰ আৰু আল্লাৰ কথাবোৰ যে কলোঁ! আচলতে কি জানে ঈশ্বৰ আৰু আল্লাই যদি ইমানবোৰ পত্নী ৰাখিব পাৰিছিল তেওঁতো তেওঁলোকৰ আদৰ্শ ৰাখি কিবা কৰিব পাৰে৷ আৰে তেওঁও দেখোন ঈশ্বৰ আল্লা বাবা হয়৷ দুয়োৰে সংমিশ্ৰণ ঘটি তেওঁৰ জন্ম, গতিকে হিচাপত বাবাৰ পত্নী বহুত হ’ব লাগিছিল৷ কিন্তু কি কৰিব সেই তাহানিৰ দিন নাই নহয়, গতিকে তেওঁতো কিবা এটা কৰিব লাগিব৷ ঈশ্বৰে নৰকাসুৰৰ পৰা উদ্ধাৰ কৰা ১৬১০০ গৰাকীয়ে স্ব-ইচ্ছাই তেখেতক পতি মানিছিল৷ কিন্তু ঈশ্বৰ আল্লা বাবাৰ সাধ্বীবিলাকে কিয় বাৰু তেওঁক পতি নামানে! গতিকে বাবাইনো কি কৰিব, চলেৰে নোৱাৰি বলেৰেই কাম চলাই আছিল৷ বুজিছে বাবা কি এৰে-গেৰে বাবা বুলি ভাৱিছে নেকি! অ’ জানেনে তেওঁৰ গোটেই পৃথিৱীতে ভক্ত আছে বুজিছে৷ তাকো কিমান বুলি ভাৱিছে , ২৫০ কোটিৰ ওপৰত বুজিছে৷ বাপৰে বাপ, আৰু কি জানে ঈশ্বৰ আল্লা বাবা কিমান সম্পত্তিৰ মালিক অ’, মোৰ শুনিয়েই একেবাৰে কৈছোঁ নহয় আচন্দ্ৰাই ধৰিলে নহয়৷ তদুপৰি কি ইলাহী-বিলাহী কাৰবাৰ, আয়ৌ মোৰ গোসাঁই৷ একেবাৰে কৈছোঁ নহয় গাড়ীও গাড়ী একেবাৰে কি দামী দামী লম্বা লম্বা গাড়ী৷

হেৰি এটা কথা বুজি পোৱা নাই হে! যদি তেওঁ বাবাই, তেওঁৰ অগণন ভক্ত গোটেই পৃথিৱী জুৰি, তেন্তে তেওঁ কিয় ইমান সম্পত্তি আৰু বিলাসী জীৱন কটাইছিল বাৰু! “

খা বাপ্পেকে, আয়ৈ কণা গোসাঁই ক’তে মৰো মই৷ সৌ তেতিয়াৰ পৰা মুখেৰে পেক-পেকাই আছোঁ আৰু আমাৰ এখেতে আৰামত টোপনি গৈ আছে! হয়েই কিজানি মোৰ মূৰত গৰুৰ গোৱৰহে আছে৷ ধেইত তেৰি!
হৌৰা, মই কলোঁ বুলিয়েই তোমাৰ মূৰত গৰুৰ গোৱৰ নাই অ’! বৰ সৰল তুমি৷ এইযে তুমি কৈ গৈ আছিলা বাবাৰ কথাবোৰ, তুমি কি বুজিলা? তাৰমানে কি জানা তোমাৰ দৰে সকলো সৰল হৈ থকা নাই৷ সকলোবোৰ দৌৰিছে, কেৱল দৌৰিছে কিন্তু কি জানানে? অৱশেষত এটা বিৰাট শূন্য৷ জীৱনৰ ক্ষন্তেকীয়া লোভৰ বশৱতী হৈ আমি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছোঁ৷ সেই সুবিধা লৈ ৰাজত্ব কৰিছে ঈশ্বৰ আল্লা বাবাৰ দৰে এচামে৷ আমাৰ দুৰ্বলতাই সিহঁতৰ পোখাবোৰ বলিষ্ঠ কৰি তুলিছে৷ আমি চিকমিকনি দেখি সোণ বুলি ভাৱিছোঁ, আৰু সেই সুবিধা এচাম মানুহে লৈ আছে৷

সঁচা কথা কি জানানে? তোমাৰ সৰলতাৰ সুযোগ কোনোবাই লয় বুলি মোৰ ভয় হয়৷ সেয়ে মই তোমাক তেনেকৈ কওঁ৷ এইবোৰ ঈশ্বৰ আল্লা বাবাৰ তাৎপৰ্য বাদ দিয়া৷ মোক ভালকৈ গৰম চাহ একাপ দিয়া! “

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.