এয়া ১৯৬৯ৰ পুনৰাবৃত্তি নেকি? – অভিনিবেশ শৰ্মা

এয়া ১৯৬৯ৰ পুনৰাবৃত্তি নেকি? – অভিনিবেশ শৰ্মা

এয়া ১৯৬৯ৰ পুনৰাবৃত্তি নেকি? – অভিনিবেশ শৰ্মা

by September 17, 2017 0 comments

প্ৰসংগ – জুবিন গাৰ্গ আৰু মিছন চাইনা

অৱশেষত বহু অপেক্ষাৰ মূৰত মুক্তি পালে জুবিন গাৰ্গৰ মিছন চাইনাই৷ প্ৰচাৰৰ ক্ষেত্ৰত অভিনৱ কৌশল প্ৰয়োগ কৰি মিছন চাইনাৰ দলে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিপ্লবৰ সূচনা কৰিছে সেয়া ধুৰূপ৷ ঠিক তেনেদৰে দৰ্শকৰ বিপুল সহাঁৰিয়ে স্থানীয় চলচ্চিত্ৰ উদ্যোগটোলৈ কঢ়িয়াই লৈ আনিছে আশাৰ বতৰা৷ নব্বৈৰ দশকত অসমৰ পৰিবৰ্ত্তনহীন সাংস্কৃতিক ক্ষেত্ৰখনক জীপাল কৰি তোলাৰ লগতে পশ্বিমীয়া সাংস্কৃতিৰ ঢ়ৌত উটি ভাঁহি ফুৰা আমাৰ প্ৰজন্মক থলুৱা গীত-মাতৰ প্ৰতি আকৃষ্ট কৰা প্ৰতিভাৱান সংগীতশিল্পী জুবিন গাৰ্গ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ৷ স্বীকাৰ কৰিব লাগিব যে বহু সময়ত তেওঁৰ খামখেয়ালি স্বভাৱ, ওপৰোৱা কথা আৰু দাম্ভিকতাই মোক বিমূখ কৰে৷ কেতিয়াবা সাঙ্খঘাটিক খঙো উঠে কিছু৷ এই ধৰক – ‘মই ৰেবেল, মই ছোচিয়েলিষ্ট, পচিঁশ বছৰত পচিঁশ হাজাৰটা গান গাইছো’ ইত্যাদি কথাবোৰ যে ফটককৈ কৈ দিব পাৰে; প্ৰতিভাৱান হ’লেও কম depth থকা শিল্পী যেন লাগে৷ অৱশ্যে ক’ব লাগিব যে তেওঁৰ damn care attitude টো স্বভাৱিক, ইয়াত কৃত্ৰিমতা নাই৷ যি কয়, তাক কৰি দেখুৱাৰ প্ৰতি আগ্ৰহী৷ বহু নতুন শিল্পীক মঞ্চ দিছে, বানপানীৰ ৰ বাবে ৰাজপথলৈ ওলাই আহিছে আৰু এতিয়া গাঁঠিৰ ধন ভাঙি, প্ৰায় আঢ়ৈ কোটি টকা বিনিয়োগ কৰি, অসমৰ স্থানীয় বোলছবি উদ্যোগটোক পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে তেওঁ এক প্ৰচেষ্টা হাতত লৈছে৷ আন নহ’লেও তেওঁৰ সাহস আৰু উদ্যম সচাঁকৈ শলাগিবলগীয়া৷
কেতিয়াবা এনে ভাৱ হয় যে জুবিন গাৰ্গ প্ৰয়াত কমল নাৰায়ণ চৌধুৰীৰ নৱ সংস্কৰণহে৷ মোৰ জ্ঞাত যে তেওঁ বিষ্ণু ৰাভাৰ অনুগামী কিন্তু মই চৌধুৰীৰ সৈতেহে তেওঁৰ সামাঞ্জ্যতা দেখা পাওঁ৷ কুৰি বছৰ বয়সত চাইকেলেৰে ভাৰত ভ্ৰমণ কৰা, আকাশবাণী কলকতাৰ পৰা পোণপ্ৰথমবাৰৰ বাবে অসমীয়া গীত-মাত পৰিবেশন কৰা‌, প্ৰথম সম্পূৰ্ণ ৰঙীন ছবি ‘ভাইটি’ৰ নিৰ্মাতা আৰু ‘জগন্নাথ’, ‘অসমৰ পাট আৰু মুগা শিল্প’, ‘দিছ ইজ শ্বিলং’ আদি তথ্যচিত্ৰ উপহাৰ দিয়া প্ৰথম অসমীয়া তথ্যচিত্ৰ পৰিচালক, প্ৰতিভাধৰ নাট্যকাৰ তথা সংগীত শিল্পী কমল নাৰায়ণ চৌধুৰীৰ৷ জুবিন গাৰ্গক তেওঁৰ সুযোগ্য উত্তৰাধিকাৰী বুলি ক’লে হয়টো ভুল কোৱা নহ’ব৷ চিন্তা-চেতনাত সম্পূৰ্ণ স্বাধীনচেতীয়া দুয়োজনকে একোৱেই বান্ধি ৰাখিব নোৱাৰে৷ সীমাৰ পৰিধি ভাঙি যোৱাই তেওঁলোকৰ ধৰ্ম৷ কমল চৌধুৰীৰ দৰে বহুমুখী প্ৰতিভাসম্পন্ন নহ’লেও বা তেওঁলোকৰ মাজত ৰাজনৈতিক দৃষ্টিভংগীৰ আকাশ-পাতাল পাৰ্থক্য থকা , জুবিন গাৰ্গৰো সেই একেই সাহস, সেই একেই উদ্যম, একেই গতিশীলতা আছে৷ দুয়ো কিছু eccentric, কিন্ত এনে খামখেয়ালি স্বভাৱৰ ফলত উদয় হৈছে এক গভীৰ আত্মবিশ্বাসৰ যিয়ে তেওঁলোকক কবিতা, গান, নাটক, চলচ্চিত্ৰ আদি বিভিন্ন মাধ্যমৰ যোগেদি পৰীক্ষা (experiment) কৰিবলৈ সাহস যোগাইছে৷ এনেবোৰ সাংস্কৃতিক মাধ্যমক জনমুখি কৰি তোলাৰ এক অবিৰত যাত্ৰাৰ দুয়ো পথিক৷
ওভতি আহোঁ মিছন চাইনালৈ৷ বিভিন্ন কাৰণত প্ৰথম কেইদিনতে ছবিখন চোৱাৰ সৌভাগ্য হোৱা নাই যদিও, কেইবাজনেও চ’চিয়েল মিডিয়াত আগবঢ়োবা আলোচনা পঢ়িছোঁ৷ বহুতৰ মতে অভিনয়, সংলাপ, চিত্ৰনাট্য দুৰ্বল হ’লেও কাৰিকৰী দিশত – বিশেষকৈ চিনেমেট’গ্ৰাফীৰ ক্ষেত্ৰত ছবিখনে নতুনত্ব আনিবলৈ সক্ষম হৈছে৷ তদুপৰি উচ্চ খাপৰ কেমেৰাৰ কামে উজলাই তোলা ভৈৰৱকুণ্ড, উম্ৰাংছোৰ দৰে মনোমোহা ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সৈতেও দৰ্শকক পৰিচয় কৰাই দিছে৷ মুঠতে শুনা মতে, ব্যৱসায়িকভাৱে সফল হ’বলৈ প্ৰায় সকলো উপাদানেই আছে এই ছবিখত৷ কিন্তু তাৰ মাজতে কোনো কোনোৱে সমালোচনাও কৰিছে৷ পিছে সমালোচনাবোৰ গঠনমূলক হোৱা নাই৷ জুবিন গাৰ্গৰ মাজত ৰবাৰ্ট ডে নিৰ’ বা জন ফৰ্ডক বিচাৰি যোৱাটো নিৰৰ্থক৷ উগ্ৰপ্ৰাদেশিকতাৰ প্ৰতিফলন বুলি আকৌ কোনোবাই ছবিখন চাবলৈকে যোৱা নাই৷ আন কেইজনমানে “অসমীয়া অনুভূতিক exploit কৰি এক নিম্নমানৰ দ্ৰব্য উপহাৰ দিছে’ বুলিও মন্তব্য দিছে৷ এইবোৰৰ একেবাৰে নিস্প্ৰয়োজন৷ আপুনি যদি নাচায়, তাৰ কাৰণ ৰাজহুৱা কৰাৰ প্ৰয়োজন মোৰ বোধেৰে নাই৷ কেতিয়াবা মৌনতাৰো প্ৰয়োজন৷ কিয় কয় নহয় silence is golden বুলি৷ সমালোচনাৰ বাবে উপযুক্ত সময় আহিব৷ কিন্তু মনত ৰাখিব, সমালোচনাৰো এক নিৰ্দিষ্ট ধৰণ আছে৷
এইখিনিতে মনত পৰিছে প্ৰখ্যাত সংগীতশিল্পী শ্ৰদ্ধেয় ৰমেন বৰুৱাদেৱে কোৱা এষাৰ কথা৷ ১৯৬৯ চনত মুক্তি পোৱা ডা বেজবৰুৱা এখন চুপাৰহিট অসমীয়া ছবি বুলি সকলোৰে জ্ঞাত৷ জ্যেষ্ঠ ভাতৃ প্ৰয়াত ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা এই ছবিখনত সংগীত পৰিচালকৰূপে আত্মপ্ৰকাশ ঘটিছিল ৰমেন বৰুৱাৰ৷ তেখেতে কেইবাটাও যুগমীয়া গীত সৃষ্টি কৰি সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷ ছবিখনৰ নিৰ্মাণৰ আঁৰৰ বহু কথাই সেইদিনা তেওঁ মোক কৈছিল৷ কিদৰে বিভিন্ন প্ৰযোজকৰ ঘৰৰ দুৱাৰ টোকাৰ মাৰি বিমূখ হৈ উভতি আহিব লগীয়া হৈছিল, ঘৰৰ ডালডাৰ টিং বামুণীমৈদামৰ ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত ৱেল্ডিং কৰি লাইট তৈয়াৰ কৰিছিল, বৰুৱা ভৱনৰ বহা কোঠাত বঢ়ি বিভিন্ন চিকোৱেন্স আৰু চৰিত্ৰ তৈয়াৰ কৰিছিল ইত্যাদি৷ ৰমেন বৰুৱাকে ধৰি সতিশ চৌহান (চিনেমেট’গ্ৰাফী), সুজিত সিংহ (কেমেৰা), বি দাস (মেক আপ), বিমান ঘোষ (মাৰ্কেটিং মেনেজাৰ) আদিক লৈ সম্পূৰ্ণ এটা নতুন টীম৷ এইসকলৰ বহুতৰে এইখন আছিল প্ৰথম বোলছবি৷ তদুপৰি নতুন অভিনেতা (নিপন গোস্বামীয়ে তেতিয়া FTIIৰ পৰা পাছ কৰি ওলাইছেহে) আৰু suspense thriller, double role, lost-and-found plot, psychological time factor, পশ্বিমীয়া আৰ্হিত নৃত্য কৰি’গ্ৰাফীৰ দৰে নতুন ধাৰণা (concept) উপস্থাপন কৰাৰ কথা৷ মুঠতে এক সাঙ্ঘাটিক বিপদসঙ্কুল পদক্ষেপ৷ কিন্তু ১৯৬৯ চনৰ সাত নৱেম্বৰৰ দিনা যেতিয়া ডিব্ৰুগড় ৰংঘৰ চিনেমাহলত ছবিখনে মুক্তি লাভ কৰিলে, অসমৰ সমূহ দৰ্শকে এই সাহসী পদক্ষেপক আদৰি ল’লে; হৈ পৰিল এখন চুপাৰ হিট চলচ্চিত্ৰ৷ জকাইচুকীয়া গাঁৱৰ পৰা বাছ ভাড়া কৰি দৰ্শকে চিনামাহললৈ চাবলৈ অহা সেয়াই আৰম্ভণি৷
কিন্তু মুক্তিৰ কিছুদিন পাছত চৈয়দ আব্দুল মালিকৰ সৈতে হোৱা এক সাক্ষাতকাৰত ব্ৰজেন বৰুৱাই স্বীকাৰ কৰিছিল যে ডা বেজবৰুবা তেওঁৰ মানত এখন উচ্চ মানদণ্ডৰ চলচ্চিত্ৰ নহয়৷ ব্যৱসায়িক দিশত সফল হ’লেও কাহিনীৰ উপস্থাপন আৰু কাৰিকৰী দিশত বহু ক্ৰটি তেওঁৰ দৃষ্টিগোচৰ হৈছিল৷ ইয়াৰ লগতে অনিচ্ছা ব্যৱসায়ীক দিশটোৰ কথা ভাবি চিত্ৰনাট্যত কিছু অবাস্তৱ কথাও ভৰাই দিবলগীয়া হৈছিল৷ তেওঁৰ মতে চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ মূল উদ্দেশ্যে আছিল অসমীয়া ছবি চাবলৈ দৰ্শকক চিনেমাহললৈ আকৃষ্ট কৰা৷ সেই হিচাপে তেওঁ সাংঘাতিকভাৱে সফল হৈছিল৷ হিলদ’ল ভাঙি মানুহ আহিছিল; ঠিক পাঁচটা দশকৰ মূৰত মিছন চাইনা চাবলৈ অহাৰ দৰে৷ এই ঐতিহাসিক gamble সফল হোৱাত, আগন্তুক সময়ত তেখেতে creative experiment কৰাত সহায় হৈছিল; নিৰ্মাণ কৰি উলিয়াইছিল ‘ওপজা সোণৰ মাটি’ৰ দৰে এখন উৎকৃষ্টমানৰ কথাছবি৷ তদুপৰি এই সফলতাই অসমীয়া কথাছবিৰ এক বিশ্বস্ত দৰ্শকবৃন্দৰ (loyal cinema audience) সৃষ্টি কৰি পদুম বৰুৱা, ড ভবেন শইকীয়া, জাহ্নু বৰুৱাৰ দৰে পৰিচালকসকলক, ব্যতিক্ৰমী, অগতানুগতিক চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ সাহস দিছিল৷ আৰু লগতে বাট প্ৰশস্ত কৰি দিছিল ‘মমতা’, ‘চামেলি মেমচাহাব’, ‘আজলী নবৌ’, ‘বোৱাৰী’, ‘সোণ মইনা’, ‘এণ্টনী মোৰ নাম’ৰ দৰে ব্যৱসায়িকভাবে সফল বোলছবিৰ৷
সেয়েহে সমালোচকসকল, আপোনালোকৰ সমালোচনা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, ক্ষুৰধাৰ সমালোচনা কৰক কিন্তু অলপমান ধৈৰ্যৰ প্ৰয়োজন৷ মনত ৰাখিব, বঙালী চলচ্চিত্ৰ উদ্যোগটোৰ নিমিত্তে এজন সত্যজিত ৰায় বা মৃণাল সেনৰ যিদৰে প্ৰয়োজন আছিল, সেইদৰে প্ৰয়োজন আছিল এজন সুকুমাৰ দাছগুপ্ত, চিত্ত বসু বা নিৰ্মল দে’ৰ৷ তেনেদৰে বম্বে’ হিন্দী চলচ্চিত্ৰ উদ্যোগক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাত বিমল ৰয় বা ৰাজ কাপূৰৰ যিদৰে অৱদান আছে সেইদৰে মনমোহন দেশাইৰো অৱদান অতুলনীয়৷ Italian neo-realism বা French New Wave একেবাৰতে হোৱা এক আন্দোলন নহয়৷ ই আছিল এক ক্ৰমিক প্ৰক্ৰিয়া (gradual process)৷ ইয়াৰ বাবে বাট মুকলি কৰিবলৈ প্ৰয়োজন বিভিন্নধৰ্মী চলচ্চিত্ৰৰ৷ Experiment leads to greater creation.
শেহত জুবিন গাৰ্গলৈ অভিনন্দন আৰু শুভেচ্ছা৷ এই সাহস আৰু উদ্যম যেন অটুট থাকে৷ আৰু লগতে দৰ্শক হিচাপে আমাৰো দায়িত্ব বাঢ়িল৷ ফেব্ৰুৱাৰী মাহত এনাজৰী টকীজৰ’কেলেণ্ডাৰ’ নামৰ ছবিখন আহি আছে৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.