কলকাতাত দুৰ্গা পূজা চোৱাৰ আনন্দ – ড. সুনীল কুমাৰ শইকীয়া

কলকাতাত দুৰ্গা পূজা চোৱাৰ আনন্দ – ড. সুনীল কুমাৰ শইকীয়া

কলকাতাত দুৰ্গা পূজা চোৱাৰ আনন্দ – ড. সুনীল কুমাৰ শইকীয়া

by September 17, 2017 0 comments

দুৰ্গা পূজা বুলি ক’লেই আমাৰ দৰে আন বহুতৰেই মনটো কিবা এটা ভাল লাগে৷ দুৰ্গা পূজাৰ সময়ত সকলোফালে এক ফৰকাল বতৰৰ লগতে সমগ্ৰ পৰিবেশটোৱেই কিবা এটা বেলেগ হয়৷ পূজা আহিছে, পূজা আহিছে – সকলোফালে যেন এটাই খবৰ৷ আনহাতে এই দুৰ্গা পূজাৰ সময়তে আন এটা কথাৰ বাবেও মনটো কিবা এটা ভাল লাগি থাকে৷ সেইটো হৈছে পূজাৰ সময়তে পৰিয়াল, বন্ধু-বান্ধৱ নাইবা কোনো ভাল লগা সম্পৰ্কীয় লোকৰ স’তে কেইদিনমান কোনোবা এখন ভাল লগা ঠাইত আনন্দমনে কটাই অহাটো৷ সেইটো অসমৰ ভিতৰতে হওক বা বাহিৰতে হওক নতুবা পাৰিলে একেবাৰে বিদেশৰ কোনোবা চহৰতে হওক যিকোনো নতুন ঠাই এখন চাব পাৰিলে, বিশেষকৈ পৰ্যটকক আকৰ্ষণ কৰা একোখন মফচলীয় ঠাইলৈ যাব পাৰিলে মনটোত কিবা এটা বিমল আনন্দ লগাৰ লগতে ফুৰি-চাকি আহি নিজৰ নিজৰ কামবোৰ পুনৰ দুগুণ উৎসাহেৰে কৰিব পাৰি৷ সম্ভৱ সেইবাবেই উন্নত দেশৰ প্ৰায়বোৰ মানুহেই বছৰেকত একোবাৰ দীঘলীয়া ছুটী লৈ ভ্ৰমণত ফুৰিবলৈ যায়৷ আজিকালি আনকি আফ্ৰিকা মহাদেশৰ দৰে বিভিন্ন অনুন্নত দেশৰ মানুহেও ক’ৰবালৈ ফুৰিবলৈ যায়৷

আমাৰ অসমীয়া মানুহবোৰেও আগতে ফুৰাৰ কথাটোত এনেদৰে গুৰুত্ব দিয়া নাছিল যদিও আজিকালি কিন্তু বহুতো ব্যক্তি বা পৰিয়াল দুৰ্গা পূজা, কালী পূজা, বৰদিন, গৰম বন্ধ আদিৰ বন্ধত ফুৰিবলৈ যায়৷ আমি নিজেও সৰুৰে পৰা প্ৰথম মা-দেউতাহঁতৰ লগত আৰু পিচলৈ নিজে অৰ্থাৎ বন্ধু-বান্ধৱ বা পৰিবাৰৰ লগত ফুৰিবলৈ ক’ৰবালৈ ওলাই যাওঁ৷ আমি একেবাৰে সৰু থাকোতে, ডাঙৰ-দীঘল হোৱা চফ্ৰাই চাহ বাগিচাত বা ওচৰে–পাজৰে থকা মথুৰাপুৰ, নাফুক, সোণাৰি, জাবকা আদি ঠাইত বাগানীয়া দুৰ্গা পূজা চোৱাৰ মধুৰ স্মৃতিখিনিক কেতিয়াও পাহৰিব নোৱাৰো৷ সেয়া আনে ভাল পাবনে নাপায়, মই ঠিক ক’ব নোৱাৰিলেও চাহ বাগিছাত জন্ম হোৱা বা ডাঙৰ-দীঘল হোৱা সকলোৱেই যে ভাল পায়, সেই কথা মই ভালদৰে জানো বা অনুধাৱন কৰো৷ অৱশ্যে চাহ বাগিছা এৰা আমাৰ আজি বহু বছৰেই পাৰ হ’ল যদিও এতিয়াও কিন্তু কেচাঁ চাহপাতৰ গোন্ধটো আমাৰ নাকত মাজে সময়ে লাগিয়েই থাকে আৰু যিকোনো ভাললগা চাহ বাগিছা এখনৰ মাজেদি পাৰ হৈ যাবলগীয়া হলেই আমি সদায়-গাড়ীখন বাৰে বাৰে ৰখাওঁ বা ড্ৰাইভাৰকো ৰখাবলৈ কওঁ৷ আচৰিত সেই মায়া৷ নিজৰে কেতিয়াবা আচৰিত যেন লাগে৷

সি যি কি নহওক, দুৰ্গা পূজা বুলি ক’লে আমাৰ কলকাতা মহানগৰতেই দুৰ্গা পূজা উপভোগ কৰি আটাইতকৈ ভাল লাগে কিজানি৷ এনেয়ে আমি কলকাতালৈ যাবলগা হ’লে ভাল নাপাওঁ৷ বৰঞ্চ আমনিহে পাওঁ৷ আনহাতে দুৰ্গা পূজাৰ সময়ত কলকাতাৰ চেহেৰাই কিবা এটা বেলেগ হৈ যায় বাবে আমাৰ (মোৰ আৰু পৰিবাৰৰ লগতে কেইবাটাও বন্ধু পৰিয়ালৰ) বৰ ভাল লাগে৷ সম্ভৱ সেইবাবেই কলেজত পঢ়া দিনৰ পৰা এতিয়ালৈকে বহুকেইবাৰেই কলকাতাত দুৰ্গা পূজা চাবলৈ গৈছো৷ আমাৰ দৰে দেশ-বিদেশৰ বহুতো পৰ্যটকে সেইসময়ত কলকাতালৈ দুৰ্গা পূজা চাবলৈ আহে৷ কলকাতা চহৰখনক কিয় “চিটি অব জয়” অৰ্থাৎ আনন্দ বা স্মৃতিৰ চহৰ বুলি কয়, সেইকথা দুৰ্গা পূজা আৰু বৰদিনৰ সময়তেই ভালদৰে উপলব্ধি কৰিব পাৰি৷ ধনী-দুখীয়া সকলোধৰণৰ মানুহৰ মনতে ইমান স্ফুৰ্তি কৰাৰ শক্তি অৰ্থাৎ মানসিকতা আছে যে ভাবি-ভাবি মই কিবা এটা আচৰিতো হওঁ৷ ভাবি চাওকচোন, এই বছৰ কলকাতা চহৰতে (আচলতে মহানগৰতে) ২, ০০০ অধিক স্থানত দুৰ্গা পূজা আয়োজন কৰিছে৷ তাৰমানে অসমৰ গুৱাহাটীকে ধৰি সকলোবোৰ চহৰ-নগৰত হোৱা দুৰ্গা পূজাবোৰ ধৰিলেও কলকাতাৰ সমান নহ’বগৈ কিজানি৷ কলকাতাৰ প্ৰায়বোৰ পূজা মণ্ডপৰ গেট, ৰভা, লাইটৰ চিকমিকনি অতি চালে-চকুৰোৱা আৰু প্ৰত্যেক বছৰেই সেইবোৰ এনে নতুন নতুন কৌশলেৰে সাজি উলিয়ায় যে সকলোৱে অধিক আগ্ৰহেৰে বাট চাই থাকে৷

কিছুমান পূজা মণ্ডপত অসমৰ কিছুমান পটছবি অংকন কৰাও দেখিছো৷ উদাহৰণস্বৰূপে ২০০৮ চনত কলকতাত দুৰ্গা পূজা চাবলৈ যাওঁতে কিছুমান নতুন ধৰণৰ ডেকোৰেচন যেনে পাৰ্ক চাৰ্কাছত অষ্টভুজ মন্দিৰ, হিন্দুস্থান পাৰ্কৰ সাৰ্বজনীন পূজা মণ্ডপত অসুৰৰ শিং দুটাৰ মাজত দুৰ্গা গোসাঁনী, বাদামতলাত কাঠত খোদিত কৰা বটতলা স্থাপত্য, চেতলাত বিশ্ব উঞ্চায়ণ, পদ্মপুকুৰত কাঁচৰ ছবিৰ মণ্ডপ, ৯৪ পল্লীত সাক্ষৰতা, বাবুবাগানত দক্ষিণ আফ্ৰিকাৰ শৈলী, খিদিৰপুৰত গংগাৰ বনবিবি, বেহেলাত উড়িশাৰ উপাখ্যান আদি চাই বৰ ভাল লাগিছিল আৰু আগতে নেদেখা বহুতো নতুন নতুন কৌশল পটভূমিৰ ওপৰতো অংকন কৰা দুৰ্গাপূজা মণ্ডপ দেখিছিলো৷ এবাৰ দক্ষিণ কলকাতাৰ ‘সুৰুচি সংঘ’ নামৰ এক পূজা মণ্ডপত “আচাম থীম’’ বা “অসম আৰ্হি”ৰ বৃহৎ দুৰ্গাপূজা মণ্ডপটো দেখি কিবা এটা গৰ্ব অনুভৱ কৰিছিলো৷ আমি সেই পূজা মণ্ডপলৈ সপ্তমীৰ দিনা দিনৰ ১২ মান বজাতে গৈছিলো, মানুহৰ ভিৰ কম পাম বুলি৷ পিচে তালৈ গৈ দেখিলো বৃহৎ এক দীঘলীয়া শাৰী৷ আমিও শাৰীত থিয় হলো৷ প্ৰায় ৪০-৪৫ মিনিট শাৰী পতাৰ পিচতহে সেই মণ্ডপলৈ যাব পাৰিলো৷ বহু আঁতৰৰপৰাই আমি প্ৰকাণ্ড গেট এখন দেখিছিলো, য’ত লিখা আছিল-‘বিহু গানেৰ সুৰে, ব্ৰহ্মপুত্ৰ তীৰে’৷ গেটখনৰ পৰা দীঘল পূজা মণ্ডপৰ মূল স্থানলৈ দুয়োকাষে ফুলাম জাপি আৰু শিৱ দৌল, কামাখ্যা মন্দিৰ আৰু এটা নামঘৰ সজা হৈছিল৷ মণ্ডপটোৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ নদীখন একা বেঁকাকৈ বোৱাই দিয়াৰ লগতে পাৰে পাৰে অ’ত-ত’ত হাবি-জংঘল, গড়, হাতী আদি আছিল আৰু এটা কোণত আছিল মাজুলীৰ চাংঘৰ, য’ত চাৰি-পাঁচজনমান ডেকা-গাভৰুৱে পৰম্পৰাগত সাজ-পোছাক পিন্ধি বহি আছিল৷ সেইদৰে নামঘৰটোৰ ভিতৰতো ছয়-সাত জনমান পুৰুষে ধুতি-চাদৰ পিন্ধি একান্তমনে নাগাৰা নাম গাই আছিল৷ বাহিৰফালে আকৌ মাইকত বাজি আছিল – “সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে….” গীতটোৰ এক সুৰ ধ্বনি বাজি আছিল৷ ইয়াৰ লগতে কিছু আঁতৰত যোৰহাটৰ পৰা যোৱা বিশজনমান ডেকাদল এটাই ঢোল-পেপা লৈ বিহু নাচি আছিল আৰু মানুহবোৰে জাউৰিয়ে-জাউৰিয়ে হাত চাপৰি মাৰি আছিল৷

সেইবোৰ চাই মেলি আমি আটাইকেইটা পৰিয়ালে কিছু দুৰৈত থকা এখন প্ৰসিদ্ধ বঙালী হোটেলত দুপৰীয়া দুৰ্গা পূজা স্পেচিয়েল নামৰ এক তৃপ্তিকৰ খানা খাবলৈ গৈছিলো৷ (আচলতে আমি কোৱা কাৰণে টেক্সী ড্ৰাইভাৰে আমাক হোটেলখনলৈ লৈ গৈছিল)৷ সেইদিনা সেই স্পেচিয়েল বঙালী খানাত প্ৰথমতে একোখন ডিচৰ ওপৰত এখন ডাঙৰ কলপাত পাৰি দিছিল আৰু তাৰ ওপৰত ধোঁৱা ওলাই থকা গোবিন্দ চাউলৰ গৰম গৰম ভাত (আমাৰ জহা চাউলৰ দৰে) আৰু কাষত নিমখ, কেঁচা জলকীয়া, চালাদ, কচুন্দি অৰ্থাৎ সৰিয়হ বটা, দুবিধমান আচাৰ আৰু ভাতৰ ওপৰত ডাঙৰ এটুকুৰা ভজা ইলিচ মাছ দিছিল৷ সেই ইলিচ মাছৰ ডাঙৰ-ডাঙৰ টুকুৰাবোৰ দুই-তিনিজন ল’ৰাই ফ্ৰাই-পেন একোখনত ভাজি আনোতে চোঁ চোঁ শব্দ এটা কৰি আছিল আৰু ইলিচ মাছ টুকুৰাৰ লগতে অলপমান মাছ ভজা তেলো ভাতৰ ওপৰত দি গৈছিল৷ মানুহবোৰে (বঙালী গ্ৰাহকেই বেছি আছিল) সেই ভজা মাছৰ তেল, কেঁচা নিমখ, কেঁচা জলকীয়াৰ লাড়ু লাড়ুকৈ সানি ভজা ইলিচ মাছৰ স’তে খোৱা দেখি আমিও তেনেদৰে খাইছিলো৷ সেইখিনি খাই শেষ কৰিছিলো কি নাই, একোটা সৰু-সৰু বাটিত ডাঠ ৰহৰ দাইল, ডালনা (মিক্সড ভেজিটেবল), আলুভাজি আদি দি গৈছিল৷ ইয়াৰ পিচে পিচে আন এটা বাটিত ‘মাছৰ ঘাণ্ট’ (আমাৰ মুৰিঘণ্ট) আৰু একোখন ডিচত গোটা গোটাকৈ ডাঙৰ একোটা পাভ মাছৰ ঝাল বা ডাঠ জোল৷ ইয়াৰ পিচে পিচে মাছৰ তেল-পিঠাগুড়ি দি সানি কৰা একোটা গৰম-গৰম মাছৰ তেলৰ বড়৷ বড়টো পাতখনত দিওঁতে কঁপি আছিল আৰু ভাতৰ লগত সানি খাওঁতে ফছ কৰি শব্দ এটা হৈ মাছৰ তেলবোৰ ভাতখিনিত ছিটিকি পৰিছিল৷

সেইখিনি খাই উঠাৰ লগে লগে আন এখন মজলীয়া ডিচত তেলাল খাহী মাংস বা চিকেন কাৰীৰ (যিয়ে যি খাই ভাল পায় সেইমতে) মাংসৰ স’তে ৰঙচুৱা অলপমান ডাঠ গৰম জোল দি গৈছিল৷ আটাইতকৈ শেষত, একোটা-একোটা নতুন মাটিৰ মলাত এবাটিকৈ মিষ্টি (মিঠা) দৈ আৰু আন এটা বাটিত ডাঙৰ কোমল ৰসগোল্লা একোটা দিছিল৷

সেইদিনা আমি আটাইবোৰে বৰ তৃপ্তিৰে সেই ভাতসাঁজ খাইছিলো৷ আমি সেইবাৰ নৱমীৰ দিনা পুৱাতে কলকাতাৰ পৰা ২০০ কিলোমিটাৰ আঁতৰত থকা দীঘা নামৰ ঠাইখিনিত সাগৰৰ পাৰত এখন ধুনীয়া হোটেলত থকাৰ লগতে পিচদিনা পৰিবাৰৰ স’তে মটৰ চাইকেল এখন ভাড়া লৈ (আমি আটাইবোৰে একোখনকৈ মটৰ চাইকেল ভাড়াত লৈ) সাগৰখনৰ পাৰে-পাৰে বহু দূৰ ফুৰাৰ লগতে আটাইবোৰে সাগৰত বহু সময় গা ধোৱা, সাঁতোৰা, ডাবৰ পানী খোৱা আৰু শেষত এখন চালিৰ তলত চাফা হোটেলত গৰম গৰম নাস্তা – পৰঠা আৰু আমি দেখুৱাই দিয়া ডাঙৰ আঁৰি মাছৰ দৰে সাগৰীয় মাছ এটা (তেওঁলোকে মাছবোৰ জীয়াকৈ আৰি থৈ দিয়ে, কুটি-বাছি ফ্ৰাই কৰি দিয়া মাছৰ টুকুৰাৰ স’তে) মাছবোৰ ভাজি তাৰ ওপৰত গুড়ি জালুক, নেমু ৰস দি দিছিল) খাই (লগত আলু ভাজি এখনো দিছিল) বৰ ভাল লাগিছিল৷ আনহাতে আজিৰ পৰা ষোল্ল-সোতৰ বছৰমানৰ আগতে অৰ্থাৎ ১৯৯৭-৯৮ চনমানত আমি একেলগে গুৱাহাটীত সদায় থকা কেইবাটাও বন্ধু পৰিয়াল একেলগে ওলালো – ৰে’লত উঠি কলকতালৈ যাবলৈ আৰু কলকাতাত দুৰ্গা পূজা উপভোগ কৰিবলৈ৷ সেইবাৰ আটাইবোৰ ৰে’লত যাম বুলি আগতেই থিৰাং কৰিছিলো যাতে গুৱাহাটীৰ পৰা ষষ্ঠীৰ দিনা যাওঁতে বাটে-ঘাটেও ৰে’লৰ পৰাই দুৰ্গা পূজা চাই যাব পাৰো আৰু লগতে ৰে’লত গৈ থাকোতে ‘চায় গৰম’, ‘ঠাণ্ডা ঠাণ্ডা ডাবৰ পানী’, ‘ক’কাকলা’, ‘পেপচি’, ‘বাদাম ভজা’, ‘চ্যুতপতি চানা’ লৈ যাব পাৰো আৰু আড্ডাও মাৰি যাব পাৰো৷ এইদৰে প্ৰায় সম্পূৰ্ণ এটা দিন ৰে’লত গৈ যেতিয়া কলকাতা পালোগৈ তেতিয়া দেখিলো সকলোফালে এক আনন্দময় পৰিবেশ৷ কলকাতাত দুৰ্গাপূজা মানে আমাৰ অসমীয়াত ক’বৰ দৰে – “এনেয়ে বুঢ়ী নাচনী, তাতে নাতিনীৰ বিয়া’ অৰ্থাৎ সকলোফালে যেন স্ফুৰ্ত্তিয়েই স্ফুৰ্তি৷ আমি আটাইকেইটা বন্ধু একেলগে তিনিদিন ঘূৰি-পকি বিভিন্ন পূজা মণ্ডপ সমূহত ঢাক-ঢোল বজোৱা, আৰতি কৰা আদি চাই প্ৰসিদ্ধ হোটেল আৰু বঙালী বন্ধুৰ ঘৰত ৰন্ধা খানা খাই (মোৰ মনত থাকি যোৱা কেইবিধমান খানা হৈছে- চিংৰি মাছৰ মলাই কাৰি, ভাপা ইলিচ (ভাপত দিয়া ইলিচ মাছ), চিতল মাছৰ ডাঙৰ কলঠিৰ ঝাল-জোল, শুকানকৈ পিয়াজ দি ভজা পঠা মাংস, ভেটকী মাছৰ ফিলেট ফ্ৰাই, পয়োধি, দৈ আদি) পুনৰ এদিন জগন্নাথ এক্সপ্ৰেছত উঠি পুৰী পাইছিলোগৈ৷ আমি সেইবাৰ সাগৰৰ পাৰত এখন ধুনীয়া হোটেলত চাৰি দিন অতি আনন্দমনে থকাৰ লগতে ঢলপুৱাতে আটাইবোৰ সাগৰৰ পাৰে পাৰে ফুৰা, শামুক বোটলা, দুই-তিনি ঘণ্টা সাগৰত গা ধোৱা, ৰাতি সাগৰৰ পাৰত বহি সাগৰৰ ঢৌ বোৰৰ তৰ্জন-গৰ্জন শুনা আদি কথাবোৰে আমাৰ মনবোৰক কোনোবা সপোন ৰাজ্যলৈ লৈ গৈছিল৷

২০১৩ চনত পৰিবাৰ আৰু মই আৰু লগতে কলকাতাত থকা পৰিবাৰৰ ডাঙৰ বাইদেউ-ভিনদেউ, ল’ৰা-ছোৱালী আটাইবোৰ কলকাতাত দুদিন দুৰ্গা পূজা উপভোগ কৰোতে মন কৰিছিলো কলকাতাৰ ভিতৰুৱা সকলো সৰু-ডাঙৰ ৰাস্তাত আৰু মানুহৰ ঘৰত সকলোফালে কেৱল শাৰী-শাৰী লাইট আৰু চুবুৰিয়ে চুবুৰিয়ে দুৰ্গা পূজা আয়োজন কৰিছে৷ আমি বাইদেউৰ ঘৰৰ বেলকনিত বহি কথা পাতি থাকোতেও দেখিছিলো অনবৰতে ‘ধেধেং-ধেধেং’কৈ ঢাক-ঢোল বজাই বজাই মানুহ কেইজনমানে অহা-যোৱা কৰি আছে৷ মাজে-মাজে একোটা বেণ্ডপাৰ্টিৰ দলে বিভিন্ন সুৰেৰে সেইবোৰ বজাই অহা-যোৱা কৰি আছে৷ সেইবোৰ হেনো ওচৰ-চুবুৰীয়াই পইচা তুলি তেনেদৰে ৰাস্তাই ৰাস্তাই গান-বাজনা কৰিবলৈ দিয়ে৷ মামনী বাইদেউহঁতৰ কাষৰে এঘৰত কেইবাপুৰুষো ধৰি পাতি অহা দুৰ্গা পূজাতো ভাগ লৈছিলো আৰু শেষত আমি আগতে নেদেখা “সেন্দূৰ খেল” বুলি এক আনন্দ-উৎসৱ কৰি কৰা দেখিছিলো৷ আমি দুৰ্গা পূজাৰ শেষত পুনৰ পুৰী আৰু চিল্কা হ্ৰদলৈ গৈ তাত দুদিনমান সকলোৱে একেলগে আনন্দমনে থাকি আহিছিলো৷

★★

 

 

 

 

(ড০ শইকীয়া অসমৰ এজন জনপ্ৰিয় লেখক আৰু ভাৰত চৰকাৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব এণ্ট্ৰিপ্ৰিণিয়ৰশ্বীপৰ (IIE) প্ৰাক্তন সঞ্চালক৷ )

 

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.