কাংক্ষিত জোনাক — জয়শ্ৰী মেচ গগৈ

কাংক্ষিত জোনাক  —  জয়শ্ৰী মেচ গগৈ

কাংক্ষিত জোনাক — জয়শ্ৰী মেচ গগৈ

by September 17, 2017 0 comments

(আঠ)

: বাইদেউ!

: হুহ?

বিনন্দৰ মাতত ধৰিত্ৰীৰ চিন্তাত যতি পৰে৷

: ভিতৰলৈ বলক৷ বেলকনীত ফিৰফিৰিয়া বতাহ৷ আপোনাৰ গা বেয়া হ’ব৷

: বিনন্দ?
তই কিয় ৰৈ গ’লি মোৰ লগত ক চোন?
সাৱিত্ৰীৰ মৃত্যুৰ পিছতো তই কিয় দ্বিতীয় বিবাহ নকৰালি? তোৰ ছোৱালী জনী কোন শ্ৰেণী পালেগৈ?
ধৰিত্ৰীয়ে লাহে লাহে বিনন্দক সুধি গ’ল৷

: বাইদেউ, সাৱিত্ৰীক মই ভাল পাই বিয়া কৰাইছিলোঁ৷ পলুৱাই অনাৰ নিশা তাইক মই কথা দিছিলো৷ তোক যিদৰে আনিছো সেইদৰেই একে সমান ভালপোৱাৰে আজীৱন জীম দুয়ো৷
কিন্তু পখিলাক জন্ম দিবলৈ গৈ তাই চিৰদিনলৈ গুচি গ’ল৷
তাইক কথা দিছিলো৷ দ্বিতীয় বিবাহ কৰোৱা হ’লে মই তাইৰ ওচৰত সৰু হৈ গলোহেঁতেন৷
মোৰ ভালপোৱা মূল্যহীন হৈ পৰিলহেঁতেন৷

তাইক বচাবলৈ দাদাৰ বিৰুদ্ধে গৈয়ো আপুনি মোক যি উপকাৰ কৰিছিল সেয়া মই কেনেকৈ পাহৰিম বাইদেউ৷
পখিলাৰ ভৰণ – পোষণ, শিক্ষাৰ বাবে আপুনি দিয়া ঋণ মই কিদৰে শুজিম বাইদেউ?
আপোনাক লগ নিদিলে মোক পাপে চুব বাইদেউ৷ সাৱিত্ৰীৰ আত্মাই মোক ক্ষমা নকৰিব৷
বাইদেউ, পখিলা এইবাৰ কলেজলৈ যাব নহয়!
তাইক লৈ আনিম এইবাৰ৷ মই তাইক কৈছোঁ তোৰ উশাহৰ আচল গৰাকীৰ কাষলৈ লৈ যাম এবাৰ৷ ভৰি চুই সেৱা কৰি আহিবি৷

: আস্!
বিনন্দ তই সাৱিত্ৰীক সঁচাকৈয়ে ইমান সততাৰে ভাল পাইছিলি! তই তোৰ ভালপোৱাক শিৰত পিন্ধি থাকিলি আজীৱন৷
তই জিকিলি অ’৷
তই নাজান তোৰ পৰা শিকিবলৈ বহু কিবাকিবি আছে৷
মই মোৰ দায়িত্ব পালন কৰিছো, তই যা তা নকবি৷
পখিলা, আলফুল- নৱৰূপৰ দৰেই৷
তাইলৈ মোৰ আশীৰ্বাদ সদায়ে থাকিব৷
তাইক মানুহ বনাবি৷ মূৰ তুলি থিয় হবলৈ শিকাবি৷

: বাইদেউ! দাদাৰ পৰা কিবা খবৰ ….?

ধৰিত্ৰীয়ে অকণমান ৰৈ লাহেকৈ ঘূৰি চালে

: কি জানিব খোজ’ তই?
যোৱা দহটা বছৰে আদিত্য কিয় ঘৰলৈ অহা নাই?
আলফুল – নৱৰূপো কিয় গুচি গ’ল আদিত্যৰ পথেৰে?
এইবোৰ জানিব খুজিছ ’?
মই মৌনতাক ধাৰণ কৰিছোঁ একপ্ৰকাৰে৷
তই নুসুধিবি বিনন্দ৷ চাই থাক মাথোঁ৷
জীৱনটো বৰ বিশাল ……
কোনোবাই কৈছিল মোক ….
তই যা .. মোক অলপমান অকলশৰে থাকিব দে৷

: হ’ব বাইদেউ ….!

কিবা ক’ব খুজিও বিনন্দই ৰৈ গ’ল৷
তাৰ দুই ওঁঠত নিমখীয়া সোৱাদ এটা বাগৰিল৷
চুই চালে! চকুৰ পানী বোৰ যে ……
নিজৰ মাজতে বিৰবিৰাই সি তললৈ নামি গ’ল৷
*****

: মোৰ তোমাক অন্য কিবা এটা নামেৰেহে মাতিব মন যায়৷
উপমন্যুয়ে ধৰিত্ৰীক লগ কৰি উভতি যোৱাৰ পাছত এদিন ফোনত কৈছিল৷

: কি নামেৰে?

: তুমি ভুল নুবুজাতো যদি মাতো?

: কোৱা!

: টী ….. বুলি মাতিম?

: মাতিবা৷

: এ …. বঢ়িয়া৷

উপমন্যুয়ে একপ্ৰকাৰে চিঞৰি উঠিছিল৷

: আমি বন্ধু! খুউব ভাল বন্ধু হৈ থাকিম৷
এনেকুৱা বন্ধু হ’ম যাৰ সৈতে সকলো কথা বিনা দ্বিধাই কব পাৰি৷
ধৰিত্ৰীয়ে কৈছিল নাৰীৰ সহজাত আশংকাৰে৷

: টী ….
মই বন্ধু হ’ম৷ কিন্তু মই তদুপৰি তোমাক অন্য এক ৰূপে বন্দনা কৰিব লৈছো৷
মই নষ্ট মানুহ টী৷ মই বেয়া মানুহ টী৷
তুমি ইচ্ছা কৰিলে মোৰ সৈতে কথা পতা বন্ধ কৰিব পাৰা টী৷
কিন্তু মই তোমাক ভালপাওঁ টী৷

উপমন্যুৰ কথাবোৰ শুনি আৰম্ভণিতে ধেমালি বুলি ধৰিত্ৰীয়ে হাঁহি শুনি আছিল৷
পাছলৈ তাই গহীন হৈ পৰিল৷ কিছু সময় মনে মনে ৰোৱাত উপমন্যুয়ে চিঞৰি উঠিল

: কোৱা টী৷ মই নষ্ট মানুহ ন?
তুমি ভাবা মই তোমাৰ সুযোগ লৈছোঁ৷
যি মন যায় কোৱা৷ কিন্তু মই সঁচা কৈছোঁ৷
তোমাক মই দেৱীৰ দৰে মানো৷ মন্দিৰৰ নিৰ্মালিৰ দৰে গ্ৰহণ কৰিছোঁ টী৷
কোনো নাথাকিলেও মই থাকিম টী৷ তোমাৰ ছাঁ হৈ৷
তোমাক চুবলৈ নহয়৷ টী তোমাক মই মোৰ আত্মাত ধাৰণ কৰিছো৷

: তোমাক মই বন্ধুৰ দৰেহে লৈছোঁ উপমন্যু৷
এইদৰেই থাকা৷ সম্পৰ্কটো বেয়া নকৰিবা প্লিজ্৷
তাই প্ৰকাৰান্তৰে ফালৰি কাটিব বিচাৰিছিল৷

: ন ন ন … মই মিছা নকওঁ৷ নিজক ফাঁকি নিদিও৷
তোমাক কেৱল বন্ধু বুলি বাহিৰত কৈ ভিতৰত মই অন্য অনুভৱ ৰাখিলে দুয়োকে ফাঁকি দিয়া হ’ব টী৷
ঠিক আছে তুমি নামানা? নিজক নেৰা?
ময়ো নিজক নেৰো৷

: উপমন্যু? তুমি কি নাজানা মই কোন, কি?
মই এগৰাকী বিবাহিতা নাৰী৷ মোৰ সন্তান আছে৷
সমাজে স্বীকৃতি নিদিয়া কাম কৰাটো অপৰাধ তুমি নাজানা?
নিশা বহু হ’ল শুই থাকা৷ পুৱা কথা ভালদৰে কথা হ’ম৷

কৈয়ে ধৰিত্ৰীয়ে ফোনটো কাটি দিলে৷

0000000000

কি কয় উপমন্যুয়ে!
ভালপোৱা? ?
তাইতো এনেকৈ ভবাও নাছিল৷
উপমন্যুৰ আগমনত হয় তাইৰ উশাহে প্ৰাণ পাইছে৷
তাই সেয়া স্বীকাৰ কৰে৷
উপমন্যুৰ সৈতে কটোৱা সময় খিনি তাইৰ বাবে আটাইতকৈ ধুনীয়া সময়৷
তাই এয়াও স্বীকাৰ কৰে৷
কিন্তু প্ৰেম? ? ?
জীৱনৰ এই সময়ছোৱাত? ? ?
পঁয়ত্ৰিশটা বসন্ত গৰকা এই সময়ত?
য’ত তাইৰ জীৱনৰ ৰঙবোৰ মচিব ধৰিছে! !
নাই নাই৷ ধৰিত্ৰী? ? তই নিজক নেৰিবি!
পুৰুষৰ কি বিশ্বাস! তোৰ একাকিত্বৰ সুযোগ লৈ উপমন্যুয়ে যদি জুখি চাইছে?
তই হাৰিব নোৱাৰ’ ধৰিত্ৰী৷
এবাৰ হাৰিছ’ আদিত্যৰ সন্মুখত৷ তই দুৰ্বল নহয়৷ যুক্তিৰে বিচাৰ – বিবেচনা কৰাৰ শক্তি তোৰ এতিয়াও শেষ হোৱা নাই৷
কথাবোৰ ভাবি ভাবি ধৰিত্ৰীৰ সেই নিশা টোপনি নাহিল৷
এইবোৰ কি হ’বলৈ ধৰিছে?
আকৌ এবাৰ তাই মানুহ চিনাত ভুল কৰিলে নেকি?
মানুহৰ চকুৱে সঁচা কয়৷
ধৰিত্ৰীয়ে এবাৰলৈও কিন্তু উপমন্যুৰ চকুত চতুৰালি দেখা নাছিল!
তথাপিও ….
কিয় তাইৰ বুকুত অহেতুক ভয় এটাই হঠাতে থিতাপি ল’ব বিচাৰিছে?
অলেখ চিন্তাই পাক্ ঘুৰনি খাব ধৰিলে!
অদূৰত পুৱতি নিশাৰ প্ৰথম প্ৰহৰৰ জাননী ভাঁহি আহিল৷
ধৰিত্ৰীৰ চিন্তা বাঢ়িল৷ পুৱালৈ ফোনত উপমন্যুক কি উত্তৰ দিব!
সি নিজক নেৰে
তাইতো কৈ দিছে বন্ধু হৈ থাকা৷
তেন্তে?
উপমন্যু আঁতৰি যাব?
( ক্ৰমশঃ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.