কুণ্ডলিনী – পাৰবীন চুলতানা

কুণ্ডলিনী – পাৰবীন চুলতানা

কুণ্ডলিনী – পাৰবীন চুলতানা

by September 17, 2017 0 comments

দ্বিত্ৰিংশ খণ্ড:

চকুহালে দিগদাৰ কৰি আছে অন্বেষাক৷ ৰাতি এপৰলৈকে কম্পিউটাৰ স্ক্ৰীণত ছবিৰ আঁৰৰ ছবি বিচাৰি ফুৰা ছোৱালীজনীৰ চকুহালে দিগদাৰ কৰি আছে৷ “মুম্বাইত অসমৰ এজন ভাল চকুৰ ডক্টৰ আছে, তেওঁৰ ওচৰলৈকে যাব লাগিব”, বুলি অন্বেষাই ফোন লগালে ডক্টৰ ৰাজীৱ দাসলৈ৷
ৰাজীৱ দাস তাইৰ ভাল বন্ধু৷ গুৱাহাটীমুখী বিমানবন্দৰত লগ পাইছিল তাক৷ তাইৰ কান্ধত ওলমি আছিল তাইৰ চিৰলগৰীয়া কেমেৰাটো৷ “কেমেৰা আৰু চকুৰ সম্পৰ্ক কি ক’ব পাৰিবনে?”, আগগুৰি নোহোৱাকৈ কফি একাপ হাতত লৈ সি সুধি পেলাইছিল তাইক৷
লাহে লাহে সিহঁতৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ অত্যন্ত ধেমেলীয়া ৰাজীৱৰ বুকুত আছিল এডৰা সৰিয়হ৷ যি সৰিয়হৰ হালধীয়া পোহৰে তাক উজলাই ৰাখিছিল৷
কিন্তু!
‘কিন্তু’ এটাত ৰৈ গৈছিল কথাবোৰ৷ সিমানখিনিলৈকেহে অন্বেষাক কৈছিল সি৷
“ঘৰৰ ওচৰত আছিল সিহঁত৷ মাত্ৰ এবছৰৰ বাবেহে লগ পাইছিলো৷ সেয়াও ক্লাছ টেনৰ কথা৷ নামটোও ভালকৈ নাজানিছিলো৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি তাই পঢ়াটেবুলত বহি আছিল৷ কোনোবাদিনা পাঠ্যপুথি, কোনোবাটো সময়ত এন ফ্ৰাংকৰ ডায়েৰী৷ কোনোবাটো সময়ত “প্ৰিয় সখী”, কোনোবাটো সময়ত “নীল প্ৰজাপতি”৷ কোনোবাটো সময়ত সুৰৰ সৰগম, কোনোবাটো সময়ত ভাৰতনাট্যম৷ অন্বেষা, সেই বছৰটোতে তাইক লগ পাইছিলো৷ এবছৰতে তাই মোৰ সত্তা এনেকৈ আবৰি ধৰিলে যে তাৰ পিছত কোনো ছোৱালীলৈ এনেকৈ চকু মিলাই চোৱা নাই৷“
“তাৰ পিছত?”, মৌনতা ভেদি তাই সুধিছিল৷
“তাৰ পিছত তাইক লগ পোৱা নাই”, সৰুকৈ সি তাইক মিছা এটা মাতিছিল৷

লগ পাইছিল সি৷ যিধৰণেৰে লগ পাইছিল, সেইধৰণেৰে লগ নোপোৱা হ’লেই ভাল আছিল৷ চকুযোৰ সেমেকি গৈছিল তাৰ৷ কথা সলাইছিল৷ ক’ব নোৱাৰা কথাবোৰেৰে বুকুত শিল বান্ধিছিল৷ শিলনিখন বাঢ়ি আহিছিল৷ বগা ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালীজনীৰ ৰূপটোৰ লগত সেউজীয়া গাউনেৰে ঢকা হস্পিতেলৰ বেডত পৰি থকা ৰূপটোৰ আকাশ পাতাল পাৰ্থক্য৷ তাইৰ নাম ঈশানী বুলি সি তেতিয়াহে জানিছিল৷ পুলিচী জেৰাৰ মাজত চিকিৎসা লৈ থকা ঈশানীক সি এবাৰলৈ সুধিব পৰা নাছিল, “তোমাৰ লগত এয়া কেনেকৈ হ’ল ঈশানী” বুলি৷
ধুমুহা এজাক আহিছিল৷ হয়৷ ৰাঙলী ধুমুহা আছিল সেই ধুমুহাৰ নাম৷ তাৰ বুকুত ৰুই থোৱা গোলাপৰ ফুলনিখন তচনচ কৰি সেই ধুমুহাই নিজৰ বাট লৈছিল৷ ঈশানী দলবদ্ধ আক্ৰমণৰ বলি হৈছিল৷ ইয়াতকৈ বেলেগকৈ ভাবিলে তাৰ বুকু কঁপে৷ এদল তেজপিপাশু মানুহৰ চক্ৰান্তত ঈশানী অকলে পৰি ৰৈছিল৷ কোনো নাছিল তাইৰ ওচৰত তেতিয়া৷ না মাক-দেউতাক, না আত্মীয় স্বজন৷ সি আছিল৷ তাইৰ সংগোপনে হাতখন তুলি লৈছিল৷ কপালৰ চুলিকেইডাল ঠিক কৰি দিছিল৷ এনাস্থেছিয়াৰ জালত তাই জ্ঞানশূন্য হৈ থকা সময়খিনিতে সি হেঁপাহ পলুৱাই চাই লৈছিল৷ এইখন মুখ সি পাহৰিব নোৱাৰে৷
তাৰ পাছৰ কথাবোৰ সৰল অংকৰ সৰল উত্তৰ৷ সেই অংকটোত তাই ভাজ্য হৈ আঁতৰি গৈছিল৷ ভাগফলৰ ঘৰত পৰি ৰ’ল এমুঠি হুমুনিয়াহ৷ ভাগশেষৰ ঘৰত থাকি গ’ল তাৰ প্ৰেম৷
এৰা৷ পাহৰো বুলিলেই কিছুমান কথা পাহৰা নাযায়৷ বগা ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালীজনীৰ মাতত তাৰ ৰাতি পুৱায়৷
“লগ টু দ্য বেচ ই ইজ ইকুৱেল টু পইণ্ট থ্ৰী জিৰো ৱান জিৰো থ্ৰী” খিৰিকীৰ সিপাৰত সেয়া গাণিতিক পৰিগণনা৷
কোনোবা এক অলস দেওবাৰে ভাঁহি আহে সপ্তস্বৰৰ মূৰ্ছনা,
“সাসা ৰেৰে গাগা মামা পাপা ধাধা নিনি সাসা”,
কোনোবাটো সন্ধ্যা ভাৰতনাট্যমৰ মুদ্ৰাত চকু জাপ খাই আহে৷ সিফালে এজাক টুনী চৰায়ে দেও দি নাচে৷
“ধৰক্ক্ তকদুম তকতকি কিটতুম তক্কদেই তাআ” …….
অন্বেষা ৰাজীৱৰ ওচৰলৈ ওচৰলৈ অহাৰ কথা৷ কম্পিউটাৰ চাই চাই চকুযুৰি বেয়া কৰি লৈছে তাই৷ তাই আহিলে হাজাৰ কথাৰ নানান বকলা মেলিব৷ বুকুৰ সৰিয়হডৰাত নিৰাব৷ ফুলবোৰৰ ৰেণুবোৰত লাগি থকা গোন্ধৰ কথা সুধিব৷ জোকাব৷ “কি যে হ’ব তোৰ” বুলি কাট মাৰিব৷
হয়৷ কিছুমান মানুহৰ ক্ষন্তেকীযা সান্নিধ্যত মুখৰিত হৈ পৰে মনৰ আগচোতাল৷ সেই সান্নিধ্য প্ৰেমৰেই হ’ব লাগিব বুলি কথা নাই৷ অন্বেষাৰ সান্নিধ্যও তেনে এক মুখৰিত সান্নিধ্য৷
“নকবি বুজিছনে? চকুযোৰে বৰকৈ আমনি কৰিছে”, আহিয়েই পাৰ্ছটো টেবুলত থৈ তাই কৈ উঠিল৷
“হ’ব বাৰু৷ মই চাই দিওঁ৷ তই ইয়ালৈ আহ৷“
শ্লিট লেম্পেৰে চকুযোৰৰ ভিতৰখন পৰীক্ষা কৰি থাকোতে যেন সি তাইৰ অস্থিৰতা ধৰা পেলাইছে৷
“দেয়াৰ ইজ চামথিং ইন হাৰ মাইণ্ড”৷ কিবা এটা চলি আছে অন্বেষাৰ মনৰ ভিতৰচ’ৰাত৷ সি চকুহে চায়৷ অথচ বুকুৰ ভিতৰখন কেনেকৈ দেখিলে বাৰু?
নোসোধো বুলিও নোসোধাকৈ থাকিব নোৱাৰিলে৷
“কি হৈছে কচোন তোৰ? অবিনাশে কিবা ক’লে?”
“নাই৷ একোৱেতো হোৱা নাই৷ অবিনাশে কিবা কবলৈ সময়েইবা ক’ত? যেতিয়াই ফোন কৰিবি, মিটিং, ডিউটি ইত্যাদি ইত্যাদি৷“
“তাৰ ব্যস্ততাক তই সহজভাৱে লব লাগিব৷ জানই দেখোন আই এ এছ এজনৰ দায়িত্বশীলতা৷ গোটেই জিলাখনৰ আইন শৃংখলাৰ ৰক্ষক তেওঁ৷“
“নহয় অ’৷ তেওঁক লৈ মোৰ একো সমস্যাই নাই৷ মোক বেলেগ এটা কথাইহে খুলি খুলি খাইছে৷ “
“কি কথা? ক’ব পাৰ যদি কৈ পেলা৷ মনটো পাতল লাগিব”৷
“ছোৱালী এজনীক বিচাৰি ফুৰিছো৷ কলেজত পঢ়োতে মোৰ জুনিয়ৰ আছিল৷ পিছত মই সেইখন কলেজ আধাতে এৰিলো৷ তাইক তাৰ পাছৰে পৰাই লগ পোৱা নাই”৷
“তাইক বিচাৰি ফুৰাৰ কিবা বিশেষ কাৰণ? ”
“ও৷ মনৰ দাবী বুলিব পাৰ৷ “
“এৰা তোৰ যদি মনৰ দাবী, সেয়াতো পালন কৰিবই লাগিবই৷ নামটো কচোন বাৰু৷ “
“ঈশানী৷ ঈশানী গোস্বামী তাইৰ নাম? ”
এক লহমাৰ কথা মাথোঁ৷ সি উচপ খাই উঠিল৷ বুকুৰ সৰিয়হডৰাৰ ওপৰেৰে এজাক টুনী চৰাই উৰি গ’ল৷ অটল গভীৰত খলখলাই থাকিল কেইটিমান ডলফিন৷
ড্ৰয়াৰটোলৈ চালে সি৷ তাৰে কোনোবা এটা এলবামত সযতনে সাঁচি থোৱা আছিল বগা ফুটফুটীয়া ফ্ৰক পিন্ধা পখিলাজনী৷ যাৰ পাখি কটাৰ কষ্টত সি যে কতটা বিনিদ্ৰ ৰজনী কটাইছে হিচাপ নাই৷ সুধিবনে অন্বেষাক? কিবা কোৱা উচিতনে তাইক? তাই তাক যদি ভীৰু বুলি হাঁহে৷ যদি তিৰষ্কাৰ কৰে, “তই যদি সেই অৱস্থাত ঈশানীক পাইছিলিয়েই তেতিয়াহ’লে তাইৰ কাষত ৰৈ দিয়াৰ সাহসকণ কিয় কৰিব নোৱাৰিলি? প্ৰেম কৰিবলৈ সাহস লাগে বুজিছ, তোৰ দৰে দুৰ্বল মানুহে সপোনত প্ৰেমৰ ঘৰ সাজিব পাৰ, বাস্তৱত একোকে কৰিব নোৱাৰ”৷
ঘামি উঠিল সি৷ ঢাকি থোৱা গিলাচটোৰ পানীখিনি ঘোটঘোটকৈ পি দিলে৷ বুজি পালে সি, যুদ্ধ এখন আকৌ আৰম্ভ হ’ল৷ তাৰ ভিতৰৰ দুৰ্বল আৰু সবল মানুহটোৰ মাজত৷
(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.