ছছাংক ৰিডেম্পছন: আশা আৰু ধৈৰ্য্যৰ প্ৰতীক – দেব প্ৰতীম

ছছাংক ৰিডেম্পছন: আশা আৰু ধৈৰ্য্যৰ প্ৰতীক – দেব প্ৰতীম

ছছাংক ৰিডেম্পছন: আশা আৰু ধৈৰ্য্যৰ প্ৰতীক – দেব প্ৰতীম

by September 17, 2017 0 comments

“Hope is a good thing, may be the best of things, and no good thing ever dies…..”
১৯৯৪ বৰ্ষটো ছবিজগতৰ বাবে উল্লেখযোগ্য৷ ’পাল্প ফিকছন’, ’ফৰেষ্ট গাম্প’, ’লিঅ’ন: দা প্ৰফেছনেল’কে আদি কৰি বহু কেইখন সুন্দৰ ছবিৰ মুক্তি হৈছিল সেইটো বৰ্ষতে৷ তাৰ ভিতৰত এখন আছিল ফ্ৰেংক ডেৰাবণ্টৰ নিৰ্দেশনাপ্ৰাপ্ত ছবি ছছাংক ৰিডেম্পছন৷ উল্লেখযোগ্য উপযুক্ত প্ৰচাৰৰ অভাৱ তথা আন কিছুমান কাৰণত বক্স অফিচত ছবিখন গণ্য হৈছিল এখন ফ্লপ বুলি৷ কিন্তু ছবিখনত কোৱা হৈছিল ওপৰত কোৱা সেই বিখ্যাত বাক্যশাৰী৷ ছবিখনো এক আশাৰ বলতেই জী উঠিছিল৷ সুন্দৰৰ সৃষ্টি কেতিয়াও অথলে নাযায়৷ ১৯৯৭ চনত ‘TNT Network’-ত বহুবাৰ দৰ্শকে ছবিখন চাবলৈ সুযোগ পাইছিল, তদুপৰি ছবিখনৰ ডিভিডি মুক্তিৰ পাছতেই ছবিখনৰ পৰিণত হৈছিল এখন শ্ৰেষ্ঠ ছবি হিচাপে৷ সময় আগবঢ়াৰ লগে লগে ছবিখন পৰিণত শতিকাৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি হিচপে৷ জীৱনৰ বহু ক্ষেত্ৰত শিক্ষা দিয়া এই ছবি খন আই.এম.ডি.বি .-ৰ সৰ্বশ্ৰেষ্ঠ ৰেটিং প্ৰাপ্ত(৯.৩) ছবি৷ ছবিখনত কোৱা ওপৰৰ বাক্যষাৰীৰ (….no good thing ever dies..) এক জ্বলন্ত নিদৰ্শন এই ছবিখন৷

ছবিখনৰ মূল চৰিত্ৰ এজন সৎ লোক বিষয়ে, যি নিৰ্দোষী যদিও ভুলতঃ জেল খাটিবলগীয়া হৈছিল৷ ছবিখন আছিল ধৈৰ্য্য আৰু আশাৰ এক প্ৰতীকস্বৰূপ৷ ষ্টিফেন কিঙৰ উপন্যাসিকা “ৰিতা হেৱৰ্থ এণ্ড ছছাংক ৰিডেম্পছন” নামৰ উপন্যাস খনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন৷ ১৯৯৪ চনতে মুক্তি হোৱা ছবিখনে আজিও বহু লোকক অনুপ্ৰাণিত কৰি আহিছে৷
এণ্ডি ডুফ্ৰেইন নামৰ মূল চৰিত্ৰটোন অভিনয় কৰিছিল টিম ৰবীনছে৷ পত্নী তথা পত্নীৰ প্ৰেমিকৰ হত্যাত অভিযুক্ত আছিল ডুফ্ৰেইন আৰু খাটিবলগীয়া হৈছিল আজীৱন কাৰাবাস৷ জেইলত তেওঁ লগ পাইছিল আন এজন কয়দী এলিছ বয়ড্ “ৰেড” ৰেডিঙক৷ এই চৰিত্ৰত অভিনয় কৰিছিল মৰগান ফ্ৰীমেনে৷ তেওঁলোক দুয়ো হৈ পৰিছিল বন্ধু৷ কাৰাবাস খটাৰ আগতে ডুফ্ৰেইন আছিল এজন বেংক কৰ্মচাৰী, যাৰ ফলত তেওঁ টেক্সৰ পইচা লেন দেন (ক’লা ধনক বগা ধন কৰা আদি) সংক্ৰান্তীয় বিষয়ত সহায় কৰিবলগীয়া হৈছিল কেপ্তেইন হেডলী(ক্লেন্সী ব্ৰাউন)ক৷ কেপ্তেইন হেডলীক সহায় কৰাৰ আগয়ে এণ্ডিয়ে পইচা সংক্ৰান্তীয় বিষয়ত বহু কয়দীক সহায় কৰিছিল৷ তাকে দেখি হেডলীয়ে এণ্ডিৰ সহায় বিচাৰিছিল৷
এদিন কাৰাগাৰলৈ এজন নতুন কয়দী টমি উইলিয়ামছৰ আগমণ ঘটিছিল৷ এই টমিৰ ওচৰত আছিল এণ্ডিৰ নিৰ্দোষিতাৰ প্ৰমাণ আছিল৷ কিন্তু ৱাৰ্ডেন(বব গুণ্টন) তথা কেপ্তইনে এণ্ডি কাৰাগাৰৰ পৰা যোৱাটো বিচৰা নাছিল, কাৰণ ক’লা ধন বগা কৰাৰ প্ৰক্ৰিয়াটো ইমান সহজতে কৰাৰ একমাত্ৰ উপায় আছিল এণ্ডি ডুফ্ৰেইন৷ যাৰ ফলত টমিক হত্যা কৰা হৈছিল৷ এণ্ডীৰ নিৰ্দোষিতাৰ একমাত্ৰ প্ৰমাণৰ মৃত্যুৰ পাছত এণ্ডিয়ে আকৌ আগৰ দৰে কাৰাগাৰত থাকিবলৈ বাধ্য হৈছিল, কিন্তু তেতিয়াৰে পৰা এণ্ডিৰ মনত এটা পৰিকল্পনাই গা কৰি উঠিছিল৷
ৱাৰ্ডেনে এণ্ডিক এখন বাইবেল দি কৈছিল “Salvation lies within”, সেই কথাই পাছলৈ ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তাৰ উপৰিও এণ্ডিয়ে বিচাৰিছিল ৰীতা হেৱৰ্থৰ এখন পোষ্টাৰ৷ এই দুয়ো বাইবেল আৰু পোষ্টাৰৰ ছবিখনৰ পাছলৈ থকা ভূমিকাই দৰ্শকৰ মনত শিহৰণ জগাই তুলিব৷ হয়তো মনটো আনন্দতে নাচি উঠিব লগতে আচৰিতো হ’ব৷

ছবিখনৰ আন এক উল্লেখযোগ্য দিশ হ’ল ছবিৰ বিৱৰণ কওতা(Voice over Narration) হিচাপে মৰগান ফ্ৰীমেনৰ কণ্ঠস্বৰৰ ব্যৱহাৰ৷ এইখন আছিল মৰগান ফ্ৰীমেনৰ কথক হিচাপে প্ৰথম ছবি৷ স্পষ্ট তথা গম্ভীৰ স্বৰৰে মৰগান ফ্ৰীমেনৰ সাৰাংশই ছবিখন সম্পূৰ্ণ কৰিছিল, ই যেন আছিল ছবিখনৰ আন এক চালিকা শক্তি৷
ছবিখনক বহুতে সৰ্বশ্ৰেষ্ঠ ছবি বুলি ক’ব খোজে৷ ইয়াৰ কাৰণ কি বুলিকে একে আষাৰে কোৱা টান৷ নিঃসন্দেহে ছবিখন অতি সুন্দৰকৈ নিৰ্মিত৷ এক সুন্দৰ চিত্ৰনাট্য(ষ্টিফেন কিং আৰু ফ্ৰেংক ডেৰাবণ্ট)ক অতি সুন্দৰভাৱে নিৰ্দেশনা তথা অভিনয়েৰে এখন ছবিৰ ৰূপ দিয়া হৈছিল৷ ইয়াৰোপৰি আছিল থমাছ নিউমেনৰ মনোগ্ৰাহী আৱহ সংগীত তথা ৰ’জাৰ ডিকিন্সৰ সুন্দৰ চিনেমাট’গ্ৰাফীয়ে কাৰাগাৰৰ জীৱনটোক সুন্দৰভাৱে ছবিখনত দেখুৱাবলৈ সক্ষম হৈছিল৷ বহুতে আকৌ শেষৰ ফালে থকা দৃশ্যকেই ছবিখনৰ সফলতাৰ কাৰণ বুলি ক’ব খোজে৷ কিন্তু ইয়াৰ লগতে আছিল ছবিখনৰ আন কিছুমান দিশ, যি ছবিখনক সৰ্বশ্ৰেষ্ঠৰ তালিকাত সদায়েই আগস্থান দিব খোজে৷ ওপৰত উল্লেখ কৰিছো এই ছবিখন ধৈৰ্য্য আৰু আশাৰ প্ৰতীক স্বৰূপ৷ জীৱনটোক এক নতুন দিশত চাবলৈ শিকাবলৈ সক্ষম এই ছবিখন৷ বহুতৰ কাৰণে এই ছবিখন জীৱনৰ পথ পদৰ্শক স্বৰূপ৷ “নিজৰ ইচ্ছাশক্তি, নিজৰ ওপৰত বিশ্বাস তথা উদ্যম আৰু সাহস থাকিলে কোনো কাম অসম্ভৱ নহয়৷ তুমি নিজেই হৈছা তোমাৰ আচল শক্তি”, “আনক সন্মান কৰিলেহে তুমি সন্মান পাবা”, “বেলেগে তোমাৰ বিষয়ে কি ভাৱে এই কথাত মুৰ ঘমাবৰ দৰকাৰ নাই”-এনে বহু কথাই যেন শিকাবলে চেষ্টা কৰে এই ছবিখনে৷

ছবিখনৰ নামত থকা ‘redemption’, শব্দটোৱে বহুখিনি কথা কৈ যায়৷ এণ্ডিয়ে বিনাদোষত কাৰাবাস খাটিবলগীয়া হোৱাত প্ৰথমাৱস্থাত ভাগি পৰিছিল৷ কিন্তু লাহে লাহে তেওঁৰ মনটোৱে আন্দোলন কৰে মুক্তিৰ বাবে৷ প্ৰথমে নিজৰ মানসিক স্থিতিৰ পৰা, তাৰ পাছত সেই কাৰাবাসৰ পৰা৷ সেই অপৰাধৰ বাবে নিজকে দোষাৰোপ কৰিবলৈ বাদ দিছিল৷ নিজকে দায়ী বুলি ভাবি তেওঁ হাত সাৱতি বহি থকা নাছিল, সংগ্ৰাম কৰিছিল জীৱনৰ লগত, আৰু শেষত মুক্তি পাইছিল সকলো ফালৰে পৰা৷ সেই কথাই যেন বুজাব বিচাৰিছিল, “Get busy living, or get busy dying.”- এই সংলাপৰ জৰিয়তে৷

সমালোচকৰ সদায়ে প্ৰিয় এই ছবিখনে ‘আমেৰিকান ফ্লীম ইনষ্টিটিউট’ ৰ “100 Years…100 Movies(10th Anniversary Edition)”-ত স্থান লাভ কৰিছে৷ তদুপৰি ২০১৫ চনত ইউনাইটেড ষ্টেট্‌ছ লাইব্ৰেৰী অৱ কংগ্ৰেছ’এ এই কথাছবিখনক “সাংস্কৃতিক, ঐতিহাসিক তথা নান্দনিক ভাৱে গুৰুত্বপূৰ্ণ” (culturally, historically or aesthetically significant) বুলি কয় আৰু ছবিখনক অনুষ্ঠানটোৰ ‘নেচনেল ফ্লীম ৰেজিষ্টেৰী’ (National Film Registry)ত অন্তৰ্ভুক্ত কৰে৷ সকালো ফালৰে পূৰ্ণ এনে ছবি বাৰে বাৰে নিৰ্মাণ কৰা প্ৰায় অসম্ভৱ৷ সেয়েহে হয়তো মুক্তি পোৱাৰ ২৩ বছৰৰ পাছতো ছবিখন এতিয়াও বহু ক্ষেত্ৰত আন ছবিতকৈ শ্ৰেষ্ঠ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.