জুক’ভেলী যাত্ৰা আৰু এটা ৰাতি — পাৰ্থ প্ৰতিম কলিতা

জুক’ভেলী যাত্ৰা আৰু এটা ৰাতি  —  পাৰ্থ প্ৰতিম কলিতা

জুক’ভেলী যাত্ৰা আৰু এটা ৰাতি — পাৰ্থ প্ৰতিম কলিতা

by September 17, 2017 0 comments

সপোনটোৰ আৰম্ভণি:
——————

এটা সপোন আছিল (আছে)৷ এদিন বৰ্ণময় পখিলাৰ দৰে মই গৈ থাকিম, গৈয়ে থাকিম৷ চৌপাশে থাকিব সেউজীয়া আৰু সেউজীয়া৷ সিদিনা মোৰ কোনো বাধা নাথাকিব, মন গ’লে দৌৰিম, চিঞৰিম, গান গাম, কবিতা মাতিম আসঃ৷ মোৰ মুৰৰ ওপৰত থাকিব এখন নীলিম আকাশ, শান্ত, সৌম্য৷ মোঘবোৰ দৌৰিব, মোক চুই যাব আৰু মই আলফুলে সাৱটি হম এক দুৰ্দান্ত ৰণুৱা ঘোঁৰা৷ এটা সপোন আছে, মইৰ মাজত লুকাই থকা মই হৈ এদিন ঢাপলি মেলিম দূৰলৈ, দূৰলৈ, দূৰলৈ৷

: ফটোখন ক’ৰ হয়? ইম্মান ভাল লাগিছে! – বন্ধু হীৰকৰ হোৱাট্চএপৰ ষ্টেটাচত এখন সেউজীয়া ফটো দেখি সুধিলো৷ সপোনৰ সৈতে সাদৃশ্য থকা এখন ফটো৷

: জুক’ভেলী (Dzukou valley)৷ যাবা?

: কেতিয়া?

: ২৫ আগষ্ট

বছ, এয়াই আৰম্ভণি৷ প্ৰথম প্ৰেমৰ প্ৰেয়সীক প্ৰথমবাৰ দেখা পাব যোৱাৰ দৰে বুকুত অবুজ ধপধপনি৷ বুকুত বৈ থকা পুৰণি সপোন উলিয়াই চুই চাৱ পাৰিম জুক’ৰ সুবিশাল বৰ্ষাৰণ্য, উপভোগ কৰিম তাৰ ঐশ্বৰ্য অহংকাৰৰ সম্ৰাজ্য৷ জুক’ত যোৱাক সকলো প্ৰস্তুতি সম্পূৰ্ণ৷ অফিচত কৈ ৩ দিনৰ চুটি লৈ ল’লো৷ প্ৰয়োজনীয় সকলো সামগ্ৰী কিনিলো৷ এতিয়া অপেক্ষা ২৫ আগষ্টলৈ৷ জুক’ ভেলী, আমি গৈ আছো৷

জুক’ ভেলীলৈ বুলি…
——————————-
২৫ আগষ্ট, নিশা ১১.৩৫ত ট্ৰেইন৷ যাত্ৰাৰ বাবে সকলোবোৰ সামগ্ৰী দিনতেই যোগাৰ কৰিলো৷ ILP দিনতেই ৰুক্মিনীগাঁৱত থকা নাগালেণ্ড হাউচৰ পৰা সংগ্ৰহ কৰিলো৷ একো যেন বাদ পৰি নাযায় তাৰ বাহে তালিকা বনাই আকৌ এবাৰ চালো৷ সকলো ঠিকেই আছে৷

আমাৰ ট্ৰেইন পল্টনবজাৰ ষ্টেচনৰ পৰা৷ তাতেই আমি আটাইবোৰ লগ হ’ম৷ ভাড়াতীয়া টেক্সীত বিকাশ, মনোজ, তুল আৰু মই পল্টনবজাৰলৈ আহিলো৷ ইতিমধ্যে সকলোবোৰ ৰৈ আছিল৷ আমি মুঠতে ১৪ জন ( প্ৰথৱাস্থত ২১জন যোৱাৰ কথা আছিল যদিও আসুবিধাৰ বাবে ৭ জন যাব নোৱাৰিলে, আৰু ইয়াৰ দুজন ভেলী নাযায়, গতিকে পিছলৈ ১২ জন লিখিম )৷ গোটৰ সকলোৱেই সকলোকে চিনি নাপায়, আমি ট্ৰেইনতে চিনাকি হ’লো৷ সম্পৰ্কবোৰ হৃদয়তহে, মুখবোৰ অদেখা হ’লেনো কি হ’ব৷ সহজতে আপোন হ’লো আটাইবোৰ৷

ট্ৰেইনত বিপ্লৱ দা, অপূৰ্বহঁতে সকলোকে টি-চাৰ্ট বিলাই দিলে৷ নৱ-হীৰকে সকলোকে আকৌ এবাৰ চিনাকি কৰাই দিলে৷ নিজৰ নিজৰ আসনত বহি সকলোৱে যাত্ৰা কৰিলো জুক’ ভেলীলৈ বুলি৷

নগালেণ্ডৰ সুন্দৰী আৰক্ষীকেইজনী,অনাৰস বেচা মহিলাকেইজনী…
————————————–

ডিমাপুৰ ষ্টেচন পাওঁতে ৰাতিপুৱা ৪ বাজি ৪৫ মিনিটত পালোঁ৷ বাহিৰত বৰষুণ৷ ষ্টেচনৰ দোকানত সুধি গম পালো যোৱা দুদিনৰ পৰাই নেৰানেপেৰা বৰষুণ হৈ আছে৷ মনটোত অলপ দুখ লাগি গ’ল৷ বৰষুণ দিলে ঠায়ে ঠায়ে পাহাৰ খহি ৰাষ্টা বন্ধ হয় বুলি শুনিছো৷ একেদৰে জুক’ত যোৱা ৰাস্তাও তথৈবচ হয়৷ তাতে আৰু পাহাৰীয়া একাবেঁকা পথ৷ ডিমাপুৰ ষ্টেচনত মুখ-হাত ধুই আটায়ে চাহ খালো৷ দুজনমানে গা ধুলে৷ বাহিৰত বৰষুণ হৈয়ে আছে৷ মেঘে ঢাকি থকা ডাৱৰীয়া আকাশ৷ ষ্টেচনত গুৱাহাটীৰ পৰা যোৱা অন্য ৫ জন ল’ৰা লগ পালো৷ তেওঁলোকো জুক’ ভেলীলৈ যাব৷ উপযাচি তেওঁলোকৰ সৈতে চিনাকি হ’লো৷ তেওঁলোক গুৱাহাটী মাউণ্টেনিং ক্লাৱৰ পৰা গৈছে৷ ইয়াৰ আগতেও তেওঁলোকৰ দুজন জুক’লৈ আহিছিল৷ তেওঁলোকৰ অভিজ্ঞতাৰ দুই-এটা কথা ক’লে৷ ১০ মিনিটমান কথা হৈ জুক’ত লগ পোৱাৰ আশাৰে তেওঁলোকৰ পৰা বিদায় ল’লো৷

এতিয়া আমি ইয়াৰ পৰা ক‘হিমা যাম৷ ডিমাপুৰৰ পৰা কহিমাৰ দূৰত্ব ৭৫ কিঃমিঃ৷ ৰাস্তা ঘাটৰ অৱস্থা শোচনীয়া বাবে এই দূৰত্ব যাবলৈ তিনিঘণ্টা লাগে৷ ষ্টেচনৰ বাহিৰতে টেক্সী আদি গাড়ী পোৱা যায়৷ আমি টেক্সী ল’বৰ বাবে ষ্টেচনৰ বাহিৰৰ টেক্সী ষ্টেণ্ডলৈ গলো৷ টেক্সী ষ্টেণ্ডত বহুতো দালাল থাকে৷ বহুতো টেক্সী ড্ৰাইভাৰে নাগামিজৰ বাহিৰে অন্য ভাষা নাজানে বাবে এই দালালবোৰে যাত্ৰী আৰু ড্ৰাইভাৰৰ মাজত মতবিনিময় কৰে৷ সম্ভৱ ইয়াৰ বাবে তেওঁলোকে কমিচন পায়৷ আমাৰ লগতো এনে হ’ল৷ কেইজনমান দালালে আমাক আগুৰি ধৰিলে ক’ত যাম, ক’লৈ যাম৷ আমাৰ গ্ৰুপটো ডাঙৰ হোৱা বাবে এখন গাড়ীতে যাব অসুবিধা৷ সকলো বন্দবস্ত কৰি দুখন Eco Sport ল’লো৷ এখনত সাতজনকৈ বহিব পাৰি৷ ভাড়া গাইপতি দুশ বিশ৷

নগা পাহাৰৰ একাবেঁকা পথৰে আমাৰ গাড়ী আগবাঢ়িছে৷ বাহিৰত বৰষুণ একেই৷ গাড়ীৰ খিৰিকী খুলি দিলেই বৰষুণৰ পানী ভিতৰলৈ চিটিকি আহে৷ খিৰিকী খুলি চালেহে কিবা এটা ভাল লাগে৷ তিতিলেও তিতিম ভাৱি মাজে মাজে খিৰিকী খুলি দিওঁ৷ এচাতি ঠাণ্ডা বতাহ সোমাই আহিল৷ খিৰিকী বাহিৰলৈ চালো, নতুন ঠাইৰ নতুন পৰিবেশ৷

ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া৷ বৰষুণৰ বাবে ৰাস্তাৰ মাজতে পানী জমা হৈছে৷ ৰাস্তাৰ এঠাইত গাড়ী ৰখাই পুৰী খালো এটায়ে৷ আমি খাই থকাৰ মাজতে হোটেল খনলৈ দুজনী আৰক্ষী সোমাই আহিল৷ দুয়োৰে দেহত যৌৱনৰ ভৰপক সময়৷ এক কথাত অপূৰ্ব সুন্দৰী৷

আকৌ যাত্ৰা৷ খিৰিকীৰে বাহিৰৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছো৷ কোনো দুখন ঠাইৰ ভৌগোলিক পৰিবেশৰ তাৰতম্যই জীৱন নিৰ্বাহত বহুল প্ৰভাৱ পেলায়৷ সেই জৈৱ্যৰ সন্ধানত ঢুকি পোৱা দূৰত্বলৈ দৃষ্টি এৰিছো৷ ক্ৰমান্বয়ে আমাৰ গাড়ী ওপৰলৈ গৈ আছে৷ ৰাস্তাৰ দাঁতিত নগা তিৰোতাই অস্থায়ী চাং সাজি আনাৰস বিক্ৰী কৰিছে৷ জনবসতি যথেষ্ট সেৰেঙা, চৌপাশে মাথো পাহাৰ আৰু পাহাৰ৷ পাহাৰীয়া একেবেঁকা পথৰে পাহাৰ, আকাশ আৰু মেঘৰ প্ৰাকৃতিক দৃশ্যই নান্দনিক ৰূপত ধৰা দিছে৷ আসঃ ইমান সুন্দৰ৷ এইবোৰ একো একোটা কবিতা, একোটা গান৷

ৰাস্তাৰ এঠাইত ভূমিস্খলন হৈ বোকাৰ তৰপ পৰিছে৷ এজন Yamaha RX100 ৰাস্তাত ফঁচি আছে৷ তাৰ মাজৰে আমাৰ গাড়ী পাৰ হৈ গ’ল৷ ৰাস্তাৰ এফালে নাগা পাহাৰ, আনফালে কলকল শব্দৰে বৈ থকা কোনো এক অনামী নদী৷

ক’হিমা পাওঁতে প্ৰায় ১২.৩০ হ’ল৷ ৰাস্তাত হোৱা ভূমিস্খলনৰ বাবে মূল পথ এৰি অন্য পথেৰে আহিব লগা হোৱা বাবে তিনি ঘণ্টাৰ ঠাইত ৫ ঘণ্টাতকৈও অধিক সময় লাগিল৷ গাড়ীৰ পৰা নামি ভাড়া দিবৰ সময়তে কেনা লাগিল৷ আগতে বন্দোবস্ত কৰা মতে ২২০ টকা ল’বলৈ তেওঁৰ অমান্তি, অন্য পথৰে আহিব লগা হোৱা বাবে অতিৰিক্ত আশী টকাকৈ এজনৰ মুঠ তিনিশ টকাকৈ লাগে৷ তৰ্ক কৰি সময় নষ্ট কৰাতকৈ তেওঁক তিনিশ টকাকৈ দিলো৷

আমাৰ ১৪ জনীয়া গ্ৰুপ টোৰ দুজন ভেলীলৈ নাযায়, তেওঁলোকক ক‘হিমাতে এৰি আমি জুক‘লৈ যাব ওলালো৷ জুক’ত কোনো সামগ্ৰী কিনিব নাপায় বাবে ক‘হিমাতে কিনিলো৷ ক’হিমা নাগালেণ্ডৰ ৰাজধানী৷ ডিমাপুৰতকৈ ৰাস্তা তুলনামূলক ভাৱে যথেষ্ট ভাল যদিও উন্নত বুলিব নোৱাৰি৷ পাহাৰবোৰত ঘন জনবসতি৷

ক‘হিমাৰ পৰা তিনিখন টেক্সী ভাড়াত লৈ আমি জুক‘লৈ ৰাওনা হ’লো৷ এখনত ৪ জনকৈ যাব পাৰি৷ বিশ্বামা ভিলেজলৈ দূৰত্ব ২৫ কিঃমিঃ, ভাড়া ১৮০০ আৰু তাৰ পৰা অলপ দূৰৰ জুক’ পইণ্টলৈ গ’লে ২০০০৷  জুক’ পইণ্টৰ পৰা ভেলীলৈ ১১+ কিঃমি খোজ কাঢ়িবই লাগিব, গতিকে অতিৰিক্তভাৱে ৭ কিঃমিঃ খোজ নাকাঢ়িবলৈ জুক’ পইণ্টলৈ টেক্সী লৈ যোৱাতো ঠিক কৰিলো৷ জুক’লৈ যোৱাৰ দুটা ৰাস্তা আছে৷ এটা জাখামা হৈ (Zakhama) আনটো বিশ্বামা ৰোড (Visweema)৷ আমি বিশ্বামা হৈ যাম৷ জাখামা হৈ কিছু দূৰত্ব কম যদিও এই পথ অতি থিয়, আৰু কষ্টসাধ্য৷ তুলনামূলকভাৱে সহজপথৰে যাবহে আমি প্ৰস্তুত ৷

কহিমাৰ পৰা অলপ গৈ ট্ৰেফিক জামত ফঁচিল৷ ৰাস্তাৰ এটা ফাল সম্পূৰ্ণ মুকলি যদিও কোনো এখন গাড়ীয়েও ট্ৰেফিক আইন উলংঘা কৰিব চেষ্টা নাই, আমাৰ মূলকত হোৱা হ’লে…? কিছু সময় পিছত জাম মুকলি হ’ল৷ গাড়ীৰ ড্ৰাইভাৰজনে হিন্দী-ইংৰাজী মিশ্ৰিত ভাষাত নাগালেণ্ড আৰু জুক’ ভেলীৰ বিষয়ে সাম্যক বিৱৰণ দি আছে৷ আচিনাকি ঠাই, চকুৰে নতুন নতুন পৰিবেশ আৱিষ্কাৰ কৰি গৈ আছো৷ খিৰিকীৰে দুৰৰ পাহাৰবোৰ দেখি৷ পাহাৰৰ মাজৰ অংশত মেঘবোৰে খেলি আছে৷ এক বৰ্ণনাতীত অতীৱ সুন্দৰ৷ প্ৰায় ২.২০ মানত জুক’ পইণ্ট পালো৷ পিছদিনা দেওবাৰ, নাগালেণ্ড বন্ধ৷ গতিকে আজিয়েই কাইলৈৰ বাবে টেক্সী বন্দোবস্ত কৰিলো৷ এতিয়া আমাৰ যাত্ৰা কৰিম জুক’লৈ, যি যাত্ৰাৰ বাবে বাটকুৰি বাই আহিছো৷

জুক’ ভেলী বহু দূৰ, বেছকেম্প বহু দূৰ
———————————–

আমাৰ ১২ জনীয়া দলটো লাহে লাহে আগবাঢ়িলো৷ ক্ৰমান্বয়ে ওপৰলৈ যোৱা শিলাময় আকোৱা-পকোৱা পথ৷ এতিয়ালৈ আমাৰ মোবাইলৰ পৰা নেটৱৰ্ক বিচ্ছিন্ন হোৱা নাই৷ হীৰকে ফেচবুকত লাইভ ভিডিও আছে, লাইভত ১২ টা যৌৱন প্ৰাণোঞ্চল হাঁহি৷ যোৱাৰ আগতে জুক’ ভেলীৰ বিষয়ে সাম্যক জ্ঞান লৈ গৈছিলো যদিও ৰাস্তা-পথ কেনে হ’ব তাৰ সম্পূৰ্ণ ধাৰণা নাছিল৷ অলপ দূৰ খোজ কাঢ়ি গৈ আমি ৰৈ দিব লগা হ’ল৷ ভূমিস্খলনৰ ফলত ৰাস্তাৰ ওপৰত ৫-১০ ইঞ্চিমানৰ বোকাৰ তৰপ৷ ১৫ ফুটমানলৈ এনেকুৱা৷ ৰাস্তা পাৰ হ’বলৈ এয়া গচকিবই লাগিব৷ অন্যথা বিকল্প নাই৷ মোৰ আগত কেইজনমানে তেনেকৈয়ে পাৰ হৈ গ’ল৷ ইমানেই বোকা যে জোতা সম্পূৰ্ণকৈ বুৰ যায়৷ উপায় নাই বাবে জোতা সোলোকাই হাতত লৈ পাৰ হ’লো৷ কিন্তু এয়া কি? মোৰ ভৰিত দেখোন এডাল জোক৷ আজিলৈ জোকে ধৰি পোৱা নাই, হাতৰ জোতা মাটিত দলিয়াই হাতৰে জোক এৰুৱালো৷ মোৰ দৰে বেলেগ দুই এজনকো জোকে ধৰিছে৷ ৰাস্তাৰ আৰম্ভণিতে এনে, পিছলৈ বা আৰু কেনে?

পাহাৰৰ পৰা নামি অহা সৰু সৰু নিজৰাৰ পানী ৰাস্তাৰ মাজৰে বৈ গৈছে৷ তেনে এটা সুতিত হাত ভৰিৰ বোকা ধুলো৷ খালী ভৰিৰে অকণমানো যাব নোৱাৰি, জোঙাল শিলবোৰে বিন্ধে৷ ৰাস্তাৰ এফালে ওখ নগা পাহাৰ, আনফালে হেজাৰ ফুট দ’, দূৰত আকৌ পাহাৰ৷ মেঘবোৰ তলত, আমি মেঘৰ ওপৰৰে গৈ আছো৷ যেন কোনো স্বপ্নৰ দেহলৈ যোৱা আমি স্বপ্নাতুৰ৷ মাজত ৰৈ ৰৈ ফটো উঠিলো, এইবোৰ স্মৃতি, লগতো ৰেষ্ট লোৱাও হয়৷ প্ৰায় দুঘণ্টা খোজ কঢ়াৰ পিছত অস্থায়ী ৰেষ্ট কেম্প এটা পালো৷ এই কেম্পবোৰ কোনোবাই ব্যক্তিগত সাজি উলিয়াইছে৷ ইচ্ছা কৰিলে ইয়াত ৰাতি থাকিবও পাৰি, তাত কিছু সময় ৰেষ্ট লৈ আমি পুনৰ ভেলীলৈ বুলি খোজ পেলালো৷ ইতিমধ্যে আমাৰ গ্ৰুপৰ দুজন আমাৰ বহু আগত গৈছিল৷ আমি লাহে লাহে গৈ থীকিলো৷ আমাৰ লগে লগে ভেলীলৈ যোৱা আৰু তাৰ পৰা নামি অহা বহুতো দল আমাৰ চকুত পৰিছিল৷ তেওঁলোকক সুধি জানিলো যে ভেলীলৈ আৰু প্ৰায় ৫-৬ ঘণ্টাৰ বাট৷ কিছুসময় খোজ কঢ়াৰ পিছত এটা ডাঙৰ নিজৰা পালো৷ পাহাৰৰ পৰা নামি অহা পানীৰ শব্দই পৰিবেশটো অধিক নৈসৰ্গিক কৰি তুলিছে৷ চৌপাশৰ সৌন্দৰ্যই আমাৰ ভাগৰ বহু পৰিমাণে কমাই ৰাখিছে৷ এতিয়া পাহাৰৰ মাজৰে এটা ঠেক আৰু থিয় খটখটিৰে আমি যাব লাগিব৷ আমাৰ দলৰ পিছ পৰা দুজন সদস্য আহি একেলগ হ’ল৷ আমি একেলগে খটখটিৰে যাত্ৰা কৰিলো৷ পথটো থিয় বাবে অলপ গৈয়ে ভাগৰ লাগিল৷ অলপ গৈ ৰওঁ, আকৌ যাওঁ৷ ইতিমধ্যে নগাপাহাৰত সন্ধ্যা নামিছে৷ পাহাৰৰ ওখ ওখ গছ আৰু জংঘলৰ বাহিৰে দেখিবলৈ একো নাই৷ এঘণ্টামান এনেকৈ যোৱাৰ পিছত আটাইবোৰ ভাগৰত লেবেজান হ’লো৷ আৰু কিমান দূৰ? এই ধাৰণা এজনৰো নাই, ইমান দূৰ্গম আৰু ইমান সময় খোজ কৰাৰ অভ্যাসো নাই৷ টৰ্চ, মোবাইল ফোনৰ পোহৰত সাৱধানে খুপি খুপি গৈ থাকিলো৷ অলপ সমতল ঠাই পাই তাত ৰখিলো৷ সম্ভৱ খটখটি শেষ৷ আমাৰ পিছে আৰু এটা গ্ৰুপ আহি আমাৰ লগ লাগিল৷ অচিনাকি পৰিবেশ আৰু এনে দূৰ্গম ঠাইত ধনতকৈ জনৰহে বেছি প্ৰয়োজন৷ তাতো গ্ৰুপটো অসমৰ৷ ভাল লাগিল৷ অলপ সময় তাত ৰেষ্ট লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলো৷ কিন্তু ই কি, পুনৰ খটখটি৷ “জুক’লৈ যে কিয় আহিছিলো, জীৱনৰ এটা চৰম ভুল সিদ্ধান্ত এয়া৷ এটায়ৰে মুখত এয়া স্বগতোক্তি৷” জুক’ ভেলী দেখাতকৈ যেন ঘৰলৈ ওলোটাতোহে যেন অধিক প্ৰাসংগিক হৈ পৰিছে৷ কি কম! ইমান দূৰ্গম আৰু কষ্টকৰ বুলি অলপো ধাৰণা নাছিল৷ ভেলীৰ অপৰূপ সৌন্দৰ্যৰ কথা মনত পেলাই মনত সাহস গোটাই লওঁ যদিও আগৰ ভয়ানক ষ্টেপবোৰে সাহসবোৰ সেমেকাই তোলে৷ এনেদৰে খোজ কাঢ়ি, খটখটি বগাই প্ৰায় ৭ বাজি ১৫ মিনিটত জুক’ ৰেষ্ট কেম্প পালো ৷ ৰেষ্ট কেম্প মানে ইয়াত মাথো বহিহে ৰেষ্ট ল’ব পাৰি৷ আমাৰ ৰাষ্টাৰ কাষত থকা জিৰণি চ’ৰাবোৰ যেনে, ঠিক তেনে এটা ঘৰ৷ আমি এটাইবোৰ তাত বহিলো৷ ভাগৰত গোটেইকেইটা লেবেজান৷ ইতিমধ্যে বৰষুণ কমিছিল৷ মেঘবোৰ নগাপাহাৰৰ বুকুলৈ নামি আহিছিল৷ এচাটি শীতল বতাহ বৈ আছে৷ ইয়াৰ পৰা জুক’ ভেলীৰ বেছ কেম্প আৰু তিনি ঘণ্টাৰ বাট৷ নিশাটো তাতেই থাকিম৷ ইতিমধ্যে ৰেষ্টকেম্পৰ এটা গ্ৰুপ আগৰে পৰা ৰেষ্ট লৈ আছিল৷ তেওঁলোকৰ দুজন আগতেও ইয়ালৈ আহিছে৷ এতিয়া মুঠতে আমি তিনিটা গ্ৰুপ একেলগ হ’লো, ২০জনতকৈও অধিক মানুহ৷  নিশা গভীৰ আৰু বতৰটো ডাৱৰীয়া বাবে ৰেষ্ট কেম্পটোতে ৰাতি কটাবৰ দুজনমানে প্ৰস্তাৱ দিলে৷ নিশা যিমানেই গভীৰ, শীত সিমানেই নামে, আৰু ইমান ঠাণ্ডা মোকাবিলা কৰিবলৈ কোনো প্ৰস্তুত হৈ যোৱা নাছিলো বাবে বেছকেম্পলৈ যোৱাটো ঠিক কৰিলো৷

আগতে ভেলীলৈ এবাৰ অহা অন্য গ্ৰুপৰ ল’ৰা কেইজনে সমস্ত গ্ৰুপৰ নেতৃত্ব ল’লে৷ আমি তেওঁলোকক অনুসৰণ কৰিলো৷ ১০ মিনিট মান খোজ কাঢ়িয়েই তেওঁলোক ৰৈ দিলে, আমিও ৰ’লো৷ সম্মুখত কোনো পথ নাই৷ ভূমিস্খলনে ৰাস্তাৰ চিন-মোকাম নোহোৱা কৰিছে৷ এতিয়া কি হ’ব? আটাইৰে ভাগৰত জৰ্জড়িত দেহ আৰু মনত এক অবুজ সংশয়৷ আগলৈ কি হয়, ৰাস্তা কেনে কাৰো ধাৰণা নাই৷ সাহস মাথোঁ এটাই যে আমি অকলে নাই৷ ইতিমধ্যে সমস্ত গ্ৰুপৰ নেতৃত্ব দিয়া ল’ৰা দুজনৰ পাহাৰৰ পৰা তললৈ নামি যেৱা লুংলুঙীয়া বাট এটাৰে নামি গ’ল৷ (সেইটো পথ হয়নে নহয়, তেওঁলোকো নিশ্চিত নহয়, সেইটোৰে যাব পাৰি নেকি চাৱলৈহে নামি গৈছিল )৷ আমাৰ গ্ৰুপৰ দুজনমানে আপত্তি কৰিলে, তাতকৈ ৰেষ্ট কেম্পতে ৰাতিটো কটাই দিওঁ৷ ঠাণ্ডা লাগিলে জুই ধৰিম৷ অলপ পোহৰ হ’লে ঘৰমূখী যাত্ৰা কৰিম, ভেলী বাই বাই আৰু৷ সকলোৰে মনত ভেলী চোৱাৰ উৎসাহবোৰ নিৰ্বাপিত হৈ গৈছে৷ ইয়াত অহাতো যেন বহুত ডাঙৰ ভুল সিদ্ধান্ত হৈছে সেয়া ক্ৰমশঃ দৃঢ় হৈ থাকিল৷ যি হয় হ’ব ভাৱি ৰেষ্ট কেম্পত নাথাকো কৈ আগলৈ গৈ থাকিলো৷ ৰাস্তা অতিশয় বেয়া, কেইটামান ষ্টেপ পাৰ হ’বলৈ প্ৰায় শোৱাৰ নিচিনাকৈহে পাৰ হ’ব লাগে৷ এনেদৰে অলপ সময় গৈ পাহাৰৰ লুংলুঙীয়া সমতল বাট এটাত আমি উঠিলো৷ ইয়াৰ পৰা আগলৈ আৰু এনেকুৱাই৷ আগৰ কোনোবা এজনে চিঞৰি ক’লে৷ যাহওক পাহাৰ ওখোৰা মোখোৰা বাটতকৈ এয়া কিছু সুবিধাজনক৷ পিঠিত ১২-১৫ কিঃগ্ৰা ওজনৰ বেগ আৰু প্ৰতিজনে হাতত টৰ্চ লৈ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰৰ লুংলুঙীয়া বাটৰে গৈ থাকিলো৷ দিনৰ ভাগত বৰষুণ হোৱা বাবে ৰাস্তাত বোকা আৰু ঠায়ে ঠায়ে পিছল৷ ৰাস্তাৰ বহল মাত্ৰা ১-২ ফুট৷ মাজে মাজে ইমান ঠেক যে একেলগে দুখন ভৰিও দিব নোৱাৰি৷ মৰনত শৰণ দি লাহে লাহে গৈ থাকিলো৷ বতাহৰ হোঁ-হোৱনি, তলৰ নিজৰাৰ শব্দ আৰু ভৰিৰ খোজৰ শব্দই এক অদ্ভুত ৰূপ লৈছে৷ ভাগৰৰ সমান্তৰালকৈ ভৰিৰ গাঠিত অলপ অলপ বিষ অনুভৱ হৈছে৷ মাজে অলপ ৰৈ ৰেষ্ট লওঁ৷ আসঃ কি কষ্টকৰ যাত্ৰা৷ ইতিমধ্যে আমাৰ গ্ৰুপটো বহু কেইটা সৰু গ্ৰুপত ভাগ গলো৷ কেনেকৈ গোটৰ পৰা বিচ্ছিন্ন হ’লো নাজানো, হয়তো ৰেষ্ট লোৱা সময়খিনিত বহুত আগবাঢ়ি গ’ল৷ এতিয়া আমাৰ গ্ৰুপত বাকী ৰ’লো মাত্ৰা ৫ জন৷ চিনু আগত, বিকাশ, মই, অজিত আৰু নৱ৷ পাহাৰৰ তলৰ পৰা পানীৰ শব্দ আৰু আমাৰ ভৰিৰ খপ-জপ শব্দৰ বাদে শুনিব একো নাই৷ আন্ধাৰত অন্ধ হৈ শুই পৰিছে নগা পাহাৰ, তৃণজাতীয় ঘাঁহৰ পাহাৰ যদিও মাজে মাজে থকা ওখ গছবোৰে দৈত্যৰ দৰে আমাক চাই আছে, যেন পৰিহাস কৰিছে৷ এনেকৈ প্ৰায় দুঘণ্টা মান খোজ কাঢ়িলো, বেছকেম্প পোৱাৰ কোনো নাম গোন্ধে নাই৷ আৰু কিমান দূৰ? এক অজান সংশয় আৰু অনিশ্চয়তাত ভাগৰবোৰ অধিক হৈছে৷ আমাৰ গোটৰ আগত যোৱাকেইজনক নাম কাঢ়ি চিঞৰো, তেওঁলোকে কিজানি পালেই৷ আটাইবোৰ একেলগে থাকিলে সাহস অকণ বাঢ়ে৷ তেওঁলোকে শুনিলে চিঞৰে আহি থাক, এটাই ৰাস্তা৷ নুশুনিলে আমি তিনি বেটাৰীৰ ডাঙৰ টৰ্চটোৰে আকাশত পোহৰ পেলাই সংকেত দিওঁ “আমি এই পিনে, তহঁত ক’ত”? তেওঁলোকেও অনুৰূপ ধৰণে সংকেত দিয়ে “আমি ইয়াত”৷ এনেদৰে কিমানবাৰ সংকেতৰ আদান প্ৰদান কৰিছো হিচাপ নাই৷ পাহাৰৰ দূৰৈত এটা অনুজ্বল পোহৰ দেখিছো, সম্ভৱ এইটোৱেই বেছকেম্প৷ হেৰাবলৈ ধৰা উৎসাহ খিনিক পুনৰ ধৰি নতুন উদ্যামৰে খোজ দিছো৷ কিন্তু নগা পাহাৰৰ কি পৰিহাস, ক্ৰমান্বয়ে বেছকেম্পৰ ওচৰ ওচৰ পাওঁ হ’লেই বেছকেম্পটো আকৌ নোহোৱা হৈ যায়, অলপ সময় পিছত দূৰত ধৰা দিয়ে৷ ভাগৰ আৰু যন্ত্ৰণাত একেবাৰে লেবেজান হৈ পৰিছো, অলপ মুকলি ঠাই পালে তাতেই থাকিম ৰাতিটো৷ বেছকেম্প বিচাৰি উলিয়াব নোৱাৰিম আৰু, হয়তো আমি পথ ভুলি কৰিলো৷ এতিয়া আমি গ্ৰুপৰ বাকী সদস্যক লগ পালেই হ’ল যেনিবা৷ বাকী সদস্যৰ নাম লৈ আকৌ চিঞৰো, নাই নুশুনে , পাহাৰত টৰ্চৰে সংকেত দিওঁ, নাই নেদেখে৷ ভয়টোৱে লাহে লাহে খং হৈ পৰিছে, তেওঁলোকে আমাক এৰি আগুৱাই যাব লাগে কিয়৷ পাহাৰীয়া পিছল ঠেক পথৰে আমি খুপি খুপি আগবাঢ়িছো৷ পথৰ মাজে মাজে পাহাৰৰ পৰা নামি অহা পানীয়ে পথটো বিচ্ছিন্ন কৰিছে৷ অতি সাৱধানে সেয়া পাৰ হ’ব লাগে, অন্যথা কিমান হাজাৰ ফুট তলত বাগৰি পৰিম ঠিক নাই৷ মোৰ পিছত থকা অজিতৰ জোতাযোৰ এনে পথৰ বাবে সুবিধাজনক নহয়, বাৰে বাৰে পিছল খায়৷ ভাগৰ আৰু সংশয়ৰে লাহে লাহে গৈ আছো আটাইকেইজন৷ প্ৰতিটো খোজ সাৱধানে দিবৰ বাবে আগৰজনে পিছৰ জনক সাৱধান কৰি দি গৈছে, ‘লাহে লাহে, আগত শিল আছে’ এইখিনি বহুত পিছল, শিল আছে’৷ জংঘলত ৰাতি খোজ কাঢ়াত এটা অদ্ভুত আৰু আচহুৱা অভিজ্ঞতা হ’ল টৰ্চৰ পোহৰত সম্মুখৰ মানুহজনক ১০-১২ ফুট ওখ প্ৰকাণ্ড অৱয়বৰ যেন দেখি, টৰ্চ বন্ধ কৰিলে আকৌ স্বাভাৱিক হৈ যায়৷ এক ৰোমাঞ্চকৰ, শ্বাসৰুদ্ধকৰ পৰিস্থিতি৷ আৰু কিমান দূৰ? গ্ৰুপৰ অন্য সদস্যক নাম কাঢ়ি আকৌ চিঞৰিলো, “এটাই ৰোড, আহি থাক৷” অলপ সময় গৈ থকাৰ পিছত পালো জুক‘ ভেলীৰ বেছকেম্প৷ তেতিয়া নিশাৰ ১১বাজি ১০ মিনিট৷ সঁচাকৈয়ে জুক‘ভেলী বহু দুৰ, বেছকেম্প বহু দূৰ৷

জুক’ভেলী-ভূস্বৰ্গ
————–

ৰাতিপুৱা ৪ বজা মানতেই সাৰ পালো৷ ভৰিত তীব্ৰ এটা বিষ অনুভৱ কৰিছো৷ অলপ সময় এনেই শুই থাকি লাহে লাহে উঠিলো৷ আমাৰ গ্ৰুপৰ এজনো উঠাই নাই৷ বেছকেম্পত প্ৰায় ৩০ জন মান ল’ৰা৷ কেইজনীমান ছোৱালীও আছে৷ ভৰিৰ বিষৰ বাবে ভালকৈ খোজ পেলাব পৰা নাই, লগৰ এজনৰ পৰা খুজি volini স্প্ৰে কৰিলো৷ লাহে লাহে বেছকেম্পৰ পৰা বাহিৰলৈ ওলাই আহি অবাক হৈ পৰিলো৷ আসঃ কি মনোৰম প্ৰাকৃতিক সৌন্দৰ্য৷ চৌপাশে মাথো সেউজীয়া আৰু সেউজীয়া৷ নিশা এন্ধাৰৰ বাবে একো দেখা পোৱা নাছিলো৷ মুখ-হাত ধুই বন্ধু কেইজনৰ সৈতে অলপ আগুৱাই গ’লো৷ ইয়াৰ পৰা ভেলীলৈ আৰু এঘণ্টাতকৈও বেছি সময় খোজ কাঢ়িব লাগে৷ ইমান যাবলৈ আমাৰ সময় নহ’ব, আজিয়েই ঘৰলৈ উভতিম লগতে শকতিও নাই৷ এনেই অলপ আগুৱাই গ’লো, ফটো উঠিলো৷ সেউজীয়াৰ মাজত এৰি দিলো নিজক, দূৰ দূৰলৈ কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া৷ সেউজীয়াৰ মাজে মাজে পাতবিহীন বনজুইত পোৰা গছ৷ শব্দৰে বৰ্ণনা কৰিব নোৱাৰা জুক‘ ভেলীৰ পৰিবেশ৷

জুক’ ভেলী – সঁচাকৈয়ে স্বৰ্গভূমি৷

আমি প্ৰায় ৯.৩০ বজাত ভেলী বেছকেম্পৰ উভতনি যাত্ৰা আৰম্ভ কৰিলো৷ ভেলীত উঠাতকৈ নামি অহাতো তুলনামূলক ভাৱে বহুত কম কষ্টকৰ৷ মোৰ ভৰিত বিষ হোৱা বাবে খটখটীত কিছু কষ্ট হৈছিল, সেয়া অন্য কথা৷ আমি প্ৰায় ৪ বাজি ৪০ মিনিটত নামনি আহি পালো৷ এতিয়া আমি ডিমাপুৰলৈ যাম, তাৰ পৰা ট্ৰেইনৰে গুৱাহাটী৷

বিদায় নাগালেণ্ড, বিদায় জুক’ ভেলী৷
—————————————————

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.