দাউ হুদুনি মেথাই: ৰাষ্ট্ৰীয়তাবাদী পক্ষপাতিত্ব (জগতসভালৈ যেতিয়া ভুল বাৰ্তা যায়) – ননী টেৰণ

দাউ হুদুনি মেথাই: ৰাষ্ট্ৰীয়তাবাদী পক্ষপাতিত্ব  (জগতসভালৈ যেতিয়া ভুল বাৰ্তা যায়) –  ননী টেৰণ

দাউ হুদুনি মেথাই: ৰাষ্ট্ৰীয়তাবাদী পক্ষপাতিত্ব (জগতসভালৈ যেতিয়া ভুল বাৰ্তা যায়) – ননী টেৰণ

by September 17, 2017 0 comments

দাউ হুদু নি মেথাই: জগত সভালৈ যেতিয়া ভুল বাৰ্তা যায় আৰু ৰাষ্ট্ৰীয়তাবাদী পক্ষপাতিত্ব৷
“লেণ্ডস্কেপ অৱ মেনী মনু“ বুলি ফিনলেণ্ডৰ ধুনীয়া চলচ্চিত্ৰ এখনি এৰি বড়োভাষাত নিৰ্মিত চলচ্চিত্ৰ এখন চাবলৈ ওলালো৷ বিশিষ্ট গল্পকাৰ ৰশ্মিৰেখা বৰাৰ এটি গল্প ৰূপান্তৰ এই বড়ো চলচ্চিত্ৰ “দাউ হুদুনি মেথাই“৷ চলচ্চিত্ৰখনৰ পৰিচালক হ’ল মঞ্জু বৰা৷ মঞ্জু বৰাই ইতিমধ্যে বহুকেইখন বিভিন্ন জনগোষ্ঠীয় আৰু অসমীয়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে৷ তেওঁৰ দ্বাৰাই নিৰ্মিত “জয়মতী“ এই স্থানতেই একে থিয়েটাৰতে; একেই চলচ্চিত্ৰ মহোৎসৱত চাইছিলো৷ কিন্তু ভীষণ হতাশ হৈ ১০ মিনিট চাই ওলাই আহিব লগাত পৰিছিলো৷ এই বড়ো চলচ্চিত্ৰখনত কিন্তু চলচ্চিত্ৰীয় উত্তোৰণৰ আশা কৰি গৈছিলো যদিও স্তম্ভিত হৈ পৰিলো৷ সম্পূৰ্ণ এটা ভুল চলচ্চিত্ৰীয় ব্যাকৰণৰ দ্বাৰা ভুল বাৰ্তা বাহিৰৰ পৃথিৱীলৈ প্ৰেৰণ কৰি থকা হৈছে চলচ্চিত্ৰখনত৷ বহু সময় ৰ্ধৈয্য ধৰি এটা বিশিষ্ট সুন্দৰ গল্পৰ এনে নিধনযজ্ঞ চাই থাকিলো শেষলৈকে৷ সমগ্ৰ প্ৰক্ৰিয়াটোত বড়ো জনগোষ্ঠীক একপ্ৰকাৰ আধিপত্যবাদী পুতৌৰ দ্বাৰা ভুলকৈ চলচ্চিত্ৰত উপস্থাপন কৰা হৈছে আৰু যাৰ বাবে অসমৰ বাহিৰৰ দৰ্শকে ভুল ধাৰণা কৰাটো স্বাভাৱিক৷ কাৰণ আমি বুজিব লাগিব আমি চলচ্চিত্ৰ এক প্ৰভাৱশালী দৃশ্যশ্ৰাব্য মাধ্যম তথা দৃশ্যৰ দ্বাৰা যি উপস্থপন কৰা হ’ল সেয়া দৰ্শকৰ ওপৰত পোনপটীয়াকৈ আৰোপ হয়৷ চলচ্চিত্ৰখন চোৱাৰ আগতে আমি মূল গল্পটো পঢ়া নাছিলো৷ সেইবাবে চলচ্চিত্ৰখন অতিমাত্ৰা দুৰ্বল চিত্ৰনাট্য, চলচ্চিত্ৰ ব্যাকৰণৰ নিষ্ফল প্ৰয়োগ, এই বিলাকৰ ওপৰত মাধমাৰ দৰে বিৰক্তিকৰ আৱহ সংগীত, অসংলগ্ন কাহিনী-বিন্যাস আদি সকলোৰে প্ৰভাৱত চলচ্চিত্ৰৰখন কোনোপধ্যে বুজি পোৱা নগ’ল৷ গতিকে চলচ্চিত্ৰখন চোৱাৰ পিছত যেতিয়া মূল গল্পটো পঢ়িলো, তেতিয়া আৰু হতভম্ভ হৈ পৰিলো৷ এয়া যে চলচ্চিত্ৰ নহয়, বৰং অতি সচেতনভাৱে কৰা ৰাজনৈতিক ড্ৰামা তথা চতুৰালিৰে কৰা একপ্ৰকাৰৰ আপোচ৷ ফলাফল হিচাপে ৰাষ্ট্ৰযন্ত্ৰ সন্তোষিত হোৱাটো স্বাভাৱিক৷ আমি যেতিয়া পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰসমূহ চাওঁ, সেইসমূহত বহুবোৰ উপাদানৰ উপৰি এটা উপাদান থাকে৷ সেয়া হ’ল “Guts“ অৰ্থাৎ সৎ সাহস তথা আন এটি অতি প্ৰয়োজনীয় উপাদান, যিটো নহ’লে আন কোনো শিল্পই নহয়৷ সেইটো হ’ল সবাৰে ওপৰত “HONESTY“; মানে সততা৷

“দাউ হুদুনিৰ গান“ত এই দুটি উপাদানৰ অভাৱ ঘটিছে আৰু এই কথাটো অতি দুখবোধৰে স্বীকাৰ কৰিব লগাত পৰিছো৷
“দাউ হুদুনি গান“ৰশ্মিৰেখাৰ বৰাৰ এটা অন্যতম বিশিষ্ট অনুপম গল্প৷ ইয়াৰ গঠন, বিষয় বস্তুৰ ফালৰ পৰা গল্পটো পাঠ এক অনন্য অনুভৱ, যেতিয়া ইয়াৰ নিজস্ব গতিয়ে আমাক পিছ পেলাই যায়, অনুফললুলিত ভিতৰৰ পৰা অহা আৱেগে গল্পটোৰ নেৰেটিভ আগবঢ়াই লৈ যায় আগা পিছা কৰি; অৰ্থাৎ তীব্ৰ বেগী গাড়ীত গৈ থাকোতে অকস্মাৎ ব্ৰেক মাৰি আমি পিছলৈ আহো৷ আকৌ আগবাঢ়ো অঁকোৱা পকোৱা পাহাৰীয়া পথেদি আৰু এক মৰমী ভাষা, স্থানীয় মিথ তথা বিভিন্ন মেটাফৰ, ৰং, গোন্ধৰে “দাউ হুদুৰ গান“ এটা অসমৰ অন্যতম গল্প হিচাপে পৰিচিত হ’বলৈ সক্ষম৷ “বাঁহ গাজৰ দৰে পূৰঠ গাভৰু আৰু পকা ধানৰ দৰে ডেকা“ এনে সুন্দৰ বাক্য গাঁথনিৰ স্থানীয় প্ৰতীকি ব্যঞ্জনাৰে ভৰপুৰ তথা সমাজৰ বাস্তৱ যি প্ৰয়োগ, স্থানীয় লোককাহিনীৰ দ্বাৰা গল্পটোক দিয়া ব্যাপ্তি, এই সকলোবোৰ গুণেৰে এটা চিনেমাটিক ভাৱে বাংময় গল্প৷ বিষয় বস্তু ফালৰ পৰা ই এটা উত্তৰ পূৰ্বাঞ্চলৰ অতি স্পৰ্শকাতৰ বিষয় বাছি লৈছে৷ সেয়া সৈছে উগ্ৰপন্থী সমস্যা আৰু আন এক পৰিৱেশত সাধাৰণ মানুহৰ জীৱনপ্ৰৱাহ৷ এনে বিষয় বস্তুৰে নিৰ্মিত এই গল্পটোৱে পটভূমি হিচাপে বাছি লৈছে বড়ো জনগোষ্ঠীৰ পৰিয়াল এটা আৰু তেওঁলোকৰ দৈনন্দিন জীৱন৷

এতিয়া আহো আমি কেনেকৈ এই গল্পটোৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰখনত সকলো ওলট-পালট ঘটিল৷ প্ৰথমেই মই ক’ব বিচাৰো চলচ্চিত্ৰ এখনত সাহিত্যৰ নিধন এই প্ৰথমেই হোৱা নাই৷ আগতেও বহু বাৰ হৈছে৷ আমি আগতে এই বিষয়ে আলোচনা কৰিছো৷ কিন্তু এতিয়া এই বিষয়ৰ মূল কথা এটা কব বিচাৰো যে পৃথিৱীৰ বহু গল্প উপন্যাসক চলচ্চিত্ৰ ৰূপান্তৰ কৰা হ’য়৷ এয়া এক স্বাভাৱিক কথা৷ এই সম্পৰ্কে নানা লেখা-মেলা ইতিমধ্যে প্ৰকাশ কৰা হৈছে৷ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰয়োজনত মূল গল্পৰ কিবা কিবি উপৰুৱা সৌধ সলনি কৰাটো দোষণীয় নহয়৷ তথা এটি গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰই ইয়াৰ গাঁঠন, সময়; চৰিত্ৰ ইত্যাদি সকলো সলাব পাৰে চলচ্চিত্ৰখনৰ প্ৰয়োজনত৷
কিন্তু এটা গল্পৰ মূল ভাৱ বা মূল বাৰ্তা; ইয়াক সলনি কৰিব পৰা নাযায়, যাক আমি গল্পটোৰ essence বুলি কওঁ৷ যাৰ বাবে গল্পটোৱে ইয়াৰ মূল ৰচকৰ আত্মাটো ধাৰণ কৰি ৰাখে আৰু ইয়াক আঁতৰাই দিলেই গল্পটো আৰু সেই ৰচকৰ হৈ নাথাকে৷ আৰু গল্পটোৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখন অৰ্থহীন হৈ পৰে৷ তেনেক্ষেত্ৰত আমাৰ প্ৰশ্ন আহে—- এনেদৰে সলাই পেলাই আন কি উদেশ্য পূৰণ কৰিব বিচৰা হৈছে নেকি? গল্পটোৰ যেতিয়া সত্তাটোৱে নাথাকিল ই স্বকীয় হোৱাৰ স্বাক্ষৰ বহন নকৰে৷ বৰং আমি ক’ব পাৰো বিশিষ্ট সাহিত্যৰ পিঠিত উঠি এয়া বৈতৰণী পাৰ হোৱা চেষ্টা৷ কোনো এটা গল্পৰ চলচ্চিত্ৰায়ন কৰি বিফল হোৱাটো দোষণীয় নহয় একেবাৰে৷ কিন্তু সচেতনভাৱে ব্যৱহাৰ কৰি আন কিবা যদি অভিপ্ৰায় পূৰণ কৰা, তেন্তে সেয়া অপৰাধ৷ প্ৰথম কথা, মোৰ বোধৰে পৰিচালক মঞ্জু বৰাই গল্পটোৰ নামৰ তাৎপৰ্যটোৱে বুজি নাপালে৷ গল্পটোৰ নাম আছিল “দাউ হুদুৰ গান“৷ গান আৰু কান্দোন দুটা অতি বেলেগ আৱেগ, অনুভূতিৰ প্ৰকাশ৷ গল্পকাৰে অতি সুন্দৰকৈ “গান“ শব্দটোৰ ব্যৱহাৰ কৰিছে৷ কাৰণ যেতিয়া দাউহুদুৱে কান্দে, তেনে গাঁৱলৈ মৃত্যু মাতি আনে বুলি বড়ো জনগোষ্ঠীৰ মাজত এটা জনবিশ্বাস আছে৷ কিন্তু যেতিয়া মৈৰালীয়ে দাউহুদুলৈ ৰূপান্তৰিত হৈছিল; তাই দেখিছিল গাঁৱখনৰ মানুহবোৰৰ বুকুত তাই বিচৰাধৰণে জুইকুৰা জ্বলিছিল৷ তাই ওপৰত হোৱা ৰাষ্ট্ৰযন্ত্ৰৰ বহতীয়া সৈনিকৰ মৰ্মান্তিক অত্যাচাৰ, যৌন নিৰ্যাতন, শোষণৰ পাছতো গাঁৱবাসীয়ে তাইক আঁচল পাতি আঁকোৱালি লবলৈ গৈছিল৷ এনে এক সুন্দৰ বৰ্ণনাৰে সমাপ্তি ঘটাৱা গল্পটোত দাউ হুদুৰূপী ৰৈমালীয়ে গান গাবলৈ সাহস কৰিছিল৷ কান্দি মৃত্যুক আনিবলৈ নহয়৷

কিন্তু চলচ্চিত্ৰখনত এটি বড়ো জনগোষ্ঠীৰ স্বাভাৱিক প্ৰজ্ঞাক অৱজ্ঞা কৰি বড়ো জনগোষ্ঠীক দোষী সাব্যস্ত কৰিছে৷ ৰৈমালীয়ে শেষত আত্মহত্যা কৰিছে(যিটো গল্পত নাই) আৰু তাইৰ প্ৰেমিক যুৱকজনে বড়ো জনগোষ্ঠীৰ হৈ জাতিৰ মুক্তিৰ বাবে এক হিংসাত্মক পথ লোৱাৰ বাবে দোষী সাব্যস্ত কৰিছে৷ আমি প্ৰথম মুকলি শ্বট দুটাত দেখো যে বড়ো উগ্ৰপন্থী যুৱকে গাঁৱত টহল দিছে আৰু তেওঁলোকে নিৰ্দয়ভাৱে নিজৰ জনগোষ্ঠীৰ লোককে নিষ্ঠুৰভাৱে হত্যা কৰিছে৷ এই পোনপটীয়া দুটা দৃশ্যই চলচ্চিত্ৰখনৰ পৰিৱেশ গঠন কৰি দিছে৷ যাৰ ফলত বাহিৰৰ দৰ্শকে এটা পৰিচিত মনত গঠন হৈ যায়৷ কিন্তু গল্পকাৰে যি ধৰণৰে ভাৰতীয় সৈন্যৰ অত্যাচাৰ, মহিলা ধৰ্ষণ আদি উল্লেখ কৰিছিল, সেইসমূহক দৃশ্যগতভাৱে চলচ্চিত্ৰখনিত উপস্থাপিত কৰা নহ’ল৷ গল্পকাৰে “সিহঁত“ বুলি এটা মেটাফৰ লৈছিল উগ্ৰপন্থী তথা ভাৰতীয় সেনাৰ সামগ্ৰিক অত্যাচাৰ তথা প্ৰকাশ কৰিছিল যে সাধাৰণ ৰাইজৰ উপস্থিতিত কেনেকৈ ই প্ৰভাৱ বিস্তাৰ কৰে৷ দুই শক্তিয়ে একীভূত ৰূপত সেই স্থানীয় গল্পৰ ভূতৰ ৰূপ লৈছিল তথা ৰৈমালীৰ কাৰণে ভাৰতীয় সেনা আছিল ’অপদেৱতা’; যেতিয়া তাই কয় মোক অপদেৱতাই পালে৷ চৰাই হ’ব বিচৰা ছোৱালিজনীয়ৰ ডেউকা পুৰি গ’ল৷ তথাপি তাই শেষত গান গাব বিচাৰে৷ গাওঁবাসীৰ মাজলৈ যাব বিচাৰে৷ কিন্তু চলচ্চিত্ৰখনত ভাৰতীয় সেনাৰ অত্যাচাৰৰ কোনো দৃশ্যায়ন দেখা নগ’ল৷ মাথোঁ তহল দিয়াৰ বাহিৰে৷ গল্পটোত বৰ্ণনা আছিল যে বুটজোতাৰ সংখ্যা আগতে আছিল এশ, এতিয়া হাজাৰ হ’ল৷ ৰৈমালীৰ শেষত যি ৰূপ, গাত দাৰে কাটি যোৱা ৰেপ আদিৰ ক্ষেত্ৰত ভাৰতীয় ভাৰতীয় সৈন্যৰ ভূমিকাৰ এটা চলচ্চিত্ৰ দৃশ্যায়নৰ অৱস্থিতি চলচ্চিত্ৰ ব্যাকৰণৰ বাবে গুৰুত্বপূৰ্ণ আছিল কিন্তু ইয়াক কৌশলগতভাৱে স্থাপিত কৰা নহ’ল৷

চলচ্চিত্ৰ আৰম্ভণিতে কিছু কথাৰে দৰ্শকক উত্তৰ-পূৰ্ৱাঞ্চলত উগ্ৰপন্থী অৱস্থাৰ কথা উল্লেখ কৰা হয়৷ তাত কোৱা হ’য় আলফা, এনডিএফবি, পিএলএ আদি উত্তৰ পূৰ্ৱাঞ্চলৰ উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে সাধাৰণ মানুহৰ জীৱন যে সহজ নহয় তাক জনোৱা হয়৷ ই এক ক্লিচে বাৰ্তা, যি সমগ্ৰ পৃথিৱীত এনেদৰেই কোৱা হয়৷ কিন্তু কথা হ’ল আলফা এনডিএফবি, এনএছচিএন আদি এই কথাবোৰ ইমান সৰল নহয়৷ এয়া উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসৰ অংশ আৰু এনেকৈ অতি সহজভাৱে সহজ বাৰ্তাৰ দ্বাৰা ইয়াক উলাই কৰিব পৰা নাযায়৷ এয়া উত্তৰ পূৰ্ৱাঞ্চলৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পটভূমিত এক অন্যতম উপাদান তথা কেৱল Evil হিচাপে স্থাপন কৰাৰ দ্বাৰা বা নস্যাৎ কৰা দৃষ্টিভংগীৰে কোনো শিল্প সাহিত্য আদিত এইসমূহক উপস্থাপন কৰিব পৰা নাযায়৷ উগ্ৰপন্থীৰ কাৰ্যকলাপৰ সন্দৰ্ভত মোৰ আলবেয়াৰ কেম্যুৰ ’ন্যায় নিষ্ঠা’ বুলি নাটকখনলৈ মনত পৰিছে৷ য’ত কেম্যুই উগ্ৰপন্থীসকলৰ মনৰ অভ্যন্তৰত প্ৰৱেশ কৰিছিল, তেওঁলোকৰ মনৰ অন্তদন্দ প্ৰকাশ কৰিছিল৷ ’দাউ হুদুৰ গান’ গল্পটোত ৰৈমালীৰ প্ৰেমিকৰ দ্বাৰা সেই অংশটোক অৱলোকন কৰা হৈছে৷ কিন্তু চলচ্চিত্ৰখন সকলোবোৰ মহতিয়াই লৈ যোৱা হৈছে৷ শেষত মেগন কছাৰীৰ এটা কবিতায়েও চলচ্চিত্ৰখনক উদ্ধাৰ কৰিব পৰা নাই৷ আমি বৰা, শৰ্মা, শইকীয়া, গোস্বামী, কলিতা আদিসকল যেতিয়া জনগোষ্ঠীসমূহৰ কোনো ক্ষেত্ৰত হাত দিবলৈ যাওঁ আমি সাৱধান হোৱা উচিত নতুবা প্ৰথমতেই ভাৱিচোৱা উচিত আমি সেই ক্ষেত্ৰত হাত দিব পৰাকে সক্ষম হয় নে নহয়? নহ’লে কথা হিতে বিপৰীতে অহিত হোৱাৰ সম্ভাৱনাই বেছি৷ বোধহয় যদি ইতিহাসলৈ চাওঁ, বিদেশী বিতাৰণৰ ছাত্ৰ আন্দোলন, আলফা আৰু জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী জনজাগৰণসমূহলৈকে চাওঁ, তেন্তে আমি দেখিম কেনেকৈ মূল সূতিৰ উচ্চ বৰ্ণৰ ব্ৰাহ্মণ্যবাদী শক্তিয়ে কেনেকৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ সেই ছাত্ৰ আন্দেলনৰ সময়ত অসমৰ প্ৰায়বোৰ জনগোষ্ঠী একেটা সংগঠনতেই আছিল৷ ইয়াৰ বিপৰীতে কিছু বামপন্থী আৰু জনগোষ্ঠীয় চেতনা সংপৃক্ত সংগঠনো উজ্জীৱিত হৈছিল৷ লাহে লাহে দেখা গ’ল দুয়োৰে পক্ষৰ পৰা কেনেকৈ জনগোষ্ঠীগত নেতাসমূহ লাহে লাহে আঁতৰি নিজা নিজা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ ললে৷ সেই একে ব্ৰাহ্মণ্যবাদী মূল ধাৰাটোৰ বাবেই এতিয়া আলি-হুছেইন সকলো ’অসমীয়া’ সমাজখনৰ পৰা ভাগ হ’ব লগা হৈছে, “হিন্দু“ আৰু “মুচলিম“ মেৰুকৰণ এটি ঘটিব লৈছে৷ সেই ব্ৰাহ্মণ্যবাদী শক্তিটোৰ ভূমিকাৰ বাটেই জাতিসত্ত্বা ৰাষ্ট্ৰীয় ব্ৰাহ্মণ্যবাদী পৰিচয়টোলৈ ঘূৰি গৈছে আৰু কিছুমান জনগোষ্ঠীয় নেতাই ৰাজনৈতিক সুবিধাবাদৰ বাবে এনে সোঁপন্থী বুৰ্জোৱা শক্তিৰ শৰণাপন্ন হৈছে৷ এয়া হ’ল ৰাতনৈতিক কথা৷ এতিয়া সাংস্কৃতিক ক্ষেত্ৰখনো যদি এনেধৰণৰে হস্তক্ষেপ কৰা হয়, তেনেহ’লে ই কোনোধৰণৰ সুফল নিদিব৷ বহু সাহিত্যিক, শিল্পী আদিৰ নৃগোষ্ঠীৰ জীৱন আদিক লৈ ৰোমাণ্টিচিজম দেখা যায়৷ কিন্তু সামাজিক জীৱনত এতিয়াও মূল সূঁতিৰ বৰ্ণবাদী অসমীয়া সমাজখনে আদিবাসী, বিভিন্ন জনগোষ্ঠীসমূহৰ সামাজিক আচাৰ ব্যৱহাৰত এতিয়া অচ্যুত কৰিয়ে ৰাখিছে৷ মূল সূতিৰ বৰ্ণবাদী অসমীয়া সমাজখনত এই নিম্নবৰ্গ তথা বিভিন্ন জনগোষ্ঠীসমূহ গলৰ অলংকাৰ হিচাপেহে উগ্ৰ জাতীয়তাবাদী শক্তিটোৱে বিচাৰে আৰু ইতিমধ্যে জাতীয়তাবাদী স্বৰূপটো দেখা গৈছে প্ৰবলভাৱে সোঁপন্থী অৱস্থান কৰা, ই ইয়াৰ নিজস্ব অৱস্থান লৈ লৈছে৷
এই সকলো ইতিহাস আছিল৷ কাৰ্বি, কোচ, বড়ো আদিয়ে নিজৰ পৰিচয় তথা এনে জনগোষ্ঠীৰ মাজৰ পৰা নিৰ্মীয়মান বুৰ্জোৱা ’অসমীয়া’ সত্তাৰ পৰা আঁতৰি গৈ নিজ সত্তা, জাতীয় পৰিচয় বাবে সংগ্ৰাম কৰাটো স্বাভাৱিক৷
অসমৰ সমাজখন প্ৰবলভাৱে ফেচিষ্ট তথা মৌলবাদী শক্তিসমূহৰ মাজত যেতিয়া সোমাই গৈছে তেতিয়াই ভিতৰচৰাৰ পৰা তলৰ পৰা সমাজখন তথা সকলো জাতি জনগোষ্ঠী গণতান্ত্ৰিক হোৱাটো অতি প্ৰয়োজনীয় কথা৷
গতিকে এই নৃতাত্বিক খেলখনত উত্তৰ পূৰ্ৱাঞ্চলৰ সম্পদৰ ওপৰত বৃহৎ পুঁজিপতি তথা কৰ্পৰেট সংস্থাসমূহৰ চকু আছে অৰু তথাকথিত ৰাজনৈতিক দালালি আৱশ্যাম্ভাৱী৷
এনে পৰিস্থিতিত ’দাউ হুদুনি মেথাই’ৰ ভূমিকা যদিও চাওঁ সেয়া নিৰুৎসাহজনক৷ বড়ো জনগোষ্ঠীৰ সেই দোষ, হেঁপাহ, ভালপোৱা, সমাজ জীৱন আদিক গল্পটোত যেনেকৈ আন্তৰিকভাৱে, অতি সংবেদনশীলতাৰে প্ৰকাশ কৰা হৈছিল, চলচ্চিত্ৰখনত পৰিচালক মঞ্জু বৰাই গল্পটোৰ essence হুবহু ফুটাই তোলাত বিফল হৈছিল৷ তেখেতে ৰাষ্ট্ৰীয় বৃহৎ বুৰ্জোৱাৰ পক্ষ লৈ এটা আপোচমুলক অৱস্থান গ্ৰহণ কৰিছে আৰু অসমীয়া হিচাপে এটা আধিপত্যবাদী মনোভাৱৰ সাংস্কৃতিক আধিপত্য কৰিব বিচাৰিছে তথা চলচ্চিত্ৰখন তথা চিনেমাখন “বড়ো CRIME AND PUNISHMENT“ হিচাপে উপস্থাপন হ’লগৈ৷ কথাটো এনে নহ’য় যে এনে চলচ্চিত্ৰকাৰে যিকোনো বিষয় লৈ বা অসমৰ যিকোনো জনগোষ্ঠীক লৈ চিনেমা কৰিব নালাগে৷ মূল কথাটো হল এই প্ৰচেষ্টাটোত চলচ্চিত্ৰখনে কিমান আন্তৰিকতা তথা মজ্জাগত ভাৱে সেই জনগোষ্ঠীৰ জীৱন প্ৰৱাহক গ্ৰহণ কৰিব পাৰিছে৷ বহু বছৰ পূৰ্ৱেই চাৰ্গে পাৰাজানভৰ চলচ্চিত্ৰ চাইছিলো৷ পাৰাজানভৰ চলচ্চিত্ৰ চোৱাৰ পাছতেই ভীষণ আনন্দত অভিভূত হৈ হতাশাগ্ৰস্তও হ’ব লগাত পৰিছিলো৷ কিয়নো তেওঁৰ চলচ্চিত্ৰৰ পৰাই এইটো বুজিছিলো যে বাহিৰৰ পৰা কোনো এক জীৱন প্ৰৱাহ সাংস্কৃতিক আচাৰ ব্যৱহাৰ আদি মজ্জাগত নোহোৱাকৈ তথা হৃদয়ত ধাৰণ নকৰালৈকে সেই জনগোষ্ঠীক লৈ তথা সেই ভৌগোলিক পৰিৱেশক লৈ চলচ্চিত্ৰ কৰাটো অতি দুৰূহ কাম৷ কিমান সফল হ’ব পৰা যায় সেয়া কব পৰা নাযায়৷ হয়তো কেতিয়াবা এশ শতাংশই চুব পৰা নাযায়গৈ৷ আধিপত্যবাদী কথাটোৰ উদাহৰণ হ’ল যদি আমি জেমছ বণ্ড বা কিছু হলিউডৰ চিনেমা চাওঁ, তেন্তে আমি দেখো তেওঁলোকৰ নায়কসকলে তৃতীয় বিশ্বৰ দেশসমূহলৈ আহি ইয়াৰ আইন কানুন একো নামানে৷ গাড়ী অনুসৰনৰ দৃশ্যত ৰাস্তা-ঘাট টহিলং কৰে৷ এটা উপৰুৱা দৃষ্টিৰে অৱলোকন কৰে তথা এইবোৰ দেশৰ ওপৰত ঔপনিৱেশিকতাবাদী পুতৌ প্ৰকাশ কৰে৷ এনে অধিপত্যবাদী উচাত্মিকা ভাৱৰ বিপৰীতে আমি দেখো ভাৰতীয় বলীউডী নায়ক-নায়িকাই ইউৰোপৰ ধুনীয়া চহৰসমূহৰ ৰাস্তা-ঘাটত নাচি-বাগি গান গায়, এনে প্ৰচেষ্টাৰে একধৰণৰ ভাৰতীয় বুৰ্জোৱাৰ নীচাত্মিকতা, হীনম্যন্যতা চলচ্চিত্ৰসমূহত উপস্থাপিত হয় তথা গোলামীৰ প্ৰদৰ্শনকামিতাৰ দ্বাৰা নিজৰ দেশৰেই সাধাৰণ জনতাৰ শ্ৰেষ্ঠত্ব দাঙি ধৰাৰ প্ৰয়াস কৰাটোহে বিদ্যামান৷

মই ভাৱো পৰিচালক মঞ্জু বৰাই তেওঁৰ চলচ্চিত্ৰখনৰ বাবে গধুৰ বিষয়বস্তু বাছি লয় আৰু তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ মাজভাগত বাট হেৰুৱাই পেলায়৷ ’দাউ হুদু মেথাই’ৰ ক্ষেত্ৰত এনে পৰিণতিয়েই দেখা গৈছে৷ চলচ্চিত্ৰকাৰ হিচাপে যিটো ক্ৰাফট্ সম্পৰ্কীয় প্ৰজ্ঞা লাগে বা চলচ্চিত্ৰীয় সময়, কম্প’জিচন, এংগল, শ্বট ডিভিজন আদিৰ সম্পৰ্কে সম্যক জ্ঞানৰ প্ৰয়োজনীয়তা চলচ্চিত্ৰখনত প্ৰত্যক্ষ কৰিবলৈ বিফল হ’লো৷ পৃথিৱীৰ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰ তথা শব্দগ্ৰাহকজনক ভাৰালৈ আনি কামত লগালেও উদ্ধাৰ পাব পৰা নাযায়, যদিহে পৰিচালক হিচাপে নিজৰ ফ’কাচ তথা চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰজ্ঞা অটুট নাথাকে৷ এইখিনিতে কওঁ ’দাউ হুদুনি মেথাই’ৰ কেৱল ভাল লগা উপাদানটো হৈছে বিশিষ্ট চিনেমাট’গ্ৰাফাৰ সুবোধ পানচালৰ সুন্দৰ চিনেমাট’গ্ৰাফী৷ উত্তৰ পূৰ্ৱাঞ্চলৰ যি স্বাভাৱিক নৈসৰ্গিক সৌন্দৰ্যতাক তেওঁ সুন্দৰকৈ কেমেৰাত আৱদ্ধ কৰিছে৷ বিশেষকৈ আৱেলিৰ ৰঙত ধৰা পৰা ধাননি পথাৰ, ঘৰ-দুৱাৰ, সাজ-পোছাক ইত্যাদি৷

দুৰ্বল চিত্ৰনাট্য তথা সময়জ্ঞানৰ যি অভাৱ তাক আমি উদাহৰণটোৰ সৈতে চাওঁ – ৰৈমালী যেতিয়া স্থানীয় বজাৰলৈ আহে আমি দেখো গোটেই শ্বটটোত অযথা সময় নষ্ট কৰি অতিমাত্ৰা দীঘলীয়া কৰা হৈছে৷ পৰিচালক মঞ্জু বৰাই যে গল্পটো ভুলকৈ পঢ়িছে তাৰ প্ৰতিফলন ঘটিছে বজাৰৰ শ্বটটোতে৷ গল্পকাৰে যেতিয়া ৰৈমালী আৰু আনবোৰ বড়ো ছোৱালিক বজাৰত ভাৰতীয় সেনাই চকু দিয়াৰ কথা কয় আমি দেখো চলচ্চিত্ৰখনত ওলোটাহে ঘটিছে৷ অৰ্থাৎ বড়ো উগ্ৰপন্থী কিছু সদস্যইহে তেওঁলোকৰ ওপৰত লোলুপ চকু দি আছে৷ গতিকে দলংখনৰ বিষ্ফোৰনৰ পিছত দৰ্শকৰ মনত এইটো স্পষ্ট নহয় যে ৰৈমালী, মাওনাওক আচলতে ধৰ্ষণ কোনে কৰিলে? কিন্তু গল্পকাৰে স্পষ্টভাৱে কৈ গৈছে ভাৰতীয় সৈন্যৰ এনে ভূমিকাৰ কথা৷

আমি জানো যে AFSPA কু আইন আদিকে ধৰি এনে অত্যাচাৰৰ বিৰুদ্ধে ইৰম শৰ্মিলাৰ সংগ্ৰাম পৰ্যন্ত বহু উদাহৰণ আছে৷ ইতিমধ্যে ধৰ্ষিতা হোৱাৰ পিছত আমি ৰৈমালীক নদীৰ পাৰলৈ যোৱা দেখো অতি বিৰক্তিকৰ দীঘলীয়া অযথা শ্বট ডিভিজনত আৰু আৱহত শুনা যায় অতি বিৰক্তিকৰ সংগীত৷ এই চলচ্চিত্ৰখনত আৱহ সংগীত যেন SUSPENSE THRILLER এখনৰ সংগীতহে৷ বহু সময়ত ই বিৰক্তিকৰ৷ এই সংগীতে কোনো পধ্যেই বড়ো সমাজৰ আত্মাক প্ৰতিধ্বনিত কৰা নাই৷ বৰং চৰিত্ৰসমূহৰ ওপৰত হেঁচা মাৰি ধৰি দৰ্শকক অৱসাদগ্ৰস্থ পৰিস্থিতি এটালৈ লৈ যায়৷ ভাৱ হয় কেতিয়া শেষ হ’ব৷

’দাউ হুদুনি মেথাই’ বুলিয়ে নহয়, বহু অসমীয়া চলচ্চিত্ৰত দেখা যায় এটা অতি FUNNY, অথচ চলচ্চিত্ৰীয় অপৰিপক্বতা৷ সেয়া হল কেমেৰাৰ সন্মুখত যেতিয়া চৰিত্ৰবোৰে জানি নাজানি খুপি খুপি হিচাপ কৰি খোজ কাঢ়ে৷ ই অভিনেতা অভিনেত্ৰীসকলৰ সমস্যা নহয়৷ এনে বিসংগতি হ’ল পৰিচালকৰ চৰিত্ৰসমূহক চলচ্চিত্ৰৰ ফ্ৰেমত উপস্থাপনত চূড়ান্ত বিফলতা৷ ’দাউ হুদুনি মেথাই’টো তেনে দেখা গ’ল৷ চৰিত্ৰসমূহ যেন হিচাপ কৰি বতাহত ওপঙি খুপি খুপি খোজ দিছে বহুকেইটা দৃশ্যত৷ ৰৈমালীক একেটা এংগলত বাৰে বাৰে দেখুওৱা যন্ত্ৰণাৰ দৃশ্য এটা অতি ভুল চলচ্চিত্ৰীয় ব্যাকৰণৰ উদাহৰণ, কাৰণ ই কোনো উদ্দেশ্য পূৰণ কৰা নাই৷
আশা কৰিছো পৰিচালক মঞ্জু বৰাই চলচ্চিত্ৰ ক্ৰাফ’ট সম্পৰ্কত অলপ চিন্তা-চৰ্চা কৰিব৷ কাৰণ তেওঁ অসমৰ অন্যতম এগৰাকী ভাগ্যবান পৰিচালক, যি আজিলৈকে বহুকেইখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পুঁজিৰ যোগান পাই আছে৷ আনহাতে আন এটা অনুপম গল্পৰ এনে নিধনযজ্ঞ ঘটোতে গল্পটোৰ সৃষ্টিকৰ্তাৰ বিলৈ টিভি বাতৰিত ওলাইছিল৷ সেইটো হ’ল বিশিষ্ট গল্পকাৰ ইমৰাণ হুছেইন ডাঙৰীয়াৰ এটা অসাধাৰণ গল্প ’বাঁকৰ পুতেক’ৰ চলচ্চিত্ৰ ৰূপায়ন৷ এই গল্পটোত স্থানীয় মিথ, লোককথা আদি ব্যৱহাৰ কৰা হৈছিল৷ ’দাই হুদুনি মেথাই’টো দেখা গল চলচ্চিত্ৰখনিৰ পৰিচালকে গল্পটোৰ যি উচ্চখাপৰ দৃশ্যগত উপাদান আছে তাৰ প্ৰয়োগ কৰাত বিফল৷ যেনেকৈ ৰৈমালী দুখন পাখীৰ সৈতে বা দুখন বিশাল দেউকাৰ সৈতে এটি চৰাইলৈ ৰূপান্তৰ আদি অতি উচ্চখাপৰ VFX ব্যৱহাৰৰ সুযোগ আছিল সেই দৃশ্যসমূহ নিৰ্মাণৰ ক্ষেত্ৰত৷ একে কথা খাতে বাঁকৰ পুতেকৰ চলচ্চিত্ৰায়ণৰ ক্ষেত্ৰত৷ তাতো গল্পটোত থকা দৃশ্যগত উপাদান বোৰৰ প্ৰয়োগ দেখা নগল৷

মই বোধহ’য় টিভিৰ বাতৰিতে দেখিছিলো, গল্পকাৰ ইমৰাণ হুছেইনদেৱে গভীৰ দুখেৰে কৈছিল যে গল্পটোৰ চলচ্চিত্ৰীয় পৰিণতিৰ কথা৷ নিজৰ সকলো বিষাদ, দুখ, সৃষ্টিকৰ্তা হিচাপে বুকুৰ মাজত হেঁচি ধৰি ৰাখিছিল৷ কিন্তু একেই সংবেদনশীল গল্পকাৰ ৰশ্মিৰেখা বৰাই সেই ভৰ ল’ব পাৰিবনে তেওঁৰ গল্পটোৰ চলচ্চিত্ৰীয় ৰূপান্তৰণ চাই? চলচ্চিত্ৰ হিচাপে বিফল বুলি নহয়, চলচ্চিত্ৰ হিচাপে মূল গল্পটোৰ আত্মাক সলাই দিয়া হ’ল সেইটো প্ৰত্যক্ষ কৰি কেনে অনুভৱ হৈছে তেওঁহে কব পাৰিব৷
আশা ৰাখিছো অসমৰ নতুন প্ৰজন্মৰ সকলৰ মাজৰ পৰাও নতুন চলচ্চিত্ৰ পৰিচালক ওলাই আহিব আৰু বড়ো তথা মিছিং আদি জনগোষ্ঠীৰ জীৱন, সমাজ সংস্কৃতিক সঠিককৈ চলচ্চিত্ৰত উপস্থাপন কৰিব৷

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.