দৈনন্দিন – সুৰেশ কুমাৰ

দৈনন্দিন – সুৰেশ কুমাৰ

দৈনন্দিন – সুৰেশ কুমাৰ

by September 17, 2017 0 comments

পাৰৰ মাংস মোৰ বৰ প্ৰিয়৷ ঘৰত তিনি-চাৰিযোৰ পোহনীয়া পাৰ থাকে৷ মাহে মাহে পোৱালি৷ পোৱালি মানেই পাৰৰ জোল৷ পাৰকেইযোৰ মাৰ সম্পত্তি৷ মাজে মাজে বিক্ৰী কৰি মাই মাহেকীয়া সঞ্চয়ৰ পইচাকেইটা উলিয়ায়৷ তথাপি পাৰ মাংসৰ মোহময় গোন্ধটোৱে প্ৰায় সঘনাই পাকঘৰটো আমোলমোলাই থাকে৷ মইহে পিছে গুৱাহাটীয়া হোৱাৰ পৰা খাবলৈ নোপোৱা হলো৷ ঘৰলৈ যোৱা দিনকেইটাত হয় পাৰ পোৱালি ডাঙৰ নহয়, নহয় কোনোবাদিনা মাই বাহৰ পৰা গধূলিৰ আগে আগে ধৰিব পাহৰে নাইবা কেতিয়াবা জ্ঞাতি কুটুম্বৰ ঘৰতেই কাৰোবাৰ মৃত্যু হয়৷ অশৌচ! আৰু গুৱাহাটীত? সকলো বস্তু পোৱা মহানগৰখনত পাৰ বাচি কুটি দিয়া বেপাৰী আজিলৈ লগ পোৱা নাই৷ গতিকে পাৰ খোৱা বন্ধ৷

এতিয়া আচল কথাটো শুনক৷ কেইমাহমানৰ আগৰ কথা৷ কেইবাদিনো লক্ষ্য কৰিলো এযোৰ পাৰই আমাৰ চৰকাৰী আবাস চৌহদৰ ইঘৰ সিঘৰৰ বেলকনিত ঘূৰি ফুৰে৷ অঘৰী পাৰ৷ মাজে মাজে মোৰ চতুৰ্থ মহলাৰ বেলকনিতো পৰেহি৷ সিহঁতৰ আচৰণ বিধি নিৰীক্ষণ কৰি বুজি পালো যে পাৰহালে বাহ পাতিব বিচাৰিছে৷ তথাপি কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিলো৷ পিছে এদিন দেখিলো মোৰ বিপৰীত দিশৰ মানুহ এঘৰৰ বেলকনিত পৰি থকা ডাঠ কাগজৰ বাকচ এটাত সোমাই পাৰহালে কিবা গহীন ধৰণৰ আলচ কৰিছে৷ ময়ো গহীন হলো৷ এটা সক্ৰিয় চিন্তা মোৰ মূৰত সোমাল৷ পাৰহালে সঁচাকৈয়ে এটা বাহৰ প্ৰয়োজন জৰুৰীভাবে অনুভৱ কৰিছে৷ ভাল বাহৰ অভাৱত বেচেৰাহঁতে কাগজৰ বাকচটোকে বাচি লৈছে৷ তাৰো ভৰসা নাই৷ গৃহস্থই কোনদিনা দলিয়াই পেলায় ঠিকনা নাই৷ গুৱাহাটীয়া মানুহ! মোৰ মনত মহৎ চিন্তা এটাই দোলা দি থাকিল৷ পাৰ দুটাক এটা বাহ সাজি দিব পৰা হলে! হয়তো সেই মহৎ চিন্তা লাহে লাহে মাৰ গ’লহেতেঁন৷ পিছে এদিন লক্ষ্য কৰিলো যাযাবৰী পাৰযুৰিৰ এটা মই নথকা যেন পাই কোঠাত সোমাইছে৷ হয়তো আবাসস্থলীৰ সন্ধান৷ এইবাৰ মই দৃঢ়প্ৰতিজ্ঞ হলো৷ পাৰহালক বাহ এটা যোগাৰ কৰি দিবই লাগিব৷ মহৎ চিন্তাটোৰ লগত আৰু এটা চিন্তা যোগ হ’ল৷ পাৰ মাংস খাবলৈ নোপোৱা মোৰ জিভাখন এইবাৰ লক্লকাই উঠিল৷ যদিহে পাৰহালক বাহ এটা সাজি দিব পাৰো, সিঁহতে মাহে মাহে পোৱালি দিব৷ আৰু মই ঘৰতে বহি বিনা পইচাই পাৰৰ জোল খাব পাৰিম৷ নিজকে অলপ বেপাৰী বেপাৰীও লাগিল৷ তথাপি ভাবি ললো মোৰ উদ্দেশ্য পাৰযুৰিৰ সংসাৰখন থানথিত্ লগোৱাহে৷ এদিন আপেলৰ বাকচ এটা কিনি আনি ভালদৰে দুৱাৰ খিৰিকি লগাই আটোমটোকাৰি বাহ এটা সাজি উলিয়ালো৷ পাৰহালে চাগে তাৰেই অপেক্ষাত আছিল৷ দুদিনমান পিছতে দুয়ো আহি বেলকনিত পাতি দিয়া বাহটোত সোমাল৷ ময়ো উচাহতে পোলাও খাবলৈ আনি থোৱা বাচমতি চাউল কেইটামান ছটিয়াই দিলো৷ লাহে লাহে সিঁহতে খেৰ-কুটা কোচাবলৈ আৰম্ভ কৰিলে৷ মোৰ মনত বেপাৰী অংকটোৱে ঘনকৈ খুন্দিয়াব ধৰিলে৷ মাজতে ঘৰলৈ যাওতে দুই এজনক কথাটো কলো৷ নকম নে? গুৱাহাটীত পাৰ পুহিছো৷ তাকো চাৰি মহলাত৷ লগৰ এজনে কলে-
: তোৰ কিন্তু ভাগ্য ফুলিছে দেই৷ কত মানুহে পাৰ পুহিও ৰাখিব নোৱাৰে, নামানে৷ তোৰ ঘৰত পাৰ উপযাচি আহি বাহ লৈছে৷ তোৰ দিন ভাললৈ আহিল, বুজিছ? ঘৰলৈ লক্ষ্মী আহিল৷
আন এজনৰ মন্তব্য-
: ভালেই দে৷ পাৰ খাবলৈ হলে খবৰ দিবি৷ মই কুটি বাচি দিম বাৰু৷
এইদৰে দিন গৈ আছে৷ আপেলৰ বাকচটোৰ ভিতৰখন বিবিধ তৰহৰ বস্তুৰে ভৰি পৰিল-গছৰ সৰু ডাল, ঝাড়ুৰ ছিগা অংশ, বাল্ব সংযোগী তাঁৰৰ টুকুৰা, পলিথিনৰ ফটা টুকুৰা ইত্যাদি৷ হওক তেও৷ সিহঁতৰ সংসাৰ, সিহঁতেই সজাই পৰাই লওক৷ লাহে লাহে শ্ৰীমতীয়ে চাউলৰ লগতে মুগ মচুৰ দালিৰেও আমাৰ গৃহলক্ষ্মীৰ আপ্যায়ন কৰিবলৈ আৰম্ভ কৰিলে৷ মই দিন গণি আছো, ক্ষণ চাই আছো – কোনদিনা সিহঁতৰ সংসাৰলৈ নতুন আলহী আহে৷ মানে কণীৰ কথা কৈছো৷ পিছে দিন গৈ আছে৷ পাৰহালে কণী নাপাৰেহে নাপাৰে৷ মানুহে কয় নহয় ধৈৰ্যৰ ফল মিঠা৷ ময়ো তাকেই আশা পালি বহি আছো৷ এনেতে এদিন মন কৰিলো পাৰযোৰ দুদিনমান এব্ছেণ্ট্৷ মোৰ বুকুখন ঢিপিংকৈ মাৰিলে৷ নাই৷ পিছৰ দুদিনমানো নাই৷ কিবা ডাঙৰ পৰীক্ষাত ফেইল মাৰা যেন অনুভৱ হ’ল৷ মোৰ সকলো জল্পনা কল্পনা চূৰমাৰ কৰি পাৰযোৰ কিয় ক’লৈ গুছি গ’ল বুজি নাপালো৷ এই হতাশাই ম্লান কৰি ৰখাৰ সময়তে এদিন আকৌ সিহঁত দুটা আহিল৷ শ্ৰীমতীয়ে আকৌ আগচাউল ছটিয়াই সিহঁতক আদৰিলে৷ মোৰ মনটো আকৌ ভাল লাগিবলৈ ধৰিলে৷ পিছে একেই কাহিনী৷ কণীও নাপাৰে, পোৱালিও নজগায়৷ এইবাৰ মোৰ খং উঠিল৷ আদেশ জাৰি কৰা হ’ল-
: আজিৰ পৰা ইহঁতক চাউল দালি একো নিদিবা৷ বাহত সোমাব আহিলেই খেদি দিবা৷ অকৃতজ্ঞ ক’ৰবাৰ৷
এদিন মোৰ বন্ধু মহলত প্ৰসংগটো ওলাল৷ কিয় পাৰ হালে কণী নাপাৰে? পোৱালি নিদিয়ে? এজনে বিশেষজ্ঞৰ দৰে উত্তৰ দিলে-
: ধেৎতেৰি! এইযোৰ পাৰই কিয় কণী পাৰিব? ইহঁত নিশ্চয় গাৱঁৰ পৰা খেদা খোৱা পাৰ৷
: খেদা খোৱা মানে?
: আৰে ভাই, আউটকাষ্ট্৷ গাঁৱত ইহঁতক লগৰবোৰে পাত্তা নিদিয়েতো!
: কিন্তু কিয়?
: ইহঁতহাল চাগে হ’ম’ আকৌ!
হ’ম’… … মানে সমকামী! হে প্ৰভু! এইহালেও মোক এনেদৰে ৰাম ঠগন দিব লাগেনে!

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.