পাৰা চাইকেলিষ্ট ৰাকেশ — (অসমৰ প্ৰথমজন কৃতীমান পাৰা চাইকেলিষ্ট)

পাৰা চাইকেলিষ্ট ৰাকেশ —   (অসমৰ প্ৰথমজন কৃতীমান পাৰা চাইকেলিষ্ট)

পাৰা চাইকেলিষ্ট ৰাকেশ — (অসমৰ প্ৰথমজন কৃতীমান পাৰা চাইকেলিষ্ট)

by September 17, 2017 0 comments

**কৃতিত্ব সদায় কাগজৰ চাৰ্টিফিকেটত নাথাকে৷ অনেক কথা কাহিনীটো থাকে যাৰ দ্বাৰা কোনো এগৰাকী ব্যক্তি কৃতীমান বুলি অভিহিত কৰিব পৰা যায়৷ জীৱনৰ সকলো প্ৰতিকুলতাক এক ইতিবাচক দিশলৈ লৈ যোৱা এক কৃতী যুৱকক সাহিত্যৰ ডট অৰ্গৰ পাঠকক চিনাকি কৰি দিবলৈ ওলাইছোঁ৷ তেখেতৰ মুখেৰেই শুনকচোন৷

ঈশ্বৰ আছেনে নাই নাজানো, কিন্তু এক পৰমশক্তি, যিয়ে এই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰি আছে, সৃষ্টি ধ্বংসক নিয়ন্ত্ৰণ কৰি আছে, সেই শক্তিৰ ওচৰত মই সদায় মূৰ দোৱাওঁ৷
সেই পৰমশক্তি,যাক আমি বিধাতা বুলি কওঁ,তেওঁ মোক মৃত্যুৰ দুৱাৰমুখৰ পৰা ওভতাই আনিছিল৷ মোক এক নতুন ৰূপত লৈ আনিছিল৷
এদিন মই উপলব্ধি কৰিলোঁ, ইয়াৰ আঁৰত নিশ্চয় কিবা এটা উদ্দেশ্য আছে৷ সেই মুহূৰ্ততে মোৰ মন মগজুত এক জ্ঞানজ্যোতিৰ জলক চাট মাৰি গ’ল৷
এয়া আছিল,ৰাকেশ বনিক নামৰ এক ব্যক্তিৰ কথা৷ হয়,কৈ গৈছিল ৰাকেশ পাৰা চাইকেলিষ্ট হোৱাৰ কাহিনী৷

আজি সেই ৰাকেশ বনিক নামৰ সাধাৰণ যুৱকজন এটা অনুষ্ঠানত পৰিণত হৈছে৷ তেওঁৰ কাহিনীয়ে
আমি খাৱন শোৱন মৈথুনত জীৱনৰ প্ৰতিপল দহন কৰি থকা লোকসকলৰ মনলৈ এবাৰ হ’লেও ভাবিবলৈ বাধ্য কৰে, ’এই জীৱন কিহৰ বাবে! ! মোৰ জীৱন, অকল মোৰেইনে? ’

এদিন দুপৰীয়া সাহিত্য ডট অৰ্গৰ ফালৰ পৰা তেওঁৰ স’তে যোগাযোগ কৰা হৈছিল৷

সাহিত্য ডট অৰ্গ: – শুভ দুপৰীয়া ৰাকেশ পাৰা চাইকেলিষ্ট, আমি সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আহিছোঁ৷

ৰাকেশ পাৰা চাইকেলিষ্ট: _ শুভ দূপৰীয়া৷ আজিৰ দুপৰীয়াটো নিশ্চয়কৈ এক উল্লেখযোগ্য দূপৰীয়া হব৷

সাহিত্য ডট অৰ্গ: -আপোনাৰ ব্যতিক্ৰমী জীৱনধাৰাই আমাৰ দৰে অনুৰাগীক বৰকৈ আকৰ্ষিত কৰে৷

ৰাকেশ পাৰা চাইকেলিষ্ট: – নথৈ আনন্দিত হৈছোঁ লগতে আপোনালৈ কৃতজ্ঞ হৈ ৰ’লোঁ৷

সাহিত্য ডট অৰ্গ: – কিছুমান ব্যক্তিগত কথা আপোনাক বিশেষ পাতনি নকৰাকৈ সুধিব বিচাৰিছোঁ৷ যিবোৰ, বহুজনৰ বাবে প্ৰেৰণাদায়ক হৈ ৰ’ব৷ কিয়নো আপোনাৰ ব্যক্তিগত কথাই ৰাজহুৱা ক্ষেত্ৰত এক ইতিবাচক তৰংগৰ সৃষ্টি কৰিব বুলি মোৰ বিশ্বাস৷

ৰাকেশ পাৰা চাইকেলিষ্ট: – নিশ্চয় সোধক৷

সাহিত্য ডট অৰ্গ: -প্ৰথমে আপোনাৰ ৰাকেশ পাৰা চাইকেলিষ্ট হোৱাৰ আগৰ জীৱনচোৱাৰ বিষয়ে সুধিব বিচাৰিছোঁ৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -মোৰ জন্ম উনৈশ ছিয়াশীচনৰ এক জানুৱাৰী তাৰিখে৷ জন্মস্থান হ’ল, কলিয়াবৰৰ আমবাগান নামৰ ঠাইত৷ এসময়ত মই গুৱাহাটীৰ ছয়মাইলৰ আই চি চি আই বেংকত চাকৰি কৰিছিলোঁ৷ কিন্তু দুহেজাৰ এঘাৰ চনত দেউতা দুৰ্ঘটনাত পতিত হোৱা বাবে মই দেউতাৰ ব্যৱসায় চম্ভালি লবলৈ ঘূৰি আহোঁ৷ নগাঁৱৰ কুঠৰী নামৰ ঠাইখিনিত আমাৰ এখন গহনালয় আছিল৷ যিটো সেই সময়ত ঠিকেঠাকে চলি আছিল৷

সাহিত্য ডট অৰ্গ: -কওক৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -এটা দিন আহিছিল৷ সেইদিনটো আছিল উনৈশ বাৰচনৰ এঘাৰ জুন৷ মই মটৰচাইকেল লৈ বিশ্বনাথ চাৰিআলিৰ মাহীৰ ঘৰলৈ গৈছিলোঁ৷ ধলাইবিল নামৰ ঠাইখিনিত মোৰ বাইকখন বিপৰীত দিশৰ পৰা তীব্ৰবেগত অহা এক টাটা ইণ্ডিগ’ৰ স’তে দুৰ্ঘটনাত পতিত হয়৷ ফলত মই বৰ বেয়াকৈ আঘাত প্ৰাপ্ত হওঁ৷ মই উফৰি অজ্ঞান হৈ পৰি থকা দেখি অনেকে মৰিলোঁ বুলি ভাবিছিল৷ তেনেতে এগৰাকী মহিলাই মোৰ মূখত পানী দি সংজ্ঞা ঘূৰাই আনে৷

মোৰ শৰীৰত মাল্টিপল ইনজুৰী আছিল, সেয়ে তেজপুৰৰ হস্পিটেলত চিকিৎসা কৰিব নোৱাৰি গুৱাহাটীলৈ ৰেফাৰ কৰে৷ গুৱাহাটীত জি এন আৰ চিত মই ন দিন থাকোঁ৷ তাত গম পোৱা হ’ল যে মোৰ ভৰি কাটিব লাগিব৷ মোৰ হাতো ভাঙি গৈছে৷ লাংচতো গাড়ীৰ কিবা ভগা টুকুৰা সোমাই ফুটা হৈছে৷
অধিক বিলম্ব নকৰি ঘৰৰ মানুহে আৰু শুভাকাংক্ষীৰ কথামতে চেন্নাইলৈ লৈ যায়৷ তাত মোৰ সোভৰিখন কাটে আৰু ইখন ভৰি আৰু হাতত অপাৰেচন কৰি টাইটেনিয়াম ৰদ লগায়৷
(কিছু নীৰৱতা)

সাহিত্য ডট অৰ্গ: -কবলৈ দিগদাৰ পাইছে নেকি?

ৰাকেশ পাৰা চাইকেলিষ্ট: – নাই মানে, এই কথাবোৰ হাজাৰবাৰ ক’ব লগীয়া হৈছে যে৷

সাহিত্য ডট অৰ্গ: -আৰেমেৰে কৈ যাওক৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -হয়, তাৰ পিছত মোক গুৱাহাটীলৈ অনা হ’ল৷ আমিন গাঁওস্থিত তোলাৰাম বাফনা হস্পিটেল ট্ৰাষ্টে এখন কৃটিম ভৰি লগাই দিয়ে৷ এটা সময়ত মই ঘৰলৈ ঘূৰি আহিলোঁ৷ কিছুমান আনুষংগিক সমস্যাই দেখাদিছিল৷ বিশেষকৈ  ভাবে সমস্যা হ’ল,  মোৰ এখন ভৰি নাই, গতিকে তেজ চলাচলৰ যিটোগতি মানে এফালে গৈ আনফালেৰে ঘূৰি অহা সেইটোত বিসংগতি হ’ল৷ মোৰ ষ্টাম্পত অনবৰতে অসহ্য জ্বলাপোৰা অনুভূতি হৈ থকা হ’ল৷ যাৰ ফলত মই শুব নোৱাৰিছিলোঁ৷
মানসিকভাবে ডিপ্ৰেছন হ’ল, মোৰ মনটোৱে মানি লোৱা নাছিল যে মোৰ এখন ভৰি নাই৷ ঠাইতে আবদ্ধ হৈ থাকিব লগা কথায়ো মোক অস্থিৰ কৰি তুলিছিল৷ তদুপৰি সেই সময়ত ঘৰুৱা আৰ্থিক অৱস্থা বৰ নাজল নাথল হৈছিল৷ আনকি মোৰ বাবে এখন হুইল চেয়াৰ কিনিব পইচাৰ নাটনি হৈছিল৷ অলপ বিচাৰ খোচাৰ কৰিও নিৰাশ হবলগীয়া অৱস্থা হৈছিল৷
সকলোখিনি মিলি মোৰ টোপনি নহা হৈছিল৷ উপায় নাপাই মই টোপনি আহিবলৈ ড্ৰিংক কৰিব ল’লোঁ৷ এদিন কিবাকৈ ভাল ভৰিখনত ভৰ দি ফেনত ওলমিবলৈ লৈছিলোঁ৷ কিন্তু ফেনৰ ব্লেডৰ কিবা বিসংগতি লাগি বেয়াকৈ পৰি গ’লোঁ যে মই আৰু উঠিব নোৱাৰিলোঁ৷
কিন্তু মই এতিয়া ভাবোঁ,সেই পৰি যোৱাটোতেই মোৰ উত্তৰণৰ আৰম্ভণি আছিল৷ মনত ভাব আহিল,মই ইমানবোৰ ঘটনা,দুৰ্ঘটনাৰ পিছতো নমৰিলোঁ,তাৰমানে মই জীয়াই থাকিব লাগিব৷
মই দোকানলৈ যোৱাৰ ব্যৱস্থা কৰিলোঁ৷

সাহিত্য ডট অৰ্গ: -সুন্দৰ!

ৰাকেশ পাৰা চাইকেলিষ্ট: -মোৰ খুৰাৰ ছোৱালীৰ এখন লেডীবাৰ্ড চাইকেল আছিল৷ মই মোৰ কৃটিম ভৰিখন এনেকুৱাকৈ সজাই ল’লোঁ যাতে মই চাইকেল চলাব পাৰোঁ৷ সকলোৱে বাধা দিছিল৷ কাৰণ মই অসংখ্যবাৰ পৰিছিলোঁ৷ মানুহে আঁচলতে ভাবিছিল যি অলপ আনখন ভৰিয়ে কাম কৰি আছে, সেয়াও যাব৷ মুঠতে সবফালেই নেতিবাচক কথা৷

সাহিত্য ডট অৰ্গ: – কৈ যাওক৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -মই নিশা চেষ্টা কৰিলোঁ৷ নিশা দুইবজাত মোক বাধা দিবলৈ কোনো নাথাকে৷ অলেখবাৰ পৰিছোঁ, উঠিছোঁ৷ তেনেকৈ ক্ৰমে এশ মিটাৰ তাৰ পিছত আৰু অলপ__!
ৰাতি ৰাতি প্ৰচেষ্টা অব্যাহত থাকিল৷ মোৰ সকলো সময়ৰ প্ৰিয় পুথি হ’ল, শিব খেৰাৰ You Can Win…মনতে আওৰালোঁ__মই নিয়তিৰ ওচৰত জিকিবই লাগিব৷

সাহিত্য ডট অৰ্গ: -সুন্দৰ!

ৰাকেশ পাৰা চাইকেলিষ্ট: -সেইদিনটো আহিল৷ বন্ধু বৰ্গৰ কথামতে ডিচেম্বৰ দুহেজাৰ তেৰ চনত ফেচবুকৰ এটা একাউণ্ট খোলোঁ৷ তাতে মই ডিজেবল অৰ্থাৎ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ ভাষাত দিব্যাংগসকলৰ ফেচবুক গ্ৰূপ THE CHALLENGING ONE ত অন্তৰ্ভুক্ত হওঁ৷ মোক আশ্চৰ্যচকিত কৰি তেওঁলোকে কি কি অসাধ্যসাধন কৰি আছে অবগত হওঁ৷

সাহিত্য ডট অৰ্গ: – সেইবাবেই ইংৰাজীতো আজিকালি ডিজেবল শব্দটো ব্যৱহাৰ নকৰি ডিফাৰেণ্টলি এব’ল অথবা স্পেচিয়েল শব্দৰ প্ৰয়োগ কৰা হয়৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -হয়৷
সাহিত্য ডট অৰ্গ: -আমি নিশ্চয় এতিয়া ৰাকেশ বনিক, কেনেকৈ পাৰা চাইক্লিষ্ট হ’ল, সেই উত্তৰণৰ দিশটোৰ ফালে আগ বাঢ়িছোঁ?

ৰাকেশ পাৰা চাইকেলিষ্ট: -ঠিকেই৷ সেই সময়লৈকে ৰাকেশ বনিকক ৰাকেশ লেংৰা নাম এটাও বহুতে দিছিল৷

সাহিত্য ডট অৰ্গ: -কেতিয়াবা কি হয় জানেনে, হৃদয়ত বেয়াকৈ পোৱা আঘাতে মানুহক প্ৰতিকুলতাৰ বিপৰীতে যুঁজিবলৈ এক জেদ ভাব আনি দিয়ে৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -ঠিকেই ক’লে৷ মই দুহেজাৰপোন্ধৰ চনত মই হায়দৰাবাদলৈ এমাহৰ প্ৰফেচনেল ট্ৰেণিং লবৰ বাবে যাওঁ৷ আৰু কেইদিনমানৰ প্ৰশিক্ষণৰ পাছতেই চাইকেল চলাই পুণেৰ পৰা মুম্বাইলৈ যাওঁ৷ সেয়াও মাথোন ছব্বিছ ঘণ্টাৰ ভিতৰত৷

সাহিত্য ডট অৰ্গ: – সুন্দৰ৷

ৰাকেশ পাৰা চাইকেলিষ্ট: – তাৰ কিছুদিন পাছতেই আদিত্য ফাউণ্ডেচন, বি এছ এফ আৰু এন টি আৰ ট্ৰাষ্ট্ৰে অনুষ্ঠিত কৰা বাংগালুৰুৰ পৰা হায়দৰাবাদলৈ ’ ইনফিনিটী ৰাইড’ ৰেলীত প্ৰায় ছশ ত্ৰিচ কিলোমিটাৰ জোৰা পথ চাইকেলেৰে যাত্ৰা ক’ৰোঁ৷ আৰু সেয়াও মাত্ৰ ত্ৰিচ ঘণ্টাত৷ মই এই ৰেলীটোৰ পৰা সংগৃহীত মুঠধন বিশ্বৰ পাৰা এথলেটিকৰ নামত অফিচিয়েলি উৎসৰ্গা কৰিছিলোঁ৷

সাহিত্য ডট অৰ্গ: -অতি মহান কাম৷

ৰাকেশ পাৰা চাইকেলিষ্ট: – তাৰপাছত বলীউদৰ তাৰকাসকলৰ স’তে হায়দৰাবাদৰ পৰা ভিগনানলৈ, মানে পয়সত্তৰ কি: মি: জোৰা দৈৰ্ঘ্য্য্য চাইকেলেৰে অতিক্ৰম কৰিছিলোঁ৷

সাহিত্য ডট অৰ্গ: – জানি আনন্দ পাইছোঁ৷

ৰাকেশ পাৰা চাইকেলিষ্ট: – নিশ্চয়কৈ ময়ো তেওঁলোকৰ সংগ উপভোগ কৰিছিলোঁ৷ অসমলৈ আহি কলিয়াবৰৰ পৰা শ্বিলঙলৈ চাইকেলেৰে প্ৰায় পাঁচশ বিশ কিলোমিটাৰ উঠা-নমা বাট অহা-যোৱা কৰি অতিক্ৰম কৰিছিলোঁ৷ সেই পথত মই পিংকাথনৰ সহযোগিতাৰ বাবে বলিউদৰ মডেল, অভিনেতা মিলিন্দ সুমনৰ সৈতে ৰাইড কৰাৰ অভিজ্ঞতা আছে৷

সাহিত্য ডট অৰ্গ: -আপোনাক মই শলাগি তৰণি পোৱা নাই৷ আপুনি সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -অলপ বেছি হৈছে বাৰু! যিয়েই নহওক, জীৱনটোৱেই এক প্ৰেৰণা নহয় জানো?
এক চেলেঞ্জ৷ সেই যে মৃত্যুয়ে মোক এৰি গৈছিল, সেই মুহূৰ্তৰ পৰাই মই জীৱনটোক এক চেলেঞ্জ হিচাবে ল’লোঁ৷ কাক কেনেকৈ প্ৰেৰণা দিছোঁ নাজানো, কিন্তু বাকীদিনবোৰ দেশৰ, দহৰ বাবে উৎসৰ্গিত কৰিবলৈ বদ্ধ পৰিপক্বৰ হৈছোঁ৷

সাহিত্য ডট অৰ্গ: -অতি সাধু! অতি সাধু!

ৰাকেশ পাৰা চাইকেলিষ্ট: -মই অসমৰ বান ক্ষতি গ্ৰস্ত সকলৰ ৰ বাবে, যোৱাবছৰ আগষ্ট মাহৰ বিশ তাৰিখে এন আৰ এলৰ সহযোগিতাত নতুন দিল্লীৰ পৰা আৰম্ভ কৰা মোৰ ’Ride for Hope’ শীৰ্ষক এক চাইকেল ৰেলীৰে সেইবছৰেৰে পাঁচ চেপ্তেম্বৰত ২৫০০ কিলোমিটাৰযোৰা পোন্ধৰ দিনীয়া চাইকেল যাত্ৰাৰ নেহৰু ষ্টেডিয়ামত সামৰণি পেলাওঁ৷ সেই সামৰণি অনুষ্ঠানটো মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ ফালৰপৰা অনুষ্ঠিত কৰা হৈছিল৷ তাত মই বান ক্ষতিগ্ৰস্থ সকলৰ ৰ্থে মুখ্যমন্ত্ৰীৰ  পুঁজিলৈ মুঠ পঞ্চাশ হেজাৰ টকাৰ চেকএখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত তুলি দিওঁ৷

সাহিত্য ডট অৰ্গ: -আপো নাৰ প্ৰতিটো কথাই স্পেচিয়েল, প্ৰতিটো যাত্ৰাই অভূতপূৰ্ব, তথাপি এনে এটা যাত্ৰাৰ কথা কওকচোন যিটোৰ কথাই আপোনাৰ মনলৈ এক অদ্ভুদ অনুভূতি কঢ়িয়াই আনে?

ৰাকেশ পাৰা চাইকেলিষ্ট: -যোৱাবছৰ আগষ্ট মাহত মানালীৰ পৰা খাৰদুংলালৈ মুঠ পাঁচশ বিশ কিলোমিটাৰৰ যাত্ৰাটোক মই এক অন্য দৃষ্টিৰে চাওঁ৷ কাৰণ আপুনি সেইটো বিশ্বৰ আটাইতকৈ উচ্চতম স্থানত অৱস্থিত পথ৷ বছৰৰ সকলো সময়তে তাৰ উষ্ণতা শূন্য ডিগ্ৰীতকৈ তলত থাকে৷ তদুপৰি মই সকলো প্ৰতিকুলতা অতিক্ৰম কৰি সেই পথৰ শেষ বিন্দুত আমাৰ ৰঙাফুলৰ গামোচাৰ পতাকা উত্তোলন কৰাতো মোৰ বাবে অত্যন্ত গৌৰৱৰ কথা৷
সাহিত্য ডট অৰ্গ: -সঁচাকৈয়ে, আপুনি আমাৰ গৌৰৱ৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -আপোনালোকৰ শুভকামনাই মোৰ উদ্বীপনা৷

সাহিত্য ডট অৰ্গ: -আমাৰ সকলোৰে শুভকামনা সদায় আছে৷ নতুনকৈ কিবা পৰিকল্পনা?

ৰাকেশ পাৰা চাইকেলিষ্ট: -আপুনি জানে,পৃথিৱীৰ ভিতৰতে বিৰল প্ৰজাতিৰ এশিঙীয়া গঁড়ৰ মুল আবাস আৰু বিচৰণস্থলী অসমৰ কাজিৰঙা৷ আমাৰ গৌৰৱ৷ কিন্তু সততে হৈ থকা গঁড়হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ে আপুৰুগীয়া প্ৰাণীবিধৰ ভৱিষ্যতলৈ সংশয় মাতি আনিব৷ এই গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়িক কেন্দ্ৰ দক্ষিণ এচিয়াৰ দেশসমূহত অধিক হয়৷ গতিকে সেইবোৰ দেশত এই গঁড়হত্যা আৰু গঁড়ৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে নিজক চাইকেল সাজু কৰি আছোঁ৷

সাহিত্য ডট অৰ্গ: – অ,গ্ৰেট! কোনবোৰ দেশ সামৰি লব?

ৰাকেশ পাৰা চাইকেলিষ্ট: – চিংগাপুৰ, মালেচিয়া, থাইলেণ্ড, ম্যানমাৰ হৈ ভাৰত মানে গুৱাহাটীত সামৰণি পৰিব৷ এই সমগ্ৰ বাটচোৱা প্ৰায় ছয়হেজাৰ কি: মি: দৈৰ্ঘ্য্য্য সামৰি লব আৰু মই দুমাহত সম্পন্ন কৰিম৷

সাহিত্য ডট অৰ্গ: -সেয়া নিশ্চয় পৃথিৱীৰ পাৰা চাইকেলিষ্টৰ ইতিহাসত এক বিৰল সংযোজন হব!

ৰাকেশ পাৰা চাইকেলিষ্ট: -তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে৷
আপোনালোকৰ আশীৰ্বাদত মই মোৰ নাম গ্ৰীণিজ বুক অৱ ৰেকৰ্ডত সন্নিবিষ্ট কৰাৰ কথা মনস্থ কৰিছোঁ৷

সাহিত্য ডট অৰ্গ: -আমাৰ আশীৰ্বাদ আছে৷ আৰু কিবাকিবি আপোনাৰ কথা কওকচোন৷ যেনে ধৰা, এইদৰে চাইকেল চলাওতে তোমাৰ যথেষ্টখিনি  শক্তিৰ প্ৰয়োজন হয়, তাৰ বাবে বিশেষ খাদ্য তালিকা অনুসৰণ কৰানে?

ৰাকেশ পাৰা চাইকেলিষ্ট: -নিশ্চয়৷ সেইসম্পৰ্কত মোৰ ডায়েটিছিয়ানৰ নিৰ্দেশ অনুসৰণ ক’ৰোঁ৷

সাহিত্য ডট অৰ্গ: -সুন্দৰ৷ আপোনাৰ কাহিনীয়ে সকলোকে মটিভেট কৰিব, আপোনাক প্ৰকৃতাৰ্থত মটিভেটৰ বুলি ক’ব পৰা যায়৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -মই এইযে মোৰ কৃটিম ভৰিখনক ঢাকিবলৈ চেষ্টা নক’ৰোঁ, সেইটো মই বহুতেই লংপেণ্ট পিন্ধিব কোৱাৰ পিছতো মনা নাই৷
কাৰণ আপুনি চাওক, মই যেতিয়া কোনো এটা
ভিতৰুৱা অঞ্চলৰ মাজেৰে চাইকেল চলাই যাওঁ,তেতিয়া কোনোবা মোৰ নিচিনা সমস্যাত ভূগি থকা লোকৰ আত্মীয়স্বজন লগ পাওঁ৷ যি সকলে হয়তো কৃত্ৰিম ভৰি সংযোজনৰ কথাবোৰ গম নাপায়৷ তেতিয়া মই তেওঁলোকক কৃটিম ভৰি ক’ত কেনেকৈ লগাব পাৰি জনাওঁ আৰু উৎসাহিত ক’ৰোঁ৷

সাহিত্য ডট অৰ্গ: -অতি জৰুৰী পদক্ষেপ৷ আপোনাৰ নিজৰ বিষয়ে এবাৰ ফেচবুকত ষ্টেটাচ দিছিলা, তুমি জীৱনযুদ্ধৰ সেইজন সৈনিক, যিয়ে কেতিয়াও হাৰিবলৈ শিকা নাই৷

ৰাকেশ পাৰা চাইকেলিষ্ট: -হয়!

সাহিত্য ডট অৰ্গ: -আমাৰ ফালৰ পৰা আকৌ শুভকামনা আৰু আশীৰ্বাদ দিলোঁ, বিজয়ী ভৱ: !

ৰাকেশ পাৰা চাইকেলিষ্ট: -আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ শাৰদীয় সাহিত্য ডট অৰ্গলৈ মোৰ শুভকামনা জনালোঁ৷

************************************************

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.