মিছন চাইনা,অসমীয়া ছবি আৰু অলপ আৱেগ – দেৱ প্ৰতীম

মিছন চাইনা,অসমীয়া ছবি আৰু অলপ আৱেগ  –  দেৱ প্ৰতীম

মিছন চাইনা,অসমীয়া ছবি আৰু অলপ আৱেগ – দেৱ প্ৰতীম

by September 17, 2017 0 comments

 

(সকিয়নী**যদি ছবিখন এতিয়ালৈকে চোৱা নাই তেন্তে, এই লেখাটো নপঢ়াটোৱে ভাল, কাৰণ কাহিনীৰ কিছু আভাস পাব এই লেখাত)

প্ৰায় একে সময়তে তামিল, তেলেগু তথা অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ আৰম্ভণি ঘটিছিল৷ প্ৰথমখন অসমীয়া ছবি ‘জয়মতী’ ১৯৩৫ চনতে ওলাইছিল৷ অৰ্থাৎ ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ ‘আলম আৰা’ ওলোৱাৰ চাৰি বছৰৰ পাছত৷ এতিয়া বলিউড, তামিল তথা তেলেগু চলচ্চিত্ৰৰ উদ্যোগ গৈ ক’ৰবাত পালেগৈ৷ বাহুবলীৰ দৰে ছবি নিৰ্মাণ কৰি দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ সফলতা আকাশলংঘী৷ তথাপি আমি যেন সেই একেই অৱস্থাতে আছো৷ আমাৰ চলচ্চিত্ৰ উদ্যোগটোৰ গতি শামুকীয়া৷ ইয়াৰ কাৰণ বহুতো আছে৷ ভাল কাহিনীৰ অভাৱ, দুৰ্বল অভিনয়, ভাল প্ৰযোজনা কৰিব পৰা ব্যৱস্থাৰ অভাৱ (প্ৰডাকছন হাউছৰ অভাৱ) ইত্যাদি অনেক কাৰণ আমি দেখুৱাব পাৰো৷ অসমীয়া ছবিত দৰ্শকৰ অভাৱক এটা কাৰণ বুলি ক’লেও একে আষাৰে দৰ্শকক ইয়াৰ কাৰণে দায়ী বুলি ক’লে ভুল কোৱা হ’ব৷ আন এটা মুখ্য কাৰণ হৈছে ছবি এখনৰ প্ৰচাৰৰ অভাৱ৷

৮০-৯০ দশকলৈকে অসমীয়া চলচ্চিত্ৰ উদ্দ্যোগ এক সঠিক দিশতেই গতি কৰি আছিল৷ মুনীন বৰুৱাৰ ২০০০ চনৰ ‘হিয়া দিয়া নিয়া’ৰ পাছত উল্লেখযোগ্যভাৱে বাণিজ্যিক ভাৱে সফল ছবি দেখিবলৈ পোৱা নাই৷ তাৰ পাছত কেইখনমান সফল ছবিৰ নাম ল’বলৈ ক’লে নাম ল’ম ‘দাগ’(২০০১), ‘নায়ক’(২০০২), ‘দীনবন্ধু’(২০০৪), ‘মন যায়’(২০০৮) আদি কেইখনমান ছবিৰ৷ কিন্তু ‘হিয়া দিয়া নিয়া’ৰ সমান সফল হ’ব পৰা নাছিল এই কেইখন ছবি৷ তাৰ পাছতে অসমীয়া ছবি উদ্যোগ ভৰি পৰিছিল বিহু তথা আন না না ধৰণৰ বিষয়ৰ ভিচিডি ছবিসমূহেৰে, যি এই চলচ্চিত্ৰ উদ্যোগক দিনক দিনে তললৈ লৈ গৈ আছিল৷ ছবিঘৰৰ ব্যৱসায় কমি আহিছিল, লাহে লাহে অসমীয়া ছবি এখন ছবিঘৰত উপভোগ কৰিম বুলি ভৱা লোকৰ সংখ্যা কমিবলৈ ধৰিছিল; এক কথাত ছবিঘৰৰ সংখ্যা দিনক দিনে কমিবলৈ লৈছিল, কিছুমানৰ অৱস্থা হৈ পৰিছিল তথৈবচ৷ ক’বলৈ গ’লে এই ভিচিডি ছবি সমূহে অসমীয়া ছবিক এক প্ৰকাৰে গ্ৰাস কৰি পেলাইছিল৷
প্ৰচাৰৰ অভাৱৰ কাৰণেই বহু ভাল ছবি নিৰ্মাণ হোৱাৰ পাছতো ছবিখনে দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰে৷ ২০১৩ চনৰ কথা, তেতিয়া মই দিল্লীত আছিলো৷ এবাৰ বন্ধত ঘৰলৈ আহিছিলো৷ বেছিদিন বন্ধ নোপোৱাৰ কাৰণে ঘৰত বেছি দিন থাকিবলৈ নাপালোঁ৷ ঘৰলৈ গ’লে প্ৰায়ে কি কি অসমীয়া ছবি ওলায় প্ৰায়ে খবৰ লওঁ(মানে পোষ্টাৰ আদি চাওঁ)৷ কিন্তু সেইবাৰ বিশেষ একো দেখা নাছিলো৷ গুৱাহাটীত এদিন থাকি ঘৰলৈ ৰাওনা হৈছিলো৷ ঘৰত কেইদিনমান থকাৰ পাছত গুৱাহাটীলৈ আহিছিলো৷ ফেচবুক মেলাত দেখিছিলো এজন বন্ধুৱে মোক ‘টেগ’ কৰিছে তেওঁৰ কোনোবা এটা পোষ্টত৷ পোষ্টটো আছিল এখন ছবিৰ ওপৰত, ছবিখন আছিল জাহ্নু বৰুৱাৰ ‘অজেয়’৷ ভাবিছিলো মইতো ঘৰলৈ আহি প্ৰায়ে অসমীয়া ছবিৰ খবৰ ৰাখো, তেন্তে এইখন কেনেকৈ সাৰি গ’ল৷ সেইদিনালৈ ছবিখন চাবলৈ নহৈছিল, কাৰণ আবেলিলৈ মোৰ ফ্লাইট আছিল৷ ছবিখন চাবলৈ থাকি যোৱা মনটোকে তেনেদৰেই বান্ধি দিল্লীলৈ বুলি ৰাওনা হ’ব লগিয়া হৈছিল৷ পাছলৈ ফেচবুকত ছবি খন সম্বন্ধীয় বহুতো লেখা দেখিলো, এইটোও গম পালো, ছবিখনত দৰ্শকৰ সংখ্যা তেনেই তাকৰ আছিল৷ ইয়াৰ প্ৰধান কাৰণ কি বুলিলে চিধাই ক’ম প্ৰচাৰৰ অভাৱ৷ জাহ্নু বৰুৱা নিৰ্মাতা তথা নিৰ্দেশক হিচাপে যথেষ্ট উচ্চখাপৰ বুলি মই ভাবো৷ তেওঁৰ ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘সাগৰলৈ বহু দুৰ’ এই দুখন মোৰ অতি প্ৰিয় ছবি৷ ছবিখনৰ বিষয়ে সেই ফেচবুকৰ পোষ্টটো দেখাৰ আগলৈকে গম পোৱা নাছিলো৷ গুৱাহাটীত ছবিখনৰ এখন পোষ্টাৰো দেখা নাছিলো(আছিলে যদিও সংখ্যা কম আছিল কিজানি)৷ আজিৰ যুগ প্ৰযুক্তিৰ যুগ৷ ছচিয়েল নেটৱৰ্কিং, বিভিন্ন টি.ভি. চেনেল আদি থাকোঁতেও চিনেমাখনৰ প্ৰচাৰ হ’বলৈ নোপোৱাটো এক আচৰিত কথা আছিল৷ ট্ৰেইলাৰ বুলি বিচাৰি পাইছিলো ইউ টিউববত মাত্ৰ এটা ট্ৰেইলাৰ, যিটো চোৱা মানুহৰ সংখ্যাও তেনেই তাকৰ আছিল৷

শেহতীয়া কেইখনমান ছবি:
শেহতীয়াকৈ কেইবাখনো ভাল ভাল ছবি নিৰ্মাণ হৈছে৷ লোকেল কুংফু ১ আৰু ২, কথানদী, ছাকিৰা আহিব বকুল তলৰ বিহুলৈ, অন্তৰীণ, বিউটিফুল লাইভছ, দুৰণিৰ নিৰলা পঁজা আদি৷ এই আটাইকেইখনেই একো একোখন সুন্দৰ ছবি৷ কিন্তু ব্যৱসায়িক ভাৱে কিমান দূৰ সফল সেইটো এটা ডাঙৰ প্ৰশ্ন৷ ইয়াৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় দুখন ছবি হৈছে ‘কথানদী’ আৰু ‘বিউটিফুল লাইভছ’৷

‘কথানদী’ক কিছু পৰিমাণে বাণিজ্যিক ভাৱে সফল বুলি ক’ব পাৰি৷ ৰসৰাজ লক্ষ্ণীনাথ বেজবৰুৱাৰ ৰচিত সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’ ৰ চাৰিটা সাধু ‘চম্পাৱতী’, ‘তেজীমলা’, ‘ঔ কুঁৱৰী’ আৰু ‘তাৱৈৰ সাধু’ক সংযোগ কৰি অতি সুন্দৰ এখন ছবি উপহাৰ দিছিল নৱাগত নিৰ্দেশক ভাস্কৰ হাজৰিকাই৷ অসমৰ এখন বহুল চৰ্চিত তথা জনপ্ৰিয় সাধুকথাৰ পুথিৰ চাৰিটা সাধুক লৈ নিৰ্মাণ কৰা ‘কথানদী’ৰ পৰীক্ষামূলক প্ৰচেষ্টা আছিল শলাগিবলগীয়া৷ এইখন আছিল সচৰাচৰ দেখি থকা অসমীয়া ছবিতকৈ ভিন্ন৷ সৰুৰে পৰা শুনি অহা সাধুকথাকেইটাৰ মাজৰে পৰিচালকগৰাকীয়ে এটা ডাৰ্ক-ফেণ্টাছী শৈলীৰ ছবি নিৰ্মাণ কৰিছিল৷ শৈশৱৰ সাধুকথাকেইটাত এক নতুন সোৱাদ আমি পাইছিলো৷ সমালোচক তথা দৰ্শকে ছবিখনক আঁকোৱালি লৈছিল৷ ইয়াৰ পাছতে আন এখন ব্যতিক্ৰমী ছবি হ’ল ‘বিউটিফুল লাইভছ’৷ কংকন ডেকাৰ নিৰ্দেশক হিচাপে আছিল এইখন প্ৰথম ছবি৷ ব্যতিক্ৰমী এই ছবিখনৰ বিষয় বস্তু আছিল বোমা বিষ্ফোৰণত গুৰুতৰভাৱে অক্ষম হোৱা এজন ডেকা ল’ৰা তথা তেওঁৰ মাকৰ সংঘৰ্ষ৷ বিষয় বস্তু আছিল জটিল তথা স্পৰ্শকাতৰ৷ বিষ্ফোৰণৰ ফলত এটা জীৱন্ত মৃতদেহ হৈ পৰা এজন ডেকা ল’ৰাই  তথা মানসিক ভাৱে কি কি সমস্যাৰ সন্মুখীন হ’ব পাৰে তাকেই সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিছিল এই ছবিখনৰ মাজেৰে৷ “যৌনতা মাথো এক ব্যভিচাৰিতা নহয়, ই এক প্ৰয়োজনীয়তাও…”-এই কথা সুন্দৰকৈ বুজাইছিল ছবিখনে৷ এনে এক জটিল বিষয়ত ছবি নিৰ্মাণ আছিল এক সাহসিক পদক্ষেপ৷

দুখন পৰীক্ষামূলক ছবি, অথচ দুয়োখন ছবিৰে দৰ্শকৰ সংখ্যাৰ পাৰ্থক্য মন কৰিবলগীয়া৷ ‘কথানদী’ত দৰ্শকৰ সংখ্যা ‘বিউটিফুল লাইভছ’তকৈ বহু বেছি আছিল৷ ইয়াৰ কাৰণ আছিল ছবিৰ প্ৰচাৰ৷ কথানদীৰ প্ৰচাৰ বিউটিফুল লাইভছতকৈ বেছিকৈ কৰা হৈছিল৷ বিউটিফুল লাইভছৰ কথা দাদা এজনৰ পৰা গম পাইহে চাব গৈছিলো, আনহাতে কথানদীৰ কথা বহু আগৰে পৰা শুনি আছিলো৷ ইয়াৰোপৰি দুয়োখন ছবিৰ বিষয় বস্তুও আন এটা কথা৷ মনোৰঞ্জনৰ ফালৰ পৰাও ‘কথানদী’, ‘বিউটিফুল লাইভছ’তকৈ বহু ওপৰত৷ অৰ্থাৎ দৰ্শকৰ ৰুচি অনুযায়ীও কথানদীক আগস্থান দিব পাৰি৷ সেয়ে হয়তো কথানদী বেছি সফল সকলো ফালৰে পৰা৷

এতিয়া আহো জুবিন গাৰ্গৰ ছবি ‘মিছন চাইনা’লৈ…..
জুবিন গাৰ্গৰ গীত শুনিয়ে ডাঙৰ হোৱা জুবিন গাৰ্গ আমাৰ প্ৰায় সকলোৰে প্ৰিয়৷ ‘অনামিকা’, ‘পাখী’, ‘শিশু’, ‘যন্ত্ৰ’ আদিৰ গীত শুনিলে আপোন পাহৰা হৈ যাওঁ, অজানিতে গুচি যাওঁ সেই শৈশৱলৈ৷ এজন ভাল সংগীতজ্ঞ হিচাপে জনাজাত জুবিন গাৰ্গৰ অভিনয় প্ৰতিভা আমি ‘মন যায়’ আৰু ‘দীনবন্ধু’ত দেখি থৈছো৷ সেই অভিনয় প্ৰতিভাৰ ওপৰত ভৰষা কৰিয়েই কিজানি জুবিন গাৰ্গে সাহস গোটাইছিল ‘মিছন চাইনা’ নিৰ্মাণ কৰিবলৈ৷ অসমীয়া ছবি জগতত এইখন হৈছে আটাইতকৈ বৃহৎ বাজেটৰ ছবি৷ সততে ব্যৱসায় কৰিবলৈ সক্ষম নোহোৱা অসমীয়া ছবিৰ ক্ষেত্ৰত এনে এক সাহস কৰিব পৰা একমাত্ৰ ব্যক্তি অসমত কিজানি জুবিন গাৰ্গেই আছে৷ বহুতেই তেওঁক এই কাৰণে পাগল বুলিয়ে কৈছিল৷ কিন্তু তেওঁ আছিল নিজৰ কথাত অটল৷ ছবিখনে বহুকেইটা দিশত নতুনত্ব আনিবলৈ সক্ষম হৈছে৷ ছবিখনৰ প্ৰচাৰ কৰাৰ ধৰণ মন কৰিব লগীয়া৷ এনে ধৰণৰ প্ৰচাৰ আমি অসমীয় ছবিত আগতে দেখা মনত নপৰে৷ প্ৰথমে পোষ্টাৰ মুকলি, তাৰ পাছত টিজাৰ আৰু ক্ৰমান্বয়ে প্ৰথম গীত, ট্ৰেইলাৰ আৰু আইটেম ছং৷ ‘মিছন চাইনা’ৰ প্ৰচাৰৰ ধৰণে বলিউডী ধৰণক অনুকৰণ কৰিছে যিটো অসমীয়া ছবিত আগতে দেখিবলৈ পোৱা নাই৷ তৰপে তৰপে ছবিখনৰ প্ৰচাৰ আগবাঢ়িছিল৷ প্ৰচাৰৰ বাবে জুবিন গাৰ্গ আৰু তেওঁৰ ‘মিছন চাইনা’ৰ সহযোগী সকলে বিভিন্ন ঠাই ঘূৰিছিল৷ প্ৰমো বিলাকত মানুহৰ সমাগম লক্ষ্যণীয় আছিল৷

এতিয়া আহো ‘মিছন চাইনা’ ছবিখনৰ বিষয় বস্তুলৈ৷ ছবিখনৰ প্ৰথমতেই দেখিম দ্ৰোণ কেমেৰাৰ যোগেদি লোৱা এটা দৃশ্য য’ত এখন গাড়ী আগবাঢ়ি গৈ আছে, লগতে বৰ্ণনা কৰি গৈ আছে ছবিৰ মূল চৰিত্ৰ কৰ্ণেল গোস্বামীয়ে(জুবিন গাৰ্গ)৷ তাৰ পাছতেই এজনী কণমানি ছোৱালীৰ অপহৰণ হৈছে৷ ছবিৰ মূল চৰিত্ৰ কৰ্ণেল গোস্বামী হৈছে অতীতৰ কিছুমান ঘটনাৰ সৈতে এতিয়াও যুঁজি থকা এজন সেনা বিষয়া৷ সেই অপহৰণ হোৱা ছোৱালীজনী হৈছে গৃহমন্ত্ৰীৰ একমাত্ৰ সন্তান৷ ছোৱালীজনীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি পুলিচে শেষত সিদ্ধান্ত ল’লে ছোৱালীজনিক বিচাৰি উলিওৱাৰ দায়িত্ব কৰ্ণেল গোস্বামীক দিয়াটো৷ কাৰণ ছোৱালীজনিৰ অপহৰণ কৰিছিল সন্ত্ৰাসবাদী সংগঠন বি.এল.এফ.ৱে৷ এই সংগঠনটোৰ মূল নেতা আছিল লামা(পবিত্ৰ ৰাভা), যাক গোস্বামীয়ে অতি ভালদৰে জানিছিল৷ অৱশ্যে কৰ্ণেলৰ অকল সৰু ছোৱালীজনীকে ৰক্ষা কৰাৰ মূল উদ্দেশ্য নাছিল৷ এই অভিযানৰ অন্তৰালত আছিল কৰ্ণেলৰ আন এক উদ্দেশ্য়৷ গোস্বামীয়ে এই অভিযানৰ বাবে বিচাৰিলে নিজৰ দলত আন তিনিজন ব্যক্তিক৷ এইকেইজন হৈছে ক্ৰমে হৈছে ডি’কম(ডি’কম ভূঞা), যি আছিল সেনাৰ এজন প্ৰাক্তন স্নাইপাৰ বিশেষজ্ঞ; স্পাইদাৰ (ত্ৰিদীপ লাহন), যি আছিল এজন বোমা বিশেষজ্ঞ আৰু আনজন হৈছে সিদ্ধাৰ্থ (সিদ্ধাৰ্থ নিপন গোস্বামী), যি আছিল কৰ্ণেলৰ নিজা ভাতৃৰ দৰে৷

যাত্ৰাপথত তেওঁলোকে অতিক্ৰম কৰে নানা ধৰণৰ ঠাই৷ ছবিখনৰ দৃশ্যগ্ৰহণ উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ঠাইত সম্পন্ন কৰা গৈছে৷ প্ৰকৃতিৰ বিভিন্ন ৰংসমূহৰ মাজেৰে তেওঁলোক আগবাঢ়ি যায়৷ কেতিয়াবা যদি তেওঁলোকে বৰফেৰে আবৃত পাহাৰ অতিক্ৰম কৰিছে, কেতিয়াবা তেওঁলোক আগবাঢ়িছে পাহাৰৰ মাজৰ জলাশয়েৰে৷ ইয়াৰোপৰি সন্ত্ৰাসবাদী সংগঠনটোৰ মূল ঘাটি দেখুওৱা হৈছে এখন মনোৰম ঠাইত৷ অৰ্থাৎ ক’বলৈ গ’লে কেমেৰাৰ কাম আছিল ছবিখনত সাংঘাতিক৷ এনে চিনেমাট’গ্ৰাফী আগৰ অসমীয়া ছবিত দেখা মনত নপৰে৷ গুৱাহাটীৰ গলি বিলাকৰ মাজে মাজে খেদি যোৱা দৃশ্য, ‘দিন জ্বলে-ৰাতি জ্বলে’ গীতটো, বৰফৰ মাজেৰে আগবঢ়া দৃশ্য, অভিযানটোৰ বাবে সকলোৰে প্ৰথমবাৰ লগ পোৱাৰ দৃশ্য, কৰ্ণেলৰ চকুৰ মাজেৰে অতীতলৈ গুচি যোৱা আদি দৃশ্যবিলাক আছিল শলাগিবলগীয়া, এইবিলাক আছিল অসমীয়া ছবিত নতুন৷ তদুপৰি সন্ত্ৰাসবাদী ঘাটিত দেখুওৱা বোমা বিস্ফোৰণ তথা ভি.এফ.এক্স. ৰ কাম (যেনে: হাত-মূৰ ছিন্ন হোৱা) বিলাক আছিল শলাগিবলগীয়া৷ কাৰিকৰী তথা প্ৰযুক্তিৰ দিশত এই ছবিখন ভৱিষ্যতলৈ অসমীয়া ছবি জগতৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ হোৱাটো নিশ্চিত৷
ছবিৰ কাহিনী ইমান শক্তিশালী নহ’লেও একচন তথা মনোৰঞ্জনধৰ্মী ছবি হিচাপে এই কাহিনী গ্ৰহণযোগ্য৷ ছবিখনৰ চিত্ৰনাট্য আছিল অতি দুৰ্বল৷ তথাপি কিছু ক্ষেত্ৰত এই চিত্ৰনাট্যখন আছিল অলপ ব্যতিক্ৰম৷ যেনে: কৰ্ণেল গোস্বামীৰ অতীতৰ কাহিনী বিলাক এবাৰতে নেদেখুৱাই খণ্ড খণ্ডকৈ কাহিনীৰ সৈতে আগবঢ়োৱা হৈছে৷ অৱশ্য়ে বহুকেইটা খুঁট দৰ্শকৰ মনত প্ৰশ্ন থাকি যোৱাটো ধুৰুপ৷ যেনে: জুবিন গাৰ্গৰ জেইললৈ যোৱাৰ কাৰণ, এবাৰ দেখা-দেখিয়ে হোৱা প্ৰেম, কেইটামান অপ্ৰয়োজনীয় সংলাপ আদি৷ লামা তথা কৰ্ণেলৰ প্ৰেয়সীৰ চৰিত্ৰকেইটাত অলপ অস্পষ্টতা থাকি যোৱাৰ দৰে লাগিল, এই চৰিত্ৰকেইটাক যেন আৰু অলপ সময় দিব লাগিছিল এনে অনুভৱ হ’ল৷ তেনেদৰে ছবিখনৰ সংলাপবিলাকতো নাছিল তেনে কোনো বিশেষতা৷ ছবিখনৰ মাজে মাজে থকা হিন্দী সংলাপ বিলাক আছিল অপ্ৰয়োজনীয়৷ তদুপৰি মুখ্য খলনায়ক লামাৰ মুখত ভঙা হিন্দীতকৈ ভঙা অসমীয়া বেছি খাপ খালেহেঁতেন বুলি অনুভৱ হ’ল৷ তদুপৰি এটা গীত আৰু পাছৰ দৃশ্যত সিদ্ধাৰ্থৰ চুলি এবাৰ চুটি আকৌ অলপ সময়ৰ পাছতেই চুলিখিনি দীঘল হোৱাটো আছিল ছবিখনৰ এক দুৰ্বল সম্পাদনা৷

যদিও কোনেও অতিমাত্ৰা অভিনয় কৰিব যোৱা নাই তথাপি অভিনয়ৰ ক্ষেত্ৰত ছবিখন ইমান শক্তিশালী বুলি ক’ব নোৱাৰিম৷ অভিনয়ৰ ক্ষেত্ৰত আটাইতকৈ দুৰ্বল চৰিত্ৰ আছিল কৰ্ণেল গোস্বামীৰ প্ৰেয়সী (ছাঁয়া) হিচাপে অভিনয় কৰা দীপলিনা ডেকা৷ বহুকেইটা দৃশ্যত তেওঁৰ অভিনয় ক্ষেত্ৰত থকা দুৰ্বলতা প্ৰকাশ পাইছে৷ পুলিচৰূপী বিভূতি ভূষণ হাজৰিকা আছিল গম্ভীৰ৷ গলগলীয়া স্বৰেৰে পুলিচৰ ৰূপত তেওঁ খাপ খাই পৰিছিল৷ সেইদৰে কম সময়ৰ কাৰণে ছবিখনত ভূমুকি মৰা সিদ্ধাৰ্থৰ প্ৰেয়সী(ৰাগিনী)ৰ ৰূপত য়াংকী পৰাশৰৰ অভিনয়ো আছিল প্ৰায় সন্তুষ্টিকৰ৷ নৱাগত হিচাপে সিদ্ধাৰ্থৰ অভিনয় আছিল মোটামুটি৷ বিখ্যাত অভিনেতা নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থই ভৱিষ্যতে আৰু কষ্ট কৰিব লাগিব বুলি অনুভৱ হ’ল৷ এজন কৰ্ণেল বিষয়া হিচাপে জুবিন গাৰ্গৰ অভিনয় সন্তুষ্টিকৰ যদিও কোনো কোনো দৃশ্যত তেওঁৰ অভিনয়ত জঠৰতা দেখা দিছে৷ সংগীতত ৰাপ থকা তথা স্নাইপাৰ বিশেষজ্ঞ হিচাপে ডি’কম ভূঞাই নিজৰ অভিনয় প্ৰতিভা দেখুৱাবলৈ ছবিখনত ইমান সুযোগ নাপালে৷ আনহাতে স্পাইদাৰৰ ৰূপত ত্ৰিদীপ লাহনে মাজে মাজে ছবিখনত হঁহুৱাবলৈ সক্ষম হৈছে যদিও তেওঁৰ অভিনয়ত আছিল কিছু জঠৰতা৷

তথাপি সকলো মিলাই ছবিখনক আমাৰ অসমীয়া ছবিৰ বাবে এক মাইলৰ খুঁটি বুলি ক’ম৷ এখন ’বিগ বাজেট’ ছবি হিচাপে জুবিন গাৰ্গৰ প্ৰথম প্ৰচেষ্টা, গতিকে এইখিনি ভুল হোৱাটো স্বাভাৱিক৷ ‘মিছন চাইনা’ আছিল এক অতি প্ৰয়োজনীয় পদক্ষেপ অসমীয়া ছবিৰ কাৰণে৷
এতিয়া প্ৰশ্ন হয়, ‘মিছন চাইনা’ই অসমীয়া ছবিৰ হেৰোৱা গৰিমা পুনৰ ঘূৰাই আনিবলৈ সক্ষম হ’ব নে?

ইয়াৰ উত্তৰ এতিয়াই দিয়া এক কঠিন কাম৷ এক বৃহৎ বাজেটৰে নিৰ্মাণ কৰা ‘মিছন চাইনা’ আছিল জুবিন গাৰ্গৰ এটা ‘ব্লাইণ্ড বেট’৷ ছবি প্ৰচাৰ কৰি থাকোতে তেওঁ নিজেই কৈছিল দুই কোটি ঘূৰি আহিব নে নাহে তেওঁ নাজানে৷ কিন্তু এই পদক্ষেপ আছিল অসমীয়া ছবি উদ্যোগৰ কাৰণে অত্যন্ত জৰুৰী৷ কাৰণ জুবিন গাৰ্গৰ বাহিৰে বৰ্তমান অসমত আন এজন ‘চুপাৰষ্টাৰ’ৰ অভাৱ, এজন ‘আইকণ’ৰ অভাৱ৷ সেইটো হৈছে অসমৰ বাবে দুৰ্ভাগ্য৷ এক বৃহৎ পৰিমাণৰ দৰ্শক কেতিয়াও এজন নাম নথকা নায়কৰ ছবি চাবলৈ আজিৰ যুগত নাযায়৷ আৰু সকলো শ্ৰেণীৰে দৰ্শকক এখন ছবিৰ কাৰণে টানি অনাটোও এটা কষ্টকৰ কাম৷ কাৰণ অসমীয়া চলচ্চিত্ৰৰ প্ৰতি দৰ্শকৰ মনত থকা ছবি খন আছিল ঋণাত্মক৷ সেয়েহে এই ছবিখন ধনাত্মক কৰিবলৈ জুবিন গাৰ্গৰ ‘মিছন চাইনা’ৰ যোগেদি লোৱা এই প্ৰচেষ্টা শলাগিবলগীয়া৷ দক্ষিণৰ ৰজনীকান্ত, বা চিৰঞ্জিৱী তথা বলিউডৰ খান সকলৰ দৰে অসমত ‘ষ্টাৰডম’ থকা একমাত্ৰ ব্যক্তিজন হ’ল জুবিন গাৰ্গ, যাৰ আহ্বানত অনুৰাগীয়ে যিকোনো কাম কৰে৷ কাৰণ জুবিন গাৰ্গ এটা মাথো নাম নহয়, ই এক অনুষ্ঠান, এক আৱেগ৷ তেওঁ নিজৰ ‘চুপাৰষ্টাৰ’ৰ ছবিখন ভালকৈয়ে ব্যৱহাৰ কৰিছে এই ছবিখনত৷ অসমৰ বিভিন্ন ঠাইলৈ গৈ ছবিখনৰ প্ৰচাৰ কৰিছিল৷ আৰু এই প্ৰচাৰক ভালকৈয়ে সঁহাৰি দিছিল তেওঁৰ অনুৰাগীয়ে৷ ছবিখনৰ বাবে শ্ল’গান উলিয়াইছিল “দৌৰি দৌৰি যাম, মিছন চাইনা চাম”৷ প্ৰচাৰৰ বাবে কিছু অনুৰাগীয়ে গীতো নিৰ্মাণ কৰিছিল৷ এনে এটা ধৌ অসমীয়া ছবিৰ বাবে ইমান দিনে দেখা মনত নপৰে৷ আৰু এই শ্ল’গানৰ মতেই সকলোৱে যেন দৌৰিয়ে দৌৰিয়ে ছবিখন চাব আহিল৷ আঠ ছেপ্তেম্বৰত অসমৰ প্ৰায় ৫০ টা ছবিঘৰত ছবিখনে মুক্তি লাভ কৰিলে৷ অসমৰ বাহিৰেও শ্বিলং, অৰুণাচল প্ৰদেশ, দিল্লী, মুম্বাই, বাংগালুৰু আৰু পুণেত ছবিখনে মুক্তি লাভ কৰিছে৷ প্ৰথম তিনি-চাৰি দিনৰ কাৰণে প্ৰায় সকলোবোৰ টিকটৰে বিক্ৰী হৈ গৈছে৷ কিছুমান ছবিঘৰে এই ছবিৰ দৰ্শনীৰ সংখ্যা বঢ়াবলৈ বাধ্য হৈছে৷ তথাপিও দৰ্শকৰ মাজত হাহাকাৰ ছবিখন চাবলৈ টিকট নাই বুলি৷ ছবিৰ পৰ্দাত জুবিন গাৰ্গ ওলোৱাৰ লগে লগেই কোনোৱে কিৰিলি পাৰিছে, কোনোৱে হাত চাপৰি বজাইছে৷ ছবিঘৰৰ বাহিৰে-ভিতৰে মুঠতে এক উৎসৱমুখৰ পৰিবেশ৷ এনে এক বিৰল দৃশ্যৰ কাৰণেই যেন আমি সকলোৱে অপেক্ষা কৰি আছিলো৷ এখন অসমীয়া ছবি বহু বিৰতিৰ মূৰত এনেদৰে ‘হাইচফুল’ হৈছে৷ ই নিশ্চয় এক ধনাত্মক দিশ আমাৰ ডুবিব ধৰা উদ্যোগটোৰ কাৰণে৷
তথাপি এক প্ৰশ্ন মনত ৰৈ যায়? অসমীয়া ছবিৰ বাবে উৎপন্ন হোৱা এই ধৌ ভৱিষ্যতলৈ বৰ্তি থাকিবনে? নে ই ক্ষন্তেকীয়া? ‘মিছন চাইনা’ৰ লগে লগে ই শেষ হৈ নাযায়তো?

ইয়াৰ উত্তৰ আমি নিজেই দিব লাগিব নিশ্চয়৷ এই ধৌ আমি নিজেই বৰ্তাই ৰাখিব পাৰিব লাগিব৷ অসমীয়া ছবি এখন চাবলৈ আগ্ৰহ আমি নিজেই জন্মাব লাগিব৷ অৱশ্যে এই আগ্ৰহ জন্মাবলৈ ছবি নিৰ্মাতা সকলেও কষ্ট কৰিব লাগিব, ঠিক জুবিন গাৰ্গ আৰু তেওঁৰ ‘মিছন চাইনা’ৰ দলটোৰ দৰেই৷ ওপৰত কোৱাৰ দৰে এইখন ছবিখনক চাবলৈ দৰ্শকৰ মনত আগ্ৰহ জন্মোৱাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছে ইয়াৰ প্ৰচাৰ কৰাৰ ধৰণে৷ সংবাদ মাধ্যমেও এই ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিছে৷ গতিকে অসমৰ ছবি নিৰ্মাতা সকলে ‘মিছন চাইনা’ৰ জড়িয়তে এখন ছবিৰ প্ৰচাৰৰ ক্ষেত্ৰত থকা গুৰুত্ব উপলব্ধি কৰা উচিত৷

‘মিছন চাইনা’ ১৯৬৯ চনৰ ব্ৰজেন বৰুৱাৰ ‘ডাঃ বেজবৰুৱা’ৰ দৰেই এক সাহসিক পদক্ষেপ৷ কাৰণ ১৯৬৯ চনৰ এই ছবিখনত তেতিয়াৰ অসমীয়া ছবিত দেখা নোপোৱা বহুকেইটা উপাদান যেনে: থ্ৰীলাৰ-চাচপেঞ্চ শৈলী, দ্বৈত চৰিত্ৰ, মনোবৈজ্ঞানিক দিশ, পশ্চিমীয়া আৰ্হিৰ নৃত্য আদিৰ সমাগম ঘটিছিল৷ এইখন আছিল অসমীয়া প্ৰথম থ্ৰীলাৰ ছবি৷ মুক্তি লভাৰ লগে লগেই ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল৷ ই আছিল এখন অন্যতম সফল বাণিজ্যিক ছবি৷ তেওঁৰ এই অসমীয়া ছবিত প্ৰয়োগ কৰা সাহসিক পৰীক্ষাৰ ফলাফল ধনাত্মক আছিল৷ ব্ৰজেন বৰুৱাই পাছত সাক্ষাৎকাৰত কোৱা মতে তেওঁ মূলতঃ বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ছবিখন নিৰ্মাণ কৰিছিল, ছবিখনৰ মূল উদ্দেশ্য আছিল দৰ্শকক ছবিঘৰলৈ টানি অনা৷ এই ক্ষেত্ৰত তেওঁ সফল হৈছিল৷ সেই একেই উদ্দেশ্যকে সাৰোগত কৰি জুবিন গাৰ্গেও ‘মিছন চাইনা’ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷ আৰু এই ক্ষেত্ৰত তেওঁ সফল হৈছে৷

জুবিন গাৰ্গে ছবিৰ প্ৰচাৰত কৈছিল “২৫ বছৰ গান গালো, এতিয়া বাকী ২৫ বছৰ চিনেমা বনাম” বুলি৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে তেওঁ যে আৰু ছবি নিৰ্মাণ কৰিব সেইটো নিশ্চিত৷ এইখন ছবিত জুবিন গাৰ্গ আছিল প্ৰযোজক, নিৰ্দেশক, সংগীতকাৰ, চিত্ৰনাট্যকাৰ তথা অভিনেতা৷ ছবিখনত বহু ক্ষেত্ৰত পৰিচালক তথা চিত্ৰনাট্যকাৰ হিচাপে জুবিন গাৰ্গৰ অপৰিপক্বতা প্ৰকাশ পাইছে৷ ছবিখনৰ লগে লগে তেওঁ বুজা উচিত এইবিলাক এখন ছবিৰ বাবে একো একোটা অতি প্ৰয়োজনীয় উপাদান৷ মনোৰঞ্জনধৰ্মী তথা এখন বাণিজ্যিক ছবি হ’লেও এই সকলোবিলাকৰ মাজত এক সমতা থকা উচিত৷ কাৰণ ভৱিষ্যতলৈ আমি জুবিন গাৰ্গৰ পৰা আৰু বহুতো আশা কৰো৷ ‘মিছন চাইনা’ৰ লগে লগে যেন জুবিন গাৰ্গৰ দায়িত্ব বাঢ়িল, কাৰণ এই ছবিৰ যোগেদি তেওঁ আমাৰ মাজলৈ এক আশাৰ ঢল বোৱাই আনিলে৷ ভৱিষ্যতলৈ যদি তেওঁ আৰু ছবি নিৰ্মাণ কৰিব বিচাৰে আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আকৌ পুনৰ্জীৱিত কৰিব বিচাৰে তেন্তে তেওঁ এটা শক্তিশালী ‘প্ৰডাকছন হাউচ’ৰ ক্ষেত্ৰত জোৰ দিয়া উচিত, যাতে উদীয়মান অভিনেতা, নিৰ্দেশক তথা আন ছবি বিশেষজ্ঞ সকলক তেওঁ সহায় কৰিব পাৰে; ৰূপালী পৰ্দাত জুবিন গাৰ্গক আমি আকৌ চাব বিচাৰো, কিন্তু ‘মিছন চাইনা’ৰ কৰ্ণেল গোস্বামী হিচাপে নহয়, বিচাৰো ‘মন যায়’ৰ মানৱ হিচাপে, ‘দীনবন্ধু’ৰ বিপুল হিচাপে নতুবা আন এক চমৎকাৰী চৰিত্ৰৰ ৰূপত যি অসমীয়া ছবিৰ নৌকাখন নুডুবাকৈ আগুৱাই লৈ যোৱাত সহায় কৰিব৷ ইয়াৰোপৰি জুবিন গাৰ্গৰ লগতে আমাৰো এটা দায়িত্ব আছে, ‘মিছন চাইনা’ৰ জড়িয়তে অসমীয়া ছবিৰ প্ৰতি পুনৰ জাগ্ৰত হোৱা আৱেগটোক আমি এই ছবি খনৰ লগে লগে শেষ কৰিবলৈ দিব নালাগিব, এই আৱেগক আমি ভৱিষ্যতলৈও বৰ্তাই ৰাখিব পাৰিব লাগিব; তেতিয়াহে কিজানি ক্ৰমাৎ ডুবিবলৈ ধৰা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে আকৌ প্ৰাণ পাই উঠিব৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.