মৰিশালি – অপূৰ্ব কুমাৰ শইকীয়া

মৰিশালি – অপূৰ্ব কুমাৰ শইকীয়া

মৰিশালি – অপূৰ্ব কুমাৰ শইকীয়া

by September 17, 2017 0 comments

কদমী ভীতিগ্ৰস্ত হৈ উঠিল৷ বিষটো নাভিগৰ্ভৰ ওচৰৰ পৰা লাহে লাহে তললৈ নামিছে৷ সাপ এডালৰ দৰে কিবা এটাই যেন হঠাতেই পেটৰ নাড়ী-ভুঁৰুখিনি হেঁচা মাৰি ধৰে আৰু কিছু পাছতে সি তাৰ খামোচ এৰি দিয়ে৷ তাৰ আগে আগে নিম্নমুখী কিবা এটা চাপ৷

কি কৰিব তাই এতিয়া৷
নাথানীবুঢ়ীও ছমাহ আগেয়ে হাইজাত গ’ল৷ এইবিলাকত ট্ৰেইনিং থকা বুঢ়ী অকল তায়েই আছিল৷ গোটেই অঞ্চলটোৰ ফুটপাথ, যুগী জুপুৰিৰ মাইকীসকলৰ লেঠা তায়েই চম্ভালিছিল৷ তাই নিজেই হয়তো ইমান সোনকালে মৰিব বুলি ভবা নাছিল৷ সেইবাবে বোধহয় তাইৰ বিদ্যাটো কাকো শিকাই থৈ নগ’ল৷ অৱশ্যে তাইৰ একচ্ছত্ৰী সামাজ্যৰ প্ৰতিদন্দ্বী হৈ ভাত মাৰে বুলিও ভয়তে কাকো নিশিকাবও পাৰে৷ কদমীয়ে নিজেও এই বিদ্যাৰ অলপ অচৰপ জানে৷ তাই আগেয়েও এবাৰ মাক হৈছে৷ এটা মৰা কেচুৱাৰ মাক৷ নাথানী বুঢ়ীৰ কৌশলী হাত দুখনেও তাইৰ প্ৰথম কেঁচুৱাটোক বচাব পৰা নাছিল৷ লপথপীয়া মঙহৰ টোপোলা এটা হৈ সি পৃথিৱীলৈ আহিছিল৷ তাৰ ভেলটোৱে খালী পৃথিৱীখন চুইছিল৷ মৃত কেচুৱা জন্ম দিয়াৰ বাবে তাইৰ সাধাৰণ ফিজটোৰ সলনি কিবা এটা নূন্যতম কিবা এটা টকাহে পাইছিল৷ ফুলটো খাইছিল বাপুকনে৷ নাথানী বুঢ়ীয়ে ফুটচাই দি পুতি থোৱাৰ পৰা সি বস্তুটো খান্দি কুৰুকি উলিয়াই আনিছিল৷ কদমীৰ মাৰ খাই তাৰ পাছত সি কেইবাদিনো তাইৰ ওচৰলৈ নাহি চুচুক চামাককৈ ফুৰিছিল৷
এতিয়া বাপুকণো ওচৰত নাই৷ ভাদ মাহ বাবে তাৰ পৰকিতি লৰিছে৷ থিত লাগি নাথাকে৷ ওচৰৰ ৰূকচানা আৰু মীনাও কামলৈ গৈছে৷ গোটেইখন উদং, নিমাত নিতাল৷ ৰাতিয়েই বিষটোৱে ভৰ দিয়াহেঁতেনো লাজ কৰিবলগীয়া একো নাছিল৷
দিনৰ পোহৰ এইবিলাক কামৰ বাবে সুচল নহয়৷ ৰাতিৰ আন্ধাৰত কেইবামাহ আগেয়ে আৰম্ভ হোৱা ঘটনা এটা ৰাতিৰ আন্ধাৰতে শেষ হোৱাহেঁতেন ভাল আছিল৷ পিছে ৰ’দটোও ওলাইছে তৌ তৌকৈ_ৰাইজক দকচি খোৱাৰ মূৰ্তি ধৰি৷

আচলতে এইবিলাক লেঠাত সোমাবই নালাগিছিল৷ পিছে ঘটনাবিলাক কেৱল কদমীয়ে নঘটাকৈ ৰাখিব নোৱাৰে৷ তাইৰ মঙহ নথকা হাত দুখনে বহু সময় ধৰি ৰাখিব নোৱাৰে৷ এনেকুৱা সময়ত তাইৰ খুদকণ পেটত নপৰা পেটটোৱে সেই দুমুনীয়া মহাভাৰটোক তাইৰ ওচৰলৈ আহিবলৈ হাত বাউলিহে দিয়ে৷ সেই মহাভাৰটোৱে কেতিয়াবা সুৰ লগাই শুনিবলৈ ভাললগাকৈ ধুনীয়া কিছুমান কথা কয়৷ সেইমহাভাৰটোৱে এৰাতি তাইৰ ওচৰত ফেকুৰিয়েই কান্দিয়েই কটালে৷ আচল উদ্দেশ্যক সি দিলে দহমিনিটৰ সময়৷ বেচেৰাৰ জীৱনটো যেন উছন হৈ পৰিছিল৷ ভৰি ৰাখিবলৈ যেন তলত মাটি নোহোৱা হৈছিল তাৰ৷ তাক দেখি কদমীৰ তেনে ভাবেই হৈছিল৷ পিছে শেহৰাতি পুনৰ মানুহটোৱে কম শব্দ কৰি হাঁহিছিল৷ কদমীয়ে তাক চুপ হৈ থাকিবলৈ ধমক দিছিল৷ বেচেৰাৰ মুখখন পুনৰ কেহৰাজৰ দৰে পুনৰ নীলা হৈ পৰিছিল৷
পাগলেইনে, খকুৱাইনে, অঘৰীয়েইনে ধৰা টান৷ বিচিত্ৰ মানুহ৷

পাপ আৰু পুণ্য কাক বোলে, কদমীৰো ধাৰণা এটা আছে৷ তাইৰ পাপৰ ভাগটো লয় তাইৰ ভৰিও নভৰা পেটটোৱে আৰু পুণ্যৰ ভাগটো লয় দুটামান উখোৱা চাউলৰ ৰূপত বাপুকণে৷ এনেকৈয়ে তাই পাপ আৰু পুণ্যৰ পাল্লাখন সমান কৰিব খোজে৷ অৱশ্যে প্ৰথমচোৱাতকৈ আজিকালি তাইক এইবিলাক কথাই আমনি দিবলৈ এৰিছে৷ তাই কৰা ভুল শুদ্ধই সকলো কামৰ যুক্তিৰ ঢোকা এডাল বিচাৰোতে তাইৰ বেছি সময় নালাগে, হাতেৰে ঢুকি পোৱাতে থাকে৷ ডাঙৰ দালান ঘৰৰ মহিলাসকল, আউলা ছাউনি দিয়া খেৰীঘৰৰ গৃহলক্ষ্মীসকল, কেইচলামান টিনপাতেৰে নতুনকৈ ঘৰ এটা উঠোৱা চৰকাৰী কৰ্মচাৰী কেইজনৰ জপৰ্জলৌ যেন লগা ঘৈণীয়েক কেইজনীক দেখি কদমীৰ সাধাৰণতে ঈৰ্ষাভাৱ নাহে৷ ৰাতিৰ গৌৰৱে দিনৰ ঈৰ্ষাভাৱ নোহোৱা কৰে৷ কদমীয়েও বুজে, দুবেলা_দুমুঠি খাবলৈ পোৱা, ল’ৰা ছোৱালীকেইটাক স্কুললৈ
ৰিক্সাত অনা নিয়া কৰাৰ সামৰ্থ্য থকা, ধাৰে ঋণে স্কুটাৰ এখন আৰু ৰামায়ণ, মহাভাৰত চাবলৈ টিভি এটা যোগাৰ কৰা মজলীয়া ধৰণৰ মানুহখিনিৰ কথা তাই তাত কাম কৰিবলৈ যোৱা বন্ধু বান্ধৱীৰ পৰা শুনিছে, তেওঁলোকৰ দৈনন্দিন জীৱনৰ কাহিনীবোৰো বৰ কৌতূহল জন্মাব পৰা বিধৰ৷ এনে লাগে যেন টকাৰে তৈয়াৰ কৰা চনচনীয়া ৰচী এডালেহে ইটোৰ লগত সিটোক বান্ধি ৰাখিছে সেই পৰিয়ালত৷ অৱশ্যে টকা পইচা উভৈনদী হ’লেই
ঘৰখনৰ ধুতি নীতি পেলাই দিব লগীয়া নহয় তাই নাভাবে৷
কদমীয়ে বেছি ভালকৈ চিনি পায় সমাজৰ আটাইতকৈ তলত থিতাপি লোৱা তাইৰ দৰে মানুহচামক৷ সিংহৰ দৰে দিনে ষোল্ল ঘণ্টাকৈ শোৱাৰ কথা নহয়, এইমানুহখিনিয়ে বিভিন্ন কাৰণত শুবলৈও পায় কম আৰু খাবলৈও পায় তাতোকৈয়ো কম৷ এইখিনি মানুহে সপোনতে কেতিয়াবা একাঁহী বগা চাউলৰ ভাত দেখা পায়৷ নীতি-নিয়ম পাপ-পুণ্যৰ কথা ইহঁতৰো কম৷ ৰুকচানাই পশ্চিম ফালে পথান পাতে, মীনায়ো ‘কণা গোসাঁই’ক অবাইচ ভাষাৰে গালি পাৰে আৰু শিৱৰাত্ৰি কেতিয়া পৰেতো নাজানেই, কেনেবাকৈ গম পালে লখিমী হোটেলৰ পিছফালৰ পৰা আভোকীয়া গ্ৰাহকে এৰা বৰালি মাছৰ টুকুৰা কঢ়িয়াই আনি দগৰি খায়৷
তাতকৈ তলৰ খাপটোত আছে বাপুকণহঁত৷ এলডা ভাতৰ বাবে লোকৰ মুখলৈ চোৱা, মুহূৰ্তে মুহূৰ্তে অকাৰণতে বাটৰুৱাৰ গোৰ খোৱা, বন্ধু বান্ধৱ নথকা বাপুকণহঁত৷ কেতিয়াৰ পৰা আহি কেনেকৈনো সি আহি কদমীৰ লগ লাগিল আৰু তাইৰ লগনেৰা হ’ল, কদমীৰ এতিয়া আৰু মনত নপৰে৷ সিও বোধহয় কিবা এটা মায়াত বন্দী হ’ল৷ হওঁতে এলদা ভাত যোগাৰ কৰিবলৈ কদমীক নহ’লেও হ’লহেঁতেন৷ বিস্কুটৰ বাকচৰ টিনপাতেৰে সজা কদমীৰ চালিখনেও ৰ’দে-বৰষুণে তাক বচাব নোৱাৰে, দোপাল পিটা বৰষুণ নহ’লে এনেয়েও সি চালিখনৰ তললৈ নোসোমায়৷ ভাত নহ’লে আগেয়ে মানুহৰ বিষ্ঠাৰে ঠেকাৰ কাম চলিছিল তাৰ, পিছে দুবাৰমান কদমীৰ মাৰ খোৱাৰ পাছত সি আজিকালি সেইকামটো সংগোপনে আৰু পাতলীয়াকৈ কৰে৷ তাৰ চেহেৰাটোও ঠিক এটা বেয়া বুলিব পৰা নহয়, অৱশ্যে এতিয়া ছালখন ফাপৰে খাই নোমবোৰ নোহোৱা হৈছে৷ সিদিনা চৰকাৰৰ জীৱ-জন্তুৰ বিভাগৰ লুতুৰা চকীদাৰ এটাৰ পৰা বেঙুনীয়া ৰঙৰ ঔষধ এটা আনি কদমীয়ে বাপুকণৰ পিঠিত কেবাদিনো ঘঁহিছে, পিছে ফলহে দিয়া নাই৷ সিও জানো কম? ঔষধটো সানিবলৈও ভালকৈ গাটো পাতি নিদিয়ে, সুৰসুৰণিয়ে উঠেনে পোৰণিয়েই ধৰে সিহে জানে৷

কদমী শোৱাৰ ভংগীৰ পৰা উঠি বহিল৷ বিষটোৰ তীব্ৰতা বাঢ়িছে, ঘন ঘন হৈ পৰিছে বিষৰ আগমন৷ প্ৰথম অৱস্থাত বিষটো বেছি সময় নৰৈছিল, এতিয়া দীঘলীয়া সময়ৰ বাবে যেন বিষটো ৰৈ যাব বিচাৰিছে৷ সকলো বাধা বিঘিনি অতিক্ৰম কৰি তলফালে যেন কিবা এটা অগ্ৰসৰ হ’বলৈ ধৰিছে৷ তাই এইবাৰ সম্পূৰ্ণকৈ নিশ্চিত হ’ল হয় আচল খেলাখনেই আৰম্ভ হৈছে৷ নাথনী বুঢ়ীৰ পৰা
আধৰুৱা ভাবে শিকা হিচাপমতে দেহৰ আকাৰ অনুযায়ী সময় হোৱা নাছিল দেখোন৷ কদমীহঁতৰ ক্ষেত্ৰত অৱশ্যে প্ৰকৃতিৰো নিয়মটো কেতিয়াবা বেলেগ হয়৷ কোনোবা দুষ্ট মহাভাৰৰ ভেটগুটিয়ে তৰা নৰা চিগিছে৷ ঘটনাটোৰ আৰম্ভণি বিন্দুটোৰ স্থান কদমীয়ে ভালকৈ নাজানে, হিচাপৰ খেলি মেলি নহ’ব কিয়!
এনেকুৱা সময়ত চিত হৈ শুই দীঘলীয়া উশাহ লব লাগে৷ কদমীয়ে পাহৰিলে, এবাৰ চিত হৈ শুই, এবাৰ পেটতো হাতেৰে হেঁচামাৰি ধৰি তাই বিষটো লাঘব কৰিব পাৰিনে কি চেষ্টা কৰিলে৷ নাই বৃথা চেষ্টা৷

কি কৰা যায়? সৰ্বনাশেই হয় এথোন৷ অলিয়ে গলিয়ে পিন পিনাই ফুৰা জাক জাক মানুহৰ মাজত তাই লাজ ৰক্ষা কৰে কেনেকৈ? তাই জানে এই মানুহজাকৰ নিৰন্তৰ ব্যস্ততা, যেন এক মিনিট দেৰি হ’লেই দৈবাসন তললৈ যাব৷ এই মানুহখিনিয়ে মুকলি ঠাইৰ বিৰল ঘটনা এটা দেখিলে নিজৰ ব্যস্ততা পাহৰি যাব৷ তাইক এইমুহূৰ্তত প্ৰদৰ্শন প্ৰিয় মানুহজাকে একো সহায় কৰিব নোৱাৰে৷ হঠাতে কদমীৰ ভাব হ’ল, তাইৰ চাৰিওফালে থকা মানুহবোৰ নোহোৱা হৈ যাওক৷ অকলশৰীয়া অৱস্থা নহয়, এই মুহূৰ্তত তাইৰ বাবে ভয়াবহ হৈ পৰিছে বহু মানুহৰ সমাগমত গুণগত ভাবে অকলশৰীয়া অৱস্থা এটাহে৷

নগৰখনৰ এই ঠাই টুকুৰা আগেয়ে কিছু আবুৰ আছিল৷ ৰাস্তাৰ কাষে কাষে কৃষ্ণচূড়াগছ আৰু ৰাস্তাৰ সিটো পাৰে নৈৰ পাৰে পাৰে ৰাধাচূড়া, এজাৰ আৰু মে’ফুলৰ গছে ইয়াত বাৰিষা ফুলৰ মেলা পাতিছিল৷ এতিয়া ইয়াত ফুলৰ সঁচ বুলিবলৈ নাই৷ য’তে ত’তে মেদেলুৱা দুডালমান আছে৷ তেওজ বেলি বাপুকণৰ চকু নামোতে কদমীয়ে মেদেলুৱা গছৰ পাতৰ ৰসেৰে তাৰ বেমাৰ ভাল কৰিছিল৷ ফাগুন, চ’তৰ বাদে বছৰৰ আন সময়ত প্ৰায়ে পৰিত্যক্ত হৈ থকা শিৱ মন্দিৰটোৰ সেইফালে মৰিশালিখনত অৱশ্যে গছ কিছুমান আছে৷ জংঘলখিনি একেবাৰে উছন হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰি আছে৷ কদমীয়ে মাজে সময়ে তাত দুই-একুৰা জুই জ্বলি থকা দেখে, কোনোবা দূৰ্ভগীয়া বা সৌভাগ্যবানৰ দেহৰ জুই, গৰৈমাছ পোৰাৰ দৰে গোন্ধ পালে কদমীৰ মনত মিশ্ৰিত অনুভূতিৰ সৃষ্টি হয়৷ মৰাৰ পিছত তাইৰ দেহটোৱেনো কেনে মৰ্যাদা পাব বা পোৱা উচিত, এনে কথা ভাবি তাই মন বেয়া নকৰে৷ তাইৰ ভয় লাগে আন এটা কাৰণতহে, তাই মৰাৰ আগেয়েই যদি বাপুকণৰ কিবা এটা হয়? কাৰ জিভা তপালি থকা মুখখন চাই তাই দূখ দূৰ্দশা পাহৰিব? সিদিনা ৰূকচানাই তাইৰ মনটো বেয়া কৰি থৈ গ’ল৷ তাই হেনো ক’ৰবাত শুনিছে, বাপুকণহঁতৰ গড় আয়ুস দহ বছৰমানহে৷ সেই হিচাবত মানুহ হোৱাহেঁতেন সি ষাঠি বছৰীয়া মানুহৰ দৰে হ’লহেঁতেন৷ কথাটো ভাবি কদমীয়ে সেইদিনা গোটেইৰাতি শুৱ পৰা নাছিল৷ উচপিচাই, ইকাতি-সিকাতি কৰি থাকোঁতেই সিদিনা কুকুৰাই শেষ প্ৰহৰৰ ডাক দিছিল৷

বিষটোৱে তাইক চেপি খুন্দি আনিছে৷ আৰু হয়তো বেছি সময় নালাগিব৷ বেলেগ ক’ৰবালৈ গ’লে এতিয়াই আগবঢ়া ভাল৷ ইয়াতকৈ দেৰি হ’লে তাই আৰু খোজকাঢ়িব নোৱাৰিব৷ ভিতৰৰ বাৰিধিয়ে মথাউৰি ভাঙিলে সৰ্বনাশ হ’ব৷ তাই মৰিবলৈ ভয় নকৰে, ভয় কৰে লাজলৈ৷ কিয় জানো বিগত কেই বছৰত মুহূৰ্মুহূ: আক্ৰমণ -প্ৰত্যাক্ৰমণৰ পাছতো তাইৰ লাজটো অক্ষত হৈ ৰৈ গৈছে৷ এজন নিলাজ মানুহৰ ওচৰত নিলাজীৰ দৰে আচৰণ কৰিব পৰাটো বৰ এটা ডাঙৰ কথা নহয়৷ লাজ লাগে সলজ্জ মানুহৰ অভিনয় কৰা এজাক পৰুৱা সদৃশ ব্যস্ত মানুহলৈ৷ এৰা, এতিয়া আৰু দূৰৰ প্ৰসূতিগৃহৰ কথা ভাবি লাভ নাই, তাতকৈ নৈৰ পাৰৰ শ্মশানখনলৈ এতিয়া বেছি ওচৰ, চাৰিখন বেৰৰ এক কৃত্ৰিম আবুৰতকৈ এক প্ৰাকৃতিক আৰু সহজলভ্য আবুৰৰ প্ৰয়োজন এই মুহূৰ্তত তাইৰ বাবে বেছি৷

ঠিকেই আছেনে বস্তু কেইপদ তাইৰ আঁচলত টোপোলাত? আছে৷ এডাল বাঁহৰ চেঁচু ৰ দুডাল মোটা বটীয়া আৰু কেইটামান বিশল্যকৰণীৰ পাত ভাল ধৰণেই বন্ধা আছে তাইৰ আঁচলত৷ তাইৰ মূৰটো আচন্দ্ৰাই কৰিছে, বিষটো অকণমান সময় নুঠাকৈ আছে৷ তাই দুই হাতেৰে মাটিত ভৰ দি হেলনীয়াকৈ বহি থকা অৱস্থা এটালৈ আহিল৷ জেওৰা এডালত ধৰি লাহেকৈ থিয় হ’ল আৰু কাষৰ ৱালখনত ধৰি আগলৈ হাওলি কিছু সময় ৰৈ থাকিল৷ নিজকে চম্ভালি লোৱাৰ পাছত তাই লাহেকৈ মূৰ তুলি ইফালে সিফালে দূৰলৈ চালে আৰু অলপ সময়ৰ পাছত কিবা এটা ইপ্সিত বস্তু পোৱাৰ দৰে চকুকেইটা জ্বলমলাই উঠিল৷
বাপুকণ আহিছে৷ তাৰ এইটো অহাৰ সময় নহয় যদিও সি আজি সোনকালে উভতিছে৷ মানুহৰ দৰে লেবলেবাই কথা কব নোৱাৰিলে কি হ’ল! বাপুকণেও আজি হয়তো কিবা এটা বুজি পাইছে৷ সকলো প্ৰয়োজনীয় কাম সামৰি সিও আহিছে তাইক সহায়ৰ হাত আগবঢ়াবলৈ৷
লাহে লাহে বেলিটো পাতত বহিবলৈ উপক্ৰম কৰিলে আৰু এটা সময়ত আগে আগে কদমী, পিছে পিছে বাপুকণ, কিছুদূৰ যোৱাৰ পাছত এইবাৰ বাপুকণ আগবাঢ়িল৷ কদমীৰ গন্তব্যস্থল সম্পৰ্কে এটা থুলমুল ধাৰণা কৰি সিও নৈৰ পাৰলৈ পোনালে৷ বিষটো ক্ৰমশঃ সহ্য কৰিব নোৱাৰা বিধৰ হৈ আহিছে, কদমীয়ে সোঁহাতখন বিশেষ ধৰণে ভাঁজ কৰি কঁকালত থলে আৰু খোজৰ গতি কমাই কঁকাল বেকা কৰি লাহে লাহে গৈ থাকিল৷ তাইৰ লগত তাল মিলাব নোৱাৰি বাপুকণ মাজে সময়ে বহুদূৰ আগুৱাই যায়, গছে-পাতে নাক লগাই কিবা শুঙি শুঙি সি পুনৰ উভতি আহে, সুবিধাজনক সৰু জোপোহা গছ পালে সি তাৰ পিছ ঠেং এখন দাঙি দেহৰ পানীৰ বোজা কমায়৷

নাই শ্মশানঘাটত একুৰাও চিতা জুই জ্বলি থকা নাই, গতিকে কোনো মানুহৰ সমাগমো সদ্যহতে নাই৷ কিছুদূৰ আগুৱাই গৈ চোৰাত গছ কেইজোপামান আৰু ডিমৰুগছ এজোপাই আৱৰি ৰখা গোলাকাৰ জাগা এটুকুৰাত কদমী সোমালগৈ আৰু তাতে তাই চিত ভোলোঙা খাই ওপৰমূৱা হৈ পৰিল, নিৰ্ণিমেষনেত্ৰে আকাশখন ঢাকি ৰখা সোণাৰুপাতখিনিলৈ চালে৷ খন্তেক আগেয়ে পাতলীয়াকৈ এজাক বৰষুণ দিছিল, সোণাৰু পাতেৰে নিগৰি অহা তাৰে এটোপাল টপৰকৈ তাইৰ গালতে পৰিলহি৷ বাপুকণো আহি ওচৰতে বহিলহি৷ গোল জাগাখিনিলৈ সোমোৱা দুৱাৰমুখতে সি হিজ মাষ্টাৰছ ভইছৰ কুকুৰটোৰ নিচিনাকৈ পিছঠেং পাৰি বহিল আৰু অতি আকুলতাৰে কদমীৰ মুখলৈ চালে৷ কদমীয়ে তীব্ৰ বিষত কেঁকাবলৈ ধৰিলে আৰু বাপুকণে নিৰ্ণিমেষে কেৱল তাইৰ শীতল ঘাম বিৰিঙা কপালখনলৈ চাই ৰ’ল৷ দুভৰিৰ মাজত কিবা এটা সিক্ত বস্তুৰ উপলব্ধিত কদমী সচকিত হৈ উঠিল৷ তাই ভয়ে ভয়ে সোঁহাতখনৰ আঙুলিকেইটা সেই জাগালৈ নি চুই চালে আৰু তিতা আঙুলিটো তাই ভয়ে ভয়ে চকুৰ আগলৈ আনিলে, নাই নহয়, তাইৰ ৰক্তপাত হোৱা নাই৷ বোধহয় পানীহে ভাঙিছে৷ গোটেই মেখেলাখন তিতি গৈছে৷ বতাহত বিয়পি পৰিছে এটা কেঁচামাছৰ দৰে এটা সুতীব্ৰ গোন্ধ৷ কদমীয়ে লাহে লাহে মেখেলাখন ওপৰলৈ উজাই আনিলে আৰু লগে লগে ভৰি দুখন আঁঠুৰ ওচৰতে ভাঁজ কৰি অলসভাৱে পৰি ৰ’ল৷ বাপুকণে তাইক কিছু সহায় কৰিব পৰা যায় নেকি তাকে ভাবি বোধহয় কদমীৰ উন্মুক্ত ভৰি দুখনৰ ওচৰলৈ আহি এইবাৰ থিয় হৈ ৰ’ল৷ বিষৰ দুটা তীব্ৰ ঢৌৰ মাজৰ তুলনামূলকভাৱে বিষহীন অৱস্থা এটাত বাপুকণৰ উৎসুক মুখখন তাইৰ আঁঠুৰ ওচৰত দেখি কদমীৰ হঠাতে লাজ লাগি গ’ল আৰু তাক ভৰিৰ তলুৱাৰে লাহেকৈ গোৰ মাৰি দিলে৷ পিছে বাপুকণে কদমীয়ে তাক মৰম কৰিছে বুলি ভাবি লৰচৰ নকৰাকৈ একে ঠাইতে থিয় দি ৰ’ল৷ ‘হেৰ’ কটা নিলাজ, তই মোৰ মুৰশিতানলৈ আহি বহিব নোৱাৰ’বুলি ভেকাহি মাৰি এইবাৰ দেহৰ সঞ্চিত শক্তিৰে জোৰ কৰি গোৰ মাৰি দিলে৷ কদমীৰ অপ্ৰত্যাশিত আচৰণত কেং কেং কৰি খং আৰু ক্ষোভত বাপুকণ সেইঠাইৰ পৰা আঁতৰি গ’ল৷ কেইনলমান আঁতৰৰ মাটিৰ ঢিপ এটাত উঠি বহিল আৰু দুজোপা চোৰাত গছৰ মাজত থকা ফাঁক এটাৰে সি তাইৰ মুখখনলৈ অপলকভাৱে চাই ৰ’ল৷
বিষটোৱে চূড়ান্ত পৰ্যায় পাইছেগৈ৷ দেহৰ অভ্যন্তৰত যেন ফাটি ফুটি গৈছে সকলো, এক বিৰাট ধ্বংসযজ্ঞ যেন আৰম্ভ হৈ গৈছে তাইৰ ভিতৰচৰাত৷ দাঁতেৰে ওঁঠ কামুৰি, দুহাতেৰে মাটিৰ কোৰ্শালাবন খামুচি দুই ভৰিৰ মাজত তাই অনুভৱ কৰিলে _যেন কিবা এটাই পোহৰলৈ বেঙা মেলিছে৷ হয়, এটা অৰ্ধজাত শিশুৰ দুখন ভৰিয়ে পৃথিৱী স্পৰ্শ কৰিব খুজিছে৷ সোঁহাতখনেৰে শিশুটোৰ ভৰি দুখন চুই কদমীৰ গাটো জিকাৰ খাই উঠিল৷ গোটেইখন দেখোন ওলট পালট হৈ গৈছে৷ দেৱশিশুটোৱেও যেন পৃথিৱীৰ ৰং আৰু পোহৰৰ মেলাক ভয় কৰি পৰীক্ষামুলকভাৱে তাৰ দেহৰ নিম্নাংশক নমোৱাৰ যো জা কৰিছে, বাসযোগ্য বুলি অনুভৱ হ’লে তাৰ শীৰ্ষখণ্ডও পৃথিৱীলৈ নমোৱাৰ প্ৰৱণতাৰে৷

খন্তেক পাছতে কদমীৰ বিষটোৱে উচ্চতম বিন্দুত আৰোহণ কৰিলে আৰু শিশুটোৰ বৃহদাকাৰ মূৰটোক নিজৰ দেহৰ পৰা মুক্ত কৰিবলৈ তাই দাঁতে ওঁঠে কামুৰি ছটফটাবলৈ ধৰিলে৷ তাইৰ ছটফটনি দেখি বাপুকণ আকৌ ওচৰ চাপি আহিল আৰু তাইৰ গাত তাৰ মুখখন লগাই সি গেন গেনাবলৈ ধৰিলে৷ বাৰিষা বোঁৱতী নৈৰ দলঙত পানী মেটেকা লাগি ধৰাৰ দৰে কেঁচুৱাটোৰ মুৰটো কদমীৰ দেহৰ অভ্যন্তৰত লাগি ধৰিলে৷ যিমানেই প্ৰচণ্ড সঞ্চালনেৰে তাই মাংসপিণ্ডটোক তাইৰ দেহৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰিলে, সিমানেই নিকপকপীয়াকৈ যেন সি কদমীৰ ভিতৰত জোঁট খাই লাগি ধৰিলে৷ দেহৰ সকলোখিনি জমা শক্তি একত্ৰিত কৰি উশাহ বন্ধ কৰি শেষবাৰৰ বাবে জোৰ দিলে, মাংসপিণ্ড নহয় এইবাৰ হৰহৰকৈ মাথোন নামি আহিল তেজ এটা লানি নিছিগা ধাৰ৷ অতি আচৰিতভাৱে হঠাতেই যেন বিষটো নাইকিয়া হৈ গ’ল তাইৰ, অসীম ক্লান্তিৰে লবেজান হৈ তাই সেইঠাইতে পৰি ৰ’ল৷ এনেকুৱা সময়ত কি কৰিব
নাজানিব পাৰে ইয়াৰ প্ৰতিকাৰৰ কোনো উপায়৷ এটা নৰশিশুৰ বৰ্তমানত ভৰি দুখন কেৰেপীয়াকৈ ধৰি তেজ বন্ধ কৰাৰ উপায় সদ্যহতে নাই৷

ছালৰ ৰং ঢেলা নোহোৱালৈকে তেজৰ সুঁতি বৈয়েই থাকিল৷ কিং কৰ্তব্যবিমূঢ় হৈ বাপুকণে খমলা বন্ধা তেজখিনিলৈ চাই ৰ’ল৷ মাজতে এবাৰ আগবাঢ়ি গৈ তেজখিনি শুঙিয়েই পুনৰ উভতি আগৰ ঠাইলৈ আহিল৷ লাহে লাহে আন্ধাৰ হৈ আহিল৷ ৰান্ধনি বেলি আখলত সোমোৱাৰ উপক্ৰম হ’ল আৰু কদমীয়ে সেইভাগেই মাটিত পৰি ৰ’ল৷ কদমীৰ প্ৰথমে টোপনি আহিল৷

তাৰপাছত তাই চেতনহীনতাৰ ফালে গতি কৰিলে৷ এটা সময়ত তাইৰ উশাহ নিশাহত হোৱা বুকুৰ সঞ্চালন নাইকিয়া হৈ আহিল৷ তাইৰ কলিজাটোৱে ভাগৰ লাগি শুবলৈ যো জা কৰিলে আৰু কেইটামান মুহূৰ্তৰ পাছতে তাইৰ দেহৰ সকলো যন্ত্ৰ পাতি নি: সাৰ হৈ পৰিল৷

এটা অৰ্ধজাত কেঁচুৱাক দেহত লৈ, হাতৰ মুঠিত বাঁহৰ চেঁচু, বটীয়া আৰু বিশল্যকৰণীৰ টোপোলাটো লৈ কদমীৰ মৃত শৰীৰটো শ্মশানভূমিত পৰি ৰ’ল৷
লাহে লাহে আন্ধাৰে এখন কম্বলৰ দৰে শ্মশানভূমি আৱৰি ধৰিলে৷ বাপুকণ কদমীৰ একেবাৰে ওচৰ চাপি আহিল আৰু তাইৰ মূৰটোৰ ওচৰতে মুখখন দি সি লেপেটা কাঢ়ি বহি থাকিল৷ নাতিদূৰৈত কেইটামান শিয়ালে কিবা কথা পাতিলে, এটা ফেউৰাই কোষ্ঠকাঠিন্যৰ বাবে চিঞৰিলে, প্ৰত্যুত্তৰৰ নামত আনদিনাৰ দৰে কিবা এষাৰ চিঞৰি ক’বলৈও বাপুকণৰ মন নগ’ল৷ সি তেনেকৈয়ে অলসভাৱে পৰি ৰ’ল৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.