সেউজী ধৰণী, সেউজীয়া পাহাৰ আৰু ঐতিহ্যৰ দেশ জৰ্জিয়াত এভূমুকি – ডা০ভূপেন শইকীয়া

সেউজী ধৰণী, সেউজীয়া পাহাৰ আৰু ঐতিহ্যৰ দেশ জৰ্জিয়াত এভূমুকি  –  ডা০ভূপেন শইকীয়া

সেউজী ধৰণী, সেউজীয়া পাহাৰ আৰু ঐতিহ্যৰ দেশ জৰ্জিয়াত এভূমুকি – ডা০ভূপেন শইকীয়া

by September 17, 2017 0 comments

এক

বিশ্বৰ বিভিন্ন দেশৰ লোকৰ তীৰ্থস্থানস্বৰূপ জৰ্জিয়া দেশ ভ্ৰমণৰ হেঁপাহ এটি মনত বহুত দিনৰ পৰা পুহি ৰাখিছিলোঁ৷ এইবাৰ ঈদৰ বন্ধই সেই হাবিয়াস পূৰণ কৰাৰ সুযোগ আনি দিলে৷ অতি খৰতকীয়াকৈ ভ্ৰমণৰ আঁচনি লোৱাত বিমানৰ টিকট সংগ্ৰহ কৰিবলৈ বেচ কুচকাৱাজ কৰিবলগীয়া হ’ল; লগতে কিছু পইছাৰো অতিৰিক্ত ভৰণি হ’ল৷ সি যি নহওক, ৩১আগষ্টৰ পুৱা ৬-৪৫বজাত কাটাৰ এয়াৰৱেজৰ বিমানেৰ মই আৰু পৰিবাৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ প্ৰায় তিনিঘণ্টাৰ যাত্ৰাৰ মূৰত বিমানখনে অবতৰণ কৰিলে জৰ্জিয়াৰ সংলগ্ন আজাৰবাইজান দেশৰ ৰাজধানী বাকোৰ বিমানবন্দৰত৷ এঘণ্টা সময় খিৰিকীৰে বাহিৰৰ দৃশ্য অৱলোকন কৰি দেখিবলৈ পালোঁ সাগৰৰ পাৰৰ সেউজীয়া গছ-গছনিৰে ভৰা চকুত সৌম্য যেন লগা সৰু বিমানবন্দৰটিৰ শোভাবৰ্ধন কৰিছে আজাৰবাইজান এয়াৰলাইনচৰ শাৰী শাৰীকৈ ৰখাই থোৱা নীলা ৰঙৰ বিমানসমূহে৷ আজাৰবাইজান নামটোত কিবা কবিতা কবিতা ভাৱ সোমাই থকা যেন লাগেচোন৷ আজাৰবাইজান এৰি ৪৫মিনিটৰ যাত্ৰাৰ অন্তত আমাৰ গন্তব্যস্থান জৰ্জিয়াৰ ৰাজধানী টিবিলিচিৰ (Tbilisi) এয়াৰপ’ৰ্টত অবতৰণ কৰোতে স্থানীয় সময় চাৰে বাৰটা বাজিছিল৷ সময়টো কাটাৰৰ সময়তকৈ এঘণ্টা আগবঢ়া৷ টিবিলিচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটি মধ্যমীয়া বা সৰু আকাৰৰ – ডোহা, দিল্লী বা ডুবাইৰ দৰে বিশাল আকাৰৰ নহয়৷ নামিয়েই টিবিলিচি এয়াৰপ’ৰ্টত এখনি সৰু দেৱাল লেখন চকুত পৰিল – City that loves you!

আমাৰ কাটাৰী নিবাসৰ পৰিচয় পত্ৰ আৰু পাচপ’ৰ্ট চাই এটাও বাক্য নোসোধাকৈ আমাক জৰ্জিয়া প্ৰবেশৰ অনুমতি বা ভিছা দিলে৷ এয়াৰপ’ৰ্টতে স্থানীয় ম’বাইলৰ চিম কাৰ্ড এখন কিনি লৈ টেক্সীত উঠিলোঁ৷ লক্ষ্যস্থান ১৫কিলোমিটাৰ দূৰৈৰ আমি ডোহাৰ পৰাই ইণ্টাৰনেটযোগে বুক কৰি থোৱা টিবিলিচিৰ মধ্যস্থল উজ্নাডজে (Uznadze) ’হোটেল য়োৰ কমফ’ৰ্ট’৷ প্ৰায় আধাঘণ্টা সময় লাগিল হোটেল পাওঁতে৷ গাড়ীৰ ভাৰা আগতীয়া বন্দোবস্তমতে ২৫জেল দি ’ডিডি মাডলোবা’ (বহুতো ধন্যবাদ) বুলি কৈ টেক্সীচালকক বিদায় দিলোঁ৷ জেল (GEL) হ’ল এই দেশৰ মুদ্ৰা জৰ্জিয়ান লাৰিৰ সক্ষিপ্ত ৰূপ৷ এক লাৰি ভাৰতীয় ২৬ টকাৰ সমান৷ কাটাৰী দেড় ৰিয়াল এক জৰ্জিয়ান লাৰিৰ সমমূল্যৰ৷ কিন্তু নগৰখনৰ ঠায়ে ঠায়ে সিঁচৰিতহৈ থকা মণি চেঞ্জাৰসকলে ’শূন্য কমিছন’ বুলি লিখিলেও এই মূল্য নিদিয়ে৷ গতিকে ভ্ৰমণকাৰী সকলে সতৰ্কতা হিচাবে ২৷ ৩টা মণি চেঞ্জাৰত খবৰ কৰি য’তে ভাল বিনিময় মূল্য পায় তাতহে নিজৰ হাতত থকা মুদ্ৰা সলনি কৰা উচিত৷ আমি নিজেও ভুক্তভোগী নোহোৱা নহয়৷ পোন প্ৰথমবাৰ জেল সংগ্ৰহ কৰোতে এয়াৰপ’ৰ্টত থকা এটা ’শূন্য কমিছন’ লিখা মণি চেঞ্জাৰে আমাক আনতকৈ বহু কম মূল্যৰ ধন দিলে৷ ব্যৱহাৰত প্ৰয়োজনতকৈ বেচি অমায়িক লগা সেই ডেকা কৰ্মচাৰীজনে আমাৰ মনত কিছু বেজাৰ দিলে এই বুলিযে এনে কাৰ্য্যই ভ্ৰমণকাৰীৰ মনত দেশখনৰ সন্মান লাঘব কৰিব৷ আকৌ এয়াৰপৰ্টত টেক্সী চালকৰ নৱাগত যাত্ৰীৰ সৈতে কৰা দৰদামো এক দৃষ্টিকটু বিষয়৷ নেটত আমি আগতীয়া অনুসন্ধান কৰি এয়াৰপ’ৰ্টৰ পৰা হোটেললৈ ভাৰা ২০৷ ২৫জেল লাগে বুলি জানি আহিছিলোঁ৷ কিন্তু ইয়াত টেক্সীচালকসকলে ৫০৷ ৫৫জেল লাগিব বুলি কৈ শুনাইছিল৷ চৰকাৰে এই দুটা দিশত চকু দিয়া ভাল হব৷

আমি প্ৰবেশ কৰা হোটেলখন চহৰৰ মাজমজিয়াত অথচ জনসমাগমৰ পৰা কিছু আঁতৰত এক আবাসিক অঞ্চলত অৱস্থিত৷ দুয়োকাষে থকা প্ৰকাণ্ড গছে পৰিবেশটো শান্ত আৰু শীতল কৰি ৰাখিছে৷ ফুটপাথৰ দাঁতিত ঠায়ে ঠায়ে এটিএমৰ মেচিন দেখা যায়৷ প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্য্য্যৰ সেই উজ্নাডজে নামৰ অঞ্চলটোত আছিল এখনি মেডিকেল ক্লিনিক, ৪৷ ৫খন সৰু চুপাৰমাৰ্কেট আৰু ’আন্না’ নামৰ এটি ট্ৰেভেল এজেঞ্চী৷ হোটেলৰ পৰা দেড় কিলোমিটাৰৰ দূৰত্বত মূল বজাৰ-সমাৰ আৰু মেট্ৰৰেলৰ ষ্টেচন৷ আমি প্ৰথম দিনাৰ নিশাৰ সাজ খানা খোজ কাৰি ফুৰি ফুৰি এখন ইণ্ডিয়ান ৰেষ্টোঁৰাতে ভাৰতীয় পৰিবেশত গজল আৰু হিন্দী গীত শুনি শুনি গ্ৰহণ কৰিলোঁ৷ আমাক আবন্তন কৰা কোঠাটো আছিল ডুপ্লেস্ক টাইপৰ – য’ত এটি দম্পতীয়ে দুটি সন্তানৰ সৈতে সুবিধাজনক ভাবে থাকিব পাৰে৷ হোটেলৰ পৰিবেশটো আছিল ঘৰুৱা ধৰণৰ৷ বিনামূলীয়া ৱাই ফাইৰ ব্যৱস্থা হোটেলত আছিল৷ দুবছৰ আগতে আগতে আৰম্ভ কৰা এই হোটেলৰ মালিক আমাৰ কাষৰে কেইটিমান কোঠালৈ পৰিয়ালসহ থাকে৷ মালিকৰ পৰিবাৰ দন্ত চিকিৎসক৷ পৰিয়ালটো কম সময়তে আমাৰ লগত ঘৰুৱাভাবে মিলি গ’ল৷ ফেচবুকত আমাৰ দুয়োৰে লগত বন্ধুত্বও স্থাপন কৰিলে৷ আমাক বিনামূলীয়াকৈ পুৱা-গধূলি চাহ-কফি আৰু ফলমূলৰ যোগান ধৰিলে৷ নিজৰ ব্যক্তিগত ৰন্ধনশালা আমাক ব্যৱহাৰ কৰিবলৈ মুকলিকৈ এৰি দিলে৷ বিনিময়ত আমিও অসমীয়া ভাত-দাইল-ভাজি-পিটিকা আৰু চালাডৰ জুতি এবাৰ সেই জৰ্জিয়ান দম্পতীহালক লবলৈ দিলোঁ৷ আনন্দৰে আমাৰ সেই সাধাৰণ খাদ্য খাই ব্যক্ত কৰা অকৃত্ৰিম সন্তুষ্টিত আমিও পুলকিত হলোঁ৷

পৰ্য্যটন হ’ল জৰ্জিয়া দেশৰ আয়ৰ প্ৰধান উৎস৷ ২০১৫ চনত ৫নিযুত বাৰ্ষিক ভ্ৰমণকাৰী অহাৰ বিপৰীতে ২০১৬চনত চাৰে ৬নিযুত ভ্ৰমণকাৰীয়ে টিবিলিচ বিমানবন্দৰৰ যোগেদি দেশখনত প্ৰবেশ কৰিছে৷ জৰ্জিয়া ভ্ৰমণলৈ অহা উল্লেখযোগ্য নাগৰিকসকল হ’ল এইবিলাক দেশৰ পৰা অহা – আমেৰিকা, টাৰ্কি, আজাৰবাইজান, ৰাছিয়া, আৰ্মেনিয়া, ইজৰাইল, ইৰাণ, ইউক্ৰেইন, জাৰ্মানি, কাজাকিস্তান, ইজিপ্ত, ভাৰত আৰু গাল্ফদেশসমূহৰ ৷ আনহাতে জৰ্জিয়া দেশৰ ব্যৱসায়ৰ মূল সুসম্পৰ্ক আছে টাৰ্কিৰ সৈতে৷ সেইবাবেই টিবলিচিৰ পৰা বাকোহৈ টাৰ্কিৰ ৰাজধানী ইষ্টাম্বুললৈ দৈনিক বাচ আৰু আন থল পৰিবহণ ব্যৱস্থা আছে৷

ভ্ৰমণকাৰীৰ দেশ হিচাবে আৰু এটি জৰ্জিয়াৰ আৰু এটা পিছ পৰি থকা দিশ আছে সেইটো হ’ল ভাষাৰ সমস্যা৷ গাইড, টুৰ-অপাৰেটৰ, বেংক কৰ্মচাৰী আৰু ষ্টাৰ হোটেলৰ কৰ্মচাৰীৰ বাহিৰে আন নাগৰিকৰ ইংৰাজী ভাষাৰ জ্ঞান প্ৰায় শূন্য৷ ৰাচিয়াৰ সংস্পৰ্শত থকা বাবে কিছু লোকে ৰাচিয়ান ভাষা জানে৷ আকৌ আৰব দেশৰ সংস্পৰ্শৰ বাবে কোনো কোনেজনে আৰবী ভাষা জানে৷ জৰ্জিয়ান লিপিৰ আখৰবোৰ দেখিবলৈ আকৰ্ষণীয়, ঘূৰণীয়া-ঘূৰণীয়া-কিছু আমাৰ উৰিয়া লিপিৰ লগত সাদৃশ্য থকা৷ আমি ম’বাইলত অফলাইন গুগুল ট্ৰান্সলেটৰ ব্যৱহাৰ কৰি দোকান-বজাৰ আদিৰ কাম নিয়াৰিকৈ চলাই গৈছিলোঁ৷

জৰ্জিয়াৰ জনসংখ্যা বিগত বছৰৰ জনগণনামতে ৩.৭২ নিযুত৷ তাৰে প্ৰায় ৮৫শতাংশ হ’ল খৃষ্টান ধৰ্মালম্বী লোক৷ ১০ৰ পৰা ১৩শতাংশ হ’ল ইছলামধৰ্মী৷ পুৰণি টিবিলিচিৰ ব’টানিকেল ৰোডত ১৭২৩খৃষ্টাব্দত নিৰ্মিত জামা মছজিদ ইতিহাসৰ উৎথান-পতনৰ সাক্ষী হিচাবে আজিও ঠিয় দি আছে৷

জৰ্জিয়াৰ চাৰিসীমা হ’ল পূবে আজাৰবাইজান, পশ্চিমে কৃষ্ণ সাগৰ, উত্তৰে ৰাচিয়া আৰু দক্ষিণে টাৰ্কি৷ বহুবছৰ ধৰি এই দেশ ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত আছিল৷ অনেক যুদ্ধ-বিগ্ৰহ, ৰাজনৈতিক অস্থিৰতাৰ অৱসানৰ অন্তত কুৰি শতিকাত আজি জৰ্জিয়া এখন গণতন্ত্ৰমুখী স্বতন্ত্ৰ দেশ৷ বুৰঞ্জীয়ে কয় ১২শতিকাত মধ্যকালীন ৰাজতন্ত্ৰৰ কালত ২৯বছৰ ধৰি এগৰাকী ৰাণীৰ ( Queen Tamar ) শাসন কাল আছিল দেশখনৰ সোণোৱালী দিন৷

পৰ্য্যটকৰ বাবে এই দেশত চাবলগীয়া আছে – অনেক বুৰঞ্জীপ্ৰসিদ্ধ আৰু সাংস্কৃতিক কেন্দ্ৰ- তাৰে কেইবাটাও ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত; প্ৰাকৃতিক বিচিত্ৰতাৰে ভৰা পৰ্বত-বননী, পানীৰ নিজৰা; কুটীৰ শিল্প আৰু গৃহনিৰ্মিত মদ আৰু কৃষি কৰ্ম৷ এতিয়া ফলৰ বতৰ: আঙুৰ, চিৰাল, তৰমুজ, নৰা বগৰী, আহোম বগৰী, ষ্ট্ৰবেৰী, আপেল আদি ফল প্ৰচুৰ পৰিমাণত সকলোতে উপলব্ধ৷ আনকি আমাৰ দেশৰ আবতৰতো জৰ্জিয়াত বগৰী গছত লগি পকি আছে আৰু আমি হাটৰ পৰা কিনিও খালোঁ৷ বৰ্তমান খেতি পথাৰ ভৰি আছে পূৰঠ গোমধানেৰে (Maize)৷ বজাৰ উভৈনদী হৈ আছে ডাঙৰ ডাঙৰ, ৰঙা ৰঙা, মোক খা-মোক খা কৈ থকা পকা বিলাহীৰে৷ নানান প্ৰকাৰৰ কেপচিকাম, জলকীয়া, বেঙেনা, তিঁয়হ, ৰঙালাউ, ধনীয়া আৰু আন শাকো হাট-বজাৰত উপলব্ধ৷ ঠায়ে ঠায়ে ফুলৰ চিজন ফ্লাৱাৰৰ বিপণি বহিছে৷ আৰু দেখা পালো বেলেগ বেলেগ জোখৰ বটলত বিক্ৰীৰ বাবে ৰাখি থোৱা মৌ-জোল৷ আন এটা বস্তুয়ে সহজে পৰ্য্যটকৰ দূষ্টি আকৰ্ষণ কৰে৷ সেইটো হ’ল -নুৰিয়াই নুৰিয়াই ৰখা আন এবিধ ৰঙীন টোপোলা (’জৰ্জিয়ান চিকেন’ৰ)৷

টিবিলচি চহৰখন ট্ৰায়লেটি (Trialeti) পাহাৰৰ পাদদেশত অৱস্থিত এখনি মোহনীয় ঠাই৷ চহৰৰ মাজেদি বৈ যোৱা নৈখনৰ নাম হ’ল- মেট্কভেৰি (Mtkvari)৷ ২০১০চনত ইটালিয়ান স্থপতিবিদ মাইকেল ডি লুচ্চিৰ তত্ত্বাবধানত এইনৈৰ ওপৰত নিৰ্মিত হোৱা শান্তিৰ দলংখনে (Bridge of Peace ) চহৰৰ শোভাবৰ্ধন কৰিছে৷ দলঙৰ এটা ফালে এটি টিলাৰ ওপৰত ৰাষ্ট্ৰপতিৰ আটকধুনীয়া ভৱন আৰু বিপৰীত দিশে পুৰণি টিবিলিচি চহৰৰ স্মাৰকসমূহ যাৰ পিছপিনে আকৌ চকুজুৰোৱা পাহাৰৰ শাৰী৷ এই চেপ্তেম্বৰ মাহৰ আৰম্ভণিৰ দিনকেইটাত টিবিলিচিৰ তাপমান সৰ্বোচ্চ ৩১৷ ৩২ডিগ্ৰী চেলচিয়াচ চলি আছিল৷ ফৰকাল বতৰ৷ এদিন বিয়লি এঘণ্টামান সময় মজলীয়া ধৰণৰ বৰষুণ পৰিছিল৷

পুৰণি টিবিলিচি আৰু দলঙৰ কাষত টুৰিষ্টৰ মনোৰঞ্জনৰ বাবে কেবল কাৰৰ ব্যৱস্থা আছে৷ একেদৰে নৈত নৌকা-বিহাৰৰ সুবিধা আছে৷ জাকে জাকে বিভিন্ন দেশৰ পৰা অহা ভ্ৰমণকাৰীৰ উছাহ, প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহে শান্তিৰ দলঙৰ চৌপাষৰ পৰিবেশ কৰি তুলিছে অতি মোহনীয় আৰু আনন্দদায়ক৷

দুই

আমাৰ হোটেলৰ ওচৰৰ আনা ট্ৰেভেল এজেঞ্চীৰ পৰা বুক কৰা গাড়ীৰে এদিন ওলালোঁ এখনি বুৰঞ্জীয়ে পৰশা নগৰ চাবলৈ বুলি৷ ঠাইডোখৰৰ নাম হ’ল ছিঘনাঘি (Sighnaghi), আন নাম ছিগনাগি (Signagi)৷ টিবিলিচিৰ পৰা ১১৩ কিলোমিটাৰ দূৰৈত দক্ষিণ পূব দিশত অৱস্থিত৷ ঠাইডোখৰ প্ৰেমৰ নগৰ (City of Love) হিচাবেও খ্যাত৷ ইউনেস্কৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ জৰ্জিয়াত কেইবাখনো আছে, তাৰে ভিতৰত ছিগনাগি অন্যতম৷ টাৰ্কিছ শব্দ ‘ছিগনাক’ৰ (যাৰ অৰ্থ বসতিস্থল ) পৰা কালক্ৰমত ছিগনাগি নামৰ উৎপত্তি হয়৷
পুৱা চাৰে দহটা বজাত সুন্দৰ ফৰকাল বতৰত আমি মসৃণ পথেৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ এঘণ্টামান যোৱাৰ পিছত বাটৰ কাষৰ এখন দোকানৰ পৰা কেইবিধমান বতৰৰ ফল কিনি ল’লোঁ৷ ৰাস্তাৰ দুয়ো কাষৰ সেউজীয়া শোভা আৰু দূৰৈৰ পাহাৰৰ সৌন্দৰ্য্য উপভোগ কৰি পুনৰ কিছুদূৰ গৈ আকৌ কফি খাবলৈ এখন সৰু ৰেষ্ট্ৰোৰাত সোমালোঁ৷
কিছু অকোৱা পকোৱা বাট বুলি, কিছু দূৰ পাহাৰীয়া ৰাস্তাৰে যাত্ৰা কৰি ৩ঘণ্টা মানৰ মূৰত এখনি আটক ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন চহৰ ছিগনাগি ওলালোঁগৈ৷ ছিগনাগি চহৰৰ ইতিহাস খুচৰি গম পালোঁ ১৭৭০চনত ১০০জন কাৰিকৰী লোক (Craftsman) আৰু ব্যৱসায়ীয়ে ইয়াত পোনপ্ৰথম বসতি আৰম্ভ কৰিছিল৷ বৰ্তমান ইয়াৰ স্থায়ী বাসিন্দা ৩০০০জন৷ এটা সময়ত ছিগনাগিৰ নাগৰিকে পৰাধীন ৰাচিয়াৰ বিৰুদ্ধে গৰজি উঠিছিল৷ চহৰৰ সুৰক্ষাৰ হেতু ৪কিলোমিটাৰ দৈৰ্ঘ্য্য্যৰ চীনৰ দেৱালৰ আৰ্হিত দেৱাল ইয়াৰ বাসিন্দাসকলে নিৰ্মাণ কৰি ওলিয়াইছিল৷ ইয়াত দুটা জৰ্জিয়ান অৰ্থডক্স গীৰ্জাঘৰ, খেলৰ আহল বহল পথাৰ, মিউনিচিপেলিটিৰ অফিচ, এটা পুলিচ ষ্টেচন, টুৰিষ্ট সেৱা কেন্দ্ৰ, কেইবাটাও গেষ্ট হাউস, আধুনিক হোটেল, ৰেষ্টোৰেণ্ট আৰু নানান ব্যৱসায়িক কেন্দ্ৰ গঢ়লৈ উঠিছে৷ ইয়াত ১৯৫০ চনত আৰম্ভ হোৱা মিউজিয়ামৰ ২০০৭চনত প্ৰভুত উন্নতি সাধন কৰা হয়৷
ছিগনাগি হ’ল জৰ্জিয়া দেশৰ পূৱে অৱস্থিত কাখেটি (Kakheti) অঞ্চলৰ এখনি সৰু চহৰ য’ত দৈনিক শ শ বিদেশী পৰ্য্যটকৰ পদধূলা পৰে৷ কাখেটি বিখ্যাত ইয়াত উৎপাদিত মদৰ বাবে৷ য়োৰ কমফ’ৰ্ট’ৰ স্বত্বাধিকাৰ নুগজাৰ (Nugzar) আৰু তেওঁৰ পত্নীয়ে (Baia Chitadze) আমাৰ অসমীয়া পিতিকা ভাত খাই অকৃত্ৰিম আনন্দ প্ৰকাশ কৰাৰ উপৰিও আমাক এগিলাচকৈ গৃহনিৰ্মিত ৱাইন যাচে, যাৰ ৰঙটো বেঙুনীয়া আঙুৰৰ বৰণৰ৷ শিষ্টাচাৰ ৰক্ষা কৰি জুতিলৈ ইয়াৰ স্বাদ মিছিং ছাই মদৰ দৰে পালোঁ৷ গাটো সামান্য ৰিমজিম যেন লগাৰ বাহিৰে নিচা অৱশ্যে নালাগিল৷ কাখেটিৰ এই কৃষিপ্ৰধান অঞ্চলত নানাবিধ ফলো উৎপাদিত হয়৷ ছিগনাগিৰ পৰা ২কিলোমিটাৰৰ ব্যৱধানত আছে বদবি মনেষ্ট্ৰি (Bodbi monestry), য’ত ৪শতিকাৰ চেইণ্ট নিনোৰ স্থাপিত গীৰ্জাঘৰ আছে৷
আমাৰ গাড়ীখন ছিগনাগি চহৰৰ দুৱাৰমুখত ৰখোৱাৰ লগে লগে আমাক কিছুমান ডেকাই আৱৰি ধৰিলেহি৷ উদ্দেশ্য চহৰখন ফুৰিবলৈ বাইকৰ যোগান ধৰা৷ পিছে আমি পদব্ৰজে ফুৰাই পচন্দ কৰিলোঁ৷ ৫০০মিটাৰমান যোৱাৰ পিছত পৰিবাৰে হঠাতে অনুভৱ কৰিলে কান্ধত ওলোমাই নিয়া ভেনিটি বেগটোচোন নাই৷ আকস্মিক এনে এটা ঘটনাই আমাক খন্তেকলৈ হলেও গভীৰ চিন্তাত পেলালে৷ কাৰণ আমাৰ দুয়োৰে পাচপ’ৰ্ট আৰু কিছু কাটাৰী ৰিয়াল তাত আছিল৷ বিদেশত পাচপ’ৰ্ট হেৰালে কিমান দীঘলীয়া আইনী জটিলতা অতিক্ৰম কৰিহে স্বদেশলৈ ঘূৰিব পাৰিব সেয়া ভাবিবলৈ ভয় লগা কথা৷ বেগটোৰ সন্ধানত পুনৰ আমাৰ গাড়ীৰ ওচৰলৈকে উভটনি যাত্ৰা কৰিব ধৰিলোঁ৷ মনত পৰিল দুগৰাকী জৰ্জিয়ান বয়সীয়াল মহিলাই এটা মুকলি কোঠাত কিবা ৰঙীন পত্ৰিকা বিলাই আছিল৷ তাত দুখন নে তিনিখন বেঞ্চো আছিল৷ সেই কোঠালিটোৰ আনটো ফালেদি পাহাৰৰ তলৰ দৃশ্য চাব পাৰি৷ মহিলা দুগৰাকীয়ে আনন্দমনেৰে আমাৰ সৈতে ফটোও উঠিছিল৷ আমাৰ হেৰুৱা বেগটো তাৰে এখন বেঞ্চত অকলশৰীয়া, অনাদৃতহৈ পৰি আছিল! বেগটো পাইহে আমাৰ শুকান মুখলৈ পানী আহিল৷ ইয়াৰ পিছতহে মুকলি মনেৰে সেই ধুনীয়া চহৰখন চোৱাত মনোনিবেশ কৰিব পাৰিলোঁ৷ দুই এপদ সৰু সুৰা স্মাৰক কিনি ঘূৰি ফুৰোতে ৩৷ ৪জন মান জৰ্জিয়ান ভদ্ৰলোকে আমাক ’ভাৰতীয়’ বুলি জানি আমাৰ লগত নিজৰ নিজৰ ম’বাইলৰে ফটো তুলিবলৈ উথপ থপ লগালে৷ এনে অভিজ্ঞতা মোৰ এক দশক আগতে চুইজাৰলেণ্ড ভ্ৰমণ কৰোতেও হৈছিল৷
দেড় দুই ঘণ্টাৰ পিছত বদবি মনেষ্ট্ৰিত কেইগছিমান মমবাতি জলাই আমাৰ উভটনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ টিবিলিচি পাবলৈ ৬০কিলোমিটাৰমান থাকোতে হাইৱেৰ গাতে লাগি থকা এখন ডাঙৰ বজাৰ চকুতপৰিল – নাম ’লিলু মাৰ্কেট’৷ গাড়ী ৰখাই আমি বজাৰত সোমালোঁ৷ বজাৰ নহয় সেইখন এখন দৈনিক বহা প্ৰকাণ্ড হাটহে৷ শাক-পাচলি, ফল-মূল, কাপোৰ-কানি, জোতা-ছাতি, ইলেকট্ৰনিক সামগ্ৰী, দৰব, কিতাপ-কাকত-আলোচনী, হোটেল, মনোহাৰী সামগ্ৰীৰ দোকান সকলোৱেই আছে৷ ভাৰতীয় লোকক গ্ৰাহক হিচাপে পাই এই লিলু মাৰ্কেটৰো দুই তিনিজন দোকানীয়ে আমাৰ সৈতে উছাহৰে ফটো উঠিলে৷
জোতা, বেগ আৰু দুই এপদ সৰুসুৰা কাপোৰ সুলভ মূল্যত পাই আমিও কিনি ললোঁ৷ তাৰ পিছত প্ৰসাবগাৰত সোমাই এটি আচৰিত দৃশ্য দেখা পালোঁ৷ ৩০পইছা দি লোকসকলে শৌচ-প্ৰসাব কৰিবলৈ প্ৰবেশ কৰে৷ পানী, জুলীয়া চাবন, টিচু পেপাৰ, আইনা সকলো যোগাৰেই ভিতৰত উপলব্ধ৷ কিন্তু ই কি? এফালে ৫জনকৈ পুৰুষে ঠিয়হৈ প্ৰসাব কৰি আছে আৰু পিঠিফালে ৫জন পুৰুষে ইণ্ডিয়ান টয়লেটত তললৈ মূৰ কৰি মলত্যাগ কৰি আছে৷ মাজত নাই দুৱাৰ, নাই কোনো পৰ্দা৷ ইউৰোপিন ইউনিয়নৰ অন্তৰ্ভুক্ত এখন উন্নত দেশত এনে ব্যৱস্থা আশ্চৰ্য্যকৰ!
জৰ্জিয়াৰ সকলোবোৰ টুৰিষ্ট কেন্দ্ৰতেই অনেক নানা ধৰণৰ আকৰ্ষণীয় স্মৰণিকা পোৱা যায়৷ তাৰে কিছুমান কুটীৰ শিল্পজনিত(যেনে পুতলা, কাপোৰৰ বেগ, ঊলৰ বস্ত্ৰ আদি৷ ) তাৰ বিপৰীতে অনেক ৰেডিমেড সা-সৰঞ্জাম (যেনে চাবিৰ ৰিং, দেশৰ চিত্ৰ থকা নানাৰঙী কাপ আদি)আহে চীন দেশত নিৰ্মাণহৈ৷

তিনি

পুৰণি টিবিলিচি দৰ্শন কৰিবলৈ গৈ কেবল কাৰৰ কাৰ্য্যালয়ৰ কাষত এজোপা লো আৰু আন ধাতুৰে বনোৱা এজোপা গছ দেখিবলৈ পালোঁ৷ গছ জোপাৰ ওচৰৰ বেঞ্চত এজনী যুৱতীয়ে এজনী ডাঙৰ আকাৰৰ চৰাইলৈ বহি আছে৷ ইচ্ছুক দৰ্শকে নিজৰ হাতত বা কান্ধত চৰাইজনী বহোৱাই ফটো তোলে৷ এই কাৰবাৰটো ডোহা আৰু ডুবাইটো দেখা পাইছোঁ৷ বিনিময়ত চৰাইৰ গৰাকীয়ে কিবা এটা বৰঙনি লয়৷ যুৱতীজনীৰ সৈতে বেঞ্চত এজন আৰ্মিৰ ড্ৰেচ পিন্ধা বয়সিয়াল লোক বহি আছিল৷ আমাক ওচৰলৈ যোৱা দেখি নিজে আগবাঢ়ি আহি কৰমৰ্দন কৰি ফটো উঠাৰ আগ্ৰহ ব্যক্ত কৰিলে৷ তাৰ পিছত নিজে নিৰ্দেশনা দি আমাৰ সৈতে বেলেগ বেলেগ ভংগীমাৰে কেইবাখনো ফটো উঠিলে৷ ক’লে তেওঁ এসময়ত ৰাচিয়ান আৰ্মিত আছিল৷ ৰাচিয়ান লোকে ভাৰতীয় মানুহক বৰ ভাল পায় হেনো৷ আমি তেওঁৰ পৰা বিদায়লৈ যাব ওলোৱাত আমাক ১০জৰ্জিয়ান লাৰি দিবলৈ ক’লে৷ তেতিয়াহে গম পালোঁ সেই লোকজন আচলতে এজন অভিনেতাহে৷ টুৰিষ্টক আক্ষৰিক অৰ্থত টুপী পিন্ধাই ধনহে ঘটি আছে!

ইয়াৰ পিছত খোজ কাঢ়ি এটি টিলা বগাই বগাই প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্য্যৰ ব’টানিকেল ৰোডৰে গৈ ব’টানিকেল গাৰ্ডেন পালোগৈ৷ বাটত আমাক পেং লোৱা এজন লোকে চেৰ পেলাই গ’ল৷ এটা সময়ত আমি আগুৱাই গৈ দেখা পালোঁ বেচি জনসমাগম হোৱা ঠাই এডোখৰ বাচিলৈ তাত তেওঁ বহি ভিক্ষা মাগিছে৷ ভিক্ষাৰীৰ সমস্যাটো বিশ্বজনীন সমস্যা৷ বিভিন্ন দেশৰ চৰকাৰে আইন-কানুন কৰিও ভিক্ষাবৃত্তি ৰোধ কৰিব পৰা নাই৷ আয়াৰলেণ্ডত পঢ়িবলৈ গৈ দেখিছিলোঁ তাত বাচ ষ্টেচন, ৰেল ষ্টেচন, বজাৰ আদি ঠাইত বহুতো ভিক্ষাৰীয়ে মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰাকৈ ডাঙৰ ডাঙৰ কিতাপ পঢ়ি বহি থাকে-সন্মুখত টুপী এটা ওলোটাকৈ পাৰি দিয়া থাকে৷ স্পেইন দেশত চৰকাৰে ভিক্ষাৰীৰ বাবে আবাস গৃহ বনায়ো বিষয়টো নি: শেষ কৰিব পৰা নাই৷ কাৰণ তেনে সংস্থাপিত গৃহত ভিক্ষাৰীয়ে নিজৰ কুকুৰ-মেকুৰী-কুকৰা আৰু লাম-লাকটু সকলো লৈহে থাকিব খোজে৷ তদুপৰি পৰিষ্কাৰ পৰিচ্ছন্নতা, নিয়ম শৃঙ্খলা আদিৰ বান্ধোন তেওঁলোকে মানিব নোখোজে৷ টিবিলিচিত দেখিলোঁ কিছুমান মহিলাই কোলাত কেঁচুৱা লৈ আৰু কিছুমানে ৪৷ ৫বছৰীয়া সৰু ল’ৰা-ছোৱালীলৈ ভিক্ষা বৃত্তিত নামে৷ দূৰলৈকে টুৰিষ্টৰ পিছে পিছে এটি অকণমানি শিশোৱে পিচ নেৰিলে কিবা অলপ দি হলেও ভ্ৰমণকাৰী সকলে উদ্ধাৰ পাব বিচাৰে৷

বিশাল আকাৰৰ ব’টানিকেল গাৰ্ডেনখন নানান গছ-গছনিৰে ভৰা৷ ইয়াৰ প্ৰবেশ দ্বাৰৰ কাষতেই এটি পুলিচ ষ্টেচন আছে৷ টিলাটোৰ গভীৰ তললৈ চালে বৈ থকা এটি নিজৰা দেখা যায়৷ নিজৰাৰ পানীৰ উৎস হ’ল এটি জলপ্ৰপাত৷ প্ৰায় ২কিলোমিটাৰ খোজ কাঢ়ি আমি জলপ্ৰপাতটো চালোঁগৈ৷ পৰিবেশটো পৰিপাটি আৰু পৰিষ্কাৰ৷ জলপ্ৰপাতৰ পানীত নামি বহুতো লোকে গা ধুইছে৷
ব’টানিকেল গাৰ্ডেনৰ পৰা নামি আহোতে সেই পথতে থকা জামা মছজিদটো বাহিৰৰ পৰাই ভূমুকিয়াই চালোঁ৷ ইয়াৰ পিছত সমতললৈ নামি আহি আন এখন ফুলনিত প্ৰবেশ কৰিলোঁ৷ সেই পাৰ্কখনৰ গাতে লাগি আছে আবানোটোনাবি চাল্ফাৰ বাথৰ পৌৰানিক কৃৰ্তি চিহ্ন৷ তাৰ প্ৰায় ওচৰতেই আছে টিবিলিচিৰ মিউজিয়াম৷ সেই অঞ্চলটোৰ পৰিবেশ পুৱাৰ পৰা নিশা দুপৰলৈ ৰমক জমক হৈ থাকে৷ আমি দুই এপদ চ’ভনিয়েৰ কিনিলোঁ৷ বইল কৰি বেচা গোমধান আৰু বনাই থকা আলুৰ চিপচ কিনি গাড়ীৰে পৰৱৰ্তী লক্ষ্যস্থানলৈ ৰাৱণা হলোঁ৷

এইবাৰ চহৰৰ এটা কোণত অৱস্থিত এটি সৰু হ্ৰদ পৰিদৰ্শন কৰাৰ পিছত টিবিলিচিৰ পাহাৰৰ এক অন্যতম উচ্চস্থানত অৱস্থিত পাৰ্কলৈ গলোঁ৷ তাত মিনি ট্ৰেন আৰু প্ৰকাণ্ড ঘূৰণ চকৰি আছে৷ উভটনি যাত্ৰাত টিবিলিচি মলত সোমাই কেৰিফ’ৰত সুলভ মূল্যত পোৱা কিছু খাদ্য সামগ্ৰী কিনি ল’লোঁ৷ সন্ধিয়া ৭বজাত হোটেলত নমাই দিবৰ সময়ত গাড়ীৰ চালকক জনালোঁ পিছদিনা আমি আনানুৰী আৰু গুডাবৰীৰ পাহাৰ ভ্ৰমণত যাম৷

পিছদিনা পুৱা ১০বজাত যাত্ৰা আৰম্ভ কৰি টিবিলিচিৰ পৰা দেড়ঘণ্টাৰ যাত্ৰাৰ মূৰত ৭০কিলোমিটাৰ দূৰৈত অৱস্থিত আনানুৰী লে’ক আৰু তাত থকা দূৰ্গ পালোঁগৈ৷ আনানুৰী লে’কটো সেউজীয়া পাহাৰে কেউদিশৰ পৰা আৱৰি মোহনীয় ৰূপ দিছে৷ দূৰ্গৰ চৌদিশৰ গড়, ভিতৰৰ তলাতল ঘৰ আৰু তাত থকা গীৰ্জাঘৰ চাই মোৰ মনত এটাই উপলব্ধি হ’ল এটা সময়ত ইউৰোপত ধৰ্মযাজক আৰু শাসক দুয়োটা ভূমিকা একেজনেই ৰূপায়িত কৰিছিল নেকি?
আগুৱাই পাহাৰৰ উচ্চতালৈ যাত্ৰা কৰি এঠাইত বহল হালধিয়া টিলা এটি দেখা পালোঁ-তাত পানী নিগৰি বৈ আছে৷ সেয়া বোধকৰো ছালফাৰৰ পাহাৰ৷ কথাটো নিশ্চিত কৰিবলৈ সেই সময়ত কোনো বিজ্ঞলোক নাপালোঁ৷

আৰু আগলৈ গৈ থাকোতে ভাল লগা দৃশ্য কেইটামান হ’ল- পাহাৰৰ বিচিত্ৰতা (গছ-বন থকা বা নথকা, শিলাময় বা মাটীয়া বৰণৰ), জাক জাক ভেড়া ছাগলী পাহাৰ ঠিয় গড়াইদি নামি অহাৰ দৃশ্য, কেইডোখৰমান ঠাইত পেৰাগ্লাইডাৰ দেখুৱা কৰতব৷
ভাল লাগিল সৰুসুৰা বস্তু বেচা বয়সিয়াল পোহাৰী কেইজনীৰ উছাহ চাই৷ তেওঁবিলাকে বেচে বতৰৰ ফল, ভজা বাদাম, ফলৰ চৰবত ঘৰত বনাই অনা জৰ্জিয়ান চিকেন আৰু কুটীৰ সামগ্ৰী৷ আহোতে যাওতে লক্ষ্য কৰিলোঁ ঠায়ে ঠায়ে মানুহে গাড়ী ৰখাই প্ৰাকৃতিক মিনাৰেল পানী বটলত বা গেলনত ভৰাই সংগ্ৰহ কৰিছে৷ এই ক্ষেত্ৰত আমিও ব্যতিক্ৰম নহলোঁ৷
টিবিলিচৰ পৰা গুডাবৰীলৈ দূৰত্ব ১২৫কিলোমিটাৰ৷ আমি ভ্ৰমণৰ সুখদ স্মৃতি সামৰি সেইদিনা সন্ধিয়া ৮বজাত হোটেল পাওঁহি৷ মোখনিত কম যে জৰ্জিয়া ভ্ৰমণৰ বাবে আগ্ৰহী লোকৰ বাবে চাবলৈ, জানিবলৈ, উপভোগ কৰিবলৈ এই দেশত যথেষ্ট সমল আছে৷ মোৰ লিখনিৰ মাধ্যমেৰে এটি চমু আভাস মাথো ডাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ৷

************

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.