হিতেন শৰ্ম্মাৰ দিনলিপি (ধ্ৰুৱজ্যোতি শৰ্মা) (তৃতীয় অধ্যায়) – ৫

হিতেন শৰ্ম্মাৰ দিনলিপি (ধ্ৰুৱজ্যোতি শৰ্মা) (তৃতীয় অধ্যায়) – ৫

হিতেন শৰ্ম্মাৰ দিনলিপি (ধ্ৰুৱজ্যোতি শৰ্মা) (তৃতীয় অধ্যায়) – ৫

by September 17, 2017 0 comments

জুনিয়ৰে কামুৰি আছে, এদিন ৰেষ্টুৰেণ্টত গৈ খাব। মোৰ চাকৰি পোৱাটো ইমান সৰু কথা নহয় যে সি তাক স্মৰণীয় কৰি ৰখাৰ সুবিধাটো এৰিব। সেইমতেই সিদ্ধান্ত কমদামী দোকান এখনত এসাঁজ খাম দুয়ো। গুৱাহাটীত থকা বহু বছৰেই হ’ল। তথাপি আজিলৈ বাহিৰত খোৱাৰ সুবিধা হোৱা নাছিল। প্ৰয়োজনবোধো নাছিল। সেই বাবেই হওঁক বা ইণ্টাৰেষ্ট নথকা বাবেই হওঁক, কি ৰেষ্টুৰেণ্ট ভাল, কি বেয়া সেয়া মই নাজানিছিলোঁৱেই। প্ৰকাশ্যে ৰেষ্টুৰেণ্ট বাচনি কৰাৰ দায়িত্ব পৰিল জুনিয়ৰৰ ওপৰতেই। প্ৰথম মাহৰ দৰমহা। অলপমান টকা, কিন্তু কৰণীয় বহুত। প্ৰথম মাহৰ দৰমহাৰে মা-দেউতাৰ বাবে এসাজ কাপোৰ, জুনিয়ৰৰ বাবে সৰুকৈ হ’লেও কিবা এটা, ধাৰৰ টকাখিনিতো আছেই। মাহটো চলিব পৰাকৈ হাতত কেইটামান মজুতো ৰাখিব লাগিব। মুঠতে বহুত কৰণীয়। তথাপি জুনিয়ৰৰ কথা পেলাব পৰা শক্তি মোৰ নাই। মোৰ অতি দুখৰ সময়ত জানি-নাজানি সিয়েইতো মোৰ ছাঁ হৈ আছিল।

এখন যুদ্ধৰ মাজেৰে মই গুৱাহাটী পাইছিলোঁহি। সেই যুদ্ধ আনৰ সৈতে যিমান হৈছিল, নিজৰ লগত তাতোকৈ বহুত বেছি কৰিব লগা হৈছিল। জীৱন যাপনৰ বাবে, ভাঙি পৰা মনটোৰ মেৰামতিৰ বাবে, আশাবোৰ পুনৰাই জীপাল কৰিবলৈ, কিহৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা নাছিল! কৰি গৈছিলোঁ। সংগ্ৰামত শিৰনত কৰা নাছিলোঁ বাবেই আজি ইয়াত থিয় দি আছোঁ। জুনিয়ৰে হয়তো ভালকৈ নাজানে কথাবোৰ। নজনাৰেই কথা। মইতো কেতিয়াও মুখ খুলি একো কোৱা নাই তাক। হয়তো কিছু কিছু জানে। কিন্তু মনৰ উমান পায় জানো! পাবতো নালাগে। প্ৰতিক্ৰিয়াশীল নোহোৱা বাবেই বহুকথা স্পষ্ট নোহোৱাকৈ থাকি গ’ল। সিদ্ধান্তবোৰ আধৰুৱা হৈ গ’ল। বহু ক্ষেত্ৰত আধৰুৱা বাটৰেই লগৰী হৈ কটালোঁ। আৰুবা কিমান আছে আগলৈ! দেওবাৰৰ কৰণীয় কামবোৰ কৰি দুপৰীয়াৰ সাঁজ খাওঁতে দেৰিয়েই হৈছিল। খাই বৈ বিচনাত পৰি পৰি ভাবি থাকিলোঁ কথাবোৰ। ভাবিলোঁ বুলি ক’লে হয়তো ভুল কৰা হব। ভাৱনাই নতুনকৈ পোখা মেলিলে। বহুদিন উভতি যোৱা নাছিলোঁ অতীতলৈ। হঠাত দুমাহৰ আগৰ ঘটনাই মূৰৰ ওপৰত অতীতৰ ত্ৰিপাল টানি ধৰিলেহি। এতিয়া কেনেকৈ পলাম সেই অতীতৰ পৰা!

বিচনাৰ পৰা উঠি মুখখন ধুলোঁ। এপাক গণেশগুৰিৰ পৰাই আহোঁগৈ। বহুদিন আড্ডালৈ যোৱা নাই। লগৰবোৰক বহুদিন লগো পোৱা নাই। ক’ত বা আছে সিহঁতবোৰ!

সন্তোষ পাণ ভাণ্ডাৰৰ সন্মুখত ফুটপাথৰ ৰেলিঙত ধৰি ৰাস্তাৰ ফালে চালোঁ। বৰ বিচিত্ৰ লাগিছে গধূলিৰ এই মহানগৰী। মোৰ পিছপিনে ফুটপাথেৰে অজস্ৰ মানুহৰ আহ-যোৱা চলি থাকিল। সন্মুখৰ ৰাস্তাৰে অসংখ্য গাড়ী। গাড়ীবোৰ ইমানযে বাঢ়িল আজিকালি। সৌ সিদিনালৈকে কেইখনমান মাৰুটি কম্পেনীৰ গাড়ীৰ বাহিৰে প্ৰায় বেলেগ কম্পেনীৰ গড়ী নচলিছিলেই এই পথেৰে। তাৰ মাজতে অলপ দামী বা বেলেগ কম্পেনীৰ গাড়ী থাকিলেও সেয়া সকলোৰে চিনাকি আছিল। আৰু এতিয়া! মিনিটত কিমানযে গাড়ী পাৰ হৈ গৈছে! কিমান যে ব্ৰেণ্ডৰ গাড়ী। কত ধৰণৰ। আৰু কেৱল গড়ীয়েইনে! বাইক, চাইকেল, ৰিক্সা, অট’ৰিক্সা, চিটিবাছ, ঠেলা কিনো বঢ়া নাই। চিটিবাছৰ উৎপাতত মানুহ আজিকালি ৰাস্তাৰে যাব নোৱাৰা হৈ গৈছে। মুঠতে এক হুলস্থূলীয়া পৰিস্থিতি। গড়ী-বাইকৰ হৰ্ণ, চাইকেল-ৰিক্সাৰ টিলিঙা কিহৰ যে মিশ্ৰণ নাই!

-অ’ই কুকুঅ পোৱালি, কথা কবলে আইছ’? আঅম্ভ হবলেই পোৱাগে নাই, ভাআ বৰালিয়েই? – মোৰ প্ৰায় সন্মুখতে ৰাস্তাৰ কাষত ট্ৰেকাৰ এখন ৰ’লহি আৰু লগে লগে ভাঁহি আহিল আজিকালি প্ৰায়ে চলি থকা ভাওনা এখন।

-নাই নাই। পইচা দিবা ন’ল্লি উথপায়ে নালগে। ভাৰা সেয়ে আগোৰেপৰা।

-অ’ই। তহঁতি ইনেই মাৱ নাখাৱ। ঘূআ, ঘূআ দুটকা ঘূআ।

-যাবাদিয়া – হেণ্ডিমেনৰ কথামতে ট্ৰেকাৰ গুছি গ’ল।

-অ’ই (অশ্লীল) পুতেক, যা যা মোৰ দুটকাৰে ৰজা হবিগৈ যা। – মানুহজনে ভোৰভোৰাই গুছি গ’ল। কথা বাৰ্তাতেই গম পোৱা গ’ল মানুজহন উজনিৰ ফালৰ। আৰু হেন্দিমেনজন নামনিৰ।

কিমান যে মানুহ গোট খালে গুৱাহাটীখনত। হয়তো কামৰ সন্ধানত। হয়তো প্ৰতিষ্ঠাৰ বাবে, হয়তো অন্য কাৰণত। ইমান মানুহ। কাৰণো সেইধৰণে অজস্ৰ। কিছুমানে যদি সৰু সুৰা চাকৰিৰ বাবে দিনৰ দিনটো ঘূৰি ফুৰিছে, কিছুমানে আকৌ ফুটপাথতে চবজীয়েই হওঁক বা পাণ-তামোলৰ দোকান দিয়েই হওঁক, দুপইচা ঘটাৰ আচিলা উলিয়াইছে। সেই বাবেই ফুটপাথবোৰ কেৱল মানুহৰ পদপথেই হৈ থকা নাই, ই এতিয়া সৰু সৰু ব্যৱসায়িক স্থানো হৈ পৰিছেহি। নতুন যেন লাগিছে গুৱাহাটীখন। নতুন যেন লাগিছে পৰিৱেশটো। ৰাস্তাৰ সিটো পাৰত গঢ়ি উঠা নতুন কেবামহলীয়া ঘৰটোৰ প্ৰথম মহলাত নীলা-ৰঙা লাইটেৰে চমকি উঠা নতুন বাৰখনৰ দৰে ৰহস্যময় লাগিছে পৰিৱেশটো।

-এবে। এইজন আজি আকৌ ক’ৰপৰা ওলালহি! – পিচপিনৰ পৰা অহা মাতত ঘূৰি চালোঁ। মমিন। মমিনুৰ। আমাৰ আড্ডাৰ লগৰী।

-কি খবৰ বছ?

-তুমাৰহে কোৱা।

-বঢ়িয়া। টাম্মাম একদম। -সচৰাচৰ কোৱাৰ দৰে মই উত্তৰ দিলোঁ।

-আজিকালি ক’ত থাকাবে?

-আগৰ ঠাইতে আছোঁতো

-ইমানদিন দেখা নাই যে?

-অলপ ব্যস্ত আছিলোঁ।

-আড্ডাতো নাহা আজিকালি!

-সময়েই নাপাওঁ দেখোন।

-কিয় বে? আগতেতো পাইছিলা। কিবা চাকৰিত সোমালা নেকি?

-নাই। ক’ত চাকৰি পাবাহে। – কিয় জানো, চাকৰি পোৱা খবৰটো মমিনক জনাবলৈ মোৰ ইচ্ছা নগ’ল। আৰু কাউৰীটোৱে অজ্ঞাত স্থানৰ পৰাই কা-কা কৰি উঠিল।

-নহ’লে টাইম কিয় নোপোৱা।

-আমি হ’লোঁ গোবৰ খুচৰা পোক। এলডা খুচৰি এটা পৰুৱা পাওঁ। তাতে দেখিছাই নহয়, আজিকালি গৰুৱেই নাই, গতিকে গোৱৰো নাই। বহু সময় নিবিচাৰিলেই গোৱৰেই নাপাওঁ।

-হ’লনে আৰম্ভ?

-সঁচা কৈছোঁ আকৌ।

-ব’লা, চাপ একাপ খাওঁগৈ।

চাহ একাপৰ প্ৰয়োজন অনুভৱ নকৰা নহয়, সেই বাবেই দুয়ো আগুৱাই গ’লোঁ লখিমীৰ ফালে। ফুটপাথেৰে। হঠাতে ‘ধম’কৈ শব্দ এটা ৰাস্তাৰ পৰা ভাঁহি আহিল। তাৰ পিছত এজন মানুহৰ বিকট শব্দ। ৰাস্তালৈ ঘূৰি চাই দেখিলোঁ এজন মানুহ আমি থিয় হোৱা ঠাই টুকুৰাৰ পোনে পোনে ৰাস্তাৰ মাজত পৰি আছে। আৰু তেওঁক খুন্দা মৰা প্ৰচণ্ড গতিশীল চেঙেলীয়া বাইকখন আহি ফুটপাথত খুন্দা মাৰি ৰৈ গৈছেহি। এক মূহুৰ্তত কি কৰিম ভাবি আমি দুয়ো থিয় হৈ ৰ’লোঁ। চিধাই ৰাস্তালৈ নামি যাবলৈ ফুটপাথত ৰেলিং। মানুহবোৰ গতানুগতিকভাৱে আগুৱাই থাকিল। ৰাস্তাৰ কাষত পৰি থকা মানুহজনৰ কাষেৰেই কেবাখনো গাড়ী-বাইক পাৰ হৈ গ’ল। অলপ কাষত থকা ডিভাইডাৰৰ সুৰুঙাৰে মানুহৰ ৰাস্তা পাৰ হোৱাৰ পৰিক্ৰমা চলিয়েই থাকিল। তাৰ পিছত কোন মূহুৰ্তত গাড়ী মটৰৰ আগেৰে দৌৰি গৈ মানুহজনৰ কাষ পালোঁগৈ গমকেই নাপালোঁ। বহুত চেষ্টা কৰিও মানুহজনক উঠাব নোৱাৰিলোঁ। এজন মদাপী। তেওঁৰ মুখৰ পৰা ভাঁহি আহিছে দেশীয় সুৰাৰ তীব্ৰ গোন্ধ। হয়তো মানুহজনৰ থিৰ হৈ থকাৰ শক্তি নাছিলেই অথবা দুৰ্ঘটনাটোৱে মানুহজনক সংজ্ঞাহীন কৰি পেলালে। যি নহ’লেও মানুহজনক উঠাবলৈ মই বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। লগে লগে আৰু দুজন মানুহ দৌৰি আহিল। এজন ওচৰৰে ফাৰ্মাচীখনৰ ল’ৰাজন আৰু এজন সিটো পাৰত ফুটপাথত বহা চাহদোকানী। আমি তিনিও ধৰি মানুহজনক উঠাবলৈ চেষ্টা কৰিলোঁ। কিন্তু সংজ্ঞাহীন মানুহজনক উঠাব নোৱাৰি দাঙি ৰাস্তাৰ কাষলৈ আনিলোঁ। তেতিয়ালৈকে মমিন কলৈ গৈছিল খেয়াল ৰখা নাছিলোঁ। হঠাতে মমিনে অট’ এখন আনি কাষত থিয় কৰালেহি। আমি মানুহজনক ধৰি মেলি অট’ত উঠাই দিলোঁ।

-অ’ই, তই উঠ। – মমিনে এইবাৰ এজন ল’ৰাক হাতত ধৰি টানি আনিলে। এতিয়াহে বুজিলোঁ মমিনে ল’ৰাদুজনক ধৰিলেহি।

-দাদা, চাবিপাত দিয়ক। আমি বাইকেৰে যাম।

-চাবি নাপাৱ এতিয়া। মানুহজনক হাস্পতালত নি ভাল কৰি আন, তেতিয়াহে চাবি পাবি।

-দাদা, আমাৰ লগত পইচা একেবাৰে নাই।

-পকেটত পইচা নাথাকে আৰু দামী বাইকেৰে ৰাস্তাত স্পাইডাৰমেনেগিৰি কৰি যাকে তাকে খুন্দিয়াই ফুৰিবি! পকেটত টকা নাই যদি বাইক বেচি চিকিৎসা কৰিব লাগিব।

-অ’ই তোৰ বাপেৰৰ নম্বৰ দি – অন্য এজনেও এইবাৰ ধৰিলে।

অগত্যা দেউতাকৰ ফোন নং দি ল’ৰাজন অটোত উঠিল। এজনে দেউতাকক ফোন কৰি আহিবলৈ ক’লে। লগতে ক’লে যে ল’ৰাজনৰে দোষ আৰু মানুহজনৰ চিকিৎসাৰ দায়িত্ব তেওঁৱেই লব লাগিব।

মানুহজনক লৈ অটোৱালা দিশপুৰ পলিক্লিনিক অভিমুখে গুছি গ’ল। বাইকৰ চাবিপাত সন্তোষ পাণ ভাণ্ডাৰত দি আমিও হাস্পতালা অভিমুখে আগবাঢ়িলোঁ। তেতিয়ালৈ ঘটনাস্থলীত এজন ট্ৰেফিক পুলিচ উপস্থিত হ’লহি।

আমি ইমানেই যান্ত্ৰিক হৈ গ’লোঁনে! এজন মানুহ ৰাস্তাৰ মাজত দুৰ্ঘটনাত পতিত হৈ পৰি থাকিল, আৰু আমি জীৱনৰ নিগনি দৌৰতে ব্যস্ত থাকিলোঁ। ইমানেই ব্যস্ত নে মানুহবোৰ। এইখিনি মানৱীয়তাও নাইনে। নে হৃদয়খন এটা চোলাৰ দৰে খুলি থব পৰা হ’লগৈ! ক’তা! বিকলাংগক সহায় কৰিবলৈ, দুখীয়াক সহায় কৰিবলৈ বিভিন্ন সামাজিক কামত সহানুভূতি দেখুৱাবলৈ ওলাই অহা মানুহৰ উৎপাতত দেখোন আজিকালি ৰাস্তালৈ ওলাবই নোৱাৰি। অমুক সাহাৰ্য্য, তমুক সাহাৰ্য্য। ক’লৈ গ’ল তেওঁলোক। নে এই সকলোবোৰ এতিয়া একো একোখন ফান্দহে মাথোঁ। এক ডাঙৰ প্ৰশ্নবোধকে মনটোক হেঁচি ধৰিলেহি। কিয় এনে হ’ল মানুহবোৰ। অসমীয়া বুলিলে যি মমতাৰ পৰিচয় আছিল, যি সামাজিক দায়ৱদ্ধতা আছিল, ক’লৈ গ’ল সেইবোৰ!

মমিন আৰু মই দুয়ো দুয়োৰে মুখলৈ চালোঁ। তাৰ মনতো হয়তো একেই ভাৱেই আহিছে। কিন্তু আমিযে একোৱেই কৰিব নোৱাৰোঁ। অসহায় এটি প্ৰশ্নৰে দুয়ো মানুহজনৰ কায়িক সহায়ৰ বাবে আগবাঢ়িলোঁ হাস্পতাললৈ।

[ক্ৰমশঃ]

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.