ৰাধিকা — কুসুমাঞ্জলি শৰ্মা

ৰাধিকা  —  কুসুমাঞ্জলি শৰ্মা

ৰাধিকা — কুসুমাঞ্জলি শৰ্মা

by September 17, 2017 0 comments

এক

নীলাচল পাহাৰৰ গাত লাগি আছে ৰাধিকা গোস্বামীৰ সৰিয়হ ফুলৰঙী ঘৰটি৷
ম্যাদামৰ ভাষাত,

“পাহাৰত গাত লাগি থকা মোৰ সৰু পঁজাটি৷“

নিবিড়ৰ দুচকুৰ আগত ভাঁহি উঠিল হালধীয়া ঘৰটোৰ এক অস্পষ্ট অৱয়ব৷ টেলিস্কোপৰ এডজাষ্টাৰৰ নবটো ঘূৰাই ঘূৰাই নিবিড়ে পুনৰ তাত দৃষ্টি ফ’কাচ কৰিলে৷ ধীৰে ধীৰে স্পষ্টহৈ আহিছে৷

ম্যাদামৰ ঘৰৰ খিৰিকীৰ দীঘল পৰ্দা সমূহ কোঁচাই থোৱা আছে৷ ব্ৰহ্মপুত্ৰৰ ফালৰ পৰা অহা এজাক যেন চেঙেলীয়া বতাহে খিৰিকীত ওলোমাই থোৱা পাতল হাফপৰ্দাসমূহ চট চটাই আউলী বাউলী কৰি কোবাই আছে৷

শক্তিশালী অলিম্পাচ কোম্পানীৰ হেণ্ডী টেলীস্কপেৰে খিৰিকীৰ বিপৰীতে থকা ৱাল কেবিনেট কেইটাৰ বন্ধ দৰ্জাকেইখনো দেখা পোৱা গৈছে৷ মেমক দেখা পোৱা নাই৷

“ৰাধিকা মেম নাই, মানে ঘৰত নাই৷ ইমান দেৰিলৈকে আহিয়ে পোৱা নাইনে! কোনোবা এজনীয়ে কাপোৰ কোঁচাই আছে৷ ম্যাদামৰ ঘৰৰ ফ্ৰক পিন্ধি থকা বুঢ়ী গৰাকী চাগৈ৷ মাদ্যামৰ ভাষাত তেওঁৰ হেল্পাৰ গৰাকী এভাৰ টিনেজাৰ৷“

আজি তিনি মাহ জুৰি নিবিড়ৰ এইটো নতুন কাম হৈছে৷ নীলাচল পাহাৰৰ নামনিত থকা তাৰ শোৱনি কোঠাৰ খিৰিকীৰে ওপৰৰ ফালে বহুদূৰৈত থকা ৰাধিকা মেমৰ ঘৰটোৰ ফালে মাজে মাজে চাই থকা৷

এনেই খালী চকুৰে চালে নিবিড়ে ঘৰটোৰ দৰ্জা খিৰিকী অকণি অকণি যেন দেখে৷ বিশাল নীলাচল পাহাৰৰ প্ৰকাণ্ড একো চটা শিল পৃষ্ঠভূমিত আৰি লৈ ৰাধিকা গোস্বামীৰ আটোমটোকাৰী সেই ঘৰ৷ বগানভেলিয়াৰ গুলপীয়া ফুলে পাতে সাৱটি থকা ছবিৰ দৰে সেই ঘৰ৷

ৰাধিকা মেম ঘৰত থাকিলেও যেন নিবিড়ৰ এটা অস্বস্তি লাগি থাকে __ “ কি কৰি আছে বা মা’মে?“
আৰু নাথাকিলেও আন এক উদ্বিগ্নতাই তাক অস্থিৰ কৰি তোলে “কিয় আহি পোৱা নাই!“

নিবিড় আজিকালি যেন প্ৰফেচৰ ৰাধিকা গোস্বামীয়ে গম নোপোৱাকৈয়ে তেওঁৰ অতন্দ্ৰ প্ৰহৰী৷

মেম তাৰ গাইড৷ গবেষণাৰ গাইড৷
পৌৰাণিক সময়ত দেৱীমাতৃ পূজা আৰু উত্তৰ পূৱ ভাৰতৰ পেক্ষাপটত এক তুলনামূলক অধ্যয়ন৷ এইবিষয় লৈ সি গৱেষণা আৰম্ভ কৰিছে৷

“মাইকী চাবজেক্ট লৈছা বে’“ লগৰ বোৰে জোকাইছিল৷

“তো মতা চাবজেক্ট কি?“

“আৰে বাবা, নৰকাসুৰ, নৰকাসুৰ ল৷ মৰ্দানা আছে৷“
আন এজনে তাক জোকাইছিল

“ইটো নিজেই মাইকী হয়৷ আজিলৈকে এটা মাল পতাব নোৱাৰিলে বে৷“

“কি আছিল! কি আছিল! সেই যে মতা পাণ্ডৱজন কিছুদিন মাইকীৰ ড্ৰেছ পিন্ধি ডিচগাইষ্ট হৈ আছিল?“

“আবে বৃহণ্ণলা!“

নিবিড়ে বেছিভাগ নীৰৱে থাকে৷ কিন্তু কেতিয়াবা অসহ্য হ’লে এষাৰ ভেকাহি মাৰি উঠে-

“চুপ ৰহো য়্যাৰ! উল্টা পুল্টা বাত নকৰ৷“

ৰাধিকা মেমৰ তত্ত্বাৱধানত সি গবেষণাৰ কাম আগবঢ়াব লৈছে৷

মেমৰ কলেজত ক্লাছ থাকে৷ সেইবাবে প্ৰায়ে বন্ধৰ বাৰ নহ’লে সন্ধিয়া সময়ত নিবিড় তেওঁৰ ঘৰলৈ যাবলগীয়া হয়৷ তদুপৰি সি জিলা পুথিভঁৰালৰ
বিশাল পুস্তক ভাণ্ডাৰ খুচৰি ফুৰা তথা পুৰাত্বত্ত বিভাগৰ সংগ্ৰহালয় আৰু ৰাজ্যিক সংগ্ৰহালয়লৈ তাতবাতি কৰিব লগীয়া হৈছে৷

অনেক গৱেষণাৰ ছাত্ৰই বহু সময়ত কৰাৰ দৰে সি কাট এণ্ড পেষ্ট সূত্ৰ প্ৰয়োগ কৰা নাই৷

**************

প্ৰফেচৰ ৰাধিকা গোস্বামী৷ তেৱোঁ কষ্ট কৰিবলৈ সাজু৷
তেওঁ গাইড কৰা ছাত্ৰৰ গৱেষণা পত্ৰখনৰ লগতে বিষয় বস্তুৱেও যাতে সমাজলৈ কিবা এটা অৰিহণা যোগাব পাৰে তাৰ বাবে তেওঁ সদায় প্ৰযত্নশীল৷

গবেষণাৰ কামত নিবিড়ৰ স’তে উত্তৰ পূৱ আৰু পশ্চিম বংগৰ অনেক স্থানলৈ যাব লগীয়া হৈছে৷ ৰ’দে বতাহে ঘূৰি ফুৰিছে৷

আগতে সদায় নিজৰ মাজতে যেন কোঁচ খাই সোমাই থকা নিবিড়ৰ মাত কথা ওলাইছে৷ আজিকালি ৰাধিকা ম্যাদামৰ স’তে কথা পাতে৷
কেতিয়াবা সি সোধে৷ বেছিভাগতে ম্যাদামে নিজেই কৈ যায়৷
নিবিড় সচেতন হৈছে৷
ভুলতেও ম্যামে যেন তাক বৃহণ্ণলা বুলি ভাবিব নোৱাৰে৷

দুই

নিবিড় ক্ৰমাৎ এঢলীয়াকৈ ওপৰলৈ যোৱা পথটোৰে গৈ গৈ ৰাধিকা গোস্বামীৰ ঘৰৰ জপনাৰ কাষ পালেগৈ৷ তাৰ পিঠিত লেপটপৰ বেগ৷ মটৰ চাইকেলখন তলৰ কেঁকুৰিতে এৰি আহিছে৷ ইমান থিয়গৰীয়াকৈ থকা পথটোৰে সি চলাব নোৱাৰে৷

জপনাত হাত দিওঁতেই ’ভতুৱা’ ওলাই আহিল৷ তাক দেখি সিপাৰৰ পৰাই নেজ জোকাৰিব ধৰিলে৷

কাচিৎ আলহীৰ মুখ দেখা ভতুৱাই নিবিড়ক দেখিলে যেন সৰু ল’ৰা ছোৱালীৰ দৰেই আনন্দত আত্মহাৰা হৈ যায়৷ তাৰ বুকুলৈকে জঁপিয়ায়! !

প্ৰথম দিনা সি তেওঁৰ ঘৰলৈ যাওঁতে নামটো শুনি অলপ আচৰিত হৈছিল৷
“ম্যাম! ইয়াৰ নাম ভতুৱা যে?“
“দুবছৰমান আগতে প্ৰাতঃভ্ৰমণৰ সময়ত তলৰ ৰাস্তাৰ ফুটপাথৰ পৰাই ই মোৰ পিছ ল’লে৷ তেতিয়া পোৱালি আছিল৷ বেচেৰাটোৱে হেঁপাই ফেপাই অহা দেখি মই এচোৱা বাট কোঁচত লৈ আনিলোঁ৷ ৰম্ভাদিৰ কি খং৷ বোলে এইটো ভতুৱাৰ সঁচ৷ দুনীয়াৰ লেতেৰা সোপা খাই আহিব৷ তেতিয়াৰ পৰাই সি মোৰ লগত আছে৷ ৰম্ভাদিয়ে কথাই পতি ভতুৱা বুলি মাতিছিলে যে, সি তাৰ নাম বুলিয়েই ভাবি ল’লে আৰু৷“
ভতুৱাৰ কথা ক’ব পালে ৰাধিকা ম্যামে বেলেগ কথা পাহৰি যায়৷

নিবিড়ৰ গৰম লাগিছে৷ ৰঞ্জিতা গোস্বামীৰ ঘৰলৈ পাহাৰ বগাই আহি সকলোৰে প্ৰথমে গৰমেই লাগে৷
সেয়েহে ৰম্ভাদিয়ে বহাৰ পিছত এগিলাচ সতেজ নেমুৰ চৰ্বত প্ৰথমেই যাচেহি৷
“ম্যাম, আপুনি তলৰ ফালে এটি ফ্লেট লব পাৰিলেহেঁতেন!“
“কিয় ভাগৰ লাগিছে?“
“নাই মানে, আপুনি গাড়ীও ৰাখিব নোৱাৰে ইয়াত৷“
“নিবিড় সৌ ফালে চোৱা, কি দেখিছা?“
“ব্ৰহ্মপুত্ৰ৷“
“আৰু বাকী ফালে চোৱা৷“
“পাহাৰ, শিল, গছ আৰু তলত ৰাস্তা, ৰেলৰ লাইন৷“
“আজি চাই থোৱা৷ পাৰিলে কি দেখিলা মনত ৰাখি থোৱা৷ এমাহৰ মূৰে মূৰে দেখা পৰিবৰ্তনসমূহ চাবা৷“
কিছু ৰৈ তেওঁ আকৌ ক’লে _
“মোৰ কাষলৈ আহিবৰ বাবে সকলোৱে কষ্ট পায়৷ কিন্তু মই বৰ সুখত থাকো৷ আচ্ছা, মই লোকক কষ্ট দি সুখ পাওঁ নেকি!“
পিছৰ কথাখিনি যেন তেওঁ নিজকহে ক’লে৷
“তেনে কথা নহয় মাদাম, তেনে কথা নহয়৷“-
নিবিড়ে আৰ্তনাদ কৰি উঠিল৷
সি মনত ভাবিলে-
“তেনে কথা একেবাৰে নহয়, মই আপোনাক এপলক চাবৰ বাবে, অলপ সময় আপোনাৰ লগত কটাবলৈ এশ এটা পাহাৰ বগাবলৈ সাজু ম্যাম৷“

************

চাহাবেও আপত্তি কৰিছিল –
“তুমি কিয় পৰ্বতৰ চুড়াত থাকা৷ একেবাৰে ভগৱতীজনা হৈ!“
“চাহাব, ভগৱতীক পাবলৈ কষ্ট কৰিব লাগে৷“
“মই সাজু৷ ৰাধিকা দেৱী ভগৱতীক পাবলৈ মই পাহাৰ বগাম৷ নৰকাসুৰ হৈ তোমাৰ পদপথ সোণেৰে সজাম৷ সোণৰ চিৰিৰে নামি আহি মোৰ পঁজাত সোমাবাহি৷ মোৰ কলিজাৰ বান্ধি লোৱা সৰু পঁজাটিত৷“

********

তিনি

“ পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে যুগে যুগে
নাৰীক পূজা কৰি আহিছে৷ নাৰী মাতৃ৷ আদিম কালৰে পৰা এই পৃথিৱীৰ সৃষ্টিৰ ধাৰা পূৰুষ আৰু প্ৰকৃতিৰ সমন্বয়তেই প্ৰবৱহমাণ হৈ আহিছে৷“

ৰাধিকাই একেৰাহে কৈ কিছুদেৰি দুৰলৈ চাই মৌন হৈ ৰ’ল৷
নিবিড় ৰৈ আছে৷ মাউচত ধৰি ম্যামৰ মুখলৈ চাই ৰৈছে৷ ম্যামৰ, ৰহস্যময়ী ৰূপ৷ মানুহ ইমান লাৱন্যময়ী হব পাৰেনে?

মধ্য বয়সতো এগৰাকী যৌৱনমতী গাভৰুৰ দৰেই মোহময়ী৷ ম্যামে কিয় সংসাৰ আৰম্ভ নকৰিলে৷ সুধিব নোৱাৰি৷ অন্ততঃ নিবিড়ে নোৱাৰে৷ তাৰ সৌজন্যবোধে তাক অনুমতি নিদিয়ে৷

“ পৰাগৈতিহাসিক কালত মানুহে সন্তান জন্মৰ কথাটোত পুৰুষৰ ভূমিকাৰ বিষয়ে অজ্ঞ আছিল৷ এগৰাকী নাৰীৰ পৰা সন্তান জনম হোৱা কথাটোৱে তেওঁলোকৰ মাজত নাৰীৰ প্ৰতি এক সমীহৰ সৃষ্টি কৰিছিল৷ বোধকৰোঁ সেই সমীহ সৃষ্টিৰ পৰাই দেৱীমাতৃকাৰ পূজনৰ ধাৰণাৰ জন্ম হ’ল৷“

নিবিড়ে টাইপ কৰি গৈছে৷ ৰাধিকাই উঠি গৈ ভিতৰৰ পৰা কিতাপ এখন লৈ আহিল৷

“এয়া চোৱা এই ফটোখন এতিয়ালৈকে আবিস্কৃত আটাইতকৈ পুৰণি দেৱীমাতৃকাৰ মুৰ্ত্তি৷ তুমি ফটোখন স্কেন কৰি প্ৰিণ্ট এটা লৈ থোৱা৷“

নিবিড়ে তুৰ্কীস্থানৰ মধ্য আণ্টুলীয়াত প্ৰাপ্ত এনিয়লিথিক যুগৰ মূৰ্তিটোৰ ছবিৰ লগত সংলগ্ন কথাখিনি পঢ়িলে৷

ম্যামে কোৱা কথাখিনিৰ লগত বাস্তৱৰ বহুত অন্তৰাল আহি পৰিছে৷

অৱশ্যে সময়ৰ লগতে সকলোৱেই জানি গৈছিল, সন্তান জন্মৰ সময়ত পিতৃ পুৰুষৰ ভূমিকাৰ কথা৷
নাৰী পূজনীয় হৈ নাথাকিল৷ বোধহয়
প্ৰাগৈতিহাসিক দিনৰ পৰা চলি অহা দেৱীমাতৃকাৰ মুৰ্ত্তি পূজি আহিলেও নাৰীৰ চিন্ময়ী ৰূপটোৰ স্থান পৰবৰ্তী সময়ত অৱনমিত কৰা হ’ল৷

ম্যাদামৰ ঘৰৰ পৰা নামি আহি নিবিড়ে মালিগাঁৱৰ লগৰ অজিত কুণ্ডুৰ ভাৰাঘৰলৈ গ’ল৷
সি বেংকত চাকৰি কৰে৷ দুয়ো মাজে মাজে লগ হয়৷

নিবিড় তাৰপৰা ওলাই নিজৰ ৰূম পায়গৈ মানে নিশা বাৰ বাজি গৈছে৷

**************

ৰাধিকাৰ দুচকুত নিশাৰ নিঃসাৰ পৃথিৱী৷
এক পুৰুষৰ ছায়ামুৰ্ত্তি আহি তাইৰ খিৰিকীৰ কাষত থিয় দিলেহি৷

উৰ্ধাংগ উদং সেই বাহুৱলী পুৰুষৰ সৰ্বাংগ ঘামেৰে তিতি আছে৷ ঘৰ্মাক্ত শৰীৰত জোনাকৰ পোহৰ বিচ্চুৰিত হৈছে৷ কান্ধত পেলাই ৰখা
উত্তৰীয় খনেৰে মুখৰ ঘাম মচি ৰাধিকাৰ চকুলৈ চাই সুধিলে _
“দেৱী তুমি সাজুনে?“

কি কব ৰাধিকাই!

চাহাব আকৌ কেনেকৈ আহিল!
চাহাব কেলেই নৰকাসুৰ হৈ আহিছে?

নৰকাসুৰক কি ক’ব তাই!
“ৰাধিকা, বাৰে বাৰে মোৰ স’তে লুকাভাকু কৰিব নোৱাৰিবা৷ মই তোমাৰ বাবে বিস্তীৰ্ণ উপত্যকা জুৰি ফুলৰ মেলা পাতিছোঁ৷ সেই ফুলনিৰ মাজত তোমাৰ বাবে এটি ঘৰ সাজিছোঁ৷“
“চাহাব, তোমাৰ কথাৰে মোক প্ৰলোভিত নকৰিবা“
হাহাকাৰ কৰি উঠে সেই নৰকাসুৰ ৰূপী চাহাবে!

“কেলেই? কেলেই?“
গুম গুমাই কঁপি উঠে নীলাচল পাহাৰ৷
“মই কব নোৱাৰিম সেইকথা৷ জানিলে তুমি মোক দুচেও কৰিবা৷“

সি কেনেকৈ কৰিব দুচেও তাৰ প্ৰাণৰ প্ৰতিমাজনীক! যিজনীক দশক জুৰি হৃদয়ৰ বেদীত উপবিষ্ট কৰি অহোৰাত্ৰ পূজন কৰি আহিছে৷
“ধৰি বান্ধি লৈ যাব পাৰোঁ৷ কিন্তু মই নিনিওঁ৷ “

হাঁহাঁকৈ হাঁহি উঠে ৰাধিকাই৷ তাইৰ হাঁহিৰ প্ৰতিধ্বনিত আঁতলচ ফল খাই থকা বাদুলি দুজনী পাতৰ মাজৰ পৰা ধপ ধপাই উৰি যায়৷ ভতুৱাই এবাৰ গেটৰ ওচৰত গৈ ভূকি আহে৷

“প্ৰেম প্ৰত্যাখান কৰা মোৰ নিচা চাহাব!
প্ৰেম প্ৰত্যাখান কৰা মোৰ আশৈশৱ নিচা!“

আকৌ খিলখিলাই হাঁহি উঠে তাই৷

“ৰাধিকা, দেৱী ভগৱতীৰ পীঠস্থানৰ নিকট বাস কৰিলেও তোমাৰ দেৱত্ব প্ৰাপ্তি হোৱা নাই৷ মই জেদ লৈছো৷ তুমি মোক শৈশৱতো হৰুৱাব পৰা নাছিলা আৰু কোনোদিনেই হৰুৱাব নোৱাৰা৷“

উস্ নৰকাসুৰক কেনেকৈ বাৰণ কৰে তাই৷
কুকুৰাই ডাক দিছে৷
কুকুৰাই ডাক দিছে৷
তুমি গুচি যোৱা৷

চ’তৰ শেহনিশাৰ ব্ৰহ্মপুত্ৰৰ ফালৰ পৰা অহা এচাটি মলয়াই ৰাধিকাৰ শৰীৰ মন শাঁত পেলোৱাৰ কথা৷ কিন্তু তাই ঘামি জামি ধহমহকৈ শেতেলীৰ পৰা উঠিল৷

ৰেলৰ আলিৰ সিপাৰৰ পৰা ডাক ভাঁহি আহিছে৷ কামাখ্যা গেটত বহা মাংস বেপাৰীয়ে কাটিবলৈ আনি মজুত কৰি ৰখা মতা কুকুৰাই ডাক দিছে৷
হয়! হয়!

মৃত্যুৰ দিনটো উদযাপনৰ তাৰ কি হেঁপাহ!

ৰাধিকা সুন্দৰীও সাজু হ’ল এটা ব্যস্ত দিনৰ আৰম্ভণি কৰিবলৈ৷

চাৰি

পাহাৰৰ ওপৰৰ তাহাঁতৰ মাটি চাবলৈ পৰিয়ালটো গৈছিল৷
সেই মাটিবাৰী পিতৃয়ে উত্তৰাধিকাৰী সূত্ৰেৰে লাভ কৰিছিল৷

“পিতা, আমি ইমান ওখত কিয় থাকিম?“
“বাছা, সদায় ওপৰত থাকিব লাগে৷ যিমানে ওপৰলৈ যাবা, সিমানেই তোমাৰ দৃষ্টিৰ দিগন্ত প্ৰসাৰিত হৈ যাব৷“
কৌতূহলী ৰাধিকাই শুনি যায়৷ তাইৰ পিতাক পণ্ডিত লোক৷ যি কৈছে নিশ্চয় শুদ্ধ কৈছে৷
“শীৰ্ষত কম লোক যায়৷ পাদদেশত অলেখে যাতায়ত কৰি থাকিব পাৰে৷“
“ভৰি বিষাই যায় মোৰ৷“
“অভ্যাস হৈ যাব৷“
তাইৰ মাতৃয়ে আক্ষেপ মিহলি মাতেৰে কৈ উঠে, “আইজনী চিন্তা নকৰিবা, মেখেলা উজাই পৰ্বত বগাবলৈ শিলৰ খটখটী সাজি দিব৷“
“কোনে মোৰ বাবে শিলৰ্ খটখটী সাঁজি দিব বাৰু!“,
অকণমানি ৰাধিকাৰ প্ৰাণত প্ৰশ্ন জাগে৷
তেতিয়াই, হয় তেতিয়াই ৰাধিকাৰ মনত আহিছিল চাহাবৰ কথা৷
চাহাব তেতিয়া চাহাব হোৱা নাছিল৷
তাইৰ বাবে সকলো দুঃসাধ্য কথা সি অনায়েসে সমাধা কৰি দিছিল৷

সৰুতে একেলগে দুয়োৰে পৰিয়ালে বাস কৰিছিল৷ তাহাঁতৰ কলনীৰ দেৱালৰ পিছৰ পৰাই বিস্তীৰ্ণ পথাৰ আছিল৷

কলনীৰ সমনীয়াজাকটোৰ স’তে তায়ো গাঁৱলীয়া খেতিয়কৰ সন্তানৰ দৰেই স্কুল নথকা সময়ত হাবি বননিয়ে, পথাৰে নৈ পাৰে পাৰে পিয়াপি দি ফুৰিছিল৷
এদিন সকলোৱে কিছু দূৰলৈ গৈছিল৷ এটাই জাকে জানৰ সিপাৰ পাইছিলগৈ৷ উভতি চাই চাহাবে ওৰফে ৰাজুৱে চিঞৰিলে,
“কি হ’ল, জাপ মাৰি আহা৷ “
জানটোৰে তীব্ৰ বেগেৰে বৈ যোৱা পানী দেখি ৰাধিকাৰ মূৰ ঘূৰাইছে৷ বাঁহৰ শাকোখনৰ আঢ়ৈফুট মান জেগাত শলি নাই৷
“মই উভতি যাওঁগৈ!“
“হেই ভয় পাদুৰী! ৰবি, মই গৈ আছো৷“

সি আহি পিঠি পাতি বহিছিল৷ ন দহ বছৰীয়া ৰাধাক তাৰ বোকোচাত উঠাই ভগা শাকো একে ডেৱে পাৰ হৈ আহিছিল সি৷

আন এদিন ভেটফুল বুটলিবলৈ পথাৰত নামোতে ৰাধিকাৰ কলাফুলত গধুৰ গধুৰ ভাব হোৱাত সেইফালে চাই তাই আৰ্তনাদ কৰি উঠিছিল৷ ভয়তে দুনাই চাবলৈ সাহস হোৱা নাছিল৷ আলিত উঠি চিঞৰি চিঞৰি জঁপিয়াই থাকোঁতে জাকটো দৌৰি আহিছিল৷
হয়! হয়! এডাল ম’হ ৰঙী পানীজোকে ৰাধিকাৰ মাখন ৰঙী কলাফুলত মেৰিয়াই ধৰিছে৷ সবৰে ইস্ আস্ শুনি বেঁকাকৈ চাই ৰাধিকাই আকৌ চিঞৰি চিঞৰি তাল ফাল লগাইছিল৷
জাকৰ ভীম চাহাব আহি ওচৰ চাপোঁতে ৰাধিকাই আৰু জপিয়াই চিঞৰ বাখৰ লগালে৷
“ৰবা, ৰবা তুমি চকু মুদি থাকা, এতিয়াই এইদাল গুচাই দিম“
তাই দুচকু হাতেৰে ঢাকি কোনোমতে তাৰ গাত ভেজা দি ৰৈছিল৷
কি কৰিছিল চাহাবে?
পাৰে মানে থুৱাই থুৱাই পিছলাই জোক ডাল এৰুৱাই হাতত লৈ তাইক কৈছিল, “ চা, ভয়াতুৰ জনী!“
তাৰ হাতত বিজলুৱা জোকটো দেখি তাইৰ সৰ্বাংগ শিয়ৰি উঠিছিল৷ সি হাঁহি হাঁহি পকা দলি চপৰা দলিয়াই দিয়াৰ দৰে পথাৰৰ পানীলৈ দলিয়াই দি কৈছিল, এৰি দিলোঁ৷ নহ’লে তাৰ মাকে চিন্তা কৰি থাকিব আৰু শুনা, মই লগত থাকিলে একো চিন্তা নাই বুইছা?“
তাই চকু পানী ফ্ৰকত মচি হাঁহি মুৰ ডুপিয়াইছিল৷
গোটেই জাকে তাইক শিয়ৰি শিয়ৰি জোকাইছিল,
“ভেট কান্দুৰী, পেলেক হাঁহুৰী!“

*********

“সিহঁতক কিয় এৰি আহিলোঁ আমি?“
উত্তৰত পিতাকে কৈছিল,
“আওহতীয়া জেগাত সোমাই থাকিলে তোমালোকৰ পঢ়া শুনা ভালদৰে নহ’ব৷“

তাইৰ অকণমানি কলিজাই কোনোৱে নজনাকৈ কান্দি থাকিছিল৷ তাহাঁতৰ ওচৰলৈ দৌৰি যাবলৈ মন গৈছিল৷ কিমান শ কিলোমিটাৰ দূৰলৈ গুচি আহিছিল!
তাই ভালকৈ জানিব পৰা নাছিল৷ চেনিকুঠিৰ ভাৰাঘৰৰ পৰা পিতাকে চানমাৰীৰ অফিচলৈ গৈছিল৷ তাই টি চি স্কুলত আৰু ভায়েকে পাণবজাৰৰ ডনবক্সত নাম লগাইছিল৷

ক্ৰমশঃ তাহাঁতৰ পৰিয়ালটো মহানগৰৰ পূৰাপুৰি বাসিন্দা হৈ পৰিছিল৷

অৱসৰ লৈ যেতিয়া পিতাকে পাহাৰৰ গাত ঘৰ সাঁজিছিলগৈ, তেতিয়া ৰাধিকাই পাহৰি পেলাইছিল তাৰ কথা৷

তাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি আহি কলেজত চাকৰি কৰিব লৈছিল৷ নৰকাসুৰ হৈ শিলৰ খট খটি সাজি দিবলৈ কালৈকো আশা কৰি থকা নাছিল৷

মেধাবী ভায়েকে প্ৰথমতে নেৰিষ্টত পঢ়িলে, তাৰ পিছত বাংগালোৰত দুবছৰ পঢ়ি লণ্ডনলৈ গুচি গ’ল৷ তাৰ পৰ্বতবাস নহ’ল৷

***************

প্ৰকাণ্ড চেহেৰাৰ মিলিটাৰী পাৰ্চনেল এগৰাকীয়ে ঘামি জামি পাহাৰ বগাই তাহাঁতৰ জপনা খুলিছিলহি৷ বাৰন্দালৈ ওলাই অহা তাইৰ মা পিতাকৰ ভৰি চুই সেৱা কৰি কৈছিল, ”খুৰা, মোক চিনি পাইছেনে? সেই যে বৰুৱা ডুবিৰ কলনীৰ ৰাজু অঘাইটং?“

কলেজৰ পৰা আহি গা পা ধুই কিবা খাই বিছনাত জিৰণি লৈ বাতৰি পঢ়ি থকা ৰাধিকাই কথাখিনি শুনিলে৷ সৰ্বাংগতে এক অচিন শিহৰণ বৈ গ’ল৷ কি ক’ৰে তাই এতিয়া!

এসোপা কিশোৰী সুলভ লাজে তাইৰ কাণ মুৰ গৰম কৰি তুলিলে৷

তাৰ ওচৰলৈ দৌৰ মাৰি যাব মন গৈছে অথচ তাই বিছনাত স্থবিৰ হৈ ৰৈ আছে৷

পাঁচ

ৰবিবাৰৰ দিনৰ এঘাৰ বজাত নিবিড়ে ৰাধিকাৰ ঘৰৰ জপনা খুলিছে৷ ভতুৱাৰ আনন্দৰ কুঁ কুঁৱনি শুনি ৰাধিকাই ছাঁদৰ ওপৰৰ পৰাই ভূমুকি মাৰি চাই নিবিড়ক দেখি নামি আহিল৷

“ম্যাম, অলপ সোনকালে আহিলোঁ৷ প্ৰবলেম হব নেকি?“
“নাই,নাই! আহা ওপৰলৈকে যাওঁ৷“
তাক ছাঁদত পাতি লোৱা খাটৰ ওচৰলৈ লৈ গ’ল৷ সেইখন খাটখন বাৰ মাহে তাতে থাকে৷ নিবিড়ক ওচৰতে প্লাছটিক চকী এখনত বহিব দিলে৷ খাটৰ গোটেইখনতে বিভিন্ন আলোচনী, বাতৰি কাকত আদি সিঁচৰত হৈ আছে৷ তাৰে কিছু চিজিল কৰি মোকলাই ৰাধিকা বহিল৷

খাটখন পিতাক থকা দিনৰে পৰাই তাত আছে৷ এতিয়া ৰম্ভাদিয়ে ঠাণ্ডাৰ দিনত বিছনাৰ কাপোৰ ৰ’দোৱা, গৰমৰ দিনৰ গধূলি তাত বহি শাক পাচলি কটা কামত ব্যৱহাৰ কৰে৷ দিনত তাত কেবাটাও আচাৰৰ বটল থৈ ৰ’দায়৷
বন্ধৰ দিনত খাটখন ৰাধিকাৰ ঢেৰ কামত আহে৷

ছাঁদৰ সেই চুকটোত বাৰীৰ সোণাৰুৰ পাতলীয়া পাতৰ ফাঁকেৰে অহা ৰ’দ পৰিছে৷ ছাঁ ৰ’দ মিহলি এক আৰাম দায়ক পৰিবেশত ৰাধিকাই সেই সব বাতৰি, আলোচনী লুটিয়াই আছিল৷ তাই মনতে থিৰাং কৰিছিল যে দিনভৰ তাই এনেয়ে লেলাই ধেন্দাই কটাব৷ একেবাৰে নন-একাডেমীক এটা দিন৷

এসপ্তাহ ধৰি নিবিড় অহা নাছিল৷ সেইবাবে ৰাধিকাই আজিও সি আহিব বুলি আশা কৰা নাছিল৷
“ম্যাম, বহু ঠাই ফুৰিলোঁ৷ অসমৰ বিভিন্ন স্থানত অৱস্থিত মহামায়া থানসমূহৰ এক ক্ষেত্ৰ ভিত্তিত জৰীপ কৰিলোঁ লগতে তাৰ লগত জড়িত কাহিনী, ইতিবৃত্ত আদিও সংগ্ৰহ কৰি আনিছোঁ৷“
“সুন্দৰ, আলোচনা কৰিম ৰবা৷ আগতে চাহ একাপ একাপ খাওঁ৷ চুলি মুৰ ধুই ৰ’দত বহি থাকোঁতে টোপনি ভাব এটা আহি আছে৷“

কিছু সময় পিছত চাহ দুকাপ আৰু ভুজিয়া এবাতি লৈ ৰাধিকা আহিল৷
“আজি ৰম্ভাদি নাই৷ শীতলাদেৱীৰ পূজা চাবলৈ লামডিঙৰ ভনীয়েকৰ ঘৰলৈ পুৱাই ৰেলত গৈছে৷ মই ভাত বনাম, খাই যাবা হা৷“
নিবিড়ে কি ক’ব! ৰাধিকাৰ সমূখত কথা কবলৈয়ে তাৰ সাহস নাই৷ আপত্তি কৰা বহু দুৰৈৰ কথা৷

চাহৰ কাপত চুমুক দি ৰাধিকাই বাতৰি কাকতখন বৰ মনোযোগেৰে পঢ়িছে৷

এপিঠি মেলা আধাভিজা চুলিৰে বেগুনীয়া ঘৰুৱা পোছাকত ম্যামক বৰ স্নিগ্ধ লাগিছে৷ ছাঁদখনত ৰখা পানী টেংকিৰ পৰা অভাৰ ফ্ল হৈ পানী পৰিছিল হবলা৷ তাৰে এটা তৰাং ডোঙাত সূৰুজৰ ছবি প্ৰতিফলিত হৈ ৰাধিকাৰ ডিঙি আৰু গালত সৰু সৰু ৰূপোৱালি তিৰ বিৰ পোহৰৰ পটীয়ে নাচি আছে৷

বহুদেৰি ওপৰত থকা বাবেই বোধহয় তাইৰ মুখখন ৰঙচুৱা পৰিছে৷
“হে ঈশ্বৰ! কুমলীয়া গোলাপী আভাৰে মানুহজনীক লিওনাৰ্ড দি ভিন্সিৰ ছবি ভাৰ্জিন অৱ দি ৰকচ্ যেন লাগিছে৷“
নিবিড়ে মনতে আওৰাই গৈছে, “ ভাৰজিন অৱ দি ৰকচ্, শৈল্য কুমাৰী!
শৈল্য কুমাৰী! নে দেৱী মহামায়া!
ৰাধিকা গোস্বামী যেন এই মুহূৰ্তত অলৌকিক ৰহস্যময়ী দেৱী মহামায়া আৰু নিবিড় তেওঁৰ নিমাখিত পূজাৰী!
পূজাৰীৰ ইচ্ছা অনিচ্ছাৰ প্ৰতি কাহানিও ঈশ্বৰী সজাগ নহয়৷ ঈশ্বৰীৰ ইচ্ছাতহে পূজাৰীয়ে সাত পাক ঘূৰিব৷

দুয়োৰে চাহ খাই হ’লত, নিবিড়ে লেপটপত ফল্ডাৰকেইটা খুলি সংগ্ৰহ কৰি অনা দাতা আৰু ফটো সমূহ ম্যাদামক দেখুৱাই গ’ল৷
ৰাধিকাই আৰু কেইটামান কথা যোগ দি পুনৰ ভালকৈ টাইপ কৰিব দি ভাত ৰান্ধিবলৈ তললৈ নামি গ’ল৷

********
দুয়ো একেলগে ভাত খাবলৈ বহিল৷
“মই নিৰামিষভোজী৷খাবলৈ তুমি দিগদাৰ পাবা নেকি?“
ঘিঁৰে ফোৰণ মৰা ৰহৰ ডাইল, চজিনা আলুৰ চৰ্চৰি আৰু শুকানকৈ ভজা সৰু আলুগুটি আৰু তিলৰ গুড়া দি সেউজীয়া মটৰ, কণবিলাহী, কটা ধনীয়া পাতেৰে মিহলি এখন জ্বলা চাটনি ৰান্ধিছে৷
“নাই,নাই ম্যাম, তেনেকুৱা কথা নহয়৷ মই নিজেও প্ৰায় ডালত আলু বিলাহী দি খাওঁ৷ মাছ মাংস খাবলৈ হ’লে মা মনসা হোটেলৰ পৰা পেকিং কৰি নিওঁ৷“

খাই থাকোঁতে ৰাধিকাই কৈ গৈছে,
“আচলতে আগতে ময়ো মাছ তাছ খাইছিলোঁ৷ দেলহীত নিৰামিষ ভোজী পি জিত থাকোঁতে পিছলৈ আমিষ খাদ্য লেতেৰা লেতেৰা লগা হ’ল৷ ঘৰতো মা পিতাই সাই বাবাৰ ভক্ত হৈ নিৰামিষ খোৱা হ’ল৷ তেনেকৈয়ে আৰু৷ ৰম্ভাদিয়ে নিজে খাবলৈ কেতিয়াবা পাণ্ডুৰ বজাৰৰ পৰা আনে নহ’লে ঘৰলৈ বেচিব অহা বেপাৰীৰ পৰা সৰু মাছ ৰাখে৷“
“ম্যাম্ আপুনি ভাল ৰান্ধিছে৷ “
সঁচাকৈয়ে নিবিড়ে খাই ভাল পাইছে৷
ৰাধিকা গোস্বামী দেৱী!
দেৱী অন্নপূৰ্ণা! !

*************

বহুদেৰি ড্ৰয়িং ৰুমত ৰাজুৰ স’তে মাক পিতাকৰ কথা বতৰা হোৱাৰ পিছত মাক চাহ কৰিবলৈ সোমাই আহিল৷ তেওঁ তাইক আলহীৰ কাষলৈ ওলাই যাব ক’লে৷
তাই বহাকোঠালৈ সোমাই আহিল৷
তাই অহাৰ লগে লগে পিতাকেও উঠি ক’লে, “বহা আইজনী,বাবাৰ লগত কথা পাতা৷সৰুতে দুয়ো কমখন লগৰীয়া আছিলানে!“

মিলিটাৰী অফিচাৰ গৰাকী অঘাইটং নাম পোৱা ৰাজু আছিলনে নাছিল ৰাধিকাই ধৰিব পৰা নাছিল৷ কিন্তু তাইৰ ফালে চাই গলগলীয়া মাতেৰে তেওঁ ক’লে, “হেই মু, মই ভাবিছিলোঁ, তোমাৰ ঘৰৰ জপনাৰ দুয়োফালে দুজোপা হালধীয়া ফুলৰ কৰবী ফুলৰ গছ থাকিব৷“
“মোৰ নামতো মু নাছিল!“,
দোধোৰ মোধোৰ অৱস্থাত পৰি ৰাধিকাই হাঁহাকাৰ কৰি উঠিল৷ কিন্তু সেই তাহানিতে বৰুৱাডুবিৰ তাহাঁতৰ কোৱাৰ্টাৰটোৰ জপনাৰ দুয়ো ফালে দুজোপা হালধীয়া ফুল ফুলা কৰবী গছ থকা কথাটো মনত পৰিল৷
“মাই ইউনিক৷ জানো, মাই ইউনিক ৰাধিকা৷ তোমাৰ খবৰ মই ডাঁৰৰ বাতৰি ডাঁৰে ৰাখি আহিছো৷“
লাজুকীয়া হাঁহিৰে চকুত তিৰবিৰনি তুলি ৰাধিকাই কৈছিল,
“জু, তুমি চাহাব হৈ গ’লা৷ মিলিটাৰী চাহাব৷ মই তোমাৰ একো কথা নাজানিছিলোঁ৷”
হা হা কৈ হাঁহি ৰাজুৱে কৈ উঠিল,
“চাহাব হ’লো মই৷ মিলিটাৰী চাহাব৷“
“মই তোমাৰ এই ৰূপ তাহানিৰ সেই অঘাইটঙৰ স’তে মিলাব পৰা নাই৷ সঁচাকৈয়ে তোমাক চাহাব বুলি মাতিম৷ মিলিটাৰী চাহাব৷“
“অকে ডান৷ কিন্তু তুমি মু, মাই ইউনিক ৰাধিকা৷ “
“ডান৷“
ৰাধিকাই শলাগিলে৷

*************

সেইদিনত না আছিল মবাইল, না ফেচবুক৷ চাহাবে কেনেকৈ ৰাখি আহিছিল তাইৰ খবৰ!
এটি দীৰ্ঘ হুমুনিয়াহ এৰি দুপৰ নিশা বিছনাত ৰাধিকাই কাটি সলালে৷

ছয়

ৰাজু হাতী বৰুৱা৷
দুৰ্দান্ত, আসুৰিক শক্তিৰ অধিকাৰী সেই পুৰুষ৷দেশৰ সেৱাৰ বাবে জীৱন অৰ্পিত সেনা বাহিনীৰ বিষয়া৷
ৰাধিকাৰ মিলিটাৰী চাহাব!
চাহাব!
চাহাবে তাইৰ খবৰ ৰাখিছিল৷

****

বৰুৱা ডুবিৰ ঘৰৰ জপনাৰ কাষৰ কৰবীফুল দুজোপাৰ মাজেৰে কামলা দুজনে ঘৰৰ বয়- বস্তুৰ টোপোলা সমূহ এ বি চি ৰ ট্ৰাকত তুলিছিল৷ আবেলি সেইখন গুৱাহাটীলৈ গুচি যোৱাৰ পিছত ৰাধিকাহঁতৰ পৰিয়ালটোৱে ৰাজুহঁতৰ ঘৰত নিমন্ত্ৰণ ক্ৰমে সন্ধিয়াতে ভাত খাইছিল৷ ৰাতিৰ ন বজাত ষ্টেচন পাবলগীয়া নামনি মুৱা ৰেলত তাহাঁতো যাবগৈ৷
কিছু দিনলৈ নে চিৰ দিনলৈ যাব, কথাষাৰে ৰাধিকাৰ কলিজাত বিন্ধাবলৈ বয়স হোৱা নাছিল৷
গাড়ীৰে হাতীবৰুৱাই ষ্টেচনত থৈ আহিব৷
কিন্তু তাইৰ কিবা এটা বেয়া লাগিছে৷ লগৰীয়াক বিচ্ছেদৰ বেদনা৷ তাহাঁতৰ ঘৰ, কলনী আৰু স্কুলতকৈ আৰু কি ইমান আপোন জেগা থাকিব পাৰে?
মা পিতাই কিয় যে নুবুজে!
তাই মাকৰ আগত কুন কুনাইছিল, “মা! আমি আকৌ আহিমনে?“
“নাহো আইজনী৷ কেতিয়াবা চাগৈ ফুৰিব আহিম৷“
“তোমালোক ফুৰিব অহালৈকে মই ইয়াত থাকোনে?“
“কাৰ লগত থাকিবা?“
“ৰাজুহঁতৰ ঘৰত৷ ৰাতি বৰমাৰ লগত শুম৷ বৰমাই মোক কিমান মৰম কৰে৷ চুলি ফণিয়াই বেনী গাঁঠি দিয়ে৷ চকুত কাজল লগাই দিয়ে৷ সদায় কয়, আমাৰ ছোৱালী নাই৷ তোমাকে ৰাখিম৷“
“যদি আমি ইয়ালৈ কেতিয়াও নাহোঁ৷ তুমি থাকিব পাৰিবা?“
তাৰ উত্তৰ কি হব ৰাধিকা আইজনীয়ে নাজানে৷ তোমালোক বহুত বেয়া! মই তোমালোকক বেয়া পাইছো৷“
তাইৰ চকুলো পাৰ ভাঙি বৈছিল৷

গুৱাহাটীত তাইকলৈ মাক পিতাক হাবাথুৰি খাইছিল৷ ভাত পানী খাব নোখোজে৷ কাৰো স’তে নেখেলে৷ কেৱল শুই থাকে৷ তাইৰ বাবে অজস্ৰ কাহিনীৰ কিতাপ আৰু পুতলা কিনি ঘৰ ভৰাই পেলাইছিল৷ মাকেও পুৰণা মোজাত তুলা ভৰাই কইনা দৰা বনাই দিছিল৷
তাই সেইকেইটাকহে চুলে৷

তাই লাহে লাহে সাধুকথাৰ বিভিন্ন কাল্পনিক জগতত  বিচৰণ কৰি ফুৰিব লৈছিল৷
তাইৰ জগত আছিল, আখৰৰ জগত! আখৰৰ প্ৰেমত নিমগ্ন হৈ গৈছিল৷
ক্ৰমশঃ!
ক্ৰমশঃ!

পিছলৈ আখৰে তাইক আনি দিছিল উত্তম উত্তম শৈক্ষিক কাগজৰ চাৰ্টিফিকেট৷ বাতৰি কাকতত বিভিন্ন সময়ৰ ব্যৱধানত প্ৰকাশ পাইছিল তাইৰ ফটোসহ কৃতিত্ব৷ সেই কৃতিত্বৰ নিচাই তাইক গ্ৰাস কৰিছিল৷ তাই এক অহংকাৰী সত্ত্বাত পৰিণত হৈছিল৷ ব্যতিক্ৰমী হোৱাৰ হেঁপাহে তাইক ভিতৰি ভিতৰি অকলশৰীয়া কৰিছিল৷ উপভোগ কৰিছিল নিজৰ অহমিকাক৷

প্ৰেম আহিছিলনে তাইৰ জীৱনলৈ?
প্ৰেম প্ৰয়াসীয়ে প্ৰেমৰ চপৰাৰে তাইৰ চাৰিওফালে হাঁফলু বান্ধিছিল৷
নাই!
নাই!!
সেই মিচিলক তাইৰ জগতৰ বাটচ’ৰাৰ পৰাই বিদায় দিছিল৷

কলিজাটো আইনাৰ বটলত থৈ নিকপকপকৈ ঠিলা মাৰি সেই হাফলুৰ ভিতৰত তাই বাল্মিকী হৈ ৰৈছিল৷

প্ৰেম প্ৰত্যাখান তাইৰ নিচাত পৰিণত হৈছিল৷
দেৱদাস সকলৰ চকুত বিৰিঙি উঠা হতাশাৰ ছবিত তাই উৎফুল্ল হৈছিল৷

*********

সেই ৰাজুহঁতক তাই সমূলি পাহৰি গৈছিল৷
আনকি সি তাইৰ সৰু কালৰ কাহিনীবোৰ কওঁতেও মনত খীণকৈ এক সন্দেহে খুন্দিয়াইছিল৷
“এওঁ, সেই ৰাজু সঁচাকৈয়ে হয়নে!“
সকলোৱে তাৰ কথা ক’লে হাতী বৰুৱাৰ ঘৰৰ’ৰাজু অঘাইটং’টো বুলি কৈছিল৷

কিন্তু সমনীয়া জাকটোৰ বাবে তাহাঁতৰ নানা দুঃসাহসিক অভিযানৰ নেতা ৰাজু সাধুকথাৰ বীৰৰ দৰে আছিল৷ বীৰ হাৰকিউলিচ৷
অথচ তাইৰ জীৱনৰ আকাশৰ পৰা সেই উজ্জ্বল নক্ষত্ৰ ধীৰে ধীৰে ধুসৰ হৈ সময়ত অন্তৰ্ধান হৈ গ’ল৷

কিন্তু সেই ৰাজুৱে তাইৰ  চাহাবে খবৰ ৰাখিছিল৷
সকলো খবৰ ৰাখিছিল৷
ৰাধিকাৰ কৃতিত্বৰ আঁত ধৰি সি তাইৰ কাষে কাষে এক অশীৰীৰ দৰে অনুসৰণ কৰিছিল৷

তাইৰ সমুখত শৰীৰী অৱয়বত মূৰ্তমান হবৰ বাবে নিজৰ যোগ্যতা আহৰণত অৱতীৰ্ণ হৈছিল৷

************

নিবিড়ৰ কি হৈছে৷ সি নিজেই নুবুজা হৈছে৷ অনবৰতে ম্যামৰ কথা মনলৈ আহি থাকে৷
সি বিমোৰত পৰিছে কথাবোৰ স্বাভাৱিকনে অস্বাভাৱিক!
সি নিজেও এখন কলেজত আজি তিনিবছৰ ধৰি শিক্ষকতা কৰি আছে৷
গুৰু শিষ্যৰ বাধ্য বাধকতা তথা সম্পৰ্কৰ মাজত এক পবিত্ৰ পৰিবেশ বিৰাজমান হৈ থাকে সেই কথা সি জানে৷
সুমধুৰ ব্যক্তিত্বৰ বাবে সি সকলোতে আদৰণীয়৷ ডিগ্ৰী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগত তাৰ বয়সৰ ব্যৱধান আঠ ন বছৰৰ হ’লেও তাক সকলোৱে
সদায় এক সম্ভ্ৰমপূৰ্ণভাৱে চায়৷

প্ৰফেচৰ ৰাধিকা গোস্বামী ম্যাদাম তাৰ গুৰু৷ তাক কলেজত নপঢ়ালেও তাৰ গবেষণাৰ গাইড৷ বয়সত কমেও ষোল্ল সোতৰ বছৰৰ জ্যেষ্ঠ৷

কিন্তু সি ভিতৰি ভিতৰি কি এক মানসিকতা লৈ থাকে! আজিলৈকে কোনো ছোৱালী মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা দুৰৰ কথা আগে পিছে কোন অহা যোৱা কৰে সি মনেই নকৰে৷
সেয়ে লগৰ বন্ধুয়ে জোকায়, “তই বৃহন্নলা নেকি বে!“

অথচ সি মাদ্যামক লৈ অনবৰতে দিবাস্বপ্নত নিমগ্ন৷ কথাবোৰ বাহিৰৰ পৰা কোনোৱে গম নাপায়৷ আনকি ৰাধিকা ম্যাদামেও৷ এইটোও গম নাপায় যে তাৰ হাতত এটা অলিম্পাচ কোম্পানীৰ শক্তিশালী টেলিস্ক’প আছে আৰু সেইটোৰে সি মাদ্যামৰ ঘৰটোলৈ পিত্ পিতাই চাই থাকে৷

সাত

ৰাজুৰ দৈহিক শক্তি,মগজুৰ বুদ্ধিমত্তা, প্ৰত্যুৎপন্নমতিতা আৰু নেতৃত্ব প্ৰদানৰ গুণৰ বাবে পৰিয়ালৰ হিতাকাংক্ষী সকলে ভৱিষ্যতে ৰাজুক অসামৰিক সেৱাৰ বাবে উপযুক্ত বুলি ভাবি প্ৰেৰণা দিছিল৷
কিন্তু সি দেশসেৱাৰ বাবে অসামৰিক নহয়, সামৰিক সেৱাৰ জৰিয়তেহে নিজকে আগুৱাই নিবলৈ সাজু কৰিছিল৷
কোনে তাক উদগাইছিল?
কোনে তাক দেশসেৱাৰ বাবে এক উৎকৃষ্ট ব্যতিক্ৰমী পথৰ সন্ধান দিছিল?

বিজু,হয় বিজুদা!
ৰাজু ওৰফে ৰঞ্জয়ৰ দাদা
বিজু ওৰফে বিজয় হাতীবৰুৱা৷
হয় বিজুয়ে কৈছিল,
“চা ৰাজু, ডাক্তৰ ইঞ্জিনীয়াৰ হবলৈ তই হয়তো বেছি কষ্ট নকৰিলেও পাৰিবি৷ আমাৰ অসমত হেজাৰ আছে৷ তোৰ ওপৰত মোৰ গভীৰ আস্থা আছে যে তই অসামৰিক সেৱাতো যাব পাৰিবি৷ কিন্তু“
উজনিৰ এখন প্ৰখ্যাত ব্যক্তিগত বিদ্যালয়ৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ অত্যন্ত চোকাবুদ্ধিৰ ছাত্ৰই তাতকৈ দুবছৰ ডাঙৰ ককায়েকক সুধিছিল৷
“কিন্তু কি?ক’ আকৌ৷“
“তই এন ডি এ এণ্ট্ৰেন্স দি ইণ্ডিয়ান মিলিটেৰী একাদেমীলৈ গুচি যাবি৷ পাছ কৰি ওলায়ে তই টু ষ্টাৰ সহ লেফটেনেণ্ট ৰেংক পাবি৷“
বিজুদাৰ কথাত ৰাজু অঘাইটঙৰ মনটো উচপিচাইছিল আৰু ভৰি দুখনত কুটকুটাইছিল৷
সি ঠাইতে জাঁপ দি চিঞৰি উঠিল, “ইয়াহু!“
চকুত ভাঁহি উঠিছিল তাৰ নামৰ আগত
সংলগ্ন ৰেংক-
লেফটেনেণ্ট ৰঞ্জয় হাতীবৰুৱা
কেপ্তেইন ৰঞ্জয় হাতীবৰুৱা
মেজৰ ৰঞ্জয় হাতীবৰুৱা, লেফটেনেণ্ট কৰ্ণেল, কৰ্ণেল … ……………….গৈ গৈ
অৱশেষত মিলিটেৰী জেনেৰেল ৰঞ্জয় হাতী বৰুৱা৷
উত্তেজিত ভায়েকক দেখি বিজুৱে কৈছিল-
“শুনাচোন কথাবোৰ ইমান সহজ নহয় দেই কিন্তু৷“

হয় হয় ৰাজুৱে বিজুদাৰ কথাটো গুৰুত্ব সহকাৰে লৈছিল৷ দিনে ৰাতিয়ে লাগি লৈছিল৷
হায়াৰ চেকেণ্ডাৰী ফাইনেল পৰীক্ষা দি উঠিয়েই এন ডি এ এণ্টেন্স পৰীক্ষা দিলে৷ আশাকৰা হিচাবে লিখিত এণ্টেন্স পৰীক্ষাত পাছ কৰি ভূপালত অনুষ্ঠিত কৰা সাত দিনৰ , মানসিক সকলো টাস্ক, গ্ৰুপ ডিচকাচন আদিত উত্তীৰ্ণ হৈছিল৷ ভৱিষ্যতে ভাৰতীয় সৈন্যবাহিনীৰ বিষয়া ৰূপে দেশ সেৱা কৰিবলৈ ৰঞ্জয়ে মিলিটাৰী একাদেমীত নাম ভৰ্তি কৰিছিল৷
We make a boy to a man.
-কথাষাৰ আই এম এৰ
চৌহদৰ কোনোবা এঠাইত লিখা আছিল৷
-হয়! হয়!
ডেৰাডুনৰ আই এম এ ৰ পৰা যেতিয়া পাছ কৰি ওলাই আহিছিল তেতিয়া ৰাজু নামৰ অঘাইটং ল’ৰাটো সম্পূৰ্ণ এক ভদ্ৰলোকত পৰিণত হৈ পৰিছিল৷
ছয়ফূট দুই ইঞ্চি ওখ, উনসত্তৰ কেজি ওজনৰ এক সুস্বাস্থ্যৱান সেনাবিষয়া৷

“উস্ ৰাম মু, এদিন যেতিয়া আমি দুটা তৰা আৰি ইউনিফৰ্ম পিন্ধিলোঁ তেতিয়া এনে লাগিছিল যেন These two stars on shoulder are better then millions in the Sky.“
নিজৰ ৰসিকতাত নিজেই হাঁহি আকৌ ক’লে
“বুইছা ৰাধিকা মু,একাডেমী পাছ আউট সমূহৰ এক পাৰ্টিত বহুতে নিজৰ নিজৰ জি. এফক লৈ এটেণ্ড কৰাৰ কথা আলোচনা কৰিছিল৷ তেতিয়া মোৰ কাক লগত লৈ যাবলৈ মন গৈছিল জানা?“
“কাক?“
“ৰাধিকা গোস্বামী মাই ইউনিক“
“যাহ, উল্টা পুল্টা কথা নক’বা৷“
“সঁচাকৈয়ে অ’৷“
“মই তোমাৰ গাৰ্লফ্ৰেইণ্ড বুলি কেলেই ভাবিছিলা? মোক তুমি কিমান বছৰ জুৰি দেখাই নাছিলা৷“
কিছুদেৰি নীৰৱে থাকি ৰাধিকাৰ মুখলৈ নোচোৱাকৈ ক’লে,
“মু ডিয়েৰ, তুমি মোৰ মনত সদায় আছিলা৷ তোমালোক গুৱাহাটীলৈ অহাৰ পিছত মোৰ বৰুৱাডুবিত থাকিবলৈ মন নোযোৱা হৈছিল৷ মই খেলা ধুলা কৰা বাদ দিছিলোঁ৷ দেউতায়ো এবছৰ পিছত আমাৰ পঢ়া শুনাৰ কথা চিন্তা কৰি ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ ল’লে৷“

আকৌ দৈত্যাকৃতিৰ চাহাবে তাইলৈ চাই ক’লে, “তুমি এটা পেন্সিল থবলৈ নিজে বনোৱা ষ্টেণ্ড দিছিলা৷মনত নাই ন? সেইটো তোমালোকৰ খুৰাই খোৱা ভেট ছিক্সটি নাইনৰ চুঙাটো আধাকাটি বাহিৰত জিলিকা কাগজ ধুনীয়াকৈ আঠা লগাই দিছিলা৷ বিশ্বাস কৰিবা সেইটো মই এতিয়াও ব্যৱহাৰ ক’ৰো৷“
বিস্ময়ত ৰাধিকাৰ মুখৰ মাত হেৰাইছিল৷ তাইৰ অবাক চকুত চকু দি চাহাবে কৈছিল, “ইয়েছ, ইউ আৰ্ মাই এভাৰ গাৰ্লফ্ৰেইণ্ড৷ “
ৰাধিকাই মুখেৰে একো মতা নাছিল৷ মনতে ভাবিছিল,ৰাজু সঁচাকৈয়ে নৰকাসুৰ৷
হয়! হয়!
নৰকাসুৰ, যি অসুৰ হৈয়ো এক দুৰন্ত প্ৰেমিক আছিল৷
এৰা,
অসুৰৰ বুকুতো থাকে এক প্ৰেমৰ বাগিচা
ফুল তৰা, গান আৰু পখিলাৰ মেলা
দুহাতেৰে আফলিয়াই শেষ কৰে
ক’ত জীৱনৰ খেলা
অথচ
আঁঠু লৈ গোলাপ কলি যাচে প্ৰেমৰ বেলিকা!

(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.