ৰি (হ’মলেণ্ড অৱ আনছাৰনেইটী): এখন খাচী ছবি- দেৱ প্ৰতীম

ৰি (হ’মলেণ্ড অৱ আনছাৰনেইটী): এখন খাচী ছবি- দেৱ প্ৰতীম

ৰি (হ’মলেণ্ড অৱ আনছাৰনেইটী): এখন খাচী ছবি- দেৱ প্ৰতীম

by September 17, 2017 0 comments

“Knowing yourself is the beginning of all Wisdom.“- Aristotle
মেঘালয় বুলিলে আমাৰ মনলৈ আহে শ্বিলং, চেৰাপুঞ্জী, মৌছিনৰাম, ডাৱকী আদি মোহনীয় ঠাইবিলাকলৈ৷ মেঘলায়ক সজাওতে প্ৰকৃতিয়ে কোনো ধৰণৰ কৃপণালী নকৰিলে৷ মেঘৰ মাজে মাজে পথবিলাকেদি গৈ থাকোতে স্বৰ্গ যেনেই অনুভৱ হয়, আশ্চৰ্য্যচকিত হওঁ প্ৰকৃতিৰ মনোমোহা ৰূপ দেখি৷ আজিকালি সপ্তাহৰ শেষৰ দিনকেইটাৰ আনন্দ এই মেঘালয়তে লভে৷ উত্তৰ-পূবৰ পৰ্য্যটকৰ এক অন্যতম ঠাই মেঘালয়৷

খাচী, জয়ন্তীয়া, গাৰো আদি বিভিন্ন জনগোষ্ঠীৰ বাসস্থান এই মেঘালয়৷ চাফ-চিকুণতাৰ ক্ষেত্ৰতো এই ঠাই আমাৰ বহু ঠাইতকৈ আগবঢ়া৷ শ্বিলঙত চাকৰি কৰি নিজ চকুৰে দেখিছিলো তেওঁলোকৰ চাফ-চিকুণতাৰ নিদৰ্শন৷ বছৰৰ এটা বিশেষ দিনত বস্তিবিলাকৰ লোকসকলে নিজেই মিলি বস্তি পৰিষ্কাৰ কৰাটো এটা নিয়ম৷ এই নিয়ম মতে সেই দিনটোত বস্তিটোৰ প্ৰতিটো পৰিয়ালৰ পৰা এজন এজনকৈ সদস্য সেই বিশেষ কামৰ কাৰণে যোৱাটো বাধ্যতামূলক৷ মোৰ ড্ৰাইভাৰ জন খাচী আছিল৷ তেওঁৰ পৰিয়ালৰ পৰা সদস্য গৈছিল যদিও তেওঁ যাবলৈ উচ-পিচাই আছিল৷ তেওঁ মোক চুটীও বিচাৰিছিল৷ উপায়ন্তৰ হৈ অৱশেষত মই তেওঁক অৰ্ধ-ছুটী দিবলৈ বাধ্য হৈছিলো৷ এইটো নাভাবিব যে তেওঁ কামত পাল মাৰিবলৈ এই কাম কৰিছে৷ নিজৰ দায়িত্ব পালনত তেওঁ আমাতকৈ বহু আগত আছিল৷ এনে কিছুমান মানসিকতাৰ বাবেই কিজানি মেঘালয়ৰ ম’লিননং এচিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাওঁ হিচাপে চিহ্নিত হৈছে৷ ইয়াৰ উপৰিও মেঘালয়ৰ সৰহ সংখ্যক ঠাইৰ ৰাস্তা-ঘাট বহু উন্নত, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সকলোতকৈ উন্নত বুলি ক’লেও কিজানি ভুল কোৱা নহ’ব৷ মেঘালয়ৰ পৰ্য্যটন বিভাগক শক্তিশালী কৰাত ঠাইসমূহৰ লগতে এই উন্নত যাতায়ত ব্যৱস্থাৰ অৱদানকো আমি নুই কৰিব নোৱাৰো৷

এইবিলাক কথা কোৱাৰ কাৰণো আছে৷ সমস্যা সকলোতে আছে, থাকিব৷ আজিৰ মেঘালয় আগতে এনেকুৱা নাছিল৷ খাচী/জয়ন্তীয়া লোক সকলোৰো সমস্যা আছিল৷ এটা সময়ত তেওঁলোকে অৱলম্বন কৰিছিল সশস্ত্ৰ বিপ্লৱৰ পথ৷ কিন্তু লাহে লাহে তেওঁলোকে বুজিছিল নিজৰ উদ্দেশ্য পূৰণৰ উচিত পন্থা৷ সেয়ে হয়তো বহু ক্ষেত্ৰতে মই মেঘালয়ৰ লোক সকলক সন্মান কৰো৷ অৱশ্যে কিছু কিছু ঠাইত সমস্যা এতিয়াও আছে৷ যেনে: গাৰো পাহাৰ, চাকৰিৰ কামত যেতিয়া গাৰো পাহাৰলৈ (তুৰা) গৈছিলো, তেতিয়া কোৱা হৈছিল পাঁচ বজাৰ আগে আগে নিজৰ হোটেল কোঠা সোমোৱাই মংগলজনক৷ ঠিক সেইদৰে নাগালেণ্ডৰ কিছুমান ঠাইত (যেনে: মন, টুইঞ্ছাং আদি)আবেলি তিনি/চাৰি বজাৰ লগে লগেই নিজৰ কোঠাৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিয়া হয়৷ এবাৰ নাগালেণ্ডৰ মনত আমাৰ তিনিজনীয়া কোম্পানীৰ দলটিক পুলিচে গাড়ীত বহাই থানালৈ লৈ গৈছিল৷ পাছত এজন স্থানীয় লোক অহাতহে আমাক এৰি দিছিল৷ এইবিলাকৰ কাৰণ বুলিলে মনলৈ আহে তেওঁলোকৰ ভাষাত ‘আণ্ডাৰগ্ৰাউণ্ড’(সশস্ত্ৰ সংগ্ৰামী)৷ সেয়ে কওঁ সমস্যা সকলোতে আছে৷ সমস্যাৰ সমাধানৰ প্ৰকৃত পথৰ অনুধাৱন কেতিয়াবা নিজে নিজে হয়, নতুবা কেতিয়াবা প্ৰয়োজন হয় মনৰ এনে সমস্য়া সমাধানৰ এক সঠিক পথৰ দেখুওৱাতাজনৰ৷

অৱশ্যে মই এইবিলাক কথাক লৈ লেখাটো আগ নবঢ়াও৷ লেখাটো মই আগবঢ়াম এখন খাচী ছবিৰ কথা কৈহে৷ খাচী ছবিৰ বিষয়ে আমি ইমান বেছি শুনা নাই কিজানি৷ চাবলৈ কিজানি আগ্ৰহো নাই৷ কিন্তু আজি কেইবছৰ (২০১৩ চন) মানৰ আগতে মোৰ সৌভাগ্য হৈছিল এখন খাচী ছবি উপভোগ কৰাৰ৷ ছবিখন চাই মই মন্ত্ৰমুগ্ধ হৈ পৰিছিলো৷ মনলৈ আহিছিল সেই সময়ৰ অসমীয়া ছবি বিলাকৰ অৱস্থা৷ ছবিখনৰ নাম আছিল “ৰি (হ’মলেণ্ড অৱ আনছাৰনেইটী)”৷ ইয়াত ৰি মানে হৈছে দেশ বা অঞ্চল৷ ছবিখনে ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ খাচী ছবিৰ (Language other than those mentioned in the Eighth Schedule of Indian Constitution) বঁটা লাভ কৰিছিল৷

ছবিখনৰ বিষয় বস্তু আছিল মেঘালয়ৰ এক কঠিন ৰাজনৈতিক সমস্যা৷ সশস্ত্ৰ সংগ্ৰামী আৰু চৰকাৰৰ সংঘাতক বিশেষ ভাৱে দেখুওৱা হৈছিল ছবিখনত৷ ছবিখনৰ আৰম্ভণী হয় বাংলাদেশৰ এখন ঠাইৰ পৰা৷ এই ঠাইতেই আশ্ৰয় লৈ থকা উগ্ৰবাদী সংগঠনটোৰ উদ্দেশ্য আছিল অস্ত্ৰ সংগ্ৰহ, সন্ত্ৰাস বিয়পোৱা আৰু দাবী নমনা লোক সকলক হত্যা কৰা৷

ছবিখনৰ মূল চৰিত্ৰ মানভাই(মেৰল্ভীন মুখিম) নিজৰ সহযোগীৰ সৈতে নিজ উদ্দেশ্য পূৰণৰ বাবে শ্বিলঙলৈ গতি কৰিছে বাংলাদেশ সীমান্ত পাৰ কৰি৷ যাত্ৰা কৰাৰ আগেয়ে দলটোৱে বাংলাদেশত এজন দালালৰ পৰা অস্ত্ৰ সংগ্ৰহ কৰে৷ আনহাতে এজন পুলিচ বিষয়া কিণ্ডিয়াহৰ(এলবাৰ্ট মাৱৰী) নেতৃত্বত পুলিচৰ দলটোৱেও উগ্ৰবাদী দমন কৰিবলৈ চেষ্টা কৰি আছিল৷ অৱশেষত দুয়ো পক্ষৰ সংঘাত হয়৷ পুলিচৰ আক্ৰমণত মানভাই দলৰ বহুকেইজন সদস্যক হেৰুৱায়৷ আঘাতপ্ৰাপ্ত হৈ মানভাই আশ্ৰয় লয় এটা ঘৰত৷ ঘৰটো আছিল এমিকা(এলাগিভা লালু) নামৰ এগৰাকী মহিলা সাংবাদিকৰ৷ সাহসী এমিকাৰ সংস্পৰ্ষত আহি মানভাৰ মনৰ পৰিৱৰ্তন হ’বলৈ ধৰে৷ নিজকে প্ৰশ্ন কৰিবলৈ ধৰে তেওঁ৷ এসময়ত ভাৰত চৰকাৰৰ প্ৰতি ক্ষুদ্ধ হৈ স্বাধীন ৰাষ্ট্ৰৰ সপোনত সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা মানভাই কোনটো শুদ্ধ, কোনটো অশুদ্ধ এই কথা ভাবি হায়ৰাণ হয়৷ অৱশেষত মানভাই অনুধাৱন কৰে বন্দুক তুলি লোৱাটোৱে সকলো কথাৰ উত্তৰ নহয়৷ ই দুৰ্নীতি তথা নিবনুৱা সমস্যাৰ সমাধান হ’ব নোৱাৰে, বৰং ই এইবিলাক সমস্যাক আৰু বেছি প্ৰশ্ৰয় দিব৷ নিজৰ প্ৰকৃত উদ্দেশ্য বুজি পাইছিল মানভাই৷ শান্তি অনাৰ পথ কেতিয়াও হ’ব নোৱাৰে৷ যেনেদৰে এখন নদীৰ উদ্দেশ্য সাগৰত মিলিত হোৱাটো ঠিক সেইদৰে সকলো লোকৰে এক উদ্দেশ্য থাকে, কিন্তু সেই উদ্দেশ্য পূৰণৰ পথ সশস্ত্ৰ সংগ্ৰাম নহয়৷ একেবাৰে ওপৰত কোৱাৰ দৰে হয়তো মানভাই নিজকে বুজিবলৈ আৰম্ভ কৰিছিল৷ উগ্ৰবাদ সৰ্বশেষত মানভাই পুলিচৰ আগত অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পণ কৰি সমাজৰ ভালৰ বাবে কাম কৰাৰ সিদ্ধান্ত লয়৷

১১০ মিনিটৰ এই ছবিখনক পৰিচালনা কৰিছে প্ৰদীপ কুৰ্বাহে৷ পৰিচালক হিচাপে তেওঁৰ এইখন আছিল চতুৰ্থ ছবি৷ ছবিখনৰ কাহিনী আছিল পৌলমী দত্ত গুপ্তাৰ, আনহাতে চিত্ৰনাট্য ৰচনা কুৰ্বাহে নিজে৷ অভিনেতা/ অভিনেত্ৰী সকলৰ অভিনয় মন পৰশা৷ তেওঁলোকৰ মুখৰ সংলাপ আছিল ছবিখনক গতি প্ৰদান কৰা এক অন্যতম আহিলা৷ আনহাতে ছবিখনৰ আটাইতকৈ উল্লেখনীয় দিশটো হৈছে প্ৰদীপ দৈমাৰীৰ চিনেমাট’গ্ৰাফী৷ মাত্ৰ ২২ লাখ টকাৰ বাজেটেৰে নিৰ্মিত ছবিখনৰ কেমেৰাৰ কাম আছিল সাংঘাতিক৷ মেঘালয়ৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যক অতি সুন্দৰকৈ বন্দী কৰা হৈছে কেমেৰাত, যেন ছবিখন আছিল মেঘালয়ৰ এখন লেণ্ডস্কেপ ছবি৷ প্ৰতিটো দৃশ্যই আছিল অতি উচ্চ মানদণ্ডৰ৷ আনহাতে অনুৰাগ শইকীয়াৰ সংগীতে ছবিখনক মষৃণভাৱে লৈ যোৱাত সহায় কৰিছিল৷ ই আছিল ছবিখনৰ আন এক অন্যতম চালিকা শক্তি৷

ছবিখনে অকল মেঘালয়ৰ সশস্ত্ৰ সংগ্ৰামৰ কথাৱে কোৱা নাই, ই উত্তৰ-পূৱৰ আন আন ৰাজ্য কেইখনৰ এই সমস্যাৰ ওপৰত এক আলোকপাত কৰিবলৈ চেষ্টা কৰিছে৷ ওপৰত কৈছোৱেই সমস্যা সকলোতে থাকে, কেতিয়াবা সেই সমস্যা সমাধানৰ বাবে আমি কিছু ভুল পথৰ সহায় লওঁ৷ তেনে অৱস্থাৰ পৰা উদ্ধাৰ পাবলৈ আমি হয় নিজে সেই কথা অনুধাৱন কৰিব লাগিব নতুবা কোনো লোকে শুদ্ধ পথ দেখুওৱাত সহায় কৰিব লাগিব৷ ছবিখনৰ মাজেৰে সেই কথাৰেই এক বাৰ্তা প্ৰেৰণ কৰা হৈছে৷ সঠিক পথেৰে সমস্যা সমাধান এদিন বা দুদিনতে নহয়, ই সময় লয়৷ কিন্তু এটা ভুল পথেৰে সমস্যা সমাধান কৰিবলৈ যাওঁতে আমি নিজৰ লগতে আনকো কষ্ট দিওঁ, যিটো সোনকালেই অনুধাৱন কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ নহ’লে এটা সমস্যা সমাধান কৰিবলৈ যাওঁতে আন বহু কেইটা সমস্যা উৎপন্ন কৰো, যিকেইটাৰ সমাধানো সময়ত হৈ পৰে আন একো একোটা সমস্যা৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.