জিনৰ সঙ্গত অসুবিধা – মূল: ৰাস্কিন বণ্ড, অনুবাদ: ননী চহৰীয়া বৰা

জিনৰ সঙ্গত অসুবিধা – মূল: ৰাস্কিন বণ্ড, অনুবাদ: ননী চহৰীয়া বৰা

জিনৰ সঙ্গত অসুবিধা – মূল: ৰাস্কিন বণ্ড, অনুবাদ: ননী চহৰীয়া বৰা

by September 17, 2017 0 comments

মোৰ বন্ধু জিমিৰ এখনেই হাত৷ ৷ আনখন হাত সি পচিশ বছৰীয়া ডেকা ল’ৰা হৈ থাকোতেই হেৰুৱাইছে৷ তাৰ ধুনীয়া সোহাতখন হেৰুৱাৰ কাহিনীটো বিশ্বাস কৰিবলৈ অলপ টান; কিন্তু মই শপত খাই কৈছোঁ, সেয়া একেবাৰে সঁচা৷

আৰম্ভণিতে কৈ থওঁ, জিমি আচলত এটা জিন আছিল (সম্ভৱ এতিয়াও আছে)৷ জিন এটা আচলতে আমাৰ দৰে মানুহ নহয়৷ অন্য এখন জগতৰ পৰা অহা অশৰীৰি আত্মাই মানুহৰ ৰূপ গ্ৰহণ কৰে৷ জিমি এটা প্ৰকৃত জিন আছিল আৰু জিনৰ প্ৰতিভাৰে ইচ্ছা কৰিলেই তাৰ হাতখন দীঘল কৰিব পাৰিছিল৷ বেচিভাগ জিনে সিহঁতৰ হাতখন বিশৰ পৰা ত্ৰিশ ফুট পৰ্যন্ত দীঘল কৰিব পাৰে৷ জিমিয়ে পিছে তাৰ হাতখন চল্লিশ ফুটলৈকে দীঘল কৰিব পাৰিছিল৷ তাৰ হাতখনে বেৰৰ ওপৰত, শূন্য ঠাইত আৰু মাটিৰ ওপৰত সৰীসৃপৰ দৰে ধুনীয়াকৈ বগাই যাব পাৰিছিল৷ আমগছৰ তলত থিয় হৈ হাতখন প্ৰসাৰিত কৰি গছৰ ওপৰৰ পৰা আম ছিঙি অনা মই নিজে দেখিছিলো৷ আম খাই সি বৰ ভাল পাইছিল৷ সি স্বভাৱতে খকুৱা আছিল আৰু এই খকুৱা স্বভাৱৰ বাবেই সি তাৰ অপূৰ্ব উপহাৰটোৰ অপব্যৱহাৰ কৰিছিল৷

উত্তৰ ভাৰতৰ পাহাৰীয়া অঞ্চল এটাৰ স্কুল এখনত আমি দুয়ো একেলগে পঢ়িছিলোঁ৷ বাস্কেট বল খেলত জিমি বিশেষ ভাৱে পাৰদৰ্শী আছিল৷ হাতখন সি বৰ বেছি দীঘল নকৰিছিল, সেইখিনি বুদ্ধি তাৰ আছিল৷ সি যে এটা জিন, সেয়া সকলোৱে জনাটো সি বিচৰা নাছিল৷ মুষ্টিযুদ্ধৰ খেলত সি সাধাৰণতে জিকিছিল৷ প্ৰতিপক্ষই তাৰ কবলৰ পৰা ওলাই আহিব নোৱাৰিছিল৷ সিহতক বিবুধিত পেলাই নাকত টেপা মাৰি ধৰিছিল৷

আমাৰ ছমহীয়া পৰীক্ষা চলি থকা সময়তে মই জিমিৰ গোপন ৰহস্যৰ বিষয়ে জানিব পাৰিছিলো৷ সেইদিনা আমাৰ এলজেব্ৰাৰ প্ৰশ্ন কাকতখন কিছু কঠিন হৈছিল৷ কিন্তু মই শুদ্ধ উত্তৰেৰে কেইখিলামান কাগজ লিখিবলৈ সক্ষম হৈছিলোঁ৷ এনেদৰে আৰু এখন কাগজত লিখিবলৈ সাজু হৈছোহে, এনেতে মোৰ ডেস্কত কাৰোবাৰ হাত এখন দেখিলো৷ প্ৰথমতে নিৰীক্ষকৰ হাত যেন লাগিল৷ চাই দেখিলো কোনো নাই মোৰ কাষত৷ মোৰ পিচফালে বহি থকা ল’ৰাজনৰ হাত হ’ব পাৰে নেকি! চাই দেখিলো সি নিৱিষ্টমনে প্ৰশ্ন কাকত পঢ়ি আছে আৰু তাৰ হাত দুখন যথাযথ ঠাইতে আছে৷ ইতিমধ্যে হাতখনে মোৰ উত্তৰ লিখা কাকতখিনি খামোচ মাৰি ধৰি সাৱধানে আতৰি গৈছে৷ হাতখন নামি যোৱা দিশে চাই এখন আচৰিত ধৰণৰ হাত চকুত পৰিল৷ চোৰৰ দৰে হাতখন ডেস্কৰ তললৈ সোমাই গৈছে আৰু পূৰ্বৰ অৱস্থালৈ ঘূৰি নহালৈকে মজিয়াত হাতখন লাহে লাহে ঘহি আছে৷ নিশ্চিতভাৱে হাতৰ গৰাকীজন আছিল এ্লজেব্ৰা বিষয়টো কেতিয়াও ভাল কৰিব নোৱাৰা এজন ছাত্ৰ৷

মই দ্বিতীয় বাৰৰ বাবে আকৌ উত্তৰসমূহ লিখিব লগীয়াত পৰিছিলোঁ৷ কিন্তু পৰীক্ষা শেষ হোৱাৰ পিছত পোনে পোনে জিমিৰ কাষ পালোগৈ আৰু তাৰ এই খেলা খন মই ভাল নোপোৱাৰ কথাষাৰ জনালো৷ তাৰ গোপন কথাটো সকলোকে কৈ দিম বুলিও মই তাক ভয় খুৱালো৷ কথাটো কাকো নকবলো সি মোক কাকূতি কৰিলে৷ সি জনালে যে উপায় নোহোৱাতহে তেনে কৰিবলৈ বাধ্য হৈছে৷ বিনিময়ত মই যি কাম বিচাৰো তাকে কৰাৰ প্ৰতিশ্ৰুতি দিলে৷ জিমিক বন্ধু হিচাপে পোৱাটো এফালে উৎসাহৰো কথা৷ তাৰ দীঘল হাতখন মোৰো নিশ্চিতভাৱে কামত আহিব‌৷ সেয়ে বিষয়টো আওকাণ কৰিবলৈ মই সন্মত হ’লো আৰু আমি দুয়ো ভাল বন্ধু হৈ পৰিলো‌

পিছে অতি সোনকালে মই আৱিষ্কাৰ কৰিলোঁ যে জিমিৰ প্ৰতিভা গঠনমূলক কামতকৈ অনৰ্থক কামত বেচিকৈ ব্যৱহাৰ হয়৷ কাৰণ জিমিৰ মানসিকতা নিম্নমা্নৰ আছিল আৰু তাৰ শক্তিৰ প্ৰকৃত ব্যৱহাৰৰ বিষয়ে সি অজ্ঞ আছিল৷ শ্ৰেণীকোঠা, সমূহীয়া শয়ন কক্ষ আৰু দোকানত কাপোৰৰ ভাজত তাৰ দীঘল হাতখন ব্যৱহাৰ কৰিছিল৷ ছাত্ৰাবাসৰ পৰা আমাক যেতিয়া চিনেমা চাবলৈ অনুমতি দিছিল তেতিয়াও সি আন্ধাৰ হলত তাৰ দীঘল হাতখন কামত লগাইছিল৷

সকলো জিনৰ ক্ষেত্ৰত থকা অসুবিধাটো হ’ল, মহিলাসকলৰ দীঘল, ক’লা চুলিৰ প্ৰতি দুৰ্বলতা৷ চুলি যিমানেই ক’লা আৰু দীঘল হয়, সিমানেই জিনহতৰ মজা৷ কিন্তু মহিলা এগৰাকীক যদি জিনে লম্ভে, —তেওঁৰ শৰীৰৰ নিশ্চয় অৱনতি হ’ব আৰু সৌন্দৰ্য্য মৰহি যাব; তেওঁৰ সকলো ধ্বংস হ’ব; কেৱল চুলি কোছাৰ সৌন্দৰ্য্য অটুট থাকিব৷

তেনেকৈ মহিলাক লম্ভিবলৈ জিমিৰ অৱশ্যে বয়স তেনেই কম৷ কিন্তু দীঘল, ক’লা চুলি দেখিলে সিও নিজকে চম্ভালিব নোৱাৰে৷ তাৰ এই খেয়াল চৰিতাৰ্থ কৰিবলৈ চিনেমা হলেই আটাইতকৈ ভাল ঠাই৷ তাৰ হাতখন দীঘল হ’বলৈ আৰম্ভ কৰে, আঙুলিবোৰে শাৰী শাৰী আসনৰ মাজত পথ বিচাৰে আৰু প্ৰসাৰিত হাতখনে তাৰ ইপ্সিত বস্তুটো বহি থকা আসনৰ পিচফাল নোপোৱালৈকে লাহে লাহে কাম আৰম্ভ কৰে৷ তাৰ হাতখনে বৰ মৰমেৰে দীঘল ক’লা চুলিখিনিত হাতখন ফুৰায় আৰু কিবা অনুমান কৰি ছোৱালীজনীয়ে যদি পিচলৈ ঘূৰি চাই, জিমিৰ হাতখন বহা আসনৰ তলত অদৃশ্য হৈ পৰে আৰু খুটিবলৈ সাজু হৈ থকা ফণাধৰৰ দৰে তাত ৰৈ থাকে৷

দুই তিনি বছৰ পিচত, কলেজত পঢ়া সময়ত জিমিৰ প্ৰকৃত বলিজনে মৃত্যুক সাৱটিলে৷ তেওঁ অৰ্থনীতি বিষয়ৰ অধ্যাপিকা আছিল৷ ৷ দেখাত বৰ ধুনীয়া নহয়, কিন্তু তেওঁৰ কিচকিচিয়া ক’লা চুলিকোছা আঠুলৈকে পৰা আছিল৷ চুলিখিনি সাধাৰণতে তেওঁ বেণী গুঠিয়েই ৰাখিছিল৷ কিন্তু এদিন মূৰ ধোৱাৰ পিচত তেওঁ কঠখনত হেলনীয়া কৈ বহি চুলিখিনি শুকুৱাই থাকোঁতেই জিমিয়ে দেখা পালে৷ সি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু জিমিৰ জিনৰ আত্মা তেওঁৰ শৰীৰত প্ৰৱেশ কৰিলে৷ পিচদিনাৰ পৰাই মানুহজনী মানসিক কষ্টত উন্মাদপ্ৰায় হৈ পৰিল আৰু কুহকুহীয়া জ্বৰ হ’ল‌, খোৱা বোৱাও এৰিলে৷ ’কমা’অৱস্থালৈ গ’ল আৰু কেইটামান দিনৰ ভিতৰতে কঙ্কালসাৰ হৈ পৰিল৷ ৷ মৃত্যুৰ সময়ত মানুহজনীৰ শৰীৰত হাড় আৰু ছালৰ বাহিৰে একো নাছিল৷

এই কৰুণ ঘটনাটোৰ পাচত মই জিমিৰ সঙ্গ এৰাই চলিলো৷ ভদ্ৰমহিলা গৰাকীৰ মৃত্যুৰ বাবে সিয়েই জগৰীয়া বুলি মই প্ৰমাণ কৰিবও নোৱাৰো, যদিও মই এই বিষয়ে সম্পূৰ্ণ নিশ্চিত আছিলোঁ৷ কাৰণ জিমিক লগ পোৱাৰ পিছত জিনৰ বিষয়ে মই যথেষ্ট অধ্যয়ন কৰিছিলো আৰু সিহঁতৰ ধৰণ কৰনৰ বিষয়ে জানিছিলোঁ৷

তাৰ পিছত কেইবাবছৰ আমাৰ দুজনৰ দেখা দেখি হোৱা নাছিল৷ কিন্তু যোৱা বছৰ বন্ধ কটাবলৈ পাহাৰীয়া ঠাইখনলৈ যাওতে তাক লগ পালোঁ৷ দুয়ো একেখন হোটেলতে আছিলোঁ৷ মই তাক অৱজ্ঞা কৰিব নোৱাৰিলোঁ৷ একেলগে বহি কেইবটলমান বিয়েৰ খোৱাৰ পিছত মোৰ ভাৱ হ’ল, জিমি সম্পৰ্কে মোৰ ধাৰণা কিজানি ভুল হ’বও পাৰে৷ মই ভবাৰ দৰে সি ইমান দায়িত্ব হীন জিন নহবও পাৰে৷ সম্ভৱত কেৱল কলেজৰ অধ্যাপককহে আক্ৰমণ কৰা কিবা ৰহস্যময় অসুস্থতাৰ বাবে অধ্যাপিকা গৰাকীৰ মৃত্যু হৈছিল আৰু জিমিৰ তাত কোনো দোষেই নাছিল৷

আমি একেলগে দুপৰীয়াৰ আহাৰ খোৱাৰ সিদ্ধান্ত কৰিলোঁ আৰু দুবটলমান বিয়েৰ লৈ গাড়ী অহা যোৱা কৰা ৰাস্তাটোৰ কাষতে ঘাহনিত বহিলোঁগৈ৷ খোৱাৰ পিছত মই শুই পৰিলো৷ যেতিয়া সাৰ পাইছিলোঁ তেতিয়া আবেলি হৈছিল৷ সাৰ পাই দেখিলো, জিমি উত্তেজিত হৈ উঠিছে৷
কি হৈছে, মই সুধিলোঁ৷
“তুমি দেখা নাই সিহঁতক? ৰাস্তাটোৰ ঠিক ওপৰত, সিটো ফালে সৰল গছৰ তলত ? “
“ছোৱালী দুজনী দেখিছো৷ পিছে কি হ’ল? “
“বাওঁফালে যে বহি আছে, তাইৰ চুলি কোছা দেখা নাইনে? “
হয় বৰ সুন্দৰ আৰু দীঘল৷ পিচে চোৱা জিমি, তোমাৰ মনটো বান্ধিবলৈ চেষ্টা কৰা৷ “
কিন্তু ইতিমধ্যে তাৰ হাত খন দৃষ্টিৰ বাহিৰলৈ গৈছিল, ৰাস্তাটো পাৰ হৈ সাপৰ দৰে তাৰ হাতখন বগাই গৈ আছিল৷
এতিয়া মই দেখিছোঁ হাতখন জোপোহা কিছুমানৰ মাজেৰে ক’লা চুলিৰ গৰাকীৰ ফালে আগুৱাইছে৷ এই প্ৰিয় খেলখনত সি ইমান মগ্ন হৈ আছে যে হৰ্ণ বজোৱাৰ শব্দ তাৰ কানত পৰা নাছিল৷ ৰাস্তাৰ ভাজটো পাৰ হৈ মাৰ্চিডিজ বেনজ ট্ৰাক এখন প্ৰচণ্ড বেগত আহি আছিল৷
জিমিয়ে যেতিয়া ট্ৰাকখন দেখিছিল, তেতিয়া হাতখন কোচ খুৱাই স্বাভাৱিক অৱস্থালৈ অনাৰ সময় নাছিল৷ ৰাস্তাটোত পথালিকৈ হাতখন পৰি আছিল আৰু ট্ৰাকখন তাৰ ওপৰেৰে পাৰ হৈ গৈছিল৷ যন্ত্ৰনাত কেকোৰা হৈ অজগৰ এটাৰ দৰে পৰি আছিল হাতখন৷
ট্ৰাক দ্ৰাইভাৰ আৰু মই মিলি ডাক্তৰ এজন যোগাৰ কৰিলোঁ৷ হাতখন যিখিনি বাকী আছিল স্বাভাৱিক অৱস্থালৈ আহিছিল৷ আমি জিমিক হস্পিতেল লৈ লৈ গৈছিলো৷ ডাক্তৰে হাতখন কাটি পেলোৱাটো উচিত হব বুলিলে৷ ট্ৰাক দ্ৰাইভাৰ জনে বাৰে বাৰে কৈ আছিল, সি যিখন হাতৰ ওপৰত গাড়ী উঠাইছিল সেই খন কমেও ত্ৰিশ ফুট দীঘল হব৷ মাতাল হৈ গাড়ী চলোৱা বুলি তাক গ্ৰেপ্তাৰ কৰা হৈছিল৷
কিছুদিন পিছত জিমিক মই সুধিছিলো,
“তুমি কিয় ইমান মনমৰা হৈছা? এতিয়াও আৰু এখন হাত আছে তোমাৰ৷ সিখনৰ দৰে এইখনৰ চমৎকাৰিত্ব নাই নেকি? “
”আছে নে নাই চাবলৈ মই কেতিয়াও চেষ্টা কৰা নাই আৰু চেষ্টা ও নকৰো৷ “
নিশ্চিতভাৱে সি এতিয়াও এটা জিন আৰু যেতিয়াই সি দীঘল ক’লা চুলিৰ ছোৱালী দেখে, ভাল হাত খনেৰে তাৰ নিশ্চয় ক’লা ধুনীয়া চুলিখিনি ত হাত বুলাবলৈ প্ৰবল ইচ্ছা জাগে৷ কিন্তু সি শিক্ষা পাই গৈছে৷ জিন বা প্ৰতিভধৰৰ চমকপ্ৰদ শক্তিতকৈ মানুহ হৈ থকাই ভাল৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.