সুগন্ধি সেই ধনীয়াৰ মুকুতাপাত – জয়ন্ত আকাশ বৰ্মন

সুগন্ধি সেই ধনীয়াৰ মুকুতাপাত – জয়ন্ত আকাশ বৰ্মন

সুগন্ধি সেই ধনীয়াৰ মুকুতাপাত – জয়ন্ত আকাশ বৰ্মন

by September 17, 2017 0 comments

স্কুলত থাকোঁ‌তে এনেকুৱা দিনবোৰত ৰাতিপুৱা সোনকালে উঠিছিলোঁ‌৷ পঢ়িবলৈ নহয়৷ ৰাতিপুৱা দেৰিকৈ উঠাটো মোৰ পুৰাতন স্বভাৱ৷

এনেকুৱা দিনবোৰত, যেতিয়া বেলিৰ উগ্ৰতা সামান্য কোমল হবলৈ ধৰে, তেনেকুৱা দিনবোৰত৷ সন্ধিয়া ক’ৰবাৰ পৰা শেৱালিৰ মিঠা সুবাস আহি হঠাৎ আনমনা কৰে৷ ভূতৰ দৰেই সেই সুবাসৰ সময়, ক’ৰ পৰা আহিলহি সেই অগ্ৰিম শেৱালিৰ সুবাস ধৰিবই নোৱাৰা সময় সেয়া, দৃষ্টিৰ পৰিধিত শেৱালিজোপা নাথাকে৷ কিন্তু, আগমনি শৰতে কয়, শৰত সমাগত৷ সন্ধিয়াৰ ধূলিবোৰ সেমেকিবলৈ আৰম্ভ কৰে, মনবোৰো৷ সেউজীয়া পাতবোৰ সামান্য গধূৰ হয়, তেনেকুৱা সময়৷
মই ৰাতিপুৱাই শুই উঠোঁ‌, মাহঁ‌ত নুঠোঁ‌তেই৷ বাৰাণ্ডাৰ এঢলীয়াত দিপালমালতী ফুলবোৰ বৃন্তচ্যুত হৈ সৰি থাকে৷ ৰঙা ফুল এটা তুলি আকৌ ফুলজোপাৰ সেই ঠাৰিডালত লগাই দিওঁ‌, কেতিয়াবা ৰৈ যায়, কেতিয়াবা সৰি পৰে আকৌ৷ তলত কেইটামান ফুল ওলোটামুৱা হৈ পৰি থাকে, মিহি নিয়ঁ‌ৰৰ প্ৰলেপ সানি৷

বাৰীৰ পিছফালৰ পৰা কোৰখন লৈ পদূলিমুখলৈ যাওঁ‌৷ পদূলিৰ একাষে সেমেকা মাটি এটুকুৰা খান্দিব লওঁ‌৷ মাটিয়ে নাকান্দে, কাৰণ মাটিয়ে জানে, মই তাত যে কিবা ৰুম৷ কোমল হাতৰ তলুৱাত ঘাম উমি উঠে৷ মাটিখিনি খান্দি মিহি কৰি লওঁ‌৷ কেইফুটমান মাটি মাথোঁ‌ ৷

বেলি ওলায়৷ মায়ে মাতি লৈ যায়, মুখ হাত ধুই বিস্কুটেৰে চাহ এগিলাছ খাই খিৰিকিৰ কাষৰ টেবুলখনত বহি ভগ্নাংশৰ যোগ-বিয়োগ অংকবোৰ কৰোঁ‌৷ ১/৪+১/৪= ২/৮ নহৈ ১/২ কিয় হয় ভাবি থাকোঁ‌, আঠ বাজে৷ দৌৰা-দৌৰিকৈ খাই স্কুললৈ লৰ মাৰোঁ‌৷

পিচদিনা আকৌ ৰাতিপুৱাই শুই উঠো, সৰি পৰা দিপালমালতীৰ কাষেৰে গৈ পদূলি ওলাওঁ‌৷
খাবলৈ অনা আলু কেইটামান আগনিশাই বাচি থৈ দিওঁ‌, যিকেইটাৰ গাত সৰু-সৰু চকু আছে আৰু সেই চকুৰ পৰা ক্ষুদ্ৰ সেউজীয়া কিছুমানে পোখা মেলিব মন মেলিছে৷ লগত আগটো সেউজীয়া হবলৈ ধৰা পিয়াজ কে’টামান আৰু স্বাস্থ্যবান নহৰু কেইফোটামান৷ লগতে, গাওঁ‌ৰ মহীখুৰাৰ পৰা খুজি আনি দুদিন আগতেই তিয়াই কাপোৰেৰে বান্ধি ৰখা ধনীয়া এমুঠি …! ! ! মৃত ধনীয়া কেইটাই পঁ‌চ ধৰিবলৈ আৰম্ভ কৰে, কাপোৰৰ টোপোলাটোৰ ভিতৰতেই, এটি জীয়ন-জীয়ন গোন্ধ ওলায়৷ ৰ’দ আৰু বতাহ বিচাৰি মোৰ হাতত কুটুৰি ৰয়৷
এটা শাৰী বনাই আলুৰ গোটবোৰ আলফুলে ৰুই দিওঁ‌৷ আন এটা ক্ষুদ্ৰ ঢাপত পিয়াজকেইটা আৰু নহৰু কেইফোট গুজি দিওঁ‌৷

দীঘলীয়া ঢাপটোত ধনীয়াখিনি সিঁ‌চি দিওঁ‌৷ ভুৰুংকৈ ঘৰচিৰিকা দুজনী উৰি আহে, হাতত ৰোৱা দুটি-চাৰিটি ধনীয়া গুটি সিহঁ‌তলৈ দলি মাৰি দি কওঁ‌- মোৰ অকন খেতিখিনি নষ্ট নকৰিবিহক৷
জেওৰাৰ পৰা শুকান মাৰি এপাত উঘালি আনি মোৰ খেতিৰ মাজত পুতি দিওঁ‌, ওপৰত ভগা টেকেলি এডোখৰ৷ আৰু পলিথিনৰ ঠোঙাৰে হাত-ভৰি সাজি তাক মোৰ খেতিৰ অতন্দ্ৰ প্ৰহৰীৰ দায়িত্বটো দি দিওঁ‌৷ চূনৰ ওঁ‌ঠৰ হাঁ‌হিৰে সি স্থায়ী আশ্বাস দিয়ে৷

সদায় ৰাতি পুৱা শুই উঠি চকু মোহাৰিয়েই সৰা দিপালমালতী ফুলৰ কাষেৰে মই পদূলিলৈ ওলাও৷ বন নগজে, তথাপি নিৰাই দিওঁ‌৷
দিন যায়৷ মূৰত কলহ এটি লৈ প্ৰণায়মৰ ভংগিমাত ধনীয়াবোৰ মাটিৰ পৰা গজি উঠি আহে৷ মিহিকৈ তাৰ সেউজীয়া কোমল কাণ্ডটি থিয় হয়৷ এটা জীয়া সপোনৰ আভাসেৰে ধনীয়াবোৰ গজি উঠে, প্ৰথমে সূৰ্য প্ৰণামৰ ভংগী, তাএ পিছত এটি মুকুল, তাৰ পাচত দুড়ি পাত দুইফালে প্ৰসাৰিত হয়৷ মিহি কাণ্ডটো স্বচ্ছ পাতলীয়া মুগা বৰণ ধৰে৷ লাহে লাহে ঢাপটো সেউজীয়া হৈ আহে৷ এদিন আলফুলে তাৰ পাত এটি ছিঙি আঙুলিৰেৰে মোহাৰি চাওঁ‌- ধনীয়া যেন গোন্ধাইছে৷ হয়, ধনীয়ায়েই হয়৷ মন নাচি উঠে৷ ক’লা-মুগা বৃত্তাকাৰ গুটি এটি ৰ’দ-বতাহ পায় কেনেকৈ সেউজীয়া গছ এজোপা হয়! ! !

আলুৰ ঢিপৰ মাটিখিনি গুৰিত অলপ খুচৰি চাওঁ‌, শিপা গজিছে, আলুটো পচিবলৈ লৈছে৷ সেউজীয়া মুকুল দুটি অংকুৰিত হৈছে৷ ক্ৰমশঃ আলুটো পচি ফোপোলা হৈ আহিছে, আৰু সেউজীয়া কোমল কাণ্ডৰে কোমল ও খহটা পাত দুটি ওলাই সূৰুযমুখী হৈছে৷ ডাল ওলাইছে৷ এদিন দেখা পাওঁ‌, আলুজোপাৰ শিপাত মিহিকৈ ক্ষুদ্ৰ-ক্ষুদ্ৰ গুটি কেইটামানে মালা গুঠিছে৷ এদিন দেখা পাও সেই গুটিবোৰ মাৰ্বলটোৰ সমান হৈছে, -আলু লাগিছে শিপাত৷ এটা আলুৰ পৰা সাত-আঠটা সৰু সৰু আলু! !
পিয়াজবোৰ সেউজীয়া ঠাৰি হৈ গজি উঠিছে, নহৰুবোৰো৷

সদায় ৰাতিপুৱা শুই উঠি এই এই কোমল সেউজীয়াখিনি মই প্ৰাণভৰি চুই চাওঁ‌৷ মায়ে ঘঁ‌হা শালিমাৰ নাৰিকল তেলৰ টিনৰ খালি টেমাৰ তলিখন গজাল এটাৰে সৰু সৰু কৈ বিন্ধা কৰি তাৰে খেতিখিনিত পানী দিওঁ‌৷ শিশু ধনীয়াখুনিয়ে দুখ পায় বুলি যিমান পাৰি সৰুকৈ বিন্ধাবোৰ কৰিছিলোঁ‌৷ তথাপি এডাল-দুডাল ধনীয়া পানীৰ আঘাতত হাউলি পৰে৷ মোৰ বুকুখন মোচৰ খাই উঠে৷ গুৰিত মাটি অলপ পিটিকি দি তাক থিয় কৰাই দিওঁ‌৷

লাহে-লাহে কুৱলী সৰিবলৈ আৰম্ভ কৰে৷ নিয়ৰ সনা আলুৰ পাতবোৰত পুৱাৰ মিঠা ৰ’দ লাগি চিক্-মিকাই উঠে৷ টোপকৈ এটোপাল চেঁ‌চা নিয়ৰ আহি মোৰ কাণত সৰে৷ ওচৰৰ কলজোপাৰ পাত লৰে চৰে৷ নিয়ৰ এটোপাল কলগছডালৰ গাৰে নামি আহি আদবাটত ক্ষন্তেক ৰৈ যায়৷ তাৰ মাজেৰে বেলিৰ প্ৰথম কিৰণ সৰকি আহি মোৰ চকুত তিৰ-বিৰাই জ্বলে৷ আৰু এটোপাল নিয়ৰ কলজোপাৰ গাৰে বৈ আহি এইটোপালৰ লগত মিলি যায়৷ গধূৰ নিয়ৰটোপাল এইবাৰ গিৰিসকৈ তললৈ নামি আহে৷
মোৰ খেতি আৰু বুকু সজাল ধৰে৷ সেউজীয়াখিনি গাঢ়তৰ হৈ আহে৷

ধনীয়াৰ পাতবোৰৰ দাঁ‌তিবোৰ কাটা-কাটা হৈ পৰে, যেন সেউজীয়া চিঞাহী এটোপাল কাগজ এখনত পৰি প্ৰসাৰিত হৈ ছিটিকি পৰিছে, তেনেকুৱা ৰূপেৰে ধনীয়া পাতবোৰে পূৰ্ণতা পাবলৈ ধৰে৷ আলুগছৰ সেউজীয়া জোপোহাবোৰে ঢিপটো আগুৰি ধৰে৷ পিয়াজৰ সেউজীয়া নলীবোৰ আকাশ ধিয়াই উজলি উঠে৷
ওচৰত বহি মই ৰাতিপুৱাৰ কোমল ৰ’দ লওঁ‌৷ ইমান সুখ সেউজীয়াৰ, ইমান সুখ মোৰ কলিজাৰ৷ মোৰ খেতিডৰায়ো ৰ’দ পুৱাই, মোৰ স’তে৷

এনেকৈ সপোন বিভোৰ হৈ বহি থাকোঁ‌ কত দিন! মা আহে ওচৰলে’৷ খং কৰি অহা মাৰ মুখতো মোৰ সৃষ্টি দেখি এটি সেউজীয়া হাঁ‌হি বিৰিঙে৷
মৰমতে আলফুলে মোক কপালত চুমা দিয়ে৷ ’তোমাৰ খেতিডৰাৰ দৰেই তুমিও মোৰ সোণ৷ এতিয়া ব’লা, স্কুল যাবৰ হ’ল৷ তুমি খেতিডৰাক ডাঙৰ কৰাৰ দৰে ময়ো তোমাক ডাঙৰ কৰিব লাগিব নহয় সোণ৷
মায়ে মোক লৈ যায়৷ আৰু, স্কুলত চাৰে যেতিয়া আমাক সালোক-সংশ্লেষণ পঢ়ায়, মোৰ মনত ভাঁ‌হি উঠে-সেউজীয়া মোৰ সেই পথাৰ খন! ! !

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.