অসম সাহিত্য সভা কেনে হোৱাটো বিচাৰোঁ – লীনা শৰ্মা

অসম সাহিত্য সভা কেনে হোৱাটো বিচাৰোঁ – লীনা শৰ্মা

অসম সাহিত্য সভা কেনে হোৱাটো বিচাৰোঁ – লীনা শৰ্মা

by September 18, 2017 0 comments

এই লেখাটো আৰম্ভ কৰিবৰ পৰত মোৰ কেইবাগৰাকীও বান্ধৱী ২৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হবলগীয়া জয়পুৰ সাহিত্য উৎসৱলৈ যাবলৈ ককাঁলত টঙালি বান্ধিছে৷ তেওঁলোকৰ সৰহ সংখ্যকৰে সাহিত্যত বৰ বিশেষ ৰাপ নাই৷ তথাপিও এই সাহিত্য উৎসৱলৈ যাবলৈ ইমান কিয় ইচ্ছুক বুলি প্ৰশ্ন কৰাত গোটেই কেইগৰাকীৰে একেধৰণৰ উত্তৰ: -“ইমান মানুহ, ইমান কিতাপ, কিতাপৰ ওপৰত আলোচনা, বিখ্যাত মানুহৰ সৰস আলোচনা, খানা-পিনাৰ দোকান, মুঠৰ ওপৰত সঁচা অৰ্থত এক উৎসৱ, এক মেলা….৷ “, মই ভাবিলোঁ আমাৰ ঠাইখনত বহু বছৰ আগেয়ে আমি “অসম সাহিত্য সভা“ৰ অধিবেশনৰ যোগেদি এই সাহিত্য ভিত্তিক উৎসৱ অনুষ্ঠিত কৰি আহিছোঁ৷ অথচ সেই একে ধাৰণাৰেই এতিয়াহে ভাৰতৰ বিভিন্ন ঠাইত (হয়তো পৃথিৱীৰ বিভিন্ন ঠাইতো) উলহ মালহেৰে পতা সাহিত্য মেলাবোৰক এক অভিনৱ আৰু নৱতম ধাৰণাৰ সৃষ্টি বুলি অনুমান কৰি সাহিত্য অনুৰাগীসকল আহ্লাদিত হৈ পৰিছে৷

এনেকুৱা এক দৃষ্টিকোণৰ পৰা চালে সাহিত্য সভাৰ মেলামূখী চৰিত্ৰক সমালোচনা কৰা মনোবৃত্তি সঠিক নহয় যেন লাগে৷ সাহিত্যৰ নামত বহুতো মানুহ সমবেত হৈ এক বিশেষ ধৰণৰ শক্তিৰ অৱতাৰণা কৰাটো বৰ সহজ কথা নহয়৷ সাহিত্য আৰু মনোৰঞ্জনৰ মিলনক সঠিক দিশেৰে আগুৱাই লৈ যাব পাৰিলে ক্ষতি হব বুলি মুঠেও বিশ্বাস নহয়৷ বৰং ই আধুনিক সময়ৰ এক প্ৰকাৰ প্ৰয়োজন বুলিহে ভবাৰ থল আছে৷ আমি গৌৰৱহে কৰা উচিত যে এতিয়া পতা সাহিত্য উৎসৱবোৰৰ তুলনাত বহু দশক আগেয়ে লাখ লাখ মানুহক একত্ৰিত আৰু উজ্জীবিত কৰি আমি সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত কৰি আহিছিলোঁ৷

দ্বিতীয় এটা দিশ আহে সংগঠকসকলক লৈ৷ সভাপতিৰ বাদে বাকীবোৰ সংগঠক সাধাৰণতে সাহিত্যক, কবি, নাট্যকাৰ, সংগীতজ্ঞ জাতীয় মানুহ নোহোৱাকলৈ আমি সমালোচনা কৰিবলৈ আগবাঢ়োঁ৷ ইয়ো মোৰ দৃষ্টিত উচিত নহ’য়৷ ভাল সাহিত্যিক ভাল সংগঠক হব বুলি ভবাটো ভুল৷ সেই একে দৃষ্টিৰে বিবেচনা কৰিলে সুদক্ষ সংগঠক বোৰো একো একোজন মূধাফুটা কবি, সাহিত্যিক, নিবন্ধকাৰ হ’ব বুলি আশা কৰাটোও অদূৰদৰ্শিতাৰ পৰিচায়ক৷ সকলোবোৰ খেল সংগঠনৰ কৰ্মকৰ্তা, আনকি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুৰব্বী আৰু বাকীবোৰ সংগঠক সাধাৰণতে খেলুৱৈ নহয়৷ পুঁজি সংগ্ৰহ কৰা, একো একোখন সভা- সমিতি অনুষ্ঠিত কৰা আদি কামবোৰৰ বাবে তেনেবিষয়ত পাৰদৰ্শিতা থকা অৰ্থাৎ প্ৰফেচনেল মানুহৰ যোগদান প্ৰয়োজনীয়৷

তৃতীয় দিশটো হৈছে, ৰাজনীতিজ্ঞ আৰু ধনবান মানুহক সাহিত্যসভাৰ লগত জড়িত কৰি আদৰ-সম্ভাষণ জনোৱাটোক লৈ বহুতেই ওজৰ আপত্তি দৰ্শায়৷ ই দুৰ্ভাগ্যজনক বুলি ভাবিবলৈ মন যায়৷ ৰাজ অনুগ্ৰহ নোহোৱাকৈ কোনো সংগঠনমূলক কাৰ্য বহুদূৰ আগুৱাই নিব নোৱাৰি৷ গণতান্ত্ৰিক দেশ এখনত মন্ত্ৰী, বিধায়ক আদি, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ আৰু তেওঁলোক সজ্জনেই হওক বা দুৰ্জনেই হওক, তেওঁলোকে দেশৰ জনতাকেই প্ৰতিনিধিত্ব কৰে৷ গতিকে সাহিত্যসভাৰ মঞ্চত মন্ত্ৰী, বিধায়কক বহুৱালে বা চৰকাৰী অনুদান গ্ৰহণ কৰিলে তাক গালি গালাজেৰে বুৰাই পেলোৱাটোক মই বিশেষ কোনো যুক্তি বিচাৰি নেপাওঁ৷ ঠিক সেইদৰে এখন উৎসৱ বা মেলা পাতিলে বিত্তবান লোকৰ অৰ্থ প্ৰয়োজনীয় হৈ পৰে৷ জয়পুৰ সাহিত্য উৎসৱ, গোৱা সাহিত্য উৎসৱ, ত্ৰিবান্দ্ৰম সাহিত্য উৎসৱ আদিত ডাঙৰ ডাঙৰ কোম্পানীক, অৰ্থ প্ৰদানৰ বাবে আগবাঢ়ি আহোতে সেই ’স্পনছৰশ্বিপ’ৰ মূল্য হিচাপে তেওঁলোকৰ লগ’, বেনাৰ আদি সৰ্বত্ৰ ওলোমায়৷ তেওঁলোকৰ বৰমূৰীয়া বিষয়া সকলো মঞ্চত উপবিষ্ট হয়৷ গতিকে সাহিত্য সভাৰ মঞ্চত কোনোবা ধনকুবেৰ বহিলে আমি ইয়াক জাতীয় অৱমাননাৰ প্ৰতীক বুলি গ্ৰহণ কৰা কিমানদূৰ সমীচীন, সেয়া বিচাৰ্য বিষয়৷

ইমান সময় কি কি বিষয় লৈ অসম সাহিত্য সভাৰ ওপৰত আমি উষ্মা প্ৰকট কৰি থাকোঁ তাৰে আলোচনা আগবঢ়ালোঁ৷ অসম সাহিত্য সভাৰ স্বৰূপ কেনে হোৱা উচিত, সেইবিষয়ে কথা কবলৈ যোৱাৰ আগতে এনে এক প্ৰাৰম্ভণিৰ অতীৱ প্ৰয়োজনীয়তা আছে তাক অনুধাৱন কৰিয়েই এইখিনি কথাৰ অৱতাৰণা কৰা হ’ল৷
অসম সাহিত্য সভাক আমি জাতীয় সম্পদ বুলি গ্ৰহণ কৰি ইয়াক লৈ আমি আবেগিক হৈ পৰোঁ কাৰণেই কেতিয়াবা আমি খং কৰোঁ, কেতিয়াবা ওজৰ-আপত্তি আগবঢ়াওঁ আৰু আমি অভিযোগৰ অন্তহীন তালিকা এখন প্ৰস্তুত কৰি আমাৰ প্ৰত্যেকজন অসমীয়াৰ হিয়াৰ আমঠু সাহিত্য সভাৰ ওপৰত আমাৰ পৰম্পৰাগত অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁ৷ কিন্তু সাহিত্য সভাখন ধ্বংস হৈ যাওক বুলি বুকুত হাত দি কামনা কৰা অসমীয়া হয়তো এজনো নোলাব৷ সেয়ে সমান্তৰাল সংগঠনৰ সৃষ্টি কৰি সাহিত্য সভাৰ শক্তিক প্ৰত্যাহ্বান জনোৱাবোৰো প্ৰায়ে নিশকতীয়া হৈ পৰে বা তেনে সংগঠন এই বৃহৎ জাতীয় অনুষ্ঠানত এদিন আপোনাআপুনি জাহ গৈ অস্তিত্বহীন হৈ পৰে৷
তেনে এক পটভূমিৰ পৰিপ্ৰেক্ষিতত অসম সাহিত্য সভা আমাৰ জাতীয় জীৱনত যে মহীৰূহৰ নিচিনা এক ভূমিকা আছে, তাক অনুভৱ কৰিব পাৰি আৰু সেই ভূমিকাক উচিতভাবে বা উপযুক্ততাৰে পালন কৰিবলৈ হ’লে কিছু সালসলনি বা ৰূপ পৰিবৰ্তনৰ বিশেষ প্ৰয়োজন৷

মোৰ দৃষ্টিকোণৰ পৰা লক্ষ্য কৰি মই কবলৈ বিচাৰোঁ যে অসমীয়া সাহিত্যিক বিশ্ব দৰবাৰলৈ নিবলৈ এক সুসংহত প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন আৰু সাহিত্য সভাৰ ছত্ৰছায়াত এনে এক কাম হাতত লোৱাটো সম্ভৱ৷ ডo ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহাৰ চুটিগল্পই হয়তো অ’হেনৰিৰ চুটিগল্পকো চেৰ পেলাবলৈ সক্ষম হ’ব৷ বীনা বৰুৱাৰ ’জীৱনৰ বাটত’, কাঞ্চন বৰুৱাৰ ’অসীমত যাৰ হেৰাল সীমা’, ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ’অনুৰাধাৰ দেশ’, হোমেন বৰগোহাঞিৰ’পিতাপুত্ৰ’, আদি যিকোনো আন্তৰ্জাতিক পৰ্যায়ৰ উপন্যাসৰ সমকক্ষ৷ এইবোৰ সৃষ্টিক বৰ্হিজগতলৈ নিবলৈ হ’লে অসম সাহিত্য সভাই এক অনুবাদ-কোষৰ জন্ম দিব লাগিব, য’ত ইংৰাজী আৰু হিন্দী সাহিত্য/ ভাষাত দখল থকা লোকক মজুৰিৰ ভিত্তিত মকৰল কৰি উৎকৃষ্ট অনুবাদৰ সৃষ্টি কৰিব লাগিব৷ অনুবাদৰ লগে লগেই বিশ্বায়নৰ এই যুগত উৎকৃষ্ট ছপাৰ ব্যৱস্থা কৰি প্ৰচাৰ, সৰবৰাহ আদিৰ কথা ভবাটোও সাহিত্য সভাৰ বাবে এক সময়োপযোগী প্ৰত্যাহ্বান হ’ব বুলি নদি ক’ব পাৰি৷ একেৰাহে গাত লাগি এই কামটো কৰিলে হয়তো অসমৰে কোনো সাহিত্যিক নবেল বঁটাৰ বাবে মনোনীত হ’ব পাৰে বুলি কোৱাটোও অত্যুক্তি নহয়৷

জন্মলগ্নৰে পৰা অসম সাহিত্য সভাৰ কাণ্ডাৰীসকলে প্ৰাচীন আৰু মধ্যকালীন ইংৰাজী সাহিত্য আৰু বৰ্তমানৰ অসমীয়া সাহিত্যৰ ধাৰাক ইংৰাজী সাহিত্য আৰু বৰ্তমানৰ অসমীয়া সাহিত্যৰ মাজত যোগসূত্ৰ স্থাপনৰ কামত ব্ৰতী হৈ অসমীয়া সাহিত্যৰ ধাৰাক ইংৰাজী সাহিত্যৰ ধাৰাৰ দ্বাৰা বিশ্লেষণ কৰিবলৈ যোৱাৰ কাৰণে হয়তো বহুতো প্ৰাচ্য সাহিত্যৰ হোতা এই সভাৰ আওতাৰ পৰা আঁতৰি থাকিল৷ সংস্কৃত, পালি, পাৰ্চী আদি বিষয়ৰ পণ্ডিতসকল আৰু এইকেইটা ভাষাৰ সাহিত্যিকক অসম সাহিত্য সভাৰ গণ্ডীৰ ভিতৰলৈ আনিব পাৰিলে অসমীয়া সাহিত্যৰ পৰিধি বিস্তৃত হ’ব বুলি আশা কৰিব পাৰি৷ প্ৰাচীন অসমীয়া সাহিত্য, সংস্কৃত-পালি আদি সাহিত্যৰ পোষ্য-পুত্ৰ বুলিলে সত্যৰ অপলাপ নিশ্চয় নহ’য়৷ গতিকে প্ৰাচ্য সাহিত্যৰ ধাৰাক অসম সাহিত্য সভাৰ পৰিধিৰ পৰা আঁতৰাই পেলালে ইয়াৰ পৰিসৰৰ বিশালতা কমি যাব৷ এনে এক প্ৰেক্ষাপটত অৰুণাচল, ত্ৰিপুৰা আদি ৰাজ্যলৈ নিজৰ নিজৰ কাৰ্যক্ষেত্ৰ সম্প্ৰসাৰণৰ এই যোগাত্মক সময়তেই অসমৰেই প্ৰাচ্য সাহিত্য আৰু প্ৰাচ্য সাহিত্যৰ লগত জড়িত ব্যক্তিসকলকো সাৱতি লব পাৰিলে ইয়াৰ স্বৰূপ আৰু অধিক সুন্দৰ হৈ পৰিব৷ মহাৰথী, মহাকবি, বিদেহ-নন্দিনী আদি গ্ৰন্থৰ বিপুল জনপ্ৰিয়তাৰ কথা এই সন্দৰ্ভতে দোহাৰি প্ৰাচ্য সাহিত্যৰ আৰু অসমীয়া সাহিত্যৰ যোগসূত্ৰ স্থাপনৰ বাবে সোপান প্ৰস্তুত কৰিলে অসম সাহিত্য সভাৰ বাবে ই এক আশীৰ্বাদ স্বৰূপ হ’ব বুলি ভবাৰ থল আছে৷

ৰামায়ণী সাহিত্যৰ লগত প্ৰয়াত ডo মামণি ৰয়ছম গোস্বামীৰ অসমীয়া সাহিত্যৰ সেতু বন্ধনৰ এই সম্পৰ্কত উনুকিয়াব পাৰি৷
একেবাৰে শেষত এই কথাও উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে অসম সাহিত্য সভাৰ কৰ্মকৰ্তাৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্কে আমি সাধাৰণ মানুহ একেবাৰেই অজ্ঞ৷ আয়=ব্যয়ৰ কোনো খতিয়ানো আমি ৰাজহুৱা মঞ্চত বিচাৰি নেপাওঁ৷ সাহিত্য সভাৰ গৰাকী সমগ্ৰ অসমবাসী আৰু সংগঠকসকল অসমবাসীয়ে কিছুদিনৰ বাবে কাম চলাবলৈ নিযুক্ত কৰা ঠিকাদাৰ৷ ঠিকাদাৰসকলৰ কাৰ্যকলাপ সম্পৰ্কে মালিকৰ মনত মাজে মাজে সন্দেহৰ উদয় হোৱাটো অতি স্বাভাৱিক৷ সভাপতি, উপসভাপতি, সম্পাদক আদিৰ নিৰ্বাচনী প্ৰক্ৰিয়া সকলোকে অৱগত কৰিলে, এই প্ৰক্ৰিয়া কিমান শুদ্ধ বা তাত শুধৰণিৰ কিবা অৱকাশ আছে নেকি সেয়া আমি বুজিব পাৰিম৷ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা, ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত আলোচনা, অতীতত লোৱা ব্যৱস্থাৰ লাভ-লোকচান, আয়-ব্যয়ৰ মোটামুটি হিচাব ৰাইজৰ আগত দাঙি ধৰিলে সাহিত্য সভাই বহন কৰি অহা বহু অপযশ কিছু পৰিমাণে হ’লেও কমি যাব বুলি আশা কৰিব পাৰি৷ অৱশ্যে এনে এক বৃহৎ ৰাজহুৱা অনুষ্ঠান সম্পূৰ্ণৰূপে বিতৰ্কমুক্ত হ’ব বুলি ভবাটো দুৰাশাৰ বাদে আন একো নহ’য়৷ সামূহিক প্ৰত্যাশাৰ জোৰদাৰ হেঁচাত এই অনুষ্ঠানটো মাজে সময়ে কঁপি উঠাটোও এক স্বাভাৱিক প্ৰক্ৰিয়া যেনেই অনুমেয় হয়৷

বৰলুইতৰ নিচিনাকৈ অসম সাহিত্য সভা চিৰদিনলৈ বৈ থাকক আৰু সাগৰৰ বুকুলৈ বৰ লুইতে ধাপলি মেলাৰ দৰে সাহিত্য সভাই অসমীয়া সাহিত্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ বোৱাই লৈ যাওক৷ বহুজন অসমীয়াৰ দৰে এয়া মোৰ হৃদয়ৰ পৰা নিগৰি অহা এক সঁচা অনুভূতি৷ অসম সাহিত্য সভালৈ সশ্ৰদ্ধ প্ৰণাম৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.