শংকৰদেৱৰ কৰ্মৰাজিত আদৰ্শনীয় জীৱন চৰ্যাৰ শিক্ষন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা – তুলিকা নাথ

শংকৰদেৱৰ কৰ্মৰাজিত আদৰ্শনীয় জীৱন চৰ্যাৰ শিক্ষন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা – তুলিকা নাথ

শংকৰদেৱৰ কৰ্মৰাজিত আদৰ্শনীয় জীৱন চৰ্যাৰ শিক্ষন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা – তুলিকা নাথ

by September 18, 2017 0 comments

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিশীল কৰ্মৰাজিয়ে অসমীয়া সমাজখনৰ সামাজিক, সাংস্কৃতিক তথা আধ্যাত্মিক ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰাৰ লগতে অসমৰ জাতীয় জীৱনক গতি আৰু ব্যাপ্তি প্ৰদান কৰি গৈছে৷ তেওঁৰ চিন্তন আৰু শিক্ষনে অসমীয়া জাতিটোক সমৃদ্ধ কৰি ৰাখিছে৷ তেওঁ মানৱ সমাজলৈ দি যোৱা আদৰ্শনীয় জীৱন চৰ্যা –সাত বৰ্ণ সম্প্ৰদায় উৰ্দ্ধত সমতাৰ মৰ্যাদা দিয়া, বিৰল বিনয়বোধ, অহিংসা, দয়া, ক্ষমা, এক সু সাংস্কৃতিক সন্তুলিত জীৱন প্ৰণালীৰ শিক্ষা মানব সমাজে অনুসৰণ কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ গুৰুজনাই দেখুৱাই থৈ গৈছে বিশ্বভ্ৰাতৃত্ব বোধ আৰু একতাৰ শক্তি৷ গুৰুজনাৰ কৰ্মৰাজিত বিমুগ্ধ হৈ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল “অসম সঁচাকৈয়ে বৰ ভাগ্যবান, কাৰণ যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্য কল্পনা কৰিছো তাতোকৈ সুন্দৰ আৰ্হি আজি বহু বছৰৰ আগতে শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিক দি গৈছে৷ মই কেৱল তাক অনুশীলন কৰিছোঁ৷ মোৰ নতুনত্ব একো নাই৷“

অসমীয়া জাতিটোক একতাৰ এনাজৰীৰে বান্ধি, ঐক্য সম্প্ৰীতি ৰক্ষা কৰি এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়িবৰ বাবে মহাপুৰুষ জনাই আজিৰ পৰা প্ৰায় পাঁচ শ বছৰৰ আগতেই অহোপুৰুষাৰ্থ কৰিছিল৷ জাতি ভেদ প্ৰথা, উচ্চ নীচ ভেদভাৱ আতৰাই এখন মহান অসমীয়া সমাজ গঢ়াৰ উদ্দেশ্যে অসমীয়া সকলৰ মনবোৰ আধ্যাত্মিক জ্ঞানেৰ আলোকিত কৰিবলৈ যত্ন কৰিছিল৷ তেওঁ বুজিছিল সমাজখনক একত্ৰিত কৰিবলৈ হলে সকলোৰে মনত প্ৰেম, ভ্ৰাতৃত্ববোধ, সহনশীলতা, দয়া শীলতা আদি মহানুভৱৰ বীজ ৰোপণ কৰিব লাগিব৷ তেওঁ “কীৰ্ত্তন ঘোষাত“ লিখিছিল

“ব্ৰাহ্মণ, চণ্ডাল চোৰ দাতা ক্ৰোৰ শান্ত৷
সবাতে আমাক তুমি দেখিব নিতান্ত৷৷
তেজি লাজ গৰ্ব্ব মান হুৱা উপশম৷
সমস্ততে দণ্ডৱতে কৰিবা প্ৰণাম৷৷
নীচত সাধুত যাৰ ভৈল একজ্ঞান৷
তাকেসে পণ্ডিত বুলিয়ো সৰ্ব্বজন৷৷

তেওঁ দেখুৱাই থৈ গৈছে যোগ্য ভোগ্য বসুন্ধৰাৰ আৰু সততাৰ দৃষ্টান্ত৷ উচ্চ নীচ, ভেদভাৱ নাৰাখি গুৰুজনাই সকলো জাতি জনগোষ্ঠীৰ লোকক তেওঁৰ শিষ্যৰ আসনত বহুৱাইছিল উদাহৰণস্বৰূপে গোবিন্দ আতৈ (গাৰো), ৰাম আতৈ (কছাৰী), চান্দসাই আতৈ ( মুছলমান ), বলাই আতৈ (মিকিৰ)৷ তেওঁ দেখুৱাই থৈ গৈছে বৰ্ণ, জাতি বহিৰাবৰণ কেৱল৷ গুৰুজনাৰ এই শিক্ষা বৰ্তমান সমাজত অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ বৰ্তমান অসমীয়া জাতি সত্তা বিপদাপন্ন৷ প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ গোষ্ঠীগত চিনাকিৰে পৰিচিত হবলৈ উঠিপৰি লাগিছে৷ এনে সময়ত গুৰুজনাৰ নীতি আদৰ্শ পুনৰ প্ৰচাৰ আৰুো প্ৰসাৰৰ প্ৰয়োজনতা আহি পৰিছে৷

শঙ্কৰদেৱে অনুভৱ কৰিছিল আধ্যাত্মিক ঐক্যই পৰস্পৰৰ মাজত মিলাপ্ৰীতি আনি সমাজখনক একত্ৰিত কৰাত সহায় কৰে৷ সেয়ে উদ্দেশ্যে তেওঁ প্ৰচাৰ কৰিলে একশৰণ নাম ধৰ্ম৷ এই ধৰ্মত আছে সকলো নীতি শিক্ষাৰ পাঠ৷ ন্যায়, নৈতিকতা, অহিংসা, অস্পৃশ্যতা বৰ্জন, আধ্যাত্মিকতা, কু দ্ৰব্য পৰিহাৰ, সমাজ সেৱা৷ তেওঁ মানৱক ঈশ্বৰমুখী ভাৱ – দৰ্শনেৰে শৰীৰ আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰি দেহক ৰিপুসমূহৰ আগ্ৰাসনৰ পৰা মুক্ত কৰি আধ্যাত্মিক জ্ঞানেৰে পুষ্ট হৈ মানৱীয় মহানুভৱতাৰ শিক্ষা প্ৰদান কৰিবলৈ যত্ন কৰিছিল৷ বৰ্তমান সমাজখনত শঙ্কৰদেৱৰ এই মহান শিক্ষাৰ চৰ্চা, প্ৰসাৰ কৰাটো বৌদ্ধিক মহলৰ কৰ্তব্য হোৱা উচিত৷

শঙ্কৰদেৱে বস্তুবাদী ভাবধাৰাৰ পৰা দূৰৈত থাকিবলৈ মানৱসমাজক শিক্ষা দি গৈছে৷ সুখৰ মৰিচিকা খেদি ভোগ বিলাসত মত্ত হয় মানব জীৱন৷ ভোগবাদী ধ্যান ধাৰণাত মতলীয়া হৈ মানবে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু মাদক দ্ৰব্য সেৱন আদি কু কৰ্মত লিপ্ত হয়৷ যি মাথোঁ নিমন্ত্ৰণ দিয়ে কেৱল মাত্ৰ নিজৰ ধ্বংসক৷ মাদক দ্ৰব্য সেৱনে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে৷ সেয়ে এই অনিষ্টকাৰী দ্ৰব্যবোৰ ব্যৱহাৰ নাশ কৰিবলৈ তেতিয়াই তেওঁ জনসাধাৰণক আহ্বান জনাইছিল৷ তেওঁ সুৰা সেৱন কৰা সকললৈ শঙ্কৰদেৱে সতৰ্কবাণী কৰিছে

“সুৰাপায়ী চাতুকাৰ চাণ্ডাল / নিষ্ঠুৰ বাক্যবোল সৰ্বকাল৷ ৷
পুত্ৰ দ্ধৰা ধন আতেশে ৰতি/ সবাতো সি মণ্ডমতি৷“

বৰ্তমান দুৰ্নীতি, ভ্ৰষ্টাচাৰে পিষ্ট অসমীয়া সমাজখনে সুশৃংখলিতা, শিষ্টাচাৰৰ গুৰুত্ব অনুধাৱন কৰাটো নিতান্তই প্ৰয়োজনীয়৷ সমাজখনক শঙ্কৰদেৱৰ নিষ্কাম ভাবৰ অনুশীলন প্ৰয়োজনীয়তা আহি পৰিছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব নিষ্কাম ভক্তিৰ বিষয়ে৷ নিষ্কাম ভক্তিৰ অৰ্থ ভগৱানক কেৱল ভক্তিৰ বাবেই ভক্তি কৰা হয়৷ ধৰ্ম-অৰ্থ-মোক্ষ আদি কিবা বিচাৰি ভক্তি কৰা নহয়৷ “কীৰ্ত্তনত“ নিষ্কাম ভক্তিৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে৷

“নামাগোহো সুখভোগ নালাগে মুকুতি৷
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি “(৫২৩)

আকৌ“ ভক্তি-ৰত্নাকৰত“ তেওঁ এনেদৰে লিখিছে
“ন বাঞ্ছয়ে একো কাম জানিবা তাহাৰ নাম
ভগৱতী ভকতি উত্তম৷
মোক্ষত অধিক ইটো ভকতিৰ সুখ অতি
পৰম আনন্দ নিৰূপন৷ ৷ “
বৰ্তমানৰ উচ্ছৃঙ্খল যুবসমাজক শুদ্ধ দিক নিদৰ্শনৰ শঙ্কৰদেৱৰ দৰ্শনৰ অধ্যয়নৰ অতীব প্ৰয়োজন হৈ পৰিছে৷

শংকৰদেৱে আমাক অহিংসাৰ শিক্ষা দি গৈছে৷ তেওঁ দেখুৱাই থৈ গৈছে অহিংসাই পৰম ধৰ্ম৷ তেওঁ আন ধৰ্মৰ প্ৰতি সদায় সন্মান প্ৰদৰ্শন কৰিবলৈ শিকাই থৈ গৈছে৷ তেওঁ “ভক্তি প্ৰদীপত“ লিখিছিল

“পৰৰ ধৰ্মক নিহিংসিবা কদাচিত৷
কৰিবা ভূতক দায়া সকৰু নাচিত৷৷
শান্ত চিত্ত হুইবা সৰ্ব ধৰ্মত বৎসল৷
এয়ে ভাগৱত ধৰ্ম জানা মহাবল৷৷“

তেওঁ বুজিছিল সমাজখনত শান্তি সৌম্য ৰক্ষাৰ বাবে হিংসাৰে উন্মাদ সকলক অহিংসাৰ আলোকিত পথৰ ফালে আকৰ্ষিত কৰিব লাগিব৷ বৰ্তমানৰ হিংসা, অসিষ্ণুতাৰে প্ৰদূষিত সমাজখনক শংকৰদেৱৰ এই শিক্ষণ অনুধাৱন কৰাতো খুবেই প্ৰয়োজন হৈ পৰিছে৷ তেওঁ কেবল মাত্ৰ মানবৰ প্ৰতিয়ে নহয় ইতৰ প্ৰাণী, জীৱ জন্তু সকলোৰে প্ৰতি অহিংসাৰ ভাব পোষণ কৰিবলৈ আহ্বান কৰিছে৷ তেওঁ “কীৰ্ত্তন ঘোষাত“ লিখিছিল

“কুকুৰ, শৃগাল গদৰ্ভৰো আত্মাৰাম৷
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷৷“(১৮২৪)

তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ভক্তি ধৰ্মৰ সৰল পন্থাৰেহে ব্যক্তিৰ মনত আধ্যাত্মিক ভাব জাগৃত কৰিব পাৰিব৷ ভক্তি ধৰ্মৰ অমত ৰসেৰে সমাজখনক একত্ৰিত কৰিবৰ বাবে স্থাপন কৰিছিল সত্ৰ আৰু নামঘৰ৷ এই সমূহ অনুষ্ঠান হৈ পৰিছিল ধৰ্ম চৰ্চাৰ কেন্দ্ৰ৷ বৰগীত, অংকীয়া নাট, ধৰ্ম গ্ৰন্থ ৰচনা কৰি অশিক্ষিত কু -সংস্কাৰেৰে আবৃত সমাজখনক আধ্যাত্মিক জ্ঞানেৰে আলোকিত কৰিছিল৷ আজিৰ উচ্ছৃঙ্খল যুব সমাজক আধ্যাত্মিক আৰু নৈতিকতাৰ কৰ্ষণ কৰাই জীৱনৰ মূল উদ্দেশ্য হৃদয়ংগম কৰোৱাটোৰ প্ৰসংগকিতা আহি পৰিছে৷

শংকৰদেৱে স্বনিৰ্ভৰশীলতা, জীৱন নিৰ্বাহৰ কাৰণে প্ৰয়োজনীয় কৰ্ম যেনে কৃষি, বাণিজ্য, শিল্প কৰ্ম কৰিবৰ বাবে সকলোকে উদ্ধুদ্ধ কৰিছিল৷ শিষ্য সকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে নানান কুটীৰ শিল্পজাত সামগ্ৰী উৎপাদনৰ বাবে উৎসাহিত কৰিছিল৷ গুৰুজনাই নাম প্ৰসংগত ব্যৱহৃত নাম প্ৰসাদৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰিছিল বুলিব পাৰি৷ কৃষিজীৱি অসমীয়াৰ উৎপাদিত খেতিৰ সামগ্ৰী ভগৱন্তৰ চৰণত প্ৰসাদ হিচাপে নিৱেদিত কৰি মনত এক নতুন কৰ্মপ্ৰেৰণাৰ সন্তুষ্টি লাভ কৰিছিল৷ আজিৰ চাকৰিমুখী অসমীয়া যুৱক যুৱতীয়ে শংকৰদেৱৰ এই আদৰ্শ অনুসৰণ কৰি চাকৰিৰ ওপৰতে নিৰ্ভৰ নকৰি কৃষি কৰ্ম আৰু কুটীৰ শিল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হবলৈ যত্নপৰ হোৱা উচিত৷

শ্ৰীমন্ত শংকৰদেৱে সমাজ সংস্কাৰৰ অৰ্থে স্পশ্য অস্পৃশ্যতাৰ ভাৱ ধুই নিকা কৰি সমাজত ভাষা সাহিত্যৰ মাধ্যমেৰে ভক্তি ধৰ্মৰ সুবিশাল সোঁত বোৱাই অসমীয়া সাহিত্য সংস্কৃতিত সূৱৰ্ণ সৌধ নিৰ্মাণ কৰি গৈছে৷ তেওঁ মানৱ জাতিৰ চিন্তনত এক নতুন ধাৰা আনি দিছিল৷ শংকৰদেৱৰ চিন্তাত প্ৰগতিশীলতা আছে৷ Stockhlom University ৰ অধ্যাপক Dr William L. Smith নামৰ পণ্ডিত গৰাকীয়ে গুৰুজনাক এজন শ্ৰেষ্ঠ সংস্কাৰক বুলি কোৱাই নহয় এখন সাম্য, মৈত্ৰী, উদাৰ, ভেদাভেদহীন সমাজৰ স্ৰষ্টা বুলিও অভিহিত কৰিছে৷ অসাধাৰণ প্ৰতিভাৰ চিন্তাশীল যুগনায়ক শংকৰদেৱে সাহিত্য সংস্কৃতিৰ পথাৰখন উৰ্বৰা কৰি তুলি অসমীয়া জাতিয় জীৱনলৈ প্ৰগতিশীল চিন্তাৰ উন্মেষ ঘটালে আৰু ধৰ্মৰ নামত হোৱা সংকীৰ্ণতাবাদক নেওচি সমভাৱৰ নতুন অসমীয়া সমাজৰ সূত্ৰপাত কৰিলে৷ গুৰুজনা চিৰকালেই চিৰপূজ্য৷ মহাপুৰুষজনাই দি থৈ যোৱা জ্ঞানৰ আলোকেৰে আলোকিত হৈ ঐক্য সম্প্ৰীতিৰ এখন সমাজ গঢ়ি তোলাটো প্ৰত্যেক অসমীয়াৰ কৰ্তব্য হোৱা উচিত৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.