শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলন আৰু ইয়াৰ বিভিন্ন দিশঃ এক সংক্ষিপ্ত আলোকপাত – মৃদুল মৰাণ

শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলন আৰু ইয়াৰ বিভিন্ন দিশঃ এক সংক্ষিপ্ত আলোকপাত – মৃদুল মৰাণ

শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলন আৰু ইয়াৰ বিভিন্ন দিশঃ এক সংক্ষিপ্ত আলোকপাত – মৃদুল মৰাণ

by September 18, 2017 0 comments

শংকৰদেৱ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী৷ শংকৰদেৱক কেৱল ধৰ্ম প্ৰচাৰকৰূপে গণ্য কৰিলে তেওঁৰ প্ৰতিভাৰ প্ৰকৃত মূল্যায়ন কেতিয়াও সম্পূৰ্ণ নহয়৷ এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিছিল৷ অসমৰ সমাজ জীৱনলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ কোনো তুলনা নাই৷ তেওঁ ধৰ্মৰ নামত চলি থকা নানা অমানৱীয় আৰু অযুক্তিকৰ আচাৰ-আচৰণ নিৰ্মূল কৰিবলৈ যত্ন কৰিছিল৷ বলি-বিধান, জাতিভেদ প্ৰথা, অন্ধবিশ্বাস আদিৰ বিৰোধিতা কৰিছিল৷ শংকৰদেৱৰ সপোনৰ সমাজখন আছিল এখন আদৰ্শ সমাজ৷ সেইখন সমাজত আছিল সমতা আৰু মানৱতা, গণতান্ত্ৰিক প্ৰমূল্যবোধ৷ অসমীয়া মানুহৰ খাদ্য, সাজ-পাৰ, আচৰণ, মানসিকতা আদিৰ সংশোধন কৰি তেওঁ অসমীয়া সমাজখন সুস্থ কৰিব বিচাৰিছিল৷ তেওঁ সমাজৰ প্ৰতিটো সৰু-বৰ দিশৰ প্ৰতি চকু দিছিল, কাৰণ সমাজৰ মাত্ৰ দুটামান দিশৰ সংশোধন কৰি কেতিয়াও এখন সুস্থ সমাজ আশা কৰিব নোৱাৰি৷ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰা শংকৰদেৱৰ এটা প্ৰধান উদ্দেশ্য আছিল৷

শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলনৰ পটভূমিঃ

শংকৰদেৱৰ সময়ছোৱাত অসমৰ সমাজ ব্যৱস্থা ঘূণে ধৰা আছিল৷ “সামাজিক কুৰীতি, অনাচাৰ, ধৰ্মৰ নামত চলা ব্যভিচাৰ আৰু অসংখ্য ক্ষুদ্ৰ ধৰ্মীয় সম্প্ৰদায়ৰ অন্ধ-বিশ্বাস আধাৰিত আচাৰ-আচৰণ, জীৱন ধাৰণৰ অস্বাস্থ্যকৰ ব্যৱস্থা, স্বাস্থ্যকৰ জীৱন যাপনৰ বিষয়ে অজ্ঞতা আদিয়ে নিশ্চয়কৈ শংকৰদেৱক ব্যথিত আৰু চিন্তিত কৰিছিল৷ ” (কৰবী ডেকা হাজৰিকাঃ মাধৱদেৱঃ সাহিত্য, কলা আৰু দৰ্শন, পৃঃ ৮)
শংকৰদেৱৰ সময়ছোৱাত অসমৰ ৰাজিনৈতিক ব্যৱস্থাও বহু পৰিমাণে অশান্ত আছিল৷ সঘনাই হৈ থকা যুদ্ধ-কাজিয়াই পৰিৱেশ অশান্ত কৰি ৰাখিছিল৷ শংকৰদেৱে জীৱনকালত ৰজাঘৰৰ পৰা বহু পৰিমাণে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছিল৷ ৰাজনৈতিক অশান্তি দূৰ কৰি সামাজিক ঐক্য স্থাপনৰ বাবে তেওঁ যত্ন কৰিছিল৷
তান্ত্ৰিক বৌদ্ধ ধৰ্ম আৰু শাক্ত ধৰ্মই অসমত এক জটিল ৰূপ ধাৰণ কৰিছিল৷ দেৱী উপাসনাৰ বাবে নৰবলিৰ দৰে ক্ৰিয়া-কাণ্ডও সংঘটিত হৈছিল৷ নানা ধৰ্মমত সৃষ্টি হোৱাৰ ফলত সমাজত এক বিভ্ৰান্তিকৰ অৱস্থাৰ উদ্ভৱ হৈছিল৷ প্ৰধানকৈ ব্ৰাহ্মণ্য ধৰ্মই সমাজ জীৱনত শ্ৰেণী-বৈষম্য বৃদ্ধি কৰিছিল৷ “ভোগী শ্ৰেণীটোৰ উৎপত্তি আছিল সমাজত অৰাজকতা সৃষ্টিৰ অন্যতম কাৰণ৷ ভাৰতৰ অন্যান্য ঠাইত চূড়ান্ত অৱনতি লাভ কৰা দেৱদাসী প্ৰথাই অসমৰ কোনো কোনো মন্দিৰত দেৱদাসী নটীৰ শ্ৰেণী এটা সৃষ্টি কৰিছিল আৰু এইদৰে সামাজিক, নৈতিক মূল্যবোধৰ অৱক্ষয়ো আৰম্ভ হৈছিল৷ ” (কৰবী ডেকা হাজৰিকাঃ পূৰ্ব উক্ত গ্ৰন্থ, পৃঃ ২)

শংকৰদেৱে কেৱল ধৰ্ম প্ৰচাৰৰ বাবে সাহিত্য ৰচনা কৰা নাছিল৷ ধৰ্ম প্ৰচাৰৰ লগতে সমাজ আৰু জাতি সংগঠনৰ বাবেও তেওঁ সাহিত্য ৰচনা কৰিছিল৷ ধৰ্মীয় অনুশাসনৰ জৰিয়তে শংকৰদেৱে সমাজ আৰু সামাজিক জীৱনৰ আসোঁৱাহ দূৰ কৰিবলৈ যত্ন কৰিছিল৷ শংকৰদেৱৰ ধৰ্মত ক্ৰিয়া-কাণ্ডৰ বাহুল্য নাই৷ নাই কোনো ধৰণৰ বাহ্যিক আড়ম্বৰ৷ শংকৰদেৱে অন্ধ-বিশ্বাসৰ পৰম্পৰাস্বৰূপ বলি- বিধান, যাগ-যজ্ঞ, মূৰ্তি পূজা আদিৰ বিৰোধিতা কৰিছিল৷ এখন সমতা আৰু মানৱতাবোধৰ ভেটিত প্ৰতিষ্ঠিত সমাজ শংকৰদেৱৰ কাম্য আছিল৷ সেয়ে ক’ব পাৰি- “শংকৰদেৱৰ কৰ্ম মানৱাত্মাৰ মুক্তিৰ কৰ্ম৷”(নিৰ্মলপ্ৰভা বৰদলৈঃ সংস্কৃতি আৰু শ্ৰীশ্ৰীশংকৰদেৱ(প্ৰবন্ধ),শংকৰদেৱঃ সমাজ আৰু সংস্কৃতি, সম্পা. প্ৰদীপজ্যোতি মহন্ত, পৃঃ ১১৬)
এনে এখন অন্ধকাৰপূৰ্ণ সমাজত পোহৰ সিঁচিবলৈ শংকৰদেৱে অশেষ যত্ন কৰিছিল৷ এই ক্ষেত্ৰত তেওঁ ধৰ্মকেই সহায়কস্বৰূপে গ্ৰহণ কৰিছিল৷ ডিম্বেশ্বৰ নেওগে সেইবাবে কৈছিল— “তেওঁৰ প্ৰচাৰিত ধৰ্মত কোনো আঁহ-ফলা নীতি নাই, সমাজৰ সকলো সম্প্ৰদায়কে মোৰ বুলি সাৱটি লোৱাই তেওঁৰ উদ্দেশ্য আছিল৷”
শংকৰদেৱৰ সপোনৰ সমাজখন সাম্য আৰু মানৱতাৰে পৰিপূৰ্ণ এখন আদৰ্শ সমাজ৷ শংকৰদেৱক সেয়ে এজন আধুনিক চিন্তাৰ অধিকাৰী মহান ব্যক্তি হিচাপে আখ্যা দিব পাৰি৷

শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলনৰ বিভিন্ন দিশঃ

জাতিভেদ প্ৰথাৰ দূৰীকৰণঃ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱন আৰু সাহিত্য-কৰ্মৰ যোগেদি অসমৰ সমাজ-জীৱনত থকা জাতিভেদ প্ৰথা দূৰ কৰাৰ যত্ন কৰিছিল৷ সামাজিক বৰ্ণভেদ আৰু ব্যৱধান দূৰ কৰিবৰ বাবেই তেওঁ লিখিছিল-
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল৷
দাতাত চোৰত যেন দৃষ্টি একতুল৷৷”
“ভক্তি আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষতে বৰ্ণভেদত কিছু শিথিলতা আনিলেও অসমৰ দৰে ব্ৰাহ্মণ আৰু চণ্ডালৰ পাৰ্থক্য নোহোৱাকৈ মানুহক ব্যৱহাৰ কৰিবলৈ শিকোৱা নাই৷ শংকৰদেৱৰ ‘ভকতিত নাহি জাতি-অজাতি বিচাৰ’ এটা ডাঙৰ সামাজিক আন্দোলনৰ আধাৰ৷”(নগেন শইকীয়াঃ অসমীয়া মানুহৰ ইতিহাস, পৃঃ ২৫২)
মহাপুৰুষজনাই অন্তৰেৰে জাতিভেদ প্ৰথাক আওহেলা কৰিছিল৷ সেয়েহে তেওঁ গাৰোৰ গোৱিন্দ,মিৰিৰ পৰমানন্দ, আহোমৰ নৰহৰি, ভোটৰ জয়ৰাম, যৱনৰ চান্দসাই আদিক সমভাৱে আঁকোৱালি লৈছিল৷
অসমৰ সহজ-সৰল মানুহখিনিৰ ওপৰত ব্ৰাহ্মণ্য ধৰ্মই কঠোৰ হেঁচা দিছিল৷ ব্ৰাহ্মণ্য ধৰ্মই বৰ্ণভেদ প্ৰথাৰ জন্ম দি সমাজ কলুষিত কৰিছিল৷ পূজা-পাতল, যাগ-যজ্ঞত তেওঁলোকে আনক স্থান দিয়া নাছিল৷ সাধাৰণ মানুহখিনিয়ে ভগৱানক সেৱা কৰিবলৈ পোৱা নাছিল৷ কিয়নো ব্ৰাহ্মণ্য ধৰ্ম আছিল যথেষ্ট আড়ম্বৰপূৰ্ণ আৰু খৰচী৷ শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ যোগেদি ব্ৰাহ্মণ্য ধৰ্মই সৃষ্টি কৰা অযুক্তিকৰ প্ৰাচীৰ ভাঙি দিয়ে৷ শংকৰী ধৰ্মত কোনো জাক-জমকতা নাই৷ কীৰ্তন আৰু শ্ৰৱণেই হ’ল ভক্তিৰ সঽজ মাৰ্গ৷
ব্ৰাহ্মণসকলৰ আধিপত্য দূৰ কৰিবলৈ যাওঁতে শংকৰদেৱে অশেষ কষ্ট স্বীকাৰ কৰিবলগা হৈছিল৷ তেওঁৰ জীৱনলৈও অনেক ভাবুকি আহিছিল৷ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰে ব্ৰাহ্মণসকলৰ স্বাৰ্থত আঘাত সনাৰ বাবে কোচ ৰজা নৰনাৰায়ণৰ আগত শংকৰে ৰাজ্য নষ্ট কৰিলে বুলি গোচৰ দিছিল৷ এই সময়ছোৱাত গুৰুজনাই আত্মগোপন কৰি থাকিবলগীয়া হৈছিল৷ সকলোবোৰ ভাবুকি আওকাণ কৰি মহাপুৰুষজনাই নিজৰ ধৰ্মমত প্ৰচাৰ কৰি গ’ল৷ এই দিশবোৰ চালি-জাৰি চাই আমি শ্ৰীমন্ত শংকৰদেৱৰ নাম এজন সাহসী বিপ্লৱী হিচাপে ল’ব পাৰোঁ৷ এখন আদৰ্শ সমাজ গঢ়াৰ স্বাৰ্থত তেওঁ এক সংগ্ৰামী জীৱন অতিবাহিত কৰিছিল৷

অহিংসাই পৰম ধৰ্ম আৰু এখন শান্তিপূৰ্ণ সমাজঃ

শংকৰদেৱৰ ধৰ্মমতত হত্যা-হিংসাৰ কোনো স্থান নাই৷ ভগৱানক সন্তুষ্ট কৰিবলৈ বলি-বিধানৰ কোনো প্ৰয়োজন নাই৷ শংকৰদেৱে উৰণ, বুৰণ, গজন, গমন- সকলো প্ৰাণীতে বিষ্ণু বা কৃষ্ণৰ স্থিতি অনুভৱ কৰাৰ শিক্ষা প্ৰদান কৰিছিল৷ সেয়ে তেওঁ কৈছিল- ‘ঈশস্বৰূপে হৰি সৱঘটে বৈঠহ জৈছন গগন বিয়াপি’ অথবা ‘সৱাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি’৷ তেওঁ অসমীয়া মানুহক শিকালে সকলোৰে মাজত একেই প্ৰাণ বিদ্যমান-
“কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম৷
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷”
শংকৰদেৱৰ ধৰ্মত কোনো বিভেদ নাই৷ তেওঁ সমাজৰ সকলো লোকৰে উন্নতি আৰু মংগল কামনা কৰিছিল৷ তেওঁৰ দ্বাৰা প্ৰচাৰিত একশৰণ নামধৰ্ম প্ৰকৃতাৰ্থতেই ধৰ্ম আছিল৷ “মহাপুৰুষ শংকৰদেৱে দুখীয়া, নিছলা আৰু সামাজিক বিহীনসকলক আগত ৰাখি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল৷ অধঃপতিত, অস্পৃশ্য, তথাকথিত উচ্চ সমাজৰ দ্বাৰা পৰিত্যক্ত পাপী-তাপীক ভক্তি ধৰ্মৰ দ্বাৰা উন্নত কৰাই আছিল শংকৰদেৱৰ ভক্তি ধৰ্মৰ মূল লক্ষ্য৷ ” (দ্বিজেন্দ্ৰনাথ ভকতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তনঃ এক সমীক্ষাত্মক আলোচনা, পৃঃ ৫৫)

গণতান্ত্ৰিক আন্দোলন আৰু সংঘাতঃ

দাস্যভক্তিকেন্দ্ৰিক শংকৰদেৱৰ ধৰ্ম আছিল সম্পূৰ্ণৰূপে গণতান্ত্ৰিক৷ ভক্তিৰ সকলো দুৱাৰ সকলো জাতিৰ লোকৰ বাবেই মুকলি আছিল৷ চণ্ডাল, শূদ্ৰ শ্ৰেণীৰ লোকো গুৰু হ’ব পাৰে৷ সৰ্বসাধাৰণ লোকে ভগৱানৰ কাষ চাপিবলৈ ব্ৰাহ্মণ পুৰোহিতৰ সহায় ল’ব নালাগে৷ এনে নিয়ম হোৱাত ব্ৰাহ্মণৰ স্বাৰ্থত পোনপটীয়া আঘাত পৰিল৷ কোচ ৰাজ্যৰ দৰে আহোম ৰাজ্যতো মহাপুৰুষজনাই ধৰ্মমত প্ৰচাৰ কৰাত বাধা পাইছিল৷ “শ্ৰীধৰ ভট্টাচাৰ্য, কবিৰাজ মিশ্ৰ, বামনাচাৰ্য, ৰত্নাকৰ কন্দলি, ব্ৰহ্মানন্দ ভট্টাচাৰ্য আদি আচাৰ্য, কন্দলি, মিশ্ৰ, উপাধ্যায়, ভাৰতী উপাধিধাৰী পণ্ডিতসকলে শংকৰদেৱৰ গণতান্ত্ৰিক ধৰ্ম আন্দোলন ঢাকিবলৈ ওলাল৷” (মহেশ্বৰ নেওগঃ শ্ৰীশ্ৰী শংকৰদেৱ, পৃঃ ৬৫) শংকৰদেৱে অতি ধৈৰ্য, সাহস আৰু নিজৰ সুগভীৰ শাস্ত্ৰজ্ঞানৰ দ্বাৰা এনেবোৰ সংঘাতৰ মুখামুখি হৈছিল আৰু সফলতা অৰ্জন কৰিছিল৷
প্ৰকৃততে শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ জৰিয়তে সাধাৰণ জনতাৰ মাজত গণতান্ত্ৰিক মূল্যবোধ জগাই তুলিলে৷ এই গণতান্ত্ৰিক মূল্যবোধে এখন সুস্থ সমাজ গঢ়াত বিশেষভাৱে অৰিহণা যোগালে৷ ফলত ই মানুহৰ মনবোৰক সংকীৰ্ণতাৰ পৰা বিশালতাৰ উচ্চ শিখৰলৈ লৈ গ’ল৷

সাম্য আৰু মানৱতাৰ ভিত্তিত সমাজ গঠনঃ

শংকৰদেৱে যিখন সমাজত জন্ম গ্ৰহণ কৰিছিল তাত মানৱতাৰ স্থান অধিকাৰ কৰিছিল আসুৰিক শক্তিয়ে৷ মানুহক বন্দনা নকৰি পূজা কৰা হৈছিল দেৱ-দেৱীৰ৷ দেৱীৰ সন্তুষ্টিৰ বাবে পশুবলি দিয়া হৈছিল৷ আনকি নৰবলিৰ দৰে জঘন্য ক্ৰিয়া-কাণ্ডও সংঘটিত হৈছিল৷ বৌদ্ধ ধৰ্মৰ বজ্ৰযান নামৰ এক বিকৃত ৰূপেও সেই সময়ৰ সমাজত নানা ব্যভিচাৰৰ সৃষ্টি কৰিছিল৷ শংকৰদেৱে সমাজৰ এই আন্ধাৰবোৰ আঁতৰাই পোহৰ সিঁচিবলৈ বহুত ত্যাগ কৰিছিল৷ তেওঁ সামাজিক ৰূপান্তৰৰ আপোচহীন ৰূপকাৰ আৰু নিৰ্মাতা৷ শংকৰদেৱে কৈছিল- “কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷ ৷ ” শংকৰদেৱৰ এই বাণী মহামানৱতাৰ, উদাৰতাৰ আৰু সহৃদয়তাৰ বাণী৷ শংকৰদেৱে সাম্য আৰু মানৱতাৰ ভিত্তিত এখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখিছিল৷ “ভক্তৰ সামগীতেৰে উত্তপ্ত এখন শোষণমুক্ত সমৃদ্ধ সমাজ৷ নিৰক্ষৰ, অশিক্ষিত, দৰিদ্ৰ হ’লেও গীত, নৃত্য, বাদ্য, নাট, অভিনয় কলাৰ অধিকাৰী এখন মানসিকভাৱে সমৃদ্ধ আৰু ঐশ্বৰ্যশালী সমাজ, জীৱনৰ নতুন মূল্য আৰু তাৎপৰ্য উপলব্ধি কৰিবলৈ উদ্যত আৰু প্ৰস্তুত এখন নতুন মানুহৰ সমাজ৷ কছাৰী-চুতীয়া, মৰাণ, আহোম, মিৰি, কেঁওট, কলিতা, ব্ৰাহ্মণ, দৈৱজ্ঞ, মুছলমান, বৌদ্ধ, পৰ্বতীয়া, ভৈয়ামীয়া, কৈৱৰ্ত, চণ্ডাল সকলোকে সামৰি লৈ এখন নতুন বিৰাট সমাজ৷” (চৈয়দ আব্দুল মালিকঃ শ্ৰীমন্ত শংকৰদেৱ আৰু সংহতি(প্ৰবন্ধ), শংকৰদেৱঃ সমাজ আৰু সংস্কৃতি, সম্পা. প্ৰদীপজ্যোতি মহন্ত, পৃঃ ৬৯)
শংকৰদেৱে সত্ৰত বহুতো জনজাতীয় লোকক শৰণ দি নিজৰ বিশাল উদাৰতা আৰু মানৱতাবোধৰ পৰিচয় দিছিল৷ সমাজ সংগঠনৰ দিশত এই ‘শৰণ’ প্ৰক্ৰিয়া অতি গুৰুত্বপূৰ্ণ আছিল৷ “The process of ‘Saran’ is important to the both Satra and society. This is through this ceremony, ‘Saran’; one can come to the fold of Satra or can become a disciple of Satra. Saran means shelter. By taking Saran under a Guru through a very simple procedure anyone could enter into the fold of neo-vaishnavism. It thus facilitated the entry of a large number of trible people into the fold of Hindusim.’’ (Anupal Saikia: Satra, Sanskriti and Assamese Society: Understanding Social Assimilation(Research article), প্ৰতিধ্বনি the Echo, A Journal of Humanities and Social Science, Volume- II, Issue- I, July, 2013, page: 109) শংকৰদেৱৰ এই শৰণ প্ৰক্ৰিয়াই জাতিভেদৰ
সংকীৰ্ণতা দূৰ কৰি এক বৃহৎ অসমীয়া জাতি গঠনৰ চেষ্টা কৰিছিল৷

নামঘৰঃ সমাজ সংগঠনৰ এক আধাৰঃ

অসমৰ সামাজিক, ধাৰ্মিক আৰু সাংস্কৃতিক জীৱনলৈ নামঘৰৰ অৱদান অনন্য৷ নামঘৰ জাতীয় নাটশাল(National Theatre)৷ এই নামঘৰত সকলো সম্প্ৰদায়ৰ লোকে প্ৰৱেশ কৰিব পাৰে৷ নামঘৰত ধনী-দুখীয়া সকলোৰে নিমিত্তে একে কঠ-কুঁহিলাৰ আসন৷ উপযুক্ত সকলো বৰ্ণৰ লোকেই ভাওনাত ভাও ল’ব পাৰে৷ ভাওনাঘৰে এইদৰে অসমীয়া সমাজত সামাজিক সমতা সৃষ্টি কৰিছিল৷
নামঘৰৰ মাজেদি গণতান্ত্ৰিক চিন্তাধাৰা প্ৰকাশিত হৈছে৷ যেনে- সূত্ৰধাৰ, গায়ন-বায়ন আদিৰ নিৰ্বাচন পূৰ্বৰে পৰা গণতান্ত্ৰিকভাৱে চলি আহিছে৷ গাঁৱৰ ভিতৰত যিসকল লোক আনতকৈ পাৰ্গত তেওঁলোককেই এই বাব দিয়া হয়৷

আহাৰৰ সাত্ত্বিকতাঃ

ভক্তি আন্দোলনে অসমীয়া মানুহৰ আহাৰ সাত্ত্বিক কৰি তোলে৷ বৈষ্ণৱ ধৰ্মত ৰাগিয়াল দ্ৰব্যৰ কোনো স্থান নাই৷ বৈষ্ণৱসকলে মাংস নাখাইছিল আৰু শৰীৰত উত্তেজনা সৃষ্টি কৰিব পৰা মাছো নাখাইছিল৷ মাহ-চাউল, বুট-কল, নাৰিকল, কুঁহিয়াৰ আদিৰে যি প্ৰসাদৰ ব্যৱস্থা কৰা হয়, সেয়া স্বাস্থ্যসন্মত৷

বস্ত্ৰৰ সাত্ত্বিকতাঃ

ভক্তি আন্দোলনে অসমীয়া মানুহৰ পৰিধেয় বস্ত্ৰলৈও সাত্ত্বিকতা আনিলে৷ বৈষ্ণৱসকলে সদায় বগা বস্ত্ৰ পৰিধান কৰিছিল৷ এতিয়াও সেই নীতি অনেকে পালন কৰি আহিছে৷ ৰঙা বা গেৰুৱা কাপোৰ অসমীয়া সন্ত-মহন্তই পৰিধান নকৰে৷ অসমীয়া মহিলাৰ সাজ-পাৰতো ৰঙৰ প্ৰয়োগ সদায় মৃদু আৰু পৰিশীলিত৷

অন্ধ-বিশ্বাস দূৰীকৰণঃ

অসমৰ জনজাতীয় সমাজখনত বা বহলভাৱে অসমীয়া গ্ৰামীণ সমাজখনত পৰম্পৰাগতভাৱে অনেক লোক-বিশ্বাস আৰু লোক-সংস্কাৰ চলি আহিছিল৷ আই ওলালে শীতলা পূজা কৰা, ভূত-প্ৰেতৰ ক্ষেত্ৰত বেজৰ দ্বাৰা জৰা-ফুকা কৰা, অপদেৱতাৰ পৰা ৰক্ষা কৰিবলৈ কেঁচুৱাৰ ডিঙিত শামুকৰ খোলা ওলোমাই দিয়া আদিবোৰ অন্ধ-বিশ্বাসজনিত কাম৷ এইবোৰৰ ওপৰত বৈষ্ণৱ আন্দোলনে গভীৰ প্ৰভাৱ পেলাইছিল৷ সেয়েহে শীতলা পূজা, অপেশ্বৰী সবাহ আদিত নাম-কীৰ্তন সোমাই পৰিল৷ নাম-কীৰ্তনৰ সংযোগে এই আচাৰবোৰলৈ এক সাত্বিকতা আনিলে৷

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শংকৰদেৱঃ

অসমীয়া মানুহৰ ব্যৱহাৰিক সাধাৰণ জীৱনৰ ওপৰত শংকৰদেৱৰ ধৰ্মই গভীৰভাৱে প্ৰভাৱ পেলাইছিল৷ তেওঁ অনাখৰী অসমীয়া মানুহখিনিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য-শিক্ষাৰ স’তে পৰিচয় কৰাই দিছিল৷ “দৈনিক পুৱা ঘৰৰ বাহিৰে ভিতৰে সাৰি-মচি পৰিষ্কাৰ কৰা, আগদিনা ব্যৱহাৰ কৰা কাপোৰ নোধোৱাকৈ পিছদিনা ব্যৱহাৰ নকৰা, গা নোধোৱাকৈ কোনো খাদ্যবস্তু গ্ৰহণ নকৰা ইত্যাদি দৈনন্দিন জীৱনত অৱশ্যে পালনীয় নীতি-নিয়মবিলাকে অসমীয়া মানুহৰ জীৱন-যাপনৰ বিশিষ্টতাৰ পৰিচয় দিয়ে৷ ভাৰতবৰ্ষৰ আন কোনো ঠাইৰ লোক-জীৱন এনেভাৱে নিয়ন্ত্ৰিত হোৱা বুলি জনা নাযায়৷ ” (নগেন শইকীয়াঃ পূৰ্ব উক্ত গ্ৰন্থ, পৃঃ ২৫২) মুঠৰ ওপৰত তেওঁ ব্যৱহাৰিক জীৱনত সদাচাৰ কৰিলে৷

শংকৰদেৱৰ সাহিত্যত সমাজ-সংস্কাৰৰ মনোভাৱঃ

শংকৰদেৱৰ ‘কীৰ্তন’ পুথিৰ আটাইতকৈ উল্লেখযোগ্য অৱদান হিচাপে বিবেচনা কৰিব পাৰি তাৰ সামাজিক অৱদানক৷ অনাখৰী সহজ-সৰল ৰাইজক শাস্ত্ৰজ্ঞান দিবৰ বাবে নাম-প্ৰসংগৰ উপযোগীকৈ ‘কীৰ্তন’ৰ খণ্ডসমূহ ৰচনা কৰা হৈছিল৷ ‘কীৰ্তনে’ বিভিন্ন স্তৰৰ লোকৰ মাজত মিলা-প্ৰীতিৰ ভাব বৃদ্ধি কৰিছিল৷ জাতি-ভেদ আৰু উচ্চ-নীচৰ বাধা গুচাই সমতাৰ বাণী প্ৰচাৰ কৰিছিল৷ ব্ৰাহ্মণ-শূদ্ৰ আৰু অস্পৃশ্য জাতিয়েও একেলগে বহি নাম-প্ৰসংগ কৰাৰ ফলত ভ্ৰাতৃত্ববোধৰ ভাব বৃদ্ধি পাইছিল৷ ‘কীৰ্তন’ৰ পাঠে আৰু নাম-প্ৰসংগই সামাজিক সদাচাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা দাবী কৰিছিল৷ ফলত ‘কীৰ্তন’ পুথিয়ে সমাজ-সংস্কাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷
জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱেই ভগৱানক সেৱা কৰিব পাৰে৷ ভগৱানেও সকলোকে সমান দৃষ্টিৰে চায়৷ শংকৰদেৱে ধৰ্মীয় চিন্তাৰ ক্ষেত্ৰত সাম্যবাদৰ কৰিছিল৷ ‘কীৰ্তন’ত তেওঁ লিখিছে-
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল৷
দাতাত চোৰত যেন দৃষ্টি একতুল৷”

নৱবৈষ্ণৱ ধৰ্মৰ এটা প্ৰধান বৈশিষ্ট্য্য হ’ল- জাতিভেদহীনতা৷ শংকৰদেৱৰ উচ্চ ধৰ্মীয় চিন্তাই উচ্চ কুলজাত আৰু শাস্ত্ৰজ্ঞ লোকেহে ধৰ্মৰ গুৰি ধৰিব পাৰে বুলি থকা প্ৰচলিত ধাৰণাটো দূৰ কৰে৷ ‘কীৰ্তন’ত আছে-
“কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম৷
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷”

শংকৰদেৱৰ ‘পত্নীপ্ৰসাদ’ নাটত নাৰীৰ সমাজপীড়িত অসহায় অৱস্থা আৰু নাৰী-মুক্তিৰ চেতনা প্ৰকাশিত হৈছে৷ কৃষ্ণক সাক্ষাৎ কৰাৰ ক্ষেত্ৰত বিপ্ৰপত্নীসকলক তেওঁলোকৰ স্বামীসকলে বাধা দিছে৷ সেই বাধা নেওচি কৃষ্ণক দৰ্শন কৰিবলৈ গৈ বিপ্ৰপত্নীসকলে সাহসৰ পৰিচয় দিছে৷ নাৰীৰ স্বাধীনতাত পুৰুষে হস্তক্ষেপ কৰাত তাৰ প্ৰতিবাদ নাৰীয়ে কৰিছে আৰু প্ৰয়োজন সাপেক্ষে মৃত্যুক আঁকোৱালি ল’বলৈয়ো কুণ্ঠাবোধ কৰা নাই৷ এগৰাকী ব্ৰাহ্মণীক তেওঁৰ স্বামীয়ে ঘৰৰ পৰা ওলাই যাব নোৱৰাকৈ অৱৰুদ্ধ কৰি থোৱাত তাই কৃষ্ণৰ চৰণ চিন্তা কৰিয়েই প্ৰাণ ত্যাগ কৰিছে৷ ইয়াৰ জৰিয়তে শংকৰদেৱে অসমীয়া সাহিত্যত আধুনিক নাৰী চৰিত্ৰ সৃষ্টিৰ সূচনা কৰিলে বুলি ক’ব পাৰি৷ আনহাতে, বিপ্ৰপত্নীসকলে পুনৰ ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে আৰু তেওঁৰ চৰণত দাসী হিচাপে হ’লেও থাকি যাবলৈ বিচাৰিছে৷ কাৰণ সেইখন সমাজত পুৰুষৰ আদেশ অমান্য কৰা বাবে তেওঁলোকক ‘সোহি পতি পুত্ৰসৱে’ আশ্ৰয় নিদিব৷ তেওঁলোকৰ এই সংশয় আৰু কাতৰতাৰ মাজেদি সমাজ-ব্যৱস্থাৰ নিৰ্মমতা প্ৰকাশিত হৈছে আৰু নাট্যকাৰৰ সমাজ-সচেতন মনোভাৱ প্ৰকাশিত হৈছে৷
আনহাতে, শংকৰদেৱে অসমীয়া নাৰীক ধৰ্মীয় কাম-কাজত অংশ লোৱাৰ সুবিধা প্ৰদান কৰিছিল৷ অসমীয়া মহিলাই গোসাঁইঘৰত নাম-কীৰ্তন কৰিব পাৰিছিল আৰু নামঘৰতো প্ৰৱেশৰ অধিকাৰ লাভ কৰিছিল৷
সামৰণি আৰু সিদ্ধান্তঃ
এই আলোচনাৰ অন্তত আমি এইকেইটা সিদ্ধান্ত দিব পাৰোঁ-
১. শংকৰদেৱে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা সমাজ সংশোধনৰ যত্ন কৰিছিল৷
২. শংকৰদেৱৰ সাহিত্যৰাজি যদিও ধৰ্মীয় সাহিত্য তাত সমাজ-সংস্কাৰৰ মনোভাৱ অতি প্ৰকট৷
৩. শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলনৰ আটাইতকৈ উল্লেখযোগ্য দিশ হ’ল জাতিভেদ প্ৰথাৰ দূৰীকৰণ৷
৪. শংকৰদেৱে নাৰী স্বাধীনতাৰ প্ৰতিও বিশেষভাৱে গুৰুত্ব দিছিল৷
৫. সাম্য আৰু মানৱতাবোধ শংকৰদেৱৰ সমাজ-সংস্কাৰ আন্দোলনৰ লগত বিশেষভাবে জড়িত হৈ আছে৷
৬. ধৰ্মীয় মতবাদ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আৰু সমাজৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত শংকৰদেৱে বহু বাধা পাইছিল, কিন্তু সকলোবোৰ বাধা অতিক্ৰম কৰি তেওঁ আন্দোলন চলাই গৈছিল৷ শংকৰদেৱক আমি এজন সাহসী সমাজ-বিপ্লৱী আখ্যা দিব পাৰোঁ৷

■■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.