ঋতু (কথা কবিতা) – জানকী বৰ্মন

ঋতু (কথা কবিতা) – জানকী বৰ্মন

ঋতু (কথা কবিতা) – জানকী বৰ্মন

by October 18, 2017 0 comments

আজিকালি ঋতুবোৰ কেতিয়া আহে, কেতিয়া যায় গমকে নাপাওঁ৷
আমি শৈশৱত দেখিছিলোঁ ঋতুবোৰে ধৰি ৰাখিছিল অহা-যোৱাৰ সময়বোৰ৷
বৰষুণজাক আজিকালি বতৰত লুকাই থাকে,
অবৰতহে আমনি কৰা হ’ল৷
কেতিয়াবা আকৌ এসাগৰ অপেক্ষাৰ অন্ততো এজাক বৰষুণ ওচৰকে নেচাপে৷
তেতিয়াই, ঠিক তেতিয়াই অতীতক স্মৰণ কৰি নিৰাশ হওঁ৷
শিশুকালত শীতৰ প্ৰকোপ সহিব নোৱাৰি তুঁহজুইৰ স’তে মিতিৰালি পাতিছিলোঁ৷
তাৰ পিছত মাৰ বুকুৰ উম লৈ পৰীৰ সাধু শুনিছিলোঁ৷
আজিকালি শীতে হাড় নকঁপায়, ঠেৰেঙা নলগায়,
জুইৰ প্ৰয়োজন টুটিল, বৰষা, শীত, বসন্তৰ ভৰসাও টুটিল৷ ঋতুবোৰ ইতিহাস হ’ল৷
হেমন্তত আজিকালি নিয়ৰ নসৰে, শাৰদীৰাণীৰ চাদৰৰ আঁচলখনত শেৱালিয়ে সুবাস নছটিয়ায়৷
তাইৰ চাদৰৰ আঁচলটোৰ ভাঁজে ভাঁজে ৰঙা দাগ৷
ধূসৰিত আকাশ, ধূসৰ মন, নিয়ৰ বোৰো ধূসৰ হ’ল৷ জোনাকৰ জ্যোৎস্নাত শেৱালিয়ে জোনৰ স’তে কথা নপতা তিনিটা দশকৰো অধিক হ’ল৷
মৃত শৰতৰ প্ৰতিচ্ছবিয়ে সোঁৱৰাই দিয়ে জীৱশ্ৰেষ্ঠ বুলি মিছাকৈয়ে গৌৰৱ কৰা মানুহৰ মানৱতাৰ স্খলন৷
তিনিটা দশকৰ অধিক হ’ল, কুলি-কেতেকীয়ে ইনাই-বিনাই ভাগৰি পৰা৷
মোক অলপ বসন্ত দিয়া, আমৰ পাতৰ আঁৰত লুকাই মোক এটা বসন্তৰ গান গাবলৈ দিয়া, মোক গছ দিয়া, আম, কঠাল জামু …..
কোনে উদ্ধাৰ কৰিব প্ৰকৃতিৰ যৌৱনক?
য’ত যৌৱন নাই, তাত জীৱন ক’ত?
আকাশ, পথাৰ, নৈ, অৰণ্য, _মানুহে যৌৱন কাঢ়ি আনিলে৷
সঁচাকৈয়ে প্ৰকৃতি বৃদ্ধ হ’ল, জীৱবোৰ দৃষ্টিশক্তিহীন হ’ল৷
গাহৰি হ’ল বহুলোক, তেজপিয়া হ’ল,
কিমান তেজ লাগে, পৰ্বত-সম?
কিন্তুু মন? সাংস্কৃতিক মন এটাৰ যে বৰ প্ৰয়োজন হৈছে৷
হিমালয়ৰ উচ্চ শিখৰত শিলাকঠিন বৰফৰ তলত
লুকাই আছে প্ৰাণীৰ প্ৰাণ পানীৰ নিজৰা৷
মানৱহৃদয়ৰ গভৰতাত এসোঁত মানৱত্ব এতিয়াও ৰৈ আছে৷
অপেক্ষা মাথোঁ হেঁপাহৰ, উদ্যোগৰ৷
সভ্যতাৰ অপমৃত্যু নাই হোৱা৷
হেৰাই যোৱা নাই অতীতৰ নগ্ন মানৱৰ মনৰ প্ৰাচুৰ্য
আধ্যাত্মিক আদৰ্শৰ অন্তৰালত আছে কালজয়ী সমাজৰ অঙ্কুৰণ৷
এক বৰ্ণিল পুৱাৰ আশাৰে হেৰোৱা সুৰবোৰ ঘূৰাই আনিব লাগিব৷
সুৰবোৰ বাজিবৰ সময় হ’ল, বাজি থাকিব অনন্ত কাললৈ৷■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.