কুণ্ডলিনী : পাৰবীন চুলতানা

কুণ্ডলিনী : পাৰবীন চুলতানা

কুণ্ডলিনী : পাৰবীন চুলতানা

by October 18, 2017 0 comments

ত্ৰয়োত্ৰিংশ খণ্ড
—————————
অন্বেষাই ৰাজীৱৰ চেম্বাৰত থকা টিভিটো লগাই দিলে৷ ৰিম’টটোৰে চেনেল সলাই থাকি কৈ উঠিল, “চা ৰাজীৱ, অসমত এতিয়া বিহুৰ বতৰ৷ এনেবোৰ সময়ত ইয়াত যে এনেকৈ পৰি থাকিব নোৱাৰি দেই৷ ঘৰলৈ বৰকৈ মনত পৰে৷ ঢোল পেঁপা গগণাৰ লগতে তিলপিঠা, ঘিলাপিঠা, মহৰ এঠা দৈৰ চিৰাৰ জলপান”, অনৰ্গল কথা কৈ কৈ তাই ৰাজীৱলৈ চালে৷ ৰাজীৱে তাইৰ কথা শুনা নাই৷ অত্যন্ত প্ৰগলভ ৰাজীৱৰ মুখত মাত নাই৷ কিবা ভাবত বিভোৰ৷ যেন হেঙুল আবেলিত উচুপনিৰ পয়োভৰ৷
“কি হ’ল অ তোৰ? মই কিবা কৈ আছো তই নুশুনিলি৷ ”
“হা? কি কৈ আছিলি? অ’ তোৰ মনৰ অস্থিৰতা৷ কোন ছোৱালীৰ কাৰণে বুলি ক’লি? ”
“ধুৰৰৰৰ৷ সেয়া কোন কাহানিবাই ক’লো৷ এতিয়া বিহুৰ কথা কৈ আছিলো”৷
এৰা৷ কথাবোৰে তাৰ কৰ্ণকূহৰ ভেদ কৰা নাই৷ চকুৰ কৰ্ণিয়াত জিলিকিছে এদল পিশাচৰ সন্মুখত এজনী অসহায়া ছোৱালী৷ অৰণ্যৰোদন আস্ফালন৷ তাৰ পিছত জ্ঞানশূন্যতা৷ পুলিচৰ জীপখনত ডাংকোলাকৈ আনি ষ্ট্ৰেচাৰেৰে অপাৰেচন থিয়েটাৰত ভৰ্তি কৰোৱা ছোৱালীজনীৰ সবিশেষ তেতিয়ালৈ কোনেওজনা নাছিল৷ নিতান্তই কৰ্তব্যৰ খাতিৰত সি বগা এপ্ৰন পিন্ধিছিল৷ তাইৰ প্ৰেচাৰ চেক কৰিছিল৷ সি আছিল তেতিযা ইনটাৰ্ণশ্বিপৰ ছাত্ৰ৷ কোনোবাটো ক্ষনত তাইৰ মুখখনলৈ চাই সি কঁপি উঠিছিল৷ এইখন মুখ সি ক’ৰবাত দেখিছে৷ খুব আপোন মুখ এইখন৷ তন্বী দেহৰ লৱণী মুখনিৰ লগত বগা ফুটফুটীয়া ফ্ৰকটো মিলি গৈছিল৷ অপাৰেচন থিয়েটাৰৰ ভিতৰত সি অস্ফুট আৰ্তনাদত চিৎকাৰ কৰি উঠিছিল৷ তাৰ মনত সযতনে থোৱা পখিলাজনীৰ পাখি কটাৰ কষ্টত সি সেই ঠাইত ৰৈ দিব নোৱাৰিলে৷ সীমা এৰি গুচি আহিল৷ মুম্বাইত ভৰি দিলে৷ থাকি গ’ল ইয়াতে৷
“কি ভাবি আছ তই? ব’ল নহলে ঘৰৰ পৰা আহোগৈ৷ দুদিনৰ ছুটি ললেই হৈ যাব”, অন্বেষাই তাৰ ভাবগধূৰ মুখখনলৈ চাই মাত দিলে৷
“তই যা৷ অবিনাশক লগ পাই আহগৈ৷ মই পাছত যাম”, সি অন্বেষাক ক’লে৷ উৎসৱ পাৰ্বনবোৰত একেবাৰে অকলশৰীয়া হৈ থাকিব বিচাৰে সি৷
সেইকেইদিন কামৰ হেঁচাও কমে৷ সি ডুবি থাকে আকাশৰ শূন্যতাত৷ উৰুঙা মনটো খামুচি উদাসী সন্ধ্যাটো সাবটি সি তাৰ বেলকনিত পায়চাৰি কৰি থাকে৷ সকলোৰে অলক্ষিতে বুকুত সাজি থোৱাটোকোৰা চৰাইৰ বাহটো ৰাঙলী ধুমুহাজাকতো বিধ্বস্ত নোহোৱাকৈ অক্ষত হৈ ৰ’ল৷ সি সেই বাহটো ভাঙি নতুন বাহ সাজিব খোজা নাই৷ যদিওবা সেই বাহৰ ঠিকনা নাই, যদিওবা সেইটোকোৰাজনীৰ ওভতনি বাটৰ আঁত হেৰাল, তথাপিতো নিৰলে সাজি থোৱা সেই বাহত নাছিল কোনো অস্থিৰতা৷
“তোমাক মই একোকে দিব নোৱাৰিলো ঈশানী৷ না এখন প্ৰত্যয়ৰ হাত, না একাচল শীতল ছাঁ৷ কিবা এটা দিবলৈ সাহসো কৰিব নোৱাৰিলো৷ হস্পিতেলৰ বেডত তোমাৰ জ্ঞান ঘূৰি আহোতে মোৰ দুচকু হয়তো সজল হৈ উঠিছিল৷ মোৰ অকৃত্ৰিম চিকিৎসাপৰশে তোমাক সুস্থ কৰি তুলিছিল ঈশানী”৷ বহুত কথাই ক’বলৈ আছিল তাৰ৷ কোৱা নহ’ল৷ সি একেথৰে তাইলৈ চাই থাকোতে তাই মুখখন বেৰৰ ফালে ঘূৰাই দিছিল৷ হয়৷ তায়ো হয়তো তাক চিনি পাইছিল৷ কিন্তু তাৰ সন্মুখীন হব খোজা নাছিল৷
তাৰ পিছৰ কথাবোৰ অলপ আধৰুৱা৷ বুকুৰ হালধীয়া সৰিয়হডৰাত বহি থকা টুনী চৰাইৰ জাকটোৱে কেতিয়াবা ওফোন্দ পাতে৷ ওখল মাখল কলিজাত গেঙনি তুলে৷ সেই সময়বোৰ চেৰাই সি অকলে বেলকনিত পায়চাৰি কৰি থাকে৷ কি ভুল আছিল তাৰ? তাইৰেবা’ কি ভুল আছিল? কথাবোৰৰ দুৰ্বোধ্যতাত সি উন্মাদ হব খুজিও উন্মাদ হব নোৱাৰে৷ তায়ো উন্মাদ হোৱাৰ খবৰ কাণত নপৰেহি৷
জটিলতাত ভুগে জীৱন৷ জীৱন সহজ নহয়, নহয় প্ৰেম সহজ৷ সুখকণ লুটিয়াই সি দুখক নিচুকায়৷ হাঁহিবজনা, হঁহুৱাবজনা মানুহ সি৷ দুখক কলপাতেৰে ঢাকি পেটৰ নাড়ী ডাল ডাল কৰিব পৰা স্বভাৱৰ গৰাকী সি৷ সেয়েহে আজিলৈকে অন্বেষাকে কোৱা নাই শেষৰ কাহিনীভাগ৷
ঈশানীৰ খবৰ নাপায় সি৷ খবৰ ৰখাটো উচিত আছিল নে নাছিল সেইটোকে সি ধৰিব নোৱাৰিলে৷ তাই যদি তাক সুযোগসন্ধানী পুৰুষ বুলি ভাবে৷ যদি তাৰ প্ৰেমৰ পবিত্ৰতাক তাই বুজি নাপায়৷ সেই পিশাচৰ দলটোৱে যদি তাইক পুৰুষবিদ্বেষী কৰি তুলিছে৷ বহুতবোৰ প্ৰশ্নৰ পকনিয়াত সি ডুব যায়৷ উঠি আহিব নোৱাৰাকৈ ডুব যায়৷
অন্বেষা যাবলৈ ওলাল৷ যাওঁতে অৱশ্যে তাক দহাই দহাই কৈ থৈ গ’ল, “প্লিজ ৰাজীৱ৷ ব’লনা বিহুত এইবাৰ ঘৰলৈকে যাওঁ৷ মোৰ কেমেৰাটোত বান্ধি লৈ আহিম বিহুটো৷ ভাল লাগিব চাবি৷ বগা ফুটফুটীয়া পখিলাজনীকো বিচাৰিম৷ মোৰ ঈশানীকো বিচাৰিম৷ অ’ ৰচোন মনত পৰিছে, সমুদ্ৰই জানিব তাইৰ কথা৷ সমুদ্ৰৰ লগত খুব ভাল আছিল৷ ফোন কৰিব লাগিব তাক৷ ”
“ঠিক আছে৷ তই সমুদ্ৰ নে কাক ফোন কৰি খবৰ লৈ লবি৷ আৰু তোৰ লগত ময়ো অসমলৈ যাম বাৰু৷ ফ্লাইটৰ টিকট কৰি থ’ম৷ চিন্তা নকৰিবি৷ “
ঈশানীক বিচাৰিব বুলি লোৱা সিদ্ধান্তটোৱে তাৰ মনটোত অলপ গতিশীলতা আনিলে৷ মাক দেউতাকলৈকো মনত পৰিল তাৰ৷ যদিওবা খুব কম যায় ঘৰলৈ, তথাপি এক দায়িত্ববোধে বেৰি থাকে তাক৷ সেই দায়িত্বৰ এক অংশও পূৰ হ’লে তাৰ ভাল লাগিব৷ মাকৰ হাতেৰে এসাজ খাব পাৰিলেই মাকৰ বুকুখন শাঁত পৰে৷ পৃথিৱীৰ সকলো নাৰীৰ মাজত সি মাকৰ প্ৰতিচ্ছবি দেখা পায়৷ কিমান অমানুহ হ’লে নাৰীক পন্য সামগ্ৰী হিচাবে ভাবিব পাৰি সি নুবুজে সেই কথা৷ সেইবোৰ কথা সি আবৰ্তন কৰি থকা গ্ৰহৰ বাহিৰত৷ যিডৰা সৰিয়হৰ পোহৰত তাৰ জীৱন উজলে, যিডৰা সৰিয়হৰ শক্তিপথত সি ঘূৰ্ণীয়মান হৈ ৰয়, সেই শক্তিয়ে এনেবোৰ অমানুহকো পোহৰৰ বাট দেখুওৱা হ’লে৷
এৰা পৃথিৱীত ভাল মানুহে বেয়া মানুহক পথ দেখুওৱা হ’লে হয়তো ইমানবোৰ জটিলতাৰ উৎপত্তি নহ’লহেঁতেন৷ বৰ অসম্ভৱ নেকি সেই কাম?
“এহ বহুত দেৰি হ’ল দেখোন”, নিজে নিজক কৈ উঠিল ৰাজীৱে৷ ইণ্টাৰনেট খুলিলে৷ ফ্লাইটৰ টিকেট বুক কৰিব লগা আছে তাৰ৷ জীৱনটোক খুঁচৰি চাব লগা আছে৷ দেৰিকৈ হলেও কিছুমান কথা বুজি পাইছে সি৷ প্ৰত্যাহবানেৰে যুঁজাৰ নিচা জাগিছে৷ য’ত জিকিলে জিকাৰ আনন্দ, হাৰিলেও শিকাৰ আনন্দ৷

চতু্ৰ্ত্ৰিংশ খণ্ডঃ কুণ্ডলিনী
————————
বৰ একাকিত্বত ভুগিছে তাই৷ একাকিত্বৰ বায়ু এজাকে দুৱাৰ খুলি ঠানবান কৰি পেলাইছে বন্ধ হৃদয়ৰ ৰুদ্ধ কক্ষ৷ ৰুদ্ধ কোঠাৰ দুৱাৰেৰে তাই আহি ঘৰৰ চাঁদৰ ওপৰত বহি ৰৈছে৷ অকলে অকলে নিজকে বিচৰাৰ কচৰৎ চলিছে৷ বিহুৱা হুঁচৰি দল এটি আগৰ ৰাস্তাটোৰে পাৰ হৈ গৈছে৷ তাইক নেদেখিলে হয়তো৷ সন্ধ্যা নামিছে৷
উদযাপনৰ বাবেই উৎসৱ৷ উদযাপনৰ বাবেই জীৱন৷ হাঁহিৰেই হওক, নতুবা বিষাদৰেই হওক৷
প্ৰেম বিষয়ক কথাবোৰ দুৰ্বোধ্য হৈ থকা নাই৷ আচলতে কলেজীয়া দিনৰ দূৰ্দান্ত প্ৰেমবোৰত উন্মাদনা থাকে, পৰিপক্বতা নাথাকে৷ এই যে তাই খামুচি ধৰিবলৈ হাত এখন বিচাৰি ফুৰে, নতুবা বিচাৰি ফুৰে দুখৰ আঁচলেৰে মেৰিয়াই ধৰিব পৰাকৈ এখনি বুকু৷ এছ পি অবিনাশ চলিহাৰ চকুত দেখা প্ৰশ্নটোত সেই সমিধানৰ কিয়দাংশ দেখি চক খাই চকু মুদে৷ “নালাগে নালাগে নালাগে মোক সুখৰ শৰাই, নাহিবা মোৰ কাষলৈ এজোনাক নিশাৰে নোৱাই ধুৱাই”, বুলি নিজকে বুজাই বঢ়াই শান্ত কৰে মন৷ ক্ষান্ত হৈ পৰে অবুজ হেঁপাহৰ বলীয়া বান৷
কুণ্ডলিনীৰ হেনো কলিজা ডাঠ হোৱা দৰকাৰ৷ হাতত ত্ৰিশূল তুলি লওতেও বুকু কঁপিব নালাগিব৷ যোগগুৰুৱে অহৰহ সোঁৱৰাই থাকে তাইক৷ অথচ তাইৰ কাণত গমগমাই থাকে পুলিচী গাম্ভীৰ্যৰ মাতষাৰ৷ সেই মাতষাৰৰ আকুলতাখিনিত দুৰ্বল হ’ব খোজে তাইৰ বিকুল হৃদয়৷ সেই সাজযোৰলৈ অপৰিসীম শ্ৰদ্ধা বাবেই নিশা নিশা তাইৰ টেবুলত সেই সাজ বৰণ কৰাৰ সপোনে চলাথ কৰেহি পৃষ্ঠাজোৰা কিতাপৰ দমবোৰৰ আখৰৰ মাজত৷ এৰা৷ সেই সপোনে তাইৰ চকুত ভীৰ বান্ধিছে৷ খাকী ৰঙৰ এযোৰ পোছাক৷ মনত নাৰ্য্যতা প্ৰদানৰ তুমুৰলি বতাহ৷ “ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়”, বিবেকে অস্ত্ৰ হিচাবে লয় গীতা ভাগৱতৰ বাণী, ৷ “কৰিব লগা বহুত কামেই আছে ঈশানী৷ এইবাৰ আবেগৰ কবলত নপৰিবি তই“, ক’ৰবাৰ পৰা কোনোবাই অহৰহ সঁকিয়াই থাকে তাইক৷
কি যে আচৰিত ধাতুৰে গঢ়া নাৰীৰ মন৷ প্ৰয়োজনত কঠোৰৰ পৰা কঠোৰতম, কেতিয়াবা কোমলৰ পৰা কোমলতম৷ “মইতো কোমল হৈয়ে থাকিব বিচাৰিছিলো, নিয়তিয়ে কি লীলা দেখুৱালে চা ঈশানী৷ ফুলকোমল হাত মই গৰম বালিত ভৰালো, কিকবেগৰ কাঠিন্যৰে মোৰ পেশীটান কৰিলো৷ কোনে যে ক’লে মোক মোৰ লক্ষ্য অনন্য বুলি৷ সেই লক্ষ্য ধিয়াই মই মোৰ আবেগ বিসৰ্জন দিবলৈ বাধ্য হ’লো ঈশানী৷ “, নিজৰ লগত কথা পাতি পাতি তাই চাঁদৰ ওপৰত বহি থাকিল৷ পিঠিত পৰি থাকিল জলপ্ৰপাতী চুলি৷ “তাই ভালে নাই”, এই কথাটো মানি নল’বলৈকে দুৰ্বাদল যুদ্ধ কৰিছে নিজৰ লগত৷
অথচ!
জাপ মাৰি ঠিয় হ’ল৷ “কি কথাই মোক অশান্ত কৰিছে, সেই কথা কিয়পাহৰিব বিচাৰিছো৷ সেই কথাৰ এটা সমিধান ওলাওক”, বুলি তাই চুলিখিনি পনিটেইল কৰি বান্ধি ল’লে৷ স্কুটিখন ষ্টাৰ্ট দিলে৷ পিঠিত অৱশ্যেই থাকিল চিৰলগৰীয়া বেগটো- খুৱাবস্তু আৰু পানীৰ বটলৰ সৈতে৷ গৈ গৈ তাই ফিল্ডখন পালেগৈ৷ দুফালে দুটা ৰাস্তা৷ এফালে যোগগুৰুৰ আশ্ৰমলৈ আনফালে এছ পি অফিচলৈ৷ যোগগুৰুৰ আশ্ৰমত নিজকে বন্দী কৰি তাই ক্ষন্তেকৰ বাবে মনটোক আয়ত্তলৈ আনিবলৈ পাৰিব, কিনতু আকৌ বুকুত গজি উঠা প্ৰশ্নটোৱে পুনৰবাৰ সঁজালি ধৰিব তাইক৷ ৰাতিলৈ নতুবা মাজৰাতিলৈ৷ মাজৰাতিলৈ প্ৰশ্নবোৰৰ উথপথপ লাগে৷ দিনটো সিঁহতে নিৰলে পৰি থাকে৷ বন্ধ কোঠাৰ ৰুদ্ধ দুৱাৰৰ ভিতৰত আন্ধাৰলৈ ক্ষণ গণে৷ ৰাতিলৈ মুকলি হয় প্ৰশ্নবোৰৰ ঠাল ঠেঙুলি৷ এৰা৷ প্ৰশ্নবোৰে মেৰিয়াই ধৰে তাইৰ শিপামূল, গুচ্ছমূল ইত্যাদি ইত্যাদি৷
স্কুটীখন ঘূৰিল৷ এছ পি অফিচৰ ফালে ঘূৰিল৷ আচলতে সেই অজুহাততে তাই ওলাই আহিছিল৷ মাথোঁ নিজক ফাঁকি নিদিবলৈ এটা উপযুক্ত যুক্তি বিচাৰি পোৱা নাছিল৷ যোগগুৰুৰ আশ্ৰমৰ বিপক্ষে এটা পইণ্ট পাই যোৱাৰ লগে লগেই তাইৰ গোলাপৰঙী স্কুটি গৈ এছ পি অফিচৰ সন্মুখত ৰ’লগৈ৷
আগতেও কেবাবাৰো তাই ইয়ালৈ আহিব লগা হোৱাত আৰু এছ পি চলিহাৰ বিশেষ প্ৰিয়ভাজন হিচাবে পৰিচয় এটা ৰৈ যোৱাত অফিচৰ সমূহ কৰ্মচাৰীয়ে তাইক অলপ সমীহ কৰি চলে৷ কেৰাটেৰ ছোৱালীজনী বুলি এটা নাম এটাও হৈছে লাহে লাহে৷ তাইক দেখাৰ লগে লগে চিপাহীজনে চেলুট এটা মাৰি দুৱাৰখন খুলি দিলে৷
“কোনোবা আছে নেকি ভিতৰত? ”, তাই কৰ্মচাৰীজনক সুধিলে৷
“ছাৰৰ পৰিয়ালৰ মানুহ আহিছে৷ যাবগৈ সোনকালে৷ যাব পাৰিব আপুনি৷ ছাৰে কৈ থোৱা আছে, আপুনি আহিলে যিকোনো সময়তে দুৱাৰ খুলি দিবলৈ৷ “

“হয়নে? যিকোনো সময়তে? কিয় যিকোনো সময়তে দুৱাৰ খুলি দিবলৈ সাজু মোৰ কাৰণে? ”, তাই কৌতুহ’ল ৰাখিব নোৱাৰিলে৷
“নাজানো নহয়৷ এইবোৰ ডাঙৰ মানুহৰ অংক৷ কোনফালে কি মিলাই আছে, কোনে জানে? ”, চিপাহীজনে উত্তৰ দিলে৷
অংক! অংক মিলাই থৈছে তাইৰ অবিনাশ ছাৰে! প্ৰমোচনৰ অংক নে? কেৰিয়াৰৰ অংক নে? মুহূৰ্ততে তাইৰ মুখখন কজলা ডাঁৱৰে আবৰি ধৰিলে৷ এই সন্ধ্যা সাত বজাত যি প্ৰশ্নৰ সমিধান বিচাৰি তাই এইখিনি পাইছিলহি, সেই প্ৰশ্নৰ শিকলিডাল দীঘল হৈ গৈছে৷ বাঢ়ি গৈছে প্ৰশ্নবোৰৰ দুৰ্বোধ্যতা৷
তেন্তে কি সকলো পুৰুষেই সাহিত্য দুৱৰা? সকলো পুৰুষেই কি চকুৰে মায়াৰ ধ্ৰুৱক ৰচে? সেই বীজগণিতৰ অংকত তাই সদায়েই হৈ পৰে এটা চলকৰাশি৷ কঠোৰতম হৈ থকা ছোৱালীজনীৰ কোমল বুকু কেৰমেৰাই উঠে৷ বৰ কষ্ট অ’ ভালপোৱাত৷
“ভালপোৱাত? “
“কোনে কয় এই কথা? কাক ভালপালো মই? অবিনাশ চলিহাক? নাই নাই, তেওঁৰ ভৰিৰ তলৰ মাটিকণৰো যোগ্য মই নহওঁ, ” নিজে নিজক কৈ উঠে তাই৷
“যাওক ভিতৰলৈ”, কৰ্মচাৰীজনে পুনৰবাৰ ক’লে৷
তাইৰ ভৰি থমকি ৰৈছে৷ যাওঁ নাযাওকৈ আগবাঢ়িব খোজা নাই ভৰি দুখনে৷ কিয় আহিছিল ইয়ালৈ তাই সেই কথাটোকে উলিয়াব পৰা নাই৷ এই সন্ধ্যাখন কিয় আহিছা বুলি সুধিলে কি বুলি ক’ব তাই অবিনাশ ছাৰক?
নাই ইমান সহজে তাই নিজৰ দুৰ্বলতা দেখুৱাব নোখোজে৷ ইমান সোনকালে তাই ভাগি নপৰে৷ পুনৰাই মুখত লেপি ল’ব ভাবলেশহীনতাৰ প্ৰলেপ৷ তাই নিজকে সাজু কৰি ভিতৰলৈ সোমাই গ’ল৷
“ছাৰ৷ “
“অ’ ঈশানী দেখোন৷ বহা৷ “
অবিনাশ চলিহাৰ ডাঙৰ ডিম্বাকৃতিৰ টেবুলখনৰ সন্মুখত অৰ্ধচন্দ্ৰাকাৰে কেইবাখনো চকী৷ তাৰে এখনত তাই বহি পৰিল৷ কাষত এহাল মানুহ বহি আছে৷
অবিনাশে চিনাকি কৰাই দিলে৷
“ঈশানী, এয়া মোৰ দাদা-বৌ৷ হায়দৰাবাদত থাকে৷ বৌৰ ঘৰ ইয়াতে৷ বিহুত ঘৰলৈ আহিছে৷ ”
তাই মূৰ তুলি চালে৷ কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই দিলে৷ কিন্তু এয়া কি? সংকুচিত কৰি আঁতৰাই নিলে যে সিখন হাত! কি কাৰণে বুজিব নোৱাৰি সেই হাতখনৰ গৰাকীলৈ মূৰ তুলি চালে৷
কি দেখিলে তাই? এয়া যে তাইৰ মৰমৰ, তাইৰ শৈশৱৰ বান্ধবী সপ্তদৰ্শী৷ যাৰ সতে আমলখি-জলফাইৰ পৰা আদি কৰি অবকলন-অনুকলন গণিতলৈকে সকলো কামৰ অংশদাৰিত্বত ৰৈ গৈছিল বন্ধুত্ব, সেই সপ্তদৰ্শীৰ এই ৰূপ তাই বিমোহিত নয়নে চাই ৰ’ল৷ কপালত ৰঙা বেলিটো জিলিকাই সেউজীয়া পাটৰ কাপোৰযোৰেৰে তাইৰ মৰমৰ বান্ধৱী তাইৰ সন্মুখত৷ ইমান ধুনীয়া লাগিছে সপ্তদৰ্শীক৷ তাইৰ অভিব্যক্তিহীন মুখখন উজলি উঠিল৷ এবাৰ সাৱটি লবলৈ মন গ’ল সপ্তদৰ্শীক৷
“অবিনাশ, তোমাৰ কিমান দেৰি হ’ব? আমি যাওঁ৷ সোনকালে ওলাবা৷ মায়ে তোমাক ভাত খাবলৈ মাতিছে”, কৈ কৈ সপ্তদৰ্শী অবিনাশৰ অফিচ চেম্বাৰৰ পৰা ওলাই গ’ল৷
তাইলৈ ঘূৰি চাইছিলনে পুনৰবাৰ? নাজানিলে ঈশানীয়ে৷ যদি চাইছিল, কি আছিল সেই চাৱনিত? মৰম নে ঘৃণা? এযুগীয়া বন্ধুত্বৰ প্ৰতিশ্ৰুতি নে এক লহমাৰ ভুল বুজাবুজি?
“কি হ’ল ঈশানী? কোৱা কিয় আহিলা? ”, সপ্তদৰ্শী যোৱাৰ ফালে একেথৰে চাই থকা ঈশানীলৈ চাই অবিনাশ চলিহাই মাত লগালে৷ লগে লগে কলিংবেল টিপি বাহিৰত ৰৈ থকা কৰ্মচাৰীজন মাতিলে৷
“দুগিলাচ জুচ লৈ আহ৷ কল্ড ড্ৰিংকচ নানিবি৷ বাইদেৱে ভাল নাপায়৷ “
এইবাৰ তাই আচৰিত হোৱাৰ পাল৷ তাই যে কল্ড ডিংকচ ভাল নাপায়, অবিনাশে কেনেকৈ জানিলে?
প্ৰশ্নবোৰ বাঢ়ি গৈছে৷ ৰাতিলৈ এযুত প্ৰশ্নই বুকু খলখলাব৷ বন্ধ ৰূমৰ ৰুদ্ধ দুৱাৰে চম্ভালিব নোৱাৰাকৈ প্ৰশ্নবোৰে ভীৰ লগাব তাইৰ বুকুৰ বৰঘৰত৷
“কিহেটানিলে মোক ইয়ালৈ? কিয় আহিলো মই ইয়ালৈ? ”, নিজৰ সতে কথা পতা কোনোদিনেই শেষ নহ’ব তাইৰ৷ অবিনাশলৈ চোৱা নাই তাই৷ বুকুৰে সৰকিছে অনুভৱৰ লক্ষ লহৰ৷ লক্ষ্য নোহোৱা লহৰ৷ অংকেৰে বুজাব নোৱাৰা অলেখজনী বালিমাহীয়ে তাইৰ মুখতো অনুৰূপ প্ৰ্তিক্ৰিয়াৰ সৃষ্টি কৰি আছে৷ ভাবলেশহীনতাৰ কেনভাচখন কোন কাহানিবাই মচ খালে৷ বিপৰীতে দলংখনত খুপি খুপি আগবঢ়াৰ প্ৰস্তুতি চলি আছে মনৰ মাজত৷
“ভৰি থ’ম নে? নথ’ম? থ’ম নে? ………”
“কি চিন্তা কৰি আছা ঈশানী? খোৱা”, অবিনাশ চলিহাই কোমল স্বৰেৰে মাত লগালে, “কিয় আহিছিলা নক’লা তুমি? ”
“হা ছাৰ? অ’৷ অলপ ৰেফাৰেন্সৰ কাৰণে আহিছিলো৷ এতিয়া দেৰিয়ে হ’ল৷ যাওঁগৈ৷ “
“অকে যোৱা৷ ফোন কৰিবা৷ সুধিবা কি জানিব বিচাৰা৷ অ’ মোৰ নাম্বাৰটোতো লোৱাই নাই তুমি আজিলৈকে৷ “
“মোৰ ফোন নাই ছাৰ৷ মই নিজেই আহিম৷ এতিয়ালৈ যাওঁ”৷
অবিনাশে চাই ৰ’ল৷ ভাল লাগে ঈশানীক৷ কিন্তু এয়া যে এক নিমিলা অংক৷ হয়তো ফলাফলৰ ঘৰত বৃহৎ শূন্য৷ অন্বেষাক কথা দি থোৱা আছে সি৷ প্ৰতিশ্ৰুতিয়ে সময়ৰ অংক কৰিব নাজানে৷ ঈশানীৰ দীঘল চুলি এডাল চকীখনত ৰৈ গ’ল৷ অবিনাশৰ হুমুনিয়াহটোক সংগ দিবলৈ ৰৈ যোৱা চুলিডাল চাই সি তাতে কিছুপৰ বহি ৰ’ল৷

পঞ্চত্ৰিংশ খণ্ডঃ কুণ্ডলিনী
————————
“অবিনাশ, তাই তোমাৰ চেম্বাৰলৈ কিয় আহিছিল? ”, সপ্তদৰ্শীয়ে, মানে বৌৱেকে ভাতৰ টেবুলত কথাটো উলিয়ালে৷
“তাই মানে? কাৰ কথা ক’লা বৌ? ”, মাছৰ কাঁইটডাল এৰুৱাই থাকিয়ে বৌৱেকক সুধিলে অবিনাশে৷
“গধূলি আহিছিল যে৷ ঈশানীৰ কথা কৈছো৷ “
“অ’ ঈশানী৷ এনেই আহিছিল৷ কিয় সুধিলা বৌ? ”
“আচৰিত কথা৷ গধূলি সময়ত এজন আই পি এছ অফিচাৰৰ ৰূমলৈ এজনী ছোৱালী একো মতলব নথকাকৈ এনেই আহিবনে? “
বৌৱেকৰ উষ্মা অবিনাশে আগতে দেখা নাই৷ ঈশানীক বৌৱেকে চিনি পোৱা বুলিও আগতে ভৱা নাছিল৷ এতিয়াহে গম পাইছে৷ কিন্তু তথাপিতো অনৰ্থক কথাৰে এনেদৰে জেৰা কৰাত তাৰ ভাল লগা নাই৷
এইবাৰ ককায়েকে মাত লগালে,
“আৰে, সি পুলিচ মানুহ৷ তাৰ দিন ৰাতি বুলি কি কথা আছে? কিমান মানুহ দিনটোত আহিব আৰু যাব৷ কিমান মানুহক ইনফৰ্মাৰ হিচাবে ৰাখিব লাগিব তুমি কেনেকৈ বুজিবা? ”
“নহয়৷ বেলেগ ছোৱালী হোৱা হ’লে মই একো নক’লোহেঁতেন৷ তাইৰ বিষয়ে ভালকৈয়ে জানো কাৰণেহে সুধিছো৷ “, বৌৱেকে মাত লগালে৷
“তাই মোৰ লগৰ আছিল৷ বহুত কথাই জানো তাইৰ বিষয়ে৷ মুখখন যিমান ধুনীয়া, ভিতৰখন সিমান ঘুণীয়া৷ “, বৌৱেকে অনৰ্গল কৈ গ’ল৷
অবিনাশৰ ভাতখিনি তিতা হৈ গ’ল৷ কিবোৰনো কৈ আছে বৌৱেকে? ঈশানীৰ বিষয়ে ইমান বেয়াকৈ কৈছে৷ ঈশানীৰ বিষয়ে সিও বহুতবাৰ ৰেকৰ্ড চাৰ্চ কৰিছে৷ কিন্তু বৌৱেকৰ মুখত কথাবোৰ সি এনেদৰে শুনিব বিচৰা নাছিল৷ ঈশানী বুলিলেই চকুৰ আগলৈ আহে মেৰুণ ৰঙৰ টি-চাৰ্টটো নতুবা ডাষ্টবিনৰ কুকুৰকেইটালৈ বিস্কুট দলিয়াই থকা দৃশ্যটো৷
বাহ্যিক অবয়বেৰে নহয়৷ সি সদায় ঈশানীক মনৰ চকুৰে চালে৷ সেইযোৰ চকুৰে সি প্ৰত্যয়ৰ কাহিনী পঢ়িলে৷ সেইযোৰ চকুৰে সি জীৱন জীনাৰ উৎসাহ দেখিলে৷
নাই নাই, বৌৱেকৰ কিবা ভুল হৈছে৷ ঈশানীৰ বিষয়ে সি অন্তত বেয়াকৈ ভাবিব নোৱাৰে৷ যদিওৱা তাৰ অহেতুক উৎকণ্ঠাৰ কোনো কাৰণ নাই, তথাপি ঈশানীৰ মাজত সি কিবা এটা বিচাৰি পাইছে, যিটো হয়তো কোনোৱেই দেখা নাই৷
নতুবা আৰু এটা কাৰণ হ’ব পাৰে৷ সেয়া হৈছে নাৰীৰ সহজাত ঈৰ্ষা৷ ঈশানীৰ ব্যক্তিত্বত এনে কিবা এটা আছে, যিটো যিকোনো নাৰীৰ বাবেই ঈৰ্ষাৰ কাৰণ হৈ উঠিব পাৰে৷
চকুযোৰ মুদ খাই আহিল অবিনাশৰ৷ দিনৰ অত্যধিক ব্যস্ততাবোৰে ৰাতিৰ সপোনবোৰ আধাকেচেলুৱাকৈ ৰাখি থলে৷
অপেক্ষাৰত সপোনবোৰে শিতানতে বহি নিচুকালে তাক৷ ৰাতিলৈ অন্বেষা আৰু ঈশানীৰ মুখখন একাকাৰ হৈ গ’ল৷ মগজুৱে অযুত প্ৰশ্নৰে থকাসৰকা কৰা মন৷ পিছলিব খুজিলেও দায়িত্ববোধৰ হাতখনে তাক থাপ মাৰি ধৰে৷
ইফালে ঈশানীৰ ৰাতি নুপুৱায়৷ বিবেকদংশনত ভুগিছে তাই বাৰুকৈয়ে৷
সপ্তদৰ্শীৰ মুখখন চকুৰ আগলৈ আহি আছে তাইৰ৷ কপালৰ সেন্দূৰৰ ৰঙখিনিৰ আৱেশতেই নে ইমানদিনৰ মূৰত ঈশানীক লগ পোৱাৰ আবেগতে হওক, তাইৰ মুখখনো ৰঙচুৱা হৈ পৰিছিল৷ সেই আবিৰে তাইৰ লক্ষ্যৰ বাটত মুহূৰ্তৰ বাবে এজোলোকা ৰং ছটিয়াই দিছিল৷ বলীয়া ৰঙৰ বাউলী মোহ৷ “কিহে পাইছিল মোক? কিহে পাইছিল মোক? সেই গলিত যে নিষিদ্ধ মোৰ ঠিকনা সেই কথাটো কিয়পাহৰি গ’লো মই? সপ্তদৰ্শীৰ শৰীৰৰ পৰা ওলাই অহা উগ্ৰ গোন্ধ, সেউজৰঙী পাটৰ কাপোৰযোৰৰ সতে মই কিমান যে দৈন্য৷ “, বিছনাখনত বহি আঁঠুত মূৰ গুজি কিলাকুটিৰে থুঁতৰিত ভেজা দি ভৰিৰ নখকেইটা তাই চাই থাকিল৷ শূন্য হৈ পৰা আকাশখনলৈ মূৰ তুলি চোৱাৰ হেঁপাহ জগা নাই৷ তুলনা কিয় আহে? কিয় তুলনাই খৰ্ব কৰে অতদিনে তিলতিলকৈ সঞ্চয় কৰা গৰ্ববোৰ?

সখীত্বৰ তুলনা নহয়, যদিহে সখীৰ চকুত মৰম বয়৷ বিপৰীতে তাইৰ পথত ছটিয়াই যোৱা এবুকু ৰাফ্লেছিয়া ফুলৰ গোন্ধত মুখখন যেন বেঁকা হৈ গৈছিল যেন সেই সখীৰ, এনে ভাৱত অবিনাশৰ ৰূমৰ পৰা ওলাই যোৱা সপ্তদৰ্শীৰ কটাক্ষ চাৱনিত তাইৰ ভিতৰৰ পৃথিৱীখন বিধ্বস্ত হৈ পৰিছিল৷ আগে-পিছে, সোঁৱে-বাঁৱে অলেখখন হাতে তাইক তুলি নধৰা বাবেই তাই হয়তো সিহঁতৰ সমানলৈ উঠিব পৰা নাই৷ কিন্তু তাইৰ মাজত যে অযুত শক্তিৰ অহৰহ উৎপাদন ঘটি আছে, সেই কথা তাই প্ৰমাণ কৰি দেখুৱাব লাগিব৷ কুণ্ডলিনী হোৱাৰ লক্ষ্য তাইৰ৷ সাহিত্যহঁতৰ দৰে অলেখ তেজপিয়াক ৰোধি তাইৰ দৰে অসংখ্য ঈশানীক পোহৰৰ বাট দেখুৱাব তাই৷
“মই তেওঁক পোহৰৰ দিশ দেখুৱাইছিলো৷ মই তেওঁক পোহৰৰ গতিত ভৰি থবলৈ হাত আগবঢ়াই দিছিলো৷ তেওঁ মোক কৃষ্ণগহ্বৰৰ ৰহস্য শিকালে৷ মোৰ মাজত সঞ্চিত হৈ ৰোৱা শক্তিকণাই মোক মোৰ ফালেইটানিব সপ্তদৰ্শী৷ মই মোক লৈ যিমানবাৰ মৃত্যুমুখত পৰিছো, সিমানবাৰেই এই শক্তিয়ে মোক শেলুৱৈ পিছলা বাটৰ পৰা তুলি ধৰে৷ তেন্তে কিয় লাগে এখনি হাত, বুকু, কান্ধ নতুবা মৰমৰ আঁচলেৰে মোৰ অপটু সময়ৰ অভিমান জুখিবলৈ? তোলৈ মোৰ কোনো অসন্তোষ নাই৷ নাই কোনো অভিমান৷ জীৱন দেখা নাই তই৷ দেখিলে ভাগি পৰিবি৷ তেতিয়া মই তোক তুলি ধৰিম৷ তই বিস্মৃত নয়নেৰে চাই ৰ’বি৷ মোৰ মাজত থকা শক্তিৰ উমান তই সিদিনাই পাবি সপ্তদৰ্শী৷ তোৰ কটাক্ষ চাৱনিৰ উত্তৰ তই তেনেকৈয়ে পাবি৷ তোক মই বেয়া নাপাও৷ পাব নোৱাৰো৷ ”, চকুলো দুধাৰি মচি তৰাগজা আকাশখনলৈ তাই চাই পঠিয়ালে৷ ৰাতিৰ আকাশ, খোলা খিৰিকীৰে বতাহৰ নিচুকনি৷
কিতাপৰ দমটোৱে তাইলৈ চাই ৰৈছিল৷ কেৰিয়াৰৰ কিবা ৰেফাৰেন্সৰ বাবে আহিছিলো বুলি মিছা মাতি অহা অবিনাশৰ লগত সঁচাকৈয়ে তেনেধৰণৰ কথাই পাতিব লাগিব৷ দিনত মুহূৰ্তৰ বাবে তাই মনটোৰ বশ হৈ পৰিছিল, এতিয়া মনটো তাইৰ বশ হৈ পৰিছে৷ মগজুটোৱে অবিৰাম তাইক প্ৰশ্ন কৰি গৈছে৷ ধাৰাল প্ৰশ্নবাণত তাইৰ মনটো লেবেজান হৈ পৰিছে৷
“এয়া হতাশাৰ মাজত আশা সৃষ্টিৰ ৰাতি৷ এই ৰাতিত ঈশানী তোৰ নতুনজনম হওক৷ বহুত কামেই কৰিবলৈ আছে ঈশানী৷ বহুত কাম৷ ভাগি নপৰচোন৷ বিচলিত নহবি৷ “
পূৱে বেলি ঢলফাঁট নৌদিওঁতেই তাই গেটৰ তলা খুলিলে৷ পিন্ধনত ট্ৰেকচুট৷ জগিঙেৰে আৰম্ভ কৰি তাই যোগগুৰুৰ আশ্ৰমৰ পিনে পোনালে৷ দুখনি কোমল ভৰিটান হ’ব লাগিব৷ জুইৰ বাটত খোজ দিব পাৰিব লাগিব৷ মন-শৰীৰৰ অযুত শক্তিবোৰ অথলে যোৱাৰ দৰে কাম নকৰে তাই৷ মিহি মিহিকৈ এটা দুশ্চিন্তা লাগি আছিল, সেইটোও আজি মনৰ মাজত সামৰি ল’লে৷ তাই ফালি ছিৰাছিৰ কৰা ডিগ্ৰী চাৰ্টিফিকেটখন ইউনিভাৰ্ছিটিৰ পৰা উলিয়াব লাগিব৷ অবিনাশ নতুবা যোগগুৰুৰ সহায় লোৱা হ’লে অতি সহজেই সেই কামটো হৈ উঠিলহেঁতেন৷ কিন্তু কাৰো সহায় নোলোৱাকৈ আগবাঢ়িব খোজে তাই৷
আৰু এটা কামৰ কথা মনলৈ আহি আছে৷ পাৰিলে সৰুসুৰাকৈ কিবা এটাত মূৰ গুজিব লাগিব৷ অন্তত হাতখৰচ এটা উলিয়াবলৈকে কিবা এটা কৰাটো দৰকাৰ৷ হোষ্টেলত চলি থকা দিনৰ দৰেই দেউতাকৰ পেঞ্চনৰ এক অংশ যদিও তাইৰ একাউণ্টত নিৰ্দিষ্ট সময়ত সোমাই যায়, তথাপি তাইৰ কিবা এটা ভাল নালাগে৷ দেউতাকে কিমানদিন তাইক মাজনী বুলি মতা নাই৷ কিমানদিন তাই মাকৰ মুখামুখি হোৱা নাই৷ নিৰ্দিষ্ট কক্ষপথত আৱৰ্তন কৰি থকা দুয়োটি প্ৰাণীৰ অভিমান ভাঙিব পৰাকৈ তাই নিজৰ সপক্ষে সত্যতা প্ৰতিপন্নৰ এগাল যুক্তি গোটাব পৰা নাই৷
জগিং কৰি কৰি তাই যোগগুৰুৰ আশ্ৰম পালেগৈ৷ ভাগৰি পৰিল৷ আগৰফালে হাউলি ঘন ঘন নিশাহবোৰ উলিয়াই দিলে৷ নীলৰঙী ট্ৰেকচুটযোৰ ঘামত তিতি চুলিবোৰ গালেমুখে লিপিট খাই ধৰিলে৷
পানী এগিলাচ দৰকাৰ হৈছিল৷ নাই নালাগে৷ সহিব লাগিব৷ এয়া কঠোৰ সাধনা৷ ফুল-তৰা-গানৰ বাটত কাঁইট ছটিওৱা শক্তিৰ বিৰুদ্ধে এই সাধনা৷
দুইহাতৰ তলুৱাৰে মুখৰ ঘামবোৰ মচি ল’লে৷ কণ্ঠ শুকাইছে, তথাপি এটোপাল পানীৰ মোহত বন্দী হোৱা নাই৷ যোগগুৰুৰ ঘৰৰ গেটখন খুলিলে৷
কঠখন আনি তাই সূৰ্য প্ৰাণায়ামত বহিল৷ এজাক মানুহৰ ধ্যানেৰে তাইৰ মনৰ বান্ধবোৰ খুলি লওঁতেই তাইৰ নাকত এটা গোন্ধে আমনি কৰিলে৷ চিনাকি চিনাকি গোন্ধৰ চিনাকি ঠিকনা৷ যি ঠিকনাৰ গোন্ধে তাইক বিহ্বল কৰে, যি ঠিকনাৰ পথৰুৱা বাটৰ দুকাষৰ খৰিকাজাঁইয়ে তাইক নিচাসক্ত কৰি লক্ষ্যচ্যুত কৰে, সেই ঠিকনাৰ গোন্ধত মতলীয়া নোহোৱাৰ সংকল্প লয় তাই৷
“মই প্ৰেমত সফল নহয় বাবেই কি এই সংকল্প? ”
“ওহো নহয়৷ ”
“তেন্তে? ”
“আবেগে আৰু বিবেক এক নোহোৱাকৈ একখোজো আগনাবাঢ়ো মই৷ “
“তোৰ যাত্ৰা সফল হওক৷ “
কোনোবাই তাইৰ যাত্ৰাত সঁহাৰিজনালে৷
দূৰৈৰ পৰা ভাঁহি আহিছিল প্ৰিয় গায়কৰ গানৰ কলি,
“অভিযাত্ৰী
দূৰৰ যাত্ৰী
আমাৰ লক্ষ্য পোহৰ ……”

ষষ্ঠত্ৰিংশ খণ্ডঃ কুণ্ডলিনী
———————–
যোগগুৰুৰ আশ্ৰমৰ পৰা আহিয়েই ঈশানীয়ে তাইৰ নীলা ট্ৰাংকটো খুলি ল’লে৷ অতদিনে গোটাই থোৱা কাগজ পত্ৰসমূহ খুঁচৰি খুঁচৰি তাই নতুনকৈ উলিয়াব লগা ডিগ্ৰী চাৰ্টিফিকেটখনৰ বাবে প্ৰয়োজন হ’ব পৰা কাগজসমূহ বিচাৰি থাকিল৷ নীলা ট্ৰাংকটোত সঞ্চিত হৈ থকা তাইৰ ডেৰ দশকযোৰা সাধনাৰ ফলসমূহত তাই বাৰুকৈয়ে ডুব গ’ল৷ সৌখন তৃতীয় শ্ৰেণীৰ মাৰ্কশ্বিট…. পাতল গুলপীয়া ৰঙৰ৷ সৌখন শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক ভিত্তিত পোৱা ৰূপৰ পদক৷ চকু দুটা তিৰবিৰাই উঠিল ঈশানীৰ৷ সময়ৰ উৰন্ত গতিত দূৰন্ত হৈ পৰা মনটো সফলতাৰ শৃংগত আৰোহণ কৰিছিল৷ প্ৰচুৰ আত্মবিশ্বাস আৰু মেধাবী গুণেৰে তাই জগত জিনিছিল৷ তাইক বেৰি থকা জগতখনৰ পৰিসৰ কিমানলৈকেনো বিস্তৃত আছিল?
মসৃণ ৰাস্তাটোৰ পৰা ফালৰি কাটি এই খলাবমা পথ বাচি ললেই যেনিবা, গতি জানো ৰৈ গৈছে? তেন্তে তাই কিয় ৰৈ যাব বিচাৰিলে? কিয় বিধ্বস্ততাৰ জুপুৰীঘৰত আশ্ৰয় ল’লে?
এলবাম এখনত হাত লাগিল৷ কলেজৰ পঞ্চম ষান্মাষিকত বিভাগৰ ফালৰ পৰা কাজিৰঙালৈ যোৱা পিকনিকৰ ফটোৰ এলবাম৷ সেয়া বাছখনৰ সন্মুখত টিপটপ ছাৰৰ সতে সিঁহতৰ দলটো৷ পৃষ্ঠা লুটিয়ালে তাই৷ সেয়া শিল এচপৰাত বহি ঈশানী৷ ৰঙা জেকেটটোৰে সৈতে ঈশানীৰ ফটোখন খুব ধুনীয়া হৈছিল৷ সেয়া লগৰ ত্ৰিনয়ন, চুলতান, ৰাজেশ, শ্যামলী, দিপিকা, ৰাধাহঁতৰ দলটো৷ পিকনিকৰ পৰা অহাৰ পিছৰ কথা৷ ডিচেম্বৰ মাহৰ কোনোবা এটা ৰৌদোজ্জল পুৱাত চাহৰ ব্ৰেকত সিঁহতমখাই কলেজৰ সন্মুখৰ পুখুৰীৰ পাৰত বহি আড্ডা মাৰি আছিল৷ তাই দৌৰাদৌৰিকৈ আহি এলবামখন উলিয়াই দিয়াৰ লগে লগে গোটেইমখা এলবামখনত উবুৰ খাই পৰিল৷ ত্ৰিনয়নটোও যে! তাইক জোকাই মাৰি ভাল পায়৷ এইবাৰো সি নেৰিলে, “ঈশানী তোমাৰ ফটো এখন দিবা৷ ফ্ৰেমত বান্ধি ৱালত আঁৰি থ’ম”, গোটেইখনৰ গিৰ্জনিত তাই ভেকাহি মাৰি উঠিল, “ হা? ফটো লাগে মোৰ? ফটো কিয় লাগে? মোকেই ৰাখি থবা আকৌ৷ ”
সি লাজ পালেও মুখত সেইটো নেদেখুৱালে, বৰঞ্চ ক’লে, “আহিবা তুমি? ঠিক আছে৷ আহিবা৷ কিন্তু অকলেহে আহিবা দেই৷ লগত সাহিত্য দুৱৰাক লৈ নাহিবা”৷ তাৰ প্ৰতি-আক্ৰমণত তাই বাৰুকৈয়ে ধৰাশায়ী হ’ল৷ “যাঃ নামাতো তঁহতক” বুলি কৃত্ৰিম খং দেখুৱাই ক্লাছলৈ বুলি চিৰিৰে উঠি গ’ল৷ ওঁঠত জান অজান হাঁহি এটা বিৰিঙি উঠিল তাইৰ৷ সময়ৰ যে কত ৰূপ!
এলবামখন লুটিয়াই গ’ল৷ প্ৰতিখন ফটোৰ পিছফালে লিখা আছিল ফটোৰ তাৰিখ৷ সৰু সৰু কথাৰে কেনেকৈ যে জীৱনটো পালন কৰিবলৈ শিকিছিল তাই৷ নিজৰ মাজতে ব্যস্ত থাকি নিজকে ভাল পাবলৈ, নিজকে বিলাই দিবলৈ তাই ক’ৰ পৰা বাৰু প্ৰেৰণা পাইছিল? সেয়া জীৱন উদযাপনৰ দীঘলীয়া পৰিক্ৰমা৷ চকুপানীৰ প্ৰৱেশ য’ত নিষিদ্ধ আছিল৷ তৰাবোৰ তাইৰ দুভৰিত চিকমিকাইছিল৷ আকাশখন মাটি সাৱটি ধৰা দিনবোৰ এদিন সলনি হৈছিল৷ নাঃ তাই আৰু দুখৰ ক্ষণ গনি দিন পাৰ নকৰে৷ কথাবোৰ সামৰি থ’ব৷ দুখৰ দিনৰ এলবামখনৰ পৃষ্ঠাই পৃষ্ঠাই লুকুৱাব বিভ্ৰান্ত হৈ উচুপি ৰোৱা ৰাতিৰ ছবিবোৰ৷
বেগত দুযোৰ কাপোৰ সুমুৱাই ল’লে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখী তাইৰ যাত্ৰা৷ নিজক হেৰুৱাই পেলোৱা বাটৰ পৰা নিজে নিজক তুলি ধৰাৰ প্ৰতিশ্ৰুতিত বন্দী হৈয়ে তাইৰ এই যাত্ৰা৷ যোগগুৰুক কোৱা নহ’ল৷ কোৱা নহ’ল ঘৰতো৷ নিজেও নাজানে কিমানদিনৰ বাবে ওলাই আহিছে, নাজানে ৰাতিটোৰ বাবে ক’ত আশ্ৰয় ল’ব তাই৷
ডিব্ৰুগড় অভিমুখী বাছত উঠি খিৰিকীৰ কাষত বহি চকুযোৰ মুদি দিলে তাই৷ কালি গোটেই ৰাতিটোৱেই তাই আন্ধাৰৰ লগত আলাপ কৰিলে৷ এনিশাটোপনিৰ দামত তাই জোনাক কিনাৰ চুক্তি কৰিলে৷ সমস্ত আলাপ-অপলাপৰ সাক্ষী হৈ ৰ’ল তাইৰ চকুৰ গধূৰ পতা৷ চিলমিলকৈটোপনি আহিছিলহে, ষোড়শী এজনীৰ তিৰবিৰ চকুকেইটাই সপোনত নাচি উঠিল৷
সেয়া দেউতাকে কৈছে, “তই এডভান্স মেথচ লবি৷ মেথচত তোৰ হাত আছে৷ স্কুলৰ ছাৰে কৈ পঠিয়াইছে”৷
মাকে তপৰাই মাতিছে, “মোৰ ছোৱালী ডাক্টৰ হ’ব৷ মেথচৰ তাত কি কাম? ”
সেয়া ষোড়শী, “মা, মই বেজী এটা লবলৈকে ভয় কৰো, মই মেডিকেল কেনেকৈ পঢ়িম? ”
সেয়া মাকৰ অভিমান, “বাপেকৰহে জীয়েক, মোৰ কথা ক’ত শুনিবি?
সপোনবোৰ উৰে, নাভাগৰে, নিজিৰায়, ছন্দময় জীৱনত অবিৰাম নাচে, তাল নেহেৰায়, একেই থাকে সুৰ-লয়৷ উচ্চস্বৰৰ ৰাগত নাভাঙে সপোন৷ এৰা৷ চনককৈ নাভাঙে সপোন৷ সপোনবোৰ ইমান ঠুনুকাকৈ সজা হৈছিলনে? এযুগীয়া কঠোৰ সাধনাৰ অন্ততজন্ম হোৱা প্ৰতিটো সপোনৰ৷ হ’ব পাৰে এতিয়া দুঃসময়৷ তথাপি সপোনৰ মৃত্যু নহয়৷
খালী হাত দুখন লৈ জীৱনটোৱে তাইলৈ চাই থাকে৷ “কিবা দিয়া কিবা দিয়া৷ বহুত দিলো তোমাক৷ উপচি পৰাকৈ সুখ দিলো৷ দুখৰ সাগৰত সাঁতুৰিবলৈ শিকালো৷ এতিয়া মোক মোৰ প্ৰতি-উপহাৰ দিয়া৷ “, চপচপীয়া হৈ পৰা চকুহাল তুলি তাই জীৱনটোলৈ চাই ৰয়৷
মুঠি খুলি দিয়ে দুহাতৰ৷ আশাবোৰ থূপ খাই চকুত বহে৷
কেৰেচচচচচ………..
বাছখন ৰ’লহি৷ জাঁজী নে কিবা পালেহি৷ তাই বাহিৰলৈ চালে৷ থোপাথোপে লিচু ওলমাই লৈ কোনোবাই কোনোবাই দৰদাম কৰি আছে৷ বৰ সৰু সৰু প্ৰয়োজন লৈ জীয়াই থকা মানুহ ইঁহত৷ হতাশাই আকাশ ছানি নধৰে৷ এগাল আশা লৈও সিহঁত জীয়াই নাথাকে৷ বাছৰ পৰা নামি মানুহবোৰে লিচু কিনিছে৷ তাইৰো মন গ’ল৷ কিন্তু কাৰ বাবে কিনিব? নিজৰ বাবে? কিছুমান কাম অকলে উপভোগ কৰি ভাল নালাগে৷ তাইৰ যে একাকী কালৰ অন্ত পৰা নাই৷
ডিব্ৰুগড় পাওঁতে সন্ধ্যা লাগিব৷ ৰাতিটো ক’ত কাটিব এতিয়াও ভবা হোৱা নাইৰ৷ বাছৰ পৰা নামি যিফালেই চকু যায়, সেইফালেই গতি ল’ব তাই৷ ইমান আগতীয়াকৈ ভবাৰ একো কাৰণ নাই৷ বেগৰ পৰা কাজু কেইটামান উলিয়াই লৈ চোবাবলৈ ধৰিলে৷
ত্ৰিনয়নে তাইক সুধিছিল, “তই সাহিত্যৰ মাজত কি পালি? সি ল’ৰাটো একদম ভাল নহয়”৷
তাই ত্ৰিনয়নৰ বুকুত খামুচি ধৰিছিল, “কি ক’লি তই? কি ক’লি? ভাল নহয় সি? আৰে, ভালৰ কনচেপ্ত কি ক’চোন মোক”৷
তাইৰ চকুত জ্বলি উঠা ৰঙা অঙঠা দুটুকুৰালৈ চাই সি আঁতৰি গৈছিল৷ তাই সাহিত্যৰ বিৰুদ্ধে এটা কথা শুনিবলৈকো প্ৰস্তুত নাছিল৷ প্ৰেমৰ চকু তেতিয়া অন্ধ৷ মগজু তলা বন্ধ বাকচত৷ আবেগে নিৰ্দেশনা দি চলাই ৰাখে তাইক৷ তাৰ মাজতো তাই গোটেইবোৰ পৰীক্ষাতে ফাৰ্ষ্ট ক্লাছ পাইছিল৷ পাৰচেণ্টেজ খুব বেছি নহয় যদিও তাই সুখী আছিল৷ মাকহঁত সুখী নাছিল৷
জীৱন উদযাপনৰ মসৃণ পথ তাই নেদেখাকৈ থকা নাই, কিন্তু নিজকে বাৰে বাৰে টুকুৰিয়াই চাইছে, সেই মসৃণ পথত মাদকতা আছেনে?
কামবোৰ মনতে পাগুলি ল’লে৷ চাৰ্টিফিকেটৰ কামটো হৈ যোৱাৰ পাছত তাই চাকৰিৰ পিছত দৌৰিব লাগিব৷ সদ্যহতে সৰু সুৰা কিবা এটাৰে হাতখৰচ উলিয়াব লাগিব৷
ইয়ালৈ অহাৰ কথা যোগগুৰুক কোৱা নহ’ল৷ কোৱা নহ’ল অবিনাশকো৷ অবিনাশক কোৱাৰ প্ৰয়োজনবোধো কৰা নাই অৱশ্যে৷ কিন্তু কালি সন্ধ্যা তাই যে কৈ আহিছিল, পাছত আহিম বুলি৷ সেইকাৰণে তেওঁ হয়তো ৰৈ থাকিব পাৰে৷ কালি সপ্তদৰ্শীক দেখাৰে পৰা অবিনাশ নামৰ মানুহটোৰ প্ৰতি একো আগ্ৰহ তাইৰ নোহোৱা হৈ গ’ল৷ যিজন মানুহৰ ওচৰত তাই নিৰুদ্বেগতাৰ প্ৰলেপ সানি চুইংগাম চোবাই চোবাই কথা পাতে, সেইজন মানুহক তাইৰ বিধ্বস্ত দেহা সাৱটি থকা উঁৱলি যোৱা আঁচলখন দেখুৱাব কিয়? কিয় সেইজন মানুহৰ ওচৰত তাইৰ অহংকাৰৰ নাঙঠ ৰূপ দেখুৱাব?
কিয়?
কিয়?
হয়তো এই ‘কিয়’ৰ উত্তৰ বিচাৰিয়ে তাই এইখিনি পাইছেহি৷ আশা শেষ হৈ যোৱাৰ পৰত এই জেদে তাইৰ বুকুত পুনৰ্জনমৰ বীজ ৰোপণ কৰিছে৷
“জেদ বেয়া নহয়৷ মাথোঁ যোগাত্মক হ’ব লাগে৷ তোৰ জেদ হওক হাজাৰজনৰ খোজত গতি দিবলৈ৷ তোৰ জেদ হওক আন্ধাৰৰ মাজত পোহৰ ছটিয়াবলৈ৷ তোৰ জেদ হওক কুণ্ডলিনীৰ দৰে৷ ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়”, কেৰাটেৰ অনুশীলনৰ মাজে মাজে যোগগুৰুৱে সোঁৱৰাই থাকে তাইক৷
সৰু দলংখন পাৰ হওঁতেই ঈশানীয়ে চিনাকি গোন্ধ এটাত খিৰিকীৰে বাহিৰলৈ চালে৷ বাছখন ৰৈছে৷ মানুহ কিছুমান নামিছে৷ তিনিআলি এটাত কেইখনমান দোকান৷ এইখন দোকান তাইৰ চিনাকি৷ ক’ৰবাত যেন দেখিছে৷
হয়৷ সমুদ্ৰৰ লগত আহিছিল ইয়ালৈ৷ সমুদ্ৰৰ বুঢ়ীআইৰ ঘৰলৈ আহি পিঠাৰ জুতি লৈছিল৷ লৈছিল কচু ঢেঁকীয়াৰ জুতি৷ তামোলৰ সেলেঙী বোৱাই আইতাজনীয়ে এৰাতিতে তাইক আপোনতকৈ আপোন কৰি লৈছিল৷ সেই আইৰ ঘৰলৈ বাট পোনাবনে বাৰু তাই? চিনি পাবনে আইতাকে তাইক? পাব, কিয় নাপাব? চহৰীয়া কৃত্ৰিমতাৰ বাহিৰৰ এই পৃথিৱী৷ য’ত নৈয়ে নৈয়ে কথা পাতে, আকাশে আকাশ সাৱটে, মাটিয়ে মাটি চুমে, বতাহীয়ে বতাহৰ গানত বাউলী হৈ নাচে৷
বেগটো চোঁচোৰাই চোঁচোৰাই তাই মসৃণ ৰাজপথ এৰি গাঁৱৰ পথটো ল’লে৷
(আগলৈ)
সপ্তত্ৰিংশ খণ্ডঃ কুণ্ডলিনী
————————
চোফাখনত বহি টিভি চাই থকা অংশুমানৰ গাতে আঁউজি সপ্তদৰ্শী বহি ল’লে৷ এনেকৈ গাত গা লগাই বহাৰ অৰ্থটো গিৰিয়েকে নুবুজাকৈ থকা নাই৷ তাৰমানে কিবা কবলগীয়া আছে তাইৰ৷ সেয়েহে অংশুমানৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছে৷
“অংশুমান”, গিৰিয়েকৰ নোমাল বুকুত হাত ফুৰাই ফুৰাই লেনিয়াই মাতিলে তাই৷
“ও৷ কোৱা”, অংশুমানে মাত লগালে৷ তাৰ চকুৰ মণি টিভিৰ পৰ্দাত নিবদ্ধ৷
“অবিনাশক বুজাবা৷ “
“কি বুজাম? ”
“তাইক আসৈ নিদিবলৈ বুজাবা৷ ”
“এহ তুমিও যে! একেটা কথাকে কৈ আছা বাৰে বাৰে”, অংশুমানৰ অলপ খং উঠিল৷ ইয়াতকৈ বেছিকৈ ক’লে সপ্তদৰ্শীৰ চকু চলচলীয়া হ’ব৷ গতিকে আধাতে ৰৈ দিলে৷
“তাইৰ কথা ক’বলৈকে লাজ লাগে৷ বহুত বেয়া ছোৱালী”৷ , সপ্তদৰ্শীৰ কথা শুনি এইবাৰ সি চকু তুলি চালে, তাৰ পাছত ক’লে, “কি ক’ব বিচাৰিছা কোৱা৷ ”
“তাই আমাৰ বেটচৰ আছিল৷ দেখাত ধুনীয়া, পৰীক্ষা ভাল হয়৷ যতেই হাত দিয়ে সফল হয়৷ পিছত গম পালো, তাই ছোৱালীজনী ইমান চিধা নহয়৷ “
“চিধা নহয় মানে? ”
“স্বাৰ্থৰ কাৰণে তাই যা-তা কাম কৰিব পাৰে৷ ফাইনেল পৰীক্ষাৰ সময়ত তাইৰ বেয়া ভিডিও এটা গোটেইবোৰ হোষ্টেল ঘূৰি ফুৰিছিল৷ মই তাইৰ লগত ভাল কাৰণে বহুতে মোক সেই ভিডিওটোৰ কথা সুধিছিল৷ মায়েও গালি পাৰিছিল৷ বৰ লাজ পাইছিলো তেতিয়া৷ “
“ওমম”৷
“তাই এজনী বদনামী ফিগাৰ৷ নিজৰ ঘৰৰ লগতে তাইৰ ভাল সম্পৰ্ক নাই৷ অবিনাশেনো এই ছোৱালীজনীক ইমান পাত্তা কিয় দিব লাগে বুজা নাই”, তাই আকৌ ক’লে৷
“অবিনাশ সৰু লৰা নহয়৷ একেটা কথাকে পেঘেনিয়াই থাকিলে তাৰ খং উঠিব৷ মই ক’ম বাৰু তাক৷ এতিয়া শুবলৈ ব’লা”, অংশুমানে তাইক বুজাবলৈ চেষ্টা কৰিলে৷
“অবিনাশৰ যে বিয়া ঠিক হৈ আছে, সেই ছোৱালীজনীৰ ওচৰলৈ এবাৰ যাব লাগিছিল৷ বিয়াৰ কথাটো আগবঢ়াব লাগিছিল৷ “, তাই আকৌ ক’লে৷
গিৰিয়েকে একো নক’লে৷ তাই শুবলৈ বুলি উঠি গ’ল৷ বৰ ভয় লাগে তাইৰ৷ ভিতৰি ভিতৰি ঈশানীলৈ বৰ ভয় লাগে তাইৰ৷ ঈশানীৰ চকুৰ তীব্ৰতাৰ আগত বদনামৰ জুইকুৰাও আসৈ নাপায়৷ তাইনো কোন কূটা! এই কথাই কথা নহয়৷ অবিনাশৰ বিয়াখনৰ কাম আগবঢ়াব লাগিব৷ ছোৱালীজনীৰ নামটো জানো কি আছিল? তাইৰ ফোন নম্বৰটোও নাই তাইৰ ওচৰত৷ ল’ব লাগিব৷ শুই শুই তাই ঠিক কৰিলে অবিনাশৰ বিয়াখন সোনকালে পাতিব লাগিব৷
ইফালে বেগ চোঁচোৰাই চোঁচোৰাই ঈশানীয়ে নঙলাডাল খোলাৰ লগে লগে বুঢ়ী আইতাকে ছোৱালীজনী চায়েই থাকিল, চায়েই থাকিল৷ কেবাবছৰৰ আগতে এৰাতি থাকি বুকুৰ কোণত নিগাজী আসন লৈ থোৱা সমুদ্ৰৰ লগৰ এই চহৰীয়া যেন লগা ছোৱালীজনীক তেওঁপাহৰিব নোৱাৰে৷ গালত মৰম কৰি, চুলিত হাত ফুৰাই ফুৰাই তেওঁ ছোৱালীজনীক ভিতৰলৈ লৈ গ’ল৷
জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্টা তেওঁ৷ ঈশানীৰ চকুত থূপ খাই থকা ডাঁৱৰবোৰ তেওঁ বুজা-নুবুজাৰ দিগবলয়ত ওলমি ৰ’ল৷ কিবা এটা হৈছে ছোৱালীজনীৰ৷ বয়সটোৱেই এনেকুৱা৷ ছোৱালীজনীৰ মুখৰ আঁৰৰ দৃশ্যটোৱে তেওঁক সেই কথাকে সোঁৱৰাই আছে৷ ইমানবোৰ ঠাই থাকোতেওজনসমাগমৰ পৰা আঁতৰি নিৰ্জন পৰিবেশ বাচি লোৱাৰ নিশ্চয় কিবা কাৰণ আছে৷ ঢককৈ কঁপিল বুকু৷ কি হ’ল অ’ ছোৱালীজনীৰ? সন্ধ্যা সময়ৰ আলহী হৈ ওলাইছেহি৷ যদি বুঢ়ীমায়েৰ নাথাকিলেহেঁতেন৷ ক’লৈ গ’লহেঁতেন তাই? ধুমুহাত কিদৰে বিধ্বস্ত হ’লে মানুহে খেৰকূটা এডালকে আস্থাত লয় তেওঁৰ বাৰুকৈয়ে বুজা আছে৷
গা ধুই থাকোতে ঈশানীৰ মনলৈ আহিল ভাৱটো৷ বৰ যেন সহজ হ’ব পৰা নাই আইতাকৰ ওচৰত৷ গধূৰ হৈ পৰিছে চকুহাল৷ পৃথিৱীৰ পৰা লুকুৱাই ৰখা চকুযোৰ যেন এই সুলকি পৰিব৷ এই যেন চূচুৰ্মৈ হৈ ধৰা দিব কাঁচঘৰৰ সপোনটো৷
“তোৰ ভোক লাগিছে নহয় আই? আহচোন জুহাললৈকে আহ৷ কিবা খাই লবি”, ঈশানীয়ে ভিজা চুলিখিনিটানিটানি ফণিয়াই থাকোতে আইতাকে চিঞৰিলে৷
জুহালৰ কাষতে মূঢ়া এখনটানি তাই বহিল৷ দীঘল চুলিৰ পৰাটোপটোপকৈ পানী পৰি মজিয়াখন তিতি গ’ল৷
“কচোন? তোৰ খবৰ খাতি ক’৷ ইমানদিনে বুঢ়ীমাৰলৈ মনত নপৰিলনে তোৰ? সমুদ্ৰও যে কিমানদিন অহা নাই৷ তঁহতবোৰেনো কি ইমানকৈ পঢ় জানো পাই, চেহেৰা দেখুৱাবলৈকে সময় নাথাকে”৷
“সমুদ্ৰ অহানাই নেকি আইতা? তাক ময়ো লগ নাপাও৷ বাহিৰলৈ গুচি যোৱাৰ পাছত এবাৰহে লগ পাইছো৷ “
“এৰা অ’৷ তহঁতৰ জীৱনবোৰ বৰ জটিল হৈ পৰিল৷ ইজনে সিজনক লগ নোপোৱাই হ’লি”৷
আইতাকৰ লগত কথা পাতি পাতি ভাত খাই তাই শেঁতেলীত পৰিল৷ নিয়ন লাইটেৰে জিলিকাব নোৱাৰা এখন গাওঁ৷ আঠ বজাতে নিমাওমাও হৈ পৰা পৰিবেশ৷ মনত অলেখ ভাৱৰ জোৱাৰ৷ আইতাকে বাৰু তাইক ভুল বুজিবনেকি? ভিজা চুলিখিনিৰে তাইৰ গাৰুও তিতিলে৷ চকুপানীবোৰেৰে ভিজাবলৈচোন একোৱে বাকী নাথাকিল৷ ক’ত থ’ব তাই অতবোৰ চকুপানী?
“কত থ’বি আই? বৈ যাব দে বুকুৰে হুমুনিয়াহ হৈ”, ভৰিৰ পথানতনো কেতিয়া আহি আইতাকে তাইলৈকে চাই আছিল তাই ক’ব নোৱাৰিলে৷ চকুৰে দুধাৰি অশ্ৰু বৈ আহিল৷
“কি হৈছে মাজনী? তই এনেকুৱাজনী নাছিলিচোন৷ কি হৈছে মোক ক’৷ ইয়ালৈ কি সকামতনো আহিলি? ”
বৈ অহা চকুপানীখিনি মচি তাই বিছনাত বহি ল’লে৷ তাৰ পাছত আইতাকৰ বুকুৰ মাজত সোমাই ক’লে, “ “আইতা, কাইলৈ ইউনিভাৰ্চিটিলৈ যাম৷ তাৰ পাছত মই চাকৰি বিচাৰিম৷ “
“ছোৱালীজনী, তোক ঘৰত কিবা ক’লেনেকি অ’? ইমান যে মন মাৰি আছ? দুদিনমান থাকিবিনে বাৰু? মোৰেই লগ হ’ব৷ থাকি যাবি৷
তাইৰ কবলৈ মন আছিল, “দুদিনৰ কাৰণে কিয় আইতা? গোটেই জীৱনৰ কাৰণে ৰাখিলেও মই থাকি যাম৷ কিন্তু মোৰ এটা কঠিন লক্ষ্য আছে, যিটো লক্ষ্য মোৰ নিজৰ বাবে নহয়৷ মই তেওঁলোকৰ বাবেই এই একাকিত্বৰ গণ্ডীৰ পৰা ওলাব লাগিব”৷
আইতাকে তাইক বুকুৰ মাজত সুমুৱাই চুলিত হাত ফুৰাই থাকিল৷ মৰমৰ উম পাই তাই কেতিয়াকৈটোপনি গ’ল গমেই নাপালে৷ যেতিয়া সাৰ পালে তেতিয়া নামঘৰৰ পৰা অহা ডবাৰ কোবত তাই মনটোৰ বান্ধোনবোৰ খুলি গ’ল৷ আইতাকে বাঢ়নি এডালেৰে চৰকচৰককৈ চোতাল সাৰিছে৷ তাই বিছনাৰ পৰা উঠি আহি আগচোতালৰ কৰবীজোপাত আঁউজি আইতাকলৈ চাই থাকিল৷ এৰি অহা চহৰখনলৈ মনত পৰিল৷ কিদৰে পুৱাবোৰ সজীৱ হৈ পৰে মন্দিৰৰ ঘণ্টাৰ তালত নতুবা জগিং কৰিবলৈ অহা মানুহেৰে, নতুবা ফিল্ডখনত ফুটবল খেলি থকা লৰা-ছোৱালীবোৰেৰে কোলাহলেৰে, নতুবা গোস্বামীহঁতৰ ডাঙৰ ছোৱালীজনীৰ ধ্ৰুপদী ৰাগৰ ৰেৱাজেৰে৷ এৰা প্ৰত্যেক ঠাইৰে নিজা সুৰ আছে৷ এই সুৰ যিদৰে শুৱলা, এৰি অহা সুৰটিও আপোন৷ আপোন সেই চিনাকি গলিৰ কুকুৰকেইটাও৷ বৰ আপোন সেই লৰা ছোৱালীজাক, স্কুলবেগ লোৱাৰ বয়সত যিসকলে কান্ধত বস্তাৰ বেগ লৈ ডাষ্টবিন খুঁচৰি ফুৰে৷ অবিনাশক সুধিছিল তাই, “এই লৰা-ছোৱালীবোৰৰ কাৰণে কি কৰিব লগা একোৱেই দায়িত্ব আপোনালোকৰ আইনত নাই? ”
দীঘলকৈ হুমুনিয়াহ এটা এৰি সিদিনা অবিনাশে কৈছিল, “আইন আছে ঈশানী৷ কিন্তু আইন প্ৰণয়ন কৰাটোহে বৰ জটিল৷ পৃথিৱীৰ আটাইতকৈটান কাম হ’ল মানৱ মগজু নিয়ন্ত্ৰণ কৰাটো৷ আৰু সেই মগজুত যদি দুষ্ট বুদ্ধি খেলাই থাকে, তেতিয়া হাজাৰ আইনৰ মাজতো সুৰুঙা ৰৈ যায়৷ তথাপি আমি চেষ্টা কৰো৷ কঠোৰ হ’ব লগা হয় মাজে সময়ে৷ এই শিশুসকলৰ হৈ মই কথা পাতিম ঈশানী৷ কেবাটাও বিভাগে এনে কিছুমান কাম কৰি আছে৷ উপায়ুক্তক ক’ম মই৷ “
এই যে তাই কথা কলেই অবিনাশে তাৰ ডায়েৰীত লিপিবদ্ধ কৰে, তাইৰ দৰে সাধাৰণ ছোৱালীজনীৰ প্ৰতিটো কামকে সি বিশেষ চকুৰে চায়, ইয়াৰ অন্তৰালত কি তাই নাজানে৷ হয়তো নজনাকৈয়ে থাকি যাব৷ অবিনাশৰ লগত গঢ় লৈ উঠা ভাল সম্পৰ্কটোৱে তাইৰ বহুত কাম সহজ কৰি তুলিলেহেঁতেন৷ কিন্তু তাই সুযোগ ল’ব নিবিচাৰে৷ যেন সেই সুযোগ ললে তাইৰ নিজৰ হাত-ভৰিৰ শক্তিৰ ওপৰত বিশ্বাস হেৰাই যাব৷
নাহৰৰ তলেৰে কুমলীয়া পাতবোৰৰ গোন্ধ লৈ আহি থাকোতে তাই কথাবোৰ ভাবি থাকিল৷ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনটো বৰ ধুনীয়া৷ নিৰ্মাণৰত অৱস্থাত আছে আন বহুতো ভৱন৷ সম্পূৰ্ণ হৈ উঠিলে যে এইখন অনন্য সুন্দৰ বিশ্ববিদ্যালয় হৈ উঠিব তাত কোনো সন্দেহ নাই৷ আক তাক সুধি সুধি তাই চাৰ্টিফিকেটৰ কাম কৰা নিৰ্দিষ্ট কক্ষ পালেগৈ৷ যাৱতীয় কামবোৰ কৰি অতাই তাই গম পালে, পোন্ধৰ বিশ দিনৰ মূৰতহে তাই মূল চাৰ্টিফিকেটখন পাব৷ য’ত সঞ্চিত হৈ থাকিব অতদিনৰ সাধনাৰ ফল৷ চাৰ্টিফিকেটখন তাইৰ বাবে বৰ দৰকাৰী হৈ পৰিছিল৷ তাইৰ সপোন পূৰোৱাৰ বাটত ই প্ৰধান হাথিয়াৰ হৈ পৰিছিল৷ আবেগৰ কবলত পৰি যদিও তাই টুকুৰা টুকুৰকৈ ফালিছিল দৰকাৰী কাগজবোৰ, সেই অনুপাতত সপোনবোৰ টুকুৰাটুকুৰকৈ ফালিব নোৱাৰিলে৷ নোৱাৰিলে বাবেই অবিনাশৰ খাকী পোছাকযোৰত তাইৰ সপোনবোৰ থূপ খালে৷ আইন নিজৰ হাতত ৰাখিব৷ নিশ্চিহ্ন কৰিব ৰক্তবীজৰ দল৷ সেই সপোনে এতিয়া দিনে-ৰাতিয়ে তাইৰ বাট কাটে৷ প্ৰয়োজন এতিয়া কঠোৰ সাধনাৰ৷ জীৱনত সাধনাৰ কেতিয়া অন্ত পৰে? সুবেষ্টনীৰ মাজত নিজক উপস্থাপন কৰিবলৈকেতো তাইৰ অতবোৰ কাৰ্যপ্ৰণালী৷ ঘড়ীৰ কাঁটাত বান্ধি থোৱা থাকে প্ৰতিটো কাম৷ তাৰ মাজতো মনৰ ঠেনঠেননি আছেই৷
এই যে আহম্মক মন৷ নিজৰ মতে হাঁহে, কান্দে, সপোনৰ কাৰেং সাজে৷ বাস্তৱত তাৰ উপস্থিতি শূন্য কৰিব লাগিব৷ প্ৰেক্টিকেল হ’ব লাগিব তাই৷ এৰা৷ ৰাস্তাত কুকুৰে ভূকিলেও গুণগুণাই পাৰ হ’ব লাগিব সেই ৰাস্তা৷ উচুপনিবোৰক ৰাতিলৈ নিচুকাব৷ দিনত আবেগৰ কাম নাই৷
কি কৰিব বাৰু? পোন্ধৰ দিন ইয়াতে ৰৈ দিবনে? নে ঘৰলৈ গৈ আকৌ পোন্ধৰ দিনৰ মূৰত আহিব? ভোক লাগিল তাইৰ৷ কেণ্টিনখনত সোমাই গ’ল৷ চিনাকি কাৰোবাক লগ পায় নেকি চাৰিওফালে চকু ফুৰাই চালে৷ তাইৰ এতিয়া লেটাৰ জীৱন চলি আছে৷ পখিলা নোহোৱালৈকে কাৰো সন্মুখীন হবলৈ মন নাই৷
ভাবিগুণি ঠিক কৰিলে, পোন্ধৰদিনৰ বাবে ৰৈ দিব ইয়াতে৷ একঘেয়ামী জীৱনৰ পৰা অলপ মুক্তি লাগে৷ সেইবুলি সময় বৰবাদ কৰিব নোৱাৰে৷ গতিকে কিতাপৰ দোকান আৰু ইনটাৰনেট কেফেত জীৱন বিচাৰি চলাথ কৰিব৷ আইতাকে জানিছে তাই চাকৰি সংক্ৰান্তীয় কামত ইয়ালৈ আহিছে বুলি৷ তাই নিৰিবিলি পৰিবেশ এটা পাব৷ নিজৰ অন্বেষণত নিজৰ পৰা হেৰাব পুনৰবাৰ৷ ঈশানীৰ দৰে কোমল নতুবা কুণ্ডলিনীৰ দৰে কঠিন দ্বৈত চৰিত্ৰৰ ছোৱালীজনীৰ অস্তিত্ব য’ত শূন্য৷ নিজৰ অন্বেষণত এই যাত্ৰা৷ শুনিছনে ছোৱালী?
মনটো বৰ পাতল লাগিল তাইৰ৷ আইতাকৰ সতে উদযাপন কৰিব প্ৰতিটো মুহূৰ্ত৷ আইতাকৰ হালধি তেল লগা চাদৰখনৰ আঁচলেৰে তাই ভাত খাই মুখ মচিব৷ আইতাকে তাইৰ চুলিখিনিত তেল সানি লিৰিকি থাকিব৷ তাই সেই আপোন কোলাত চিকুণটোপনি যাব৷
কৈ উঠিব কোনোবাটো দুপৰত আমৰ সিটা চুহি চুহি,
“আইতা চোৱাচোন, বয়সত মই যিমান ডাঙৰ হ’লেও মনটো এতিয়াও সেই এল পি স্কুলৰ কেঁকুৰিতে৷ “
“হয়নে? মদগজ ডেকা এটা বিচাৰিব লাগিল৷ জোঁৱাই বোলাবলৈ”৷ , আইতাকে এনেকৈয়ে ক’ব,জনা আছে তাইৰ৷
“অ আইতা৷ জোঁৱাই বিচাৰিবা? বিচাৰা৷ কিন্তু মোৰ এশদফীয়া দাবী আছে দেই৷ কৈ দিবা তোমাৰ মদগজ ডেকাক”, তায়ো তল নপৰিব৷
“কি আছে অ’ তোৰ এশদফীয়া দাবীত? শুনোচোন”, তামোল খুন্দি খুন্দি তাইৰ ফালে চাই চাই আইতাকে প্ৰশ্ন কৰিব৷
“এক নম্বৰ দাবী হৈছে মৰম, দুই নম্বৰ দাবীও হৈছে মৰম, তিনি নম্বৰো, চাৰি নম্বৰো৷ বুজিলানে আইতা? ”
“তেতিয়াহ’লে তই মোৰ লগতে থাকিবি আই৷ তোৰ এশদফীয়া দাবী কোনে পূৰণ কৰিব? আজিকালি মৰমৰ দাম বহুত৷ বজাৰত নাপায় যে”৷
নাই৷ সিমানখিনিলৈ নকয় তাই৷ উচুপনিবোৰ ঘৰলৈ গৈ নিচুকাব৷ এয়াতো আইতাকৰ ঘৰ৷ য’ত জীৱন বৈ যায়, য’ত জীৱন থমাৰ নাম নাই৷ বকুলজোপাৰ পৰা তগৰলৈকে যি পদূলিয়ে সুবাসৰ বেহা মেলে, সেই পদূলিত দুদিনৰ বাবে জীৱনৰ চকা ৰখাব তাই৷
দুদিনৰ বাবে………..মাথোঁ দুদিনৰ বাবে
তাৰ পাছত গধুৰ সাধনা
সত্য অন্বেষণৰ……..
লক্ষ্য উন্মেষৰ………
(আগলৈ)
অষ্টত্ৰিংশ খণ্ডঃ কুণ্ডলিনী
———————–
অবিনাশে গা ধুই আহি ধূপ এডাল জ্বলাই চকুমুদি কিছুসময় প্ৰাৰ্থনা কৰিলে৷ তাৰ পাছত ধূপডাল দেউতাকৰ ফটোখনৰ আগত গুজি দিলে৷
মাকে শিকাইছিল তাক প্ৰাৰ্থনাৰ গূঢ়াৰ্থ৷ প্ৰাৰ্থনাই কেনেকৈ দমন কৰিব পাৰে তুফানী মন, সেই কথা মাকেই কৈছিল৷ সেই তেতিয়াৰে পৰাই সি মাকৰ কথাষাৰ মানি আহিছে৷ তথাপি সি অনুভৱ কৰিছে যেন সি যেন আজিকালি প্ৰাৰ্থনাত মন বহাব পৰা নাই৷
বহুত দিনৰ পৰা বিশৃংখল হৈ থকা মনটো আৰু বেছিকৈ ছেদেলি ভেদেলি কৰি দিলে সপ্তদৰ্শী বৌৱেকৰ কাণ্ড কাৰখানা বোৰে৷ নাৰীৰ এই ৰূপটো সি দেখা নাছিল৷ নাৰী মানেই তাৰ বাবে মাকৰ দৰে সহনশীলা, অন্বেষাৰ দৰে সহজ সৰল আৰু ঈশানীৰ দৰে গহীন ৰূপটোকেই বুজিছিল৷ বৌৱেকৰ দৰে কূটিল মন এটা তাৰ বাবে বাৰুকৈয়ে অপৰিচিত আছিল৷
সিদিনা তাত ভাত খাই অহাৰ পিছদিনাই বৌৱেক আহি তাৰ বাংলো ওলাইছিলহি৷ আহিয়েই তাৰ ৰূমৰ প্ৰতিটো বস্তু তন্ন তন্নকৈ নিৰীক্ষণ কৰিছিল৷ সিমানখিনিতেই ক্ষান্ত নাথাকি বৌৱেকে অন্বেষাৰ ফোন নাম্বাৰ লৈছিল৷ সি বুজি পোৱা নাই ঈশানীৰ লগত তাইৰ শত্ৰুতা কিহৰ? তাই বাৰে বাৰে ঈশানীৰ কথা উলিয়াব বিচাৰিছে, প্ৰতিবাৰেই সি বেলেগ প্ৰসংগলৈ লৈ গৈছে৷ ঈশানীৰ বিষয়ে যদি তাৰ কিবা জানিব লগা আছে, সেয়া ঈশানীৰ মুখেৰেহে শুনিব৷ আনৰ মুখৰ পৰা ৰঙৰ প্ৰলেপ সানি ঈশানীৰ কথা নুশুনে সি৷
অন্বেষাৰ কাণতো পেলালেগৈ কথাবোৰ৷ অন্বেষাই তাক হাঁহি হাঁহি সুধিছিল, “তোমাৰ বৌৱে ফোন কৰিছিল৷ তেওঁৰ কথাবোৰ ইমান পাক লগা কিয় বাৰু?
“হয়নেকি? কি ক’লে তোমাক? ”, চাহৰ কাপটোত চুমুক দি পিয়নে দি যোৱা পেপাৰখনত চকু ফুৰাই সি ফোনটো কাণত লগাইছিল৷
“বিয়াখনলৈ আগবাঢ়িবলৈ কৈছে৷ নহলে তোমালোকৰ দৰে মানুহৰ ওপৰত হেনো বহুত ছোৱালীৰ চকু”৷
“হাঃ হাঃ হাঃ৷ প্ৰথমবাৰতে ইমানবোৰ কথা পাতিলেনে? ”, তাৰ স্বভাৱসুলভ খোলা হাঁহিটো অন্বেষালৈ এৰি পঠিয়ালে৷
আচৰিত হ’ল সি৷ আচৰিত হোৱাৰ কথাই৷ অন্বেষা অত্যন্ত মুকলিমূৰীয়া ছোৱালী বুলিহে৷ আন ছোৱালী হোৱা হ’লে তাৰ পিছত চোৰাংচোৱা লগাই দিলেহেঁতেন৷
পুলিচৰ পিছত পুলিচ৷ কথাটো সি বৰকৈ উপভোগ কৰিলে৷ উচ্চশিক্ষিতা বৌৱেকৰ অল্পশিক্ষিত কথাবোৰত সি বৰকৈ আমোদ পালে৷
“বাৰু সেইবোৰ কথা বাদ৷ এই ঈশানীজনী সেইদিনা মোৰ ওচৰলৈ কিয় আহিছিল বাৰু? কিবা কেৰিয়াৰৰ কথা সুধিবলৈ অহা বুলি কৈছিল৷ কেবাদিনো হ’ল তাইক লগ পোৱা নাই মই”, সি কথাটো মনতে জুকিয়াই চালে৷ এৰা৷ সিদিনা সন্ধ্যাৰে পৰা দেখোন তাইক লগেই পোৱা নাই৷
ঠিকেইতো৷
কেবাদিনো হ’ল তাইৰ ছাঁটোকে নেদেখা৷ আগতে ক’ৰবাত হলেও তাই স্কুটিখন ৰখাই বিস্কুট নুতুবা কেডবেৰীৰ চকলেট লয়৷ অতিপাত গৰমত যেতিয়া তাইৰ পিঠি ঘামেৰে তিতি যায়, তেতিয়া তাই ট্ৰপিকানাৰ জুচৰ পেকেটত চুমুক দিয়ে৷ স্কুটিখন দেখিলেও নিজৰ নিজৰ ভাব এটাই তাৰ চৌপাশে গুণগুনাই যায়৷
সি জানে এই সম্পৰ্কৰ যিদৰে কোনো আদি নাই, সেইদৰে কোনো অন্তও নাই৷ এই এটা আধৰুৱা সম্পৰ্ক, বুকুতে উদয় হৈ বুকুতে অস্ত যোৱা অনুভৱৰ সম্পৰ্ক৷ তাতকৈ আগনাবাঢ়ে৷ আগনাবাঢ়ে বাবেই হয়তো তাৰ বলীয়া হেঁপাহ জাগে৷ পুলিচৰ খাকী পোচাকৰ মাজৰ মানুহটো সেউজ হৈ লহপহকৈ বাঢ়ি আহে৷ বাঢ়ি আহে অভিমানৰ দোকোল-টঁকা বান৷ সি নাজানে ক্ষণে ক্ষণে কাৰ প্ৰতি বাঢ়ি আহে এই অভিমান৷ নিজৰ প্ৰতি নে ঈশানীৰ প্ৰতি নে অন্বেষাৰ প্ৰতি? ওহো নহয়৷ দুয়োগৰাকীয়ে তাৰ অতি প্ৰিয় নাৰী৷ দুয়োগৰাকীৰ প্ৰতিয়ে তাৰ কোনো অভিমান নাই৷ অভিমান আছে নিজৰ প্ৰতি, অভিমান বাঢ়ি আহে তাৰ নিজৰ জীৱনৰ প্ৰতি৷ অন্বেষাতকৈ যদি ঈশানীক আগতে লগ পালেহেঁতেন, তেতিয়া কি হ’লহেঁতেন এই প্ৰশ্নই তাক জুমুৰি ধৰে৷ ঈশানীক ভাল লাগে তাৰ৷
“তাৰমানেতো এইটো নহয় যে অন্বেষা তোমাক মোৰ বেয়া লাগে”, প্ৰশ্নবোৰ নিজৰ মাজতে ৰয়৷ আনক ক’ব নোৱাৰে৷ ঈশানীৰ দৰে নৈপৰীয়া বতাহত সি কথাবোৰ উৰুৱাব নোৱাৰে, ঈশানীৰ দৰে ৰিমঝিম বৰষুণত কথাবোৰক সি জুনুককৈ নাচিবলৈ দিব নোৱাৰে৷ তাৰ ভৰিত শিকলি, ষ্টেটাচৰ প্ৰতীকৰ শিকলি৷ তাৰ পিঠিত দায়িত্ববোধৰ চাপ৷ জিলাখনৰ আইন তাৰ কান্ধত৷ পিষ্টলৰ লগত খেল খেলা মানুহৰ আকৌ কিহ’ৰ নৈপৰীয়া বতাহ, কিহ’ৰ ৰিমঝিম বৰষুণ?
ঈশানীৰ কথাবোৰ একাষৰীয়াকৈ থৈ কামবোৰ যুগুতালে সি৷ নবজাত ডিচিৰ বাংলো, এঘাৰ বজাত মিটিং, দুইবজাত অফিচ চেম্বাৰ, সন্ধ্যালৈ চহৰৰ গলিসমূহত টহল৷ ভিতৰুৱা খবৰ কিছুমান আহি আছে৷ নিজে ফিল্ডত ননমালৈকে কথাৰ সত্যতা প্ৰতিপন্ন কৰিব নোৱাৰি৷ তাৰ মাজতে ঈশানীৰ খবৰ লব পৰা হ’লে! মিচিককৈ হাঁহি এটি ওঁঠৰ মাজেৰে সৰকি যায়৷ যিমানেই ব্যস্ততা নহওক কিয়, এই নামটো তাৰ মনাকাশ জুৰি আছেই৷ কিনো কৰিব সি?
ঈশানীয়ে আইতাকৰ লগত কথাৰ মহলা মাৰি দিন পাৰ কৰিছে৷ অবিনাশৰ কথাবোৰ, সপ্তদৰ্শীৰ কথাবোৰ জোৰকৈ মনৰ পৰা আতঁৰাই থৈছে৷ যোগগুৰুৰ কথাইও তাইক আমনি কৰিছেহি৷ এবাৰ কৈ আহিব লাগিছিল তেওঁক৷ মৃত জীৱনটোক আনি বৰ সযতনেৰে জীপাল কৰি তুলিলে তেওঁ৷ বীতশ্ৰদ্ধ হৈ পৰা জীৱনটোত উদ্যমৰ ফুলপাহ ফুলি উঠিল৷ এতিয়া আকৌ লক্ষ্যৰ ফল এটাও একলা দুকলাকৈ বাঢ়ি আহিছে৷
আইতাকৰ লগৰ চুপতিবোৰ ৰাতিলৈ এৰি তাই আলিবাটত ভৰি দিলে৷ নেটকেফেত কাম আছে তাইৰ৷ নেফানেফ কৰিব লাগিব সমূহ ৱেবচাইট৷ ইপ্সিত লক্ষ্যপূৰণৰ অৰ্থে প্ৰয়োজন হোৱা তথ্যসমূহ সংগ্ৰহ কৰিবলৈ তাই কিতাপ কেইখনমানো কিনিব লাগিব৷ অবিনাশৰ কথা নাভাবো বুলি ভাবিলেও অবিনাশৰ খাকী পোচাকযোৰৰ কথাটো মনলৈ আহিল৷ বৰ দাম যে সেইযোৰ পোচাকৰ! পাৰিবনে তাই? কিমান বছৰৰ সাধনা লাগিব সেইযোৰ পোছাকৰ অধিকাৰী হ’বলৈ? তাইৰ হাতত বহুত সময়ো নাই৷ পৰিকল্পিত হ’ব লাগিব সাধনাৰ কাৰ্যপ্ৰণালী৷ আগৰ দৰে বহেমিয়ান হৈ থাকিলে নহ’ব৷ লেটাৰ ভিতৰত সোমালেহে পখিলা হৈ ওলাব পাৰিব৷
আইতাকে কৈছিল, তই ইয়াতে চাকৰি বিচাৰ৷ বিচাৰিলে কোনোৱা প্ৰাইভেট স্কুলত তাই চাকৰি পাই যাব৷ বাকীখিনি সময় নিৰালস্য সাধনাত মন লগাব পাৰিব৷ কিন্তু কিয় জানো আপোন চহৰৰ মোহত নে আন কিবা কাৰণত ইয়াত ৰৈ দিবলৈ তাইৰ একেবাৰেই মন যোৱা নাই৷ ইয়াত ৰৈ দিলে কেৰেটেৰ অনুশীলনো আধৰুৱা হৈ ৰ’ব৷ গতিকে তাই সদ্যহতে সেইটো চিন্তা পিছলৈ থ’লে৷
চাৰ্টিফিকেটখন হাতত লোৱাৰ পাছতে তাইৰ বুকুখন আকৌ গধুৰ হৈ পৰিল৷ সৰ্বভাৰতীয় পৰীক্ষাবোৰৰ বাবে তাই নিজৰ মনটো বান্ধি ৰাখিব পাৰিবনে? নে আকৌ কেতিয়াবা অতীতৰ নিঃসহায় ঈশানীজনী জাগ্ৰত হৈ ৰাতিৰ ৰাতিটো তাইক ফেনেকি থাকিব?
ওহো নহ’ব৷ সাধনাৰ এই সময়ছোৱাত তাই নিজৰ আৱেগবোৰ সঁজাত ভৰাই ভৰিৰ পথানত পেলাই থ’ব৷ অবিনাশৰ ওচৰলৈ যাব তাই৷ অবিনাশৰ পৰামৰ্শই তাইক পথ দেখুৱাব৷ তাতকৈ বেলেগকৈ ভাবিবলৈ অবিনাশক সুৰুঙা নিদিয়ে তাই৷
ঘৰমুখী বাছত উঠাৰ প্ৰস্তুতি চলিল৷ আইতাকৰ মুখখন ফুলি আহিল৷ ইটো খা, সিটো ল’কৈ আইতাকে তাইৰ বিদায়পৰ্ব সহজ কৰি তুলিলে৷ চেনেহবোৰ তাই বাটে বাটে সিঁচি আহিল৷ এই বাটত তাইৰ লক্ষ্য মুকলি হ’ল৷ এই বাটেৰে তাই সহস্ৰবাৰ ঘোঁৰা চেঁকুৰাব৷ ভাগৰ লাগিলে এই বাটত তাইৰ সোণালী ঘোঁৰা থমকি জিৰাব৷ আইতাকৰ ভৰি চুই সেৱা কৰোতে আইতাকে তাইক দাঙি ধৰিলে৷ তাইৰ চকুলোবোৰ ৰৈ নাথাকিল,
“আইতা, মোৰ হৈ নামঘৰত চাকি এগচি দিবানে? ”, থোকাথুকি মাতটি এইবাৰ কান্দোনৰ ৰূপ ল’লে৷ চকুলোবোৰ বৈ আহিল৷
পিছলৈ নোচোৱাকৈ তাই আগলৈ খোজ ল’লে৷ দৌৰিব৷ তাই কেৱল দৌৰিব৷ এতিয়া দৌৰাৰ দৰকাৰ তাইৰ৷ জানে তাই ভাগৰি পৰিব৷ ৰাতিলৈ ভৰি থমকিব৷ দৌৰাৰ কষ্টত চকুপানীবোৰে উচুপিব৷ হওক৷ হাজাৰজনৰ অজ্ঞাতে সেয়াই হওক৷ তাইজনসমাগমত সফল নায়িকা হিচাপে এনেদৰেই স্বীকৃত হওক৷ অতীতটোক আন্ধাৰ দেশৰ প্ৰহৰী সাজি তাই এনেদৰেই দৌৰক৷
“এয়া যে দৌৰাৰ যুগ ঈশানী, বেগাই দৌৰ”, কোনোবাই তাইক অহৰহ সোঁৱৰাই আছে৷
দৌৰি দৌৰি তাই বাছখন কোনোমতে ধৰিলে৷ নতুনকৈ আত্মবিশ্বাসৰ ছাঁ দিয়া গছ এজোপাৰজন্ম হ’ল……তাইৰ অজ্ঞাতেই৷
এজোপা খাকীৰঙী ফল ধৰা গছ……
উনচল্লিশতম খণ্ডঃ কুণ্ডলিনী
————————————–
দৌৰিবলৈ শিকিলে তাই৷ নকৈ জগা চেউৰীজনীৰ দৰে তাই দৌৰিবলৈ শিকিলে৷ পুৱা চাৰিবজাতে উঠি দৌৰিবলৈ আৰম্ভ কৰা ঈশানীজনী ৰাতি দুপৰলৈকে দৌৰাত্ম অৱস্থাতে থাকে৷ বন্ধ কোঠালীত প্ৰাণ পাই উঠা টেবুলখনত এক প্ৰকাৰ অত্যাচাৰ চলে৷ বলে নোৱাৰা কিতাপৰ দম, ছেদেলি ভেদেলি কাগজ-কলম, ধোঁৱা বলি থকা কাঢ়া চাহকাপত চুমুক দি তেতিয়া প্ৰত্যাহবান বিজয়ৰ আখৰা চলে৷ বহুত কেইখন ফৰ্ম পূৰাই লোৱাৰ পাছত তাইৰ এতিয়া উশাহ লবলৈকো সময় নোহোৱা হ’ল৷ তথাপি পুৱাই এবাৰ চহৰখন ঘূৰি নাহিলে তাইৰ কিবা এটা ডাঙৰ কাম থাকি যোৱা যেন অনুভৱ হয়৷
আজিও তেনেকৈয়ে তাই ৰাতিপুৱাই ৰাজপথত দৌৰিবলৈ আৰম্ভ কৰিলে৷ সেই একেই সাজ, নীলৰঙী ট্ৰেকছ্যুট, ভৰিত জোতা, পনিটেইল চুলি, ঘৰ্মাক্ত দেহা৷ তেনেকৈয়ে যোগগুৰুৰ ঘৰ পালেগৈ৷ সূৰ্য প্ৰাণায়াম কৰি দিনৰ দিনটোলৈ শক্তি গোটাই ঘৰলৈ ঘূৰি আহিল৷
ঘৰলৈ ঘূৰি আহোতে কিয় জানো এনে লাগিল, কোনোবাই যেন তাইক অনুসৰণ কৰিছে৷
পিছলৈ ঘূৰি নাচালে৷
পিছলৈ ঘূৰি চোৱাটো এতিয়া তাইৰ ধৰ্মৰ পৰিপন্থী৷ কিন্তু এনে লাগিল অহৰহ এযোৰ চকুৱে যেন তাইক নিৰীক্ষণ কৰি গৈছে৷
কাৰ হ’ব পাৰে সেইযোৰ চকু? কোন হ’ব পাৰে সেই নিৰীক্ষণকাৰী? সাহিত্য দুৱৰা?
নাভাবো বুলিও মনলৈ আহি যায় সাহিত্যৰ কথা৷ সাহিত্যই তাইৰ ঘৰৰ ঠিকনাজনা নাছিল৷ তাই থকা ঠাইখন অৱশ্যেই জানিছিল৷ কিন্তু এইখিনি ওলাবহিনে সি? কি স্বাৰ্থতনো ওলাবহি পাৰে?
শুকাবলৈ ধৰা বুকুৰ ঘাঁটুকুৰা লাহে লাহে তাই খুঁচৰিবলৈ ধৰে৷ চকুৰ আগলৈ ভাঁহি আহে, একৈশবছৰীয়া ছোৱালীজনী এজনীৰ আহত চকুহাল৷ উদং পিঠি, নগ্ন দেহা আৰু এহালি হৰিণী চকুৰ চিকাৰত তেতিয়া লক্ষযোৰ চকু৷
ইণ্টাৰনেটৰ যুগ এয়া৷ লগতে ৰুচিহীনতাৰ যুগ৷ নিত্য নতুন সামগ্ৰীয়েও মনৰ খোৰাক আনিব নোৱাৰা যুগ৷
সেয়া এক শীতল মগজুৰ পৰিকল্পনাই আছিল৷ এতিয়াহে ভাব হয় ঈশানীৰ৷ সাহিত্যৰ তাইৰ প্ৰতি বাঢ়ি অহা আসক্তি, তাইৰ ওপৰত দিনে দিনে বাঢ়ি যোৱা নিৰ্ভৰশীলতাৰ মাজততো অবিশ্বাসৰ কোনো ছাঁ নাছিল৷
কিন্তু!
হাতৰ মুঠিটান হৈ আহে ঈশানীৰ৷ বতাহজাকক গালি পাৰি উঠে, “ঐ পাগল হাৱা, কি গোন্ধ কঢ়িয়াই আনিলি পুৱাই পুৱাই? দিনটোলৈচোন অস্থিৰ হৈ ৰ’ব মোৰ পৃথিৱী৷ তই কি নাজান, সেই গোন্ধত মোৰ পেট পকাই ধৰে, উকালি আহে বাৰে বাৰে ”৷
কথাবোৰ ইমান জটিল নাছিল৷ সিহঁতক তাইৰ দৰে এজনী ছোৱালীৰ দৰকাৰ আছিল৷ গতিকে প্ৰেমৰ মায়াজালত বন্দী কৰাটো সিহঁতৰ দায়িত্ব আছিল৷ অতি আবেগিক ঈশানীৰ দৰে ছোৱালী এজনীতকৈ উজু ৰাস্তা কি হ’ব পাৰে! তাই কিয় নুবুজিলে? এদিনলৈও তাই কিয় নাজানিলে যি হাতোৰাত তাই নিজকে নিৰাপদ বুলি ভাবি এৰি দিছে, সেই হাতোৰাত তাইৰ বিক্ৰীৰ দৰদাম চলি আছে৷ কিয় এবাৰলৈও মনলৈ নাহিল তাইৰ, যিখন কান্ধত মূৰ থৈ তাই জীৱনৰ সপোন কিনিবলৈ ওলাইছিল, সেইখন আচলতে কান্ধ নাছিল, আছিল এখন কচাইৰ দোকান, যত নীৰৱে বিক্ৰী হয় চকুলো, পলিথিনৰ পেকেটত ৰৈ যায় প্ৰতিশ্ৰুতি, ক্ষণে ক্ষণে দাম কমে আবেগৰ আৰু আকাশলংঘী হয় শৰীৰৰ ভাঁজৰ দামৰ৷
সপ্তদৰ্শীৰ মবাইলত দেখিছিল সেই ভিডিও৷ প্ৰেমৰ কেঁচা সুবাসৰ চাদৰখন গাত আটি আটি বান্ধোতেই খোল খাইছিল তাইৰ কঁকালৰ তিলৰ ৰহস্য৷ কমোৱা তুলাৰ দৰে ঘূৰি ঘূৰি উৰিছিল ককাঁলৰ সেই তিল৷ হোষ্টেলৰ চুক-কোণ, কলেজৰ কেম্পাছ, নিমগছৰ তলৰ আড্ডা, আত্মীয়-স্বজনৰ পৰা আদি কৰি দেউতাকলৈকে কঁকালৰ সেই তিলটোৱে এটা বিকৃত গোন্ধ ছটিয়াই প্ৰেমৰ ফুলবোৰ মৰহাই ঘৃণাৰ বীজৰ সঁচ পেলাইছিল৷
আসঃ!
এইখিনি মনত পৰিলেই তাই সুস্থ হৈ নাথাকে৷ ঘূৰ্ণীবতাহৰ দৰে চক্ৰাকাৰে ঘূৰে মন-মগজু৷ পনিটেইল কৰি বান্ধি থোৱা চুলিবোৰ অস্থিৰ হৈ গালে মুখে শাণিত তৰোৱাল হৈ হানে৷
এনেদৰেই সিদিনাও হানিছিল বুকু৷ মাক দেউতাক, বন্ধু বান্ধৱ, কলেজৰ ছাৰ বাইদেউৰ ঘৃণামিশ্ৰিত চাৱনি আৰু অবিশ্বাসৰ জুইত দাও দাওকৈ জ্বলি উঠিছিল ঈশানীৰ তেজৰঙা চকু৷
সকলো যেতিয়া হেৰাই যায়, তেতিয়া আৰু নকৈ কিবা হেৰুওৱাৰ বাবে ভয় কৰা নাযায়৷ ঈশানীৰো হিতাহিত জ্ঞান হেৰাই গ’ল৷ দৌৰি দৌৰি হোষ্টেলৰ পৰা ওলাই গৈ সেই ঠাই পালেগৈ, পাণ্ডৱবৰ্জিত সেই ঠাই, যি ঠাইত ভৰি দিয়া মানেই বদনামৰ লগত মিতিৰালি কৰা৷
ভুলৰ উপৰি ভুল৷ এটা ভুলে সহস্ৰ ভুলৰ বাট মুকলি কৰি দিয়ে৷ সেই সময়ত শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নাথাকে৷ দুৰ্বল হৈ পৰে বিবেকৰ স্নায়ুতন্ত্ৰ৷ বদনামৰ নৈখনে বাৰুকৈয়ে চুপতি মাৰিছিল তাইৰ লগত৷ কোনোবাই যদি এখনো হাত আগবঢ়াই দিলেহেঁতেন পাৰলৈ উঠি আহিবলৈ৷
হস্পিতেলৰ বেডত তাই অকলশৰীয়া হৈ ৰ’ল৷ ঠিক অকলশৰীয়া নহয়, কপালত সিদিনাও এখন অদৃশ্য হাতৰ পৰশ আছিল৷ জ্ঞানশূন্য অৱস্থাত সেই হাতখনে আশ্বাসৰ উম দি পৃথিৱীলৈ তাইক ঘূৰাই আনিছিল৷ নহলে প্ৰচণ্ড বিষ লৈ বাৰে বাৰে জ্ঞানশূন্য হোৱা ঈশানীক কিহেটানি আনিলেহেঁতেন, তাই নাজানে৷
সেই হাতখনৰ কথা তাই মনত নেপেলায়৷ সেই হাতখনৰ গৰাকী তাই ঢুকি নোপোৱাকৈ ওখ৷ আকাশৰ দৰে ওখ, সাগৰৰ দৰে বিশাল আৰু বৰষুণজাকৰ দৰেই তেওঁৰ জিপজিপ চকুহাল৷ সেই হাতখন তাইৰ শিৰত অজানিতে ৰৈ গ’ল৷ এতিয়া নাজানে তেওঁ কত আছে৷ তেওঁ তাইক পৃথিৱীলৈ ঘূৰাই আনিছিল, ইমানখিনিতেই ৰৈ গ’ল তেওঁৰ ঠিকনা৷ দেৱসুৰী সেই পুৰুষক তাই লগ পোৱাৰ কামনা নকৰে৷ প্ৰাৰ্থনা কৰে কেতিয়াবা, তেওঁৰ দৰে মানুহবিলাক হাজাৰবছৰৰ বাবে জীয়াই থাকক৷
ভাল মানুহ আৰু আছে৷ যোগগুৰু আছে৷ যোগগুৰুৱে তাইৰ কাষে কাষে ৰৈ প্ৰতিটো খোজৰ গতি বঢ়াইছে৷
আৰু আছে অবিনাশ৷ তাইৰ জীৱনৰ জখলাডালত সি পিছফালে ঠিয় দি আগুৱাবলৈ সুবিধা কৰি দিছে৷
মনলৈ নাহিল সপ্তদৰ্শীৰ কথা৷ যিযোৰ চকুৱে তাইক নিৰীক্ষণ কৰি আছে সেই কথা তাইৰ অজ্ঞাতে ৰ’ল৷ সকলো বিয়োগাত্মক চিন্তাক যোগাত্মক কৰিবলৈ যাওতে এই শূন্যসম সংখ্যাবোৰ আওকাণ কৰিব লগা হয়৷ তায়ো তাকে কৰিলে৷
সপ্তদৰ্শীৰ কথা মনলৈ নানিলেও তাই গম পালে এইকেইদিন তাই কাৰোবাৰ নিৰীক্ষণত আছে৷
কিন্তু সেয়া চিন্তা কৰিবলৈ তাইৰ সময় নাই এতিয়া৷ ৰূমৰ কিতাপৰ দমৰ মাজত কথাবোৰ অলপ বেলেগ হৈ পৰে৷
গানিতীক বিশ্লেষণৰ বৃহৎ অংকবোৰৰ সহজ পন্থাবোৰৰ লগত যুঁজি থাকোতে অতীতৰ নিমিলা অংকবোৰ একাষৰীয়াকৈ থয়৷ বৰ বেলেগ জেদ এটাই তাইৰ মনত বাহ ললে৷ সিদিনা হাতত ডিগ্ৰী চাৰ্টিফিকেটখন লৈ যোগগুৰুক কৈ উঠিছিল তাইৰ বুকুত গজিবলৈ ধৰা সপোনটোৰ কথা৷
যোগগুৰুৰ চকুহাল সিদিনা উজ্জ্বল হৈ পৰিছিল৷ কোনোপধ্যে বুজাব নোৱাৰা ছোৱালীজনীক সিদিনা তেওঁ কৈছিল,
“ঈশানী চাকৰি এটাই তোৰ অন্তিম লক্ষ্য নহ’ব পাৰে৷ কিন্তু চাকৰিটোৱে তোৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব”৷
হয়৷ চাকৰিটোৱে তাইক অলপমান নিৰাপত্তা দিব৷ অলপমান ক্ষমতা দিব৷ তাইক নতুন এটা মাত্ৰা দিব৷ খাকীৰঙী পোছাকৰ চাকৰিটোৰ প্ৰেমত বলীয়া হৈ পৰিছে তাই৷ এই চাকৰিটো তাইক দৰকাৰ৷ তাকে কৰিবলৈ যাওতে তাই দুপৰৰ মুকলি আকাশখন নতুবা ৰাতিৰ জোনাকৰ তৰাফুলীয়া আকাশখনৰ পৰা দূৰৈত অৱস্থান কৰিব লগীয়া হৈছে৷ পূৰ্ণিমাৰ জোনগলা ৰাতিবোৰতো তাই ভূগোল-বুৰঞ্জী-বিজ্ঞান আৰু অংকৰ সূত্ৰসমূহৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে৷ নেটকেফেত বহি অগ্ৰজসকলৰ অনুশীলনৰ বিষয়ে ধাৰণা কৰিব লগা হৈছে৷
বাৰে বাৰে বুজি উঠিছে এই পথ সহজ নহয়৷ তথাপি অন্তৰাত্মাৰ দাবী, “এশখোজৰ লক্ষ্য বান্ধি ললেহে তই পঞ্চাশখোজ হলেও আগবাঢ়িব পাৰিবি৷“
এৰা, এতিয়া পঞ্চাশখোজো তাইৰ বাবে বহুত৷ যি সময়ত তাই পিছলৈ খোজ লবলৈ আৰম্ভ কৰিছিল, সেই সময়ত আগলৈ পেলোৱা এখোজৰো মূল্য আছে৷ আত্মবিশ্বাসবোৰ ঘূৰি আহিছে লাহে লাহে৷ পাৰিব তাই, পঞ্চাশখোজ কিয়, এশতকৈও বেছি খোজ আগুৱাব তাই৷
কুণ্ডলিনী নামৰ মান্যাৰ্থে নতুবা ঈশানীৰ স্বকীয়তাৰ অৰ্থে তাই পাৰিব লাগিব সেই কাম৷
ৰাতিলৈ তাই এটি সপোন দেখিলে, তাই দৌৰিছে, কেৱল দৌৰিছে৷ তাইৰ আগে আগে দৌৰিছে পাপীৰ দল৷ গিৰগিৰকৈ খহি পৰিছে পাপৰ অট্টালিকা আৰু তাই খকমককৈ সাৰ পাই বিছনাত বহি ৰৈছে৷
নাই৷ এই সপোনে তাইক শুবলৈ নিদিয়ে৷ এই সপোন বাস্তৱ নোহোৱালৈকে তাই শুব নোৱাৰে৷
লৰালৰিকৈ মুখখন ধুই তাই টেবুলত বহিল৷ ধোঁৱা বলি থকা একাপ চাহ আৰু এমোন সপোনক সংগত কৰি তাই জ্ঞানৰ ৰেৱাজ আৰম্ভ কৰিলে৷
চল্লিশতম খণ্ড ঃকুণ্ডলিনী
——————————–
“সমস্যাটো কি হৈছে তোমাৰ? বাৰে বাৰে অবিনাশৰ বিয়াৰ কথা কিয় উলিয়াই আছা? সিতো সৰু লৰা নহয়৷ অন্বেষাও সৰু ছোৱালী নহয়৷ নিজে সিদ্ধান্ত ল’ব সিঁহতে”, সপ্তদৰ্শীৰ একেটা কথাকে শুনি শুনি অংশুমানৰ মূৰ গৰম হৈ আহে৷
সি জানে এয়া অহেতুক শংকা৷ কাৰণবিহীন ভয়৷
এই শংকাত সপ্তদৰ্শীৰ নিজা পৃথিৱীখনৰো ক্ষতি হৈছে৷ তাই প্ৰাণখুলি হাঁহিব পৰা নাই৷ ভালকৈ খাব পৰা নাই৷ ভালদৰে শুব পৰা নাই৷ কিবা এক দুশ্চিন্তাত ভুগি থকা সপ্তদৰ্শীক ঘৰতে থৈ সি দূৰৈৰ কৰ্মস্থলীলৈ গুচি যায়৷ তাৰ পাছতো ফোনত এই কথাবোৰ শুনি শুনি তাৰ মূৰ গৰম হৈ আহে৷
“কি দৰকাৰণো তোমাৰ নলগা জেঙত সোমাই থাকিবলৈ? নিজক লৈ সুখী হোৱাচোন”, অংশুমানে সপ্তদৰ্শীক বুজাই বুজাই ভাগৰি পৰে৷
নিজক লৈ সুখী হব পৰা নাই সপ্তদৰ্শী৷ আচলতে নিজক লৈ কেতিয়াও সুখী নাছিল তাই৷ আগতেও সুখী নাছিল তাই৷ যেতিয়া শ্ৰেণীকোঠাৰ ভিতৰত ঈশানীৰ দপদপনি চলে, যেতিয়া খেলপথাৰত ঈশানীৰ ভৰিৰ যাদু চলে, যেতিয়া তৰ্ক প্ৰতিযোগিতাত ঈশানীৰ সবল যুক্তিত ধৰাশায়ী হৈ ৰয় প্ৰতিপক্ষ, তেতিয়াও সপ্তদৰ্শীৰ বুকু দহিছিল৷
তাইৰ বুকু দহে যেতিয়া সহসৃজনৰ চকুৰ আগত ঈশানীৰ প্ৰতিচ্ছবিয়ে ধৰা দিয়ে, যেতিয়া সপ্তদৰ্শীক অকলে লগ পাব বিচাৰি হাজাৰজনে ঈশানীৰ কথা সোধে, তেতিয়া তাইৰ বুকু দহে৷ এই দহনত অতিষ্ঠ হৈয়ে তাই ঈশানীৰ বিৰোধী শিবিৰত খোজ পেলাইছিল৷ হাত মিলাইছিল ড্ৰাগচ মাফিয়াৰ সতে৷ যদিওবা তেওঁলোকৰ লগত তাইৰ কোনো ব্যৱসায়িক লেনাদেনা নাছিল৷ তথাপি ক্ষণে ক্ষণে তাই আশংকাত ভূগে৷ সেয়া কলেজৰ দিনৰ কথা৷ কেবাবছৰো পাৰ হ’ল৷ ঈশানী নামৰ চৰিত্ৰটো তাইৰ জীৱনত সৰাপাত হৈ পৰি ৰোৱা দিনৰ কথা৷ বিয়া হৈ স্বামীৰ কৰ্মব্যস্ততাৰ মাজত নিজকে লীন নিয়াৰ কথা৷ এজন আই পি এছ অফিচাৰৰ বৌৱেক বুলি নিজকে অহংকাৰী সজোৱাৰ কথা৷
তাচপাতৰ দৰে খহিল অহংকাৰ, যিদিনা তাই দেখিলে অবিনাশৰ চকুত অতি চিনাকিভাৱে ঈশানীৰ ছবিয়ে দোলা দি আছে৷ যাক লৈ তাই বেলুনীয়া অহংকাৰত উৰি ফুৰিছে, সেইজনৰো অহংকাৰ হৈ পৰিছে ঈশানী৷ ইমানখিনিনো সহিব পাৰিনে?
নোৱাৰে৷ সপ্তদৰ্শীৰ দৰে ছোৱালীয়ে নোৱাৰে৷ পৰা হ’লেচোন সপ্তদৰ্শী আৰু ঈশানীৰ মাজত পাৰ্থক্যই নাথাকিলহেঁতেন৷
ঈশানীৰ মুখত জিলিকি ৰোৱা প্ৰত্যয়বোধ, ঈশানীৰ চকুত ধৰা দিয়া গভীৰ জীৱনবোধৰ আগত সপ্তদৰ্শীৰ দৰ্পচূৰ্ণ হৈ পৰিল৷ মৰি যোৱা গছজোপা কিদৰে এনেকৈ জী উঠিল, নিজকে হাজাৰ প্ৰশ্ন কৰিও তাই উত্তৰ নাপালে৷ তাই নাজানিলে চিকিৎসাবিজ্ঞানৰ সেই তত্ত্ব, এবাৰলৈ যদি বেক্টেৰিয়াত আক্ৰান্ত ৰোগীয়ে সেই বেক্টেৰিয়াৰ বিৰুদ্ধে নিজে নিজে প্ৰতিষেধক ব্যৱস্থা গঢ়ি লব পাৰে, তেতিয়াহ’লে যে কাহানিও আৰু সেই ৰোগত আক্ৰান্ত নহয়৷
ঈশানীৰো সেয়েই হ’ল৷ তাই হতাশাত ভুগিছিল৷ শূন্যতাত ভুগিছিল৷ ৰিক্ততাত ভুগিছিল৷ সেই হতাশাৰ বিৰুদ্ধে এই যে প্ৰতিষেধক ব্যৱস্থা গঢ় লৈ উঠিল, তাৰ পাছতে লহপহকৈ বাঢ়িছে আশাৰ পুলি৷
“নাই নোৱাৰি এনেকৈ৷ অন্বেষাক ঈশানীৰ কথাজনাব লাগিব”, দুপৰ বেলা ভাতঘূমটিকণ মাৰিব লৈয়ো সপ্তদৰ্শী উঠি বহে৷ সপ্তদৰ্শীয়ে অন্বেষাক দেখা নাই৷ নাজানে তাইৰ বিষয়ে৷ যদিওবা কেইদিনমানৰ বাবে একেখন হোষ্টেলতে আছিল, তথাপি অন্বেষা নামটো তাইৰ স্মৃতিপটৰ পৰা মচ খাই গৈছে৷ আনকি অন্বেষাৰ মানসপটত ৰৈ যোৱা ঈশানীৰ নামটোৰ বিষয়ে ঘূণাক্ষৰেও ভূ নাপায় সপ্তদৰ্শীয়ে৷ ভাগ্য ভাল তাইৰ৷ ঈশানীৰ নামটোৰ বাদে সৱ কলে অন্বেষাক৷ ক’বলৈ নাপাহৰিলে কিদৰে এই বদনামী ছোৱালীজনীয়ে অবিনাশৰ চেম্বাৰত গধূলি গধূলি পৰ দিয়েগৈ৷ ক’বলৈ নাপাহৰিলে যে অবিনাশেও সেই ছোৱালীজনীৰ বিপক্ষে একোৱেই শুনিব নিবিচাৰে৷
অন্বেষাই কথাবোৰ শুনে, দুখত অৱশ্যে ভাগি নপৰে৷ কিন্তু এটা কথাই তাইক আমনি নকৰাকৈ নাথাকিল, অবিনাশৰ মনত যদি অন্য নাৰীয়ে প্ৰৱেশ কৰিছেই, তাই অতি সহজে সেই বাট মুকলি কৰি দিব৷ মনত কোনো খোকোজা নলগাকৈ তাই সেই সিদ্ধান্ত ল’লে৷ অবিনাশৰ ভাল বান্ধৱী হিচাপে তাই সেই দাবী কৰে৷ অবিনাশে তাইক কওক কথাবিলাক৷ তাই বেজাৰ পাব বুলি অন্তত নুলুকোৱাওক কথাবোৰ৷
ডবাখেলৰ চন্তৰীটোক আগুৱাবলৈ দি অবিনাশেও একেবোৰ কথাকে ভাবি আছে৷ ডবাখেলৰ দৰেই হৈ পৰিছে তাৰ মনটো৷ এই যেন এক খোজ আগুৱালেই ৰাজকুমাৰ হেন মনটোক শত্ৰুপক্ষই বেৰি ধৰিব৷ চৌপাশে পি পিয়াই আছে শতযোৰ চকু৷ ঈশানীক লগ নোপোৱা বহু দিনেই হ’ল৷ যিমানেই দিন বাঢ়িছে সিমানেই তাৰ মনৰ যুঁজ বাগৰ বাঢ়িছে৷
অন্বেষা-ঈশানী, ঈশানী-অন্বেষাৰ মাজৰ এই চিন্তাৰ চাকনৈয়াত ডবাখেলৰ গুটিটো অবিনাশৰ হাতৰ টিপত হেঁচা খাই ঘামেৰে চপচপীয়া হৈ পৰে৷
ঈশানীক এবাৰ লগ পাবলৈ মন গৈছিল অবিনাশৰ৷ তাইৰ অন্তৰ্ধানৰ ৰহস্য সি নাজানে৷ বৌৱেকক লগ পোৱাৰে পৰা দেখোন তাইক নেদেখা হ’ল৷
“তুমি মোক ইমানলৈকে বুজি নাপালানে ঈশানী? তোমাৰ কথা কোনোবাই কিবা ক’লেই বুলি মই মানি লমনে? ”
হাতৰ মুঠিত থকা সেনাপতিৰ গুটিটো সি দূৰলৈ দলি মাৰি দিলে৷
যাম যাম বুলিও সি ঈশানীৰ যোগ-আশ্ৰমলৈ যাবলৈ সাহস কৰা নাই৷ ৰাতি ৰাতি টহল দিছে ঈশানীৰ স্কুটি দৌৰা গলিবোৰ৷ নাই তাইক লগ পোৱা নাই৷ তাই নাই৷
কেনেকৈ থাকিব তাই, তাই যে বাট সলাইছে৷ সময়সূচী সলাইছে৷ আৰু সলাইছে তাইৰ লক্ষ্য৷ সেই লক্ষ্যত কপাল দোঁৱাই তাই এবাৰ অবিনাশৰ ওচৰলৈ আহিব৷ অবিনাশৰ চকুৰ দিপ্তীত জিলিকি থকা তাইৰ লক্ষ্যটো হাতেৰে চুই চোৱাৰ খবৰটো তাই অবিনাশক দিব লাগিব৷
ৰৈ থকাৰ সকাম নাই৷ দৌৰি দৌৰি গৈ থাকে সময়৷ অথচ তাই জানে ৰৈ যোৱাৰ লক্ষ্যৰেই এই গৈ থকাৰ ব্যস্ততা৷ জীৱনে কৈ যোৱা অলিখিত কথাবোৰৰ সোঁতত বৈ যোৱাৰ মানসেৰেই এই অবিৰত যাত্ৰা৷
“ঈশানী গোস্বামী৷ শ্ব’ ইয়ৰ এডমিট কাৰ্ড”, পৰীক্ষাহলত গণিতৰ জটিল সমস্যা এটাত ডুবি থাকোতে নিৰীক্ষকজন আহি তাইৰ ওচৰত ৰৈ থকাটো তাই গমকে পোৱা নাছিল৷
তাই মূৰ তুলি চালে৷ তাৰ পাছত এডমিট কাৰ্ডখন আগবঢ়াই দি বটলটোৰ পৰা পানী এঢোক খাই ললে৷ এইটো প্ৰাৰম্ভিক পৰীক্ষাহে৷ পেপাৰখন শেষ কৰিবলৈ ইমান সময় লাগিলে কেনেকৈ হ’ব?
সহজ পৰীক্ষাতো নহয় অৱশ্যে৷ ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা এয়া৷ যদিও তাইৰ লক্ষ্য এয়া নহয়, কেৱল পৰীক্ষাভীতি কমাবলৈকে তাই এফালৰ পৰা পৰীক্ষাসমূহ দি গৈছে৷
খাকীৰঙী পোছাকযোৰত সততাৰ তৰা লগাই অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য তাইৰ৷ এই লক্ষ্যত ভৰি দিবলৈ তাই দশমশ্ৰেণীলৈকে সমূহ পাঠ্যপুথি জিভাৰ আগত ৰাখিছে৷ জিভাৰ আগত ৰাখিছে গোটেই পৃথিৱীৰ ভৌগোলিক বিষয়সমূহ৷ নখদৰ্পণত আছে অতীতৰ অলেখ বুৰঞ্জীমূলক তথ্য৷ লগতে টনকিয়াল কৰিছে আন্তৰাষ্টীয় যোগাযোগৰ ভাষা৷
নক’লেও হব তাইৰ প্ৰিয় আৰু প্ৰথম নিৰ্বাচিত বিষয় হৈছে অংক৷
জীৱনৰ মদিৰাত এটোপাল হেঁপাহৰ নিচা যোগ কৰি, ছাইৰঙী বিষাদবোৰ বিয়োগ কৰি, সাধনাবোৰ পূৰণ কৰি আৰু ফেনাল বিষবোৰ হৰণ কৰি যি বাটচৰা সাজি লৈছে বুকুৰ পৰা মগজুলৈ, সেই বাটচৰাতে তাইৰ অন্তিম লক্ষ্যই তাইলৈ ৰৈ আছে৷
পেপাৰখন লৈ তাই বাহিৰলৈ ওলাই আহিল৷ এতিয়া তাই জাপ মাৰি চিটিবাছত উঠিব৷ ভৰলুমুখৰ পৰা জালুকবাৰী পাবগৈ৷ কৃষ্ণচূড়াৰঙী নষ্টালজিয়াত ডুবাই পান কৰিব দোৰোণফুলীয়া কাহিনীবোৰ৷ সমুদ্ৰলৈ মনত পৰিল তাইৰ৷ জালুকবাৰীৰ এটা গেষ্ট হাউচৰ কোঠাত সিঁহতে যে তৰ্ক প্ৰতিযোগিতাৰ প্ৰস্তুতি চলাইছিল৷
“এই জীৱন বৈ যা…
বৈ যা খৰস্ৰোতা নৈ হৈ……
কৈ যা ৰূপালী ঘাটৰ সোণালী সাধুকথা……
কৈ যা বণিজৰ নৌকাই চৈ দি পাৰ কৰা অলেখ কুহেলিকাময় পুৱাৰ কথা ”,
চিটিবাছৰ বাবে ৰৈ ৰৈ লুইতৰ বৰ বৰ ফেৰীবোৰ চাই থাকোতে কথাবোৰ কবিতা হ’ল৷ কবিতাবোৰ বুকুৰে উজাই ওঁঠত গুঞ্জন তুলিলে…গুণগুণ …গুণগুণ ……
একচল্লিশতম খণ্ডঃ কুণ্ডলিনী
—————–
নোকোৱাকৈয়ে বহুত কথা ৰাজীৱে অন্বেষাক কৈ পেলালে৷ কৈ পেলালে মেট্ৰিকৰ দেওনা পাৰ নহওঁতেই কিদৰে এজনী ছোৱালীয়ে তাৰ বুকু খান্দি থৈছিল৷ কিদৰে সেই ছোৱালীজনীয়ে তাক অন্য কোনো নাৰীলৈকে চকু তুলি চাব নিদিলে৷ কিদৰে আজিও সি সেই ছোৱালীজনীৰ বাবে এলবাম খুঁচৰি পাৰ কৰে একাকী নিশা৷
“অন্বেষা, মোৰ কষ্টটো ক’ত জাননে? মোৰ কষ্টটো এয়ে নহয় যে তাইক মই ওচৰত নাপালো৷ বৰঞ্চ মোৰ কষ্টটো এইখিনিত যে মই চকুৰ আগত এপাহ ফুল মৰহি যোৱা দেখিলো৷ “
“মানে? তই কি ক’ব বিচাৰিছ ৰাজীৱ? খুলি কচোন৷ “
ৰাজীৱে তাইক কৈ গ’ল৷ তাইক কৈ গ’ল কিদৰে দুৰ্বৃত্তৰ আক্ৰমণত ধৰাশায়ী হৈ তাৰ প্ৰেয়সী আহি সি পঢ়ি থকা মেডিকেল কলেজৰ ৱাৰ্ডত পৰি আছিলহি৷
“তাইক মই মেট্ৰিকৰ সময়তে এৰি আহিছিলো৷ তাৰ পাছত মই কটনত নাম লগালো৷ পঢ়াৰ চাপ বাঢ়িল৷ পিছত মেডিকেল কলেজত এডমিছন ল’লো৷ তাইৰ কথা চেৰেং চেৰেংকৈ মনত পৰে তেতিয়া৷ অত্যন্ত প্ৰতিভাৱান আছিল তাই৷ তাই ধুনীয়া আছিল৷ ধুনীয়া মানে এক বহুমাত্ৰিক সুন্দৰতা৷ কথা, চাৱনি, শৰীৰি ভংগীমাই কেৱল নহয়, যোগাত্মকতাৰ এক জ্বলন্ত আৰ্হি আছিল তাই”৷
অলপ পৰ ৰৈ সি কফি দুকাপ কৰিলে৷ এটা কাপ অন্বেষালৈ আগবঢ়াই সি কৈ গ’ল, “মই তাইৰ খবৰ লৈছিলো৷ মেডিকেলত পঢ়ি থাকোতে তাইৰ কলেজৰ লৰা এজনক লগ পালো৷ সুধিছিলো তাইৰ কথা৷ সি কৈছিল ঈশানী গোস্বামীক হেনো কলেজত চিনি নোপোৱা কোনো মানুহেই নাই৷ “
“হোৱাট? কি নাম ক’লি তাইৰ? কোন কলেজৰ আছিল তাই? ”, নামটো শুনিয়েই অন্বেষাৰ চকু মেল খালে৷ চৰচৰনি খাই উঠিল তাই৷
“কি হ’ল তোৰ? ইমান আচৰিত হ’ব লগা কি হ’ল তোৰ অন্বেষা? ”
“ফটো আছেনেকি ৰাজীৱ? তাইৰ ফটো আছেনেকি তোৰ ওচৰত? আছে যদি চাওঁ দেচোন”৷
মুহূৰ্ততে যেন পট পৰিৱৰ্তন হ’ল৷ অন্বেষাৰ বুকু ভেদি অহা চকুলোৰ ঢলে তাক হতভম্ব কৰি তুলিলে৷ ইমানবোৰ কথা ক’লে সি৷ অথচ তাই ঈশানীৰ নামটো শুনোতেই কিয় এনে প্ৰতিক্ৰিয়া দেখুৱালে? কি সম্পৰ্ক আছে অন্বেষা আৰু ঈশানীৰ মাজত? গধূৰ প্ৰশ্ন এটিয়ে তাৰ চকুত দোলা দি থাকিল৷
সম্পৰ্ক আছে৷ এক অনামী সম্পৰ্ক৷ ৰেচমী সূতাৰে বন্ধা সেই সম্পৰ্ক৷ যি কোনোদিনে ছিগি নাযায়৷ বৰ ভাল লগা৷ বৰ ভাল লগা সেই সম্পৰ্কৰ নাম৷ বুকুৱে বুকু চিনা গোন্ধৰ সম্পৰ্ক৷ কায়িকভাৱে ওচৰত থাকিলেই কি সম্পৰ্কবোৰ চিনাকি হৈ থাকে? ওহো৷ তাই নামানে৷ অবিনাশৰ লগত তাইৰ স্বীকৃত সম্পৰ্ক৷ কিন্তু এই সম্পৰ্ক যেন আত্মাৰ নহয়৷
“কি হ’ল তোৰ অনি? তই কি ভাবি ৰ’লি? ”, ৰাজীৱে তাইক ধৰি জোকাৰি দিলে৷

তাই তালৈ চাই ৰ’ল৷ চকুত যেন তাইৰ এচপৰা শিল৷ বুকুৰ শিল যেন টুকুৰা টুকুৰকৈ ভাগিছে৷ কি হৈছে অন্বেষাৰ? কি আচৰিত! ৰাজীৱে নিজৰ কথা খান্দিবলৈ যাওতে তাইৰ বুৰঞ্জী পঢ়িবতো বিচৰা নাছিল৷
“ফটো আছেনেকি ৰাজীৱ? তাইৰ ফটো আছেনেকি তোৰ ওচৰত?
মৌনতাৰ প্ৰহৰকণ কোনোমতে গিলি গিলি অন্বেষাই মাত লগালে৷
“হু? আছে অন্বেষা৷ বহুত পুৰণি ফটো দুখন আছে৷ স্কুলৰ দিনৰে ফটো৷ তাৰ পাছততো তাই বহুত বেলেগ হ’ল৷ ছবছৰৰ মূৰত যেতিয়া হস্পিতেলৰ বেডত পৰি আছিল তেতিয়া তাইক বহুত বেলেগ দেখাইছিল৷ “
সি ড্ৰয়াৰৰ পৰা আলফুলে ফটো এখন উলিয়ালে৷ বগা ফুটফুটীয়া ফ্ৰক পিন্ধা কিশোৰী এজনী৷
“জাননে অন্বেষা, বৰ কষ্ট কৰি চুৰ কৰিছিলো এইখন ফটো৷ কিন্তু এতিয়া মই নাজানো অন্বেষা৷ বগা ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালীজনীৰ গালে মুখে লাগি ৰোৱা ৰঙচুৱা দাগবোৰৰ কাৰণ মই আজিও নাজানো৷ সেই কাৰণজনাৰ ঈচ্ছা নাই মোৰ৷ নুসুধিবি মোক তই সেই কথা৷ “
তাৰ কথা শুনি থাকিবলৈ অন্বেষাৰ সময় নাছিল৷ ফটোখন আজুৰি ললে৷ তাৰ পাছত চাই ৰ’ল একান্তমনে৷ হয়৷ হয়েই৷ এইজনীয়েই ঈশানী৷ যেতিয়া তাই চিলিং ফেনখনৰ মোহত পৰিছিল, যেতিয়া তাইক মানসিক বিকাৰগ্ৰস্ত বুলি ৰচীৰে বান্ধি থোৱা হৈছিল, এই ঈশানীয়েই তাইৰ হাতত হাত থৈ বন্দীত্বৰ পৰা মুকলি কৰি দিছিল৷ এক লহমাৰ পৰশ আছিল মাথোঁ সেয়া৷ আধুনিকতাৰ শিকলি ছিঙি অন্বেষাই সিদিনাই আদিম পৃথিৱীখনক ভাল পাবলৈ শিকিছিল৷
বহু দিনৰ পাছত শেষ হ’ল অন্বেষা নামৰ মানসিক ভাৰসামতা হেৰুৱাই পেলোৱা ছোৱালীজনীৰ অনাস্থাৰ ৰাতি৷ নিজক ঠিয় কৰোৱাৰ যুক্তিত কাটিল নিৰ্লজ সময়৷ নিজক ভালপোৱাৰ সপক্ষে দাঙি ধৰিব লগা অলেখ যুক্তিত জীৱন সবল হৈ পৰিল৷ নক’লেও হ’ব সেই কঠিন মুহূৰ্তবোৰত কেমেৰাটো তাইৰ কাষে কাষে ঠিয় দি ৰোৱা একান্ত সংগী৷ মানুহ, জীৱ, প্ৰকৃতি, শিশুৰ ছবিৰ মাজৰ আত্মিক আচৰণবোৰত বিচৰণ কৰি পাৰ কৰিছিল তাইৰ নিজাববীয়া অস্থিৰ সময়৷
“ক’ত আছে তাই? ক’ত আছে ঈশানী? তই জাননেকি ৰাজীৱ তাই ক’ত আছে এতিয়া? ”, উশাহ নুঘূৰোৱাকৈ তাই সুধিলে যদিও তাই জানে এই প্ৰশ্ন অনৰ্থক৷ তায়ো জানে ঈশানীক বিচাৰি নোপোৱাৰ বাবেইতো ৰাজীৱৰ আজিও এই একাকী জীৱন৷ অথচ কিছুমান প্ৰশ্ন সোধাৰ কোনো কাৰণ নাথাকে৷ দৌৰাত্ম জীৱনত হেৰাই যোৱা প্ৰশ্নোত্তৰৰ বেহিচাপী ঢঙত ক্লান্ত হৈ পৰা তমসাছন্ন তাইৰ নিশাবোৰত ঈশানী নামটো দূৰৈৰ নক্ষত্ৰ এটাৰ দৰেই ঢিমিক ঢামাককৈ জ্বলি ৰৈছে- তেতিয়াও, এতিয়াও৷
আৰু ঈশানী গোস্বামী? জটিলতাক ভাল পাবলৈ শিকা অন্য এটি প্ৰতীক তাই৷ নষ্টালজিক হৈ পৰি দোৰোণফুলীয়া কাহিনীৰ সন্ধানত জালুকবাৰী চলাথ কৰি তাই নাইট চুপাৰত উঠিছিল৷ নাইটচুপাৰৰ এজনীয়া ছিটটোত বহি খিৰিকীৰ সিপাৰৰ নীৰৱতাখিনিৰ মাজত সপোনবোৰ বিশ্লেষণ কৰি গৈ আছিল৷ তাইৰ খাকীৰঙী পোছাকত অশোক স্তমভটিৰ কাষে কাষে এটি তৰা যদি জিলিকে, কঠিন বেষ্টনীত আলফুলে সাঁচিব তাইৰ আলসুৱা মন৷ সিমানখিনিলৈকে ঠিকেই আছে৷ কিন্তু ইয়াৰ পাছত? ইয়াৰ পাছত কি কৰিব তাই? খাকী পোছাকযোৰ তাইৰ আহিলাহে, লক্ষ্য নহয়৷
চকু মুদিলেই ভাঁহি আহে এদল ঘাটকৰ নিৰ্লজ আক্ৰমণত বিলাপ জুৰা সহসৃজনী ঈশানীৰ কথা৷
“ঈশানী সেইফালে নাযাবি”, নাই৷ দেউতাকেতো তেনেকৈ বাধা দিয়া নাছিল৷
“ঈশানী ৰাতিখন ঘূৰি নুফুৰিবি”, নাই কোনোৱে তাইক তেনেকৈও কোৱা নাছিল৷
“ঈশানী, মানুহৰ চকুত চকু থৈ মূৰ দাঙি কথা নকবি”৷ ওহো৷ পৰিস্থিতিয়ে তেনেকৈও উপহাস কৰা নাছিল৷
আধুনিক নাৰী সমাজৰ অংগ আছিল তাই৷ তাইৰ সমাজত নাৰীয়ে ওৰণি নললেও চলে৷ তাইৰ সমাজত নাৰীয়ে পুৰুষৰ সমানে চকী এখনত বহিব পাৰে৷ তাইৰ সমাজত নাৰীয়ে দেশ শাসন কৰিব পাৰে৷ ইমানেই মুক্ত আছিল তাইৰ সমাজ৷
অথচ! ৷
“নাৰী হৈ নাৰীৰ নিয়ম নমনা কোন ৰমণী এয়া? ”, নষ্ট সমাজ এখনে প্ৰশ্ন তুলিছিল সেয়া৷
সেই নষ্ট সমাজখন ভস্ম কৰাৰ লক্ষ্য তাইৰ৷ যিখনত সমাজত নাৰী মানেই উপভোগৰ সামগ্ৰী, সেই সমাজখন ভস্ম কৰাৰ লক্ষ্য তাইৰ৷
“বাইদেউযোৰহাট পালোহি৷যোৰহাট৷ ”, কণ্ডাক্টৰজনৰ মাতত তাই সচকিত হৈ উঠিল৷ ঘৰ পাবলৈ বেছি দূৰ নাই৷ এতিয়াও বেলি ওলাবলৈ বাকী৷ অলপ অলপ কিনকিনিয়া বৰষুণ৷ অটো এখন পায় নে নাই ঠিক নাই বুলি তাই বেগটো লৈ নামিবলৈ সাজু হ’ল৷
তাইক নমাই বাছখনে স্পীড ল’লে৷ বৰষুণে পিছলা পিচ দিয়া ৰাস্তাত তাই খুপি খুপি গৈ থাকিল৷ এখন দুখন অটো আছিল কিন্তু ভিতৰত মানুহ থকা যেন লাগিল বাবে অটোকেইখনক তাই নুসুধিলে৷ বেছি দূৰ নহয় ঘৰলৈ৷ ৰিস্কা এখন ল’লেও হৈ যাব৷
বৰষুণজাকত তিতি তাইৰ ভালেই লাগিছিল৷ বেবেৰিবাং চিন্তা এসোপামানত মনটো গুজি তাই শৰীৰটো পুৱাৰ মলয়াজাকৰ গতিত আগবাঢ়িবলৈ এৰি দিলে৷
হঠাতে এটা অস্ফুট গেঙনিত তাইৰ ভৰি থমকিল৷ এয়া যে তাইৰ নিচেই কাষতে শুনা শব্দ৷ কোনোবাই যেন কেঁকাইছে৷ ক’ৰ পৰা আহিছে এই শব্দ৷ তাই উৎস বিচাৰি ইফালে সিফালে চালে৷ তাইৰ চকু বহল হৈ পৰিল, সৰ্বশৰীৰ বোৱাই নিলে তেজৰ শীতলে সোঁতে৷ তাই থৰথৰকৈ কঁপিবলৈ ধৰিলে৷ এয়া যে তাইৰে আন ৰূপ৷ এয়াচোন আন এজনী ঈশানী৷
চকুৰ আগত তেজেৰে ৰাঙলী এজনী কিশোৰী৷ ছায়াময় পুৱতি ৰাত্ৰি৷ ছোৱালীজনীৰ ওচৰলৈ তাই লৰ দিলে৷ ৰাস্তাৰ দাঁতিৰ কোনোবাই পেলাই থৈ যোৱা ছোৱালীজনীৰ মুখেৰে ফেন বৈ আহিছে৷ কুকুৰ এটা ৰৈ আছে ওচৰতে৷ যেন পহৰাহে দিছে৷ জীৱশ্ৰেষ্ঠ এচাম মানুহৰ কাণ্ড এয়া৷
ছোৱালীজনীক কি কৰিব তাই চিন্তা কৰি নাপালে৷ নাকত হাত দি চালে৷ উশাহ আছে৷ সোনকালেই চিকিৎসা নকৰিলে অসুবিধা হ’ব৷ কাৰোবাক খবৰ দিয়া উচিত আছিল৷ হয় হস্পিতেল, নহয় পুলিচ ষ্টেচন৷ ফোনটো থকা হ’লে! এই প্ৰথমবাৰৰ বাবে তাই ফোন এটা নোহোৱাত বৰ অসহায় অনুভৱ কৰিলে৷
তাই ৰাস্তাত ৰৈ গাড়ী এখন পায়নেকি চালে৷ নাই৷ তাই ৰখাব পৰাকৈ একো গাড়ীয়েই অহা নাই৷ ৷
এইবাৰ তাই দৌৰিবলৈ আৰম্ভ কৰিলে৷ হয় পুলিচ ষ্টেচন নহয় যোগগুৰুৰ আশ্ৰম৷ যোগগুৰুৰ ওচৰলৈ যোৱাই ঠিক হ’ব৷ তাই দৌৰি দৌৰি যোগগুৰুৰ আশ্ৰমৰ গলি ল’লে৷ তাইক আচৰিত কৰি বিপৰীত দিশৰ পৰা খৰ খোজেৰে আহি আছিল অবিনাশ৷ অবিনাশক দেখি তাইৰ বুকুৰ গধূৰ শিলছটা যেন নিমিষতে আঁতৰি গ’ল৷ কিছুমান মানুহৰ ওচৰত ইমান নিৰাপদ অনুভৱ কৰা যায়৷ অবিনাশো তাইৰ বাবে তেনে এটি সত্তা৷
“ছাৰ, ছাৰ”, ভৰিকেইখন ৰখাই তাই কোনোমতে মাত উলিয়ালে৷
তাই অবিনাশক সন্মুখত পাই যিমান আশ্বস্ত হ’ল, তাতোকৈ বেছি আচৰিত হ’ল অবিনাশ৷ ইমানদিনৰ পৰা বিচাৰি ফুৰা ছোৱালীজনী এই ব্ৰহ্মপুৱাতে তাৰ সন্মুখত উপস্থিত হৈছেহি৷ ক’ৰ পৰা আহিল তাই? ক’ত হেৰাই গৈছিল অতদিনে? এনে এশটা প্ৰশ্নত ব্যস্ত হৈ পৰা অবিনাশক তলকিব পৰাৰ আগতেই তাই হাতত ধৰিলে আৰু মূল ৰাস্তাৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলে৷ তাইৰ তেতিয়া কথা কোৱাৰ শক্তি নাই৷ যিমান সোনকালে পাৰে, সেই ঈশানীৰূপী ছোৱালীজনীৰ ওচৰ পাবগৈ লাগে৷
দৌৰি থাকোতে তাই নিজকে ক’লে,
“এনেকুৱা সহসৃজনী মুমূৰ্ষু ঈশানীক কান্ধত তুলি ল’বলৈ মোৰ কান্ধত হাজাৰজনী ঈশানীৰ সমান শক্তি থাকিব লাগিব৷ চাকৰিটো মোৰ সেই শক্তিৰ উৎস হ’ব৷ মই বাৰু প্ৰথম ২০০টাৰ ভিতৰত থাকিমনে? ২০০টাৰ ভিতৰত থাকিলেই মই সেইবোৰ গলিত ভৰি থম, যি গলিত নিতে হাজাৰ ঈশানী মৰে আৰু জী থাকে মৰি মৰি৷ ”
সেই যে প্ৰথম ২০০টাৰ মাজত থকাৰ জেদটো, সেই জেদটোত ইন্ধন জগাই গ’ল সপ্তদৰ্শীয়ে৷ যিদিনা সপ্তদৰ্শী তাইৰ ঘৰলৈ আহি তাইৰ নাকৰ সন্মুখত আঙুলি ৰাখি কৈ গ’ল,
“ঈশানী, তোৰ কথা ৰাজহুৱা কৰিবলৈ মোৰ মন নাই৷ অবিনাশৰ আশে পাশেও যদি তোক দেখা পাওঁ, মোতকৈ বেয়া কোনোৱেই নহ’ব৷ কি আছে তোৰ হা? কি আছে তোৰ? মাত্ৰ অলপীয়া ৰূপ৷ সেই ৰূপৰ লেতেৰা প্ৰতিবিম্বটো মোৰ ওচৰত আছে৷ অ’ এতিয়াও আছে৷ দৰকাৰ হ’লেই বজাৰত মেলি দিম”৷
বিৰাল্লিশতম খণ্ডঃ কুণ্ডলিনী
———————————-
পাগলামি নহৈনো কি? অলপ পাগলামি যদি নকৰিলেই জীৱনটোত, শুদ্ধতাৰ বিচাৰখন দেখোন তেনেই সেৰেকা হৈ যাব৷ জীৱনটোত অলপ নিচা দৰকাৰ৷ বাৰে বাৰে সেই নিচাত ডুবি জীৱনটোক ৰঙীন চকুৰে চোৱা দৰকাৰ৷
পিছে কি কৰিলেনো ঈশানীয়ে? কি পাগলামি কৰিলে তাই?
সেই যে সপ্তদৰ্শী আহি ওলাইছিল তাইৰ ঘৰৰ বহাকোঠা, সিদিনাৰে কথা সেয়া৷ সপ্তদৰ্শী আহি গোল গোল চকুকেইটা যিমান পাৰি ডাঙৰ কৰি তাইক আঙুলি জোঁকাৰি জোঁকাৰি ভাবুকি দি যোৱাৰ পাছতেই তাই নীলা ট্ৰাংকটো খুলি ল’লে৷ কলেজৰ এলবাম এখন উলিয়াই চালে৷ কেবাখনো ফটোত সপ্তদৰ্শী আৰু প্ৰান্তিকাৰ সৈতে সেয়া ঈশানী৷ সিহঁত তিনিওজনীচোন সদায় একেলগেই আছিল৷ এনেইনো সিহঁতকেইজনীক লগৰসোপাই ত্ৰিমূৰ্তি আখ্যা দিয়া নাছিলনে?
তাৰ পাছত তাই ফটোখন তাই স্কেনাৰত ভৰালে আৰু ফটোচপত ধুনীয়াকৈ সপ্তদৰ্শীক অকলশৰীয়াকৈ কাটি পেন ড্ৰাইভত ইমেজ ফাইলটো চেভ কৰি ল’লে৷
“এইখনৰ প্ৰিণ্ট উলিয়াম সপ্তদৰ্শী৷ তই মোৰ প্ৰেৰণাৰ প্ৰতীক হৈ উঠিছ”, ওঁঠলৈ অহা মিচিকি হাঁহিটো কোনোমতে সামৰি তাই ফটো ষ্টুডিওৰ পিনে স্কুটি পোনালে৷
সেইখনকেই ফ্ৰেমত বন্ধাই তাই অবিনাশৰ অফিচ পালেহি৷
“বহুত দিনৰ মূৰত দেখোন ঈশানী৷ হাতত কি আনিছা সেইখন? ”, বাতৰি কাকতেৰে বন্ধা হাতৰ পেকেটটোলৈ চাই অবিনাশে মাত লগালে৷
অবিনাশে তাইক খুব মৰমেৰে সম্বোধন কৰে৷ ইয়েই তাইক তেওঁৰ ব্যক্তিত্বৰ প্ৰতি মোহিত কৰি তুলিছে৷ আগতকৈ তাই অবিনাশৰ লগত বহুত মুকলিমূৰীয়াকৈ কথাও কবলৈ লৈছে৷ বিশেষকৈ সিদিনা ৰাতিপুৱা ৰাস্তাৰ কাষত পৰি থকা ছোৱালীজনীৰ ওচৰলৈ অবিনাশকটানি লৈ যোৱাৰ পৰাই তাই অবিনাশৰ সৈতে নিঃসংকোচে কথা ক’ব পৰা হৈ পৰিছে৷
অবিনাশৰ প্ৰশ্নত তাই বাতৰি কাকতৰ পেকেটটো খুলি বস্তুটো চাবলৈ বুলি আগবঢ়াই দিলে৷ ফ্ৰেমত বন্ধা ফটোখন চায়ে কপালৰ ভ্ৰু কোঁচাই অবিনাশে তাইলৈ চালে৷ এইখন দেখোন বৌৱেক সপ্তদৰ্শীৰ ফটো৷
“কি হ’ল ছাৰ, একো নকয়? ”, তেওঁৰ মুখৰ প্ৰকাশভংগী লক্ষ্য কৰি তাই সুধিলে৷
“মানে ঈশানী, মই একো বুজা নাই৷ বৌৰ ফটোখন তোমাৰ হাতত কিয়? ”
“সেইটোৱেইতো আচল ৰহস্য৷ সপ্তদৰ্শীৰ ফটোখন মই পঢ়া টেবুলত থ’ম৷ কিয় কওকচোন”৷
“বৌৰ ফটোখন তুমি টেবুলত থবা? কিন্তু কিয়? ”, এইবাৰ তেওঁ সঁচাকৈয়ে আচৰিত হোৱাৰ পাল৷
হাঁহি উঠি গ’ল তাইৰ৷ হাঁহি হাঁহিয়ে ক’লে তাই,
“জানে ছাৰ, মই যেতিয়া দিন ৰাতিৰ হিচাপ নথকাকৈ চহৰৰ অলিয়ে গলিয়ে অনাই বনাই ঘূৰি জীৱনৰ পাঠ আয়ত্ত কৰি আছিলো, তেতিয়া এই সপ্তদৰ্শীৰ এটা চাৱনিতে মই সেই পাঠবোৰ ব্যৱহাৰিক দিশত প্ৰয়োগ কৰাৰ বাবে উৎসাহিত হ’লো৷ এতিয়াও বুজা নাই আপুনি? নে ইয়াতকৈও চিম্পলকৈ ক’ম? ”
“ও কোৱাচোন৷ ভালকৈ বুজাই দিয়া”৷
ঈশানীয়ে কথা কৈ থাকিলে ভাল লাগে তাৰ৷ বাহিৰত নেদেখা সৰু ছোৱালী এজনী আছে তাইৰ বুকুত৷ সেই সৰু ছোৱালীজনীৰ সৈতে উমলি ভাল লাগে তাৰ৷ কিন্তু কিয় জানো তাৰ এনে লাগিল ঈশানীৰ বিষয়ে সি যিমান জানে, অন্বেষাৰ বিষয়ে দেখোন তাৰ আধাও নাজানে৷ অথচ অন্বেষাৰ সৈতে তাৰ জীৱনৰ এটা অধ্যায়ৰ পাতনি মেলিবলৈ গৈ আছে৷ বৌৱেকেও বিয়াখন সোনকালে পাতি পেলাব লাগে বুলি জোৰ কৰি আছে৷
অন্বেষাক সি ঈশানীৰ কথা ক’বনে? বহুতবাৰ ভাবিছে৷ পিছত বুকুতে সামৰি থৈছে, “নালাগেচোন এতিয়া৷ পিছত দৰকাৰ হ’লে ক’ম” বুলি৷
কোৱা নহ’ল তাৰ৷ ঈশানী দৌৰি দৌৰি বহুত দূৰ পালেগৈ৷ বহুত দূৰ৷ হায়দৰাবাদ পুলিচ ট্ৰেইনিং একাডেমীত প্ৰশিক্ষণত ব্যস্ত এতিয়া তাই৷ পুৱা উঠিয়েই পিটি, পেৰেডত ব্যস্ত হৈ পৰে৷ ডেৰশ-দুশ পুলিচ অফিচাৰৰ সতে শ্ৰেণীকোঠাত তাই আইনৰ পাঠ লয়৷ ৰাতিলৈ আহি তাই মোবাইল খুঁচৰে৷ ইণ্টাৰনেটৰ জগতত লাহে লাহে বিলীন হৈ পৰে৷ কীপেডত সাহিত্য দুৱৰাৰ নামটাইপ কৰি কৰি আঙুলি বিষায়৷ সাহিত্যক তাই বিচাৰি নাপায়৷ বিচাৰি নাপায় জীপজীপ চকুহালৰ গৰাকীক৷ কেনেকৈ পাব, তেওঁৰ যে নামেই নাজানিলে অতদিনে৷ সপ্তদৰ্শীক বিচাৰি চায়৷ সমুদ্ৰক পায়৷ বিস্তীৰ্ণাৰ সৈতেও যোগাযোগ গঢ় লৈ উঠে তাইৰ৷
মোবাইলত খুঁচৰি নাচায় যোগগুৰুৰ নাম নতুবা অবিনাশৰ নাম৷ তেওঁলোকৰ নাম বুকুতেই কঢ়িয়ায়৷ ইউ পি এচ চিৰ মূল পৰীক্ষাৰ ৰিজাল্টত তাইৰ নাম অহাৰ লগে লগেই অবিনাশে যে তাইক লৈ ব্যস্ত হৈ পৰিছিল, মনত পৰি চকুৰ কোণ বিৰিঙি উঠে তাইৰ৷
“আৰু অলপ দূৰ বাট ঈশানী৷ তুমি লক্ষ্যৰ নিচেই ওচৰত৷ এইকেইদিন কষ্ট কৰা”, মৌখিক পৰীক্ষাৰ আগে আগে অবিনাশে তাইক মাতি নিছিল৷
“এয়া মোৰ লক্ষ্য নহয় ছাৰ৷ এয়া মোৰ প্ৰত্যাহবানক জয় কৰাৰ আহিলা মাথোঁ”, তাই কৈ পেলায় আচম্বিতে৷
সেই মুহূৰ্ততে সৰু মনৰ ছোৱালীজনীৰ বুকুখন গধুৰ হৈ পৰে৷ অবিনাশে বলে নোৱাৰাকৈ গধুৰ৷ সপ্তদৰ্শীৰ কটাক্ষ চাৱনি নতুবা অতীতৰ ভ্ৰুকুটি একোৱেই লৰাব নোৱাৰাকৈ গধুৰ শিল হৈ গেঠেলা মাৰে পঁচিশবছৰীয়া বুকুখন৷
এনে মুহূ্ৰ্তত পুৰুষবোৰে কি কৰে? হয়তো আঙুলিৰ চেপাত নীৰৱে ধোঁৱা উৰুৱায় নতুবা পিয়লাত বাকে গোলাপী মদিৰা৷ নিজকপাহৰাৰ দাবীত হয়তোপাহৰিব বিচাৰে বাস্তৱৰ সূত্ৰ৷
ওহো৷ তাই সেয়া নকৰে৷ তাইপাহৰিব নিবিচাৰে বাস্তৱৰ সূত্ৰ৷ বাস্তৱৰ ৰূঢ়তাত তাই কঠোৰ হলেহে শেলুৱৈ-পিছল বাটত খোপনি পুতিব পাৰিব৷ ধোঁৱাৰ কুণ্ডলীৰ লগত সপোনবোৰ উৰি যাবলৈ নিদিয়ে তাই৷ এই সপোনৰ যে অন্য নাম কুণ্ডলিনী৷ কুণ্ডলিনীৰ দৰে বিশখন হাতেৰে অধৰ্মক দমন কৰিব তাই৷ যোগগুৰুৰো সপোন সেয়া৷ হায়দৰাবাদলৈ আহোতে যোগগুৰুৱে নিজৰ জীপখনেৰে তাইক ষ্টেচনলৈকে আগবঢ়াই দিছিল৷ মাক-দেউতাকৰ ভৰি চুই তাই আগলৈ বাট লৈছিল সিদিনা৷ জীপত বহি দেখিছিল মাকে সিদিনা কান্দিছিল৷
“কি ভাবি কান্দিছিল মায়ে? ”
নাই, তাতকৈ বেছিকৈ নাভাবে তাই৷ চকুপানী, হাঁহি, অভিমান জীৱনৰ অবিচ্ছেদ্য অংগ৷ জীৱন স্থবিৰ হৈ নাযায় সামান্য চকুপানীত৷ চলচলীয়া হৈ পৰা চকুহাল ধৰা নিদিবলৈকে তাই আকাশলৈ মূৰ তুলি চাই পঠাইছিল৷
ৰেলষ্টেচনত যোগগুৰুৰ সৈতে ট্ৰেইনৰ বাবে ৰৈ আছিল তাই৷ এইটো ৰেলষ্টেচনৰে এটা চুকত এদিন এটা সপোনে আত্মহত্যা কৰিবলৈ আহিছিল৷ নিস্তব্ধতাৰ নিনাদত বাৰে বাৰে চক খাই পৰা ঈশানীজনীক তিমিৰাছন্ন আকাশৰ পৰা পৰা সিদিনা তুলি লৈছিল যোগগুৰুৱে৷
সেয়া তিনিবছৰৰ আগৰ কথা৷ একেই পটভূমি, একেজনীয়ে মানুহ, একেই বাউলী বতাহ৷ মাথোঁঁ বেলেগ হৈ ৰৈ গ’ল সময়৷ সময়ৰ ব্যৱধানত ধ্বংসমুখী সিদ্ধান্তবোৰৰ পৰা নকৈ ঠন ধৰি উঠিল সৃষ্টিকামী সপোন৷ এই সপোন সমাজক প্ৰতিনিধিত্ব কৰাৰ সপোন৷
যোগগুৰুৱে কৈছিল তাইক,
“যদি এজনকো বাট দেখুৱাব পাৰে, তেতিয়াই সফল হৈ পৰিব এই জীৱন৷ বহুত ক্ষেত্ৰত আমি এজনকোতো আঙুলিত ধৰি ৰাস্তাটোকে পাৰ কৰি দিব নোৱাৰো”৷

তিৰাল্লিশতম খণ্ডঃ কুণ্ডলিনী
————————————–
“কি নাম তোমাৰ? ”, দহবছৰীয়া ছোৱালীজনীৰ ওচৰত ঈশানী বহি ল’লে৷
“নাজমা খাতুন”৷
“নাজমা খাতুন৷ ধুনীয়া নাম৷ কোনে দিলে নামটো? ”
“মাইয়ে দিলে”, লাজ লাজ হাঁহি নাজমাৰ ওঁঠত৷
“পিছে স্কুললৈ কিয় যোৱা নাই? ”, ঈশানী এইবাৰ নিজৰ উদ্দেশ্যলৈ আহিল৷
“ভয় লাগে৷ মাইয়ে যাবলৈ নিদিয়ে৷ ”
“ভয় লাগে? মায়ে যাবলৈ নিদিয়ে? কিয়? ”, এইবাৰ তাই মুখ ঘূৰাই নাজমাৰ মাকলৈ চালে৷
কেঁচা মাটিৰ বাৰাণ্ডাখনত হাউলি পৰা প্লাষ্টিকৰ চকী এখনত বহি লৈছিল ঈশানী৷ নাজমাৰ খীণমীন মাকজনীয়ে তেতিয়া দুৱাৰচুকত ৰৈ মলিয়ন আঁচলেৰে বাৰে বাৰে ওৰণিটানি আছিল৷ ঈশানীয়ে তাইলৈ চোৱা দেখি তাই মাত লগালে,
“ভয় লাগে বাইদেউ৷ বহুত বেয়া মানুহ আহে ইয়ালৈ৷ সৰু–ডাঙৰ একো নাচায়৷ অকলে পালেই উঠাই লৈ যাব বিচাৰে৷ কেইদিনমান আগতে নাজমাৰ লগৰ ছোৱালীজনীক নষ্ট কৰি মাৰি পেলাই থৈ গৈছিল”৷
ভমককৈ খঙটো উঠি গ’ল তাইৰ,
“কোন হয় সিঁহত? ইমান সাহস সিহঁতৰ! তোমালোকে চিনি পোৱানে নাই সিহঁতক? ”
“দুজনমানক চিনি পাওঁ বাইদেউ৷ কিন্তু নাম ক’বলৈ ভয় লাগে বাইদেউ ”৷
হায়দৰাবাদ ট্ৰেইনিং একাডেমীৰ পৰা ওলায়েই ঈশানীয়ে উজনি অসমৰ এখন জিলাত উপ-আৰক্ষী অধীক্ষকৰূপে নিযুক্ত হ’ল৷ উপায়ুক্ত মহোদয়ৰ এক গোপন আলোচনামৰ্মে ঈশানীয়ে বাহৰ পাতিলেহি চহৰৰে উপকণ্ঠ অঞ্চলৰ চাহ বাগিছা এলেকাত৷ কোনো ৰাজকীয় গাড়ী বা পুলিচ ইউনিফৰ্মত নহয়, নিতান্তই সাধাৰণ সাজত আহি তাই আগৰদিনাই চাহ বাগানৰ গেষ্ট হাউচৰ এটা ৰূম ল’লে৷ জীপখন গেষ্ট হাউচত থৈ ডিনাৰৰ পাছত তাই ৰাস্তাত খোজ থ’লে৷
নিশাটি আদৰাৰ নামত নিতাল হৈ পৰা লুঙলুঙীয়া এটি ৰাস্তা৷ দূৰৈত গাড়ী এখন-দুখন৷ দুই এক পথচাৰীয়ে হাড়িয়াৰ নিচাত টুলুং ভুটুংকৈ গান গাই গাই গৈ আছিল৷ ঈশানীক তেওঁলোকে নেদেখিলে নে নাচালে তাই বুজি নাপালে৷ চকুত পৰিবলগা বিশেষ একোৱে নাছিল দূৰৈৰ গাড়ী দুখনৰ বাদে৷
পিছদিনা পুৱাই নীলা ইউনিফৰ্ম পিন্ধা এজাক শিশুক অনুসৰণ কৰি ঈশানী ওচৰৰ স্কুলখন পালেগৈ৷ স্কুলত তেতিয়া এজাক শিশুৰ কলৰৱ, “একে একে দুই, একে দুয়ে তিনি……..”
ভাল লাগি গ’ল তাইৰ৷ দেশৰ ভৱিষ্যত এইজাক শিশু৷ এইজাক শিশুক শিক্ষাদান কৰি থকাসকল তাইৰ সন্মানৰ পাত্ৰ৷ এওঁলোকৰ বিৰুদ্ধে আহিব পৰা সামান্য ভাবুকিও তাই সহ্য নকৰিব৷ এয়া তাইৰ খাকীৰঙী পোছাকযোৰৰ শপত৷
স্কুলৰ পৰা ওলাই বস্তি এলেকাটোত ভৰি থওঁতেই তাই লগ পালে নাজমা নামৰ দহবছৰীয়া ছোৱালীজনীক৷
ছোৱালীজনীৰ চকুহালে তাইক বহুত পৰলৈ আমনি কৰি থাকিল৷ সমানে আমনি কৰি থাকিল আগৰ দিনাৰ কলা গ্লাছ লগোৱা গাড়ীকেইখনৰ ঢিমিক ঢামাক লাইটকেইটাই৷
“নাজমাহঁত স্কুললৈ নোযোৱাৰ লগত সেই গাড়ীকেইখনৰ কিবা সম্পৰ্ক আছে নেকি? আছে চাগে”, তাইৰ মনলৈ আহিল কথাটো৷
নাজমাৰ মাকে কৈছিল, ‘বাহিৰৰ পৰা আহে সিহঁত’ বুলি৷
কোন সিহঁত? চহৰৰ কোনকেইটা গলিত সিহঁতৰ অবাধ ৰাজত্ব?
গেষ্টৰূমলৈ আহি তাই চোফাত অৱশ গাটো পেলাই দিয়ে৷ এটা সময় আছিল যেতিয়া প্ৰেমৰ নামত তাইৰ হাজাৰটা উজাগৰী ৰাতি কাটিছিল, এটা সময় আছিল যেতিয়া সপোনবোৰে তাইক শুবলৈ দিয়া নাছিল, দুখ–ভাগৰেও তাইৰ বহুত ৰাতিৰটোপনি কাঢ়িছিল৷ এতিয়া তাইক এই দায়িত্ববোধে প্ৰতিনিশা সাৰে ৰাখিব৷ খাকীৰঙী পোছাকযোৰ তাই পিন্ধি ল’লে৷ হাতেৰে পোছাকযোৰৰ তৰাটো চুই চালে৷ এই তৰাৰ হাজাৰ শক্তি৷ এই তৰাৰ পোহৰেৰে পোহৰাব লাগিব চহৰৰ শ শ অন্ধকাৰ গলি৷ যি বাটত অসংখ্যজনী নাজমা থাকে, সেই বাটত তাই ঈশানী হৈ বাৰে বাৰেজনম লব৷ যোগগুৰুৰ অলেখ বাণী তাই মন মগজুত সুমুৱাই লৈছে৷ ভয় কৰিব লগাও কোনো কাৰণ নাই৷ শৰীৰত তাইৰ অদম্য শক্তি, মনত উদ্যম, লগতে যোগগুৰুৱে কেৰাটেৰ যোগেদি শিকোৱা আত্মৰক্ষাৰ কৌশল৷ আৰু কি লাগে এগৰাকী সৎপথত থকা পুলিচ অফিচাৰক? তাই সিহঁতৰ মূৰৰ ওপৰৰ ছাঁ দিয়া বৃক্ষজোপা হ’ব৷ প্ৰয়োজন হ’লে সহস্ৰ ধুমুহা মূৰ পাতি ল’ব তাই৷
হঠাতে তাইৰ ফোনটো বাজি উঠিল৷ এছ পি ত্ৰিপাঠী ছাৰৰ ফোন৷
“য়েচ, ঈশানী স্পিকিং ছাৰ৷ “
“কেন ইউ ভিজিট মি ইন মাই ৰেচিডেন্স ৰাইট নাও? ”
“য়েচ ছাৰ৷ আই এম কামিং শ্বৰ্টলি”৷
ৰ’বলৈ সময় নাছিল তাইৰ৷ টেবুলত সাজু কৰি থোৱা দুপৰৰ ভাতসাজ খাবলৈকো তাইৰ সময় নহ’ল৷ জীপত উঠি ষ্টিয়েৰিং পকালে৷ সেই যে দৌৰিবলৈ শিকিছিল দুবছৰৰ আগতে, সেই একেই গতিত এছপি বাংলো পালেগৈ৷ দাৰোৱানজনে চেল্যুট মাৰি তাইক গেইট খুলি দিলে৷
তাইৰ নতুন পষ্টিং৷ এতিয়াও বহুত নিয়ম কানুন জানিবলৈ বাকী৷ কিবা ভুল কৰিলে নেকি তাই? এছ পি ছাৰৰ বাংলোৰ বাহিৰত তাই দুইমিনিট ৰৈ দিলে৷
এছ পি ছাৰৰ ঘৰত সুউচ্চ দেৱালৰ কাষে কাষে শাৰী শাৰী দেৱদাৰু৷ তাই এৰি অহা কলেজৰ হোষ্টেলৰ পৰিবেশো এনেকুৱাই আছিল৷ হোষ্টেলৰ দেৱদাৰুকেইজোপাৰ সতে যে তাইৰ কি মিতিৰালি আছিল! তাইৰ প্ৰেমৰ সাক্ষী হৈ আৱেশত নাচি উঠা দেৱদাৰুকেইজোপাই সেমেকা সেমেকা শীতৰ শেষৰাতিবোৰত প্ৰবঞ্চনাৰ সাক্ষী হৈটোপটোপ নিয়ৰ টুকিছিল৷ সেই মুহূৰ্তত যেন তাইৰ দৰেই অপাৰগ হৈ পৰে দেৱদাৰুকেইজোপা৷ বুঢ়া ডাঙৰীয়া হৈ থম থমকৈ বহি ৰোৱা দেৱদাৰুজোপাৰ ওচৰত তাই অভিযোগ দাখিল কৰিও পাৰ নাপায়৷ নিজৰ চুলিবোৰ আজুৰি আজুৰি তাই ভাগ্যৰ সতে তুমুল ৰণত নিমগ্ন হৈ ৰোৱা খিৰিকী পাৰৰ আন্ধাৰ নিশাবোৰত দেৱদাৰুকেইজোপা তলমূৰকৈ নিৰ্বিকাৰচিত্তে ৰৈ থাকে৷ তাইৰ খং সেই সময়বোৰলৈ৷ জীৱন আগবাঢ়িব নোখোজা সেই সময়বোৰত ক্ষণে ক্ষণে পক ধৰিছিল অভিমানৰ তপত বেলি৷ সেই অভিমানৰ উত্তাপ এতিয়াও কিঞ্চিতমান ৰৈ গ’ল নেকি তাইৰ কাষত? আজিও কিয় তাই মানুহৰ সমাগমত সহজবোধ নকৰে? আজিও কিয় অফিচাৰ্চ পাৰ্টিবোৰত উদযাপন কৰিব নোৱাৰে নৈশীথ উৎসৱসমূহ? তাইৰ মাজত কুচিমুচি সোমাই আছে নেকি কিশোৰী তাইজনী? তাইৰ পৰা তাইলৈ নিৰুদ্দেশৰ যাত্ৰাত কিয় জেতুলিপকাৰ দৰে ওলমি ৰয় সংকোচৰ হাজাৰ খোজ?
ক্ৰীং ক্ৰীং……
ফোনটোৰ শব্দত তাইৰ সম্বিৎ ঘূৰি আহিল৷ ব্যস্ততাৰ ফাঁকেৰে ক’ৰ পৰা কি ভাববোৰ আহি জানো তাইক মোলান পেলাই যায়! তাই মুখখনলৈ হাঁহি এটি আনি সজীৱ হ’বলৈ চেষ্টা কৰিলে৷
এনেতে ব্যস্ত খোজেৰে এছ পি ছাৰ ওলাই আহিল৷ তাইক বাহিৰত দেখি ৰৈ দিলে৷
তাই আগবাঢ়ি আহিল, চেল্যুট দিলে৷
ত্ৰিপাঠীয়ে কিবা এটা ভাবিলে৷ তাৰ পাছত তাইলৈ চাই ক’লে, “গোস্বামী৷ আই হেভ টু ডিচকাচ এ ভেৰি আৰ্জেণ্ট মেটাৰ উইথ ইউ৷ বাট নাও আই হেভ টু লিভ৷ প্লিজ মিট মি এট ইভিনিংটাইম”৷
“অকে চাৰ৷ য়েচ চাৰ”, বুলি কৈ তাই ছাৰক বাট এৰি দিলে৷ ছাৰৰ জীপখন ওলাই যোৱাৰ লগে লগে তাই পুলিচ হেডকোৱাৰ্টাৰ পালেগৈ৷ কেবাটাও ফাইল আধৰুৱা হৈ আছে৷ ৰাতিলৈ তাইৰ কেবাটাও কাম৷ সদ্যহতে দুটা কাম কৰিবই লাগিব৷ প্ৰথমটো সেই বাগানৰ গলিটো আৰু দ্বিতীয়তে এছ পি ছাৰৰ লগত আলোচনা কৰিব লগা জৰুৰী বিষয়টো৷
সেই গলিটোলৈ তাই অকলে যাবনে? নে কাৰোবাক নিয়াটো উচিত হ’ব? নিজৰ ৰূমলৈ গৈ ড্ৰেছযোৰ খুলি তাই বিছনাখনত বাগৰি দিলে৷ বৰ ভাগৰুৱা হৈ পৰিল মনটো৷ দিনটোত এটা কামো সফল হোৱা হ’লে হয়তো অৱসাদ কমিলহেঁতেন৷ এই যেন অৱসাদ গুচাবলৈ মাকজনী আহি ওচৰত বহিব৷ কিমানদিন যে মাকৰ আঁচলৰ আপোন আপোন গোন্ধত মুখ গুজি শুই পোৱা নাই! “সৰু হৈ থকা নাই মই৷ সৰু হৈ থকা নাই মই৷ দেউতাৰ গলখেকাৰিৰে গহীন কৰি ৰখা পৰিবেশটো মাৰ আঁচলেৰে আৱৰি ৰাখিবলৈ মইতো সৰু হৈ থকা নাই৷ নিজেই নিজক তুলি নধৰিলে কোনে তুলি ধৰিব মোক? ”, নিজকে বুজাই লয় ক্ষন্তেকতে তাই৷
যোগগুৰুলৈ মনত পৰিল৷ অবিনাশলৈকো মনত পৰিল৷ অবিনাশে বিয়াৰ কথা কৈছিল৷ কৈছিল তাৰ বাকদত্তাৰ কথা৷ তাই আগ্ৰহ নেদেখুৱালে৷ অবিনাশৰ বিয়াক লৈ তাইৰ অনাগ্ৰহী মনৰ কাৰণ তাই নাজানে৷ ক’ৰবাত যেন কিবা হেৰুৱাৰ শংকা৷ অজান কিবা আশংকাত তাইৰ বুকু কঁপি উঠে৷ অবিনাশৰ বিয়াৰ পাছত তাইৰ প্ৰয়োজন হ’লেই তালৈ বুলি ফোনটো ডায়েল কৰিব পাৰিবনে?
মনটোৰ হাজাৰটা এলাগী উচুপনি৷ ব্যস্ততাবোৰৰ মাজতো হেঁচুকি হেঁচুকি এবাৰলৈ তাইৰ বুকুত বহিবলৈ নেৰে এই নিলাজ উচুপনি৷ প্ৰায়ে তাই হৈ পৰে আৰৱীয় নিশাৰ সাধুকথাবোৰৰ একো একোটা উন্মাদ চৰিত্ৰ৷ যেন পোৱাৰ মাজত নোপোৱাৰ পয়োভৰ৷ তাই জাপ মাৰি বিছনাৰ পৰা উঠি বহিল৷ তাৰপাছত বাথৰূমলৈ গৈ পানীৰ ফোৱাৰাত নিজকে বুৰাই দিলে৷
টাৱেলেৰে কঁকাললৈকে পৰা তিতা চুলিখিনি মচি মচি তাই ফোনটো দাঙি ল’লে৷ যোগগুৰুৰ লগত বহুতদিনেই কথা পতা হোৱা নাই৷
ফোনটো চাওতেহে দেখিলে, কেবাটাও অচিনাকি নাম্বাৰৰ পৰা অহা মেচেজ৷
“বেগম চাহেবা৷ যিটো ৰাস্তাত আপুনি আহিম বুলি ভাবি আছে, সেই ৰাস্তাত আপুনি ভৰি থলে চুলিৰ পৰা ভৰিৰ নখলৈকে ……………”
পিছৰটো মেচেজ চালে,
“আপোনাৰ শৰীৰটোৰ আমাৰ বজাৰত বহুত দাম৷ আন্ধাৰ গলিত নহয়, ডিস্কো থেকতহে আপোনাৰ কাম”
ঊফ!
পিছৰ মেচেজটো চালে,
“মাইচেলফ ৰাজীৱ দাস৷ ডু ইউ ৰিকগনাইজ মি ঈশানী? উই মেট ইন তৰাজান৷ “
নাঃ আৰু সময় নাই৷ তাইৰ শৰীৰটোৰ দাম নিৰ্ধাৰণ কৰা মেচেজৰ নাম্বাৰকেইটা তাই ডায়েৰীত টুকি থলে৷ তাৰ পাছত তৰাখচিত ইউনিফৰ্মযোৰ পিন্ধি তাই আন্ধাৰ গলিত গাড়ী দৌৰালে৷ ঠিকেই৷ সিহঁতবোৰ আছিল৷ আগৰাতিৰ দৰেই বন্ধ কলা গ্লাচ আৰু ঢিমিক ঢামাক লাইটেৰে তিনিখন গাড়ী তাত ৰৈ আছিল৷ গাড়ীৰ ভিতৰত কি চলি আছিল সেই খবৰ ৰখাৰ তাইৰ দৰকাৰ পৰা নাছিল৷
তাই অকলে৷ প্ৰতিপক্ষৰ তিনিখন গাড়ী৷ তাই নাজানে প্ৰতিপক্ষ কিমান শক্তিশালী৷ মাথোঁ জানে যে তায়ো দু্ৰ্বলী নহয়৷
নিজৰ জীপৰ পৰা নামি তাই ক’লা গ্লাছ লগোৱা গাড়ীখনৰ বনেটত জাপ মাৰি বহি ল’লে৷ গাড়ীখনে তাইৰ শৰীৰৰ ওজন লব নোৱাৰি অলপ দেৰিলৈ কঁপি থাকিল৷

চৌৰাল্লিশতম খণ্ডঃ কুণ্ডলিনী
—————————-
তিনিখন গাড়ীৰ মাজৰখনৰ বনেটত বহি ৰোৱাৰ লগে লগে তাইৰ দীৰ্ঘাংগী শৰীৰৰ ওজন লব নোৱাৰি গাড়ীখন কঁপি থাকিল বহু দেৰিলৈকে৷ তাই গাড়ীখনৰ ভিতৰলৈ চোৱাৰ প্ৰয়োজনবোধ নকৰিলে৷ গাড়ীৰ ভিতৰত কি চলি আছে, সেয়া চোৱাৰ আগ্ৰহ তাইৰ নাই৷ তাইৰ আগ্ৰহ মাথোঁ এটা কথাত৷ বেঠিকনাসকলক ঠিকনা দিব লাগে নতুবা বিপথে যোৱাবোৰক পথলৈ আনিব লাগে৷ এইখিনিকে কৰিবলৈ যাওঁতে যদি কোনোবাই তাইৰ পথত হেঙাৰ হয়, তেতিয়াহে তাই আইনৰ কাষ চাপিব৷ তাৰ আগলৈকে মানৱতাক সংগী কৰি আগবাঢ়িব তাই৷
এজন এজনকৈ চাৰি পাঁচজন যুৱকৰ সৈতে দুজনী ছোৱালীও নামি আহিল৷ ৰঙা চকুৰে সিহঁত যেন সাহিত্য দুৱৰাৰহে অবিকল৷ এক পলকৰ বাবে তাই অন্যমনস্ক হৈ পৰিল৷ সাহিত্য দুৱৰাৰ ৰঙা চকুহালে তাইক বহুত ৰাতি উজাগৰে ৰাখিছিল৷ তেতিয়াও তাই পণ লৈছিল সেই ৰঙা চকুহালত সেউজীয়া ৰহন সানিব বুলি৷ তাই সফল নহ’ল৷ তাত তাইৰ খেদ নাই৷ অথচ বিফল ছবিৰ বিফল নায়িকা হৈ তাই যে আন্ধাৰ গুহাত অকলে মুখ ঢাকি বহি ৰৈছিল, সেই কিশোৰী ছাঁটোৱে তাইক আজিও খেদি ফুৰে৷ যদিওবা তাই জানে তাইৰ জীৱনত সেই ঘটনাটো নোহোৱা হ’লে ওপৰলৈ যোৱাৰ প্ৰচণ্ড জেদটোৱে তাইৰ ৰাতিবোৰ উত্তাল কৰি নুতুলিলেহেঁতেন৷ সকলো কামৰে কিবা লক্ষ্য থাকে, যোগগুৰুৱে কৈছিল তাইক৷ এৰা জীৱনে তাইক দি যোৱা অভিজ্ঞতাবোৰ তাই যোগৰ ঘৰত জমা হৈ ৰ’ব৷
তাই লৰা কেইজনলৈ চালে৷
“তোমালোকৰ আই-কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্সবোৰ দেখুওৱা ”, তাই এইবাৰ মুখ ফুটালে৷
ছোৱালী দুজনী কঁপিছিল নেকি? নে নিচাসক্ত আছিল সিঁহত? কিমাননো বয়স সিহঁতৰ? খুব বেছি ওঁঠৰ৷ মোবাইল ফোন আছিল গোটেইকেইজনৰ৷ আই-কাৰ্ড নাছিল সিহঁতৰ৷ ড্ৰাইভিং লাইচেন্স? সেয়াও নাছিল৷
“গাড়ী কোনে ড্ৰাইভ কৰিছে”, তাই সুধিলে৷
তিনিওজন আগবাঢ়ি আহিল৷
“লাইচেন্স? ”
তিনিওজন তলমূৰকৈ ৰ’ল৷
“গাড়ীকেইখন কাৰ? ”, সিঁহতে ৰেজিষ্ট্ৰেচন কাৰ্ড উলিয়ালে৷
“কোন হয় ইহঁত? ”, আৰ চি পৰীক্ষা কৰি তাই সুধিলে পুনৰবাৰ৷
সিহঁত তলমূৰকৈ ৰ’ল৷
ঈশানীয়ে কাৰোবালৈ ফোন কৰিলে৷ আৰ চি তিনিখন পকেটত ভৰালে৷ লগতে সিহঁতৰ মবাইল কেইটাও হাতত ল’লে৷
“কাইলৈ সদৰ পুলিচ থানাৰ পৰা লৈ যাবা৷ গোটেইকেইজন আহিবা৷ লগতে গাড়ীৰ মালিককো মাতিছো বুলি ক’বা৷ আৰ চি কেইখন তেওঁলোকৰ হাততহে দিম৷ যোৱা এতিয়া”৷
কিবা ভাবি ঈশানী অলপ ৰ’ল৷ তাৰ পাছত ছোৱালী দুজনীলৈ চালে৷ সিহঁতৰ ইতিমধ্যে নিচা ফাটিছিল৷
সিহঁতে জানেনে সিহঁতে যি পথত ভৰি দিছে, সেয়া শুদ্ধ নে ভুল? জানেনে সিহঁতে, অসৰ্তকতাৰ ক্ষণিক মুহূৰ্তই সিহঁতলৈ কঢ়িয়াই আনিব পৰা বিপদৰ কথা?
জীৱনৰ বহু সমস্যা ক্ষন্তেকতে সমাধান কৰিব পৰা ঈশানী এইবাৰ তভক মাৰি ৰ’ল৷ ছোৱালী দুজনীয়েনো কি ভুল কৰিলে, তাকে ভাবি ৰৈছে৷ ওহো৷ শাস্তি দিব পৰাকৈ সিহঁতে একো ভুলেই কৰা নাই৷ আধুনিকতাৰ দোহাই দি সিহঁতে সাজপাৰ কৰিছে, নিচাত ডুব গৈছে নতুবা বন্ধুৰ লগত সময় পাৰ কৰিছে৷ সিমানেইতো? ইয়াত চিন্তা কৰিব লগা কি আছে?
কিন্তু তাইৰ মনলৈ চিন্তা এটা আহি থাকিল৷ আধুনিক সিহঁতৰ সাজপাৰ নতুবা জীৱনশৈলী৷ কিন্তু সিহঁতৰ মানসিকতা আধুনিক নহবও পাৰে৷ তদুপৰি আধুনিক মানেই যুক্তিসংগত নহবও পাৰে৷ সমুদ্ৰৰ আইতাকে কৈছিল সেই কথা, “তোৰ চহৰৰ কেক-চাওমিন খোৱাতকৈ মোৰ গাঁৱৰ কচু-ঢেকীয়াই ভাল মাজনী”৷ , তেতিয়াই তাই ভাবিছিল, আধুনিকতা মানেই যুক্তিসংগত নহয়৷
“কি নাম তোমালোকৰ? ক’ত থাকা? ”
ছোৱালী দুজনীয়ে নিজৰ নিজৰ নাম ক’লে৷ হোষ্টেলত থাকে দুয়োজনী৷
“মোৰ লগত থানালৈ যাবা? ”
দুয়োজনী কন্দনামুৱা হ’ল৷ তাইৰ অস্বস্তি লাগিল৷ থানালৈ গলেই যেন সিহঁতৰ গাত চেকা লাগি যাব৷
“চিন্তা কৰিব নালাগে৷ মই মাত্ৰ তোমালোকৰ লগত কথাহে পাতিম৷ তাৰপাছত হোষ্টেলত থৈ আহিম৷
লৰাকেইজন গ’লগৈ৷ মোবাইল ফোন কেইটাৰ কাৰণে থেৰোগেৰো কৰিছিল৷ তাই কথা নাপাতিলে, মাথোঁ ক’লে, “বাৰঘণ্টাৰ পাছত পাই যাবা তোমালোকৰ ফোন ”৷
ছোৱালী দুজনীক হোষ্টেলত থৈ তাই এছ পি ছাৰৰ বাংলো পাইছিল মানে ৰাতি এঘাৰ বাজিছিল৷ তেতিয়ালৈকে তাইৰ বাবে বিস্ময় নে আশ্চৰ্য ৰৈ আছিল তাই নাজানে৷ এছ পি ছাৰক মাথোঁ ক’লে, “ছাৰ মই অলপ ভাবি লওঁ৷ ইমান সোনকালে এই ঠাই এৰি যাবলৈ মন নাছিল ছাৰ৷ অলপ দিনলৈ থাকিব বিচাৰো ইয়াতে৷ কেবাটাও কাম হাতত লৈছো”৷
এছ পি ছাৰৰ ঘৰৰ পৰা ওলাই তাই ৰূম নাপালেহি৷ পুনৰ জীপ ঘূৰালে অনিৰ্দিষ্ট দিশলৈ৷ জীপখন লৈ যেনিয়ে তেনিয়ে পাক মাৰি থাকোতেই অবিনাশৰ ফোন আহিল৷ ঘড়ীটোলৈ চালে, বাৰ বাজি দহ মিনিট পাৰ হৈ গৈছে তেতিয়া৷
অবিনাশৰ কণ্ঠত তেতিয়া শতযুগৰ মলিনতা৷ তাই অলপকৈ চক খাই উঠিল৷ কি বা হ’ল অবিনাশৰ?
“ক’ত আছা ঈশানী? ”
“মই বাহিৰত আছো ছাৰ”৷
“মই জানিছিলো তুমি বাহিৰতে আছা এতিয়াও৷ কি হৈছে কোৱা৷ “
“নাই ছাৰ, একোৱেতো হোৱা নাই৷ দিনটো অত্যধিক পৰিশ্ৰম৷ অলপ ৰিলেক্স হবলৈ ওলাই আহিছো৷ ডিচিছন এটা লব লাগে৷ লব পৰা নাই”, তাই কৈ গ’ল৷
“কি ডিচিছন ল’ব পৰা নাই ঈশানী৷ “, অবিনাশৰ কণ্ঠত জড়তা৷
“হোম মিনিষ্টাৰ ছাৰে এটাটাস্ক ফৰ্চ গঠন কৰিবলৈ নিৰ্দেশ দিছে৷ আমাৰ এছ পি ছাৰে মোৰ নামটো ৰেফাৰ কৰিব বিচাৰিছে৷ মই ছাৰৰ ঘৰৰ পৰা এইমাত্ৰ সেই কথাটো পাতিয়ে ওলাই আহিছো৷ মনটো ঠিক লগা নাই৷ “
“এই আঁকৰীজনী৷ মন বেয়া কৰিবলগা কি আছে৷ তোমাৰ নাম ৰেফাৰ কৰিছে৷ ভালহে কথা৷ যোৱা ঘৰলৈ যোৱা৷ কিবা খালানে তুমি? “, অবিনাশ যেন অলপ প্ৰতিভ হৈ উঠিল এইবাৰ৷
বুকুখন ঢককৈ গ’ল তাইৰ৷ যিমান ভোকত থাকিলেও কোনেও তাইক নোসোধে কি খাইছা বুলি৷ অবিনাশে কি অধিকাৰত তাইক এনেকৈ আৱৰি থ’ব বিচাৰে তাই নাজানে৷ কিছুমান সম্পৰ্কৰ নাম নাথাকে৷ কিছুমান সম্পৰ্কৰ লক্ষ্য নাথাকে, অথচ গতি থাকে৷ বৈ থাকে সিৰাই সিৰাই৷
“নাইখোৱা ছাৰ৷ টেবুলত ৰেডি হৈ আছে চাগে৷ খামগৈ”, কৈয়ে তাইৰ এনে লাগিল যেন এতিয়া অবিনাশৰ হাতত গিলাচ আৰু ভিতৰত এবুকু বিষাদ৷
বুকুখন আকৌ মোচৰ খাই উঠিল তাইৰ৷ “কি সোণ, কি কষ্ট তোমাৰ”, বুলি সুধিব নোৱাৰাকৈ বোবা হৈ পৰে তাই৷
“ছাৰ কথা এটা সোধো নে? ”
“ও সোধা”, অবিনাশে গিলাচত চুমুক দি লাহেকৈ কৈ উঠিল৷
“আপুনি ড্ৰিংকচ কৰি আছে? ”
“বেয়া পাইছা? ”
তাই একো ন’কলে৷ বেয়া নাপায় তাই৷ নিচাত নুডুবে কোন? কাৰোবাৰ হয়তো গিলাচৰ নিচা, কাৰোবাৰ হয়তো বিষাদৰ নিচা৷
মৌনতাৰ ঘড়ী টিকটিককৈ দৌৰি যায়৷ উশাহ ৰৈ যায়৷ অনুভৱে কোবাই যায়৷ একো ক’ব নোৱাৰে তাই৷ একো সুধিবও নোৱাৰে তাই৷ অবিনাশৰ চকুহাল মনত পৰে৷ কি আছিল সেই চকুত, যাৰ দৃষ্টিৰ পোহৰে তাইক এনেদৰে বাট দেখুৱাই লৈ আহিল৷
“অন্বেষাক চিনি পোৱা নেকি ঈশানী? ”, বহুত দেৰিৰ মূৰত অবিনাশে মৌনতা ভাঙিলে৷
“অন্বেষা মানে ছাৰ? ”, তাই কোনোমতেই অন্বেষাৰ কথা মনত পেলাব নোৱাৰিলে৷
“অন্বেষা মোৰ হ’বলগীয়া পত্নীৰ নাম৷ তোমাক লগ পাব বিচাৰিছে৷ ”, অবিনাশে ক’লে৷
“মোক লগ পাব বিচাৰিছে? সপ্তদৰ্শীয়ে কিবা কৈছে চাগৈ”, ঈশানী অলপ চিন্তাত পৰিল৷
“সপ্তদৰ্শীয়ে তোমাৰ কথা আগতেই কৈছিল৷ তেতিয়াতো একো নক’লে৷ বাৰু তুমি ক’ত এতিয়া? “
“ৰূম পালোহি ছাৰ”৷
“গুড গাৰ্ল৷ যোৱা ফ্ৰেছ হোৱা”৷
সময়বোৰ বেগাই দৌৰে৷ ঈশানীও দৌৰে৷ আজি যদি নাজমাৰ স্কুল, কাইলৈ হয়তো গুৱাহাটীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অধীনত কোনো এটা বাব লগ লাগিব৷ কিন্তু আধৰুৱাকৈ এৰি নিদিয়ে কোনো কাম৷ কাইলৈকে তাই নাজমাহতঁৰ এলেকাটোত পুলিচ পহৰা দিয়াৰ ব্যৱস্থা কৰিব৷ এছ পি ছাৰক কৈছে তাই৷
সিদ্ধান্তবোৰ লব পাৰি তাই গাটো পাতল হৈ গ’ল৷ জীৱনটো বৰ মোহনীয় হৈ পৰে এনেবোৰ মুহূৰ্তত৷
“জীৱন তোৰ ঘামৰ ৰাগীত ৰাগিয়াল এই সময়৷ তোৰ নামৰ ঘাম নিসৰিছে ৰন্ধ্ৰে ৰন্ধ্ৰে৷ নিচাসক্ত হৈ পৰিছে এই আয়োজন৷ মই ক্লান্ত হোৱা নাই, ক্ষান্ত হোৱাৰো সময় নাই”, গাৰুটো বুকুত সাৱটি লৈটোপনিটোপনি আমেজবোৰটানি তাই অলসভাৱে বিছনাত পৰি ৰ’ল৷

পঞ্চলিশতম খণ্ডঃ কুণ্ডলিনী
————————–
“ঈশানীয়ে মোক লগ কৰিব নিবিচাৰে যেন লাগিছে”-ৰাজীৱৰ চেম্বাৰত সোমাই অন্বেষাই খালী চকীখনত বহি ল’লে৷
“ময়ো মেচেজ কৰিছিলো, ৰিপ্লাই কৰা নাই”-ৰাজীৱে তাইলৈ চাই ক’লে৷
“তাই আগৰ দৰে হৈ থকা নাই বুইছ ৰাজীৱ? আইপিএছ হয় তাই৷ আমাক পাত্তা নিদিলেও চলিব৷ কিন্তু আচৰিত কথা কি জাননে? ”
“কি? ”
“সপ্তদৰ্শী বৌৱে কৈছিল মোক, অবিনাশৰ সতে ঈশানীৰ খুব ক্লজ ৰিলেচন, যিটো মই নিজেও ফীল কৰো৷ ”
“তাৰ মানে? তই কি ক’ব বিচাৰিছ? ”
“চা অবিনাশৰ লগত মোৰ সম্পৰ্কটোৱে এটা স্বীকৃত নাম পাবলৈ গৈ আছে৷ অথচ তাৰ লগত মোৰ যেন কিবা ফৰ্মেল ৰিলেচনহে৷ অন্তত বান্ধৱী হিচাপেও মই তাৰ মনৰ কথাবোৰ জানিবলৈ বিচাৰো৷ কিন্তু অবিনাশে তাইৰ বিষয়ে মোক একো ক’ব নিবিচাৰে৷ ”
“তই কি ভাব? ”
“বেয়াকৈতো নাভাবো৷ কিন্তু কিয় জানো এনে লাগে আমাৰ মাজত এটা গেপ আছে৷ আগতে ভাব হৈছিল এই গেপ কৰ্মব্যস্ততাৰ৷ এতিয়া ভাব হয় এই গেপ আন কিহবাৰহে৷ “
ৰাজীৱ মৌন হৈ ৰ’ল৷ ন-কৈ সংযোগ ঘটি যিজনী ছোৱালীৰ চকুযুৰিত সি জীৱন থাপি দিয়াৰ প্ৰস্তুতি চলাই আছে, সেই ছোৱালীজনীৰ চকুত যদি বেলেগ সপোনে ঘৰ সাজে, কেনেকৈ বুজাব নিজকে সি? পুনৰবাৰ জীৱনটোক সময়ৰ সোঁতত এৰি দিব পাৰিবনে সি?
সি দুকাপ কফী কৰিলে৷ অলপ আগতে একাপ খাইছিলহে৷ কফীৰ নিচাটো সি এৰিব নোৱাৰে৷ ডাক্টৰ হৈ বিধিসন্মত খাদ্যাভ্যাস গঢ়ি তোলাৰ পাছতো সি দিনটোত কেইবাৰ কফীৰ কাপ হাতত তুলি লয় তাৰ হিচাপ নাই৷ বিপৰীতে কি লা্ভ হয় তাৰ? ডিহাইড্ৰেচনত ভূগে সি৷ তথাপি তাৰ মগজুৰ এড্ৰিনেল গ্ৰন্থি উত্তেজিত কৰি চিন্তাৰ সুঁতিত গতি আনিবলৈকে সি হাতত তুলি লয় ধোঁৱা বলি থকা কফীৰ কাপ৷
“মই মানি ল’ম৷ ঈশানীৰ ভালৰ বাবে হাজাৰবাৰ মই মোৰ ত্যাগ মানি ল’ম৷ প্ৰেমৰ আন নাম ত্যাগ, মই নাজানোনে সেই সাধাৰণ সূত্ৰ? ”, ৰাজীৱ আত্মকথনত ব্যস্ত হৈ পৰিল৷ চকীখনত গাটো পেলাই সি চকুমুদি ৰ’ল কিছুপৰ৷
“ৰাজীৱ”৷
“ওম”
“কি ভাবিছ? ”
“ভাবিছো তোৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়৷ ”
“মোৰ একো সমস্যায়েই নাই৷ সমস্যাটো অবিনাশক লৈহে৷ অঁকৰাটোৱে মুখ ফুটাই একো ক’ব নিবিচাৰে৷ যেন সি আঁতৰি গলে মই কষ্টহে পাম৷ সি যে মোক আজিলৈকে বুজিয়েই নাপালে”৷
“অবিনাশ আঁতৰি গ’লে তোৰ একোৱেই কষ্ট নহব অনি? ”
“ওহো নহয়৷ তাৰ ভালৰ বাবে সি যদি আঁতৰি যায় মোৰ একোৱেই আপত্তি নাথাকিব৷ ”
“আচৰিত তহঁতৰ ৰিলেচন৷ ”, ৰাজীৱে আচৰিত হৈ তাইৰ ফালে চাই ৰয়৷
“জীৱনটোৱেই আচৰিত ৰাজীৱ৷ বুজা নুবুজাৰ মাজত ৰৈ যায় বহুতো প্ৰশ্ন”, হঠাতে যেন অন্বেষা অন্যমনস্ক হৈ ৰ’ল৷
——-
অপৰাধ অনুসন্ধান শাখাৰ উপ আৰক্ষী অধীক্ষক হিচাপে গুৱাহাটীস্থিত কাৰ্য্যালয়ত যোগদান কৰাৰ পৰাই ঈশানীৰ ব্যস্ততা বাঢ়িছে৷ জীপৰ পৰা নামি খৰখোজেৰে ঈশানী গৃহমন্ত্ৰীৰ কাৰ্য্যালয়কক্ষ পালেগৈ৷
নতুন পদত যোগ দিয়াৰ পাছতেই গৃহমন্ত্ৰীয়ে তাইক কৈছিল,
“ঈশানী তোমাক অত্যন্ত সাহসী হিচাপে এই দায়িত্ব দিয়া হৈছে৷ তুমি যিকোনো সময়ত যিকোনো পৰিবেশত কাম কৰিব লগা হ’ব পাৰে৷ সাজু আছানে তুমি? ”
সিদিনা “য়েচ মেডাম” বুলি চেল্যুট মাৰি সন্মতি প্ৰদান কৰিছিল ঈশানীয়ে৷
আজি তাইৰ লগত বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক, লগতে পূব-পশ্চিম আৰু মধ্য জিলাৰ তিনিজনকৈ উপ আৰক্ষী অধীক্ষক৷ মহানগৰীৰ আৰক্ষী সচিবপ্ৰধানৰ পৰা আৰম্ভ কৰি আৰক্ষী আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক লৈটাস্ক ফৰ্চৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ কথা গৃহমন্ত্ৰীৰ৷ স্মাগলিঙ, মানৱ সৰবৰাহ, শিশু অপহৰণ ইত্যাদি কেবাটাও কামৰ আয়ত্তত থকাটাস্ক ফৰ্চটোক বিশেষ ভাৱে শক্তি প্ৰদান কৰিছে গৃহ বিভাগে৷
“ঈশানী গোস্বামী টেক ইয়ৰ ছিট৷ ”, আয়ুক্তই মাত লগালে৷
“থেংকিউ ছাৰ”, ইশানী বহিল৷
“প্ৰগ্ৰেছ কেনেকুৱা৷ ষ্টাৰ্ট কৰা”, গৃহমন্ত্ৰীয়ে ঈশানীলৈ চাই ইংগিত দিলে৷
সুবিশাল সভাকক্ষৰ ঘূৰণীয়া মেজৰ কাষে কাষেটাস্ক ফৰ্চৰ সমূহ সদস্য৷
গৃহমন্ত্ৰীৰ দুইকাষে মহানগৰীৰ আৰক্ষী সচিবপ্ৰধানৰ পৰা আৰম্ভ কৰি আৰক্ষী আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল৷
ঈশানীয়ে পেনড্ৰাইভটো লেপটপত ভৰাই ললে৷ তাৰ পাছত মেপলৈ গৈ টুকি লোৱা জিপিএছ বিন্দু কেইটামান ক্লিক কৰিলে৷
“মেডাম, এইখিনি সেইখিনি সন্দেহযুক্ত ঠাইৰ ভোগোলিক অৱস্থান যিহৰ ওচৰত হস্পিতেল, ফাৰ্মেচী নথকাৰ পাছতো অত্যধিক পৰিমাণৰ চিৰিঞ্জ, টেবলেটৰ ষ্ট্ৰিপ পোৱা গৈছিল৷ তদুপৰি এইকেইটা মানৱবৰ্জিত এলেকাত দিনটোৰ নিৰ্দিষ্ট এক সময়ত খুব অস্বাভাৱিক ৰূপত ভিৰ বাঢ়ি যায়”৷
এইবাৰ তাই মেমৰী কাৰ্ডখনৰ পৰা ফাইল এটা কপি কৰি প্ৰজেক্টৰত দেখুৱালে৷
“ছাৰ, এইখিনি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা ফোন নাম্বাৰ৷ যোৱা এসপ্তাহৰ এওঁলোকৰ কল ৰেকৰ্ড চেক কৰা হৈছে৷ লোকেচন আৰু ‘টাইম এণ্ড ডিউৰেচন অৱ কল’ দুয়োটাই অস্বাভাবিক হোৱালৈ চাই কেইটামান ফোনকল ৰেকৰ্ড কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ”
কথাখিনি কৈ তাই গৃহমন্ত্ৰীলৈ চালে৷ আৰক্ষী আয়ুক্তজনে তাইলৈ বিমুগ্ধ নয়নেৰে চাই ৰৈছিল৷
ক্ষন্তেকতে তাইৰ মনটো উৰা মাৰিলে অবিনাশলৈ৷
“তোমাৰ ব্যক্তিত্ব, তোমাৰ শৰীৰি ভংগীমা, তোমাৰ কথনশৈলী- এই প্ৰতিটোকে লৈ মই বৰ শংকিত হৈ থাকো ঈশানী”, কোনোবা আবেগিক মুহূৰ্তত অবিনাশৰ কণ্ঠ নিগৰি ইথাৰসংকেতৰ যোগেদি ঈশানীৰ কাণত পৰিছিল সেই কথা৷ শিল পৰা কপৌৰ দৰে আচৰণ কৰে তাই তেনেবোৰ মুহূৰ্তত৷ অথচ জানিবলৈ নিদিয়ে অবিনাশক তাই৷ বুজিও নুবুজাৰ ভাও ধৰি তাই ভাবে, “কিমান আপোনত্বত জাগে এই শংকাবোধ অবিনাশ? তুমি নামৰ ছাতিটোৰ তলত প্ৰখৰ ৰ’দ নতুবা শিল বৰষুণজাকৰ পৰা নিজক বচোৱাৰ সময়তো তোমাৰ এই অহেতুক শংকাবোধে মোক উতলা কৰি যায়৷ কিয় জানানে? আপোন গোন্ধৰে ভৰা যে তোমাৰ পৰা মোলৈ দীঘল বাটচৰা৷ যি বাটৰ কোনো লক্ষ্য নাই”৷
“ঈশানী গোস্বামী”, হোমমিনিষ্টাৰৰ গহীন কণ্ঠ৷
“হয় মেডাম”, সষ্টম হৈ উঠিল তাই৷
“মিটিঙৰ শেষত মোক লগ কৰিবা৷ ”
“ঠিক আছে মেডাম৷ ”
কেবাজনো এছ পি, এ এছ পিৰে ভৰি থকা কনফাৰেন্স হলটোত ঈশানীৰ নামটো প্ৰতিধ্বনিত হৈ ৰ’ল৷ মিটিঙৰ শেষত তাই ৰৈ দিলে৷ ৰৈ দিয়াতো তাইৰ কৰ্তব্য৷ গৃহমন্ত্ৰী মহোদয়াৰ অফিচ চেম্বাৰত তাই বহি থাকোতে চাইলেণ্ট হৈ থকা মবাইলটো খুঁচৰি চালে৷ দেখিলে সমু্দ্ৰৰ পৰা তিনিটামান মিছকল৷
গৃহ মন্ত্ৰালয়ৰ পৰা ওলায়েই তাই সমু্দ্ৰৰ ফোন নাম্বাৰ ডায়েল কৰিলে৷
“হেল্লো সমু্দ্ৰ৷ জাষ্ট ৱেইট ফৰ ফাইভ মিনিটচ৷ আই এম কামিং৷ ”
ঈশানীৰ উত্থানত আটাইতকৈ বেছি সুখী হৈছিল সমুদ্ৰ৷ তাইক দেখিয়েই সি হাতখন আগবঢ়াই দিলে৷ তাই সাৱটি ধৰিলে তাক৷ হুইলচেয়াৰত আহিছিল বিস্তীৰ্ণা৷ বিস্তীৰ্ণাৰ কপালত ৰঙা ফোঁট৷ ধুনীয়া তাই৷ সুখী সুখী মুখৰ আঁচলত জিৰাব তাইৰ মৰমৰ বন্ধু সমুদ্ৰ৷ হিয়া উজাৰি শুভেচ্ছা দিলে তাই৷
“শুন ঈশানী৷ অন্বেষাবাই তোক লগ পাব বিচাৰিছিল৷ ”
“অন্বেষাবা? কাৰ কথা কৈছ সমুদ্ৰ? ”
“তইপাহৰিলি নেকি? সেই যে গুৱাহাটীলৈ যাওঁতে আমি অন্বেষাবাৰ ঘৰলৈ গৈছিলো৷ এতিয়া তাই নেচনেল জাৰ্ণেল এখনত কাম কৰে৷ খুব ভাল ফটোগ্ৰাফাৰ তাই৷ বিয়া ঠিক হৈ আছে আইপিএছ এজনৰ লগত৷ ”
হঠাতে যেন ঈশানীৰ মগজুৰ ভিতৰৰ তাঁৰ দুডালহে সংযোগ ঘটি গ’ল, আচৰিতভাৱে এটা উত্তৰ পাই গ’ল তাই৷ সিদিনা অবিনাশেও কৈছিল, “অন্বেষাই তোমাক লগ পাব বিচাৰিছিল……..অন্বেষা মোৰ হ’বলগীয়া পত্নীৰ নাম৷ ”
বিজুলী চমকেৰে অতীতৰ হিচাপবোৰ মুকলি হ’ল৷ এবাৰেই মাত্ৰ ঈশানীয়ে অন্বেষাৰ হাতত নিজৰ হাতৰ উষ্ম পৰশ দিছিল৷ সেই পৰশৰ গোন্ধ বাৰু আজিলৈকে আছেনে? কিয় বাৰে বাৰে অন্বেষাবাই তাইক লগ পাব বিচৰাৰ কথা কৈ আছে?
পুনৰ ঘূৰি গ’ল তাই সেই দিনটোলৈ৷ অন্বেষাবাক লগ কৰা সেই দিনটোলৈ তাইৰ মনত পৰিল৷ সিদিনা হোষ্টেলৰ পৰা জালুকবাৰীলৈ বুলি সমুদ্ৰৰ সতে চিটিবাছৰ পৰা নামিটোপটোপ বৰষুণত মজি কৃষ্ণচূড়াজোপাত পাৰি থোৱা ৰঙীন আঁচলেৰে তাই শৰীৰ ঢাকি তাই অন্বেষাবাৰ ঘৰ ওলাইছিলগৈ৷ সিদিনা অন্বেষাবাৰ চকুত ধূসৰতা৷ যিযোৰ চকুৱে আজি হয়তো পিতপিতাই খেপিয়াই ফুৰে কেমেৰাৰে লেন্সৰ মাজেৰে জিলিকি উঠা সহস্ৰ ৰঙৰ প্ৰাচুৰ্যতা৷ ৰঙে লুকা-ভাকু খেলে, ৰঙে হাঁহি বিৰিঙায়, ৰঙবোৰ উবুৰ খাই পৰে জীৱন-সন্ধানী সত্তাৰ মাজত৷ মাথোঁ নিজক এবাৰলৈ বোৱাই নিয়াৰ দৰকাৰ৷ এবাৰলৈ জীৱনটোক সুযোগ দিয়াৰ দৰকাৰ৷ প্ৰতিটো ৰঙেই আঁকোৱালি লয় প্ৰতিটো জীৱনক৷
ঈশানীৰ চকুতো এতিয়া ৰঙৰ প্ৰাচুৰ্য৷ কষ্টৰে জীপাল কৰি তোলা এই কেনভাছত বোলাই লোৱা জীৱনৰঙী প্ৰাচু্ৰ্যত তাই দৃষ্টি থমকি ৰ’ল৷ যি প্ৰাচুৰ্যৰ ভিতৰচৰাত পুতি থোৱা আছে একাকিত্বৰ শ শ কজলা ৰাতি৷

ছয়চল্লিশতম খণ্ডঃ কুণ্ডলিনী
—————————
উগ্ৰপন্থী জৰ্জড়িত জিলাখনলৈ অবিনাশক ট্ৰেন্সফাৰ দিয়াৰ পৰাই ঈশানীৰ বুকুৰ ভিতৰত অনবৰতে এক দুশ্চিন্তাই বিৰাজ কৰি থকা হ’ল৷ অবিনাশে চিকিউৰিটি ফৰ্চ নোহোৱাকৈয়ে অকলে অকলে ঘূৰি ফুৰে, যিটো অনুকৰণ কৰিবলৈ লৈছে তায়ো৷ বহুতদিন এই কথা লৈ তাই ওপৰৱালাৰ পৰা কথাও শুনিছে৷ তাইৰ কথা বেলেগ৷ গুৱাহাটীৰ মাজমজিয়াত চাৰিওফালে পুলিচৰ মাজত তাই নিৰাপদ অনুভৱ কৰে বাবেই ৰাতি বিয়লি চিকিউৰিটি নোহোৱাকৈ অকলে অকলে ঘূৰি ফুৰাত আপত্তি নাই৷ কিন্তু অবিনাশৰ ক্ষেত্ৰত সেইটো নহয়৷ সাহসী পুলিচ অফিচাৰ হিচাপে তেওঁক যদিও সমস্যাবহুল জিলাখনৰ দায়িত্ব দিছে, কিন্তু তেওঁৰ সাহসৰ বিপৰীতে হয়তো শত্ৰুপক্ষও দুৰ্বল নহ’ব পাৰে৷ তাতে আগৰজন এছ পিক সিঁহতে হত্যা কৰাৰ সোৱাদ লৈ থোৱা আছে৷
আসঃ বুকুখন মেৰমেৰাই উঠিল৷ কিমান যে অসহায় তাই! হাজাৰজনৰ নিৰাপত্তা প্ৰদান কৰাৰ বাবে শপত লোৱা অবিনাশ নিৰাপদ নহয়, এই কথাই তাইক বিচলিত কৰি তুলিলে৷টোপনি আনিবলৈ কষ্ট হয় এনেবোৰ মুহূৰ্তত৷ অবিনাশৰ মাতষাৰ শুনিবলৈ মন গ’ল৷ কিন্তু এই মাজৰাতিখন? নাই৷ তাইৰ দুৰ্বলতাক তাই প্ৰশয় দিব নোৱাৰে৷ অন্তত অন্বেষা নামৰ নতুনকৈ গজালি ওলোৱা জীৱনটোৰ খাতিৰত তাই নিজৰ দুৰ্বলতা ঢাকি ৰাখিবই লাগিব৷
গাৰুটো সাৱটি বিছনাখনত ইকাটি সিকাটি কৰি বহুত সময় পাৰ হৈ গ’ল৷ লাহেকৈ চিলমিলকৈটোপনি আহিছিলহে৷ দুঃস্বপ্ন এটাত সাৰ পাই ধহমহাই উঠিল৷ এয়া কি দেখিলে তাই? অবিনাশ ঠিকে আছেতো? ভয়ত তাইৰ কণ্ঠ শুকাই গ’ল৷ বিছনাখনৰ কাষতে থকা টেবুলখনৰ পৰা বটলটো আনি তাই ঘোটঘোটকৈ পানী খালে৷ তাৰ পাছত তাই নামি আহি খিৰিকীখন খুলি ৰৈ থাকিল৷ হাচনাহানাৰ ৰাগিয়াল গোন্ধ এটা আহি তাইৰ নাকত লাগিলহি৷পাহাৰৰ সিপাৰে তাইৰ বুকুৰ এচপৰা বিষাদ বৰষুণ হৈ নামিছে৷ এইপাৰে তাইৰ গোমা আকাশ৷ এই যেন আকাশ ভাঙি ধুই নিব তাইৰ কজলা সপোনৰ ছাঁ৷
“অবিনাশ ভালে থাকিবা দেই৷ বেয়া সপোনবোৰ মিছা হওক৷ মোৰ প্ৰাৰ্থনাবোৰ সঁচা হওক”, কোনোদিনে আঙুলিটো চুই নোপোৱা অবিনাশৰ বহল বুকুখনত যেন তাই মূৰটো পেলাই কৈ উঠিল সেই কথা৷
পূৱে ঢলফাট মেলিলে৷ মনটো কিবা ভাল লগা নাই তাইৰ৷ কাউৰী এজনীয়ে ৰমলিয়াই গ’ল৷ কাউৰীৰ হেনো বহু ৰূপ৷ “কোনোবাদিনা যদি আলহী মাতে, কোনোবাদিনা বেয়া খবৰ আনে”, আইতাকে কৈছিল সেইদৰে৷ আজিৰ কাউৰীৰ মাতটো তাইৰ ভাল নালাগিল৷
ফোনটো বাজি উঠিল হঠাতে, অবিনাশৰ ফোন৷ মনটো নিমিষতে ভাল লাগি গ’ল তাইৰ৷ কিমানদিনৰ মূৰত যে অবিনাশে ফোন কৰিছে৷ তাকো ইমান ৰাতিপুৱাই৷ হয়তো ইয়াকে টেলিপেথি বুলি কয়৷ তথাপি তাই উচ্ছ্বসিত হোৱা যেন নেদেখুৱাই ফোন দাঙিলে,
“গুড মৰ্নিং ছাৰ৷ ”
“এই ছোৱালীজনী, ঠিকে আছানে? ”
“আছো ছাৰ”, ওঁঠৰ ফাকেৰে মিচিককৈ হাঁহি এটা ওলাই আহিল তাইৰ৷
“খুব কাম কৰিছা হেনো৷ কমিছনাৰ ছাৰ ইজ ভেৰি মাচ্ছ ইম্প্ৰেছড৷ ”, ফোনৰ সিপাৰে অবিনাশৰ কোমল মাত৷
“ইজ ইট ছাৰ? ক’ত শুনিলে? ”, তাই আচৰিত হ’ল৷
“ক’ত শুনিলো বাদ দিয়া৷ এটা কথা কোৱাচোন৷ ছিকিউৰিটি নোলোৱাকৈ কিয় ঘূৰি ফুৰা? ”
তাই মনে মনে ৰ’ল৷ তাইক লৈ শংকিত অবিনাশ, এই কথাই তাইক সদায়ে আমোদ দি আহিছে৷ অবিনাশে পুনৰবাৰ ক’লে,
“শুনা, তোমাৰ জীৱনৰ মূল্য আছে৷ তুমি এতিয়া জীৱনৰ পাঠ শিকি থকা ছোৱালীজনী নহয়৷ তুমি এতিয়া আইনৰ ৰক্ষক৷ বে-আইনী মানুহে তোমাক পদে পদে কষ্ট দিবলৈ চেষ্টা কৰি থাকিব৷ বুজি পাইছানে ছোৱালীজনী? ”
একেখিনি কথা কমিছনাৰ ছাৰেও কৈছিল৷ তাই গুৰুত্ব দিয়া নাছিল৷
ভাবিছিল, তাইৰ মাজত থকা কুণ্ডলিনী নামৰ শক্তিটোৰ কথা কমিছনাৰে নাজানে কাৰণেহে অনাহকতে চিন্তা কৰিছে বুলি৷ কিন্তু এতিয়া অবিনাশৰ কথাত তাই ভাবি ৰ’ল কিছু পৰ৷ সঁচাকৈয়ে বেপৰোৱা স্বভাৱটো সলাবৰ হ’ল৷ জীৱনে তাইক বহুত দিলে৷ তায়ো জীৱনটোক কিছু দিয়াৰ দৰকাৰ৷
খোলা খিৰিকীৰে এজাক শাৰদীয় বতাহ সোমাই তাইৰ চুলিখিনি আউল বাউল কৰি তুলিলে৷ মনটোও সমানেই অবাধ্য হৈ উঠিল৷ গোমা হৈ থকা আকাশখনৰ পৰা হুৰহুৰকৈ বৰষুণ এজাক নামি আহিল৷ তাইৰ কজলা সপোনটোও যেন হাচনাহানাৰ গোন্ধৰে ৰাগীয়াল হৈ পৰিল৷
“ছাৰ, আপুনি ভালে আছেনে? ”, এইবাৰ তাইৰ পাল প্ৰিয়পুৰুষৰ খবৰ লোৱাৰ৷
ফোনৰ সিপাৰে হাঁহি উঠিল অবিনাশ৷ তাৰ পাছত ক’লে, “দিনে ৰাতিয়ে যদি মোৰ ভালৰ নামত ভগৱানক আৰ্জি কৰি থকা যায়, মোৰনো বেয়া হ’ব পাৰেনে ইশানী? ”
লাজে চুই নিলে তাইক৷ চকু পকাই ধৰিলে দুষ্ট বতাহীক, “তয়েই হয়নে? তয়েই নিমিষতে মোৰ কথা লগালিগৈ নহয়নে? এতিয়া কচোন কত থওঁ, ক’ত লুকুৱাওঁ মোৰ আলসুৱা কলিজা৷ ”
ফোনটো কাটি দিলে তাই৷ লাজতে নে ধৰা পৰাৰ ভয়তে তাই নাজানে সেই কথা৷ তাৰ পাছত তাই বিছনাখনত বাগৰ দিলেগৈ৷ ৰাগীয়াল ৰেণুবোৰ গালে মুখে লিপিত খাই ধৰিলে৷ অলপ আগলৈকে চকুত লাগি থকা তন্দ্ৰালসা ভাগৰটো তাইৰ নাইকিয়া হৈ গ’ল৷ দিগবলয়ত যে ওলমি ৰৈছে হেঙুলীয়া সপোন, না ই তাইক শান্তিৰে শুবলৈ দিয়ে, না ই তাইক প্ৰেমৰ নিচাত উন্মাদ লবলৈ দিয়ে৷
ব্যস্ততাপূৰ্ণ সোমবাৰটি গণনা কৰি কৰি বৰ্ষণমুখৰ ৰাতিপুৱাৰ নিচাটো খেদো খেদোকৈ আছিলহে, হঠাতে মবাইলটোত গ্ৰুপ মেচেজ এটা আহি গোটেইখন খেলিমেলি কৰি পেলালে৷ দৌৰাদৌৰিকৈ উঠি ব্ৰাছডাল হাতত লৈ তাই ফোন লগালে থানাৰ অচিজনলৈ৷ তাৰ পাছত তাই ড্ৰেছ পিন্ধি জীপ দৌৰালে৷ ছিকিউৰিটিক খবৰ দিবলৈ সময় নাছিল তেতিয়া৷
হয়৷ সেয়া নিতান্তই এক দুখলগা ঘটনা আছিল৷ কৰ্মৰত অৱস্থাত এগৰাকী নাৰ্ছৰ মৃতদেহ পোৱা গৈছিল হস্পিতেলৰ আই চি ইউ সংলগ্ন কোঠাত৷ তাই গৈ পোৱাৰ আগতেই অচিৰ নিৰ্দেশত ফিংগাৰপ্ৰিণ্ট আৰু বি্ভিন্ন কোণৰপৰা ফটোবোৰ লোৱা হৈছিল৷ মৃতদেহটো পষ্টমোৰ্টেমৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰা হৈছে৷ তাই চাৰিওফালে চালে৷ সন্দেহজনক দুই এপদ বস্তু হাতত তুলি ল’লে৷ তাৰ পাছত আগৰাতিৰ চিচি কেমেৰাৰ ফুটেজসমূহ সংগ্ৰহ কৰিলে৷
গোটেই হস্পিতেলখনতে চেপা উত্তেজনা৷ ঠিক যেন গোমা আকাশখনৰ সমানে প্ৰতিযোগিতাত নামিছিল হস্পিতেল চৌহদ৷ ঈশানীৰ মনটো গধুৰ হৈ পৰিল৷ অফিচলৈ আহি টিভিটো লগাই দিলে৷ নিউজ চেনেল কেইটাত তেতিয়া নাৰ্ছগৰাকীৰ মৃতদেহৰ ছবি, বাওঁফালে তাইৰ বাউলী মাকজনী৷ ঊসঃ নোৱাৰি৷ টিভিটো বন্ধ কৰি দিলে তাই৷
থুঁতৰিত ভেঁজা দি চিলিঙলৈ চাই ৰ’ল তাই৷ কি কাৰণ হ’ব পাৰে ছোৱালীজনীৰ ৰহস্যজনক মৃত্যুৰ৷ ৰিপৰ্ট অহালৈ ৰ’ব লাগিব৷ এইবাৰ তাই নেট খুঁচৰিলে৷ ছোৱালীজনীৰ প্ৰফাইল চেক কৰিলে৷ বিয়া ঠিক হৈ থকা ছোৱালীজনীৰ ৰহস্যজনক মৃত্যুত তাই আচৰিত হ’ল৷ মৃত্যু সত্য বুলি তাই জানে৷ কিন্তু এই সত্য ইমান সহজ নে? যি ইমান শীতলভাৱে চুই যায় বুকু৷
ফোনটো বাজি উঠিল৷ কমিছনাৰ ছাৰৰ ফোন,
“ঈশানী স্পীকিং ছাৰ”, “য়েচ ছাৰ”, “য়েচ ছাৰ”, বুলি তাই চিকিউৰিটিলৈ ফোন লগালে৷জনসমাগমত সোমাবগৈ লাগিব এতিয়া৷ মানুহবোৰ উত্তপ্ত হৈ পৰিছে৷ চৌব্বিশ ঘণ্টাৰ ভিতৰত আচামী হাজিৰ কৰাব লাগে,জনতাৰ দাবী সেয়া৷ নহ’লে জংগী আন্দোলনৰ হুংকাৰ৷
“ঈশানী পৰিস্থিতি চম্ভালি লোৱা৷ তোমাৰ ওপৰত আস্থা আছে”, সেয়া কমিছনাৰ ছাৰৰ আস্থা৷
তাই কৰ্মপন্থা নিৰ্ধাৰণ কৰি ল’লে৷ তাৰ পাছত জীপ দৌৰালে৷ এইবাৰ অৱশ্যেই তাই অকলে নহয়৷ এইবাৰ তাইৰ লগত হাজাৰজনৰ আস্থা, যিয়ে তাইৰ কুণ্ডলিনী জাগৰণত অহৰহ শক্তি যোগান ধৰি আহিছে৷

সাতচল্লিশতম খণ্ডঃ কুণ্ডলিনী
—————————-
ভিৰ ভাঙি গাড়ীখন আগবঢ়োৱাৰ লগে লগে শিলগুটি এটা আহি ঈশানীৰ গাড়ীৰ গ্লাছত পৰিলহি৷ লগে লগে চিকিউৰিটি কেইজন সষ্টম হৈ উঠিল৷ পিছৰ পুলিচৰ ভানখনো আহি ইশানীৰ গাড়ীখনৰ আগত ৰখাই দিলে৷ ইশানীয়ে চিকিউৰিটি কেইজনক হাত দাঙি কিবা ক’লে আৰু তাৰ পাছত চানগ্লাছ খুলি ভিৰ ফালি আগুৱাই গ’ল৷ কি যে অপূৰ্ব ব্যক্তিত্ব এই নাৰীৰ! গাড়ী ৰখাই সেই নাৰীমূৰ্তি নমাৰ লগে লগে যেন সহসৃজনৰ মুখৰ মাত স্তিমিত হৈ পৰিল৷ ডিঙি মেলি সকলোৱে তাইলৈকে চালে৷ পুলিচে ইমানপৰে নিয়ন্ত্ৰণলৈ আনিব নোৱাৰা পৰিস্থিতিটো যেন মুহূৰ্ততে শাম কাটিল৷
অবিনাশে চকুৰ পলক নেপেলোৱাকৈ টিভিৰ পৰ্দালৈ চাই আছিল৷ টিভিৰ পৰ্দাত তেতিয়া নাৰ্ছগৰাকীৰ ৰহস্যজনক মৃত্যুৰ বাতৰিটোৱে তোলপাৰ লগাই আছিল৷ এনে সময়তে হস্পিতেল চৌহদত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ দল এটা উপস্থিত হৈছিলহি৷ যদিও ঈশানীৰ আত্মবিশ্বাস দেখি তাৰ মূৰ দোঁ খাই গৈছিল, কিন্তু কথাটো কিবা এটা যেন তাৰ ভাল নালাগিল৷ তাৰ এনে লাগিল যেন যুদ্ধ ক্ষেত্ৰলৈ আগবঢ়াই দিছে ৰূপ-গুণৰ সমাহাৰ এগৰাকী বিদূষী নাৰীক, যি নাৰীৰ সৌন্দৰ্যই দুৰ্বল কৰি তুলিছে শত্ৰুবাহিনীক৷ ইমানবোৰ অফিচাৰৰ মাজত ঈশানীক বাচি উলিয়াই যুদ্ধক্ষেত্ৰলৈ আগবঢ়াই দিব খোজাটো কিয় জানো অবিনাশে সহজভাৱে লব নোৱাৰিলে৷ হয়তোবা এয়া তাৰ অহেতুক অধিকাৰবোধ৷
“চাওক, আপোনালোকে যদি আমাক সহায় নকৰি আমাৰ কামত বাধা দিয়ে, আমি সফল হ’ম কেনেকৈ? হত্যাকাৰীৰ শুংসূত্ৰ বিচাৰি থকাৰ সময়ত সমগ্ৰ আৰক্ষীবাহিনী আহি আপোনালোকৰ কাষত থাকিবলগা হৈছে৷ এয়া বাৰু সময়ৰ অপচয় নহয়নে? নতুবা এনেকৈয়ো ভাবিব পাৰি নেকি যে পুলিচৰ কাম লেহেমীয়া কৰাৰ এয়া এক পৰোক্ষ লক্ষ্য”, সহসৃজনতা ভেদি ভাঁহি আহিছিল ঈশানীৰ কণ্ঠ৷ ৷
কাঁহ পৰি জীণ গৈছিল সমস্ত চৌহদ৷
কোনোবা এজনে ভিৰৰ মাজৰ পৰা চিঞৰিলে,
“আমাক দোষীৰ সন্ধান লাগে”৷
“আমি তাৰ বাবেই চেষ্টা কৰি আছো”, ঈশানীৰ প্ৰত্যুত্তৰত দৃঢ়তা৷
“আপোনালোকে কাম খৰতকীয়া কৰক”৷
“আমি আমাৰ কাম পূৰ্ণোদ্যমে আগুৱাই নিছো৷ মাথোঁ আপোনালোকে সহযোগ কৰক”৷
ঈশানীয়ে প্ৰথম-অফিচাৰজনলৈ চাই নিৰ্দেশ দিলে, “মেডিকেল অফিচাৰক খবৰ কৰক, পোষ্টমৰ্টেমৰ ৰিপৰ্ট অতি সোনকালে লাগে৷ ইটজ আৰজেণ্ট”৷
তাৰ পাছত আকৌ ক’লে, “আমি বহি থকাৰ সকাম নাই৷ ছোৱালীজনীৰ মবাইল ফোন, পাৰ্ছ, কাপোৰকানিৰ ফৰেনছিক ৰিপৰ্ট সোনকালে লাগে৷ খবৰ কৰক”৷
অবিনাশে চিগাৰেট এটা জ্বলাই ল’লে৷ বহুত দিনৰ মূৰত সি ঈশানীক দেখিলে৷ টিভিটো অন কৰিয়ে দেখিছিল সি, ইশানীৰ গাড়ীলৈ শিলগুটি দলি মাৰিছিল সিঁহতে৷ মহানগৰীৰ পুলিচ কমিছনাৰলৈ অহেতুক খং এটা উজাই আহিল তাৰ, কি প্ৰয়োজনত কম বয়সীয়া অনভিজ্ঞ ছোৱালীজনীক সেইটো পৰিবেশলৈ পঠিয়াব লাগে বুলি৷
“ঈশানী ইজ ৱেল-ট্ৰেইনড, আই ন’ ইট, বাট, বাট ……..”, এই কিন্তুটোৰ উত্তৰ সি উলিয়াব নোৱাৰে৷ বৰ আলফুলে ৰাখিব বিচাৰে সি ঈশানীক৷ কিয় জানো ছোৱালীজনীয়ে এনে এটা জটিল পথ বাচি ল’লে অবিনাশে ক’ব নোৱাৰে৷
এইবাৰ ঈশানীয়ে স্থানীয় থানাখনলৈ জীপ দৌৰালে৷ থানা পায়েই অ, চিজনক সুধিলে,
“মিঃ ডেকা, ভিক্টিমৰ ঘৰ ক’ত? যোৱা হ’লে অলপ ক্লু পোৱা গলহেঁতেন৷ আৰু ইয়াক, ৱাৰ্ড বয়টোক চকু দিব লাগে৷ যিয়েই কাৰণ নহওক কিয়, সি ভালকৈ জানে কথাবোৰ৷ তাক জেৰা কৰক৷ “
“ঠিক আছে মেডাম”, অচিজন যাবলৈ উদ্যত হওতেই ঈশানীয়ে আকৌ ক’লে,
“মেডিকেল অফিচাৰে কি ক’লে? পোষ্টমৰ্টেমৰ ৰিপৰ্ট কেতিয়া পোৱা যাব? আৰু ডিউটিত থকা ডক্টৰজনৰ লগত মই কথা পাতিম৷ তেওঁক থানালৈ আহিবলৈ কওক৷ ”
তাৰ পাছত তাই মৃত নাৰ্ছগৰাকীৰ হোষ্টেল অভিমুখে ৰাওনা হ’ল৷ তাইৰ টেবুল খুঁচৰি দুখন নোটবুক লৈ তাই আকৌ থানা পালেহি৷ থানাত তেতিয়া ৱাৰ্ডবয়টোৰ ওপৰত জোৰদাৰ জেৰা চলি আছিল৷ থাৰ্ড ডিগ্ৰী প্ৰয়োগতে হওক নতুবা আন কাৰণতে হওক, হত্যাকাৰীজনে হত্যাৰ কাৰণসমূহ কৈ আছিল, এবাৰত যদি প্ৰেমজনিত কাৰণ দৰ্শায়, আনবাৰ হয়তো তাৰ মনোকামনা চৰিতাৰ্থ কৰাত বাধা দিয়াৰ বাবে হিতাহিত জ্ঞান হেৰুৱাই হত্যা কৰাৰ কথা কয়৷ হত্যাৰ কাৰণ যিয়েই নহওক কিয়, সিয়েই যে হত্যাকাৰী, সেইটোত ঈশানী নিশ্চিত হ’ল৷ কিন্তু কি কাৰণ হ’ব পাৰে যাৰ বাবে ইমান আঘাত সহিও হত্যাকাৰীজনে বিশ্বাসযোগ্য কাৰণ এটা দাঙি ধৰিবলৈ বাধ্য হোৱা নাই৷
“তাইৰ প্ৰেমিকজনক জেৰা কৰিলে কিছু কথা জানিব পৰা গ’লহেঁতেন৷ ফোন কৰি মাতি পঠিয়াওক তেওঁক”, মিঃ ডেকালৈ চাই ঈশানীয়ে কৈ উঠিল৷
ইতিমধ্যে ফৰেনছিক পৰীক্ষাৰ যোগেদি বিষযুক্ত চিৰিঞ্জেৰে হত্যা কৰাটো নিশ্চিত হৈছিল৷ তদুপৰি হত্যাকাণ্ডটোত দুজনৰ ফিংগাৰপ্ৰিণ্ট পোৱালৈ চাই আৰু এটা কথা স্পষ্ট হৈ পৰিছিল যে, ৱাৰ্ডবয়জনৰ বাহিৰেও আৰু কোনোবা তাত জড়িত আছিল৷ কোন আছিল তেওঁ, ইমান হেঁচা প্ৰয়োগৰ পাছতো ৱাৰ্ডবয়জনে যাৰ নাম লবলৈ সি বাধ্য হোৱা নাই৷
চি চি কেমেৰাই বিশেষ তথ্য কঢ়িয়াব নোৱাৰিলে৷ আন্ধাৰ ৰূম নতুবা কেমেৰাই ঢুকি নোপোৱা ঠাইত হত্যাকাণ্ড অনুষ্ঠিত হোৱালৈ চাই এয়া যে এক শীতল মস্তিষ্কৰ হত্যাকাণ্ড অনুমান কৰিব পৰা যায়৷
ঈশানীয়ে তন্নতন্নকৈ ৰিপৰ্টবোৰ পৰীক্ষা কৰি আছিল৷ কমিছনাৰ ছাৰক দাখিল কৰিব লগা সমূহ প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত কৰি পেলোৱা হৈছিল৷
“মেডাম, আপোনাক বিচাৰি লৰা এজন আহিছে৷ কিবা জৰুৰী কথা আছে বুলি কৈছে”৷
“আহিবলৈ দিয়া”৷
তাই লৰাজনক মাতি পঠিয়াই এহাতেৰে চকুদুটা ঢাকি টেবলুখনতে কিলাকুটিৰে ভেঁজা দি বহিল৷ দেখিলেই বুজা যায় যথেষ্ট মানসিক চাপত আছে তাই৷
“মেম”, আগন্তুকৰ মাতত তাই চকু তুলি চালে৷ এয়া কোন? ভয়ত বিতত নে দুখত কাতৰ এখন মুখমণ্ডল, প্ৰাচীন বিষাদনগৰীৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা দিকভ্ৰষ্ট কোনো এক সন্ন্যাসৰ দৰেই দেখা গৈছিল তেওঁক৷
“বহক৷ কোন হয় আপুনি? ”
“মোৰ লগতে তাইৰ বিয়া হৈ ঠিক হৈ আছিল মেডাম”, বিৰিঙি উঠা চকুহাল সি মচি ল’লে৷ তাৰ পাছত সি তাৰ মবাইলটো আগবঢ়াই দিলে৷ মৃতা নাৰ্ছগৰাকীয়ে প্ৰেমিকজনলৈ দিয়া শেষ মেচেজটো পঢ়ি তাই চক খাই উঠিল৷ এই মেচেজটো সিঁহতে উদ্ধাৰ কৰা মোবাইলটোৰ পৰা কৌশলেৰে মচি দিয়া হৈছিল৷ তাৰমানে সিঁহতে জানি গৈছে এই লৰাজনৰ কথা৷ ইও সিঁহতৰটাৰ্গেট হৈ নপৰেতো৷
ৰাতিৰ মহানগৰীৰ আজি কিছু ম্লান৷ হত্যাৰ খবৰে জোকাৰি গৈছে কেওপিনে৷ দোকান পোহাৰবোৰ সোনকালেই বন্ধ হ’ল৷ নিয়ন লাইটৰ পোহৰ ফালি আহিনৰ সেমেকা সন্ধ্যাটিত ঈশানীৰ জীপ এইবাৰ আৰক্ষী আয়ুক্তৰ বাংলো পালেগৈ৷ দাৰোৱানজনে গেটখন খুলি দিয়াৰ লগে লগেই তাই জীপখন ভিতৰলৈ সুমুৱাই কমিছনাৰ ছাৰক ফোন লগালে,
“আই এম ৱেটিং এট ইয়ৰ ৰেছিডেন্স ছাৰ, হেভ চাম ইম্পৰটেণ্ট মেটাৰ টু ডিছকাছ৷ ”
মহানগৰীৰ পুলিচ কমিছনাৰৰ কোৱাৰ্টাৰ সংলগ্ন কাৰ্যালয় কক্ষত তাই পায়চাৰি কৰি থাকিল৷ এগাল প্ৰশ্নই তাইক জুমুৰি ধৰিলে৷ টকাৰ কাৰণে মানুহ ইমান তললৈ নামিব পাৰেনে?
“ঈশানী, প্ৰগ্ৰেছ কোৱা৷ ”
“ছাৰ, এজন মাৰ্ডাৰাৰ ধৰা পৰিছে৷ লগত আৰু এজন আছে৷ সন্দেহৰ আৱৰ্তত আছে যদিও নিশ্চিত হ’ব পৰা নাই৷ নাইট ডিউটিৰ ডক্টৰ দুজনক জেৰা কৰি থকা হৈছে৷ কিন্তু ইয়াৰ লগত বহুত ডাঙৰ চক্ৰ এটা জড়িত আছে ছাৰ৷ “
“মানে? হোৱাট ডু ইউ ৱাণ্ট টু মিন? তুমি কি ক’ব বিচাৰিছা ঈশানী? ”, কমিছনাৰে তাইক আচৰিত হৈ সুধিলে৷
“ছাৰ, এই মেচেজটো চাওক”, তাই লৰাজনৰ পৰা নিজৰ মবাইললৈ ফৰৱাৰ্ড কৰি সঞ্চিত কৰি ৰখা মেচেজটো দেখুৱালে৷ তাই কৈ গ’ল,
“সেই ৰাতি তাই খুব ভয় খাইছিল৷ বয়ফ্ৰেণ্ডজনলৈ ৰাতি দুইবজাত ফোন কৰিছিল৷ সি হয়তোটোপনিত থকাৰ বাবে গম নাপালে৷ তাৰ পাচতে তাই মেচেজ পঠিয়ালে৷ তাইৰ মবাইলৰ পৰা সম্পূৰ্ন মেচেজ দিলিট কৰি দিয়া হ’ল ছাৰ”৷
আৰক্ষী আয়ুক্ত গভীৰ চিন্তাত ডুব গ’ল৷ সচৰাচৰ ভাবি থকা ধৰণেৰে এইটো সাধাৰণ ঘটনা নহয়৷ ইয়াৰ লগত নিহিত আছে মানৱ অংগ সৰবৰাহৰ কুখ্যাত অধ্যায়৷ নিশ্চয় হত্যাৰ লগত এলা পেচা লোক জড়িত নাই৷
তেওঁ দকৈ চিন্তা কৰিলে৷ দিল্লী বিশ্ববিদ্যালয়ত একেলগে পঢ়া অবিনাশে তেওঁক দিনত ভৎসৰ্না কৰিছিল৷
“চা দোস্ত, ধৰি ল’, এইসময়ত তই পুলিচ কমিছনাৰ নহয়, ময়ো পুলিচ অফিচাৰ নহয়৷ এতিয়া চিন্তা কৰি কচোন, ইমানবোৰ মানুহ থাকোতে সেই সৰু ছোৱালীজনীক এনে চেনচিটিভ চিটুৱেচনলৈ কিয় পঠিয়াব লাগে? ”
তেওঁ কলেজীয়া বন্ধু অবিনাশক ইয়াৰ উত্তৰ দিব পৰা নাছিল৷ তেওঁ জানে ঈশানীৰ মাজত প্ৰচণ্ড সাহস আৰু সততা আছে৷ ঈশানীৰ মন আৰু মগজুৰ ক্ষিপ্ৰতা অনেক বেছি৷ কিন্তু তাৰ বিপৰীতে দুস্কৃতিকাৰীও অলপ ধতুৱা মানুহ নহয়৷ কাইলৈ কিবা হৈ গ’লে প্ৰথম আঙুলিটো তেওঁলৈকে উঠিব৷
“চা বন্ধু, ঈশানীক তই যিমান ইচ্ছা দৌৰাব পাৰ, কিন্তু তাই যদি বিপদত পৰে, ময়ো তোৰ বন্ধু হৈ নাথাকিম”, চিন্তামগ্ন অবিনাশে তেওঁক ফোনৰ উপৰি ফোন কৰি আছিল৷ আৰু সেই চিন্তা তেওঁ বঢ়াব নুখুজিলে৷ অবিনাশৰ বাবেই তেওঁ ইশানীৰ হাতৰ পৰা কেচটো আতঁৰাই আনিব বিচাৰিলে৷
“ঈশানী, এই কেচটো এছপি সিনহাক হেণ্ড অভাৰ কৰা হ’ব৷ মই হোম মিনিষ্টাৰকজনাইছো৷ তেওঁও বিচাৰিছে তুমি যিখিনি কাম কৰি আছিলা, তাত তোমাৰ পাৰফৰমেন্স ভাল৷ গতিকে সেই কামখিনি সুকলমে চলাই নিয়া৷ “
হাতুৰীৰে যেন ধামধামকৈ বুকুত কোব কেইটামানহে মাৰি গ’ল তাইৰ৷ থৰ দৃষ্টিৰে চাই ৰ’ল ঈশানীয়ে৷ কমিছনাৰ ছাৰে যিমান কোমলতা আনিলেও কথা কেইষাৰৰ অৰ্থ তাই নুবুজাকৈ নাথাকিল, “ঈশানী তোমাক এই দায়িত্বৰ পৰা আতঁৰাই অনা হৈছে”, সহজভাষাত এয়ে নহয় জানো কমিছনাৰ ছাৰে তাইক উদ্দেশ্যি কোৱা প্ৰতিটো শব্দৰ অৰ্থ?
“ছাৰ, মই কিবা ভুল কৰিলো নেকি? ”, তাই কিছু নম্ৰতা আনি প্ৰশ্ন কৰিলে কমিছনাৰক৷
“না না ঈশানী, দোণ্ট টেক ইট আদাৰৱাইজ৷ তোমাৰ বহুত কাম কৰিবলৈ আছে৷ তুমিটাস্কফৰ্চৰ মেম্বাৰ নহয় জানো? ”
ঈশানী কিছু পৰিমাণে আহত হৈ উঠিল৷ কৈ উঠিল কিছু উষ্মাৰে,
“ছাৰ আজি দিনত মই এখিনি মানুহক কথা দি আহিছো, কাইলৈৰ ভিতৰত দোষীক ধৰি আনি তেওঁলোকৰ ওচৰত হাজিৰ কৰাম বুলি৷ অথচ এতিয়া আপুনি কৈছে, মই এই কেচৰ পৰা আতঁৰি দিব লাগে বুলি? ”
চকু দুটা ৰঙা হৈ আহিল তাইৰ৷ খঙতেই নে উত্তেজনাত সেই কথা তাই গম নাপালে৷ কমিছনাৰ ছাৰে তাইৰ সক্ষমতাক বিশ্বাস নকৰিলে৷ দিনটো তাই ইফালে দৌৰিলে, সিফালে দৌৰিলে৷ সকলো তথ্য চালি জাৰি নিয়াৰিকৈ প্ৰতিবেদন প্ৰস্তুত কৰি আয়ুক্তক দাখিল কৰাৰ সময়তে তাইক এই দায়িত্বৰ পৰা আঁতৰাই অনাত তাই বাৰুকৈয়ে অপমানিত হ’ল৷ “ক’ত সুৰুঙা ৰৈ গ’ল মোৰ? কোনটো স্তৰত মই ভালদৰে কাম নকৰিলো”, জীপখন ৰখাই তাই ৰাস্তাটোলৈ চাই ৰ’ল৷ সৰ্পিল আকাৰৰ ৰাস্তা৷ দুকাষে দেৱদাৰুৰ লানি৷ সেই একেই শিৰনত অৱস্থা প্ৰতিজোপা দেৱদাৰুৰ৷ যেন বৃদ্ধ প্ৰহৰী হৈ লজ্জানত হৈ পৰিছে সভ্য মানুহৰ অসভ্য কাণ্ডত৷ প্ৰতিবাৰে প্ৰতিটো জটিল সময়ত সিঁহতকেইজোপা সাক্ষী হৈ তাইৰ হুমুনিয়াহ গচকে৷
বুকু ভেদি এক চেপা কান্দোন ওলাই আহিল৷ কান্দিব তাই৷ বহুতদিনৰ মূৰত হেঁপাহ পলুৱাই কান্দিব তাই৷ অতদিনে শিল হৈ ৰোৱা কলিজাখন উতলাই চকুৰে বোৱাই নিব বুকুৰ গলিত লাভা৷ আই পি এছ অফিচাৰ হৈ নহয়, একেবাৰেই সাধাৰণ ছোৱালী এজনী হৈ বৰলুইতৰ কাষত বহিলগৈ৷ বৰ বৰ ফেৰীবোৰত মনটো এৰি দিলে৷ মুহূৰ্ততে মনটো মেঘৰ সিপাৰৰ দেশখন পালেগৈ৷
“এই জীৱন, তইচোন অত প্ৰতিশ্ৰুতিৰে মোক বাট দেখুৱাই আনিলি৷ অত প্ৰতিশ্ৰুতিৰে সুৰামত্ত বাটত মোৰ হাজাৰ ঢলংপলং খোজৰ গতি দিলি৷ এতিয়া কিয় লক্ষ্যচ্যুত নক্ষত্ৰৰ দৰে আচৰণ কৰিব লগাত পৰিছো মই? কিয় কিয়? ”
ফোনটো বাজি উঠিল৷ তাই নাচালে৷ নধৰিলে৷ বৰঞ্চ অফ কৰি সামৰি থলে৷ যিখন সমাজত তাইৰ সততাক পদে পদে চাতুৰী কৰি অৱদমন কৰিবলৈ চেষ্টা কৰা হয়, সেইখন সমাজক কেৰেপ নকৰে তাই৷ এইবাৰ তাই নিৰুদ্দেশৰ যাত্ৰা আৰম্ভ কৰিব৷ দৌৰিবলৈ শিকাৰ পাছত কোনোদিনে থমকি নোৰোৱা তাইজনীয়ে এইবাৰ নিজৰ ভৰিত নিজে শিকলি বান্ধিব৷ কিছুদিনৰ বাবে বিৰতি লব তাই৷
আকৌ সেই একেই ভাবলেশহীন মুখ, বেপৰোৱা চিন্তা, হাতৰ মুঠিত উমাল কৰিব বিচৰা জীৱনৰ হিচাপ, বুকুৰ মাজত ৰেচমী মিহি এক আবেগ, সিৰাই সিৰাই কোনোবাহীনতাৰ বিষাদ৷ সেই একেই বিষাদত হেৰাই যোৱাৰ হেঁপাহত অভিমানৰ দলঙত থমকি নৰ’ল দুভৰি৷
ফোনটো লুইতৰ বুকুলৈ দলিয়াই দি তাই জীপত বহি ল’লে৷

আঠচল্লিশতম খণ্ডঃ কুণ্ডলিনী
—————————-
এই মুহূৰ্তত যোগগুৰুক দৰকাৰ তাইৰ৷ তাই জীপত বহিযোৰহাটৰ মাকৰ ঘৰলৈ পোনালে৷ লুইতৰ বুকুত মবাইল ফোনটো দলিয়াই দিয়াৰ লগে লগে তাই একপ্ৰকাৰ সংযোগবিছিন্ন হৈ পৰিল৷ চাৰি-পাচঁঘণ্টাৰ মূৰত যেতিয়া ঘৰ পালেহি, দেখিলে মাকৰ মুখখন আনন্দৰে ওপচি পৰিছে৷ অথচ সেই আনন্দ যেন মাকে মুখ ফুটাই দেখুৱাব পৰা নাই৷ সেই এক ভুল বুজাবুজিৰে যি ব্যৱধান মাকৰ লগত আৰম্ভ হৈছিল, সেই ব্যৱধানবোৰত সম্পৰ্কৰ ঘনিষ্ঠতাই কোনোদিনে নকৈ সঁজাল ধৰি নুঠিল৷ তাইক পুলিচৰ সাজত স্বচক্ষে দেখি মাকৰ চকুহাল বিৰিঙি উঠিল৷ কালি টিভিত এদল উগ্ৰ মানুহক সৈমান কৰা খাকীৰঙী পোছাকধাৰী ছোৱালীজনী যে তেওঁৰেই পেটৰ সন্তান, সেই কথা তেওঁৰ বিশ্বাস কৰিবলৈকেটান হৈছিল৷ তাইৰ জীৱনৰ এটা ভুলত তেওঁ মাক হৈয়ো ভাগি পৰিল, ক্ষমা নকৰিলে তাইক, বুজিবলৈ চেষ্টা নকৰিলে কোনোদিনে, যাৰ ফলত মাতৃ-কন্যাৰ মধুৰ সম্পৰ্কটোত ফাঁট মেলিল৷ আনহে নালাগে, তাই যেতিয়া ছিলিং ফেনখনৰ জোখাৰে ৰচী এডাল বিচাৰি ফুৰিছিল, তেতিয়াও তেওঁ গান্ধাৰীৰ দৰে চকু বান্ধি লৈছিল৷ ইমান দুৰ্বল আছিল তেওঁ৷ ইমানেই দুৰ্বল আছিল তেওঁৰ মাতৃহৃদয়, যুক্তিৰে বিবেচনা নকৰি সামান্য অজুহাতত নিজৰ মঙহৰ টুকুৰাটোলৈ ঘৃণাৰ দৃষ্টি ছটিয়াই দিছিল৷ সেই এক দূৰত্বই তেওঁক আজিও ক্ষমা নকৰি খেদি ফুৰে, যাৰ বাবে আজিও তেওঁ গৌৰৱৰ জীয়েকজনীক বহুৱাই লৈ হেঁপাহ পলুৱাই চাব নোৱাৰে, পুলিচৰ সাজত অহা আই পি এছ বিষয়া ঈশানীক মাতৃত্বৰ মৰমেৰে আঁকোৱালি লব নোৱাৰে, সময়ে অসময়ে ফোনটো ডায়েল কৰি সুধিব নোৱাৰে, “মাজনী ভালে আছনে তই” বুলি৷
ঈশানীয়ে বুজে, মানি লয় তাই৷ এয়া যে অতিপাত মৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠা অভিমানৰ উন্মাদ ৰূপ, সেই কথা বুজি উঠিল বাবেই বাথৰূমত কাপোৰ থৈ মাকক চিঞৰি ক’ব পৰা হ’লগৈ, “মা খুব ভোক লাগিছে৷ ভাত বাঢ়িবি”৷
কথাবোৰ বৰ সহজভাৱে লয় তাই৷ এই যে তাইৰ জীৱনত ঘটি যোৱা প্ৰতিটো সংঘাতত তাই প্ৰত্যাহবানমুখী হৈ পৰিছিল৷ জীৱনে দেখোন বহুত বাৰ সুযোগ দিয়ে, অথচ এটা দ্বিতীয় সুযোগ দিব নিবিচাৰে আপোন মানুহবোৰেই৷
ঈশানীয়ে আগৰদিনাৰ উশাহ ঘূৰাবলৈ সময় নোপোৱা কামৰ কথাবোৰ সাময়িকভাৱেপাহৰিবলৈ চেষ্টা কৰিছে৷ আই পি এছ কেডাৰৰ প্ৰশিক্ষণ লোৱাৰে পৰা তাই এদিনলৈকো জিৰণি লোৱা নাছিল৷ তাইৰ কৰ্মদক্ষতাত আকৃষ্ট হৈ পৰিছিল গৃহ বিভাগ৷ কিন্তু আজি এই মুহূৰ্তত তাইৰ কামৰ কথা মনলৈ আনিবলৈ সত যোৱা নাই৷ ৰাতিৰ অভিমানী মনটোক গত লগাবলৈকে এনে এটা দিনৰ বৰ দৰকাৰ হৈ পৰিছিল তাইৰ৷ পুলিচৰ সাজযোৰ সোলোকাই তাই ঘৰুৱা সাজযোৰ পিন্ধি ল’লে৷ ঘৰুৱা সাজত তাইৰ নিজকে কিশোৰী ঈশানীজনীৰ দৰেই লাগি গ’ল৷ দাপোণৰ ফালে চাই তাই চকু আঁতৰাই পঠালে৷ নিজৰ ৰূপত তাই নিজেই লাজ পাই মিচিকিয়াই হাঁহে৷ নিজকে সজাবলৈ মন গ’ল তাইৰ৷ কিন্তু সন্ধ্যামণিৰপাহি এপাহিয়ে তাই ধ্ৰুপদী হাঁহিটিক যেন চিকুটি দিলে৷ মুহূৰ্ততে তাই দাপোণৰ পৰা আঁতৰি খোৱা টেবুলত বহিলগৈ৷ মাকৰ হাতৰ এসাজ৷ কিমান দিনৰ মূৰত বাৰু? এৰা বহুত বছৰেই হ’ল৷ কলেজ এৰাৰ পৰাইচোন মাকে বিছনা লৈছিল৷ মানসিকভাৱে ভাগি পৰা মাকক দহোটা বেমাৰে আগচি ধৰিছিল৷ এতিয়া তাইৰ মন যায় মাকক সাৱটি অসুস্থতাৰ গম লবলৈ৷ কিন্তু কিবা এক যেন সংকোচবোধ৷ নাজানে তাই, জীৱনটোক ইমান সহজভাৱে লোৱাৰ পাছতো কিছুমান কথা কিয় অসহজ হৈ ৰৈ যায়৷ এই দূৰত্ব কমাব লাগিব৷ মাক-দেউতাকৰ অভিমান ভাগিব লাগিব৷ বুজাব লাগিব তেওঁলোকক, তেওঁলোকৰ ছোৱালীয়ে ভুল কৰিলেও অন্তত পাপ নকৰে বুলি৷
মানসিকভাৱে বিধ্বস্ত আছিল যোৱা ৰাতি৷ সেই বিধ্বস্ততাৰ খবৰ পৃথিৱীয়ে নাপাওক বুলিয়ে তাইৰ এই অজ্ঞাতবাস৷ তীব্ৰ চাপত তাইৰ গাড়ীৰ চকা ঘূৰিছিল৷ চকাৰ সমানে টপগিয়েৰত ৰাখিছিল তাইৰ মনৰ গতি৷ মনৰ গতিৰ প্ৰবল সোঁতত তাইৰ ক্ষন্তেকীয়া অভিমানসমূহ উটি গৈছিল৷ ৰাতিপুৱাৰ কুঁৱলী ফালি আপোন চহৰত গাড়ী সোমোৱাৰ লগে লগে বুজি উঠিছিল, জীৱনৰ প্ৰতিটো স্তৰত বাধা পাবই৷ এই বাধা নেওচি সফলতাৰ শৃংগ চুব পৰাটোহে যোগ্যজনৰ সফলতা৷ এনেবোৰ সময়ত যোগগুৰুৰ বাণীবোৰ তাইৰ বাবে মহৌষধ হৈ পৰে৷ এনেইনো তাই বিষাদৰ মুহূৰ্ত উদযাপন কৰিবলৈ যোগগুৰুৰ আশ্ৰম বাচি লয়নে?
সম্পূৰ্ণ দুবছৰৰ মূৰত তাই নিজৰ চহৰলৈ আহিছে৷ এই চহৰৰ প্ৰতিটো গলিত তাইৰ ঘামৰ ৰাগি এতিয়াও লাগি আছে৷ এইবাটতে অবিনাশৰ জীপৰ সন্মূখেৰে পাৰ হৈ গৈছিল তাইৰ ফুলস্পীডত চলি থকা স্কুটি৷ জীপখন ৰখোৱাৰ কৰ্কশ শব্দত তাই বেক মিৰৰত দেখিছিল অবিনাশৰ মিচিকিয়া হাঁহিৰ বিপৰীতে গাড়ীৰ চালকৰ খঙে ওন্দোলোৱা মুখ৷
ডাষ্টবিনৰ কুকুৰকেইটা বাৰু আছেনে? নিজৰ ভাগৰ টিফিনটো সিহঁতৰ মাজত ভগাই যে তাই আপোনমনে চিপচিপ বৰষুণত তিতি নীড়মুখী পখীজনী হৈ নিজৰ ঘৰৰ অন্ধকাৰ পদূলিত স্কুটি ৰখাইছিল৷ প্ৰতিটো সময়ৰে কি যে এক মাদকতা থাকে৷ সেই বেহিচাপী ৰাতিবোৰত লাগি থকা তেজৰঙা বুকুখন পুৱালৈ তাই তৰপে তৰপে ঢাকি চহৰ ঘূৰি ফুৰে৷ জীয়াই থকাৰ অভিনয়ত ক্ৰমাৎ মলিন বৰণ ধৰে তেজৰঙৰ৷ এনেকৈয়ে লাহে লাহে জীৱনৰ সতে চুক্তি কৰি পেলাইছিল তাই৷
নাই৷ সেই কথাই আমনি কৰিব নোৱাৰাকৈ তাই নিজৰ জীৱনশৈলী প্ৰস্তুত কৰি পেলাইছে৷ এই যে তাইৰ কামৰ নিচা নতুবা বান্ধি লোৱা লক্ষ্যসীমা, নিজক ফাঁকি নিদিয়াকৈও বুজে তাই, এয়াতো নিজকপাহৰাৰ আখৰা৷
যোগগুৰু আশ্ৰমত নাছিল৷ থানালৈ যাবলৈ তাইৰ সংকোচ হ’ল৷ যোগগুৰু হয়তো একেই থানাতে নাথাকিবও পাৰে৷ সোধাও নহ’ল তাইৰ৷ ফোনটো লুইতৰ বুকুত দলিয়াই অহাটো যে চূড়ান্ত বলিয়ামি আছিল, সেয়া পুনৰবাৰ অনুভৱ কৰিলে তাই৷ তাই এইবাৰ চহৰৰ মাৰ্কেটখনলৈ গাড়ী পোনালে৷ চিনাকি চকুবোৰৰ ভিৰ ফালি তাই শ্বপিং মলটোত গাড়ী পাৰ্ক কৰিলেগৈ৷ কি কিনিব তাই? দেউতাকৰ বাবে ফোন এটা নে মাকৰ কাৰণে খাৰু এযোৰ? ব্যস্ত খোজেৰে সোমাই যাওতেই দেখিলে তাই, সিফালৰ পৰা সপ্তদৰ্শী আহি আছে৷ সপ্তদৰ্শীয়ে তাইক দেখিজন্তু চোৱাদি চালে৷ ওপৰৰ পৰা তললৈ দৃষ্টিৰে শানি তাইৰ বুকু শাঁত নপৰিল, কৈ উঠিল,
“বাঃ অবিনাশৰ নেজত ধৰি তই দেখোন বহুত ওপৰ পালিগৈ”৷
একো নোকোৱাকৈ তাই আগবাঢ়িব খুজিছিল৷ কথাৰ অশ্লীল অৰ্থটো বুজি তাইৰ মূৰত এজোলোকা তেজে পিৰপিৰাই উঠিল৷ তাইতো বাৰু বেয়া, হাজাৰবাৰ মানি লব সেই কথা৷ সাম্প্ৰতিক সমাজত তাই কৰি অহা ভুল মানুহে ক্ষমা নকৰে, কিন্তু অবিনাশ? অবিনাশৰ বিপক্ষে তাই টু শব্দ এটাও শুনিব নোখোজে৷
পাৰ হৈ গৈয়ো থাপ মাৰি ধৰিলে সপ্তদৰ্শীৰ হাতত,
“কি ক’লি তই? কি ক’লি সপ্তদৰ্শী? আকৌ এবাৰ ক”৷
কিছু শ্লেষটানি তাই আকৌ কৈ উঠিল সপ্তদৰ্শীক,
“যাঃ তোক মই একো নকওঁ৷ তৰ্ক কৰিবলৈকো প্ৰতিপক্ষ সবল হোৱাৰ দৰকাৰ৷ তইতো মনৰ ওজন নথকা বুদ্ধিহীন জীৱ৷ “
ঈশানীৰ মুখত ব্যংগাত্মক হাঁহিৰ ৰেশ দেখি সপ্তদৰ্শী এইবাৰ জাঙুৰ খাই উঠিল,
“ঈশানী! অ চৰী৷ আই পি এছ অফিচাৰ ঈশানী গোস্বামী৷ তোৰ এই অহংকাৰ মুহূৰ্ততে নাইকিয়া দিব পৰা অস্ত্ৰপাত মোৰ হাতত এতিয়াও মজুত আছে তই জাননে? বেছি ওপৰলৈ নুঠিবি ছোৱালী৷ পৰিলে বৰ দুখ পাবি৷ তোৰ ফোন নাম্বাৰ দিবি৷ মই বাৰু ভিডিওটো আকৌ এবাৰ তোলৈ পঠিয়াই দিম৷ ”
গৰম তেজখিনি পুনৰবাৰ উতলি উঠিল তাইৰ৷ কিন্তু খং দমন কৰাটো তাইৰ ধৰ্ম৷ আত্মনিয়ন্ত্ৰণত অপ্ৰতিৰোধ্য তাই৷ এই আত্মনিয়ন্ত্ৰণ তাই বছৰজোৰা সাধনাৰ ফল৷ সপ্তদৰ্শীৰ হাতখন এৰি দিলে,
“তোৰ আৰু মোৰ পাৰ্থক্যটো কি জান’ সপ্তদৰ্শী? তই মুখেৰে কৱ আৰু মই কামেৰে কৰি দেখুৱাও৷ তোৰ লগত থকা অস্ত্ৰপাত এৰি দেচোন সপ্তদৰ্শী৷ ময়ো চাওঁ, ই মোক কিমান তললৈ নমাব পাৰে৷ “
তাই মানিবেগৰ পৰা কাৰ্ড এখন উলিয়াই সপ্তদৰ্শীৰ হাতত তুলি দি ক’লে,
“দৰকাৰ হ’লে ক’বি৷ নিউজ বিচাৰি নোপোৱা কোনোবা সাংবাদিকৰ লগত তোক যোগাযোগ কৰাই দিম৷ “
একোকে কিনা নহ’ল তাইৰ৷ যোগগুৰুক লগ পোৱা নগ’ল৷ লগ পালে সপ্তদৰ্শীক৷ অকলশৰীয়া সময়বোৰ গাঢ় কৰি তুলিবলৈ ভাল বেয়া স্মৃতিবোৰে তাইক আমনি কৰিবলৈ ধৰিলে৷ যিফালেই চকু যায়, অবিনাশকে দেখা পায়৷ উদ্দেশ্যবিহীনভাৱে অকলে ঘূৰি ফুৰা সেই সময়বোৰতো কি যে এক জীৱন আছিল! দূৰৈৰ পৰাই মৌনতাৰে চাই ৰোৱা অবিনাশৰ আশিসবোৰে তেনেকৈয়ে তাইৰ অন্তৰাত্মা চুইছিল৷ প্ৰতিটো জটিল সময়ত যেন সেই আশিসবোৰেই তুলি ধৰিছিল তাইক৷ কিন্তু এই সময় সেই সময় নহয়৷ উজুটি খোৱা সময়বোৰৰ প্ৰতিবাৰেই যে তাইক কোনোবাই তুলি ধৰিব, এই আশাত ৰৈ দিয়াটান৷ অবিনাশ দুদিনৰ পিছতে কাৰোবাৰ স্বামী হ’বগৈ৷ “মনৰ মাজত এইকণ শক্তি নাথাকিলে তোৰ অতবোৰ লক্ষ্য কেনেকৈ পূৰণ হ’ব ছোৱালী? ”, তাইৰ আত্মভিমানত গাজিল কথাষাৰ৷ বহুত কামেই আৰম্ভ কৰিবলৈ এতিয়াও বাকী৷ আৰম্ভ কৰা কামবোৰো আধৰুৱাকৈ আছে৷
নাৰ্ছগৰাকীলৈ মনত পৰিল৷ এতিয়ালৈ চাগৈ তাইৰ শেষকৃত্য সম্পন্ন হৈ গ’ল৷ তাইৰ প্ৰেমিক লৰাজন বাৰু ঠিকে আছেনে? লৰাজনৰ মুখখনলৈ মনত পৰাৰ লগে লগে তাইক যেন বিছা এটাইহে ডাকি নিলে৷ ধিক্কাৰজন্মিল নিজলৈকে৷ কিমান গভীৰ প্ৰত্যয়েৰে সেই লৰাজন আহি তাইৰ কাষত থিয় দিছিল৷ আবেগৰ কবলত পৰি বাৰু তাই সেই কথাওপাহৰি যাব লাগেনে?
এই যে অবুজ, অভং মনটোৰ আহম্মক স্থিতি, এইটোক লৈ তাই প্ৰায়ে বিপাঙত পৰে৷ জীৱনে সকলোবোৰ সহজ পথ দেখুৱাই দিয়াৰ পাছত এই মনটোৰ বাবেই তাই বাৰে বাৰে জটিল পথটোলৈ ঢাপলি মেলে৷ কি লোকচান হ’লহেতেন তাইৰ কমিছনাৰে কোৱা মতেই কথাবোৰ সহজভাৱে লোৱাহেঁতেন? লুইতৰ তলিত শুই থকা মবাইলটোলৈ চাগে কিমান আশাৰে কতজনে সংযোগ স্থাপন কৰিব বিচাৰিছে!
আসঃ!
কথাটো ভাবি বুকুখন চিৰিংকৈ কঁপি উঠিল৷ এইকাৰণে নহয় যে ই তাইৰ চাকৰিত অসুবিধাৰ সৃষ্টি কৰিব৷ বৰঞ্চ এইবাবে যে তাইৰ মনটোৰ বলিয়ামিৰ বাবেই যদি কাৰোবাৰ কিবা ক্ষতি হয়, নিজকে শুদ্ধতাৰ তুলাচনীত কেতিয়াও ৰাখিব নোৱাৰিব তাই৷ নাই৷ তাই যাবগৈ৷ কৰ্তব্যই হাত বাউলি মাতিলে পুনৰবাৰ৷ এতিয়াই তাই যাবগৈ৷ ইতিমধ্যে তাই বাৰঘণ্টাৰো অধিক সময় নষ্ট কৰিলে, আৰু ৰৈ থকাৰ সকাম নাই৷
কমিছনাৰ ছাৰৰ ওচৰলৈ নাযায় তাই৷ তাইৰ স্বভিমানত আঘাত কৰিছে তেওঁ৷ তাই যাব সেইখিনি মানুহৰ ওচৰলৈ, যিখিনি মানুহৰ ওচৰত বিশ্বাসৰ প্ৰতিছবিখন বন্ধকত থৈ তাই কামত লাগিছিল৷ তাই যাব সেই লৰাজনৰ কাষলৈ, যি অজস্ৰ কণ্টকময় পৰিবেশত আহি তদন্তত সহায় হোৱাকৈ ব্যক্তিগত ফোনটো তাইৰ হাতত তুলি দিছিল৷ তাইৰ লক্ষ্য অধৰ্ম দমনহে৷ ওপৰৱালাৰ বাহ-বাহ নতুবা প্ৰমোচনত তাইৰ লক্ষ্য জীণ নাযায়৷জনগণৰ নামত অশোক স্তমভৰ শপত খোৱাৰ বহুত আগতেই সেই লক্ষ্যই তাইৰ বুকুত শিপা হৈ গজিছে৷ এই লক্ষ্যৰেই জানো তাই বিষণ্ণতাৰ অটল গভীৰ খাদৰ পৰা বগাই বগাই পাৰত উঠি বহা নাছিল?
কথাবোৰ ভাবি ভাবি তাই কৰ্মমুখী যাত্ৰা আৰম্ভ কৰিলে৷ একেই কাজিৰঙা পাৰ হৈ তাইৰ গাড়ীৰ চকা ঘূৰিল৷ একেই টপ গিয়েৰত মনৰ গতি৷ পাৰ্থক্য মাথোঁঁ এটাই৷ কালিৰ ঋণাত্মক চিন্তাৰ বিপৰীতে আজিৰ চিন্তাবোৰ ধনাত্মক৷ ভাৰসামতা ৰক্ষা কৰিবই লাগিব৷ ই যে প্ৰকৃতিৰে নিয়ম! যোৱা বাৰঘণ্টাত মনটোৱে অবিৰাম যুদ্ধ কৰি লেবেজান হৈ পৰিছে৷ এতিয়া দায়িত্ববোধে গা কৰি উঠিছে৷ এক নিৰ্জন দ্বীপত নিৰ্বাসনপৰ্ব কটাই আহি তাইৰ নিজা কোৱাৰ্টাৰত ভৰি দিয়েই নাৰ্ছগৰাকীৰ নোটবুকখন উলিয়াই গভীৰ মনোযোগেৰে পঢ়িবলৈ ল’লে৷ নতুনকৈ চাৰ্জ দিয়া এছপি সিনহাক কেছডায়েৰী জমা দিব লাগিব৷ তাইৰ দায়িত্বত নাথাকিলেও তাই পাৰেমানে সহায় কৰিব তেওঁক৷ দুৰাতিৰ অনিদ্ৰাৰ ক্লান্তিয়ে তাইক বিছনাখনৰ লগত চাৰি-পাঁচ ঘণ্টা গভীৰ সহযোগ স্থাপন কৰালে৷ খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে অহা এমুঠি স্নিগ্ধ জোনাকৰ সতে তাই ৰাতিৰ ৰাতিটো বিছনাত পৰি ৰ’ল৷ মন-শৰীৰৰ অৱসাদবোৰ আতঁৰাই যেতিয়া সতেজ পুৱাটি লৈ শাৰদীয় বতাহজাকে বন্ধ খিৰিকীত টুকুৰিয়াবলৈ আৰম্ভ কৰিলে, তেতিয়াহে তাই সাৰ পালে৷
জাপ মাৰি উঠি লৈ হকাৰে দি থৈ যোৱা পেপাৰখন পঢ়িবলৈ আৰম্ভ কৰিলে,
“এচিপি ঈশানী গোস্বামীৰ ৰহস্যজনক মৌনতা ঃ মহানগৰীৰ আৰক্ষী আয়ুক্তক ভৎসৰ্না গৃহমন্ত্ৰীৰ”
উশাহ নোপোৱাকৈ তাই নিউজটো পঢ়িবলৈ আৰম্ভ কৰিলে৷ এদিনতে কথাবোৰ ইমান আগবাঢ়ি গ’লনে? পুলিচ কমিছনাৰৰ লগত এবাৰ কথা পাতিব লাগিছিল৷ তেওঁ নিশ্চয় বহুত চাপত আছে৷ অতি জটিল সময়ত তাইৰ মৌনতাখিনিয়ে এইবাৰ আত্মপক্ষ লব নোৱাৰিলে৷ তাই ভুল কৰিলে৷ পুলিচ কমিছনাৰৰ হৈ তাই সেই উত্তৰ দিব লাগিব৷ কিবা অকণ পেটত ভৰাই তাই কমিছনাৰৰ ওচৰ পালেগৈ৷ দেখিলেই বুজা যায়, তেওঁ যথেষ্ট চাপত আছিল৷ তাইক দেখাৰ লগে লগেই তেওঁৰ মূৰৰ জুইকুৰা যেন ভমককৈ জ্বলি উঠিল,
“বাঃ ঈশানী গোস্বামী, আই পি এছ কেডাৰ, মহানগৰীৰ ক্ৰাইম বাঞ্চৰ এছিছটেণ্ট পুলিচ কমিছনাৰ৷ এ ৰেছপনছিবল পুলিচ অফিচাৰ৷ লৰা ধেমালী পাইছা? মন গলেই চৌবিশ ঘণ্টা কাম কৰি বাহ-বাহ লবা, মন নগ’লে উধাও হৈ যাবা”৷
তাই পিছফালে হাত দুখন দি সন্মুখলৈ চাই ৰ’ল৷ কমিছনাৰৰ খং উঠাতো স্বাভাৱিক৷ এই পৰিস্থিতিত তাই মুখ খোলা মানে হিতে বিপৰীত হোৱাৰ আশংকা৷ সেয়ে তাই মনে মনে ৰ’ল৷
“এণ্ড হোৱাট এবাউট ইয়ৰ ফোন? হোম মিনিষ্টাৰে তোমাক ফোন কৰি পোৱা নাই”৷
“চৰী ছাৰ৷ আই হেভ লষ্ট ইট”, তাই লাহেকৈ মাত লগালে৷
কমিছনাৰে তাইলৈ চাই ৰ’ল৷ বৰ তীব্ৰ সেই চাৱনি৷ এই একেজন কমিছনাৰেই দুদিন আগতে কৈছিল, “তোমাৰ ওপৰত মোৰ আস্থা আছে ঈশানী”৷
“কালি ক’ত আছিলা? হোৱাই হেড ইউ বিন চ’ চাইলেণ্ট ফ’ৰ দ্য হোল দে? ”, কমিছনাৰে আকৌ সুধিলে৷
“আই ৱাজ মেণ্টেলী চিক ছাৰ”, ঈশানীয়ে উত্তৰ দিলে৷
“ৱাও৷ হোৱাট এ ৰিপ্লাই! আই নিড অল এবাউট ইয়ৰ নেগলিজেন্স ইন ব্লেক এণ্ড হোৱাইট৷ ডু ইউ আণ্ডাৰষ্টেণ্ড? ”
ইতিকিঙৰ সুৰ এটা ভাঁহি আহিল তেওঁৰ দুই ওঁঠৰ মাজেৰে৷
কলিং বেল টিপিলে তেওঁ৷ অৰ্দালিজন সোমাই আহিল৷ কোনোবা এজনক মাতিবলৈ কৈ ঈশানীৰ ফালে চালে,
“বাই দ্য ৱে, তোমাৰ ইমান দায়িত্বহীনতা কেনেকৈ হ’ল? তোমাৰ হৈ মই কিমানক উত্তৰ দিব লগা হৈছে তুমি জানানে? ”
লৰা এজন সোমাই আহিল৷ কমিছনাৰে লৰাজনলৈ চাই ক’লে,
“প্ৰিন্স৷ মেডামৰ চিঠিখন লৈ আনা৷ আৰু এখেতৰ মোবাইল ফোন হেৰাইছে৷ ডুপ্লিকেট চিমৰ খবৰ লোৱা৷ ইমিডিয়েট যোগাৰ কৰা”৷
ঈশানী মনে মনে ৰ’ল৷ মনৰ মইমতালিৰ জবাব দিব লাগিব তাই৷ চাকৰিত জইন কৰিয়ে কাৰণ দৰ্শোৱা জাননী৷ কি কাৰণ দৰ্শাব তাই? লিখিব নেকি যে, দায়িত্বজ্ঞানহীন তাই কোনোদিনেই নাছিল৷ অলপ মাথোঁঁ বেছি আবেগিক, এয়া সঁচা কথা৷
তাইৰ মুখৰ ভাব-আবেগ কমিছনাৰে লক্ষ্য কৰি কিছু কোমল হ’ল৷ প্ৰিন্সে দি যোৱা চিঠিখন তাইৰ হাতত তুলি দিলে তেওঁ, তাৰ পাছত ক’লে,
“তিনি বজাত প্ৰেছ মীট আছে৷ ৰেডি হোৱাগৈ”৷
এইবাৰহে তাইৰ সম্বিত আহিল,
“প্ৰেছ মীট? কিহৰ বাবে? ”
কমিছনাৰে হাতৰ চিঠিখনলৈ আঙুলিয়াই দিলে৷ তাই চিঠিখন পঢ়ি কমিছনাৰলৈ চালে৷ শতটা নিৰাশাৰ লগনৰ পাছত চিঠিখনে কঢ়িয়াই আনিলে কামৰ প্ৰতি আস্থা৷ সত্যৰেই সদায় জয়, এই কথা আকৌ প্ৰমাণিত কৰি গোটেই কেচটোৰ দায়িত্ব তাইৰেই ওপৰত ন্যস্ত কৰা হ’ল৷ আঁৰৰ কাৰণ যদিও তাইৰ অজ্ঞাতে ৰ’ল, তথাপি তাই সুখী হ’ল৷ নতুন উদ্যমে তাইক উজ্জীৱিত কৰি তুলিলে৷
এৰা৷ জীৱনে বাৰে বাৰে সুযোগ দিয়ে৷ মাথোঁঁ মাজে মাজে লুকাভাকু খেলে৷ বুজি নোপোৱাসকল সেইকণ লুকাভাকুতে বৰণহীন হৈ পৰে৷
“যোৱা৷ কামত লাগা৷ মিট ইউ এগেইন এট থ্ৰী পি এম”৷
তাই কমিছনাৰক চেল্যুট মাৰি ওলাই আহিল৷ হাজাৰ আশ্চৰ্যই তাইলৈ বাট চাই আছিল৷ বাহুত জিলিকি থকা তৰাটো তাই চুই চালে৷ এই তৰাৰ নিজা পোহৰেৰে তাই তাইৰ কণমানি পৃথিৱী আলোকময় কৰি তুলিব৷ আগতকৈও দুগুণ উৎসাহেৰে কাম কৰিবলৈ তাই বদ্ধপৰিকৰ হ’ল৷
স্থানীয় থানাখনলৈ তাইৰ জীপৰ চকা ঘূৰিল৷
(আগলৈ)

ঊনপঞ্চাশতম খণ্ডঃ কুণ্ডলিনী
—————————
“মিঃ ডেকা, ডক্টৰ দুজনৰ ভাষ্য শুনাওক মোক”, থানাত সোমাই ঈশানীয়ে অচিজনক উদ্দেশ্যি ক’লে৷ তাৰ পাছত কৈ গ’ল পুনৰবাৰ,
“তদন্তটো শীতল মগজুৰে চলাই নিব লাগিব৷ ইয়াত হাই প্ৰফাইল মাফিয়া জড়িত থকাৰ আশংকা নুই কৰিব নোৱাৰি”৷
ঈশানীয়ে এটা দল লৈ হস্পিতেলত তালাচী চলোৱাৰ পৰিকল্পনা কৰিলে৷ অতি সংগোপনে কৰিবলগা কামটোৰ বাবে বাচি বাচি কেইজনমান পুলিচেৰে এটা দল গঠন কৰিলে৷
“এইটো আমাৰ তদন্তকাৰী দল৷ আমি প্ৰয়োজনতকৈও বেছি সচেতন হ’ব লাগিব৷ প্ৰতিটো ক্ষেত্ৰতে আমাৰ গোপনীয়তা ৰক্ষা কৰি চলিব লাগিব৷ লগতে এটা কথা মৃতা ছোৱালীজনীৰ পৰিয়ালবৰ্গক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আমাৰ৷ ”
সাধাৰণ প্ৰেমজনিত ঘটনা বুলি ভাবি থকা পুলিচমহলত ঈশানীৰ বক্তব্যই অলপ হলেও আলোড়নৰ সৃষ্টি কৰিলে৷ অবিনাশেও ঈশানীৰ লগত যোগাযোগ কৰিব নোৱাৰি যথেষ্ট চিন্তিত হৈ আছিল৷ কমিছনাৰক ফোন কৰিও তেওঁ সুদুত্তৰ পোৱা নাই৷ কমিছনাৰে যেন এৰাই চলিছে ঈশানীৰ কথাটো৷ “বৰ একাচেকা ছোৱালীজনী”, কমিছনাৰে ইতিমধ্যে বুজি উঠিছিল, যেন ছোৱালীজনীয়ে একমুহূৰ্ততে দলিয়াই পেলাব পকেটৰ ৰিভলভাৰ, যেন কৈ উঠিব, “ছাৰ মোৰ হেৰুৱাবলৈ কিটো আছে? যাৰ পোৱাৰ ঘৰত শূন্যতা, তাৰ হেৰুওৱাৰ ঘৰতো একো মূল্য নোহোৱা মাথোঁঁ এটা সংখ্যা”৷
মুঠৰ ওপৰত অবিনাশ চিন্তিত৷ ঈশানীক মবাইলতো পোৱা নাই৷ অফিচৰ ফোনতো পোৱা নাই৷ এনে সময়তে টিভি খুলিয়েই কেবাটাও মাইক্ৰফোনৰ আগত তাইক দেখিবলৈ পোৱাতো তেওঁৰ বাবে সৌভাগ্যৰ কথা৷ প্ৰেছ মীটত ঈশানীৰ বক্তব্য শুনি তেওঁ আবেগিক হৈ পৰিল, সেই একেই উজ্জীৱিত মুখ, একেই মোহনীয় ব্যক্তিত্ব, একেই প্ৰত্যয়ৰ সুৰ, একেই আত্মবিশ্বাসৰ ধ্বনি প্ৰতিটো শব্দত৷ খুব ব্যস্ত চাগে তাই৷ মেডিয়াত এইকেইদিন তাইৰেই কথা৷ গৃহমন্ত্ৰীৰো চকুৰ মণি হৈ পৰিছে যেন ঈশানী৷
“হত্যাৰ মূল কাৰণ কি বুলি ক’ব বিচাৰে”, ঈশানীক উদ্দেশ্যি কোনোবা সাংবাদিকৰ প্ৰশ্নবাণ৷
“সেই কথা আমাৰ তদন্তৰ আওতাত৷ অতি সোনকালেই আমি সেই কাৰণ ক’ব পাৰিম”৷
একে সময়তে আৰু তিনিটা পৰিবেশত তিনিজনে চাই আছে ঈশানীলৈ৷
মাকে টিভিটোলৈ চকুৰ পলক নেপেলোৱাকৈ চাই ৰ’ল৷ দুচকু ভৰি আহে তেওঁৰ৷ দেউতাক উচপিচাই ৰয়৷ নোৱাৰে তেনেদৰে চাবলৈ৷ ইজনে সিজনৰ চকুৰ পৰা লুকুৱায় সীমাহীন ব্যৰ্থতা৷
সপ্তদৰ্শী গুজৰি গুমৰি চিন্তা কৰি থাকিল, কেনেকৈ উৰিবলৈ শিকা চৰাইজনীৰ পাখি কাটিব পাৰি৷ সাহিত্যক এবাৰ লগ পোৱা হ’লে! অকলে কিবা কৰিবলৈকো তাইৰ সাহস নাই৷
অন্বেষাই লগে লগে ফোন দাঙিলে, “এই ৰাজীৱ, অসমীয়া নিউজ চেনেল লগা সোনকালে, তোৰ ৰাজকুমাৰী ওলাইছে চা”৷
অন্বেষাৰ ফোন পায়েই টিভি অন কৰি ৰাজীৱে চাই ৰ’ল তাইলৈ৷ বগা ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালীজনীয়ে তাৰ কাষেৰেই যেন পাৰ হৈ সন্তপৰ্ণে জখলা বগাই ওপৰলৈ উঠি থাকিল৷ এটা সময়ত সি ডিঙি মেলি মেলি চাইও তাইক নেদেখা হৈ পৰিল৷ আকাশৰ পৰা নামি অহা পুষ্পৰথত উঠি বহিল তাৰ সপোনসুৰভি৷ ক্ৰমে ডাঁৱৰৰ মাজত লুকা ভাকু খেলি এটা সময়ত তাই যেন অদৃশ্য হৈ পৰিল৷ তৰাৰ দেশত বিলীন গ’ল তাৰ ৰাজকুমাৰী৷ মুহূৰ্ততে দৃশ্যপট সলনি হ’ল৷ খাকীৰঙী পোছাক সোলোকাই পৰীৰ সাজেৰে এজাক বৰষুণ হৈ তাৰ পৃথিৱীলৈ নামি আহিল৷ নাহৰৰ কুমলীয়া পাতেৰে হালি জালি থকা বুকুৰ বসন্ত সম্ভাৰখিনিত হাত বুলাই সি সিদ্ধান্ত লৈ পেলালে, এই ছোৱালীজনীক সি দূৰৈৰ পৰাই চাব, এপাহ ফুলৰ দৃষ্টিৰে সি মাথোঁঁ চায়েই ৰ’ব৷ ছিঙি অনাৰ ধৃষ্টতা সি নকৰে৷ তাই হাজাৰজনগণৰ বাবেই কাম কৰি যাওক, সি তাইৰ পথত হেঙাৰ হৈ থিয় নিদিয়ে কেতিয়াও৷
প্ৰেছমীটৰ পৰা ওলায়েই এদল পুলিচবাহিনী লৈ ঈশানী হস্পিতেল পালেগৈ৷ প্ৰতিটো বিভাগতে তেওঁলোকে দুজনকৈ পুলিচ নিয়োগ কৰিলে৷ এবছৰ ধৰি তাত ভৰ্তি হোৱা সমূহ ৰোগীৰে তথ্য সন্নিবিষ্ট ৰেজিষ্টাৰসমূহ তেওঁলোকে সংগ্ৰহ কৰিলে৷
তেওঁলোকৰ টিমত আছিল স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি কেবাজনো জেষ্ঠ্য মেডিকেল অফিচাৰ৷ ঈশানীয়ে সন্দেহ মৰিষণ কৰিবলৈ নিজে শৈল বিভাগৰ দায়িত্বত থাকিল৷ দলৰ সকলোকে উদ্দেশ্যি কৈ গ’ল তাই,
“যোৱা কিছুদিনত অস্ত্ৰোপচাৰ কৰা সমূহ ৰোগীৰে নাম ঠিকনাসমূহ টুকি লৈ প্ৰতিজনৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যক্তিগতভাৱে যোগাযোগ কৰা হওক৷ তেওঁলোকক অতি সাধাৰণভাৱেই কোৱা যাওক যে হস্পিতেলখনৰ ৰহস্যজনক স্থিতিত চৰকাৰে তাৰ ৰোগীসকলৰ দায়িত্ব ল’ব বিচাৰিছে৷ স্বইচ্ছাই আহিব বিচৰাসকলক লৈ কোনো সমস্যা নাই৷ বাকীসকলক জোৰ কৰিব নালাগে”৷
“এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ প্ৰক্ৰিয়াটোত কিমানদিন লাগিব ডক্টৰ বৰুৱা? ”, এইবাৰ ঈশানীয়ে যুটীয়া সঞ্চালকলৈ চাই প্ৰশ্ন কৰিলে৷
“আমাৰ হাতত মজুত ডক্টৰ আৰু মেচিন অনুসৰি আমি এসপ্তাহত ৫০০টা কেচ চাব পাৰিম”৷
“গুড৷ আমি তেতিয়াহ’লে ৫০০জন ৰোগীৰ তালিকা প্ৰস্তুত কৰি উলিয়াওঁ৷ তেওঁলোকৰ উপস্থিতি নিশ্চিতকৰণৰ দায়িত্ব কোনে ল’ব? ”
লেডী পুলিচ অফিচাৰ এগৰাকীৰ সৈতে দুগৰাকী স্বাস্থ্যকৰ্মীক সেই দায়িত্ব দিয়া হ’ল৷
“তেওঁলোকক ব্যক্তিগতভাৱে খবৰ দিয়া যাওক৷ মনত ৰাখিব যাতে ইয়াৰ মূল উদ্দেশ্য আমাৰ বাহিৰে কোনেও গম নাপায়”৷
“আমাৰ এই অভিযানৰ লক্ষ্যসীমা পোন্ধৰদিন৷ পোন্ধৰদিনত আমি এটা সিদ্ধান্তলৈ আহিব লাগিব৷ বিশ্বাস আছেনে আপোনালোকৰ? ”, দলৰ সকলোলৈকে চাই ঈশানীয়ে প্ৰশ্ন কৰিলে৷
সমস্বৰে চিঞৰি উঠিল, “আমি আপোনাৰমতেই আগুৱাই যাম মেডাম”৷
তন্নতন্নকৈ পৰীক্ষা কৰিছিল সমূহ ৰেজিষ্টাৰ৷ গোটেইকেইখন ৰেজিষ্টাৰৰ এটা কপি ঈশানীয়ে নিজৰ হাতত ৰাখিলে৷ পূৰ্ণোদ্যমে চলিছিল তদন্ত৷ স্বাস্থ্য পৰীক্ষাৰ কাম তড়িৎ গতিত চলি আছিল৷ পেটৰ সম্পূৰ্ণ আলট্ৰাচাউণ্ড নিৰীক্ষণকে ধৰি তেজ পৰীক্ষালৈকে ঈশানীয়ে তদাৰক কৰিলে সমূহ কাম-কাজ৷ এনে সময়তে ৰোগীৰ লগত যোগাযোগ কৰিবলৈ দিয়া লেডী পুলিচগৰাকী তাইৰ ওচৰলৈ আহি দুখন লিষ্ট দিলে, এখনত স্বাস্থ্য পৰীক্ষাৰ বাবে অহা ৰোগীৰ নাম, বিপৰীতে আনখন তালিকাত লিপিবদ্ধ আছিল স্বাস্থ্যপৰীক্ষাৰ বাবে অনিচ্ছুকসকলৰ নাম৷
ইতিমধ্যে স্বাস্থ্যপৰীক্ষাৰ ৰিপৰ্টসমূহো প্ৰস্তুত হৈ উঠিছিল৷ দলৰ সমূহ সদস্যকে লৈ ঈশানীয়ে এখন জৰুৰী সভা আহ্বান কৰিলে৷
“এই কেচকেইটা অলপ সন্দেহজনক”, মেডিকেল অফিচাৰজনে তাইক ৰিপৰ্টসমূহ দাখিল কৰিলে৷
“সন্দেহজনক মানে? ”
“মানে এইকেচকেইটাৰ প্ৰত্যেকজনৰে এটা কিডনী ৰিমভ কৰা হৈছে৷ তেওঁলোকৰ স্বাস্থ্য অতি দুৰ্বল৷ তাৰে কেইজনমানৰ আনটো কিডনীও লাহে লাহে বিকল হৈ আহিছে”৷
“অহ মাই গড”, ঈশানীৰ শৰীৰৰ মাজেৰে যেন বিজুলী সঞ্চাৰহে হ’ল, “হে ভগৱান৷ মোৰ সন্দেহ অমূলক হওক৷ ভগৱান বুলি গণ্য কৰা ডক্টৰসকল কচাই নহওক৷ হস্পিতেলসমূহ মানৱতাৰ বধ্যভূমি নহওক”৷
“এই কেচকেইটা কেতিয়াৰ? ইয়াৰ ওপৰত সবিশেষ তদন্তৰ দৰকাৰ আছে৷ কি কাৰণে তেওঁলোকৰ কিডনী ৰিমভ কৰাৰ দৰকাৰ হ’ল, কোন ডক্টৰৰ দ্বাৰা এনে অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল, তাৰ বিশদ বিৱৰণ লাগে৷ তাৰ বাবে জোৰদাৰ ইনভেষ্টিগেচন হওক৷ আজিয়েই এই কেচকেইটাৰ বিশেষ তদন্ত আৰম্ভ কৰা যাওক৷ মিচেচ ৰাখী, আপুনি এতিয়াই সেই তালিকা প্ৰস্তুত কৰি আনক”, লেডী পুলিচগৰাকীলৈ চাই ঈশানীয়ে নিৰ্দেশ দিলে৷
তালিকাখন প্ৰস্তুত কৰি থকাৰ পৰাই মিচেচ ৰাখী উত্তেজিত হৈ দৌৰি আহিল, “মেডাম এটা কথা ধৰা পৰিছে”৷
তাই ৰাখীলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল৷ ৰাখীয়ে ফোঁপাই ফোঁপাই কবলৈ ধৰিলে,
“মেডাম এই বিশেষ কেচকেইটাৰ গোটেইকেইটাই নিৰ্দিষ্ট এটা দিনত সংঘটিত হৈছিল”৷
“আপুনি কি ক’ব বিচাৰিছে মিচেচ ৰাখী? ”
“মেডাম এয়া চাওক৷ ”
ৰাখীয়ে তাইক সন্দেহজনক কেচকেইটা দেখুৱালে৷ প্ৰত্যেকটো অস্ত্ৰোপচাৰৰ দিন আছিল সপ্তাহৰ দেওবাৰসমূহ৷
ঈশানী আচৰিত হৈ চাই ৰ’ল৷ আই চি ইউ হত্যাকাণ্ডটোও দেওবাৰৰ আছিল৷ সিদিনা মৃতা নাৰ্ছগৰাকীৰ লগত দুজনকৈ ডক্টৰ আছিল৷
“প্ৰতিটো দেওবাৰে কোনজন ডক্টৰ অন ডিউটি থাকে উলিয়াব পৰা যাব নিশ্চয়”৷
“হয় মেডাম৷ ইতিমধ্যে লিষ্টখন ৰেডি হৈ গৈছে৷ প্ৰিণ্ট আউট কপি আনি আছো”৷
মিচেচ ৰাখী দৌৰি ৰূমৰ পৰা ওলাই গ’ল৷ ঈশানীয়ে কপালৰ ঘামখিনি মচি ল’লে৷ এজন ডক্টৰৰ ওপৰত তাইৰ আগৰে পৰাই চকু আছিল৷ তেওঁক এৰেষ্ট কৰাৰ লগে লগেই গোটেই কথাবোৰ জলজল পটপটকৈ হৈ ওলাই পৰিব৷ কমিছনাৰ ছাৰৰ পৰামৰ্শ লোৱাৰ দৰকাৰ তাইৰ৷ এপইণ্টমেণ্ট লবলৈকে বুলি তাই ফোনটো দাঙি ল’লে৷
“গুড ইভিনিং ছাৰ৷ ৱাণ্ট টু মিট ইউ ছাৰ৷ ইটজ ৰিয়েলী ……………”, কথাখিনি তাইৰ শেষ নহ’ল৷ মিচেচ ৰাখীয়ে অনা তালিকাখনৰ প্ৰথম নামটো পঢ়িয়ে তাইৰ মূৰটো আচন্দ্ৰাই ধৰিলে৷ ফোনটো হাতৰ পৰা সৰি পৰিল তাইৰ৷
সিপাৰৰ পৰা বাৰে বাৰে ভাঁহি আহিছিল কমিছনাৰৰ কণ্ঠ,
“হেল্ল’ হেল্ল’ ঈশানী৷ তুমি শুনি আছানে ঈশানী? ”
নাই৷ ঈশানীয়ে শুনা নাছিল কমিছনাৰৰ মাত৷ তাইৰ কাণ গধুৰ হৈ পৰিল৷ কণ্ঠ ৰুদ্ধ হৈ পৰিল৷ বুকুৰ মাজত এজাক বৰলে কামুৰিবলৈ ধৰিলে৷ উশাহত ভৰি পৰিল এবায়ু ক’লা ধোঁৱা৷
চকীখনতে ঢলি পৰা ঈশানীক সাৱটি ধৰি মিচেচ ৰাখীয়ে চিঞৰিবলৈ ধৰিলে৷

পঞ্চাশতম খণ্ড ঃ কুণ্ডলিনী
————————
লাহে লাহে তাই চকু মেলিলে৷ কি হৈছিলনো তাইৰ, কিহ’ৰ কাৰণে আচহুৱা পৰিবেশ এটিত তাই শুই আছে পলকতে তাই তলকিব নোৱাৰিলে৷ চকুযোৰ মেলা দেখিয়েই তাইৰ ওচৰলৈ কেবাখনো মুখ আগবাঢ়ি আহিল৷
তাই মনত পেলাবলৈ চেষ্টা কৰিলে৷ তাই কমিচনাৰ ছাৰৰ লগত ফোনত কথা পাতি আছিল৷ মিচেচ ৰাখীয়ে তাই প্ৰস্তুত কৰিবলৈ দিয়া তালিকাখন আনি তাইৰ হাতত দিছিল৷ এখন হাতত তালিকাখন আৰু আনখন হাতত তাইৰ ফোনটো৷ সিমানখিনিলৈকে মনত পৰিল তাইৰ৷ তাৰ পাছত? তাৰ পাছত? নাই মনত পেলাব নোৱাৰিলে তাই৷
“মিচেচ ৰাখী? ”
“য়েচ মেডাম”, মিচেচ ৰাখী আগবাঢ়ি আহিল৷
“আপুনি লিষ্টখন ক’ত থলে? ”, তাই ৰাখীক সুধিলে৷
ডক্তৰ চাহা আগবাঢ়ি আহিল, “মেডাম আপোনাক অলপ জিৰণিৰ প্ৰয়োজন”৷
“নাই ডক্টৰ, আই এম অলৰাইট নাও, আপোনালোকে মোক সুস্থ কৰি তুলিলে৷ থেংকচ ইউ ভেৰি মাচ্চ ডক্টৰ”৷
মিচেচ ৰাখীয়ে লিষ্টখন ঈশানীৰ হাতত তুলি দিলে৷ স্বাস্থ্যপৰীক্ষাৰ সময়ত ধৰা পৰা সন্দেহজনক কেচকেইটাৰ তালিকা প্ৰস্তুত কৰিবলৈ দিছিল মিচেচ ৰাখীক৷ সন্দেহজনক কেচ মানে কিডনী ৰিমভ কৰা কেচকেইটা৷ এটা এটাকৈ যেন খোল খাইছিল ৰহস্যৰ পাক৷ কেচকেইটাৰ তালিকা প্ৰস্তুতকৰণত ধৰা পৰিছিল আৰু এক আচৰিত কথা৷ প্ৰতি দেওবাৰে সংঘটিত হৈছিল সেই জঘন্য ঘটনাসমূহ৷ অস্ত্ৰোপচাৰৰ সময়তে এটাকৈ কিডনী আঁতৰাই ৰখা হৈছিল সেইসকল দুৰ্ভগীয়া ৰোগীৰ৷ ৰোগীসকলৰ অজ্ঞাতেই হৈছিল সেই কথা, এইটো টিমত থকা মেডিকেল অফিচাৰকেইজনৰ মতামত৷
দুৰ্ভগীয়া ৰোগীৰ তালিকাখনত চকু ফুৰাইছিল তাই৷
বুকুখন মোচৰ খাই উঠিল তাইৰ৷ এয়াতো যুদ্ধ জয়ৰ আনন্দ কিম্বা অস্ত্ৰসমৰ্পণৰ বেদনা নহয়৷ তেন্তে?
তেন্তে কি কাৰণে তাই সেই হতভগীয়া ৰোগীৰ তালিকাখনত সাহিত্য দুৱৰাৰ নামটো দেখি তাই মুৰ্চা গ’ল? বুকুত ঘৃণাৰ জ্বলন্ত অগ্নিপিণ্ড লৈ তাই এইখিনি পাইছেহি৷ সাহিত্যৰ বিৰুদ্ধে তাইৰ যুদ্ধখন কেৱল ব্যক্তিগত যুদ্ধ হৈ থকা নাছিল৷ এয়া হৈ উঠিছিল অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ যুদ্ধ৷ এইখিনি কৰিবলৈ আহোতে তাই কমখন পৰিক্ৰমাৰ মাজেৰে অহা নাই৷ আৰু এতিয়া শত্ৰুপক্ষৰ দুৰ্বল অৱস্থা দেখি কিয় তাই বিচলিত হৈ পৰিছে?
সাহিত্যৰ এটা কিডনী অতি সংগোপনে আঁতৰাই দিয়া হৈছে৷ মেডিকেল ৰিপৰ্টমতে আনটো কিডনীও ক্ৰমান্বয়ে বিকল হৈ আহিছে৷
“অতি দুৰ্বল তেওঁ”, মেডিকেল অফিচাৰজনে ঈশানীৰ দৃষ্টি অনুসৰণ কৰি কৈ উঠিল৷
“দুৰ্বল মানে? ”
“হয়তো তেওঁ বেছিদিন জীয়াই নাথাকিব৷ ”
সাহিত্য দুৱৰা৷ তাইৰ চিৰপ্ৰতিদ্বন্দ্বী সাহিত্য দুৱৰা এতিয়া মৃত্যুপথৰ যাত্ৰী৷
আসঃ৷ মৃত্যু ইমান সহজ! মৃত্যু ইমান সুলভ!
যুদ্ধখন যেন শেষ হৈ গ’ল৷ ৰণাংগণৰ সিটো প্ৰান্তত যেন তাই থিয় দি ৰ’ল৷ সন্মুখত সাহিত্য দুৱৰাৰ গেলা পচা শৱদেহ, যুদ্ধৰ আনন্দত তাইৰ শৰীৰত কেচেমা কেচেম তেজৰ গোন্ধ৷
“নাই”, তাই চিঞৰি উঠিল৷ সেই তেজৰ গোন্ধ তাই শৰীৰত সানিব নিবিচাৰে৷ তাই চকুযোৰ মুদি দিলে৷
তাইৰ চিঞৰ শুনি ডক্টৰ চাহা পুনৰবাৰ দৌৰি আহিল৷
“মেডাম৷ আপুনি কিবা চিন্তা কৰি আছে”৷
তাইৰ চকুহাল ৰঙা৷ নিচাসনা নে শূন্যতাভৰা সেই কথা তাই নাজানে৷ নাজানে বাবেই তাই চিলিংখনলৈ চাই ৰ’ল৷ ভগৱানক উদ্দেশ্যি কৈ উঠিল,
“এয়া মোক কি শাস্তি দিলা? এই জয় মোৰ কাম্য নহয় ভগৱান৷ এই জয় মানবতাৰ জয় নহয়৷ মই তেওঁৰ মৃত্যু বিচৰা নাছিলো৷ মইতো বিচাৰিছিলো অধৰ্মীৰ হাতেৰে অধৰ্মৰ মৃত্যু৷ ভাল মানুহৰ ভাল হওক, বেয়া মানুহবোৰ ভাল হৈ উঠক, এয়াহে আছিল মোৰ প্ৰাৰ্থনা”৷
বৰ কোমল অন্তৰ তাইৰ৷ অবিনাশে কৈছিল তাইক৷ তাইৰ অন্তৰখন হেনো এই চাকৰিৰ কাৰণে উপযুক্ত নহয়৷ তাই পদে পদে মানৱতাৰ মৃত্যু দেখিব, পদে পদে তাই নাৰীত্বৰ হত্যা দেখিব, পদে পদে তাই শিশুৰ বধ্যভূমিত ভৰি থ’ব, সেইবোৰত তাইৰ কোমল অন্তৰ পদে পদে শিলত থেকেঁচা খাব৷
“ভাগি নপৰচোন ছোৱালী৷ ভাগি নপৰ”, নিজকে থিয় কৰাবলৈ এখন মজবুত পৃথিৱী লাগে৷ কিয় বিধ্বস্ত হৈ পৰিছে তাইৰ পৃথিৱীখন? ভৰিৰ তলৰ মাটিখিনিত কিয় তাই খোপনি পুতিব পৰা নাই?
“মিচেচ ৰাখী”
“য়েচ মেম”৷
“কমিছনাৰ ছাৰৰ লগত কথা পাতিম৷ ”
“ছাৰে আপোনাৰ খবৰ লৈছিল৷ ”
তাই একো নক’লে৷ ৰাখীয়ে টেবুলত থকা গাখীৰ এগিলাচ ঈশানীৰ হাতত তুলি দি ফোনটো লগালে কমিছনাৰ ছাৰলৈ৷
ফোনটো পায়েই কমিছনাৰ গভীৰ চিন্তাত ডুব গ’ল৷ মৃতা নাৰ্ছগৰাকীৰ মৃত্যুৰ ৰহস্য লাহে লাহে ফাদিল হৈছে৷ সেয়া পুলিচ বিভাগৰ সফলতা৷ সিদিনা আই চি ইউত উপস্থিত থকা ডক্টৰ দুজনক আটক কৰিবলৈ ইতিমধ্যে পুলিচৰ টিম ওলাই গৈছে৷ কিন্তু ঈশানীৰ অসুস্থতাত তেওঁ চিন্তাত পৰিল৷ দিনে ৰাতিয়ে কামকে কৰি থকা ছোৱালীজনীয়ে কিবা গভীৰ চক পাইছে৷ ইফালে কামৰ পৰাও অব্যাহতি নিবিচাৰে ঈশানীয়ে৷ সময় বৰ মূল্যবান হৈ পৰিছে তাইৰ বাবে৷ মুহূৰ্তৰ বাবে অনিয়ন্ত্ৰিত হৈ পৰা মনটোক আয়ত্তলৈ আনি তাই
কমিছনাৰৰ লগত কথা পাতিলে৷ কাইলৈ ৰাতিপুৱাই দলটোক হস্পিতেললৈ পঠিয়াই তাই পূব-শৰণীয়াৰ সেই ঘৰটোত ভৰি দিয়াৰ সিদ্ধান্ত ল’লে৷ সাহিত্য দুৱৰাক এবাৰলৈ লগ পোৱাৰ দৰকাৰ৷ তাইৰ জীৱনৰ সেই প্ৰথম প্ৰেমিক, যিজনে তাইৰ মন-শৰীৰত হলাহল ঢালি বিষময় কৰি তুলিছিল প্ৰতিটো উপভোগ্য খোজ, সেই পুৰুষক এবাৰলৈ লগ পোৱাৰ দৰকাৰ তাইৰ৷ সমগ্ৰ আড়স্ততা ভাঙি তাই নিজৰ হৃদয়ক ঘোষণা কৰিলে এই সিদ্ধান্ত৷
অবিনাশৰ বিয়া৷ কাৰ্ডখন পালে তাই৷ কুটিল হাঁহি এটাৰে ব্যস্ততাবোৰে তাইক সেই জটিল সময়খিনিতে সংগ দিলে৷
“নিজকপাহৰি যোৱাৰ এয়াই উত্তম উপায় ছোৱালী৷ তই কামৰ মাজত হেৰাই যা”, বুজাব নোৱাৰা মনটোক তেনেকৈয়ে ঢাকি ৰাখে তাই৷
ব্যস্ততা৷ এৰা৷ অবিনাশৰ বিয়ালৈকে তাইৰ বহুত ব্যস্ততা৷ তথাপিতো অবিনাশক দৰাৰ সাজত দেখাৰ হেঁপাহটো নেৰে তাই৷ অবিনাশৰ বিয়ালৈ তাই যাব৷ গুৱাহাটীৰ কোনো এক বিবাহ ভৱনত হ’বলগীয়া অন্বেষা আৰু অবিনাশৰ বিয়াখনত তাই সোঁশৰীৰে উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিলে৷
একাৱন্নতম খণ্ডঃ কুণ্ডলিনী
————————-
“House no. 23, By-lane 4, Pub Sarania”,
ঠিকনাটো মনতে আকৌ এবাৰ আওঁৰাই ল’লে তাই৷ জীপৰ পৰা নামি তাই তেইশ নম্বৰ ঘৰটো বিচাৰি কলিংবেলত হাত দিলেগৈ৷
তাই আই-কাৰ্ডখন উলিয়াই দেখুৱালে, “এচিপি ঈশানী গোস্বামী৷ এটা কেচৰ খাতিৰত সাহিত্য দুৱৰাক লগ কৰিবলৈ আহিছো”, সন্মুখত থকা মানুহজনৰ মুখলৈ তাই নাচালে৷ তাইৰ বিধ্বস্ততা পৃথিৱীয়ে গম নাপাওক৷ পৃথিৱীয়ে নাপাওক তাইৰ নীলা তেজৰ খবৰ৷ মানুহজনৰ গতি অনুসৰণ কৰি তাই এটা কোঠালীৰ দুৱাৰমুখত ৰৈ দিলে৷ শীৰ্ণকায় এক শৰীৰেৰে তাত এটা কংকাল পৰি আছিল৷ অপৰিষ্কাৰ পৰিবেশ৷ শৌচ প্ৰস্বাবৰ গোন্ধ৷ অন্ধকাৰ গলিৰ সেই অট্টহাস্যবোৰ আজি মৃত্যুৰ শীতলতাত নিমাতে ৰৈছে৷ এয়াই সত্য৷ এয়াই নিয়তিৰ চূড়ান্ত সিদ্ধান্ত৷
কিন্তু? কিন্তু?
বহুত হিচাপ-নিকাচ যে বাকী ৰৈ গ’ল তাইৰ৷ নিজিকিল তাই৷ হৰা-জিকাৰ ওলোমা দলঙত বিভ্ৰমৰ ক্ষণ সাৱটি ৰৈ থাকিল তাইৰ লক্ষ্যমুখী গতি৷ এইখিনিতে তাই ৰৈ গ’ল৷ তাই নিজিকিল৷
বিৱৰ্ণ মুখ এখনেৰে সাহিত্য দুৱৰাৰ ঘৰৰ পৰা ওলাই আহিল তাই৷ গেটত হাত দিয়াৰ লগে লগে ভিতৰৰ পৰা এক নাৰীকণ্ঠ ভাঁহি আহিল,
“মাজনী৷ ”
আসঃ৷ এয়াতো সাহিত্যৰ মাক৷ সাহিত্যৰ প্ৰিয় বান্ধৱী বুলি কতদিন এইগৰাকী মানুহে নিজ হাতেৰে তাইক যে ৰান্ধি খুৱাইছিল৷ তাই ৰৈ দিলে৷ ঠিক যেন তাইৰ ওলমা দলঙত ৰৈ দিয়া তাইৰ লক্ষ্যমুখী গাড়ী৷
বগা চাদৰৰ আঁচলেৰে সেই মাতৃয়ে চকু মোহাৰিলে৷ তাই তলমূৰ কৰিলে৷ অসহায়তা প্ৰকাশি যেন তাই কৈ উঠিব, “মোক ক্ষমা কৰা আই৷ বহুত মূল্যৰ বিনিময়তো মই সাহিত্যক সেই নিষিদ্ধ গলিৰ পৰা উভোটাই আনিব নোৱাৰিলো৷ মোৰ প্ৰেমৰ জোৰ নাছিল আই৷ সিহঁতৰ বহুত জোৰ আছিল৷ ধনৰ,জনৰ তথা বলৰ৷ একোৰে অভাৱ নাছিল সিহঁতৰ৷ “
“নহয় মাজনী৷ সিহঁতৰ অভাৱ আছিল৷ মূল্যবোধৰ অভাৱ আছিল সিহঁতৰ৷ আদৰ্শৰ অভাৱ আছিল সিহঁতৰ৷ যি আদৰ্শই তোমাক ক্ষমাগুণৰ অধিকাৰী কৰিলে, সেই আদৰ্শৰ অভাৱ সিহঁতৰ মাজনী”৷
নাই, একোকে কোৱা নাছিল সেই নাৰীয়ে৷ অথচ হৃদয়ৰ কম্পন ঠিকেই শুনিছিল তাই৷ কিমান ধৈৰ্যৰে এগৰাকী মাতৃয়ে নিজ পুত্ৰৰ চিতা সাজু কৰে, সেই ধৈৰ্যৰ উমান পাইছিল৷ সেই মাতৃয়ে তাইক ভিতৰলৈ লৈ গ’ল৷ ঈশানীক চাহ যাঁচি পাতলালে পুত্ৰশোক৷ লগতে তাইৰ হাতত তুলি দিলে এদল ৰক্তবীজৰ নাম- ঠিকনাৰ লগতে সিহঁতৰ গুপ্ত ঘাটিৰ বহু তথ্য৷
“তুমি সফল হোৱা মাজনী৷ মোৰ দৰে অলেখ মাতৃৰ বহুত আশীৰ্বাদ আছে তোমাৰ ওপৰত”, কান্দিছিল নেকি সেই মাতৃয়ে? তাই মূৰ তুলি চোৱা নাছিল৷ নীৰৱে আহি জীপৰ চেল্ফ ষ্টাৰ্ট কৰিছিল৷ ঘূৰি চোৱাৰ সকাম নাই৷ ওলোমা দলঙৰ গাড়ীখনে গতি লৈছিল৷ অদূৰৰ ঘৰ এটাৰ পৰা ভাঁহি আহিছিল প্ৰিয় গায়কৰ জীৱনসুৰীয়া গান৷
“মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান৷ ”
বাৱন্নতম খণ্ডঃ কুণ্ডলিনী
————————
অবিনাশৰ বিয়া৷ কথাটো যিমান পাৰি মনৰ পৰা ঠেলি পঠিয়াইছে তাই৷ অবিনাশ সুখী হওক৷ জীৱনে মৰণে সেয়ে কামনা কৰে তাই৷
ব্যস্ততাবোৰে তাইক আশ্বাস দিয়ে৷ পথভ্ৰষ্ট হাজাৰজন পুত্ৰৰ অলেখজনী মাতৃৰ চকুৰ পোহৰে তাইৰ খোজত গতি দিয়ে৷ এনে এক গতিতেই তাই কৰ্মপন্থা নিৰ্ধাৰণ কৰি গৃহমন্ত্ৰীৰ আলোচনাকক্ষত উত্থাপন কৰিছিল সেই অভিযানৰ পৰিকল্পনা৷
“মেডাম৷ ড্ৰাগচৰ বহুতকেইটা ঘাটিৰ সন্ধান আমি পাইছো৷ আই চি ইউ হত্যাকাণ্ডৰ পম খেদি যিখিনি মানৱ সৰবৰাহৰ তথ্য পোৱা গ’ল, তাৰে বহু কেইটা কেচ ড্ৰাগচ সেৱনকাৰী ৰোগীৰ বুলি গম পোৱা গৈছে৷ ড্ৰাগচৰ নিচাই এওঁলোকৰ মতিভ্ৰম কৰি বিবেচনাবিহীন কৰি তোলে৷ ড্ৰাগচৰ বাবে দৰকাৰ হোৱা ধনৰ বাবে এইসকল লোকে যিকোনো পন্থা অৱলম্বন কৰিবলৈ সাজু থাকে৷ তাৰে কিছুমানে খুব কম দামত নিজৰ অংগ বিক্ৰী কৰে, কিছুমানে হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ এই ব্যাধি পুলিয়ে পোখাই আঁতৰাবলৈ সাজু হোৱা উচিত৷
মোৰ একচন প্লেন অনুসৰি মধ্য কামৰূপ, পূব কামৰূপ আৰু পশ্চিম কামৰূপৰ এএছপিসকলে তেওঁলোকৰ এলেকাৰ ঘাটিসমূহ আক্ৰমণ কৰাৰ বাবে কৰ্মপটু পুলিচৰ টিম গঠন কৰক৷ এছ পি অবিনাশ চলিহাৰ বিয়াৰ দিনা বহুতকেইজন উচ্চ খাপৰ পুলিচ অফিচাৰ তাত ব্যস্ত থকাৰ সুযোগত ড্ৰাগচৰ চোৰাংচোৱাসকলে কম আয়াসতে সেইবোৰ নিজৰ অঞ্চলত চালান দিবলৈ চেষ্টা চলাব”, কথাখিনি কৈ তাই কিছুপৰ ৰ’ল৷
“কৈ যোৱা ঈশানী”, গৃহমন্ত্ৰীয়ে তাইক নিৰ্দেশ দিলে৷
বটলৰ পৰা পানী এঢোকেৰে ডিঙিটো তিয়াই তাই কৈ গ’ল, “এক গোপন সূত্ৰৰ ভিত্তিত ভিত্তিত অহা দেওবাৰে এই ঘাটিসমূহৰ পৰা ড্ৰাগচ চালান দিয়াৰ কথা৷ এতিয়া আমিছটা ঘাটিৰ খবৰ পাইছো৷ প্ৰতিটো ঘাটিত দুটাকৈ পুলিচ টিম লাগিব৷ এটা টিমে গাড়ীসমূহত তালাচী চলাব আৰু আনটো টিমে ঘাটিসমূহত আক্ৰমণ কৰিব৷ ”
ত্ৰিশৰ দেওনা নগৰকা এজনী কোমলমতীয়া ছোৱালীৰ পৈণত কাৰ্যপ্ৰণালীত বাৰুকৈয়ে আকৃষ্ট হ’ল গৃহমন্ত্ৰী৷ তেওঁতো নাজানে, তেজত কিহৰ জেদে কিলবিলালে মগজুৱে সঠিক পথৰ সন্ধানত উন্মাদ হৈ পৰে৷ তেওঁ কথাবোৰ ভাবি থাকোতে ঈশানীৰ চকুহাল দিগন্তৰ সিপাৰৰ কোনোবা বিন্দুত আবদ্ধ হৈ পৰিল৷
অবিনাশৰ বিয়া৷ চকুৰ আগতে তাইৰ সিৰাই সিৰাই বৈ থকা অনুভৱবোৰৰ বন্ধকী হ’বলৈ গৈ আছে৷ তাইৰ বেয়া লগা নাই৷ অনু্ভৱহীন হৈ পৰিল নেকি তাই? ওহো৷ নহয়৷ তাই জানে অসংখ্য উজাগৰী ৰাতিয়ে তাইৰ বাবে শেতেলীত বাট চাই আছে৷ কিন্তু এয়া সেই সময় নহয়৷ এয়া কামৰ সময়৷ তাইৰ লক্ষ্যপূৰণৰ সময়৷ সেই মাতৃসকলৰ ওঁঠত আস্থাৰ গান বাজি উঠাৰ সময়৷
পূৰ্ব পৰিকল্পনা মতে ড্ৰাগচ উচ্চেদ অভিযানকাৰীৰ দলটো কেবা ঠাইত বাহৰ পাতি ল’লে৷ ঈশানী গ’ল অবিনাশৰ বিয়ালৈ৷ মুগা বা পাটৰ সাজেৰে নহয়, খাকীৰঙী এযোৰ পোচাকেৰে তাই বিবাহথলীত উপস্থিত হোৱাৰ লগে লগে অবিনাশ আগবাঢ়ি আহি তাইক অন্বেষাৰ ওচৰলৈ লৈ গ’ল৷
তাইক দেখাৰ লগে লগে দূৰৈৰ পৰা ডক্টৰ ৰাজীৱ আগবাঢ়ি আহিল, হাতখন তাইলৈ আগবঢ়াই ক’লে, “মোক আপুনি চিনি পাইছেনে? সৰুতে আমি আপোনালোকৰ ঘৰৰ কাষতে আছিলো৷ আপুনি জুবিনৰ বিৰাট ফেন আছিল৷ জাননে অন্বেষা, এওঁ খুব ভাল নাচিছিল”, ৰাজীৱে উশাহ নসলোৱাকৈ কৈ গ’ল৷
“বাঃ আপুনি দেখোন মোৰ কথা বেছ জানে৷ মইহেঁপাহৰিছো আপোনাৰ কথা”, হাঁহি এটাৰে তাই উত্তৰ দিলে ৰাজীৱক৷
তাই তাইৰ অতীতৰ চিনাকি দিব নোখোজে৷ অতীতে কঢ়িয়াই ফুৰা কবৰটো তাই খান্দিব নিবিচাৰে৷ সেয়ে এইহাল চকুৰ সতে তাইৰ আজন্ম পৰিচিত হ’লেও তাই অচিনাকিলোকৰ দৰে আচৰণ কৰে৷ এয়া অহংকাৰ নহয়, নহয় অহংকাৰ, এয়াতো ব্যৰ্থতা লুকুৱাৰ প্ৰয়াস৷ জীৱনটো এতিয়াও অসহজতাৰ শিকলিত বন্দী৷ কি কৰিব তাই? সেই মুহূৰ্তত তলৰ পৰা আকাশলৈ মূৰ তুলি চাবলৈ ভয় হয় তাইৰ৷ জানোচা হুৰহুৰাই খহি পৰে আত্মবিশ্বাসৰ আকাশখন৷
“ঈশানী, বিয়ালৈকে থাকিব লাগিব দেই”, অন্বেষাই তাইক কৈ গুচি গ’ল৷ কইনা ব্যস্ত৷ আধুনিক বিয়া৷ লাজৰ ওৰণি নাটানিলেও হয়৷
নাই৷ তাই ৰ’ব নোৱাৰে৷ হোমৰ গুৰিত বহি অন্বেষা-অবিনাশক বৈদিক মন্ত্ৰৰে পুৰোহিতে বিয়া পাতি দিয়া দৃশ্যাংশলৈ তাই ৰ’ব নোৱাৰে৷ তাই অলপ উচপিচাই উঠিল৷ সিহঁতৰ টিমটো আজি ভাগ ভাগ হৈ নিৰ্দিষ্ট এলেকাত খেপ লৈছে৷ যিকোনো সময়ত যিকোনো এক স্থানত তাইৰ দৰকাৰ হ’ব পাৰে৷
উচপিচনি বাঢ়ি গৈছে তাইৰ৷ তাইৰ এই পৰিকল্পনাত যদি এজনৰো প্ৰাণ হানি হয়, তাই সেই ক্ষতিৰ বাবে দায়ী হৈ পৰিব৷ তথাপি তাই যে প্ৰতীজ্ঞাবদ্ধ৷ হাজাৰটা সাহিত্য দুৱৰাক মৃত্যুৰমুখলৈ ঠেলি দিয়া, হাজাৰজনী ঈশানীক তিলে তিলে হত্যা কৰা দুষ্ট চক্ৰটোক দমন কৰিবলৈ যে তাই প্ৰতিশ্ৰুতিবদ্ধ৷
তাইৰ অস্থিৰতাবোৰ অবিনাশৰ চকুত নপৰাকৈ নাছিল৷ অতিথি শুশ্ৰূষাত ব্যস্ত থকা অবিনাশৰ সেই প্ৰশ্ন সোধাৰ সুযোগ নাছিল৷ মাথোঁঁ আঁৰে আঁৰে চাই ৰৈছিল সি৷ তাৰ চকুৰ দৃষ্টি অনুসৰণ কৰি সপ্তদৰ্শী পুনৰবাৰ জ্বলি উঠিল৷ তাইৰ ওচৰত অতদিন সযতনে থোৱা ভিডিওটোৱেও দেখোন কাম নিদিয়া হ’ল৷ ঈশানীয়েচোন কেৰেপকে নকৰে৷ সিদিনা ঈশানীয়ে কেনেকৈ চেলেঞ্জ দি আহিছিল সেই কথা মনত পৰিলে তাইৰ পেটতে হাত-ভৰি লুকায়৷ একোলৈকে ভয়-ভীত নকৰা ছোৱালী ঈশানী৷ যাৰ নিজকে আবৰিবলৈ স্বভিমানৰ দৰে এক ৰক্ষাকবচ থাকে, তাক কিহে তললৈ নমাব পাৰে? যাৰ পাবলৈ একো নাথাকে, তাৰ আচলতে হেৰুৱাবলগীয়াও একো নাথাকে৷
ঈশানীৰ ফোনটো বাজি উঠিল৷ ফোনটো ধৰিয়েই তাই লক্ষ্যস্থান ঠিক কৰি ল’লে৷ অবিনাশক বিদায়জনোৱা নহ’ল৷ কঁকালত থকা নাইন এম এম ৰিভলভাৰটো তাই চুই চালে৷ মিছনটো ভালে ভালে হৈ যাওক বুলি নেদেখাজনলৈ মনত পেলাই শক্তি গোটাই ল’লে৷
নেটৱৰ্ক প্ৰভাইদাৰৰ লগত আগতীয়াকৈ কথা পতা মতে অলপ পাছতে সেই নিৰ্দিষ্ট ফোনকলকেইটা ৰেকৰ্ড হোৱাৰ পাছতে তেওঁলোকৰ ফোনৰ নেটৱৰ্কসমূহ বিছিন্ন কৰি দিয়া হ’ব৷ গোটেইকেইটা ঘাটিৰ ফোনবোৰে কাম নিদিলে দুষ্কৃতিকাৰীৰ দল অসহায় হৈ পৰিব৷ সেই সময়তে পুলিচৰ দলসমূহে ড্ৰাগচসমূহ নিশ্চিহ্ন কৰিবলৈ উঠি পৰি লাগিব৷
সেই পৰিকল্পনাৰেই ঈশানী গৈ এটা দলত প্ৰতিনিধিত্ব কৰিলে৷ অলপ বিপদজনক ঘাটিটো তাই নিজ হাতত ৰাখিলে৷ অলপ আগতে সেই ঘাটিৰ পৰা এখন গাড়ী ওলাই গৈছে৷ অনতি দূৰত ৰৈ থকা সিটো টিমক যাৱতীয়া নিৰ্দেশনা দি তাইৰ দলটোৱে সেই ঘাটিটো ঘেৰি পেলালে৷
নিমিষতে জ্বলি ছাই হৈ গ’ল লক্ষ কোটি টকাৰ হিৰোইন, কোকেইন, ব্ৰাউন চুগাৰৰ পেকেট৷ আটক হ’ল বহু কেইজন মাফিয়া৷ এনকাউণ্টাৰত আহত হ’ল দুই পক্ষৰ কেবাজনো লোক৷ সংবাদ মাধ্যমৰ কাণত কথাটো নপৰাকৈ নাথাকিল৷
ইফালে অবিনাশৰ ছটফটনি বাঢ়ি গৈছে৷ তাক নোকোৱাকৈয়ে ঈশানীয়ে বিবাহথলী এৰিলে৷ সি সদায়ে দেখা নিৰ্বিকাৰ মুখখনত আজি যি অস্থিৰতাই বিৰাজ কৰিছিল, সেয়া বাৰে বাৰে তাৰ চকুৰ আগলৈ আহি থাকিল৷ এইমুহূৰ্তত পুৰোহিতে হোমৰ গুৰিলৈ অবিনাশক মাতিছে আৰু সি বিচাৰিছে এবাৰ সি ঈশানীৰ মাতটো শুনক৷ ঈশানীৰ ফোনটো নাপাই সি অন্বেষালৈ ফোন মাৰিলে৷ তাই তেতিয়া ওপৰমহলাত সাজোন কাচোনত ব্যস্ত৷ বিয়াৰ লগনলৈ বেছি পৰ নাই৷ এনে সময়ত তলৰ হোমযজ্ঞৰ পৰা অবিনাশৰ ফোন পাই তাই কিছু আচৰিত হ’ল৷ ঘড়ীটোলৈ চালে৷ এঘাৰ বাজি বিশ মিনিট পাৰ হৈ গৈছে৷
জেতুকাবুলীয়া হাতখনেৰে তাই ফোনটো দাঙিলে, “হেল্ল’ অবিনাশ”৷
“অন্বেষা, তুমি তললৈ আহা৷ খুব জৰুৰী কথা আছে”, কপালত তাৰ বিন্দু বিন্দু ঘাম৷ জীৱনত এবাৰলৈ এটা সুযোগ ল’ব বিচাৰে সি৷ সি বৰ চিন্তান্বিত ঈশানীক লৈ৷ সেই কথা বিয়াৰ আগতেই অন্বেষাইজনা উচিত৷ বিয়া মানে হৃদয়ৰ ফাঁকিৰ বোজা নহয়৷ এবাৰলৈ মুখামুখি হওক ঈশানী তাৰ স’তে৷ এবাৰলৈ ঈশানীৰ চকুত চকু ৰাখি সি সুধিব, ‘সুখীনে তুমি’ বুলি৷
অন্বেষা ওপৰৰ পৰা দৌৰি নামি আহিল, তাই কিছু পৰিমাণে শংকিতও হ’ল৷ অবিনাশৰ মূৰত আইন শৃংখলাৰ গধুৰ দায়িত্ব, সেয়া তাই বুজে৷ কামৰ হেঁচাত বিয়াৰ তাৰিখটোকে সি মিলাব পৰা নাছিল৷ বিশেষ কোনো কাৰণ নহলে সি জৰুৰীভাৱে তাইক লগ পাব নিবিচাৰিলেহেঁতেন, সেই কথাও তাইৰ অজানা নহয়৷
‘কি হৈছে অবিনাশ? এনি প্ৰবলেম? ”, অবিনাশৰ চিন্তান্বিত মুখখনলৈ চাই তাই উৎকণ্ঠাৰে প্ৰশ্ন কৰিলে৷
অন্বেষাৰ হাতত ধৰি অবিনাশে খালী ঠাই এডোখৰলৈ তাইক লৈ আহিল, “অন্বেষা মই নিজকে বুজাব পৰা নাই৷ তুমি বুজি পাবানে? ”
“মই বুজিম অবিনাশ৷ তুমি কোৱাচোন কি হৈছে৷ ”, অন্বেষাই প্ৰত্যুত্তৰত সুধিলে৷
অবিনাশে তাইক ক’লে কথাবোৰ৷ ঈশানীৰ ফোন নাপাই সি কিদৰে অস্থিৰ হৈ পৰিছে, সেই কথা অন্বেষাই নুবুজাকৈ নাথাকিল৷ মনে মনে ভাবিলে মাথোঁঁ, বুৰ্বকটোৱে আজিৰ দিনটোহে বাচি ল’ব লাগেনে এইবোৰ চিন্তা মূৰত আনিবলৈ৷
মুখত আশ্বাসৰ ৰেখাটানি তাই মাথোঁঁ সুধিলে, “এতিয়া তুমি কি বিচাৰিছা অবিনাশ? ”
“মই অলপ ওলাই যাওঁ অনি৷ তুমি পৰিস্থিতিটো চম্ভালিব পাৰিবানে? ”, অবিনাশে তাইৰ যেন অনুমতিহে বিচাৰিলে৷
“মই পাৰিম অবিনাশ৷ তুমি নিশ্চিন্তে যাব পাৰিবা”৷
তাইৰ সন্মতি পাই সি নৰ’ল৷ মুহূৰ্ততে গাড়ীত বহি সি ড্ৰাইভাৰক নিৰ্দেশ দিলে, “পুলিচ কমিছনাৰৰ ৰেচিডেঞ্চলৈ ব’লা আব্দুল৷ ইমিডিয়েট৷ ”
দৰাৰূপী অবিনাশক দেখি কমিছনাৰ কিছু আচৰিত হৈছিল যদিও সেই কথা ভাবিবলৈ সুযোগ নিদি অবিনাশে তেওঁক কৈ উঠিল,
“চা বন্ধু, মোৰ বেলেগ কথা পাতিবলৈ একেবাৰে সময় নাই৷ মাথোঁ ঈশানী কত আছে সেই কথাজনাৰ দৰকাৰ৷ এতিয়াই লাগে মোক ঈশানীৰ খবৰ”৷
কমিছনাৰে অবিনাশৰ উত্তৰত টিভিটো অন কৰি দিলে৷ টিভিত তেতিয়া বিগ ব্ৰেকিং নিউজ, “অসম আৰক্ষীৰ বৃহৎ সফলতা৷ মহানগৰীৰ সমূহ ড্ৰাগচৰ ঘাটি উৎখাত৷ সংঘৰ্ষত আহত এচিপি ঈশানী গোস্বামী”৷
বুকু কঁপি উঠিল অবিনাশৰ৷ সি জানিছিল৷ ঈশানী যে বিপদত পৰিছে, সেই কথা সি জানিছিল৷ তাৰ বুকুৱে সেই বাতৰি বাৰে বাৰে কঢ়িয়াইছিল৷ ঈশানীক লাগে তাক৷ এই মুহূৰ্তত ঈশানীৰ কাষত থিয় দিয়াটো অত্যন্ত প্ৰয়োজন তাৰ৷ অন্বেষালৈ ফোন লগালে সি, “অন্বেষা, মই জিএমচি লৈ গৈ আছো৷ কিয় গৈছো টিভিত চোৱা”৷
ঈশানীৰ ভৰিৰ কলাফুলত গুলি লাগিছিল৷ বৰ কষ্ট পাইছে চাগৈ তাই৷ অথচ মুখখনত দেখোন কষ্টৰ উমঘামেই নাই৷ সাগৰসম প্ৰশান্তিৰে ভৰা মুখখনত এতিয়াও বিৰাজমান সেই প্ৰথমতেই দেখা পোৱা ভাৱলেশহীনতা৷
“ঈশানী”, গভীৰ আবেগেৰ সি মাত লগালে৷
তাই লাহেকৈ চকু মেলিলে৷ প্ৰিয়পুৰুষৰ কণ্ঠই বুকুত কম্পন নোতোলাকৈ পাৰেনে?
“খুব কষ্ট পাইছা? ”, অবিনাশে তাইৰ হাতখন নিজৰ হাতত তুলি ল’লে৷
“ওহো৷ নাইতো”, তাই উত্তৰ দিলে৷
ঈশানীৰ দেহত এনাস্থেচিয়া প্ৰয়োগ কৰা আছিল৷ সেই জাল এতিয়াও কটা নাছিল৷ সেয়ে তাই বিষ অনুভৱ নকৰিলে৷
তেতিয়ালৈ কইনাৰ সাজেৰে অন্বেষা আৰু ৰাজীৱ ওলাইছিলহি৷ অবিনাশৰ হাতত ঈশানীৰ হাতখন দেখি অন্বেষা তভক মাৰি ৰ’ল৷ পিছমুহূৰ্ততে তাই পৰিস্থিতি চম্ভালি ল’লে৷
“ভৰিখনৰ নহয় অবিনাশ, বুকুখনৰ কষ্টবোৰ অনুভৱ কৰি চোৱা এবাৰ”, অন্বেষাই অবিনাশক কৈ উঠিল৷
অবিনাশে তাইৰ মুখলৈ চাই ৰ’ল, কিছুসময়ৰ পাছতে হোমৰ জুইত বহিবলগা তাৰ কইনাজনীয়ে কিনো ক’ব বিচাৰিছে সি বুজি নাপালে৷
“তুমি কিয় ইমান বুৰ্বক অবিনাশ”, তাই এইবাৰ তাক মৃদু ধমক দিলে৷ তাৰ পাছত আকৌ কৈ গ’ল,
“বুকুৰ কষ্ট ঢাকিবলৈকে যে ঈশানীয়ে আজিৰ দিনটো বাচি ল’লে, সেই কথা তোমাৰ এবাৰো মনলৈ অহা নাইনে অবিনাশ? ”
একো নুবুজে সি৷ অন্তৰাত্মাৰ দাবীত সি ইয়ালৈ আহিল, এতিয়াই গৈ হোমৰ গুৰিত আন নাৰীৰ দৰাবৰণ কৰিবগৈ৷ এইবোৰ তাৰ বিবেকৰ তাগিদা৷
“অন্বেষা তুমি যে এইখিনি পালাহি, তাত আলহীবোৰে ভুল নুবুজেতো”, সি অন্বেষাক সুধিলে৷
“নাই অবিনাশ, তুমি একেবাৰে চিন্তা নকৰিবা৷ আমি টিভিটো প্ৰজেক্টৰত কানেক্ট কৰি অন কৰি আহিছো৷ আলহীসকলেও ডাঁৰৰ বাতৰি ডাঁৰে পাই থকাতো উচিত৷ আৰু মেডিয়াকো খবৰ দি আহিছো৷ অবিনাশ আৰু ঈশানীৰ বিয়াৰ বৈদিক ক্ৰিয়াকৰ্ম অসমৰ ৰাইজে চাবলৈ পোৱাটো একপ্ৰকাৰ সৌভাগ্যৰ কথা৷ নে কি কোৱা? ”, অন্বেষাৰ মুখত দুষ্ট হাঁহি৷
অবিনাশে তলকিব পৰা নাই কি হ’বলৈ গৈ আছে৷ নাৰী ৰহস্যময়ী, এই কথা সি শুনিছিল৷ আজি সি প্ৰমাণ পালে৷ অন্বেষাক সি একেথৰে চাই ৰ’ল৷
গহীন পৰিস্থিতিটো ৰসাল কৰিবলৈকে ৰাজীৱে অন্বেষাক উদ্দেশ্যি গাই উঠিল, “নাহৰৰে কুমলীয়া পাতে সৰুমাই, তই বাৰু মোৰে কথা শুনিছনে নাই”৷
“এই লৰা, মোলৈ চকু নিদিবি দেই৷ মই চকুৰ ডক্টৰৰ লগত বিয়া হবলৈ নাই দেই৷ চকু চাই কবিতা লিখাতকৈ তইতো প্ৰেচক্ৰিপশ্বন লিখা মানুহ৷ সোঁচকুত মায়’পিয়া, বাওঁচকুত হাইপাৰমেট্ৰপিয়া নে কি বুলি কয়”, অন্বেষাৰ নিৰ্দোষ ধেমালিত গোটেইকেইজনে গিৰ্জনি মাৰি হাঁহি উঠিল৷
এইবাৰ অবিনাশলৈ চাই অন্বেষাই মাত লগালে, “বিয়াৰ লগন উকলিবলৈ বেছি পৰ নাই অবিনাশ৷ এয়া লোৱা মোৰ ফালৰ পৰা ক্ষুদ্ৰ উপহাৰ৷ ঈশানীৰ আঙুলিত পিন্ধাই দিয়া৷ ”, অন্বেষাই তাইৰ অনামিকা আঙুলিৰ পৰা আঙুঠিটো খুলি অবিনাশলৈ আগবঢ়াই দিলে৷
ঘটনাৰ নাটকীয়তাত ঈশানী ইচ ইচাই উঠিল৷ মুহূৰ্ততে মনত পৰি গ’ল সকলোবোৰ৷ এইজনীয়ে জানো সেইজনী অন্বেষা নাছিল যি প্ৰেমৰ বিফলতা সহিব নোৱাৰি মানসিকভাৱে ভাৰসাম্যহীন হৈ পৰিছিল৷ তাই অন্বেষাৰ দুচকুলৈ একেথৰে চাই ৰ’ল৷ তাৰ পিছত তাইৰ হাতখন থাপ মাৰি ধৰিলে৷ দুচকুৰে বৈ আহিল দুটি অশ্ৰুৰ সুঁতি৷
“অন্বেষাবা’ এয়া কি কৰিবলৈ ওলাইছা“, দুৰ্বল কণ্ঠ এটা নিগৰি আহিল ঈশানীৰ দুই ওঁঠৰ মাজেৰে৷
অন্বেষাই তাইৰ ওঁঠত হাত দি কৈ উঠিল, “আৰু একোকে নক’বা ঈশানী৷ তুমিতো মোক জীৱন দিছিলা৷ মই মাথোঁঁ তোমাৰ প্ৰেম ঘূৰাই দিছো৷ মোক এই ধাৰ শুজিবলৈ দিয়া পাগলী৷ প্লিজ ………“
ৰাজীৱে তাইলৈকে চাই আছিল৷ তেওঁতো দেৱতা৷ তাইৰ বিধ্বস্ত সময়ৰ সাক্ষী হৈ তাইৰ কাষত থিয় দি ৰোৱা সেই দেৱতাৰূপী ৰাজীৱলৈ তাই কৰুণ দৃষ্টিৰে চালে৷
সাংবাদিকৰ দল এটাই সিহঁতক বেৰি ধৰিলে৷ কিছুদিন পূৰ্বে জি এম চিত সহকাৰী অধ্যাপকৰূপে যোগদান কৰা সমুদ্ৰইও টিভিৰ বাতৰি চায়েই দৌৰি আহিল৷
কোনেও কাকো একো প্ৰশ্ন সোধাৰ প্ৰয়োজন নাছিল৷ প্ৰয়োজন নাছিল উত্তৰজনাৰ৷ বুকুৱে বুকু চিনে, বুকুৱে বুকু গঢ়ে৷ বুকুত বাজি উঠিল ঐনিতম-হাইদাং৷ কিংখাপৰ মেথনিয়ে লাজে লাজ মেলি বুকুত সাজি দিলে আতোলতোল, আমোলমোল এখনি সুখৰ কাৰেং৷ সেই সোণৰ কাৰেঙৰ সোণপানীৰে তিৰবিৰাই এখন নিৰ্ঝৰ বৈ আহিল দুখন হিয়াৰ মাজেৰে…………জিৰজিৰ জিৰজিৰকৈ৷
(সমাপ্ত)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.