ৰাধিকা – কুসুমাঞ্জলি শৰ্মা

ৰাধিকা – কুসুমাঞ্জলি শৰ্মা

ৰাধিকা – কুসুমাঞ্জলি শৰ্মা

by October 18, 2017 0 comments

 -আঠ-

প্ৰাগৈতিহাসিক কালত মধ্যএচিয়াত দেৱীমাতৃকাৰ পূজন আৰু ইজিপ্তৰ পটভূমিত ইয়াৰ বিশেষ অৱলোকন৷
নিবিড়ে যথেষ্ট পঢ়া শুনা কৰি তথ্য সহকাৰে এই লেখাটো প্ৰস্তুত কৰিছে৷
কম্পিউটাৰৰ পৰা সি সুন্দৰকৈ এটা হাৰ্ড কপী উলিয়াই মাদ্যামৰ এপ্ৰভৰ বাবে লৈ আনিছে৷
লিখনীটো ৰাধিকাই অধ্যয়ন কৰিবলৈ তাৰ সমীপত বহিছে৷
“ম্যাম, সম্ভৱ হোৱাহেঁতেন মই চাক্ষুষ অভিজ্ঞতাৰ বাবে সেইবোৰ স্থানলৈ
যাব মন আছিল৷ “
“এদিন নিশ্চয় যাবা৷ তদুপৰি নেট জীঅ’, ডিচকভাৰী, টি এল চি আদি চেনেলে কেতিয়াবা কেতিয়াবা কিবাকিবি প্ৰজেক্ট হাতত লয়৷ কি ঠিক তুমিও এনগেজড্ হৈ যাব পাৰা৷ চকু কাণ খোলা ৰাখিবা৷ এনেয়ো আৰ্কিওলজী বিষয়ত পঢ়া শুনা কৰা মানুহ কম৷ “
মাদ্যামৰ কথাবোৰ বৰ ধনাত্মক৷ শুনি ভাল লাগে৷
এদিন কিবা প্ৰসংগত ৰাধিকাই নিজৰ কথা কৈছিল,
“জানা নিবিড়, মোৰ সংগ্ৰহালয়ৰ কিউৰেটৰ হবলৈ সপোন আছিল৷ পিছে সকলো সপোন পুৰণ হবই লাগিব বুলি কোনো কথা নাই৷ “
“ ম্যাদামৰ আৰু কি কি সপোন আছিল! “
নিবিড়ে মনতে ভাবি ভাবি তাৰ লেখাটোত মনোযোগেৰে সম্পাদনা কৰি থকা ৰাধিকাৰ মুখলৈ এবাৰ চাইছে, আনবাৰ লেখাটোলৈ চাই ৰৈছে৷
এইটো তাৰ পঞ্চম লেখা৷ আগৰ চাৰিওটা লেখা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰিত এক সন্মানীয় জাৰ্ণেলত প্ৰকাশ হৈছে৷ সেইকেইটা প্ৰকাশ হোৱাৰ পিছৰ সংখ্যাবোৰত সম্পাদকলৈ অহা দুই এখন চিঠিত ইয়াৰ গ্ৰহণযোগিতা প্ৰতিফলিত হোৱা দেখা গৈছে৷ ম্যাদামে ভাল পাইছে৷
এৰা, সি তেওঁক সুখী কৰিব বিচাৰে৷
কিন্তু ম্যামৰ দুখ কি? “

**********

মুখত অনবৰতে সৌম্য ভাব বজাই ৰখা ৰাধিকাক দেখি কোনোৱে অনুমান কৰিব নোৱাৰে যে তাইৰ বুকুত আছে এখন নীলা সাগৰ৷ সীমাহীন অশান্ত উৰ্মিমালা বৰ্তমান৷
নিবিড়ৰ বিষয়টোৰ প্ৰতি শ্ৰদ্ধা, কষ্টসহিষ্ণুতা, লগন আদিত ৰাধিকা বিমুগ্ধ হৈছে৷
তাৰ স’তে কাম কৰি তাই সন্তোষ পাইছে৷ তাৰ আগত এইকথা মুক্তভাৱে প্ৰকাশ কৰাত কৃপণালী কৰা নাই৷

**************

ৰাধিকাই লেখাটো এপ্ৰুভ কৰি দিয়াৰ পিছতেই নিবিড় যাবলৈ উঠিল৷ আবেলিৰ বৰষুণ এজাকে বতৰতো ঠাণ্ডা কৰাৰ লগতে এন্ধাৰ এন্ধাৰ ভাব এটা যেন নমাই আনিছে৷
“একাপ গৰম কফি খাই যোৱা নিবিড়৷ “
“এক্সুৱেলি ম্যাম্, আজি অজিতৰ স’তে বৰাগাঁও যোৱাৰ কথা আছিল৷ সি ৰৈ থাকিব পাৰে৷ বৰষুণ জোৰকৈ আহিলে অলপ দিগদাৰ হব৷ “
নিবিড়ে ম্যাদামক ঘুণাক্ষৰেও এটা কথা কোৱা নাই৷ দুদিন আগৰ গধূলিত তলৰ কেঁকুৰিত ৰাখি থৈ অহা তাৰ মটৰ চাইকেলখন কোনোবাই বগৰাই পেলাই থৈছিল৷
সি ঘন এন্ধাৰৰ আগতে যাবগৈ৷

**************

বহুদিনৰ আগতে ৰাধিকাহঁতৰ ঘৰৰ আশে পাশে থকা বংশৰ কোনোবা দুগৰাকীমানে মাকক সুধিছিল,
“ ৰাধাৰ মাক, আজিকালি তোমালোকৰ ঘৰলৈ কোন আহেনো? মিলিকটেৰী হেন লাগে চোন৷ আমাৰ ইহঁতি বোলে তাইক সেইটোৰ লগত জিপছী গাড়ীত উঠি ফুৰা দেখিছে৷ “
“ তেওঁ এগৰাকী ডাঙৰ আৰ্মি অফিচৰ বাইদেউ৷ ল’ৰা দিনৰে পৰাই জানো৷ সিহঁতি সৰুৰে পৰা একেলগে পঢ়া৷ “,
মাকে উত্তৰ দিছিল৷
“ অ দে, খালী নিজৰ বুলিয়েই কৈছোঁ৷ ক’ৰোবাত কিবা এটা বদনাম নোলালেই হ’ল৷ “
হয়! হয়!
নিজৰ মানুহ বুলি হিত চিন্তা কৰা সকলেই বহুদিন পিছত এদিন মাকক কথাৰে কন্দুৱাইছিল৷
“ ৰাধাৰ মাক, মিলিকটেৰীটোৱে এৰি দিলা নেকি আপীটোক? তাই পফেচনী হৈ মানুহ চিনবা নল্লা? নিজৰ পেটৰপোঁ নহ’লি কি হ’ব! বেজাৰ লাগিছে! বাছালীটোক কুঁহিয়াৰ চোবোৱাদি ৰস চুহি চোবা কৰি পেলাই থৈ গ’ল! “
“তেনেকৈ নক’ব! তেনেকৈ নক’ব! তেওঁৰ উজনিলৈ পোষ্টিং হৈছে৷ “,
হাঁহাকাৰ কৰি উঠিছিল ৰাধিকাৰ মাকে৷
ভিতৰি ভিতৰি মানুহজনী মৰি গৈছিল৷ তেওঁৰ সোণৰ পুতলীহেন ছোৱালীজনীয়ে মনত বেজাৰ পাইছে নেকি! চিন্তাত নিশাবোৰত দুচকুৰটোপনি হৰিছিল৷
অথচ ৰাধিকাৰ নিলিপ্ত মুখত তথা তাইৰ স্বাভাৱিক চালচলনত তেওঁ একো ধৰিব পৰা নাছিল৷
“ ৰাধা মাজনী, ৰাজুৰ খবৰ পাইছানে? “
“ অ’ মা, তেওঁ ব্যস্ত হৈ আছে৷ অ’ত ত’ত অপাৰেছনত যাব লগাত পৰিছে৷ “
“ সি কিবা বিয়া-চিয়াৰ কথা পাতিছেনে? “
“ হব ৰ’বা মা, মইয়েই মোৰ ৰিচাৰ্চৰ কামখিনি শেষ হোৱালৈ বাট চাব দিছোঁ৷ “
ৰাধিকাৰ বিয়াখনলৈ মাকে আশাৰে বাট চাই ৰয়৷ পুত্ৰ অৰ্ণৱ লণ্ডনত থাকে৷ থকাই নহয়, কেৰেলীয়ান সহকৰ্মী স্মিথা পানিকাৰৰ স’তে বিয়া হোৱা খবৰটোও দিছে৷

-ন-

নাৰেংগীস্থ আৰ্মি কেণ্টনমেণ্টৰ পৰা সময় পালেই এখন মাৰুতী জিপছী নীলাচলপাহাৰৰ এঢলীয়াকৈ উঠি যোৱা ৰাস্তাটোৰে বগাইছিল৷ কেঁকুৰিত গাড়ী ৰখাই তাৰ পৰা চাহাবে গপ গপাই খোজ কাঢ়ি গৈ ৰাধিকাহঁতৰ ঘৰৰ জপনা খুলিছিলগৈ৷ তেতিয়ালৈকে ৰাধিকাই
জপনাৰ দুয়োকাষে দুটা কৰবী পুলি লগাইছিল৷
প্ৰেম প্ৰত্যাখান নিচাত পৰিণত কৰা ৰাধিকাই চাহাবৰ প্ৰেম প্ৰত্যাখান কৰিব পাৰিছিলনে?
কাগজৰ শৈক্ষিক চাৰ্টিফিকেটে ৰাধিকালৈ অকল অহমিকাকে কঢ়িয়াই অনা নাছিল৷ লগতে আনিছিল চাকৰিৰ নিৰাপত্তা৷ কিন্তু এটা সময়ত তাই অনুভৱ কৰিবলৈ লৈছিল যে
ব্যতিক্ৰমী হৈ উঠাৰ প্ৰবল আকাংক্ষাই ভিতৰি ভিতৰি তাইক অকলশৰীয়া কৰি তুলিছে৷
তেনেকুৱা সময়তে তাহাঁতৰ ঘৰলৈ চাহাবৰ আগমন হৈছিল৷
চাহাবৰ সততা, কৰ্তব্যনিষ্ঠাৰ প্ৰতি ৰাধিকা শ্ৰদ্ধাশীল হৈ পৰিছিল৷ তাৰ সুস্বাস্থ্য, শক্তিশালী ব্যক্তিত্ব, তাইৰ প্ৰতি থকা অনুৰাগ আদিয়ে তাইক অনুভৱ কৰিবলৈ বাধ্য কৰিছিল যে তাই নিতান্তই এজনী সাধাৰণ মানুহ৷
এগৰাকী সাধাৰণ গাভৰুৰ দৰেই তাইৰো কাৰোবাৰ প্ৰতি অনুৰাগজন্মিব পাৰে৷ কামনা জাগিব পাৰে৷
চাহাবে কৈছিল,
“ ইউ আৰ্ মাই এভাৰ গাৰ্লফ্ৰেইণ্ড! “
তাৰ সৰল স্বীকাৰোক্তিত তাই অভিভূত হৈ পৰিছিল৷ আস্ তাই চাহাবৰ চিৰ প্ৰেয়সী!
তাইৰ সাতাইশ বছৰীয়া জীৱনত প্ৰথম বাৰৰ বাবে দেহ মনত শিহৰণ জাগি উঠিছিল৷
চিনাকি-অচিনাকি সেই অনুভৱ৷
চাহাবৰ প্ৰেম তাই প্ৰত্যাখান কৰিব পৰা নাছিল৷
তাৰ বাবেই তাই অহংকাৰৰ পোছাক সলাই পিন্ধিব লৈছিল অনুৰাগৰ সুৰভিৰে সুৰভিত এযোৰ প্ৰেমৰ পোছাক৷

******

অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল চাহাব অহাৰ বাতৰিলৈ৷ মবাইলত চাহাবে হুকুম দিয়াৰ দৰে কৈছিল,
“ মু ডাৰলিং, চাৰি বজামানত ওলাই থাকিবা৷ আজি মান্দাকাটাৰ ৰাস্তাৰে ফুৰিব যাম৷ সিদিনা অপাৰেচনৰ কামত যাওঁতে দেখি আহিছোঁ৷ ৰাস্তাটো বহুদূৰলৈ বনোৱা হৈ গৈছে৷পাহাৰৰ নামনিৰে সুন্দৰ নিৰিবিলি ৰাস্তা৷ “
হয়!
হয়! মবাইলত চাহাবে তাইক আদেশ দিছিল৷
তেতিয়ালৈকে গুৱাহাটী মহানগৰৰ পৰিসীমাৰ ভিতৰত মুষ্টিমেয় কিছু নাগৰিকে ৰিলায়েঞ্চ মবাইল সেৱাৰ সুবিধা পাইছিল৷ ৰাধিকা আৰু চাহাবৰ দুয়োৱে সেই সুবিধা লৈছিল৷
আকাশ কোমল লক্ষ্ণৌৰ চিক্কণকাৰীৰ চুৰিদাৰ পিন্ধি ৰাধিকা উলাহী পখিলাজনী হৈ উৰি গৈছিল৷ চাহাবৰ স’তে উত্তৰ গুৱাহাটীহৈ মান্দাকাটাৰ পথেৰে৷
এঠাইত চাহাবে জিপছী গাড়ী ৰখাই তাইক আঙুলিয়াইপাহাৰৰ গাৰ ফালে দেখুৱাইছিল৷
“ সৌখিনিত আমাৰ বাবে এটি সুন্দৰ আটোমটোকাৰীকৈ ঘৰ বান্ধিম৷ “

*********

শুই শুই ৰাধিকাই মনত পেলালে চাহাবে কোনখিনি ঠাইৰ কথা কৈছিল?
সেই ঠাইখিনি চাংসাৰীৰপাহাৰটোৰ বিপৰীত ফালে মানে পূৱদিশত পৰিব চাগৈ! ৰাধিকাই অনুমান এটা কৰিলে৷ সেই যে বহুবছৰ আগতে কেতিয়াবা কেতিয়াবা চাহাবৰ স’তে ফুৰিবলৈ গৈছিল, তাৰ পিছত তাই সেই ফালে যোৱা নাই৷
মনলৈ আহিল, সেইদিনা ৰাধিকাই পশ্চিমৰপাহাৰটোৰ সিফালে ডুবিবলৈ ওলোৱা বেলিটোৰ ছবি চাহাবৰ চকুত দেখিছিল৷
বৰ ওচৰৰ পৰা দেখিছিল তাই৷
“ মুখখন দুয়ো হাতৰ তলুৱাৰে মাইকৰ দৰে কৰি চাহাবেপাহাৰৰ ঘুলিটোত চিঞৰিছিল,
“ ৰাধিকা, মাই ডাৰলিং! আই লাভ ইউ! “
কৰ্তব্যৰ খাতিৰত প্ৰচণ্ড নিৰ্মম হব পাৰে বুলি ৰঞ্জয় হাতীবৰুৱাৰ নাম আছে৷
দুদিনমান আগতেও সেইপাহাৰৰ ভিতৰৰ কিছুঠাইত তাৰ ট্ৰুপে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাইছিল৷
সেই ৰঞ্জয় যেন বেলেগ!
তাইতকৈ দুবছৰৰ ডাঙৰ সৰুকালৰ লগৰীয়া ৰাজু অঘাইটং নহয়৷ সেইজন ভাৰতীয় সেনাবাহিনীৰ বিষয়া ৰঞ্জয় হাতীবৰুৱা!
ৰাধিকাৰ সমুখত তাইৰ চাহাব! প্ৰেমিক নৰকাসুৰ!
মৃত্যুক দুহাতত লৈ জাগলিং কৰা মেজৰ ৰঞ্জয় নহয়৷
ৰাধিকাক দুহাতেৰে ডাঙি লৈ সি ওপৰলৈ তুলিছিল৷ চাৰে-সাত ফুট ওখহৈ তাই আকাশৰ পিনে মূৰ ডাঙি দেখিছিল চেপ্তেম্বৰ মাহৰ নীলআকাশত এটুকুৰা পাতল মেঘ নিশ্চল হৈ ৰৈ আছে৷ তললৈ চাই দেখিছিল চাহাবৰ চকুত ডুবিবলৈ লোৱা বেলিৰ ছবি৷ “

*****

হাতৰ কাষত থকা স্মাৰ্ট মবাইলফোনটো চুই চুই ৰাধিকাই মনত পেলাইছে সেই চৈধ্য পোন্ধৰ বছৰমান আগৰ কথা৷
সেইদিনবোৰত নিশাৰ প্ৰহৰসমূহত তাইৰ কৰ্ণকুহৰত ভোঁমোৰাই গুণ-গুণাই ৰৈছিল৷
“ কি কৈছিল চাহাবে? “
“ মু, শুলা নেকি? মবাইলৰ ছশটকাৰ বেলেন্স শেষ হৈ গৈছিল অ’৷ ৰাতি ছয়মাইলৰ দোকানত ৰিচাৰ্জ কাৰ্ড নাপাই পল্টন বজাৰলৈ গ’লোঁ৷ ভাগ্যে, দোকান বন্ধ কৰি ঘৰলৈ যাব ওলোৱা দোকানীয়ে আকৌ কাৰ্ড বেচিবলৈ দোকান খুলিলে৷ “
উস্ আকৌ নিশা দূপৰত ফোন লগাইছিল চাহাবে৷
কি কব! চাহাবক কি কব ৰাধিকাই! মৰমেৰে ডবিয়াই,
“ ধেই, কিয় ইমান কষ্ট কৰা? “
“ মোৰ মুজনীৰ লগত কথা নাপাতিম নেকি? কিমান বছৰৰ মুৰত সুবিধা পাইছোঁ৷ “
“ অ মোৰ মিলিটাৰী চাহাব! “

*******

অভং চাহাবে তাইৰ আগত প্ৰায়ে লুকঢাক নকৰাকৈ স্পষ্টকৈ প্ৰকাশ কৰিছিল তাৰ মনৰ কথা৷
“ ৰাধিকা মু, মই তোমাক ভালপাওঁ৷ তুমি মোৰ পৰা কাহানিও আৰু দূৰলৈ নাযাবা৷ মই তাহানিত বৰ দুখ পাইছিলোঁ৷ “
“ অ ডিয়েৰ, আৰু সেইকথা নকবা! “
“ ও সঁচা, মই এতিয়া বুজাব নোৱাৰিম৷ অনবৰতে মোৰ অৱচেতন মনত তুমি গুচি যোৱাৰ ভয় লাগি থাকে৷ “
কেতিয়াবা আদৰুৱা মুহূৰ্তত তায়ো তাৰ নাকৰ আগটোত চুই চুই সুধিছিল,
“ জু, মোক কিমান ভাল পোৱা তুমি? “
“ মু সোণজনী, এগৰাকী প্ৰেয়সীক প্ৰেমিকে যিমান ভালপাব পাৰে তাতোকৈ বহুবেছি৷ “
মিঠা হাঁহিৰে ৰাধিকাৰ মুখমণ্ডল উদ্ভাসিত হৈ উঠে৷
পুনৰ কৈছিল,
“ মোৰ নিজতকৈয়ো বেছি৷ তুলাচনীত এফালে পৃথিৱী, আনফালে তুমি৷ সমানতকৈ তোমাৰ ফালে পাল্লাখন অলপ ভাৰি৷ “
তাক জোকাবলৈ ৰাধিকাই কৈছিল,
“ দেশতকৈও মোক বেছি ভালপোৱানে? “
চাহাবে হাঁহাকাৰ কৰি উঠে!
চাহাবে আৰ্তনাদ কৰি উঠে,
“ নুসুধিবা দেহাজান, তেনে কথা নুসুধিবা৷ “
তাই উত্তৰটো জানে৷ তথাপিও সোধে,
“ কেলেই কোৱাচোন? “
“ কাৰণ সকলোতকৈ তোমাক বেছি ভালপাওঁ আৰু তোমাতকৈও দেশক আৰু বেছি ভালপাওঁ৷ “
তাক শলঠেকত পেলাবলৈ তাই আকৌ সুধিছিল,
“ মাই জাষ্ট ইউ জু, মই যদি কিবাকথাত দেশদ্ৰোহী হৈ যাওঁ৷ তেতিয়া? “
তাইৰ চকুত চকু থৈ দৃঢ় ভাবে কৈছিল,
“ মু, মোৰ চাৰ্ভিচ পিষ্টলৰ গুলীৰে মোৰ নিজৰ মগজু উৰুৱাই দিম৷ “
তাৰ পিছত দূৰলৈ চাই কৈ উঠিছিল,
“ কিন্তু তাৰ আগতে মোৰ পিষ্টলৰ তিনিটা গুলীয়ে তোমাৰ মৰমিয়াল কলিজাৰ কুঠৰী বিদাৰিব জান! “
তাই তাক চেলুইট কৰিছিল৷
হয়!
হয়! সি এগৰাকী প্ৰকৃত দেশৰক্ষক৷ সেয়ে দেশদ্ৰোহী হ’লে ৰাধিকাকো গুলীয়াব কুণ্ঠাবোধ নকৰিব৷
কিন্তু একেসময়তে তাইৰ দুৰন্ত প্ৰেমিক৷
ৰাধিকা নোহোৱা পৃথিৱীত সি জীয়াই নাথাকে৷ সেয়ে সি নিজৰ কঁপালত পিষ্টল লগাই আত্মহত্যা কৰিব৷
সেইদিনাও সি চকু সেমেকাই তাইৰ দুহাত বুকুত সাৱটি লৈ কৈছিল,
“ মু আই লাভ ইউ! কোৱা কেতিয়াও মোক নেৰোঁ বুলি৷
দহ
ৰাধিকা আৰু নিবিড়ে ইউৰোপৰ উত্তৰাঞ্চলৰ প্ৰাচীনজনজাতি নৰ্চমেন যাক সাধাৰণতে ভাইকিং বুলিজনা যায়, তেওঁলোকৰ দেবীপূজাৰ কথা আলোচনা কৰি আছিল৷
“ প্ৰতিটো দেৱীমাতৃকা পূজন বুলিয়েই নহয় যিকোনো দেৱ-দেৱীৰ পূজা-সেৱাৰ স’তে জড়িত হৈ থাকে একো একোটা বিশ্বাসৰ পৰম্পৰা৷ একোটা কাহিনী৷
কাকতলীয়া হলেও কিছু ঘটনা-পৰিঘটনাই সেই বিশ্বাসৰ ভেটি সুদৃঢ় কৰে৷ “
নিবিড়ে শুনি গৈছে৷ ৰাধিকাই স্বগতোক্তি দৰে কথাবোৰ কৈ গৈছে৷
“ অৱশ্যে মানুহে এই পাৰাপাৰহীন বিশাল, অনাদি ব্ৰহ্মাণ্ডৰ সকলোখিনি জ্ঞান প্ৰাপ্ত হৈছে বুলি ভবা কথাতো ভুল৷ “
মাজে মাজে নিবিড়ৰ সমুখত ৰাধিকাই দাৰ্শনিকৰ দৰে কথা কয়৷ সেই মুহূৰ্তত নিবিড়ে আৰু বিব্ৰতবোধ কৰে৷ ম্যাদামৰ কথাত হা ক’বনে না ক’ব!
প্ৰসংগ সলনি কৰি ৰাধিকাই আকৌ কৈছিল,
“ সাধাৰণ আমাৰ নিচিনাবোৰেই নিজৰ কথাই কিমান বা জানো! কেতিয়াবাচোন দেহ আৰু মনৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দিও৷ নহয় জানো? “
নিবিড়ৰ কাণমূৰ গৰম হৈছে৷ ম্যাদামৰ ষষ্ঠ ইন্দ্ৰিয়ই গম পাই গৈছে নেকি তাৰ গোপন কাৰবাৰ!
ভাবো নাভাবোকৈ তেৱো কিজানি কেতিয়াবা তাৰ কথা বেলেগকৈ ভাবে!
ম্যাদামে তাৰফালে চকুৰ পলক নেপেলোৱাকৈ চাই ৰৈছে৷
নোৱাৰে সি৷ এনে চাৱনিত সি স্থিৰে থাকিব নোৱাৰে৷ মনৰ অস্থিৰতা লুকুৱাই সেপ ঢুকি কেৱল মূৰ দুপিয়াই শলাগিলে৷
ৰম্ভাদিয়ে আনি দিয়া গৰম চাহ খাই খাই ৰাধিকাই আকৌ তাহাঁতৰ আলোচনাৰ প্ৰসংগলৈ আহিল৷
“ চোৱা এই ভাইকিং সকলৰ এইগৰাকী দেৱীৰ নাম হেইল৷ অন্ধকাৰৰ দেৱী৷ ফটোখন চোৱা, দেহৰ এফালত জীৱন্ত মানুহৰ সুশোভিত অংগ আৰু আনটো ফাল কুৎসিত কংকাল৷ বুকুত এটা কেচুৱা সাৱটি আছে৷ তেওঁলোকৰ এই দেৱীৰ মূৰ্তিটো বিশ্লেষণ কৰিলে দেখা পাবা কেচুৱাইজন্মৰ লগত মৃত্যুৰ সম্বন্ধ বুজাইছে৷ দেহৰ জীৱন্ত আৰু কংকালৰ সমন্বয়ে এইটো বুজাইছে যে জীৱন আৰু মৃত্যু- একেটা মূদ্ৰাৰে ইপিঠি সিপিঠি৷ “
“ আমাৰ গীতাৰ দৰ্শনৰ দৰে৷ “
“ ঠিকেই ক’লা৷ তুমি থেচিছখনত এইবোৰৰ মাজৰ তুলনামূলক আলোচনা আগবঢ়াবা৷ চাবা যাতে কাৰো ধৰ্মীয় আবেগত খোঁচ নাখায়৷ “

******

বৰফৰ দেৱীৰ পৰ্বতত বাস৷ আউলী-বাউলী সোণালী চুলি৷ ভেৰাৰ নোমৰ ভোবোৰা টুপী আৰু নোমাল সাজতো তেখেতজনা অপূৰ্ব সৌন্দৰ্য্যময়ী৷ পশুৰ চামৰাৰ গধপা জোতা আৰু হাতত ধনু, পিঠিৰ তীৰৰটোম লৈ বেপেৰুৱাকৈ ঘূৰি ফুৰা বৰফৰ দেৱী৷ বৰফৰ নিমাত নিতাল শুভ্ৰ শুকুলা টিঙত বাস৷ যেন কৈলাসত বাস আই হৈমৱন্তী!
সেইবৰফৰ দেৱীৰ সমূদ্ৰ দেৱতাৰ স’তে প্ৰেম৷ সমূদ্ৰ দেৱতা যাব নোৱাৰে সমূদ্ৰ এৰি প্ৰচণ্ড শীতৰ দেশলৈ৷ পৰ্বতৰ বৰফৰৰাণীয়ে সহিব নোৱাৰে কোমল বালিচৰ আৰু উত্তাল উৰ্মিমালাৰ গৰ্জণ৷ মিলন বিফল হৈ ৰয়৷
এৰা, বৰফৰ দেৱী স্কাডী আৰু সমূদ্ৰৰ দেৱতা নিয়ৰ্ডৰ মাজত বিবাহ হৈয়ো মিলন বিফল হৈ ৰয়৷
কি কৈছিল নিবিড়ে?
“ চাগৈ তেৰাসবৰ মাজত এডজাষ্টমেণ্টৰ প্ৰবলেম৷ “
নৰ্চমেনৰ দেৱী আৰু দেৱতাৰ মাজত এড্জাষ্টমেণ্ট প্ৰবলেম৷

*******

অভূতপূৰ্বভাবে চ’তমহীয়া দিনত সপ্তাহজোৰা বৰষুণ৷ অকল নীলাচলপাহাৰৰ গাতেই ঠাণ্ডা ফেৰফেৰীয়া বতাহজাক লগা নাই, বিয়পি পৰিছে গোটেই উপত্যকা জুৰি৷
ৰাধিকাই খিৰিকী খুলি দিলে৷ ঠাণ্ডা বতাহ এজাক সোমাই আহিল৷ বৰষুণ এৰিছে যদিও খিৰিকীৰ ওপৰৰ ৰেইণছেদৰ পৰাটোপটোপকৈ বৰষুণ সৰি আছে৷ আমলখি জোপাৰ পৰা হঠাতে জৰ্ জৰকৈ পানী সৰিল৷ বৰষুণ এৰাত বোধহয় নিশাৰ পখী পৰিছেহি৷ দুৰৈৰ পথেৰে মাজনিশাও দুই এখন গাড়ী অহা যোৱা কৰি আছে৷
ৰাধিকাই কাণে মুৰে কম্বলখন মেৰিয়াই লৈ বহিল৷ মনলৈ বাৰে বাৰে নিবিড়ৰ কথাষাৰী ঘূৰি আহিছে৷
“এডজাষ্টমেণ্ট প্ৰবলেম ম্যাদাম৷ “

**********

“ মু, ব’লা বিয়া পাতোঁ৷ তোমাক এৰি থাকিব নোৱাৰোঁ৷ মোৰ যাযাবৰী চাকৰি৷ “
“ অলপদিন ৰোৱা৷ ভালকৈ বিয়া পাতিম৷ মোৰ থেচিছ চাবমিট হৈ গৈছেই৷ ভাইভাৰ আগতে টেনচন নলওঁ৷ “
অধৈৰ্য্য হৈ পৰে চাহাব৷
“ কিমান পঢ়ে অ মুজনীয়ে! মোৰ লগত বলা৷ “
“ তোমাৰ লগে লগে যুদ্ধক্ষেত্ৰত ফুৰিলে মোৰ চাকৰিৰ কি হব? “
“ চাকৰি এৰি দিবা৷ “
“ ইস্! “
“ অকে, চাকৰি কৰিবা৷ কে ভিত কৰিবা৷ মই য’লৈ যাম, তুমিও তাত টেন্সফাৰ লবা৷ “
“ নট বেড! “
“ ডান? “
অলপ কিবা ভবাৰ দৰে কৰি ৰাধিকাই শলাগিছিল,
“ ডান৷ “
ক’তা তেতিয়াওতো এডজাষ্টমেণ্টৰ সমস্যা নাছিল৷

(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.