কাংক্ষিত জোনাক – জয়শ্ৰী মেচ গগৈ

কাংক্ষিত জোনাক – জয়শ্ৰী মেচ গগৈ

কাংক্ষিত জোনাক – জয়শ্ৰী মেচ গগৈ

by October 18, 2017 0 comments

(ন)

: টী … ৰাতিপুৱাই ধৰিত্ৰীৰ মোবাইলত উপমন্যুৰ মেছেজ৷

: তুমি যি ভাবিছা, ভাবি থাকা৷ তোমাৰ ব্যক্তিগত চিন্তাত মই বাধা দিওঁ বুলিলেও নোৱাৰোঁ৷ মোৰ বাবে তুমি বন্ধু৷ মই বিচাৰোঁ আমি খুউব ভাল বন্ধু হৈ থাকো৷ আমি এনে বন্ধু হওঁ যাৰ সৈতে সকলো পাতিব পাৰি৷ হাঁহিব পাৰি৷ কান্দিব পাৰি বিনা দ্বিধাই৷ তুমি ভবা কথাবোৰ মই ভাবিব নোৱাৰোঁ৷ চ’ৰি৷

তাই একে উশাহে মেছেজতো লিখি উপমন্যুলৈ ৰিপ্লাই চেণ্ড কৰি দিলে৷

: হ’ব৷ তুমি নিজক নেৰা টী৷ ময়ো নিজকে ফাঁকি দিব নোৱাৰোঁ৷ ভালপোৱাৰ পিছত কেনেকৈ তোমাক মিছা কথাৰে কেৱল বন্ধু হ’ম বুলি কওঁ? তুমি তোমাৰ পথত আগবাঢ়া৷ মই মোৰ পথত৷

: ঠিক আছে সেয়াই হওক৷

ধৰিত্ৰীয়ে মেছেজটো দি মোবাইলটো অফ্ কৰি থ’লে৷ তাইৰ বুকুৰ কোনোবাখিনিত গধুৰ লাগিব ধৰিলে৷ কিবা এটা যেন মহামূল্যবান সামগ্ৰী হেৰাই যাব! কিবা এটা ….. কিবা এটা ….. যেন ধুৰুপ৷ তাই হেৰুৱাব৷ কিয় এনে হয়! তাইৰ সৈতে৷ সকলো গুচি যায়৷ এনে কি বেয়া কাম কৰিছে ধৰিত্ৰীয়ে যাৰ বাবে তাইক ভগৱানে কেৱল চকুপানী দিছে! চকুৰ পানীৰ মূল্য বুজি পোৱা, জীৱনৰ সংজ্ঞাৰে তাইৰ মন মগজুক শক্তি দি উপমন্যুয়েও অৱশেষত ……! কিয় উপমন্যুয়ে মিছাকৈ হ’লেও তাইক নকলে বন্ধু হৈ থাকিম আমি বুলি? পুৰুষ বোৰ সঁচাকৈয়ে একে? নিজৰ স্বাৰ্থ সিদ্ধি নহলে আঁতৰি যাবলৈ কুণ্ঠাবোধ নকৰে৷ যাওক সি আঁতৰি৷ মই যিদৰে আছিলো একেদৰে থাকিম৷ নিজকে তাই বুজাবলৈ অহৰহ চেষ্টা কৰি থাকিল৷ কিন্তু বাৰে বাৰে কিয় বুকুখন উকা যেন লাগিব ধৰিছে৷ পানীত ডুবিব ধৰা মানুহে খেৰ কুটা এডালকে খামুচি নিজকে বচাবলৈ আপ্ৰাণ চেষ্টা কৰাৰ দৰে ধৰিত্ৰীয়েও চেষ্টা কৰিছে উপমন্যু নামৰ অধ্যায়টো শেষ হওক৷

000

কোনেও নাজানে নিয়তিয়ে কি ৰচনা কৰি থৈছে৷ নাজানিছিল ধৰিত্ৰী আৰু উপমন্যুয়েও৷ নিজৰ নিজৰ অজ্ঞাতে সিহঁতে এজনে আনজনক বুজি উঠিছিল৷ অভ্যাস হৈ পৰিছিল৷ সেইদিনা নিজক বাৰম্বাৰ বুজোৱাৰ পাছত ধৰিত্ৰীয়ে উপমন্যুলৈ শেষ মেছেজ এটা লিখিছিল-

: শেষ বাৰলৈ মাতটো শুনাবা নেকি?

: ঠিক আছে৷

চুটি অথচ নিৰ্লিপ্ত উত্তৰ উপমন্যুৰ৷ তাই ফোন কৰিছিল৷ সেই ফোনতে সলনি হৈ পৰিছিল উপমন্যুৰ জীৱন৷ সলনি হৈছিল ধৰিত্ৰীৰ জীৱনৰ ৰং৷ পৃথিৱীৰ শ্ৰেষ্ঠতম এটি জীয়া কাহিনী সৃষ্টি হৈছিল৷ জীৱন যে এনেকৈয়ো পাৰ কৰিব পাৰি বুজি উঠিছিল ধৰিত্ৰীয়ে৷

: হেল্ল, কোৱা

: তেন্তে তুমি কি সঁচাই আঁতৰি যাবা? বন্ধু হৈ কিয় নাথাকা? মিছাকৈ হলেও তুমি কব নোৱাৰা নে? যে আমি বন্ধু হৈয়ে থাকোঁ দিয়া৷

: নাই নাই নাই …. মই এতিয়া তোমাক মিছা ক’ব নোৱাৰোঁ৷ তোমাকো নঠগাওঁ৷ মই নষ্ট মানুহ৷ বেয়া মানুহ৷ বন্ধু হ’ব নোৱাৰোঁ এতিয়া আৰু৷

: তুমিতো জানাই মোৰ সীমাবদ্ধতাৰ কথা৷ আমি কিয় বন্ধু হ’ব নোৱাৰোঁ?

: কাৰণ, মই তোমাক ভালপাওঁ৷ কালি যি কৈছিলো আজিও একেই ক’ম৷ তুমি গ্ৰহণ নকৰা৷ জোৰ নকৰোঁ টী৷ মই মোৰ পথত যাওঁ৷ তুমি তোমাৰ পথত যোৱা৷ কাৰণ আমি আৰু একেই হৈ থাকিব নো……..

: ময়ো ভালপাওঁ তোমাক৷ উপমন্যুৰ কথা শেষ নহওঁতেই ধৰিত্ৰীয়ে চিঞৰি উঠিছিল৷

:  কি ক’লা? উপমন্যুয়ে অবিশ্বাস্য সুৰত আকৌ সুধিলে৷

: ভালপাওঁ তোমাক৷

: কি? আকৌ কোৱা টী প্লিজ্ .. যেন উপমন্যুয়ে কান্দি দিব ..!

: অ, ভালপাওঁ ভালপাওঁ ভালপাওঁ ভালপাওঁ ভালপাওঁ তোমাক৷ ময়ো ভালপাওঁ৷

: অ টী, অ টী তুমি নাজানা তুমি মোক কি দিলা৷ আস্! মোৰ কেনে লাগিছে জানা? দৌৰি ফুৰিম যেন দুহাত মেলি৷ টী ……. অ টী তুমি মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া আৰু শ্ৰেষ্ঠ উপহাৰ৷ মই তোমাক চুবলৈ ভালপোৱা নাই টী

: ……….

: টী মনে মনে কিয় আছা?

: …. কিবা এটা অনুভৱ কৰিছো৷ কাইলৈ কথা হ’ম দিয়া৷ আজিলৈ ৰাখোঁ৷

ধৰিত্ৰীয়ে ফোনটো থৈ তভক মাৰি ৰৈছিল৷ কি কবলৈ গৈ কি ক’লে তাই? তাই কোনো কাৰণতেই উপমন্যু আঁতৰি যোৱাটো বিচৰা নাছিল বাবেই ভালপাওঁ বুলি কৈ তেওঁক ধৰি ৰাখিব খুজিলে নেকি? অতি কম সময়তে সিহঁতে এজনে আনজনক বুজি উঠিছিল৷ এজন আনজনৰ অভ্যাস হৈ পৰিছিল৷ এই অভ্যাসেই কি ভালপোৱা? কিয় তাইৰ উপমন্যুক ইমান আপোন লাগে? কিয় উপমন্যু আঁতৰি যাওঁ কওঁতে তাইৰ বুকু উকা লাগিছিল? কিয় উপমন্যুক ভালপাওঁ বুলি কোৱা মুহূৰ্তত পৃথিৱীৰ অন্য কথাপাহৰি গৈছিল? কিয়? কিয় ….? তাইৰ দুচকুৰে ধাৰাষাৰ চকুৰপানী বাগৰিব ধৰিলে৷ মই অকণমান সুখী হ’ব বিচাৰোঁ প্ৰভু৷ এই নিসংগতা মোৰ অসহনীয়৷ মই পাপ নকৰোঁ, ভুল নকৰোঁ৷ মাথোঁঁ অকণমান হাঁহিম … নিজৰ বাবে জীম৷ মনৰ মাজতে বিৰবিৰাই ধৰিত্ৰী কাতৰ হৈ উঠিল৷ এই কাতৰতাত অকণমান সুখানুভুতি আছিল৷ উপমন্যুৰ আচৰণত ইমান সুখ আৰু সন্তুষ্টি আছিল৷ এনে সন্তুষ্টি আদিত্যই তাইৰ দেহটো তৃপ্তিৰে উপভোগ কৰি উঠাৰ পাছতো দেখুওৱা নাছিল৷ আচৰিত! আচৰিত! একেই পুৰুষ৷ অথচ …. কিবা এক প্ৰাপ্তি, এক মৃদু শিহৰণ বুকুত বাজি থাকিল ওৰে ৰাতি ….!

000

আস্! এই নাৰী গৰাকী যাৰ দুচকুৱে তাক আমনি কৰিছিল৷টানি লৈ গৈছিল৷ তেওঁৰ সৈতে আকস্মিক সংযোগ৷ এয়া নিয়তিয়ে নিৰ্ধাৰণ কৰা৷ নহলে কিয় যাওঁ বুলিও যাব নিদিলে? কিয় এনে লাগে যেন তেওঁ বহুজনমৰ চিনাকি৷ আপোন৷ তেওঁ দেখোন সকলো জানে৷ অথচ ইমান অমায়িক৷ সৰল৷ অহংকাৰ শূন্য কিন্তু স্পষ্টবাদী৷ ভাষা – সাহিত্য – সংস্কৃতি৷ ৰাজনীতি – অৰ্থনীতি – সমাজ নীতি৷ পৰম্পৰা৷ কি নাজানে তেওঁ? বিনন্দই নোকোৱা হ’লে …..? হয়টো উপমন্যুয়ে নাজানিল হয় ধৰিত্ৰীৰ বাবে জীৱনৰ ৰঙবোৰ কিয় ফিকা হব ধৰিছে৷ কিয়? কিহৰ দোষত এইগৰাকী নাৰীয়ে হাঁহিব নোৱাৰিব? আমাৰ বেইমান পুৰুষ বোৰৰ বাবেই ধৰিত্ৰীৰ দৰে নাৰীয়ে নাহাঁহিব? ধিক্কাৰ! সকলো জানিও নীৰৱে আনক মৰ্যাদা দি নিজে আঁতৰি থাকিব পাৰে কেৱল নাৰীয়ে৷ শস্য উৎপাদনৰ বাবে মানুহে পৃথিৱীক কিমান বাৰ কৰ্ষণ কৰে৷ পৃথিৱীয়ে নীৰৱে সহ্য কৰে৷ আৰু ধৰিত্ৰী? পৃথিৱীৰ অন্য নামেই তো ধৰিত্ৰী৷ তেৱোঁ কৰ্ষিত হৈছে! সেয়ে নিমাত? উৎপাদিত শস্যৰ ৰূপ ৰঙত পৃথিৱী সুখী হয়৷ কিন্তু ধৰিত্ৰী নহয়৷ কাৰণ এই ধৰিত্ৰী সেই ধৰিত্ৰী নহয়৷ …………………

( ক্ৰমশঃ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.