আৱৰ্জনাত জীৱিকাৰ সন্ধান: পাৰ্থসাৰথি ভূঞা

আৱৰ্জনাত জীৱিকাৰ সন্ধান: পাৰ্থসাৰথি ভূঞা

আৱৰ্জনাত জীৱিকাৰ সন্ধান: পাৰ্থসাৰথি ভূঞা

by October 19, 2017 0 comments

আজিকালি চহৰে নগৰে সতকাই এটা দৃশ্য চকুত পৰে৷ ৰাস্তাৰ কাষত থুপ খাই থকা আৱৰ্জনাৰ মাজত, হাতত একোটা বস্তালৈ খুচৰি খুচৰি পেলনীয়া বস্তু বিচাৰি থকা কিছুমান মানুহ, যাৰ ভিতৰত বেছি ভাগেই শিশু৷ পৌৰ সভাৰ ডাষ্টবিন, গেৰেজ, বাছ ষ্টেণ্ডৰ কাষৰ সৰু সৰু হোটেল, ৰেল ষ্টেচন আদিৰ ওচৰত এইসকলক প্ৰায়ে দেখা যায়৷ পেলনীয়া সামগ্ৰী পুনৰাই গোটাই লৈ যোৱা এইসকলৰ অসমীয়াত কোনো নিৰ্দিষ্ট নাম আছে বুলি মই জ্ঞাত নহয়, ইংৰাজীত এওঁলোকক ৰেগ পিকাৰ( Rag Picker) বা Chiffonnier বুলি কোৱা হয়৷
ৰেগ পিকাৰেনো কি বুটলে:
আচলতে এওঁলোকে খাদ্য আৰু পুনৰ কামত লগাব পৰা বস্তুৰ( recyclable materials) সন্ধান কৰে৷ অতি দুখীয়া এই লোকসকলে পেটৰ ভোকত, ৰেল ষ্টেচনত, বিশেষকৈ যি বিলাক ৰেলত যাত্ৰীক খাদ্য দিয়ে সেইবিলাকত অথবা সৰু সুৰা হোটেল আদিৰ আশে পাশে পেলনীয়া খাদ্য বস্তুৰ সন্ধান কৰে৷ কিছুমান পেলনীয়া খাদ্য বা পাচলিৰ বাকলি আদি আকৌ সাৰ উৎপাদন কৰিবলৈও ব্যৱহাৰ কৰা হয়৷ গতিকে এইবিলাকো তেওঁলোকে সংগ্ৰহ কৰে৷
আকৌ জাবৰৰ দমৰ মাজত পুনৰ ব্যৱহাৰৰ কৰিব পৰা সামগ্ৰী যেনে লোহা, ষ্টীল, গ্লাছ, বটল, কাপোৰ, চামৰা আদি খুচৰি বিচাৰি উলিয়াই, সেইবিলাক নিজৰ থকা ঠাইলৈ লৈ গৈ, চাফা কৰি ভাগে ভাগে ৰাখি, আকৌ এই সামগ্ৰীবিলাক কিনা বেপাৰীৰ ওচৰলৈ নি কিলো হিচাপে বিক্ৰী কৰে৷ তেনেদৰেই তেওঁলোকে জীৱিকাৰ সন্ধান উলিয়াই৷
ভাৰতীয় ৰেগ পিকাৰৰ ছবিখন:
বিশ্বৰ প্ৰায় সকলো দেশতেই এওঁলোকৰ অৱস্থিতি আছে৷ পিছে বৰ্তমান উন্নত দেশবোৰৰ তুলনাত তৃতীয় বিশ্বত ৰেগ পিকাৰ বেছিকৈ দেখিবলৈ পোৱা যায়৷ আমাৰ ভাৰততে, যদিও নিৰ্দিষ্ট তথ্য নাই, তথাপিও প্ৰায় ১.৫ ৰ পৰা ৪ মিলিয়ন ৰেগ পিকাৰ আছে বুলি কোৱা হয়৷ দিল্লী আৰু মুম্বাইৰ দৰে মহানগৰত যাৰ সংখ্যা সৰ্বাধিক৷ দিল্লীতে এক জৰীপৰ মতে প্ৰায় ৫ লাখ ৰেগ পিকাৰ আছে৷
এইসকলৰ গৰিষ্ঠসংখ্যকেই ৬ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ শিশু৷ আচলতে বিভিন্ন বস্তি অঞ্চলত বসবাস কৰা শ্ৰমিক শ্ৰেণীৰ মানুহৰ লৰা ছোৱালী এইবোৰ৷ এনে পৰিয়ালত বাপেকে কোনো কল কাৰখানা আদিত কাম বা দিন হাজিৰা কৰে, সন্তানক স্কুল নপঠাই আৰু দিনটো এইবিলাক বুটলি ফুৰিবলৈ লগায়৷ পাছত, তেওঁলোকৰ থকা ঠাইত এই বস্তুবিলাক মাকৰ লগ লাগি চাফা চিকুণ কৰি, ভাগ ভাগ কৰি ৰখাৰ পিছত বাপেকে, এই বস্তুবোৰ কিনা বেপাৰীৰ ওচৰত বিক্ৰী কৰি দুপইচা উলিয়াই৷ অৱশ্যে কেৱল এই কামটোকে জীৱিকাৰ সমল হিচাপে লোৱা বহু প্ৰাপ্তবয়স্কলোকো আছে৷
মাজতে এটা ছাৰ্ভেৰ পৰা দেখা গৈছিল যে আমাৰ অসমত দেখা পোৱা ৰেগ পিকাৰ সকল স্থানীয় নহয়, পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আদিৰ পৰা অহা লোক৷
ৰেগ পিকাৰে আমাক কৰা উপকাৰ:
ভাৰতত প্ৰতি বছৰে যথেষ্ট মাত্ৰাত আৱৰ্জনা বা পেলনীয়া বস্তুৰ সৃষ্টি হয়৷ এটা সমীক্ষাৰ মতে, যি হাৰত মানুহৰ সংখ্যা তথা উন্নত জীৱন যাপনৰ হাৰ বাঢ়িছে তাৰ লগে লগে আৱৰ্জনাও বাঢ়িছে আৰু ২০৫০ চনলৈ প্ৰায় ৪৫০ মিলিয়ন টন জাৱৰ প্ৰতি বছৰে উৎপন্ন হব৷
পৌৰ সভা সমূহৰ এই আৱৰ্জনাক গতি লগোৱা কাম যদিও, মাত্ৰ ৬০ ৰ পৰা ৮০ শতাংশ মান জাৱৰহে পৌৰসভা বিলাকে আতৰাই আহিছে, তাকো যিবিলাক ঠাইত পৌৰসভাই ভাল কাম কৰি আছে৷ ৰেগ পিকাৰ সকলে প্ৰতি বছৰে প্ৰায় ৬২ মিলিয়ন টন জাৱৰ, তেওঁলোকৰ কামৰ দ্বাৰা লোকচক্ষুৰ আঁৰতে নিষ্কাশিত কৰি আহিছে৷ কিন্তু তেওঁলোকৰ এই কামৰ নাই কোনো মৰ্যাদা, স্বীকৃতি আৰু সুৰক্ষা৷
বৰ্তমান চলি থকা স্বচ্ছ ভাৰত অভিযানলৈ তেওঁলোকৰ অৱদান যথেষ্ট, কিন্তু চৰকাৰী ভাৱেও তেওঁলোকৰ এই কামৰ স্বীকৃতি দিয়া হোৱা নাই৷ কিছু দেশৰ চৰকাৰে ৰেগ পিকাৰ সকলৰ ৰেজিষ্ট্ৰেচন কৰিছে আৰু তেওঁলোকক পৰিচয় পত্ৰ দি, উৎসৰ পৰা পেলনীয়া সামগ্ৰী সংগ্ৰহৰ অনুমতি দিছে৷ অৰ্থাৎ ধৰক, আমাৰ ঘৰত ওলোৱা পেলনীয়া সামগ্ৰীবোৰ, যিবোৰ আমি ওচৰৰ পৌৰসভাৰ ডাষ্টবিনত পেলাব লাগে, সকলোৱে তাত গৈ নেপেলাই বাবে যতে ততে জাৱৰৰ ডম হয়৷ এই বস্তুবোৰ তেওঁলোকে ঘৰৰ পৰাই লৈ যায়৷ তাৰ লগতে চৰকাৰী পৰিচয় পত্ৰ থকা বাবে এনে লোকক মানুহে সন্দেহৰ চকুৰে নাচাই৷
ৰেগ পিকাৰ সকলে সন্মুখীন হোৱা অসুবিধা সমূহ:
আগতেও কৈছোঁ যে, যিহেতু এই লোকসকলৰ কোনো পৰিচয় নাই, গতিকে প্ৰায়ে তেওঁলোকক মানুহে সন্দেহৰ চকুৰে চাই৷ এওঁলোকৰ মাজত দুষ্ট চৰিত্ৰৰ মানুহ থকাটো অসম্ভৱ নহয়, কিন্তু আমাৰ মানুহে প্ৰায় সকলোকে চুৰ বা বদমাছ আৰু কোনো ভিতৰুৱা অঞ্চলত এনে মানুহক সোপাধৰা সন্দেহত মাৰপিটো কৰে৷ ইয়াৰ উপৰিও কিছুমান দুষ্টলোকে এইদৰে ঘূৰি ফুৰা ৰেগ পিকাৰ সৰু লৰা ছোৱালীক হাৰাশাস্তি কৰে৷
কিন্তু ৰেগ পিকাৰ সকল সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে স্বাস্থ্য সম্পৰ্কীয় সমস্যা৷ দেখিলেই গম পোৱা যায় যে তেওঁলোকে কেনে লেতেৰা পৰিবেশত কাম কৰে৷ ইয়াৰ ফলত দেখা যায় যে প্ৰায় ৯০ শতাংশই শ্বাস প্ৰশ্বাহৰ ৰোগত ভোগে৷ বুকুৰ সংক্ৰমণ হৈ পানী জমা হোৱা, বহুদিনলৈ ভাল নোহোৱা কাহ আৰু টিউবাৰকিলচিছ বা যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু সঠিক চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰে৷
দ্বিতীয়তে দেখা যায় ছালৰ ৰোগ৷ লেতেৰা বস্তুৰ মাজত থাকি ছালৰ ইনফেক্টচন হয় আৰু কেতিয়াবা ছালত হোৱা ভয়াবহ বেক্টেৰিয়াৰ সংক্ৰমনে শৰীৰৰ আন অংগকো ৰোগাক্ৰান্ত কৰি তোলে৷
তৃতীয়তে, পেটৰ নানা ধৰণৰ সমস্যা৷ কিছুলোকে পেলনীয়া খাদ্য খোৱাৰ ফলত পেটৰ অসুখত ভোগে আৰু আন কিছুমানে লেতেৰা বস্তু খুচৰি ভালকৈ হাত নোধোৱা বাবে বীজাণু হাতৰ পৰা মুখলৈ গৈ পেটৰ ইনফেক্টচন আৰু কৃমি আদিৰ সংক্ৰমণত ভোগে৷ এইবিলাকৰ পৰা আকৌ এওঁলোকৰ দেহত পুষ্টিহীনতাৰ সৃষ্টি হয় আৰু পুষ্টিহীনতাৰ ফলত হব পৰা আনুষংগিক বেমাৰৰ কৱলত পৰে৷
চতুৰ্থতে, মেডিকেল টাৰ্মত যাক কোৱা হয় acquired infections অৰ্থাৎ কব পাৰি নিজে মাতি লোৱা বিপদ৷ আৱৰ্জনা খুচৰি ফুৰোতে ভঙা গ্লাছ আদিয়ে হাত ভৰি কাটে, ফলত ইনফেক্টচন হয় আকৌ কেতিয়াবা মামৰে ধৰা টাৰ বা গজাল আদিয়ে বিন্ধি টিতেনাচৰ দৰে জটিল ৰোগ হৈ মৃত্যু মুখত পৰে৷
হস্পিটেল, ক্লিনিক আদিৰ পেলনীয়া সামগ্ৰী কিদৰে পেলাব লাগে, তাৰ বাবে চৰকাৰে কঠোৰ নিয়ম কৰিছে যদিও বহুতে এইবিলাকো যতে ততে পেলোৱাৰ ফলত, দূষিত বেজী আদিৰ পৰা অসাৱধানতাত খুচ খাই নানা বেমাৰৰ বীজাণু তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে৷
গতিকে দেখা গল যে, আমাৰ অজ্ঞাতেই আমাৰ উপকাৰ কৰি অহা এইসকল লোকে জীৱিকাৰ তাড়নাত কেনে কষ্টকৰ জীৱন নিৰ্বাহ কৰি আহিছে৷ ভাৰতৰ বিভিন্ন ঠাইত কিছু স্বেচ্ছাসেৱী সংগঠনে এই সকলৰ বাবে মাজে মাজে স্বাস্থ্য শিবিৰৰ আয়োজন আৰু লৰা ছোৱালীবোৰক স্কুললৈ পঠিয়াবৰ বাবে কিছু কাম কৰিছে যদিও সি যথেষ্ট নহয়৷
সেয়ে আশাকৰোঁ যাতে স্বচ্ছ ভাৰতৰ বাণী লৈ আগবঢ়া চৰকাৰে, এই ৰেগ পিকাৰ সকলৰ প্ৰতি দৃষ্টি দিব আৰু সমাজত ভালদৰে জীয়াই থাকিবলৈ তেওঁলোকৰ কৰ্মক স্বীকৃতি আৰু সুৰক্ষা ( সামাজিক আৰু স্বাস্থ্যজনিক ) আৰু স্কুললৈ নগৈ এক অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰা শিশুসকলৰ পুনৰসংস্থাপনৰ দিশত ভাল পদক্ষেপ লব৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.